Chapter: 4

শিক্ষণ (Learning)


প্ৰশ্নাৱলী

A. তলৰ প্ৰশ্নসমূহৰ ভুল / শুদ্ধ নির্ণয় কৰাঃ 

১। শিক্ষণ হৈছে আচৰণৰ এক সংশােধন মাত্র । 

উত্তৰঃ 

২। শিক্ষণ হৈছে এক সার্বজনীন প্রক্রিয়া ।

উত্তৰঃ  শুদ্ধ । 

৩। ব্যক্তিৰ আগ্রহ , মনােযােগ হৈছে শিক্ষণৰ মনােবৈজ্ঞানিক উপাদান ।

উত্তৰঃ 

৪। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপােষক হ’ল আইভান , পেলভ । 

উত্তৰঃ অশুদ্ধ ।


৫। আমেৰিকাৰ শিক্ষাবিদ এডৱাৰ্ড লী থর্ণডাইক অনুবন্ধন পদ্ধতিৰ পৃষ্ঠপােষক আছিল ।

উত্তৰঃ অশুদ্ধ । 

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিয়ে সামগ্রিক ধাৰণাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল । 

উত্তৰঃ 

৭। প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে যান্ত্রিক প্রক্রিয়াৰ পৰিণতি । 

উত্তৰঃ অশুদ্ধ । 

৮। মনােবিজ্ঞানী কহিলাৰে পৰীক্ষা - নিৰীক্ষা কৰা চিম্পাঞ্জীটোৰ নাম আছিল ‘ চুলতান ’ ।

উত্তৰঃ 

৯। অন্তৰ্দৰ্শন পদ্ধতি এক উচ্চখাপৰ শিক্ষণ পদ্ধতি । 

উত্তৰঃ শুদ্ধ ।

১০। আইভান পি , পেল এগৰাকী জার্মান মনােবিজ্ঞানী আছিল । 

উত্তৰঃ 


B. খালী  ঠাই পুৰ কৰাঃ

১। গেইটেছৰ মতে , শিক্ষণ হৈছে                   জৰিয়তে কৰা সংশােধন মাত্র ।

উত্তৰঃ অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ।

২। শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপােষক হ’ল                  ।

উত্তৰঃ এডৱাৰ্ড লী থৰ্ণডাইক।

৩। এডৱাৰ্ড লী থণাইক এগৰাকী            মনােবিদ আছিল ।

উত্তৰঃ

৪। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক               প্রক্রিয়া । 

উত্তৰঃ

৫। 'গেষ্ট্ৰাল্ট' শব্দৰ অৰ্থ হৈছে               ।

উত্তৰঃ একেলগ কৰা।

৬।'গেষ্ট্ৰাল্ট' শব্দটো এটা               শব্দ।

উত্তৰঃ জাৰ্মান।

৭। অন্তদৃষ্টি জাগৰণৰ বাবে মানসিক প্রক্রিয়া , পৃথকীকৰণ আৰু                  প্ৰয়োজন ।

উত্তৰঃ 

৮। ক'হলাৰ               নামৰ কিতাপখনত সামগ্রিকতাবাদ পৰীক্ষাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ আফ্ৰিকাৰ 'টেনেৰিফ'।

৯। ক'হলাৰ , কাফ্কা আৰু              সামগ্রিকতাবাদৰ প্রধান পৃষ্ঠপােষক ।

উত্তৰঃ জাৰ্মানীৰ।

১০।                    মনােবিজ্ঞানী পেভ্লভ্ অনুবন্ধনবাদৰ মূল পৃষ্ঠপােষক । 

উত্তৰঃ শৰীৰতত্ত্ববিদ।

১১। এড্ৱাৰ্ড লী থৰ্ণডাইক                পদ্ধতিৰ পৃষ্ঠপােষক আছিল ।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ।


C. চমু উত্তৰ দিয়াঃ

 ১। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ শিক্ষণৰ দুটা বৈশিষ্ট্য হ'ল -

১। বিকাশশীল প্রক্রিয়া [Development]: শিক্ষণ এক বিকাশশীল প্রক্রিয়া। যেনেকৈ আমি শাৰীৰিক আৰু মানসিকভাৱে বিকশিত হওঁ, ঠিক তেনেকৈ শিক্ষণো ক্রমাগতভাৱে বিকাশ হয়।

২। সমাযোজন প্রক্রিয়া [Adjustment] : শিক্ষণ এক সমাযোজন প্ৰক্ৰিয়া। শিক্ষণৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ক্ৰিয়া-আচৰণৰ সংশোধন ঘটাই নতুন পৰিৱেশত সমাযোজন হ’বলৈ সক্ষম হয়।

 ২। শিক্ষৰ এটা সংজ্ঞা উল্লেখ কৰা । 

উত্তৰঃ মানৰ (Munn)  মতে, '' শিক্ষণ মানে আচৰণৰ আৰু অভিজ্ঞতাৰ সংশোধন ।''


৩। শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা ।

উত্তৰঃ  বংশগত প্ৰভাৱ আৰু ছাত্ৰ-ছাত্ৰীৰ বয়স ।


 ৪। শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা । 

উত্তৰঃ শিক্ষণৰ দুটা বাহ্যিক কাৰক হ'ল-

স্কুলৰ প্ৰভাৱ আৰু পৰিয়ালৰ প্ৰভাৱ ।

৫। শিক্ষণৰ দুটা প্রকাৰ উল্লেখ কৰা । 

উত্তৰঃ শিক্ষণৰ দুটা প্রকাৰ তলত উল্লেখ কৰা হ'ল -

 ১। কৌশলপূর্ণ শিক্ষণ [Skill Learning]: এনেবোৰ শিক্ষণ কাৰ্য্যত আমি নিজে সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। ইয়াৰ দ্বাৰা আমাৰ সংবেদনাত্মক সংশোধন আৰু অংগ সঞ্চালন কাৰ্য্য উন্নীত কৰিব পাৰি। কথা-কোৱা, পঢ়া, লিখা আৰু কোনো কামত জড়িত হোৱা শিক্ষণসমূহ হৈছে কৌশলপূর্ণ শিক্ষণৰ অন্তৰ্গত।

২। সংবোধনাত্মক শিক্ষণ [Perceptual Learning] : জ্ঞানক সঠিক ৰূপত বুজি পাবলৈ হলে, ব্যক্তিয়ে নিৰীক্ষণ, সংবোধন আৰু চিনাক্তকৰণ কৰিব লাগিব। ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা সংবেদন অনুভূতিক ব্যক্তিয়ে যেতিয়া অৰ্থপূৰ্ণ কৰি তুলিব পাৰে, তেতিয়াই সংবোধনাত্মক শিক্ষণ লাভ কৰে। এনে শিক্ষণে সংবেদন অনুভূতিক জ্ঞানযুক্ত আৰু অৰ্থপূৰ্ণ কৰি তোলে। 

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য  তলত  উল্লেখ কৰা হ'ল -

১। প্রচেষ্টা আৰু ভুল পদ্ধতি এক ক্রমাগত আৰু যান্ত্রিক পদ্ধতি। 

২। অনুশীলন নীতিৰ ব্যাপকভাৱে প্ৰয়োগ কৰা হয়।


 ৭। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা । 

উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ হ'ল - 

(১) এই পদ্ধতি যান্ত্ৰিক আৰু অন্ধ প্ৰচেষ্টাৰ পৰিণতি। গতিকে ইয়াক বুদ্ধি নাইবা বোধশক্তিৰ ওপৰত প্ৰাধান্য দিয়া নহয়।

(২) উচ্চশিক্ষা লাভত এই পদ্ধতিৰ গুৰুত্ব তেনেই কম।


৮। অন্তর্দর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ অন্তর্দর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল -

১।শিক্ষণ এক তাৎক্ষণিক/হঠাৎ হোৱা কাৰ্যৰ ফল। ।

 ২।এই পদ্ধতিয়ে শিক্ষণৰ সামগ্ৰিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিছে।

৯। অন্তর্দর্শন পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা ।

উত্তৰঃ 

 ১০। অনুবন্ধন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা ।

উত্তৰঃ ১। শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতঃপ্রোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে।

 ২। অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ, সৎ আচৰণ আয়ত্তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি ৷

 ১১। থর্নডাইকৰ শিক্ষণ নীতি দুটা উল্লেখ কৰা ।

উত্তৰঃ  প্রস্তুতিৰ নীতি, ফলাফলৰ নীতি ।


 ১২। “ গেস্টাল্ট ” শব্দৰ অৰ্থ লিখা । 

উত্তৰঃ 'গেষ্টাল্ট' শব্দটো এটা জার্মান শব্দ যাৰ অৰ্থ হৈছে ‘একেলগ কৰা।

১৩। পৰিপক্কাতা মানে কি বুজায় ?

উত্তৰঃপৰিপক্কতা হ’ল বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতাই এনে কিছুমান আচৰণৰ পৰিৱৰ্তনৰ প্রক্রিয়াক বুজায়, যিবিলাক কোনো পূর্ব অভিজ্ঞতাভিত্তিক নহয় অথবা এই আচৰণসমূহ সম্পাদনৰ বাবে কোনো প্রশিক্ষণলব্ধ অভিজ্ঞতাৰো প্ৰয়োজন নহয়।  

১৪। অনুবন্ধনৰ দুটা বৈযিস্ট্য় লিখা ।

উত্তৰঃ

 ১। অনা-অনুবন্ধিত প্রতিক্রিয়া নিজে নিজে সৃষ্টি হয়।


২। অনুবন্ধিত প্রতিক্রিয়া শিক্ষণীয় অভিজ্ঞতাৰ দ্বাৰা জাগ্রত হয়। অর্থাৎ অনুবন্ধিত           প্রতিক্রিয়া শিক্ষালব্ধ৷

৩। অনুবন্ধিত ক্রিয়াক স্থায়ী আৰু শক্তিশালী কৰিবলৈ হ'লে অনুশীলনৰ প্ৰয়োজন।

৪। অনুবন্ধিত ক্রিয়াত কোনো উচ্চস্তৰৰ মানসিক যোগ্যতাৰ প্ৰয়োজন নহয়।


১৫। অনুশীলনীৰ নীতি মানে কি ? 

উত্তৰঃ এই নীতিয়ে বিশ্বাস কৰে যে শিক্ষণৰ বাবে অনুশীলনৰ প্ৰয়োজন। এই নীতিৰ মতে যদিহে অনুশীল চলি থাকে শিক্ষণ প্ৰক্ৰিয়াও শক্তিশালী হয়। আনহাতে, অনুশীলন বা চৰ্চা এৰি দিলে শিক্ষণ প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে।  


D.  প্রশ্নঃ উত্তৰ দিয়াঃ 

১। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা হয় চমুকৈ লিখা । 

উত্তৰঃ প্রচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ সম্ভৱপৰ। এই পদ্ধতিৰ সহায়ত শিক্ষণ য়ে সম্ভৱ হয় তাক প্ৰমাণ কৰিবলৈ থর্নডাইকে কৰা এটা পৰীক্ষাক উদাহৰণ স্বৰূপে ল'ব পাৰো। এটা ভোকাতুৰ মেকুৰীক তেওঁ কৌশলপূৰ্ণ বাকচত আৱদ্ধ কৰি ৰখা হ’ল। বাকচটোৰ বাহিৰত এটা পাত্ৰত মেকুৰীটোৱে দেখাকৈ এটুকুৰা মাছ থৈ দিয়া হ'ল। বাককটৰো দুৱাৰখন এনে এটা উপায়েৰে বন্ধ কৰা হ’ল যাতে এডাল ৰছী টনা গ'লেই দুৱাৰখন খোল খায়। ভোকাতুৰ মেকুৰীটোৱে মাছ টুকুৰা দেখাৰ লগেই তাক খাবলৈ বিচাৰি বাকচটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলে। মেকুৰুীটোৱে এনেদৰে জপিয়াই, খুন্দিয়াই দুৱাৰখন খুলিবলৈ চেষ্টা কৰি বহু সময় অতিক্রম কৰাৰ অন্তত এবাৰ আকস্মিকভাৱে ৰছীড়ালত টনা গ'ল আৰু দুৱাৰখন খোল খালে।মেকুৰীটোৱে মাছ টুকুৰা খাবলৈ সক্ষম হ’ল। এনেদৰে একেটা প্ৰক্ৰিয়া কেইবাদিনো ধৰি মেকুৰীটেৰ লগত কৰা হ'ল আৰু মেকুৰীটোৱে এনদৰেই চেষ্টা চলাই থাকিল। অৱশেষত এনে এটা সময় আহিব, মেকুৰীটোৰ ভুলৰ সংখ্যা কমি আহিব আৰু শেষত এবাৰো ভুল কৰিব। ওপৰৰ উদাহৰণটোৰ পৰা আমি বুজিব পাৰো যে জীৱ-জন্তু আদিয়ে নতুন কিবা এটা শিকোতে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰাই শিবি পাৰে। গতিকে প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিক্ষণ সম্ভৱপৰ বুলি ক'ব পাৰি।

২। অন্তৰ্দৰ্শন পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি ? চমুকৈ লিখা । 

উত্তৰঃ 

৩ । অনুবন্ধন কি ? ইয়াৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি ? চমুকৈ লিখা ।

উত্তৰঃ অনুবন্ধন মানে হ'ল -

ব্যক্তিৰ ব্যক্তিত্বৰ গুণ, নিয়মিত খোৱা-বোৱা, খেলা-ধূলা, সৎ আচৰণ আয়ত্তব আত্মসংযম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সহযোগিতা আদি বিভিন্ন কাৰ্য্য অনুবন্ধনৰ ফলতেই হোৱা বুলি পাৰি। আনহাতে আমাৰ গ্রহণযোগ্য মনোভাৱ, মূল্যবোধ, বিশ্বাস, আদি বিকাশতো অনুবন্ধনৰ ভূমিকা উল্লেখযোগ্য।

অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য হ'ল -

শিশুৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে। ভাষা শিক্ষণ, প্রাথমিক সাংখ্যিক বা গাণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্ৰদান কৰিব পাৰি। শিক্ষণীয় ব্যৱস্থাত শ্ৰৱণ-দৰ্শন সঁজুলি প্রয়োগ কালত এই পদ্ধতিৰ সহায় ল’ব পাৰি। উদাহৰণস্বৰূপে, ‘গৰু’ শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে ‘গৰুৰ এখন ছবি’ আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে। কিছুসময় তেনে কৰাৰ পিছত কেৱল ‘গৰু’ শব্দটো উচ্চাৰণ কৰিলে (‘ছবিখন’ নেদেখুৱাই) ছাত্র-ছাত্রীসকলে স্বাভাৱিকতেই চিঞৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু ‘গৰু’ শব্দটো উচ্চাৰণ কৰিব। গতিকে ছাত্র-ছাত্রীয়ে অনুষঙ্গ স্থাপন কৰি প্রত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল। 

    নুবন্ধন পদ্ধতিয়ে সমস্যা, অপৰাধ প্ৰৱণতা আৰু অন্যান্য বাধাগ্রস্ত ল'ৰা-ছোৱালীৰ প্ৰতিকাৰ আৰু চিকিৎসা প্রদানতো সহায় কৰিব পাৰে। চমুকৈ আমি ক’ব পাৰোঁ যেঃ—


১। শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতঃপ্রোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে।

২। অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ, সৎ আচৰণ আয়ত্তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি।

৩। গ্রহণযোগ্য আৰু ভাল অভ্যাস, আগ্রহ সৃষ্টি কৰিবলৈ অনুবন্ধন পদ্ধতি অতি প্রয়োজনীয়। শিক্ষকে ছাত্ৰ-ছাত্ৰীক মৰম আৰু সহানুভূতিৰে তেওঁলোকে আয়ত্ত কৰিব নোৱাৰা জ্ঞান ভালদৰে বুজাই দিয়া উচিত। সেইদৰে বেয়া অভ্যাস আঁতৰ কৰিবলৈও এই পদ্ধতিৰ সহায় ল'ব পাৰি।


৪। অনুশীলন নীতিৰ অৰ্থ আৰু শ্ৰেণীকোঠাৰ প্ৰয়ােজনীয়তা সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ 

৫। প্রস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ যেতিয়া ব্যক্তিয়ে কোনো কাম কৰিবলৈ ইচ্ছুক হয় আৰু কৰিবলৈ সুবিধা পায়, তেতিয়া সেই কামটো কৰিবলৈ পালে তেওঁৰ শিক্ষা অধিক আনন্দময়, খৰতকীয়া আৰু সহজ হৈ পৰে। আনহাতে, তেওঁ যদি শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী নহয় অর্থাৎ শিকিবৰ বাবে নহয়; কিন্তু শিকিবলৈ বাধ্য কৰোৱা হয় তেন্তে তেনে শিক্ষা ফলৱতী নহয়। বৰং তেওঁ বিৰক্ত আৰু অসন্তোষ অনুভৱ কৰিব। থণডাইকৰ মতে, যদি ব্যক্তি শিকিবৰ বাবে প্ৰস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকা কাৰ্য্যটো সহজ হ’ব। আনহাতে, যদি ব্যক্তি মনৰ কোনো আগ্রহ নাথাকে, তেন্তে তেওঁৰ শিকা কাৰ্য্য আমনিদায়ক আৰু বিৰক্তিকৰ হ’ব। গতিকে ব্যক্তি যদি শিক্ষাগ্ৰহণৰ বাবে প্রস্তুত হয়, তেন্তে তেওঁ স্বতঃস্ফূ তভাৱে তথা নিয়াৰিকৈ কাৰ্য্য সমাধান বাছিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষে দেখা দিব। অর্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্রস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হ’ব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হ’ব। অৱশ্যে, থর্ণডাইকে স্নায়ৱিক আৰু দৈহিক প্রস্তুতিৰ ওপৰতে বিশেষ গুৰুত্ব দিছে। কিন্তু শিক্ষাগ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্রস্তুতিৰ প্রয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্রস্তুতিয়ে ব্যক্তিৰ মানসিক প্রস্তুতিও আনি দিয়ে।


৬। শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃপৰিপক্কতা আৰু শিক্ষণৰ মাজত ওচৰ সম্বন্ধ আছে। ব্যক্তিৰ দৈহিক-মানসিক পরিপক্কতাই শিক্ষণ কাৰ্যক সফল কৰি তোলে। 

পৰিপক্কতা বুলিলে স্বাভাবিক ৰূপত সংঘটিত হোৱা পূর্ব অভিজ্ঞতা বা প্রশিক্ষণ নোহোৱাকৈ ব্যক্তিৰ আচৰণত পৰিৱৰ্তন ঘটা প্রক্রিয়াই হৈছে পৰিপক্কতা। আচলতে বাহ্যিক দৃষ্টিকোণৰ পৰা পৰিপক্কতাই দেহকোষ, স্নায়ুকোষ, মাংসপেশী, গ্রহণেন্দ্রিয় ইত্যাদির কার্যক্ষমতা আৰু যোগ্যতা বংশসূত্রে বা জন্ম সূত্রে লাভ কৰে। এনে ধৰণৰ কার্যক্ষমতা আৰু যোগ্যতা বংশসূত্রে বা জন্মসূত্রে লাভ কৰে। দেহযন্ত্ৰৰ এই উল্লেখিত অংশবোৰেই ব্যক্তিৰ আচৰণ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। আমেৰিকান মনোবিজ্ঞানী মেগছে পৰিপক্কতাৰ সংজ্ঞা এনেদৰে দাঙি ধৰিছে– “পৰিপক্কতা হৈছে বয়সৰ লগে লগে ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা যিকোনো পৰিবৰ্তন, যি মূলত দৈহিক বিকাশৰ ওপৰত নিৰ্ভৰশীল।”

মনোবিজ্ঞানী থমছনৰ (Thompson) মতে, “পৰিপক্কতা হৈছে এক দৈহিক বৃদ্ধি বা 
বিকাশৰ প্ৰক্ৰিয়া, যাৰ ফলত দেহৰ গঠন আৰু ক্রিয়া সম্পাদনৰ ক্ষমতা অধিক পৈণত বা 
পৰিপক্ব হৈ উঠে।” আনহাতে, শিক্ষণ হৈছে ব্যক্তিয়ে বাহ্যিক পৰিবেশত কৰা প্ৰতিক্ৰিয়াৰ 
পৰিণতি স্বৰূপ। উদ্দীপকৰ প্ৰতি

কৰা প্ৰতিক্ৰিয়াৰ অনুশীলনৰ ফলস্বৰূপে ব্যক্তিৰ কাৰ্য সম্পাদন কৰাৰ ক্ষমতাৰ যি 
পৰিৱৰ্তন হয় তাকেই শিক্ষণ বুলি কোৱা হয়। শিক্ষণে পৰিৱেশত আচৰণৰ প্ৰয়োজনীয় 
সংশোধন আৰু উৎকর্ষ সাধন কৰে। আচৰণৰ এনে সংশোধন কিম্বা উৎকর্ষ সাধন 
জৈৱিক প্ৰক্ৰিয়াৰ ফলাফল হিচাপে গণ্য কৰিব নোৱাৰি। শিক্ষণ হৈছে ব্যক্তিৰ ক্ৰিয়া 
প্ৰচেষ্টা আৰু ক্ৰিয়া অনুশীলনৰ জৰিয়তে আচৰণ সংশোধন কৰি নতুন নতুন ক্রিয়া-
অভিজ্ঞতা আহৰণ কৰা প্ৰক্ৰিয়া। নতুন নতুন ক্রিয়া সম্পাদন কৰোঁতে ব্যক্তিৰ বিভিন্ন 
অভিজ্ঞতা হয় আৰু ব্যক্তিৰ পৰিপক্কতা আহে। গতিকে, শিক্ষণৰ অভিজ্ঞতা আৰু 
জীৱনৰ পৰিপক্কতা উভয়ে উভয়ৰ লগত সম্পৰ্কীত বিষয়ৰূপে জড়িত হৈ থাকে।


৭। থৰ্নডাইকৰ শিক্ষণ নীতিবােৰ শ্ৰেণীকোঠাৰ তাৎপৰ্য্যৰ সৈতে আলােচনা কৰা ।

উত্তৰঃ ক. প্রস্তুতিৰ নীতি [Law of Readiness ]

            খ .অনুশীলনৰ নীতি [Law of Exercise]

            গ. ফলাফলৰ নীতি [Law of Effect]

থৰ্ণডাইকৰ মতে, যদি ব্যক্তি শিকিবৰ বাবে প্রস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকা কাৰ্য্যটো সহজ হ’ব। আনহাতে, যদি ব্যক্তি মনৰ কোনো আগ্রহ নাথাকে, তেন্তে তেওঁৰ শিকা কাৰ্য্য আমনিদায়ক আৰু বিৰক্তিকৰ হ’ব। গতিকে ব্যক্তি যদি শিক্ষাগ্রহণৰ বাবে প্ৰস্তুত হয়, তেন্তে তেওঁ স্বতঃস্ফূ তৰ্ভাৱে তথা নিয়াৰিকৈ কাৰ্য্য সমাধান বাছিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষে দেখা দিব। অর্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্রস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হ’ব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হ’ব। অৱশ্যে, থর্ণডাইকে স্নায়ৱিক আৰু দৈহিক প্রস্তুতিৰ ওপৰতে বিশেষ গুৰুত্ব দিছে। কিন্তু শিক্ষাগ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্রস্তুতিৰ প্রয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্রস্তুতিয়ে ব্যক্তিৰ মানসিক প্রস্তুতিও আনি দিয়ে।থৰ্ণডাইকৰ মতে, যদি ব্যক্তি শিকিবৰ বাবে প্রস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকা কাৰ্য্যটো সহজ হ’ব। আনহাতে, যদি ব্যক্তি মনৰ কোনো আগ্রহ নাথাকে, তেন্তে তেওঁৰ শিকা কাৰ্য্য আমনিদায়ক আৰু বিৰক্তিকৰ হ’ব। গতিকে ব্যক্তি যদি শিক্ষাগ্রহণৰ বাবে প্ৰস্তুত হয়, তেন্তে তেওঁ স্বতঃস্ফূ তৰ্ভাৱে তথা নিয়াৰিকৈ কাৰ্য্য সমাধান বাছিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষে দেখা দিব। অর্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্রস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হ’ব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হ’ব। অৱশ্যে, থর্ণডাইকে স্নায়ৱিক আৰু দৈহিক প্রস্তুতিৰ ওপৰতে বিশেষ গুৰুত্ব দিছে। কিন্তু শিক্ষাগ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্রস্তুতিৰ প্রয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্রস্তুতিয়ে ব্যক্তিৰ মানসিক প্রস্তুতিও আনি দিয়ে।

৮। শিক্ষণ আৰু পৰিপক্কতাৰ পার্থক্য নির্ণয় কৰা ।

উত্তৰঃ

শিক্ষণ ঃ

১. শিক্ষণ জীৱনব্যাপী প্রক্রিয়া।

২.শিক্ষণৰ বাবে সক্ৰিয়তাৰ প্ৰয়োজন আছে।

৩. শিক্ষণ চাহিদাৰ ওপৰত নিৰ্ভৰশীল।

৪. শিক্ষণ প্রক্রিয়া সদায় উদ্দেশ্যভিত্তিক। ৪.

৫. শিক্ষণ এক মানসিক প্রক্রিয়া।

৬. শিক্ষণ চৰ্ত্তসাপেক্ষ প্রক্রিয়া।

পৰিপক্কতাৰ ঃ

১. পৰিপক্কতা জীৱনব্যাপী প্ৰক্ৰিয়া নহয়।

২. পৰিপক্কতাৰ ক্ষেত্ৰত সক্ৰিয়তাৰ প্ৰয়োজন নাই।

৩.পৰিপক্কতা চাহিদাৰ ওপৰত নিৰ্ভৰশীল নহয়।

৪.পৰিপক্কন উদ্দেশ্যভিত্তিক নহয়।

৫.পৰিপক্কন এক জৈৱিক প্ৰক্ৰিয়া।

৬. পৰিপক্কন চৰ্তহীন প্রক্রিয়া।

৯।  উদাহৰণৰ সৈতে পেলভৰ অনুবন্ধন তত্বটো আলােচনা কৰা । 

উত্তৰঃ আইভান পেট্রভিন্স পেভলভে (Ivan Petrovinch Pavlov) (১৮৪৯-১৯৩৬) ৰাছিয়া আৰু জাৰ্মানীত চিকিৎসাশাস্ত্র অধ্যয়ন কৰিছিল। এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবিজ্ঞানী পেলভে শিক্ষণৰ এই অনুবন্ধনবাদ পদ্ধতি 1904 চনত আৱিষ্কাৰ কৰিছিল। তেখেতে ‘কুকুৰৰ পাচন তন্ত্র’ (Digestive System of Dog)-ৰ ওপৰত কৰা গৱেষণাৰ বাবে ন'বেল বঁটা লাভ কৰিছিল। অনুবন্ধন মতে, জীৱই স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন এটা কৃত্রিম উদ্দীপকক বাৰে বাৰে উপস্থাপন কৰিলেও স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে আৰু শিক্ষণ হয়। এই শিক্ষণ পদ্ধতিক ‘প্রতিক্রিয়া শিক্ষণ’ ‘উদ্দীপক শিক্ষণ’ ‘অনুবন্ধন’বুলিও জনা যায়।

আচৰণবাদী মনোবিজ্ঞানীসকলে শিক্ষণক দৈহিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰি মত পোষণ কৰে যে যিটো উদ্দীপকে কোনো এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু পিছলৈ যদি সেই উদ্দীপকৰ লগত আন উদ্দীপক সংযুক্ত কৰা হয়, তেতিয়াও স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। পেলভৰ মতে, ব্যক্তিৰ স্বাভাৱিক প্রতিক্রিয়াক অন্য এক উদ্দীপকৰ লগত সংযুক্ত কৰিলে অথবা অনুবন্ধিত কৰিব পাৰিলেহে শিক্ষণ সম্ভৱ হয়। অর্থাৎ স্বাভাৱিক উদ্দীপকৰ অৱৰ্তমানত যদি আন কোনো উদ্দীপক প্ৰদান কৰা হয়, তেন্তে স্বাভাৱিক প্রতিক্রিয়াকে প্রকাশ কৰে।

উদাহৰণস্বৰূপে, আহাৰ দেখিলে লালটি ওলোৱা, ডাঙৰ শব্দ শুনিলে ভয় লগা, তীব্র পোহৰ দেখিলে চকু জপাই দিয়া ইত্যাদি। এনে কিছুমান প্রতিক্রিয়া প্ৰদৰ্শন কৰোঁতে কোনো শিক্ষণ অভিজ্ঞতাৰ প্ৰয়োজন নহয়। কিন্তু এনে স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবলৈ স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে আন উদ্দীপকৰ লগত প্রতিক্রিয়া সংযুক্ত কৰা হয় তেতিয়াই শিক্ষণ হয়। গতিকে স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্রিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্ৰতিক্রিয়াকেই প্ৰদৰ্শন কৰে এয়ে হৈছে অনুবন্ধিত প্রতিক্রিয়া

১০। অন্তর্দর্শন শিক্ষণ কি ? কহলাৰৰ অন্তর্দর্শন পদ্ধতি সম্পর্কে শৈক্ষিক তাৎপৰ্য্যৰ সৈতে আলােচনা কৰা 

উত্তৰঃ নোবিজ্ঞানী ৱগেং ক’হলাৰে ‘Wolfgang Kohler' ১৯১৩ চনৰ পৰা ১৯১৭ চনলৈকে আফ্ৰিকাৰ টেনেৰিফ দ্বীপত চিম্পাঞ্জীৰ ওপৰত শিক্ষণ সম্বন্ধে ভালেমান পৰীক্ষা-নিৰীক্ষা চলাইছিল। ক’হলাৰে ‘Mentality of Apes' নামৰ পুথিখনত কেতবোৰ পৰীক্ষাৰ বৰ্ণনা কৰে। বিভিন্ন পৰীক্ষাৰ ভিতৰত এটা তলত উল্লেখ কৰা হ’লঃ—

ক’হলাৰে ‘চুলতান’ নামৰ এটা চতুৰ চিম্পাঞ্জী পিঞ্জৰাত আৰ্দ্ধ কৰি ৰাখিছিল আৰু তাৰ চকুত পৰাকৈ বাহিৰত কল কিছুমান ৰখা হৈছিল। চিম্পাঞ্জীটোৱে কলকেইটা যাতে সহজতে ঢুকি নাপায় তাৰ বাবে অলপ দূৰত্বত ৰখা হৈছিল। আনহাতে, পিঞ্জৰাৰ ভিতৰত দুডাল লাঠী থোৱা হৈছিল—এডাল দীঘল আৰু আনডাল অলপ চুটি। কিন্তু দুয়োডাল লাঠী লগ লগালেহে চিম্পাঞ্জীটোৱে কলখিনি ঢুকি পাব। সৰু লাঠীডাল ডাঙৰ লাঠীডালৰ লগত সুমুৱাই দি দীঘল কৰাৰ ব্যৱস্থা আছিল। প্ৰথম অৱস্থাত চিম্পাঞ্জী ‘চুলতানে’ দুয়োখন হাতেৰে কল আনিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। কোনো উপায়ে কল আনিব নোৱাৰি, একো নকৰাকৈ কিছু সময় বহি থাকি সময় অতিবাহিত কৰিছিল। এনেকৈ কিছুসময় থকাৰ পিছত হঠাতে তাৰ মনত বুদ্ধি উদয় হ’ল আৰু এডাল লাঠীৰ মূৰত আনডাল লাঠী সুমুৱাই কলখিনি সংগ্ৰহ কৰিছিল। এনেদৰে পুনৰ চিম্পাঞ্জীটোক একে পৰিস্থিতিত ৰখা হৈছিল আৰু পূর্ব অভিজ্ঞতাৰ সহায়ত সি সহজেই সমস্যা সমাধান কৰিব পাৰিছিল।

১১। অনুবন্ধনবাদ কি ? অনুবন্ধন কেনেকৈ সৃষ্টি হয় ? অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য উল্লেখ কৰা ।

উত্তৰঃ অনুবন্ধনবাদ ছাত্ৰ-ছাত্ৰীৰ অভ্যাস গঠন, পৰিপাৰ্টীকৈ থকা, আনক সন্মান কৰা, আত্ম-অনুশাসন আদি বিকাশত সহায় কৰে । 

অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য হ'ল -

শিশুৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে। ভাষা শিক্ষণ, প্রাথমিক সাংখ্যিক বা গাণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্ৰদান কৰিব পাৰি। শিক্ষণীয় ব্যৱস্থাত শ্ৰৱণ-দৰ্শন সঁজুলি প্রয়োগ কালত এই পদ্ধতিৰ সহায় ল’ব পাৰি। উদাহৰণস্বৰূপে, ‘গৰু’ শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে ‘গৰুৰ এখন ছবি’ আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে। কিছুসময় তেনে কৰাৰ পিছত কেৱল ‘গৰু’ শব্দটো উচ্চাৰণ কৰিলে (‘ছবিখন’ নেদেখুৱাই) ছাত্র-ছাত্রীসকলে স্বাভাৱিকতেই চিঞৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু ‘গৰু’ শব্দটো উচ্চাৰণ কৰিব। গতিকে ছাত্র-ছাত্রীয়ে অনুষঙ্গ স্থাপন কৰি প্রত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল। 

    নুবন্ধন পদ্ধতিয়ে সমস্যা, অপৰাধ প্ৰৱণতা আৰু অন্যান্য বাধাগ্রস্ত ল'ৰা-ছোৱালীৰ প্ৰতিকাৰ আৰু চিকিৎসা প্রদানতো সহায় কৰিব পাৰে। চমুকৈ আমি ক’ব পাৰোঁ যেঃ—


১। শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতঃপ্রোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে।

২। অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ, সৎ আচৰণ আয়ত্তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি।

৩। গ্রহণযোগ্য আৰু ভাল অভ্যাস, আগ্রহ সৃষ্টি কৰিবলৈ অনুবন্ধন পদ্ধতি অতি প্রয়োজনীয়। শিক্ষকে ছাত্ৰ-ছাত্ৰীক মৰম আৰু সহানুভূতিৰে তেওঁলোকে আয়ত্ত কৰিব নোৱাৰা জ্ঞান ভালদৰে বুজাই দিয়া উচিত। সেইদৰে বেয়া অভ্যাস আঁতৰ কৰিবলৈও এই পদ্ধতিৰ সহায় ল'ব পাৰি।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer By: Himashree Bora.