Chapter: 1

আগমন আৰু ইয়াৰ প্ৰকাৰ 

(Induction and Its Kinds)

অনুশীলনী

১) সংজ্ঞা দিয়াঃ

(ক) বৈজ্ঞানিক আগমন।

উত্তৰঃ- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন বোলা হয়। 

(খ) অবৈজ্ঞানিক আগমন। 

উত্তৰঃ- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ এক ৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়, তাকে অবৈজ্ঞানিক আগমন বোলে।

(গ) সাদৃশ্য়ানুমান।

উত্তৰঃ- দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য় লক্ষ্য় কৰি সেই সাদৃশ্য়ৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি অনুমান কৰা হয়, তাকে সাদৃশ্য়ানুমান বোলে। 

(ঘ) আগমনাত্মক জাঁপ।

উত্তৰঃ- বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য় সম্বন্ধৰ জ্ঞানলৈ জ্ঞাত সত্য়ৰ পৰা অজ্ঞাত সত্য়লৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্য়লৈ 一 "কিছুমানৰ" পৰা "সকলো" লৈ যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমুখী গতিকেই "আগমনাত্মক জাঁপ" বোলে। 

(ঙ) প্ৰকৃত আগমন।

উত্তৰঃ- যি আগমনত আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ" থাকে অৰ্থাৎ, যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকে প্ৰকৃত আগমন বোলে। 

(চ) তথা কথিত আগমন।

উত্তৰঃ- যি আগমনত আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ" টো নাথাকে; অৰ্থাৎ, যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত, জ্ঞাত সত্য়ৰ ভিত্তিত অজ্ঞাত সত্য়ত উপনীত হোৱা নাযায়। তাকে তথা কথিত আগমন বোলা হয়। 

(ছ) সু-সাদৃশ্য়ানুমান।

উত্তৰঃ- যি সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য়, সেই সাদৃশ্য়ানুমানক সু-সাদৃশ্য়ানুমান বোলে। 

(জ) দুঃসাদৃশ্য়ানুমান।

উত্তৰঃ- যি সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য় নহয়, গৌণ আৰু আকস্মিক গুণৰহে সাদৃশ্য় মাত্ৰ, সেই সাদৃশ্য়ানুমানক দুঃসাদৃশ্য়ানুমান বোলে। 

২) উদাহৰণ দিয়াঃ

(ক) বৈজ্ঞানিক আগমন।

উত্তৰঃ- উদাহৰণ 

ৰাম হয় মৰণশীল।

হৰি হয় মৰণশীল।

∴ সকলো হয় মৰণশীল। 

(খ) অবৈজ্ঞানিক আগমন।

উত্তৰঃউদাহৰণ 

"সকলো ৰঙা ফুল হয় গোন্ধহীন।"

(গ) সু-সাদৃশ্য়ানুমাান।

উত্তৰঃ- উদাহৰণ  一 

"পৃথিৱী আৰু মঙ্গল এই দুয়োটাই সৌৰজগতৰ গ্ৰহ।"

৩) পাৰ্থক্য় নিৰ্ণয় কৰাঃ

(ক) নিগমন আৰু আগমন।

উত্তৰঃ- নিগমন আৰু আগমনৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল  一 

(i) যি অনুমান সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। তাকে নিগমন অনুমান বোলে।

        আনহাতে, যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য় সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। তাকে আগমন অনুমান বোলে। 

(ii) নিগমন অনুমান আকাৰগত সত্য়তাৰ লগত জড়িত।

        আনহাতে, আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্য়তাৰ লগত জড়িত।

(iii) নিগমন অনুমানত সিদ্ধান্তত সামান্য় সত্য়ৰ পৰা বিশেষ বিশেষ সত্য়লৈ অহা হয়। 

        আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য় সত্য়ৰ সিদ্ধান্তলৈ অহা হয়। 

(iv) নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্য়তকৈ কেতিয়াও বেছি ব্য়াপক হ'ব নোৱাৰে। সিদ্ধান্তটো আশ্ৰয় বাক্য়ৰ সমব্য়াপক বা কম ব্য়াপক হ'ব পাৰে। কিন্তু ই আশ্ৰয়বাক্য়তকৈ কেতিয়াও বেছি ব্য়াপক হ'ব নোৱাৰে।

        আনহাতে, আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্য়তকৈ বেছি ব্য়াপক হ'ব।

(v) নিগমন অনুমানত আশ্ৰয় বাক্য়বোৰ সত্য় বুলি ধৰি লোৱা হয়। নিগমন অনুমানত আশ্ৰয় বাক্য়বোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছে নে নাই তাৰ বিচাৰ কৰা নহয়। 

        আনহাতে, আগমন অনুমানত আশ্ৰয় বাক্য়বোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়।

(খ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন।

উত্তৰঃ- বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল  一 

(i) বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ, পৰীক্ষণ আৰু পৰ্যৱেক্ষণ এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰাই সংগ্ৰহ কৰা হয়।

        আনহাতে, অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। 

(ii) বৈজ্ঞানিক আগমন কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত বাবে ইয়াৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। 

        আনহাতে, অবৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰা নহয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক। 

(iii) বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া। কাৰণ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত। দুটা ঘটনাৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰিবলৈ হ'লে পৰ্যৱেক্ষণ, প্ৰকল্প গঠন, সামান্য়ীকৰণ, প্ৰমাণীকৰণ আদি বহুতো স্তৰ অতিক্ৰম কৰিবলগীয়া হয়। গতিকে বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া।

        আনহাতে, বৈজ্ঞানিক আগমনৰ তুলনাত অবৈজ্ঞানিক আগমন অতি সৰল। কাৰণ ইয়াত দৃষ্টান্তসমূহৰ অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি  এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। 

(iv) বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। অৰ্থাৎ, বৈজ্ঞানিক আগমনে প্ৰতিষ্ঠা কৰা যথাৰ্থ সামান্য় বচনটো এই দুই বিধৰ ওপৰত প্ৰতিষ্ঠিত। 

        আনহাতে, অবৈজ্ঞানিক আগমনত কেৱল অবাাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি যথাৰ্থ সামান্য় বচনটো প্ৰতিষ্ঠা কৰা হয়। ইয়াত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। 

(গ) সাদৃশ্য়ানুমান আৰু বৈজ্ঞানিক আগমন।

উত্তৰঃ- সাদৃশ্য়ানুমান আৰু বৈজ্ঞানিক আগমনৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল  一 

(i) সাদৃশ্য়ানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। 

        আনহাতে, বৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। 

(ii) সাদৃশ্য়ানুমান কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। 

        আনহাতে, বৈজ্ঞানিক আগমন কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত।

(iii) সাদৃশ্য়ানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক।

        আনহাতে, বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। 

(ঘ) সাদৃশ্য়ানুমান আৰু অবৈজ্ঞানিক আগমন।

উত্তৰঃ- সাদৃশ্য়ানুমান আৰু অবৈজ্ঞাানিক আগমনৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল  

(i) সাদৃশ্য়ানুমানত এটা বিশেষ দৃষ্টান্ততৰ পৰা আন এটা বিশেষ দৃষ্টান্ত প্ৰতিষ্ঠা কৰা হয়। 

        আনহাতে, অবৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি এটা সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। 

(ii) সাদৃশ্য়ানুমানৰ মূলভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ  সাদৃশ্য়জ্ঞান।

        আনহাতে, অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে অবাধিত অভিজ্ঞতাৰ একৰূপতা। 

(iii) দুয়ো প্ৰকাৰৰ অনুমানৰেই সিদ্ধান্ত যদিও সম্ভাৱনামূলক তথাপি সাদৃশ্য়ানুমানৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে দুটা বস্তুৰ মাজত সাদৃশ্য় থকা গুণৰ সংখ্য়া আৰু গুৰুত্বৰ ওপৰত। 

            আনহাতে, অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূতাৰ দৃষ্টান্তৰ সংখ্য়াৰ ওপৰত।

(iv) সাদৃশ্য়ানুমানত ঘাইকৈ বস্তুৰ গুণ বা লক্ষণাৰ্থৰ জ্ঞান জন্মে।

        আনহাতে, অবৈজ্ঞানিক আগমনত বস্তুৰ সংখ্য়া বা বাচ্য়াৰ্থ সম্পৰ্কে জ্ঞান জন্মে।

(ঙ) প্ৰকৃত আগমন আৰু তথাকথিত আগমন।

উত্তৰঃ- প্ৰকৃত আগমন আৰু তথাকথিত আগমনৰ মাজত থকা পাৰ্থক্য়সমূহ হ'ল  ㅡ

(i) প্ৰকৃত আগমনত "আগমনাত্মক জাঁপ" থাকে।

        আনহাতে, তথাকথিত আগমনত "আগমনাত্মক জাঁপ" নাথাকে।

(ii) যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাকে প্ৰকৃত আগমন বোলে। 

        আনহাতে, যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত, জ্ঞাত সত্য়ৰ ভিত্তিত অজ্ঞাত সত্য়ত উপনীত হোৱা নাযায়। তাকে তথাকথিত আগমন বোলে।

(চ) সু-সাদৃশ্য়ানুমান আৰু দুঃসাদৃশ্য়ানুমান।

উত্তৰঃ- সু-সাদৃশ্য়ানুমান আৰু দুঃসাদৃশ্য়ানুমানৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল  一

(i) যি সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য়ক সু-সাদৃশ্য়ানুমান বোলে।

        আনহাতে, যি সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য় নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য় মাত্ৰ, সেই সাদৃশ্য়ানুমানক দুঃসাদৃশ্য়ানুমান বোলা হয়। 

(ii) সু-সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক গুৰুত্বপূৰ্ণ গুণৰ হয়।

        আনহাতে, দুঃসাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ নহয়। 

৪) চমুটোকা লিখাঃ

(ক) প্ৰকৃত আগমন।

উত্তৰঃ- যি আগমনত আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ" থাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকে প্ৰকৃত আগমন বোলে। প্ৰকৃত আগমন তিনি প্ৰকাৰৰ। সেয়া হ'ল  一

(i) বৈজ্ঞানিক আগমন।

(ii) অবৈজ্ঞানিক আগমন আৰু 

(iii) সাদৃশ্য়ানুমান আগমন। 

(খ) আগমনাত্মক জাঁপ।

উত্তৰঃ- বৈজ্ঞানিক আগমনত আমাৰ জ্ঞান প্ৰক্ৰিয়া বিশেষৰ পৰা সামান্য় সম্বন্ধৰ জ্ঞানলৈ, জ্ঞাত সত্য়ৰ পৰা অজ্ঞাত সত্য়লৈ প্ৰসাৰিত হয়। বিশেষৰ পৰা সামান্য়লৈ ㅡ "কিছুমানৰ" পৰা "সকলো" লৈ যোৱা যুক্তিৰ এনে ঊৰ্ধ্বমূখী গতিকেই আগমনাত্মক জাঁপ বোলে। 

        এই বিশেষৰ পৰা সামান্য়লৈ, জ্ঞাত সত্য়ৰ পৰা অজ্ঞাত সত্য়ত উপনীত হোৱা পথ সকলো সময়ত নিৰাপদ নহয়; ইয়াত বিপদো আছে। কাৰণ আগমনাত্মক এনে জাঁপৰ ক্ষেত্ৰত সকলো সময়তে এটা অনিশ্চয়তাৰ সম্ভাৱনা থাকে। সেইকাৰণে আগমনাত্মক এই জাঁপক আগমনাত্মক সংকট বুলিও অভিহিত কৰা হয়। মিল আৰু বেইনৰ মতে এই আগমনাত্মক জাঁপ বা সংকটেই আগমনৰ মূল লক্ষণ। এই লক্ষণ নাথাকিলে কোনো আগমনেই প্ৰকৃত আগমন হ'ব নোৱাৰে। 

(গ) তথাকথিত আগমন।

উত্তৰঃ- যি আগমনত আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ" টো নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত, জ্ঞাত সত্য়ৰ ভিত্তিত অজ্ঞাত সত্য়ত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বোলে। তথাকথিত আগমনৰ আন এক নাম হ'ল আগমনাভাস। তথাকথিত আগমন তিনি প্ৰকাৰৰ। সেয়া হ'ল 一

(i) পূৰ্ণ আগমন বা পূৰ্ণ গণনাভিত্তিক আগমন। 

(ii) যুক্তিসাদৃশ্য়ানুমান বা সদৃশযুক্তিভিত্তিক।

(iii) ঘটনা সংযোজন বা সামান্য়ভিকৰণ। 

৫) সংক্ষিপ্ত উত্তৰ দিয়াঃ

(ক) আগমন কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- তৰ্ক বিজ্ঞানী মিলৰ মতে আগমন প্ৰধানতঃ দুই প্ৰকাৰৰ। সেয়া হ'ল ―

(i) প্ৰকৃত আগমন আৰু 

(ii) তথাকথিত আগমন বা আগমনাভাস।

        প্ৰকৃত আগমন আকৌ তিনি প্ৰকাৰৰ। সেয়া হ'ল 一

(i) বৈজ্ঞানিক আগমন

(ii) অবৈজ্ঞানিক আগমন বা অপূৰ্ণ গণনাভিত্তিক আগমন বা অপূৰ্ণ আগমন আৰু 

(iii) সাদৃশ্য়ানুমান বা সাদৃশ্য়মূলক আগমন। 

        তথাকথিত আগমন আকৌ তিনি প্ৰকাৰৰ। সেয়া হ'ল 一

(i) পূৰ্ণ আগমন বা পূৰ্ণ গণনাভিত্তিক আগমন

(ii) যুক্তিসাদৃশ্য়ানুমান বা সদৃশভিত্তিক আৰু

(iii) ঘটনাসংযোজন বা সামান্য়াভিকৰণ। 

(খ) আগমনৰ মূল লক্ষণ কি?

উত্তৰঃ- আগমনৰ মূল লক্ষণ হ'ল "আগমনাত্মক জাঁপ"।

(গ) সাদৃশ্য়ানুমানৰ মূল্য় কিদৰে নিৰূপন কৰিব পাৰি?

উত্তৰঃ- সাদৃশ্য় থকা বিষয়সমূহৰ সংখ্য়া আৰু গুৰুত্বৰ লগত বৈসাদৃশ্য় থকা বিষয়সমূহৰ সংখ্য়া আৰু গুৰুত্বৰ তুলনা কৰিব লাগে আৰু লগতে জ্ঞাত বিষয়ৰ তুলনাত অজ্ঞাত বিষয়ৰ সংখ্য়া আৰু গুৰুত্বকো বিবেচনা কৰিব লাগে। 

(ঘ) বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্ৰতিষ্ঠা কৰে?

উত্তৰঃ- প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য় বচন বৈজ্ঞানিক আগমনে প্ৰতিষ্ঠা কৰে। 

(ঙ) সকলো প্ৰকাৰৰ অনুমান মূলতঃ সাদৃশ্য়ভিত্তিক নে?

উত্তৰঃ- নহয়।

(চ) সাদৃশ্য়ানুমান কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- সাদৃশ্য়ানুমান দুই প্ৰকাৰৰ। সেয়া হ'ল ―

(i) সু-সাদৃশ্য়ানুমান আৰু 

(ii) দুঃসাদৃশ্য়ানুমান।

(ছ) আগমন কেৱল আকাৰগত সত্য়তাৰ লগত জড়িত নে?

উত্তৰঃ- নহয়।

(জ) আগমনত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা গতিটোক কি বোলে?

উত্তৰঃ- আগমনাত্মক জাঁপ।

৬) উত্তৰ দিয়াঃ

(ক) বৈজ্ঞানিক আগমন কাক বোলে?

উত্তৰঃ- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যৱেক্ষণ কৰি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। তাকে বৈজ্ঞানিক আগমন বোলে।

(খ) বৈজ্ঞানিক আগমনৰ সাদৃশ্য়বোৰ কি কি?

উত্তৰঃ- বৈজ্ঞানিক আগমনৰ সাদৃশ্য়সমূহ তলত উল্লেখ কৰা হ'ল ―

(i) বৈজ্ঞানিক আগমনে সিদ্ধান্তস্বৰূপে এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰে।

(ii) বৈজ্ঞানিক আগমনত সিদ্ধান্ত হিচাপে এটা বচন প্ৰতিষ্ঠা কৰা হয়। ধাৰণা বা প্ৰত্য়য় নহয়। এটা বচন দুটা পদৰ মাজৰ সম্বন্ধক স্পষ্টকৈ প্ৰকাশ কৰা হয়। 

(iii) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ বিশেষ ঘটনা বা দৃষ্টান্তৰ পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল।

(iv) আগমনৰ এটা প্ৰধান বৈশিষ্ট্য় হ'ল আগমনাত্মক জাঁপ বা সংকট। আগমনৰ সিদ্ধান্ত পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ হ'লেও অকল পৰ্যৱেক্ষণৰ জড়িয়তে সামান্য় সিদ্ধান্ত স্থাপন কৰিব নোৱাৰি। ইয়াৰ অৰ্থ হ'ল আগমনৰ সিদ্ধান্ত পৰ্যৱেক্ষণসিদ্ধ নহয়। ই অনুমিতি স্বভাৱৰ। 

(v) বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত। বিশেষ বিশেষ ঘটনাক প্ৰত্য়ক্ষ কৰি সামান্য় বচন প্ৰতিষ্ঠা কৰাৰ পথত যি অনিশ্চয়তা বা সংকট দেখা দিয়ে তাক দূৰ কৰিবলৈ বৈজ্ঞানিক আগমনে "প্ৰকৃতিৰ একৰূপতা বিধি" আৰু "কাৰ্য-কাৰণ বিধি"ৰ ওপৰত নিৰ্ভৰ কৰে। 

(গ) অবৈজ্ঞানিক আগমন কাক বোলে? অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য়বোৰ কি কি?

উত্তৰঃ- যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যৱেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। তাকে অবৈজ্ঞানিক আগমন বোলে। 

        অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(i) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ বচন প্ৰতিষ্ঠা কৰে।

(ii) অবৈজ্ঞানিক আগমনে এই সামান্য় বচনটো বিশেষ বিশেষ বহুতো দৃষ্টান্তৰ পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে। 

(iii) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ'লেও কেৱল পৰ্যৱেক্ষণৰ জড়িয়তে সিদ্ধান্তত সামান্য় বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি।

(iv) অবৈজ্ঞানিক আগমনত অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। 

(v) অবৈজ্ঞানিক আগমনত পৰ্যৱেক্ষণৰ দ্বাৰা পোৱা ঘটনা বা দৃষ্টান্তবোৰৰ মাজত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। 

(ঘ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য় নিৰূপন কৰা।

উত্তৰঃ- বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ সাদৃশ্য়সমূহ তলত উল্লেখ কৰা হ'ল ―

(i) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰৰ আগমনতেই একো একোটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। 

(ii) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়োপ্ৰকাৰৰ আগমনেই পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰশীল।

(iii) দুয়োবিধ আগমনতেই কিছুমান বিশেষ বিশেষ ঘটনা বা দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি অনুমানৰ জড়িয়তে এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়। 

(iv) দুয়োবিধ আগমনতেই আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ" বা "বিশেষ"ৰ পৰা সামান্য়লৈ যোৱা ঊৰ্ধ্বমুখী গতি বিদ্য়মান আৰু সেই কাৰণে দুয়োবিধ আগমনেই প্ৰকৃত আগমন।

(ঙ) সাদৃশ্য়ানুমান কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য় লক্ষ্য় কৰি সেই সাদৃশ্য়ৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাকে সাদৃশ্য়ানুমান বোলে।

        সাদৃশ্য়ানুমান দুই প্ৰকাৰৰ। সেয়া হ'ল 一

(i) সু-সাদৃশ্য়ানুমান আৰু 

(ii) দুঃসাদৃশ্য়ানুমান।

(চ) বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি কি?

উত্তৰঃ- বৈজ্ঞানিক আগমনৰ মূল ভিত্তি হ'ল ―

(i) প্ৰকৃতিৰ একৰূপতা বিধি আৰু 

(ii) কাৰ্য-কাৰণ বিধি।

(ছ) তথাকথিত আগমন কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- তথাকথিত আগমন তিনি প্ৰকাৰৰ। সেয়া হ'ল 一

(i) পূৰ্ণ আগমন বা পূৰ্ণ গণনাভিত্তিক আগমন আৰু 

(ii) যুক্তিসাদৃশ্য়ানুমান বা সদৃশভিত্তিক অনুমান। 

(জ) সাদৃশ্য়ানুমান কিয় সম্ভাৱনামূলক?

উত্তৰঃ- সাদৃশ্য়ানুমান কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সেই কাৰণে ইয়াৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক। 

অনুশীলনী

 ১। সংজ্ঞা দিয়া। 

(ক) বৈজ্ঞানিক আগমন 

উত্তৰঃযি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বোলে।

যেনে- ৰাম হয় মৰণশীল।

           হৰি হয় মৰণশীল।

                সকলো হয় মৰণশীল।

(খ) অবৈজ্ঞানিক আগমন 

উত্তৰঃযি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ বহুতো দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যৱেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতীৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়, তাক অবৈজ্ঞানিক আগমন বোলা হয়।

(গ) সাদৃশ্যানুমান 

উত্তৰঃদুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য় লক্ষ্য় কৰি সেই সাদৃশ্য়ৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক সাদৃশ্য়ানুমান বা সাদৃশ্য়মূলক অনুমান বোলে।

(ঘ) প্রকৃত আগমন 

উত্তৰঃযি আগমন আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ" থাকে অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক প্ৰকৃত আগমন বোলে।

(ঙ) তথা কথিত আগমন। 

উত্তৰঃযি আগমনত আগমনৰ মূল লক্ষণ "আগমনাত্মক জাঁপ"টো নাথাকে অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য় সম্বন্ধৰ জ্ঞানত, জ্ঞাত সত্য়ৰ ভিত্তিত অজ্ঞাত সত্য়ত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বা আগমনাভাস বোলে।

(চ) সু - সাদৃশ্যানুমান 

উত্তৰঃযি সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য় সেই সাদৃশ্য়ানুমানক সু-সাদৃশ্য়ানুমান বোলে। উদাহৰণস্বৰূপে, পৃথিৱী আৰু মঙ্গল এই দুয়োটাই সৌৰজগতৰ গ্ৰহ। দুয়োটাই সূৰ্যক প্ৰদক্ষিণ কৰে। দুয়োটাতে বায়ুমণ্ডল, মাটি, পানী, উত্তাপ আদি আছে। পৃথিৱীত জীৱ আছে, গতিকে মঙ্গল গ্ৰহটো জীৱ আছে। এনে সাদৃশ্য়ানুমানকেই সু-সাদৃশ্য়ানুমান বোলে।

(ছ) দুঃসাদৃশ্যানুমান। 

উত্তৰঃযি সাদৃশ্য়ানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্য়বোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য় নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য় মাত্ৰ, সেই সাদৃশ্য়ানুমানক দুঃ সাদৃশ্য়ানুমান বোলে।

 ২। পার্থক্য নির্ণয় কৰা? 

(ক) নিগমন আৰু আগমন

উত্তৰঃনিগমন আৰু আগমন মাজৰ পাৰ্থক্য় সমূহ হল  -

i) নিগমন অনুমানত সিদ্ধান্তত সামান্য় সত্য়ৰপৰা বিশেষ বিশেষ সত্য়লৈ অহা হয়। আনহাতে, আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰপৰা সামান্য় সত্য়ৰ সিদ্ধান্তলৈ অহা হয়।

ii) নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্য়তকৈ কেতিয়াও বেছি ব্য়াপক হব নোৱাৰে। আনহাতে, আগমন অনুমানত সিদ্ধান্ত আশ্ৰয়বাক্য়তকৈ বেছি ব্য়াপক হব।

iii) নিগমন অনুমানৰ আশ্ৰয়বাক্য়বোৰ সত্য় বুলি ধৰি লোৱা হয়।নিগমন অনুমানত আশ্ৰয়বাক্য়বোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছে নে নাই তাৰ বিচাৰ কৰা হয়। কিন্তু আগমন অনুমানত আশ্ৰয়বাক্য়বোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়।

iv) নিগমন অনুমান আকাৰগত সত্য়তাৰ লগত জড়িত।কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্য়তাৰ লগত জড়িত।

v) নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয়বাক্য়ৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয়। আনহাতে, আগমন অনুমানত সিদ্ধান্তটো আশ্ৰয়বাক্য়ৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত নহয়।

(খ) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন। 

উত্তৰঃবৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন মাজৰ পাৰ্থক্য় সমূহ হল-

i) বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণ- পৰ্যৱেক্ষণৰ এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰাই সংগ্ৰহ কৰা হয়। কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়।

ii) বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া। বৈজ্ঞানিক আগমনৰ তুলনাত অবৈজ্ঞানিক আগমন অতি সৰল।

iii) বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। অবৈজ্ঞানিক আগমনত কাৰ্য-কাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। 

iv) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। কিন্ত অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক।

(গ) সাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমন। 

উত্তৰঃসাদৃশ্যানুমান আৰু বৈজ্ঞানিক আগমন মাজৰ পাৰ্থক্য় সমূহ হল-

i) সাদৃশ্য়ানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। কিন্তু বৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যৱেক্ষণ কৰি এটা যথাৰ্থ সামান্য় বচন প্ৰতিষ্ঠা কৰা হয়।

ii) সাদৃশ্য়ানুমান কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কিন্তু বৈজ্ঞানিক আগমন কাৰ্য-কাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত।

iii) সাদৃশ্য়ানুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক। কিন্তু বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চত স্বভাৱৰ।

৩। সংক্ষিপ্ত উত্তৰ দিয়া। 

(ক) আগমন কেই প্রকাৰৰ আৰু কি কি? 

উত্তৰঃআগমন দুই প্ৰকাৰৰঃ-

i) প্ৰকৃত আগমন

ii) তথাকথিত আগমন।

(খ) আগমনৰ মূল লক্ষণ কি? 

উত্তৰঃআগমনৰ মূল লক্ষণ হল- আগমনাত্মক জাঁপ।


Answered bySri Mampi Kakati 




Paid E-Notes Available

Only 50 Rupees (Get All Chapter Notes)


----- STEP - 1 -----

Pay Now

----- STEP - 2 -----

Apply Now


   Product Code: DAM000048