নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা



আৰম্ভণি-

শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। শিক্ষাই মানুহৰ জীৱন নিয়ন্ত্ৰন কৰে, পৰিচালনা কৰে আৰু ভৱিষ্যতৰ গতি নিৰ্ধাৰন কৰে।এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। সেই শিক্ষা ব্যৱস্থাৰ লগতে বিশেষভাবে গুৰুত্বপূৰ্ণ হৈছে মহিলাসকলৰ শিক্ষা। মহিলাসকলৰ শিক্ষাৰ ওপৰত দেশখনৰ আভ্যন্তৰীন বিকাশ নিৰ্ভৰ কৰে। মহিলাসকল শিক্ষিত হৈ নুঠিলে দেশখন শিক্ষিত হ’ব নোৱাৰে। মহিলাসকল শিক্ষিত হ’লেহে তেঁওলোকৰ মাধ্যমেৰে সমাজৰ আন এটা গোষ্ঠীলৈ শিক্ষা সম্প্ৰসাৰিত হব। মাতৃ হ’ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী। জন্মৰ পৰা বিদ্যালয়লৈ যোৱা সময়খিনিলৈ শিশুৰ বিকাশৰ ক্ষেত্ৰত মাকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে মাতৃসকলৰ শিক্ষা শিশুৰ বাবে বেছি প্ৰয়োজনীয়। মাতৃয়ে আদৰ্শৰ প্ৰতীক ৰূপে শিশুৰ মনত ধৰা দিয়ে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, “শিশু শিক্ষাৰ সমস্যা সমাধান কৰিবলৈ হ’লে নাৰী শিক্ষাৰ সমস্যা দূৰ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ দেশত প্ৰকৃত মাতৃ শিক্ষয়িত্ৰী সৃষ্টি নহয় তেতিয়ালৈকে আমি যিমানেই স্কুলত শিক্ষা নিদিও লাগিলে, শিক্ষা ফলপ্ৰসু হব নোৱাৰে বুলি কবলৈ মই কুন্ঠাবোধ নকৰো।” মহিলাসকল সমাজৰ এক অবিচ্ছেদ্য অংগ। পুৰুষে যেনেকৈ সমাজৰ বিকাশত সহায় কৰে তেনেকৈ মহিলাসকলেও সমাজৰ বিকাশত অৰিহনা যোগায়। মহিলাসকল শিক্ষিত হ’লেহে শিশুসকল শিক্ষিত হব আৰু শিশুসকল শিক্ষিত হ’লেহে দেশৰ পৰা নিৰক্ষৰতাৰ দৰে সামাজিক ব্যাধি আঁতৰ হব।পণ্ডিত জৱাহৰলাল নেহেৰুৰ মতে, “এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে হ’ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা।”নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত এই কথাষাৰ বিশেষভাৱে প্ৰযোজ্য৷শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে৷জগতৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে নিজকে যোগ্যবান কৰি তোলাৰ একমাত্ৰ মাধ্যম শিক্ষা৷সু-শিক্ষাই মানুহক পশুত্বৰ পৰা দেৱত্বৰ শাৰীলৈ উন্নীত কৰে৷অন্ধৰ লাখুটিস্বৰূপ শিক্ষা,সেয়েহে পুৰুষ নাৰী নিৰ্বিশেষে সকলোৰে বাবে অতি আৱশ্যকীয়৷



নাৰী শিক্ষাৰ ক্ষেত্ৰত জাগৰণ-

 পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰাত এগৰাকী নাৰীৰ ভূমিকা অপৰিসীম।শিক্ষিত নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতহে একোটা সুস্থ পৰিয়াল,পৰিয়ালৰ পৰা সমাজ,সমাজৰ পৰা দেশ গঠন হোৱাটো সম্ভৱ৷ কিন্তু আমাৰ সমাজত নাৰী শিক্ষাৰ গুৰুত্ব কিমান! একাংশ মাক-দেউউতাকৰ মন্তব্য, “ছোৱালী পঢ়ি-শুনি কি কৰিব, দুদিন পিছত বিয়া দিব লাগিব।” এনেকুৱা পৰিস্থিতিত কিমানজনী ছোৱালীয়ে নিজৰ শিক্ষা সমাপ্ত কৰিব পাৰিব! বছৰ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত নাৰী অবহেলিত হৈ আহিছে। বৰ্তমান সময়ত শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে ৫-১৪ বছৰৰ সকলো শিশুৰে শিক্ষাদান বাধ্যতামুলক কৰা হৈছে যদিও এই আচনিয়ে বিভিন্ন কাৰনবশত বহুসংখ্যক শিশুকে ঢুকি পোৱা নাই, বিশেষকৈ ছোৱালীবোৰক। ২০১১ চনত অসমত শিক্ষিতৰ হাৰ আছিল ৭৩.১৮%। পুৰুষৰ হাৰ হ’ল ৭৮.৮১% আৰু মহিলাৰ হাৰ ৬৭.২৭%। শিক্ষিতৰ হাৰ পুৰুষৰ তুলনাত মহিলাৰ নিম্নগামী। নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা আজিও আমাৰ সমাজত বিদ্যমান। যদিও মহিলা আৰু পুৰুষৰ সম-অধিকাৰৰ কথা কোৱা হয়, কাৰ্যক্ষেত্ৰত কিন্তু স্ত্ৰী-পুৰুষৰ মাজৰ বৈষম্য আজিও আঁতৰ হোৱা নাই। পিতৃ-মাতৃয়ে কন্যা সন্তানক শিক্ষানুষ্ঠানলৈ পঠোৱাত হেলা কৰা দেখা যায়। মহিলা সকলৰ বাবে সুকীয়া শিক্ষানুষ্ঠানৰ অভাৱেও নাৰী শিক্ষাৰ বিকাশত সমস্যাৰ সৃষ্টি কৰিছে। যিসকল অভিভাৱক আৰ্থিক ভাৱে দুৰ্বল তেঁওলোকে ল’ৰা সন্তানটোকহে কোনোমতে পঢ়াৰ সুবিধা দিয়ে,ছোৱালীৰ ক্ষেত্ৰত মনোযোগ নিদিয়ে। কিছুমান অঞ্চলত কুসংস্কাৰ আৰু ৰক্ষণশীল মনোভাবৰ বাবে নাৰীয়ে পৰ-পুৰুষক মুখ দেখুৱাব নোৱাৰে বুলি শিক্ষানুষ্ঠানত যোৱাৰ পৰা বিৰত থাকে। কিছুমান অভিভাৱকৰ অজ্ঞতা আৰু নিৰক্ষৰতাৰ বাবে নাৰী শিক্ষাৰ সমস্যাৰ সৃষ্টি হয়। আন একাংশ অভিভাৱকে তেঁওলোকৰ কন্যা সন্তানজনীক পঢ়া-শুণাতকৈ বিয়া দিয়াতহে বেছি আগ্ৰহী হোৱা দেখা যায়। নাৰীশিক্ষাৰ বিকাশৰ ক্ষেত্ৰত নানা ধৰণৰ অন্তৰায় পৰিলক্ষিত হয়।এই অন্তৰায়সমুহ আঁতৰাবৰ বাবে নাৰী শিক্ষাত উদ্ভৱ হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবে বিজ্ঞানসন্মত দৃষ্টিভংগী হাতত ল’ব লাগিব। দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত গুৰুত্ব দি অৰ্থনৈতিক দিশত সমাজখনক আগুৱাই নিয়াৰ চেষ্টা কৰিব লাগিব। নাৰী-পুৰুষৰ মাজত থকা ভেদভাৱ আৰু সমাজৰ পৰা কুসংস্কাৰ আৰু ৰক্ষণশীল মনোভাব আঁতৰ কৰি এক সুস্থ পৰিবেশ সৃষ্টি কৰিব লাগিব। নাৰীশিক্ষাৰ প্ৰসাৰৰ বাবে নাৰীশিক্ষাৰ বিকাশৰ ক্ষেত্ৰত থকা সমস্যা সমুহ দূৰ কৰি নাৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পাৰিলে এই সমস্যা সমুহ সমাধান হব। এইক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক সকলৰ লগতে সামাজিক সহযোগিতা নিত্যান্ত প্ৰয়োজন। তেতিয়াহে নাৰী জাতিৰ শিক্ষাৰ আকাশৰ কলীৱা ডাৱৰ আঁতৰ হব আৰু নাৰীয়ে সমাজৰ উন্নতিত হাত আগবঢ়াব পাৰিব। এগৰাকী শিক্ষিতা মহিলাৰ চিন্তাধাৰা, ভাবভংগী যিকোনো দিশতে এগৰাকী অশিক্ষিতা মহিলাতকৈ বহুগুণে ওপৰত। এগৰাকী শিক্ষিতা মহিলাৰ আত্মবিশ্বাস আৰু আত্মনির্ভৰশীলতা বহু বেছি। যিকোনো বিষয় তেওঁলোকে সমালোচনাৰ দৃষ্টিভংগীৰে ফঁহিয়াই চাই নিজে সিদ্ধান্ত ল’ব পাৰে। এগৰাকী শিক্ষিতা নাৰীয়েহে দৈনন্দিন জীৱনৰ ঠেক পৰিসৰ ভাঙি চুৰমাৰ কৰি দিব পাৰে। শিক্ষাই ঘৰৰ চাৰি বেৰৰ দেৱালৰ মাজত আৱদ্ধ এগৰাকী নাৰীৰ বাবেই সুন্দৰ বর্হিজগতত প্ৰৱেশ কৰা এক উন্মুক্ত দ্বাৰ। এগৰাকী শিক্ষিত নাৰীয়ে দেশৰ আইন কানুনবোৰ ভালদেৰ বুজিব বাৰে। নাৰী জাগৰণ তথা নাৰী সবলীকৰণো শিক্ষিতা মহিলাইহে আনিব পাৰে। দৰিদ্ৰতা দূৰীকৰণ, স্বাস্থ্য, সমতা, সুস্থিৰ অর্থনীতি, পুষ্টিহীনতা, মহিলা সবলীকৰণ আদি বিভিন্ন দিশত শিক্ষাই এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।


 সাম্প্ৰতিক নাৰীৰ স্হিতি-

গোলকীকৰণৰ প্ৰভাৱে আজি ভাৰতীয় অধিকাংশ নাৰীক পাশ্চাত্য সংস্কৃতি আকোঁৱালি ল’বলৈ প্ৰৰোচিত কৰিছে৷বহুজাতিক পাশ্চাত্য সংস্হাবোৰৰ উৎপাদিত বিলাসী সামগ্ৰীবোৰ হাততে পোৱা কৰি দিয়াত এফালে ভোগবাদী সংস্কৃতিয়ে এচাম নাৰীক পণ্যলৈ পুনৰ ৰূপান্তৰিত কৰিছে৷ইয়াৰ বিপৰীতে এচাম নাৰীয়ে সামান্যতম শিক্ষাৰ পৰাও বঞ্চিত হৈ হাড় ভগা পৰিশ্ৰম কৰিও প্ৰাপ্য অৰ্থ নাপাই ক্ষুধাত দিন কটাইছে৷নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ঢাক ঢোল বজোৱাৰ সময়তে ভাৰতৰ বিভিন্ন চুকে-কোণে ডাইনী হত্যা,শিশু কন্যা বধ,শিশু কন্যা ভ্ৰূণ হত্যা,ধৰ্ষণ,যৌতুকৰ বাবে বোৱাৰী হত্যা আদি পৰিঘটনা সঘনাই ঘটিব ধৰিছে৷কন্যা বৰ্ষ,৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাসংগিকতা এনে ক্ষেত্ৰত উপহাস বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷


নাৰী শিক্ষা প্ৰসাৰণৰ বাবে কৰণীয় দিশ-

নাৰীয়ে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ বিপক্ষে থিয় হ’বলৈ প্ৰতিগৰাকী নাৰী হ’ব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিতা৷শিক্ষাই দিয়া সজাগতাৰ জৰিয়তে নাৰীয়ে ভোগ কৰিবলৈ ওলাই আহিব লাগিব সাংবিধানিক স্বাধীনতা৷প্ৰাপ্ত বয়স্ক শিক্ষা নীতিৰ জৰিয়তে বয়স্ক মহিলাসকলে প্ৰাথমিক শিক্ষা আদিপাঠ লৈ আত্ম-সহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ পথ সম্প্ৰতি প্ৰশস্ত হৈছে৷কেৱল প্ৰাত্যহিক ঘৰুৱা কামতে নিজক আৱদ্ধ নাৰাখি প্ৰতিগৰাকী নাৰীয়ে স্ব-আৰ্জিত শিক্ষাৰ জৰিয়তে সমজুৱাকৈ শিল্প বাণিজ্যত মনোনিৱেশ কৰিলে অৰ্থনৈতিক স্হিতি সবল হোৱাৰ লগতে সমাজৰো উন্নতি হ’ব৷কেৱল পুথিগত শিক্ষাই মূল ভেটি বুলি ভবাৰ দিন এতিয়া উকলিল৷শিল্পগতভাৱে আয়ত্ত কৰা হস্তবিদ্যাৰ জৰিয়তে মহিলাসকলেও পুৰুষৰ সমানে আগবাঢ়ি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব লাগিব৷প্ৰচাৰ মাধ্যমৰ জৰিয়তে নাৰী শিক্ষাৰ গুৰুত্ব সম্পৰ্কে গাঁৱে-ভূঞে জাগৰণৰ সৃষ্টি কৰাব লাগিব৷উপযুক্ত বয়সত প্ৰতিগৰাকী কন্যা শিশু বিদ্যালয়লৈ গৈছে নে নাই দৃষ্টি ৰাখিব লাগিব৷দৰিদ্ৰ সীমাৰেখাৰ তলৰ কন্যাক শিক্ষাৰ উচ্চতম পৰ্যায়লৈকে চৰকাৰীভাৱে মাছুল ৰেহাই দিয়া বা বৃত্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক দিশত কাম কৰাৰ পথ নাৰীৰ বাবে মুক্ত ৰাখিব লাগিব৷তেতিয়াহে নাৰী শিক্ষাৰ প্ৰাসংগিকতা প্ৰকৃতাৰ্থত সফল হ’ব৷


 সামৰণি-

মন কৰিবলগীয়া কথা এয়ে যে শিশুৰ অধিকাৰ আইন, সাক্ষৰ ভাৰত মিছন বা অন্য কোনো শিক্ষা বিষয়ক আঁচনিয়ে হওক বিভিন্ন কাৰণ বশত এতিয়াও সম্পূর্ণৰূপে সফল হ’ব পৰা নাই। আজি শিশুৰ অধিকাৰ আইনে শিশুৰ শিক্ষা বাধ্যতামূলক কৰিছে যদিও এতিয়াও সকলো শিশুকে সামৰি ল’ব পৰা নাই। ঠিক তেনেদৰে সাক্ষৰ ভাৰত মিছনেও এতিয়াও বহুত ভিতৰুৱা ঠাইৰ মহিলাসকলক চুবগৈ পৰা নাই। তাৰ বাবে অকল চৰকাৰ বা সমাজখনক দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়। চৰকাৰী কার্যসূচী বা আইন প্ৰণয়নৰ ওপৰত ভৰষা কৰি বহি থাকিলে নাৰী শিক্ষা সম্ভৱ নহয়। তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকে সচেতন হ’ব লাগিব। সমাজৰ প্ৰতিগৰাকী লোকে স্ত্ৰী শিক্ষাৰ বিস্তাৰৰ বাবে হাতে কামে লাগিব লাগিব। তেতিয়াহে নাৰীশিক্ষাৰ সুফল পোৱা যাব। নাৰী শিক্ষাৰ বাবে অন্তৰায় হৈ পৰা সমস্যাসমূহ সমাধানৰ বাবে বিজ্ঞানসন্মত পদ্ধিত আমি হাতত ল’ব লাগিব। আমি বিভিন্ন নাৰী সংগঠনে ঠায়ে ঠায়ে কর্মশালা, সজাগতা শিবিৰ, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি নাৰীসকলক অনুপ্ৰাণিত কৰাব পাৰিলে নিশ্চয় মহিলাসকল আগবাঢ়ি আহিব। বিভিন্ন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যোগেদি নাৰীসকলক বৃত্তিমূলক প্ৰশিক্ষণ দি আত্মনির্ভৰশীল কৰাব পাৰিলে কিছু সুফল পোৱা যাব। নহ’লে অদূৰ ভৱিষ্যতে এই নিৰক্ষৰ লোকসকল সমাজৰ বোজা হৈ পৰিব। দেশৰ প্ৰগতিত হেঙাৰ হৈ পৰিব। নাৰী জাতি শিক্ষিত হ’লেহে দেশৰ উন্নয়নত হাত আগবঢ়াব পাৰিব।


Sangeeta Das

(M.A in Assamese)