মোৰ প্রিয় গ্ৰন্থ 


পাতনি: গ্ৰন্থ হৈছে জাতি এটাৰ সভ্যতাৰ পৰিচায়ক ।গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি নিজকে জ্ঞান অন্নেষণৰ প্ৰতি ধাৱমান কৰি তুলিব  পাৰোঁ । গ্ৰন্থৰ সমান বন্ধু নাই বুলিও কোৱা হয় । এখন গ্ৰন্থই মানুহক অনাবিল আনন্দ প্ৰদান কৰিব পাৰে । সকলো দুখ , কষ্ট পাহৰাই ৰাখি গ্ৰন্থ অধ্যয়নে মানুহক সকাহ প্ৰদান কৰিব পাৰে । সেইবাবে যিমান পাৰো আমি গ্ৰন্থ অধ্যয়নক নিয়মীয়া অভ্যাস ৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে ।

অসমীয়া সাহিত্যৰ  দুই চাৰিখন উপন্যাস , গল্প সংকলন আৰু জীৱনী গ্ৰন্থ আদি মই পঢ়িছোঁ । তাৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত ' মিৰি জীয়ৰী ' নামৰ উপন্যাসখনে মোক বাৰুকৈয়ে আপ্লুত কৰিছে । এই উপন্যাসখনে মোৰ কোমল মনত ইমানেই বেছি সাঁচ বহুৱাবলৈ সক্ষম হৈছে যে মই এই উপন্যাসখন এতিয়ালৈ কেইবাবাৰো পঢ়িছো । সেইবাবে মোৰ প্রিয় গ্ৰন্থ হিচাপে মিৰি জীয়ৰীৰ কথাকেই লিখিবলৈ লৈছোঁ । 


ৰজনীকান্ত বৰদলৈ: অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম ।তেখেত উপন্যাস সম্ৰাট নামেৰে জনাজাত । মানৰ দিনৰ আলমত তেওঁ ভালেকেইখন উপন্যাস ৰচনা কৰিছে । তাৰ ভিতৰত মনোমতী, ৰহদৈ, লিগিৰী , দন্দুৱা দ্ৰোহ , নিৰ্মল ভকত , ৰংগিলী আদি উল্লেখযোগ্য ।


মিৰি জীয়ৰী : মিৰি জীয়ৰী এখন সামাজিক উপন্যাস । চৰকাৰী চাকৰিত থাকোতে বৰদলৈয়ে মিৰি সমাজ খনৰ বিষয়ে জনাৰ সুবিধা পাইছিল । তাৰেই পটভূমিত তেওঁ এই উপন্যাস খন ৰচনা কৰিছিল । 

  ''মিৰি জীয়ৰী''ত  এহাল মিৰি ডেকা- গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে । ডেকাজনৰ নাম জঙ্কি আৰু গাভৰুজনীৰ নাম পানেই  । সোৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ । সৰুতে টঙি ৰখি থাকোতেই দুয়োৰে মাজত চিনাকি হৈছিল । এনেকৈ দুয়ো শৈশৱত ৰং- ধেমালিৰ লগৰী হৈ পৰিছিল । কালক্ৰমত দুয়ো ডাঙৰ হ'ল , ল'ৰালিৰ লগৰী  যৌৱনত ভালপোৱাৰ পাত্ৰ পাত্ৰী হৈ পৰিল । বিহুৱে- পাৰ্বনে নাচি সিহঁত আপোন পাহৰা হ'ল । পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল । মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল'ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰে । মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ'ল ।ইপিনে জঙ্কি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে । টকা পইচা যোগাৰ কৰিবলৈ জঙ্কি ঘূনাসুঁতি গাওঁৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল'লে । কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ'ল , পানেয়ে সুযোগ বুজি জঙ্কিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ । ঘূণাসূতি গাওঁৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জঙ্কিক ভাল পাইছিল । পিছে জঙ্কিৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল'লে । জঙ্কি পানেই ধৰা পৰিল , কাছাৰীত দুয়োটাৰে বিচাৰ হ'ল ,মাক বাপেকে পানেইক লৈ আহিল । কিছুদিনৰ পিছত পানেই আকৌ পলাল । সেই খবৰ পাই জঙ্কিয়ে পানেইৰ মাক বাপেকক লগ ধৰি ক'লে যে এইবাৰ পানেই অকলেহে গৈছে,  এনেকৈ তাই আত্মঘাতী হ'ব ।  এইবাৰ মাক বাপেকে তাইক জঙ্কিলৈ বিয়া দিবলৈ সৈমান হ'ল । জঙ্কিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয় । ইপিনে পানেইকো বন্দী কৰি এদিন সিহঁতে তালৈকে আনে । বন্দী অৱস্থাতে দুয়োৰে দেখা দেখি হ'ল । এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতেই পুনৰ ধৰা পৰিল । বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ'ল । বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে । শাল মাৰি দুয়োটা দেহ বান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে , নিষ্প্ৰাণ দেহ দুটা এটা সময়ত আহি  সোৱণশিৰিৰ ঘাটত লাগিলহি । জঙ্কি পানেইৰ ভালপোৱাৰ প্ৰতি পানেইৰ মাক বাপেকে সঁহাৰি নিদিলে । আনকি সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে । ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগাত পৰিল । ইয়াৰ বাবে জঙ্কি আৰু পানেইৰ কোনো দোষ নাছিল । দোষ আমাৰ সমাজখনৰ , সমাজ ব্যৱস্থাৰ । 


চৰিত্ৰ: উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জঙ্কি আৰু পানেই । মিৰি সমাজৰ সাধাৰণ ডেকা গাভৰু হোজা আৰু সৰল । পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ । মাক নিৰমা সৰল মাতৃ কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে ।কুমুদ ধনী গামৰ ল'ৰা , জোৰেৰে সকলো পাবলৈ বিচাৰে । ডালিমী চৰিত্ৰ ত্যাগৰ আদৰ্শৰে মহীয়ান। জঙ্কিক ভালপোৱাৰ বাবেই তাই স্বাৰ্থ ত্যাগ কৰি জঙ্কি - পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে । বাৰেগাম নিষ্ঠুৰ । 


 উপন্যাসখনৰ পটভূমিত আমি সোৱণশিৰীৰ পাৰৰ মিৰিগাঁৱৰ উপৰি ঘূণাসুঁতি গাঁৱৰ মিৰি সমাজখন পাওঁ । পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে । লগতে নগৰৰ সামান্য পটভূমিৰূপে লক্ষীমপুৰ নগৰৰ কথাও আছে । '' মিৰি জীয়ৰী '' কেৱল এহাল ডেকা গাভৰুৰ প্ৰেম কাহিনীয়েই নহয় ।মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায় । তদুপৰি লেখকে জঙ্কি পানেইৰ কাহিনীৰ যোগেদি মিৰি সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিছে । তেওঁ মিৰি - সমাজত এনে দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে । কাহিনী , চৰিত্ৰ , পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ '' মিৰি জীয়ৰী'' এখন সুখপাঠ্য সামাজিক উপন্যাস ।

Chinku Moni Adhikarai 

(M.A in Assamese)