পাঠ ৮

ভিন ভিন পৰিৱেশৰ উদ্ভিদ


১। উত্তৰ লিখা-

(ক) পৰিৱেশৰ তাৰতম্য হোৱাৰ তিনিটা কাৰণ লিখা।

উঃ পৰিৱেশৰ তাৰতম্য হোৱাৰ তিনিটা কাৰণ হ'ল- বৰষুণ, উষ্ণতা আৰু উচ্চতা।


(খ) সৰল গছ কোন অঞ্চলত পোৱা যায়?

উঃ  হিমালয় সদৃশ ওখ অঞ্চলত সৰল গছ পোৱা যায়।


(গ) মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদৰ নাম।

উঃ মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদৰ নাম হ'ল কেকটাছ।


(ঘ) কেকটাছজাতীয় উদ্ভিদৰ গঠন কেনেকুৱা?

উঃ কেকটাছজাতীয় উদ্ভিদৰ গা-গছ মঙহাল আৰু কাঁইটেৰে ঢাক খাই থাকে।


(ঙ) অতি শীতল অঞ্চলত হোৱা দুবিধ উদ্ভিদৰ নাম লিখা।

উঃ অতি শীতল অঞ্চলত হোৱা দুবিধ উদ্ভিদৰ নাম হ'ল- ওক আৰু দেৱদাৰু।


(চ) অৰণ্যত কেনেধৰণৰ উদ্ভিদ পোৱা যায়?

উঃ অৰণ্য অঞ্চলত ওখ, গা-গছ শকত আৰু অধিক ঠাল ঠেঙুলিযুক্ত বৃক্ষজাতীয় উদ্ভিদ পোৱা যায়।


(ছ) পাৰ্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰৰ গঠন কেনেকুৱা?

উঃ পাৰ্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰৰ গা-গছ কোমল আৰু অধিক ঠাল-ঠেঙুলিযুক্ত আৰু পাতবোৰ বেজিৰ দৰে জোঙা হয়।


(জ) তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ কেনেকুৱা?

উঃ তৃণভূমি অঞ্চলবোৰ বৃহৎ এলেকা জুৰি দীঘল দীঘল ঘাঁহেৰে ভৰা আৰু মাজে মাজে ওখ গছো থাকে।


(ঝ) পাৰ্বত্য অঞ্চলৰ কোন অংশত উদ্ভিদৰ সংখ্যা বেছি?

উঃ পাৰ্বত্য অঞ্চলৰ নামনি অংশত উদ্ভিদৰ সংখ্যা বেছি।


(ঞ) কেকটাছে অতিৰিক্ত পানী ক'ত সঞ্চয় কৰি ৰাখে?

উঃ কেকটাছে অতিৰিক্ত পানী গা-গছত সঞ্চয় কৰি ৰাখে।


২।'ক' অংশৰ লগত 'খ' অমশ মিলোৱা-

উত্তৰঃ

           'ক'                         -                         'খ' 

মৰুভূমি অঞ্চলৰ উদ্ভিদবোৰ    -    গা-গছ মঙহাল আৰু কাঁইটেৰে                                                            ভৰা।

পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰ      -      পাতবোৰ বেজীৰ দৰে জোঙা।

তৃণভূমি অঞ্চল                         -      বহু এলেকা জুৰি দীঘল দীঘল ঘাঁহ                                                         থাকে।

অৰণ্য অঞ্চল                            -      ডাঠ গছ-গছনিৰে পূৰ্ণ।

মেৰু অঞ্চলত                           -       মচ, তৃণজাতীয় উদ্ভিদ আদি                                                                  গজে।


৩। খালী ঠাই পূৰ কৰা-

উত্তৰঃ

(ক) পানীৰ অভাবৰ বাবে মৰুভূমিত গছ-গছনি অতি কম


(খ) কেকটাছৰ গা-গছ কাঁইটীয়া হোৱাৰ বাবে প্ৰাণীয়ে সহজে খাব নোৱাৰে।


(গ) পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ গা-গছ কোমল।


(ঘ) বৰষুণ, উষ্ণতা, উচ্চতা আদিয়ে পৰিৱেশৰ তাৰতম্য ঘটায়।


(ঙ) পৰ্বতবোৰৰ ওপৰলৈ ক্ৰমে উদ্ভিদৰ সংখ্যা কমি আহে।


(চ) মেৰু অঞ্চলত গৰম কালত নানা ৰং বিৰংৰ ফুল ফুলে।


৪।শুদ্ধ উত্তৰটোত শুদ্ধ দিয়া-


(ক) সৰল গছৰ গা-গছ টান।

উঃ অশুদ্ধ।


(খ) দেৱদাৰু মৰুভূমি অঞ্চলৰ উদ্ভিদ।

উঃ অশুদ্ধ।


(গ) অতি শীতল অঞ্চলত বৰফ গলিলে তৃণজাতীয় উদ্ভিদ গজে।

উঃ শুদ্ধ।


(ঘ) তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ ঠাল ঠেঙুলিযুক্ত।

উঃ অশুদ্ধ।


(ঙ) পৃথিৱীৰ সকলো ঠাইত একে ধৰণৰ উদ্ভিদ পোৱাযায়।

উঃ অশুদ্ধ।


৫। পৰ্বতৰ একেবাৰে ওপৰৰ অংশত গছ-গছনি সংখ্যা কম কিয়?

উঃ পৰ্বতৰ একেবাৰে ওপৰৰ অংশ বা নামনি অংশতকৈ তুলনামূলকভাৱে শীতল আৰু বৰফেৰে ঢাক খাই থাকে। সেয়ে এনে অংশত গছ-গছনিৰ সংখ্যা কম।


 Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)