অধ্যায়- ৭

 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা 



VERYSHORT TYPE QUESTION :

1. হান্টাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল  ?

(এই প্ৰশ্নটো 2003 চনত আহিছিল)

উত্তৰ :- হান্টাৰ আয়োগ ১৯৮২  চনত গঠন কৰা হৈছিল ।


2. ১৮৫৮ চনৰ উদৰ নিৰ্দেশনামাৰ অধ্য়ক্ষ কোন আছিল ?

(এই প্ৰশ্নটো 2005 চনত আহিছিল) 

উত্তৰ :- ১৮৫৮ চনৰ উদৰ নিৰ্দেশনামাৰ অধ্য়ক্ষ হল - চাৰ্লচ উড ।


3. বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বিলখন কোনে উত্থাপন কৰিছিল ?

(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰ :- বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বিলখন গোপাল কৃষ্ণ গোখলে  উত্থাপন কৰিছিল ।


4. প্ৰাথমিক শিক্ষাত ফলাফলভিত্তিক অনুদান` ব্য়ৱহাৰ পৰামৰ্শ কোনে দিছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :- প্ৰাথমিক শিক্ষাত ফলাফলভিত্তিক অনুদান` ব্য়ৱহাৰ পৰামৰ্শ  হাণ্টাৰ আয়োগে দিছিল।


5. ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্য়ৰ বিকাশৰ বাবে ১৮১৩ চনৰ চাৰ্টাৰ আইনত কিমান টকা ধাৰ্য কৰা হৈছিল ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰ :- ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্য়ৰ বিকাশৰ বাবে ১৮১৩ চনৰ চাৰ্টাৰ আইনত এক লাখ টকা ধাৰ্য কৰা হৈছিল ।


6. অসম প্ৰাথমিক শিক্ষা আইনখন কোন চনত গৃহীত হ`য় ? (শুদ্ধ উত্তৰটো বাছি উলিওৱা )

(এই প্ৰশ্নটো 2008 চনত আহিছিল) 

উত্তৰ :- অসম প্ৰাথমিক শিক্ষা আইনখন ১৯২৬  চনত গৃহীত হ`য়।


7. ভাৰতত বৃটিছৰ শাসনকালত বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল) 

উত্তৰ :- ভাৰতত বৃটিছৰ শাসনকালত বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বাবে দাবী গোপাল কৃষ্ণ গোখলে জনাইছিল ।


8. 1901 চনত চিমলাত শিক্ষা সন্মিলন কোনে আহ্বান কৰিছিল ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰ :- 1901 চনত চিমলাত শিক্ষা সন্মিলন লৰ্ড কাৰ্জনে আহ্বান কৰিছিল ।


9. মনিটৰিয়েল পদ্ধতি- ৰ আনটো নাম কি ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰ :-মনিটৰিয়েল পদ্ধতি- ৰ আনটো নাম  হল - বেল প্ৰথা ।


10. মনিটৰিয়েল প্ৰথা" প্ৰথমে কোন উদ্ভাৱন কৰিছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)  

উত্তৰ :-  মনিটৰিয়েল প্ৰথা" প্ৰথমে ডঃ এনড্ৰু বেল  উদ্ভাৱন কৰিছিল ।


11. নামঘৰ শব্দৰ অৰ্থ কি ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল) 

উত্তৰ :- নামঘৰ শব্দৰ অৰ্থ হল - বৈষ্ণৱ আৰু হিন্দু ধৰ্মৰ লোক সকলে ব্যৱহাৰ কৰা এটা প্ৰাৰ্থনা ঘৰ। পুৰণি কালত নামঘৰত শিক্ষা প্ৰদানৰ ব্যবস্থা কৰা হৈছিল । ইয়াত বিভিন্ন ধৰনৰ  ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা  হৈছিল।


12. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ কোষৰ পৰা সম্পূৰ্ণ সাহায্য় পোৱা শিক্ষানুষ্ঠানে ধৰ্মীয় শিক্ষা প্ৰদানত বাধা প্ৰদান কৰাৰ উল্লেখ আছে ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

উত্তৰ :- ভাৰতীয় সংবিধানৰ ২৮ নং  অনুচ্ছেদত ৰাষ্ট্ৰৰ কোষৰ পৰা সম্পূৰ্ণ সাহায্য় পোৱা শিক্ষানুষ্ঠানে ধৰ্মীয় শিক্ষা প্ৰদানত বাধা প্ৰদান কৰাৰ উল্লেখ আছে।


13. গান্ধীজীয়ে নিজৰ ৱাৰ্দ্ধা-আঁচনি কোন চনত প্ৰৱৰ্তন কৰিছিল ?

(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰ :- গান্ধীজীয়ে নিজৰ ৱাৰ্দ্ধা-আঁচনি  ১৯৩৭ চনত প্ৰৱৰ্তন কৰিছিল ।


 

SHORT TYPE QUESTION :

1. সত্ৰ মানে কি বুজা ?

(এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰ :- সমাজত নাম ধৰ্ম, নৃত্য সংগীত, কলা সংস্কৃতি, শিল্প আদি চৰ্চা আৰু প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা সামাজিক অনুষ্ঠান হৈছে সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৰ্ম জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অবদান হৈছে সত্ৰ সমূহ । সত্ৰ সমূহক অসমীয়া সংস্কৃতিৰ মূল কেন্দ্ৰ বিন্দু বুলি কব পাৰি । জন সমাজত বৈষ্ণব ধৰ্মৰ লগতে সাহিত্য আৰু সংস্কৃতি ৰ সম্প্ৰসৰণ সম্ভব কৰি তোলাটোয়ে আছিল সত্ৰ সমূহৰ মূল লক্ষ্য ।


2. পাঠশালা কি ?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰ :-পাঠশালা হৈছে এটা পুৰণি শিক্ষাৰ অনুষ্ঠান । ই পুৰণি কালত হিন্দু সমাজৰ শিশু সকলক শিক্ষা দিয়াৰ মূল কেন্দ্ৰ বিন্দু আছিল । পাঠশালা ত পণ্ডিত সকলে সংস্কৃত ভাষাৰ মাধ্যমত ধৰ্মীয় শিক্ষা সকলোকে দান কৰিছিল। পাঠশালা নামৰ শিক্ষানুষ্ঠান বোৰ মন্দিৰ, বা মঠ বোৰত স্থাপন কৰিছিল। কিছুমান ধনী ব্যক্তি সমূহে পাঠশালা সমূহৰ উন্নতিৰ অৰ্থে দান বৰঙনি আগবঢ়াইছিল। পাঠশালাত যদিও শিক্ষাৰ্থী সকলে মাছুল দিব নালাগিছিল কিন্তু কিছুমান শিক্ষাৰ্থীয়ে নিজ ইচ্ছাৰে মাছুল দিছিল ।পাঠশালা সমূহৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ মাধ্যমত উপযুক্ত পণ্ডিত সৃষ্টি কৰা ।


3. 'শ্ৰীৰামপুৰ ত্ৰয়ী' নামেৰে জনজাত তিনিগৰাকী মিছনেৰীৰ নাম কি কি আছিল ?

(এই প্ৰশ্নটো 2002, 2003, আৰু 2008 চনত আহিছিল)

উত্তৰ :-  'শ্ৰীৰামপুৰ ত্ৰয়ী' নামেৰে জনজাত তিনিগৰাকী মিছনেৰীৰ নাম হল -  ধৰ্মযাজক - কেৰী ,  মুদ্ৰক- ওৱাৰ্ড আৰু শিক্ষক - মাচৰ্চমেন ।


4. শিক্ষাৰ ক্ষেত্ৰত নামঘৰৰ ভূমিকা কি ?

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰ :- নামঘৰ শব্দৰ অৰ্থ হল - বৈষ্ণৱ আৰু হিন্দু ধৰ্মৰ লোক সকলে ব্যৱহাৰ কৰা এটা প্ৰাৰ্থনা ঘৰ। পুৰণি কালত নামঘৰত শিক্ষা প্ৰদানৰ ব্যবস্থা কৰা হৈছিল ।  শিক্ষা প্ৰদানৰ বাবে বিভিন্ন ধৰণৰ   ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা  হৈছিল। নামধৰ্ম প্ৰচাৰৰ লগতে বিভিন্ন নৃত্য, কলা শিল্প চৰ্চা আদিৰ ব্যবস্থা কৰিছিল। সমাজৰ লোক সকলে তাত অংশ গ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰিছিল । আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি নোহোৱা লৈ নামঘৰ ত শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল । 


5. অসমত সত্ৰ স্থাপন কৰা দুজন বিশিষ্ট ধাৰ্মিক নেতাৰ নাম লিখা ।

(এই প্ৰশ্নটো 2003 আৰু 2005 চনত আহিছিল)

উত্তৰ :- অসমত সত্ৰ স্থাপন কৰা দুজন বিশিষ্ট ধাৰ্মিক নেতাৰ নাম  হল - মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ।


6. অসমীয়া-ইংৰাজী অভীধান ৰচনা কৰা প্ৰথমজন মিছনাৰীৰ নান লিখা । ই কোন চনত প্ৰকাশিত হৈছিল ?

 (এই প্ৰশ্নটো 2005, 2009, আৰু 2010 চনত আহিছিল)

উত্তৰ :- অসমীয়া-ইংৰাজী অভীধান ৰচনা কৰা প্ৰথমজন মিছনাৰীৰ নাম হল - ডঃ ব্ৰণছন । ই ১৮৪৬  চনত প্ৰকাশিত হৈছিল।


7. নামঘৰৰ বিষয়ে সংক্ষেপে লিখা ।

(এই প্ৰশ্নটো 1999 আৰু 2000 চনত আহিছিল)

উত্তৰ :- নামঘৰ শব্দৰ অৰ্থ হল - বৈষ্ণৱ আৰু হিন্দু ধৰ্মৰ লোক সকলে ব্যৱহাৰ কৰা এটা প্ৰাৰ্থনা ঘৰ। পুৰণি কালত নামঘৰত শিক্ষা প্ৰদানৰ ব্যবস্থা কৰা হৈছিল ।  শিক্ষা প্ৰদানৰ বাবে বিভিন্ন ধৰণৰ   ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা  হৈছিল। নামধৰ্ম প্ৰচাৰৰ লগতে বিভিন্ন নৃত্য, কলা শিল্প চৰ্চা আদিৰ ব্যবস্থা কৰিছিল। সমাজৰ লোক সকলে তাত অংশ গ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰিছিল । আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি নোহোৱা লৈ নামঘৰ ত শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল । 


8. সহায়ক অনুবাদ মানে কি ?

(এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰ :- ভাৰতীয় শিক্ষাৰ সকলো খৰচ কোম্পানীয়ে বহন কৰিব নোৱাৰাত সহায়ক অনুদানৰ ব্যবস্থা কৰাৰ পৰামৰ্শ উডৰ ঘোষণাপত্ৰত সন্নিবিষ্ট কৰা হয়। স্কুল পৰিচালনা সমিতিবোৰে স্থাপন কৰা ধৰ্ম নিৰপেক্ষ স্কুল বোৰক সহায়ক অনুদান দিয়াৰ বাবে পৰামৰ্শ দিয়ে।


9. টোল মানে কি ?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰ :- পুৰণি শিক্ষানুষ্ঠান সমূহৰ ভিতৰত টোল বোৰৰ প্ৰকৃতি বিশেষ ধৰণৰ ।টোল বোৰক সংস্কৃত বিদ্যালয় বুলি জনা যায় ।

টোল বোৰে ভাৰতবৰ্ষত শিক্ষা সম্প্ৰসাৰণত অৰিহণা যোগায় আহিছে । গ্ৰাম্য অঞ্চলৰ অধ্যাপক তথা  পণ্ডিত সকলে কেইগৰাকী মান শিষ্যক লৈ টোলবোৰ গঢ়ি তুলিছিল। শিষ্য সকলক খোৱা পিন্ধা আৰু থকাৰ সুবিধা বিনামূলীয়া কৈ দিয়া হৈছিল । প্ৰতিখন টোলে শিক্ষাদান দিয়াৰ বাবে ২৫ জনকৈ শিক্ষাৰ্থীক নামভৰ্তিৰ সুবিধা দিছিল । টোল বোৰত শিক্ষাৰ কাল সাধাৰণতে ৬ বছৰৰ পৰা ৮  বছৰলৈ আছিল ।


10. প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগে দিয়া পৰামৰ্শৰ চাৰিটা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰ :- প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগে দিয়া পৰামৰ্শৰ চাৰিটা হল - 

১. প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।

২. আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা ব্যাধতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

. বিদ্যালয় সমূহত মাছুল দিয়াৰ ব্যৱস্থা থাকিব , কিন্তু আৰ্থিক ভাবে পিছপৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৰেহাইৰ ব্যবস্থা কৰা হব । 

৪. পিছপৰা অঞ্চলৰ লগতে বিশেষকৈ আদিবাসী অঞ্চলত স্কুল স্থাপন ৰ ব্যবস্থা চৰকাৰে কৰিব ।



11. ১৯২৬ চনত অসম প্ৰথমিক শিক্ষা আইনৰ চাৰিটা মূল চৰ্ত উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰ :- ১৯২৬ চনত অসম প্ৰথমিক শিক্ষা আইনৰ চাৰিটা মূল চৰ্ত হল - 

১. এই আইন খন সমগ্র অসমতে প্ৰযোজ্য হব ।সকলো চৰকাৰী আৰু সাহায্য প্ৰাপ্ত বিদ্যালয়তে প্ৰাথমিক শিক্ষা বিনামূলীয়া হব । 

২. শিক্ষা সমিতিৰ অনুমোদন ক্ৰমে দুখীয়া লৰা ছোৱালীক কিতাপ প্ৰত্ৰ আদি বিনামূলীয়াকৈ দিয়া হব ।

৩.  বিদ্যালয় ৰ শিক্ষাৰ্থী সকলৰ কৃতিত্ব জোখ লোৱাৰ বাবে বাহ্যিক  পৰীক্ষাৰ পৰিবৰ্তে আভ্যন্তৰীণ পৰীক্ষাৰ ব্যবস্থা কৰিব লাগিব ।

৪. প্ৰাথমিক শিক্ষা  সম্পূৰ্ণ ভাবে সমাপ্ত কৰি শিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ, চাৰ্টিফিকেট দিয়াৰ ব্যবস্থা কৰিব লাগিব।


12. গান্ধীজীৰ বুনীয়াদী শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2003 আৰু 20008 চনত আহিছিল)

উত্তৰ :-  গান্ধীজীৰ বুনীয়াদী শিক্ষাৰ দুটা বৈশিষ্ট্য হল - 

১. শিক্ষাক শিল্প কেন্দ্ৰিক কৰি গঢ়ি তুলি শিশু সকলৰ মানসিক শক্তি শক্তিশালী কৰি তোলা ।

২. বুনিয়াদী শিক্ষাৰ আন এটা বিশেষত্ব হল মাতৃ ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা। 


13. সত্ৰৰ বিষয়ে চমুকৈ লিখা ।

 (এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰ :- সমাজত নাম ধৰ্ম, নৃত্য সংগীত, কলা সংস্কৃতি, শিল্প আদি চৰ্চা আৰু প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা সামাজিক অনুষ্ঠান হৈছে সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৰ্ম জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অবদান হৈছে সত্ৰ সমূহ । সত্ৰ সমূহক অসমীয়া সংস্কৃতিৰ মূল কেন্দ্ৰ বিন্দু বুলি কব পাৰি । জন সমাজত বৈষ্ণব ধৰ্মৰ লগতে সাহিত্য আৰু সংস্কৃতি ৰ সম্প্ৰসৰণ সম্ভব কৰি তোলাটোয়ে আছিল সত্ৰ সমূহৰ মূল লক্ষ্য ।


14. পুৰণী দেশীয় শিক্ষাৰ সমৰ্থনত তিনিটা সবল দিশ লিখা ।

 (এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰ :- পুৰণী দেশীয় শিক্ষাৰ সমৰ্থনত তিনিটা সবল দিশ হল -

১.পুৰণী দেশীয় শিক্ষা ব্যৱস্থাত গুৰু সকলে নিজৰ গৃহত ছাত্ৰশালা স্থাপন কৰি ছাত্ৰ সকলক শিক্ষা দিয়াৰ ব্যবস্থা কৰিছিল আৰু গুৰু গৃহত শিক্ষা লাভ কৰি শিষ্য আৰু গুৰু ৰ মাজত এক পিতা পুত্ৰৰ দৰে সম্বন্ধ গঢ়ি উঠিছিল।

২.পুৰণী দেশীয় শিক্ষা ব্যৱস্থাত মাছুল দিয়াৰ প্ৰয়োজন নাছিল বাবে আৰ্থিক অৱস্থা স্বচ্ছল নথকা শিষ্য সকলেও সমানে শিক্ষা লাভৰ সুবিধা পাইছিল ।

৩.পুৰণী দেশীয় শিক্ষা ব্যৱস্থাত ঋষি সকলে নিজৰ পুত্ৰৰ লগতে ক্ষত্ৰিয় সকলৰ লৰা ছোৱালীক নিজৰ শিষ্য পাতি শিক্ষা প্ৰদান কৰিছিল। আৰু ঋষি সকলে তেওঁলোকক বেদ বেদান্ত ৰ জ্ঞান প্ৰদান কৰিছিল। 



15. উদৰ নিৰ্দেশনামাৰ তিনিটা সবল দিশ উল্লেখ কৰা ।

 (এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰ :- . উদৰ নিৰ্দেশনামাৰ তিনিটা সবল দিশ হল - 

১. মাধ্যমিক স্কুলৰ পাঠ্যক্ৰসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতীয়াল আৰু ব্যবহাৰিক বিষয় অন্তৰ্ভুক্ত কৰিছিল। 

২. শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

৩. ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰাৰ ব্যবস্থা কৰিছিল ।


16. প্ৰাচ্য-পাশ্চাত্য সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :- প্ৰাচ্য-পাশ্চাত্য সংঘাতৰ দুটা কাৰণ হল -

১. শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হব , শিক্ষাৰ মাধ্যম কি হব , শিক্ষাৰ দায়িত্ব কোনে লব , এই সকলোবোৰ  কথাৰ বাবে দল সমূহৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ।

২. শিক্ষাৰ মাধ্যম সম্বন্ধে ও পৌৰাণিক শাস্ত্ৰীয় ভাষা, আধুনিক ভাৰতীয় ভাষা , আৰু ইংৰাজী ভাষা সমৰ্থন কাৰি সকলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ।


17. জিলা প্ৰথমিক শিক্ষা আঁচনিৰ দুটা উদ্দেশ্য লিখা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :- জিলা প্ৰথমিক শিক্ষা আঁচনিৰ দুটা উদ্দেশ্য হল -

১. নিয়োগ ব্যবস্থা , শিক্ষণ সিদ্ধি লাভ, স্থবিৰতাৰ হাৰৰ ক্ষেত্ৰত লিংগ ভিত্তিক ব্যৱধান ৰ হাৰ হ্ৰাস কৰাৰ ব্যবস্থা, অতি কমেও শতকৰা ৫ হাৰত ইত্যাদি নিশ্চিত কৰা ।

২. ৰীতি সিদ্ধ শিক্ষাৰ মাধ্যম অথবা অনৈপচাৰিক শিক্ষাৰ মাধ্যম সমূহৰ মাধ্যমেৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰলৈ সকলো শিশুৰ প্ৰৱেশৰ ব্যবস্থা নিশ্চিত কৰা ।


18. নিম্ন পৰিস্ৰৱণ নীতি বুলিলে তুমি কি বুজা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :-  যি শিক্ষাদান ব্যৱস্থাত উচ্চ শ্ৰেণীৰ কেইজন মান লোকক শিক্ষা দি সেই শিক্ষা জনসাধাৰণৰ মাজত বিয়পাই দিয়াৰ ব্যৱস্থা কৰিছিল অৰ্থাৎ উচ্চৰ পৰা নিম্নলৈ শিক্ষা দিয়া বাবে এই নীতিটোক নিম্ন পৰিস্ৰৱণ নীতি বুলি কোৱা হয় ।


19. বিশ্ববিদ্যালয় অনুদান আয়োগৰ দুটা কাৰ্য লিখা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :-বিশ্ববিদ্যালয় অনুদান আয়োগৰ দুটা কাৰ্য হল -

১. বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আবশ্যকীয় ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শ সমূহৰ  কাৰ্য কৰণত সহায় কৰা ।

. বিশ্ববিদ্যালয় সমূহক যিকোনো অনুদান আগবঢ়াবলৈ  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে ।


20. ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ দুটা সুবিধা|ব্যৱস্থা উল্লেখ কৰা।

 (এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :- ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ দুটা সুবিধা|ব্যৱস্থা হল -

১. প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত  ২০১০ চনৰ ভিতৰত  সাৰ্বজনীন সংৰক্ষণ নিশ্চিত কৰা আৰু সকলো শিশুৰ শিক্ষা সম্পূৰ্ণ কৰা। 

২. প্ৰাথমিক  শিক্ষাৰ স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁৰত কৰা ।


21. প্ৰচীন ভাৰতবৰ্ষৰ গুৰুকূল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰ :- প্ৰচীন ভাৰতবৰ্ষৰ গুৰুকূল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হল-

১. গুৰুকুল শিক্ষা ত গুৰু গৃহত ৰাখি শিষ্য সকলক মানসিক আৰু আধ্যাত্মিক বিকাশৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া হৈছিল ।

২. গুৰুকুল্ শিক্ষাত গুৰু সকলে নিজৰ শিষ্য সকলক  বেদ বেদান্ত আদি অধ্যয়ন কৰাইছিল লগতে দেৱ দেৱীৰ পূজা অৰ্চনা কৰাত গুৰুত্ব দিছিল ।


22. অসমৰ শিক্ষাক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিচনেৰীসকলৰ দুটা প্ৰধান অৱদান উল্লেখ কৰা ।

 (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰ :- অসমৰ শিক্ষাক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিচনেৰীসকলৰ দুটা প্ৰধান অৱদান হল - 

১.  শিক্ষাৰ সম্পসাৰণৰ বাবে খ্ৰীষ্টিয়ান মিচনেৰী সকলে অসমত কেইবাখনো স্কুল স্থাপন কৰে।

২. খ্ৰীষ্টিয়ান মিচনেৰী সকলে পোন প্ৰথমবাৰৰ বাবে অসমীয়াত প্ৰথম অভিধান , আৰু অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ লিখি উলিয়ায়। যিয়ে  অসমৰ শিক্ষাত এক অনবদ্য অৱদান আগবঢ়াই ।


23. 'সম্পূণ সাক্ষৰতা অভিযান' বুলিলে তুমি কি বুজা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰ :- 'সম্পূণ সাক্ষৰতা অভিযান' হল এখন শিক্ষা আঁচনি । এই আঁচনি খন মূল উদ্দেশ্য হৈছে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি তোলা । 'সম্পূণ সাক্ষৰতা অভিযান' হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা শিক্ষাক  সাৰ্বজনীন ৰূপ দিয়াৰ প্ৰয়াস। এই অভিযানৰ মূল লক্ষ্য হৈছে ২০১০ চনৰ ভিতৰত ৬-১৪ বছৰৰ সকলো শিশুক উপযোগী আৰু প্ৰাথমিক শিক্ষা আঞ্চলিক আৰু লিংগ বৈষম্য নোহোৱাকৈ প্ৰদান কৰাৰ ব্যবস্থা কৰা।  যাতে সকলো শিশু সাক্ষৰ হৈ উঠে । 


24. ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ দুটা প্ৰধান পৰামৰ্শ লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰ :-  ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ দুটা প্ৰধান পৰামৰ্শ হল - 

১. শিক্ষা বিভাগ স্থাপন - ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে  । আৰু একোজন শিক্ষা সঞ্চালক ‌ নিযুক্তি দিয়া ব্যবস্থা কৰিব লাগে ।

২. শিক্ষক প্ৰশিক্ষণ - শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা  উডৰ প্ৰতিবেদনত উল্লেখ কৰিছে । এই দেচপাত মতে ভৱিষ্যতে শিক্ষক হবৰ বাবে উপযুক্ত লৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাচি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে ।



25. গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰ :-  গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য  হল - 

১. বুনিয়াদী শিক্ষা শিশু কেন্দ্ৰিক শিক্ষা বুলি কব পাৰি এই শিক্ষাৰ মাধ্যমেৰে শিশুৱে হাতে কামে শিকিবলৈ সুযোগ পাব ।

২. এই শিক্ষাই শিশু সকলক স্বাৱলম্বী হোৱাত সহায় কৰিব আৰু হস্তশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্যৰে  নিজৰ খৰছ পাতিৰ লগতে শিক্ষকৰ দৰমহা দিব পাৰিব। 



26. ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত থকা দুটা সুবিধা লিখা ।

 (এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰ :- ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত থকা দুটা সুবিধা হল - 

১. শিক্ষাৰ ক্ষেত্ৰত যিবিলাক আন্ত ৰাজ্যিক তাৰতম্য আছে , সেই বিলাক দিশৰ বৈষম্যতা নাইকীয়া কৰিবলৈ সম সুবিধা প্ৰদান কৰিব ।

২. অনুন্নত ৰাজ্য সমূহলৈ অধিক  পৰিমাণৰ বিত্তীয় সাহায্য আগবঢ়াব । 


27. 'মনিটৰিয়েল প্ৰথা' বুলিলে তুমি কি বুজা ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰ :- ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত   'মনিটৰিয়েল প্ৰথা' হল মিচনেৰী শিক্ষা ব্যবস্থাৰ এটি বিশেষ প্ৰথা। মিচনেৰী সকলে শিক্ষা প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে স্কুল স্থাপন কৰিছিল । এই স্কুল বোৰত লৰা ছোৱালী ৰ সংখ্যা অধিক বাঢ়ি যোৱাত আৰ্থিক কাৰণত শিক্ষকৰ সংখ্যা বঢ়াব পৰা নাছিল। আৰু তেতিয়া  এনড্ৰু বেল নামৰ চাহাব এজনে তলৰ শ্ৰেণীৰ ছাত্ৰক ওপৰৰ শ্ৰেণীৰ ওজা ছাত্ৰই পঢ়োৱা নিয়ম কৰি দিছিল।  ওপৰৰ শ্ৰেণীৰ বছা বচা লৰাবৰোক ' মনিটৰ' পাতি তলৰ শ্ৰেণীক পঢ়াবলৈ দিয়া বাবে এই প্ৰথাটো  'মনিটৰিয়েল প্ৰথা' বুলি জনা যায় ।


28. ১৮৮২ চনৰ হাণ্টাৰ আয়োগৰ দুটা প্ৰধান পৰামৰ্শ উল্লেখ কৰা ।

 (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰ :- ১৮৮২ চনৰ হাণ্টাৰ আয়োগৰ দুটা প্ৰধান পৰামৰ্শ হল -

. আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা বাধ্যতমূলক কৰিবলৈ চেষ্টা কৰা । আৰু  প্ৰাথমিক শিক্ষা মাতৃ ভাষাৰ মাধ্যমেৰে দিয়া হব ।

২. প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণৰ আৰু বিকাশৰ বাবে চৰকাৰে ব্যবস্থা গ্ৰহণ কৰিব ।


29. 'সত্ৰ' কি ?

 (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰ :- সমাজত নাম ধৰ্ম, নৃত্য সংগীত, কলা সংস্কৃতি, শিল্প আদি চৰ্চা আৰু প্ৰচাৰৰ বাবে ব্যবহাৰ কৰা সামাজিক অনুষ্ঠান হৈছে সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৰ্ম জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অবদান হৈছে সত্ৰ সমূহ । সত্ৰ সমূহক অসমীয়া সংস্কৃতিৰ মূল কেন্দ্ৰ বিন্দু বুলি কব পাৰি । জন সমাজত বৈষ্ণব ধৰ্মৰ লগতে সাহিত্য আৰু সংস্কৃতি ৰ সম্প্ৰসৰণ সম্ভব কৰি তোলাটোয়ে আছিল সত্ৰ সমূহৰ মূল লক্ষ্য ।


30. প্ৰাচ্য-পাশ্চাত্য সংঘাতৰ দুটা প্ৰধান কাৰণ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰ :- . প্ৰাচ্য-পাশ্চাত্য সংঘাতৰ দুটা প্ৰধান কাৰণ হল -

১. শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হব , শিক্ষাৰ মাধ্যম কি হব , শিক্ষাৰ দায়িত্ব কোনে লব , এই সকলোবোৰ  কথাৰ বাবে দল সমূহৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ।

২. শিক্ষাৰ মাধ্যম সম্বন্ধে ও পৌৰাণিক শাস্ত্ৰীয় ভাষা, আধুনিক ভাৰতীয় ভাষা , আৰু ইংৰাজী ভাষা সমৰ্থন কাৰি সকলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল ।



C. Essay type Questions :

1. হাণ্টাৰ আয়োগে ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ বাবে আগবঢ়োৱা ছয়টা পৰামৰ্শ লিখা ।

(এই প্ৰশ্নটো 1999, 2007, আৰু 2009 চনত আহিছিল)

উত্তৰ :- ১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰ মতে ভাৰতৰ প্ৰাথমিক শিক্ষাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিলে শিক্ষাত আমূল পৰিবৰ্তন দেখা দিব, কিন্তু কাৰ্য ক্ষেত্ৰত দেখা গল যে চৰকাৰে মেকলৰ নিম্নমুখি নিতিকে অনুসৰণ কৰে আৰু তাৰ ফলস্বৰূপে ভাৰতত উচ্চ শিক্ষাৰ হে আমূল পৰিবৰ্তন সাধন হয় । উচ্চ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দি জ্ঞান শিক্ষাৰ অৰ্থে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত মনোযোগ নিদিয়া বাবে শিক্ষা সম্প্ৰসাৰণত বাধাৰ সৃষ্টি হল । আৰু তাৰ বাবে ১৮৮২ চনৰ ৩ ফেব্ৰুৱৰীত লৰ্ড ৰিপনে ভাৰতত প্ৰথম শিক্ষা আয়োগ বহুৱাবলৈ নিৰ্দেশ দিয়ে । এই আয়োগৰ সভাপতি আছিল চাৰ উইলিয়াম হাণ্টাৰ। তেওঁৰ নাম অনুসৰি আয়োগ খনৰ নাম হাণ্টাৰ আয়োগ বুলি জনা যায় ।

                হাণ্টাৰ আয়োগে ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ বাবে আগবঢ়োৱা ছয়টা পৰামৰ্শ হল - 

১. প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।

২. আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা ব্যাধতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

৩. নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা ব্যধতামূলক নহব ।

৪. বিদ্যালয় সমূহত মাছুল দিয়াৰ ব্যৱস্থা থাকিব , কিন্তু আৰ্থিক ভাবে পিছপৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৰেহাইৰ ব্যবস্থা কৰা হব । 

৫. পিছপৰা অঞ্চলৰ লগতে বিশেষকৈ আদিবাসী অঞ্চলত স্কুল স্থাপন ৰ ব্যবস্থা চৰকাৰে কৰিব ।

৬. প্ৰয়োজন অনুসৰি ঠায়ে ঠায়ে নৈশ বিদ্যালয় স্থাপন কৰা হব ।

            হাণ্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শৱলীৰ ফল স্বৰূপে ভাৰতত প্ৰাথমিক শিক্ষাৰ বহুত পৰিবৰ্তন হৈ উঠে। দেশৰ প্ৰায় সকলো ঠাইতে প্ৰাথমিক শিক্ষাই যথেষ্ট সমাদৰ লাভ কৰি উঠিছিল ।



2. ১৯২৬ চনৰ অসম প্ৰথমিক শিক্ষা আইনত উল্লিখিত ছয়তা চৰ্তাৱলী লিখা ।

(এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰ :-  ১৯২৬ চনৰ অসম প্ৰথমিক শিক্ষা আইনত উল্লিখিত ছয়তা চৰ্তাৱলী হল -

১. এই আইন খন সমগ্র অসমতে প্ৰযোজ্য হব ।সকলো চৰকাৰী আৰু সাহায্য প্ৰাপ্ত বিদ্যালয়তে প্ৰাথমিক শিক্ষা বিনামূলীয়া হব । 

২. প্ৰাথমিক শিক্ষা ব্যধতামূলক কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষই এখন আঁচনি তৈয়াৰ কৰি লব লাগিব । এই আঁচনি খনত প্ৰচলিত প্ৰাথমিক শিক্ষাত  স্থানীয় কৰ্তৃপক্ষই খৰচ কৰা ধন ৰ হিচাপ আৰু প্ৰস্তাবিত ব্যধতামুলক প্ৰাথমিক শিক্ষাত বহন কৰিবলগীয়া খৰচৰ হিচাপ চৰকাৰক দাখিল কৰিব ।

৩. স্থানীয় কৰ্তৃপক্ষৰ প্ৰস্তাৱ যদি চৰকাৰে গ্ৰহণ কৰে তেতিয়াহলে বাকী থকা দুই তৃতীয়াংশ খৰচো চৰকাৰে বহন কৰিব ।

৪. শিক্ষা সমিতিৰ অনুমোদন ক্ৰমে দুখীয়া লৰা ছোৱালীক কিতাপ প্ৰত্ৰ আদি বিনামূলীয়াকৈ দিয়া হব ।

৫. প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ কৃতিত্ব জোখ লোৱাৰ বাবে বাহ্যিক  পৰীক্ষাৰ পৰিবৰ্তে আভ্যন্তৰীণ পৰীক্ষাৰ ব্যবস্থা কৰিব লাগিব ।

৬. প্ৰাথমিক শিক্ষা  সম্পূৰ্ণ ভাবে সমাপ্ত কৰি শিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ, চাৰ্টিফিকেট দিয়াৰ ব্যবস্থা কৰিব লাগিব।



3. ১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ যিকোনো ছয়টা পৰামৰ্শ লিখা ।

 (এই প্ৰশ্নটো 2001 আৰু 2010 চনত আহিছিল)

উত্তৰ :- ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ অনুসৰি ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাইছিল । এই চনদে দিয়া এক লাখ টকা খৰচ কৰা বিষয়ত কেনে নীতি অনুসৰণ কৰা হব আৰু কোনে তাৰ দায়িত্ব বহন কৰিব তাক লৈ বহু বছৰ পৰস্পৰ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছিল।  ইয়াৰ পিছত ১৮৫৩ চনত কোম্পানীৰ চনদ পুনঃ প্ৰবৰ্তিত কৰিবৰ সময়ত ভাৰতবৰ্ষত শিক্ষা সম্বন্ধে তথ্য অনুসন্ধান কৰাৰ ব্যবস্থা কৰা হল । ইয়াৰ ফলত ১৮৫৪ চনত ইতিহাস প্ৰসিদ্ধ শিক্ষা ঘোষনা পত্ৰ খন প্ৰকাশিত হয় । এই ঘোষনা পত্ৰ খনে সভাপতি আছিল বোৰ্ড অব কণ্ট্ৰোলৰ সভাপতি চাৰ্লচ উড আৰু তেওঁৰ নাম অনুসৰি ১৮৫৪ চনৰ ঘোষনা পত্ৰখনক উদৰ ঘোষনা পত্ৰ বুলি জনা যায়। 

১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ যিকোনো ছয়টা পৰামৰ্শ হল -

১. শিক্ষা বিভাগ স্থাপন - ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে  । আৰু একোজন শিক্ষা সঞ্চালক  নিযুক্তি দিয়া ব্যবস্থা কৰিব লাগে ।

২. শিক্ষক প্ৰশিক্ষণ - শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা  উডৰ প্ৰতিবেদনত উল্লেখ কৰিছে । এই দেচপাত মতে ভৱিষ্যতে শিক্ষক হবৰ বাবে উপযুক্ত লৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাচি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে ।

৩. পাঠ্যক্ৰমৰ উন্নতি সাধন :- মাধ্যমিক স্কুলৰ পাঠ্যক্ৰসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতীয়াল আৰু ব্যবহাৰিক বিষয় অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল ।

৪. স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ :- উদৰ ঘোষনা পত্ৰত পৰামৰ্শ দিয়ে যে স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ কাৰণে কোম্পানীৰ বিষয়া বিলাকে যত্ন লোৱা উচিত ।

৫. দায়িত্ব গ্ৰহণ :-  উদৰ ঘোষনা পত্ৰত কোৱা হৈছিল ইংৰাজী চৰকাৰে ভাৰতীয় লোকসকলক শিক্ষা প্ৰদানৰ দায়িত্ব বহন কৰিব। 

৬. চৰকাৰী স্কুল :- সাহায্য প্ৰাপ্ত স্কুলসমূহৰ  আদৰ্শ হিচাবে প্ৰতিখন জিলাতে একোখন চৰকাৰী মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

উদৰ ঘোষনা পত্ৰত  আগবঢ়োৱা পৰামৰ্শ সমূহে ভাৰতবৰ্ষৰ শিক্ষাত এক অনবদ্য অৱদান আগবঢ়াইছিল।


4. ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত মিছনাৰী সকলৰ অৱদানৰ বিষয়ে লিখা ?

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰ :- আধুনিক ভাৰতীয় শিক্ষাৰ ইতিবৃত্ত অধ্যয়ন কৰিবলৈ গলে প্ৰথমে খ্ৰীষ্টান মিছনেৰী সকলৰ নাম মনত আহে । মুছমানসকলৰ ৰাজত্বৰ শেষত বিভিন্ন মিছনেৰী সকল সন্থা বোৰ ভাৰতলৈ আহে । এই মিছনেৰী সকল ভাৰতীয় মানুহৰ মাজত খৃষ্টধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্য তেওঁলোক ভাৰতলৈ আহিছিল । পৰ্টুগীজ ভাস্কো- ডা - গামা ই ১৪৯৪ চনত ভাৰতলৈ আহে।  চেইন্ত ফ্ৰেনচিচ জেভিয়াৰ নামৰ ধৰ্মজাজক এজনে ধৰ্ম প্ৰচাৰৰ বাবে ১৫৪২  চনত ভাৰতলৈ আহিছিল আৰু শিক্ষা বিস্তাৰৰ কাম আৰম্ভ কৰিছিল । ভাৰতত বৰ্তমান যি শিক্ষা ব্যবস্থাৰ প্ৰচলন হৈ আসে সেই শিক্ষাক পদ্ধতি মিছনেৰী সকলৰ অবদান বুলি কোৱা হয় ।তেওঁলোকৰ উদ্দেশ্য ধৰ্ম প্ৰচাৰৰ আছিল যদিও তাৰ লগতে শিক্ষা ৰ ব্যবস্থাও কৰিছিল । ভাৰতীয় ভাষাত বিভিন্ন কিতাপ পত্ৰ লিখিছিল।  ইংৰাজী ভাষাৰ পৰা তেওঁলোকে দেশীয় ভাষালৈ পাঠ্যপুথি অনুবাদ কৰিলে, স্কুল কলেজ স্থাপন কৰি ভাৰতীয় মানুহৰ মন আকৰ্ষন কৰিলে । মিছনেৰী সকলৰ শিক্ষামূলক কাৰ্য সমূহৰ চমু বৰ্ণনা হল -

( ক )মাদ্ৰাজৰ কাৰ্যবলী - ১৭ শতিকাৰ আৰম্ভনিতে ডেনিছ মিছনেৰী সকলে  'জিগেনবাৰ্গ ' নামৰ পাদুৰী চাহাব এজনৰ নেতৃত্বত মাদ্ৰাজৰ ট্ৰানকুবেবাৰত এটা কেন্দ্ৰ খোলে । এই কেন্দ্ৰৰ মাধ্যমত মাদ্ৰাজত দুখন স্কুল স্থাপন কৰা হয় । এই স্কুল বোৰত অনাথ লৰা ছোৱালীক শিক্ষা দিয়া হৈছিল আৰু সেই বাবে এই দুয়োখন স্কুল সোনকালে কৃতকাৰ্যতা লাভ কৰিছিল । স্কোয়াটজ আৰু স্কালজ নামৰ দুজন বিখ্যাত মিছনেৰী অপ্ৰণ চেষ্টা কৰি মাদ্ৰাজৰ আশে পাশে থকা বহুতো ঠাইত স্কুল স্থাপন কৰি দক্ষিণ ভাৰতত আধুনিক শিক্ষাৰ বীজ ৰোপন কৰে ।

( খ) মুম্বাইৰ কাৰ্যবলী - মুম্বাইক ভাৰতৰ দুৱাৰ মুখ বুলি কোৱা হয়। বোম্বাইত ১৬ আৰু ১৭ শতিকাত পৰ্তুগীজ বিলাকে স্কুল কলেজ স্থাপন কৰে। ১৫৮০। চনত স্থাপন কৰা  ' জেচুইটছ কলেজ ' এনেধৰণৰ এখন উল্লেখনীয় শিক্ষানুস্থান । 

( গ) বঙ্গদেশৰ কাৰ্যবলী - মিচনেৰী সকলে তৃতীয় কেন্দ্ৰস্থল হিচাপে বংগ দেশত কুঠি পাতে । সেই সময়ত বেঙ্গল প্ৰেছিডেন্সি বৰ্তমান বংগদেশত কৈ বহুত ডাঙৰ আছিল।  ১৭৯৮ চনত কলিকতা ফ্ৰী স্কুল ছছাইটিয়ে এখন স্কুল স্থাপন কৰিছিল।  ভ1ৰতৰ গৱৰ্ণৰ জেনেৰেল নিজে এই স্কুলত পৃষঠপোষকৰূপে কাম কৰিছিল । চৰকাৰী চাকৰিয়াল সকলে এই স্কুল বাবে আৰ্থিক সাহায্য আগবঢ়ায় । মিছনেৰী সকলে ৪০ বছৰৰ কল বিভিন্ন উননয়নমূলক কামত জড়িত আছিল আৰু তেওঁলোকে বাংলা ভাষাত বহুতো কিতাপ পত্ৰ লিখিছিল আৰু কলিকতাৰ আশে পাশে বহুতো স্কুল স্থাপন কৰিছে। কেৰী, ওৱাৰ্ড আৰু মাৰ্চমেন কলিকতাৰ ওচৰত শ্ৰী ৰামপুৰ নামৰ ঠাইত কুঠী পাতি শিক্ষাৰ কাম আৰম্ভ কৰিছিল বাবে তেওঁলোকক একেলগে  " শ্ৰী ৰামপুৰ ক্ৰয় " বুলি জনা যায় ।


5. প্ৰাচ্য-প্ৰাশ্চ্যত্য বিবাদৰ বিষয়ে চমুকৈ লিখা ?

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰ :-  কম্পেনীৰ দলিলত চাৰ্টৰ আইনৰ দফাটো সন্নিবিষ্ট হোৱাত দেশী বিদেশী সকলো শিক্ষাৰ ক্ষেত্ৰত সচেতন হৈ পৰে । চৰকাৰে দিব খোজা এক লাখ টকা প্ৰয়োগ সম্বন্ধে ইয়াৰ পিছত ভাৰতবৰ্ষত দীৰ্ঘ দিন ধৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিতৰ্কৰ মুল কাৰণ আছিল আইনখনত থকা পৰামৰ্শৰ অস্পষ্টতা । এই ক্ষেত্ৰত তিনিটা ভিন্নমত গ্ৰহনকাৰী দলৰ সৃষ্টি হৈছিল । এটা দলে ভাৰতবৰ্ষৰ পুৰণি সংস্কৃত আৰু আৰবী ভাষা সমৰ্থন কৰিছিল , আৰু দ্বিতীয় দলটোৱে আধুনিক ভাৰতীয় ভাষা সংস্কৃতি বিকাশ কামনা কৰিছিল আকৌ তৃতীয় দলটোৱে ইংৰাজী ভাষা সাহিত্য আৰু বিজ্ঞান ভাৰতত বিকাশ হোৱাটো বিছাৰিছিল ।শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি হব , শিক্ষাৰ মাধ্যম কি হব , শিক্ষাৰ দায়িত্ব কোনে লব , এই সকলোবোৰ  কথাৰ বাবে দল সমূহৰ মাজত বিবাদৰ সৃষ্টি হৈছিল । এটা দলে শিক্ষাৰ দায়িত্ব চৰকাৰে লোৱাটো বিছাৰিছিল আৰু আনটো দলে শিক্ষাৰ দায়িত্ব দেশীয় অনুষ্ঠানবোৰ লোৱাটো বিছাৰিছিল আৰু সেইদৰে তৃতীয় দলটোৱে বিছাৰিছিল মিছনেৰী সকলে শিক্ষাৰ দায়িত্ব পালন কৰাতো । . শিক্ষাৰ মাধ্যম সম্বন্ধে ও পৌৰাণিক শাস্ত্ৰীয় ভাষা, আধুনিক ভাৰতীয় ভাষা , আৰু ইংৰাজী ভাষা সমৰ্থন কাৰি সকলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল । এই সকলো বোৰ দিশক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বিৰোধ ভাবক  প্ৰাচ্য-প্ৰাশ্চ্যত্য বিবাদ বুলি কোৱা হয় । এই বিবাদ সুদীৰ্ঘ ২২ বছৰ ধৰি চলিছিল । লৰ্ড মেকলে ভাৰতলৈ অহাৰ পিছতহে এই বিবাদৰ অন্ত পৰে ।



6. ১৮৫৪ চনৰ ঘোষণা পত্ৰখনত 'উদৰ ঘোষনা পত্ৰ' বুলি কিয় কোৱা হয় ? উডৰ নিৰ্দেশনামৰ ছয়টা নিৰ্দেশনাৰ বিষয়ে লিখা ।

 (এই প্ৰশ্নটো 2003 আৰু 2005 চনত আহিছিল) 

উত্তৰ :- ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ অনুসৰি ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাইছিল । এই চনদে দিয়া এক লাখ টকা খৰচ কৰা বিষয়ত কেনে নীতি অনুসৰণ কৰা হব আৰু কোনে তাৰ দায়িত্ব বহন কৰিব তাক লৈ বহু বছৰ পৰস্পৰ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছিল।  ইয়াৰ পিছত ১৮৫৩ চনত কোম্পানীৰ চনদ পুনঃ প্ৰবৰ্তিত কৰিবৰ সময়ত ভাৰতবৰ্ষত শিক্ষা সম্বন্ধে তথ্য অনুসন্ধান কৰাৰ ব্যবস্থা কৰা হল । ইয়াৰ ফলত ১৮৫৪ চনত ইতিহাস প্ৰসিদ্ধ শিক্ষা ঘোষনা পত্ৰ খন প্ৰকাশিত হয় । এই ঘোষনা পত্ৰ খনৰ সভাপতি আছিল বোৰ্ড অব কণ্ট্ৰোলৰ সভাপতি চাৰ্লচ উড আৰু তেওঁৰ নাম অনুসৰি ১৮৫৪ চনৰ ঘোষনা পত্ৰখনক উদৰ ঘোষনা পত্ৰ বুলি জনা যায়। 

১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ যিকোনো ছয়টা পৰামৰ্শ হল -

১. শিক্ষা বিভাগ স্থাপন - ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে  । আৰু একোজন শিক্ষা সঞ্চালক  নিযুক্তি দিয়া ব্যবস্থা কৰিব লাগে ।

২. শিক্ষক প্ৰশিক্ষণ - শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা  উডৰ প্ৰতিবেদনত উল্লেখ কৰিছে । এই দেচপাত মতে ভৱিষ্যতে শিক্ষক হবৰ বাবে উপযুক্ত লৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাচি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে ।

৩. পাঠ্যক্ৰমৰ উন্নতি সাধন :- মাধ্যমিক স্কুলৰ পাঠ্যক্ৰসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতীয়াল আৰু ব্যবহাৰিক বিষয় অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল ।

৪. স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ :- উদৰ ঘোষনা পত্ৰত পৰামৰ্শ দিয়ে যে স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ কাৰণে কোম্পানীৰ বিষয়া বিলাকে যত্ন লোৱা উচিত ।

৫. দায়িত্ব গ্ৰহণ :-  উদৰ ঘোষনা পত্ৰত কোৱা হৈছিল ইংৰাজী চৰকাৰে ভাৰতীয় লোকসকলক শিক্ষা প্ৰদানৰ দায়িত্ব বহন কৰিব। 

৬. চৰকাৰী স্কুল :- সাহায্য প্ৰাপ্ত স্কুলসমূহৰ  আদৰ্শ হিচাবে প্ৰতিখন জিলাতে একোখন চৰকাৰী মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।




7. ১৯২৬ চনৰ অলম প্ৰথমিক শিক্ষা আইনৰ আঠটা মূল চৰ্তৰ বিযয়ে উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰ :- ১৯২৬ চনৰ অসম প্ৰথমিক শিক্ষা আইনত উল্লিখিত আঠটা  চৰ্তাৱলী হল -

১. এই আইন খন সমগ্র অসমতে প্ৰযোজ্য হব ।সকলো চৰকাৰী আৰু সাহায্য প্ৰাপ্ত বিদ্যালয়তে প্ৰাথমিক শিক্ষা বিনামূলীয়া হব । 

২. প্ৰাথমিক শিক্ষা ব্যধতামূলক কৰাৰ বাবে স্থানীয় কৰ্তৃপক্ষই এখন আঁচনি তৈয়াৰ কৰি লব লাগিব । এই আঁচনি খনত প্ৰচলিত প্ৰাথমিক শিক্ষাত  স্থানীয় কৰ্তৃপক্ষই খৰচ কৰা ধন ৰ হিচাপ আৰু প্ৰস্তাবিত ব্যধতামুলক প্ৰাথমিক শিক্ষাত বহন কৰিবলগীয়া খৰচৰ হিচাপ চৰকাৰক দাখিল কৰিব ।

৩. স্থানীয় কৰ্তৃপক্ষৰ প্ৰস্তাৱ যদি চৰকাৰে গ্ৰহণ কৰে তেতিয়াহলে বাকী থকা দুই তৃতীয়াংশ খৰচো চৰকাৰে বহন কৰিব ।

৪. শিক্ষা সমিতিৰ অনুমোদন ক্ৰমে দুখীয়া লৰা ছোৱালীক কিতাপ প্ৰত্ৰ আদি বিনামূলীয়াকৈ দিয়া হব ।

৫ . প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ কৃতিত্ব জোখ লোৱাৰ বাবে বাহ্যিক  পৰীক্ষাৰ পৰিবৰ্তে আভ্যন্তৰীণ পৰীক্ষাৰ ব্যবস্থা কৰিব লাগিব ।

৬. প্ৰাথমিক শিক্ষা  সম্পূৰ্ণ ভাবে সমাপ্ত কৰি শিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ, চাৰ্টিফিকেট দিয়াৰ ব্যবস্থা কৰিব লাগিব।

৭. বাধ্যতা মুলক  প্ৰাথমিক শিক্ষা প্ৰবৰ্তনৰ বাবে যদি কোনো স্থানীয় কৰ্তৃপক্ষই সময়মতে আঁচনি দাখিল কৰিব নোৱাৰে তেতিয়াহলে চৰকাৰে স্থানীয় কৰ্তৃপক্ষক এইটো কৰিবলৈ নিৰ্দেশ দিব পাৰে ।

৮. চৰকাৰে আগতে জাননী দি আইন সংক্ৰান্ত বিশেষকৈ শিক্ষকৰ শিক্ষা সমিতি গঠন আৰু শিক্ষা নীতি পৰিচালনা সংক্ৰান্তত নীতি নিয়ম কৰি দিব পাৰিব ।




8. হাণ্টাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল ? ইয়াৰ অধ্যক্ষ কোন আছিল । এই আয়োগে প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়ো ছয়টা পৰামৰ্শ লিখা ।

 (এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰ :- হাণ্টাৰ আয়োগ  ১৮৮২ চনৰ ৩ ফেব্ৰুৱৰীত চনত গঠন কৰা হৈছিল ।

ইয়াৰ অধ্যক্ষ  চাৰ উইলিয়াম হাণ্টাৰ আছিল । 

  এই আয়োগে প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়ো ছয়টা পৰামৰ্শ হল -

১. প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।

২. আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা ব্যাধতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

৩. নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা ব্যধতামূলক নহব ।

৪. বিদ্যালয় সমূহত মাছুল দিয়াৰ ব্যৱস্থা থাকিব , কিন্তু আৰ্থিক ভাবে পিছপৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৰেহাইৰ ব্যবস্থা কৰা হব । 

৫. পিছপৰা অঞ্চলৰ লগতে বিশেষকৈ আদিবাসী অঞ্চলত স্কুল স্থাপন ৰ ব্যবস্থা চৰকাৰে কৰিব ।

৬. প্ৰয়োজন অনুসৰি ঠায়ে ঠায়ে নৈশ বিদ্যালয় স্থাপন কৰা হব ।

হাণ্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শৱলীৰ ফল স্বৰূপে ভাৰতত প্ৰাথমিক শিক্ষাৰ বহুত পৰিবৰ্তন হৈ উঠে। 


9. বুনীয়াদী শিক্ষাৰ প্ৰচলন কৰাৰ পাঁচটা প্ৰধান আৰ্দশ উল্লেখ কৰা । ভাৰতবৰ্ষত এই শিক্ষা বিফল হোৱাৰ পাঁচটাকাৰণ দেখুওৱা ।

(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰ :- বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বুলি কোৱা হয় ।

বুনীয়াদী শিক্ষাৰ প্ৰচলন কৰাৰ পাঁচটা প্ৰধান আৰ্দশ হল -

১.বুনীয়াদী শিক্ষা ব্যবস্থাই কৰ্ম সম্পাদন মাজেৰে জ্ঞান আহৰণ কৰাত অধিক গুৰুত্ব দিছিল ।

২. ইয়াৰ মাধ্যমত দিয়া আত্ম নিৰ্ভৰশীলতাৰ শিক্ষাই অৰ্থনৈতিক দিশত সহায় কৰিছিল ।

৩. এই শিক্ষা ব্যবস্থাত মাতৃ ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। 

৪. হস্ত শিল্পৰ মাধ্যমত শিক্ষা দিয়া বাবে এই শিক্ষা শিশুৰ বাবে স্বত:স্ফুত আৰু আনন্দময় হৈ পৰে ।

৫. বুনিয়াদী শিক্ষা ব্যবস্থাই শিক্ষাৰ্থীক ঘনিষ্ঠ ভাবে বৃত্তিৰ লগত সম্বন্ধ স্থাপন কৰাত সহায় কৰিছিল।

  ভাৰতবৰ্ষত এই শিক্ষা বিফল হোৱাৰ পাঁচটাকাৰণ হল - 

১. অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ পাঠ্যক্ৰম - বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ বাবে  অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ  হোৱা বাবে ই বুনিয়াদী শিক্ষক সফল কৰি তুলিব পৰা নাছিল। 

২. পৰীক্ষা  পদ্ধতি গতানুগতিক বিধৰ আছিল যাৰ বাবে বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত ই বাধাৰ সৃষ্টি কৰিছিল ।

৩. বুনিয়াদী শিক্ষা প্ৰদানৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাবে ভাৰতবৰ্ষত এই শিক্ষা বিফল কৰি তুলিছিল ।

৪. বুনিয়াদী শিক্ষা প্ৰদান কৰাৰ বাবে উপযুক্ত পাঠ্যপুঠিৰ অভাৱ দেখা পোৱা গৈছিল। যিয়ে এই শিক্ষাৰ বিকাশত বাধা স্বৰূপে দেখা দিছিল ।

৫. বুনিয়াদী শিক্ষাৰ প্ৰতি মানুহৰ ভুল মনোভাৱ  কিছুমান আছিল আৰু ভুল মনোভাৱ আৰু ভুল প্ৰয়োগৰ বাবে    ভাৰতবৰ্ষত এই শিক্ষা বিফল হৈ পৰিছিল ।

এই আঁচনি খন শুদ্ধ আছিল যদিও এই শিক্ষাৰ ভৱিষ্যত অলপো উজ্জল নহল আৰু গান্ধীজীয়ে আশা কৰা মতে এইবোৰৰ কাৰণ বাবে  শিক্ষাৰ পৰিবৰ্তন আনিব নোৱাৰিলে ।


10. প্ৰচীন দেশীয় শিক্ষা ব্যৱস্থা কাক বোলে ? ইয়াৰ অধঃপতনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2007 চনত আহিছিল)

উত্তৰ :-অতীতৰ শিক্ষা ব্যবস্থা ৰ ইতিহাস চালে দেখিবলৈ পোৱা যায় যে দেশৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দায়িত্ব পালন কৰা হোৱা নাছিল । কিছুমান বিদ্যানুৰাগী সকলে নিজ গৃহত ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যবস্থা কৰিছিল। এই প্ৰথাটোকে গুৰুকুল প্ৰথা বুলি জনা যায় । গুৰুৱে শিক্ষাৰ মূল কেন্দ্ৰ আছিল ।  গুৰুকুল প্ৰথাৰ পিছতে টোল আৰু পাঠশালা নামৰ দুবিধ শিক্ষানুষ্ঠান ৰ প্ৰচলন হৈছিল । টোল আৰু পাঠশালা ত শিক্ষাৰ আনুষ্ঠানিকতা পালন কৰা হৈছিল । এই দুবিধ অনুষ্ঠানৰ লগতে মুচলমান ৰাজত্ব কালত মোক্তাব‌ আৰু মাদ্ৰাছা নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল । উচ্চ পৰ্যায়ৰ ব্যক্তি সকলৰ বংশধৰ সকলহে ইয়াত শিক্ষা দিয়াৰ ব্যবস্থা কৰা হৈছিল । আৰু ইয়াকে প্ৰাচীন দেশীয় শিক্ষা ব্যৱস্থা বোলে। 

 প্ৰাচীন দেশীয় শিক্ষা ব্যৱস্থা অধঃপতনৰ তিনিটা প্ৰধান কাৰণ হল-

১. শিক্ষানুষ্ঠানৰ অভাৱ :-  প্ৰাচীন দেশীয় শিক্ষা ব্যৱস্থাত গুৰু সকলে নিজ গৃহত শিষ্য বোৰক ৰাখি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল আৰু তাৰ বাবে কেৱল ব্যহ্মন আৰু ক্ষত্ৰিয় সকলৰ  পুত্ৰ সকলে জ্ঞান লাভৰ সুবিধা পাইছিল। আৰু সমাজৰ বহুতো জাতি লগতে ছোৱালী সকলেও শিক্ষা লাভ সুবিধা পোৱা নাছিল। লৰা ছোৱালী ৰ তুলনাত শিক্ষানুষ্ঠানৰ সংখ্যা কম আছিল বাবে প্ৰাচীন দেশীয় শিক্ষা ব্যৱস্থা লাহে লাহে অধঃপতন হৈ আহিছিল ।

২. উপযুক্ত অনুদানৰ অভাৱ - শিক্ষা ব্যৱস্থা এটা ভালদৰে চলিব বাবে শিক্ষানুস্থান সমূহক অনুদান ৰ প্ৰয়োজন হয় । প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থা ৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰা নাছিল আৰু সমাজৰ ধনী ব্যক্তি সকলে নিজৰ ইচ্ছা অনুসৰি ধন সম্পটি দান বৰঙনি আগবঢ়াইছিল। কিন্তু এটা সময়ত  পাঠশালা সমূহৰ বিভিন্ন প্ৰয়োজন সমূহৰ পূৰণ কৰিবলৈ সেই দান বৰঙনি কম হৈ পৰিছিল আৰু লাহে লাহে গুৰু সকলে পাঠশালা সমূহ চলোৱাত অসুবিধাৰ সন্মুখীন হৈছিল ।

৩ . উপযুক্ত পাঠ্যপুথিৰ অভাৱ :- শিক্ষা ব্যৱস্থা এটা ফলপ্ৰসু হবলৈ ইয়াৰ উপযুক্ত পাঠ্যপুথিৰ ব্যবস্থা থাকিব লাগে। কিন্তু প্ৰাচীন কালৰ শিষ্য সকলক কেৱল বেদ বেদান্ত, কোৰান , আদিৰ জৰিয়তে জ্ঞান প্ৰদান কৰা হৈছিল।  আৰু সময়ৰ লগে লগে উপযুক্ত পাঠ্যপুথিৰ অভাৱ দেখা গৈছিল । যাৰ ফলত প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থা এটা সময়ত বিফল হৈ পৰে ।

প্ৰাচীন কালত শিক্ষা প্ৰদানৰ বাবে উপযুক্ত সুবিধা নাছিল যদিও গুৰুকুল, পাঠশালা, টোল , মাদ্ৰাছা আদি ত শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল আৰু সেই সময়ত এই সকলোবোৰ শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ অবদান আগবঢ়াছিল ।


11. ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতিয়ে নিৰ্ধাৰিত কৰা শিক্ষাৰ পাঁচটা লক্ষ্য উল্লেখ কৰা ।

 (এই প্ৰশ্নটো 2006 আৰু 2008 চনত আহিছিল)

উত্তৰ :- ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতিয়ে নিৰ্ধাৰিত কৰা শিক্ষাৰ পাঁচটা লক্ষ্য হল - 

১. শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভূমিকা :- শিক্ষাৰ প্ৰয়োজনীয়তা সকলৰ বাবে । সকলো দিশৰ বিকাশ কেৱল শিক্ষাৰ দ্বাৰা সম্ভব । শিক্ষাৰ মূল দায়িত্ব হৈছে ৰাষ্ট্ৰীয় অক্য গঠন কৰাৰ লগতে বৈজ্ঞানিক চিন্তা ধাৰাৰ বিকাশ ঘটোৱা।  শিক্ষা ব্যবস্থাৰ সহায়ত মানৱ সম্পদৰ পূৰ্ণ বিকাশ ঘটাব পাৰি । শিক্ষাক ভবিষ্যতৰ বাবে বিনিয়োগ ব্যবস্থা বুলি ৰাষ্টীয় শিক্ষানীতিত মূল হিচাপে লোৱা হৈছে ।

২. ৰাষ্ট্ৰীয় শিক্ষা পদ্ধ্তি :-  ৰাষ্টীয় শিক্ষা ব্যবস্থাৰ অৰ্থ হল জাতি , বৰ্ন , ভাষা, নিৰ্বিশেষে সকলোকে শিক্ষা গ্ৰহণৰ সুবিধা দিয়। ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতিয়ে শিক্ষা ব্যবস্থাত সকলোৰে বাবে সাধাৰণ শিক্ষাৰ গঠনি ১০+২+৩ সূত্ৰৰ গঠনিৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে।  

৩. সমতাৰ বাবে শিক্ষা :- ৰাষ্টীয় শিক্ষানীতিয়ে বিভিন্নতা দুৰ কৰি শিক্ষাৰ সুবিধা সমূহ সমভাবে দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। যিবিলাক লোকে শিক্ষা লাভৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে সম পৰ্যায়ত শিক্ষা প্ৰদান কৰাৰ সুবিধা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।  যেনে - মহিলাৰ সমতা বাবে শিক্ষা , অনুসূচীত জাতিৰ শিক্ষা , বয়স্ক শিক্ষা,   আদি ।

৪. সকলো প্ৰকাৰৰ দক্ষতাৰ উন্নটিকৰণ আৰু ফলপ্ৰসুতা :- ৰাষ্টীয় শিক্ষানীতিয়ে কাৰিকৰী শিক্ষা আৰু ব্যবস্থাপনা শিক্ষা সম্প্ৰসাৰণ কৰাটো এটা লক্ষ্য আছিল । কৰ্ম দক্ষতা বঢ়াবলৈ শিক্ষাত আধুনিকতাৰ প্ৰয়োগ কৰিছিল । মহিলাসকলৰ বাবে আৱাসিক সুবিধা দি খেলা ধূলা সৃষ্টি শিল কৰ্ম আৰু সাংস্কৃতিক কাৰ্যসুচিৰ উপৰত গুৰুত্ব আৰোপ কৰিছে ।

৫. ভাষাৰ বিকাশ :- ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতি আন এটা লক্ষ্য আছিল ভাষা বিকাশৰ পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া । ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতিৰ এই অংশটো প্ৰয়োগ কৰাৰ বৰ্তমান থল আছে। আৰু ভাষা সমুহৰ বিকাশ ঘটোৱা ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।


12. অসমত ইউৰোপীয় মিছনাৰীসকলৰ শৈক্ষিক কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰ :-  ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজে অসমৰ  শাসন ভাৰ লোৱাত ১৮২৬ চনৰ পিছত মিছনেৰী সকল অসমত  পদাৰ্পন কৰে। শ্ৰী ৰামপুৰৰ মিছনেৰী শাখা এটা ১৮২৯ চনত গুৱাহাটীত স্থাপিত হয়। শিক্ষা প্ৰচাৰৰ যোগেদি খিষ্টাধম প্ৰচাৰৰ বাবে এই শাখাটোৱে বহুতো স্কুল স্থাপন কৰে । আমেৰিকাৰ বেপ্তিষ্ট মিছন চোচাইটিয়েও   'নাথান্ ব্ৰাউন ' আৰু 'অলিভাৰ কটৰৰ ' নেতৃত্বত এটা শাখা অসমলৈ পঠিয়ায়।  তেওঁলোকে উজনি অসমৰ শদিয়াত কাম আৰম্ভ কৰে। তেওঁলোকে লগত এটা ছপাশাল লৈ আহিছিল । ডঃ  ব্ৰনছন নামৰ এজনে মিছনেৰী উজনি অসমৰ জয়পুৰত এইক্ষেত্ৰত বহুখিনি কাম কৰিছিল । অসমীয়া ভাষাৰ উন্নতিৰ বাবেও মিছনেৰীসকল বহুত সহায় আগবঢ়াইছিল । মিছনেৰী সকলে অসমীয়া ভাষাত ১৮৪৬ চনত ' অৰুণোদয় ' নামৰ প্ৰথম বাতৰি কাকত খন প্ৰকাশিত কৰিছিল । অসমীয়াত প্ৰথম অভিধান ' Dictionary in Assamese and English ', অসমীয়া ভাষাৰ প্ৰথম  ব্যাকৰণ   ' Grammar of the Assamese language আদি লিখাৰ উপৰিও  ' বাইবেল''  গ্ৰন্থ খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । মিচনেৰী সকলো মূল উদ্দেশ্য খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা হলেও সামাজিক পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ তেওঁলোকে শিক্ষাৰ প্ৰসাৰতা আনিছিল ।


13. প্ৰথমিক শিক্ষাক বাধ্যতামূলক কৰিবৰ বাবে গোখলেৰে প্ৰচেষ্টাৰ চমু বৰ্ণনা দিয়া ।

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰ :- গোপাল কৃষ্ণ গোখলেই প্ৰাথমিক শিক্ষা ৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াই। গোপাল কৃষ্ণ গোখলে ভাৰতীয় জাতীয় আন্দোলনৰ গুৰি ধৰোতা আছিল।  এই শতিকাৰ প্ৰথম ভাগত গোপাল কৃষ্ণ গোখলে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা চলাইছিল । ১৯১০ চলত গোপাল কৃষ্ণ গোখলেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবৰ বাবে এটা প্ৰস্তাৱ দাঙি ধৰে । এই প্ৰস্তাৱ অনুসৰি সমগ্র দেশতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হিচাপে প্ৰৱৰ্তন কৰিব লাগে । গোখলেই কৈছিল ইংলেণ্ডৰ দৰে আইন প্ৰনয়ন কৰি প্ৰাথমিক শিক্ষাবাধ্যতামূলক কৰিবৰ বাবে চৰকাৰে মিউনিচিপাল আৰু লোকেল বোৰ্ড বোৰক দায়িত্ব দিব লাগে।  ৬ বছৰৰ পৰা ১০। বছৰ বয়সলৈ সকলো লৰা ছোৱালীক এই আইনৰ অন্তৰ্ভুক্ত কৰিব লাগে ।১৯১০ চনত যদিও কাৰ্যনিৰ্বাহ পৰিষদে এটা শিক্ষা বিভাগ খুলি এখন আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰী কৰে তথাপি ইয়াৰ সুফল পোৱা নগল । সেইবাবে ১৯১১  চনৰ ১৬ মাৰ্চ তাৰিখে গোপাল কৃষ্ণ গোখলেই এখন বিল প্ৰস্তুত কৰি আইন সভাত দাঙি ধৰে -

১. প্ৰাথমিক শিক্ষা  বাধ্যতামূলক কৰাৰ বাবে লোকেল আৰুমিউনিচিপালটিয়ে প্ৰাদেশিক চৰকাৰৰ আগতীয়া অনুমতি পাব লাগিব ।

২. যিবিলাক লৰাৰ বয়স ৬ বছৰতকৈ কম নহয় আৰু দহ বছৰত কৈ বেছি নহয় তেনে লৰা ছোৱালীক স্কুললৈ যাবলৈ বাধ্য কৰোৱ লাগে   এইবিলাকৰ পিতৃ মাতৃ বা অভিভাৱক সকল এই বিষয়ত শেষ সিদ্ধান্ত লব ।

৩. কোনো বিশেষ ব্যক্তি বা কোনো জাতি উপজাতি ৰ মানুহৰ ক্ষেত্ৰত এই আইন বলবৎ নহব পাৰে ।

৪. প্ৰাথমিক শিক্ষা বিনামূলীয়া কৰা নহব , কিন্তু যি অভিভাৱকৰ মাহিলী আয় ১০ টকাতকৈ কম হলে লৰা ছোৱালীৰ মাছুল দিব নালিগিব ।

          গোপাল কৃষ্ণ গোখলেই ভাৰতৰ প্ৰাথমিক শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব অবদান আগবঢ়োৱাইছে । আৰু প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে বহুতো চেষ্টা কৰিছিল ।


14. ১৮৫৪ চনৰ উডৰ শিক্ষাবিষয়ক নিৰ্দেশনামাৰ চাৰিটা প্ৰধান পৰামৰ্শ লিখা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :- ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ অনুসৰি ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাইছিল । ইয়াৰ পিছত ১৮৫৩ চনত কোম্পানীৰ চনদ পুনঃ প্ৰবৰ্তিত কৰিবৰ সময়ত ভাৰতবৰ্ষত শিক্ষা সম্বন্ধে তথ্য অনুসন্ধান কৰাৰ ব্যবস্থা কৰা হল । ইয়াৰ ফলত ১৮৫৪ চনত ইতিহাস প্ৰসিদ্ধ শিক্ষা ঘোষনা পত্ৰ খন প্ৰকাশিত হয় । এই ঘোষনা পত্ৰ খনৰ সভাপতি আছিল বোৰ্ড অব কণ্ট্ৰোলৰ সভাপতি চাৰ্লচ উড আৰু তেওঁৰ নাম অনুসৰি ১৮৫৪ চনৰ ঘোষনা পত্ৰখনক উদৰ ঘোষনা পত্ৰ বুলি জনা যায়। 

১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ যিকোনো চাৰিটা পৰামৰ্শ হল -

১. শিক্ষা বিভাগ স্থাপন- ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে  । আৰু একোজন শিক্ষা সঞ্চালক  নিযুক্তি দিয়া ব্যবস্থা কৰিব লাগে ।

২. শিক্ষক প্ৰশিক্ষণ - শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা  উডৰ প্ৰতিবেদনত উল্লেখ কৰিছে । এই দেচপাত মতে ভৱিষ্যতে শিক্ষক হবৰ বাবে উপযুক্ত লৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাচি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে ।

৩. পাঠ্যক্ৰমৰ উন্নতি সাধন :- মাধ্যমিক স্কুলৰ পাঠ্যক্ৰসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতীয়াল আৰু ব্যবহাৰিক বিষয় অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল ।

৪. স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ :- উদৰ ঘোষনা পত্ৰত পৰামৰ্শ দিয়ে যে স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ কাৰণে কোম্পানীৰ বিষয়া বিলাকে যত্ন লোৱা উচিত ।



15. প্ৰথমিক শিক্ষা সাৰ্বজনীনকৰণৰ ছয়টা সমস্যা উল্লেখ কৰা ।

 (এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :- প্ৰথমিক শিক্ষা সাৰ্বজনীনকৰণৰ ছয়টা সমস্যা হল -

১. অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ পাঠ্যক্ৰম - প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ বাবে  অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ আছিল ।  যাৰ বাবে এই শিক্ষাৰ পাঠ্যক্ৰমে জনসাধাৰণ মাজত সমাদৰ লাভ কৰিবলৈ অসক্ষম হৈছিল। আৰু জনসাধাৰণ প্ৰাথমিক শিক্ষাৰ প্ৰতি  আকৃষ্ট হোৱা নাছিল ।

২. পৰীক্ষা  পদ্ধতি গতানুগতিক বিধৰ - প্ৰাথমিক শিক্ষাৰ পৰীক্ষা  পদ্ধতি গতানুগতিক বিধৰ আছিল যাৰ বাবে শিশু আৰু অভিভাৱক সকলে তাক সহজ ভাবে বুজি উঠিব পৰা নাছিল। প্ৰায় বোৰ অভিভাৱক নিৰক্ষৰ আছিল বাবে তেওঁলোকক প্ৰাথমিক শিক্ষাৰ গুৰুত্ব বুজোৱাৰ সমস্যাই দেখা দিছিল ।

৩.  প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ  - প্ৰাথমিক  শিক্ষা প্ৰদানৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাবে দেখা দিছিল। শিক্ষক সকলে শিক্ষা দান পদ্ধ্তি বাছনি কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল । শিক্ষক সকল শিক্ষা প্ৰদান কৰাৰ বাবে অনুপযুক্ত আছিল আৰু সেই বাবে প্ৰাথমিক শিক্ষা জনসাধাৰণৰ মাজত বিকাশ লাভ কৰিব পৰা নাছিল আৰু ই সাৰ্বজনীন হৈ উঠা নাছিল।

৪. চৰকাৰৰ অমান্যতা - প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে কোনো ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল। এই শিক্ষা সম্প্ৰসাৰণ কৰাৰ বাবে প্ৰয়োজন হোৱা অনুদান চৰকাৰে বহন কৰা নাছিল। আৰু প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ কোনো ব্যবস্থা কৰা নাছিল। যাৰ ফলত এই শিক্ষা সাৰ্বজনীন হৈ নুঠিল।

৫.  অভিভাৱকৰ  অনিচ্ছা -   প্ৰাথমিক  শিক্ষাৰ প্ৰতি অভিভাৱক সকলৰ কিছুমান ভুল মনোভাৱ   আছিল। তেওঁলোক নিজে নিৰক্ষৰ আছিল বাবে শিক্ষাৰ মূল্য বুজিব পৰা নাছিল। তেওঁলোক নিজৰ লৰা ছোৱালীক কেৱল কৰ্ম কৰি     টকা উপাৰ্জন কৰাৰ    ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আৰু ভাবিছিল শিক্ষা লাভ কোনো কাম নাই ।আৰু এই  ভুল মনোভাৱ আৰু ভুল প্ৰয়োগৰ বাবে    ভাৰতবৰ্ষত এই শিক্ষা  সৰ্বজনীন কৰাত সমস্যাৰ সৃষ্টি হৈছিল ।


16. মহাত্মা গান্ধীয়ে প্ৰৱৰ্তন কৰা বুনীয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ দাঙি ধৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰ :-  বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বুলি কোৱা হয় ।

মহাত্মা গান্ধীয়ে প্ৰৱৰ্তন কৰা বুনীয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ হল - 

১. শিক্ষাক শিল্প কেন্দ্ৰিক কৰি গঢ়ি তুলি শিশু সকলৰ মানসিক শক্তি শক্তিশালী কৰি তোলা ।

২. বুনিয়াদী শিক্ষাৰ আন এটা বিশেষত্ব হল মাতৃ ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা। 

.বুনিয়াদী শিক্ষা শিশু কেন্দ্ৰিক শিক্ষা বুলি কব পাৰি এই শিক্ষাৰ মাধ্যমেৰে শিশুৱে হাতে কামে শিকিবলৈ সুযোগ পাব ।

৪.এই শিক্ষাই শিশু সকলক স্বাৱলম্বী হোৱাত সহায় কৰিব আৰু হস্তশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্যৰে  নিজৰ খৰছ পাতিৰ লগতে শিক্ষকৰ দৰমহা দিব পাৰিব। 

৫. বুনিয়াদী শিক্ষাৰ যোগেদি বিদ্যালয় আৰু সমাজৰ মাজত সংহতি স্থাপন হোৱাৰ সম্ভাৱনা  থাকে।

৬. বুনিয়াদী শিক্ষাই শিশুসকলক  বাস্তব জীৱনৰ লগত খাপ খাব পৰাকৈ প্ৰস্তুত কৰি তোলে ।

মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ বাবে বহুতো পৰামৰ্শ দিয়ে ।



17. মাদ্ৰাছাৰ ওপৰত এটি চমু টোকা লিখা ।

 (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰ :- মুচলমান শিক্ষা ব্যবস্থাৰ উচ্চ পৰ্যায়ৰ পুৰণি শিক্ষানুষ্ঠান হল মাদ্ৰাছা।  প্ৰথম অৱস্থাত মাদ্ৰাছা নামৰ অনুষ্ঠান খনো মছজিদৰ লগতে সংলগ্ন আছিল । বিখ্যাত মুচলমান পণ্ডিত সকলে মাদ্ৰাছাবোৰত  নিয়মিত ভাৱে বক্তৃতা প্ৰদান কৰিছিল । মাদ্ৰাছাৰ শিক্ষকসকলক ৰাষ্ট্ৰই নিযুক্তি দিছিল । শিক্ষাৰ্থী সকলে মক্তাব ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি মাদ্ৰাছাবোৰত নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল । মাদ্ৰাছাবৰৰ প্ৰশাসন আৰু সংগঠন দিশটো চোৱা চিতা কৰিছিল এখন পৰিচালনা সমিতিয়ে । শিক্ষাৰ্থী সকলৰ আৱাসিক ব ব্যবস্থা মাদ্ৰাছা বোৰে নিজাববীয়াকৈ কৰিছিল । ছাত্ৰবাস বোৰৰ খৰচ ৰাষ্ট্ৰই বহন কৰিছিল । মাদ্ৰাছা বোৰত উচ্চ শিক্ষা দুটা পৰ্যায়ত দিয়াৰ ব্যৱস্থা আছিল । এবিধ শিক্ষা আছিল ধৰ্মনিৰপক্ষ আৰু আন বিধ আছিল ধৰ্মীয় শিক্ষা ।  মাদ্ৰাছাৰ পঠক্ৰমত অন্তৰ্ভুক্ত হোৱা বিষয় সমূহ আছিল - আৰবী, ব্যাকৰণ, গদ্য, সাহিত্য, দৰ্শন, আইন, জ্যোতিৰ্বিদ্যা, গণিত, ইতিহাস, ভূগোল, চিকিৎসা বিজ্ঞান কৃষি আদি । ধৰ্মীয় শিক্ষাৰ দিশটোত কোৰানৰ বহল ভাবে  অধ্যয়ন কৰা হৈছিল । শিক্ষাৰ মাধ্যম আছিল পাৰ্চী ভাষা, কিন্তু আৰবী অধ্যয়ন বাধ্যতামূলক আছিল ।


18. 'সৰ্ব্ব শিক্ষা অধিযান'ৰ চাৰিটা বৈশিষ্ট লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰ :- ' সৰ্ব্ব শিক্ষা অভিযান' হল এখন শিক্ষা আঁচনি । এই আঁচনি খন মূল উদ্দেশ্য হৈছে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি তোলা । 'সৰ্ব্ব শিক্ষা অভিযান' হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা শিক্ষাক  সাৰ্বজনীন ৰূপ দিয়াৰ প্ৰয়াস। এই অভিযানৰ মূল লক্ষ্য হৈছে ২০১০ চনৰ ভিতৰত ৬-১৪ বছৰৰ সকলো শিশুক উপযোগী আৰু প্ৰাথমিক শিক্ষা আঞ্চলিক আৰু লিংগ বৈষম্য নোহোৱাকৈ প্ৰদান কৰাৰ ব্যবস্থা কৰা।  যাতে সকলো শিশু সাক্ষৰ হৈ উঠে । 

. 'সৰ্ব্ব শিক্ষা অধিযান'ৰ চাৰিটা বৈশিষ্ট হল - 

১. প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ২০১০ চনৰ ভিতৰত সাৰ্বজনীন সংৰক্ষণ নিশ্চিত কৰা আৰু সকলো শিশুৰ শিক্ষা সম্পূৰ্ণ কৰা। 

২. বিদ্যালয়ৰ পৰ্যায় লৈকে শিক্ষাৰ ফলপ্ৰসু বিকেন্দ্ৰিকৰণ কৰা ।

. শিক্ষা সম্পৰ্কে ধাৰণা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা ।

৪. সকলোবোৰ শিশুক ২০০৭। চনৰ ভিতৰত  প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰীয়া শিক্ষা সমাপ্ত কৰাৰ সুযোগ দিয়া ।

৫.  প্ৰাথমিক শিক্ষাৰ স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আতাৰ কৰাৰ ব্যবস্থা কৰিব। 

 'সৰ্ব্ব শিক্ষা অধিযান' অহাৰ পিছত প্ৰাথমিক শিক্ষাৰ বিশেষ ধৰণৰ উন্নতি সাধন হৈছিল । 


19. ভাৰতত বুনীয়াদী শিক্ষাৰ বিফলতাৰ  চাৰিটা  প্ৰধান কৰাণ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰ :-  বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বুলি কোৱা হয় ।

     ভাৰতত বুনীয়াদী শিক্ষাৰ বিফলতাৰ  চাৰিটা  প্ৰধান কৰাণ হল -

 ১. অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ পাঠ্যক্ৰম - বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ বাবে  অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ  হোৱা বাবে ই বুনিয়াদী শিক্ষক সফল কৰি তুলিব পৰা নাছিল। 

২. পৰীক্ষা  পদ্ধতি গতানুগতিক বিধৰ আছিল যাৰ বাবে বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত ই বাধাৰ সৃষ্টি কৰিছিল ।

৩. বুনিয়াদী শিক্ষা প্ৰদানৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাবে ভাৰতবৰ্ষত এই শিক্ষা বিফল কৰি তুলিছিল ।

৪. বুনিয়াদী শিক্ষাৰ প্ৰতি মানুহৰ ভুল মনোভাৱ  কিছুমান আছিল আৰু ভুল মনোভাৱ আৰু ভুল প্ৰয়োগৰ বাবে    ভাৰতবৰ্ষত এই শিক্ষা বিফল হৈ পৰিছিল ।

এই আঁচনি খন শুদ্ধ আছিল যদিও এই শিক্ষাৰ ভৱিষ্যত অলপো উজ্জল নহল আৰু গান্ধীজীয়ে আশা কৰা মতে এইবোৰৰ কাৰণ বাবে  শিক্ষাৰ পৰিবৰ্তন আনিব নোৱাৰিলে ।


20. ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ প্ৰধান পৰামৰ্শসমূহ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ  ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ অনুসৰি ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাইছিল । এই চনদে দিয়া এক লাখ টকা খৰচ কৰা বিষয়ত কেনে নীতি অনুসৰণ কৰা হব আৰু কোনে তাৰ দায়িত্ব বহন কৰিব তাক লৈ বহু বছৰ পৰস্পৰ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছিল।  ইয়াৰ পিছত ১৮৫৩ চনত কোম্পানীৰ চনদ পুনঃ প্ৰবৰ্তিত কৰিবৰ সময়ত ভাৰতবৰ্ষত শিক্ষা সম্বন্ধে তথ্য অনুসন্ধান কৰাৰ ব্যবস্থা কৰা হল । ইয়াৰ ফলত ১৮৫৪ চনত ইতিহাস প্ৰসিদ্ধ শিক্ষা ঘোষনা পত্ৰ খন প্ৰকাশিত হয় । এই ঘোষনা পত্ৰ খনে সভাপতি আছিল বোৰ্ড অব কণ্ট্ৰোলৰ সভাপতি চাৰ্লচ উড আৰু তেওঁৰ নাম অনুসৰি ১৮৫৪ চনৰ ঘোষনা পত্ৰখনক উদৰ ঘোষনা পত্ৰ বুলি জনা যায়। 

১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ প্ৰধান পৰামৰ্শ সমূহ  হল -

১. শিক্ষা বিভাগ স্থাপন - ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে  । আৰু একোজন শিক্ষা সঞ্চালক  নিযুক্তি দিয়া ব্যবস্থা কৰিব লাগে ।

২. শিক্ষক প্ৰশিক্ষণ - শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা  উডৰ প্ৰতিবেদনত উল্লেখ কৰিছে । এই দেচপাত মতে ভৱিষ্যতে শিক্ষক হবৰ বাবে উপযুক্ত লৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাচি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে ।

৩. পাঠ্যক্ৰমৰ উন্নতি সাধন :- মাধ্যমিক স্কুলৰ পাঠ্যক্ৰসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতীয়াল আৰু ব্যবহাৰিক বিষয় অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল ।

৪. স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ :- উদৰ ঘোষনা পত্ৰত পৰামৰ্শ দিয়ে যে স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ কাৰণে কোম্পানীৰ বিষয়া বিলাকে যত্ন লোৱা উচিত ।

৫. দায়িত্ব গ্ৰহণ :-  উদৰ ঘোষনা পত্ৰত কোৱা হৈছিল ইংৰাজী চৰকাৰে ভাৰতীয় লোকসকলক শিক্ষা প্ৰদানৰ দায়িত্ব বহন কৰিব। 

৬. চৰকাৰী স্কুল :- সাহায্য প্ৰাপ্ত স্কুলসমূহৰ  আদৰ্শ হিচাবে প্ৰতিখন জিলাতে একোখন চৰকাৰী মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

উদৰ ঘোষনা পত্ৰত  আগবঢ়োৱা পৰামৰ্শ সমূহে ভাৰতবৰ্ষৰ শিক্ষাত এক অনবদ্য অৱদান আগবঢ়াইছিল।



21. হাণ্টাৰ আয়োগক কোনে নিযুক্তি দিছিল ? ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ কাৰণে হাণ্টাৰ আয়োগে আগবঢ়োৱা পাঁচোটা প্ৰধান  পৰামৰ্শ লিখা।

 (এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰ :- হাণ্টাৰ আয়োগক  নিযুক্তি দিছিল চাৰ উইলিয়াম হাণ্টাৰ ।

 ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ কাৰণে হাণ্টাৰ আয়োগে আগবঢ়োৱা পাঁচোটা প্ৰধান  পৰামৰ্শ

  হল -

১. প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।

২. আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা ব্যাধতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

৩. নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা ব্যধতামূলক নহব ।

৪. বিদ্যালয় সমূহত মাছুল দিয়াৰ ব্যৱস্থা থাকিব , কিন্তু আৰ্থিক ভাবে পিছপৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৰেহাইৰ ব্যবস্থা কৰা হব । 

. পিছপৰা অঞ্চলৰ লগতে বিশেষকৈ আদিবাসী অঞ্চলত স্কুল স্থাপন ৰ ব্যবস্থা চৰকাৰে কৰিব ।

হাণ্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শৱলীৰ ফল স্বৰূপে ভাৰতত প্ৰাথমিক শিক্ষাৰ বহুত পৰিবৰ্তন হৈ উঠে। 



22. অসমৰ শিক্ষা আৰু সাহিত্য জগতলৈ খ্ৰীষ্টিয়ান  মিচেনেৰীসকলে  আগবঢ়োৱা অৱদানৰ ওপৰত এটি চমু টোকা লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰ :- ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজে অসমৰ  শাসন ভাৰ লোৱাত ১৮২৬ চনৰ পিছত মিছনেৰী সকল অসমত  পদাৰ্পন কৰে। শ্ৰী ৰামপুৰৰ মিছনেৰী শাখা এটা ১৮২৯ চনত গুৱাহাটীত স্থাপিত হয়। শিক্ষা প্ৰচাৰৰ যোগেদি খিষ্টাধম প্ৰচাৰৰ বাবে এই শাখাটোৱে বহুতো স্কুল স্থাপন কৰে । আমেৰিকাৰ বেপ্তিষ্ট মিছন চোচাইটিয়েও   'নাথান্ ব্ৰাউন ' আৰু 'অলিভাৰ কটৰৰ ' নেতৃত্বত এটা শাখা অসমলৈ পঠিয়ায়।  তেওঁলোকে উজনি অসমৰ শদিয়াত কাম আৰম্ভ কৰে। তেওঁলোকে লগত এটা ছপাশাল লৈ আহিছিল । ডঃ  ব্ৰনছন নামৰ এজনে মিছনেৰী উজনি অসমৰ জয়পুৰত এইক্ষেত্ৰত বহুখিনি কাম কৰিছিল । অসমীয়া ভাষাৰ উন্নতিৰ বাবেও মিছনেৰীসকল বহুত সহায় আগবঢ়াইছিল । মিছনেৰী সকলে অসমীয়া ভাষাত ১৮৪৬ চনত ' অৰুণোদয় ' নামৰ প্ৰথম বাতৰি কাকত খন প্ৰকাশিত কৰিছিল । অসমীয়াত প্ৰথম অভিধান ' Dictionary in Assamese and English ', অসমীয়া ভাষাৰ প্ৰথম  ব্যাকৰণ   ' Grammar of the Assamese language আদি লিখাৰ উপৰিও  ' বাইবেল''  গ্ৰন্থ খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । মিচনেৰী সকলো মূল উদ্দেশ্য খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা হলেও সামাজিক পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ তেওঁলোকে শিক্ষাৰ প্ৰসাৰতা আনিছিল ।


23. বুনীয়াদী শিক্ষা বফলতাৰ চাৰিটা কাৰণ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰ :- বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বুলি কোৱা হয় ।

    ভাৰতত বুনীয়াদী শিক্ষাৰ বিফলতাৰ  চাৰিটা  প্ৰধান কৰাণ হল -

১. অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ পাঠ্যক্ৰম - বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ বাবে  অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ  হোৱা বাবে ই বুনিয়াদী শিক্ষক সফল কৰি তুলিব পৰা নাছিল। 

২. পৰীক্ষা  পদ্ধতি গতানুগতিক বিধৰ আছিল যাৰ বাবে বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত ই বাধাৰ সৃষ্টি কৰিছিল ।

৩. বুনিয়াদী শিক্ষা প্ৰদানৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাবে ভাৰতবৰ্ষত এই শিক্ষা বিফল কৰি তুলিছিল ।

৪. বুনিয়াদী শিক্ষাৰ প্ৰতি মানুহৰ ভুল মনোভাৱ  কিছুমান আছিল আৰু ভুল মনোভাৱ আৰু ভুল প্ৰয়োগৰ বাবে    ভাৰতবৰ্ষত এই শিক্ষা বিফল হৈ পৰিছিল ।

এই আঁচনি খন শুদ্ধ আছিল যদিও এই শিক্ষাৰ ভৱিষ্যত অলপো উজ্জল নহল আৰু গান্ধীজীয়ে আশা কৰা মতে এইবোৰৰ কাৰণ বাবে  শিক্ষাৰ পৰিবৰ্তন আনিব নোৱাৰিলে ।



24. অসমৰ শিক্ষাক্ষেত্ৰখনলৈ  খ্ৰীষ্টিয়ান মিছেনেৰীসকলৰ প্ৰধান অৱদানসমূহ বৰ্ণনা কৰা ।

 (এই প্ৰশ্নটে 2018 চনত আহিছিল)

উত্তৰ :- ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজে অসমৰ  শাসন ভাৰ লোৱাত ১৮২৬ চনৰ পিছত মিছনেৰী সকল অসমত  পদাৰ্পন কৰে। শ্ৰী ৰামপুৰৰ মিছনেৰী শাখা এটা ১৮২৯ চনত গুৱাহাটীত স্থাপিত হয়। শিক্ষা প্ৰচাৰৰ যোগেদি খিষ্টাধম প্ৰচাৰৰ বাবে এই শাখাটোৱে বহুতো স্কুল স্থাপন কৰে । আমেৰিকাৰ বেপ্তিষ্ট মিছন চোচাইটিয়েও   'নাথান্ ব্ৰাউন ' আৰু 'অলিভাৰ কটৰৰ ' নেতৃত্বত এটা শাখা অসমলৈ পঠিয়ায়।  তেওঁলোকে উজনি অসমৰ শদিয়াত কাম আৰম্ভ কৰে। তেওঁলোকে লগত এটা ছপাশাল লৈ আহিছিল । ডঃ  ব্ৰনছন নামৰ এজনে মিছনেৰী উজনি অসমৰ জয়পুৰত এইক্ষেত্ৰত বহুখিনি কাম কৰিছিল । অসমীয়া ভাষাৰ উন্নতিৰ বাবেও মিছনেৰীসকল বহুত সহায় আগবঢ়াইছিল । মিছনেৰী সকলে অসমীয়া ভাষাত ১৮৪৬ চনত ' অৰুণোদয় ' নামৰ প্ৰথম বাতৰি কাকত খন প্ৰকাশিত কৰিছিল । অসমীয়াত প্ৰথম অভিধান ' Dictionary in Assamese and English ', অসমীয়া ভাষাৰ প্ৰথম  ব্যাকৰণ   ' Grammar of the Assamese language আদি লিখাৰ উপৰিও  ' বাইবেল''  গ্ৰন্থ খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । মিচনেৰী সকলো মূল উদ্দেশ্য খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা হলেও সামাজিক পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ তেওঁলোকে শিক্ষাৰ প্ৰসাৰতা আনিছিল ।



25. ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ প্ৰধান ছয়টা পৰামৰ্শ উল্লেখ কৰা ।

 (এই প্ৰশ্নটো 2018 চনত আহিছিল) 

উত্তৰ :- ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ অনুসৰি ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাইছিল । এই চনদে দিয়া এক লাখ টকা খৰচ কৰা বিষয়ত কেনে নীতি অনুসৰণ কৰা হব আৰু কোনে তাৰ দায়িত্ব বহন কৰিব তাক লৈ বহু বছৰ পৰস্পৰ বিৰোধী মনোভাৱৰ সৃষ্টি হৈছিল।  ইয়াৰ পিছত ১৮৫৩ চনত কোম্পানীৰ চনদ পুনঃ প্ৰবৰ্তিত কৰিবৰ সময়ত ভাৰতবৰ্ষত শিক্ষা সম্বন্ধে তথ্য অনুসন্ধান কৰাৰ ব্যবস্থা কৰা হল । ইয়াৰ ফলত ১৮৫৪ চনত ইতিহাস প্ৰসিদ্ধ শিক্ষা ঘোষনা পত্ৰ খন প্ৰকাশিত হয় । এই ঘোষনা পত্ৰ খনে সভাপতি আছিল বোৰ্ড অব কণ্ট্ৰোলৰ সভাপতি চাৰ্লচ উড আৰু তেওঁৰ নাম অনুসৰি ১৮৫৪ চনৰ ঘোষনা পত্ৰখনক উদৰ ঘোষনা পত্ৰ বুলি জনা যায়। 

১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ যিকোনো ছয়টা পৰামৰ্শ হল -

১. শিক্ষা বিভাগ স্থাপন - ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ উন্নতি সাধন কৰিবলৈ সকলো প্ৰদেশত এটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে  । আৰু একোজন শিক্ষা সঞ্চালক  নিযুক্তি দিয়া ব্যবস্থা কৰিব লাগে ।

২. শিক্ষক প্ৰশিক্ষণ - শিক্ষক সকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ কথা  উডৰ প্ৰতিবেদনত উল্লেখ কৰিছে । এই দেচপাত মতে ভৱিষ্যতে শিক্ষক হবৰ বাবে উপযুক্ত লৰা ছোৱালী স্কুলত পঢ়ি থাকোঁতে বাচি উলিয়াই পিছত প্ৰশিক্ষণ দিব লাগে ।

৩. পাঠ্যক্ৰমৰ উন্নতি সাধন :- মাধ্যমিক স্কুলৰ পাঠ্যক্ৰসমূহৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতীয়াল আৰু ব্যবহাৰিক বিষয় অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল ।

৪. স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ :- উদৰ ঘোষনা পত্ৰত পৰামৰ্শ দিয়ে যে স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ কাৰণে কোম্পানীৰ বিষয়া বিলাকে যত্ন লোৱা উচিত ।

৫. দায়িত্ব গ্ৰহণ :-  উদৰ ঘোষনা পত্ৰত কোৱা হৈছিল ইংৰাজী চৰকাৰে ভাৰতীয় লোকসকলক শিক্ষা প্ৰদানৰ দায়িত্ব বহন কৰিপব। 

৬. চৰকাৰী স্কুল :- সাহায্য প্ৰাপ্ত স্কুলসমূহৰ  আদৰ্শ হিচাবে প্ৰতিখন জিলাতে একোখন চৰকাৰী মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

উদৰ ঘোষনা পত্ৰত  আগবঢ়োৱা পৰামৰ্শ সমূহে ভাৰতবৰ্ষৰ শিক্ষাত এক অনবদ্য অৱদান আগবঢ়াইছিল।



26. অসমৰ শিক্ষালৈ মিছেনেৰীসকলৰ অৱদান সম্পৰ্কে এটি টোকা লিখা ।

 (এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰ :-ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজে অসমৰ  শাসন ভাৰ লোৱাত ১৮২৬ চনৰ পিছত মিছনেৰী সকল অসমত  পদাৰ্পন কৰে। শ্ৰী ৰামপুৰৰ মিছনেৰী শাখা এটা ১৮২৯ চনত গুৱাহাটীত স্থাপিত হয়। শিক্ষা প্ৰচাৰৰ যোগেদি খিষ্টাধম প্ৰচাৰৰ বাবে এই শাখাটোৱে বহুতো স্কুল স্থাপন কৰে । আমেৰিকাৰ বেপ্তিষ্ট মিছন চোচাইটিয়েও   'নাথান্ ব্ৰাউন ' আৰু 'অলিভাৰ কটৰৰ ' নেতৃত্বত এটা শাখা অসমলৈ পঠিয়ায়।  তেওঁলোকে উজনি অসমৰ শদিয়াত কাম আৰম্ভ কৰে। তেওঁলোকে লগত এটা ছপাশাল লৈ আহিছিল । ডঃ  ব্ৰনছন নামৰ এজনে মিছনেৰী উজনি অসমৰ জয়পুৰত এইক্ষেত্ৰত বহুখিনি কাম কৰিছিল । অসমীয়া ভাষাৰ উন্নতিৰ বাবেও মিছনেৰীসকল বহুত সহায় আগবঢ়াইছিল । মিছনেৰী সকলে অসমীয়া ভাষাত ১৮৪৬ চনত ' অৰুণোদয় ' নামৰ প্ৰথম বাতৰি কাকত খন প্ৰকাশিত কৰিছিল । অসমীয়াত প্ৰথম অভিধান ' Dictionary in Assamese and English ', অসমীয়া ভাষাৰ প্ৰথম  ব্যাকৰণ   ' Grammar of the Assamese language আদি লিখাৰ উপৰিও  ' বাইবেল''  গ্ৰন্থ খন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল । মিচনেৰী সকলো মূল উদ্দেশ্য খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা হলেও সামাজিক পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ তেওঁলোকে শিক্ষাৰ প্ৰসাৰতা আনিছিল ।



27. দেশীয় শিক্ষানুষ্ঠান হিচাপে 'টোল'ৰ বিষয়ে এটি টোকা লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰ :-  পুৰণি শিক্ষানুষ্ঠান সমূহৰ ভিতৰত টোল বোৰৰ প্ৰকৃতি বিশেষ ধৰণৰ ।টোল বোৰক সংস্কৃত বিদ্যালয় বুলি জনা যায় ।

টোল বোৰে ভাৰতবৰ্ষত শিক্ষা সম্প্ৰসাৰণত অৰিহণা যোগায় আহিছে । গ্ৰাম্য অঞ্চলৰ অধ্যাপক তথা  পণ্ডিত সকলে কেইগৰাকী মান শিষ্যক লৈ টোলবোৰ গঢ়ি তুলিছিল। শিষ্য সকলক খোৱা পিন্ধা আৰু থকাৰ সুবিধা বিনামূলীয়া কৈ দিয়া হৈছিল । প্ৰতিখন টোলে শিক্ষাদান দিয়াৰ বাবে ২৫ জনকৈ শিক্ষাৰ্থীক নামভৰ্তিৰ সুবিধা দিছিল । টোল বোৰত শিক্ষাৰ কাল সাধাৰণতে ৬ বছৰৰ পৰা ৮  বছৰলৈ আছিল । টোল বোৰ বিনামূলীয়া শিক্ষাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ পৰিছিল ।



28. ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনিৰ চাৰিটা সংগঠনিক বৈশিষ্ট্য  লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰ :-বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বা ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনি বুলি কোৱা হয় ।

১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনিৰ চাৰিটা সংগঠনিক বৈশিষ্ট্য  হল :-

১.বুনিয়াদী শিক্ষা শিশু কেন্দ্ৰিক শিক্ষা বুলি কব পাৰি এই শিক্ষাৰ মাধ্যমেৰে শিশুৱে হাতে কামে শিকিবলৈ সুযোগ পাব ।

২.এই শিক্ষাই শিশু সকলক স্বাৱলম্বী হোৱাত সহায় কৰিব আৰু হস্তশিল্পৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মূল্যৰে  নিজৰ খৰছ পাতিৰ লগতে শিক্ষকৰ দৰমহা দিব পাৰিব। 

৩. বুনিয়াদী শিক্ষাৰ যোগেদি বিদ্যালয় আৰু সমাজৰ মাজত সংহতি স্থাপন হোৱাৰ সম্ভাৱনা  থাকে।

৪. বুনিয়াদী শিক্ষাই শিশুসকলক  বাস্তব জীৱনৰ লগত খাপ খাব পৰাকৈ প্ৰস্তুত কৰি তোলে ।



29. "সম্পূৰ্ণ সাক্ষৰতা অভিযান" বুলিলে কি বুজা ? সম্পৰ্ণ সাক্ষৰতা আভিযানৰ পাঁচটা বৈশিষ্ট্য চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰ :-  'সম্পূণ সাক্ষৰতা অভিযান' হল এখন শিক্ষা আঁচনি । এই আঁচনি খন মূল উদ্দেশ্য হৈছে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি তোলা । 'সম্পূণ সাক্ষৰতা অভিযান' হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা শিক্ষাক  সাৰ্বজনীন ৰূপ দিয়াৰ প্ৰয়াস। এই অভিযানৰ মূল লক্ষ্য হৈছে ২০১০ চনৰ ভিতৰত ৬-১৪ বছৰৰ সকলো শিশুক উপযোগী আৰু প্ৰাথমিক শিক্ষা আঞ্চলিক আৰু লিংগ বৈষম্য নোহোৱাকৈ প্ৰদান কৰাৰ ব্যবস্থা কৰা।  যাতে সকলো শিশু সাক্ষৰ হৈ উঠে । 

সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ পাঁচটা  বৈশিষ্ট হৈছে -

১. প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ২০১০ চনৰ ভিতৰত সাৰ্বজনীন সংৰক্ষণ নিশ্চিত কৰা আৰু সকলো শিশুৰ শিক্ষা সম্পূৰ্ণ কৰা। 

২. বিদ্যালয়ৰ পৰ্যায় লৈকে শিক্ষাৰ ফলপ্ৰসু বিকেন্দ্ৰিকৰণ কৰা ।

. শিক্ষা সম্পৰ্কে ধাৰণা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা ।

৪. সকলোবোৰ শিশুক ২০০৭। চনৰ ভিতৰত  প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰীয়া শিক্ষা সমাপ্ত কৰাৰ সুযোগ দিয়া ।

৫.  প্ৰাথমিক শিক্ষাৰ স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আতাৰ কৰাৰ ব্যবস্থা কৰিব। 

. শিক্ষাৰ ক্ষেত্ৰ সমূহত যাতে অনুসূচীত জাতি জনজাতি, দৰিদ্ৰ সীাৰেখাৰ তলৰ পৰিয়ালবোৰৰ শিশু সকলে বিশেষ প্ৰাধান্য পায় তালৈ চকু ৰখাৰ ব্যবস্থা কৰিছিল ।

সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ প্ৰাথমিক শিক্ষা বাধ্যতা মূলক কৰিবলৈ বহুতো পৰামৰ্শ দিছিল আৰু  শিক্ষাৰ বিকাশত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই ।


 Additional Important Questions

 A. Very Short Type Questions:

1. বুনীয়াদী শিক্ষাৰ আনটো নাম কি ?

উত্তৰ :- বুনীয়াদী শিক্ষাৰ আনটো নাম  - অখণ্ড শিক্ষা ।

 

2. চাৰ্টাৰ আইনখন কোন চনত গঠন কৰা হৈছিল ?

উত্তৰ :-  চাৰ্টাৰ আইনখন  ১৮১৩ চনত গঠন কৰা হৈছিল ।


B. Short Type Questions:

1.  চমুটোকাঃ

(ক) গুৰুকুল ।

উত্তৰ :- ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যবস্থাৰ এটি অন্যতম শিক্ষা ব্যবস্থা হৈছে গুৰুকুল প্ৰথা ।  শিষ্য সকলে ১২ বছৰ বয়সতে নিজ ঘৰ এৰি গুৰু গৃহলৈ শিক্ষা লাভৰ বাবে গৈছিল ।   গুৰুকুল শিক্ষা ত গুৰু গৃহত ৰাখি শিষ্য সকলক মানসিক আৰু আধ্যাত্মিক বিকাশৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া হৈছিল । ঋষি সকলে প্ৰথম অৱস্থাত নিজৰ পুত্ৰ সকলক শিক্ষা দিয়াৰ ব্যবস্থা কৰিছিল।  পিছলৈ ঋষি পুত্ৰৰ লগতে  ক্ষত্ৰিয় সকলে গুৰুকুল শিক্ষা ব্যৱস্থাত সোমাই পৰিছিল ।গুৰুকুল্ শিক্ষাত গুৰু সকলে নিজৰ শিষ্য সকলক  বেদ বেদান্ত আদি অধ্যয়ন কৰাইছিল লগতে দেৱ দেৱীৰ পূজা অৰ্চনা কৰাত গুৰুত্ব দিছিল । আশ্ৰমৰ মাধ্যমত শিষ্য সকলক জীৱনৰ প্ৰয়োজনীয় সকলো  শিক্ষা  দিয়াৰ ব্যবস্থা কৰিছিল ।


 (খ)  বৌদ্ধ-বিহাৰ ।

উত্তৰ:- প্ৰাচীন কালত   বৌদ্ধ- ধৰ্ম ৰ লোক সকলে শিক্ষা প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰা শিক্ষানুস্থান বোৰক  বৌদ্ধ- বিহাৰ বুলি জনা যায়।  বৌদ্ধ- ধৰ্মৰ লোক সকলৰ   বৌদ্ধ- বিহাৰত শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল আৰু ইয়াত  বৌদ্ধ-ধৰ্মৰ গ্ৰন্থ সমুহৰ জৰিয়তে জ্ঞান প্ৰদান কৰা হৈছিল ।  বৌদ্ধ-বিহাৰত শিষ্য সকলক থকা খোৱাৰ ব্যবস্থা আছিল। তেওঁলোকে শিক্ষা সমাপ্ত নকৰাকৈ নিজ গৃহত যোৱাৰ অনুমতি নাছিল ।  বৌদ্ধ-বিহাৰ সমূহত শিক্ষা প্ৰদান লগত যোগ , ব্যায়াম চৰ্চা আদিৰ ব্যবস্থা আছিল । তেওঁলোকৰ খোৱা, বিশ্ৰাম কৰা , অধ্যয়ন কৰাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হৈছিল ।   বৌদ্ধ-বিহাৰ সমূহত গুৰু আৰু  শিষ্যৰ মাজত পিতা পুত্ৰৰ দৰে সম্পৰ্ক আছিল  । 


 (গ)  পুৰণি দেশীয় শিক্ষাব্যৱস্থা ।

উত্তৰ :-  অতীতৰ শিক্ষা ব্যবস্থা ৰ ইতিহাস চালে দেখিবলৈ পোৱা যায় যে দেশৰ শিক্ষাৰ ক্ষেত্ৰত কোনো দায়িত্ব পালন কৰা হোৱা নাছিল । কিছুমান বিদ্যানুৰাগী সকলে নিজ গৃহত ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যবস্থা কৰিছিল। এই প্ৰথাটোকে গুৰুকুল প্ৰথা বুলি জনা যায় । গুৰুৱে শিক্ষাৰ মূল কেন্দ্ৰ আছিল ।  গুৰুকুল প্ৰথাৰ পিছতে টোল আৰু পাঠশালা নামৰ দুবিধ শিক্ষানুষ্ঠান ৰ প্ৰচলন হৈছিল । টোল আৰু পাঠশালা ত শিক্ষাৰ আনুষ্ঠানিকতা পালন কৰা হৈছিল । এই দুবিধ অনুষ্ঠানৰ লগতে মুচলমান ৰাজত্ব কালত মোক্তাব‌ আৰু মাদ্ৰাছা নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল । উচ্চ পৰ্যায়ৰ ব্যক্তি সকলৰ বংশধৰ সকলহে ইয়াত শিক্ষা দিয়াৰ ব্যবস্থা কৰা হৈছিল ।


C. Essay Type Questions:

1. প্ৰথমিক শিক্ষা পদ্ধতি স্বৰূপে বুনীয়াদী শিক্ষাৰ দোষ-গুণসমূহ লিখা।

উত্তৰঃ বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বুলি কোৱা হয় ।

প্ৰথমিক শিক্ষা পদ্ধতি স্বৰূপে বুনীয়াদী শিক্ষাৰ গুণ সমূহ হল -

১.বুনীয়াদী শিক্ষা ব্যবস্থাই কৰ্ম সম্পাদন মাজেৰে জ্ঞান আহৰণ কৰাত অধিক গুৰুত্ব দিছিল ।

২. ইয়াৰ মাধ্যমত দিয়া আত্ম নিৰ্ভৰশীলতাৰ শিক্ষাই অৰ্থনৈতিক দিশত সহায় কৰিছিল ।

৩. এই শিক্ষা ব্যবস্থাত মাতৃ ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। 

৪. হস্ত শিল্পৰ মাধ্যমত শিক্ষা দিয়া বাবে এই শিক্ষা শিশুৰ বাবে স্বত:স্ফুত আৰু আনন্দময় হৈ পৰে ।

৫. বুনিয়াদী শিক্ষা ব্যবস্থাই শিক্ষাৰ্থীক ঘনিষ্ঠ ভাবে বৃত্তিৰ লগত সম্বন্ধ স্থাপন কৰাত সহায় কৰিছিল। 

প্ৰথমিক শিক্ষা পদ্ধতি স্বৰূপে বুনীয়াদী শিক্ষাৰ দোষ সমূহ হল -  

১. অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ পাঠ্যক্ৰম - বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ বাবে  অনুপযুক্ত আৰু ত্ৰুটি পূৰ্ণ  হোৱা বাবে ই বুনিয়াদী শিক্ষক সফল কৰি তুলিব পৰা নাছিল। 

২. পৰীক্ষা  পদ্ধতি গতানুগতিক বিধৰ আছিল যাৰ বাবে বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত ই বাধাৰ সৃষ্টি কৰিছিল ।

৩. বুনিয়াদী শিক্ষা প্ৰদানৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাবে ভাৰতবৰ্ষত এই শিক্ষা বিফল কৰি তুলিছিল ।

৪. বুনিয়াদী শিক্ষা প্ৰদান কৰাৰ বাবে উপযুক্ত পাঠ্যপুঠিৰ অভাৱ দেখা পোৱা গৈছিল। যিয়ে এই শিক্ষাৰ বিকাশত বাধা স্বৰূপে দেখা দিছিল ।

৫. বুনিয়াদী শিক্ষাৰ প্ৰতি মানুহৰ ভুল মনোভাৱ  কিছুমান আছিল আৰু ভুল মনোভাৱ আৰু ভুল প্ৰয়োগৰ বাবে    ভাৰতবৰ্ষত এই শিক্ষা বিফল হৈ পৰিছিল ।

এই আঁচনি খন শুদ্ধ আছিল যদিও এই শিক্ষাৰ ভৱিষ্যত অলপো উজ্জল নহল আৰু গান্ধীজীয়ে আশা কৰা মতে এইবোৰৰ কাৰণ বাবে  শিক্ষাৰ পৰিবৰ্তন আনিব নোৱাৰিলে ।


2. ১৯৩৭ চনৰ ৱাৰ্দ্ধা সন্মিলনৰ প্ৰস্তাসমূহ আলোচনা কৰা ।

উত্তৰ:- বুনিয়াদী। শিক্ষাৰ জন্মদাতা হৈছে মহাত্মা গান্ধী । দক্ষিণ আফ্ৰিকাত থাকোঁতে গান্ধীয়ে ১৯১৪  চনত বুনিয়াদী শিক্ষাৰ ধৰণটো কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । ১৯৩৫ চনত তেওঁ বাৰ্ধালৈ গৈ সেৱাগ্ৰাম আশ্ৰমত থাকিবলৈ লয় । আৰু ১৯৩৭ চনত ' হৰিজন' নামৰ বাতৰি কাকত খনত ' নই তালিম '  নাম দি মহাত্মা গান্ধীয়ে কেইটামান প্ৰবন্ধ লিখিছিল । সেই নই তালিমকে বুনিয়াদী শিক্ষা বা ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনি বুলি কোৱা হয় ।

১৯৩৭ চনৰ ৱাৰ্দ্ধা সন্মিলনৰ প্ৰস্তাসমূহ হল -

১. মাতৃ ভাষাৰ জৰিয়তে সকলো লৰা ছোৱালীক বাধ্যতা মূলক হিচাপে প্ৰাথমিক শিক্ষা ৭ বছৰৰ বাবে দিয়া হব ।

২. কোনো উৎপাদন মূলক কামৰ যোগেদি এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হব । এই উৎপাদন মূলক কামৰ দ্বাৰা শিশুৰ মানসিক শক্তিৰ বিকাশ আৰু প্ৰশিক্ষন দানৰ ব্যবস্থা কৰা হব। 

৩. সমগ্ৰ শিক্ষাক শিল্প কেন্দ্ৰিক  কৰি সেই শিক্ষাৰ যোগেদি উৎপাদন হোৱা বস্তুৰ মূল্যৰে  শিক্ষকক দৰমহা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰিব লাগে ।

এই প্ৰস্তাৱ সমূহ ১৯৩৭ চনৰ ৱাৰ্দ্ধা সন্মিলনৰ সন্নিবিষ্ট কৰা হৈছিল।


3. ভাৰতত ইউৰোপীয় মিছনেৰীসকলৰ শিক্ষামূলক ক্ৰিয়াকলাপৰ বৰ্ণনা দিয়া ।

উত্তৰ :- আধুনিক ভাৰতীয় শিক্ষাৰ ইতিবৃত্ত অধ্যয়ন কৰিবলৈ গলে প্ৰথমে খ্ৰীষ্টান মিছনেৰী সকলৰ নাম মনত আহে । মুছমানসকলৰ ৰাজত্বৰ শেষত বিভিন্ন মিছনেৰী সকল সন্থা বোৰ ভাৰতলৈ আহে । এই মিছনেৰী সকল ভাৰতীয় মানুহৰ মাজত খৃষ্টধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্য তেওঁলোক ভাৰতলৈ আহিছিল । পৰ্টুগীজ ভাস্কো- ডা - গামা ই ১৪৯৪ চনত ভাৰতলৈ আহে।  চেইন্ত ফ্ৰেনচিচ জেভিয়াৰ নামৰ ধৰ্মজাজক এজনে ধৰ্ম প্ৰচাৰৰ বাবে ১৫৪২  চনত ভাৰতলৈ আহিছিল আৰু শিক্ষা বিস্তাৰৰ কাম আৰম্ভ কৰিছিল । ভাৰতত বৰ্তমান যি শিক্ষা ব্যবস্থাৰ প্ৰচলন হৈ আসে সেই শিক্ষাক পদ্ধতি মিছনেৰী সকলৰ অবদান বুলি কোৱা হয় ।তেওঁলোকৰ উদ্দেশ্য ধৰ্ম প্ৰচাৰৰ আছিল যদিও তাৰ লগতে শিক্ষা ৰ ব্যবস্থাও কৰিছিল । ভাৰতীয় ভাষাত বিভিন্ন কিতাপ পত্ৰ লিখিছিল।  ইংৰাজী ভাষাৰ পৰা তেওঁলোকে দেশীয় ভাষালৈ পাঠ্যপুথি অনুবাদ কৰিলে, স্কুল কলেজ স্থাপন কৰি ভাৰতীয় মানুহৰ মন আকৰ্ষন কৰিলে । মিছনেৰী সকলৰ শিক্ষামূলক কাৰ্য সমূহৰ চমু বৰ্ণনা হল -

( ক )মাদ্ৰাজৰ কাৰ্যবলী - ১৭ শতিকাৰ আৰম্ভনিতে ডেনিছ মিছনেৰী সকলে  'জিগেনবাৰ্গ ' নামৰ পাদুৰী চাহাব এজনৰ নেতৃত্বত মাদ্ৰাজৰ ট্ৰানকুবেবাৰত এটা কেন্দ্ৰ খোলে । এই কেন্দ্ৰৰ মাধ্যমত মাদ্ৰাজত দুখন স্কুল স্থাপন কৰা হয় । এই স্কুল বোৰত অনাথ লৰা ছোৱালীক শিক্ষা দিয়া হৈছিল আৰু সেই বাবে এই দুয়োখন স্কুল সোনকালে কৃতকাৰ্যতা লাভ কৰিছিল । স্কোয়াটজ আৰু স্কালজ নামৰ দুজন বিখ্যাত মিছনেৰী অপ্ৰণ চেষ্টা কৰি মাদ্ৰাজৰ আশে পাশে থকা বহুতো ঠাইত স্কুল স্থাপন কৰি দক্ষিণ ভাৰতত আধুনিক শিক্ষাৰ বীজ ৰোপন কৰে ।

( খ) মুম্বাইৰ কাৰ্যবলী - মুম্বাইক ভাৰতৰ দুৱাৰ মুখ বুলি কোৱা হয়। বোম্বাইত ১৬ আৰু ১৭ শতিকাত পৰ্তুগীজ বিলাকে স্কুল কলেজ স্থাপন কৰে। ১৫৮০। চনত স্থাপন কৰা  ' জেচুইটছ কলেজ ' এনেধৰণৰ এখন উল্লেখনীয় শিক্ষানুস্থান । 

( গ) বঙ্গদেশৰ কাৰ্যবলী - মিচনেৰী সকলে তৃতীয় কেন্দ্ৰস্থল হিচাপে বংগ দেশত কুঠি পাতে । সেই সময়ত বেঙ্গল প্ৰেছিডেন্সি বৰ্তমান বংগদেশত কৈ বহুত ডাঙৰ আছিল।  ১৭৯৮ চনত কলিকতা ফ্ৰী স্কুল ছছাইটিয়ে এখন স্কুল স্থাপন কৰিছিল।  ভ1ৰতৰ গৱৰ্ণৰ জেনেৰেল নিজে এই স্কুলত পৃষঠপোষকৰূপে কাম কৰিছিল । চৰকাৰী চাকৰিয়াল সকলে এই স্কুল বাবে আৰ্থিক সাহায্য আগবঢ়ায় । মিছনেৰী সকলে ৪০ বছৰৰ কল বিভিন্ন উননয়নমূলক কামত জড়িত আছিল আৰু তেওঁলোকে বাংলা ভাষাত বহুতো কিতাপ পত্ৰ লিখিছিল আৰু কলিকতাৰ আশে পাশে বহুতো স্কুল স্থাপন কৰিছে। কেৰী, ওৱাৰ্ড আৰু মাৰ্চমেন কলিকতাৰ ওচৰত শ্ৰী ৰামপুৰ নামৰ ঠাইত কুঠী পাতি শিক্ষাৰ কাম আৰম্ভ কৰিছিল বাবে তেওঁলোকক একেলগে  " শ্ৰী ৰামপুৰ ক্ৰয় " বুলি জনা যায় ।



4. বাধ্যতামূলক প্ৰথমিক শিক্ষাৰ বাবে গোখলেৰ প্ৰচেষ্টাৰ চমু বৰ্ণনা কৰা ।

উত্তৰ :- গোপাল কৃষ্ণ গোখলেই প্ৰাথমিক শিক্ষা ৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াই। গোপাল কৃষ্ণ গোখলে ভাৰতীয় জাতীয় আন্দোলনৰ গুৰি ধৰোতা আছিল।  এই শতিকাৰ প্ৰথম ভাগত গোপাল কৃষ্ণ গোখলে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা চলাইছিল । ১৯১০ চলত গোপাল কৃষ্ণ গোখলেই প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবৰ বাবে এটা প্ৰস্তাৱ দাঙি ধৰে । এই প্ৰস্তাৱ অনুসৰি সমগ্র দেশতে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক হিচাপে প্ৰৱৰ্তন কৰিব লাগে । গোখলেই কৈছিল ইংলেণ্ডৰ দৰে আইন প্ৰনয়ন কৰি প্ৰাথমিক শিক্ষাবাধ্যতামূলক কৰিবৰ বাবে চৰকাৰে মিউনিচিপাল আৰু লোকেল বোৰ্ড বোৰক দায়িত্ব দিব লাগে।  ৬ বছৰৰ পৰা ১০। বছৰ বয়সলৈ সকলো লৰা ছোৱালীক এই আইনৰ অন্তৰ্ভুক্ত কৰিব লাগে ।১৯১০ চনত যদিও কাৰ্যনিৰ্বাহ পৰিষদে এটা শিক্ষা বিভাগ খুলি এখন আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰী কৰে তথাপি ইয়াৰ সুফল পোৱা নগল । সেইবাবে ১৯১১  চনৰ ১৬ মাৰ্চ তাৰিখে গোপাল কৃষ্ণ গোখলেই এখন বিল প্ৰস্তুত কৰি আইন সভাত দাঙি ধৰে -

১. প্ৰাথমিক শিক্ষা  বাধ্যতামূলক কৰাৰ বাবে লোকেল আৰুমিউনিচিপালটিয়ে প্ৰাদেশিক চৰকাৰৰ আগতীয়া অনুমতি পাব লাগিব ।

২. যিবিলাক লৰাৰ বয়স ৬ বছৰতকৈ কম নহয় আৰু দহ বছৰত কৈ বেছি নহয় তেনে লৰা ছোৱালীক স্কুললৈ যাবলৈ বাধ্য কৰোৱ লাগে   এইবিলাকৰ পিতৃ মাতৃ বা অভিভাৱক সকল এই বিষয়ত শেষ সিদ্ধান্ত লব ।

৩. কোনো বিশেষ ব্যক্তি বা কোনো জাতি উপজাতি ৰ মানুহৰ ক্ষেত্ৰত এই আইন বলবৎ নহব পাৰে ।

৪. প্ৰাথমিক শিক্ষা বিনামূলীয়া কৰা নহব , কিন্তু যি অভিভাৱকৰ মাহিলী আয় ১০ টকাতকৈ কম হলে লৰা ছোৱালীৰ মাছুল দিব নালিগিব ।

    গোপাল কৃষ্ণ গোখলেই ভাৰতৰ প্ৰাথমিক শিক্ষা ক্ষেত্ৰত অভূতপূৰ্ব অবদান আগবঢ়োৱাইছে । আৰু প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে বহুতো চেষ্টা কৰিছিল ।


Pinki Kalita

(M.A in Education)