Chapter: 2

 অগতানুগতিক শিক্ষা 


শিক্ষাৰ্থীৰ কাম-৪

১। দূৰত্ব শিক্ষা বুলিলে কি বুজা ? 

উত্তৰঃ দূৰৰ পৰা প্ৰদান কৰা শিক্ষাকে দূৰত্ব শিক্ষা বুলি কোৱা হয়।   


২। দূৰত্ব শিক্ষাৰ এটা সংজ্ঞা দিয়া ।

উত্তৰঃ তলৰ ৬ নম্বৰ প্ৰশ্নত উত্তৰ দিয়া আছে।


৩। মুক্ত শিক্ষা কাক কোৱা হয় ? 

উত্তৰঃ যোগাযোগ শিক্ষা ব্যৱস্থাৰ পৰিশোধিত আৰু উন্নত শিক্ষা ব্যৱস্থাৰে সংগঠিত ব্যৱস্থাই হ'ল মুক্ত শিক্ষা য'ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শিক্ষা প্ৰদান কৰা হয়। মুক্ত শিক্ষাত আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়ম যি বান্ধোন, সেইবোৰৰ পৰা মুক্ত। অৰ্থাৎ মুক্ত শিক্ষাত শিক্ষাৰ্থীয়ে যি শিক্ষা ল'ব খোজে, যেনেকৈ ল'ব খোজে আৰু য'ত ল'ব খোজে তাক বাছি ল'বলৈ স্বাধীনতা পায়। ইয়াকে মুক্ত শিক্ষা ব্যৱস্থা বুলি কোৱা হয়।


৪। মুক্ত বিদ্যালয়ৰ শিক্ষার্থী কোন হ'ব পাৰে

উত্তৰঃ মুক্ত বিদ্যালয়ৰ ব্যৱস্থাটো বৰ্তমান সমাজত অতি গুৰুত্বপূৰ্ণ ধাৰণা। আমাৰ সমাজত বিশষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল কিছুমান ল'ৰা-ছোৱালীয়ে সাধাৰণ শিক্ষাখিনি নোপোৱাকৈ কৰ্মৰ ক্ষেত্ৰত সোমাই পৰে। তেনেদৰে শিক্ষা আধৰুৱা কৰা, অবিৰতভাৱে শিক্ষা শিক্ষা লাভৰ প্ৰতি আগ্ৰহী ল'ৰা-ছোৱালীবোৰেই মুক্ত বিদ্যালয়ত সকলো বয়সৰ লোকেই শিক্ষাগ্ৰহণ কৰিব পাৰে। 

                                            বা

আগ্ৰহী অথচ শিক্ষা আধৰুৰা কৰি কৰ্মত ব্যস্ত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থী হ'ব পাৰে।


৫ | মুক্ত বিদ্যালয়ৰ স্থাপন কৰাৰ উদ্দেশ্য কি ? 

উত্তৰঃ মুক্ত বিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্য হ'ল-

(১) সমাজত পিছ পৰি ৰৈ যোৱা ব্যক্তিসকলক শিক্ষা লাভৰ বিশেষ সুযোগ দান কৰা।

(২) কম সময়তে অধিক সংখ্যাক লোকক কাৰিকৰী আৰু বৃত্তিমুলক শিক্ষা লাভৰ সুযোগ দিয়া।

(৩) দূৰ শিক্ষণ পদ্ধতি আৰু আধুনিক সংযোগ কৌশলৰ মাধ্যমত নমনীয় ধৰণৰ উদ্ভাৱনমূলক শিক্ষাৰ ব্যৱস্থা।

(৪) বয়স্ক শিক্ষা, অবিৰত শিক্ষা আৰু সম্প্ৰসাৰণ শিক্ষাক সকলোৰে বাবে উন্মুক্ত কৰি ৰখা।

(৫) পৰিৱৰ্তিত সময়ত উদ্ভাৱিত হোৱা বিভিন্ন নতুন কৌশল আৰু সংবাদ মাধ্যমিক প্ৰয়োগ কৰা। 


৬ | মুক্ত বিশ্ববিদ্যালয় প্রথমতে ভাৰতৰ ক'ত আৰু কেতিয়া স্থাপন কৰা হয় ?

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয় প্ৰথমতে অন্ধ্ৰ প্ৰদেশৰ হায়দৰাবাদত আৰু ১৮৮২ চনত স্থাপন কৰা হয়।


 ৭ | অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয় খনৰ নাম কি ৰখা হৈছে ?

উত্তৰঃ অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয় খনৰ নাম 'কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ৰখা হৈছে।


 প্রশ্নাবলী 


১। অগতানুগতিক শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ বৈশিষ্ট্য সমূহ আলােচনা কৰা ।

উত্তৰঃ অৰ্থনৈতিক বা সামাজিক কাৰণত আৰু উপযুক্ত সময়ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰা ল'ৰা-ছোৱালীৰ বাবে অগতানুগতিক শিক্ষা এক বিকল্প শিক্ষা ব্যৱস্থা। অগতানুগতিক শিক্ষা সুসংগঠিত, সুপৰিকল্পিত আৰু নমনীয় বিধৰ হয়।

অগতানুগতিক শিক্ষা বৈশিষ্ট্যসমূহ হ'ল-

(১) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিত শিক্ষা ব্যৱস্থা।

(২) শিক্ষাত তাত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয়।

(৩) এই শিক্ষাব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা।

(৪) অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষাকেন্দ্ৰিক নহয়। অৰ্থাৎ ইয়াত পৰীক্ষা আৱশ্যিক নহয়।

(৫) এই শিক্ষা স্বতঃস্ফূৰ্ত। শিক্ষাৰ্থীয়ে নিজস্ব প্ৰয়োজন সাপেক্ষে এই শিক্ষা গ্ৰহনৰ বাবে আগ্ৰহী হয়।


২। আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাক তুলনা কৰা । 

উত্তৰঃ (১)  আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত। আনহাতে, অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল।

(২) আনুষ্ঠানিৰ শিক্ষাৰ এক নিৰ্ধাৰীত সময়সীমা আছে। আনহাতে, অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া।

(৩) আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়মবোৰ অনমনীয়। আনহাতে, অগতানুগতিক শিক্ষাত নাতি-নিয়মবোৰ সাধাৰণতে নমনীয় হয়।

(৪) আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হোৱাৰ দৰে অগতানুগিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়।    


৩। অগতানুগতিক শিক্ষাৰ শিক্ষাৰ লক্ষ্যসমূহ কি কি ?

উত্তৰঃ অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ হ'ল-

(১) স্কুললৈ নোযোৱাকৈ থকা ল'ৰা-ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা।

(২) স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন ভিত্তিত নিয়োজিত ব্যক্তিসকলৰ নিজ নিজ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।

(৩) জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ় দিবৰ বাবে বাঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা।

(৪) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মৰ্ভিৰশীৰ কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্বকৰণত সহায় কৰা।

(৫) জীৱনৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা।  


 ৪। অগতানুগতিক শিক্ষাৰ শৈক্ষিক গুৰুত্ব আলােচনা কৰা ।

উত্তৰঃ মানুহৰ ক্ৰমবৰ্দ্ধমান শিক্ষাৰ চাহিদা পূৰণৰ বাবেই অগতানুগতিক শিক্ষাৰ উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দিয়া অনেক ত্ৰুটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি।

অগতানুগতিক শিক্ষাৰ শৈক্ষিক গুৰুত্ব তলত আলোচনা কৰা হ'ল-

(১) অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে।

(২) এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

(৩) প্ৰাপ্তবয়স্ক শিক্ষাই ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা।

(৪) অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিত নিয়োজিত লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়ায়।

(৫) সমাজৰ নিষ্পেষিত লোকসকলক প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদানত এই শিক্ষা বিশেষ সহায়কাৰী।   


 ৫। দূৰ শিক্ষা কি ? এই শিক্ষাৰ তাৎপর্য ব্যাখ্যা কৰা । 

উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থা হ'ল আধুনিক শিক্ষা জগতত এক অভিনৱ সংযোজন। এই শিক্ষা ব্যৱস্থা পৰম্পৰাগতভাৱে চলি থকা ব্যৱস্থাতকৈ অধিক বৈশিষ্ট্যপূৰ্ণ। এই নৱ্য ধাৰণাটোৱে শিক্ষাৰ ক্ষেত্ৰখনক সকলোকে সামৰি ল'বলৈ প্ৰয়াস কৰা দেখা যায়।   


৬। দূৰ শিক্ষাৰ সংজ্ঞা দিয়া । এই শিক্ষা প্রদানৰ কেইটামান উপায় লিখা ।

উত্তৰঃ দূৰ শিক্ষা সম্বন্ধে Tack Fokes-এ সংজ্ঞা দি কয় যে, "দূৰ শিক্ষা হৈছে এবিধ শিক্ষা আহৰণৰ প্ৰক্ৰিয়া বা পদ্ধতি, যি বিদ্যলয় চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক।"

এই শিক্ষা প্ৰদানৰ কেইটামান উপায় হ'ল-

ক) যোগোযোগ লিখা।

খ) মুক্ত শিক্ষা।

    যোগাযোগ শিক্ষা ব্যৱস্থাত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা অন্যান্য মুদ্রন মাধ্যমেৰে মুদ্রিত পাঠ বা মুদ্রন সামগ্রী ডাকযোগে ছাত্র-ছাত্রীলৈ পঠায়।

    মুক্ত শিক্ষা হ'ল এক ব্যৱস্থা যিয়ে সমাজৰ দুৰ্বল, অনুন্নত আৰু আর্থসামাজিক ভাৱে পিছপৰা লোকসকলৰ বাবে এক সমশিক্ষাৰ সুবিধা কঢ়িয়াই আনে।


৭। মুক্ত শিক্ষা কি ? মুক্ত শিক্ষাৰ লক্ষ্যবােৰৰ বিষয়ে লিখা ।

উত্তৰঃ আধুনিক শিক্ষাৰ ক্ষেত্ৰখনত এটা তাৎপৰ্যপূৰ্ণ হ'ল মুক্ত শিক্ষা। সাধাৰণতে আনুষ্ঠানিক শিক্ষাৰ সীমাৱদ্ধতাৰ বাবেই মুক্ত শিক্ষাৰ উদ্ভাৱন হোৱা বুলি ক'ব পাৰি। মুক্ত শিক্ষা ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।

মুক্ত শিক্ষাৰ লক্ষ্যসমূহ হ'ল-

(১) অবিৰত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকলৰ শিক্ষাৰ সুবিধা দিয়া।

(২) বয়স্ক শিক্ষাৰ প্ৰসাৰতা অনাৰ লগতে সংৰক্ষণ আৰু সফলতা অনাৰ দিহা কৰা।

(৩) শিক্ষাৰ সামগ্ৰিক মান উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা।

(৪) জাতীয় জীৱনৰ উন্নতি আৰু সফলতা লাভৰ বাবে শিক্ষাৰ প্ৰয়োগ বাস্তৱমুখী কৰি তােলা।

(৫) সমাজৰ চাহিদালৈ লক্ষ্য ৰাখি মাধ্যমিক আৰু উচ্চ শিক্ষাক অধিক ফলপ্ৰসু কৰি তোলা ব্যৱস্থা কৰা।   


৮ | মুক্ত বিদ্যালয় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা । 

উত্তৰঃ মুক্ত বিদ্য়ালয় ব্যৱস্থাটো বৰ্তমান সমাজ ব্যৱস্থাৰ এটি অতি তাৎপৰ্য্যপূৰ্ণ ধাৰণা। সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ ল'ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সমভাৱে অগ্ৰসৰ হ'ব নোৱাৰে। বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল হোৱা হেতুকে কিছুমান ল'ৰা-ছোৱালীয়ে সাধাৰণ শিক্ষাখিনি নোপোৱাকৈয়ে কৰ্নৰ ক্ষেত্ৰবোৰত সোমাই পৰিবলগীয়া হয়। তেনেদৰে কৰ্মৰ ক্ষেত্ৰত সোমাই পৰা শিক্ষা আধৰুৱা কৰা, অবিৰতভাৱে শিক্ষা লাভৰ প্ৰতি আগ্ৰহী ল'ৰা-ছোৱালীবোৰক শিক্ষা দিয়াৰ সুবিধাৰ্থে এবিধ বিদ্য়ালয় গঢ় লৈ উঠিছে। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল দিল্লীত ১৯৮৩ চনত। কোনো কোনো গ্ৰন্থত ১৯৭৯ চনৰ প্ৰতিষ্ঠা হোৱাৰ কথাও কোৱা হৈছে।  মুক্ত বিদ্য়ালয়ত নামভৰ্তি মুকলি মনেৰে কৰিব পাৰি।  ইয়াত কোনো বাধ্য-বাধকতা নাই। শিক্ষাৰ্থীসকলৰ বয়সৰ সীমাৰ লগতে শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজন নাই।

        মুক্ত বিশ্ববিদ্য়ালয় ব্যৱস্থাটো শিক্ষা সম্প্ৰসাৰণ ব্যৱস্থাৰ এটি অতি উল্লেখযোগ্য় প্ৰচেষ্টা। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি অহা অথবা কলেজীয়া শিক্ষা ল'বলৈ সক্ষম নোহোৱা ব্যক্তিৰ শিক্ষাৰ ক্ষেত্ৰত এই বিশ্ববিদ্য়ালয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এই বিশ্ববিদ্য়ালয়ে বিদ্য়ালয় এৰা, কৰ্মৰত যুৱক, ঘৰৰ গৃহিণী আু চাকৰিয়ালসকলকো শিক্ষা আহৰণৰ সুবিধা দিয়ে। ইয়াৰ ওপৰিও একেবাৰে পিছপৰা গ্ৰামাঞ্চলৰ দুৱাৰ মুথলৈও মুক্ত বিশ্ববিদ্য়ালয় শিক্ষা সম্প্ৰসাৰণ কৰা ব্যৱস্থা হাতত লৈছে। শিক্ষাৰ্তীসকলৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত এই বিশ্ববিদ্য়ালয়ে মুক্ততাৰ ধাৰণা প্ৰৱৰ্তন কৰালে। মুক্ত বিশ্ববিদ্য়ালয়ত নামভৰ্তিকৰণৰ ক্ষেত্ৰত কোনো সীমাৰেখা নাই। মুক্ত বিশ্ববিদ্য়ালয়ে পৰম্পৰাগত শিক্ষাৰ লগত আধুনিক পদ্ধতিৰ শিক্ষাৰ সমন্বয় ঘটাইছে। 


৯। মুক্ত শিক্ষাৰ সবলতা আৰু দুর্বলতা সমূহৰ বিষয়ে লিখা ।

উত্তৰঃ মুক্ত শিক্ষাৰ সবলতা হ'ল-

(১) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰবোৰ  সংগঠিত কৰোতে আন্তঃবিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়।

(২) এই শিক্ষা ব্যৱস্থাৰ অধিক সংখ্যক পাঠ্যক্ৰম চাকৰিৰ জড়িত আৰু বৃত্তিমুখী ধৰণৰ।

(৩) এই শিক্ষা ব্য়ৱস্থাৰ মূল্যায়ন প্ৰক্ৰিয়াটো অবিৰত প্ৰকৃতিৰ। মূল্যায়ন কৰোতে শিকাৰুৰ নিজস্ব কৰ্মৰাজিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

(৪) এই শিক্ষা ব্যৱস্থাৰ শিকাৰুসকলৰ বাবে ব্যক্তিগত সান্নিধ্যৰ কাৰ্যসূচীৰ ব্যৱস্থা থাকে আৰু প্ৰয়োজন সাপেক্ষে নিৰ্দেশনা দিয়াৰ ব্যৱস্থাও আছে।

(৫) এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে অৰ্থপূৰ্ণ আৰু সংগঠিত। পাঠ্যক্ৰমবোৰ অধিকভাবে ব্যৱহাৰোপযোগী আৰু প্ৰয়োগশীল ধৰণৰ।

মুক্ত শিক্ষাৰ দুৰ্বলতাসমূহ হ'ল-

(১) মুক্ত শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবোৰৰ সংখ্যা এতিয়াও সীমাবদ্ধ হৈ আছে।

(২) এই শিক্ষা ব্যৱস্থাই সুবিধা পাবলৈ সক্ষম নোহোৱা ব্যক্তিসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাই।

(৩) মুক্ত শিক্ষা ব্যৱস্থাই গ্ৰাম্যঞ্চলৰ লগতে একেবাৰে ভিতৰুৱা অঞ্চল স্পৰ্শ কৰিবলৈ সামগ্ৰিকভাৱে সক্ষম হোৱা নাই।

(৪) মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমত শিক্ষা কম। ইয়াৰ সীমাবদ্ধতা চহৰ অঞ্চলৰ জনসাধাৰণৰ মাজত থকা দেখা যায়।

(৫) মুক্ত শিক্ষা ব্য়ৱস্থাৰ উপদেশমূলক পদ্ধতি আৰু পুনৰুৎপাদন প্ৰক্ৰিয়াটো যথাযোগ্য নহয়।


Author : Himashree Bora .