পাঠ ১০

বীজাণু আৰু ৰোগ


১। উত্তৰ লিখা-

(ক) এজনৰ পৰা আন এজনলৈ বিয়পা ৰোগক কি বুলি কোৱা হয়?

উঃ এজনৰ পৰা আন এজনলৈ বিয়পা ৰোগক সংক্ৰামক ৰোগ বুলি কোৱা হয়।


(খ) ৰোগৰ বীজাণু এজনৰ পৰা আন এজনৰ গালৈ কি কি মাধ্যমেৰে বিয়পি পৰে?

উঃ ৰোগৰ বীজাণু এজনৰ পৰা আন এজনৰ গালৈ বায়ু, পানী, ৰোগীৰ থু-খেকাৰ, মল-মূত্ৰ আদিৰ মাধ্যমেৰে বিয়পি পৰে।


(গ) কি যন্ত্ৰৰ দ্বাৰা বীজাণুবোৰ দেখা যায়?

উঃ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা বীজাণুবোৰ দেখা পোৱা যায়।


(ঘ) চাৰিটা সংক্ৰামক ৰোগৰ নাম।

উঃ  চাৰিটা সংক্ৰামক ৰোগৰ নাম হ'ল- পানী লগা জ্বৰ, ক'ভিড, পিঠাখোৱা আৰু মেলেৰিয়া।


(ঙ) এটা উপকাৰী অণুজীৱৰ নাম।

উঃ এটা উপকাৰী অণুজীৱৰ নাম হ'ল- ইষ্ট।


২। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) সকলো অণুজীৱই বীজাণু হয়/নহয়।

উঃ নহয়।


(খ) সংক্ৰামক ৰোগ এজনৰ পৰা আন এজনলৈ নিবিয়পে/বিয়পে।

উঃ বিয়পে।


(গ) বীজাণুৱে বেমাৰ বিয়পাব পাৰে/নোৱাৰে।

উঃ পাৰে।


(ঘ) মেলেৰিয়া ৰোগ বায়ুৰ দ্বাৰা বিয়পে/নিবিয়পে।

উঃ নিবিয়পে।


(ঙ) প্ৰতিৰোধ ব্যৱস্থা লৈ সংক্ৰামক ৰোগৰ পৰা হাত সাৰিব পাৰি/নোৱাৰি।

উঃ পাৰি।


৩। তলৰ দিয়া ৰোগবোৰ কেনেদৰে বিয়পে আঁচ টানি মিলাই লিখা-

উত্তৰঃ

ৰোগ                   -    কেনেদৰে বিয়পে

পানী লগা জ্বৰ    -    হাঁচিৰ দ্বাৰা বিয়পে।

পিঠাখোৱা          -    ৰোগীৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে।

মেলেৰিয়া          -    মাইকী এন'ফিলিছ ম'হে কামুৰিলে বিয়পে।

যক্ষ্মা                 -    ৰোগীৰ মল-মূত্ৰ, কফ, থু-খেকাৰ আদিৰে বিয়পে।


৪। খালী ঠাই পূৰ কৰা-

উত্তৰঃ

(ক) ইষ্ট নামৰ অণুজীৱৰ সহায়ত পাওৰুটি প্ৰস্তুত কৰা হয়।


(খ) অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা সৰু বস্তুবোৰ ডাঙৰ দেখা যায়।


(গ) অপকাৰী অণুজীৱই বেমাৰৰ সৃষ্টি কৰে।


(ঘ) পানী ভালদৰে উতলাই খাব লাগে।


Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)