অধ্যায় - ৪

ভাৰতৰ বৈদেশিক সম্পৰ্ক 


Edit This Post


প্ৰশ্নমালাঃ

১। তলত উল্লেখ্য কৰা বাক্যবোৰ ‘শুদ্ধ নে অশুদ্ধ’ লিখাঃ

( ক) গোষ্ঠীনিৰপেক্ষতাই ভাৰতক আমেৰিকা আৰু ৰাছিয়াৰ পৰা সহায় পোৱাৰ অনুমতি দিব।

উত্তৰঃ  শুদ্ধ।


(খ) ওচৰ-চুবুৰীয়াৰ লগত ভাৰতৰ সম্বন্ধ আৰম্ভণিৰ পৰা বেয়া।

উত্তৰঃ অশুদ্ধ।


(গ) শীতল যুদ্ধই ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল।

উত্তৰঃ শুদ্ধ।


 (ঘ) ১৯৭১ চনৰ আমেৰিকাৰ লগত শান্তি আৰু বন্ধুত্ব হ’ল ভাৰতৰ আমেৰিকাৰ ওচৰ সম্পৰ্কৰ ফল।

উত্তৰঃ অশুদ্ধ।


২। তলত দিয়াবোৰ মিলোৱাঃ

() ১৯৫০ পৰা ১৯৬৪ চনলৈ ভাৰতৰ   বৈদেশিক নীতিৰ লক্ষ্য / উদ্দেশ্য                               

(a) তিব্বতৰ  ধৰ্মীয় নেতাৰ ভাৰতলৈ আগমন

() পঞ্চশীল

(b) ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব আৰু অৰ্থনৈতিক বিকাশ সংৰক্ষণ কৰা                                       

() দালাই লামা

(c) নাম (NAM) প্ৰতিষ্ঠা কৰা

(ঘ) বাণ্ডুং সন্মিলন                                 

(d) শান্তিপূৰ্ণ সহৱস্থানৰ পাঁচটা নীতি


উত্তৰঃ 

(ক) ১৯৫০ পৰা ১৯৬৪ চনলৈ ভাৰতৰ বৈদেশিক নীতিৰ লক্ষ্য/ উদ্দেশ্য হ’ল                            

(b) ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা, সাৰ্বভৌমত্ব আৰু অৰ্থনৈতিক বিকাশ সংৰক্ষণ কৰা।
(খ) পঞ্চশীল

(d) শান্তিপূৰ্ণ সহৱস্থানৰ পাঁচটা নীতি।            

(গ) দালাই লামা (a) তিব্বতৰ ধৰ্মীয় নেতাৰ ভাৰতলৈ আগমন।

(ঘ) বাণ্ডুং সন্মিলন                                

(c) নাম (NAM) প্ৰতিষ্ঠা কৰা।



৩। নেহৰুৱে কিয় বৈদেশিক নীতি পৰিচালনাক স্বাধীনতাৰ এটা প্ৰয়োজনীয় নিৰ্দেশনা বুলি ভাবিছিল? তোমাৰ সমৰ্থনত সপক্ষে দুটা কাৰণ আগবঢ়োৱা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাতা জৱাহৰলাৰ নেহৰুৱে বৈদেশিক নীতি পৰিচালনাক স্বাধীনতাৰ এক প্ৰয়োজনীয় নিৰ্দেশনা বুলি ভাবিছিল  আৰু সেয়ে ইয়াৰ ওপৰত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। বৈদেশিক নীতিৰ জৰিয়তে তেওঁ ভাৰতৰ স্বতন্ত্ৰ স্থিতি আৰু পুনৰ ঘূৰাই পোৱা স্বাধীনতাক সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল আৰু সেই অনুসৰি বৈদেশিক নীতি নিণৰ্য় কৰিছিল। তদুপৰি নেহৰুৰ বৈদেশিক নীতিৰ মূল লক্ষ্যই আছিল বহু কষ্টৰ ফলত লাভ কৰা ভাৰতৰ সাৰ্বভৌমত্বৰ সংৰক্ষণ কৰা। নেহৰুৱে গোষ্ঠীনিপেক্ষ নীতিৰ অৱলম্বনৰ জৰিয়তে এই লক্ষ্য সফল কৰিব বিচাৰিছিল। সেয়ে গোষ্ঠীনিৰপেক্ষতা নেহৰুৰ বৈদেশিক নীতি তথা বৰ্তমানৰ ভাৰতীয় বৈদেশিক নীতিৰ মূল আধাৰ।

     নেহেৰুৰ এই মতামত আৰু চিন্তাধাৰাক মই সমৰ্থন জনাও ।ইয়াৰ সপক্ষে দুটা যুক্তি তলত আগবঢ়োৱা হ’লঃ

(১) এখন দেশৰ সাৰ্বভৌমত্ব তথা স্বতন্ত্ৰতা শক্তিশালী বৈদেশিক নীতিৰ দ্বাৰাহে সুৰক্ষিত কৰিব পাৰি। যাৰ দ্বাৰা নিজৰ দেশৰ নিৰাপত্তা সুৰক্ষিত কৰিব পাৰি আৰু নিজৰ দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ পৰা বহি ৰাষ্ট্ৰক দূৰত ৰাখিব পাৰি।

(২) শক্তিশালী বৈদেশিক নীতিৰ দ্বাৰাহে দেশৰ ভৌগোলিক অখণ্ডতা আৰু পৰস্পৰৰ স্বতন্ত্ৰতাৰ প্ৰতি সন্মান বজাই ৰাখিব পাৰি। ভাৰতৰ বৈদেশিক নীতিয়েও এইসমূহে প্ৰতিপন্ন কৰে।

  সেয়ে নেহৰুৰ উক্ত চিন্তাধাৰা সম্পূৰ্ণ যুক্তিযুক্ত আৰু শুদ্ধ।


৪। “বৈদেশিক নীতি আৰু পৰিচালনা কৰা হ’ল আভ্যন্তৰীণ বাধ্যবাধকতা আৰু আন্তৰ্জাতিক পৰিস্থিতি এই দুটাৰ ফল।“ তোমাৰ উত্তৰৰ সপক্ষে ১৯৬০ -দশকত ভাৰতৰ বৈদেশিক সম্পৰ্কৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ “বৈদেশিক নীতি আৰু পৰিচালনা কৰা হ”ল আভ্যন্তৰীণ বাধ্যবাধকতা আৰু আন্তৰ্জাতিক পৰিস্থিতি এই দুটাৰ ফল।“ এই কথাষাৰৰ মই সমৰ্থন কৰো। ইয়াৰ সপক্ষে মোৰ মতামত তলত উল্লেখ কৰা হ’ল।

          ১৯৬০ -দশকত ভাৰতৰ এক বৈদেশিক সম্পৰ্ক বুলিলে আমি ভাৰতৰ চীনৰ সৈতে সম্পৰ্কৰ উদাহৰণ দিব পাৰো। এই দশকত চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল আৰু হৈ পৰিছিল পৰস্পৰে পৰস্পৰৰ পৰম শত্ৰু। ১৯৬২ চনত দুই ৰাষ্ট্ৰৰ মাজত সীমা বিবাদক লৈ এক যুদ্ধ সংঘটিত হয় আৰু প্ৰথম আক্ৰমণ কৰে চীনে। চীনে বলপূৰ্বকভাৱে ভাৰতৰ অৰুণাচল প্ৰদেশৰ লগতে অসমৰো কিছু অংশ দখল কৰে। সেয়হে নিজৰ দেশৰ ভৌগোলিক অখণ্ডতা, নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ভাৰতেও চীনক প্ৰতিআকমণ কৰিব লগা হয়। ভাৰতীয় সেনাই পশ্চিম সীমান্তত চীনৰ সেনাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল যদিও পূব সীমান্তত চীনৰ সেনাবাহিনীয়ে প্ৰায় অপ্ৰতিহতভাৱে ভাৰতীয় সীমা অতিক্ৰম কৰি অসমৰ তেজপুৰ জিলালৈকে আগবাঢ়ি আহে আৰু চীনে অসমক ভাৰতৰ পৰা কাঢ়ি নিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছিল। ভাৰতৰ বৈদেশিক নীতি নেহৰুৱেও চীনক প্ৰতিৰোধ কৰিব নোৱাৰি উপায়হীন হৈ ভাৰতৰ পৰা অসমক বিদায় দিয়াৰ ভাষণো দিছিল আৰু অসমক প্ৰায় এৰি দিয়াৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল।কিন্ত পিছত চীনে একপক্ষীয়ভাৱে যুদ্ধিবিৰতি ঘোষণা কৰি দিছিল। 

        চীনৰ লগত হোৱা ১৯৬২ চনৰ এই যুদ্ধত ভাৰতৰ সামৰিক দুৰ্বলতা প্ৰকাশ পাইছিল । ভাৰতে আনকি এই সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ আমেৰিকা আৰু ব্ৰিটেইনৰ ওচৰত সামৰিক সহায়-সাহায্যও বিচাৰিব লগা হৈছিল। ভাৰতৰ এই সূচনীয় পৰাজয়ে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতিৰো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছিল।

    ১৯৬০ দশকৰ এই সময়ছোৱাৰ ভাৰতৰ স্থিতিয়ে প্ৰতিপন্ন কৰে যে বৈদেশিক নীতি আৰু পৰিচালনা কৰা হ’ল আভ্যন্তৰীণ বাধ্যবাধকতা আৰু  আন্তৰ্জাতিক পৰিস্থিতি এই দুটাৰ ফল।


৫। ভাৰতৰ বৈদেশিক নীতিৰ তুমি ৰাখিব খোজা দুটা কাৰক আৰু পৰিৱৰ্তন কৰিব খোজা দুটা কাৰক চিনাক্ত কৰা যদি তুমি সিদ্ধান্ত গ্ৰহণকাৰী হোৱা। তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ এজন সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে মই ভাৰতীয় বৈদেশিক নীতিত ৰাখিব বিচৰা দুটা কাৰক হ’ল অৰ্থনৈতিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় বা জাতীয় স্বাৰ্থ। আনহাতে পৰিৱৰ্তন কৰিব বিচৰা দুটা কাৰক হ’ল ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰকৃতি আৰু দেশৰ ঘৰুৱা বাতাবৰণ। এই মতামত সপক্ষে তলত যুক্তি আগবঢ়োৱা হ’লঃ

(১) ভাৰতৰ বৈদেশিক নীতিত সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে মই অৰ্থনৈতিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় বা জাতীয় স্বাৰ্থ এই কাৰক দুটা ৰাখিব বিচৰাৰ যুক্তি হ’ল যে এই দুই কাৰক ভাৰতীয় বৈদেশিক নীতিৰ বাবে অত্যাৱশ্যকীয়। কাৰণ আন দেশৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে সকলো দেশে সদায় নিজৰ উন্নয়ন আৰু জাতীয় স্বাৰ্থক প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত। যাক অবজ্ঞা কৰিব নোৱাৰি। নিজৰ জাতীয় স্বাৰ্থ আৰু অৰ্থনৈতিক উন্নয়নৰ ভিত্তি কৰিহে ভাৰতেও আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপন কৰে। কাৰণ আন দেশৰ দৰে ভাৰতো সকলো দিশৰ পৰা সম্পন্ন নহয়। সেয়ে অৰ্থনৈতিক উন্নয়নৰ বাবে ই আন ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। বিশ্বৰ সকলো দেশে এনেদৰে পৰস্পৰ নিৰ্ভৰশীল।

(২) সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে মই বৈদেশিক ভাৰতৰ বৈদেশিক নীতিত ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰকৃতি আৰু দেশৰ ঘৰুৱা বাতাবৰণ এই কাৰক দুটা পৰিৱৰ্তন কৰিব বিচৰাৰ অন্তৰালতো যুক্তি আছে। কাৰণ নেতৃত্বৰ ব্যক্তিগত প্ৰকৃতিয়ে ভাৰতীয় বৈদেশিক নীতিত প্ৰভাৱিত কৰাঁতো ভাৰতত সকলোৰে গ্ৰহণযোগ্য নহ’বও পাৰে । নেহৰুৰ কথা পৃথক আছিল । কিন্ত আন নেতাৰ চিন্তাধাৰা আৰু আদৰ্শক সকলোৱে সমৰ্থন নকৰিবও পাৰে আৰু বৈদেশিক নীতিত তাৰ অন্তৰ্ভুক্তিক মানি নলবও পাৰে। তদুপৰি ঘৰুৱা বাতাবৰণে ভাৰতীয় বৈদেশিক নীতিক নিৰ্ধাৰণ কৰাতো গ্ৰহণ যোগ্য নহয়। কাৰণ দেশৰ কোনো এক বিশেষ ৰাজনৈতিক দলৰ  দপদপনি , জনমত আৰু চৰকাৰ ব্যৱস্থাই দেশৰ বৈদেশিক নীতিৰ মূল ভেটিক প্ৰভাৱ পেলাব নোৱাৰে। কোনো এক ৰাজনৈতিক দল বা এটা জনসাধৰণৰ গোটৰ মতামতে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব নোৱাৰে। বৈদেশিক নীতি ভাৰতত সৰ্ব গ্ৰহণযোগ্য হ’ব লাগিব।

    সিদ্ধান্ত গ্ৰহণকাৰী মই মই উক্ত সিদ্ধান্ত গ্ৰহণ কৰিলো হেঁতেন।


৬। তলত দিয়াবোৰৰ চমুটোকা লিখাঃ

(ক) ভাৰতৰ পাৰমাণৱিক নীতি,  (খ) বৈদেশিক নীতিৰ সম্পৰ্কে ঐক্যমত

উত্তৰঃ (ক) ভাৰতৰ পাৰমাণৱিক নীতিঃ  শক্তিশালী পাৰমাণৱিক নীতি ভাৰতৰ বৈদেশিক নীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। বিজ্ঞানী হোমী জাহাংগীৰ ভাবা ভাৰতৰ পাৰমাণৱিক নীতি পথ প্ৰদৰ্শক। তেওঁৰ নেতৃত্বতে ১৯৪০ ৰ দশকৰ শেষৰফালে ভাৰতত পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰা হয়। ১৯৬৪ চনত চীনে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰাৰ সময়ৰ লৈকে বিশ্বত পাৰমাণৱিক যুদ্ধাস্ত্ৰ নিৰ্মাণৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাব ধৰিছিল আৰু সেয়ে এনে পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়।  কিন্ত ভাৰতে এই চুক্তিক বৈষম্যমূলক বুলি গণ্য কৰি আজিৰ লৈকে স্বাক্ষৰ কৰা পৰা দূৰত আছে। ৰাষ্ট্ৰখনে কিন্ত ১৯৬৩ চনৰ আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতে প্ৰথম ৰাষ্ট্ৰ যি পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনাইছিল।ৰাষ্ট্ৰখনে ১৯৯৯ চনত বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এক পাৰমাণৱিক মতবাদৰ আৰম্ভ কৰে। ভাৰতে ভৱিষৎতলৈ প্ৰথমে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ ব্যৱহাৰ নকৰিব বুলি ঘোষণা কৰে। ভাৰতে ২০০৩ চনত আনুষ্ঠানিকভাৱে কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব গঠন কৰে। তদুপৰি ভাৰত আন্তঃৰাষ্ট্ৰীয় আণৱিক ইন্ধন এজেন্সিৰো সদস্য ৰাষ্ট্ৰ। ই সুসংহত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ পৰাও দূৰত আছে। ভাৰত সদায় নিৰস্ত্ৰীকৰণ, অংহিসা, বিশ্ব শান্তি, সহযোগিতা আৰু বন্ধুত্ব নীতিৰ ওপৰত বিশ্বাসী। সেয়ে ৰাষ্ট্ৰখনে সদায় পাৰমাণৱিক ইন্ধনৰ শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমৰ্থন জনাই। ভাৰতে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ হিংসাত্মক আৰু ধ্বংসকাৰী ব্যৱহাৰক অস্বীকাৰ কৰে।


(খ) বৈদেশিক নীতিৰ সম্পৰ্কে ঐক্যমত।

উত্তৰঃ  ভাৰতৰ বৈদেশিক নীতি বিশ্বৰ ভিতৰতে জনপ্ৰিয়। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ গুৰি ধৰোঁতা প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৱে ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাণ কৰিছিল। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰায় সকলো বিলাক নীতিয়ে ৰাষ্ট্ৰখনৰ বাবে যুক্তিযুক্ত ,সৰ্ব গ্ৰহণযোগ্য আৰু অতি প্ৰয়োজনীয়। সেয়ে মই ভাৰতৰ বৈদেশিক নীতিৰ প্ৰায় সকলো বিলাক নীতিৰ লগত একমত। এই ঐক্যমতৰ ভিত্তিত কেইটামান যুক্তি আগবঢ়োৱা হ’লঃ

(১) ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতি বা আধাৰ হ’ল গোষ্ঠীনিৰপেক্ষতা যাৰ ভিত্তিত ভাৰতে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে সদায় শান্তিপূৰ্ণ, বন্ধুত্বপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে যি সম্পূৰ্ণ যুক্তিযুক্ত। কাৰণ গোষ্ঠীনিৰপেক্ষ নীতিৰ দ্বাৰাহে ভাৰতে সকলো ৰাষ্ট্ৰৰ লগতে নিজৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিও ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব।

(২) ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য হ’ল জাতীয় স্বাৰ্থ ৰক্ষা কৰা যি সকলো ৰাষ্ট্ৰৰে সদায় প্ৰথম অগ্ৰাধিকাৰ হোৱা উচিত। জাতীয় স্বাৰ্থত আগত ৰাখিহে সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত লেনদেন তথা সম্পৰ্ক স্থাপন কৰা উচিত।

(৩) তদুপৰি ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষ্য হ’ল দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা যি সম্পূৰ্ণ প্ৰাসংগিক। কাৰণ ভাৰত বহুতো জাতি,ধৰ্ম, বৰ্ণ আৰু ভাষা-ভাষীলোকৰ মিলন ভূমি য’ত সকলোৰে মাজত একতা থকাটো অতি প্ৰয়োজন। তেতিয়াহে দেশৰ অখণ্ডতা আৰু শান্তি বৰ্তি থাকিব। এই দিশলে লক্ষ্য কৰিয়ে ভাৰতে বৈদেশিক নীতিত ইয়াক গুৰুত্ব প্ৰদান কৰি আহিছে।

(৪) ভাৰতীয় বৈদেশিক নীতিৰ আন এক লক্ষ্য হ’ল চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা যি সম্পূৰ্ণ যুক্তিযুক্ত। কাৰণ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিলেহে ভাৰত নিৰপত্তা আৰু সুৰক্ষা বৰ্তি থাকিব।

(৫) ভাৰতৰ বৈদেশিক নীতিৰ এক অন্যতম নীতি হ’ল বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উদ্‌গনি জনোৱা যি সদায় প্ৰশংসনীয়।

    উক্ত দিশসমূহৰ বাবে মই ভাৰতীয় বৈদেশিক নীতিৰ সৈতে ঐক্যমত প্ৰকাশ কৰো।


৭। শান্তি আৰু সহযোগিতাৰ ভিত্তিত ভাৰতৰ বৈদেশিক নীতি ৰচিত। কিন্ত ভাৰতে ১৯৬২ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত এই দহ বছৰ কালত তিনিখন যুদ্ধত অৱতীৰ্ণ হ’ব লগা হৈছিল। এইটোক তুমি বৈদেশিক নীতি অকৃতকাৰ্য হোৱা বুলি ধাৰণা কৰানে? নে তুমি ইয়াক আন্তৰ্জাতিক পৰিস্থিতি বুলি ভাবা। তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দৰ্শোৱা।

উত্তৰঃ  ভাৰতৰ বৈদেশিক নীতি শান্তি আৰু সহযোগিতাৰ ভিত্তিত ৰচিত। ভাৰতে সদায় হিংসা আৰু সংঘাতৰ পৰিৱৰ্তে বিশ্বশান্তি, ভাতৃত্ববোধ আৰু সহযোগিতা নীতিত বিশ্বাসী যি পথত ভাৰতে সদায় অগ্ৰসৰ হৈ আহিছে। কিন্ত ১৯৬২ চনৰ পৰা ১৯৭২ চনৰলৈকে তিনিখনকৈ যুদ্ধত ভাৰত অৱৰ্তীণ হ’ব লগা হৈছিল যাক মই ভাৰতৰ বৈদেশিক নীতিৰ বিফলতা বা অকৃতকাৰ্যতা বুলি ভবাৰ পৰিৱৰ্তে আন্তৰ্জাতিক পৰিস্থিতি বুলিহে গণ্য কৰো।এই মতামতৰ সপক্ষে তলত কিছুমান যুক্তি উল্লেখ কৰা হ’লঃ

(১) ভাৰতে সদায় বিশ্বশান্তি আৰু সহযোগিতাৰ পথত চলি আহিছে আৰু সংঘাতৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰি আহিছে। ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৱে আৰম্ভণিৰে পৰা চীনৰ লগতে আন সকলো চুবুৰীয়া ৰাষ্ট্ৰৰ লগত সুসম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। কিন্ত ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত এখন যুদ্ধ সংঘটিত হয় দুই ৰাষ্ট্ৰৰ মাজৰ সীমা বিবাদক কেন্দ্ৰ কৰি । ই এক আন্তৰ্জাতিক পৰিস্থিতি য’ত ভাৰতৰ বৈদেশিক নীতিৰ কোনো সম্পৰ্ক নাই।কাৰণ ভাৰতে পোনপ্ৰথমে চীনক আক্ৰমণ কৰা নাছিল তথা যুদ্ধৰ সূচনা কৰা নাছিল।

(২) ভাৰত পাকিস্তানৰ মাজত প্ৰথমখন যুদ্ধ হয় সংঘটিত হয় ১৯৬৫ চনত কাশ্মীৰক কেন্দ্ৰ কৰি আৰু সীমাক কেন্দ্ৰ কৰি যি এক আন্তৰ্জাতিক পৰিস্থিতি। এইখন যুদ্ধৰ ক্ষেত্ৰতো পাকিস্তানে প্ৰথমে ভাৰতক আক্ৰমণ কৰিছিল। কিন্ত ভাৰতে সদায় পাকিস্তানৰ লগতো সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই আহিছে আৰু বহুতো পদক্ষেপ হাতত লৈ আহিছে। কিন্ত শেষত নিজৰ দেশৰ সুৰক্ষাৰ স্বাৰ্থতে বাধ্য হৈ ভাৰতেও যুদ্ধত অংশগ্ৰহণ কৰিব লগা হয় আৰু প্ৰতিআক্ৰমণ কৰিব লগা হয়।

(৩) ভাৰত-পাকিস্তানৰ তৃতীয়খন যুদ্ধ হয় পূব পাকিস্তান বা বাংলাদেশৰ স্বাধীনতাক কেন্দ্ৰ কৰি। ভাৰতে বাংলাদেশৰ মুক্তি আন্দোলনলৈ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে নৈতিক আৰু বস্তগত সমৰ্থন জনাইছিল। কিন্ত পাকিস্তানে ভাৰতৰ এই সমৰ্থনক ৰাষ্ট্ৰখনক বিভাজিত কৰাৰ চেষ্টা চলোৱা বুলি ভাৰতক দোষাৰোপ কৰিছিল। ফলত ১৯৭১ চনত দুই ৰাষ্ট্ৰৰ মাজত যুদ্ধ সংঘটিত হয় য’ত পাকিস্তানেই পোনপ্ৰথমে আক্ৰমণ কৰিছিল। যাৰ বাবে বাধ্য হৈ ভাৰতেও প্ৰতিআক্ৰমণ কৰিব লগা হৈছিল। ইয়াৰ পিছতো ভাৰতে দুই ৰাষ্ট্ৰৰ মাজত চলিত সমস্যা সমাধান আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ছিমলা চুক্তি স্বাক্ষৰ কৰিছিল। 

     এনে আন্তৰ্জাতিক পৰিস্থিতিত পৰিয়ে ভাৰতে নিজ দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব বজাই ৰাখিবলৈ তিনিখনকৈ যুদ্ধত অৱতীৰ্ণ হ’ব লগা হয়। কিন্ত ই ভাৰতৰ বৈদেশিক নীতিৰ অকৃতকাৰ্যতা নহয়।কাৰণ ভাৰতে কোনোদিনে কোনো ৰাষ্ট্ৰক প্ৰথমে আক্ৰমণ কৰা নাই।তাৰ পৰিৱৰ্তে চীন আৰু পাকিস্তানকে ধৰি সকলো ৰাষ্ট্ৰৰ লগতে শান্তিপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈহে ৰাষ্ট্ৰখনে সদায় চেষ্টা চলাই আহিছে।


৮। ভাৰতৰ বৈদেশিক নীতিয়ে ভাৰত গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি হোৱাৰ ইচ্ছা প্ৰকাশ কৰে নে? ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ আলম লৈ তোমাৰ যুক্তি দাঙি ধৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিয়ে ভাৰত গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি হোৱাৰ ইচ্ছা প্ৰকাশ  কৰাৰ পৰিৱৰ্তে ভাৰতে বিশ্বশান্তি প্ৰতিষ্ঠা আৰু সকলো ৰাষ্ট্ৰৰ লগতে সহায় সহযোগিতাৰ পথত অগ্ৰসৰ হোৱাৰ পোষকতা কৰে। সেয়ে বাংলাদেশৰ স্বাধীনতাৰ বিষয়ত শক্তি প্ৰদৰ্শনৰ বাবে ভাৰত অন্তৰ্ভুক্ত হোৱা নাছিল। তাৰ পৰিৱৰ্তে ভাৰতে বন্ধুত্ব আৰু সহযোগিতাৰ তথা বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবেহে বাংলাদেশৰ স্বাধীনতা আন্দোলনক নৈতিক আৰু বস্তগত সমৰ্থন আগবঢ়াইছিল। তদুপৰি দীৰ্ঘকাল ব্ৰিটীছৰ অধিনত থকা ভাৰতে পৰাধীনতাৰ যন্ত্ৰণা বাৰুকৈয়ে বুজিছিল আৰু সেয়ে বাংলাদেশৰ স্বাধীনতা আন্দোলনলৈ ভাৰতে সমৰ্থন জনাইছিল। কেৱল বাংলাদেশই নহয় বিশ্বৰ সকলো স্বাধীনতা সংগ্ৰামকে ভাৰতে সমৰ্থন আৰু উদ্‌গনি জনাই আহিছে আৰু উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাত বহু ৰাষ্ট্ৰক সহায় কৰি আহিছে। ভাৰতে এই ক্ষেত্ৰত শক্তিশালী আঞ্চলিক শক্তি হিচাপে প্ৰতিষ্ঠিত হ’বলৈ কোনো ধৰণৰ চেষ্টা কৰা নাই । তাৰ পৰিৱৰ্তে ভাৰতৰ বৈদেশিক নীতিৰ ভেটি  শান্তি আৰু সহযোগিতাৰ নীতিকহে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতে শক্তি প্ৰদৰ্শনেৰে পাকিস্তানক বিভাজন কৰিব বিচৰা নাছিল। ভাৰতে মাত্ৰ স্বাধীনতা আন্দোলনলৈ সন্মান প্ৰদৰ্শন কৰি বাংলাদেশৰ স্বাধীনতা প্ৰাপ্তিত সহায় কৰিছিল যাৰ ফলত শেষত ১৯৭১ চনত পাকিস্তানৰ সৈতে যুদ্ধত অৱতীৰ্ণ হ’ব লগা হৈছিল। বাংলাদেশৰ স্বাধীনতাৰ লগে লগে ভাৰতে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল। কাৰণ ভাৰতৰ বৈদেশিক নীতিৰ উদ্দেশ্য শক্তি প্ৰদৰ্শন আৰু সংঘাত নহয়। ইয়াৰ মূল উদ্দেশ্য  হ’ল আন ৰাষ্ট্ৰসমূহৰ সৈতে শান্তি, সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। সেয়ে ভাৰতে পাকিস্তানৰ লগতে আন কোনো ৰাষ্ট্ৰকে কেতিয়াও প্ৰথমে আক্ৰমণ কৰা নাই। পাকিস্তানে ভাৰতৰ আভ্যন্তৰীণ দিশত অস্থিৰতাৰ সৃষ্টি কৰি অহাৰ স্বত্তেও ভাৰতে ৰাষ্ট্ৰখনৰ লগত সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈহে চেষ্টা চলাই আহিছে।সেয়ে মই ভাৰতীয় বৈদেশিক নীতিয়ে ভাৰত গুৰুত্বপূ্ৰ্ণ আঞ্চলিক শক্তি হোৱাৰ ইচ্ছা প্ৰকাশ কৰে বুলি মই নাভাবো।


৯। ৰাজনৈতিক নেতৃত্বই এখন দেশৰ বৈদেশিক নীতিক কেনেদৰে প্ৰভাৱিত কৰে? ভাৰতৰ বৈদেশিক নীতিৰ ভেটিত ব্যাখ্যা কৰা।

উত্তৰঃ ৰাজনৈতিক নেতৃত্বই এখন দেশৰ বৈদেশিক নীতিক বাৰুকৈয়ে প্ৰভাৱিত কৰে। শাসনত অধিস্থিত হৈ অহা প্ৰত্যেক জন ৰাজনৈতিক নেতাৰে মতামত তথা আদৰ্শ সুকীয়া সুকীয়া যিয়ে বৈদেশিক নীতি নিৰ্ধাৰণ যথেষ্ট প্ৰভাৱ পেলাই। ভাৰতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰতে আমি এই কথা আলোচনা কৰিব পাৰো। 

     ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু বৈদেশিক নীতিৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ ব্যক্তিত্ব, আদৰ্শ আৰু চিন্তাধাৰাই ভাৰতৰ বৈদেশিক নীতিত ব্যাপক প্ৰভাৱ পেলাইছিল। ভাৰতৰ বৈদেশিক নীতি মূলত তেওঁৰ আদৰ্শ আৰু চিন্তাধাৰাৰ ওপৰত নিৰ্মিত অথবা এই নীতিসমূহে তেওঁ আদৰ্শ আৰু চিন্তাধাৰাকে প্ৰতিফলিত কৰে। জাতীয় স্বাৰ্থ আছিল নেহৰুৰ প্ৰথম অগ্ৰাধিকাৰ কৰা বিষয় যি ভাৰতৰ বৈদেশিক নীতিৰ মূল লক্ষ্য বা উদ্দেশ্য হৈ পৰে। নেহেৰুৱে গোষ্ঠীনিৰপেক্ষতা নীতিৰ ওপৰত বিশ্বাস কৰিছিল আৰু এই নীতিৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ বৈদেশিক নীতি নিৰ্মাণ কৰিছিল আৰু ফলত গোষ্ঠীনিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতি হৈ পৰে। তদুপৰি নেহৰুৱে শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে পাঁচটা নীতি যুক্ত পঞ্চশীল নীতি নিৰ্মাণ কৰিছিল যি ভাৰতৰ বৈদেশিক নীতিৰ মূল আধাৰ স্তম্ভ বা আদৰ্শ হৈ পৰে। নেহৰুৰ বৈদেশিক নীতিৰ তিনিটা মূল লক্ষ্য আছিল যি বৰ্তমানলৈকেও ভাৰতীয় বৈদেশিক নীতিৰ লক্ষ্য হিচাপে বৰ্তি আছে। সেয়া হ’লঃ-(১) বহু কষ্ট আৰু ত্যাগৰ ফলত প্ৰাপ্ত দেশৰ সাৰ্বভৌমত্বৰ সংৰক্ষণ,  (২) ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ আৰু (৩) দ্ৰুত অৰ্থনৈতিক বিকাশক উৎসাহ দিয়া। গতিকে ভাৰতৰ বৈদেশিক নীতি নেহৰুৰ আদৰ্শ আৰু চিন্তাধাৰাৰে এক স্বৰূপ । ভাৰতীয় বৈদেশিক নীতিৰ মূল উৎসই হ’ল তেওঁৰ আদৰ্শৰাজি। তেওঁৰ পিছৰ ৰাজনৈতিক নেতৃত্বইয়ো ভাৰতৰ বৈদেশিক নীতিত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু নীতিসমূহ প্ৰস্তুত কৰোঁতে তেওঁলোকৰ আদৰ্শ আৰু চিন্তাধাৰাক বহু পৰিমাণে অন্তৰ্ভুক্ত কৰিছে।

      এই ধৰণেৰে দেখা যায় যে ৰাজনৈতিক নেতৃত্বই এখন দেশৰ বৈদেশিক নীতিক নিজৰ চিন্তাধাৰা আৰু আদৰ্শৰ জৰিয়তে যথেষ্ট প্ৰভাৱিত কৰে।


১০। ভাৰত- ৰাছিয়াৰ বন্ধুত্বৰ চুক্তিয়ে গোষ্ঠীনিৰপেক্ষ নীতিক উলংঘা কৰিছে নেকি? তোমাৰ উত্তৰ যুক্তিৰে দিয়া।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইখনমান ৰাষ্ট্ৰই ভাৰতৰ গোষ্ঠীনিৰপেক্ষ নীতিক পছন্দ কৰা নাছিল আৰু ভাবিছিল যে ভাৰতে এই নীতিৰ উলংঘা কৰিছে। ভাৰতৰ ছোভিয়েট প্ৰীতিলৈ চালে আৰু দুই ৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত বন্ধুত্বৰ চুক্তিলৈ চালে এই কথা লক্ষ্য কৰিব পাৰি যে ভাৰতে কিছু ক্ষেত্ৰত  গোষ্ঠী নিৰপেক্ষ নীতি ভংগ কৰিছিল। ভাৰতে  আন ৰাষ্ট্ৰক মিত্ৰগোষ্ঠীত যোগদান কৰাৰ ক্ষেত্ৰত সমালোচনা কৰিছিল কিন্ত ১৯৭১ চনত ভাৰতে নিজে ৰাছিয়াৰ সৈতে বন্ধুত্বৰ চুক্তি স্বাক্ষৰিত কৰিছিল আৰু গোষ্ঠীনিৰপেক্ষ নীতি উলংঘা কৰিছিল। বাংলাদেশৰ মুক্তি আন্দোলনৰ পৰিপ্ৰক্ষিতত ভাৰতে ছোভিয়েট ইউনিয়নৰ সৈতে ’২০ বছৰীয়া শান্তি আৰু বন্ধুত্বমূলক চুক্তি’ খন স্বাক্ষৰিত কৰি নৈতিক সমৰ্থন লাভ কৰিছিল। বহু সময়ত ভাৰতে ছোভিয়েট ৰাছিয়াৰ পৰা এই বন্ধুত্বৰ বাবে সামৰিক সাহায্যও লাভ কৰিছিল। আন ৰাষ্ট্ৰৰ সৈতে বা আমেৰিকাৰ সৈতে কিন্ত ভাৰতে এনে সম্পৰ্ক ৰক্ষা কৰা নাছিল। যি ইয়াকে প্ৰতিপন্ন কৰে যে ভাৰতে ছোভিয়েট প্ৰীতি ৰাখিছিল আৰু এক নিখুঁত ভাৰসাম্য আৰু নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হৈছিল। গতিকে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বৰ চুক্তিয়ে  গোষ্ঠীনিৰপেক্ষ নীতিক উলংঘা কৰিছিল বুলি মই ভাবো।


১১। যদি সামৰিক গোষ্ঠী নাথাকে তেন্তে গোষ্ঠীনিৰপেক্ষ নীতিক অদৰকাৰী বুলি ভাবা নে?

উত্তৰঃ যদিও সামৰিক গোষ্ঠী নাথাকে তথাপি কিন্ত গোষ্ঠীনিৰপেক্ষ নীতি অদৰকাৰী বা অপ্ৰাসংগিক হৈ নাযায়। গোষ্ঠীনিৰপেক্ষ নীতিৰ প্ৰাসংগিকতা সদায় থাকিব।  শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা গোষ্ঠীনিৰপেক্ষ নীতিৰ শীতল যুদ্ধৰ অন্তৰ লগে লগে কিন্ত অন্ত নপৰিল। নতুন ৰাজনৈতিক ব্যৱস্থাতো  গোষ্ঠীনিৰপেক্ষ নীতি বৰ্তি আছিল। ভাৰতে শীতল যুদ্ধৰ সময়ত গ্ৰহণ কৰা এই নীতি যুদ্ধৰ অন্তৰ পিছতো ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতি হিচাপে ৰৈ যায়। আৰু বৰ্তমানো গোষ্ঠীনিপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ মূল আধাৰ হিচাপে বৰ্তি আছে। ভাৰতে বৈদেশিক নীতি গ্ৰহণ কৰোঁতে আৰু আন ৰাষ্ট্ৰৰ সৈতে  সম্পৰ্ক স্থাপন কৰোঁতে সদায় গোষ্ঠীনিপেক্ষ নীতিৰ ওপৰত গুৰুত্ব দি আহিছে আৰু ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছে। সেয়ে বৰ্তমান সময়তো গোষ্ঠীনিৰপেক্ষ নীতিৰ গুৰুত্ব হ্ৰাস পোৱা নাই আৰু ভাৰতে বৈদেশিক নীতিত সদায় গোষ্ঠীনিৰপেক্ষতা নীতি অনুসৰণ কৰি আছে। এই নীতিৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে সদায় শান্তিপূৰ্ণ, বন্ধুত্বপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। তদুপৰি গোষ্ঠীনিৰেক্ষ আন্দোলনৰ মূল ভেটি শান্তিপূৰ্ণ সহাৱস্থানৰ পাঁচটা নীতি বা পঞ্চশীল নীতিক ভাৰতে সদায় অনুকৰণ কৰি আহিছে। আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক প্ৰতিষ্ঠা কৰোঁতে সদায় এই নীতি কেইটাক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্ৰাসংগিকতা আছে বাবে গোষ্ঠীনিৰপেক্ষ নীতি এতিয়াও জীয়াই আছে আৰু প্ৰযোজ্য হৈ আছে। বৰ্তমান গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১২০ খনলৈ বৃদ্ধি পাইছে। বিশ্বৰ অধিক সংখ্যক ৰাষ্ট্ৰই এই নীতি সমৰ্থন কৰে আৰু গ্ৰহণ কৰিছে।ভাৰতে এই নীতি অৱলম্বন কৰিয়ে বিশ্বৰ কোনো ৰাষ্ট্ৰৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক নাৰাখি সকলোৰে লগত সম বন্ধুত্বপূৰ্ণ সম্পৰ্ক, সহযোগিতা আৰু দূৰত্ব বজাই ৰাখিছে আৰু বিশ্বান্তি তথা বিশ্ব ভাতৃত্ববোধ  প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় উদ্‌গনি জনাই আহিছে। শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পাছতো এই নীতি ভাৰতীয় বৈদেশিক নীতিৰ অভিন্ন অংগ হৈ আছে  আৰু ভৱিষৎতলৈ হৈ থাকিব। শীতল যুদ্ধৰ অন্তৰ পিছতো, দুই শক্তিগোষ্ঠীৰ অন্তৰ পিছতো, ছোভিয়ে ইউনিয়ন শক্তিগোষ্ঠী অন্তৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলন জীয়াই থাকিল। সেয়ে কোনো সামৰিক গোষ্ঠী নাথাকিলেও গোষ্ঠীনিৰপেক্ষ নীতি অদৰকাৰী বা অপ্ৰয়োজনীয় হৈ নাযায়।


১২। নেহৰুৱে কিয় সামৰিক গোষ্ঠীৰ পৰা আঁতৰি থাকিব বিচাৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শীতল যুদ্ধৰ সময়ত দুই সামৰিক গোষ্ঠী আমেৰিকা আৰু ৰাছিয়াত চামিল হোৱাৰ পৰা আঁতৰি থাকিব বিচাৰিছিল।  গোষ্ঠীনিৰপেক্ষ নীতি অৱলম্বনৰ জৰিয়তে  নেহৰুৱে দুই শক্তিগোষ্ঠীত চামিলকৰণৰ পৰা আঁতৰত আছিল আৰু সমদূৰত্ব বজাই ৰাখিছিল। কাৰণ তেওঁ কোনো শক্তিগোষ্ঠীত চামিল হৈ যুদ্ধত সক্ৰিয় অংশগ্ৰহণ কৰিব বিচৰা নাছিল। কাৰণ  ভাৰতে সদায় যুদ্ধ, হিংসা, শত্ৰুতা আৰু সংঘাতৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। নেহৰুৱে তথা ভাৰতে কোনো শক্তিগোষ্ঠীত চামিল হৈ কাৰো শত্ৰু হ’ব বিচৰা নাছিল আৰু নিজৰ দেশৰ নিৰাপত্তা সংকটত পেলাব বিচৰা নাছিল। সকলোৰে লগত শান্তি আৰু সহযোগিতাৰে থাকিব বিচাৰিছিল। কাৰণ ভাৰত গান্ধীবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত আছিল আৰু ভাৰতে সদায় শান্তি আৰু সহযোগিতা নীতিৰ ওপৰত বিশ্বাস ৰাখিছিল।সেয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে যিকোনো সামৰিক গোষ্ঠীত অন্তৰ্ভুক্ত নহৈ যুদ্ধৰ পৰা আঁতৰি আছিল। নেহৰুৱে মত প্ৰকাশ কৰিছিল যে ভাৰতৰ তথা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সাধাৰণ নীতি হ’ল কোনো ক্ষমতাকেন্দ্ৰিক ৰাজনীতিতে জড়িত হোৱা পৰিহাৰ কৰা আৰু আন কোনো শক্তিৰ বিৰুদ্ধে ক্ষমতা গোষ্ঠীত যোগদান নকৰা। সেয়ে ভাৰতৰ বাবে গোষ্ঠীনিৰপেক্ষতা এক আদৰ্শ বৈদেশিক নীতি। শীতল যুদ্ধৰ দুই বৃহৎ শক্তি গোষ্ঠীৰ পৰা দূৰত্ব বজাই ৰখাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে ভাৰতক সহায় কৰিছিল আৰু ইয়ে আছিল একমাত্ৰ উপায়। তদুপৰি নেহৰুৱে ব্ৰিটীছ শাসনৰ ফলত ভাঙি পৰা অৰ্থনীতিক পুনৰ গঢ়ি তুলিব খুজিছিল। সেয়ে পুনৰ কোনো শক্তিগোষ্ঠীত চামিল হৈ যুদ্ধত অংশগ্ৰহণ কৰি  দেশৰ অথৰ্নীতিৰ পুনৰ অৱনতি ঘটাব বিচৰা নাছিল। তাৰোপৰি বহু কষ্টৰ ফলত লাভ কৰা ভাৰতৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বক পুনৰ হেৰুৱাব বিচৰা নাছিল। সেয়ে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ জৰিয়তে নেহৰুৱে শীতল যুদ্ধৰ সামৰিক গোষ্ঠীৰ পৰা আঁতৰি থাকিব বিচাৰিছিল।


১৩। বস্তনিষ্ঠ প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত নেহৰুৱে প্ৰধান গুৰুত্ব কিহৰ ওপৰত দিছিল?

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত নেহৰুৱে প্ৰধানকৈ জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিছিল।


(খ) ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ মেকমোহন লাইন কেতিয়া নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ মেকমোহন লাইন ১৯১৪ চনত নিৰ্ধাৰণ কৰিছিল।


(গ) ভাৰতৰ কোন প্ৰধানমন্ত্ৰীয়ে ‘পঞ্চশীল নীতি’ ঘোষণা কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ‘পঞ্চশীল নীতি’ ঘোষণা কৰিছিল। 


(ঘ) চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল?

উত্তৰঃ চীনে ভাৰত ১৯৬২ চনত আক্ৰমণ কৰিছিল।


(ঙ) ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল নীতি লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল নীতি হ’ল গোষ্ঠী নিৰপেক্ষতা।


(চ) গোষ্ঠীনিৰপেক্ষৰ প্ৰথম শীৰ্ষ সন্মিলন প্ৰথম ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ গোষ্ঠীনিৰপেক্ষৰ প্ৰথম শীৰ্ষ সন্মিলন ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত অনুষ্ঠিত হৈছিল।


(ছ) ‘চিমলা চুক্তি’ কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ‘চিমলা চুক্তি’ ১৯৭২ চনত স্বাক্ষৰিত হৈছিল।


(জ) এন. পি. টি (N.P.T) – ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ এন.পি.টি (N.P.T) ৰ সম্পূৰ্ণ অৰ্থ হ’ল - Nuclear Non-Proliferation Treaty বা পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি।


(ঝ) ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ‘চিমলা চুক্তি’ ত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘চিমলা চুক্তি’ত স্বাক্ষৰ কৰিছিল।


(ঞ) NEFA ৰ সম্পূ্ৰ্ণ ৰূপটো লিখা।

উত্তৰঃ NEFA ৰ সম্পূৰ্ণ ৰূপটো হ’ল- North Eastern Frontier Agency ।


(ট) ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত ‘বিশাল মিত্ৰতা’ মানে কি?

উত্তৰঃ ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰক্ষিতত ‘বিশাল মিত্ৰতা’ মানে হৈছে সংযুক্ত ছ’চিয়েলিষ্ট পাৰ্টি, প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি, ভাৰতীয় জন সংঘ, স্বতন্ত্ৰ পাৰ্টি আৰু ক্ৰান্তি দলৰ দ্বাৰা গঠিত নিৰ্বাচনী মিত্ৰতা।


১৪। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) ভাৰতে আমেৰিকাৰ লগত ৩০ বছৰৰ কাৰণে ‘শান্তি আৰু নিৰাপত্তা’ৰ চুক্তি কৰিছিল ১৯৭১ চনত।

উত্তৰঃ  অশুদ্ধ।

(খ) ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ মাজত ১৯৬৬ চনৰ জানুৱাৰী মাহত ‘চিমলা চুক্তি’ স্বাক্ষৰিত হৈছিল।

উত্তৰঃ অশুদ্ধ। 


(গ)ৰাজীৱ গান্ধী নেহৰুৰ পিছত চীন ভ্ৰমণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।

উত্তৰঃ  শুদ্ধ।


১৫। শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(ক) গোষ্ঠীনিৰপেক্ষ নীতিৰ নিৰ্মাতা আখ্যা দিয়া হয়।

(i) পণ্ডিত নেহৰু   (ii) ইন্দিৰা গান্ধীক

(iii) মোৰাৰজী দেশাইক     (iv) অটল বিহাৰী বাজপেয়ীক

উত্তৰঃ  (iii) পণ্ডিত নেহৰু।


(খ) বাণ্ডুং সন্মিলন হৈছিল-

(i) ১৯৫৪ চনত      (ii) ১৯৫৫ চনত 

(iii) ১৯৫৬ চনত    (iv) ১৯৫৭ চনত

উত্তৰঃ  (ii) ১৯৫৫ চনত।


(গ) চীনে আকস্মিকভাৱে ভাৰত আক্ৰমণ কৰিছিল-

(i) ১৯৬২ চনৰ আগষ্ট মাহত   (i) ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত

(iii) ১৯৬২ চনৰ অক্টোবৰ মাহত   (iv) ১৯৬২ চনৰ নবেম্বৰ মাহত।

উত্তৰঃ (iii) ১৯৬২ চনৰ অক্টোবৰ মাহত।


১৬। চমু প্ৰশ্নঃ

(ক) নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য হ’লঃ

(১) বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰাপ্ত ভাৰতৰ সাৰ্বভৌমত্বৰ সংৰক্ষণ,

(২) দেশৰ ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ।


(খ) ভাৰতৰ পাৰমাণৱিক শক্তিৰ দুটা লক্ষ্য লিখা।

উত্তৰঃ ভাৰতৰ পাৰমাণৱিক শক্তিৰ দুটা লক্ষ্য হ’লঃ

(১) পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ প্ৰথম ব্যৱহাৰৰ পৰা আঁতৰি থকা,

(২) আণৱিক ইন্ধন সদায় শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰ কৰা।


(গ) ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতি লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ মূল নীতি হ’লঃ-

(১) গোষ্ঠীনিৰপেক্ষতাঃ শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে গ্ৰহণ কৰা গোষ্ঠীনিৰপেক্ষ নীতি শীতল যুদ্ধৰ অন্তৰ পিছতো ৰৈ যায় আৰু ভাৰতৰ বৈদেশিক নীতিৰ অবিচ্ছিন্ন অংগ হৈ পৰে।

(২) বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘলৈ সমৰ্থনঃ ভাৰত আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য। ভাৰতে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বৰ ওপৰত সদায় প্ৰাধান্য দি আহিছে আৰু ৰাষ্ট্ৰসংঘক শক্তিশালী সমৰ্থন জনাই আহিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ শান্তি সুৰক্ষা অভিযানলৈ ভাৰতে সৰ্বাধিক সেনা প্ৰেৰণ কৰি আহিছে।


(ঘ) ভাৰতৰ বৈদেশিক নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ দুটা বৈশিষ্ট্য হ’লঃ

(১) ভাৰতৰ বৈদেশিক নীতি এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল যে ই মূলত নেহৰুৰ পঞ্চশীল নীতিৰ ওপৰত আধাৰিত।

(২) ভাৰতৰ বৈদেশিক নীতিৰ আন এক অন্যতম বৈশিষ্ট্য হ’ল শান্তি আৰু সহযোগিতাৰ নীতি ইয়াৰ মূল ভেটি।


(ঙ) পঞ্চশীল বুলিলে কি বুজা?

উত্তৰঃ পঞ্চশীল হ’ল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৫৪ চনত চীনৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে কৰা চুক্তিৰ ৫ টা নীতি যি পিছলৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ  তথা ভাৰতৰ বৈদেশিক নীতি ভেটি হৈ পৰে । সেই ৫ টা মূলনীতি হ’লঃ

(১) আন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা  আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান তথা শ্ৰদ্ধা প্ৰদৰ্শন।

(২) পৰস্পৰ অনাক্ৰমণ।

(৩) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ নীতি।

(৪) সমতা আৰু পাৰস্পৰিক সুবিধা।

(৫) পৰস্পৰ শান্তিপূৰ্ণ সহাৱস্থান।


(চ) বাংলাদেশ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ বাংলাদেশ যুদ্ধ হৈছিল ১৯৭১ চনত।


(ছ) ভাৰতৰ বৈদেশিক নীতি সম্পৰ্কীয় দুটা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতি সম্পৰ্কীয় দুটা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি হ’লঃ

( ১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ উন্নয়ন সাধন কৰা,

(২) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত আৰু সন্মানপূৰ্বক বজাই ৰখা।


(জ) পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা।

উত্তৰঃ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদিগ্নতাপূৰ্ণ দিশ হ’লঃ

(১) কাশ্মীৰ সমস্যা আৰু  (২) সশস্ত্ৰ আক্ৰমণ তথা সন্ত্ৰাসবাদ।


(ঝ) ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ভাৰতৰ পাৰমাণৱিক নীতি। ভাৰতত ১৯৪০ ৰ দশকত হোমী জাহাংগীৰ ভাবাৰ নেতৃত্বত পাৰমাণৱিক কাৰ্যসূচীৰ আৰম্ভ হয়। জৱাহৰলাল নেহৰু পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ বিৰোধী আছিল আৰু সেইয়ে তেওঁ সুসংহত পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ হকে আবেদন জনাই আহিছিল। ইতিমধ্যে বিশ্বৰ ভয়াৱহভাৱে বৃদ্ধি পাব ধৰা পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ নিৰ্মাণৰ পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰসংঘই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনায়। কিন্ত ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক আৰু সেয়ে স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে । ১৯৬৩ চনত ভাৰতে আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰে আৰু ভাৰতেই পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী উশ্থাপন কৰা বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ আধাৰিত এক পাৰমাণৱিক মতবাদৰ আৰম্ভ কৰে আৰু ঘোষণা কৰে যে ভাৰতে ভৱিষ্যতে কেতিয়াও প্ৰথমে পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰে। ভাৰতে ২০০৩ চনত আনুষ্ঠানিকভাৱে  কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব গঠন কৰে। ভাৰতবৰ্ষই সুসংহত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰতো বিৰত আছে। ভাৰতবৰ্ষ আন্তঃৰাষ্ট্ৰীয় আণৱিক ইন্ধন এজেন্সিৰো সদস্য ৰাষ্ট্ৰ।ৰাষ্ট্ৰখনে সদায় আণৱিক ইন্ধনৰ শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমৰ্থন জনাই আহিছে। ভাৰতে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ ধ্বংসকাৰী ব্যৱহাৰক উৎসাহিত নকৰে।


১৭। চমুটোকাঃ

(ক) বৈদেশিক নীতি মানে কি বুজা?

উত্তৰঃ বৰ্তমানৰ যুগ বিশ্বায়নৰ যুগ। বিজ্ঞান প্ৰযুক্তিৰ বিদ্যাৰ অভূতপূৰ্ব উন্নয়নে বিশ্বক এখন সৰু গোলকীয় গাঁৱত পৰিণত কৰিছে। বৰ্তমান কোনো ৰাষ্ট্ৰই অকলশৰীয়াকৈ থাকিব নোৱাৰে। এখন ৰাষ্ট্ৰই বিভিন্ন কাৰণত যেনে নিজৰ নিৰাপত্তা, বিকাশ, সমৃদ্ধি আৰু প্ৰগতি আদিৰ স্বাৰ্থত আন ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈ পৰে। এনেদৰে এখন ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ বা কৰোঁতে যিবিলাক নীতি-নিয়ম আৰু কৌশলৰ ব্যৱহাৰ কৰে তাকে সেই ৰাষ্ট্ৰখনৰ বৈদেশিক নীতি বুলি কোৱা হয়। এই নীতিসমূহৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহে আন ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক প্ৰতিষ্ঠা কৰে। তদুপৰি এখন ৰাষ্ট্ৰৰ  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত স্থান, সন্মান, ক্ষমতা তথা শক্তি ৰাষ্ট্ৰখনে গ্ৰহণ কৰা বৈদেশিক নীতিৰ ওপৰত নিৰ্ভৰশীল।


(খ) ভাৰতৰ বৈদেশিক নীতিৰ সাংবিধানিক ভিত্তি কি কি?

উত্তৰঃ  ভাৰতৰ সংবিধানত ভাৰতৰ বৈদেশিক নীতিৰ সৈতে জড়িত ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত হৈ আছে। ভাৰতৰ সংবিধানৰ চতুৰ্থ অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অৰ্ন্তভুক্ত ৫১ নং অনুচ্ছেদত ‘আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ পৃষ্ঠপোষকতা কৰা’ৰ হকে কিছুমান নীতি নিৰ্ধাৰিত কৰি দিয়া হৈছে।  এই নীতি সমূহে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি আৰু উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই নীতিসমূহ হ’লঃ

(১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ উন্নয়ন।

(২) ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্ক বজাই ৰখা।

(৩)  সকলোৱে পৰস্পৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰোঁতে আন্তঃৰাষ্ট্ৰীয় আইন আৰু চুক্তিসমূহৰ প্ৰতি সন্মান প্ৰদশৰ্ন তথা সন্মান বৃদ্ধি কৰা।

(৪) আন্তঃৰাষ্ট্ৰীয় সংঘাত বিচাৰ-বিবেচনা আৰু মধ্যস্থতাৰ দ্বাৰা নিৰাময় কৰাক উৎসাহিত কৰা।


(গ) ‘পঞ্চশীল ‘ বুলিলে কি বুজা? এই নীতিবোৰ উল্লেখ কৰা।

উত্তৰঃ পঞ্চশীল হ’ল ১৯৫৪ চনত ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত চুক্তিৰ  পাৰস্পৰিক শান্তিপূৰ্ণ সহাৱস্থান ৫ টা মূল নীতি বা পথ নিৰ্দেশক স্তম্ভ যি পিছলৈ ভাৰতৰ বৈদেশিক নীতিৰ মূল আধাৰ হৈ পৰে। এই নীতি কেইটা হ’লঃ-

(১) আন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা প্ৰদৰ্শন,

(২) ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক অনাক্ৰমণ,

(৩) আন দেশৰ আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ,

(৪) ৰাষ্ট্ৰসমূহৰ মাজত সমতা আৰু পাৰস্পৰিক সুবিধা,

(৫) পৰস্পৰ শান্তিপূৰ্ণ সহাৱস্থান।


(ঘ) ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো চাৰিটা নীতি উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা নীতি হ’লঃ

(১) গোষ্ঠীনিৰপেক্ষতাঃ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম নীতি হ’ল গোষ্ঠীনিৰপেক্ষতা।ভাৰতে শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই নীতি অৱলম্বন কৰিছিল যদিও শীতল অন্তৰ পিছতো এই নীতি ভাৰতীয় বৈদেশিক নীতিৰ অভিন্ন অংগ হৈ ৰৈ যায়। বৰ্তমান ই ভাৰতৰ বৈদেশিক নীতিৰ এক মূল নীতি।

(২) ন্যায়সংগত লক্ষ্যসাধনঃ ন্যায়সংগত লক্ষ্যসাধন ভাৰতীয় বৈদেশিক নীতিৰ আন এক অন্যতম নীতি । ৰাষ্ট্ৰখনে সদায় আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ সমাধানৰ ক্ষেত্ৰত ন্যায়সংগত ব্যৱস্থা অৱলম্বনৰ পক্ষত গুৰুত্ব দি আহিছে আৰু সমৰ্থন জনাই আহিছে। ভাৰতে সদায় যুদ্ধ, সংঘাত, হিংসা তথা ক্ষমতা প্ৰদৰ্শন নীতিৰ বিৰোধিতা কৰে আৰু কেৱল শান্তি আৰু অহিংস পথৰ সমৰ্থন জনাই আহিছে।

(৩) উপনিবেশিকতাবাদী আৰু সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতাঃ ভাৰতীয় বৈদেশিক নীতিৰ আন এক গুৰুত্বপূ্ৰ্ণ নীতি হ’ল উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰা।ভুক্তভোগী ভাৰতে সদায় উপনিৱেশিক আৰু সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতা কৰে। এই চিন্তাৰ দ্বাৰাই ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহক উপনিৱেশিকতাবাদী শাসনৰ কৱলৰ পৰা মুক্ত ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল।

(৪) আন ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাঃ ভাৰতৰ বৈদেশিক নীতিৰ আন এক উল্লেখযোগ্য নীতি হ’ল বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সৈতে কোনো সামৰিক মিত্ৰতাত আবদ্ধ নহোৱাকৈবন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। সেইবাবে ৰাষ্ট্ৰখনে আন ৰাষ্ট্ৰসমূহৰ লগত অৰ্থনৈতিক, ৰাজনৈতিক,সাংস্কৃতিক,বিজ্ঞান-প্ৰযুক্তিবিদ্যা আদি বিষয়ত চুক্তি আৰু দ্বিপাক্ষিক সন্ধিত আবদ্ধ হৈ আহিছে।


(ঙ) ভাৰতৰ গোষ্ঠীনিৰপেক্ষ নীতি চমুকৈ লিখা।

উত্তৰঃ গোষ্ঠীনিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ এক অন্যতম নীতি।গোষ্ঠীনিৰপেক্ষ নীতি বা ধাৰণাৰ জন্মদাতা হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। তেওঁৱে ১৯৫৪ চনত শ্ৰীলংকাৰ ৰাজধানী কলম্বোত পোনপ্ৰথম বাৰৰ বাবে এই শব্দটোৰ ব্যৱহাৰ কৰিছিল। গোষ্ঠীনিৰপেক্ষ নীতিৰ জন্ম হৈছিল শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ১৯৫৫ চনত ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত অনুষ্ঠিত সন্মিলনৰ দ্বাৰা। এই নীতিৰ জৰিয়তে ভাৰতে শীতল যুদ্ধৰ সময়ত বিশ্বৰ দুই শক্তিগোষ্ঠী আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া কোনো এটা গোষ্ঠীটেই চামিল নহৈ তথা কোনো গোষ্ঠীক সমৰ্থন নকৰি নিৰপেক্ষ স্থিতি অৱলম্বন কৰিছিল। ভাৰতৰ বাবে এই গোষ্ঠীনিৰপেক্ষতাৰ নীতি এক আদৰ্শ বৈদেশিক নীতি। শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা এই নীতিৰ কিন্ত শীতল যুদ্ধৰ অন্তৰ লগে লগে অন্ত হোৱা নাছিল। ই ভাৰতৰ বৈদেশিক নীতিৰ এক নীতি বা আদৰ্শ হিচাপে ৰৈ গ’ল আৰু বৰ্তমানৰলৈকেও আছে। বৰ্তমানো ভাৰতত গোষ্ঠীনিৰপেক্ষ নীতিৰ গুৰুত্ব হ্ৰাস পোৱা নাই। ভাৰতে এই নীতিৰ আধাৰতে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ লগত সদায় শান্তিপূৰ্ণ, বন্ধুত্বপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা চলাই আহিছে। বৰ্তমানো গোষ্ঠীনিৰপেক্ষ নীতি ভাৰতৰ বৈদেশিক নীতিৰ এক মূল নীতি হিচাপে বৰ্তি আছে।


(চ) কাশ্মীৰ সমস্যা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ মূল কাৰণ হ’ল কাশ্মীৰ যাক কাশ্মীৰ সমস্যা বুলি জনা যায়। জন্মৰ সময়ৰে পৰা দুই ৰাষ্ট্ৰৰ মাজত মূলত কাশ্মীৰক কেন্দ্ৰ কৰি অশান্তি আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। এই সমস্যাৰ উদ্ভৱ হৈছিল ১৯৪৭ চনৰ বিভাজন আৰু স্বাধীনতা লাভৰ সময়ৰ পৰা। সেই সময় পৰ্যন্ত জম্মু আৰু কাশ্মীৰ সংযুক্ত ভাৰতবৰ্ষৰ এখন দেশীয় ৰাজ্য আছিল ইয়াৰ অধিকাংশ লোক মুছলান ধৰ্মাৱলম্বী হোৱাৰ বিপৰীতে ৰজা আছিল হিন্দু। ৰজা হৰি সিঙে বিভাজন আৰু স্বাধীনতাৰ সময়ত ভাৰত বা পাকিস্তান কোনো এখন দেশৰ সৈতে চামিল হ’ব বিচৰা নাছিল। তাৰ পৰিৱৰ্তে জম্মু আৰু কাশ্মীৰ স্বতন্ত্ৰভাৱে থকাটো বিচাৰিছিল।কিন্ত পাকিস্তানৰ মতে ৰাজ্যখনৰ অধিকাংশ লোক ইছলাম ধৰ্মীয় সেয়ে ই পাকিস্তানৰ লগত সংযুক্ত হ’ব লাগে। কিন্ত কাশ্মীৰৰ জনসাধাৰণ আৰু তেওঁলোকৰ নেতা শ্বেখ মহম্মদ আব্দুল্লাই ৰজাৰ শাসনৰ পৰা মুক্ত হোৱাৰ প্ৰচেষ্টাৰ লগতে পাকিস্তানৰ লগত চামিল হোৱাৰো বিৰোধিতা কৰে। শেষত ৰজাৰ ইচ্ছানুসৰিয়ে জম্মু-কাশ্মীৰক স্বতন্ত্ৰ হিচাপে ৰখা হ’ল। কিন্ত এই কথা পাকিস্তানে সহ্য কৰিব নোৱাৰিলে আৰু ১৯৪৭ চনৰ অক্টোৱৰত কাশ্মীৰ দখলৰ উদ্দেশ্যে আধুনিক মৰণাস্ত্ৰৰে সজ্জিত হৈ জনজাতীয়ে লোকে কাশ্মীৰত আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত ভীতিগ্ৰস্থ ৰজা হৰি সিঙে ভাৰতৰ ওচৰত সহায় বিচাৰে আৰু ভাৰতত শাসনত অধিস্থিত গৱৰ্ণৰ জেনেৰল মাউন্টবেটেনে চামিলকৰণ চুক্তিৰ বিনিময়ত জনজাতীয় আক্ৰমণৰ পৰা অঞ্চলটো মুক্ত কৰে। এই চুক্তিৰ পৰিণতিস্বৰূপে জম্মু আৰু কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়। কিন্ত বৰ্তমান সময়লৈকে পাকিস্তানে ভাৰতৰ সৈতে জম্মু-কাশ্মীৰ চামিল হোৱাতো মানি ল’ব পৰা নাই যাৰ বাবে আজিও অঞ্চলটোক লৈ দুই ৰাষ্ট্ৰৰ মাজত সময়ে সময়ে সংঘাতৰ সৃষ্টি হৈ আহিছে। তদুপৰি ১৯৪৭ চনৰ জনজাতীয় আক্ৰমণৰ ফলত জম্মু-কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ নিয়ন্ত্ৰণত ৰৈ যায় যাক ‘আজাদ কাশ্মীৰ’ হিচাপে জনা যায় আৰু দেশখনৰ এই কাৰ্যক ভাৰতে বে-আইনী বুলি অভিহিত কৰে।জম্মু আৰু কাশ্মীৰক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানো উদিগ্নতাৰ অন্ত পৰা নাই। বৰ্তমানো কাশ্মীৰ সমস্যা ভাৰতৰ বাবে এক জলন্ত সমস্যা হিচাপে গণ্য হৈ আহিছে।


(ছ) ‘চিমলা চুক্তি’ৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ ‘চিমলা চুক্তি’ সম্পাদিত হয় ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৭১ চনৰ পাকিস্তানৰ অন্তৰ্ভুক্ত বাংলাদেশ বা পূব পাকিস্তানৰ  মুক্তিক কেন্দ্ৰ কৰি হোৱা ভাৰত-পাকিস্তান যুদ্ধৰ পিছত । এই চুক্তি স্বাক্ষৰিত হয় ১৯৭২ চনৰ ২ জুলাইত ভাৰতৰ  প্ৰধানমন্ত্ৰী  ইন্দিৰা গান্ধী  আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ মাজত ভাৰতৰ ৰাজ্য হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত । চিমলা চুক্তিৰ দ্বাৰা ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সমস্যা আৰু সংঘাতসমূহৰ আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা কৰা হৈছিল। এই চুক্তিত দুই ৰাষ্ট্ৰৰ মাজৰ সমস্যা সমাধানৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। সেইসমূহ হ’লঃ

(১) দুই ৰাষ্ট্ৰই পাৰস্পৰিক দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনা দ্বাৰা তেওঁলোকৰ বিবাদ আৰু সংঘাত সমূহৰ সমাধান কৰিব।

(২) দুই ৰাষ্ট্ৰই পাৰস্পৰিক জাতীয় ঐক্য, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতাক সন্মান কৰিব,

(৩) দুইখন দেশেই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ বা আক্ৰমণ নীতি অৱলম্বন কৰিব।

    এই চুক্তিৰ পিছতো কিন্ত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সময়ে সময়ে সংঘাতময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে, যদিও ভাৰতে কোনোদিন প্ৰথমতে তেনে স্থিতি অৱলম্বন কৰা নাই। সেয়ে চিমলা চুক্তি সম্পূৰ্ণৰূপে সফল হ’ল বুলি আমি ক’ব নোৱাৰো।


(জ) ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা কাৰক লিখা।

উত্তৰঃ  ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা কাৰক হ’লঃ

(১) ভৌগোলিক কাৰকঃ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এটা মুখ্য কাৰক হ’ল ভৌগোলিক কাৰক যাক ভূ-ৰাজনীতি হিচাপে জনা যায়।  ভৌগোলি কাৰক বুলিলে ভাৰতৰ বিচিত্ৰ ভৌগোলিক স্থিতি,  আকাৰ,জনসংখ্যা, প্ৰাকৃতিক সম্পদ আদি সকলো খিনিক সামৰি লয় যিয়ে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলাই।

(২) অৰ্থনৈতিক কাৰকঃ অৰ্থনৈতিক কাৰকেও ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতৰ খাদ্য সামগ্ৰীৰ ব্যাপক অভাৱ তথা উচ্চ হাৰত দামৰ বৃদ্ধি, নিৱনুৱা সমস্যা, ব্যাপক দৰিদ্ৰতা আদি সমস্যা বিদ্যমান যাৰ সমাধানৰ বাবে বৈদেশিক সাহাৰ্য্যৰ প্ৰয়োজন। সেয়ে এই সমস্যাবোৰ সমাধানৰ বাবে ভাৰতে বৈদেশিক নীতি গ্ৰহণ কৰিব লগা হয়।

(৩) ঐতিহাসিক কাৰকঃ ভাৰতৰ বৈদেশিক নীতিৰ আন এক অন্যতম কাৰক হ’ল ঐতিহাসিক কাৰক। ভাৰতৰ ঐতিহাসিক পটভূমি আৰু ইয়াৰ প্ৰথা বা পৰম্পৰাসমূহেও ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত যথেষ্ট অৰিহণা যোগায়।

(৪) জাতীয় স্বাৰ্থঃ প্ৰত্যেক ৰাষ্ট্ৰই সদায় নিজৰ জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক নীতি গ্ৰহণ কৰে। কাৰণ ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যই হ’ল নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ বৃদ্ধি তথা পূৰণ কৰা।


(ঝ) ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত ভৌগোলিক কাৰকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত ভৌগোলিক কাৰকে এক মুখ্য ভূমিকা পালন কৰে যাক ভূ-ৰাজনীতি হিচাপে জনা যায়। ভাৰত এছিয়া মহাদেশৰ কেন্দ্ৰীয় ভূখণ্ডত অৱস্থিত এখন ৰাষ্ট্ৰ আৰু ই দক্ষিণ এছিয়াৰ এক বৃহৎ অঞ্চল আগুৰি আছে। ভাৰতৰ এনে অৱস্থিতিত এছিয়া মহাদেশৰ যিকোনো অঞ্চলত ঘটা যিকোনো ডাঙৰ ঘটনাই ৰাষ্ট্ৰখনক প্ৰভাৱিত কৰে।তদুপৰি হিমালয় পৰ্বতলানিয়ে ভাৰতৰ এক প্ৰহৰি হিচাপে কাৰ্য কৰি আহিছে আৰু ইয়াৰ দাতিকাষৰীয়া ৰাষ্ট্ৰ যেনে নেপাল,ভূটান,ম্যানমাৰ আদিৰ লগত ই ভাৰতৰ সম্পৰ্ক  স্থাপনত সহায় কৰি আহিছে। এই ৰাষ্ট্ৰবোৰৰ পৰিৱৰ্তে কাষৰীয়া ৰাষ্ট্ৰ চীনৰ পৰাহে ১৯৬২ পৰাই ভাৰতে বিভিন্ন সমস্যাৰ তথা ভাবুকিৰ সন্মুখীন হৈ আহিছে আৰু সেয়ে ই ভাৰতৰ বৈদেশিক নীতি গ্ৰহণৰ ক্ষেত্ৰত প্ৰভাৱ পেলাই আহিছে।

       তাৰোপৰি ভাৰতৰ ভাৰত মহাসাগৰৰ প্ৰাকৃতিকভাৱে এটা পাৰ বা কাষ নিজৰ দখলত আছে আৰু এই দখল ভাৰতীয় প্ৰশান্ত ক্ষেত্ৰ বা অঞ্চলৰ শক্তিৰ বাবে অতি আৱশ্যক হৈ পৰে। সাম্প্ৰতিক কালত ভাৰতৰ দখলত থকা এই ভাৰত মহাসাগৰীয় অঞ্চলটো সমগ্ৰ বিশ্বৰ বাবে যোগাযোগ আৰু বাণিজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ পথ হৈ পৰিছে আৰু ফলত ই ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণ তথা গ্ৰহণত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। ভাৰতৰ এনে বিচিত্ৰ ভৌগোলিক কাৰকসমূহে ৰাষ্ট্ৰখনৰ বৈদেশিক নীতিত নিৰ্ধাৰণত সদায় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।


(ঞ) ‘ভাৰতৰ বৈদেশিক নীতি শান্তি আৰু সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত—বুজাই লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতি সদায় শান্তি আৰু সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়ে ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি।স্বাধীনতাৰ পিছৰ পৰাই ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণ কৰোতে ৰাষ্ট্ৰখনে বিশ্ব ভাতৃত্ববোধ আৰু সহযোগিতাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। পূৰ্বৰ পৰাই ভাৰতৰ বৈদেশিক নীতিৰ মূল লক্ষ্য  আছিল বিশ্বৰ আন ৰাষ্ট্ৰৰসমূহৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু শান্তি স্থাপনৰ দ্বাৰা নিৰাপত্তা সুনিশ্চিত কৰা। তদুপৰি ভাৰতৰ বৈদেশিক নীতিৰ মূল ভিত্তিয়ে হ’ল গোষ্ঠীনিৰপেক্ষতা যাৰ জৰিয়তে ভাৰতে আন ৰাষ্ট্ৰৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি সকলোৰে লগত বন্ধুত্বসুলভ সম্পৰ্ক প্ৰতিষ্ঠা কৰে। এই নীতিৰ দ্বাৰাই ৰাষ্ট্ৰখনে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ লগত সদায় শান্তিপূৰ্ণ, বন্ধুত্বপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। ভাৰতে সদায় হিংসা, সন্ত্ৰাস আৰু সংঘাতৰ পৰিৱৰ্তে শান্তি আৰু বন্ধুত্বক উদ্‌গনি জনাই আহিছে। বিশ্বশান্তি প্ৰতিষ্ঠাৰ হকে ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই বিভিন্ন ধৰণেৰে কাৰ্য কৰি আহিছে তথা ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত ভাৰতে সদায় আন্তঃৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰসংঘক সহায় সমৰ্থন জনাই আহিছে। ৰাষ্ট্ৰসংঘৰ বিশ্বশান্তি প্ৰতিষ্ঠাৰ হকে সৃষ্ট শান্তিসুৰক্ষা বাহিনীলৈ ভাৰতে সৰ্ব বৃহৎ সংখ্যক সেনা আগবঢ়াই। ভাৰতৰ বৈদেশিক নীতি সদায় বিশ্ব শান্তিৰ অনুকূল। নেহৰুৰ দ্বাৰা সৃষ্ট পঞ্চশীল নীতিৰ ওপৰত আধাৰিত ভাৰতৰ বৈদেশিক নীতিৰ মূল লক্ষ্যই হ’ল শান্তিপূৰ্ণ সহাৱস্থান। পঞ্চশীল নীতিৰ ৫ টা মূল নীতিয়েও শান্তি আৰু সহযোগিতাৰ নীতিকে প্ৰতিপন্ন কৰে। ভাৰতীয় বৈদেশিক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহৰ ভিতৰত দুটা মুখ্য লক্ষ্যই হ’ল-- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু আনটো হ’ল চুবুৰীয়া সকলো ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা। এনেদৰে ভাৰতে সদায় সংঘাত আৰু শত্ৰুতাতকৈ শান্তি আৰু সহোগিতাৰ পথ সমৰ্থন কৰে আৰু অৱলম্বন কৰে। সেয়ে ভাৰতৰ বৈদেশিক নীতি সদায় শান্তি আৰু সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত।


(ট) ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল? আলোচনা কৰা।

উত্তৰঃ শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে গোষ্ঠী নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছিল তথা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সূচনা কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহৰুৰ নেতৃত্বত ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলন আৰম্ভ কৰিছিল। গোষ্ঠীনিৰপেক্ষৰ অৰ্থ হ’ল কোনো গোষ্ঠীতেই বা দলতেই চামিল নহৈ সকলোৰে পৰা সম দূৰত্ব বজাই ৰাখি নিৰপেক্ষভাৱে থকা। শীতল যুদ্ধৰ সময়ত ভাৰতে এই নীতি গ্ৰহণ কৰিয়ে বিশ্বৰ দুই শক্তিগোষ্ঠী বৃহৎ শক্তি আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া এই দুই পক্ষৰ কোনো এটাতেই চামিল নহৈ দুইটাৰে পৰা সম দূৰত্ব বজাই ৰাখি নিৰপেক্ষ আৰু স্বতন্ত্ৰ স্থিতি অৱলম্বন কৰিছিল।  গোষ্ঠীনিৰপেক্ষ নীতিয়ে ভাৰতক সেই সময়ছোৱাত স্বতন্ত্ৰভাৱে থকাত যথেষ্ট সহায় কৰিছিল। কাৰণ ভাৰতে কোনো এটা গোষ্ঠীক বিশেষ সমৰ্থন জনাই আনটোৰ লগত শত্ৰুতা কৰিব বিচৰা নাছিল, বিচাৰিছিল সকলোৰে লগত সম বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা। কাৰণ ভাৰতে সদায় শত্ৰুতা আৰু হিংসাৰ পৰিৱৰ্তে শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ পথক সমৰ্থন কৰিছিল। সেয়ে ভাৰতে মত প্ৰকাশ কৰিছিল যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মূল নীতি হ’ল ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত জড়িত হোৱা পৰিহাৰ কৰা আৰু আন কোনো শক্তিৰ বিৰুদ্ধে কোনো ক্ষমতা গোষ্ঠীত যোগদান নকৰা।  তদুপৰি ভাৰতে কোনো এটা শক্তিগোষ্ঠীত চামিল হৈ পুনৰ পৰাধীনতাক অৱলম্বন কৰাৰ পৰিৱৰ্তে স্বাধীনতা বজাই ৰাখিব খুজিছিল আৰু এই ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষতাই আছিল একমাত্ৰ বিকল্প পথ। তেতিয়াৰ পৰাই এই গোষ্ঠীনিৰপেক্ষতাৰ নীতি ভাৰতত ৰৈ যায় আৰু হৈ পৰে দেশখনৰ বৈদেশিক নীতিৰ মূল ভিত্তি আৰু এক অভিন্ন অংগ। তেতিয়াৰ পৰা সাম্প্ৰতিক কালৰ লৈকে গোষ্ঠীনিৰপেক্ষ নীতিৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ লগত সদায় শান্তিপূৰ্ণ, বন্ধুত্বপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। গতিকে স্বাধীনতাৰ পিছৰে পৰা ভাৰতে সদায়  গোষ্ঠীনিপেক্ষ নীতিক আগত ৰাখি নিজৰ বৈদেশিক নীতি গ্ৰহণ কৰি আহিছে।


১৮। ৰচনাধৰ্মী প্ৰশ্নঃ

(ক) ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণ কৰা কাৰকবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণ কৰা বহুতো কাৰক আছে। তাৰ ভিতৰত কেইটামান মুখ্য কাৰণ আছে।তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

(১) ভৌগোলিক কাৰকঃ ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণ কৰা এক মূল ইয়াৰ ভৌগোলিক ক্ষেত্ৰ। ভাৰত এছিয়া মহাদেশৰ মধ্যত অৱস্থিত এখন ৰাষ্ট্ৰ আৰু সেয়ে এছিয়াত সৃষ্টি হোৱা যিকোনো ডাঙৰ ঘটনাই ভাৰতৰ ওপৰত প্ৰভাৱ পেলাই। তদুপৰি ভাৰতক ইয়াৰ চাৰিসীমাত বহু কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি যেনে নেপাল, বাংলাদেশ, চীন, ভূটান ম্যানমাৰ আদি ইয়াৰ ভিতৰত মুখ্যতে চীনৰ পৰা ১৯৬২ চনৰ পৰাই আৰু বাংলাদেশৰ পৰাও ভাৰতে বিভিন্ন ধৰণেৰে ভাবুকি তথা বিপদৰ সন্মুখীন হৈ আহিছে। তাৰোপৰি ভাৰতৰ ভূখণ্ডে ভাৰত মহা সাগৰৰ এক বৃহৎ পাৰ অঞ্চল আগুৰি আছে যি সমগ্ৰ বিশ্বৰ বাবে বাণিজ্য আৰু যোগাযোগৰ বাবে এক গুৰুত্বপূৰ্ণ পথ হৈ পৰিছে। গতিকে এই ভৌগোলিক ক্ষেত্ৰসমূহেও ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰভাৱ পেলাই তথা গুৰুত্ব লাভ কৰে।

(২) জনসংখ্যাঃ সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থান দখল কৰি আছে। জনসংখ্যা অধিক হোৱাৰ বাবে ৰাষ্ট্ৰখনত খাদ্য-সামগ্ৰীৰ নাটনি, দৰিদ্ৰতা, নিৱনুৱা সমস্যা আদি সমস্যা বিদ্যমান। সেয়ে এই সমস্যাসমূহৰ সমাধানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত বৈদেশিক নীতি নিৰ্ধাৰণ কৰা হয়।

(৩) চৰকাৰ ব্যৱস্থাঃ  ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতি নিৰ্ধাৰণত ইয়াৰ শাসন ব্যৱস্থা বা  চৰকাৰ ব্যৱস্থাই যথেষ্ট অৰিহণা যোগায়। ভাৰতবৰ্ষ গণতান্ত্ৰিক আদৰ্শ বা ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত এখন ৰাষ্ট্ৰ যিয়ে বিশ্বৰ আন ৰাষ্ট্ৰসমূহকো প্ৰেৰণা দিয়ে। ভাৰতীয় গণতন্ত্ৰই সদায় শান্তিপূৰ্ণ সহাৱস্থান নীতি মানি চলে। কিন্ত বহু সময়ত ভাৰতীয় সংসদীয় ব্যৱস্থাত বৈদেশিক নীতি নিৰ্ধাৰণত ৰাজ্যিক চৰকাৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰে আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে যেতিয়া কেন্দ্ৰত মৰ্চা চৰকাৰ অধিষ্ঠিত হৈ থাকে। এনে পৰিস্থিতি পৰিলক্ষিত হৈছিল শ্ৰীলংকাৰ তামিলসকলৰ বিষয়টোক লৈ।তদুপৰি আৰু বহুতো এনে উদাহৰণ দেখিবলৈ পোৱা যায়।

(৪) অৰ্থনৈতিক উন্নয়নঃ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক ব্যৱস্থাই গভীৰ প্ৰভাৱ বিস্তাৰ কৰে। ১৯৯১ চনৰ পৰা ভাৰতে সমগ্ৰ বিশ্বৰ বাবে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ দেশীয় বজাৰ মুকলি কৰি দিয়ে আৰু তেতিয়াৰ পৰাই ভাৰত অৰ্থনৈতিক উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। বৰ্তমান ভাৰতৰ অৰ্থনৈতিক উন্নয়নে সমগ্ৰ বিশ্বৰে ৰাষ্ট্ৰসমূহক আকৰ্ষিত কৰে। সেয়ে ভাৰতে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে বা লেনদেন কৰোঁতে নিজৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে আৰু সেই অনুসৰি বৈদেশিক নীতি গ্ৰহণ কৰে। কাৰণ বহু ৰাষ্ট্ৰই ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত ঋণাত্মক প্ৰভাৱো পেলাই। যেনে- চীন।

(৫) দেশৰ ইতিহাস আৰু সংস্কৃতিঃ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ ইতিহাস আৰু সংস্কৃতিয়ে বহু প্ৰভাৱ পেলাই। ব্ৰিটীছ উপনিৱেশিক শাসন, স্বাধীনতা আন্দোলন, গান্ধীবাদী আদৰ্শ, ভাৰতীয় বৈচিত্ৰময় সংস্কৃতি আদিয়ে দেশখনৰ বৈদেশিক নীতিত ব্যাপক প্ৰভাৱ পেলাই। তদুপৰি কৌটিল্যৰ শক্তিশালী ৰাজ্য গঢ়াৰ নীতি তথা ৰাজ্য পৰিচালানৰ নীতিয়েও ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণত বহুখিনি প্ৰভাৱ পেলাই আহিছে।

(৬) জাতীয় স্বাৰ্থঃ ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণত সদায় ৰাষ্ট্ৰখনৰ জাতীয় বা ৰাষ্ট্ৰীয় স্বাৰ্থই প্ৰাধান্য পায় আহিছে। ভাৰতে সদায় ৰাষ্ট্ৰীয় স্বাৰ্থক আগত ৰাখিহে আন ৰাষ্ট্ৰসমূহৰ লগত লেনদেন তথা সম্পৰ্ক প্ৰতিষ্ঠা কৰে। ৰাষ্ট্ৰৰ নিৰাপত্তা, উন্নয়ন আৰু লাভালাভৰ প্ৰতি দৃষ্টি ৰাখি ভাৰতে বৈদেশিক নীতি নিৰ্ধাৰণ কৰে।

    উক্ত ধৰণেৰে বহু কাৰকে ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ বিসস্তাক কৰি আহিছে।


(খ) ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণৰ আভ্যন্তৰীণ আৰু বহিঃকাৰকসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায় কিছুমান কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কাৰকসমূহক দুটা ভাগত ভাগ কৰা হৈছে। সেয়া হ’ল আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক। তলত সেইসমূহ আলোচনা কৰা হ’লঃ-

আভ্যন্তৰীণ কাৰকসমূহঃ

(১) ভৌগোলিক কাৰকঃ ভাৰতৰ বিচিত্ৰ ভৌগোলিক স্থিতিয়ে ৰাষ্ট্ৰখনৰ বৈদেশিক নীতি নিৰ্ধাৰণত যথেষ্ট প্ৰভাৱ পেলাই আহিছে। ভাৰতক বহু কেইখন ৰাষ্ট্ৰই যেনে চীন,পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিয়ে আগুৰি আছে। ইয়াৰ ভিতৰত চীন আৰু পাকিস্তান ভাৰতৰ বাবে শত্ৰু ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈ আহিছে। এই দুই ৰাষ্ট্ৰৰ পৰাহে মূলত ভাৰতে নিৰাপত্তাজনিত কাৰণৰ লগতে বিভিন্ন কাৰণত সমস্যা তথা বিপদৰ সন্মুখীন হৈ আহিছে। ১৯৬২ চনৰ পৰাই ভাৰতে চীনৰ পৰা সমস্যাৰ সন্মুখীন হৈ আহিছে। তদুপৰি ভাৰত মহাসাগৰৰ এটা বৃহৎ পাৰ অঞ্চল ভাৰতৰ দখলত আছে যি সম্প্ৰতি সমগ্ৰ বিশ্ব বাবে যোগাযোগ আৰু বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ পথ হৈ পৰিছে। এনে সমূহ ভৌগোলিক ক্ষেত্ৰলৈ লক্ষ্য ৰাখি ভাৰতে নিজৰ বৈদেশিক নীতি গ্ৰহণ কৰিব লগা হয়।

(২) ইতিহাস আৰু ৰাজনৈতিক প্ৰথাঃ  ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত দেশখনৰ ইতিহাস আৰু ৰাজনৈতিক প্ৰথাই যথেষ্ট প্ৰভাৱ পেলাই। ভাৰতীয় বৈদেশিক নীতি ইয়াৰ ইতিহাস আৰু ৰাজনৈতিক প্ৰথাৰে এক উৎপাদন। জৱাহৰলাল নেহৰুৱে কোৱাৰ দৰে এখন দেশৰ বৈদেশিক নীতি অৱশেষত ইয়াৰ নিজস্ব প্ৰথা, পৰম্পৰা, উদ্দশ্য আৰু বিশেষকৈ নিকট অতীতৰ পৰা উদ্ভৱ হয়।ভাৰতৰ বৈদেশিক নীতিতো ইয়াৰ সভ্যতা, ব্ৰিটীছ শাসন আৰু নীতি, স্বাধীনতা আন্দোলন, গান্ধীবাদী আদৰ্শৰ প্ৰভাৱ বিদ্যমান। ভাৰতে স্বাধীনতাৰ কালৰ পৰা সদায়  ইয়াৰ উপনিৱেশিক অতীতৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ বিশ্বত উদ্ভৱ হোৱা সকলো স্বাধীনতা আন্দোলনৰ সৈতে থিয় দি আহিছে আৰু সমৰ্থন জনাই আহিছে। সেয়ে এই ক্ষেত্ৰটোৱেও ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত সদায় প্ৰভাৱ পেলাই আহিছে।

(৩) অৰ্থনৈতিক উন্নয়নঃ  ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰইয়ো যথেষ্ট অৰিহণা যোগায়। বিশ্বৰ প্ৰত্যেকখন দেশেই নিজৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আন ৰাষ্ট্ৰৰ সৈতে বিভিন্ন ধৰণেৰে লেনদেন তথা সম্পৰ্ক স্থাপন কৰিব লগা হয়। কোনো ৰাষ্ট্ৰই সকলো ক্ষেত্ৰৰ পৰা সম্পন্ন নহয় সেয়ে সকলো পৰস্পৰ বিভিন্ন দিশত নিৰ্ভৰশীল বিশেষকৈ উন্নয়নশীল তথা অনুন্নত ৰাষ্ট্ৰসমূহ। উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰতৰ আন ৰাষ্ট্ৰৰ পৰা অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহায়-সাহাৰ্য্যৰ অবিহনে উন্নয়ন সম্ভৱ নহয়। ১৯৯০ চনৰ পৰাই ভাৰতে নিজৰ উন্নয়নৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ নীতিৰ অনুকৰণ কৰি আহিছে।

(৪) জাতীয় স্বাৰ্থঃ  সকলো ৰাষ্ট্ৰই সদায় বৈদেশিক নীতি গ্ৰহণ কৰোতে নিজৰ জাতীয় বা ৰাষ্ট্ৰীয় স্বাৰ্থক আগত ৰাখে। ভাৰতেও বৈদেশিক নীতি নিৰ্ধাৰণ কৰোঁতে সদায় নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক আগত ৰাখি কাম কৰে। ভাৰতে আন ৰাষ্ট্ৰসমূহৰ লগত লেনদেন তথা সম্পৰ্ক স্থাপনৰ কৰাৰ ক্ষেত্ৰত সদায় নিজৰ নিৰাপত্তা আৰু লাভালাভৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণৰ প্ৰতি দৃষ্টি ৰাখে।

(৫) নেতৃত্বৰ প্ৰকৃতিঃ ৰাষ্ট্ৰীয় নেতৃত্বৰ ব্যক্তিগত প্ৰকৃতিয়েও ভাৰতৰ বৈদেশিক নীতিত যথেষ্ট প্ৰভাৱ পেলাই। তেওঁলোকৰ চিন্তাধাৰা আৰু আদৰ্শই ভাৰতৰ বৈদেশিক নীতিৰ দিশ আৰু স্বৰূপ নিৰ্ধাৰণ কৰে। যেনে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নীতি আদৰ্শ তথা চিন্তাধাৰাই পোনপ্ৰথমে ভাৰতৰ বৈদেশিক নীতিক এক দিশ বা গতি দিছিল। বৰ্তমানৰ ৰাষ্ট্ৰীয় নেতৃত্বইয়ো ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

(৬) নিৰাপত্তাৰ প্ৰয়োজনীয়তা আৰু কৌশলঃ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলসমূহেও ইয়াৰ বৈদেশিক নীতিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। সকলো ৰাষ্ট্ৰৰ দৰে ভাৰতেও নিজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ বহু দেশৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু বিভিন্ন কৌশল প্ৰয়োগৰ কৰে। ভাৰতে নিজৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰিবলৈ আমেৰিকা,ৰাছিয়া আদি বহু দেশৰ লগত সদায় ভাল সম্পৰ্ক বজাই ৰাখিছে নিৰাপত্তাজনিত চুক্তিত আবদ্ধ হৈছে যাৰ দ্বাৰা এই শক্তিশালী ৰাষ্টসমূহৰ পৰা ভাৰতে বহু সহায়-সাহাৰ্য্যও লাভ কৰিছে। গতিকে ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণত দেশৰ নিৰাপত্তাৰ দিশটোৱেও বহু প্ৰভাৱ বিস্তাৰ কৰে।

বাহ্যিক কাৰকঃ

(১) আন্তঃৰাষ্ট্ৰীয় প্ৰবৃত্তিঃ ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত আভ্যন্তৰীণ কাৰকৰ দৰে কিছুমান বাহ্যিক কাৰকেও প্ৰভাৱ পেলাই।তাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰবৃত্তিসমূহ এক অন্যতম কাৰক। বিস্তৃত আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰৰ নীতি প্ৰবৃত্তিসমূহে ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতিত প্ৰত্যক্ষ প্ৰভাৱ পেলাই। বৈদেশিক নীতিৰ সঞ্চালনৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ উদ্ভৱ হয়। কাৰণ ৰাষ্ট্ৰসমূহৰ আন ৰাষ্ট্ৰৰ আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ধৰণৰ পথ বা ব্যৱস্থা নাই।

    উক্তধৰণেৰে ভাৰতীয় বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বহু আভ্যন্তৰীণ আৰু বহিঃকাৰক বা বাহ্যিক কাৰকসমূহে ক্ৰিয়া কৰে।


(গ) ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ বহুকেইটা উদ্দশ্য আছে। তাৰে মূল উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’লঃ

(১) ভাৰতৰ বৈদেশিক নীতিৰ এক অন্যতম উদ্দেশ্য ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ। এই দিশটোৰ প্ৰতি ভাৰতে সদায় প্ৰথম দৃষ্টি ৰাখে।

(২) ভাৰতীয় বৈদেশিক নীতিৰ আন এক মুখ্য উদ্দেশ্য হ’ল বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা। ভাৰতে সদায় শান্তিপূৰ্ণ সহাৱস্থান আৰু সহযোগিতাৰ নীতিত বিশ্বাস কৰে আৰু অৱলম্বন কৰে। যিকোনো সংঘাত অহিংস বা শান্তিপূৰ্ণভাৱে সমাধান কৰাত ভাৰতে সদায় আগ্ৰহ প্ৰকাশ কৰে। বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতে সদায় ৰাষ্ট্ৰসংঘক সহায় সমৰ্থন জনাই আহিছে।

(৩) ভাৰতৰ বৈদেশিক নীতিৰ আন এক উদ্দেশ্য হ’ল আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত অহস্তক্ষেপ নীতি গ্ৰহণ কৰা। ভাৰতে কোনো দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা দূৰত থাকে কিন্ত প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰসমূহলৈ সথায় সহায় সহযোগিতা আগবঢ়াই আহিছে।

(৪) ভাৰতীয় বৈদেশিক নীতিৰ আন এক উদ্দেশ্য হ’ল বিশ্বৰ আনৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা আৰু সকলোৰে লগত এক উন্নত সম্পৰ্ক বজাই ৰখা। সেয়ে বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰই ভাৰতৰ বন্ধু।

(৫) ভাৰতৰ বৈদেশিক নীতিৰ আন এক উদ্দেশ্য হৈছে জাতিগত বৈষম্যৰ বিৰোধ কৰা আৰু জাতি, ধৰ্ম, বৰ্ণৰ বিষয়ত বৈষম্যহীন সমাজবাদী আৰ্হিৰ সমাজৰ বিকাশ সাধন কৰা। যিহেতু ভাৰত বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা-ভাষী লোকৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ য’ত সকলোৰে সমান অধিকাৰ আৰু স্বতন্ত্ৰতা আছে।

     এনেধৰণেৰে ভাৰতৰ বৈদেশিক নীতিৰ বহুকেইটা উদ্দেশ্য পৰিলক্ষিত হয়।


(ঘ) ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ কিছুমান নীতি আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

(১) গোষ্ঠী নিৰপেক্ষতাঃ ভাৰতৰ বৈদেশিক নীতিৰ এক প্ৰধান নীতি হ’ল গোষ্ঠী নিৰপেক্ষতাৰ নীতি। শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা এই নীতি শীতল যুদ্ধৰ অন্তৰ পিছত ভাৰতৰ বৈদেশিক নীতিৰ এক অভিন্ন অংগ হৈ পৰে ।বৰ্তমানো ভাৰতৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ নীতিৰ ওপৰত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হয়।

(২) উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতাঃ ঔপনিৱেশিক শাসনত থকা ভুক্তভোগী ভাৰতে সদায় উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰি আহিছে। এই তিক্ত অভিজ্ঞতাৰ পৰাই ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহক ঔপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰাত মুখ্য ভূমিকা পালন কৰিছিল।

(৩) বিশ্ব শান্তি প্ৰতিষ্ঠাত ৰাষ্ট্ৰসংঘলৈ সমৰ্থনঃ ভাৰতে সদায় শান্তিপূৰ্ণ সহাৱস্থানৰ নীতিত বিশ্বাস কৰে আৰু সেয়ে প্ৰতিষ্ঠাপক সদস্যৰাষ্ট্ৰ হিচাপে ভাৰতে বিশ্বশান্তি শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় ৰাষ্ট্ৰসংঘৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। ভাৰতে মত প্ৰকাশ কৰে যে আন্তৰাষ্ট্ৰীয় সংঘাত তথা বিবাদসমূহ ৰাষ্ট্ৰসংঘৰ পৰিসীমাৰ ভিতৰত থাকি সমাধান কৰিব লাগে।

(৪) ন্যায়সংগত লক্ষ্যসাধনঃ গান্ধীবাদী আদৰ্শৰে অনুপ্ৰাণিত ভাৰতে সদায় আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু সংঘাতসমূহ সমাধানৰ ক্ষেত্ৰত যুক্তিসংগত আৰু ন্যায়সংগত ব্যৱস্থা গ্ৰহণক সমৰ্থন কৰে। ৰাষ্ট্ৰখনে সদায় যুদ্ধ, হিংসা, সংঘাত আৰু ক্ষমতা নীতিৰ বিৰোধিতা কৰাৰ বিপৰীতে শান্তিপূৰ্ণ আৰু অহিংস নীতিৰ সমৰ্থন জনায়।

(৫) বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিষ্ঠাঃ ভাৰতে সদায় কোনোধৰণৰ সামৰিক মিত্ৰতাত আবদ্ধ নোহোৱাকৈ বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বসুলভ সম্পৰ্ক প্ৰতিষ্ঠাৰ ওপৰত বিশ্বাস কৰে। সেয়ে ভাৰতে বিশ্বৰ দেশসমূহৰ সৈতে সদায় অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, বিজ্ঞান-প্ৰযুক্তিবিদ্যা আদি দিশত চুক্তি আৰু দ্বিপাক্ষিক সন্ধিত আবদ্ধ হৈ আহিছে।

   এনেদৰে ভাৰতৰ বৈদেশিক নীতিৰ বহুকেইটা প্ৰধান নীতি আছে।


(ঙ) গোষ্ঠীনিৰপেক্ষতাৰ অৰ্থ ব্যাখ্যা কৰা আৰু নিৰপেক্ষতাৰ পৰা ইয়াৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ সাধাৰণ অৰ্থত বা শব্দগত অৰ্থত গোষ্ঠীনিৰপেক্ষতাৰ অৰ্থ হ’ল কোনো এক নিৰ্দিষ্ট গোষ্ঠী বা পক্ষতে চামিল নহৈ নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি সকলোৰে লগত সম বন্ধুত্বপূৰ্ণ আৰু সম দূৰত্ব বজাই ৰখা।গোষ্ঠীনিৰপেক্ষ নীতি ভাৰতৰ বৈদেশিক নীতিৰ মূল আধাৰ বা নীতি। ভাৰতে এই নীতি পোনপ্ৰথমে গ্ৰহণ কৰিছিল শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত যাৰ জৰিয়তে ভাৰতে শীতল যুদ্ধৰ সময়ত বিশ্বৰ দুই শক্তিগোষ্ঠী আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ পৰা সম দূৰত্ব বজাই ৰাখি নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি স্বতন্ত্ৰভাৱে আছিল। ভাৰতৰ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দিছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে। তেওঁৱে শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিল। আন ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক প্ৰতিষ্ঠা কৰোঁতে ভাৰতে সদায় গোষ্ঠীনিৰপেক্ষ নীতিৰ ওপৰত গুৰুত্ব দি আহিছে আৰু এই নীতিৰ ওপৰত ভিত্তি কৰিয়েই সদায় বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বপূৰ্ণ, শান্তিপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা কৰি আহিছে।গতিকে গোষ্ঠীনিৰপেক্ষতাৰ অৰ্থ হ’ল কোনো এক পক্ষতে অংশগ্ৰহণ নকৰি সকলোৰে লগত সমদূৰত্ব আৰু সম সম্পৰ্ক বৰ্তাই ৰাখি বন্ধুত্বপূৰ্ণ, শান্তিপূৰ্ণ আৰু আন্তৰিক সম্পৰ্ক বজাই ৰখা।

   গোষ্ঠীনিৰপেক্ষতা আৰু নিৰপেক্ষ এই শব্দ দুটা দেখাত একেই যেন লাগিলেও ইহঁতে একে অৰ্থ প্ৰকাশ নকৰে। দুয়োটা শব্দৰ মাজত বহুখিনি পাৰ্থক্য আছে। গোষ্ঠীনিৰপেক্ষতাৰ অৰ্থ হ’ল কোনো গোষ্ঠীতে বা পক্ষতে অংশগ্ৰহণ নকৰি সকলোৰে লগত  সমদূৰত্ব আৰু সম বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখা। আনহাতে নিৰপেক্ষৰ অৰ্থ হ’ল কোনো গোষ্ঠীক বা পক্ষক সমৰ্থন নকৰি, কোনো পক্ষৰ লগত কোনো সম্পৰ্ক নাৰাখি সম্পূৰ্ণ নিৰপেক্ষ স্থিতি অৱলম্বন কৰা। অৰ্থাৎ নিৰেপেক্ষতাই কোনো সম্পৰ্ক নাৰাখি সম্পূৰ্ণ আঁতৰত থকাক বুজাই। শীতল যুদ্ধৰ সময়ত বিশ্বত এই দুই শব্দই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত নিৰপেক্ষতাই  সম্পূৰ্ণ নিৰপেক্ষ হৈ থকা আৰু যুদ্ধৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থকাক বুজাই। কিছুমান ৰাষ্ট্ৰই সেই সময়ত তেনে স্থিতি গ্ৰহণ কৰি যুদ্ধৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰাখিছিল। তেনে নিৰপেক্ষ ৰাষ্ট্ৰসমূহে আনকি যুদ্ধৰ নৈতিক স্থিতিৰ ওপৰতো কোনো ধৰণৰ বক্তব্য বা মতামত প্ৰদান নকৰে।

   আনহাতে গোষ্ঠীনিৰপেক্ষতাই যুদ্ধৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থকাক নুবুজাই। তাৰ পৰিৱৰ্তে বিভিন্ন কাৰণত যুদ্ধত চামিল হোৱাক বুজাই কিন্ত কোনো বিশেষ শক্তি গোষ্ঠীত চামিল নোহোৱাকৈ আৰু হিংসাত্মক কাৰ্যত লিপ্ত নোহোৱাকৈ। শীতল যুদ্ধৰ সময়ত ভাৰতকে ধৰি বহু কেইখন ৰাষ্ট্ৰই যুদ্ধত কোনো গোষ্ঠীত অংশগ্ৰহণ নকৰাকৈ চামিল হৈছিল আৰু যুদ্ধৰ লগত জড়িত বিভিন্ন বিষয় যেনে বিভিন্ন অমানৱীয় হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মতা। আনকি এনে ৰাষ্ট্ৰসমূহে বিশ্ব শান্তি , ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা, বন্ধুত্বপূ্ৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ উদ্যোগ হাতত লৈছিল আৰু যুদ্ধক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল। তদুপৰি বিভিন্ন দেশৰ মাজত থকা বিবাদ আৰু সংঘাত সমাধান কৰিবৰ বাবে মধ্যস্থতাকাৰী ভূমিকাও গ্ৰহণ কৰিছিল আৰু ৰাষ্ট্ৰসমূহৰ মাজত বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতেও শীতল যুদ্ধৰ সময়ত তেনে বহু পদক্ষেপ হাতত লৈছিল আৰু কোনো গোষ্ঠীতে অংশগ্ৰহণ নকৰাকৈও যুদ্ধত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল । তদুপৰি ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ জৰিয়তে আন বহু ৰাষ্ট্ৰৰ লগতে সদ্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰসমূহকো একত্ৰিত কৰি লৈছিল আৰু গোষ্ঠীনিৰপেক্ষ নীতিৰ জৰিয়তে সম্পূৰ্ণ নিৰপেক্ষ নহৈ সকলোৰে লগত সম বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সম দূৰত্ব বজাই ৰাখি শান্তিপূৰ্ণ সহাৱস্থান নীতিৰ অৱলম্বন কৰিছিল। এইয়াই গোষ্ঠীনিৰপেক্ষতা আৰু নিৰপেক্ষতাৰ মাজৰ মূল পাৰ্থক্য।


(চ) ভাৰতে কিয় গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছে?- কাৰণ দৰ্শোৱা।

উত্তৰঃ শীতল যুদ্ধৰ কালৰে পৰা ভাৰতে বিভিন্ন কাৰণত গোষ্ঠীনিৰপেক্ষ নীতি অৱলম্বন কৰি আহিছে। সেই কাৰণ সমূহ তলত উল্লেখ কৰা হ’লঃ

(১) ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ প্ৰধান কাৰণ হৈছে যে ভাৰতে কোনো ৰাষ্ট্ৰকে বা পক্ষকে বিশেষভাৱে সমৰ্থন কৰিব নোখোজে আৰু চামিল হ’ব নিবিচাৰে। ৰাষ্ট্ৰখনে সকলো ৰাষ্ট্ৰৰ লগতে সম দূৰত্ব আৰু সম বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব বিচাৰে।

(২) ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ আন এক অন্যতম কাৰণ হ’ল ৰাষ্ট্ৰখনে সদায় সহযোগিতা, বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ নীতিত বিশ্বাস কৰে আৰু গোষ্ঠীনিৰপেক্ষ নীতিৰ জৰিয়তে ভাৰতে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ লগতে এনে ধৰণৰ সম্পৰ্ক বজাই ৰাখিবলৈ সদায় চেষ্টা কৰে।

(৩) তদুপৰি ভাৰতে সদায় যুদ্ধ আৰু সংঘাত আদিৰ অন্ত পেলাই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু গোষ্ঠীনিৰপেক্ষ নীতি অৱলম্বন কৰি ৰাষ্ট্ৰসমূহৰ মাজত বিবাদ মীমাংসা কৰিবলৈ চেষ্টা কৰে।

(৪) ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ আন এক কাৰণ হ’ল যে ভাৰতে এই নীতিৰ অৱলম্বনৰ দ্বাৰা সদায় নিজৰ স্বতন্ত্ৰতা বজাই ৰাখিব বিচাৰে। 

(৫) তদুপৰি ভাৰতে পঞ্চশীল নীতিৰ ওপৰত বিশ্বাসী আৰু এই নীতি ৰাষ্ট্ৰখনে গ্ৰহণো কৰিছে ।এই পঞ্চশীল নীতি গোষ্ঠীনিৰপেক্ষ নীতিৰ মূল ভেটি বা ই গোষ্ঠীনিৰপেক্ষ নীতিকে প্ৰতিফলিত কৰে।

    উক্তধৰণেৰে ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ অন্তৰালত বহুতো কাৰণ আছে।


(ছ) ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠীনিৰপেক্ষতাৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ  ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠনিৰপেক্ষতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গোষ্ঠীনিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতি। ভাৰতে নিজৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায় গোষ্ঠীনিৰপেক্ষ নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। শীতল যুদ্ধৰ কালৰ পৰা বৰ্তমানলৈকে ভাৰতে বৈদেশিক নীতিত গোষ্ঠীনিৰপেক্ষতা নীতি অনুসৰণ কৰি আহিছে। শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে এই নীতিণ গ্ৰহণ কৰিছিল যদিও শীতল যুদ্ধৰ অন্তৰ পিছতো ই ভাৰতৰ বৈদেশিক নীতিৰ অভিন্ন অংগ হৈ  আছে। ভাৰতে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰোঁতে সদায় গোষ্ঠীনিৰপেক্ষ নীতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। বৰ্তমানো গোষ্ঠীনিৰপেক্ষ নীতিৰ গুৰুত্ব হ্ৰাস পোৱা নাই। এই নীতিৰ আধাৰতে ভাৰতে বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ লগত সদায় শান্তিপূৰ্ণ, বন্ধুত্বপূৰ্ণ, সুস্থ আৰু আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে।কাৰণ গোষ্ঠীনিৰপেক্ষতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত শান্তি আৰু সহযোগিতাৰ নীতি ভাৰতীয় বৈদেশিক নীতিৰ মূল ভেটি। তদুপৰি ভাৰতে সদায় কোনো গোষ্ঠীতে চামিল নহৈ স্বতন্ত্ৰভাৱে থাকিব বিচাৰে সেয়ে ভাৰতে গোষ্ঠীনিৰপেক্ষতা নীতি গ্ৰহণ কৰে। ভাৰতে কোনো ৰাষ্ট্ৰৰ লগত বিশেষ মিত্ৰতা নাৰাখি সকলোৰে লগত সমান বন্ধুত্ব আৰু সহযোগিতা ৰাখি শত্ৰুতাৰ পৰা আতঁৰত থাকি নিজৰ নিৰপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিব বিচাৰে। তদুপৰি গোষ্ঠীনিৰপেক্ষতাৰ মূল ভেটি পঞ্চশীল নীতি ভাৰতৰ বৈদেশিক নীতিৰ এক অভিন্ন অংগ। এই নীতি কেইটা ভাৰতৰ বৈদেশিক নীতিৰ মূল উপাদান । সেয়ে ভাৰতে বৈদেশিক নীতি নিৰ্ধাৰণ কৰোঁতে সদায় পঞ্চশীল নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই নীতিৰ জৰিয়তে ভাৰতে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগত এক সু- সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছে। সেই বাবে  গোষ্ঠীনিৰপেক্ষতা ভাৰতৰ বাবে পূৰ্বৰে পৰা এক আদৰ্শ বৈদেশিক নীতি। তদুপৰি ভাৰতে সদায় বিশ্বশান্তি প্ৰতিষ্ঠাৰ হকে চেষ্টা চলাই আহিছে বিভিন্নধৰণেৰে কাম কৰি আহিছে গোষ্ঠীনিৰপেক্ষ নীতিৰ আধাৰত।

     এনেদৰে ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠীনিৰপেক্ষতাই সদায় প্ৰধান নীতি হিচাপে প্ৰথম গুৰুত্ব লাভ কৰি আহিছে। ভাৰতে আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে বা বৈদেশিক নীতি নিৰ্ধাৰণ কৰোঁতে সদায় গোষ্ঠীনিপেক্ষতাৰ ওপৰত প্ৰধানত দৃষ্টি নিক্ষেপ কৰি আহিছে।


(জ) ১৯৬৫  আৰু ১৯৭১ চনৰ যুদ্ধৰ ভেটিক লৈ ভাৰত পাকিস্তানৰ সম্বন্ধ পৰীক্ষা কৰা।

উত্তৰঃ বিভাজনৰ কালৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত শত্ৰুতা আৰু সংঘাতৰ সৃষ্টি হৈ আহিছে। জন্মলগ্নৰে পৰা দুই ৰাষ্ট্ৰৰ মাজত মূলত কাশ্মীৰক কেন্দ্ৰ কৰি সংঘাতৰ উদ্ভৱ হৈ আহিছে যাক কাশ্মীৰ সমস্যা হিচাপে জনা যায়। কাশ্মীৰক লৈ দুই ৰাষ্ট্ৰৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক বৰ্তি আছে। বহু কেইখন চুক্তি স্বাক্ষৰিত কৰাৰ পাছতো তথা বুজাবুজিত মিলিত হোৱাৰ পিছতো বৰ্তমান পৰ্যন্ত দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ বিশেষ উন্নতি ঘটা নাই। ভাৰতে সদায় পাকিস্তানৰ লগত সু-সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰি আহিছে যদিও কিন্ত পাকিস্তানে ইয়াক গুৰুত্বসহকাৰে লোৱা নাই।

   পাকিস্তান আৰু ভাৰতৰ মাজত বিভাজনৰ কালৰ পৰা চলি অহা তিক্ততাপূৰ্ণ সম্পৰ্কৰ ফলস্বৰূপে দুই ৰাষ্ট্ৰৰ মাজত ১৯৬৫ চনত আৰু ১৯৭১ চনত দুখনকৈ হিংসাত্মক যুদ্ধ সংঘটিত হয়। ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথমখন যুদ্ধ তথা প্ৰথম আক্ৰমণৰ সূচনা হয় ১৯৬৫ চনত।পাকিস্তানে কাশ্মীৰ দখলৰ উদ্দেশ্যে ভাৰতত প্ৰথম সশস্ত্ৰ আক্ৰমণ কৰে ১৯৬৫ চনৰ এপ্ৰিলত গুজৰাটৰ ৰান অব্‌ কচ্ছ অঞ্চলেৰে আৰু ইয়াৰ পিছতে বৃহৎ সামৰিক সাজ সজ্জাৰে ই জম্মু আৰু কাশ্মীৰক আক্ৰমণ কৰে। তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে ভাৰতীয় সেনাক পঞ্জাৱৰ সীমাৰে প্ৰত্যাক্ৰমণৰ নিৰ্দেশ দিয়ে আৰু  ভাৰতৰ সেনাবাহিনীয়ে পাকিস্তানৰ সেনাক আক্ৰমণ কৰি খেদি পঠায়। অৱশেষত এনে ভয়ানক পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এক প্ৰস্তাৱ যোগে ভাৰত আৰু পাকিস্তানক যুদ্ধবিৰতি ঘোষণা কৰিবলৈ আহ্বান জনায়। ১৯৬৬ চনত দুই ৰাষ্ট্ৰৰ মাজতে তাছখণ্ডত এখন চুক্তি স্বাক্ষৰিত হয়।এই চুক্তিয়েও কিন্ত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সুস্থি কৰাত সফল নহ’ল।

    ১৯৭১ চনত বাংলাদেশক কেন্দ্ৰ কৰি ভাৰত পাকিস্তানৰ মাজত পুনৰ এক যুদ্ধৰ সৃষ্টি হয়। বিভাজনৰ ফলত নৱ গঠিত ৰাষ্ট্ৰ পাকিস্তানৰ ভূখণ্ড পশ্চিম আৰু পূব পাকিস্তানত বিভক্ত হৈ আছিল। পূব পাকিস্তানৰ লোকসকলৰ জীৱন আৰু সংস্কৃতিৰ ভাৰতৰ সৈতে মিল আছিল আৰু তেওঁলোকে ভাবিছিল যে পাকিস্তানে তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে উৰ্দু ভাষাটো আৰোপ কৰিব খুজিছিল। ইয়াক লৈ তেওঁলোক অসন্তষ্ট হৈ পৰিছিল। পূব পাকিস্তানৰ পশ্চিম পাকিস্তানৰ প্ৰতি বৃদ্ধি হৈ ক্ষোভ দমন কৰিবলৈ ১৯৭১ চনৰ আৰম্ভণিতে তেওঁলোকৰ নেতা শ্বেখ মুজিবুৰ ৰহমানক আটক কৰা হয়। এই কাৰ্যৰ প্ৰতি অধিক ক্ষোভিত হৈ পূব পাকিস্তানৰ জনগণে পাকিস্তানৰ পৰা পৃথক হৈ ৰাষ্ট্ৰ ‘বাংলাদেশ’ গঢ়াৰ হকে আন্দোলন কৰে। ভাৰতে বাংলাদেশৰ এই মুক্তি সংগ্ৰামলৈ ব্যাপক সমৰ্থন আগবঢ়াই আৰু এই বাবে পাকিস্তানক বিভাজন কৰাৰ চেষ্টা কৰা বুলি ভাৰতক ৰাষ্ট্ৰখনে দোষাৰোপ কৰে। অৱশেষত ১৯৭১ চনৰ ডিচেম্বৰত এই বিষয়ক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিতীয়খন বৃহৎ যুদ্ধ সংঘটিত হয়। পাকিস্তানে ভাৰতক আকাশমাৰ্গ আৰু স্থলপথেৰে ক্ৰমে পঞ্জাৱ আৰু ৰাজস্থানকে ধৰি জম্মু আৰু কাশ্মীৰত আক্ৰমণ কৰে।ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীৰ সেনাৰ দ্বাৰা ঢাকাত তিনি দিশৰ পৰা আগুৰি ধৰে আৰু অৱশেষত পাকিস্তানৰ শোচনীয় পযাজয় হয়। শেষত ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হয়। কিন্ত এই চুক্তিয়েও ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ উন্নতি ঘটোৱাত সফল নহ’ল। এই চুক্তিৰ সম্পাদনৰ পিছতো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰতমূলক কাৰ্যত লিপ্ত হৈ আহিছে। পাকিস্তানে জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদী কাৰ্যত বিভিন্ন প্ৰকাৰেৰে সহায় কৰি অহা বহু সময়ত প্ৰমাণিত হৈছে। যেনে- ১৯৯৩ চনৰ ভয়ানক মুম্বাই বিস্ফোৰণ, ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ,২০০১ চনত ভাৰতীয় সংসদত আক্ৰমণ, ২০০৮ চনৰ মুম্বাইৰ তাজ হোটেলত আক্ৰমণ আদি। পাকিস্তানে ভাৰতৰ প্ৰতি যদিও হিংসাত্মক কাৰ্যকলাপ তথা আক্ৰমণ চলাই আহিছে, কিন্ত ভাৰতে পাকিস্তানৰ প্ৰতি কোনো দিন প্ৰথমে আক্ৰমণ আৰু সংঘাতৰ সৃষ্টি কৰা নাই। কাৰণ গান্ধীবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতে সদায় অহিংস নীতি, শান্তিপূ্ৰ্ণ সহাৱস্থান আৰু সহযোগিতা নীতি ওপৰত বিশ্বাস কৰে। পাকিস্তানে ভাৰতৰ আভ্যন্তৰীণ ক্ষেত্ৰত অস্থিৰতাৰ সৃষ্টি কৰি আহিছে যদিও ভাৰতে পাকিস্তানৰ লগত উন্নত সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ সদায়  চেষ্টা কৰি আহিছে।


(ঝ) ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি আছিল জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাণ কৰিছিল আৰু তেওঁ নিৰ্মাণ কৰা এই বৈদেশিক নীতিৰ কেইটামান মূল লক্ষ্য বা উদ্দেশ্য আছে। তলত সেইসমূহ উল্লেখ কৰা হ’লঃ- 

(১) বহু কষ্ট আৰু ত্যাগৰ ফলত লাভ কৰা দেশৰ সাৰ্বভৌমত্বৰ সংৰক্ষণ,

(২) দেশৰ ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ,

(৩) দ্ৰুত অৰ্থনৈতিক বিকাশ বা উন্নয়ন সাধন কৰা।

গোষ্ঠনিৰপেক্ষতা নীতিৰ জৰিয়তে তেওঁ এই উদ্দেশ্যসমূহ সফল কৰিবলৈ চেষ্টা কৰিছিল। প্ৰথম উদ্দেশ্যৰ দ্বাৰা নেহৰুৱে ভাৰতৰ স্বতন্ত্ৰতা আৰু সাৰ্বভৌমত্বৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল  কোনো গোষ্ঠীতে অংশ্ৰগ্ৰহণ নকৰি গোষ্ঠীনিৰপেক্ষ নীতি অৱলম্বনৰ জৰিয়তে। কাৰণ দীৰ্ঘকাল ব্ৰিটীছৰ অধিনত থাকি বহু কষ্টৰ ফলত ভাৰতে স্বাধীনতা লাভ কৰিছিল যাক ই পুনৰ হেৰুৱাব বিচৰা নাছিল।

            দ্বিতীয় উদ্দেশ্যৰ দ্বাৰা নেহৰুৱে বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা-ভাষী বাসভূমি ভাৰতত সকলোৰে মাজত ঐক্যতা আৰু মিলাপ্ৰীতি স্থাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল ।

       নেহৰুৱে তৃতীয় উদ্দেশ্যৰ দ্বাৰা দেশত ব্ৰিটীছ শাসনৰ ফলত ভাঙি পৰা অৰ্থনীতিক পুনৰ সবলৰূপে প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

      এই প্ৰধান নীতি সমূহৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাণ কৰিছিল আৰু বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। বৰ্তমানো ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি হিচাপে জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ এই উদ্দেশ্য কেইটা বৰ্তি আছে।


Nikita Chetia

(M.A in Political Science)