Chapter: 6

 মানসিক স্বাস্থ্য আৰু স্বাথ্যবিজ্ঞান 


প্রশ্নাৱলী ( Questions ) 


১ । মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ ব্যক্তিক মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰাখিবলৈ যি বিজ্ঞানে গুৰুত্ব প্ৰদান কৰে তাকেই মানসিক স্বাস্থ্যবিজ্ঞান বুলি কোৱা হয়। 


 ২। হাইজিন শব্দটো মূলত                 শব্দ ।

উত্তৰঃ গ্ৰীক শব্দ।


৩। স্বাস্থ্য - বিজ্ঞান পৰিভাষাই কি বুজায় ? 

উত্তৰঃ স্ৱাস্থ্য় - বিজ্ঞানে এটা স্ৱাস্থ্য়কৰ জীৱন নীৰ্বাহৰ কলা , স্ৱাস্থ্য়কৰ জীৱনৰ দ্ৱাৰা বেমাৰ- আজাৰৰ পৰা মুক্ত শাৰীৰিক কথাকে বুজায়। স্ৱাস্থ্য় বিজ্ঞানে ইংৰাজী পৰিভাষা হৈছে Hygiene।এই Hygiene শব্দটো গ্ৰীক ভাষাৰ' Hygiene'নামৰ শব্দৰটোৰ পৰা আহিছে যাৰ অৰ্থ হৈছে 'Of Health'।


৪ | মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া । মানসিক স্বাস্থ্যৰ যিকোনাে চাৰিটা উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ এগৰাকী ব্যক্তিৰ কোনো বেমাৰ আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়।

মানসিক স্বাস্থ্যৰ যিকোনো চাৰিটা উদ্দেশ্যৰ হ'ল-

(১) সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজিপোৱাত সহায় কৰা।

(২) সামাজিক পৰিবেশৰ লগত সুন্দৰ সমাযোজন প্ৰক্ৰিয়া সমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰে।

(৩) ভাৰসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা।

(৪) অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশল সমূহৰ বিষয়ে জনাত সহায় কৰা।



৫। মানসিক অসুস্থতাৰ যিকোনাে দুটা কাৰণৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ মানসিক অসুস্থতাৰ কাৰণসমূহ বংশানুক্ৰমিক আৰু পৰিবেশৰ পৰা আহৰণ কৰি লোৱা হিচাপে অভিহিত কৰিব পাৰি। বংশানুক্ৰমিকভাৱে লাভ কৰা মানসিক ৰোগৰ কাৰণবোৰক জেনেটাইপ আৰু পৰিৱেশৰ পৰা নিজৰ আচৰণত আহৰণ কৰি লোৱা কাৰণবোৰক ফেনেটাইপ আখ্যা দিব পাৰি। 

৬। মানসিকভাবে অসুস্থলােক সকলক সহায় কৰাৰ যিকোনাে উপায়ৰ কথা উল্লেখ কৰা ।

উত্তৰঃ মানসিকভাৱে অসুস্থলোক সকলক সহায় কৰাৰ উপায় হ'ল-

(১) উপযুক্ত পুষ্টিসাধন;

(২) কিশোৰ-কিশোৰী সকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱস্থা কৰা;

(৩) আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ বিকাশ ঘটোৱা;

(৪) বৃত্তীয় ঘটোৱা;

(৫) উপযুক্তভাৱে জীৱন নিৰ্বাহৰ পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা;

৭ | মানসিক স্বাস্থ্য - বিজ্ঞানে কি অধ্যয়ন কৰে ? 

উত্তৰঃ (১) স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা কৌশলৰ বিষয়ে জনাত সহায় কৰে।

(২) মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে।

(৩) মূল্যবোধ সমূহৰ গুৰুত্ব উপলব্ধি পূৰ্ণ কৰা আৰু সুন্দৰ তথা সু-সামঞ্জস্য পূৰ্ণ কৰা আৰু জীৱন নিৰ্বাহৰ বাবে সেইবোৰ ব্যৱহাৰ কৰাৰ বিষয়ে জ্ঞান প্ৰদান কৰে।

(৪) তেনে ৰোগসমূহৰ নিবাৰণৰ বাবে প্ৰয়োজনীয় উপায় অথবা নিবাৰণমূলক উপায় সমূহৰ বিষয়ে জনা আৰু ব্যৱহাৰিকভাৱে সেইবোৰ প্ৰয়োগ কৰাৰ বিষয়ে অধ্যয়ন কৰে।


৮ | মানসিক স্বাস্থ্য - বিজ্ঞানৰ যিকোনাে দুটা সংজ্ঞা প্রদান কৰা ।

উত্তৰঃ মানসিক স্বাস্থ্য - বিজ্ঞানৰ যিকোনো দুটা সংজ্ঞা হ'ল-

(১) ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি, ' মানসিক স্বাস্থ্য- বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যানৰ সৈতে জড়িক আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়।'

(2) হেড্ফিল্ডৰ মতে, 'মানসিক স্বাস্থ্য- বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিৱাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।'


 

৯। মানসিক স্বাস্থ্য - বিজ্ঞানৰ যিকোনাে দুটা উদ্দেশ্যৰ কথা উল্লেখ কৰা ।

উত্তৰঃ মানসিক স্বাস্থ্য - বিজ্ঞানৰ যিকোনাে দুটা উদ্দেশ্যৰ হ'ল-

(১) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতা সমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্ক সমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা।

(২) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিৱাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা।


১০ | মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ কি কি ? 

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসমূহ হ'ল-

(১) প্ৰতিৰোধমূলক কাৰ্যঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাশ আৰু সমোযোজনৰ সমস্যা নিৱাৰণ কৰা।

(২) প্ৰতিকাৰমূলক কাৰ্যঃ মানসিক স্বাস্থ্য-বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাশ আৰু সমযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে।ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসাসম্পৰ্কীয় কৌশল সমূহ জনাৰ ক্ষেত্ৰত আমাক সহায় আগবঢ়ায়।

(৩) সংৰক্ষণমূলক কাৰ্যঃ ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যান সাধন কৰোটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।  


১১ | মানসিক স্বাস্থ্য - বিজ্ঞানৰ যিকােনাে তিনিটা লক্ষ্যৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো তিনিটা লক্ষ্য হ'ল-

(১) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।

(২) পৰিবেশৰ লগত সুন্দৰভাবে সমযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।

(৩) ভাৰসাম্য আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দোষ-ত্ৰুটি সমূহ নিৱাৰণ কৰাৰ প্ৰচেষ্টা চলায়। 


১২। মানসিক স্বাস্থ্য - বিজ্ঞানৰ পৰিসৰ ব্যাখ্যা কৰা । 

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাসমূহ আতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। সকলো ধৰণৰ মানসিক বিশৃংখলাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়। 

মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা-ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰভাবে উপলব্ধি কৰিব পাৰি। প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিতো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সু-সামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযোজনৰ প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য-বিজ্ঞানে সমাযোজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্ৰিয়া বিধি অৰ্থাৎ মানসিক অথবা প্ৰতিৰক্ষা ব্যৱস্থা যিবোৰ মানসিক উত্তেজনা বা দ্বন্দ্বৰ উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয়, সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। এনে ব্যৱস্থা সমূহ হৈছে- অৱদমন, নিৰোধ, বোধন, অৱৰোহণ, পৰিৱৰ্তন,উন্নীতকৰণ, যুক্তিযুক্তকৰণ ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাযোজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰিকভাৱে, মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ মূলত প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে।       


১৩। মানসিক স্বাস্থ্য - বিজ্ঞানে আমাক কি দৰে সহায় কৰে ?

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানে আমাক তলত দিয়া ধৰণে সহায় কৰে-

(১) মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।

(২) নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কৌশল সমূহ জনাত সহায় কৰে।

(৩) মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্টাৱলীৰ বিষয়ে জনাত সহায় কৰা।

(৪) মানসিক সমস্যা সমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি লোৱাত সহায় কৰে।     


১৪। মানসিকভাৱে স্বাস্থ্যৱান লােক এগৰাকী কোন ? 

উত্তৰঃ এগৰাকী ব্যক্তি, যিয়ে কোনো গুৰুত্বৰ সমস্যা নোহোৱাকৈ বিভিন্ন অৱস্থাৰ লগত সমাযোজন কৰিবলৈ সমৰ্থ হয়, তেনে ব্যক্তিগৰাকীকে স্বাস্থ্যৱান ব্যক্তি হিচাপে অভিহিত কৰিব পাৰি।


১৫ | এগৰাকী মানসিকভাৱে স্বাস্থ্যবান লােকৰ যিকোনা তিনিটা বৈশিষ্ট্যৰ বিষয়ে লিখা । 

উত্তৰঃ এগৰাকী মানসিকভাৱে স্বাস্থ্যৱান লোকৰ  তিনিটা বৈশিষ্ট্যৰ হ'ল-

(১) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। 

(২) এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ।

(৩) এনে ব্যক্তি মানসিক ৰোগৰ পৰা মুক্ত।


১৬ | উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত স্কুলৰ ভূমিকা বর্ণনা কৰা । 

উত্তৰঃ সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰে। গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মানসিক ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ প্ৰয়োজন অধিক। স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে মানসিক ৰোগ নিৰাময় কৰাৰ বাবে ল'বলগীয়া উপায়সমূহ জ্ঞান দিয়ে। এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকা সমূহ পালন কৰে-

(১) বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়;

(২) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে;

(৩) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে;

(৪) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰা;

(৫) সকলো লোককে আবেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায়; 


১৭ | মানসিক অসুস্থতা নিৱাৰণত বিদ্যালয়ৰ যিকোনাে চাৰিটা ভূমিকাৰ কথা উল্লেখ কৰা ।

উত্তৰঃ মানসিক অসুস্থতা নিৱাৰণত বিদ্যালয়ৰ চাৰিটা কথা তলত উল্লেখ কৰা হ'ল-

(১) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে;

(২) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰা;

(৩) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰে;

(৪) সকলো লোককে আবেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায়; 


Author : Himashree Bora.