পাঠ ৯

পৰিভ্ৰমী চৰাই 


১। চমু উত্ৰ দিয়া-

(ক) যিকোনো দুবিধ পৰিভ্ৰমী চৰাইৰ নাম।

উঃ যিকোনো দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল- বালিমাহী আৰু কুলি।


(খ) কোনবিধ চৰাইয়ে বাহ নাসাজে?

উঃ কুলি চৰাইয়ে বাহ নাসাজে।


(গ) আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম কি?

উঃ আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম হ'ল- ময়ূৰ।


(ঘ) চাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম।

উঃ চাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল- বগজাতীয় চৰাই।


(ঙ) তুমি দেখা চাৰিবিধ চৰাইৰ নাম।

উঃ মই দেখা চাৰিবিধ চৰাইৰ নাম হ'ল- কুলি, পাৰ, ভাটৌ আৰু ঘৰচিৰিকা।


২। হয় নে নহয় লিখা-

(ক) পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইন মতে নিষেধ।

উঃ হয়।


(খ) বহুতো লোকে চৰাইৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে।

উঃ হয়।


(গ) পৰিভ্ৰমী চৰাইবোৰ কেৱল অসমলৈহে আহে।

উঃ নহয়।


(ঘ) পৰিভ্ৰমী চৰাই অহা ঠাইখিনিত বনভোজ খোৱা উচিত।

উঃ নহয়।


(ঙ) পৰিভ্ৰমী চৰাই আহি পৰা কিছুমান ঠাইক পক্ষী উদ্যান বুলি জনা যায়।

উঃ হয়।


৩। খালী ঠাই পূৰ কৰা-

(ক) পক্ষী উদ্যানত বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পোৱা যায়।


(খ) জাটিংগা এখন পক্ষী উদ্যান।


(গ) দূৰদূৰণিৰ পৰা পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক পৰ্যটক বোলে।


(ঘ) কিছুমান চৰাইৰ মাংস আৰু কণীক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।


৪। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা-

(ক) দীপৰ বিল কামৰূপ (মহানগৰ)/শিৱসাগৰ/শোণিতপুৰ জিলাৰ অন্তৰ্গত।

উঃ কামৰূপ (মহানগৰ)


(খ) পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক অভয়াৰণ্য/চিৰিয়াখানা/পক্ষী উদ্যান বুলি কোৱা হয়।

উঃ পক্ষী উদ্যান।


(গ) ষ্টাৰলিং চৰাই বসন্ত/বৰ্ষা/শীত কালত অসমলৈ আহে।

উঃ শীত কালত।


(ঘ) প্ৰতি বছৰে প্ৰায় ১০/১০০/১০০০ বিধ ভিন্ন প্ৰজাতিৰ চৰাই অসমলৈ আহে।

উঃ ১০০ বিধ।


(ঙ) ধৃতৰাজ/শালিকা/শগুণ এবিধ পৰিভ্ৰমী চৰাই।

উঃ ধৃতৰাজ।


৫। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-


'ক'                -    'খ'

পৰ্যটক         -    বনাঞ্চলসমূহ চাবলৈ অহা দেশী-বিদেশী লোক।

বালিমাহী      -    এবিধ পৰিভ্ৰমী চৰাই।

দীপৰ বিল    -    এখন পক্ষী উদ্যান।

কাজিৰঙা     -    এখন ৰাষ্ট্ৰীয় উদ্যান।

কুলি             -    কাউৰীৰ বাহত কণী পাৰে।


৬। পৰিভ্ৰমী চৰাই কাক বোলে?

উঃ একে ঠাইতে নাথাকি দেশে বিদেশে ঘূৰি ফুৰা চৰাইবোৰক পৰিভ্ৰমী চৰাই বোলে।


৭। পৰিভ্ৰমী চৰাইবোৰ কিয় অসমলৈ আহে?

উঃ পৰিভ্ৰমী চৰাইবোৰ খাদ্যৰ সন্ধানত অসমলৈ আহে।


৮। চৰাইৰ পৰা পোৱা দুটা উপকাৰ উল্লেখ কৰা।

উঃ চৰাইৰ পৰা পোৱা দুটা উপকাৰ হ'ল-

    - কিছুমান চৰাইয়ে শস্য আৰু উদ্ভিদ নষ্ট কৰা পোক পৰুৱা খাই শস্য আৰু উদ্ভিদ ৰক্ষা কৰে।

    - শগুণ জাতীয় চৰায়ে মৃত জন্তু ভক্ষণ কৰি পৰিৱেশ পৰিষ্কাৰ কৰে।


Answered by Hiru Moni Bora

Last Update by Dipawali Bora (07.05.2022)