পাঠ ৫

বায়ু


১। উত্তৰ লিখা-

(ক) বায়ুত থকা প্ৰধান গেছবোৰ কি কি?

উত্তৰঃ বায়ুত থকা প্ৰধান গেছবোৰ হ'ল- অক্সিজেন গেছ, কাৰ্বন-ডাই-অক্সাইড গেছ আৰু নাইট্ৰজেন গেছ। 


(খ) বায়ু প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ। 

উঃ  বায়ু প্ৰদূষিত হোৱাৰ তিনিটা কাৰণ হ'ল-

    - গেলা-পচা জাবৰ-জোথৰ, মৰা জীৱ-জন্তু, আদিৰ পৰা ওলোৱা দুৰ্গন্ধ।

    - মটৰ গাড়ী আৰু কল-কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱা আৰু গেছে বায়ু প্ৰদূষিত কৰে। 

    - আতছবাজী বা ফটকা জ্বলালেও বায়ু প্ৰদূষিত হয়।


(গ) বায়ু প্ৰদূষিত নহ'বলৈ কি কি ব্যৱস্থা  ল'ব পাৰি?

উঃ বায়ু প্ৰদূষিত নহ'বলৈ ল'ব পৰা ব্যৱস্থাসমূহ হ'ল-

    -গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধত সহায় কৰিব পাৰি।

    - মৰা জীৱ জন্তু আদি গাঁতত পুতিও প্ৰদূষণ ৰোধ কৰিব পাৰি।

    - গাড়ী-মটৰ কমকৈ ব্যৱহাৰ কৰি প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়।


(ঘ) ৰোগৰ বীজাণু বায়ুমণ্ডললৈ কেনেকৈ বিয়পে? 

উঃ মানুহে হাঁচি-কাহ মাৰিলে বায়ুমণ্ডললৈ ৰোগৰ বীজাণু বিয়পি পৰে।


(ঙ) বায়ুত থকা কোনবিধ  গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয়? 

উঃ বায়ুত থকা আমাৰ আটাইতকৈ প্ৰয়োজনীয় গেছবিধ হ'ল- অক্সিজেন।


২। তলৰ শুদ্ধ বাক্যবোৰত শুদ্ধ দিয়া আৰু অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা।


(ক) জাবৰ-জোথৰবোৰ য'তে ত'তে পেলাব লাগে।

উঃ জাবৰ-জোথৰবোৰ য'তে ত'তে পেলাব নালাগে।


(খ) প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব লাগে।

উঃ প্লাষ্টিকৰ বস্তু পচনসাৰৰ গাঁতত পেলাব নালাগে।


(গ) গছ-গছনি বেছিকৈ ৰুই পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

উঃ শুদ্ধ।


(ঘ) কল-কাৰখানাৰ পৰা  ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।

উঃ শুদ্ধ।


(ঙ) জাবৰ-জোঁথৰবোৰ পুৰিলে বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বাঢ়ে

উঃ শুদ্ধ।


৩। 'ক' অংশৰ লগত 'খ' অংশ আঁচ টানি মিলোৱা-

   উত্তৰঃ           

 'ক'                 -                                'খ'

গছ-গছনিয়ে                  -        বায়ু প্ৰদূষণ মুক্ত কৰি ৰখাত সহায়                                                        কৰে।

জাবৰ-জোথৰ পুৰিলে    -        বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা                                                        পায়।

হাওঁ ফাওঁৰ বিভিন্ন ৰোগ    -    প্ৰদূষণৰ বাবে হয়।

হাঁচি, কাহ আদিয়ে            -     বায়ুত ৰোগৰ বীজাণু বিয়পায়।

অক্সিজেন গেছে               -     জুই জ্বলাত সহায় কৰে।


৪। শুদ্ধকৈ লিখা-

(ক) ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে/শোধন কৰে।

উঃ ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে।


(খ) গছৰ পৰি থকা পাত পুৰি/পুতি পেলাব লাগে।

উঃ গছৰ পৰি থকা পাত পুতি পেলাব লাগে।


(গ) বায়ুত থকা অক্সিজেন/কাৰ্বন-ডাই-অক্সাইড উশাহ লোৱাত ব্যৱহাৰ হয়।

উঃ বায়ুত থকা অক্সিজেন উশাহ লোৱাত ব্যৱহাৰ হয়।


(ঘ) গছ-গছনি কটাৰ ফলত বায়ু প্ৰদূষণ ৰোধ/বৃদ্ধি হয়।

উঃ গছ-গছনি কটাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি হয়।


(ঙ) বায়ুত থকা কাৰ্বন-ডাই-অক্সাইডে জুই জ্বলাত/নুমুৱাত সহায় কৰে।

উঃ বায়ুত থকা কাৰ্বন-ডাই-অক্সাইডে জুই নুমুৱাত সহায় কৰে।


Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)