Chapter: 3

 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ

প্ৰশ্নাৱলী

১। পৰিবেশ বুলিলে কি বুজা ? পৰিবেশৰ বিভিন্ন ভাগবোৰ কি কি ? 

উত্তৰঃ পৰিবেশ মানে হৈছে আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি। 

পৰিৱেশক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ'ল-

(১) প্ৰাকৃতিক পৰিবেশ।

(২) সামাজিক পৰিবেশ।

(৩) মানৱ-সৃষ্ট পৰিবেশ। 

২ পৰিবেশ শিক্ষা কাক বোলে ?

উত্তৰঃ পৰিবেশ শিক্ষা হৈছে পৰিবেশৰ জৰিয়তে, পৰিবেশৰ বিষয়ে আৰু পৰিবেশৰ কাৰণে দিয়া শিক্ষা।


৩। পৰিবেশ শিক্ষাৰ উদ্দেশ্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ পৰিবেশৰ শিক্ষাৰ উদ্দেশ্যবোৰ হ'ল-

(১) পৰিবেশৰ অন্তনিৰ্হিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত  থকা সম্পৰ্কৰ বিষয়ে জনা।

(২) পৰিৱেশ সংৰক্ষণ আৰু পৰিবৰ্দ্ধনৰ বাবে প্ৰয়োজনীয় মূল্যবোধ মনোভাৱৰ দায়িত্ব আহৰণ কৰা।

(৩) পৰিবেশ সমন্ধীয় সমস্যাৱলী চিনাক্ত আৰু সমাধান কৰাৰ কৌশল আহৰণ কৰা।

(৪) পৰিৱেশৰ সমস্যাবোৰ বুজি উচিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আৰু সমাধানৰ বাবে চেষ্টা কৰাত সহায়।


৪। পৰিবেশ শিক্ষা প্রদানৰ বাৰে একোখন শিক্ষানুষ্ঠানে কি কি নীতি অনুসৰণ ৰা প্রয়োজন ?

উত্তৰঃ (১) পৰিবেশ শিক্ষাই অভিজ্ঞতা আহৰণ ক্ষেত্ৰত সৰলৰ পৰা জতিলতালৈ গতি কৰাত সহায় কৰে । উদাহৰণ স্বৰূপে যেতিয়া সৰু ল'ৰা-ছোৱালীবোৰে চৰাই এটালৈ লক্ষ্য কৰে- তেতিয়া চৰাইটোৱে আহাৰ খোৱা আৰু উৰি যোৱা লক্ষ্য কৰিছে। এই অভিজ্ঞতাৰ পৰাই তেওঁলোকে চৰাই খাদ্য আৰু অভ্যাসৰ প্ৰতি সজাগ হয়।

(২) পৰিবেশ শিক্ষাই শিশুৰ অনিশ্চয়তা নিশ্চতালৈ গতি কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে শিশুৱে অতি সহজে বিভিন্ন ৰংৰ মাজত থকা বৈষম্য বিষয়ে ক'ব নোৱাৰে। কিন্তু বয়স বঢ়াৰ লগে লগে বিভিন্ন ৰংৰ বিষয়ে ভালদৰে ক'ব পাৰে।

(৩) পৰিবেশ শিক্ষাই শিশুকমূৰ্তৰ পৰা বিৰ্মূতলৈ যোৱাত সহায় কৰে। পৰিবেশত থকা বিভিন্ন সম্পদসমূহৰ শুনি বা দেখি শিশুৱে নিজৰ মন্তব্য আগবঢ়াব পাৰে।

(৪) পৰিবেশ শিক্ষাৰ সমাজৰ লগত থকা সম্পৰ্ক থকা দেখা যায়। মানুহ আৰু পৰিবেশৰ মাজত এক গভীৰ আৰু বৈষয়িক সম্পৰ্ক থকা দেখা যায়। পৰিবৰ্তন হোৱা সময়ৰ লগে লগে মানুহৰ মনৰভাৱো পৰিবৰ্তন হোৱা দেখা যায়। বিভিন্ন জাতি, ধৰ্মৰ মাজত বিদ্বেষ বাব অহাৰ উপৰিও হিংসা, ঘৃনা ভাৱ আদিও যেন বাহি যাবলৈ ধৰিছে।        


৫। পৰিবেশ শিক্ষাৰ পৰিসৰত অন্তর্ভুক্ত হােৱা দিশবোেৰ উল্লেখ কৰা ।

উত্তৰঃ পৰিবেশ শিক্ষাৰ পৰিসৰত প্ৰকৃতিৰ সকলো বিভাগেই সাঙুৰ খাই পৰে। সামাৰিক, অৰ্থনৈতিক, কাৰিকৰী, নৈতিক, শৈক্ষিক আদি সকলো দিশেৰে ইয়াত অন্তৰ্ভুক্ত।

(ক) পৰিবেশৰ মাধ্যমেৰে সহজে শিক্ষা আহৰণ কৰিব পাৰি। চৰাই- চিৰিকতি, গছ, বন আদিৰ বিষয়ে পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰাতকৈ পৰিৱেশৰ পৰা প্ৰত্যক্ষভাৱে জ্ঞান আহৰণ কৰিব পাৰে।

(খ) মানুহ পৰিবেশ অবিহনে জীয়াই থাকিব নোৱাৰে। একোটা পৰিয়ালত জন্মগ্ৰহণ কৰা শিশুটোৱে বিভিন্ন  স্তৰৰ মাধ্যমেৰে ( অৰ্থাৎ বাল্যকাল, কৈশোৰকাল, প্ৰাপ্তবয়স্ক কাল ) জীৱন কটাব লগীয়া হয়। প্ৰত্যেক স্তৰতে পৰিৱেশৰ কথা জনা দৰকাৰ। পৰিৱেশ শিক্ষাই মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিবেশে পেলোৱা প্ৰভাৱৰ কথাও উনুকিয়াই দিয়ে। প্ৰকৃতিক ভাল পালেহে মানুহ প্ৰকৃত সুখী হ'ব পাৰে।

পৰিবেশৰ পৰাই সাঙুৰি লোৱা অন্য এটা দিশ হৈছে "পৰিবেশৰ কাৰণে" শিক্ষা। বৰ্তমান যুগত পাৰিপাশ্বিক ক্ৰমবিবৰ্তন হোৱা দেখা যায় জনসংখ্যা বিস্ফোৰন, বৈষয়িক সম্পদন অৱনয়ন, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্বাৰা উদ্ভাৱন হোৱা সামগ্ৰীৰ পৰা হোৱা বায়ু, পানী মাটিৰ  প্ৰদূষনে মানৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি নিয়া দেখা গৈছে। এইবোৰৰ পৰা পৰিত্ৰান পোৱাৰ উপায় উদ্ভাৱনৰ অতি প্ৰয়োজন হৈ পৰিছে।    


৬। জনসংখ্যা শিক্ষাৰ ধাৰণা কোনে দিছিল ?

উত্তৰঃ ১৯৮২ চনত শান্তিৰ ন'বেল বঁটা প্ৰাপক আৰু আমেৰিকাৰ সমাজতত্ববিধ আল্ভা মিৰজালে প্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষাৰ ধাৰণাটো দাঙি ধৰিছিল।


৭। জনসংখ্যা শিক্ষাৰ সংজ্ঞা ডাঙি ধৰা । এই শিক্ষাৰ উদ্দেশ্যবােৰ কি কি ?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ কেইবাটাও সংজ্ঞা থাকিলেও ১৯৭০ চনত বেংকত ইউনেস্কই অনুষ্ঠিত কৰা দক্ষিণ পূব এছিয়া আঞ্চলিক কৰ্মশালাত জনসংখ্যা শিক্ষা সমন্ধে নিম্নলিখিত ধৰণে কোৱা হৈছে-

"জনসংখ্যা শিক্ষা এক শৈক্ষিক কাৰ্যসূচী যি পৰিয়াল, সম্প্ৰদায়, জাতি আৰু জনসংখ্যা, পৰিস্থিতি সমন্ধে অধ্যয়নৰ সুযোগ দিয়ে ছাত্ৰ-ছাত্ৰীৰ যুক্তিসংগত আৰু দায়িত্বশীল মনোভাৱ আৰু আচৰণ বিকাশ ঘটোৱা।"

জনসংখ্যা শিক্ষাৰ উদ্দেশ্য ঃ জনসংখ্যা আৰু আৰ্থ-সামাজিক বিকাশৰ মাজত থকা সম্পৰ্ক, জনসংখ্যা আৰু ধাৰা সম্পৰ্কে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যে প্ৰত্যেক ব্যক্তিক জীৱন যাপনত সহায় কৰে তাক জানিবলৈ দিয়া আৰু সৰু পৰিয়ালত যে সদায় সুখ-শান্তি বিৰাজমান তাৰ ধাৰণা দাঙি ধৰাত সহায় কৰা, জনসংখ্যা বিষ্ফোৰণে পৰিৱেশৰ ওপৰত পোলোৱা বিৰূপ প্ৰভাৱ সম্পৰ্কে অবগত কৰা।


৮। জনসংখ্যা শিক্ষাৰ প্ৰয়ােজনীয়তা সম্পর্কে লিখা ।

উত্তৰঃ (ক) জনসংখ্যা শিক্ষাই মানুহৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষাৰ অতি প্ৰয়োজন।

(খ) জনসংখ্যা শিক্ষা আৰু পৰিয়ালৰ পৰিকল্পনাৰ মাজত যে প্ৰভেদ আছে, সেই বিষয়ে জনসাধাৰণক অবগত কৰাবলৈ এই শিক্ষাৰ প্ৰয়োজন।

(গ) জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক অবগত কৰাব পাৰি।(

(ঘ) সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যা, শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি।

(ঙ) সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষা যথেষ্ট সহায়কাৰী।


৯। শিক্ষাৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষণ কি দৰে দিব পৰা যায় ?

উত্তৰঃ শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন স্তৰত জনসংখ্যা শিক্ষা দিব পৰা প্ৰক্ৰিয়াবোৰ উল্লেখ কৰা হ'ল।

(ক) প্ৰাথমিক স্তৰত ল'ৰা-ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন-ধাৰণাৰ মানত ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে।

(খ) মাধ্যমিক স্তৰত, জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব পৰা যায়।

(গ) মহাবিদ্যালয় পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ শৰীৰৰ অংগপ্ৰত্যংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰজনন গ্ৰন্থিৰ কাৰ্য্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাব লাগে।

(ঘ) বিভিন্ন পৰ্য্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত "জনসংখ্যা শিক্ষণ" বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে।

(ঙ) 'জনসংখ্যা' বিষয়ক গৱেষণা কৰিবৰ বাবে গৱেষক পণ্ডিত সকলক উৎসাহিত কৰিব লাগে। 


১০। শাৰীৰিক শিক্ষা বুলিলে কি বুজা ? 

উত্তৰঃ শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। এই শিক্ষাই বিভিন্ন ৰোগৰ বিষয়ে, এইবোৰৰ কাৰণ আৰু সতৰ্কতামূলক ব্যৱস্থা ইত্যাদিৰ সমন্ধে জনাব পাৰে। 


১১। পুৰণি কালৰ শাৰীৰিক শিক্ষাৰ লগত আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ কিবা পার্থক্য আছেনে ?

উত্তৰঃ প্ৰাচীন কালত শাৰীৰিক কৰ্মব্যস্ততাকেই জীৱন নিৰ্বাহৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছিল। মানৱ সভ্যতাৰ বিকাশৰ লগে লগে ইয়াৰ ধাৰণাৰো সলনি হ'বলৈ ধৰে আৰু আধুনিক কালত শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ বাবে অৰ্থাৎ সম্পূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ শাৰীৰিক কৰ্ম সম্পাদন মাজেৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থা।   


১২। শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবােৰ উল্লেখ কৰা 

উত্তৰঃ শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবোৰ হ'ল- ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আবেগিক আদি দিশসমূহৰ বিকাশ সাধন কৰোৱা।

১৩। শাৰীৰিক শিক্ষা প্রয়ােজন আছেনে ? আলােচনা কৰা ?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ দৈহিক আৰু মানসিক উৎসাধনৰ লগতে স্কুলীয়া শিক্ষা সমানে গুৰুত্বপূৰ্ণ হোৱা উচিত।

অধিক সংখ্যক লোকেই বৰ্তমান মানসিক পীড়া, কষ্ট আদিৰ ভোগ দেখা যায়য কিছুমানৰ ক্ষেত্ৰত এনে পীড়াই "মানসিক অৱসাদ" ৰো সৃষ্টি কৰে। মানসিক অৱসাদত ভোগা ব্যক্তি এজনে সাধাৰণ জীৱন যাপন কৰাৰ ইচ্ছা প্ৰায় হেৰুৱাই পেলায়। শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ উপৰিও মানসিক সজাগতা আৰু তৎপৰতা বৃদ্ধিৰ ক্ষেত্ৰতো সহায় কৰে।

UNESCO ই শাৰীৰিক শিক্ষাৰ ওপৰত গ্ৰহন কৰা আৰ্ন্তজাতিক চাৰ্টাৰত কোৱা হৈছে-

"প্ৰত্যেক মানুহৰ শাৰীৰিক শিক্ষা আৰু খেলধেমালি কৰাৰ মৌলিক অধিকাৰ থকা উচিত, এজন মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে প্ৰয়োজনীয় শাৰীৰিক  শিক্ষাক শৈক্ষিক প্ৰণালীৰ অৰ্ন্তভুক্ত কৰিব লাগে, লগতে ইয়াক সামাজিক জীৱনৰ প্ৰতিটো পৰ্য্যায়তে ব্যৱহাৰ কৰা উচিত।"

প্লেটোৰ মতে, সুস্থ দেহতহে সুস্থ মনে বাস কৰে।" 


১৪। শাৰীৰিক শিক্ষা শিশুক জীৱনৰ কোনটো বয়সত প্রথমে প্রদান কৰিব লাগে ? 

উত্তৰঃ চিন্তাবিধসকলৰ মতে বিদ্যালয়ৰ দহ বছৰীয়া শিক্ষা গ্ৰহণ কালত শাৰীৰিক শিক্ষা অন্তৰ্ভুক্ত কৰিব লাগে। শাৰীৰি শিক্ষা উচ্চ প্ৰথমিক স্তৰত আৰম্ভ কৰিব লাগে।


১৫। মূল্যবোেধ কি ? মূল্যবােধৰ সংজ্ঞা দিয়া । 

উত্তৰঃ কোনো এটা বিষয়বস্তু বা জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথাই হ'ল মূল্যবোধ।

প্ৰকৃততে 'মূল্যবোধৰ' সংজ্ঞা ডাঙি ধৰা অতি কঠিন। চিন্তাবিধ সকলে কয় যে যেতিয়া কোনো এটা বিষয় বস্তু বা জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেতিয়াই মূল্যবোধৰ কথা আহি পৰে। মূল্যবোধৰ দ্বাৰা একোটা বিষয়ৰ বিকাশ সম্ভৱ হয় আকৌ বিভিন্ন ধৰণৰ বিচাৰ বিবেচনা ব্যক্তিনিষ্ঠ বা দুয়োটাই হ'ব পাৰে।

আকৌ আন একাংশই কয় যে মূল্যবোধে আচৰণৰ শিক্ষা প্ৰদান কৰে। অৰ্থাৎ এজন ব্যক্তিয়ে সমাজত প্ৰদৰ্শন কৰিব লগীয়া আচৰণ নিৰ্ধাৰণ কৰে কেৱল মূল্যবোধে। এখন ৰাষ্ট্ৰৰ ক্ষেত্ৰতো মূল্যবোধক দিক্ নিৰ্ণয়কাৰী বুলি অভিহিত কৰিব পাৰি। 

১৬। মূল্যবােধৰ শিক্ষা বুলিলে কি বুজা ? এই শিক্ষাৰ বৈশিষ্ট্য কি কি ?

উত্তৰঃ ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহনা যোগোৱা শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণেই হ'ল মূল্যবোধৰ শিক্ষা। এই কাৰ্য্যসূচী বোৰে সমাজ এখনৰ স্বীকৃতি প্ৰদান কৰাত সহায় কৰে।

মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্য হ'ল-

(১) মূল্যবোধৰ শিক্ষাত পৰিধি যথেষ্ট বহল।

(২) মূল্যবোধৰ শিক্ষাই ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা অভ্যাস আদিকে সুচায়.

(৩) মূল্যবোধৰ শিক্ষাই প্ৰত্যেক ব্যক্তিৰ "ভাল" হোৱাটো বিচাৰে। সমাজত লক্ষ্যত উপনীত হবলৈ হলে ই সহায়কাৰী

(৪) পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।


 ১৭। মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে লিখা ।

উত্তৰঃ পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তৰ্ভুক্ত কৰা অতি প্ৰয়োজন। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে ( জাতি, ধৰ্ম নিবিশেষে) পাঠ্যক্ৰমগ্ৰহণ কৰা প্ৰয়োজন। সেয়েহে সমাজ, সংস্কৃতি, পৰস্পৰা, ভাষা আদি বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।

মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ নৈতিক আধ্যাত্মিক, সৌন্দৰ্য্যবোধৰ দিশসমূহ বিকশাই তোলাত সহায় কৰে। এই শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব তলত দিয়া ধৰণৰ-

(১) ব্যক্তিৰ ব্যক্তিত্ব বিকাশত আলোচনা কৰে।

(২) ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰগঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে।

(৩) শিশুক পৰিবেশৰ লগত খাপ খোৱাত সহায় কৰে।

(৪) সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী।

(৫) জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে।

(৬) ই সাংস্কৃতিক মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত সহায় কাৰী।

(৭) অৱসৰ সময় বিনোদনৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী।


১৮। বিদ্যালয়ত মূল্যবোধৰ শিক্ষা কি দৰে প্ৰদান কৰিব পাৰি ? 

উত্তৰঃ বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দুই ধৰনে দিব পৰা যায়- প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে। 

বিদ্যালয়ত, দৈনন্দিন পাঠদানত, শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক বিভিন্ন পাঠৰ মাধ্যমেৰে মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয়। কোনো কোনো ৰাজ্যত নীতিশিক্ষাৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন ধৰণৰ সাধুকথা বা বাস্তৱ অভিজ্ঞতাৰ বৰ্ণনাৰ মাধ্যমেৰে মূল্যবোধ সম্পৰ্কে বুজোৱা হয়। এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আলোচনাও কৰা হয়। পৰোক্ষ ভাৱে সহ পাঠ্যক্ৰম কাৰ্য্যসুচীৰ দ্বাৰা বিদ্যালয়ত এই শিক্ষা প্ৰদান কৰা হয়। 


১৯। সবলীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ সামৰ্থ্য সৃষ্টি কৰা প্ৰক্ৰিয়াকে "সৱলীকৰণ" বুলি কোৱা হয়। সৱলীকৰণে এজন ব্যক্তিক কোনো এটা কাৰ্য্যসম্পাদন কৰিবলৈ 'অধিকাৰ' প্ৰদান কৰে।  ই ব্যক্তিক সঠিক সময়ত, সঠিক সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম কৰি তোলে।  


২০। মহিলা সবলীকৰণৰ সংজ্ঞা দিয়া । মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ।

উত্তৰঃ মহিলাৰ সামৰ্থ্য বৃদ্ধি কৰা প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বুলি ক'ব পাৰি। আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলা সবলীকৰণৰ বিষয়ে কৈছে- "মহিলা সবলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতৰ অৰ্থে পুনৰ বিতৰন কৰাৰ প্ৰক্ৰিয়া।"

মহিলাৰ সবলীকৰণৰ প্ৰয়োজনীয়তাঃ মহিলা সবলীকৰণে নাৰীৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি আত্মবিশ্বাসী  হোৱাৰ আৰু সমাজৰ যিকোনো পৰিস্থিতিৰ লগত সমাযোচনা কৰাত সহায় কৰে। ই নাৰীক পৰিয়ালৰ তথা সমাজৰ প্ৰতি থকা অৰ্থনৈতিক অৱদান সম্পৰ্কে সচেতন কৰি তোলাত সহায় কৰে। ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষ ৰ অধীন হৈ থকা দ্খা যায়। এই ধাৰণাবোৰক প্ৰত্যাহ্বান জনােৱাৰ বাবে বা পৰিৱৰ্তন অনিবৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱাৰ প্ৰক্ৰিয়াৰে মহিলাৰ সবলীকৰণ অতি প্ৰয়োজনীয়।        


২১। মহিলা সবলীকৰণৰ উদ্দেশ্য সম্পৰ্কে লিখা । 

উত্তৰঃ মহিলা সবলীকৰণৰ উদ্দেশ্যসমূহ হ'ল-

(১) সম অধিকাৰ আৰু মৰ্যাদা প্ৰদানঃ দেশ এখনত যাতে নাৰীয়ে পুৰুষৰ সমানে অধিকাৰ সাবস্থ্য কৰিব পাৰে, সমমৰ্যাদা লাভ কৰিব পাৰে তাৰ ওপৰত নাৰী সবলীকৰণে গুৰুত্ব প্ৰদান কৰে।

(২) আৰ্থিক স্বাৱলম্বিতা প্ৰদানঃ মহিলাসকলৰ সাধাৰণতে পৰনিৰ্ভৰশীল হোৱা দেখা যায়। নাৰীৰ সবলীকৰণে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলে। 

(৩) ৰাজনৈতিক ক্ষমতা প্ৰদানঃ মহিলা সবলীকৰণে মহিলাসকলক ৰাজনীতিৰ জগতখনক প্ৰভাৱশালী কৰি তোলে। তেওঁলোকে ৰাজনীতিৰ সকলো কাৰ্যতে নিজৰ ৰায় প্ৰদান কৰিব পাৰে। আৰু ৩৩% আসন মহিলাৰ বাবে সংৰক্ষিত, চৰকাৰী  চাকৰিৰ আৰু চুক্তিবদ্ধ কামৰ ক্ষেত্ৰত ৩০% মহিলাৰ বাবে আছুতীয়াকৈ থোৱা হয়।

(৪) পৰিয়ালৰ পৰিকল্পনা আঁচনিৰ সঠিক ৰূপায়নঃ ভাৰতৰ দৰে দেশৰ জনবিস্ফোৰণৰ সমস্যাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। মহিলা সবলীকৰণে সৰু পৰিয়াল ধাৰণা বাস্তৱায়িত কৰাত গুৰুত্ব প্ৰদান কৰে।

(৫) মহিলাৰ সুপ্ত শক্তিৰ বিকাশঃ সততে দেখা যায় মহিলাসকলৰ বিভিন্ন প্ৰতিভা থকা সত্ত্বেও নিজৰ প্ৰতিভা লুকুৱাই ৰাখিবলগীয়া হয়। সেয়া পাৰিবাৰিক কাৰণতেই হওক বা সামাজিক কাৰণতেই হওক। মহিলা সবলীকৰণে মহিলাৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি তোলে আৰু স্বীকৃতি প্ৰদানও কৰে।    


২২। ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা মহিলাৰ স্থিতি সম্পৰ্কে লিখা । 

উত্তৰঃ পুৰুষ প্ৰধান সমাজৰ প্ৰচলিত চিন্তাধাৰাবোৰৰ পৰা হাত সাৰি থাকিবলৈ আৰু সমাজত নিজৰ স্থিতি উন্নত কৰিবলৈ শিক্ষাৰ অতি প্ৰয়োজন।

বৈদিক যুগৰ নাৰীপুৰুষ উভয়ে শিক্ষা গ্ৰহণ কৰা পৰিবৰ্ত্তে মুছলমান সকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ" অধিক অৱনতি হোৱা দেখা যায়। এই অৱনতিয়ে ইষ্ট ইণ্ডিয়াকোম্পানীৰ আগমনৰ সময়ত চুড়ান্ত ৰূপ লয়। সমাজ সংস্কাৰক সকলৰ আৰু খ্ৰীষ্টিয়ান মিছনাৰী সকলৰ সহায়ত স্বাধীনতাৰ সময়লৈ নাৰী শিক্ষাৰ বিকাশ সম্ভৱ হোৈৱা দেখা যায়।

স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানত নাৰী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। ১৯৫৮-৫৯ চনত ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা কমিটি, ১৯৭৪ চনত মহিলাৰ স্থিতি সম্পৰ্কীয় কমিটি আৰু ১৯৮৮ চনত নাৰীৰ বাবে প্ৰস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আৰু শিক্ষাত গুৰুত্ব দিয়া হয়। ১৯৮৬ চনত ভাৰততৰ নতুন শিক্ষানীতি আৰু ১৯৯২ চনত পৰিবদ্ধিৰ্ত শিক্ষা আঁচনিয়ে মহিলাসবলীকৰণক জাতীয় উন্ননৰ প্ৰধান কাৰ্য্যসুচী ৰূপে নিৰূপন কৰে।

২০০১ চনৰ লোকপিয়লৰ মতে ভাৰতবৰ্ষৰ মহিলাৰ সাক্ষৰতাৰ নিৰিখ হ'ল ৫৪.১৬% । ইয়াৰ বিপৰীতে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৫.৮৫% মহিলাৰ সাক্ষৰতাৰ হাৰ বঢ়াবৰ বাবে চৰকাৰে লোৱা পদক্ষেপবোৰ হ'ল- ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ যোগেদি মহিলাসকলক কাৰ্য্যকৰী সাক্ষৰতাৰ শিক্ষা প্ৰদান (২) প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ (৩) অগতানুগতিক শিক্ষাৰ দ্বাৰা মপিলা সকলক ব্যাপকভাবে জড়িতকৰণ।     


২৩। মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থা সম্পৰ্কে লিখা ।

উত্তৰঃ মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ অতি প্ৰয়োজন। এই ক্ষেত্ৰত লবলগীয়া ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল-

(১) প্ৰত্যেকগৰাকী ছোৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।

(২) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আতৰোৱাৰ বাবে চেষ্টা কৰিব লাগিব।

(৩) ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

(৪) লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাকস্নাতক পৰ্য্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।

(৫) মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পৰ্কীয় সাধাৰণ জ্ঞান ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদান কৰিব লাগিব।  

Answered By : Himashree Bora.