বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ

 THE COLD WAR ERA IN WORLD POLITICS




* তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা।

১। শীতল যুদ্ধ সম্বদ্ধে উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ?

(ক) শীতল যুদ্ধ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন তথা ইহঁতৰ মিত্ৰজোঁটৰ মাজত হোৱা প্ৰতিযোগিতা।

(খ) শীতল যুদ্ধ হ'ল বৃহৎ শক্তিশালী ৰাষ্ট্ৰ মাজত হোৱা আদৰ্শগত যুঁজ।

(গ) শীতল যুদ্ধৰ অস্ত্ৰ প্ৰতিযোগিতাৰ দৌৰ বন্ধ কৰে।

(ঘ) শীতল যুদ্ধই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু ছোভিয়েট ইউনিয়নক প্ৰত্যক্ষ যুদ্ধত লিপ্ত হোৱা বূজায়।

Ans: (গ) শীতল যুদ্ধৰ অস্ত্ৰ প্ৰতিযোগিতাৰ দৌৰ বন্ধ কৰে।


2. তলত উল্লেখ কৰা কোনটো উক্তি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য উদ্দেশ্য প্ৰতিফলিত নকৰে?

(ক) ঔপনিবেশিকতাৰ কৰা মুক্তি লাভ কৰা ৰাষ্ট্ৰসমূহক স্বাধীন নীতি অনুসৰণ কৰিবলৈ সমৰ্থন কৰে।

(খ) কোনাে সামৰিক মিত্রজোটত যােগদান নকৰিব । 

(গ) গােলকীয় বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰিব।

 (ঘ) গােলকীয় অর্থনৈতিক অসমতাবােৰৰ প্রতি দৃষ্টি আকর্ষণ কৰি নিঃশেষ কৰা।

Ans: (গ) গােলকীয় বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰিব।


 ৩। তলৰ উক্তিবােৰৰ বিপৰীতে শুদ্ধ বা অশুদ্ধ লিখা?

 (ক) মিত্রজোটৰ সদস্যভুক্ত ৰাষ্ট্ৰবােৰে নিজৰ ৰাষ্ট্রৰ মাটিত বৃহৎ শক্তিৰ ৰাষ্ট্ৰবােৰৰ সামৰিক ঘাটি স্থাপন কৰাৰ সুবিধা কৰি দিব লাগিব।

Ans: শুদ্ধ।


 ৪। তলত উল্লেখ কৰা ৰাষ্ট্রসমূহে শীতল যুদ্ধৰ সময়ত কোনটো শিবিৰত যােগদান কৰিছিল? ৰাষ্ট্ৰসমূহৰ বিপৰীত শিবিৰটোৰ নাম লিখাঃ

 (ক) পােলেণ্ড

 (খ) জাপান 

(গ) উত্তৰ কোৰিয়া 

(ঘ) ফ্রান্স

 (ঙ) নাইজেৰিয়া

 (চ) শ্রীলংকা

Ans: ছোভিয়েট ইউনিয়ন: (ক) পোলেণ্ড, (গ) উত্তৰ কোৰিয়া

মাৰ্কিন যুক্তৰাষ্ট্ৰ:- (খ) জাপান   (ঘ)ফ্ৰান্স, 

গোষ্ঠীনিৰপেক্ষ আন্দোলন: (ঙ) নাইজেৰিয়া, (চ)শ্ৰীলংকা 


৫। শীতল যুদ্ধই অস্ত্ৰ সম্প্রসাৰণ ( দৌৰ ) আৰু অস্ত্র নিয়ন্ত্রণ দুয়ােটাই কৰে। এই দুয়ােটা কাৰ্য কৰাৰ কাৰণ কি? লিখা। 

Ans:  শীতল যুদ্ধ বুলিলে আমাৰ মনলৈ  দুই মহা শক্তিৰ কথাই  ভাহি আহে ।সেই সময়ত সমগ্ৰ বিশ্ব দুটা গোষ্ঠীত বিভক্ত হৈ  পৰিছিল পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ।দুই গোষ্ঠীয়ে  যথেষ্ট হাৰত  অস্ত্ৰ-শস্ত্ৰৰ উৎপাদন কৰিছিল  আৰু মজুত ৰাখিছিল। ইয়াৰ ওপৰি দুয়ো শক্তি  গোষ্ঠীৰ হাততে মহা শক্তিশালী পাৰমাণৱিক অস্ত্ৰয়ো মজুত আছিল।ইয়াৰ মূল উদ্দেশ্য হ'ল দুই মহা শক্তিয়ে নিজৰ নিজৰ শক্তি বিপৰীত গোষ্ঠীৰ আগত প্ৰদৰ্শন কৰা যাতে ইটোৱে সিটো গোষ্ঠীৰ প্ৰতি সদায় ভয়বিত হৈ থাকে ।  কিন্ত সেয়ে দুয়োটা গোষ্ঠীৰ মাজত পোনপতীয়াকৈ যুদ্ধৰ সূত্ৰপাতো ঘটা নাছিল। তাৰোপৰি ই দুই শক্তিৰ শক্তি নিয়ন্ত্ৰণ কৰি ৰখাটো সহায় কৰিছিল।মাত্ৰ দুই শক্তিৰ শক্তি প্ৰদৰ্শন কৰা হৈছিল বিশ্বত নিজৰ আধিপত্য বজাই ৰাখিবলৈ।  তেনে যুদ্ধৰ সম্ভাৱনীয় পৰিৱেশত আৰু পাৰমাণৱিক অস্ত্ৰৰ মজুতৰ বাবে গোটেই বিশ্বই এক যুদ্ধৰ আশংকাত ভুগিছিল।


৬। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে কিয় সামৰিক জোঁটবন্ধন কৰিছিল? তিনিটা কাৰণ দৰ্শোৱা।

Ans: শীতল যুদ্ধৰ সময়ত দুই বৃহৎ শক্তিয়ে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ লগত মৈত্ৰী জোঁটবন্ধন কৰিছিল ইয়াৰ অন্তৰালৰ তিনিটা মূল কাৰণ হ’ল-

(ক) সেই ক্ষুদ্ৰ দেশসমূহৰ ভিন্ন প্ৰাকৃতিক সম্পদ যেনে-তেল, তীখা, খনিজ সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা;

(খ) সামৰিক অভিযান চলাবৰ বাবে সেই দেশসমূহৰ ভূ-খণ্ড ব্যৱহাৰ কৰা;

(গ) সেই দেশসমূহক চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা আদি।


 ৭। শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণ কৰা যুদ্ধ, আদৰ্শৰ লগত ইয়াৰ সম্পর্ক নাই তুমি ইয়াৰ লগত একমতনে ? তােমাৰ সমর্থনত এটা যুক্তি দিয়া।

Ans: বহু  সময়ত এইটো কোৱা হয় যে শীতল যুদ্ধ সাধাৰণভাৱে শক্তি আহৰণৰ যুদ্ধ, আদৰ্শই ইয়াত কৰিব লগা একো নাই। এই ক্ষেত্ৰত  মই একমত প্ৰকাশ কৰো। কাৰণ ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহে বহু ক্ষেত্ৰত মহা শক্তিসমূহৰ সৈতে সিহঁতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ মিত্ৰজোঁটত সংযোক্ত হোৱা নাছিল । মাত্ৰ বিশ্বত নিজৰ অস্তিত্ব, স্থান, স্বনিৰাপত্তা আৰু শক্তি আহৰণ বৰ্তাই ৰাখিবলৈ সংযোক্ত হৈছিল।


 8. শীতল যুদ্ধৰ যুগত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্রতি ভাৰতৰ বৈদেশিক নীতি কেনে আছিল ? এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিলনে? 

Ans: শীতল যুদ্ধৰ যুগত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি আছিল নিৰপেক্ষ । অৰ্থাৎ ই কোনো এটা শক্তি গোষ্ঠীৰ সমৰ্থনত নাছিল আৰু সংযোক্ত হোৱা নাছিল । কিন্ত ভাৰতে দুই মহা শক্তিৰে লগত শত্ৰুতাও নাৰাখি সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। ভাৰতে শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মতাদৰ্শৰ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ন্যায় আৰু শান্তিৰ ওপৰত প্ৰতিষ্ঠিত এক আন্তৰ্জাতিক ব্যৱস্হা গঢ়ি তোলাৰ হকে চেষ্টা চলাইছিল আৰু সেয়ে কোনো এটা শক্তি গোষ্ঠীৰ লগতে চামিল নহৈ পক্ষপাতীত্ব কৰা নাছিল।

           এই নীতিয়ে ভাৰতৰ জাতীয় স্বাৰ্থ ৰক্ষাত আৰু প্ৰসাৰত যথেষ্ট সহায় কৰিছিল। যেনে-

(ক) কোনো মহাশক্তিৰ অধীনস্হ নোহোৱাকৈ স্বতন্ত্ৰভাৱে দেশীয় আৰু আন্তৰ্জাতিক নীতি নিৰ্ধাৰণ কৰিছিল আৰু দুয়ো শিবিৰৰ পৰা সাহায্য আৰু সমৰ্থন লাভৰ পথ খোলা ৰাখিছিল;

(খ) নিজৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ দুই মহাশক্তিৰ মাজত ভাৰাসাম্য ৰক্ষা কৰিব পাৰিছিল। কোনা পক্ষৰ পৰা অৱহেলা আৰু হেঁচাৰ সৃষ্টি হ'লে আন পক্ষৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি এনে অৱহেলা বা হেঁচাৰ অন্ত পেলাইছিল আদি।


৯। গােষ্ঠী নিৰপেক্ষ আন্দোলন এতিয়া অপ্রাসংগিক বুলি ভাবানে? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। 

Ans: গোষ্ঠীনিৰপেক্ষ আন্দোলনক মই এতিয়াও অ-প্ৰাসংগিক বুলি নাভাবো, ইয়াৰ প্ৰাসংগিকতা এতিয়াও আছে। ২০১০ বষৰ্তো এই আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ  ঞ্চসংখ্যা ১১৮ আৰু ই ইয়াকেই প্ৰতিপন্ন কৰে। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ যে এতিয়াও প্ৰাসংগিকতা আছে তাৰ অন্তৰালৰ যুক্তিসমূহ হ'ল-

(ক) বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে এক শক্তি হিচাপে কাম কৰি আহিছে;

(খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্হা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। উদাহৰণস্বৰূপে বৰ্তমান সময়ত আন্তৰ্জাতিক অৰ্থব্যৱস্থাত নিৰ্ণায়ক ভূমিকা পালন কৰা আন্তৰ্জাতিক মুদ্ৰানিধি বা বিশ্ববেংক গণতান্ত্ৰিকভাৱে গঠিত প্ৰতিষ্ঠান নহয়। এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে;

(গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। দাৰিদ্ৰ্যতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতি ইত্যাদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহ পীড়িত হৈ আহিছে । এনে সমস্যা সমাধানৰ বাবেও তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতাআছে।এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে ।

         এনে সমূহ কাৰণৰ বাবে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে বুলি মই অনুভৱ কৰো ।


১০। গােষ্ঠী নিৰপেক্ষ ‘তৃতীয় বিশ্ব দেশবােৰৰ বাবে ‘তৃতীয় বৈকল্পিক' বুলি বিবেচনা কৰা হয়। শীতল যুদ্ধ শীর্ষ স্থানত অৱস্থান কৰাৰ সময়ত এই বিকল্প ব্যৱস্থাটোৱে তৃতীয় বিশ্বৰ দেশবােৰৰ উন্নয়ন কেনেদৰে সহায় কৰিছিল। 


১১। তুমি ভাবানে শীতল যুদ্ধৰ পাছত গােষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি? যুক্তিযুক্ত আলােচনা কৰা । 


 ১২। কিউবাৰ আণৱিক সংকটৰ ওপৰত টোকা লিখা । ইয়াৰ তাৎপর্য কি? 


 ১৩। শীতল যুদ্ধৰ যুগত গােষ্ঠী নিৰপেক্ষ আন্দোলন ( NAM ) ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলােচনা কৰা।


১৪। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলােচনা কৰা।


 * চমু উত্তৰৰ প্রশ্নঃ 

১। শীতল যুদ্ধ কাক বােলে?

Ans: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সৃষ্টি হোৱা দুই শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত তেওঁলোকৰ নিজ নিজ আদর্শ আৰু নিজৰ দেশখনক শ্রেষ্ঠ বা শক্তিশালী কৰাৰ বাবে যি প্রচেষ্টা চলিছিল আৰু য'ত অস্ত্র-শস্ত্র অবিহনে এক যুদ্ধৰ পৰিৱেশ বিৰাজ কৰে তাকে শীতল যুদ্ধ বোলে।


২। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

Ans:দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন আৰু বিশ্বৰ উন্নয়নশীল আৰু নতুনকৈ স্বাধীন ৰাষ্ট্ৰ এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকাৰ পৰা আঁতৰত সৃষ্টি হোৱা শক্তিশালী শিবিৰ দুটাই স্বাধীন ৰাজনৈতিক, অৰ্থনৈতিক আৰু বৈদেশিক নীতি নিৰ্ধাৰণৰ বাবে এক সামূহিক মঞ্চ গঠন কৰিছিল তাকে গোষ্ঠী নিৰপেক্ষ  আন্দোলন বোলে।


৩। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু ৰাষ্ট্রৰ মিত্ৰতাৰ কিয় প্রয়ােজন? দুটা কাৰণ উল্লেখ কৰা। 

Ans: বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু ৰাষ্ট্ৰৰ মিত্ৰতাৰ প্ৰয়োজন। ইয়াৰ দুটা কাৰণ হ'ল:

১) সৰু সৰু ৰাষ্ট্ৰসমূহত থকা খনিজ পদাৰ্থ, তেল আৰু অন্যান্য প্ৰাকৃতিক সম্পদ আদিৰ বাবে।

২) সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰবোৰৰ সেনাবাহিনী নিয়োগ, ক্ষেপণাস্ত্ৰ আদি শত্ৰু দেশলৈ নিয়োগত সুবিধা হয় বাবে।03


৪। শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্তৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।

Ans: শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্তৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম হল: 

(1) নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি।

(2) পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি।


৫। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্র শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?

Ans: দ্বিতীয় বিশ্বৰ সময়ত গঠিত হোৱা মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন, ছোভিয়েট ইউনিয়ন, আৰু ফ্ৰান্সক বুজা যায়।

আনহাতে অক্ষীয় শক্তি বুলিলে ইটালী, জাৰ্মানী, আৰু জাপানক বুজায়।


 অতি চমু উত্তৰৰ প্রশ্নঃ

 ১। পশ্চিমীয়া মিত্র গােষ্ঠীয়ে গঠন কৰা সংগঠনটোৰ নাম কি?

Ans: পশ্চিমীয়া মিত্ৰ গোষ্টীয়ে গঠন কৰা  সংগঠনটোৰ নাম হ'ল: NATO।


 ২। পূব মিত্র গােষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম কি? 

Ans: পূব মিত্র গােষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম হ'ল:- ৱাৰশ্ব চুক্তি (Warsaw Pact).


 ৩। শীতল যুদ্ধত বৃহৎ গােষ্ঠী দুটাৰ উপৰি গঠিত হােৱা তৃতীয় গােষ্ঠীটোৰ নাম কি? 

Ans:  শীতল যুদ্ধত বৃহৎ গােষ্ঠী দুটাৰ উপৰি গঠিত হােৱা তৃতীয় গােষ্ঠীটোৰ নাম গ'ল: গোষ্ঠীনিৰপেক্ষ আন্দোলন বা গোট।


 ৪। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য হােতা এজনৰ নাম উল্লেখ কৰা।

Ans: গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য হোতা এজনৰ নাম হ'ল: যচিব ব্ৰুচ টিটু।


৫। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথম শীৰ্ষ সন্মিলনখন কোন চনত অনুষ্ঠিত হৈছিল?

Ans: গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথম শীৰ্ষ সন্মিলনখন ১৯৬১ চনত অনুষ্ঠিত হৈছিল?


৬। NATO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

Ans: NATO ৰ সম্পূৰ্ণ ৰূপটো হ'ল: North At-lantic Treaty Organisation.


৭। কিউবা ক্ষেপণাস্ত্র সংকট কোন চনত হৈছিল?


 • অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১ । শীতল যুদ্ধ বুলিলে কি বুজায়? 

Ans: শীতল যুদ্ধ বুলিলে অস্ত্র-শস্ত্র প্ৰয়োগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্রত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে শীতল যুদ্ধ বুজায়।


২ । শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

Ans: শীতল যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ ১৯৪৫ চনত আৰম্ভ হৈছিল।


৩। NATO ৰ সম্পূর্ণ নামটো লিখা।

Ans: NATO ৰ সম্পূৰ্ণ ৰূপটো হ'ল: North At-lantic Treaty Organisation.


৪। ৱাৰশ্ব চুক্তি কি? 

Ans:  ৱাৰশ্ব চুক্তি হ'ল ১৯৫৫ চনত ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পোলেণ্ড, পূৰ্ব জাৰ্মানী, হাঙ্গেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি ৮ খন ৰাষ্টই লগ হৈ NATO ক প্ৰত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক  চুক্তি।


৫। শীতল যুদ্ধৰ যুগৰ সময়সীমা উল্লেখ কৰা।

৬। বাক্যটো শুদ্ধ কৰাঃ মার্কিন যুক্তৰাষ্ট্র সমাজবাদী আদৰ্শৰ প্রতি দায়বদ্ধ আছিল। 

৭। খালী ঠাই পূৰ কৰা 

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল                   ৰ আৰম্ভণি।

Ans:  দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল শীতলযুদ্ধ ৰ আৰম্ভণি।


 ৮। শীতল যুদ্ধৰ কালছােৱা উল্লেখ কৰা। 

Ans: শীতল যুদ্ধৰ কালছোৱা হ’ল- ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈকে ।


৯। হয়নে নহয় লিখা  ঃ

 শীতল যুদ্ধ আছিল মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়ন আৰু তেওঁলােকৰ মিত্র বাহিনীৰ মাজত এক প্রতিযােগিতা ।

Ans: হয়।


 ১০। NIEO ৰ সম্পূর্ণ নামটো কি?

Ans: NIEO ৰ সম্পূৰ্ণ নামটো হ'ল: New International Economics Order.


 ১১। CENTO বুলিলে কি বুজা?

Ans:  CENTO বুলিলে এছিয়াৰ এক চুক্তি সংগঠনক বোজো। ইয়াৰ সম্পূর্ণ নামটো হ’ল- Central Treaty Organisation .


 ১২। ৰােধকৰণ বুলিলে কি বুজা? 

Ans: ৰোধকৰণ বুলিলে কোনো কামক প্ৰতিহত কৰা বা ডিমোটিভ কৰাৰ অৰ্থক বুজায়।


১৩। LOCS কি? 

Ans: LOCS হৈছে নিয়ন্ত্ৰণ ৰেখা যিয়ে ভাৰত আৰু পাকিস্তান নিয়ন্ত্ৰিত জম্মু-কাশ্মীৰ ৰাজ্যৰ কিছু অংশৰ মাজত সামৰিক নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত বোজা জাপি দিয়ে। এই ৰেখাডাল আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত আৰু ই আন্তঃৰাষ্ট্ৰীয় সীমা বা সীমান্ত নিৰ্ধাৰণ কৰে।


১৪। NAM ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

Ans: NAM ৰ সম্পূর্ণ ৰূপটো হ’ল- Non-Aligned Movement .


১৫। কিউবাৰ সংকট কি আছিল ?

Ans: কিউবাৰ সংকট আছিল এক ৰাজনৈতিক সংকট যাৰ ফলত আমেৰিকাই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াত বাধা সৃষ্টি কৰিছিল।


১৭। দুটা মহাশক্তিৰ নাম লিখা।

Ans: দুটা মহাশক্তিৰ নাম হ’ল- পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র আৰু সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া।


 ১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে?

Ans:  NAM ৰ উদ্দেশ্য পৃথকীকৰণ নহয়।


 ১৯। কোন বছৰত মার্কিন যুক্তৰাষ্টই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰােশিমাত দুটা আণৱিক বােমা নিক্ষেপ কৰিছিল? 

Ans: ১৯৪৫ চনত মার্কিন যুক্তৰাষ্ট্রই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ।


২০। LDCS কি?

Ans: LDC হ'ল:-  Least Developed Countries .


 • চমু উত্তৰৰ আৰ্হি প্রশ্নঃ 

১। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণবিক বােমা পেলােৱা ঠাই দুখনৰ নাম লিখা।

Ans: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৰমাৱিক বোমা পেলোৱা ঠাই দুখনৰ নাম হ'ল: হিৰোচিমা আৰু নাগাচাকি।

২। NATO ৰাষ্ট্ৰসমূহৰ ঘােষণা - পত্র কি? 

Ans: NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা পত্ৰ আছিল যে যদি আন কোনো জাতি বা জাতিৰ গোটে NATO ৰ সদস্য ৰাষ্ট্ৰসমূহক আক্ৰমণ কৰে তেন্তে তেওঁলোকে ব্যক্তিগতভাৱে বা একেলগে পাৰস্পৰিক সুৰক্ষা আগবঢ়াব বা ৰক্ষা কৰিব।


৩।  NIEO মাথোঁ এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয়? ৰােধকৰণ যুক্তি বুলিলে কি বুজা?

Ans: NIEO এক বাস্তৱ শৃংখল আছিল।


৪। শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা। 

Ans: শীতল যুদ্ধৰ আৰম্ভণি ৰ মূল কাৰণটো হ'ল: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ৰাছিয়া পৰম্পৰ প্রতিদ্বন্দী ৰাষ্ট্ৰ হিচাপে উদয় হােৱা।


৫। NATO শীর্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?

Ans: NATO শীৰ্ষ সন্মিলন ১৯৪৯ চনত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পশ্চিমীয়া শক্তিগোষ্টীয়ে অনুষ্ঠিত কৰিছিল।


 চমু উত্তৰৰ আৰ্হি প্রশ্ন  ঃ 

১) শীতল যুদ্ধৰ সময়ত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা সম্পর্কে আলােচনা কৰা।

Ans:   দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত সমগ্ৰ বিশ্ব দুই মহাশক্তিত বিভক্ত হৈ পৰে। পুঁজিবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ । দুই শক্তিৰ মাজত সন্দেহ ,সংঘাত আৰু শক্তি প্ৰৰ্দশনৰ প্ৰতিযোগিতা খন চলি থাকে। ১৯৮০ ৰ দশকৰ শেষৰফালে সমাজবাদী শিবিৰ দুবৰ্ল হৈ আহিল আৰু ১৯৯১ চনত ছোভিয়েট সংঘ ভাগি পৰিল । ছোভিয়েট সংঘ ভাগি যোৱাৰ পাছত গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰসমূহেও ক্ৰমে পুঁজিবাদৰ ফালে গতি কৰিলে ।এনে পৰিস্হিতত চাৰে চাৰিটা দশক ধৰি চলি অহা শীতল যুদ্ধৰো অৱসান ঘটিল । কিন্ত শীতল যুদ্ধৰ অৱসানৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আন্তৰ্জাতিক ৰাজনীতিত প্ৰাসংগিকতা আৰু ভূমিকা হ্ৰাস পোৱা নাই ।শীতল যুদ্ধৰ পিছত এই আন্দোলনৰ প্ৰাসংগিকতা আৰু ভূমিকা তলত আলোচনা কৰা হ'ল-

(ক) বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে । এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন  নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে  । গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনেছোভিয়েট এক সা মূহিক প্ৰতিৰোধ শক্তি হিচাপে ভূমিকা পালন কৰি আহিছে ;

(খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। উদাহৰণস্বৰূপে- বৰ্তমান সময়ত আন্তৰ্জাতিক অৰ্থব্যৱস্হত নিৰ্ণায়ক ভূমিকা পালন কৰা আন্তৰ্জাতিক  মুদ্ৰানিধি বা বিশ্ববেংক গণতান্ত্ৰিকভাৱে গঠিত প্ৰতিষ্ঠান নহয় । এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো  তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে ।

(গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰি দিয়া নাই । দৰিদ্ৰতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতি ইত্যাদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহক মাজৰ সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে ।এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে।

 এনেদৰে শীতল যুদ্ধৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে ভূমিকা পালন কৰিছিল আৰু কৰি আহিছে ।


২।  NATO ৰ সদস্য ৰাষ্ট্ৰবােৰ কোন আছিল উল্লেখ কৰা।

Ans: NATO ৰ সদস্য ৰাষ্ট্ৰবোৰ হ'ল: বেলজিয়াম, ইটালী, ফ্ৰান্স, কানাডা, নৰৱে, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি।


৩। শীতল যুদ্ধৰ যিকোনাে চাৰিটা কাৰণ উল্লেখ কৰা।

Ans: শীতল যুদ্ধৰ যিকোনো চাৰিটা কাৰণ হ'ল: 

১) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই অৱলম্ৱন কৰা এটম বোমাৰ গোপনীয়তা।

২) আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) আৰু ছোভিয়েট ইউনিয়নৰ (USSR) মাজত থকা সন্দেহ আৰু অবিশ্বাস।

৩) আমেৰিকাই ৰাছিয়াক আগবঢ়াই থকা ঋণ হঠাৎ বন্ধ কৰি দিয়া।

৪) USA আৰু USSRৰ মাজত থকা আদৰ্শগত প্ৰভেদ আৰু শ্ৰষ্ঠ হোৱাৰ মানসিকতা।


দীঘলীয়া উত্তৰৰ আৰ্হি প্রশ্ন  ঃ ( ৬ নম্বৰৰ ) 

১। গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলােচনা কৰা।

Ans: শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে বিৰোধী মহাশক্তি দুখনৰ পৰা আঁতৰি থাকি ভাল পাইছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভাৰতে সক্ৰিয় নীতি গ্ৰহণ কৰি সকলো আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতে কোনো ধৰণৰ সামৰিক চুক্তিত যোগদানৰ পৰা নিজকে সংযত কৰি ৰাখিছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আয়োজক হিচাপে তৃতীয় বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ মাজত ভাৰতে নিজৰ আচৰণৰ জৰিয়তে শক্তি ৰাহি কৰিবলৈ সক্ষম হৈছিল। এইদৰে ভাৰতে শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।


২। শীতল যুদ্ধৰ পাছৰ সময়ছােৱাত গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলােচনা কৰা। 

Ans: দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত সমগ্ৰ বিশ্ব দুই মহাশক্তিত বিভক্ত হৈ পৰে। পুঁজিবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু সমাজবাদী ছোভিয়েট সংঘ । দুই শক্তিৰ মাজত সন্দেহ ,সংঘাত আৰু শক্তি প্ৰৰ্দশনৰ প্ৰতিযোগিতা খন চলি থাকে। ১৯৮০ ৰ দশকৰ শেষৰফালে সমাজবাদী শিবিৰ দুবৰ্ল হৈ আহিল আৰু ১৯৯১ চনত ছোভিয়েট সংঘ ভাগি পৰিল । ছোভিয়েট সংঘ ভাগি যোৱাৰ পাছত গঢ়ি উঠা স্বাধীন ৰাষ্ট্ৰসমূহেও ক্ৰমে পুঁজিবাদৰ ফালে গতি কৰিলে ।এনে পৰিস্হিতত চাৰে চাৰিটা দশক ধৰি চলি অহা শীতল যুদ্ধৰো অৱসান ঘটিল । কিন্ত শীতল যুদ্ধৰ অৱসানৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আন্তৰ্জাতিক ৰাজনীতিত প্ৰাসংগিকতা আৰু ভূমিকা হ্ৰাস পোৱা নাই ।শীতল যুদ্ধৰ পিছত এই আন্দোলনৰ প্ৰাসংগিকতা আৰু ভূমিকা তলত আলোচনা কৰা হ'ল-

(ক) বিশ্বত এতিয়াও এক মহাশক্তি বৰ্তি আছে । এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীন অস্তিত্ব বিপদাপন্ন  নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্ৰয়োজন আছে  । গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনেছোভিয়েট এক সা মূহিক প্ৰতিৰোধ শক্তি হিচাপে ভূমিকা পালন কৰি আহিছে ;

(খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তৰ্জাতিক ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। উদাহৰণস্বৰূপে- বৰ্তমান সময়ত আন্তৰ্জাতিক অৰ্থব্যৱস্হত নিৰ্ণায়ক ভূমিকা পালন কৰা আন্তৰ্জাতিক  মুদ্ৰানিধি বা বিশ্ববেংক গণতান্ত্ৰিকভাৱে গঠিত প্ৰতিষ্ঠান নহয় । এনে অ-গণতান্ত্ৰিকতাৰ বিৰুদ্ধে যুঁজ কৰিবলৈকো  তৃতীয় বিশ্বৰ দেশসমূহক এক সামূহিক মঞ্চ লাগে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে ।

(গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰি দিয়া নাই । দৰিদ্ৰতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতি ইত্যাদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহক মাজৰ সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে ।এনে প্ৰাসংগিকতাই গোষ্ঠীনিৰপেক্ষ আন্দোলনকো প্ৰাসংগিক কৰি ৰাখিছে।

 এনেদৰে শীতল যুদ্ধৰ পিছতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে ভূমিকা পালন কৰিছিল আৰু কৰি আহিছে ।




Type: Nayan Jyoti Bordoloi