Chapter: 4

 শিক্ষণ


অনুশীলনীঃ


১। শিক্ষণ কি ?

উত্তৰঃ যিবোৰে আমাক প্ৰকৃতি সলনি কৰে আৰু অমাৰ্জিত সহজাত প্ৰতিক্ৰিয়া বা আচৰণ পৰিশোধিত কৰে। সেইবাবে আমি ক'ব পাৰো যে অভিজ্ঞতাৰ যোগেদি প্ৰতিক্ৰিয়া বা আচৰণৰ পৰিৱৰ্তন বা পৰিশোধন কৰাই হৈছে শিক্ষণ।    


২। শিক্ষণৰ প্রধান বৈশিষ্ট্যৰবােৰ লিখা । 

উত্তৰঃ শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল- 

(১) শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া।

(২) নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণ বাবে শিক্ষণ সংঘটিত হয়।

(৩) উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ।

(৪) পৰিৱেশৰ লগত ব্যক্তিৰ সমযোজন কাৰ্যই হ'ল শিক্ষণ।

(৫) অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী হ'ব নোৱাৰে।

(৬) আগ্ৰহ আৰু শিক্ষণ পাৰস্পাৰিক সম্পৰ্ক আছে। আগ্ৰহ অবিহনে কোনো কথা শিকিব নোৱাৰি।

(৭) উচ্চ শ্ৰেণী জীৱৰ শিক্ষণ ক্ষমতা নিম্ন শ্ৰেণীতকৈ বেছি।  


৩। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভব হয় ? উদাহৰণেৰে সৈতে বুজাই লিখা । 

উত্তৰঃ শিক্ষণ প্ৰক্ৰিয়াটো ব্যাপক। আমেৰিকাৰ মনোবিধ এডৱাৰ্ড লী থৰ্ণডাইক হ'ল সংযোগবাদৰ জন্মদাতা। সংযোগবাদৰ মতে, মানুহৰ জীৱনটোৱেই হ'ল অসংখ্যা উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সমষ্টি। শিক্ষা কথাটোও উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনহে মাথোৰ ( Learning is the establishment of bond between stimulus and response and it follows a mechanical process of blind trial and error method )

এই মতবাদৰ পৰাই তেওঁৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি সৃষ্টি হৈছে। উদ্দীপকৰ আবেদন আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যেতিয়া নিৰ্ভুল যোগসূত্ৰ স্থাপিত হয়, তেতিয়া জীৱই কোনো নতুন কৌশল শিকে। অৰ্থাৎ প্ৰাণীয়ে কোনো নতুন কথা শিকোতে বাৰে বাৰে চেষ্টা আৰু ভুল কৰিহে শিকে। নতুন কৌশল শিকাৰ মূলতে থাকে বহুতো ভুল-ত্ৰুটি আৰু সেইবোৰ সংশোধন। এই ভুল প্ৰতিক্ৰিয়াবোৰৰ মাজৰ পৰা নিৰ্ভুল প্ৰতিক্ৰিয়া বিচাৰি উলিয়াব লাগে। নিৰ্ভুল প্ৰতিক্ৰিয়াবোৰৰ মাজৰ পৰা নিৰ্ভুল প্ৰতিক্ৰিয়া বিচাৰি উলিয়াৰ লাগে। নিৰ্ভুল প্ৰতিক্ৰিয়া এটাহে থাকে, কিন্তু তাৰ তুলনতা ভুল প্ৰতিক্ৰিয়া অসংখ্য। গতিকে ভুল কৰোঁতে কৰোঁতে এদিন তাৰ শিক্ষণ কাৰ্য সম্পূৰ্ণ হয়। গাড়ী চলাবলৈ, টাইপ কৰিবলৈ, ফুল বাছিবলৈ শিকা কাৰ্যবোৰ এই প্ৰণালীৰে মানুহে শিকা দেখা যায়। ডাইকৰ মতে কোনেও শিকা কাৰ্য অকস্মাতে সম্পন্ন কৰিব নোৱাৰে। লাহে লাহে চেষ্টা আৰু ভুলৰ দ্বাৰাহে মানুহে নতুন কথা শিকিব পাৰে।

এটা উদাহৰণ দিয়া যাওক। বিশেষ কৌশলেৰে নিৰ্মিত এটা পিঞ্জৰাৰ ভিতৰত এটা ক্ষুধাতুৰ মেকুৰি আৱদ্ধ কৰি ৰাখি বাহিৰত এটুকুৰা মাছ ৰখা হয়। স্বাভাৱিকতে মেকুৰিটো মাছ টুকুৰাৰ প্ৰতি আকৃষ্ট হয়। মেকুৰিটোৱে প্ৰথমতে, পিঞ্জৰাৰ ভিতৰত চাৰিওফালে খুন্দিয়াই বাহিৰ ওলাবলৈ চেষ্টা কৰে। এনেদৰে চেষ্টা কৰোঁতে কৰোঁতে কোনোবা এপাকত ৰছীডাল কেনেবাকৈ টান খাই দুৱাৰখন মুকলি হৈ যায় আৰু লগে লগে মেকুৰিটোৱে ওলাই আহি মাছডোখৰ খায়। পুনৰ একে ধৰণৰ পৰিস্থিতিত মেকুৰিটো ৰখাত দেখা গ'ল যি পুনৰ একে ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে আৰু শেহান্তৰত দুৱাৰখন খুলিবলৈ কৰা অন্ধ চেষ্টাৰ সময় প্ৰতিবাৰতে লাহে লাহে কমি আহে আৰু কোনো এক পৰ্যায়ত মেকুৰিটোৱে পোনে পোনে গৈ ৰছীডাল টানি দুৱাৰখন মেলি ওলাই আহিব পৰা যায়। অৰ্থাৎ মেকুৰিটোৱে ৰছীডাল টানি দুৱাৰ মেলিবলৈ শিকিলে। ৰছীডাল টানি দুৱাৰ মেলিবলৈ শিকাটো বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ক্ৰমবিকাশৰ ফল।               


৪। অন্তদর্শন শিক্ষণ কি ? এই শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য নিৰূপণ কৰা । 

উত্তৰঃ অন্তদৰ্শন শিক্ষণ হৈছে অন্তদৰ্শন শিক্ষণ পদ্ধতি সামগ্ৰীকতাবাদ তত্ৱৰ ওপৰত প্ৰতিষ্ঠিত।

        গেষ্টাল্ডবাদী মনোবিজ্ঞানীসকলৰ অন্তদৰ্শন পদ্ধতিয়ে শিক্ষা প্ৰসংগত এক নতুন দৃষ্টিভংগী প্ৰদান কৰে। বৰ্তমানৰ সৃজনী শক্তিহীন আৰু যন্ত্ৰচালিত বিধৰ শিক্ষাৰ বিৰুদ্ধে এক প্ৰধান উদ্দেশ্য় হৈছে ছাত্ৰৰ গুপ্ত আৰু অন্তনিৰ্হিত শক্তি, ক্ষমতা আদিৰ আৱিষ্কাৰ কৰা আৰু তাৰ উপযুক্ত বিকাশ সাধন কৰা। বাহিৰৰ পৰা কেতবোৰ পুথিগত জ্ঞান ছাত্ৰৰ ওপৰত জাপি দিয়াটো আৰু তাৰ যন্ত্ৰচালিত তথা উদ্দেশ্য়বিহীনভাৱে অনুশীলন কৰাটো  ইয়াৰ উদ্দেশ্য় নহয়। প্ৰচলিত শিক্ষা ব্য়ৱস্থাৰ এনেবোৰ আসোঁৱাহ গুচাবৰ বাবে অন্তদৰ্শন শিক্ষণ পদ্ধতিহে বিশেষ কাৰ্যকৰী বুলিব পাৰি।

        এই পদ্ধতিয়ে ব্য়ক্তিক চিন্তা আৰু যুক্তিসংগত কৰি তোলে। শিক্ষাদান  কালতো শিক্ষকে এই অন্তৰ্দৰ্শন পদ্ধতিৰ প্ৰয়োগ কৰা উচিত। শিক্ষকে ছাত্ৰৰ শিক্ষা বিষয়ৰ পুংখানুপুংখভাৱে ব্য়াখ্য়া দিয়াৰ পৰিৱৰ্তে বিষয়বস্তুৰ বিভিন্ন অংশৰ লগত মাত্ৰ পৰিচয় কৰাইহে দিব লাগে।ছাত্ৰক নিজে অংশসমূহৰ সমন্ৱয় বিচাৰি  সমস্য়া সমাধানৰ প্ৰচেষ্টা চলাবলৈ দিব লাগে। শিক্ষকে সকলো কথাকেই খৰচি মাৰি বুজাই দিলে, অথবা সমস্য়া সমাধান কৰি দেখুৱালে ছাত্ৰ-মানসিকভাৱে নিষ্ক্ৰয় হৈ পৰে। এনে অৱস্থাত তেওঁলোকে বুদ্ধি- বৃত্ত কাৰ্যত প্ৰয়োগ নকৰাকৈ অলস অৱস্থাত থকে। ইয়াৰ যোগেদিহে ছাত্ৰৰ সৃজনাত্মক আৰু গঠনাত্মক ক্ষমতাৰ বিকাশ হোৱাটো আশা কৰিব পাৰি। শিক্ষকে পতানুগতিক নীতি- নিয়মৰ বশৱৰ্তী নহৈ ছাত্ৰই নিজে নতুন নীতি উদ্ভৱন কৰিব পাৰে আৰু নিজেই নিজৰ পথ-প্ৰদৰ্শক স্ৱৰূপ হৈ উঠিব পাৰে।   

৫। অনুবন্ধনৰ দ্বাৰা শিক্ষণ কাক বােলে ? পেভ্লভৰ অনুবন্ধন প্রতিক্রিয়া তত্ত্বৰ শৈক্ষিক তাৎপর্যৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্ৰতিক্ৰিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন কোনো কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। তাকে অনুবন্ধনৰ দ্বাৰা শিক্ষণ বোলা হয়। 

পেভ্লভৰ  অনুবন্ধন প্ৰতিক্ৰিয়া তত্ত্বৰ তাৎপৰ্যৰ হ'ল-

(১) এই পদ্ধতিৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্ন, নিয়মানুবৰ্তিতা, অনুশাসন আদিৰ দৰে ভাল অভ্যাসবোৰ ল'ৰা-ছোৱালীয়ে গঠন কৰিব পাৰে।

(২) পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ'লেও এই পদ্ধতি উপযোগী।

(৩) এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰি পাৰি।

(৪) জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান কৰে।

(৫) অনুবন্ধৰ জৰিয়তে ভাষাৰ বিকাশ সাধন কৰিব পাৰি। 


৬। শিক্ষণৰ মূল নীতিসমূহ কি কি ? এই নীতিসমূহ শ্ৰেণীকোঠাত কেনেকৈ ব্যৱহাৰ কৰা হয় আলােচনা কৰা ।

উত্তৰঃ শিক্ষণৰ মূল নীতিসমূহ হ'ল-

(১) প্ৰস্তুতি নীতিঃ এই নীতিয়ে বিশ্বাস কৰে যে এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে দৈহিকভাৱে, মানসিকভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজন।

(২) ফলাফল নীতিঃ এই নীতিৰ মতে, শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদিহে কোনো কাৰ্যৰ ফলাফল ভাল হয় তেতিয়াহ'লে শিক্ষাৰ্থীয়ে পুনৰ কাৰ্য কৰিবলৈ উৎসাহিত হোৱা দেখা যায়। আনহাতে, যদিহে কাৰ্যটোৰ ফলাফল আশাপ্ৰদ নহয় তেতিয়াহ'লে শিক্ষাৰ্থীয়ে সেই কাৰ্য কৰিবলৈ নিৰুৎসাহিত হয়। শিক্ষণৰ এই নীতিক সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি বা আনন্দ আৰু বেদনাৰ নীতিৰ বোলা হয়।

(৩) অনুশীলনৰ নীতিঃ এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। এই নীতিৰ মতে যদিহে অনুশীল চলি থাকে শিক্ষণ প্ৰক্ৰিয়াও শক্তিশালী হয়। আনহাতে, অনুশীলন বা চৰ্চা এৰি দিলে শিক্ষণ প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে। 


৭। অর্ন্তদর্শন শিক্ষণ কেনেকৈ সম্ভৱ হয় ? উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা ।

উত্তৰঃ অন্তৰ্দৰ্শ শিক্ষণ এই পদ্ধতিৰ মতে শিক্ষণ কাৰক্যতচ ব্য়ক্তিৰ অন্তৰ্দৰ্শন বিশেষ প্ৰয়োজন। সামগ্ৰীকতাবাদী মনোবিজ্ঞানীসকলে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন পৰীক্ষা- নিৰীক্ষা চলাই এই  সিদ্ধান্তত হয় যে ব্য়ক্তিৰ অন্তৰ্দৰ্শন কৰি কাৰি কাৰ্যৰ যোগেদিহে প্ৰকৃততে শিক্ষা লাভ কৰা সম্ভৱ। কোনো নতুন পৰিস্থিতিত সংমস্য়া সমাধানৰ উদ্ভৱ কৰিবলৈ বা কোনো নতুন কাৰ্যত দক্ষতা আয়ত্ত কৰিবলৈ হ'লে সেই সমস্য়া আৰু পৰিস্থিতিৰ এক সামগ্ৰিক ৰূপ উপলদ্ধি কৰাৰ অত্য়ন্ত প্ৰয়োজন। কিয়নো সেই সমস্য়া বিভিন্ন সমাধানৰ উপায় আমাৰ মনলৈ আহে আৰু তেতিয়া আমি কোনো সমস্য়া নতুন পৰিস্থিতিৰ সামগ্ৰিক ৰূপ উপলব্ধি কৰাৰ বিষয়টো অতি তাৎপৰ্যপূৰ্ণ কথা। ইয়াকে অন্তৰ্দৰ্শনৰ দ্ৱাৰা শিক্ষণ আখ্য়া দিয়া হৈছে।

        অন্তৰ্দৰ্শন পদ্ধতি শ্ৰেণীকোঠাত অতি লাভজনকভাৱে ব্য়ৱহাৰ কৰিব পৰা যায়। অন্তৰ্দৰ্শ শিক্ষা পদ্ধতিৰ দ্ৱাৰা বিভিন্ন ছাত্ৰৰ ব্য়ক্তিগত প্ৰতিভা বিকাশ কৰিব পৰা যায়। ছাত্ৰৰ নিজৰ স্ৱাধীন চিন্তাৰ প্ৰয়োগ কৰাত সহায় কৰে। প্ৰতিভাশালী ছাত্ৰই সৃষ্টি প্ৰতিভা বিকাশ কৰাত সহায় কৰে। বিজ্ঞান, ভূগোল, আদি পঢ়াওঁতে শিক্ষকে প্ৰতিটো সমস্য়া বা বিষয় সামগ্ৰিকভাৱে ছাত্ৰৰ আগত দাঙি ধৰিব লাগে। তেতিয়াহে শিক্ষাৰ্থীৰ কাৰণে অৰ্থপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ হ'ব।মণ্টেশ্ৱৰী পদ্ধতি, প্ৰজেক্ট মেথড, ডেল্টন আঁচনি আদিত এই শিক্ষাদানৰ নীতি গ্ৰহণ কৰা হয়।


৮। থৰ্ণডাইকৰ  শিক্ষণৰ নীতিসমূহ ব্যাখ্যা কৰা আৰু সিহঁতৰ শৈক্ষিক তাৎপর্য দেখুওৱা । 

উত্তৰঃ থৰ্ণডাইকৰ শিক্ষণৰ নীতিসমূহ আৰু সিহঁতৰ শৈক্ষিক তাৎপৰ্য হ'ল--

            ১) প্ৰস্তুতি নীতি (Law of Readiness) এই নীতিয়ে বিশ্ৱাস কৰে এজন শিক্ষাৰ্থীয়ে  কোনো বিষয় শিকিবৰ বাবে দৈহিকভাৱে,  মানসিকভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজন।

               শিক্ষকে কোনো পাঠ পঢ়াৈবলৈ লোৱাৰ আগতে ছাত্ৰ - ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা জালিব লাগিব। যদিহে শিক্ষাৰ্থী পাঠটো শিকাৰ বাবে প্ৰস্তুত নহয় তেনেহ'লে শিক্ষকেও এই ক্ষেত্ৰত আগবঢ়া উচিত নহয়। কিয়নো বলপূৰ্বকভাৱে ছাত্ৰ- ছাত্ৰীক পাঠটো শিকালে সিহঁতৰ মনত অসন্তুষ্টি ভাবৰহে সৃষ্টি গ'ব। তেতিয়া শিক্ষণ ফলপ্ৰসূ হৈ নুঠিব। গতিকে শিক্ষণত  শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ৰ বাবে শাৰীৰিক আৰু মানসিক প্ৰস্তুতিৰ প্ৰয়োজন।

             ২) ফলাফলৰ নীতি (Law of Effcct) এই নীতিৰ মতে, শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদিহে কোনো কাৰ্যৰ ফলাফলৰ ভাল হয় তেতিয়াহ'লে শিক্ষাৰ্থীয়ে পুনৰ কাৰ্য কৰিবলৈ উৎসাহিত হোৱা দেখআ যায়। আনহাতে, যদিহে কাৰ্যটোৰ ফলাফল আশাপ্ৰলদ নহয় তেতিয়াহ হ'লে শিক্ষাৰ্থীয়ে সেই কাৰ্য় কৰিবলৈ নিৰুৎসাহিত হয় । শিক্ষণৰ এই  ন ীতিক সন্তুষ্টিৰ আৰু অসন্তুষ্টিৰ নীতি বা আনন্দৰ আৰু বেদনাৰ নীতিও বোলা হয়।

             ছাত্ৰ- ছাত্ৰীৰ ভাল কামৰ বাবে শিক্ষকে প্ৰেৰণা প্ৰদান কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পুনৰাবৃত্তি কৰে আৰু পুনৰাবৃত্তিয়ে শিক্ষণ অভিজ্ঞতাক স্থায়ী ৰূপ প্ৰদান কৰে। উচিত কামৰ বাবে যদিহে ছাত্ৰ- ছাত্ৰীক উৎসাহ প্ৰদান কৰা হয়, তেতিয়াহে'লে আগলৈও ভাল কাম কৰিব বাবে প্ৰৰণা লাভ কৰিব। আনহাতে, বেয়া কাম কৰিলে যদিহে শাস্তি প্ৰদান কৰা হয় তেতিয়াহ'লে ভৱিষ্য়তে তেনে কামৰ পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰিব। শিক্ষকে ছাত্ৰ- ছাত্ৰীক পুৰস্কাৰ আৰু শাস্তি প্ৰদান কৰাৰ ব্য়ৱস্থা ফলাফল নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই নীতিৰদ্ৱাৰা ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সংশোধন ঘটোৱা হয়।

            ৩) অনুশীলনৰ নীতি (Exercise)এই নীতি বিশ্ৱাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। এই নীতিৰ মতে যদিহে অনুশীল চলি থাকে শিক্ষণ প্ৰক্ৰিয়াও শক্তিশালি বয়। আনহাতে, অনুশীলন বা চৰ্চা এৰি দিলে শিক্ষণ প্ৰক্ৰিয়াৰ দুৰ্বল হৈ পৰে।

                শিক্ষকে অনুশীলনৰ নীতি শ্ৰেণীকোঠাত ব্য়ৱহাৰ কৰিব পাৰে। কোৱা হয় যে পুনৰাবৃত্তিয়ে অভিজ্ঞতাৰ স্থায়ীৰূপ প্ৰদান কৰে। গতিকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীয়ে যি জ্ঞান লাভ কৰে তাক স্থায়ীৰূপ দিবলৈ পুনৰাবৃত্তিৰ সুযোগ প্ৰদান কৰিব লাগে। পুনৰাবৃত্তিৰ জৰিয়তে শিকাৰুৰ কৌশল, কৰ্মদক্ষতা আৰু হস্তনিপুনৰাবৃত্তি বাঢ়ে। আনহাতে, এই নীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ভাল অভ্য়াস গঠন হয় আৰু বেয়া অভ্য়াসবোৰ আঁতৰি যায়

 ৯। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ প্রধান বৈশিষ্ট্যবােৰ লিখা ।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-

(১) প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া।

(২) এই পদ্ধতিৰ মূল হৈছে পুণৰাবৃত্তি।

(৩) এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্ৰচেষ্টা ত্যাগ কৰা হয়।

(৪) ইয়াৰ অন্ধ যান্ত্ৰিক শিক্ষণ পদ্ধতি বোলা হয়।

(৫) মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে। 

 ১০। প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ এই শিক্ষণ পদ্ধতি এডৱাৰ্ডলী থৰ্ণডাইক (Edward Lee Thorndike)ৰ সংযোগবাদ শিক্ষণ তত্ৱৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ মতে শিক্ষণ হ'ল উদ্দীপক (stimular) আৰু প্ৰতিক্ৰিয়াৰ (response)ৰ মাজৰ সংযোগ সমাধান ফল। চমুকৈ ইয়াক 'S-R'চুক্তিতত্ৱ বোলে। পৰিৱেশে  উদ্দীপকস্ৱৰূপে ব্য়ক্তিৰ ওপৰত ক্ৰিয়া কৰে আৰু ব্য়ক্তিয়ে সংবেদনৰ জৰিয়তে তাৰ প্ৰতি প্ৰতিক্ৰিয়া কৰে। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ এই চুক্তি বা সংযোগ ক্ৰিয়াৰ পুনৰাবৃত্তিৰ শক্তিশালী কৰিব পাৰি।

        আমি যেতি কোনো এটা বিষয় নতুনকৈ শিকিবলৈ চেষ্টা কৰো, তাক তৎক্ষণাত বুজা বা আয়ত্ৱ কৰা সম্ভৱ নহয়। আমি যেতিয়ালৈকে কৃতকাৰ্য লাভ কৰিব নোৱাৰোঁ তেতিয়ালৈকে বাৰে বাৰে চেষ্টা কৰিব লাগে। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে ভুল নাইকিয়া কৰে আৰু শুদ্ধ প্ৰচেষ্টা অৱলম্ৱন কৰাত সহায় কৰে। প্ৰাৰম্ভিক প্ৰচেষ্টাত ভুলৰ সংখ্য়া বেছি  কিন্তু প্ৰচেষ্টাৰ পুনৰাবৃত্তিয়ে ভুলৰ সংখ্য়া ক্ৰমান্ৱয়ে হ্ৰাস কৰে। এইদৰে সময়ৰ পৰিমাণো এই ক্ষেত্ৰত ক্ৰমান্ৱয়ে হ্ৰাস হৈ আহে। শেষত ভুল নোহোৱা হয় আৰু ফলত শিক্ষণ সংঘটিত হয়।

১১। “ শিক্ষণ হৈছে অভিজ্ঞা আৰু প্ৰশিক্ষণৰ যােগেদি আচৰণ সংশােধন কৰা কাৰ্য । ” বহলাই লিখা । 

উত্তৰঃ মনোবিজ্ঞানী গেইট য়ে কৈছিল যে, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। কিয়নো, জীৱ মাত্ৰই কিছুমান জন্মগত প্ৰবৃত্তিদ্বাৰা পৰিচালিত। এই জন্মগত প্ৰবৃত্তিবিলাকত অমাৰ্জিত বা অপৰিশোধিত আচৰণও সোমাই থাকে। যিহেতু মানুহৰ বিচাৰ শক্তি আচে সেয়েহে আমি কিছুমান কৌশল বা উপায়ৰ অৱলম্বনৰ যোগেদি আমাৰ অমাৰ্জিত বা অপৰিশোধিত আচৰণবোৰৰ পৰিৱৰ্তন কৰি উন্নত কৰিব পাৰোঁ। আমি ভিন্ন পৰিবেশৰ লগত সমাযোজন কৰিবলৈ যাওঁতে বহুতো জ্ঞান, অভিজ্ঞতা লাভ কৰে। এই অভিজ্ঞতাসমূহে আমাৰ জন্মগত প্ৰতিক্ৰিয়া বা আচৰণসমূহ পৰিশোধিত কৰে আৰু এয়াই হৈছে শিক্ষণ। অৰ্থাৎ শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য।  


১২ } চমুটোকা লিখা - 

(ক ) অনুবন্ধনৰ দ্বাৰা শিক্ষণ ।

উত্তৰঃ আইভান পেভ্লৰ শিক্ষাৰ অনুবন্ধনবাদ (মৌলিক ) তত্বৰ এজন স্ৰষ্টা  আছিল। তেওঁ এজন ৰাচিয়াৰ শৰীৰতত্ববিদ তথা মনোবিধ আছিল। সাধাৰণতে স্বাভাৱিক উদ্দীপকৰ ফলত স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ক'ব পাৰি যে খোৱাবস্তু ( উদ্দীপক ) দেখিলে কুকুৰৰ মুখৰ পৰা লালটি ওলায়। এই প্ৰতিক্ৰিয়া ( লালটি ওলোৱা কাৰ্য ) হৈছে সহজাত আৰু স্বাভাৱিক। ইয়াত শিকিবলৈ একো নাই। সৰল ভাষাত ক'বলৈ হ'লে যেতিয়া কোনো স্বাভাৱিক প্ৰতিক্ৰিয়া তাৰ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন কোনো কৃত্ৰিম উদ্দীপকৰ লগত সংযুক্ত বা অনুবন্ধিত হয়, তেতিয়া শিক্ষণ সংঘটিত হয়। 


( খ ) অন্তদর্শন শিক্ষণ পদ্ধতি ।

উত্তৰঃ অন্তদৰ্শন শিক্ষণ পদ্ধতি সামগ্ৰীকতাবাদ তত্বৰ ওপৰত প্ৰতিষ্ঠিত। ৱাৰ্থিমাৰ, কহলাৰ আৰু কাফকা নামৰ তিনিজন জাৰ্মান মনোবিজ্ঞানী এই তত্বৰ প্ৰৱৰ্ত্তক আছিল। 'গেষ্টাল্ট' এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে 'সমগ্ৰ বা সম্পূৰ্ণ আকাৰ'। সামগ্ৰীকতাবাদ মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এক মানসিক বা বৌদ্ধিক কাৰ্য, যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তদৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে। তেওঁলোকে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ বিৰোধিতা কৰিছিল। কাৰণ এই শিক্ষাত দৈহিক কাৰ্যৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। ই এক অন্ধ যান্ত্ৰিক প্ৰক্ৰিয়া।  


( গ ) প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ । 

উত্তৰঃ আমি যেতিয়া কোনো এটা বিষয় নতুনকৈ শিকিবলৈ চেষ্টা কৰো, তাক তৎক্ষণাত বুজা বা আয়ত্ৱ কৰা বাবে সম্ভৱনহয়।  আৰু যেতিয়ালৈকে আমি কৃতকাৰ্য কৰিব নোৱাৰোঁ তেতিয়ালৈকে বাৰে বাৰে চেষ্টা কৰিব লাগে। প্ৰাৰম্ভিক প্ৰচেষ্টাত ভুলৰ সংখ্য়া বেছি হয় কিন্তু প্ৰচেষ্টাৰ পুনৰাবৃত্তিয়ে ভুলৰ সংখ্য়া ক্ৰমান্ৱয়ে হ্ৰায় কৰে। এইদৰে সময়ৰ পৰিমাণো এই ক্ষেত্ৰত ক্ৰমান্ৱয়ে হ্ৰাস হৈ আহে ।শেষত ভুল নোহোলা হয় আৰু ফলত শেক্ষণ সংঘটিত হয়।


( ঘ ) ফলাফলৰ নীতি । 

উত্তৰঃ এই নীতিৰ মতে, শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদিহে কোনো কাৰ্যৰ ফলাফল ভাল হয় তেতিয়াহ'লে শিক্ষাৰ্থীয়ে পুণৰ কাৰ্য কৰিবলৈ উৎসাহিত হোৱা দেখা যায়। আনহাতে, যদিহে কাৰ্যটোৰ ফলাফল আশাপ্ৰদ নহয় তেতিয়াহ'লে শিক্ষাৰ্থীয়ে সেই কাৰ্য কৰিবলৈ নিৰুৎসাহিত হয়। শিক্ষণৰ এই নীতিক সন্তুষ্টি আৰু অসন্তুষ্টি নীতি বা আনন্দ আৰু বেদনাৰ নীতিও বোলা হয়।


 (ঙ ) প্রস্তুতিৰ নীতি

উত্তৰঃ এই নীতিয়ে বিশ্বাস কৰে যে এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে দৈহিকভাৱে, মানসিকভাৱে প্ৰস্তুত হোৱাৰ প্ৰয়োজন।


( চ ) অনুশীলনৰ নীতি ।

উত্তৰঃ এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। এই নীতিৰ মতে যদিহে অনুশীল চলি থাকে শিক্ষণ প্ৰক্ৰিয়াও শক্তিশালী হয়। আনহাতে, অনুশীলন বা চৰ্চা এৰি দিলে শিক্ষণ প্ৰক্ৰিয়া দুৰ্বল হৈপৰে।  


 ১৩। তলত দিয়া উক্তিবােৰ সঁচা নে মিছা লিখা -

 ( ক ) শিক্ষণ সমস্যা সমাধান কার্য ।

উত্তৰঃ শুদ্ধ


( খ ) অন্তর্দর্শনৰ দ্বাৰা শিক্ষণ হৈছে শিক্ষণৰ এক যান্ত্রিক প্রক্রিয়া ।

উত্তৰঃ অশুদ্ধ।

 

( গ ) শিক্ষণ পৰিপক্কতাৰ ওপৰ নিৰ্ভৰশীল নহয় । 

উত্তৰঃ অশুদ্ধ।


( ঘ ) অর্ন্তদর্শন শিক্ষাৰ উচ্চ পদ্ধতি ।

উত্তৰঃ শুদ্ধ।


( ঙ ) শিক্ষণ এক জীৱজোৰা প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ।


( চ ) শিক্ষণ আচৰণৰ ভেটি । 

উত্তৰঃ শুদ্ধ। 


১৪। উপযুক্ত শব্দৰে খালীঠাই পূৰ কৰা – 

( ক ) প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি                দ্বাৰা সমথিওঁত আছিল ।

উত্তৰঃ থৰ্ণডাইক।


( খ ) গেষ্টান্ট এটা              শব্দ । 

উত্তৰঃ জাৰ্মান।


( গ ) অনুশীলনৰ নীতি                 দ্বাৰা প্রকাশিত হৈছিল । 

উত্তৰঃ এডাৱৰ্ড লী থৰ্ণডাইক


( ঘ ) অভিজ্ঞতাৰ যােগেদি                    সংশােধনেই হৈছে শিক্ষণ ।

উত্তৰঃ আচৰণ।


( ঙ )                      শিক্ষণৰ অনুবন্ধন ( মৌলিক ) তত্ত্বৰ এজন প্রবর্তক আছিল ।

উত্তৰঃ আইলভাৰ পেভলভ।


Answered By : Himashree Bora.