Chapter: 2 (III)


আগমনৰ বস্তুগত  ভিত্তি

(Material Grounds of Induction)

অনুশীলনী


১丨খালী ঠাই পূৰ কৰা ঃ

(ক) পৰীক্ষণ আৰু  নিৰীক্ষণৰ ওপৰত আগমন অনুমানৰ বস্তুগত সত্যতা নিৰ্ভৰ কৰে।

(খ) নিৰীক্ষণ হৈছে ঘটনাৰ আৱিস্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি

(গ) নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য আছে

(ঘ) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত

(ঙ) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্য়াপক

২। সংসিপ্ত টোকা লিখাঃ

(ক) সু─নিৰীক্ষণৰ চৰ্তসমূহ।

উত্তৰঃ- সু-নিৰীক্ষণৰ চৰ্তসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্য়াপক। প্ৰকৃতি ৰাজ্য়ত অহৰহ বিভিন্ন ঘটনা ঘটিয়েই থাকে। তাৰে কিছুমান সদায় আৰু কিছুমান মাজে সময়ে ঘটা ঘটনা। এই ঘটনাবোৰৰ কোনো পৰিসৰ নাথাকে। প্ৰাকৃতিক ঘটনাসমূহ প্ৰাকৃতিক নিয়মৰ মাজেৰে প্ৰাকৃতিক পৰিৱেশতেই ঘটে। যিহেতু ঘটনাবোৰৰ নিৰীক্ষকৰ নিয়ন্ত্ৰণাধীন নহয় সেয়েহে পৰ্যৱেক্ষণ পৰীক্ষণৰ সলনি নিৰীক্ষণেহে সম্ভৱ কৰি তোলে। উদাহৰণস্বৰূপে, ভূমিকম্পৰ কাৰণ জানিবলৈ হ'লে আমি ভূমিকম্প অহালৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। কিয়নো পৰীক্ষণৰ দ্বাৰা কৃত্ৰিমভাৱে ভূমিকম্পৰ উৎপন্ন কৰিব নোৱাৰি। দুৰ্ভিক্ষৰ কাৰণ নিৰ্ণয়ৰ কাৰণেও আমি কৃত্ৰিমভাৱে দুৰ্ভিক্ষ সৃষ্টি কৰিব নোৱাৰো। দেখা গ'ল যে, এনে ধৰণৰ কাৰ্যবোৰৰ কাৰণ নিৰ্ণয় একমাত্ৰ নিৰীক্ষণেহে সম্ভৱ কৰিব পাৰে। গতিকে, নিৰীক্ষণৰ পৰিসৰ পৰীক্ষণৰ তুলনাত বেছি। 

(ii) নিৰীক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। আগমনত অন্বেষণীয় ঘটনাবোৰ কেতিয়াবা কাৰ্য হিচাপে আৰু কেতিয়াবা কাৰণ হিচাপে নিৰীক্ষকৰ চকুত ধৰা দিয়ে। নিৰীক্ষণৰ সহায়ত কাৰ্যটো জনা থাকিলে তাৰ কাৰণটো অনুসন্ধান কৰিব পাৰো। আকৌ কাৰণটো জনা থাকিলে তাৰ কাৰ্য কি হ'ব সেইটোও নিৰ্ণয় কৰিব পাৰো। নিৰীক্ষণৰ সহায়ত মেলেৰিয়াৰ কাৰণ এনোফিলিচ মহে কামোৰাটো তাক নিৰ্ণয় কৰিব পাৰি। আকৌ এনোফিলিচ মহে কামোৰিলে যে মেলেৰিয়া হ'ব তাকো নিশ্চিয়কৈ ক'ব পাৰি। 

(iii) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত। নিৰীক্ষণ পৰীক্ষণতকৈ পূৰ্বৱৰ্তী। ঘটনা এটা প্ৰত্য়ক্ষ কৰোতে সদায় প্ৰথমতে নিৰীক্ষণৰ সহায় ল'ব লগা হয়। সীমিত বা পৰিসৰ কম হোৱা ঘটনা হ'লে পৰীক্ষণ সম্ভৱ হয়। কিন্তু ঘটনাৰ পৰিসৰ যদি ব্য়াপক হয় তেন্তে নিৰীক্ষণতে সন্তুষ্ট থাকিব লগাত পৰে। 

(খ) ভ্ৰান্ত পৰ্যৱেক্ষণ দোষ।

উত্তৰঃ- যি পৰ্যৱেক্ষণত ভুল হয় অৰ্থাৎ, এটা বস্তুক আন এটা বেলেগ বস্তু বুলি ভবা হয়, তেনে পৰ্যৱেক্ষণক ভ্ৰান্ত পৰ্যৱেক্ষণ বুলি কোৱা হয়। ভ্ৰান্ত পৰ্যৱেক্ষণ মূলতে হ'ল ইন্দ্ৰিয় দোষ যুক্ত বা প্ৰাকৃতিক পৰিৱেশ পৰ্যৱেক্ষণৰ বাবে উপযুক্ত নহয়। উদাহৰণস্বৰূপে, কম পোহৰত ৰছী এডালক সাপ বুলি ভুল প্ৰত্য়ক্ষ কৰা হ'ল। ইয়াত প্ৰাকৃতিক পৰিৱেশ আৰু ইন্দ্ৰিয়সমূহ উপযুক্ত নোহোৱাৰ বাবেহে সাপ সম্বন্ধে আমাৰ এটা ভ্ৰান্ত ধাৰণা উদয় হ'ল। সেয়েহে ভ্ৰান্ত পৰ্যৱেক্ষণ নহ'বৰ বাবে প্ৰাকৃতিক পৰিৱেশ আৰু ইন্দ্ৰিয়সমূহ যথোপযুক্ত হোৱা দৰকাৰ। 

        ভ্ৰান্ত পৰ্যৱেক্ষণ কেতিয়াবা এটা বস্তুক আন এটা বস্তুৰ ঠাইত কল্পনাপ্ৰসূত হিচাপে কৰা ধাৰণা হ'ব পাৰে। আকৌ কেতিয়াবা একো নথকা ঠাইতেই কিবা বস্তু থকা বুলি ধাৰণাও হ'ব পাৰে।

        আন্ধাৰত ৰছীৰ ঠাইত সাপ দেখা, আন্ধাৰৰ মাজত বন্ধ কোঠাত ভুত-প্ৰেত থকাৰ ধাৰণা কৰা, ৰাস্তাতে থকা লেম্প পোষ্টক কোনোবা মানুহ থিয় হৈ থকা যেন দেখা, ৰে'লেৰে যাওঁতে সম্পূৰ্ণ বস্তুবোৰক বিপৰীত ফালে বেগাই যোৱা যেন দেখা আদিয়েই হৈছে ভ্ৰান্ত পৰ্যৱেক্ষণৰ দোষ। 

        ভ্ৰান্ত পৰ্যৱেক্ষণ দুই প্ৰকাৰৰ। সেয়া হ'ল 一

(i) ব্য়ক্তিগত ভ্ৰান্ত পৰ্যৱেক্ষণ 

(ii) সাৰ্বজনীন ভ্ৰান্ত পৰ্যৱেক্ষণ 

(গ) অনৱেক্ষণ দোষ।

উত্তৰঃ- পৰ্যৱেক্ষণৰ সময়ত পৰ্যৱেক্ষণৰ লগত সম্পৰ্কিত বিষয়সমূহক বা বস্তুসমূহক লক্ষ্য় নকৰাৰ ফলত পৰ্যৱেক্ষণত যি দোষ ঘটে তাকে অপৰ্যৱেক্ষণ দোষ বা অনৱেক্ষণ দোষ বোলে। লাগতিয়াল বিষয়ক ভালদৰে লক্ষ্য় নকৰাৰ ফলতেই এই দোষ দেখি দিয়ে। অপৰ্যৱেক্ষণ বা অনৱেক্ষণ দোষক দুই ভাগত ভগাব পাৰি  ー

(i) প্ৰাসংগিক দৃষ্টান্তৰ অপৰ্যৱেক্ষণ দোষ বা অনৱেক্ষণ দোষ।

(ii) প্ৰাসংগিক পৰিস্থিতিৰ অপৰ্যৱেক্ষণ দোষ বা অনৱেক্ষণ দোষ। 

৩। সংজ্ঞা দিয়াঃ

(ক) পৰ্যৱেক্ষণ

উত্তৰঃ- নিৰীক্ষণ আৰু পৰীক্ষণ উভয়কে পৰ্যৱেক্ষণ বুলি কোৱা হয়। পৰ্যৱেক্ষণ হ'ল এক নিৰ্দিষ্ট উদ্দেশ্য়ৰে সুনিয়ন্ত্ৰিত  সুস্পষ্ট প্ৰত্য়ক্ষ। 

(খ) পৰীক্ষণ

উত্তৰঃ- কৃত্ৰিম পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্য়ৰে কোনো কৃত্ৰিম ঘটনাক প্ৰস্তুত কৰি প্ৰত্য়ক্ষ কৰাই হৈছে পৰীক্ষণ। 

(গ) অনৱেক্ষণ দোষ

উত্তৰঃপৰ্যৱেক্ষণৰ সময়ত পৰ্যৱেক্ষণৰ লগত সম্পৰ্কিত বিষয়সমূহক বা বস্তুসমূহক লক্ষ্য় নকৰাৰ ফলত পৰ্যৱেক্ষণত যি দোষ ঘটে তাকে অপৰ্যৱেক্ষণ দোষ বা অনৱেক্ষণ দোষ বোলে। 

(ঘ) ব্যক্তিগত ভ্ৰান্ত পৰ্যৱেক্ষণ।

উত্তৰঃযি পৰ্যৱেক্ষণত ভুল হয় অৰ্থাৎ, এটা বস্তুক আন এটা বেলেগ বস্তু বুলি ভবা হয়, তেনে পৰ্যৱেক্ষণক ভ্ৰান্ত পৰ্যৱেক্ষণ বুলি কোৱা হয়। 

৪। পাৰ্থক্য নিৰ্ণয় কৰাঃ

(ক) নিৰীক্ষণ আৰু পৰীক্ষণ

উত্তৰঃ- নিৰীক্ষণ আৰু পৰীক্ষণৰ মাাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一

(i) নিৰীক্ষণৰ বিষয়বস্তু প্ৰকৃতিয়ে যোগান ধৰে। সেয়েহে নিৰীক্ষণৰ বিষয়বস্তু প্ৰাকৃতিক ঘটনা। 

        আনহাতে, পৰীক্ষণৰ বিষয়বস্তু প্ৰকৃতিয়ে যোগান নধৰে। কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে ঘটনাৰ বিষয়বস্তু প্ৰস্তুত কৰি লোৱা হয়। সেয়েহে পৰীক্ষণৰ বিষয়বস্তু কৃত্ৰিম ঘটনা।

(ii) নিৰীক্ষণত ঘটনাক প্ৰাকৃতিক পৰিৱেশত প্ৰত্য়ক্ষ কৰা হয়। 

         আনহাতে, পৰীক্ষণত ঘটনাক কৃত্ৰিম পৰিৱেশত প্ৰত্য়ক্ষ কৰা হয়। 

(iii) নিৰীক্ষণত প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজত ঘটনাটো সংঘটিত হয় কাৰণে পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ ওপৰত নিৰীক্ষকৰ কোনো নিয়ন্ত্ৰণ নাথাকে। নিৰীক্ষণত যিহেতু পৰিৱেশ নিৰীক্ষকে সলনি কৰিব নোৱাৰে, সেয়েহে যি পৰিৱেশত ঘটনাটো ঘটে ঠিক তেনেকৈয়ে ঘটনাটো নিৰীক্ষণ কৰিব লগাত পৰে। 

        আনহাতে, পৰীক্ষণত কৃত্ৰিম পৰিৱেশত ঘটনাটো সংঘটিত হয়। এই পৰিৱেশ পৰীক্ষকে নিজে সৃষ্টি কৰি লয়। সেয়েহে পৰিৱেশটো সম্পূৰ্ণৰূপে পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। দৰকাৰ হ'লে পৰীক্ষকে পৰিৱেশৰ সাল-সলনি কৰিবও পাৰে। 

(খ) অনৱেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষ। 

উত্তৰঃঅনৱেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল ―

(i) অনৱেক্ষণ দোষ প্ৰাসংগিক দৃষ্টান্তৰ বা পৰিস্থিতিৰ পৰ্যৱেক্ষণ কৰা নহয়। 

        আনহাতে, ভ্ৰান্ত পৰ্যৱেক্ষণত ভুল পৰ্যৱেক্ষণ হয়। এটা বস্তুৰ ঠাইত আন এটা বস্তু পৰ্যৱেক্ষণ কৰা হয়। 

(ii) অনৱেক্ষণ দোষত প্ৰয়োজনীয় তথ্য়সমূহ আমাৰ অজ্ঞাতসাৰেই ৰৈ যায়। 

        আনহাতে, ভ্ৰান্ত পৰ্যৱেক্ষণত তথ্য়সমূহ ৰৈ নাযায়। তাৰ ঠাইত এটা বেলেগ তথ্য় পোৱা যায়। 

(iii) অনৱেক্ষণ দোষত আমি প্ৰত্য়ক্ষ কৰিব লগা বস্তটোক প্ৰত্য়ক্ষ নকৰো। সেয়েহে ই নঞৰ্থক দোষত পৰে।

        আনহাতে, ভ্ৰান্ত পৰ্যৱেক্ষণত বস্তুটোক ভুলকৈয়ে প্ৰত্য়ক্ষ কৰা হয়। কিন্তু একেবাৰে অপ্ৰত্য়ক্ষিত নহয়। সেয়েহে ভ্ৰান্ত পৰ্যৱেক্ষণ সদৰ্থক দোষত পৰে। 

(গ) ব্যক্তিগত ভ্ৰান্ত পৰ্যৱেক্ষণ আৰু সাৰ্বজনীন ভ্ৰান্ত পৰ্যৱেক্ষণ।

উত্তৰঃ- ব্য়ক্তিগত ভ্ৰান্ত পৰ্যৱেক্ষণ আৰু সাৰ্বজনীন ভ্ৰান্ত পৰ্যৱেক্ষণৰ মাজত থকা পাৰ্থক্য়সমূহ তলত উল্লেখ কৰা হ'ল 一      

(i) ব্য়ক্তি বিশেষ ক্ষেত্ৰত হোৱা ভ্ৰান্ত পৰ্যৱেক্ষণক ব্য়ক্তিগত ভ্ৰান্ত পৰ্যৱেক্ষণ বোলে।

        আনহাতে, সামান্য় অৰ্থাৎ সকলোৰে ক্ষেত্ৰত হোৱা পৰ্যৱেক্ষণক সাৰ্বজনীন ভ্ৰান্ত পৰ্যৱেক্ষণ বোলে। 

(ii) ৰাস্তাত থকা লেম্প পোষ্টক মানুহ বুলি ভুল পৰ্যৱেক্ষণ কৰা, ৰছীক সাপ বুলি ভবা আদি হৈছে ব্য়ক্তিগত ভ্ৰান্ত পৰ্যৱেক্ষণ।

        আনহাতে, ৰে'লেৰে যাওঁতে সন্মুখৰ বস্তুবোৰক বেগাই বিপৰীতফালে যোৱা যেন দেখা হৈছে সাৰ্বজনীন ভ্ৰান্ত পৰ্যৱেক্ষণ। 

৫৷ চমু উত্তৰ দিয়াঃ

(ক) আগমন অনুমানৰ বস্তুগত ভিত্তি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- আগমন অনুমানৰ বস্তুগত ভিত্তি দুই প্ৰকাৰৰ। সেয়া হ'ল − নিৰীক্ষণ আৰু পৰীক্ষণ। 

(খ) পৰীক্ষণ আৰু নিৰীক্ষণক আগমন অনুমানৰ বস্তুগত ভিত্তি বুলি কিয় কোৱা হয়?

উত্তৰঃ-  এই প্ৰসংগত "বস্তুগত ভিত্তি" শব্দটো অলপ নিৰ্দিষ্ট হ'ব পাৰে। আগমনৰ অনুমান পৰীক্ষণ আৰু নিৰীক্ষণ কৰাটো কিয় গুৰুত্বপূৰ্ণ তাৰ এটা সম্ভাৱ্য ব্যাখ্যা তলত উল্লেখ কৰা হৈছে 一

(i) সঠিকতা আৰু দক্ষতাঃ

        আগমনৰ সঠিক সময়ঃ পৰীক্ষণে আগমন অনুমানৰ বাবে ব্যৱহৃত তথ্য সঠিক হোৱাটো নিশ্চিত কৰাত সহায় কৰে। ইয়াৰ ফলত প্ৰদানকাৰী (যেনে, ডেলিভাৰী সেৱা) আৰু গ্ৰাহক (যেনে, ডেলিভাৰীৰ বাবে অপেক্ষা কৰা) উভয়ৰে বাবে অপচয় হোৱা সময় হ্ৰাস পায়।

        আগমনত প্ৰভাৱ পেলোৱা কাৰকসমূহ চিনাক্ত কৰাঃ নিৰীক্ষণে যাতায়ত, বতৰ বা অপ্ৰত্যাশিত পলমৰ দৰে কাৰকে আগমনৰ সময়ত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বুজিবলৈ সহায় কৰে। ইয়াৰ ফলত অনুমানৰ সালসলনি কৰিব পৰা যায় আৰু সামগ্ৰিক কাৰ্যক্ষমতা উন্নত হয়।

(ii) ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নতঃ-

        প্ৰত্যাশা নিৰ্ধাৰণ কৰাঃ এটা বাস্তৱিক আগমনৰ ক্ষেত্ৰ জনাটোৱে ব্যৱহাৰকাৰীসকলক সেই অনুসৰি পৰিকল্পনা কৰাত সহায় কৰে, হতাশা হ্ৰাস কৰে আৰু গ্ৰাহকৰ সন্তুষ্টি উন্নত কৰে।

        স্বচ্ছতা আৰু বিশ্বাসঃ আগমনৰ সময়ক প্ৰভাৱিত কৰা কাৰকসমূহ বুজিলে ব্যৱহাৰকাৰীসকলে প্ৰদান কৰা অনুমানসমূহক বিশ্বাস কৰিব পাৰে। 

        সামগ্ৰিকভাৱে, পৰীক্ষণ আৰু নিৰীক্ষণ আগমনৰ অনুমানৰ লক্ষ্য হৈছে এটা অধিক নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম ব্যৱস্থা সৃষ্টি কৰা যিয়ে প্ৰদানকাৰী আৰু ব্যৱহাৰকাৰী উভয়কে উপকৃত কৰে।

(গ)পৰ্যবেক্ষণ দোষ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ- পৰ্যৱেক্ষণৰ দোষ দুই প্ৰকাৰৰ। সেয়া হ'ল ― 

(i) অ-পৰ্যৱেক্ষণ দোষ বা অনৱেক্ষণ দোষ আৰু 

(ii) ভ্ৰান্ত পৰ্যৱেক্ষণ দোষ বা কু-পৰ্যৱেক্ষণ দোষ। 

(ঘ) সৰল পৰ্যবেক্ষণ সম্পূৰ্ণভাৱে নিষ্ক্ৰিয় অভিজ্ঞতা হয়নে?

উত্তৰঃ- হয়। 

(ঙ) সৰল পৰ্যবেক্ষণ কাক বোলে? পৰীক্ষণৰ তুলনাত ইয়াৰ সুবিধাসমূহ কি কি? 

উত্তৰঃকোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি প্ৰাকৃতিক পৰিৱেশত কোনো প্ৰাকৃতিক ঘটনাক সু-নিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰাক নিৰীক্ষণ বা সৰল পৰ্যৱেক্ষণ বোলে।

        পৰীক্ষণৰ তুলনাত সৰল পৰ্যৱেক্ষণ বা নিৰীক্ষণৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল ―

 (i) পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ অতি ব্য়াপক। প্ৰকৃতি ৰাজ্য়ত অহৰহ বিভিন্ন ঘটনা ঘটিয়েই থাকে। তাৰে কিছুমান সদায় আৰু কিছুমান মাজে সময়ে ঘটা ঘটনা। এই ঘটনাবোৰৰ কোনো পৰিসৰ নাথাকে। প্ৰাকৃতিক ঘটনাসমূহ প্ৰাকৃতিক নিয়মৰ মাজেৰে প্ৰাকৃতিক পৰিৱেশতেই ঘটে। যিহেতু ঘটনাবোৰৰ নিৰীক্ষকৰ নিয়ন্ত্ৰণাধীন নহয় সেয়েহে পৰ্যৱেক্ষণ পৰীক্ষণৰ সলনি নিৰীক্ষণেহে সম্ভৱ কৰি তোলে। উদাহৰণস্বৰূপে, ভূমিকম্পৰ কাৰণ জানিবলৈ হ'লে আমি ভূমিকম্প অহালৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। কিয়নো পৰীক্ষণৰ দ্বাৰা কৃত্ৰিমভাৱে ভূমিকম্পৰ উৎপন্ন কৰিব নোৱাৰি। দুৰ্ভিক্ষৰ কাৰণ নিৰ্ণয়ৰ কাৰণেও আমি কৃত্ৰিমভাৱে দুৰ্ভিক্ষ সৃষ্টি কৰিব নোৱাৰো। দেখা গ'ল যে, এনে ধৰণৰ কাৰ্যবোৰৰ কাৰণ নিৰ্ণয় একমাত্ৰ নিৰীক্ষণেহে সম্ভৱ কৰিব পাৰে। গতিকে, নিৰীক্ষণৰ পৰিসৰ পৰীক্ষণৰ তুলনাত বেছি। 

(ii) নিৰীক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি। আগমনত অন্বেষণীয় ঘটনাবোৰ কেতিয়াবা কাৰ্য হিচাপে আৰু কেতিয়াবা কাৰণ হিচাপে নিৰীক্ষকৰ চকুত ধৰা দিয়ে। নিৰীক্ষণৰ সহায়ত কাৰ্যটো জনা থাকিলে তাৰ কাৰণটো অনুসন্ধান কৰিব পাৰো। আকৌ কাৰণটো জনা থাকিলে তাৰ কাৰ্য কি হ'ব সেইটোও নিৰ্ণয় কৰিব পাৰো। নিৰীক্ষণৰ সহায়ত মেলেৰিয়াৰ কাৰণ এনোফিলিচ মহে কামোৰাটো তাক নিৰ্ণয় কৰিব পাৰি। আকৌ এনোফিলিচ মহে কামোৰিলে যে মেলেৰিয়া হ'ব তাকো নিশ্চিয়কৈ ক'ব পাৰি। 

(iii) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ আগত। নিৰীক্ষণ পৰীক্ষণতকৈ পূৰ্বৱৰ্তী। ঘটনা এটা প্ৰত্য়ক্ষ কৰোতে সদায় প্ৰথমতে নিৰীক্ষণৰ সহায় ল'ব লগা হয়। সীমিত বা পৰিসৰ কম হোৱা ঘটনা হ'লে পৰীক্ষণ সম্ভৱ হয়। কিন্তু ঘটনাৰ পৰিসৰ যদি ব্য়াপক হয় তেন্তে নিৰীক্ষণতে সন্তুষ্ট থাকিব লগাত পৰে। 

৭৷ পৰীক্ষণ কাক বোলে? সৰল পৰ্যৱেক্ষণৰ তুলনাত ইয়াৰ সুবিধাসমূহ কি কি?

উত্তৰঃকৃত্ৰিম পৰিৱেশত নিৰ্দিষ্ট উদ্দেশ্য়ৰে কোনো কৃত্ৰিম ঘটনাক প্ৰস্তুত কৰি প্ৰত্য়ক্ষ কৰাই হৈছে পৰীক্ষণ। 

         সৰল পৰ্যৱেক্ষণ অৰ্থাৎ নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) পৰীক্ষণত ঘটনাৰ পুনঃ পুনঃ প্ৰত্য়ক্ষ কৰিব পাৰি। পৰীক্ষণত কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে পৰীক্ষণীয় ঘটনা প্ৰস্তুত কৰা হয়। সেয়েহে পৰিৱেশ আৰু ঘটনা দুয়োটাই পৰীক্ষকৰ নিয়ন্ত্ৰণাধীন। যিহেতু পৰিৱেশ আৰু ঘটনা দুয়োটাই পৰীক্ষকৰ নিয়ন্ত্ৰণাধীন, সেয়েহে প্ৰয়োজন সাপেক্ষে পৰীক্ষকে একাধিকবাৰ ঘটনাটো প্ৰস্তুত কৰি বিভিন্ন পৰিৱেশত বিভিন্ন দিশৰ পৰা পুনঃ পুনঃ পৰীক্ষা কৰিব পাৰি। কিন্তু নিৰীক্ষণত তেনে কোনো সুবিধা নাই। নিৰীক্ষণত যিহেতু নিৰীক্ষকে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেয়েহে প্ৰকৃতিৰ বুকুত প্ৰাকৃতিক পৰিৱেশত ঘটনাটো ঘটিলেহে নিৰীক্ষণ কৰিব পাৰে। 

(ii) পৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষকে আন আন অ-প্ৰাসংগিক ঘটনাৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰিব পাৰে। 

        প্ৰকৃতিৰ ঘটনাবোৰ বৰ জটিল। মিশ্ৰিত ৰূপতহে ঘটনাবোৰ পৰ্যৱেক্ষকৰ আগত উপস্থাপিত হয়। সেয়েহে ঘটনাৰ সঠিক বিশ্লেষণ কৰিবলৈ হ'লে ইয়াক আন অ-প্ৰাসংগিক ঘটনাৰ পৰা পৃথক কৰি ল'বই লাগিব আৰু পৃথক কৰা সুবিধাটো অকল পৰীক্ষণতহে আছে; কিয়নো পৰীক্ষণত পৰিৱেশ আৰু ঘটনা সম্পূৰ্ণৰূপে পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। 

(iii) পৰীক্ষণত ঘটনাবোৰ অতি সুস্থভাৱে প্ৰত্য়ক্ষ কৰিব পাৰি।

        পৰীক্ষণত পৰীক্ষকে অন্বেষণীয় ঘটনাটো কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে প্ৰস্তুত কৰি লয়। পৰিৱেশ আৰু ঘটনা উভয়েই পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। সেয়েহে অতি সতৰ্কতাৰে ধীৰস্থিৰভাৱে পৰীক্ষকে পৰীক্ষণ কাৰ্য চলাই যাব পাৰে। নিৰীক্ষণত কিন্তু তেনে নহয়। নিৰীক্ষণৰ বিষয়বস্তু প্ৰকৃতিৰ ওপৰত নিৰ্ভশীল কাৰণে ইয়াত নিৰীক্ষকৰ কোনো নিয়ন্ত্ৰণ নাথাকে। প্ৰাকৃতিক ঘটনাবোৰ আকস্মিকভাৱে ঘটে। ঘটনাবোৰ কেতিয়াবা অতি কম সময়ৰ বাবেহে থাকে। গতিকে নিৰীক্ষকজনে অতি ততাতৈয়াকৈ ঘটনাবোৰ প্ৰত্য়ক্ষ কৰিব লগাত পৰে। 

(iv) নিৰীক্ষণৰ সিদ্ধান্ত ,ম্ভাৱনামূলক, কিন্তু পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত। 

        পৰীক্ষণত পোৱা সিদ্ধান্ত সম্পৰ্কে পৰীক্ষক নিশ্চিত। কিন্তু নিৰীক্ষণৰ দ্বাৰা যিবোৰ সিদ্ধান্ত পোৱা যায়, সেইবোৰৰ সত্য়তা অনিশ্চিত। নিৰীক্ষণত বহুতো সিদ্ধান্ত সত্য়াপনৰ বাহিৰত থাকে কাৰণে ইয়াৰ সিদ্ধান্তৰ সত্য়তা প্ৰায় বিশ্বাসমূলক। আনহাতে পৰীক্ষণত সিদ্ধান্তৰ সত্য়তা সম্বন্ধে পৰীক্ষকৰ কোনো ধৰণৰ সন্দেহ নাথাকে। 

৮৷ "নিৰীক্ষণ আৰু পৰীক্ষণ গুণগত পৰ্থক্য নাই , পৰিমাণ পাৰ্থক্যহে"। কথাষাৰ বাখ্যা কৰা।

উত্তৰঃ- নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কোনো মূলগত পাৰ্থক্য় নাই। দুয়ো প্ৰক্ৰিয়াই উদ্দেশ্য়প্ৰণোদিত আৰু এই উদ্দেশ্য়ও দুয়ো ক্ষেত্ৰতেই একেই। ঘটনাবোৰৰ বিশ্লেষণ কৰি তাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাই হৈছে নিৰীক্ষণ আৰু পৰীক্ষণ উভয়ৰে উদ্দেশ্য়। সেই উদ্দেশ্য় আগত ৰাখিয়েই দুয়ো ক্ষেত্ৰতেই বিষয়বস্তু নিৰ্বাচন কৰি লৈ মনটোক সু-নিয়ন্ত্ৰিতভাৱে পৰিচালনা কৰি ঘটনাবোৰক একাগ্ৰতা আৰু মনোযোগেৰে প্ৰত্য়ক্ষ কৰা হয়। গতিকে, উদ্দেশ্য়ৰ ফালৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণ একে। 

        বৈজ্ঞানিক অনুসন্ধানত নীৰিক্ষণ আৰু পৰীক্ষণ উভয়ৰে অৱদান উল্লেখযোগ্য়। উভয় প্ৰক্ৰিয়াই সমভাৱে আদৰণীয়। প্ৰাকৃতিক পৰিৱেশৰ মাজত পোৱা ঘটনাবোৰক নীৰিক্ষণৰ সহায়েৰে গ্ৰহণ কৰা হয়। আনহাতে, কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব লগা বিষয়বস্তুত পৰীক্ষণৰ সহায় লোৱা হয়। পৰীক্ষণতো নীৰিক্ষণ থাকে আৰু নিৰীক্ষণতো পৰীক্ষণৰ দৰকাৰ হ'ব পাৰে। 

৯৷ পৰ্যৱেক্ষণ কাক বোলে? পৰ্যবেক্ষণ কৰাৰ আগতে কি কি চৰ্ত পালন কৰিব লাগে?

উত্তৰঃনিৰীক্ষণ আৰু পৰীক্ষণ উভয়কে পৰ্যৱেক্ষণ বুলি কোৱা হয়। পৰ্যৱেক্ষণ হ'ল এক নিৰ্দিষ্ট উদ্দেশ্য়ৰে সুনিয়ন্ত্ৰিত  সুস্পষ্ট প্ৰত্য়ক্ষ। 

        পৰ্যৱেক্ষণ কৰাৰ আগতে পালন কৰিব লগা চৰ্তসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) বৌদ্ধিক চৰ্ত

(ii) শাৰীৰিক বা দৈহিক চৰ্ত

(iii) নৈতিক চৰ্ত। 


Answered by Sri Mampi Kakati


**********


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)

Post ID : DABP005931