খাদ্য আৰু ইয়াৰ উৎস | Lesson 2 | Class 6 Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ২

খাদ্য় আৰু ইয়াৰ উৎস

    

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer


1. শুদ্ধ উত্তৰ বাছি লােৱা। 

(i) গাজৰ হ’ল উদ্ভিদৰ 

(a) শিপা

(b) কাণ্ড

(c) বীজ

(d) ফল

উত্তৰঃ শিপা


(ii) হৰিণা এবিধ 

(a) সর্বভােজী 

(b) মাংসভােজী 

(c) তৃণভােজী প্রাণী

উত্তৰঃ তৃণভোজী প্ৰাণী।


( iii ) মৌ হ’ল 

(a) শৰ্কৰা 

(b) প্র’টিন

(c) স্নেহপদার্থ 

(d) খনিজ লৱণৰ উত্তম উৎস 

উত্তৰঃ শৰ্কৰা।


2. তলত দিয়া শব্দবােৰেৰে খালী ঠাই পূৰণ কৰা— 

তৃণভােজী, উদ্ভিদজাত, গাখীৰ, কুঁহিয়াৰ, মাংসভােজী 

(a) বাঘ এবিধ মাংসভোজী প্রাণী কাৰণ, ই কেৱল মাংস খায়। 

(b) হৰিণে কেৱল উদ্ভিদজাত সামগ্রী খায় আৰু সেয়েহে ইয়াক তৃণভোজী বুলি কোৱা হয়। 

(c) গাখীৰ এবিধ পানীয়, ই গৰু, ম'হ আৰু ছাগলীৰ পৰা পােৱা এবিধ প্রাণীজাত সামগ্রী। 

(d) কুঁহিয়াৰ পৰা আমি চেনি পাওঁ।


3. 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা

অংশ

অংশ

গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ

প্ৰাণীজাত সামগ্ৰী

পালেং শাক, ফুলকবি, গাজৰ

শাক-পাচলি

সিংহ আৰু বাঘে

আন প্ৰাণীক খায়

তৃণভোজী প্ৰাণীয়ে

উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়।



4. খাদ্যাভ্যাস বেলেগ বেলেগ হােৱাৰ কাৰণ কি? 

উত্তৰঃ জলবায়ু ৰীতি-নীতি অনুযায়ী খাদ্যাভ্যাস বেলেগ বেলেগ হয়।


5. উদ্ভিদৰ কি কি অংশক খাদ্য হিচাপে গ্রহণ কৰা হয়? 

উত্তৰঃ উদ্ভিদৰ বীজ, ফল, ফুল, পাত, শিপা, কাণ্ড আদি খাদ্য হিচাপে গ্ৰহণ কৰে।


6. প্রাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয়? 

উত্তৰঃ প্ৰাণীৰ পৰা কণী, মাংস, মাছ, গাখীৰ, মৌ আদি উৎপাদিত হয়।


7. খাদ্য কাক বােলে? খাদ্যৰ প্ৰয়ােজনীয়তা কি? 

উত্তৰঃ যি বস্তু  খালে জীয়াই থাকিব পাৰো আৰু আমাৰ বৃদ্ধি হয় তাকে খাদ্য বোলে। খাদ্যৰ প্ৰয়োজনীয়তা হ'ল- জীৱৰ চালিকা শক্তি।


৪. উদ্ভিদে কিদৰে খাদ্য সংগ্রহ কৰে? 

উত্তৰঃ উদ্ভিেদে শিপাৰে পানী আৰু খনিজ লৱন শুহি লয়। আৰু পাতে বায়ুৰ পৰা কাৰ্বন -ডাই-অক্সাইড লয়।


9. প্রাণীয়ে কিদৰে আহাৰ সংগ্ৰহ কৰে? 

উত্তৰঃ প্ৰাণীয়ে উদ্ভিদ বা আন প্ৰাণীৰ পৰা খাদ্য সংগ্ৰহ কৰে।


10. আমি খােৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবােৰৰ নাম উল্লেখ কৰা। 

উত্তৰঃ আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম হ'ল- 

উদ্ভিদ

উদ্ভিদৰ অংশ

চাউল

বীজ

কল

ফল

বন্ধাকবি

পাত

গাজৰ

শিপা

পিয়াঁজ

কাণ্ড

 

11. এজোপা সম্পূর্ণ উদ্ভিদৰ ছবি আঁকা।

উত্তৰঃ 


 


-Hiru Moni Bora

Check by- Mukesh Borah



Post ID : DABP005920