বংগ ভংগৰ পটভূমি ঃ

    ১৭৭৩ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন (Regulating act . 1773) প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেন্সৰ গৱৰ্ণৰ পদটো 'গৱৰ্ণৰ জেনেৰেল' (Governor General) পদলৈ উন্নীত কৰিছিল। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুগৰাকীক ফ'ৰ্ট উইলিয়াম (Fort William)ৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। ফ'ৰ্ট উইলিয়ামৰ গৱৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশ শাসনৰ দ্বায়িত্ব এগৰাকী লেফনেণ্ট গৱৰ্ণৰৰ (Lieutenant Governor)


মোগল সম্ৰাট শ্বাহ আলম (১৭৫৯-১৮০৬) আৰু ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ (১৭৬৫) যোগেদি ইষ্ট ইণ্ডয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল (বংগ, বিহাৰ, উৰিষ্যা) বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল।

    হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সু-শাসন এজন লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। চিপাহী বিদ্ৰোহৰ (১৮৫৭ খ্ৰীষ্টাব্দ) পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাব-চিন্তাত বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। অংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখিয়েই ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলাৰ (গোৱালপাবা, কামৰুপ,  নগাঁও, দৰং, শিৱসাগৰ, লক্ষীমপুৰ) সৈতে খাছীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি (সৰ্বমুঠ এলেকা ৫৪,১০০ বৰ্গমাইল, জনসংখ্যা ৪১,৫০,০০০) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে 'অসম'নামৰ প্ৰদেশখন গঠন কৰা হয় । নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত (Chief Commissioner) পদ এটা সৃষ্টি কৰি কৰ্ণল আৰ এইচ কীটিঞ্জক (Colonel R H Keatings) অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ (১৮৭৪-১৮৭৮) অৰ্পণ কৰা হৈছিল। কোনো কোনো ঐতিহাসিকৰ মতে, এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। 

    গৱৰ্ণৰ ৰবাৰ্ট ক্লাইৱৰ (Robert Clive, ভাৰতবৰ্ষত ক্লাইৱৰ দ্বিতীয় কাৰ্যকাল ১৭৬৫ খ্ৰীষ্টাব্দ) পৰা লৰ্ড ডেলহাউছীৰ (Lord Delhousie, ১৮৪৮-৫৬ খ্ৰীষ্টাব্দ) সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিবেশ স্থপন হোৱাৰ পিছত কলিকতা, বোম্বাই আৰু মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক প্ৰেছিডেণ্ট (president) বিষয়বাব দিয়া হৈছিল আৰু প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটো 'প্ৰেছিডেন্সি' হিচাপে জনাজাত হৈছিল।

     বংগ বিভাজনৰ (১৯০৫) ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্য প্ৰদেশৰ মুখ্য আযুক্ত (Chief Commissioner)

    1866 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিযা ভয়ানক হুৰ্ভিক্ষত প্ৰায় দহ হেজাৰ মানুহে মৃত্যুক সৈৱটি ল'ব লগা হৈছিল। ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে (Lord Northbrook, 1872-76)বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল।

    এন্দু ফ্ৰেজাৰ (Andrew Fraser) আৰু আনজন অসমৰ মুখ্য আযুক্ত জন ব্যামফিল্ড ফুলাৰ (১৯০২-১৯০৫, j. Bamfylde Fuller)। ১৯০১ খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্য প্ৰদেশ

 (য়াণ্ডাবু সন্ধিৰ (১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰি) যোগেদি অসম তথা ব্ৰহ্ম পুত্ৰ উপত্যকা, ১৮৩২ খ্ৰীষ্টাব্দত কাছাৰ ১৮৩৩ খ্ৰীষ্টাব্দত খাছীয়া পাহাৰ, ১৮৩৫ খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ, ১৮৩৯ খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, ১৮৪৩ খ্ৰীষ্টাব্দত খামতি ৰাজ্য, ১৮৪৩খ্ৰীষ্টাব্দত চিংফৌ ৰাজ্য, ১৮৫৪ খ্ৰীষ্টাব্দত আঙ্গামীসকলৰ নগা পাহাৰ এলেকা ভাৰত-ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। এই এলেকাসমূহৰ শাসন ১৮৭৪ খ্ৰীষ্টাব্দলৈকে বংগ প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল। তেতিয়া বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল ২,৫৩,০০০ বৰ্গমাইল। মুঠ জনসংখ্যা আছিল ৪ কোটি ৬০ লাখ। )

আৰু বংগদেশৰ ভৌৈগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল। ফ্ৰেজাৰে বংগৰ ৭কোটি ৮০ লাখ বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছন্ন কৰি মধ্য প্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যবসায় সম্প্ৰসাৰণৰ স্বাৰ্থত তেওঁ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ  দিছিল। লৰ্ড কাৰ্জনে ফিৰেজাৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱ মনোযোগেৰে  অধ্যয়ন কৰিছিল। প্ৰস্তাৱ দুটা তেওঁৰ মনঃপুত হৈছিল আৰু তাক কাৰিযকতী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।


class 10 history book 

type: pawan jyoti koch



Post ID : DABP006462