ভাৰতৰ নিবনুৱা সমস্যা


আৰম্ভণিঃ

বৰ্তমান গোটেই ভাৰতবৰ্ষতেই মূৰ দাঙি উঠা সমস্যাটোৱেই হ’ল নিবনুৱা সমস্যা৷অতিৰিক্ত জনসংখ্যা বৃদ্ধি,শিল্পায়নৰ অভাৱ আদিৰ ফলত চৰকাৰী পদবীত নিয়োগ বন্ধ আদিয়ে এই সমস্যাক সমাধানহীন কৰি তুলিছে৷এই সমস্যা দূৰ কৰিব নোৱাৰিলে দেশত ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা,দুৰ্নীতি আদি ৰোধ কৰিব পৰাটো সম্ভৱ নহ’ব৷


নিবনুৱা সমস্যাৰ কাৰণঃ

নিবনুৱা সমস্যাৰ কাৰণ মূলতঃ জনসংখ্যাৰ অত্যাধিক বৃদ্ধি৷ভাৰতত নিজ দেশৰ নাগৰিক সকলৰে পানীত হাঁহ নচৰা অৱস্থা,তাতে আকৌ ওচৰ চুবুৰীয়া দেশ বাংলাদেশ,নেপাল আদিৰ পৰা যথেষ্ট সংখ্যক বিদেশী নাগৰিক ভৰি পৰিছে৷ইমানবিলাক মানুহক কৰ্মসংস্হাপন দিয়াটো সহজ নহয়৷চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতাৰ কৃপাধন্য এই বিদেশী নাগৰিকক নিজৰ দেশৰ নাগৰিক সজাই কৰ্মসংস্থাপনৰ সুবিধা কৰি দি নিজ দেশৰ যুৱক যুৱতীসকলক পথভ্ৰষ্ট কৰাত এই শক্তিবোৰে ইন্ধন যোগাই আহিছে৷

যন্ত্ৰৰ প্ৰসাৰো নিবনুৱা সমস্যাৰ অন্য এক কাৰণ৷যন্ত্ৰই এশজন মানুহৰ কাম অকলেই কৰিব পৰা হৈছে৷ইয়াৰ ফলত চৰকাৰী দপ্তৰ,শিল্পক্ষেত্ৰ সকলোতে নিয়োগৰ সুবিধা কমি গৈছে৷ব্যক্তিগত মালিকানাত গঢ় লৈ উঠা শিল্প উদ্যোগবোৰে কৰা যন্ত্ৰপাতিৰ ব্যৱহাৰে শ্ৰমিকক বিশেষ মাধমাৰ শোধাইছে৷ইয়াৰ ফলত সহজে শ্ৰমিকসকলক কামৰপৰা অব্যাহতি দি তেওঁলোকক নিবনুৱা শ্ৰেণীভুক্ত কৰোৱা হৈছে৷

ভাৰতৰ কৃষিৰ অনগ্ৰসৰতা নিবনুৱা সমস্যাৰ আন এক কাৰণ৷উপযুক্ত জলসিঞ্চনৰ অভাত বছৰৰ মাত্ৰ কেইটামান দিনহে খেতিয়কসকলে খেতিৰ কামত ব্যস্ত থাকে৷বাকী সময়ত তেওঁলোক কৰ্মসংস্হানহীন হৈ পৰে৷উপযুক্ত যন্ত্ৰপাতিৰ ব্যৱহাৰ,জলসিঞ্চনৰ সুবিধা আদিৰ যোগেদি কৃষি ব্যৱস্থাৰ  উন্নতি সাধন কৰিব পাৰিলে কৃষকসকল তাতেই নিয়োজিত হৈ নিবনুৱা সমস্যাৰ কিছু সমাধান কৰিব পাৰিলেহেঁতেন৷


নিবনুৱা সমস্যাৰ প্ৰতিকাৰঃ

নিবনুৱা সমস্যাই দেশৰ উৎপাদন নৈপুণ্য বিনষ্ট কৰি সমাজ জীৱন তথা ৰাষ্ট্ৰীয় জীৱনলৈ আনে গভীৰ নৈৰাশ্য আৰু ইয়াৰ যোগেদি সম্প্ৰসাৰিত হয় অশান্তি,বিচ্ছিন্নতাকামী মনোভাৱ৷এই সমস্যা সমাধানৰ প্ৰতি চৰকাৰ সচেতন হ’লেই আন সমস্যাবোৰো লাহে লাহে সমাধানৰ দিশলৈ আগবাঢ়ে৷গতিকে চৰকাৰে নতুন নতুন সংস্হাপনৰ সুবিধা সৃষ্টি কৰিবলৈ চৰকাৰী খণ্ডত বিভিন্ন শিল্প উদ্যোগ স্হাপন কৰাৰ লগতে ব্যক্তিগত খণ্ডত শিল্প উদ্যোগবোৰক ঠন ধৰি উঠাত সহায় কৰিব লাগিব৷কৃষিৰ উন্নতিৰ যোগেদি গাঁৱলীয়া কৃষকসকলক সংস্হাপন দিবলৈ উপযুক্ত জলসিঞ্চন ব্যৱস্থা,বানপানী প্ৰতিৰোধ আদি দিশলৈ চকু দিব লাগিব৷কাৰিকৰী শিক্ষাই নিবনুৱা সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে৷আমাৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি কাৰিকৰী শিক্ষাৰ বিভিন্ন প্ৰতিষ্ঠান গঢ়ি তুলিব লাগিব৷


সামৰণিঃ

উপযুক্ত পৰিকল্পনাৰ যোগেদি নিবনুৱা সমস্যা প্ৰতিহত কৰিবই লাগিব৷বেংকবোৰেও কম সুতত ঋণ আদিৰ ব্যৱস্থা কৰি নিবনুৱাসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে৷তেতিয়াহে দেশৰ এনে জলন্ত সমস্যাৰ সমাধান আশা কৰিব পাৰি । 


Sangeeta Das

(M.A in Assamese)