মনোবিজ্ঞানৰ ধাৰণা আৰু লক্ষ্য | Concept and Aims of Psychology | Chapter 4 | অধ্যায় ৪ | HS 1st Year Education Answer Assamese Medium | Class 11 Education Solution Assamese Medium | Free Question Answer Education | Higher Secondary First Year Education | Assam HS School Education Solution | Education Model and Notes | Class 11 Education Books PDF Download Free | Free Answer PDF Download Education | Assam Board | উচ্চতৰ মাধ্যমিক শিক্ষা একাদশ শ্ৰেণীৰ বাবে | ফুনু দাস শৰ্মা আৰু উতপল কলিতা | অসম বুক ডিপো | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বিষয়ৰ উত্তৰ |


HS 1st Year Education
মনোবিজ্ঞানৰ ধাৰণা আৰু লক্ষ্য
Concept and Aims of Psychology


১) মনোবিঞ্জান কি ?
উত্তৰঃ মনোবিজ্ঞান শব্দৰ অৰ্থ হৈছে  আত্মাৰ বিজ্ঞান। এই দিশৰ পৰা মনোবিজ্ঞানৰ অৰ্থ হৈছে আত্মাৰ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে আত্মাৰ অধ্যয়ন।

২) মনোবিঞ্জান শব্দটোৰ উৎপত্তি সম্বন্ধে লিখা ?

উত্তৰঃ মনোবিজ্ঞান( Psychology) শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়। 'Psyche' শব্দৰ অৰ্থ হৈছে আত্মা আৰু  'Logos' শব্দৰ অৰ্থ হৈছে বিজ্ঞান।

৩) শিক্ষাৰ মনোবিঞ্জানৰ  পিতৃ বুলি কাক অভিহিত কৰা হয় ?

উত্তৰঃ জে. এইচ. পেষ্টালজীক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

৪) মনোবিঞ্জান আৰু শিক্ষা মনোবিঞ্জানৰ মাজত থকা এটা পাৰ্থক্য লিখা।

উত্তৰঃ মনোবিজ্ঞানৰ ধাৰণা অতি পুৰণি কিন্তু শিক্ষা মনোবিজ্ঞানৰ ধাৰণা নতুন।

৫) মনোবিঞ্জান হল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিঞ্জান- কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ মনোবিঞ্জান হল প্ৰাণীমাত্ৰেই আচৰণৰ প্ৰত্যক্ষ বিঞ্জান ।- কথাষাৰ কৈছিল মেক্ডুগালে।


৬) শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ  শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি হল-

১) আভ্যন্তৰীণ নিৰীক্ষণ

২) বাস্তৱ নিৰীক্ষণ


৭) শিক্ষাৰ -মনোবিঞ্জান কি ? শিক্ষাৰ-মনোবিঞ্জানৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ সাধাৰণ অৰ্থত, শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক দিশ। শিক্ষণীয় পৰিৱেশত সাধাৰণ মনোবিজ্ঞানৰ নীতি, নিৰ্দেশনা আৰু নতুন উদ্ভাৱনৰ সফল প্ৰয়োগত শিক্ষা মনোবিজ্ঞানে বিশেষ সহায় কৰে।
    বৰ্তমান শিক্ষা-মনোবিজ্ঞানৰ তাৎপৰ্য ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ এনেভাৱে বহুল হৈছে যে ইয়াক এক স্বয়ংসম্পূৰ্ণ বিষয় হিচাপে মৰ্যাদা দিব পাৰি। আধুনিক সময়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃতি, বিভিন্নধৰণৰ দেহ-মানসিক ক্ষমতা, ব্যক্তিত্ব, শিক্ষণ পদ্ধতি, বংশগতি শিক্ষা আৰু বৃত্তিয় নিৰ্দেশনা আদি বিষয়ৰ আলোচনা শিক্ষা-মনোবিজ্ঞানে সামৰি লৈছে। শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলো প্ৰকাৰৰ মানৱ আচৰণ বিজ্ঞানসম্নতভাৱে প্ৰণালীবদ্ধ অধ্যয়ন কৰে। বহল অৰ্থত, শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ্থী, শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাদান আৰু শিক্ষণীয় পৰিবেশ আৰু মূল্যাঙ্কন এই চাৰিবিধ বিষয়বস্তুৰ ওৰত অধ্যয়ন কৰে।

তলত শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা হল-

১) মানৱ শিশুৰ বিকাশ আৰু বৃদ্ধিঃ শিক্ষা মনোবিজ্ঞানে মানৱ বিকাশৰ সকলো স্তৰ অধ্যয়ন কৰে। শিশু বিকাশৰ বিভিন্ন পৰ্যায়, বিকাশৰ বৈশিষ্ট্যসমূহ, শিশুৰ প্ৰতিটো স্তৰৰ প্ৰয়োজন আৰু আকাঙ্ক্ষা আদি বিস্ততভাৱে শিক্ষা-মনোবিজ্ঞানে অধ্যয়ন কৰে।

২) ব্যক্তি বৈষম্যৰ অধ্যয়নঃ শিক্ষা-মনোবিজ্ঞানে ব্যক্তিৰ মাজত থকা বুদ্ধি-বৃত্তি, আগ্ৰহ, মনোযোগ, ব্যক্তিত্ব আদিৰ ক্ষেত্ৰত থকা প্ৰভেদ সম্বন্ধে অধ্যয়ন কৰি শিক্ষাৰ পৰিবেশ উপযুক্ত কৰি তুলিব পাৰে। ব্যক্তিগত বৈষম্য সম্পৰ্কীয় আলোচনা কৰি শিক্ষা-মনোবিজ্ঞানে ব্যক্তিৰ প্ৰকৃতি, আচৰণ, আশা আকাঙ্ক্ষা আদিৰ বিষয়ে অধ্যয়ন কৰে।

৩) ব্যক্তিৰ আচৰণৰ অধ্যয়নঃ শিক্ষা-মনোবিজ্ঞানে ব্যক্তিৰ সহজাত প্ৰবৃত্তি, আৱেগ, অনুভূতি, মনোযোগ, স্মৃতি, অভিজ্ঞতা আদি বিভিন্ন মানসিক ক্ষমতা সম্পৰ্কে অধ্যয়ন কৰি শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সঠিকভাৱে বুজাত সহায় কৰে।



৮) মনোবিঞ্জানৰ দুটা গুৰুত্ব শাখা হিচাপে  শিশু মনোবিঞ্জান আৰু বিকাশ  সম্বন্ধীয় মনোবিঞ্জানৰ ধাৰণা দিয়া ।

উত্তৰঃ নোবিঞ্জানৰ দুটা গুৰুত্বপূৰ্ণ শাখা হিচাপে শিশু মনোবিঞ্জানৰ আৰু বিকাশ সম্ভন্ধীয় মনোবিঞ্জানৰ ধাৰনা- 

2) শিশু মনোবিজ্ঞানঃ ই মনোবিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ শাখা। ই শিশুৰ বিকাশ আৰু আচৰণৰ স্বৰূপ সম্বন্ধে আলোচনা কৰে। মনোবিজ্ঞানৰ এই শাখাই শিশুৰ জন্ম- পূৰ্বৰ পৰা জন্মৰ পাছৰ বাৰবছৰ বয়সলৈকে বিকাশৰ বিভিন্ন দিশ অন্তৰ্ভূক্ত কৰে। শিশু মনোবিজ্ঞানৰ ধাৰণা মূলত পেষ্টালজী, ডাৰউইন, ষ্টেনলী হল আদিৰ প্ৰভাৱত ১৮ শ শতিকাত বিশেষভাৱে প্ৰসাৰ লাভ কৰে। বিখ্যাত ফৰাচী দাৰ্শনিক তথা শিক্ষাবিদ ৰুচোই কৈছিল শিশুসকল প্ৰাপ্তবয়স্কসকলতকৈ সম্পূৰ্ণ পৃথক। এজন ব্যক্তিৰ পৰবৰ্তী সময়ৰ বিকাশ এই সময়ৰ ওপৰত নিৰ্ভৰশীল। শিশু মনোবিজ্ঞানে শিশুৰ শাৰীৰিক বিকাশৰ লগতে মানসিক বিকাশৰ বিভিন্ন দিশ যেনে- সংবেদন, সংবোধন, মনোযোগ, অভিৰোচন, শিক্ষণ, কল্পনা, চিন্তন আদিৰ বিস্তত অধ্যয়ন কৰে। শিশু-মনোবিজ্ঞানে শিশুৰ অপসমাযোজনমূলক সমস্যা, অপৰাধমূলক সমস্যা, বাধাগ্ৰস্তমূলক সমস্যাৰ অধ্যয়ন কৰি তাৰ সমাধানৰ পথ প্ৰসস্ত কৰি তোলে। শিশু-মনোবিজ্ঞানৰ এক প্ৰয়োগিক বিজ্ঞান হিচাপে শিশুৰ শাৰীৰিক আৰু মানসিক দিশৰ স্তৰসমূহৰ অধ্যয়ন কৰাৰ উপৰিও বিভিন্ন আচৰণ-মূলক সমস্যা, অস্বাভাৱিক ক্ৰিয়া, অনগ্ৰসৰতা আদি সম্পৰ্কেও অধ্যয়ন কৰে।

বিকাশ সম্বন্ধীয় মনোবিজ্ঞানঃ মনোবিজ্ঞানৰ এই শাখাই এজন ব্যক্তিয়ে কিদৰে ভিন্ ভিন্ বয়স আৰু বিকাশৰ স্তৰ অতিক্ৰম কৰি জীৱনত আগবাঢ়ি যায় সেই বিষয়ে আলোচনা কৰে। মানৱ জীৱনৰ বিভিন্ন স্তৰত শাৰীৰিক, মানসিক আৰু সামাজিক দিশত বহুত ধৰণৰ পৰিৱৰ্তন হয়। মানুহৰ আচৰণ জন্মৰ সময়ত অপৰিপক্ক অৱস্থাত থাকে। বিভিন্ন স্তৰ অতিক্ৰম কৰাৰ পাছতহে ই পূৰ্ণতা পায়। পোন প্ৰথমে এই শাখা কেৱল শৈশৱ আৰু কৈশোৰ কালত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমানে ই প্ৰাপ্তবয়স্কসকলৰ বিভিন্ন দিশৰ ওপৰতো আলোকপাত কৰিছে। বিকাশশীল মনোবিজ্ঞানে শিশুক কেৱল বুজিবলৈ অধ্যয়ন নকৰে, ভৱিষ্যত জীৱনত শিশুৰ বিকাশে কিদৰে কাৰ্য্যমূলক ভাৱে প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰতো অধ্যয়ন কৰে।



৯ )  শিক্ষা আৰু মনোবিঞ্জানৰ মাজত থকা  সম্বন্ধৰ বিষয়ে লিখাঁ ।

উত্তৰঃ আপাতঃদৃষ্টিত শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই পৃথক বিষয়। উদ্দেশ্যৰ ফালৰ পৰাও দুয়োটাৰে মাজত বিভিন্নতা পৰিলক্ষিত হয়। শিক্ষাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলা হয়। ই প্ৰধানকৈ শিক্ষাই কেনেধৰণৰ আদৰ্শ বা নীতি অবলম্বন কৰিব লাগে সেই বিষয়ে আলোচনা কৰে। উদাহৰণস্বৰূপে শিক্ষাৰ লক্ষ্য, শিক্ষাদান পদ্ধতি আদি। শিক্ষাই এনেধৰণৰ সমস্যাসমূহৰ সমাধানৰ বাবে কিছুমান বিশেষ নীতি নিৰ্ধাৰণ কৰে। এই দিশৰ পৰা চালে শিক্ষাৰ লগত দৰ্শনৰহে বেছি সম্বন্ধ থকা যেন লাগে। সাধাৰণতে, শিক্ষাক চিন্তাপ্ৰধান আৰু আদৰ্শ নিৰ্ণয়কাৰী বিষয় ৰূপেহে জনা যায়। আনহাতে, মনোবিজ্ঞানক প্ৰত্যক্ষ বিজ্ঞান বোলা হয়। ই বাস্তৱ জীৱনৰ বিভিন্ন আচৰণ প্ৰত্যক্ষভাৱে অধ্যয়ন কৰে। মানুহৰ আচৰণৰ বিভিন্ন দিশ অধ্যয়ন আৰু বিশ্লেষণৰ ওপৰত ই অধিক গুৰুত্ব দিয়ে।

    শিক্ষাৰ মূল বিষয়বস্তু হৈছে ছাত্ৰ-ছাত্ৰীৰ বিকাশ আৰু আচৰণৰ সংশোধন কৰা। এই উদ্দেশ্যত উপনীত হবৰ বাবে কোন শিক্ষা ব্যৱস্থাৰ দৰকাৰ, কেনে অনুশাসন মানি চলা উচিত আদি দিশসমূহ আলোচনা কৰি এক স্থিৰ সিদ্ধীন্ত লোৱাত দৰ্শনেহে অধিক সহায় কৰে। কিন্তু স্পষ্ট নীতি উদ্ভাৱন হোৱাৰ পাছত তাক কাৰ্যকৰী কৰাত মনোবিজ্ঞানে সহায় কৰে।



১০) মনোবিঞ্জানক কিয় আচৰনৰ বিজ্ঞান বোলা হয় ?

উত্তৰঃ আমাৰ চিন্তা, অনুভূতি, কাৰ্য আদি দৈহিক আচৰণৰ দ্বাৰা প্ৰকাশ পায়। সেয়েহে আমি ইয়াক সহজে প্ৰত্যক্ষ কৰিব পাৰোঁ। অৰ্থাৎ বৈজ্ঞানিক পদ্ধতিৰে মানুহৰ আচৰণ অধ্যয়ন কৰাকে মনোবিজ্ঞান বোলা হয়। সেইবাবে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বোলা হয়।


১১) শিক্ষা- মনোবিঞ্জান কি ? মনোবিঞ্জান আৰু শিক্ষাৰ মাজত পাৰ্থক্য দশোৱা ?

উত্তৰঃ সাধাৰণ অৰ্থত, শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক দিশ। শিক্ষণীয় পৰিৱেশত সাধাৰণ মনোবিজ্ঞানৰ নীতি, নিৰ্দেশনা আৰু নতুন উদ্ভাৱনৰ সফল প্ৰয়োগত শিক্ষা মনোবিজ্ঞানে বিশেষ সহায় কৰে।

মনোবিজ্ঞান আৰু বিজ্ঞানৰ মাজত থকা পাৰ্থক্যবোৰ হল-

১) মনোবিজ্ঞানৰ পৰিসৰ ব্যাপক। মানৱ আচৰণৰ সকলো স্তৰৰ অধ্যয়ন কৰে। অৰ্থাৎ শৈশৱ, বাল্য কাল, কৈশোৰ আদি প্ৰতিটো স্তৰৰ এক সামগ্ৰিক ৰূপত অধ্যয়ন কৰে। আনহাতে শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ ঠেক। কেৱল শিক্ষাৰ্থীৰ আচৰণেহে অধ্যয়ন কৰে। অৰ্থাৎ শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষাৰ্থীৰ আচাৰ-ব্যৱহাৰ, ভাৱ-ভঙ্গী আদি শিক্ষা-মনোবিজ্ঞানৰ মূল বিষয়।

২) মনোবিজ্ঞানৰ ধাৰণা অতি পুৰণি। শিক্ষা-মনোবিজ্ঞানৰ ধাৰণা তুলনামূলকভাৱে নতুন। মনোবিজ্ঞানৰ বৈজ্ঞানিক দৃষ্টিভংগী প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা-মনোবিজ্ঞান গঢ় লৈ উঠিছে।

৩) মনোবিজ্ঞান এক তাত্ত্বিক বা তত্ত্বপ্ৰধান বিষয়। মনোবিজ্ঞানে তাত্ত্বিক দিশৰ ওপৰত মতামত দৰ্শাই আহিছে। ই মানৱ-মন আৰু আচৰণ সম্বন্ধে তাত্ত্বিক দিশৰ আলোচনা কৰে। আনহাতে শিক্ষা মনোবিজ্ঞান এক প্ৰায়োগিক বিজ্ঞান। শিক্ষা-মনোবিজ্ঞানৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিসমূহ প্ৰয়োগ কৰিব পাৰি।


১২) শিক্ষাৰ  উদ্দেশ্য শিক্ষাইহে নিৰ্ণয় কৰে , মনোবিজ্ঞানে নহয় -উক্তিটো ব্যাখ্যা কৰা ।

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞান দয়োটাই পৃথক বিষয়।উদ্দেশ্য়ৰ ফালৰ পৰাও দুয়োটাৰে মাজত বিভিন্নতা পৰিলক্ষিত হয়।শক্ষাক 'আদৰ্শনিষ্ঠ বিজ্ঞান' বোলা হয়। ই প্ৰধানকৈ শিক্ষাই কেনেধৰণৰ  আদৰ্শ বা নীতি অবনম্ৱন কৰিব লাগে সেই বিষয়ে আলোচনা কৰে।সাধাৰণতে, শিক্ষাক চিন্তাপ্ৰধান আৰু আদৰ্শ নিৰ্ণয়কাৰী বিষয় ৰূপেহে জনা যায়।আনহাতে, মনোবিজ্ঞানক প্ৰত্য়ক্ষ বিজ্ঞান  বোলা হয়।ই বাস্তৱ জীৱনতৰ বিভিন্ন আচৰণ প্ৰত্য়ক্ষভাৱে  অধ্য়য়ন কৰে।মানুহৰ আচৰণৰ বিভিন্ন দিশ অধ্য়য়ন আৰু বিশ্লেষণৰ ওপৰত ই অধিক গুৰুত্ৱ দিয়ে। 
        শিক্ষাৰ মূল বিষয়বস্তু হৈছে ছাত্ৰ - ছত্ৰীৰ বিকাশ আৰু আচৰণৰ সংশোধন কৰা। কিন্তু স্পষ্ট নীতি উদ্ভাৱন হোৱাৰ পাছত তাক কাৰ্যকৰী কৰাত মনোবিজ্ঞানে সহায় কৰে।
         শিক্ষাব্য়ৱস্থাৰ অন্য়তম উপাদান হৈছে শিক্ষাগ্ৰহন বা শিক্ষণ আগ্ৰহ, অভিৰুচি অবিহনে যিকোনো কথা শিকিব নোৱাৰি।এই ক্ষমতাসমূহ কিমান সক্ৰিয় জানিলেহে শিক্ষাদান প্ৰক্ৰিয়া সফল হ'ব পাৰে।মনোবিজ্ঞানৰ সহায়ত ছাত্ৰ-ছাত্ৰীৰ উপযোগী শিক্ষণ পদ্ধতি উদ্ভাৱন কৰিব পৰা যায়।বৰ্তমান নানাধৰণৰ আধুনিক শিক্ষণ পদ্ধতি উদ্ভাৱন কৰা হৈছে। যেনে --- কামৰ মাজেৰে শিকা, খেলাৰ মাজেৰে শিকা, প্ৰজেক্ট পদ্ধতি আনন্দময়ী যিক্ষা আদি।
        আনহাতে শিক্ষাৰ ক্ষেত্ৰতো বহুতো পৰিৱৰ্তন হোৱাৰ লগতে বহুতো সমস্য়াৰো সৃষ্টি হৈছে। অৰ্থাৎ শিক্ষাৰ সমস্য়া সমাধনৰ বাবেহে মনোবিজ্ঞানৰ পৰিসৰ ক্ৰমান্ৱয়ে বৃদ্ধি পাবলৈ ধৰিছে।মনোবিজ্ঞানৰ প্ৰসাৰ শিক্ষাৰ দ্ৱাৰাহে সম্ভৱ হয়।শিক্ষাৰ অৱদানৰ বাবেই বৰ্তমানে মনোবিজ্ঞানৰ বহুতো নতুন শাখাৰ বিকাশ হৈছে, যেনে-- শিশু মনোবিজ্ঞান, শিক্ষা মনোবিজ্ঞান, নৈদানিক মনোবিজ্ঞান আদি শিক্ষাৰ ওপৰত মনোবিজ্ঞান কিদৰে নিৰ্ভৰশীল ইয়াৰ দ্ৱাৰা প্ৰতিপন্ন হয়।

১৩) মনোবিঞ্জানৰ জ্ঞানে এজক শিক্ষকক কিদৰে সহায় কৰিছিল ?

উত্তৰঃ মনোবিঞ্জানৰ জ্ঞানে এজক শিক্ষকক কিদৰে সহায় কৰে তলত উল্লেখ কৰা হল-

১) শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰাত সহায় কৰে।

২) ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সমস্যাৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰাত সহায় কৰে।

৩) শ্ৰেণীকোঠাত নতুন নতুন শিক্ষণ-সঁজুলি, পদ্ধতি, কৌশল আদি গ্ৰহণত সহায় কৰে।

৪) ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, অনুভূতি আৰু ক্ৰিয়াত্মক দিশৰ বিকাশত গুৰুত্ব দি সুপ্ত আৰু জাগ্ৰত প্ৰতিভা প্ৰকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দিব পাৰে।

৫) শ্ৰেণীকক্ষ আৰু বিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত যাতে শিক্ষকে সক্ৰিয়



১৪)  শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে লিখাঁ।

উত্তৰঃ বৰ্তমান শিক্ষা-মনোবিজ্ঞানৰ তাৎপৰ্য ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ এনেভাৱে বহুল হৈছে যে ইয়াক এক স্বয়ংসম্পূৰ্ণ বিষয় হিচাপে মৰ্যাদা দিব পাৰি। আধুনিক সময়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃতি, বিভিন্নধৰণৰ দেহ-মানসিক ক্ষমতা, ব্যক্তিত্ব, শিক্ষণ পদ্ধতি, বংশগতি শিক্ষা আৰু বৃত্তিয় নিৰ্দেশনা আদি বিষয়ৰ আলোচনা শিক্ষা-মনোবিজ্ঞানে সামৰি লৈছে। শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলো প্ৰকাৰৰ মানৱ আচৰণ বিজ্ঞানসম্নতভাৱে প্ৰণালীবদ্ধ অধ্যয়ন কৰে। বহল অৰ্থত, শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ্থী, শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাদান আৰু শিক্ষণীয় পৰিবেশ আৰু মূল্যাঙ্কন এই চাৰিবিধ বিষয়বস্তুৰ ওৰত অধ্যয়ন কৰে।

তলত শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা হল-

১) মানৱ শিশুৰ বিকাশ আৰু বৃদ্ধিঃ শিক্ষা মনোবিজ্ঞানে মানৱ বিকাশৰ সকলো স্তৰ অধ্যয়ন কৰে। শিশু বিকাশৰ বিভিন্ন পৰ্যায়, বিকাশৰ বৈশিষ্ট্যসমূহ, শিশুৰ প্ৰতিটো স্তৰৰ প্ৰয়োজন আৰু আকাঙ্ক্ষা আদি বিস্ততভাৱে শিক্ষা-মনোবিজ্ঞানে অধ্যয়ন কৰে।

২) ব্যক্তি বৈষম্যৰ অধ্যয়নঃ শিক্ষা-মনোবিজ্ঞানে ব্যক্তিৰ মাজত থকা বুদ্ধি-বৃত্তি, আগ্ৰহ, মনোযোগ, ব্যক্তিত্ব আদিৰ ক্ষেত্ৰত থকা প্ৰভেদ সম্বন্ধে অধ্যয়ন কৰি শিক্ষাৰ পৰিবেশ উপযুক্ত কৰি তুলিব পাৰে। ব্যক্তিগত বৈষম্য সম্পৰ্কীয় আলোচনা কৰি শিক্ষা-মনোবিজ্ঞানে ব্যক্তিৰ প্ৰকৃতি, আচৰণ, আশা আকাঙ্ক্ষা আদিৰ বিষয়ে অধ্যয়ন কৰে।

৩) ব্যক্তিৰ আচৰণৰ অধ্যয়নঃ শিক্ষা-মনোবিজ্ঞানে ব্যক্তিৰ সহজাত প্ৰবৃত্তি, আৱেগ, অনুভূতি, মনোযোগ, স্মৃতি, অভিজ্ঞতা আদি বিভিন্ন মানসিক ক্ষমতা সম্পৰ্কে অধ্যয়ন কৰি শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সঠিকভাৱে বুজাত সহায় কৰে।


১৫) শিক্ষা আৰু মনোবিঞ্জান পৰস্পৰন বিৰোধী নহয় , এটা  আনটো পৰিপূকহে মাথোন - উক্তিটো ব্যাখ্যা কৰা ।
উত্তৰঃ 

১৬) মনোবিঞ্জানৰ  বিভিন্ন শাখাসমূহ কি কি ? ইয়াৰ যিকোনো দুটাৰ বিষয়ে চমুকৈ  আলোচনা কৰা ?

উত্তৰঃ মনোবিঞ্জানৰ  বিভিন্ন শাখাসমূহ হল-

১) দেহতাত্ত্বিক বা শৰীৰ মনোবিজ্ঞান
২) শিশু মনোবিজ্ঞান
৩) বিকাশ সম্বন্ধীয় মনোবিজ্ঞান
৪) সামাজিক মনোবিজ্ঞান
৫) অস্বাভাৱিক মনোবিজ্ঞান
৬) নৈদানিক মনোবিজ্ঞান
৭) পৰিবেশীয়া মনোবিজ্ঞান
৮) প্ৰাণী মনোবিজ্ঞান
৯) উদ্যেগিক মনোবিজ্ঞান
১০) শিক্ষা মনোবিজ্ঞান
১১) অতি মনোবিজ্ঞান

১) শিক্ষা মনোবিজ্ঞানঃ শিক্ষা মনোবিজ্ঞানে ঘাইকে শিক্ষণ-শিকনৰ মনোবৈজ্ঞানিক দিশ সম্পৰ্কে অধ্যয়ন কৰে। শিক্ষাৰ্থী-সকলৰ প্ৰয়োজন অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত কৰাত আৰু শিক্ষণৰ পদ্ধতি প্ৰস্তুত কৰাত শিক্ষা মনোবিজ্ঞানে অৰিহণা যোগায়। ইয়াৰোপৰি শ্ৰেণীকক্ষত সৃষ্টি হোৱা বিভিন্ন সমস্যা সমাধানত এই শাখাই সহায় কৰে।

২) অতি-মনোবিজ্ঞানঃ মনোবিজ্ঞানৰ শেহতীয়া সংযোজন হৈছে অতি-মনোবিজ্ঞান। মনোবিজ্ঞানৰ এই শাখা অন্যান্য শাখা-সমূহতকৈ যথেষ্ট পৃথক ধৰণৰ। ইন্দ্ৰিয়গ্ৰাহ্য অনুভূতিৰ অবিহনেও ব্যক্তিয়ে অনুভূতি লাভ কৰাত মনোবিজ্ঞানে অতি গুৰুত্ব দিয়ে। কোনো ইন্দ্ৰিয় সংকেত নহলেও অনুভৱৰ মাজত আদান-প্ৰদান সম্ভৱ হয়। উদাহৰণস্বৰূপে কোনো ব্যক্তিৰ কথা যদি মনলৈ আহি থাকে সেই ব্যক্তিয়ে কেতিয়াবা সঁহাৰি জনায়।


১৭) চমু উত্তৰ দিয়াঃ

ক) শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু কি ?
উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ অধ্য়য়নৰ বিষয়বস্তু হৈছে  আত্মাৰ অধ্য়য়ন। আত্মাৰ বিষয়ে আলোচনা  দৰ্শনৰ বিষয়বস্তু, সেয়েহে সেই সময়ত মনোবিজ্ঞানক দৰ্শনৰ অন্য়তম অঙ্গ হিচাপে বিবেচনা কৰা হৈছিল। 

খ) কোনকৈইটা গ্ৰীক শব্দৰ পৰা মনোবিঞ্জান শব্দৰ উপত্তি হৈছে ।
উত্তৰঃ গ্ৰীক শব্দ  'Psyche' আৰু  'Logos' শব্দৰ পৰা মনোবিঞ্জান শব্দৰ উপত্তি হৈছে ।

গ) মনোবিজ্ঞানক কিয় বস্তনিষ্ঠ বিজ্ঞান বোলা হয় ?
উত্তৰঃ- বস্তনিষ্ঠ নিৰীক্ষণ যত শিক্ষাৰ্থীসকলক বিভিন্ন দেহ - মানসিক প্ৰতিক্ৰিয়াসমূহ বাহ্য়িক দিশৰ  পৰা নিৰীক্ষণ কৰা হয় তাকে বস্তনিষ্ঠ বিজ্ঞান বোলা হয়।

ঘ)  আচৰণৰ বিজ্ঞান স্বৰূপে মনোবিজ্ঞান।
উত্তৰঃ মনোবিজ্ঞানীসকলে মনোবিজ্ঞানক 'আচৰণৰ বিজ্ঞান' আখ্য়া দিয়ে। বৈজ্ঞানিক পদ্ধতিৰে মানুহৰ আচৰণ অধ্য়য়ণ কৰাকে মনোবিজ্ঞান বোলা হয়। মানুহে বিভিন্ন পৰিস্থিতিত বিভিন্নধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। মনোবৈজ্ঞানিক দিশৰ পৰা আচৰণৰ অৰ্থ অতি ব্য়াপক আৰু ই ব্য়ক্তিৰ আচৰণৰ শাৰীৰিক দিশ সামৰি লয়। কঠিন সমস্য়াৰ সমাধান আদিত জটিল আচৰণ প্ৰকাশ পায় আৰু ইয়াৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হয়। বিশেষ পৰিস্থিতিত বিভিন্নধৰণৰ উদ্দীকৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰা কাৰ্য়কে আচৰণ বোলা হয।

ঙ) শিক্ষা-মনোবিজ্ঞানৰ ব্য়ুৎপত্তিগত অৰ্থ লিখা ।
উত্তৰঃ শিক্ষা - মনোবিজ্ঞানৰ ব্য়ুপত্তিগত অৰ্থ হল - মনোবিজ্ঞান শব্দৰ উৎপত্তি হোৱা গ্ৰীক শব্দৰ দুটা হ'ল - 'Psyche' আৰু 'Logos' । 'Psyche' শব্দ অৰ্থ হ'ল আত্মা আৰু 'Logos' শব্দৰ অৰ্থ হল বিজ্ঞান। অৰ্থাৎ উৎপত্তিৰ অৰ্থৰ ফালৰ পৰা মনোবিজ্ঞান হৈছে আত্মা সম্পৰ্কে অধ্য়য়ন কৰা বিজ্ঞান ।                    

চ) শিক্ষাত মনোবিজ্ঞান আৱশ্যকতা।
উত্তৰঃ শিক্ষাত মনোবিজ্ঞান আৱশ্য়কতা  হৈছে মনোবিজ্ঞানৰ উক্তি ধাৰণাক মনোবিজ্ঞানীসকলে স্ৱীকৃতি নিদিলে। ইয়াৰ কাৰণ হৈছে যে বিজ্ঞান মাত্ৰেই স্পষ্ট স্থিতি তথা উপযুক্ত প্ৰমাণ আৱশ্য়কতা। 

১৮) প্ৰথম স্তম্ভৰ লগত দ্বীতিয় স্তম্ভ মিলোৱা।
                                                            

   প্ৰথম স্তম্ভ

     দ্বিতীয় স্তম্ভ

১) শিশু-মনোবিঞ্জানে

১) আত্মাৰ বিঞ্জান বোলা হৈছিল

২) শিক্ষাই মনোবিঞ্জানৰ

২) শিক্ষকক শিক্ষাদানত সহায়  কৰে

৩) আৰম্ভণিতে মনোবিঞ্জানক

৩) শিশুৰ বিকাশ আৰু আচৰনত অধ্যয়ন কৰে ।

৪) মনোবিঞ্জানৰ ঞ্জানে

৪) মনোবিঞ্জানে হল আচৰনৰ বিঞ্জান।

৫) মনোবিঞ্জানী মেক ডুগলৰ মতে

৫) পৰিসৰ বৃদ্ধি কৰে ।


উত্তৰঃ-১। শিশু-মনোবিজ্ঞানে ---------শিশুৰ বিকাশ আৰু আচৰনত অধ্য়য়ন কৰে।
২। শিক্ষাই মনোবিজ্ঞানৰ --------------- পৰিসৰ বৃদ্ধি কৰে।
৩। আম্ভণিতে মনোবিজ্ঞানক ---------- আত্মাৰ বিজ্ঞান বোলা হৈছিল। 
৪। মনোবিজ্ঞানৰ জ্ঞানে ---------------- শিক্ষকক শিক্ষাদানত সহায় কৰে।
৫। মনোবিজ্ঞানী মেক ডুগলৰ মতে----- মনোবিজ্ঞানে হল আচৰনৰ বিজ্ঞান।

১৯) শিক্ষা-মনোবিজ্ঞান কি ? শিক্ষা মনোবিজ্ঞানৰ তাৎপৰ্যৰ বিষয়ে লিখা?

উত্তৰঃ শিক্ষা আৰু  মনোবিজ্ঞান  দুটা সুকীয়া আৰু পৃথক বিষয় যদিও দুয়োটাৰ মাজত এক গভীৰ সম্পৰ্ক আছে। সাধাৰণ অৰ্থত, শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক দিশ। শিক্ষণীয় পৰিৱেশত সাধাৰণ মনোবিজ্ঞানৰ নীতি,নিৰ্দেশনা আৰু নতুন উদ্ভাৱনৰ সফল প্ৰয়োগত শিক্ষা মনোবিজ্ঞানে বিশেষ সহায় কৰে । শিক্ষা মনোবিজ্ঞান বিশেষকৈ ছাত্ৰ - ছাত্ৰী আৰু শিক্ষকৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন শৈক্ষিক সমস্য়াসমূহৰ সমাধানৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত।

        শিক্ষা মনোবিজ্ঞানৰ তাৎপৰ্যৰ বিষয়ে হৈছে-- শিক্ষা মনোবিজ্ঞান সম্ৱন্ধে বিভিন্ন মনোবিজ্ঞানীসকলে ভিন্ ভিন্ সংজ্ঞা আগবঢ়াইছে। সেইবোৰ সংজ্ঞা হৈছে 

     ক্ৰো আৰু ক্ৰো ৰ মতে, ''শিক্ষা মনোবিজ্ঞানে জন্মৰ পৰা বয়স্কলৈকে এজন ব্য়ক্তিয়ে লাভ কৰা শিক্ষা-অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰে।

    স্কীনাৰ ৰ মতে '' শিক্ষা মনোবিজ্ঞনে শিক্ষাগ্ৰহণ অৱস্থাৰত ব্য়ক্তিৰ আচৰণৰ ওপৰত আলোচনা কৰে।''

    পীল য়ে মত পোষণ কৰে যে,''শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ প্ৰকৃতি, মানৱ ব্য়ক্তিৰ বিকাশ, ব্য়ক্তি- বিভিন্নতা আৰু সমাজৰ সৈতে সম্পৰ্ক ৰাখি ব্য়ক্তিৰ অধ্য়য়ন আদি বিষয়ৰ ওপৰত বিস্তৃতভাৱে অধ্য়য়ন কৰে।

    জাড ৰ মতে, ''শিক্ষা মনোবিজ্ঞানে শিশুৰ বিকাশৰ বিভিন্ন স্তৰত পৰিৱৰ্তন সম্পৰ্কে বিজ্ঞান সন্মতভাৱে  অধ্য়য়ন কৰে।''

    ষ্টিফেন ৰ মতে, শিক্ষাৰ্থীৰ মনোবিজ্ঞান সম্পৰ্কীয়  উন্নতি আৰু প্ৰগতিৰ প্ৰণালীবদ্ধ অধ্য়য়ন বিজ্ঞান। 

     ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহ বিশ্লেষণ কৰি কব পাৰো যে শিক্ষা মনোবিজ্ঞান হৈছে--

১। শিক্ষা- মনোবিজ্ঞান এক শৈক্ষিক বিজ্ঞান কিয়নো, ই শিক্ষকক ছাত্ৰ- ছাত্ৰীৰ বিভিন্ন সমস্য়া সমাধানত  সহায় কৰে।

২। শিক্ষা আৰু মনোবিজ্ঞান-- এই দুয়োটা বিষয়ৰ মিশ্ৰিত সমষ্টিয়েই শিক্ষা মনোবিজ্ঞান।

৩। শিক্ষা- মনোবিজ্ঞান শিক্ষা পৰিবেশৰ লগত জড়িত।

৪। শিক্ষা- মনোবিজ্ঞান এক সমাজ  বিজ্ঞান । কাৰণ, ইয়াৰ ফলাফলসমূহ ব্য়ক্তি আৰু সমাজ উভয়ৰ বাবে গ্ৰহণযোগ্য়।

৫। শিক্ষাৰ্থীৰ আচৰণৰ ওপৰত বিশেষ গুৰুত্ৱ আৰোপ কৰে।

২০) শিক্ষা-মনোবিজ্ঞানক কি বিজ্ঞান বুলি কোৱা হয় ?

উত্তৰঃ শিক্ষা-মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।


২১) এজনক শিক্ষকৰ কিয় মনোবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন ?

উত্তৰঃ এজন শিক্ষকে মনোবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন কাৰণসমূহ হল-

১) শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰাত সহায় কৰে।

২) ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সমস্যাৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰাত সহায় কৰে।

৩) শ্ৰেণীকোঠাত নতুন নতুন শিক্ষণ-সঁজুলি, পদ্ধতি, কৌশল আদি গ্ৰহণত সহায় কৰে।

৪) ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, অনুভূতি আৰু ক্ৰিয়াত্মক দিশৰ বিকাশত গুৰুত্ব দি সুপ্ত আৰু জাগ্ৰত প্ৰতিভা প্ৰকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দিব পাৰে।

৫) শ্ৰেণীকক্ষ আৰু বিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত যাতে শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু সুদক্ষ পৰিচালনা কৰিব পাৰে, তাৰ বাবেও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন প্ৰয়োজন।

৬) ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, ৰুচি-অভিৰুচি অনুসৰি যাতে ব্যক্তিগতভাৱে শিক্ষা-নিৰ্দেশনা আৰু সহায়-সহানুভূতি আগবঢ়াব পাৰে তাৰ বাবে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰাটো প্ৰয়োজন।


২২) শিক্ষা-মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি হল-

১) আভ্যন্তৰীণ নিৰীক্ষণ

২) বাস্তৱ নিৰীক্ষণ 


২৩) শিক্ষা-মনোবিজ্ঞানৰ দুটা বৈশিষ্ট উল্লেখ কৰা ।

উত্তৰঃ শিক্ষাৰ মনোবিজ্ঞানৰ দুটা বৈশিষ্ট হৈছে---

১।শিশৱকাল।

২।বাল্য়কাল।


২৪) শিক্ষা-মনোবিজ্ঞান চাৰিটা বিষয়বস্তু উল্লেখ কৰা ?

উত্তৰঃ শিক্ষা- নলোবিজ্ঞান চাৰিটা বিষয়বস্ত হৈছে--

। শিক্ষাৰ্থী।               

২। শিক্ষণ প্ৰক্ৰিয়া।

৩। শিক্ষাদান আৰু শিক্ষণীয় পৰিবেশ।

৪। মূল্য়াঙ্গন।


২৫) মনোবিজ্ঞান আৰু  শিক্ষা -মনোবিজ্ঞানৰ দুটা পাথক্য লিখাঁ।

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজৰ দুটা পাৰ্থক্য হল-

১) মনোবিজ্ঞানৰ পৰিসৰ ব্যাপক। মানৱ আচৰণৰ সকলো স্তৰৰ অধ্যয়ন কৰে। অৰ্থাৎ শৈশৱ, বাল্য কাল, কৈশোৰ আদি প্ৰতিটো স্তৰৰ এক সামগ্ৰিক ৰূপত অধ্যয়ন কৰে। আনহাতে শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ ঠেক। কেৱল শিক্ষাৰ্থীৰ আচৰণেহে অধ্যয়ন কৰে। অৰ্থাৎ শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষাৰ্থীৰ আচাৰ-ব্যৱহাৰ, ভাৱ-ভঙ্গী আদি শিক্ষা-মনোবিজ্ঞানৰ মূল বিষয়।

২) মনোবিজ্ঞানৰ ধাৰণা অতি পুৰণি। শিক্ষা-মনোবিজ্ঞানৰ ধাৰণা তুলনামূলকভাৱে নতুন। মনোবিজ্ঞানৰ বৈজ্ঞানিক দৃষ্টিভংগী প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা-মনোবিজ্ঞান গঢ় লৈ উঠিছে।

২৬) শিক্ষা-মনোবিজ্ঞান পৰিসৰৰ দুটা পাথক্য লিখাঁ।

উত্তৰঃ শিক্ষা- মনোবিজ্ঞান পৰিসৰ দুটা পাথক্য় হ'ল--

১। আধুনিক সময়ত ছাত্ৰ - ছাত্ৰীৰ প্ৰকৃতি, বিভিন্নধৰণৰ দেহ - মানসিক ক্ষমতা, ব্য়ক্তিত্ৱ, শিক্ষণ পদ্ধতি, বংশগতি শিক্ষা আৰু বৃত্তিয় নিৰ্দশনা আদি বিষয়ে শিক্ষা -মনোবিজ্ঞানে সামৰি লৈছে।শিক্ষা - মনোবিজ্ঞানৰ পৰিসৰ অতি ব্য়াপক আৰু বহল।

২। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ এনেভাৱে বহুল হৈছে যে ইয়াৰ এক স্ৱয়ংসম্পূৰ্ণ বিষয় হিচাপে মৰ্যাদা দিব পাৰি। 

২৭)শিক্ষা-মনোবিজ্ঞানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰাঁ ।

উত্তৰঃ শিক্ষা - মনোবিজ্ঞানৰ পৰিধিৰ বিষয়ে হৈছে শিক্ষা জগতৰ বিভিন্ন ক্ষেত্ৰলৈ মনোবিজ্ঞানে বহুতো অৱদান আগবঢ়াই আহিছে। বৰ্তমান শিক্ষা জগতত মনোবিজ্ঞান বহুতবাৰ ব্য়ৱহাৰ হৈছে। শিক্ষা সম্ৱন্ধীয় বিভিন্ন বিষয়, ইয়াৰ সমস্য়াসমূহ তথা শক্ষাৰ লগত জঢ়িত ব্য়ক্তিৰ লগত মনোবিজ্ঞান ওতঃ প্ৰোতভাৱে  জড়িত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিসৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে।

মনোবিজ্ঞান পৰিসৰ বিষয়ে চমু আলোচনা হৈছে-

১। ব্য়ক্তিগত বৈষম্য় সকলো শিক্ষাৰ্থীৰে শাৰীৰিক মানসিক ক্ষমতা একেধৰণৰ নহয়। মনোবিজ্ঞানে গুৰুত্ৱ দিয়া হেতুকে শিক্ষাৰ ক্ষেত্ৰত বিষয়বস্তু আৰু শিক্ষণ পদ্ধতিৰ বহুতো পৰিৱৰ্তন ঘটিছে।

২। বংশগতি আৰু পৰিৱেশ উভয়ৰে শিশুৱে জন্মসূত্ৰে লাভ কৰা গুণসমূহৰ বিষয়ে জানি লৈ শিক্ষাদান কৰিব পৰা যায়। শিক্ষা মনোবিজ্ঞানৰ সহায়ত শিশুৰ ওপৰত বংশগতিৰ গুণসমূহৰ বিকাশৰ বাবে কেনেধৰণৰ পৰিবেশৰ দৰকাৰ সেই কথা জনাটো বৰ প্ৰয়োজনীয়।

৩। মানসিক শক্তি পৰিমাপন বহুতো পৰীক্ষা- নিৰীক্ষাৰ অন্তত বৰ্তমান ব্য়ক্তিৰ মানসিক শক্তিসমূহৰ পৰিমাপন সম্ভৱ হৈ পৰিছে। 

৪। সকলো শিশুৰ বাবে একেধৰণৰ শিক্ষণ পদ্ধতি উপযোগী নহয়। মনোবিজ্ঞানৰ অধ্য়য়নৰ দ্ৱাৰা পুৰণি শিক্ষণ পদ্ধতিৰ দোষ - ত্ৰুটি আঁতৰাই উন্নত শিক্ষণ পদ্ধতি উদ্ভাৱন কৰিব পাৰি।

৫। সামঞ্জস্যহীনতাৰ সমস্যা বিভিন্ন সমস্য়াৰ বাবে কেতিয়াৱা শিশুৱে ঘৰুৱা, স্কুলীয়া বা সামাজিক পৰিৱেশত সহজে খাপ খাই ল'ব নোৱাৰে। এই ক্ষেত্ৰত মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য।

৬। অভিৰুচি আৰু আগ্ৰহ অবিহলে কোনো কথাই আয়ত্ত কৰিব নোৱাৰি। সেয়েহে মনোবিজ্ঞানৰ সহায়ত শিক্ষকসকলে নানাধৰণৰ কৌশল প্ৰয়োগ কৰিব পাৰে। ছাত্ৰ - ছাত্ৰীৰ অভিৰুচিসমূহ জানি সেই বিষয়ৰ প্ৰতি আগ্ৰহৰ ভাৱ জগাই তোলা শিক্ষকৰ প্ৰধান কৰ্তব্য়।

৭। শিক্ষা - নিৰ্দেশনা ছাত্ৰ - ছাত্ৰীৰ নিজস্ৱ যোগ্য়তা আৰু শক্তি - সামৰ্থ্য় অনুযায়ী ভৱিষ্য়তে অধ্য়য়নৰ বাবে বাছি ল'ব বা  কেনেকুৱা ধৰণৰ বৃত্তিৰ বাবে উপযুগি হ'ব তাৰ বাবে শৈক্ষিক নিৰ্দেশনা দিয়া শিক্ষকৰ অন্য়তম কৰ্তব্য়। 

৮। গণ- মনোবিজ্ঞান শিক্ষা প্ৰক্ৰিয়া ঘাইকৈ দলীয়ভাৱেহে পৰিচালিত হয়। সেয়েহে শ্ৰেণী পৰিচালনা বা শিক্ষাদান কাৰ্যত শিক্ষকে গণ- মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰিবলগীয়া হয়।

২৮) শিক্ষা-মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা বিষয়ে চমুকৈ আলোচনা কৰা  ।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা বিষয়ে তলত আলোচনা কৰা হ'ল - 

১। শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শ্ৰেণীকক্ষত ছাত্ৰ- ছাত্ৰীৰ আচৰণ সম্ৱন্ধে অধ্য়য়ন কৰাত সহায় কৰে। 

২। ছাত্ৰ- ছাত্ৰীৰ আগ্ৰহ, ৰুচি - অভিৰুচি অনুসৰি যাতে ব্য়ক্তিগতভাৱে শিক্ষা-নিৰ্দশনা আৰু সহায়-সহানুভূতি আগবঢ়াব পাৰে তাৰ বাবে শিক্ষা মনোবিজ্ঞানৰ অধ্য়য়ন কৰাটো প্ৰয়োজন।

৩। শ্ৰেণীকোঠাত নতুন নতুন শিক্ষণ - সঁজুলি, পদ্ধতি, কৌশল আদি গ্ৰহণত সহায় কৰে।

৪। ছাত্ৰ - ছাত্ৰীৰ জ্ঞান, অনুভূতি আৰু ক্ৰিয়াত্মক দিশৰ বিকাশত গুৰুত্ৱ দি সুপ্ত আৰু জাগ্ৰত প্ৰতিভা প্ৰকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দিব পাৰে।

৫। ছাত্ৰ - ছাত্ৰীৰ আচৰণৰ সমস্য়াৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰাত সহায় কৰে।

৬। শ্ৰেণীকক্ষ আৰু বিদ্য়ালয়ৰ অন্য়ান্য় কাৰ্যকলাপবত যাতে শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু সুদক্ষ পৰিচালনা কৰিব পাৰে, তাৰ বাবেও শিক্ষা মনোবিজ্ঞানৰ অধ্য়য়ন প্ৰয়োজন।

২৯) শিক্ষা-মনোবিজ্ঞানৰ পদ্ধতি দুটা চমুকৈ লিখাঁ।

উত্তৰঃ শিক্ষা-মনোবিজ্ঞানৰ পদ্ধতি দুটা হল-

১) আভ্যন্তৰীণ নিৰীক্ষণ

২) বাস্তৱ নিৰীক্ষণ

৩০) মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক কিদৰে সহায় কৰে আলোচনা কৰাঁ ।

উত্তৰঃ মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক কিদৰে সহায় কৰে তলত আলোচনা কৰা হল-

১) শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰাত সহায় কৰে।

২) ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সমস্যাৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰাত সহায় কৰে।

৩) শ্ৰেণীকোঠাত নতুন নতুন শিক্ষণ-সঁজুলি, পদ্ধতি, কৌশল আদি গ্ৰহণত সহায় কৰে।

৪) ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, অনুভূতি আৰু ক্ৰিয়াত্মক দিশৰ বিকাশত গুৰুত্ব দি সুপ্ত আৰু জাগ্ৰত প্ৰতিভা প্ৰকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দিব পাৰে।

৫) শ্ৰেণীকক্ষ আৰু বিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত যাতে শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু সুদক্ষ পৰিচালনা কৰিব পাৰে, তাৰ বাবেও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন প্ৰয়োজন।

৬) ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, ৰুচি-অভিৰুচি অনুসৰি যাতে ব্যক্তিগতভাৱে শিক্ষা-নিৰ্দেশনা আৰু সহায়-সহানুভূতি আগবঢ়াব পাৰে তাৰ বাবে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰাটো প্ৰয়োজন।


৩১) খালী ঠাই পৃৰ কৰা ঃ

ক) শিক্ষা-মনোবিজ্ঞান  এক আচৰণগত বিজ্ঞান।

খ) হেনৰিক পেষ্টালজীক  শিক্ষা মনোবিজ্ঞানৰ পৃত্তিস্বৰূপ বুলি গন্য কৰা হয় ।

গ) শিক্ষা-মনোবিজ্ঞান পৰিধিয়ে শিক্ষাৰ্থী  শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাদান  আৰু শিক্ষণীয় পৰিৱেশ পৰিৱেশক আগুৰি ৰাখিছে।

ঘ) _________  চনত উন্দ নামৰ মনোবিজ্ঞানী গৰাকীয়ে প্ৰথম মনোবৈজ্ঞানিক  গৱেষণাগাৰ স্বাপন কৰিছিল ।

উত্তৰঃ- ১৮৭৯ চনত।

ঙ) নৈদানিক পদ্ধতি  উইট্মাৰে  প্ৰথমে ব্যাখ্যা কৰে ।

চ) ৰ'ৰছাক অভীক্ষাটো ______ চনত উদ্ভাৱন কৰা হয় ।

উত্তৰঃ- ১৯২১ চনত।

ছ) স্কীনাৰৰ মতে, শিক্ষা-মনোবিজ্ঞান______ মূল ভেটি ।

উত্তৰঃ-শিক্ষক প্ৰস্তুতিৰ

 ২০১৩ - ২০১৮ চনলৈ পৰীক্ষাত অহা প্ৰশ্নৰ নমুনা ঃ

২০১৩ 

১. অতি চমু উত্তৰ দিয়া ঃ

a)  শিক্ষা মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি হল-

১) আভ্যন্তৰীণ নিৰীক্ষণ

২) বাস্তৱ নিৰীক্ষণ


২. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা ঃ

a. মনোবিঞ্জান বুলিলে কি বুজা ?

উত্তৰঃ মনোবিজ্ঞান শব্দৰ অৰ্থ হৈছে  আত্মাৰ বিজ্ঞান। এই দিশৰ পৰা মনোবিজ্ঞানৰ অৰ্থ হৈছে আত্মাৰ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে আত্মাৰ অধ্যয়ন।


৩. (a) মনোবিঞ্জানৰ জ্ঞানে শিক্ষক এজনক শিক্ষকতাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে ?

উত্তৰঃ মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনৰ শিক্ষকতাৰ ক্ষেত্ৰত কিদৰে সহায় কৰে তলত তাৰ কথা দাঙি ধৰা হল-

১) শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰাত সহায় কৰে।

২) ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সমস্যাৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰাত সহায় কৰে।

৩) শ্ৰেণীকোঠাত নতুন নতুন শিক্ষণ-সঁজুলি, পদ্ধতি, কৌশল আদি গ্ৰহণত সহায় কৰে।

৪) ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, অনুভূতি আৰু ক্ৰিয়াত্মক দিশৰ বিকাশত গুৰুত্ব দি সুপ্ত আৰু জাগ্ৰত প্ৰতিভা প্ৰকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দিব পাৰে।

৫) শ্ৰেণীকক্ষ আৰু বিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত যাতে শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু সুদক্ষ পৰিচালনা কৰিব পাৰে, তাৰ বাবেও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন প্ৰয়োজন।

৬) ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, ৰুচি-অভিৰুচি অনুসৰি যাতে ব্যক্তিগতভাৱে শিক্ষা-নিৰ্দেশনা আৰু সহায়-সহানুভূতি আগবঢ়াব পাৰে তাৰ বাবে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰাটো প্ৰয়োজন।


২০১৪ 

 ১. তলত দিয়াবোৰৰ চমু উত্তৰ লিখাঃ 

(a) মনোবিঞ্জান বুলিলে কি বুজা ?

উত্তৰঃ মনোবিজ্ঞান শব্দৰ অৰ্থ হৈছে  আত্মাৰ বিজ্ঞান। এই দিশৰ পৰা মনোবিজ্ঞানৰ অৰ্থ হৈছে আত্মাৰ বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে আত্মাৰ অধ্যয়ন।

২০১৫ 

১. যথাযথ উত্তৰ দিয়া ঃ

(ক) শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয় ?

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ  পিতৃ বুলি জে. এইচ. পেষ্টালজীক কোৱা হয়।


(খ)  মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা এটা পাৰ্থক্য লিখাঁ ।

উত্তৰঃ মনোবিজ্ঞানৰ ধাৰণা অতি পুৰণি কিন্তু শিক্ষা মনোবিজ্ঞানৰ ধাৰণা নতুন।


২. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

(ক) এজন শিক্ষকে কিয় মনোবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন ?

উত্তৰঃ এজন শিক্ষকে মনোবিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন কাৰণসমূহ হল-

১) শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীৰ আচৰণ সম্বন্ধে অধ্যয়ন কৰাত সহায় কৰে।

২) ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সমস্যাৰ বিজ্ঞানসন্মতভাৱে সমাধান কৰাত সহায় কৰে।

৩) শ্ৰেণীকোঠাত নতুন নতুন শিক্ষণ-সঁজুলি, পদ্ধতি, কৌশল আদি গ্ৰহণত সহায় কৰে।

৪) ছাত্ৰ-ছাত্ৰীৰ জ্ঞান, অনুভূতি আৰু ক্ৰিয়াত্মক দিশৰ বিকাশত গুৰুত্ব দি সুপ্ত আৰু জাগ্ৰত প্ৰতিভা প্ৰকাশত শিক্ষা মনোবিজ্ঞানে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দিব পাৰে।

৫) শ্ৰেণীকক্ষ আৰু বিদ্যালয়ৰ অন্যান্য কাৰ্য্যকলাপত যাতে শিক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু সুদক্ষ পৰিচালনা কৰিব পাৰে, তাৰ বাবেও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন প্ৰয়োজন।

৬) ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, ৰুচি-অভিৰুচি অনুসৰি যাতে ব্যক্তিগতভাৱে শিক্ষা-নিৰ্দেশনা আৰু সহায়-সহানুভূতি আগবঢ়াব পাৰে তাৰ বাবে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰাটো প্ৰয়োজন।


(খ) শিক্ষা মনোবিজ্ঞান পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰা ?

উত্তৰঃ 


 ২০১৬ 

১. নিৰ্দেশনুসাৰে  যথাযথ উত্তৰ দিয়া ঃ

(ক) মনোবিঞ্জান হল প্ৰাণীমাত্ৰেই আচৰন প্ৰত্যক্ষ বিজ্ঞান। কথাষাৰ কেনে কৈছিল ?

উত্তৰঃ মনোবিঞ্জান হল প্ৰাণীমাত্ৰেই আচৰন প্ৰত্যক্ষ বিঞ্জান কথাষাৰ  কৈছিল- মেক্ডুগালে।


২. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

(খ) শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি উল্লেখ কৰা ?

উত্তৰঃ শিক্ষা-মনোবিঞ্জানৰ দুটা পদ্ধতি হল-

১) আভ্যন্তৰীণ নিৰীক্ষণ

২) বাস্তৱ নিৰীক্ষণ


৩. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ

(গ) শিক্ষকে কিয় মনোবিঞ্জান অধ্যয়ন কৰা উচিত ?

উত্তৰঃ শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থী, শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাদান আৰু শিক্ষণীয় পৰিৱেশ, মূল্যাঙ্কন এই চাৰিবিধ প্ৰক্ৰিয়াৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰে সেইবাবে শিক্ষকে মনোবিজ্ঞান অধ্যয়ন কৰা উচিত।

শিক্ষকে কিয় মনোবিঞ্জান অধ্যয়ন কৰা উচিত তাৰ বিষয়ে তলত আলোচনা দাঙি ধৰা হল-

১) শিশুৰ বিভিন্ন স্তৰৰ বিকাশৰ জ্ঞানঃ প্ৰত্যেক শিশুৱে নিজস্ব বিকাশৰ গতি আৰু তাৰতম্য পৰিলক্ষিত হয়। মনোবিজ্ঞানৰ জ্ঞানে শিশুৰ প্ৰত্যেক স্তৰৰে বিকাশৰ বৈশিষ্ট তাৰতম্য বা প্ৰভেদ, তাৎপৰ্য্য আদি দিশসমূহৰ জ্ঞান উপলব্ধি কৰা মনোবিজ্ঞানৰ অধ্যয়ন অতি প্ৰয়োজন। গতিকে বিকাশৰ বিভিন্ন স্তৰসমূহৰ বৈশিষ্ট্য মনোবিজ্ঞানৰ জৰিয়তে জানিব পাৰি।

২) ব্যক্তি পাৰ্থক্যৰ জ্ঞানঃ ব্যক্তি সদায় এজন আনজনৰ পৰা পৃথক। ব্যক্তি পাৰ্থক্য বৃদ্ধি, আৱেগ, অনুভূতি আদি সকলোতে বিৰাজমান। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰে সুকীয়া সুকীয়া কেতবোৰ বৈশিষ্ট্য দেখা যায়। এনে ক্ষেত্ৰত শিক্ষকে মনোবিজ্ঞানৰ জ্ঞান লাভ কৰি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত প্ৰয়োজন, আগ্ৰহ, ৰুচি আদি পূৰণ কৰাত সহায় কৰিব পাৰে।

৩) উপযুক্ত শৈক্ষিক পদ্ধতিৰ জ্ঞানঃ মনো-বিজ্ঞানৰ জ্ঞানে শিক্ষকক শ্ৰেণীকোঠাত গ্ৰহণযোগ্য আৰু আকৰ্ষণীয় শিক্ষা পদ্ধতি ব্যৱহাৰত সহায় কৰিব পাৰে। মেৰীয়া মণ্টেছৰীয়ে কৈছিল, যদি এজন শিক্ষকৰ ব্যৱহাৰিক মনোবিজ্ঞানৰ জ্ঞান থাকে, তেন্তে তেওঁহে ভালকৈ জানিব কেনেকৈ শিক্ষাদান কৰিব লাগে। গতিকে উপযুক্ত শৈক্ষিক পদ্ধতি প্ৰয়োগত মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য।


২০১৭ 


১. নিৰ্দেশ অনুসৰি উত্তৰ দিয়া ঃ

(ক) জে. এইচ. পেষ্টালজীক  শিক্ষা-মনোবিঞ্জানৰ পিতৃস্বৰুপ বুলি গন্য কৰা হয় ।

২. নোবিঞ্জানৰ দুটা গুৰুত্বপূৰ্ণ শাখা হিচাপে শিশু মনোবিঞ্জানৰ আৰু বিকাশ সম্ভন্ধীয় মনোবিঞ্জানৰ ধাৰনা দিয়া।

উত্তৰঃ নোবিঞ্জানৰ দুটা গুৰুত্বপূৰ্ণ শাখা হিচাপে শিশু মনোবিঞ্জানৰ আৰু বিকাশ সম্ভন্ধীয় মনোবিঞ্জানৰ ধাৰনা- 

2) শিশু মনোবিজ্ঞানঃ ই মনোবিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ শাখা। ই শিশুৰ বিকাশ আৰু আচৰণৰ স্বৰূপ সম্বন্ধে আলোচনা কৰে। মনোবিজ্ঞানৰ এই শাখাই শিশুৰ জন্ম- পূৰ্বৰ পৰা জন্মৰ পাছৰ বাৰবছৰ বয়সলৈকে বিকাশৰ বিভিন্ন দিশ অন্তৰ্ভূক্ত কৰে। শিশু মনোবিজ্ঞানৰ ধাৰণা মূলত পেষ্টালজী, ডাৰউইন, ষ্টেনলী হল আদিৰ প্ৰভাৱত ১৮ শ শতিকাত বিশেষভাৱে প্ৰসাৰ লাভ কৰে। বিখ্যাত ফৰাচী দাৰ্শনিক তথা শিক্ষাবিদ ৰুচোই কৈছিল শিশুসকল প্ৰাপ্তবয়স্কসকলতকৈ সম্পূৰ্ণ পৃথক। এজন ব্যক্তিৰ পৰবৰ্তী সময়ৰ বিকাশ এই সময়ৰ ওপৰত নিৰ্ভৰশীল। শিশু মনোবিজ্ঞানে শিশুৰ শাৰীৰিক বিকাশৰ লগতে মানসিক বিকাশৰ বিভিন্ন দিশ যেনে- সংবেদন, সংবোধন, মনোযোগ, অভিৰোচন, শিক্ষণ, কল্পনা, চিন্তন আদিৰ বিস্তত অধ্যয়ন কৰে। শিশু-মনোবিজ্ঞানে শিশুৰ অপসমাযোজনমূলক সমস্যা, অপৰাধমূলক সমস্যা, বাধাগ্ৰস্তমূলক সমস্যাৰ অধ্যয়ন কৰি তাৰ সমাধানৰ পথ প্ৰসস্ত কৰি তোলে। শিশু-মনোবিজ্ঞানৰ এক প্ৰয়োগিক বিজ্ঞান হিচাপে শিশুৰ শাৰীৰিক আৰু মানসিক দিশৰ স্তৰসমূহৰ অধ্যয়ন কৰাৰ উপৰিও বিভিন্ন আচৰণ-মূলক সমস্যা, অস্বাভাৱিক ক্ৰিয়া, অনগ্ৰসৰতা আদি সম্পৰ্কেও অধ্যয়ন কৰে।

বিকাশ সম্বন্ধীয় মনোবিজ্ঞানঃ মনোবিজ্ঞানৰ এই শাখাই এজন ব্যক্তিয়ে কিদৰে ভিন্ ভিন্ বয়স আৰু বিকাশৰ স্তৰ অতিক্ৰম কৰি জীৱনত আগবাঢ়ি যায় সেই বিষয়ে আলোচনা কৰে। মানৱ জীৱনৰ বিভিন্ন স্তৰত শাৰীৰিক, মানসিক আৰু সামাজিক দিশত বহুত ধৰণৰ পৰিৱৰ্তন হয়। মানুহৰ আচৰণ জন্মৰ সময়ত অপৰিপক্ক অৱস্থাত থাকে। বিভিন্ন স্তৰ অতিক্ৰম কৰাৰ পাছতহে ই পূৰ্ণতা পায়। পোন প্ৰথমে এই শাখা কেৱল শৈশৱ আৰু কৈশোৰ কালত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমানে ই প্ৰাপ্তবয়স্কসকলৰ বিভিন্ন দিশৰ ওপৰতো আলোকপাত কৰিছে। বিকাশশীল মনোবিজ্ঞানে শিশুক কেৱল বুজিবলৈ অধ্যয়ন নকৰে, ভৱিষ্যত জীৱনত শিশুৰ বিকাশে কিদৰে কাৰ্য্যমূলক ভাৱে প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰতো অধ্যয়ন কৰে।


৩.  শিক্ষা- মনোবিঞ্জান কি ?শিক্ষা-মনোবিঞ্জানৰ পৰিসৰৰ সম্পৰ্কে চমুকৈ  লিখাঁ ?

উত্তৰঃ সাধাৰণ অৰ্থত, শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক দিশ। শিক্ষণীয় পৰিৱেশত সাধাৰণ মনোবিজ্ঞানৰ নীতি, নিৰ্দেশনা আৰু নতুন উদ্ভাৱনৰ সফল প্ৰয়োগত শিক্ষা মনোবিজ্ঞানে বিশেষ সহায় কৰে।

    বৰ্তমান শিক্ষা-মনোবিজ্ঞানৰ তাৎপৰ্য ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ এনেভাৱে বহুল হৈছে যে ইয়াক এক স্বয়ংসম্পূৰ্ণ বিষয় হিচাপে মৰ্যাদা দিব পাৰি। আধুনিক সময়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃতি, বিভিন্নধৰণৰ দেহ-মানসিক ক্ষমতা, ব্যক্তিত্ব, শিক্ষণ পদ্ধতি, বংশগতি শিক্ষা আৰু বৃত্তিয় নিৰ্দেশনা আদি বিষয়ৰ আলোচনা শিক্ষা-মনোবিজ্ঞানে সামৰি লৈছে। শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলো প্ৰকাৰৰ মানৱ আচৰণ বিজ্ঞানসম্নতভাৱে প্ৰণালীবদ্ধ অধ্যয়ন কৰে। বহল অৰ্থত, শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ্থী, শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাদান আৰু শিক্ষণীয় পৰিবেশ আৰু মূল্যাঙ্কন এই চাৰিবিধ বিষয়বস্তুৰ ওৰত অধ্যয়ন কৰে।

২০১৮

৪. তলৰ দিয়াবোৰৰ উত্তৰ লিখা ঃ

ক) শিক্ষা আৰু মনোবিঞ্জানৰ মাজত থকা সম্বন্ধৰ বিষয়ে লিখা ।

উত্তৰঃ আপাতঃদৃষ্টিত শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই পৃথক বিষয়। উদ্দেশ্যৰ ফালৰ পৰাও দুয়োটাৰে মাজত বিভিন্নতা পৰিলক্ষিত হয়। শিক্ষাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলা হয়। ই প্ৰধানকৈ শিক্ষাই কেনেধৰণৰ আদৰ্শ বা নীতি অবলম্বন কৰিব লাগে সেই বিষয়ে আলোচনা কৰে। উদাহৰণস্বৰূপে শিক্ষাৰ লক্ষ্য, শিক্ষাদান পদ্ধতি আদি। শিক্ষাই এনেধৰণৰ সমস্যাসমূহৰ সমাধানৰ বাবে কিছুমান বিশেষ নীতি নিৰ্ধাৰণ কৰে। এই দিশৰ পৰা চালে শিক্ষাৰ লগত দৰ্শনৰহে বেছি সম্বন্ধ থকা যেন লাগে। সাধাৰণতে, শিক্ষাক চিন্তাপ্ৰধান আৰু আদৰ্শ নিৰ্ণয়কাৰী বিষয় ৰূপেহে জনা যায়। আনহাতে, মনোবিজ্ঞানক প্ৰত্যক্ষ বিজ্ঞান বোলা হয়। ই বাস্তৱ জীৱনৰ বিভিন্ন আচৰণ প্ৰত্যক্ষভাৱে অধ্যয়ন কৰে। মানুহৰ আচৰণৰ বিভিন্ন দিশ অধ্যয়ন আৰু বিশ্লেষণৰ ওপৰত ই অধিক গুৰুত্ব দিয়ে।

    শিক্ষাৰ মূল বিষয়বস্তু হৈছে ছাত্ৰ-ছাত্ৰীৰ বিকাশ আৰু আচৰণৰ সংশোধন কৰা। এই উদ্দেশ্যত উপনীত হবৰ বাবে কোন শিক্ষা ব্যৱস্থাৰ দৰকাৰ, কেনে অনুশাসন মানি চলা উচিত আদি দিশসমূহ আলোচনা কৰি এক স্থিৰ সিদ্ধীন্ত লোৱাত দৰ্শনেহে অধিক সহায় কৰে। কিন্তু স্পষ্ট নীতি উদ্ভাৱন হোৱাৰ পাছত তাক কাৰ্যকৰী কৰাত মনোবিজ্ঞানে সহায় কৰে।


৫. শিক্ষা-মনোবিঞ্জান কি ? শিক্ষা মনোবিঞ্জানৰ তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখাঁ ।

উত্তৰঃ সাধাৰণ অৰ্থত, শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক প্ৰায়োগিক দিশ। শিক্ষণীয় পৰিৱেশত সাধাৰণ মনোবিজ্ঞানৰ নীতি, নিৰ্দেশনা আৰু নতুন উদ্ভাৱনৰ সফল প্ৰয়োগত শিক্ষা মনোবিজ্ঞানে বিশেষ সহায় কৰে। শিক্ষা মনোবিজ্ঞান বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন শৈক্ষিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত। শিক্ষা মনোবিজ্ঞান হৈছে এনে বিজ্ঞান যিয়ে শিক্ষণৰ বিভিন্ন তত্ত্ব, শিক্ষণ কাৰ্যৰ প্ৰায়োগিকতা সম্পৰ্কে অধ্যয়ন কৰাৰ উপৰিও ব্যক্তিৰ বিভিন্ন ক্ষমতা, গুণাগুণ, আগ্ৰহ আৰু সৃজনাত্মক শক্তিৰ ক্ষেত্ৰত থকা ব্যক্তিপাৰ্থক্যৰ সম্বন্ধেও অধ্যয়ন কৰে। কেনেকৈ, কেতিয়া আৰু কত শিক্ষা প্ৰদান কৰিলে অধিক ফলপ্ৰসূ হব, তাৰ সঠিক নিৰ্ধাৰণ শিক্ষা-মনোবিজ্ঞানে কৰিব পাৰে। এজন ব্যক্তিৰ অৰ্হতা বা যোগ্যতা, শাৰীৰিক, মানসিক, আৱেগিক আদি বিষয়সমূহৰ বিকাশৰ লগত শিক্ষা মনোবিজ্ঞান বিশেষভাৱে জড়িত।


Type-Arup

Answered By- Leena Kakati