অধ্যায়-৪

 ১ মনোবিজ্ঞান আৰু শিক্ষা 


ৰচনাত্মক বা দীঘলীয়া প্রশ্নঃ-

১। অধ্যয়নৰ এক বিষয় হিচাপে মনােবিজ্ঞানৰ ধাৰণাৰ পৰিবৰ্তনৰ এক চমু ইতিহাস দাঙি ধৰা ।

উত্তৰঃ অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ এক দীঘলীয়া ইতিহাস আছে ।  ১৯৫০ খ্ৰীষ্টাব্দ ত ৰুডলফ্  গোকেল মনোবিজ্ঞানৰ নামত প্ৰথমখন কিতাপ লিখিছিল । কিতাপখনৰ নাম আছিল  " চাইকলজীয়ী " ইংৰাজী চাইকলজী শব্দটো গ্ৰীক শব্দ " চাইকি" আৰু  "ল'গজ "  শব্দৰ পৰা উৎপত্তি হৈছে ।  " চাইকি" শব্দৰ অৰ্থ হৈছে - soul বা আত্মা " আৰু "ল'গজ " শব্দৰ অৰ্থ হৈছে - আলোচনা বা অধ্যয়ন কৰা।  সেয়েহে উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞান হৈছে আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিষয় বুলি কোৱা হয় । আত্মা সম্পৰ্কে উচ্চ পৰ্যায়ৰ চিন্তা চৰ্চা কৰাটো আছিল মনোবিজ্ঞানৰ মূল উদ্দেশ্য । এনে চিন্তা কাৰ্যত কেঁতবোৰ মানসিক ক্ৰিয়া  যেনে  - যুক্তি তৰ্ক, কল্পনা, চিন্তা , ধাৰণা সমূহক গুৰুত্ব দিছিল। আত্মমাৰ কোনো স্থিতি নাই বাবে মনোবিদ সকলে এই ধাৰণাটি মানি লোৱা নাছিল । 

       ১৮ শতিকাত এচাম মনোবিদ মনোবিজ্ঞানৰ আন এটা ধাৰণা দাঙি ধৰে । তেওঁলোকৰ মতে মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান । তেওঁলোকে বিশ্বাস কৰে যে মনৰ পৰা সকলো ধাৰণাৰ উৎপত্তি হয়।  আত্মাক কৈ মনৰ ধাৰণা কিছু স্পষ্ট যদিও মন এক আমূৰ্ত ধাৰণা বাবে মনোবিজ্ঞান সম্বন্ধে এই ধাৰণাটি মানি লোৱা নহল । 

 মনোবিদ স্পেইনৰ মতে  মনোবিজ্ঞান হৈছে চেতনাৰ বিজ্ঞান । এই ধাৰণাটি জনপ্ৰিয় হৈছিল যদিও ইয়াৰ সমালোচনা কৰা হৈছিল । তেওঁলোকে কৈছিল যে চেতন মন স্বয়ং সম্পূৰ্ণ নহয়   ই মনৰ এটা অংশ   চেতন মনৰ বাহিৰে অচেতন মন আছে । সেই বাবে মনোবিজ্ঞানৰ এই ধাৰণাটি গ্ৰহণযোগ্য নহল । 

আধুনিক মনোবিজ্ঞানী সকলে মনোবিজ্ঞানৰ আধুনিক ধাৰণাত তিনিটা শব্দ ৰ ওপৰত গুৰুত্ব দিছিল যেনে মানসিক প্ৰক্ৰিয়া , অভিজ্ঞতা আৰু আচৰণ ।  

মানসিক প্ৰক্ৰিয়া এজন ব্যাক্তিৰ চেতন অৱস্থা বা সজাগ অৱস্থাক বুজাই।  মানুহে চিন্তা কৰোঁতে , কোনো সমস্যা সমাধান কৰোঁতে , নতুন কথা শিকা , স্মৃতি লাভ আদি মানসিক অৱস্থাত প্ৰয়োগ কৰে।  

মানৱ অভিজ্ঞতা মনোবিজ্ঞান অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ বিষয় বস্তু । মনোবিদ সকলৰ মতে আমাৰ অভিজ্ঞতা সমূহ দুই ধৰণৰ অবস্থাৰ দ্বাৰা প্ৰভাৱিত হয় বাহ্যিক আৰু আভ্যন্তৰীন । উদাহণস্বৰূপে যেতিয়া আমি সুখ বা আনন্দ থাকো তেতিয়া চিটি বাছৰ অসুবিধা অনুভৱ নকৰো । 

মনোবিজ্ঞানৰ গুৰুত্ব পূৰ্ণ আৰু গ্ৰহণযোগ্য ধাৰণা হৈছে মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান । ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বা ক্ৰিয়া সম্পাদন কৰে সেয়াই হৈছে আচৰণ । আচৰণে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক , আবেগিক ক্ৰিয়া সমূহ অন্তৰ্ভুক্ত কৰে। বিভিন্ন ধৰণৰ শাৰীৰিক তথা যান্ত্ৰিক  ক্ৰিয়া সমূহ যেনে - শাৰীৰিক কাৰ্য লিপ্ত হোৱা , দৌৰা, জপিওৱা , মানসিক আৰু বৌদ্ধিক ক্ৰিয়া যেনে - চিন্তন, যুক্তি প্ৰদৰ্শন , স্মৰণ আদি। আৰু আবেগিক অভিজ্ঞতা যেনে- সুখ দুখ, ক্ৰোধ , অনুভূতি আদি সকলো আচৰণৰ বহল পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।

   আচৰণ সমূহ  সহজ সৰল, জটিল হব পাৰে। কিছুমান দীৰঘস্থায়ী আৰু ক্ষণস্থায়ী  হব পাৰে। আকৌ কিছুমান আচৰণ আমি ব্যহিক ভাবে প্ৰত্যক্ষ কৰিব পাৰোঁ যেনে ফুটবল খেলুৱৈ এজনে খেল পথাৰত দেখুওৱা আচৰণ সমূহ । আৰু ইয়াৰ লগতে কিছুমান আচৰণ আমি আভ্যন্তৰীণ ভাবে অনুভৱ হয়। 

সময়ৰ লগত মনোবিজ্ঞানৰ ধাৰণা সমূহ সলনি হৈ অহা দেখা যায়। আৰু বিভিন্ন ধাৰণা সমূহৰ ভিতৰত মনোবিজ্ঞান আচৰণৰ বিজ্ঞান ধাৰণা সকলোৰে গ্ৰহণ যোগ্য আছিল ।



২। মনােবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তােমাৰ গ্রহণযােগ্য আৰু কিয় ? 

উত্তৰঃ মনোবিজ্ঞান মানে হল আত্মা সম্বন্ধে উচ্চ খাপৰ চিন্তা চৰ্চা কৰা অধ্যয়ন । এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ , অভিজ্ঞতা সমূহ , যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। 

  মনোবিজ্ঞানৰ বিভিন্ন ধাৰণা সমূহৰ ভিতৰত মোৰ বাবে গ্ৰহণ যোগ্য ধাৰণা টো হৈছে - মনোবিজ্ঞান হল আচৰণৰ বিজ্ঞান । ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত যিবিলাক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে বা ক্ৰিয়া সম্পাদন কৰে সেয়াই হৈছে আচৰণ । আচৰণে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক , আবেগিক ক্ৰিয়া সমূহ অন্তৰ্ভুক্ত কৰে। বিভিন্ন ধৰণৰ শাৰীৰিক তথা যান্ত্ৰিক  ক্ৰিয়া সমূহ যেনে - শাৰীৰিক কাৰ্য লিপ্ত হোৱা , দৌৰা, জপিওৱা , মানসিক আৰু বৌদ্ধিক ক্ৰিয়া যেনে - চিন্তন, যুক্তি প্ৰদৰ্শন , স্মৰণ আদি। আৰু আবেগিক অভিজ্ঞতা যেনে- সুখ দুখ, ক্ৰোধ , অনুভূতি আদি সকলো আচৰণৰ বহল পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।

   আচৰণ সমূহ  সহজ সৰল, জটিল হব পাৰে। কিছুমান দীৰঘস্থায়ী আৰু ক্ষণস্থায়ী  হব পাৰে। আকৌ কিছুমান আচৰণ আমি ব্যহিক ভাবে প্ৰত্যক্ষ কৰিব পাৰোঁ যেনে ফুটবল খেলুৱৈ এজনে খেল পথাৰত দেখুওৱা আচৰণ সমূহ । আৰু ইয়াৰ লগতে কিছুমান আচৰণ আমি আভ্যন্তৰীণ ভাবে অনুভৱ হয়। কিন্তু এটা কথা মনত ৰখা উচিত যে আচৰণ যেনে ধৰণৰ নোহক কিয় ই সদায় পৰিবেশৰ অবস্থিত উদ্দিপক্ক ৰ প্ৰভাৱত সংঘটিত হয়। মনোবিজ্ঞানৰ জ্ঞানৰ সহায়ত আমি ব্যক্তিৰ পৰিবৰ্তন হৈ থকা আচৰণ সমূহ  অধ্যয়ন কৰিব পাৰোঁ  । আৰু সেইবাবে  মনোবিজ্ঞান হৈছে আচৰণ অধ্যয়ন কৰা বিজ্ঞান বুলি গ্ৰহণ কৰিব পাৰি ।



৩। মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা ।

 উত্তৰঃ  অধ্যয়নৰ বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিসৰ আছে । এই বিষয়ে মানৱ অভিজ্ঞতা তথা আচৰণ অধ্যয়ন কৰে । মনোবিজ্ঞানে প্ৰথমে আচৰণৰ উৎপত্তি ৰ কাৰণ সমূহ অধ্যয়ন কৰে আৰু তাৰ পাছত আচৰণৰ প্ৰকৃতি অধ্যয়ন কৰে । মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে - সংবোধন , লাভ , মনোযোগ,  মনৰ ইচ্ছা , অনুভূতি কল্পনা আদিৰ বিয়য়ে আলোচনা কৰে।  মনোবিদ সকলৰ মতে এজন মানুহৰ যিকোনো অভিজ্ঞতাত তিনিটা বৈশিষ্ট নিহিত হৈ থাকে যেনে - জ্ঞান, ইচ্ছা, অনুভূতি । এই তিনিবিধৰ কোনোবা এবিধৰ ওপৰত  বেছি গুৰুত্ব দিয়া হৈছিল । 

     মনোবিদ হাৰবৰ্ট আৰু হিউম আদিৰ মতে মনোবিজ্ঞানৰ পৰিসৰ বুলিলে জ্ঞানৰ উপৰত বেছি গুৰুত্ব দিছে।  তেওঁলোকৰ মতে জ্ঞান নহলে ইচ্ছা আৰু অনুভূতি জাগ্ৰত হব নোৱাৰে।  আনহাতে মেকদুগেল ৰ মতে মনৰ ইচ্ছা অবিহনে জ্ঞান জন্ম হব নোৱাৰে । মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত সজ্ঞান মনৰ দিশক অন্তৰ্ভুক্ত কৰা হয় । মানুহৰ সজ্ঞান মনৰ ওপৰিও নিজ্ঞান মনো আছে ।  আৰু মানুহৰ আচৰণৰ ওপৰত নিজ্ঞাৰ্ন মনৰ যথেষ্ট প্ৰভাৱ আছে । মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত সজ্ঞান মনৰ লগতে নিৰ্গ্যান  মণৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা হয় । গতিকে কব পাৰি যে মনোবিজ্ঞানৰ পৰিসৰ সীমিত নহয়। যথেষ্ট ব্যাপক ।


৪। 'শিক্ষা' আৰু মনোবিজ্ঞান ইটোৰ সিটোৰ পৰিপূৰক , বিৰোধী নহয়'- উক্তিটি ব্যাখ্যা দাঙি  ধৰা ।

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ ওপৰত নিৰ্ভৰশীল । মনোবিজ্ঞানৰ কেতবোৰ দিশৰ ওপৰত শিক্ষাই প্ৰভাৱ পেলায় শিক্ষা অবিহনে মনোবিজ্ঞান ৰ বিকাশ সম্ভব নহয়। মনোবিজ্ঞানত হোৱা নানা ধৰণৰ গৱেষণা ৰ ফলাফল সমূহ একমাত্ৰ শিক্ষাৰ মাধ্যমেৰে প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। শিক্ষাই মনোবিজ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। মনোবিজ্ঞানে উপযুক্ত শিক্ষণ পদ্ধতি প্ৰস্তুত কৰণ  আৰু শ্ৰেণী কোঠাত প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে।  শিক্ষা ব্যৱস্থা কাৰ্য কৰি বা ফলপ্ৰসু হবলৈ হলে মনোবিজ্ঞানৰ ভূমিকা অপৰিসীম। আধুনিক শিক্ষা ব্যৱস্থাত নিৰ্দেশনা আৰু পৰামৰ্শ দান অতি আবশ্যকীয় । নিৰ্দেশনা আৰু পৰামৰ্শ দান ৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ শিক্ষা কেন্দ্ৰিক, আচৰণ জনিত আৰু সামাজিক সমস্যা  সমূহ সমাধান কৰিব পাৰি। আৰু মনোবিজ্ঞান ৰ জ্ঞানে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ দান ত সহায় কৰে । শিক্ষাই মনোবিজ্ঞানক সমগ্ৰ পৃথিৱীতে জন প্ৰিয় কৰি তুলিছে ।  আনহাতে শিক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসু হবলৈ মনোবিজ্ঞানৰ নীতি সমূহ ৰ প্ৰয়োজন অধিক । বৰ্তমান সময়ত শিক্ষকে মনোবিজ্ঞানৰ নীতি সমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে  । মনোবিজ্ঞানৰ জ্ঞান ৰ জৰিয়তে শিক্ষকে শিক্ষাৰ্থী সকলৰ প্ৰতিটো দিশ ভালদৰে অধ্যয়ন কৰিব পাৰে । শিশুৰ মানসিকতা সম্বন্ধে জ্ঞান লাভ কৰি শিশুক বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে। শিক্ষণ কি , শিক্ষণ প্ৰক্ৰিয়া কেনে ধৰণে সংঘটিত হয় , কি কি  বিষয়ে শিক্ষণ প্ৰক্ৰিয়া ফল প্ৰসু হোৱাত সহায় কৰে আদিৰ বিষয়ে জ্ঞান   মনোবিজ্ঞানে দিয়ে। শিক্ষাৰ অবদানৰ ফলতে মনোবিজ্ঞানৰ নতুন শাখা যেনে শিশু মনোবিজ্ঞান, শিক্ষা মনোবিজ্ঞান , শাৰীৰিক আৰু মানসিক ভাবে বাধা প্ৰাপ্ত সকলৰ মনোবিজ্ঞান আদিৰ জন্ম আৰু বিকাশ সম্ভব হৈছে। সেয়েহে কব পাৰি যে শিক্ষা আৰু মনোবিজ্ঞান এটা আনটোৰ পৰিপূৰক হে , বিৰোধী নহয়। এটা অবিহনে আনটোৰ স্থিতি তথা প্ৰগতি সম্ভব নহয় সেয়েহে মনোবিজ্ঞান আৰু শিক্ষাক একেটা মুদ্ৰাৰ পিঠি সদৃশ্য বুলি কব পাৰি।



চমু প্ৰশ্নঃ

১। মনোবিজ্ঞান শব্দটোৰ উৎপত্তি সম্বন্ধে লিখা ।

উত্তৰঃ মনোবিজ্ঞান শব্দটো  ইংৰাজী চাইকলজী শব্দটো গ্ৰীক শব্দ " চাইকি" আৰু  "ল'গজ "  শব্দৰ পৰা উৎপত্তি হৈছে ।  " চাইকি" শব্দৰ অৰ্থ হৈছে - soul বা আত্মা " আৰু "ল'গজ " শব্দৰ অৰ্থ হৈছে - আলোচনা বা অধ্যয়ন কৰা।  সেয়েহে উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞান হৈছে আত্মা সম্পৰ্কে অধ্যয়ন কৰা বিষয় বুলি কোৱা হয় ।


২। মনোবিজ্ঞানক কিয় আচৰণ বিজ্ঞান বোলা হয় ? 

উত্তৰঃ  এজন লোকৰ আচৰণ, মানসিক প্ৰক্ৰিয়া সমূহ , অভিজ্ঞতা সমূহ , যি বিজ্ঞানে অধ্যয়ন কৰে তাকে মনোবিজ্ঞান বুলি কোৱা হয়। আচৰণে এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক , আবেগিক ক্ৰিয়া সমূহ অন্তৰ্ভুক্ত কৰে। সেয়েহে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।


৩। মনোবিজ্ঞান পৰিসৰ যথেষ্ট ব্যাপক -উক্তিটিৰ যথার্থতা বিচাৰ কৰা ।

উত্তৰঃ অধ্যয়নৰ বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিসৰ আছে । এই বিষয়ে মানৱ অভিজ্ঞতা তথা আচৰণ অধ্যয়ন কৰে । মনোবিজ্ঞানে প্ৰথমে আচৰণৰ উৎপত্তি ৰ কাৰণ সমূহ অধ্যয়ন কৰে আৰু তাৰ পাছত আচৰণৰ প্ৰকৃতি অধ্যয়ন কৰে । মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে - সংবোধন , লাভ , মনোযোগ,  মনৰ ইচ্ছা , অনুভূতি কল্পনা আদিৰ বিয়য়ে আলোচনা কৰে।  মনোবিদ সকলৰ মতে এজন মানুহৰ যিকোনো অভিজ্ঞতাত তিনিটা বৈশিষ্ট নিহিত হৈ থাকে যেনে - জ্ঞান, ইচ্ছা, অনুভূতি । এই তিনিবিধৰ কোনোবা এবিধৰ ওপৰত  বেছি গুৰুত্ব দিয়া হৈছিল । 

     মনোবিদ হাৰবৰ্ট আৰু হিউম আদিৰ মতে মনোবিজ্ঞানৰ পৰিসৰ বুলিলে জ্ঞানৰ উপৰত বেছি গুৰুত্ব দিছে।  তেওঁলোকৰ মতে জ্ঞান নহলে ইচ্ছা আৰু অনুভূতি জাগ্ৰত হব নোৱাৰে।  আনহাতে মেকদুগেল ৰ মতে মনৰ ইচ্ছা অবিহনে জ্ঞান জন্ম হব নোৱাৰে । মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত সজ্ঞান মনৰ দিশক অন্তৰ্ভুক্ত কৰা হয় । মানুহৰ সজ্ঞান মনৰ ওপৰিও নিজ্ঞান মনো আছে ।  আৰু মানুহৰ আচৰণৰ ওপৰত নিজ্ঞাৰ্ন মনৰ যথেষ্ট প্ৰভাৱ আছে । মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত সজ্ঞান মনৰ লগতে নিৰ্গ্যান  মণৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা হয় । গতিকে কব পাৰি যে মনোবিজ্ঞানৰ পৰিসৰ সীমিত নহয়। যথেষ্ট ব্যাপক ।


৪। মনোবিজ্ঞানৰ দুটা শাখাৰ নাম উল্লেখ কৰা আৰু সেই দুটা বর্ণনা কৰা ।

উত্তৰঃ মনোবিজ্ঞানৰ দুটা শাখাৰ নাম হল  - শিক্ষা মনোবিজ্ঞান আৰু নৈদানিক মনোবিজ্ঞান । 

 ১। নৈদানিক মনোবিজ্ঞানঃ মনোবিজ্ঞানৰ এইটো ধাৰাই ঘাইকৈ ব্যাক্তিৰ মানসিক অসুস্থতা সম্বন্ধে আলোচনা কৰে। ই মানসিক অসুস্থতাৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ ব্যবস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুসংগিক আৰু এটা  বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শ দান।  যিবোৰ লোকে কিছুমান মানসিক অশান্তি বা ৰোগত ভোগে তেওঁলোকৰ প্ৰতিটো দিশ অধ্যয়ন কৰাৰ বাবে নৈদানিক মনোবিজ্ঞান অতি প্ৰয়োজন । মানসিক অসুস্থতা কাৰণ সমূহ অধ্যয়ন কৰি তাৰ পৰা সুস্থ হবলৈ কেনে ধৰণৰ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হব , তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক ঔষধ আৰু মনোবৈজ্ঞানীক থেৰাপী সমূহ দিয়া হয় । মন সম্বন্ধীয় পৰামৰ্শ দান ব্যবস্থাই এজন ব্যক্তিক বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ আৰু জীৱনৰ কঠোৰ সমস্যা বোৰ সমাধানৰ পথ বিচৰাত সহায় কৰে। আৰু বৰ্তমান সময়ত নৈদনিক মনোবিজ্ঞান ৰ এক বিশেষ শাখা প্ৰতিখন চিকিৎসালয়ত থাকে। আৰু মানসিক অসুস্থতা ৰোগী সকলৰ বাবে নিজস্ব মানসিক চিকিৎসালয়ৰ সুবিধা আছে ।

২। শিক্ষা মনোবিজ্ঞানঃ মনোবিজ্ঞানৰ সবাতকৈ উল্লেখ যোগ্য আৰু শিক্ষা ক্ষেত্ৰত  প্ৰয়োজনীয় শাখা টো হৈছে শিক্ষা মনোবিজ্ঞান   ইয়াত শিক্ষাৰ্থী হৈছে অধ্যয়নৰ কেন্দ্ৰ স্বৰূপ । শিক্ষা মনোবিজ্ঞানে শিশুৰ  আচৰণ সম্বন্ধে  জনাত শিক্ষা বিদ সকলক সহায় কৰে। আৰু তেওঁলোকৰ আচৰণ জনিত সমস্যা সমাধানৰ পথ নিৰ্দেশন কৰে । ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন আৰু বয়স সাপেক্ষে পাঠ্যক্ৰম আৰু শিক্ষণৰ পদ্ধতি প্ৰস্তুত কৰণত সহায় কৰে। শিক্ষা মনোবিজ্ঞান ৰ জ্ঞানৰ সহায়ত শিক্ষকে সকলে শিক্ষাৰ্থীৰ আচৰণ সমূহ নিৰীক্ষণ কৰি তেওঁলোকৰ নিজস্ব সমস্যা সমূহ বুজি উঠাত সহায় কৰে । আৰু লগতে শিক্ষাৰ্থীৰ সেই সমস্যা সমূহ কেনেকৈ সমাধান কৰিব তাৰ বাবে শিক্ষকে শিক্ষা মনোবিজ্ঞান ৰ নীতি সমূহ অনুসৰণ কৰিবলগীয়া হয়। শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষাৰ্থীৰ বাবে উপযুক্ত সহ পাঠ্যক্ৰম কাৰ্যসূচী সমূহ বাছনি কৰাত শিক্ষকক সহায় কৰে । 


বস্তুনিষ্ঠ প্ৰশ্নঃ

তলত দিয়া বাক্যসমূহৰ বিপৰীতে 'সত্য' বা 'অসত্য' লিখি উত্তৰ দিয়া ঃ-

(ক) মনোবিজ্ঞান এবিধ  ইতিবাচক বিজ্ঞান ।

উত্তৰঃ 'সত্য'। 


(খ) মনোবিজ্ঞাননে  শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰে ।

উত্তৰঃ 'সত্য' ।


(গ) মনোবিজ্ঞানক আচৰণৰ - বিজ্ঞান বােলা হয় ।

উত্তৰঃ 'সত্য' ।


( ঘ ) শিশুমনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন কৰে ।

উত্তৰঃ 'অসত্য'


(ঙ) মনোবিজ্ঞানত  গৱেষনাগাৰৰ পৰীক্ষা - নিৰীক্ষাৰ প্ৰয়ােজন নাই ।

উত্তৰঃ 'অসত্য'


( চ ) শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ । 

উত্তৰঃ সত্য ।


তলত দিয়া উক্তিসমূহৰ শুদ্ধতা / অশুদ্ধতা বিচাৰ কৰাঃ 

( ক ) শিক্ষাৰ তসমূহৰ নিৰ্ধাৰণত মনােবিজ্ঞানে সহায় কৰে ।

উত্তৰঃ শুদ্ধ। 


 ( খ ) শিক্ষা আৰু মনােবিজ্ঞান , ইটো সিটোৰ পৰিপন্থী ।

উত্তৰঃ অশুদ্ধ ।

 

( গ ) মনোবিজ্ঞানে কেবল মনৰ সচেতন দিশতাে অধ্যয়ন কৰে ।

উত্তৰঃ অশুদ্ধ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Pinki Kalita

M.A in Education