Chapter:7

নীতিবিদ্যা 

(Ethics)

অনুশীলনী


১। উত্তৰ দিয়াঃ

(ক) নীতিবিদ্যা কাক কয়?

উত্তৰঃ- যি বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য়ৰ বিচাৰ কৰে তাকে নীতিবিদ্য়া বা নীতিশাস্ত্ৰ বুলি কোৱা হয়। 

(খ) ঐচ্ছিক ক্ৰিয়া কাক বোলে?

উত্তৰঃ- যিবোৰ ক্ৰিয়া-কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য় সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বোলে। 

(গ) অভ্যাসজনিত ক্ৰিয়া কাক বোলে?

উত্তৰঃ- যেতিয়া কোনো এটা ক্ৰিয়া ইচ্ছাকৃতভাৱে বাৰে বাৰে অনুশীলন কৰা হয়, তেতিয়া সি অভ্য়াসত পৰিণত হয়। তেনেবোৰ ক্ৰিয়াকে অভ্য়াসজনিত ক্ৰিয়া বোলে।  

(ঘ) ঐচ্ছিক কৰ্মৰ তিনিটা স্তৰ কি কি?

উত্তৰঃ- ঐচ্ছিক কৰ্মৰ তিনিটা স্তৰ হ'ল - মানসিক, শাৰীৰিক আৰু বাহ্য়িক।

(ঙ) বস্তুনিষ্ঠ বিজ্ঞান কাক বোলে?

উত্তৰঃ- যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰে, তাক বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে ।

(চ) নীতিবিদ্যাৰ আদৰ্শ কি?

উত্তৰঃ- নীতিবিদ্য়াৰ আদৰ্শ হ'ল আচাৰ-ব্য়ৱহাৰ, স্বভাৱ-চৰিত্ৰ আদিৰ নৈতিক বিচাৰ কৰা। 

২। পাৰ্থক্য দেখুওৱাঃ

(ক) বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞান।

উত্তৰঃ- বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞানৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一 

(i) বস্তুনিষ্ঠ বিজ্ঞান বাস্তৱতা ভিত্তিক। 

        আনহাতে, আদৰ্শনিষ্ঠ বিজ্ঞান মূল্যভিত্তক। 

(ii) বিজ্ঞানৰ অনুসন্ধানৰ বিষয়বস্তু কিভাৱে উৎপত্তি হয়, বিকাশপ্ৰাপ্ত হয় আৰু পৰিণতি লাভ কৰে, বস্তুনিষ্ঠ বিজ্ঞানে তাৰ যথাযথ বৰ্ণনা দিয়ে। যেনে - মনোবিজ্ঞান এক বস্তুনিষ্ঠা বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু মন।

(খ) নৈতিক আৰু অনৈতিক কাম।

উত্তৰঃ- নৈতিক কাম আৰু অনৈতিক কামৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一 

(i) যি ক্ৰিয়াৰ নৈতিক গুণ আছে অৰ্থাৎ, যি ক্ৰিয়া শুদ্ধতা-অশুদ্ধতা, উচিত-অনুচিত আদিৰ লগত জড়িত তাকে নৈতিক কৰ্ম বা কাম বোলে।

        আনহাতে, যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ, যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি তাক অনৈতিক কৰ্ম বা কাম বোলে। 

(ii) নৈতিক কৰ্মৰ আন এটা নাম হ'ল ঐচ্ছিক ক্ৰিয়া।

        আনহাতে, অনৈতিক কৰ্মৰ আন এটা নাম হ'ল অনৈচ্ছিক ক্ৰিয়া। 

(গ) উদ্দেশ্য আৰু অভিপ্ৰায়।

উত্তৰঃউদ্দেশ্য় আৰু অভিপ্ৰায়ৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一 

        যি বস্তু বা পৰিস্থিতিয়ে অভাৱ দূৰ কৰিব পাৰে তেনে বস্তু বা পৰিস্থিতিয়েই হৈছে ঐচ্ছিক কৰ্মৰ লক্ষ্য়, আৰু তাৰ চিন্তা বা ধাৰণাই হৈছে ঐচ্ছিক কৰ্মৰ উদ্দেশ্য়। উদ্দেশ্য় হৈছে এক প্ৰকাৰৰ শক্তি। যিয়ে ঐচ্ছিক কৰ্মক প্ৰবৃত্ত কৰিব পাৰে। লক্ষ্য় হৈছে যাক পাৱৰ কাৰণে প্ৰবৃত্ত হোৱা যায়। 

        আনহাতে, অভিপ্ৰায় হৈছে লক্ষ্য়, উদ্দেশ্য়, লক্ষ্য় লাভৰ সাধনা বা উপায় আৰু ফলাফলৰ এক সমন্বয়। ব্য়ক্তিয়ে কোনো এক লক্ষ্য়ত উপনীত হোৱাৰ উদ্দেশ্য়ে সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যক্ষেত্ৰত পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় সাধন বা উপায় অৱলম্বন কৰাৰ উপৰি সেই ক্ষেত্ৰত সাম্ভাৱ পৰিমাণৰ প্ৰতিও সচেতন থাকে। ব্য়ক্তিৰ এই মানসিক প্ৰস্তুতিকে অভিপ্ৰায় বোলা হয়।  

(ঘ) ঐচ্ছিক ক্ৰিয়া আৰু অনৈচছিক ক্ৰিয়া।

উত্তৰঃ- ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

        (i) যিবোৰ ক্ৰিয়া-কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য় সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বোলে। 

        আনহাতে, কৰ্তাৰ অজ্ঞাতসাৰে বা বুদ্ধি-বৃত্তিৰ প্ৰয়োগ নকৰাকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অনিচ্ছাকৃতভাৱে যি কাম কৰা হয় তাকে অনৈচ্ছিক ক্ৰিয়া বোলে। 

৩। সংজ্ঞা দিয়াঃ

(ক) নীতিবিদ্যা

উত্তৰঃ- বিভিন্ন নীতিশাস্ত্ৰবিদে নীতিবিদ্য়াৰ বিষয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ'ল 一

        প্ৰখ্য়াত নীতিশাস্ত্ৰবিদ মূৰহেডৰ মতে, "নীতিবিদ্য়া মানুহৰ আচৰণৰ লগত জড়িত সৰ্বোত্তম আদৰ্শৰ বিজ্ঞান"।

        অধ্য়াপক মেকেঞ্জিৰ মতে, "নীতিবিদ্য়া মানুহৰ আচৰণৰ শুদ্ধতা বা শ্ৰেয় সম্পৰ্কীয় বিজ্ঞান। 

(খ) বস্তুনিষ্ঠ বিজ্ঞান

উত্তৰঃ-  যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰূপ বা প্ৰকৃতিৰ সম্পৰ্কে আলোচনা কৰে, তাকে বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে।

(গ) আদৰ্শনিষ্ঠ বিজ্ঞান

উত্তৰঃ-  যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে ধৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰে তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।

(ঘ) নৈতিক কৰ্ম

উত্তৰঃ- যি ক্ৰিয়াৰ নৈতিক গুণ আছে অৰ্থাৎ, যি ক্ৰিয়া শুদ্ধতা-অশুদ্ধতা, উচিত-অনুচিত আদিৰ লগত জড়িত তাকে নৈতিক ক্ৰিয়া বা কৰ্ম বোলে। 

(ঙ) অনৈতিক কৰ্ম 

উত্তৰঃ- যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ, যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি তাক অনৈতিক ক্ৰিয়া বোলে।

৪। চমুটোকা লিখাঃ

(ক)  আদৰ্শনিষ্ঠ বিজ্ঞান

উত্তৰঃ- যি বিজ্ঞানে কোনো এটা আদৰ্শ বা মানদণ্ডক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য় নিৰ্ধাৰণ কৰে তাক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। নীতিবিদ্য়া হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰমশ্ৰেয়। 

(খ) নীতিবিদ্যাৰ পৰিসৰ

উত্তৰঃ- নীতিবিদ্য়া মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। গতিকে এই আদৰ্শৰ প্ৰসংগলৈ অহা সকলোবোৰ বিষয়েই নীতিশাস্ত্ৰৰ পৰিধি বা পৰিসৰ ভিতৰত পৰে। 

        (i) মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰাই নীতিবিদ্য়াৰ উদ্দেশ্য়। মানুহৰ বাহ্য়িক আচৰণৰ মাজেদিয়েই চৰিত্ৰৰ প্ৰকাশ পায়। চৰিত্ৰৰ বাহ্য় প্ৰকাশেই হৈছে আচৰণ। গতিকে নীতিবিদ্য়াই মানুহৰ চৰিত্ৰৰ স্বৰূপ, উপাদান আৰু লক্ষণ সম্পৰ্কে আলোচনা আৰু অনুসন্ধান কৰে। চত্ৰিৰ বিষয়ে জানিবলৈ হ'লে নীতিবিদ্য়াই মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে সংকল্প, কামৰ উৎস, অভিপ্ৰেৰণা, অভিপ্ৰায়, ঐচ্ছিক আৰু অনৈচ্ছিক কৰ্ম আদিৰ বিষয়ে আলোচনা কৰিব লাগিব। ঐচ্ছিক ক্ৰিয়াহে নৈতিক বিচাৰৰ বিষয়বস্তু।

        (ii) নৈতিক গুণসম্পন্ন অৰ্থাৎ, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত, মংগল-অমংগল আদি নৈতিক প্ৰত্য়য়বোৰো নীতিশাস্ত্ৰই আলোচনা কৰে। কোনো এটা ঐচ্ছিক ক্ৰিয়া ভাল নে বেয়া, উচিত নে অনুচিত তাৰ বিচাৰ কৰাই নীতিবিদ্য়াৰ উদ্দেশ্য়। 

        (iii) নৈতিক বাধ্য়তাবোধ নীতিশাস্ত্ৰৰ আন এটা আলোচ্য় বিষয়। নৈতিক বিচাৰৰ দ্বাৰা কোনো এটা কাম ভাল বা বেয়া বুলি বিবেচিত হোৱাৰ লগে লগে ভাল কামটো কৰাৰ আৰু বেয়া কামটোৰ পৰিহাৰ কৰাৰ ধাৰণা আমাৰ মনলৈ আহে আৰু তাকেই কোৱা হয় নৈতিক বাধ্য়তাবোধ। এই নৈতিক বাধ্য়াতাবোধৰ স্বৰূপ সম্পৰ্কেও নীতিশাস্ত্ৰই আলোচনা কৰে। 

        (iv) ইচ্ছাৰ স্বাধীনতা আছে বাবেই আমি নিজৰ নিজৰ ঐচ্ছিক ক্ৰিয়াৰ বাবে নিজেই দায়ী। ইয়াৰ ফলত ভাল কামৰ বাবে পুৰস্কাৰ আৰু বেয়া কামৰ বাবে শাস্তিৰ ব্য়ৱস্থা আমাৰ সমাজত আছে। সেয়ে পুৰস্কাৰআৰু শাস্তিৰ নৈতিক আধাৰ নীতিশাস্ত্ৰৰ আলোচ্য় বিষয়। 

        (v) নীতিশাস্ত্ৰত সততে ব্য়ৱহাৰ কৰা শব্দবোৰ হৈছে 一 ভাল-বেয়া, উচিত-অনুচিত, মংগল-অমংগল, ন্য়ায়-অন্য়ায় আদি। বৰ্তমান কালৰ ভাষাবিশ্লেষকসকলে এই নৈতিক ধাৰণাসমূহৰ সুস্পষ্ট অৰ্থ নিৰ্ধাৰণ কৰিছে। তাকেই অধি-নীতিবিদ্য়া বুলি কোৱা হয়। সেয়ে নীতিবিদ্য়াৰ প্ৰধান কাম হ'ল এই নৈতিক প্ৰত্য়য়সমূহৰ অস্পষ্ট অৰ্থক সুস্পষ্ট কৰা। 

(গ) কামনাৰ সংঘাত

উত্তৰঃ- যেতিয়া কোনাে এটা অভাৱ সহজে পূৰাব পাৰি, তেতিয়া কামনাৰ সংঘাত নাথাকে । কিন্তু মানুহৰ জীৱনত অভাৱ অসীম। সীমাহীন অভাৱৰ লগত সংশ্লিষ্ট কামনাৰাে অন্ত নাই। একে সময়তে, একেলগে উদয় হােৱা একাধিক কামনাৰ পৰিতৃপ্তি একেলগে, একে সময়তে সম্ভৱ নহয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কামনা একেলগে, একেসময়তে পূৰণ কৰিব নােৱাৰা পৰিস্থিতিত গুৰুত্ব অনুসৰি গ্ৰহণীয় আৰু বর্জনীয় কামনা নির্ণয় কৰিব নােৱাৰা মানসিক অৱস্থাক কামনাৰ সংঘাত বােলা হয় । 

(ঘ) ঐচ্ছিক ক্ৰিয়াৰ স্তৰ

উত্তৰঃ- ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰ পোৱা যায়। সেয়া হ'ল 一

(i) মানসিক স্তৰ

(ii) দৈহিক বা শাৰীৰিক স্তৰ আৰু 

(iii) বাহ্য় স্তৰ বা পৰিসমাপ্তি স্তৰ

        এই স্তৰসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(i) মানসিক স্তৰঃ- মানসিক স্তৰত তলত উল্লেখ কৰা মানসিক উপাদানসমূহ থাকে। যেনে -

        (ক) কৰ্মৰ উৎসঃ অভাৱবোধ হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস। অভাৱে মানুহৰ মনত অস্বস্তিকৰ আৰু দুখদায়ক অৱস্থাৰ সৃষ্টি কৰে। এনে মানসিক অৱস্থাৰ অন্ত পেলাবলৈ মানুহ কৰ্মত প্ৰবৃত্ত হয়। 

        (খ) লক্ষ্য় বা উদ্দেশ্য়ঃ অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য় আৰু বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য় বুলি কোৱা হয়। যেনে 一 শীতত কষ্ট পোৱা মানুহজনৰ বাবে গৰম কাপোৰ হৈছে লক্ষ্য় আৰু ইয়াৰ চিন্তা হৈছে উদ্দেশ্য়। 

        (গ) কামনাঃ অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত জন্মা আগ্ৰহ বা অকুলতা হ'ল কামনা।

        (ঘ) কামনাৰ সংঘাতঃ একে সময়তে কামনা একাধিক হ'ব পাৰে। একে সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত দ্বন্দ্ব বা সংঘাতৰ সৃষ্টি কৰে। তাকে কামনাৰ সংঘাত বুলি কোৱা হয়। 

        (ঙ) বিবেচনা আৰু নিৰ্বাচনঃ মানসিক সংঘাত বা কামনাৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহে নৈতিক চিন্তা বা বিবেচনা কৰে। বহুতো উদ্দেশ্য় আৰু কামনাৰ পৰা গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য় ৰাখি এটাক নিৰ্বাচন কৰি বাকীবোৰ পৰিত্য়াগ কৰে। এয়ে ঐচ্ছিক ক্ৰিয়াৰ বিবেচনা আৰু নিৰ্বাচন। এই স্তৰৰ পৰা প্ৰকৃততে নৈতিক বিচাৰ আৰম্ভ হয়। 

        (চ) সিদ্ধান্ত আৰু সংকল্পঃ এটা নিৰ্দিষ্ট কামনাক নিৰ্বাচন কৰাৰ পিছত তাক চৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত কৰা হয় আৰু তাক কাৰ্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়। 

        (ছ) অভিপ্ৰায়ঃ মানসিক স্তৰৰ উপাদানবোৰৰ ভিতৰত অভিপ্ৰায় আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ অভিপ্ৰায়, লক্ষ্য়, উদ্দেশ্য়, সাধন আৰু পৰিণামৰ সমন্বয়। 

        অভিপ্ৰায় = লক্ষ্য় + উদ্দেশ্য় + সাধন +পৰিণাম

(ii) দৈহিক বা শাৰীৰিক স্তৰঃ- অভিপ্ৰায় পূৰণ কৰাৰ বাবে ব্য়ক্তিয়ে অংগ-প্ৰত্য়ংগ আৰু মাংসপেশীৰ সঞ্চালন কৰিব লাগিব। মানসিক সংকল্পক শৰীৰৰ মাধ্য়মেৰে কৰ্মত ৰূপায়িত কৰাই হ'ল দৈহিক স্তৰ। 

(iii) পৰিসমাপ্তি স্তৰঃ- কাম্য় বা বাঞ্ছিত ফল লাভেই ঐচ্ছিক ক্ৰিয়াৰ পৰিসমাপ্তি। এই প্ৰাপ্তি কেতিয়াবা প্ৰত্য়াশিত আৰু কেতিয়াবা অপ্ৰত্য়াশিত হয়। 

(ঙ) অনৈতিক কৰ্ম 

উত্তৰঃ- যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ, যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি তাক অনৈতিক ক্ৰিয়া বোলে। অনৈচ্ছিক ক্ৰিয়াবোৰেই হৈছে অনৈতিক ক্ৰিয়া। কৰ্তাৰ অজ্ঞাতসাৰে বা বুদ্ধি-বৃত্তিৰ প্ৰয়োগ নকৰাকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অনিচ্ছাকৃতভাৱে যি কাম কৰা হয় তাকে অনৈচ্ছিক ক্ৰিয়া বোলে। তলত উল্লেখ কৰা ক্ৰিয়াসমূহ অনৈতিক ক্ৰিয়াৰ ভিতৰত পৰে  一

        (i) নিৰ্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত হোৱা কাম বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ঘটনা অনৈতিক। যেনে 一 ভূমিকম্প, বানপানী, ধুমুহা আদি। 

        (ii) ইতৰ প্ৰাণীৰ কৰ্ম বা আচৰণত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি। 

        (iii) সৰু ল'ৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত ক্ৰিয়াসমূহ নিৰ্নৈতিক। শিশুৱে জানি-বুজি বো কোনো অভিপ্ৰায় লৈ কাম নকৰে। 

        (iv) উন্মাদ বা বিকৃত মস্তিষ্ক লোকৰ ক্ৰিয়াক নৈতিক বিচাৰ কৰিব নোৱাৰি। কাৰণ মানসিক বিকৃতিৰ বাবে তেনে লোকৰ বিচাৰ ক্ষমতা নাথাকে। 

৫। নীতিশাস্ত্ৰ বুলিলে কি বুজা? ইয়াৰ স্বৰূপ বৰ্ণনা কৰা।

উত্তৰঃ- দৰ্শনৰ যি শাখাত মানুহৰ আচৰণ, আচাৰ-ব্য়ৱহাৰ, স্বভাৱ-চৰিত্ৰ আদিৰ নৈতিক বিচাৰ কৰা হয়। সেই ভাগকে নীতিবিজ্ঞান বোলে। 

        নৈতিকতা সঠিক আৰু অনুচিতৰ সু-ভিত্তিযুক্ত মানদণ্ডৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। যিয়ে মানুহে কি কৰা উচিত সেইটো নিৰ্ধাৰণ কৰে, সাধাৰণতে অধিকাৰ, বাধ্যবাধকতা, সমাজৰ প্ৰতি লাভ, ন্যায় বা নিৰ্দিষ্ট গুণৰ ক্ষেত্ৰত।

        নৈতিকতা, ইয়াৰ মূলতে, সঠিক কামটো বিচাৰি উলিওৱা। ই দৰ্শনৰ এটা শাখা যিয়ে নৈতিক প্ৰশ্নৰ সৈতে মোকাবিলা কৰে, যিয়ে আমাক ভাল আৰু বেয়া আচৰণৰ গঠন কি সেয়া বুজিবলৈ সহায় কৰে। ইয়াৰ প্ৰকৃতিৰ এটা বিভাজন তলত দিয়া হ'ল 一

        মূল্যবোধভিত্তিকঃ- নৈতিক প্ৰশ্নসমূহৰ লগত ন্যায়, ন্যায় আৰু বৃহত্তৰ মংগলৰ বাবে কি উত্তম সেই বিষয়ে বিবেচনা কৰাটো জড়িত হৈ থাকে।

        ব্যৱহাৰিকঃ- তাত্ত্বিক দিশবোৰ থাকিলেও নৈতিকতাই শেষত আমাৰ কাৰ্য্যক পথ প্ৰদৰ্শন কৰে আৰু জটিল পৰিস্থিতিত নেভিগেট কৰাত সহায় কৰে।

৬। নীতিবিজ্ঞান কাক কয়? ইয়াৰ পৰিধি আলোচনা কৰা।

উত্তৰঃ- দৰ্শনৰ যি শাখাত মানুহৰ আচৰণ, আচাৰ-ব্য়ৱহাৰ, স্বভাৱ-চৰিত্ৰ আদিৰ নৈতিক বিচাৰ কৰা হয়। সেই ভাগকে নীতিবিজ্ঞান বোলে। 

        নীতিবিদ্য়া মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। গতিকে এই আদৰ্শৰ প্ৰসংগলৈ অহা সকলোবোৰ বিষয়েই নীতিশাস্ত্ৰৰ পৰিধি বা পৰিসৰ ভিতৰত পৰে। 

(i) মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰাই নীতিবিদ্য়াৰ উদ্দেশ্য়। মানুহৰ বাহ্য়িক আচৰণৰ মাজেদিয়েই চৰিত্ৰৰ প্ৰকাশ পায়। চৰিত্ৰৰ বাহ্য় প্ৰকাশেই হৈছে আচৰণ। গতিকে নীতিবিদ্য়াই মানুহৰ চৰিত্ৰৰ স্বৰূপ, উপাদান আৰু লক্ষণ সম্পৰ্কে আলোচনা আৰু অনুসন্ধান কৰে। চত্ৰিৰ বিষয়ে জানিবলৈ হ'লে নীতিবিদ্য়াই মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে সংকল্প, কামৰ উৎস, অভিপ্ৰেৰণা, অভিপ্ৰায়, ঐচ্ছিক আৰু অনৈচ্ছিক কৰ্ম আদিৰ বিষয়ে আলোচনা কৰিব লাগিব। ঐচ্ছিক ক্ৰিয়াহে নৈতিক বিচাৰৰ বিষয়বস্তু।

(ii) নৈতিক গুণসম্পন্ন অৰ্থাৎ, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত, মংগল-অমংগল আদি নৈতিক প্ৰত্য়য়বোৰো নীতিশাস্ত্ৰই আলোচনা কৰে। কোনো এটা ঐচ্ছিক ক্ৰিয়া ভাল নে বেয়া, উচিত নে অনুচিত তাৰ বিচাৰ কৰাই নীতিবিদ্য়াৰ উদ্দেশ্য়। 

(iii) নৈতিক বাধ্য়তাবোধ নীতিশাস্ত্ৰৰ আন এটা আলোচ্য় বিষয়। নৈতিক বিচাৰৰ দ্বাৰা কোনো এটা কাম ভাল বা বেয়া বুলি বিবেচিত হোৱাৰ লগে লগে ভাল কামটো কৰাৰ আৰু বেয়া কামটোৰ পৰিহাৰ কৰাৰ ধাৰণা আমাৰ মনলৈ আহে আৰু তাকেই কোৱা হয় নৈতিক বাধ্য়তাবোধ। এই নৈতিক বাধ্য়াতাবোধৰ স্বৰূপ সম্পৰ্কেও নীতিশাস্ত্ৰই আলোচনা কৰে। 

(iv) ইচ্ছাৰ স্বাধীনতা আছে বাবেই আমি নিজৰ নিজৰ ঐচ্ছিক ক্ৰিয়াৰ বাবে নিজেই দায়ী। ইয়াৰ ফলত ভাল কামৰ বাবে পুৰস্কাৰ আৰু বেয়া কামৰ বাবে শাস্তিৰ ব্য়ৱস্থা আমাৰ সমাজত আছে। সেয়ে পুৰস্কাৰআৰু শাস্তিৰ নৈতিক আধাৰ নীতিশাস্ত্ৰৰ আলোচ্য় বিষয়। 

(v) নীতিশাস্ত্ৰত সততে ব্য়ৱহাৰ কৰা শব্দবোৰ হৈছে 一 ভাল-বেয়া, উচিত-অনুচিত, মংগল-অমংগল, ন্য়ায়-অন্য়ায় আদি। বৰ্তমান কালৰ ভাষাবিশ্লেষকসকলে এই নৈতিক ধাৰণাসমূহৰ সুস্পষ্ট অৰ্থ নিৰ্ধাৰণ কৰিছে। তাকেই অধি-নীতিবিদ্য়া বুলি কোৱা হয়। সেয়ে নীতিবিদ্য়াৰ প্ৰধান কাম হ'ল এই নৈতিক প্ৰত্য়য়সমূহৰ অস্পষ্ট অৰ্থক সুস্পষ্ট কৰা। 

৭। নৈতিক আৰু অৰ্থনৈতিক ক্ৰিয়াৰ পাৰ্থক্য নিৰ্ণয় কৰা। এই দুয়ো ক্ৰিয়াৰ ভিতৰত কোনবিধ ক্ৰিয়া নীতিবিদ্যাৰ বিষয়বস্তু?

উত্তৰঃ- নৈতিক ক্ৰিয়া আৰু অনৈতিক ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(i) যি ক্ৰিয়াৰ নৈতিক গুণ আছে অৰ্থাৎ, যি ক্ৰিয়া শুদ্ধতা-অশুদ্ধতা, উচিত-অনুচিত আদিৰ লগত জড়িত তাকে নৈতিক কৰ্ম বা ক্ৰিয়া বোলে।

        আনহাতে, যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ, যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি তাক অনৈতিক কৰ্ম বা ক্ৰিয়া বোলে। 

(ii) নৈতিক কৰ্মৰ আন এটা নাম হ'ল ঐচ্ছিক ক্ৰিয়া।

        আনহাতে, অনৈতিক কৰ্মৰ আন এটা নাম হ'ল অনৈচ্ছিক ক্ৰিয়া। 

        এই দুয়োবিধ ক্ৰিয়াৰ ভিতৰত নৈতিক ক্ৰিয়া হৈছে নীতিবিদ্য়াৰ বিষয়বস্তু। 

৮। ঐচ্ছিক ক্ৰিয়া কাক বোলে? ইয়াৰ বিভিন্ন স্তৰ ব্যাখ্যা কৰা।

উত্তৰঃ- যিবোৰ ক্ৰিয়া-কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য় সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্ৰিয়া বোলে। ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰ পোৱা যায়। সেয়া হ'ল 一

(i) মানসিক স্তৰ

(ii) দৈহিক বা শাৰীৰিক স্তৰ আৰু 

(iii) বাহ্য় স্তৰ বা পৰিসমাপ্তি স্তৰ

        এই স্তৰসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一

(i) মানসিক স্তৰঃ- মানসিক স্তৰত তলত উল্লেখ কৰা মানসিক উপাদানসমূহ থাকে। যেনে -

        (ক) কৰ্মৰ উৎসঃ অভাৱবোধ হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস। অভাৱে মানুহৰ মনত অস্বস্তিকৰ আৰু দুখদায়ক অৱস্থাৰ সৃষ্টি কৰে। এনে মানসিক অৱস্থাৰ অন্ত পেলাবলৈ মানুহ কৰ্মত প্ৰবৃত্ত হয়। 

        (খ) লক্ষ্য় বা উদ্দেশ্য়ঃ অভাৱ দূৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য় আৰু বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য় বুলি কোৱা হয়। যেনে 一 শীতত কষ্ট পোৱা মানুহজনৰ বাবে গৰম কাপোৰ হৈছে লক্ষ্য় আৰু ইয়াৰ চিন্তা হৈছে উদ্দেশ্য়। 

        (গ) কামনাঃ অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত জন্মা আগ্ৰহ বা অকুলতা হ'ল কামনা।

        (ঘ) কামনাৰ সংঘাতঃ একে সময়তে কামনা একাধিক হ'ব পাৰে। একে সময়তে উদ্ভৱ হোৱা একাধিক কামনাই মনত দ্বন্দ্ব বা সংঘাতৰ সৃষ্টি কৰে। তাকে কামনাৰ সংঘাত বুলি কোৱা হয়। 

        (ঙ) বিবেচনা আৰু নিৰ্বাচনঃ মানসিক সংঘাত বা কামনাৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মানুহে নৈতিক চিন্তা বা বিবেচনা কৰে। বহুতো উদ্দেশ্য় আৰু কামনাৰ পৰা গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য় ৰাখি এটাক নিৰ্বাচন কৰি বাকীবোৰ পৰিত্য়াগ কৰে। এয়ে ঐচ্ছিক ক্ৰিয়াৰ বিবেচনা আৰু নিৰ্বাচন। এই স্তৰৰ পৰা প্ৰকৃততে নৈতিক বিচাৰ আৰম্ভ হয়। 

        (চ) সিদ্ধান্ত আৰু সংকল্পঃ এটা নিৰ্দিষ্ট কামনাক নিৰ্বাচন কৰাৰ পিছত তাক চৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত কৰা হয় আৰু তাক কাৰ্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়। 

        (ছ) অভিপ্ৰায়ঃ মানসিক স্তৰৰ উপাদানবোৰৰ ভিতৰত অভিপ্ৰায় আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ অভিপ্ৰায়, লক্ষ্য়, উদ্দেশ্য়, সাধন আৰু পৰিণামৰ সমন্বয়। 

        অভিপ্ৰায় = লক্ষ্য় + উদ্দেশ্য় + সাধন +পৰিণাম

(ii) দৈহিক বা শাৰীৰিক স্তৰঃ- অভিপ্ৰায় পূৰণ কৰাৰ বাবে ব্য়ক্তিয়ে অংগ-প্ৰত্য়ংগ আৰু মাংসপেশীৰ সঞ্চালন কৰিব লাগিব। মানসিক সংকল্পক শৰীৰৰ মাধ্য়মেৰে কৰ্মত ৰূপায়িত কৰাই হ'ল দৈহিক স্তৰ। 

(iii) পৰিসমাপ্তি স্তৰঃ- কাম্য় বা বাঞ্ছিত ফল লাভেই ঐচ্ছিক ক্ৰিয়াৰ পৰিসমাপ্তি। এই প্ৰাপ্তি কেতিয়াবা প্ৰত্য়াশিত আৰু কেতিয়াবা অপ্ৰত্য়াশিত হয়। 

৯। নৈতিক বিচাৰৰ বিষয়বস্তু কি?

উত্তৰঃ- নৈতিক বিচাৰৰ বিষযবস্তু হ'ল অভিপ্ৰায়।

১০। উদ্দেশ্য আৰু অভিপ্ৰায়ৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ- উদ্দেশ্য় আৰু অভিপ্ৰায়ৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一 

        যি বস্তু বা পৰিস্থিতিয়ে অভাৱ দূৰ কৰিব পাৰে তেনে বস্তু বা পৰিস্থিতিয়েই হৈছে ঐচ্ছিক কৰ্মৰ লক্ষ্য়, আৰু তাৰ চিন্তা বা ধাৰণাই হৈছে ঐচ্ছিক কৰ্মৰ উদ্দেশ্য়। উদ্দেশ্য় হৈছে এক প্ৰকাৰৰ শক্তি। যিয়ে ঐচ্ছিক কৰ্মক প্ৰবৃত্ত কৰিব পাৰে। লক্ষ্য় হৈছে যাক পাৱৰ কাৰণে প্ৰবৃত্ত হোৱা যায়। 

        আনহাতে, অভিপ্ৰায় হৈছে লক্ষ্য়, উদ্দেশ্য়, লক্ষ্য় লাভৰ সাধনা বা উপায় আৰু ফলাফলৰ এক সমন্বয়। ব্য়ক্তিয়ে কোনো এক লক্ষ্য়ত উপনীত হোৱাৰ উদ্দেশ্য়ে সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যক্ষেত্ৰত পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় সাধন বা উপায় অৱলম্বন কৰাৰ উপৰি সেই ক্ষেত্ৰত সাম্ভাৱ পৰিমাণৰ প্ৰতিও সচেতন থাকে। ব্য়ক্তিৰ এই মানসিক প্ৰস্তুতিকে অভিপ্ৰায় বোলা হয়।  

১১। নৈতিক বিচাৰৰ বিষয়বস্তু উদ্দেশ্য নে অভিপ্ৰায়?

উত্তৰঃ- নৈতিক বিচাৰৰ বিষয়বস্তু অভিপ্ৰায়।  


অনুশীলনী


১। উত্তৰ দিয়াঃ

(ক) পুৰুষাৰ্থ  বুলিলে কি বুজা?

উত্তৰঃ- মানৱ জীৱনৰ সৰ্বোচ্চ লক্ষ্য়ক পুৰুষাৰ্থ বোলে। পুৰুষ বা ব্য়ক্তিয়ে যি কামনা কৰে, সিয়ে পুৰুষাৰ্থ। 

(খ) চাৰি পুৰুষাৰ্থ কি কি?

উত্তৰঃ- চাৰি পুৰুষাৰ্থ হ'ল ㅡ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। 

(গ) পুৰুষাৰ্থ হিচাপে অৰ্থৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ- অৰ্থ মানে হৈছে সম্পদ। অর্থ হৈছে অর্থনৈতিক মূল্য। কৌটিল্যৰ অর্থশাস্ত্ৰত "অৰ্থ"ৰ দুটা অর্থৰ কথাৰ উল্লেখ আছে । সেই দুটাৰ এটা হ’ল — সম্পদ বা সম্পত্তি আৰু আনটো হ’ল ভূমি । 

        অর্থৰ জৰিয়তে মানুহে নিজৰ ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে। এক সুস্থ সমাজতহে অর্থৰ আহৰণ আৰু উপভােগ সম্ভৱ। সুস্থ সমাজত ব্যক্তিৰ আচৰণ বিধি ফলপ্রসূ আৰু সুৰক্ষিত কৰিব পাৰে। কৌটিল্যই ‘ধর্ম’ আৰু ‘কাম’ পুৰুষাৰ্থতকৈ ‘অর্থ’ পুৰুষাৰ্থক অধিক গুৰুত্ব দিছে। ইয়াৰ কাৰণ হ’ল — ‘অর্থ’ ই সৎগুণ আৰু উপভােগত অৰিহণা যােগায় , অৱশ্যে কৌটিল্যই লােভৰ বশৱর্তী হৈ অনিয়ন্ত্রিতভাৱে অর্থ আহৰণ কৰাৰ পােষকতা কৰা নাই। ‘ধর্ম’ বা সৎ গুণৰ আধাৰত ‘অর্থ’ আহৰণ কৰিব লাগিব। অন্যথা মানৱ জীৱনত কেতিয়াবা ‘অর্থ’ নকাৰাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। তেনে ‘অর্থ’ ক কৌটিল্যই ‘অনর্থ’ বুলি কৈছে। ‘অর্থ’ৰ নেপথ্যত থকা ইচ্ছা স্বার্থপৰ হ’ব নালাগে। এই ইচ্ছা পৰহিতকৰ বা কল্যাণৰ ভাৱনাৰ দ্বাৰা অনুপ্রাণিত হ’ব লাগে ।

২। মোক্ষ কাক বোলে?

উত্তৰঃ- জন্ম-মৃত্য়ু সংসাৰৰ চক্ৰৰ পৰা হাত সাৰিব পৰাটোকেই মোক্ষ বা নিৰ্বাণ বোলে। 

৩। মোক্ষ প্ৰাপ্তিৰ বিভিন্ন মাৰ্গসমূহ কি কি?

উত্তৰঃ- মোক্ষ প্ৰাপ্তিৰ তিনিটা মাৰ্গ আছে। সেইকেইটা হ'ল 一

(i) কৰ্মযোগ,

(ii) জ্ঞানযোগ আৰু 

(iii) ভক্তিযোগ। 

৪। ধৰ্মৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ- ধৰ্মৰ বুৎপত্তিগত অৰ্থ হ'ল যিয়ে ধাৰণ কৰে, সেয়ে হৈছে ধৰ্ম। ধৰ্ম শব্দটো "ধৃ" ধাতুৰ পৰা উৎপত্তি হৈছে। "ধৃ" মানে হৈছে ধাৰণ কৰা, অৰ্থাৎ যি গুণ বা শক্তিৰ দ্বাৰা ধাৰণ কৰা হয় সিয়েই হৈছে ধৰ্ম। সমাজ অথবা প্ৰজাক যিয়েই ঐক্য়বদ্ধ কৰি ৰাখে সেয়ে হৈছে ধৰ্ম। ধৰ্মক সমাজকল্য়াণ বিধি, নৈতিকতা, পৰম্পৰাগত সামাজিক আচাৰ, অনুষ্ঠান বা বিহিত কৰ্ম, উপাসনা পদ্ধতি আদি বিভিন্ন অৰ্থত ব্য়ৱহাৰ কৰা হয়। ভাৰতীয় সংস্কৃতিত ধৰ্মক বহল অৰ্থত ব্য়ৱহাৰ কৰা হয়। ধৰ্ম ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। জাগতিক সমৃদ্ধি, আধ্য়াত্মিক উৎকৰ্ষৰ বাবে ধৰ্ম অৱশ্য় পালনীয় কৰ্তব্য়। 

        সমাজত প্ৰত্য়েক ব্য়ক্তিৰে স্ব-ধৰ্ম আছে। ইন্দ্ৰিয়সমূহক সংযম কৰি নিজ নিজ কৰ্ম কৰাই মানৱৰ ধৰ্ম। ভাৰতীয় নীতিশাস্ত্ৰ মতে স্ব-ধৰ্ম পালন নকৰি আনৰ ধৰ্ম গ্ৰহণ কৰাটো অপৰাধ। সমাজৰ সংহতি আৰু কল্য়াণৰ বাবে ভাৰতীয় সংস্কৃতি আৰু নীতিশাস্ত্ৰই পুৰুষাৰ্থ হিচাপে ধৰ্মত অধিক গুৰুত্ব আছে। তদুপৰি, ধৰ্মই আধ্য়াত্মিক পূৰ্ণতা আনে, সামাজিক আচাৰ-ব্য়ৱহাৰ প্ৰতি সচেতনতা আনে, কৰ্তব্য়বোধ জগায়, ব্য়ক্তিক অপচিন্তা, অপকৰ্মৰ পৰা দূৰত ৰাখে। গতিকে, ধৰ্মৰ প্ৰভাৱ মানৱ জীৱনত সকলোতকৈ ব্য়াপক। 


Answered bySri Mampi Kakati


********** 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Post ID : DABP005965