পাঠ ৯

হিংসা নকৰোঁ কাকো


১। কবিতাটো সাধুৰূপত তােমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ চলিহা নামে এজন মানুহ মাছৰ খঁকুৱা আছিল। তেওঁ প্ৰতি সাজতে চিতল, ভকুৱা, গৰৈ, চেঙেলি, কাৱৈ, ভেছেলি, দেও-দৰিকণা, ৰৌ, শাল, শিঙি, পাভ আৰু পাটি-মুতুৰা আদি মাছ খায়। এদিন তেওঁ শুই থাকোতে সপোন এটা দেখিলে। বৰদলনিৰ মাছবোৰ দলে দলে আহি চলিহাৰ গাত বগুৱা বাই ফুৰিছে। কুট-কুটনিত চলিহা থাকিবকে পৰা নাই। মাছকেইটাই সপোনত চলিহাক কৈছে যে তই ইমান হিংসাকুৰীয়া যে - তুৰ কাৰণে পুখুৰী আৰু বিলতো মাছ থাকিব নোৱাৰা হৈছে। আৰু আমাক খাবি নেকি ক'। মিছামাছৰ শুং কেইডালেৰে চলিহাৰ নাকত সুৰসুৰি দিলে। হাঁচিয়াই হাঁচিয়াই চলিহাই সাৰ পালে। মনে মনে আওৰালে '' জীৱ হিংসা কৰা মহাপাপ '' আজিৰ পৰা মাছ, মঙহ আৰু কণী সকলো এৰিলো। মাথোন কোমোৰা, বেঙেনা দাইল আদিহে খাম। আকৌ ভাবিলে, গাখীৰ খালেও বাৰু কিবা ভয় আছে নেকি বাৰু! যদি গৰুৱে নেজেৰে নাকত কোবায়, কাহি কাহি তৰণি নেপাব। সপোনত শুং সোমাওতেই হাঁচিয়াই মৰিছিলোঁ, এইবাৰ যদি সপোনত শিঙেৰে খুচিব লগা হয় কি হ'ব বাৰু! এই ভাবিয়ে তেওঁ গাখীৰ, মাছ, মঙহ, কণী আদি সকলো এৰিলে। ইচ্চা নহ'লেও নিতৌ ৰঙা চাহ আৰু দাইল ভাত খায়। মাছ-মঙহ এৰাৰ পৰা চলিহা শুকাই-ক্ষীণাই গ'ল। চলিহাই মনে মনে ভাবিবলৈ ধৰিলে জীৱ হিংসা নকৰাকৈ বাৰু মাছ খাব নোৱাৰিনে? দিনে দিনে ৰাতিয়ে এতিয়া চলিহাই তাকে ভাবিবলৈ ল'লে। শেষত এদিন বুদ্ধিটো ভাবি উলিয়ালে। তেওঁ এটা ডাঙৰ খালৈত বিশটা কাৱৈ মাছ ভৰাই আনিলে। ঘৰৰ চোতালত এটা খুঁটি পুতি লৈ এচটা চিৰি বান্ধিলে। চিৰিৰ তলতে একুৰা জুই ধৰি সকলোকে মাতি আনি ক'লে চাৰ্কাচ চাবি আহ। একুৰি কাৱৈ মাছ এচটা কামিৰ ওপৰেদি খোজকাঢ়ি পাৰ হৈ যাব। চিৰিৰ এটা মূৰৰ পৰা এটা এটাকৈ মাছবোৰ এৰি দি যাবলৈ দিলে। আৰু ক'লে পাৰ হ'ব পাৰিলে মোৰ হাত সৰি পৰিব আৰু নোৱাৰিলে জুইত পৰিব আৰু পোৰা মাছ পালে মইও খাব পাৰো, মই কিন্তু কাকো হিংসা নকৰো। ঊনৈশটা মাছ জুইতে পৰি গ'ল। তাৰে এটা মাছ যেনে তেনে বাঁহ-চটা পাৰ হ'ল তাকো খাবলৈ মনেৰে সুধিলে, '' পাৰ হ'ব পাৰিলেনে?'' মই ধৰিবকে নোৱাৰিলো। আকৌ এবাৰ চাব লাগিব।

২। চমু উত্তৰ দিয়াঃ

ক) অনাদি চলিহাৰ ঘৰ ক'ত? তেওঁ কেনে প্ৰকৃতিৰ লােক? 

উত্তৰঃ অনাদি চলিহাৰ ঘৰ আমোলাপটিত। তেওঁ মাছৰ খঁকুৱা।

খ) কবিতাটোত উল্লেখ কৰা মাছবােৰৰ নাম লিখা। 

উত্তৰঃ কবিতাটোত উল্লেখ থকা মাছবোৰৰ নাম হৈছে - চিতল, ভকুৱা, গৰৈ, চেঙেলি, কাৱৈ, ভেছেলি, দেও-দৰিকণা, ৰৌ, শাল, শিঙি, পাভ, মিছা-মাছ আৰু পাটী-মুতুৰা।

গ) সপােন চলিহাই কি দেখিলে বুজাই লিখা।

উত্তৰঃ এদিন সপোনত চলিহাই দেখিলে, বৰদলনিৰ পোনামাছবোৰে ভেটা ভাঙি দলে দলে আহি চলিহাৰ গাত বগুৱা বাই ফুৰিছে। কুটকুটনিত থাকিবকে পৰা নাই। শুং কেইডালেৰে নাকৰ ফুটাত সুৰ সুৰি দিলে।

ঘ) সপােনৰ পিছত চলিহাই মনে মনে কি আওৰালে?

উত্তৰঃ সপোনৰ পিছত চলিহাই মনে মনে আওৰালে '' জীৱ হিংসা কৰা মহাপাপ ''।

ঙ) সপোন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ল'লে? 

উত্তৰঃ সপোন দেখাৰ পিছত চলিহাই সেইদিনাৰ পৰা মাছ, মঙহ আৰু কণী এৰিম বুলি সিদ্ধান্ত ল'লে।

চ) গাখীৰ খাবলৈ চলিহাৰ কিয় ভয় হল?

উত্তৰঃ যদিহে সপোনত গৰুৱে নেজেৰে নাকত কোবায়, কাহি তৰণি নাপাব; আকৌ যদি সপোনত শিঙেৰে খুচি দিয়ে উপায় কি হ'ব বাৰু তেনেকৈ ভাবিয়ে চলিহাৰ গাখীৰ খাবলৈয়ো ভয় লগা হ'ল।

ছ) চলিহা কিয় খীণাই গ'ল?

উত্তৰঃ চলিহাই গাখীৰ, দৈ, মাছ, মাংস আৰু কণী সকলো এৰি দিয়াত খীণাই গ'ল।

৩। জীৱ হিংসা নকৰাকৈ চলিহাই কিদৰে মাছ খােৱাৰ উপায় উলিয়ালে বুজাই লিখা।

উত্তৰঃ তেওঁ যদিও মাছ নাখাওঁ বুলি সিদ্ধান্ত লৈছে তথাপি তেওঁ মাছৰ লোভ আতৰ কৰিব পৰা নাই। এদিন তেওঁ কুৰিটা কাৱৈ মাছ এটা খালৈত ভৰাই আনিলে। ঘৰলৈ আহি তেওঁ খুঁটি পুতি লৈ এচটা চিৰি বান্ধি ল'লে। আৰু চিৰিৰ তলত খৰিৰ জুই ধৰি ল'লে। সকলোকে মাতিলে, ক'লে চাৰ্কাচ চাহি আহ - কেনেকৈ এডাল চিৰিৰ ওপৰেদি একুৰি কাৱৈ মাছ খোজকাঢ়ি পাৰ হ'ব। তাৰ পিছত তেওঁ এটা এটাকৈ কাৱৈ মাছ চিৰিৰ ওপৰেদি যাবলৈ দিলে। আৰু ক'লে যদি কুৰিটা মাছ চিৰিয়েদি পাৰ হ'ব পাৰে, তেতিয়া তেওঁৰ হাত এখন সৰি পৰিব আৰু যদি নোৱাৰে মাছকেইটা জুইত পৰিব। আৰু পোৰা মাছ পালে তেওঁ খাব পাৰে তেওঁ কাকোঁ হিংসা নকৰে। এনেকৈ ঊনৈশটা কাৱৈ চিৰিয়েদি পাৰ হ'ব নোৱাৰি জুইত পৰিল। এটা পাৰ হৈ গ'ল। পাৰ হৈ যোৱা মাছটোকো তেওঁ ক'লে '' পাৰিলেনে পাৰ হ'ব? মনকে কৰিব নোৱাৰিলোঁ মই আকৌ চাব লাগিব''।

৫। ভাবার্থ লিখাঃ

ক) মাছৰ তেলেদি মাছ ভজা।

উত্তৰঃ সাধাৰণতে সৰিয়হৰ তেলত মাছ ভজা হয়।কিন্তু এই স্থলত সৰিয়হৰ তল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ মাছৰ চৰ্ব্বিতে মাছ ভজা হৈছে। অৰথাৎ মূল ধনত হাত নিদিয়াকৈ কোনো কাৰ্য কৰা।

খ) মহন্তৰ চিন মাহনিত।

উত্তৰঃ লহপহকৈ হোৱা লুমালুমে লাগি থকা মাহনিত সোমালে দুটা মাহ ছিঙি খাবলৈ বা দুজোপা উঘালি আনি খাবলৈ স্বাভাৱিকতে লোভ লাগে। এই লোভ সামৰা বৰ টান; অথচ তাৰ পৰা সামান্য় হ'লেও গৰাকীৰ হানি হয়। লোভৰ বশৱৰ্তী সাধাৰণ মানুহৰ সেই কথা চিন্তালৈ নাহে; গতিকে মাহনিত সোমালে মাহ খাবই। কিন্তু যিসকল জ্ঞানীলোক তেওঁলোকৰ বিবেচনাই সেই কথা ঢুকি পায় বাবে লোভ সম্বৰণ কৰে। যি সকল প্ৰকৃত মহন্ত অৰ্থাৎ জ্ঞানী তেওঁলোকক ভোগৰ সম্ভাৰৰ মাজত সহজে চিনি পোৱা যায়; তেওঁলোকে হাজাৰ ভোগৰ সামগ্ৰীৰ মাজতো লোভ সম্বৰণ কৰি চলে। এতেকে যি ভোগৰ উভৈনদী সম্ভাৰ পায়ো লোভ সম্বৰণ কৰে, তেওঁহে প্ৰকৃত মহন্ত।

৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য সাজাঃ

পুঠি ( এবিধ মাছ )ঃ পুঠিমাছ খালে দৃষ্টিশক্তি সক্ৰিয় হয়।

পুথি ( কিতাপ )ঃ পুথি পঢ়িলে বহুতো জ্ঞান অৰ্জন কৰিব পৰাযায়।

জুতি ( জিভাৰ সোৱাদ )ঃ মাছে মঙহেৰে জুতি লগাই খাই খাই এতিয়া ৰহিমে ডাইল ভাত খাব নোৱাৰা হ'ল।

পানী ( জল )ঃ পানীয়ে প্ৰাণীৰ প্ৰাণ।

পাণি( হাত )ঃ সৰস্বতীৰ পাণিত বীনা থাকে।

বহি ( শৰীৰৰ অংগি ভংগি )ঃ ৰামে বহি বহি সময় বিলাক পাৰ কৰিছে।

বহী ( লেখন সামগ্ৰী )ঃ আগৰ শ্ৰেণীৰ বহীবিলাক সামৰি থৈছো, যাতে কোনোবা সৰু ল'ৰা-ছোৱালীয়ে লৈ পঢ়িব পাৰে।

৮। লিংগ পৱিৰ্তন কৰাঃ

চলিহী     =     চলিহা।

বৰুৱা     =     বৰুৱানী।

কলিতা   =     কলিতানী।

শইকীয়া =     শইকীয়ানী।

বৰা        =     বৰানী।


-Hiru Moni Bora


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ তলত দিয়া লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------