পাঠ ৭
জীৱ আৰু পৰিৱেশ

১। উত্তৰ লিখা-

(ক) কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ খাদ্যৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) পোহনীয়া প্ৰাণীবোৰক আমি কিয় যত্ন ল'ব লাগে?
উঃ পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে আমি সিহঁতৰ যত্ন ল'ব লাগে।

(গ) কোন কোন প্ৰাণীৰ পৰা কি কি খাদ্য পাওঁ?
উঃ আমি বিভিন্ন প্ৰাণীৰ পৰা বিভিন্ন খাদ্য পাওঁ। গৰু, ম'হ, ছাগলীৰ পৰা গাখীৰ পোৱা যায়। হাঁহ, মুৰ্গীৰ পৰা কণী পাওঁ আৰু ছাগলী, মুৰ্গী, হাঁহ, পাৰৰ পৰা মাংস পোৱা যায়।

(ঘ) খাদ্য-শৃংখল বুলিলে কি বুজা?
উঃ খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা পৰক্ৰিয়াটোকে খাদ্য-শৃংখল বুলি কোৱা হয়।

(ঙ) গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰ নাম।
উঃ গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰৰ নাম হ'ল- ঘি, পনীৰ, মাখন, দৈ আদি।

২। তলত দিয়া নামবোৰৰ পৰা খাদ্য-শৃংখল সাজা-

(ক) গৰু, ঘাঁহ, বাঘ
উঃ ঘাঁহ ➝ গৰু ➝ বাঘ

(খ) গছৰ পাত, ভেকুলী, ফৰিং
উঃ গছৰ ➝ পাত ফৰিং ➝ ভেকুলী

(গ) শিয়াল, কেচুঁ, হাঁহ
উঃ কেচুঁ ➝ হাঁহ ➝ শিয়াল

(ঘ) সাপ, এন্দুৰ, চিলনী
উঃ এন্দুৰ ➝ চিলনী ➝ সাপ

৩। খালী ঠাই পূৰ কৰা-

(ক) বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণীক লৈ আমাৰ পৰিৱেশ গঠিত হৈছে।

(খ) উদ্ভিদে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। 

(গ) ফৰিঙে সৰু সৰু ঘাঁহ খায়।

(ঘ) পোহনীয়া প্ৰাণীক আমি যত্ন ল'ব লাগে।

(ঙ) হাতীয়ে হাবিত কাঠ কঢ়িয়ায়।

৪।শুদ্ধ উত্তৰটো বাচি উলিয়াই লিখা-

(ক) প্ৰাণীয়ে/উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে।
উঃ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে।

(খ) খাদ্যৰ/বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে।
উঃ খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে।

(গ) প্ৰাণীবোৰে পৰিৱেশৰ সমতা/ক্ষমতা ৰক্ষা কৰে।
উঃ প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে।

(ঘ) বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্ৰাণীক প্ৰতিষেধক বেজি দিব লাগে/নালাগে।
উঃ বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্ৰাণীক প্ৰতিষেধক বেজি দিব লাগে।

৫। 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা-

           'ক'                                        'খ'
তৃণভোজী প্ৰাণীক        -      মাংসভোজী প্ৰাণীয়ে খায়।
প্ৰাণীবোৰে                    -     ৰিৱেশৰ সমতা ৰক্ষা কৰে।
পোহনীয়া প্ৰাণীবোৰে    -    আমাক সহায় কৰে।
কাউৰী, চিলনীয়ে          -    পৰিৱেশ পৰিষ্কাৰ কৰে।