গ্ৰন্থমেলা 

পাতনি : গ্ৰন্থ  হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ । কিতাপৰ সমান পৰম  বন্ধু নাই বোলা হয় । সভ্যতাৰ বিকাশত যুগে যুগে গ্ৰন্থই গ্ৰহণ কৰে বৰণীয়া ভূমিকা । গ্ৰন্থই ৰচনা কৰে মানসিক সেঁতুবন্ধন । মানুহৰ জীৱনত গ্ৰন্থই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি থাকে । কিতাপ নথকা ঘৰক খিৰিকীবিহীন কোঠাৰ লগত তুলনা কৰা হয় । সেইবাবে গ্ৰন্থৰ মেলা হ'ল জ্ঞান- বিস্তাৰৰ মেলা । গ্ৰন্থমেলা লেখক , পাঠক , প্ৰকাশকৰ মিলনভূমি । লেখকে কিতাপ লিখি দিয়ে , প্ৰকাশকে তাক ৰুচিসন্মতভাৱে ধুনীয়াকৈ নির্ভুলভাবে ছপাই বন্ধাই উলিয়াব লাগে আৰু পাঠকে তাক কিনি পঢ়িব লাগে । এই তিনিওৰে উপযুক্ত সংযোগ নহ'লে  ভাল গ্ৰন্থ নোলায় । 


গ্ৰন্থ আৰু গ্ৰন্থমেলা:  গ্ৰন্থমেলাই  গ্ৰন্থ- চেতনা সৃষ্টি কৰে । গ্ৰন্থমেলাত কিতাপৰ বিনিময় , পাঠকে একেঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে , পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকে । বছৰে , দুবছৰে এনেবোৰ মেলা বহে । সিবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয় । নেদাৰলেণ্ডত প্ৰতি বছৰে ১ নিযুত গ্ৰন্থ বিক্ৰী হয় বুলি জনা যায় । দ্বাদশ বিশ্ব গ্ৰন্থমেলাত ২০ কোটিৰো অধিক টকাৰ কিতাপ বিক্ৰী হোৱা বুলি প্ৰকাশ পাইছে । আন্তৰ্জাতিক পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হয় মস্কো , কাইৰো , লণ্ডন , চিংগাপুৰ , মেনিলা , বাহৰেইণ্ আদি ঠাইত তাৰোপৰি মেক্সিকো , আংকাৰা, ত্ৰিনিদাদ আৰু টবেগো, জিম্বাবুৱে ,  হাভানা , কুৱালালামপুৰ, মৰিছাছ , বেলগ্ৰেড্ , খাৰ্টুম , ঢাকা আদিতো বিশাল গ্ৰন্থমেলা হয় । ভাৰতে সেইবোৰত অংশগ্ৰহণ কৰি আহিছে । 


ভাৰতৰ গ্ৰন্থমেলা: গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম । সেইবাবে এই শতিকাৰ তৃতীয় দশক মানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্ৰন্থ বিক্ৰীৰ সৰু- বৰ উদ্যোগ গঢ় লৈ উঠিছিল । মেলা জাতীয় অনুষ্ঠানতো গ্ৰন্থ বিক্ৰী আৰম্ভ হৈছিল । কেৰেলা , পশ্চিমবঙ্গ , ত্ৰিপুৰা আদিত হোৱা গ্ৰন্থমেলাবোৰে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা , মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয় । 


অসমৰ গ্ৰন্থমেলা: জাতীয় গ্ৰন্থ ন্যাসে গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰি আহিছে । গ্ৰন্থমেলা আয়োজন কৰি এই সংস্থাটোৱে কৃতিত্ব অর্জন কৰিছে । অসমত প্ৰথম গ্ৰন্থমেলা বুলিলে ১৯৭৮ চনত নগাঁওৰ নেহেৰুবালিত হোৱা মেলাৰ কথা কোৱা হয়  । পিছে বহলকৈ আনুষ্ঠানিক গ্ৰন্থমেলা হৈছিল গুৱাহাটীতে ১৯৮৪ চনৰ ২৯ ডিচেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে । এন . বি. টি. ৰ সহযোগত সূচাৰুৰূপে কৃতকাৰ্যতাৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল । এতিয়াও বছৰৰ শেষত প্ৰত্যেক বাৰে এই গ্ৰন্থমেলা খন অনুষ্ঠিত হৈ আহিছে । এই গ্ৰন্থমেলাত নতুন নতুন লেখকৰ বিভিন্ন গ্ৰন্থ প্ৰতি বছৰে মুকলি কৰি দিয়া হয় আৰু ই সমাদৰ লাভ কৰি আহিছে । আনহাতে ১৯৯৮ চনৰপৰা উত্তৰ পূৰ্বাঞ্চলৰ আন্তৰ্জাতিক গ্ৰন্থমেলা খনে পাঠকৰ বিশেষ সমাদৰ লাভ কৰি আহিছে । এতিয়াও এই গ্ৰন্থমেলা খন প্ৰতি বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হয়   । অৱশ্যে এইবেলি কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে উত্তৰ- পূৰ্বাঞ্চলৰ গ্ৰন্থমেলা খন বাতিল কৰিব লগীয়া হয় । উক্ত গ্ৰন্থমেলাত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থপ্ৰেমীৰ সমাৱেশ ঘটে । লগতে বিভিন্ন নামী প্ৰকাশক গোষ্ঠীয়েও বিনিয়োগ কৰা দেখা যায় । 


সমান্তৰাল ভাবে অসমৰ বিভিন্ন প্ৰান্তত  আজিকালি গ্ৰন্থমেলা পতা দেখিবলৈ পোৱা গৈছে । এয়া নিঃসন্দেহে সুখবৰ । অসমৰ সৰু সৰু নগৰ সমূহত আনুষ্ঠানিক গ্ৰন্থমেলা হৈছে । লগতে কিছুমান ঠাইত কোনো কোনো প্ৰকাশকে নিজাববীয়াকৈ গ্ৰন্থমেলা পতাও দেখা যায় । 


গ্ৰন্থমেলাৰ আকৰ্ষণ: গ্ৰন্থ বেচা- কিনা বা মুকলি কৰাৰ  উপৰিও গ্ৰন্থমেলা সমূহত বিভিন্ন আকৰ্ষণীয় তথা জ্ঞানবৰ্ধক অনুষ্ঠানৰো আয়োজন কৰা হয় । এইসমূহৰ ভিতৰত সাহিত্যকেন্দ্ৰিক আলোচনা চক্ৰ , বিতৰ্ক বা সাহিত্যানুষ্ঠান আদিৰ কথা কব পাৰি । লগতে কবিতাৰ পাঠক তথা কবিতাপ্রিয় লোকসকলৰ বাবে ৰাজ্যৰ শীৰ্ষ কবি সকলৰ সন্মিলন তথা কবিতা পাঠৰ অনুষ্ঠান আয়োজিত কৰা হৈ আহিছে প্ৰত্যেকবাৰে । এইবেলি গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত ' উজ্জীৱন ' শীৰ্ষক 

যুৱ লেখক সকলৰ এখন সন্মিলন আয়োজন কৰা হৈছিল য'ত ৰাজ্যৰ যুৱ লেখক- লেখিকা সকলক আমন্ত্ৰণ কৰা হৈছিল  । এইধৰণৰ অনুষ্ঠানে যুৱচামক উৎসাহ যোগোৱাৰ লগতে তেওঁলোকক আৰু অধিক আগুৱাই যাবলৈ মনোবল প্ৰদান কৰে । লগতে গ্ৰন্থমেলাৰ বাকৰিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । বিভিন্ন লেখক, গায়ক তথা শিল্পী- সাহিত্যিকৰ সাক্ষাৎকাৰৰ অনুষ্ঠানৰ মাধ্যমেদি তেওঁলোকৰ মনৰ কথা জনাৰ লগতে জীৱন কাহিনী জানি উপকৃত হব পাৰি । এই ধৰণৰ অনুষ্ঠান সমূহে মনবোৰো সজীৱ আৰু জীপাল কৰি তোলে । লগতে গ্ৰন্থমেলাৰ বাকৰিত ছাত্ৰ- ছাত্ৰী সকলৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় যিবোৰে তেওঁলোকৰ বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰে । 


সামৰণি: বৰ্তমান যুগত গ্ৰন্থৰ সমাদৰ বঢ়াৰ লগে লগে গ্ৰন্থমেলাৰ আয়োজন ও ব্যাপক হাৰত বৃদ্ধি হোৱা দেখা গৈছে । সৰু সৰু অঞ্চলসমূহত বিদ্যালয় প্ৰশাসন বা কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে নিজাববীয়াকৈ আৰু স্বেচ্ছাই গ্ৰন্থমেলাৰ আয়োজন কৰাও আমি দেখিবলৈ পাওঁ । যিটো নিঃসন্দেহে আমাৰ সমাজৰ বাবে সুখবৰ । কিতাপ পঢ়াৰ আন্দোলন বিভিন্ন ঠাইত গঢ়ি উঠিছে আৰু ইও গ্ৰন্থৰ সমাদৰ বৃদ্ধি কৰাত অৰিহণা যোগাইছে । কিন্তু গ্ৰন্থমেলা সমূহ কেৱল বাণিজ্যিক ভিত্তিত আয়োজন নকৰি অথবা গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত সংখ্যাগত দিশটোতে গুৰুত্ব প্ৰদান নকৰি গুণগত দিশটোত ও সমানে গুৰুত্ব প্ৰদান কৰিব পাৰিলেহে এখন সুস্থ বৌদ্ধিক সমাজ গঢ়ি তোলাত আমি সফল হ'ব পাৰিম । সমান্তৰাল ভাৱে মৃতপ্ৰায়  হোৱা গ্ৰন্থ উদ্যোগটোক পুনৰোজ্জীৱিত কৰাৰ ক্ষেত্ৰতো আমি এতিয়াও বহুদুৰ উধাব বাকী , তাক সাফল্যমণ্ডিত কৰিব পাৰিলেহে আমি গ্ৰন্থ প্ৰণেতা তথা বিক্রেতা সকলৰ লগতো ন্যায় প্ৰদান কৰা হব ।


Chinku Moni Adhikari 

(M.A in Assamese)