অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল | ALTERNATIVE CENTRES OF ECONOMIC AND POLITICAL POWER | অধ্যায় ৪ | Chapter 4 | Class 12 Political Science Question And Answer | HS Second Year Class 12 Political Science | Assamese Medium Question Answer | Higher Secondary Second Year Political Science Assamese Medium | শৰ্মা- জামান - বৰুৱা |



অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল


১। সময়ানুক্রমিকভাৱে তলত উল্লেখ কৰাবােৰ সজোৱা ।

 (ক) চীনৰ বিশ্ব বাণিজ্য সংস্থাত যােগদান

 (খ) ইউৰােপীয় অর্থনৈতিক গােষ্ঠী ( EEC )

 (গ) ইউৰােপীয় সংঘ ( EU )

 (ঘ) ‘ আছিয়ান ’ আঞ্চলিক মঞ্চ ( ARF ) 

Ans: (খ) ইউৰােপীয় অর্থনৈতিক গােষ্ঠী ( EEC),  (গ) ইউৰােপীয় সংঘ (EU), (ঘ) ‘আছিয়ান’ আঞ্চলিক মঞ্চ ( ARF ), (ক) চীনৰ বিশ্ব বাণিজ্য সংস্থাত যােগদান।


২। “ আছিয়ান ( ASEAN ) ৱে ’ বা এছীয় প্রণালী হ’ল 

(ক) ‘আছিয়ান’ সদস্যসকলৰ জীৱনশৈলী ( life style ) ৰ প্রতিফলন, 

(খ) ‘ আছিয়ান ’ সদস্যসকলৰ মাজত হােৱা একধৰণৰ আনুষ্ঠানিক আৰু সহযােগিতাৰ বার্তালাপ 

( গ ) ‘আছিয়ান’ সদস্যসকলে অনুসৰণ কৰা প্ৰতিৰক্ষা নীতি,

(ঘ) ‘আছিয়ান’ সদস্যসকলক সংযােগ কৰা পথ ।

Ans: (ক) ‘আছিয়ান’ সদস্যসকলৰ জীৱনশৈলী ( life style ) ৰ প্রতিফলন, 


 ৩ | তলত দিয়াবিলাকৰ ভিতৰত কোনে ' মুক্ত দুৱাৰ ' ( Open Door ) নীৰ্তি গ্ৰহণ কৰিছিল-

(ক) চীন ,

(খ) ইউৰােপীয় সংঘ 

(ঘ) আমেৰিকা যুক্তৰাষ্ট্র 

(গ) জাপান

Ans: (ক) চীন।


৪। খালী ঠাই পূৰণ কৰা ?

 ( ক ) চীন আৰু ভাৰতৰ ১৯৬২ চনত সংঘাতৰ সৃষ্টি হৈছিল বিশেষকৈ                           আৰু                        অঞ্চলক লৈ । 

Ans: চীন আৰু ভাৰতৰ ১৯৬২ চনত সংঘাতৰ সৃষ্টি হৈছিল বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু  লাডাখৰ অঞ্চলক লৈ । 


( খ ) আছিয়ান আঞ্চলিক মধ  ( ARE ) প্রতিষ্ঠা হৈছিল                     চনত । 

Ans: আছিয়ান আঞ্চলিক মধ  ( ARE ) প্রতিষ্ঠা হৈছিল ১৯৯৮ চনত ।


( গ ) ১৯৭২ চনত চীনে                          ( এখন প্রখ্যাত দেশ ) দ্বিপাক্ষিক সম্বন্ধত সােমাইছিল।

Ans: ১৯৭২ চনত চীনে আমেৰিকাৰ (এখন প্রখ্যাত দেশ) দ্বিপাক্ষিক সম্বন্ধত সােমাইছিল।


 ( ঘ ) ১৯৪৮ চনত                            পৰিকল্পনা ( Plan ) য়ে ইউৰােপীয় অর্থনৈতিক সহযােগিত বাবে এটা সংগঠন প্রতিষ্ঠা কৰাত প্ৰভাৱ বিস্তাৰ কৰিছিল । 


(ঙ)                          হ’ল ‘ এছিয়ান’ৰ এটা সংগঠন যিয়ে নিৰাপত্তা দিশটো চোৱাচিতা কৰে । 

Ans: ARF হ’ল ‘ এছিয়ান’ৰ এটা সংগঠন যিয়ে নিৰাপত্তা দিশটো চোৱাচিতা কৰে । 


( চ ) ____________ ইউৰােপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম। 

Ans:  ইউৰাে (Euro) ইউৰােপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম।


৫। আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ উদ্দেশ্য কি?

Ans: আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য হ'ল একোটা অঞ্চলৰ ঐতিহাসিক, ভৌগোলিক আৰু প্ৰাকৃতিক সম্পদৰ সুযোগ-সুবিধা গ্ৰহণ কৰি দেশসমূহৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ এক নব্য ধাৰা গঢ়ি তোলা। এই সংগঠন বা সংস্হাসমূহে এককভাৱে দেশৰ কথা ভবাতকৈ সহযোগিতাৰ ভিত্তিত একোটা অঞ্চলৰ উন্নতিৰ কথা চিন্তা কৰে।


 ৬। আছিয়ান অন্তর্দৃষ্টি ২০২০ ৰ উপাদানবােৰ কি কি?

Ans: এছিয়ানে এক অতি গুৰুত্বপূৰ্ণ আঞ্চলিক সংগঠন হিচাপে দ্ৰুতভাৱে বৃদ্ধি পাইছে। এছিয়ানৰ লক্ষ্য ২০২০ য়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এছিয়ানৰ বাবে বহিৰ্মুখী দৃষ্টিভঙ্গীৰ ভূমিকা নিৰ্ধাৰণ কৰিছে। এছিয়ান ২০২০ চনৰ উপদানসমূহ হ'ল বৰ্হিমুখী দৃষ্টিভঙ্গী, শান্তিপূৰ্ণ সহাৱস্হান, সুস্থিৰতা আৰু উন্নয়ন, পাৰস্পৰিক সহোগিতা আৰু এই উপাদান সমূহেৰে এছিয়ানৰ ৰাষ্ট্ৰসমূহৰ বিভিন্ন ক্ষেত্ৰত উন্নতি আৰু পাৰস্পৰিক সহযোগিতাৰ বৃদ্ধি কৰা।


 ৭ । আছিয়ান গােষ্ঠীৰ স্তম্ভ (Pillox) তিনিটাৰ নাম লিখা আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যবােৰ বৰ্ণনা কৰা।


 ৮। চীনৰ বৰ্তমানৰ অৰ্থনীতিৰ সৈতে নিয়ন্ত্রিত অর্থনীতি ( Command economy ) ৰ প্রভেদ কি? বৰ্ণনা কৰা।

Ans: চীনৰ বৰ্তমান অৰ্থীনীতি আৰু ইয়াৰ অধিকাৰ অৰ্থনীতি অৰ্থাৎ পূৰ্বৰ অৰ্থনীতিৰ মাজত কিছুমান প্ৰভেদ পৰিলক্ষিত হয়। সেইয়া হ'ল-

(ক) চীনৰ অধিকাৰ অৰ্থনীতিয়ে আমদানিৰ পৰিৱৰ্তে ঘৰুৱা পণ্যৰ ওপৰত নি্ৰ্ভৰশীল হোৱাৰ নীতিত গুৰুত্ব দিছিল। কিন্ত চীনৰ বৰ্তমানৰ অৰ্থনীতিয়ে বৰ্হি দেশৰ সৈতে সম্পৰ্ক প্ৰতিষ্ঠা কৰি চীনৰ প্ৰয়োজনীয় সামগ্ৰীৰ অন্য দেশৰ পৰা আমদানিৰ ওপৰত গুৰুত্ব দিয়ে।

(খ) চীনৰ অধিকাৰ অৰ্থনীতিয়ে বৈদেশিক বিনিয়োগ আৰু মুক্ত বিশ্ব অৰ্থ ব্যৱস্থাৰ পোষকতা আৰু গ্ৰহণ কৰা নাছিল। কিন্ত চীনৰ বৰ্তমান অৰ্থনীতিয়ে মুক্ত বিশ্ব অৰ্থনীতিৰ পোষকতা কৰে আৰু অৱলম্বন কৰে।

(গ) চীনৰ অধিকাৰ অৰ্থনীতিয়ে দেশীয় অৰ্থনীতিত বজাৰ ব্যৱস্থাৰ পোষকতা কৰা নাছিল কিন্ত চীনৰ বৰ্তমান অৰ্থনীতিয়ে এই বজাৰ ব্যৱস্থাৰ পোষকতা কৰে আৰু অনুকৰণ কৰে।

    এনেদৰে চীনৰ বৰ্তমান অৰ্থনীতি আৰু অধিকাৰ অৰ্থনীতিৰ মাজত বহুতো প্ৰভেদ বা পাৰ্থক্য দেখিবলৈ পোৱা যায়।


 ৯। ইউৰােপীয় ৰাষ্ট্রসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিচৰ সমস্যাবােৰ কেনেদৰে সমাধান কৰিছিল? ইয়াক সমাধানৰ উদ্দেশ্যে ইউৰােপীয় সংগঠন গঠন কৰাৰ প্রচেষ্টাটো বর্ণনা কৰা । 


১০। ইউৰােপীয় সংঘক কিহে এটা প্রতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰিছে ।

Ans: দ্বিতীয় বিশ্বযুদ্ধই ইউৰোপৰ দেশসমূহৰ সকলো ক্ষেত্ৰতে ব্যাপক ক্ষতি সাধন কৰে। এই যুদ্ধৰ ফলত ইউৰোপৰ দেশসমূহৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ভাঙি পৰে।ফলত এই দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্যাপক সমস্যাৰ সন্মুখীন হয়। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অৰ্থাৎ এই সমস্যা সমূহ সমাধান কৰিবলৈ ইউৰোপীয় দেশসমূহে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা মাৰ্শ্বাল আঁচনিৰ অধীনত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ব্যাপক হাৰত অৰ্থনৈতিক সাহায্য গ্ৰহণ কৰে। তাৰোপৰি পূব ইউৰোপৰ দেশসমূহক বাদ দি ইউৰোপৰ বহুবোৰ দেশে নিজৰ নিৰাপত্তা আৰু উন্নতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন NATO সামৰিক মিত্ৰজোঁটত অংশগ্ৰহণ কৰে। মাৰ্শ্বাল আঁচনিৰ অধীনত পশ্চিম ইউৰোপৰ অৰ্থনৈতিক পুনৰ নিৰ্মাণ বাবে ১৯৪৮ চনত ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা গঠন কৰা হয়। এই সন্থাক পশ্চিম ইউৰোপৰ দেশসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতাৰ মঞ্চ বা মাধ্যম হিচাপ ব্যৱহাৰ কৰে আৰু এই সন্থাই দেশসমূহৰ মাজৰ বাণিজ্য প্ৰসাৰিত কৰাতো অৰিহণা যোগাই। এই সহযোগিতাৰ অংশ স্বৰূপে ১৯৪৯ চনত দ্যা কাউন্সিল অব ইউৰোপ গঠন কৰা হয়। এই সংগঠনে ইউৰোপৰ দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। তাৰ পিছত ইউৰোপীয় সংসদ গঠন কৰা হয় যি ইউৰোপৰ দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰণৰ বাবে অত্যন্ত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰে।এনেদৰে ইউৰোপৰ দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইয়াৰ সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰিছিল আৰু পদক্ষেপ লৈছিল।

        দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আৰম্ভ হোৱা শীতল যুদ্ধই ইউৰোপৰ দেশসমূহৰ     মাজত এক ধৰণৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ সূচনা কৰে । প্ৰথমে সকলো ইউৰোপৰ দেশেসমূহ একত্ৰিত হৈ অৰ্থনৈতিক উন্নতি, সহযোগিতা আৰু বাণিজ্যিক প্ৰসাৰতা বাবে ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা গঠন কৰে; দ্বিতীয়তে ৰাজনৈতিক সহযোগিতা বাবে ১৯৪৯ চনত দ্যা কাউন্সিল অব ইউৰোপ; তৃতীয়তে ১৯৫৭ চনত ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় আৰু চতুৰ্থতে সেই দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা প্ৰসাৰণৰ হকে ইউৰোপীয় সংসদ গঠন কৰে। এনেদৰে ছোভিয়েট সংঘৰ পতনৰ পাছত ইউৰোপৰ দেশসমূহৰ মাজৰ একত্ৰীকৰণ প্ৰক্ৰিয়াই দ্ৰুত গতি লাভ কৰে আৰু অৱশেষত উক্ত ঐক্যবদ্ধ প্ৰচেষ্টাৰ অন্তত ১৯৯২ চনত উক্ত ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ ইউৰোপীয় সংঘ গঠন কৰে। এই সংঘই ইউৰোপৰ দেশসমূহৰ মাজত একাধিক উমৈহতীয়া নীতি আৰু সহযোগিতা নিমাৰ্ণত যথেষ্ট অৰিহণা যোগালে।


 ১১। ভাৰতবর্ষ আৰু চীনৰ বর্তমান অর্থনৈতিক উত্থানে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে । তুমি এই উক্তিটোৰ লগত একমতনে ? তােমাৰ যুক্তিযুক্ততা দিয়া । 

Ans: ভাৰত আৰু চীন দুয়োখন ৰাষ্ট্ৰই এছিয়াৰ একো একোটা প্ৰতিপত্তিসম্পন্ন শক্তি। সাম্প্ৰতিক কালত দুয়োখন ৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। দুয়োখন দেশেই নিজৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্ব বুজি উঠিছে। দুয়োখন দেশৰ অৰ্থনীতিয়েই বৰ্তমান আন্তৰ্জাতিক ৰাজনীতিত যথেষ্ট স্বীকৃতি লাভ কৰিছে আৰু দুয়োখন দেশেই এছিয়াৰ অৰ্থনীতি তথা ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিছে।গতিকে ভাৰত আৰু চীন এছিয়াৰ লগতে পৃথিৱীৰ ভিতৰতে দুখন ডাঙৰ আৰু শক্তিশালী অৰ্থনীতি।

      সেয়ে মই ভাৱো যে ভাৰত আৰু চীনৰ অৰ্থনৈতিক উন্নয়নে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সক্ষম হ'ব। কাৰণ একক শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে চীন আৰু ভাৰতত উৎপাদিত পণ্যয়ো বৰ্তমান পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে। যেনে ভাৰতৰ আৰু চীনৰ ধান, ভাৰতৰ অসমৰ চাহপাত, পাটমোগাৰ কাপোৰ সমগ্ৰ বিশ্বতেই বিখ্যাত। চীনৰ অৰ্নীতিৰ এনে উন্নতিয়ে বিশ্বত আধিপত্য লাভ কৰি থকা এক মেৰুযুক্ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। তদুপৰি চীন আৰু ভাৰতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো বৃহৎ পৰিমাণে উন্নতি সাধন কৰিছে, আগুৱাই গৈছে আৰু বিশ্বৰ প্ৰেক্ষাপটত স্হান দখল কৰিবলৈ সক্ষম হৈছে।দুয়ো ৰাষ্ট্ৰই বিশেষকৈ চীনে প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষভাৱে চমক দেখুৱাবলৈ সক্ষম হৈছে।চীন আৰু ভাৰতৰ বহুতো প্ৰযুক্তি কৌশল বৰ্তমান আমেৰিকাৰ লগতে বহু ৰাষ্ট্ৰই অনুসৰণ কৰে ।তদুপৰি চীন আৰু ভাৰতৰ অৰ্থনীতিয়ে ক্ৰমান্বয়ে এছিয়া বিশেষকৈ দক্ষিণ এছিয়াৰ অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰি তোলাৰ প্ৰচেষ্টা চলাইছে আৰু তাৰ ফলত এই অঞ্চলৰ আৰ্থ-ৰাজনৈতিক ঘটনা প্ৰৱাহৰ ওপৰতো দুয়ো দেশৰ প্ৰভাৱ বৃদ্ধি পাব ধৰিছে।তদুপৰি চীনে লেটিন আমেৰিকা তথা আফ্ৰিকাৰ দেশসমূহৰ লগতো ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে সেই দেশসমূহত বিনিয়োগ কৰি তথা বিভিন্ন ধৰণে সাহায্য প্ৰদান কৰি তৃতীয় বিশ্বৰ এক শক্তিশালী অৰ্থনৈতিক নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বিশ্ব অৰ্থনীতিতো চীনে তৃতীয় বিশ্বৰ নেতৃত্ব গ্ৰহণ কৰিছে। ১৯৯১ চনৰ ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰত আৰু চীন দুই ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক ক্ষেত্ৰত এক ভাল সম্পৰ্ক গঢ়ি উঠে। ১৯৯২ চনত  দুই ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৩৩৮ নিযুত মাৰ্কিন ডলাৰ আৰু ২০০৬ চনত এই পৰিমাণ হয় ১৮ বিলিয়ন মাৰ্কিন ডলাৰ। ১৯৯৯ চনৰ পৰা চীন আৰু ভাৰতৰ মাজৰ বাণিজ্য বছৰি ৩০ শতাংশ হাৰত বৃদ্ধি পাব ধৰিছে। বিশ্ব বাণিজ্য সংস্হাৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানতো ভাৰত আৰু চীনে একে ধৰণৰ নীতি গ্ৰহণ কৰি আহিছে। এই দুই শক্তিশালী দেশৰ একক প্ৰচেষ্টাতকৈ ঐক্যবদ্ধ প্ৰচেষ্টাই এক মেৰুৰ বিশ্বৰ অৰ্থনীতিৰ সৈতে অতি সহজভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব আৰু তাৰ বাবে প্ৰয়োজন হ'ব দুই ৰাষ্ট্ৰৰ মাজত ঐক্যতা আৰু সহযোগিতাৰ।


১২৷ ভাৰত আৰু চীনৰ বিবদমান বিষয়বােৰ চিনাক্ত কৰা ইয়াৰ সমাধানৰ বাবে উপায় নিৰূপণ কৰা।

 

১৩। অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পর্কে চমুকৈ আলােচনা কৰা ।


১৪। ইউৰােপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্ৰৰ বিষয়ে লিখা ।

Ans: ইউৰোপীয় সংঘৰ প্রভাৱৰ দুটা ক্ষেত্ৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

(1) অর্থনৈতিক ক্ষেত্র: (ⅰ) অর্থনৈতিক ক্ষেত্ৰত ইউৰোপিয়ন সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ তিনি গুণ বেছি অংশ বিশ্ব বাণিজ্যত দখল কৰি আছে।

(ii) ইয়াৰোপৰি ইউৰোপীয় সংঘৰ 'ইউৰো'য়ে আমেৰিকাৰ 'ডলাৰ'ক প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছে।

(2) সামৰিক ক্ষেত্র: (ⅰ) সামৰিক ক্ষেত্ৰত ইউৰোপীয় সংঘই বিশ্বৰ ভিতৰতে দ্বিতীয় প্রভাৱশালী স্থানত আছে আৰু ইয়াৰ সামৰিক ব্যয়ও যথেষ্ট বেছি।

(ii) ইউৰোপীয় সংঘৰ দুই সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্রান্স পাৰমাণবিক


 চমু উত্তৰৰ প্রশ্ন 

১। প্রেমিয়াৰ চৌ এল’লাই আগবঢ়োৱা চাৰিটা আধুনিকীকৰণ ’ প্রস্তাৱ উল্লেখ কৰা । 


২। চমুটোকা লিখা চীনৰ নতুন অর্থনৈতিক নীতি


৩। ভাৰত চীনৰ সীমা বিবাদ বর্ণনা কৰা । 

Ans:  চীন আৰু ভাৰতৰ সম্পৰ্কত ব্যাঘাত জন্মোৱা এক মূল উৎস হ'ল দুই দেশৰ মাজত থকা সীমা বিবাদ। এই লৈ দুয়ো ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটি থাকে। ১৯৫০ চনত চীনে তিব্বতক নিজৰ কৰ্তৃত্বলৈ অনাৰ প্ৰশ্নত তথা চীন আৰু ভাৰতৰ মাজৰ সীমাৰ চূড়ান্তকৰণৰ প্ৰশ্নত দুয়োখন দেশৰ মাজত মতানৈক্য গঢ়ি উঠে। ১৯৬২ চনত অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সৃষ্টি হয়। সীমা বিবাদ নিষ্পত্তিৰ লক্ষ্যেৰে দুই ৰাষ্ট্ৰৰ মাজত ১৯৮১ চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হয়। ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীত চীন ভ্ৰমণৰ পিছৰ পৰা দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাৱ বৰ্তাই ৰাখিবৰ বাবে চেষ্টা চলাই আহিছে।


৪। চমুটোকা লিখাঃ ইউৰােপীয় সংঘ 


৫। ইউৰােপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিলে চমুকৈ বর্ণনা কৰা ।


 ৬। ইউৰােপীয় ইউনিয়নে সামৰিক ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱৰ বিষয়ে চমুকৈ বর্ণনা কৰা । 


৭। ইউৰােপীয় ইউনিয়নৰ আচহুৱা আচৰণৰ বিষয়ে চমুকৈ লিখা । 


৮। ' আছিয়ান পথ ’ বুলিলে কি বুজা ? 


৯। ‘ আছিয়ান অর্থনৈতিক পৰিষদৰ লক্ষ্য চমুকৈ বর্ণনা কৰা । 


১০। আছিয়ান'ৰ দুটা লক্ষ্য উল্লেখ কৰা।

Ans: আছিয়ান'ৰ দুটা লক্ষ্য হ'ল: 

১)অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা।

২) আঞ্চলিক স্থিৰতা আৰু শান্তি স্থাপন কৰা।


১১। ‘ আছিয়ান ’ অন্তদৃষ্টি ২০২০ ৰ লক্ষ্য বর্ণনা কৰা । 


১২। ‘ আছিয়ান ’ নিৰাপত্তা পৰিষদৰ উদ্দেশ্য বর্ণনা কৰা ।

Ans: ‘আছিয়ান’ নিৰাপত্তা পৰিষদৰ দুটা উদ্দেশ্য হ'ল: 

(১) শান্তি সম্প্ৰীতি তথা নিৰাপত্তা বজাই ৰখা।

(২) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ কাৰ্যত হস্তক্ষেপ নকৰা।


১৩। ইউৰােপীয় সংঘ গঠন হােৱাৰ দুটা কাৰণ লিখা ।

Ans:  ইউৰোপীয় সংঘ গঠনৰ বহুতো কাৰণ আছে। তাৰে দুটা কাৰণ হ'ল-

(ক) ইউৰোপীয় সংঘ প্ৰতিষ্ঠাৰ এক মূল কাৰণ হ'ল ইউৰোপীয় দেশসমূহৰ মাজত একতা,সহযোগিতা আৰু শান্তি প্ৰতিষ্ঠা কৰা;

(খ) এই সংঘ গঠনৰ অন্য কাৰণ হ'ল ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক,ৰাজনৈতিক,সাংস্কৃতিক, সামৰিক আদি সকলো ক্ষেত্ৰত বিকাশ আৰু উন্নতিৰ এক মঞ্চ গঠন  কৰা যি হ'ল ইউৰোপীয় সংঘ।


অতি চমু উত্তৰৰ প্রশ্নঃ

 ১। তৃতীয় বিকল্প শক্তিৰ কেন্দ্রস্থ বুলি কোনখন দেশক কোৱা হয় । 

Ans: তৃতীয় বিকল্প শক্তিৰ কেন্দ্রস্থ বুলি চীন দেশক কোৱা হয়।


২। চীনে কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পর্ক উন্নত কৰাত সিদ্ধান্ত গ্রহণ কৰিছিল । 

Ans:  চীনে ১৯৭২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পর্ক উন্নত কৰাত সিদ্ধান্ত গ্রহণ কৰিছিল । 


৩। কোনে চীনত ‘ মুক্ত দ্বাৰ ’ ( Open Door ) নীতি ঘােষণা কৰিছিল ।


 ৪। মুক্ত দুৱাৰ ’ নীতি বুলিলে তুমি কি বুজা ? 

Ans: চীনৰ উৎপাদন আৰু আয় বৃদ্ধিৰ স্বাৰ্থত বিদেশী ৰাষ্ট্ৰসমূহক চীনত বিনিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ ১৯৭৮ চনত ডেং জিয়াওপিংয়ে চীনত গ্ৰহণ কৰা নীতিক মুক্ত দুৱাৰ নীতি বোলে।


 ৫। চীনে কোন চনত বিশ্ব বাণিজ্যিক সংস্থা'ত যােগদান কৰিছিল। 


৬। চীন - ভাৰতৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল ?

Ans: চীন - ভাৰতৰ যুদ্ধ ১৯৬২ চনৰ অক্টোবৰত সংঘটিত হৈছিল।


 ৭। ভাৰতৰ প্ৰধানমন্ত্রী ৰাজীৱ গান্ধীয়ে কোন চনত চীন ভ্রমণ কৰিছিল । 

Ans: ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ১৯৮৮ চনত চীন ভ্ৰমণ কৰিছিল।


৮। ইউৰােপীয় সংঘ কোন চনত গঠন হৈছিল ?

Ans: ইউৰােপীয় সংঘ ১৯৯২ চনত গঠন হৈছিল।


৯। ইউৰােপীয় ইউনিয়নে ব্যৱহাৰ কৰা মুদ্ৰাটোৰ নাম কি ? 

Ans: ইউৰােপীয় ইউনিয়নে ব্যৱহাৰ কৰা মুদ্ৰাটোৰ নাম হ'ল: ইউৰো।


১০। আছিয়ান ’ কোন চনত প্রতিষ্ঠিত হৈছিল ? 

Ans: আছিয়ান ১৯৬৭ চনত প্ৰতিষ্ঠিত হৈছিল।


১১। আছিয়ান’ৰ এটা লক্ষ্য উল্লেখ কৰা।

Ans: আছিয়ান’ৰ এটা লক্ষ্য হ'ল: অৰ্থনৈতিক উন্নতিৰ মনোনিবেশ কৰা।


 ১২। ‘ আছিয়ান ’ গােষ্ঠীৰ এটা স্তম্ভৰ নাম লিখা । 


১৩। আছিয়ান আঞ্চলিক মঞ্চ ’ ( ARF ) কোন চনত প্রতিষ্ঠিত হৈছিল ? 

Ans: আছিয়ান আঞ্চলিক মঞ্চ ’ ( ARF ) ১৯৯৪ চনত প্ৰতিষ্ঠিত হৈছিল।


১৪। ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা।

Ans: ASEAN ৰ সম্পূৰ্ণ ৰূপটো হ'ল: Association of South-East Asian Nation.


 ১৫। ভাৰত আছিয়ানৰ এখন সদস্য ৰাষ্ট্র ( হয় নে নহয় লিখা )


অতিৰিক্ত সম্ভাৱ্য প্রশ্নাৱলী • 

অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ১ নম্বৰৰ ) 

১ । মার্শাল পৰিকল্পনা মানে কি?

Ans: দ্বিতীয় মহাযুদ্ধৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঠনিটো পুনৰুজ্জীৱিত কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰা ব্যৱস্থাটোকে 'মাৰ্শ্বাল পৰিকল্পনা' বোলি কোৱা হয়।


২ । ইউৰােপিয়ান ইউনিয়নে ব্যৱহাৰ কৰা সমুহীয়া মুদ্ৰাক কি নামেৰে জনা যায় ।


 ৩ | ASEAN ৰ সম্পূর্ণ নামটো কি?

Ans:  ASEAN ৰ সম্পূৰ্ণ নামটো হ'ল: Association of South-East Asian Nation. 


৪।  বেংকক ঘােষণাপত্র কি?

Ans: বেংকক হৈছে ১৯৬৭ চনত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড স্বাক্ষৰ কৰা এখন ঘােষণাপত্র । 


৫। কোন বছৰত ARF ৰ প্রতিষ্ঠা হৈছিল? 

Ans: ১৯৯৮ চনত ARFৰ প্ৰতিষ্ঠা হৈছিল।


৬। ভাৰতবর্ষ আছিয়ানৰ সদস্য নহয়নে?

Ans: ভাৰতবর্ষ আছিয়ানৰ সদস্য নহয়।


 ৭। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? 

Ans: চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও-চে-টুং।


৮। খােলা দুৱাৰৰ নীতি কি?

Ans: খোলা দুৱাৰৰ নীতি হ'ল: চীনদেশৰ অর্থনৈতিক সংস্কাৰ আঁচনি ।


 ৯ । ‘চাৰি আধুনিকীকৰণ' বুলিলে কি বুজা?

Ans: ‘চাৰি আধুনিকীকৰণ' বুলিলে আধুনিকীকৰণ চাৰিটা ক্ষেত্ৰক বুজো।


 ১০। কোন বছৰত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল?

Ans: ১৯৯৮ চনত প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্রমণ কৰিছিল?


১১।  কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?

Ans: ২০০৯ চনত একক বজাৰৰ সৃষ্টি কৰা হৈছিল।


 ১২। ইউৰােপিয়ান ইউনিয়ন কেতিয়া গঠিত হৈছিল? 


১৩। কোন বছৰত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল? 

Ans: ১৯৬৭ চনত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল।


১৪। চীনে কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?

Ans: চীনে ২০০১ চনত বিশ্ব বাণিজ্য সন্থাৰ সদস্য হৈছিল।


 ১৫। মিষ্টিটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

Ans: মিষ্টিটৰ সন্ধি ১৯৯২ চনত স্বাক্ষৰিত হৈছিল।


 ১৬। চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্য লিখা। 

Ans: চীন দেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । এতিয়াও চীনৰ কর্মপ্রার্থী সংখ্যা প্রায় ১০ কোটি । 


১৭ । ১৯৫০ চনত তিবৃতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা কোন আছিল? 


১৮। ১৯৭২ চনত চীনে কোনখন প্রধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল? 

Ans: ১৯৭২ চনত চীনে আমেৰিকাৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল? 


১৯। ইউৰােপীয় সংঘৰ মুঠ সদস্য সংখ্যা কিমান?

Ans: ইউৰােপীয় সংঘৰ মুঠ সদস্য সংখ্যা 24 খন।


 ২০। WTO ৰ সম্পূর্ণ নামটো কি?

Ans: WTO ৰ সম্পূৰ্ণ নামটো হ'ল: World Trade Organisation.


চমু উত্তৰৰ আদর্শ প্রশ্ন  ( ২ নম্বৰৰ ) 

১ । ৰাষ্ট্ৰসংঘৰ ইউৰােপীয় সংঘৰ পৰা স্থায়ী সদস্য হােৱা দেশবােৰৰ নাম লিখা ।


২ । ইউৰােপীয় ৰাষ্ট্ৰসমূহৰ মাজত সংহতি প্রতিষ্ঠা কৰাত শীতল যুদ্ধই অৰিহণা যােগাইছিল বুলি তুমি ভাবানে?


৩।  ASEAN ৰ উদ্দেশ্যবােৰ কি কি?

Ans: ASEAN ৰ দুটা মূল উদ্দেশ্য হ'ল-

(ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা;

(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।


৪।  তুমি ভাবানে যে ইউৰােপীয় সংঘই একজাতি ৰাষ্ট্রৰ দৰে কাম কৰিবলৈ লৈছে? কাৰণ দর্শোৱা । 

Ans: এটা সময়ৰ লগে লগে ইউৰোপীয় সংঘই এক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ হিচাপে অধিক কাম কৰিবলৈ আৰম্ভ কৰিছে। ইউৰোপীয় সংঘৰ বাবে সংবিধানৰ খচৰা প্ৰস্তুতৰ বাবে ককা-আইতাহঁতৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে যদিও ইয়াৰ নিজস্ব পতাকা, সংগীত, প্ৰতিষ্ঠা দিৱস আৰু মুদ্ৰা আছে। অন্য জাতিৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে সাধাৰণ বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে।


৫। খালী ঠাই পূৰণ কৰা । 

মুখ্যতঃ                  আৰু                     অঞ্চলক লৈ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমা বিবাদ হৈছিল । 

Ans: মুখ্যতঃ অৰুণাচল আৰু লাডাখৰ আকচাই চীন অঞ্চলক লৈ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমা বিবাদ হৈছিল । 


৬। ভাৰতে FTAS তস্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা । 

Ans: ভাৰতে FTAS তস্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম হ'ল: ছিংগাপুৰ আৰু থাইলেণ্ড।


৭।  আঞ্চলিক সংগঠন প্রতিষ্ঠা কৰাৰ প্রধান উদ্দেশ্য কি আছিল?

Ans: আঞ্চলিক সংগঠন প্ৰতিষ্ঠা কৰাৰ প্ৰধান উদ্দেশ্য হ'ল: আইনৰ অনুশাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু স্থিবতা বজাই ৰখা। 


৮।  ইউৰােপীয় সংঘ গঠন হােৱাৰ দুটা কাৰণ উল্লেখ কৰা। 

Ans:  ইউৰোপীয় সংঘ গঠনৰ বহুতো কাৰণ আছে। তাৰে দুটা কাৰণ হ'ল-

(ক) ইউৰোপীয় সংঘ প্ৰতিষ্ঠাৰ এক মূল কাৰণ হ'ল ইউৰোপীয় দেশসমূহৰ মাজত একতা,সহযোগিতা আৰু শান্তি প্ৰতিষ্ঠা কৰা;

(খ) এই সংঘ গঠনৰ অন্য কাৰণ হ'ল ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক,ৰাজনৈতিক,সাংস্কৃতিক, সামৰিক আদি সকলো ক্ষেত্ৰত বিকাশ আৰু উন্নতিৰ এক মঞ্চ গঠন  কৰা যি হ'ল ইউৰোপীয় সংঘ।


৯। EW ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। 

Ans: EW ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম হ'ল: ফ্রান্স আৰু ব্রিটেইন। 


১১। চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা।

Ans:  চীনৰ নতুন অৰ্থনৈতিক নীৰ্তিৰ দুটা অসুবিধা হ'ল:

(ক) চীন দেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

(খ) চীন দেশত অর্থ ব্যৱস্থাৰ প্রভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্রেণীবনাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই । 


 ১২ । কোনখন দেশে ১৯৯৫ চনৰ জানুৱাৰীত EU ত যােগদান কৰিছিল?


 ১৩। ১৯৯২ চনত কোন আঞ্চলিক সংগঠন গঠিত হৈছিল?

Ans: ইউৰােপীয় সংঘ ।


 ১৪। ইউৰােপীয় সংঘৰ দুটা লক্ষ্য লিখা।

Ans: ইউৰােপীয় সংঘৰ দুটা লক্ষ্য হল— 

( ক ) শান্তি আৰু সহযােগিতা বৃদ্ধি কৰা । 

( খ ) অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক ঐক্য প্রতিষ্ঠা কৰা । 


 ১৫। বৰ্তমানৰ চীনা অর্থনীতি কিদৰে ব্যৱহাৰিক অর্থনীতিৰ পৰা পৃথক? 


১৬। মস্ত্রিখেট সন্ধিয়ে কি বুজায়?

Ans: মস্ত্ৰিখেট সন্ধি ১৯৯২ চনত এই চুক্তি স্বাক্ষৰিত কৰা হৈছিল আৰু এই চুক্তিৰ ফলতেই ইউৰােপীয় সংঘ গঠনৰ পথ মুকলি হৈছিল । 


 ১৭। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত কি প্রধান প্রত্যাহ্বানৰ সৃষ্টি হৈছিল?

Ans: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপক পুনৰ কেনেদৰে অর্থনৈতিভাৱে সবল কৰি তুলিব পাৰি।


১৮।                     পৰিকল্পনাই                           চনত ইউৰােপীয় অর্থনৈতিক সহযােগিতা সংগঠন স্থাপনত প্ৰভাৱ বিস্তাৰ কৰিছিল?


 ১৯। আছিয়ান’ৰ দুখন সদস্য ৰাষ্ট্ৰৰনাম লিখা যাৰ সৈতে ভাৰতবৰ্ষইমুক্ত বাণিজ্যৰ ক্ষেত্ৰত স্বাক্ষৰ কৰিছে।


 • চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ৪ নম্বৰৰ ) 

১ ।‘ সময়ৰ লগে লগে ইউৰােপীয় সংঘ এটা অর্থনৈতিক সংঘৰ পৰা এক বর্ধিত ৰাজনৈতিক সংঘলৈ বিকশি উঠিছে                       ব্যাখ্যা কৰা ।


 ২। চৌ এন লাই চীনত প্রস্তুত কৰা আধুনিকীকৰণৰ প্ৰস্তাৱ চাৰিটা উল্লেখ কৰা।


৩। স্থবিতা আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অর্থনৈতিক নীতিৰ বিষয়ে চমুকৈ আলােচনা কৰা ৷ 


৪। অর্থনৈতিক সংস্কাৰে চীনত প্ৰতিগৰাকী ব্যক্তিকে স্পর্শ কৰিব পাৰিছিল বুলি তুমি ভাবানে? যুক্তি দিয়া। 


 ৫ । আছিয়ান অন্তঃদৃষ্টি ২০২০ ৰ উল্লেখযােগ্য দিশবােৰ কি কি? 


৬। ASEAN ত ভাৰতৰ স্থিতি আৰু মর্যাদাৰ বিষয়ে লিখা। 


৭ । ASEAN আঞ্চলিক মঞ্চৰ ( ARE ) সদস্যসকল কোন? 


৭। ইউৰােপীয় অর্থনৈতিক সম্প্রদায় ( EEC ) গঠন কৰা ৰােমৰ সন্ধিত স্বাক্ষৰ কৰা দেশ ছখনৰ নাম লিখা। 


৮। চীনা ৰাষ্ট্রপতি হু জিনটাও ২০০৬ চনৰ নৱেম্বৰত ভাৰতলৈ আহিছিল। তেওঁৰ ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহৰ বিষয়ে এটা টোকা লিখা। 


১০। ১৯৬৭ চনত ASEAN প্রতিষ্ঠা কৰা দেশ পাঁচখনৰ নাম লিখা। 


১১। ASEAN সম্প্রদায়টোৰ স্তম্ভৰ নাম আৰু উদ্দেশ্যসমূহ লিখা। 


১২। গােলকীয় স্তৰত চীনা অর্থনীতিক স্বীকৃতি প্রদান কৰা সহায়কাৰী উপাদানবােৰ লিখা । 


১৩। ইউৰােপীয় সংঘ হ’ল এটা অর্থনৈতিক সংঘতকৈ অধিক একজাতি ৰাষ্ট্রহে ' — যুক্তিযুক্ততা প্রতিপন্ন কৰা।


 ১৪। ইউৰােপীয় সংঘৰ দক্ষতা সীমিত কৰা বৈষম্যবােৰ কি কি? 


১৫। চীনা অর্থনীতিৰ উত্থান বিশ্বশক্তিৰ প্রতি তৃতীয় বিকল্প হৈ পৰিছিল কিদৰে ? 


১৬। ভৌগােলিক সন্নিকটে আঞ্চলিক সংগঠনৰ গঠনক প্ৰভাৱিত কৰে কিদৰে ?


১৭। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত দেখা দিয়া প্রধান প্রত্যাহ্বানবােৰ কি কি?


 • দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্ন  ঃ ( ৬ নম্বৰৰ ) 

১। আছিয়ান সম্প্রদায় মানে কি ? আছিয়ান সম্প্রদায়ৰ স্তম্ভ তিনিটাৰ বিষয়ে বহলাই আলােচনা কৰা?

Ans:  আছিয়ান সম্প্ৰদায় হ'ল: দক্ষিণ-পূৰ্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এটা সংস্থা, যিটো ১৯৬৭ চনত বেংককত প্ৰতিষ্ঠা কৰা হৈছিল। আছিয়ান সম্প্ৰদায়ৰ স্তম্ভ 3 টা হ'ল:

(i) আছিয়ান নিৰাপত্তা পৰিষদঃ এছিয়ান ৰাষ্ট্ৰৰ মাজত হোৱা বিবাদ সশস্ত্ৰ সংঘাতলৈ পৰিণত নহয় তাৰ উদ্দেশ্যেৰে আছিয়ান নিৰাপত্তা পৰিষদ গঠন কৰা হৈছে।

(ii) আছিয়ান অর্থনৈতিক পৰিষদঃ আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহে অর্থনৈতিক ফ্রণ্টত আগুৱাই গৈ প্রভাৱ প্রকাশ কৰিবলৈ আৰম্ভ কৰিছে আৰু এই সম্পর্কে আছিয়ান অর্থনৈতিক পৰিষদৰ কিছু লক্ষ্যও নির্ধাৰণ কৰিছে৷ যেনে- সামূহিক বজাৰ, উৎপাদন, সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন।

(iii) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদঃ ই সকলো দেশৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে সুসম্পৰ্ক বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিয়ে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য বজাই ৰখাত সহায় কৰে।


২।  ক্ষমতাৰ তিনিটা প্রধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 


৩। ভাৰতবর্ষ আৰু চীনৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা । 

Ans: ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ লৈকে চীন আৰু ভাৰতৰ মাজত বিশেষ সম্পৰ্ক নাছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত আৰু চীনে বিদেশী শক্তি বহিষ্কাৰ কৰাৰ পাছত দুয়ো দেশৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছিল। কিন্ত দুয়োখন দেশৰ মাজত থকা সীমা বিবাদে এই আশা প্ৰতিহত কৰিলে। ১৯৭৬ চন পৰ্যন্ত দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অতি দুৰ্বল আছিল। কিন্ত লাহে লাহে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ পৰিৱৰ্তন আৰু উন্নতি ঘটে। ১৯৭০ ৰ দশকত হোৱা নেতৃত্বৰ পৰিৱৰ্তন আৰু এই নতুন নেতৃত্বই বাস্তৱ দৃষ্টিভংগীৰ ওপৰত দিয়া প্ৰাধান্যৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন হয়।

       চীন আৰু ভাৰতৰ মাজত সংঘাতৰ মূল কাৰণ হ'ল সীমা। এই সীমাবিবাদ সমাধানৰ উদ্দেশ্যে দুয়ো দেশে ১৯৮১ চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰে। শীতল যুদ্ধৰ অৱসানৰ পিছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কই নতুন গতি লাভ কৰে।  ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চীন ভ্ৰমণে দুই দেশৰ মাজৰ সম্পৰ্কৰ আৰু অধিক উন্নতি সাধনত অৰিহণা যোগাই। তেতিয়াৰ পৰাই দুয়োখন দেশেই নিজৰ মাজত থকা সংঘাত নিৰাময়ৰ বাবে আৰু সীমান্ত অঞ্চলত শান্তি আৰু বন্ধুত্বৰ ভাব বৰ্তাই ৰাখিবৰ বাবে চেষ্টা কৰি আহিছে। প্ৰকৃততে দুয়ো দেশৰ মাজত পাৰস্পৰিক লাভালাভ আৰু নিৰাপত্তাৰ ভিত্তিতে ক্ৰমাৎ এইদৰে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে। তদুপৰি পৰস্পৰ মাজত সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান-প্ৰযুক্তিৰ সহযোগিতাৰ বাবেও দুয়োখন দেশৰ মাজত চুক্তি সম্পাদিত হয় যাতে ইয়াৰ দ্বাৰা দুই পক্ষই লাভাৱান্বিত হবও পাৰে আৰু এক ভাল সম্পৰ্কও বৰ্তি থাকে। পৰস্পৰ মাজত বাণিজ্যিক লেন দেনৰ বাবেও দুই ৰাষ্ট্ৰই সীমান্তৰ চাৰিটা অঞ্চল মুকলি কৰি দিছে। ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য বছৰি ৩০শতাংশ হাৰত বৃদ্ধি পাবলৈ ধৰিছে। তাৰোপৰি চীনৰ বাবে ভাৰত বহু লাভৱান। বৰ্তমান সময়ত উত্তৰ-পূব ভাৰত, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত চীনত উৎপাদিত ইলেক্ট্ৰনিক সামগ্ৰীৰ যথেষ্ট পয়োভৰ ঘটিছে। ভাৰতত উৎপাদিত সামগ্ৰীতকৈ চীনৰ উৎপাদিত সামগ্ৰীৰ দাম কম হোৱাৰ বাবে আৰু প্ৰযুক্তিগতভাৱে এনে সামগ্ৰীৰ মান উন্নত হোৱাৰ বাবে ই ভাৰতৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এনেদৰে পৰস্পৰ লাভালাভ, সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থৰ বাবে চীন আৰু ভাৰতৰ মাজত এক ভাল সম্পৰ্ক গঢ়ি উঠিছে। কাৰণ দুই পৰস্পৰৰ বাবে লাভদায়ক । কিন্ত দুই ৰাষ্ট্ৰৰ মাজত সংঘাৰ অন্ত এতিয়াও হোৱা নাই। এনে বহু ক্ষেত্ৰ আছে যাক লৈ দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানো বিবাদৰ সৃষ্টি হৈ থাকে সেই সমূহ হ'ল যেনে- সীমা বিবাদ , ব্ৰহ্মপুত্ৰ নদীত চীনে প্ৰস্তত কৰা নদী বান্ধক আদিক লৈ। 

      এনে বহু বিবাদ আছে যদিও দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমান এক যথেষ্ট ভাল সম্পৰ্ক বৰ্তি আছে।


৪।  ASEAN সম্প্রদায় গঠনৰ প্ৰচেষ্টাৰ বিষয়ে চমুকৈ লিখা ।


 ৫ । ভাৰত আৰু চীনৰ মাজৰ বিবদমান বিষয়বােৰৰ নিষ্পত্তিৰ বাবে তােমাৰ পৰামৰ্শ আগবঢ়োৱা ।


৬ । তলত দিয়া শিৰােনামৰ অধীনত ইউৰােপীয় সংঘৰ বিষয়ে এটা টোকা লিখা।

 ( ক ) আৰম্ভণি

 ( খ ) উদ্দেশ্য আৰু লক্ষ্য ।

 ( গ ) তাৎপর্য


৭। ইউৰােপীয় সংঘৰ প্ৰভাৱৰ প্ৰধান ক্ষেত্ৰবোৰ কি কি? বিশদভাৱে আলােচনা কৰা।


৮।  কিহে ইউৰােপীয় সংঘক এক উচ্চ প্রভাৱশালী আঞ্চলিক সংগঠন কৰি তুলিছে?

৯।  EU ৰ ৰাজনৈতিক আৰু কূটনৈতিক প্রভাৱৰ বিষয়ে লিখা ।

 ১০। চীনৰ দ্রুত অর্থনৈতিক বিকাশ হােৱা সত্ত্বেও তাত এতিয়াও কিছুমান অর্থনৈতিক প্রত্যাহ্বান বর্তি আছে । এই প্রত্যাহ্বানসমূহ উল্লেখ কৰা । 


১১। দেশসমূহৰ শান্তি আৰু সমৃদ্ধি নিহিত থাকে আঞ্চলিক অর্থনৈতিক সংগঠনৰ প্রতিষ্ঠা আৰু সবলীকৰণত । উক্তিটোৰ যুক্তিযুক্ততা নির্ণয় কৰা ।


 ১২। ভাৰত আৰু চীনৰ মাজৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় বিবাদৰ চমুকৈ ব্যাখ্যা কৰা । 


১৩। যদিও চীনা অর্থনীতিয়ে নাটকীয়ভাৱে উন্নতি লাভ কৰিছিল তথাপি তাত এতিয়াও উন্নয়নে ঢুকি নােপােৱা ক্ষেত্র আছে । তেনে ক্ষেত্ৰবােৰ উল্লেখ কৰা। 


১৪। বিশ্ব ৰাজনীতিত চীনৰ ভূমিকা উল্লেখ কৰা?


 ১৫। অর্থনৈতিক ক্ষমতা হিচাপে চীনৰ উত্থানৰ বিষয়ে আলােচনা কৰা।



Type- Nayan Jyoti Bordoloi