Chapter: 5

অসমৰ সংক্ষিপ্ত ইতিহাস

(A Brief History of Assam)

প্ৰশ্নাৱলী

◻️ চমু উত্তৰ লিখাঃ

১। ১৮৫৭ চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ প্ৰথম মিৰাটত হৈছিল ।


২। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিচত ব্ৰিটিছে কৰ বৃদ্ধি কৰা দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ  ১৮৫৭ চনৰ বিদ্ৰোহৰ পিচত ব্ৰিটিছে কৰ বৃদ্ধি  কৰা দুটা কাৰণ হ'ল 

১।বিদ্ৰোহত হোৱা ঘাটি পূৰাবলৈ । 

২। ক্ষমতা হস্তান্তৰ ফলত পোৱা কোম্পানীৰ সম্পত্তি কিনিবলৈ । 


৩। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰবৰ্তন কৰা হৈছিল ?

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০চনত আয়কৰ প্ৰবৰ্তন কৰা হৈছিল ।


৪। বৃটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা?

উত্তৰঃ বৃটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ'ল 

১। কৃষকৰ পৰা অত্যধিক কৰ সংগ্ৰহ ।

২। প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আৰু দুৰ্ভিক্ষৰ সময়তো চৰকাৰৰ পৰা সকাহ পোৱা নাছিল ।


৫ | লেঃ ছিংগা  কোন আছিল ? তেওঁ কিয় ফুলগুৰিলৈ গৈছিল?

উত্তৰঃ লেঃ ছিংগা আছিল এজন ডেকা সামৰিক বিষয়া। অসমত হোৱা বিদ্ৰোহৰ সমাধান কৰিবলৈ তেওঁ ফুলগুৰিলৈ গৈছিল। 


৬। ফুলগুৰি বিদ্ৰোহৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰবাবে কমিছনাৰ হপকিন্সনে কি দুটা ব্যৱস্থা গ্রহণ কৰিছিল।

উত্তৰঃ ফুলগুৰি বিদ্ৰোহৰ দৰে ঘটনা পুনৰাবৃত্তি নঘটে তাৰবাবে কমিছনাৰ হপকিন্সনে দুটা ব্য়ৱস্থা গ্ৰহণ কৰিছিল আৰু সেই ঘটনা দুটা হৈছে-

(ক) স্কন্সৰ দৰে দোষী বিষয়াক শাস্তি দিয়া আৰু

(খ) ৫০০-ৰ পৰা ৮০০ সৈনিকৰ এক অভিৰিক্ত বাহিনী অসমলৈ পঠাবৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিছিল। 


৭ মেক্ কেব্ কেতিয়া কোন জিলাৰ উপায়ুক্ত আছিল?

উত্তৰঃ মেক কেব্ ১৮৯৪ চনৰ ৬ জানুৱাৰীত কামৰূপ জিলাৰ উপাযুক্ত আছিল। 


৮। আগ্রামী নীতি ( Forward Policy ) কোনে কাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ 


৯। অসহযােগ আন্দোলনৰ আগত গান্ধীজীয়ে নেতৃত্ব লােৱা দুটা আন্দোলনৰ নাম লিখা।

উত্তৰঃ অসহযোগ আন্দোলনৰ আগত গান্ধীজীয়ে নেতৃত্ব লোৱা দুটা আন্দোলনৰ নাম হৈছে- বংগ-ভংগ আন্দোলন আৰু স্বাধীনতা আন্দোলন। 


১০। ৰাওলাট আইন কিয় বৈষম্যমূলক বুলি কোৱা হয়?

উত্তৰঃ 


১১। চেৰ্ভচ চুক্তি কেতিয়া আৰু কাৰ লগত সম্পাদিত হৈছিল?

উত্তৰঃ চেৰ্ভচ চুক্তি ১৯২০ চনত তুৰষ্কৰ লগত সম্পাদিত হৈছিল।  

১২। ১৮৫৭ চনৰ বিদ্রোহত ধর্মীয় বিশ্বাসে বিদ্রোহীসকলক প্রভাবান্বিত কৰিছিলনে? দুটা উদাহৰণ দিয়া।

উত্তৰঃ 

◻️ খালী ঠাই পূৰ কৰাঃ

১।            যোৱাৰ পথত হেনৰী হপিকিন্সনে -ফুলগুৰিৰ ঘটনাৰ বিষয়ে জানিব পাৰে।

উত্তৰঃ ডিব্ৰুগড়লৈ যোৱাৰ পথত হেনী হপিকিন্সনে ফুলগুৰিৰ ঘটনাৰ বিষয়ে জানিব পাৰিছিল। 

২।            চনৰ ২৪ ডিচেম্বৰত         বজাৰ লটু-পাটেৰে বিদ্ৰোহ আৰম্ভ হয়।

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত ৰঙ্গিয়া  বজাৰ লুট-পাটেৰে বিদ্ৰোহ আৰম্ভ হয় । 

৩।            লগত            জনীয়া এটা সৈন্যবাহিনী আছিল।

উত্তৰঃ 

৪।             আৰু            আছিল দুজন ইংৰাজ ৰোমাণ্টিক কবি।

উত্তৰঃ 

৫।            চনত            বংগৰ লগত চামিল কৰা হয়।

উত্তৰঃ 

৬।            চনত            বংগৰ লগত চামিল কৰা হয়।

উত্তৰঃ

৭।             আছিল             মুখপাত্ৰ।

উত্তৰঃ 

◻️ অতি চমু উত্তৰ লিখাঃ

১। চট্টগ্রাম আৰু কি নামেৰে পৰিচিত?

উত্তৰঃ চট্টগ্ৰাম আৰু চিতাগঙ নামেৰে পৰিচিত ।

২। ‘দলি পুৰাণ'ৰ বিষয়বস্তু কি আছিল?

উত্তৰঃ ' দলি পুৰাণৰ' ৰ বিষয়বস্তু কৃষক আছিল । 

৩। অসমীয়া ল'ৰা-ৰ মিত্র কোনে লিখিছিল?

উত্তৰঃ অসমীয়া ল'ৰা-ৰ মিত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিল ।

৪। ‘অৰুণােদই' কাকত কোন ঠাইৰ পৰা প্রকাশিত হৈছিল?

উত্তৰঃ 'অৰুণোদই' কাকত শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল । 

৫। পানীন্দ্ৰ গগৈয়ে লিখা বিখ্যাত কিতাপখনৰ নাম কি?

উত্তৰঃ পানীন্দ্ৰ গগৈয়ে লিখা বিখ্যাত কিতাপখনৰ নাম হ'ল ল'ৰা শিক্ষা । 

৬। ১৮৯৩ চনত কানিৰ প্ৰচলনৰ বিষয়ে অনুসন্ধান কৰিবলৈ অহা আয়ােগখনৰ নাম কি?

উত্তৰঃ ১৮৯৩ চনত কানিৰ প্ৰচলনৰ বিষয়ে অনুসন্ধান কৰিবলৈ অহা আয়োগখনৰ নাম হ'ল ৰয়েল কমিছনৰ ( Royal Commission on Opium) । 

৭। জগন্নাথ বৰুৱাৰ মৃত্যু কেতিয়া হয়?

উত্তৰঃ জগন্নাথ বৰুৱাৰ ১৯০৭ চনত মৃত্যু হয় । 

৮। যােৰহাট সর্বজানিক সভা কিয় ১৯২১ চনলৈকে জীয়াই আছিল বুলি ধাৰণা কৰা হয়?

উত্তৰঃ যোৰহাট সৰ্বজানিক সভা ১৯২১ চনলৈকে জীয়াই আছিল বুলি ধাৰণা কৰা হয় কাৰণ সেই চনত গান্ধীজী যোৰহাটলৈ আহোতে সভাই তেওঁক সম্বৰ্দ্ধনা জনাইছিল । 

৯। স্বাধীনতা সংগ্রামত জড়িত হােৱা সুৰমা উপত্যকাৰ ছাত্র সংগঠন এটাৰ নাম লিখা।

উত্তৰঃ স্বাধীনতা সংগ্ৰামত জড়িত হেৱা সুৰমা উপত্যকাৰ ছাত্ৰ সংগঠন এটাৰ নাম হ'ল - অসম ছাত্ৰ সন্মিলন । 

১০। বৰপেটাৰ জাতীয় বিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰঃ 

১১। আহােমসকলে মুংমাওৰ পৰা কেতিয়া যাত্রা কৰে আৰু অসমত কোন চনত প্ৰৱেশ কৰে?

উত্তৰঃ আহোমসকলে মুংমাওৰ পৰা আনুমানিক ১২১৫ খৃঃত যাত্ৰা কৰে আৰু অসমত ১২২৮ খৃঃত প্ৰৱেশ কৰে । 

১২। আহােমৰ প্ৰথম ৰাজধানী ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউ আৰু ১২৫৩ খৃঃত স্থাপন কৰা হৈছিল ।

১৩। কিমান বছৰ ৰাজত্ব কৰাৰ পিচত কোন চনত চুকাফাৰ মৃত্যু হয়?

উত্তৰঃ প্ৰায় চল্লিছ বছৰ ৰাজত্ব কৰাৰ পিচত ১২৬৮ খৃঃত চুকাফাৰ মৃত্য়ু হয় । 

১৪। মীৰজুমলাই কোন চনত অসম আক্ৰমণ কৰিছিল? তেওঁৰ লগত অহা লিখকজনৰ নাম কি?

উত্তৰঃ মীৰজুমলাই ১৬৬২ খৃঃত অসম আক্ৰমণ কৰিছিল । তেওঁৰ লগত অহা লিখকজনৰ নাম হ'ল- চিহাবুদ্দিন তালিছ ।

১৫। মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপােষকতা কৰা ( শংকৰ - মাধৱৰ বাহিৰে ) দুজন বৈষ্ণৱ সাহিত্যিকৰ নাম লিখ।

উত্তৰঃ মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা কৰা ( শংকৰ- মাধৱৰ বাহিৰে) দুজন বৈষ্ণৱ সাহিত্য়কৰ নাম হ'ল- ৰামসৰস্বতী আৰু অনন্ত কন্দলী ।

১৬। হস্তীবিদ্যার্ণৱ পুথিৰ চিত্রশিল্পী দুজনৰ নাম লিখ।

উত্তৰঃ হস্তীবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰশিল্পী দুজনৰ নাম হ'ল- দিলবৰ আৰু দোষায় । 

১৭ । চামপুৰী দ্বীপ ক’ত আৰু কিয় বিখ্যাত?

উত্তৰঃ 

১৮। প্রাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ মহীৰঙ্গ দানৱ ।

১৯। নৰকাসুৰৰ জন্ম কেনেদৰে হৈছিল।

উত্তৰঃ বিষ্ণুৱে বৰাহ অৱতাৰত পৃথিৱীৰ গৰ্ভত নৰকাসুৰৰ জন্ম দিয়ে।

২০। বাণাসুৰ কোন আছিল?

উত্তৰঃ শোণিতপুৰৰ ৰজা ।

২১। ভগদত্তই কুৰুক্ষেত্র যুদ্ধত কাৰ পক্ষ লৈছিল?

উত্তৰঃ দুৰ্যোধনৰ । 

২২। বম্ৰণ বংশৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ পুষ্য় বৰ্মণ । 

২৩। প্রথম কোনখন ফলিত/লিপিত ‘কামৰূপ’ নামটো ব্যৱহাৰ কৰা হৈছিল।

উত্তৰঃ প্ৰথম সমুদ্ৰগুপ্তৰ এলাহাবাদসকলৰ শিলালিপিৰ পৰা 'কামৰূপ' নামটো ব্য়ৱহাৰ কৰা হৈছিল । 

২৪। শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰঃ শালস্তম্ভ বমশৰ প্ৰতিষ্ঠাতা অৱন্তী বৰ্মণ বা শালস্তম্ভ আছিল । 

২৫। কোনে প্রথমে উত্তৰ বংগত অসংখ্য ব্রাহ্মণক ভূমিদান কৰিছিল।

উত্তৰঃ 

২৬। কাৰ সৈতে ভাস্কৰ বৰ্মণে এক মিত্র জোট স্থাপন কৰিছিল?

উত্তৰঃ হৰ্ষবৰ্দ্ধন ।

২৭। প্রাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল?

উত্তৰঃ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ।

২৮। ন্যায়িক কার্যাৱলী সম্পন্ন কৰা দুজন বিষয়াৰ নাম উল্লেখ কৰা।

উত্তৰঃ ন্য়ায়িক কাৰ্যাৱলী সম্পন্ন কৰা দুজন বিষয়াৰ নাম হ'ল চৌধুৰী আৰু বৰফুকণ । 

২৯। কনিষ্ঠ আৰক্ষী বিষয়াক কি বােলা হৈছিল?

উত্তৰঃ কনিষ্ঠ আৰক্ষী বিষয়াক বালাধ্যক্ষ বোলা হৈছিল । 

৩০। নথিপত্র সংৰক্ষণ কৰা কার্যালয়ক কি বােলা হৈছিল?

উত্তৰঃ নথিপত্ৰ সংৰক্ষণ কৰা কাৰ্যালয়ক কৰণিকা বোলা হৈছিল । 

৩১। আহােমসকল কোন গােষ্ঠীৰ লােক।

উত্তৰঃ টাই বা থাই গোষ্ঠীৰ । 

৩২। চুকাফাই প্রথম স্থায়ী ৰাজধানী ক’ত পাতিছিল?

উত্তৰঃ চৰাউদেও ।

৩৩। চৰগুৱাত কোন আহােম ৰজাই ৰাজধানী পাতিছিল?

উত্তৰঃ চুদাংফাই ।

৩৪। চুখামফা ৰজাই কিয় ‘গজপতি’ উপাধি লৈছিল?

উত্তৰঃ 

৩৫। মীৰজুমলাৰ লগত অহা বুৰঞ্জীবিদ গৰাকীৰ নাম কি?

উত্তৰঃ চিহাবুদ্দিন তালিছ ।

৩৬। কোচ ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা বিশ্বসিংহ আছিল । 

৩৭। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত হৈছিল । 

৩৮। গদাপাণি কোন ফৈদৰ ৰজা আছিল?

উত্তৰঃ গদাপাণি তুংখঙীয়া ফৈদৰ ৰজা আছিল । 

৩৯। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ইটাখুলিৰ যুদ্ধ ১৬৮২ চনত হৈছিল । 

৪০। কেতিয়া আহােম ৰাজধানী যােৰহাটলৈ স্থানান্তৰিত হৈছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ পিছত আহোম ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত হৈছিল । 

৪১। দন্দুৱা দ্ৰোহৰ নায়ক কোন আছিল?

উত্তৰঃ দন্দুৱা দ্ৰোহৰ নায়ক কলীয়া ভোমোৰা বৰফুকন আছিল।

৪২। মান সেনাই কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ মান সেনাই তিনিবাৰ অসম আক্ৰমণ কৰিছিল ।

৪৩। মহ গড় ৰণকাৰ কাৰ মাজ হৈছিল?

উত্তৰঃ মহ গড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত হৈছিল । 

৪৪। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮৬২ চনত হৈছিল । 

চমু টোকা লিখা ঃ

১। কন্দর্পেশ্বৰ সিংহ

উত্তৰঃ- 

২। পিয়ালী বৰুৱা

উত্তৰঃ পিয়ালী বৰুৱাঃ অসম স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু আছিল। তেওঁক ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত ফাঁচী দিছিল।  

১। বংগিয়াৰ কৃষক বিদ্রোহ

উত্তৰঃ  ১৮৯৩-ৰ ২৪ ডিচেম্বৰত ৰঙ্গিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্ৰোহ আৰম্ভ হয় । ৩০ ডিচেম্বৰত প্ৰায় তিনি হেজাৰ লেক গোট খাই ৰাতি ৰাতি থানা, ডাকঘৰ আৰু তহচিলদাৰৰ বাংলা ধ্বংস কৰা আৰু মাৰোৱাৰী দোকান লুট কৰাৰ ভাবুকি দািয়া হয় । মাৰেৱাৰীৰ উপস্থিতিয়ে ভূমি ৰাজহ বৃদ্ধিত ইন্ধন যোগাইছিল বুলি ভবা হৈছিল । চৰকাৰে সশস্ত্ৰ সেনা মোতায়েম কৰাত ৩০ তাৰিখৰ পৰিস্থিতি নিয়ন্ত্ৰিত হয় । ১৮৯৪ চনৰ ৬ জানুৱাৰীত কামৰূপৰ উপায়ুক্ত মেক কেবে (Mc. Cabe) ৰঙ্গিয়াত উপস্থিত হৈ কেইবাজনো লোকক আটক কৰে। ইয়াৰ চাৰিদিন পিচত (১০ জানুৱাৰী ) ৰঙ্গিয়া থানাৰ সন্মুখৰ মুকলি পথাৰত শ-শ লোক হাতে হাতে লাঠী লৈ উপস্থিত হয় । সমবেত ৰাইজক খেলপথাৰ ত্যাগ কৰিবলৈ পুলিচে নিৰ্দেশ দিয়ে । কিন্তু আঁতৰি নগৈ ৰাইজে খাজনা বৃদ্ধিৰ বিৰুদ্ধে ধ্বনি দি আকাশ কঁপালে । পুলিচৰ দুটা ঘৰ অৱৰোধ কৰিলে । ইয়াৰ প্ৰত্যুত্তৰত পুলিচে গুলীচালনা কৰে । ফলত বহুত হতাহত হ'ল আৰু বহুজনক পুলিচে আটক কৰিলে । 

২। পথৰুঘাটৰ ৰণ

উত্তৰঃ দৰং জিলাৰ অন্তৰ্গত মঙ্গলদৈ মহকুমাৰ পথৰুঘাট কামৰূপ জিলাৰ সীমাৰ পৰা মুঠেই ১২ মাইল আঁতৰত। ইয়াতেই ১৮৯৪ চনৰ জানুৱাৰী মাজভাগৰ পৰা ৰাইজে মেলৰ যোগেদি খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয় খাজনা সংগ্ৰহতো বাধা দি আহিছিল । এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ তথা খাজনা অনাদয়ে সম্পত্তি ক্ৰোক্ কৰিবলৈ দৰঙৰ উপায়ুক্ত জে ডি অণ্ডাৰছন (J.D. Anderson), লেঃ বেৰিংচনৰ (Lt. Berrington) নেতৃত্বত এটা সৈন্য়বাহিনী লৈ পথৰুঘাটত উপস্থিত হ'ল । ২৮ জানুৱাৰীৰ পৰা পুৱা প্ৰায় ২০০ জন লোকে সম্পত্তি ক্ৰোক্ কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে । কোনোমতে তেওঁ ৰাইজৰ হাতৰ পৰা সাৰি আহি জিৰণি শিবিৰত থকা উপায়ুক্তক ঘটনাৰ সবিশেষ জনায় । কেইঘন্টামানৰ পিচত প্ৰায় ২০০০ লোক সমবেত হৈ এণ্ডাৰছনৰ এচৰত খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰে । উপায়ুক্তই ৰাইজক ঘৰা-ঘৰি যাবৰ কাৰণে নিৰ্দেশ দিয়ে যদিও ৰাইজ আঁতৰ নহ'ল । বৰঞ্চ লাঠী জোকাৰি দলি ফৰ্মুটি মাৰি ৰাইজ ওচৰলৈ আহিল । উপায়ুক্তই তেতিয়া গুলীচলনাৰ নিৰ্দেশ দিয়ে । ইয়াৰ ফলত বেচৰকাৰী বিচাপমতে ১৪০ জন লোকৰ মৃত্য়ু আৰু ১৫০ জন আহত হয় ( চৰকাৰী হিচাপমতে ১৫ জনৰ মৃত্য়ু আৰু ৩৭ জন আহত হয় । এই বিদ্ৰোহ ৰাইজৰ মাজত দ'কৈ সাঁচ বহুৱাইছিল । ফলত পুৰাণ শাস্ত্ৰৰ আৰ্হিৰে  স্বভাৱ কৰিব 'দলি পুৰাণে' (দলি ফমুৰ্টিৰ পৰা ) নামৰ পদ্য পুথি ৰচনা কৰে । পথৰুঘাটৰ ৰণেই অসমৰ ১৯ শতিকাৰ কৃষক বিদ্ৰোহৰ অন্তিম পৰ্যায় । 

৩। জয়ন্তীয়া বিদ্রোহ

উত্তৰঃ ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় । ভূমি দখলতকৈও বৃটিছ প্ৰশাসকৰ উদ্ভাণ্ডলিৰ কাৰণে চিণ্টেং বা জয়ন্তীয়াসকল অসন্তুষ্ট হয় ।ইংৰাজ ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰৰ ভাৰ হৈছিল দলৈবিলাকক ।  তাতো তেওঁলোকে দোষ উলিয়াইছিল । জনজাতিসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা ঠাইবোৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ইংৰাজ শাসকে ৰাজহ সংগ্ৰহৰ থলী উলিয়ালে । তদুপৰি চিণ্টেংসকলৰ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান-পৰ্ব তথা সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বাপৰ ব্যৱহাৰ কৰা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে  স্বাধীনচিতিয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তোলে । নগধ ধন হিচাপে কৰ-কাটল দি নোপোৱা পাহাৰীয়াসকলৰ ওপৰত ব্ৰিটিছে নিজৰ কৰ্তৃত্ব জাহিৰ কৰিবলৈকো ঘৰ কৰ, টিকট কৰ আৰু আয়কৰ বহুৱালে । 

৪। গাৰাে বিদ্রোহ

উত্তৰঃ

৫।উডচ্ ডেচপাছ

উত্তৰঃ

৬। আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন উচ্চ শিক্ষাৰ্থে ১৮৪১ চনত ভায়েক গংগাৰামৰ সৈতে কলিকতালৈ যায় । কিন্তু শিক্ষা সম্পূৰ্ণ লকৰাকৈ ১৮৪৪-ত ঘৰলৈ ঘূৰি আহে । তেওঁ ইউৰোপীয়সকলৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিছিল, বৃটিছ বিযয়াৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু নিজেও উচ্চ প্ৰশাসনিক বিষয়া হৈছিল ( ১৮৪৯-ত তেওঁ ছাব-এছিছটেণ্ট কমিছনাৰ হয় ) । আজীৱন বৃটিছ শাসনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিছিল । এইদৰে পশ্চিমৰ লগত হোৱা সম্পৰ্কৰ ফলতেই আনন্দৰামে নিজৰ জন্মভূমি অসমকো যিকোনো এখন উন্নত পশ্চিমীয়া দেশৰ দৰে গঢ়ি উঠাটো কামনা কৰিছিল । অসমৰ আৰ্থিক আৰু নৈতিক উন্নতিৰ হকে চৰকাৰে পদক্ষেপ লোৱাটো তেওঁ বিচাৰিছিল । বিজ্ঞান শিক্ষাত আনন্দৰামে গুৰুত্ব দিছিল। কিয়নো, তেওঁৰ মতে ই মানুহক অনুসন্ধিৎসু আৰু যুক্তিনিষ্ঠ হোৱাত সহায় কৰে, নাৰীসমাজত শিক্ষা বিস্তাৰে এখন সুস্থ সমাজ গঢ়ি তোলে; সেয়ে তেওঁ দেউতাকৰ দৰেই স্ত্ৰী-শিক্ষাত গুৰুত্ব দিছিল। অসমৰ অৰ্থনৈতিক উন্নতিৰ অৰ্থে বাট-পথ আৰু দলং নিৰ্মাণ, কৃষিৰ উন্নতিৰ কাৰণে উত্তৰ ভাৰতৰ পৰা কৃষি বিশেষজ্ঞ আনি অসমৰ কৃষকক প্ৰশিক্ষণ দিয়াৰ পৰামৰ্শ দিছিল । ব্য়ৱসায়-বাণিজ্যত ধনৰ বিলিয়োগ কৰিবলৈ তেওঁ অসমীয়া মানুহক আহ্বান জনাইছিল । 

৭। অৰুনােদই

উত্তৰঃ ঊনবিংশ শতিকাৰ বৌদ্ধিক জাগৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল শিৱসাগৰৰ পৰা আমেৰিকান বেপ্তিষ্ট মিশ্য়ন ১৮৪৬ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ কৰা অৰুণোদই কাকতে । ইয়ে আছিল অসমৰ প্ৰথম মাহেকীয়া আলোচনী । ধৰ্ম, বিজ্ঞান আৰু সাধাৰণ জ্ঞানৰ প্ৰসাৰেই আছিল ইয়াৰ লক্ষ্য় । বাৰ্তালোচনী  হিচাপেই নহয়, ''অসমীয়া ভাষা-সাহিত্য় আৰু সংস্কৃতিৰ ক্ষেত্ৰতো 'অৰুণোদই' যুগ স্বৰ্ণমণ্ডিত ।'' ইয়াৰ প্ৰথম সম্পাদক আছিল খ্ৰীষ্টিয়ান পাদুৰী নাথান ব্ৰাউন আৰু প্ৰকাশক অলিভাৰ টি কট্টৰ । খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্য়কাত ই বিশেষ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলেও অসমীয়া ভাষা-সংস্কৃতি, ঐতিহ্য় আৰু শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য় লাভ কৰিছিল । সামাজিক কু-সংস্কাৰৰ, অন্ধবিশ্বাস আৰু কানিৰ দৰে মাদক দ্ৰব্য় সেৱনৰ বিৰুদ্ধে অৰুণোদইয়ে যুজঁ দিছিল । অসমৰ বাহিৰৰ দেশ-বিদেশৰ খবৰ, বৈজ্ঞানিক আৱিষ্কাৰ, স্বাস্থ্য় আৰু ধন ঘটাৰ উপায় সম্পৰ্কীয় বাতৰিৰে ই অসমীয়া সমাজক আগবঢ়াই নিবলৈ যত্ন কৰিছিল । নতুন ধ্য়ান-ধাৰণা আৰু নতুন জ্ঞানৰ পোহৰ আড়ম্বৰহীন পোনপটীয়া সহজ-সৰল বাক্য় গাঁথনিৰে অসমীয়া ভাষাত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল আৰু ''অসমীয়া সাহিত্য়ত মংগলময় ভৱিষ্য়তৰ সূচনা কৰিছিল'' মিছনেৰীসকলে স্ত্ৰী-শিক্ষাৰ সম্প্ৰসাৰণৰ কাৰণে কিছুমান ছোৱালী স্কুল খুলিছিল । প্ৰথমটো মিশ্য়নেৰী স্কুল শিৱসাগৰত প্ৰতিষ্ঠা কৰে ( ১৮৪০)। ইয়াৰ পিচত নগাঁৱত ( ১৮৪৩ ) আৰু গুৱাহাটীত ( ১৮৫০ ) তেওঁলোকে বিদ্য়ালয় খোলে । 'অৰুণোদই' গোষ্ঠীৰ অন্য়তম লেখক ড॰ মাইলচ ব্ৰনচন অসমীয়া, নগা আদি ভাষাৰ পথ প্ৰদৰ্শক,ভাষাতত্ত্ববিদ আছিল । তেওঁৰ প্ৰধান কীৰ্তি 'অচমিয়া আৰু ইংৰাজী অভিধানে' ( ১৮৬৭ ) অসমীয়া ভাষাক পুনৰজীৱন দিলে । আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি বহুতো অসমীয়া ভাষাৰ কাণ্ডৰী 'অৰুণোদই'ৰ লগত জড়িত আছিল । প্ৰথম অসমীয়া খ্ৰীষ্টয়ান নিধি লেভি ফাৰৱেলে সাহিত্য়জগতলৈ 'অৰুণোদই' ৰ যোগেদি যথেষ্ট বৰঙণি আগবঢ়াইছিল । 

৮ | আছাম এছ'চিয়েছন

উত্তৰঃ অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰিবলৈ সামগ্ৰিকভাৱে অসমৰ কথা চিন্তা কৰিবলৈ বহলভিত্তিক এটা অনুষ্ঠানৰ অভাৱ অনুভৱ কৰি অহা হৈছিল । কিয়নো, সৰ্বজানিক সভা দুৰ্বল হৈ আহিছিল, আসাম টি প্লেণ্টাৰ্ছ এছ'চিয়েছন (Assam Tea Planters Association) ,  সুৰমা ভেলী মহম্মদান এছ'চিয়েছন বা আসাম ভেলী মহম্মদান এছ'চিয়ছন ( Assam Valley Muhammedan Association ) আদি সংগঠন ব্য়ৱসায়ভিত্তিক বা নিৰ্দিষ্ট সম্প্ৰদায়ভিত্তকহে আছিল । সেয়ে   গুৱাহাটীৰ মাণিকচন্দ্ৰ বৰুৱা প্ৰমুখ্য়ে প্ৰায় ৪০ জন লোকে ভাইচৰয়ৰ কাৰ্যনিৰ্বাহক সদস্য় দেঞ্জিল্ ইবেট্চনক সাক্ষাৎ কৰিবলৈ আহোতে সদৌ অসমভিত্তিক এটা অনুষ্ঠান গঠন কৰা সম্পৰ্কত আলোচনা কৰি ১৯০৩ চনত আসাম এছ'চিয়েছন প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ আগতে গংগা গোবিন্দ ফুকনে গুৱাহাটীত এখন ৰাজনৈতিক মহাসভা অনুষ্ঠিত কৰি তাৰ নাম দিছিল আসাম এছ'চিয়েছন । এইখন আসাম এছ'চিয়েছনৰ প্ৰথমখন অধিৱেশন দীননাথ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল শিৱসাগৰত ১৮৮০ চনত । কিন্তু এই এছ'চিয়েছনৰ সাংগঠনিক দিশটো সবল নাছিল আৰু ইয়াৰ বৈঠকো নিয়মীয়া নাছিল । সেয়ে ১৯০৩ চনত স্থাপিত আসাম এছ'চিয়েছন প্ৰকৃতাৰ্থত সদৌ অসমভিত্তিক প্ৰথমটো ৰাজনৈতিক মঞ্চ বুলি ধৰা হয় ।

৯। অসম ছাত্র সন্মিলন

উত্তৰঃ ১৯১৬ চনত অসম ছাত্ৰ সন্মিলনৰ ( Assam Students' Conference) জন্ম অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা । ইয়াৰ প্ৰথম অধিৱেশন গুৱাহাটীত লক্ষ্মীলাথ  বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় । ১৯০৫ চনৰ বংগ ভংগ বা স্বদেশী আন্দোলনত বংগৰ বহুসংখ্য়ক ছাত্ৰ জড়িত হৈছিল । এটি বেচাণ্টৰ হ'মৰোল আন্দোলন, বাল গংগাধৰ তিলক, লালা লাজপাট ৰায় আৰু বিপিনচন্দ্ৰ পালৰ ( লাল, বাল, পাল ) আদৰ্শই ভাৰতীয় যুৱ সমাজক ৰাজনৈতিক সচেতনতা আনি দিছিল । অসমৰ ছাত্ৰ সকলো বাদ নপৰিল । তেওঁলোকে এই চেতনাৰে নিজৰ আৰু দেশৰ হিতৰ কাৰণে কাম কৰিছিল ।

১০। চন্দপুৰ ৰে'ল ষ্টেচনৰ ঘটনা

উত্তৰঃ 

১১। অসমত অসহযােগ আন্দোলনত চৰকাৰী উৎপীড়ন

উত্তৰঃ অসমত অসহযোগ আন্দোলনত চৰকাৰী উৎপীড়নঃ অসহযোগ আন্দোলনে অসমত প্ৰভাৱ পেলাইছিল।  সভা-সমিতিত সমবেত জনতাৰ ওপৰত নেতাসকলক হাটকেৰেয়া লগাই আতক কৰিছিল। স্কুল-কলেজ আৰু মদ-ভাঙৰ দোকানত পিকেটিং কৰা স্বেচ্ছাসেৱকৰ ওপৰত লাঠি চালন কৰিছিল আৰু কিছুমান ঠাইত শাস্তিমূলক ৰাজহুৱা জৰিমনা ভৰোৱা হৈছিল। গান্ধীৰ আদৰ্শ আৰু সত্য়াগহৰ ভূল ব্য়াখ্য়া কৰি চৰকাৰে আন্দোলনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। আন্দোলনত সমৰ্থন কৰা বাবে 'অসমীয়া' আৰু 'আসাম বিলাসিনী' কাকতৰ ওপৰত জৰিমনা লগোৱা হৈছিল। কৃষ্ণকান্ত ভট্টাচাৰ্যৰ 'আসাম বিলাসিনী' সম্পাদক আছিল। তেওঁ চৰকাৰী পেঞ্চন হেৰুৱাইছিল আৰু কাকতবোৰ প্ৰকাশ কৰিবলৈ বন্ধ কৰি দিছিল। 

    ৰাজনৈতিক বন্দীয়ে স্থায়ী জেইল ভৰি পৰিছিল আৰু বহুতো ঠাইত অস্থায়ী জেইল সাজিব লগা হৈছিল। কেশৱ নাৰায়ণে কৈছিল যে অসমত চাৰি হেজাৰোৰ অধিক আন্দোলনকাৰীক অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে কাৰাৰুদ্ধ কৰা হৈছিল।হেজাৰ জন বন্দী হৈছিল, ঘাই ঘাই নেতাবোৰ বাদ পৰা নাছিল, তেতিয়াই জেললৈ আহিবলৈ আন্দোলনকাৰীয়ে ভয় কৰা নাছিল। তেওঁলোকে জেলত সোমাব পৰাটো সৌভাগ্য়ৰ কথা বুলি ভাবিছিল। চৰকাৰৰ হেঁচাত বহুজনেই ভৱিষ্য়তলৈ আন্দোলন নকৰো বুলি কৈ জেলৰ পৰা মুকলি হৈ গৈছিল। জেলত থকা লোকসকলে ঢেঁকীত চাউল খুন্দা আৰু ঘানিত তেল পেৰা এইবোৰ কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁলোকে চৰকাৰী প্ৰতিবেদন স্বীকাৰ কৰিছিল। 

১২। অসহযােগ আন্দোলনৰ গুৰুত্ব

উত্তৰঃ- অসহযোগ আন্দোলনৰ গুৰুত্বঃ গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত কৰিছিল চৌৰীচৌৰাৰ ঘটনাৰ বাবে। ইয়াৰত বহুতো ইতিবাচক দিশ আছিল আৰু সেইবোৰ হ'ল 

ক) স্বৰাজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহ'লেও এই আন্দোলনে জনসাধাৰণৰ মাজত যি বোৰ জাগৰণ আনিছিল সেইবোৰ পৰৱৰ্তী কালত জাতীয় আন্দোলন কৃতকাৰ্য হোৱাত সহায় কৰিছিল।

খ) সকলো শ্ৰেণীলোকে ইয়াত যোগদান দিয়াত এই আন্দোলনটো জাতীয় আন্দোলনলৈ উন্নীত হৈছিল। ইংৰাজ চৰকাৰৰ দমনমূলক ব্য়ৱস্থা নেওচি জাতি-বৰ্ণ-ধৰ্ম নিবিশেষে জাতীয় স্বাৰ্থত বিৰল ত্য়াগৰ নিদৰ্শন দাঙি ধৰিছিল। 

গ) আন্দোলনৰ ফলত চৰকাৰে  কানি নীতিৰ সংশোধন কৰিবলৈ বাধ্য় হৈছিল। যাৰ ফলত ৰাজ্য়ত কানি খোৱা লোকৰ সংখ্য়া হ্ৰাস পাইছিল। 

ঘ) স্থানীয় নিকায়সমূহত ভোটাধিকাৰ সম্প্ৰসাৰণত ইয়াৰ এক সুফল আছিল। 

ঙ) পৰোক্ষভাৱে স্বৰাজ্য় দল গঠন

চ) ভাৰতৰ অন্য়ান্য় ঠাইৰ দৰে অসমতো কলেজীয়া ছাত্ৰৰ সংখ্য়া অনাৰ প্ৰক্ৰিয়াত সহায় কৰিছিল।

ছ) অসহযোগ আন্দোলনৰ কালত গঢ়ি উঠা জাতীয় বিদ্য়ালয়বোৰ স্থায়ী নহ'লেও এইবোৰে জাতীয় জাগৰণত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। 

১৩। পাণ্ডু কংগ্রেছ ।

উত্তৰঃ- পাণ্ডু কংগ্ৰেছঃ গান্ধীজীৰ অসম আগমণত উৎসাহিত হৈ জাতীয় সংগ্ৰাম অধিক শক্তিশালী কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰধান সম্পাদক ৰোহিণীকান্ত হাতীবৰুৱা অল আসাম স্পিনাৰ্ছ এছ' চিয়েছনৰ সম্পাদক কৃষ্ণনাথ শৰ্মাই কংগ্ৰেছৰ কাণপুৰ অধিৱেশনত যোগ দিবলৈ গৈ তেওঁ অসম প্ৰাদেশীক কংগ্ৰেছৰ হৈ গুৱাহাটীলৈ কংগ্ৰেছৰ পৰৱৰ্তী অধিৱেশনখন নিমন্ত্ৰণ কৰিছিল। গুৱাহাটীৰ পাণ্ডুত উৎসাহ-উদ্দীপনাৰে অধিৱেশনখন অনুষ্ঠিত হৈছিল। সেই সভাখন ১৯২৬ চনৰ ২৬-২৮ আগষ্টত অনুষ্ঠিত হৈছিল। সেই সভাৰ সভাপতি আছিল শ্ৰীনিবাস আয়েংগাৰ। 

    সেই অধিৱেশনত ১৯১৯ চনৰ সংস্কাৰ আইন অগ্ৰাহ্য় কৰা হয়। খাদীৰ প্ৰচলনৰ দৰে গঠনমূলক কাৰ্যসূচীৰ গুৰুত্ব আৰোপ কৰা হয়। সেই অধিৱেশনত শিবিৰ আৰু সভা কৃষ্ণনাথ শৰ্মাৰ নেতৃত্বত অসমত তৈয়াৰ কৰা খাদী কাপোৰেৰে ঢকা হৈছিল। গান্ধীয়ে এইবোৰ দেখি উৎফুল্লিত হৈ সভাথলীক 'a city under khadi canvas' বুলি প্ৰশংসা কৰিছিল। 

১৪। দাণ্ডী যাত্রা

উত্তৰঃ

১৫। কানিংহাম চাৰ্কোলাৰ

উত্তৰঃ- কানিংহাম চাৰ্কোলাৰঃ জাতীয় আন্দোলনত অসমৰ ছাত্ৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি চৰকাৰে লক্ষ্য় কৰিছিল। অসমৰ তদানীন্তন শিক্ষাধিকাৰ জে. এ. কানিংহামে ছাত্ৰসকলক আঁতৰাই আনি জাতিয় সংগ্ৰাম দুৰ্বল কৰিব পৰা উদ্দেশ্য়ে জাননী এখন প্ৰেৰণ কৰিছিল শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকললৈ। সেই জাননীখনৰ মতে ছাত্ৰসকলৰ অভিভাৱক আৰু পিতৃ-মাতৃয়ে লিখিত ভাৱে প্ৰতিশ্ৰুতি দিব লগা হৈছিল। ছাত্ৰসকলৰ অভিভাৱক তথা পিতৃ-মাতৃয়ে এনেদৰে লিখি দিব লাগিছিল যে, 'ৰাজনৈতিক কোনো কাৰ্যসূচীত ছাত্ৰই অংশগ্ৰহণ নকৰে আৰু শিক্ষানুষ্ঠান শিক্ষা বিভাগৰ নিয়ম-নীতি তেওঁলোকে মানি চলিব'। তেওঁলোকে চাৰ্কোলাৰ প্ৰত্য়াহ্বান হিচাপে মানি গুৱাহাটীৰ কামৰূপ একাডেমীৰ দৰে তেজপুৰ, বৰপেটা আৰু ডিব্ৰুগড়ত জাতীয়  বিদ্য়ালয় স্থাপন কৰিলে।

    আন্দোলন দমন কৰিব গৈ কানিংহাম চাৰ্কোলাৰে আন্দোলন অধিক তীব্ৰতক কৰি তুলিলে। সেই সময়ত ছাত্ৰ আন্দোলনকাৰী প্ৰধান পৰামৰ্শদাতা আছিল হেমচন্দ্ৰ বৰুৱা আৰু অমিয় কুমাৰ দাস ছাত্ৰসকলে আইন অমান্য় আন্দেলনৰ লগত চামিল হৈ ধৰ্মঘট, পিকেটিঁং আৰু হৰতাল এইবোৰ পালন কৰিছিল। তেওঁলোকে সভা-সমিতি পাতি আন্দোলন প্ৰচাৰ কৰিছিল। সেই কাৰণে তেওঁলোকে চৰকাৰী ৰোষৰ বলি হৈ কাৰাবাস খাটিবলগা হৈছিল। চন্দ্ৰপ্ৰভা শইকীয়ানিয়ে গুৱাহাটীৰ মহিলাসকলৰ নেতৃত্ব দিছিল। 

১৬। ৰাণী গাঁইদালু

উত্তৰঃ 

১৭। ক্রিপছ মিছন

উত্তৰঃ ক্ৰিপছ মিছনঃ- দ্বিতীয় মহাসমৰ চলি থকা অৱস্থাত ভাৰতৰ ৰাজনৈতিক দল আৰু জনসাধাৰণৰ সহযোগিতা লাভ কৰিবলৈ ব্ৰিটিছ চৰকাৰে ভাইচৰয়ৰ কাৰ্যনিৰ্বাহক পৰিষদত এখন যুদ্ধ উপদেষ্টা পৰিষদ আৰু এখন সংবিধান ৰচনা কৰিব কাৰণে প্ৰতিনিধিত্বমূলক পৰিষদ গঠনৰ কাৰণে চেষ্টা চলাইছিল। ব্য়ক্তিগত সত্য়াগ্ৰহ চলি থকা সময়ত ১৯৪১ চনৰ শেষৰ ফালে জাপানী সৈন্য় ব্ৰিটিছৰ বিৰুদ্ধে আহি কহিমা পাইছিল। ক্ৰিপিছেও আগষ্ট প্ৰস্তাৱৰ দৰে যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্য়ৱস্থা আৰু ভাৰতীয় প্ৰতিনিধিৰে সংবিধানৰ সভা গঠনৰ প্ৰস্তাৱ আগবঢ়াছিল। হিন্দু-মুছলমান বিবাদ নিষ্পত্তিৰ বাবে ভাৰতক দ্বিখণ্ডিত কৰিব কাৰণে ক্ৰিপছৰ প্ৰস্তাৱত আছিল। 

     ভাৰতৰ প্ৰতিৰক্ষাৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতত আৰু ভোটা ক্ষমতা প্ৰয়োগৰ অধিকাৰ ভাইচৰয়ক দিবলৈ লোৱাত কংগ্ৰেছৰ পূৰ্ণ স্বাধীনতাৰ দাবী কৰিছিল। 

১৮। ভাৰত ত্যাগ আন্দোলনত অসমৰ আত্মগােপনকাৰীসকলৰ ভূমিকা

উত্তৰঃ ভাৰত ত্য়াগ আন্দোলনত অসমত আত্মগোপনকাৰীসকলৰ ভূমিকাঃ- কংগ্ৰেছে আনুষ্ঠানিকভাৱে ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অগ্ৰাহ্য় কৰাৰ পিচত গান্ধীজীৰ পৰামৰ্শমতে ভাৰত ত্য়াগ প্ৰস্তাৱ গ্ৰহণ কৰে। ভাৰত ত্য়াগৰ প্ৰস্তাৱ ঘোষণাৰ কৰা লগে লগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা, ফখৰুদ্দিন আলি আহমেদ, দেৱেশ্বৰ শৰ্মা আৰু লীলাধৰ বৰুৱা এই নেতাকেইজনক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মা বোম্বে কংগ্ৰেছৰ পৰা উভতি আহোতে দুয়োকে ধুবুৰীত আটক কৰিছিল। গোলাঘাট সৰুপথাৰত ৰে'ল বগৰোৱা ঘটনাত জড়িত থকা বলি কুশল কোঁৱৰক যোৰহাট জলত ফাঁচী দিছিল। 

    অহিংসাত বিশ্বাসী গান্ধীজীয়ে আন্দোলনকাৰীৰ হিংসাত্মক কামত তেওঁ স্বীকৃতি দিয়া নাছিল। কিছুমান লোক পুলিচৰ হাতত ধৰা নিদি গোপনে আন্দোলন কৰিছিল আৰু তেওঁলোক হৈছে তেজপুৰৰ জ্য়োতিপ্ৰসাদ আগৰৱালা আৰু গহনচন্দ্ৰ গোস্বামী, নগাঁৱৰ  লক্ষ্মীনাথ গোস্বামী আৰু মহেন্দ্ৰনাথ হাজৰিকা, গোলাঘাটৰ শংকৰচন্দ্ৰ বৰুৱাই ভাৰতৰ সমাজবাদী নেতা অচ্য়ুৎ পটবৰ্দ্ধন, অৰুণা আচফ আলী, সুচেতা কৃপালনী, চাদিক আলি, আৰু জয়প্ৰকাশ নাৰায়ণ। তেওঁলোকে ভাৰত ত্য়াগ আন্দোলনৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল। 

১৯। ভাৰত ত্যাগ আন্দোলনত অসমৰ মহিলাসকলৰ ভূমিকা

উত্তৰঃ- ভাৰত ত্য়াগ আন্দোলনত অসমৰ মহিলাসকলৰ ভূমিকাঃ ১৯৪৩ চনৰ স্বাধীনতা দিৱস মূল নেতাসকল হাজোত থকা ছাত্ৰ আৰু মহিলাসকলৰ পৰিচালনাতেই উদযাপিত হৈছিল। পাঠশালাত সভাপতিৰ আছিল চন্দ্ৰপ্ৰভা শইকীয়া। তেওঁক ইয়াৰ সভাপতি হোৱা কাৰণে পুলিচে আটক কৰিছিল। মহিলাসকল আৰু অতি কম বয়সৰ ছোৱালীবোৰে নিজৰ সন্মান আৰু আত্মৰক্ষাৰ বাবে হাতত অস্ত্ৰ লৈ ফুৰিছিল। বুদ্ধেশ্বৰী হাজৰিকাই পুনৰ বা আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবে তেওঁৰ হাতৰ আঙুলিত পুলিচে বেজি সোমোৱাই অত্য়াচাৰ কৰিছিল। ভাৰত ত্য়াগ আন্দোলনত চৰম ত্য়াগ কৰা মহিলাৰ সংখ্য়াও বহুত আছিল। সেই আন্দেলনত পুলিচৰ গুলীচালনাত দৰঙৰ ঢেকীয়াজুলিৰ তিলেশ্বৰী বৰুৱা, কুমলী দেৱী, খহুলী নাথ, গহপুৰৰ কনকলতা বৰুৱা, বৰহমপুৰৰ ভোগেশ্বৰী ফুকননীৰ মৃত্য়ু হৈছিল। 

    এনেদৰে ব্ৰহ্মপুত্ৰ উপত্য়কাত ১৩ পৰা ৬৫ বছৰ ১৫ গৰাকীৰ মহিলাই বিয়াল্লিছৰ আন্দোলনত প্ৰাণ আহুতি দিছিল। ইয়াৰ উপৰিও পুলিচ আৰু মিলিটেৰীৰ মাৰপিট,  লাঠীচালনা আৰু গুলীচালনাত বহুগৰাকী মহিলাৰ ঘূণীয় হৈছিল। এইবোৰ ত্য়াগৰ পৰা ভাৰতৰ ভিতৰত অসমতেই বহুতো মহিলাই আন্দোলনত অংশগ্ৰহণ কৰিছিল। আন্দোলনকাৰীসকলে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় প্ৰশাসন গাওঁবাসীৰ হাতত তুলি দিছিল। বিচাৰত দোষী সাব্য়স্ত হোৱাজনক ৰাইজে স্থাপন কৰা জেইলত ৰখা হৈছিল। 

২০। ক্লিমেণ্ট এটলী

উত্তৰঃ- ক্লিমেন্ট এটলীঃ ক্লিমেন্ট এটলী ইংলেণ্ডৰ শ্ৰমিক দলৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ভাৰতৰ ৰাজনৈতিক সমস্য়া সমাধানৰ অৰ্থে আগবাঢ়ি আহিছিল। তেওঁ ভাৰতৰ ৰাজনৈতিক সমস্য়া সমাধানৰ কাৰণে লোৱা প্ৰথম পদক্ষেপ হিচাপে কেন্দ্ৰীয় আৰু প্ৰাদেশিক বিধানমণ্ডল গঠনৰ বাবে নিৰ্বাচন ঘোষণা কৰিছিল। সেই ঘোষণা কাৰণে অসমতো ভাৰতবৰ্ষ আন ঠাইৰ  দৰে বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল। জৱাহৰলাল নেহেৰুৱে কংগ্ৰেছ দল হৈ অসমত মাত মাতিছিল। 

    ১৯৪৬ চনৰ প্ৰথমে অনুষ্ঠিত এই নিৰ্বাচনত কংগ্ৰেছ অসম বিধানসভাৰ মুঠ আসন ১০৮ খনৰ ভিতৰত ৫৮ খন আসন লাভ কৰি এক সংখ্য়াগৰিষ্ট দল সৃষ্টি হয়। ইয়াৰে ভিতৰত জামিয়ত উল উলেমাই ৩ খন আসন, মুছলাম লীগে ৩১ খন, ইউৰোপীয়সকলে ৯ খন আৰু অন্য়ান্য়ই ৭ খন আসন দখল কৰিছিল। গোপীনাথ বৰদলৈয়ে ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত সংখ্য়াগৰিষ্ঠ দলৰ নেতা হিচাপে চৰকাৰ গঠন কৰে। 

২১। কেবিনেট মিশ্যন

উত্তৰঃ- কেবিনেট মিশ্য়নঃ কেবিনেট মিশ্য়ন এটা মন্ত্ৰী দল আছিল। তেওঁলোক ১৯৪৬ চনৰ ২৬ মে'ত ভাৰতত উপস্থিত হৈছিল। সেই সময়তে এক আঁচনি ঘোষণা কৰিছিল। এই আঁচনি মতে 

১।ভাৰতৰ ইংৰাজ অধীন অঞ্চল আৰু দেশীয় ৰাজ্য়বোৰক লৈ ভাৰতীয় যুক্তৰাজ্য় গঠন কৰা হয়। 

২। কেন্দ্ৰত এখন কাৰ্যপালিকা পৰিষদ আৰু এখন বিধান পৰিষদ থাকিব। 

৩। প্ৰদেশসমূহে নিজৰ পচন্দ অনুসৰি একোটা সমষ্টিত অন্তৰ্ভূক্ত হ'ব পাৰিব।

৪। সমষ্টি আৰু দেশীয় ৰাজ্য়বোৰৰ নিৰ্বাচিত প্ৰতিনিধিৰে সংবিধান ৰচনা কৰিব কাৰণে এখন সংবিধান সভাৰ গঠন কৰা হ'ব। 

৫। সংবিধান ৰচনা নোহোৱালৈকে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এক অন্তৰ্ৱতীকালীন কেন্দ্ৰীয় চৰকাৰ গঠন কৰা হ'ব।

◻️ ৰচনাধৰ্মী প্ৰশ্নঃ

১। ১৯ শতিকাৰ অসমান্ত হােৱা কৃষক বিদ্ৰোহৰ কাৰণ কি? কৃষক বিদ্রোহত ৰাইজ-মেল বিলাকৰ ভূমিকা নির্ণয় কৰা।

উত্তৰঃ ১৯ শতিকাত সংঘটিত কৃষক বিদ্ৰোহবোৰ বিদেশী ইংৰাজ শাসকে কঠোৰ হাতেৰে দমন কৰিছিল। বিদ্ৰোহবোৰ সম্পূৰ্ণ বিফল হোৱা নাছিল। কৃষক বিদ্য়োহৰ ফলত চৰকাৰে কিছু পৰিমানে খাজনাৰ পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য় হৈছিল। এইবোৰৰ কথাৰে অসমবাসীক উৎসাহিত কৰিছিল। ১৯ শতিকাত অসমান্ত হোৱা বিদ্ৰোহৰ কাৰণসমূহঃ

    ১। কৃষকৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিলেও কৃষিৰ উন্নতিৰ কাৰণে চৰকাৰে কোনো ধৰণৰ ব্য়ৱস্থা হাতত লোৱা নাছিল।  

    ২। মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ভিক্ষৰ সময়তো কৃষকসকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাছিল। 

    ৩। কৰ বৃদ্ধিৰ হাৰ ১৮৫৪-ৰ পৰা ১৮৭০ চনৰ ভিতৰত ১০০% হৈছিল। 

    ৪। আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ, চৰণীয়া পথাৰত গৰু-ম'হ চৰোৱাৰ বাবদ গ্ৰেজিং কৰ বহুৱা হৈছিল। 

    ৫। সোণ কমোৱা, নৈত মাছ ধৰা আৰু নৈ-বিল ডাকত দিয়া হৈছিল। 

এই বোৰৰ কাৰণে ১৯ শতিকাৰত কৃষক বিদ্ৰোহ হৈছিল। 

  কৃষক বিদ্ৰোহত ৰাইজ মেল বিলাকৰ ভূমিকা বিষয়ে তলত আলোচনা কৰা হ'ল

    ৰাইজ-মেলবিলাক গাঁওবুঢ়া, গোসাঁই আৰু দলৈ আদি সমাজৰ মূখীয়াল লোকসকলক তত্ত্বাৱধানত গঢ়ি তুলিছিল। এই মেলবোৰ গাঁও পঞ্চায়তৰ দৰে একোখন গাঁৱতে সীমাবদ্ধ নাছিল। এই মেলবোৰ কেইবাখনো গাওঁ লগ লাগি গঠন হৈছিল। ইয়াৰ এক বৈশিষ্ট্য় হ'ল- জাত-পাত আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলো লোকে মেজ-মেলত অংশগ্ৰহণ কৰিব পাৰিছিল। ৰাইজে একত্ৰা হৈ সমূহীয়া সিদ্ধান্ত ল'ব পাৰিছিল। অসমৰ জাতীয় জাগৰণত সেই বাবে ৰাইজ-মেলবোৰক গুৰুত্ব দিছিল। 

২। ফুলগুৰিৰ ধেৱা কি? এই বিদ্রোহ কিয় হৈছিল আৰু ইয়াৰ পৰিণতি কি আছিল?

উত্তৰঃ  বৃটিছৰ অথনৈতিক শোষণৰ বিৰুদ্ধে অসমত হোৱা এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ আছিল। ইয়াকে ফুলগুৰিৰ ধেৱা বুলি কোৱা হয়। ফুলগুৰিৰ বিদ্ৰোহ বিষয়ে তলত আলোচনা কৰা হ'ল

    বৃটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰি কৰিবলৈ লোৱাত আফু খেতি কৰি জীৱন যাপন কৰিছিল। আফুখেতি কৰা চৰ-চাপৰি আৰু পথাৰত চৰকাৰে খাজনা ৩০% বৃদ্ধি কৰিছিল। ইয়াৰ কাৰণে আফুখেতি কৰা নগাঁৱৰ কৃষকে অধিক ভূগিব লগা হৈছিল। ইয়াৰ উপৰিও তেওঁলোকে তামোল-পাণত ওপৰত চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ কৰিছিল। এইবিলাকৰ কাৰণে প্ৰতিবাদ কৰিবলৈ নগাঁৱৰ পৰা ১২ কিঃ মিঃ আঁতৰৰ লালুং জনজাতি অধ্য়ুষিত ফুলগুৰিত ১৮৬১চনৰ ১৭ ছেপ্টেম্বৰত ৰাইজ-মেল অনুষ্ঠিত কৰিছিল। সেই ৰাইজ-মেলত প্ৰায় ১৫০০ কৃষকে আফুখেতি বন্ধৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু তামোল-পাণৰ ওপৰত কোনো ধৰণৰ কৰ নলগায় সেই কথা তেওঁলোকে উপাযুক্তত জনোৱাৰ সিদ্ধান্ত লৈছিল। নগাঁৱৰ উপযুক্ত লেঃ হাৰ্বাট স্কন্সে ৰাইজৰ আৱেদনৰ প্ৰতি সঁহাৰি নজনাই তেওঁলোকক বেয়া ব্য়ৱহাৰ কৰিছিল। 

    ক্ষোভিত ৰায়তে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰ পৰা পাঁচ দিন ধৰি ফুলগুৰিত ৰাইজ-মেল পাতিলে। সেই মেলত প্ৰথম দিনা সমবেত প্ৰায় ১০০০ মানুহ আছিল তাৰে ৬০০ লোকে হাতত লাঠিৰ লৈ আছিল। মেল ভাঙিবলৈ পুলিচ অহাত ৰাইজে পুলিচক খেদি পঠায়। দিনক-দিনে ৰাইজৰ সংখ্য়া বাঢ়ি আহিছিল, দূৰ-দূৰণিৰ পৰা ৰাইজ আহি সভাত যোগ দিছিল। ১৮ তাৰিখে পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে সহকাৰী কমিছনাৰ, ডেকা সামৰিক বিষয়া লেঃ ছিংগাই তেওঁ নিজে এটি পুলিচবাহিনী লৈ সভাস্থলীত উপস্থিত হৈছিল।  ৰাইজৰ ফালৰ পৰা জাতি কলিতাই চাহাবক কৈছিল যে জিলা কৰ্তৃপক্ষই তেওঁলোকৰ দাবীবিলাকৰ প্ৰতি কোনো সঁহাৰি নজনোৱাৰ কাৰণে ৰাইজে ঊদ্ধৰ্তন কৰ্তৃপক্ষৰ কাষ চপাৰ কথা ভাৱিছে। সেই কথা শুনি ছিংগাৰে উত্তেজিত হৈ ৰাইজক মেল স্থান ত্য়াগ কৰিবলৈ নিৰ্দেশ দিলে আৰু ৰাইজৰ হাতত থকা লাঠিবোৰ তেওঁ কাঢ়ি আনিবলৈ ধৰিলে। লাঠিৰ বোৰ তেওঁ কাঢ়ি আনিব কাৰণে টনা আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে মাছমৰিয়া এজনে ছিংগাৰ মূৰত লাঠিৰে কোবাই তেওঁক মাটিত বগৰাই দিলে। ৰাইজ-মেলত থকা আনবোৰ লোকে ছিংগাৰক মৰিয়াই মাৰি শ টো কলং নদীত পেলায় দিলে।  

৩। ১৯ শতিকাৰ অসমত জনজাতীয় বিদ্রোহবােৰ কিয় হৈছিল? এই বিদ্রোহবােৰৰ বিফলতাৰ কাৰণ লিখা।

উত্তৰঃ

৪। ইংৰাজসকলৰ নগা পাহাৰ দখলৰ কাহিনী বর্ণোৱা।

উত্তৰঃ

৫। কি পৰিস্থিতিত লুছাইসকলে ইংৰাজৰ অধীনতা মানি ল'বলগা হ’ল ব্যাখ্যা কৰা।

উত্তৰঃ

৬। ইংৰাজৰ লগত মণিপূৰৰ সম্পর্ক কেনে আছিল চমুকৈ বর্ণনা কৰা।

উত্তৰঃ

৭। অসমৰ নৱজাগৰণৰ কাৰকবােৰ ব্যাখ্যা কৰা।

উত্তৰঃ ঊনৈশ শতিকাৰ শেষভাগ আৰু ২০ শতিকাৰ প্ৰথম ভাগত ভাৰতবৰ্ষৰ লগতো অসমতো নৱচেতনাৰ উন্মেষ হৈছিল। চিপাহী বিদ্ৰোহ আৰু কৃষক বিদ্ৰোহৰ ফলত অসমত এক শিক্ষিত মধ্যবিত্ত শ্রেণীৰ আবির্ভাব ঘটিছিল। তেওঁলোকে আমাৰ নৱজাগৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্রহণ কৰিছিল। কিন্তু চৰকাৰী দমন নীতিৰ ফলত সেই বিদ্রোহবোৰ কৃতকাৰ্য্য নহল। ভাৰতৰ আন ঠাইৰ লগতে বহুতো কাৰকে ইয়াত ক্ৰিয়া কৰিছিল।

    প্ৰথমতে ছপাশালৰ জৰিয়তে অসমত শিক্ষাৰ প্ৰসাৰ হ'বলৈ ধৰে। মিচনাৰী সকলে এই ক্ষেত্রত বিশেষ ভূমিকা লৈছিল। অসমীয়া সকলৰ যত্নত ১৮৯২ চনত আৰু ১৯০১ চনত ক্রমে চিলেট আৰু গুৱাহাটীত ২ খন কলেজ স্থাপিত হয়। ১৮৪৬ চনত শিৱসাগৰৰ পৰা মাহেকীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰচলন আৰম্ভ হয়। ১৮৭২ চনত কলিকতাত অসমীয়া সাহিত্য সভা, ১৮৮৫ চনত অসম দেশ হিতৈষিনী সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা আদিয়ে উল্লেখ যোগ্য বৰঙনি আগবঢ়াইছিল। ইয়াৰ বাহিৰেও বহুতো আলোচনীৰ জন্ম হৈছিল। এই সমূহৰ ভিতৰত জোনাকী, ঊষা, বন্তি, মৌ, অসম বিলাসিনী, বাঁহী, অসম বন্ধুৰ নাম উল্লেখযোগ্য।

    দ্বিতীয়তে পশ্চিমীয়া সাহিত্যৰ প্ৰসাৰেও নতুন জাগৰণৰ সৃষ্টি কৰিছিল। পশ্চিমীয়া সাহিত্যৰ প্ৰসাৰৰ ফলত শিক্ষিত শ্ৰেণীৰ লোকসকলে ৰাজনৈতিক ভাৱে সক্রিয় আৰু সজাগ হৈ পৰে।

    এই নতুন জাগৰণে অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক দিশৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল।

৮। যােৰহাট সৰ্বজানিক সভাৰ উদ্দেশ্য কি আছিল? কিমানদূৰ ই লক্ষ্যত উপনীত হ'ব পাৰিছিল?

উত্তৰঃ উজনি অসমৰ প্ৰথম স্নাতক বি.এ জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত ১৮৮৪ চনত যোৰহাটত এই সভাৰ জন্ম হৈছিল। সেইটোৱে আছিল অসমৰ 'প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান'। "আসাম এছ'চিয়েচন জন্ম হোৱা আগলৈকে সেইখনেই মাথোন জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে ৰাজহুৱা মতামত জনাব পৰা একমাত্ৰ ৰাজনৈতিক সভা আছিল। ইয়াৰ উদ্দেশ্য় সম্পৰ্কত জগন্নাথ বৰুৱাই কৈছিল, ৰাইজৰ আশা, আকাংক্ষাৰ কথা চৰকাৰক অৱগত কৰোৱা, সৰ্বজানিক সভাৰ প্ৰথম সভাপতি আছিল আহোম ৰাজবংশৰ নৰনাৰায়ণ সিংহ আৰু সম্পাদক জগন্নাথ বৰুৱা। নৰনাৰায়ণ সিংহৰ মৃত্য়ুৰ হোৱা পিছত জগন্নাথ বৰুৱা সভাপতি আৰু দেৱীচৰণ বৰুৱা বি, এল, সম্পাদক নিৰ্বাচিত হৈছিল। 

সভাৰ কাৰ্যাৱলীঃ ১। সৰ্বজানিক সভাই- কলিকতাত পঢ়ি থকা অসমীয়া শিক্ষাৰ্থীৰ বাবে চৰকাৰী বৃত্তি ব্য়ৱস্থা কৰে।

২। চৰকাৰী ভূমি ৰাজহ ব্য়ৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিছিল। চৰকাৰী হিচাপৰ মতে যোৰহাটত অনুষ্ঠিত হোৱা সভাত প্ৰায় ১০০০০ লোক সমবেত হৈ দুটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰে প্ৰথমটো প্ৰস্তাৱ আছিল প্ৰদেশৰ ধনী-দূখীয়া সকলো শ্ৰেণীৰ ওপৰতে প্ৰভাৱ পেলোৱা। দ্বিতীয় প্ৰস্তাৱটো হ'ল অসমৰ চীফ কমিছনাৰৰ হাতত প্ৰকৃত ক্ষমতা অৰ্পণ কৰি অসামৰিক ন্য়ায়ালয় ক্ষমতা সীমাবদ্ধ কৰা হৈছিল। 

৩। মাজুলি আৰু ব্ৰহ্মপুত্ৰ চাপৰি অঞ্চলত উৎপাদিত সৰিয়হ, মাহ, মাছ, শাক-পাচলি  আৰু গাখীৰ আদিৰ বেহা-বেপাৰ যোৰহাট নগৰৰ লগত সুচলি কৰিবলৈ কলিয়ামুখৰ পৰা যোৰহাট নগলৈকে এটা দহ মাইল দীঘল আলি বন্ধোৱা হয়। এইটোৱে জগন্নাথ বৰুৱা নামেৰে পিচত বাব আলি বা জগন্নাথ বৰুৱা আলি নামে বিখ্য়াত। 

৯। পশ্চিমীয়া শিক্ষাৰ প্রতি প্রথমে অসমীয়া মানুহৰ দৃষ্টিভংগী কেনে আছিল? পিচলৈ কেনেকৈ এই শিক্ষাৰ সম্প্ৰসাৰণ ঘটিল?

উত্তৰঃ 

১০। ১৮৫৭ চনত অসমত বিদ্ৰো হৰ পৰিস্থিতি কেনেদৰে সৃষ্টি হৈছিল লিখা।

উত্তৰঃ ১৮৫৭ চনত অসমত বিদ্ৰোহৰ পৰিস্থিতি -

১। সাধাৰণ লোকৰ অসন্তুষ্ঠিঃ ১৮৩৮ চনত পুৰন্দৰ সিংহৰ ৰাজ্য় ইংৰাজ কোম্পানীয়ে দখল কৰা পৰিণতিস্বৰূপেই সৰ্বভাৰতীয় বিদ্ৰোহৰ আলমত অসমত বৃটিষ্ট বিৰোধী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। অসম অধিগ্ৰহণৰ পিছত ৰাইজৰ আৰ্থিক ব্য়ৱস্থা বেয়া হৈছিল যদিও চৰকাৰৰ শোষণ ভালদৰে চলিছিল। উজনি অসমত চাহখেতি কৰিবলৈ লোৱা ৰায়তৰ দূখ-দুৰ্গতি বাঢ়িল। ইয়াৰ কাৰণ আছিল ইউৰোপীয় চাহ খেতিয়কৰ সুবিধা কাৰণে খাজনা দুগুণে বঢ়োৱা হৈছিল। চৰকাৰে কৃষিজাত উৎপাদন বৃদ্ধি বাবে কোনো ধৰণৰ চেষ্টা কৰা নাছিল। তেওঁলোকে কেইসেৰমান ধানৰ বাবে নিজৰ আ-অলংকাৰ আৰু ল'ৰা-ছোৱালীক বিক্ৰী কৰিব লগা হৈছিল। 

২। বিদেশী চৰকাৰৰ বাণিজ্য়িক নীতিও থলুৱা কুটীৰ শিল্পৰ অনুকূল নাছিল। বিদেশী মেচিনৰ তৈয়াৰী বস্তু আমদানি কৰিবলৈ লোৱাৰ বাবে শিল্প-উদ্য়োগ ধ্বংস হৈ পৰিছিল। চৰকাৰী কানিৰ কিনিবৰ বাবে ইউৰোপীয় চাহ-বাগিচাত বনুৱাৰ কাম কৰিবলৈ খেতিয়কসকল বাধ্য় হৈছিল। এনেদৰে চাহ বাগানত বনুৱাৰ চাহিদাৰ পূৰাবলৈ তেওঁলোকে যত্ন কৰিছিল। ড°  অমলেন্দু গুহই কৈছিল যে '' (they)  Robbed the peasants to pay the planters.'' কানিয়ে অসমীয়া ৰাইজক এলেহুৱা আৰু শক্তিহীন কৰি তুলিছিল। 

৩। বিচাৰ ব্য়ৱস্থাৰ আছিল সময় খৰচী আৰু ব্য়য় বহুল। বিচাৰালয়ৰ নাটনি আৰু দূৰত্ব, দুৰ্নীতিপৰায়ণ আমোলা, বঙালী ভাষা-মাধ্য়ম, বিচাৰক আদিৰ বাবে বিচাৰ ব্য়ৱস্থা পৰিণত হৈছিল। 

৪। পুৰন্দৰ ৰাজ্য় দখলৰ পিছত অভিজাত শ্ৰেণীটোৰ অৱস্থা অধিক বেয়া হৈছিল। পুৰন্দৰৰ পুনৰ ৰাজ্য় শাসনত ভাগ কৰিবলৈ লোৱা সীমাত সা-সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত হ'ল। ১৮৪৩ চনত দাস প্ৰথা বন্ধ কৰাত লগুৱা-লিকচৌৰ ওপৰত নিৰ্ভৰশীল সম্ভ্ৰান্ত শ্ৰেণীটোৰ দুখ বেছি কৈ বাঢ়ি হ'ল। তেওঁলোকে ঘৰ মেৰামতি কৰিবলৈ চৰকাৰৰ ওচৰত সাহায্য় ভিক্ষা কৰিব লগা হৈছিল। 

৫। ১৮৫৭ চনত অসমত ইউৰোপীয়ৰ সংখ্য়া কম আছিল। প্ৰশাসনৰ লগত জড়িতসকলৰ বাহিৰে আন সকলো লোক হাবিয়ে-জংঘলে চাহবাগান খুলি আঁতৰে আঁতৰে আছিল।  

১১। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রস্তুতি সম্পর্কে এটা টোকা লিখা। 

উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত্ত অনুসাৰে অসম দেশ ইংৰাজৰ অধীন হয় আৰু অসমত ইংৰাজ শাসন প্রতিষ্ঠা হয়। কিন্তু ইংৰাজসকলৰ নতুন শাসন ব্যবস্থাই অতি কম সময়ৰ ভিতৰত ভাৰতীয় জনসাধাৰণৰ লগতে অসমৰ জন সাধাৰণকো অসন্তুষ্ট কৰি তোলে। মোৱামৰীয়া বিদ্রোহ আৰু মানৰ আক্ৰমণৰ দ্বাৰা পীড়িত অসমীয়া জনসাধাৰণে ইংৰাজসকলৰ পৰা ভাল শাসন আশা কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে ইংৰাজসকলে শোষণ নীতি আৰম্ভ কৰাত অসমীয়া মানুহৰ মন বিদ্রোহী হৈ উঠে। সেয়ে ভাৰতৰ আন আন ঠাইত সংঘটিত হোৱা ১৮৫৭ চনৰ চিপাহী বিদ্রোহত অসমৰ জনসাধাৰণে ইয়াত অংশ গ্রহণ কৰিছিল। তাৰ কাৰণ সমূহ তলত দিয়া হল।

    সাধাৰণ শ্রেণীৰ ক্ষোভ ইংৰাজ সকলৰ নতুন অর্থনৈতিক শোষণে অসমৰ সাধাৰণ শ্রেণীৰ লোকক অতি ক্ষোভিত কৰি তুলিছিল। ইংৰাজসকলৰ ছত্ৰছায়াত শাসনভাৰ চলোৱা পুৰন্দৰ সিংহ এজন দুর্ব্বল ৰজা আছিল। পুৰন্দৰ সিংহই যাতে স্বেচ্ছাই শাসনভাৰ ত্যাগ কৰে, তাৰ কাৰণে তেওঁ বহন কৰিব নোৱাৰা পৰিমাণৰ কৰৰ বোজা তেওঁৰ ওপৰত জাপি দিছিল। আনহাতে এই কৰৰ বোজা সাধাৰণ শ্রেণী বা খেতিয়ক শ্রেণীৰ ওপৰত পৰিছিল।

    ধর্মীয় নীতি - আহোম স্বৰ্গদের সকলে পৃষ্ঠপোষকতা কৰাৰ দবে সমাজত আৰু তেনে ধর্মীয় অনুষ্ঠানলৈ ইংৰাজসকলে অনুদান আদি আগবঢ়োৱাত ব্রাহ্মণ পুৰোহিত আদি লোক সকলৰ প্রভাৱ হ্রাস পাই দেশত ধর্মৰ প্রভার কমি যাব বুলিও সকলো প্ৰজাৰ মনত ইংৰাজৰ বিৰোধী ভাৱ জাগি উঠিছিল।

    ইংৰাজৰ নিয়োগ নীতি- সেই সময়ৰ ইংৰাজৰ নিয়োগ নীতিও অভিজাত শ্ৰেণীৰ স্বার্থ বিবোধী আছিল। লিখা পড়া জনা যি কোনো শ্রেণীৰ লোককে বিশেষকৈ অনা অসমীয়া বঙালী লোকক কামত নিয়োগ কৰিছিল। ইয়াৰ ফলত স্বাভাৱিকতে স্থানীয় অভিজাত শ্ৰেণীৰ লোকসকল ক্ষুব্ধ হয়।

    ফলাফল - ভাৰতৰ আন আন ঠাইৰ দৰে অসমতো ১৮৫৭ চনৰ বিদ্ৰোহৰ সফলতা লাভ কৰিব নোৱাৰিলে। উপযুক্ত নেতাৰ অভাব, বিদ্ৰোহৰ সীমাবদ্ধতা, ইংৰাজৰ ৰণনীতি আদি কাৰণৰ বাবে ইংৰাজে এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়।


১২। মণিৰাম দেৱান কোন আছিল? তেওঁ কিয় বৃটিছবিৰােধী হৈছিল চমুকৈ লিখা।

উত্তৰঃ অসমত বৃটিছ শাসনৰ প্ৰাৰম্ভিক কালছোৱাত অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ অংশগ্ৰহণ কৰা মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা অৰ্থাৎ চমুকৈ মণিৰাম দেৱানৰ জন্ম হৈছিল মণিৰাম দেৱান অসমৰ প্ৰথমজন চাহ খেতিয়কৰূপে প্ৰতিষ্ঠিত আছিল। ১৮৫৭ চনৰ বিদ্ৰোহত শ্বহীদ হৈছিল অসমৰ মনিৰাম দেৱান।

    প্ৰথম লানি বৃটিছ বিৰোধী বিদ্ৰোহত আন বহুতৰ দৰে মণিৰাম দেৱান বিদেশী শাসকৰ পক্ষতহে আছিল। হিন্দুস্থানী চিপাহী বা পাহাৰীয়া জনজাতিসকলৰ সহায় পোৱাটো সম্ভৱ হৈ উঠা নাছিল। সেই বাবে তেওঁ এই বিদ্ৰোহৰ সমৰ্থন কৰা নাছিল। ইংৰাজ চৰকাৰ তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। মণিৰামে ইংৰাজ-বাৰ্মা যুদ্ধৰ পিচত পাহাৰীয়া জনজাতিসকলৰ বশ কৰোতে ইংৰাজক সহায় কৰিছিল। এইসমূহৰ কাৰণে তেওঁ প্ৰতি আকৰ্ষিত হৈ নিউভিল চাহাবে দেৱানক উজনি অসমৰ তহচিলদাৰ পদ অৰ্পণ কৰিছিল। মানক খেদাই অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ বৃটিছৰ ওপৰত ইমানে বিশ্বাস হৈছিল যে অতীজৰ প্ৰিয়ব্ৰত ৰজা আৰু স্বৰ্গৰ ইন্দ্ৰৰ লগত তেওঁলোকক তুলনা কৰিছিল। হেজাৰ হেজাৰ বছৰ ইংৰাজ শাসন কামনা কৰিছিল। ১৮৩৩ চনত আৰম্ভ হোৱা পুৰন্দৰৰ শাসনতো তেওঁ বৰভাণ্ডাৰ বৰুৱা বিষয়ে পাইছিল আৰু ৰজাৰ মুখ্য় পৰামৰ্শদাতা আছিল। 

    মণিৰাম দেৱান কলিকতাত থাকোতেই উত্তৰ আৰু মধ্য় ভাৰতত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ অগনি জ্বলি উঠিল। এই সুযোগ দেৱানে গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে। দেৱানে কলিকতাৰ বঙালী ভদ্ৰলোক মধু মল্লিকক তেওঁ সহকাৰী হিচাপে অসমলৈ পঠালে। হলৰইদৰ সহযোগী হৰনাথ বৰুৱা ডাৰোগাই মণিৰামে তেওঁ নিৰ্দেশত লিখা বহুতো বিদ্ৰোহ সম্পকীয় চিঠি হস্তগত কৰিছিল। সেই বাবে মণিৰামক কলিকতাতে বন্দী কৰি ৰাখিছিল। 

১৩। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবােৰ ব্যাখ্যা কৰা।

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ হ'ল

    ১। ১৮৫৭ খ্ৰীঃত বিদ্ৰোহ ভাৰতৰ আনবোৰ ঠাইত সম্প্ৰসাৰিত হৈছিল অসমত তেনেদৰে হোৱা নাছিল। সমগ্ৰ অসমত উত্তেজনা সৃষ্টি কৰি মটকসকলে বিদ্ৰোহ আৰু চাহ বনুৱাক অসহযোগেৰে আৰম্ভ কৰোতে ইয়াৰ সমাপ্ত হৈছিল। বৃটিছৰ ঠাইত দেশীয় ৰজাৰ শাসন প্ৰতিষ্ঠা কৰা লক্ষ্য়ত উপনীত হ'ব পৰা নাছিল। কৰ্ণেল হলৰইদৰ অসমীয়া লগুৱা সাগৰ দুৱৰীৰ দৰে এজন সাধাৰণ কৰ্মচাৰী। 

২। জনসাধাৰণক প্ৰত্য়ক্ষভাৱে জড়িত কৰি ওচৰ-চুবুৰীয়া পাহাৰীয়া জনজাতীসকলক লৈ এটা সংঘবদ্ধ প্ৰচেষ্ঠা উমৈহতীয়া শত্ৰু বিৰুদ্ধে লৈছিল। এই নেতৃত্বই আছিল দুৰ্বলতাৰ। 

৩। ভাৰতৰ অন্য় ঠাই বিদ্ৰোহৰ দৰে অসমৰ নেতাসকলেও সংস্কাৰ কৰি পুৰণি ৰাজতান্ত্ৰিক শাসনকে দেশীয় ৰজাৰ যোগেদি ঘুৰাই আনিবলৈ বিচাৰিছিল। পূৰ্বৰ আহোম ৰাজতন্ত্ৰক আভ্য়ন্তৰীণ বিদ্ৰোহ, ডা-ডাঙৰীয়া আৰু ৰাজকোঁৱৰসকলৰ মাজত অন্তৰ্কলহে কলুষিত কৰিছিল। ৰাজ্য়ৰ শান্তি আৰু প্ৰগতিত বাধা সৃষ্টি কৰিছিল। মণিৰামৰ দৰে নেতাই প্ৰধানকৈ সম্ভ্ৰান্ত শ্ৰেণীটোৰ সা-সুবিধা বাবে আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰিছিল। 

৪। কৃষক শ্ৰেণীটোও খাজনাৰ বৃদ্ধি ফলত অসন্তুষ্ট হৈছিল। 

৫। অসমৰ পশ্চিমীয়া শিক্ষাৰে শিক্ষিত লোকসকলেও ভাৰতৰ আন ঠাইৰ শিক্ষকসকলৰ দৰে এই বিদ্ৰোহক পিঠি দিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ৰাজনৈতিক মুক্তিতকৈ ছত্ৰছায়াতে অসমৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশ বিচাৰিছিল। হৰনাথ বৰুৱা, মণিৰাম শৰ্মা, ঘিণলগা গগৈ আৰু নিৰ্মল হাজৰিকা আদি তেওঁলোকে বিদ্ৰোহীসকলৰ বিৰুদ্ধে সাক্ষী গোটাই চৰকাৰক সহায় কৰিছিল। 

৬। কলিকতাত থাকি যাতায়ত আৰু যোগাযোগ ব্য়ৱস্থাৰ অনুগ্ৰসৰতাৰ দিনত মণিৰাম দেৱানৰ বাবে অসমত বিদ্ৰোহ ফলপ্ৰসুভাৱে পৰিচালনা কৰাটো সম্ভৱ নাছিল। 

১৪। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ জাতীয় চেতনা কিমানদূৰ প্ৰতিফলিত হৈছিল? অসমত এই বিদোহৰ গুৰুত্ব বিচাৰ কৰা।

উত্তৰঃ

১৫। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন অধিবেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ অসম ছাত্ৰ সন্মিলন ১৯১৬ চনত গঠন হৈছিল। ইয়াৰ প্ৰথমখন অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল। 

◻️ বহলাই লিখাঃ

১। আহোম যুগৰ সামাজিক ব্যৱস্থা সম্পর্কে আলােচনা কৰা।

উত্তৰঃ 

২। মধ্যযুগৰ অসমৰ অর্থনৈতিক জীৱনৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ

৩। প্রাচীন অসমৰ শৈৱবাদৰ ওপৰত এটি টোক লিখা।

উত্তৰঃ 

৪। প্রাচীন অসমৰ সৈতে বাণিজ্যিক সম্পর্ক থকা বিদেশী ৰাষ্ট্ৰসমূহৰ নাম লিখা।

উত্তৰঃ

৫। হিউৱেন চাঙে কামৰূপ সম্পর্কে কি লিখি থৈ গৈছে উল্লেখ কৰা।

উত্তৰঃ হৰ্ষবদ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপৰ ৰজা ভাস্কৰ বৰ্মণৰ আমন্ত্ৰণ ক্ৰমে ৬৪৩ খ্ৰীঃত কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল। হিউৱেন চাঙৰ ভ্ৰমণ বৃতান্তখনত সপ্তম শতিকাৰত অসমৰ সামাজিক, ধাৰ্মিক, ৰাজনৈতিক আৰু সাংস্কৃতিক অৱস্থাৰ বিশদ বিৱৰণ আছে। তেওঁ মতে কামৰূপ ৰাজ্য়ৰ পৰিধি আছিল ১০,০০০ লি আৰু ৰাজধানী চহৰৰ পৰিধি আছিল ৩০ লৈ নৈ বা হ্ৰদৰ লগত সংলগ্ন নলাৰে গোটেই নগৰত পানী যোগানৰ ব্য়ৱস্থা আছিল। সেই ঠাই মাটি দ, সাৰুৱা আৰু নিয়মিতভাৱে খেতি হয়। নাৰিকল, কঁঠাল আৰু আনাৰসৰ প্ৰচুৰ পৰিমাণে উৎপাদন হৈছিল। ইয়াৰ মানুহবোৰ সৎ আৰু সৰল আছিল। তেওঁলোক চুটি চাপৰ আৰু গাৰ ৰং মলিয়ন আৰু হালধীয়া ৰঙৰ আছিল। তেওঁলোকৰ স্মৃতি শক্তি প্ৰখৰ আৰু পঢ়া-শুনাৰ প্ৰতি মন আছিল। 

    কামৰূপৰ মানুহে দেৱ-দেৱীৰ পূজা কৰে আৰু দেশখনত অসংখ্য়া দেৱ-দেৱীৰ মন্দিৰ আছে। সেই দেশত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ নাই। কামৰূপৰ দক্ষিণ পূৱ ছোৱাত বহুতো হাতী পোৱা যায় আৰু তেওঁলোকে যুদ্ধত প্ৰধানকৈ হাতী ব্য়ৱহাৰ কৰে। হিউৱেন চাঙে ভাস্কৰ বৰ্মণৰ বিষয়ে কৈছিল যে ৰজাৰ বৰ বিদ্য়োৎসাহী আৰু প্ৰজাসকলেও সেই ক্ষেত্ৰত তেওঁক অনুসৰণ কৰিছিল। ৰজা নিজে বৌদ্ধ ধৰ্মাৱলম্বী নহলেও তেওঁ জ্ঞানী শ্ৰমন সকলক যথেষ্ট সমাদৰ কৰিছিল। ভাস্কৰ বৰ্মণ আৰু হৰ্ষবৰ্দ্ধন দুয়োজনেই হিউৱেন চাঙলৈ ধন আৰু অসংখ্য় মূল্য়ৱান সামগ্ৰী আগবঢ়াইছিল। ৬৪৫ খৃীঃত কামৰূপৰ পৰা হিউৱেন চাং ঘূৰি আহিছিল। 

৬। চিহাবুদ্দিন তালিছৰ টোকাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ

৭। ৰালফফিটছ কোন আছিল? তেওঁ কোচ ৰাজ্যৰ বিষয়ে কি লিখিছে উল্লেখ কৰা।

উত্তৰঃ

৮। ফুলগুৰিৰ ধেৱা কি? এই বিদ্রোহ কিয় হৈছিল আৰু ইয়াৰ পৰিণতি কি আছিল?

উত্তৰঃ বৃটিছৰ অথনৈতিক শোষণৰ বিৰুদ্ধে অসমত হোৱা এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ আছিল। ইয়াকে ফুলগুৰিৰ ধেৱা বুলি কোৱা হয়। ফুলগুৰিৰ বিদ্ৰোহ বিষয়ে তলত আলোচনা কৰা হ'ল

    বৃটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰি কৰিবলৈ লোৱাত আফু খেতি কৰি জীৱন যাপন কৰিছিল। আফুখেতি কৰা চৰ-চাপৰি আৰু পথাৰত চৰকাৰে খাজনা ৩০% বৃদ্ধি কৰিছিল। ইয়াৰ কাৰণে আফুখেতি কৰা নগাঁৱৰ কৃষকে অধিক ভূগিব লগা হৈছিল। ইয়াৰ উপৰিও তেওঁলোকে তামোল-পাণত ওপৰত চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ কৰিছিল। এইবিলাকৰ কাৰণে প্ৰতিবাদ কৰিবলৈ নগাঁৱৰ পৰা ১২ কিঃ মিঃ আঁতৰৰ লালুং জনজাতি অধ্য়ুষিত ফুলগুৰিত ১৮৬১চনৰ ১৭ ছেপ্টেম্বৰত ৰাইজ-মেল অনুষ্ঠিত কৰিছিল। সেই ৰাইজ-মেলত প্ৰায় ১৫০০ কৃষকে আফুখেতি বন্ধৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু তামোল-পাণৰ ওপৰত কোনো ধৰণৰ কৰ নলগায় সেই কথা তেওঁলোকে উপাযুক্তত জনোৱাৰ সিদ্ধান্ত লৈছিল। নগাঁৱৰ উপযুক্ত লেঃ হাৰ্বাট স্কন্সে ৰাইজৰ আৱেদনৰ প্ৰতি সঁহাৰি নজনাই তেওঁলোকক বেয়া ব্য়ৱহাৰ কৰিছিল। 

    ক্ষোভিত ৰায়তে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰ পৰা পাঁচ দিন ধৰি ফুলগুৰিত ৰাইজ-মেল পাতিলে। সেই মেলত প্ৰথম দিনা সমবেত প্ৰায় ১০০০ মানুহ আছিল তাৰে ৬০০ লোকে হাতত লাঠিৰ লৈ আছিল। মেল ভাঙিবলৈ পুলিচ অহাত ৰাইজে পুলিচক খেদি পঠায়। দিনক-দিনে ৰাইজৰ সংখ্য়া বাঢ়ি আহিছিল, দূৰ-দূৰণিৰ পৰা ৰাইজ আহি সভাত যোগ দিছিল। ১৮ তাৰিখে পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে সহকাৰী কমিছনাৰ, ডেকা সামৰিক বিষয়া লেঃ ছিংগাই তেওঁ নিজে এটি পুলিচবাহিনী লৈ সভাস্থলীত উপস্থিত হৈছিল।  ৰাইজৰ ফালৰ পৰা জাতি কলিতাই চাহাবক কৈছিল যে জিলা কৰ্তৃপক্ষই তেওঁলোকৰ দাবীবিলাকৰ প্ৰতি কোনো সঁহাৰি নজনোৱাৰ কাৰণে ৰাইজে ঊদ্ধৰ্তন কৰ্তৃপক্ষৰ কাষ চপাৰ কথা ভাৱিছে। সেই কথা শুনি ছিংগাৰে উত্তেজিত হৈ ৰাইজক মেল স্থান ত্য়াগ কৰিবলৈ নিৰ্দেশ দিলে আৰু ৰাইজৰ হাতত থকা লাঠিবোৰ তেওঁ কাঢ়ি আনিবলৈ ধৰিলে। লাঠিৰ বোৰ তেওঁ কাঢ়ি আনিব কাৰণে টনা আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে মাছমৰিয়া এজনে ছিংগাৰ মূৰত লাঠিৰে কোবাই তেওঁক মাটিত বগৰাই দিলে। ৰাইজ-মেলত থকা আনবোৰ লোকে ছিংগাৰক মৰিয়াই মাৰি শ টো কলং নদীত পেলায় দিলে।  

৯। ১৯ শ শতিকাৰ অসমত হােৱা কৃষক বিদ্ৰোহৰ কাৰণ কি?

উত্তৰঃ

১০। অসমত বংগ ভংগ আন্দোলনৰ প্ৰভাৱ কেনেদৰে পৰিছিল বর্ণনা কৰা।

উত্তৰঃ

১১। অসমত অসহযােগ আন্দোলনৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা।

উত্তৰঃ

১২। অসম বুৰঞ্জীৰ সমলসমূহৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ অসম বুৰঞ্জীৰ সমলসমূহৰ  বিষয়ে তলত আলোচনা কৰা হ'ল-

    বুৰঞ্জীৰ ৰচনা কৰিবলৈ কিছুমান সমলৰ ওপৰত নিৰ্ভৰ কৰা হয়। সেই সমলসমূহ হৈছে প্ৰত্নতাত্ত্বিক সমল, মুদ্ৰা, লিপি আৰু সাহিত্য়িক সমল। 

মধ্য়যুগত অসম বুৰঞ্জীৰ মূল প্ৰত্নতাত্ত্বিক সমলসমূহ হৈছে দৌল-দেৱালয়, বিভিন্ন মঠ-মন্দিৰ, গড়, বাট-পথ, ৰাজপ্ৰসাদ, মৈদান, দলং, নামঘৰ, সত্ৰ, দৰগাহ আৰু মছজিদ। মধ্য়যুগৰ শাসকসকলে বহুতো মঠ-মন্দিৰ আৰু দৌল-দেৱালয় নিৰ্মাণ কৰিছিল। এইসমূহ অধ্য়য়ন কৰি সেই সময়ৰ শাৰীৰিক কৌশল, স্থাপত্য় ভাস্কৰ্য, আৰু নিৰ্মাণৰ ব্য়ৱহাৰিক সামগ্ৰী তথ্য় আহৰণ কৰিব পাৰিছিল। প্ৰাচীন ফলিসমূহৰ ভিতৰত ৰজা সুৰেন্দ্ৰ বৰ্মণৰ উমাচল শিলালিপিখনে প্ৰধান আছিল। সেই লিপিখন পণ্ডিতসকলে পঞ্চম শতিকাৰ বুলি কৈছিল। মধ্য়যুগৰ সকলোতকৈ পুৰণি লিপিখন হৈছে গছতল শিলালিপি। লিপিসমূহত শকাব্দ ব্য়ৱহাৰ কৰি  সংস্কৃত ভাষাত লিখা হৈছিল।  আহোম, কছাৰী, কোচ আৰু জয়ন্তীয়া ৰজাসকলৰ দিনত বহুতো মুদ্ৰা পোৱা গৈছিল। কোচ মুদ্ৰাসমূহক 'নাৰায়ণী' মুদ্ৰা বুলি কোৱা হয়। আহোম যুগৰ সকলোতকৈ পুৰণি মুদ্ৰা হৈছে ৰূপৰ মুদ্ৰা। ইয়াত টাই ভাষা ব্য়ৱহাৰ কৰিছিল। অৱশ্য়ে আহোম যুগৰ মুদ্ৰাসমূহ তিনিটা ভাষাত ব্য়ৱহাৰ কৰা হয়- আহোম, দেৱনাগৰী আৰু অসমীয়া। ফুলেশ্বৰী কুৱঁৰীৰ মুদ্ৰাত প্ৰথমে পাৰ্চী ভাষা ব্য়ৱহাৰ কৰিছিল। ৰাজেশ্বৰ সিংহ মুদ্ৰাত পাৰ্ছী আৰু দেৱনাগৰী এই দুয়োটাৰ ভাষাৰ ব্য়ৱহাৰ কৰিছিল। আহোমৰ মুদ্ৰাসমূহ আঠকোণীয়া আছিল। মুদ্ৰাৰ এটা পিঠিত ৰজাৰ নাম আৰু আনটো পিঠিত ৰজাৰ পূজ্য় দেৱ-দেৱীৰ চিত্ৰ আছিল। 

    বুৰঞ্জী পুথিসমূহ মধ্য়যুগৰ সমলসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল। টাই ভাষাত বুৰঞ্জী মানে হ'ল নজনা কথা জনাৰ ভৰাঁল বা জ্ঞানৰ ভৰাঁল বুলিও কোৱা হয়। আহোম স্বৰ্গদেউসকলৰ তত্ত্বাৱধানত বুৰঞ্জী ৰচনা হোৱা উপৰিও ডাঙৰীয়াসকলৰ প্ৰত্য়েকজনৰ ঘৰে ঘৰে বুৰঞ্জী লিখা হৈছিল। আহোম ৰাজ্য়ৰ প্ৰতিষ্ঠাতা চুকাফাই দেশৰ সকলো আৱশ্য়কীয় ঘটনা বুৰঞ্জীত উল্লেখ কৰিবলৈ পণ্ডিতসকলক আদেশ দিছিল। আহোমসকলৰ ৰাজত্বৰ আৰম্ভণিতে কেৱল টাই আহোম ভাষাত বুৰঞ্জীসমূহ লিখা হৈছিল। পিছলৈ তেওঁলোক ব্ৰাহ্মণ্য় ধৰ্মৰ ব্য়ৱহাৰ কৰা পিছত অসমীয়া ভাষাতে বুৰঞ্জীসমূহ লিখা হৈছিল।   

১৩। ইংৰাজৰ অসম আগমনৰ কাৰণবােৰ লিখা।

উত্তৰঃ

১৪। কেপ্তেইন ৱেলছৰ অসম অভিযানৰ কাৰণ আৰু ফলাফল বর্ণনা কৰা।

উত্তৰঃ

১৫। ভাৰত ত্যাগ আন্দোলনৰ কাৰণবােৰ উল্লেখ কৰা। এই আন্দোলনত অসমবাসীয়ে কেনেদৰে অংশ লৈছিল?

উত্তৰঃ কংগ্ৰেছে আনুষ্ঠানিকভাৱে ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অগ্ৰাহ্য় কৰাৰ পিচত গান্ধীজীৰ পৰামৰ্শমতে ভাৰত ত্য়াগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৮ আগষ্ট ১৯৪২ চনত। কংগ্ৰেছৰ বোম্বে অধিৱেশনত এই প্ৰস্তাৱ লোৱাৰ লগে লগেই আন্দোলন অংকুৰতে বিনষ্ট কৰিবৰ কাৰণে নেতাসকলক আটক কৰিছিল আৰু বে-আইনী ঘোষণা কৰিছিল। এই দমনমূলক পদক্ষেপে দেশব্য়াপী উত্তেজনা সৃষ্টি কৰিছিল। পিকেটিং, হৰতাল, বিক্ষোভ অনশন, ব্ৰিটিছ আইন আমান্য় আৰু সমান্তৰালভাৱে গণ-আন্দোলন আৰম্ভ হৈছিল। 

    ভাৰত ত্য়াগ প্ৰস্তাৱ ঘোষণাৰ লগে লগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, লীলাধৰ বৰুৱা, ফখৰুদ্দিন আলী আদি নেতাক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। এইদৰে মূল নেতাসকল বন্দী হোৱাত বহুক্ষেত্ৰত ৰাইজে নিজে নিজে আন্দোলন পৰিচালনা কৰিবলৈ ল'লে। চৰকাৰী কাৰ্যালয়ত জুই দিয়া, ৰে'ল বগৰোৱা, টেলিগ্ৰাফ লাইন ছিগা আদি কাৰ্যই গুৰুত্ব পাইছিল। অনিলবাবু নাম লৈ চাদিক আলী আৰু অৰুণা আচফ আলীয়ে অসম ভ্ৰমণ কৰি অসমৰ আত্মগোপনকাৰী আন্দোলনৰ নেতৃবৰ্গক লগ ধৰিছিল। গুৱাহাটীৰ ত্য়াগবীৰ হেমচন্দ্ৰ বৰুৱাই অসুখীয়া দেহাৰেই তেওঁলোকৰ মাজত সমন্বয়ক হিচাপে সেৱা আগবঢ়াইছিল। শংকৰ বৰুৱা মতে তেওঁলোকে চৰকাৰী সন্ত্ৰাস প্ৰতিৰোধ কৰিব বাবে কৃটাঘাতমূলক কামৰ আশ্ৰয় লৈছিল। ৰে'লপথ অনিষ্ট কৰা, টেলিফোন লাইন ছিঙা, পুলিচ থানা ধবংস কৰি তেওঁলোকে চৰকাৰক যোগাযোগ কৰিছিল আৰু সৈন্য়বাহিনী আৰু অস্ত্ৰ-শস্ত্ৰৰ যোগান বন্ধ কৰিব বিচাৰিছিল।    

১৬। ভাৰতীয় জাতীয় কংগ্ৰেছ কিয় প্রতিষ্ঠা কৰা হৈছিল? ইয়াত চৰমপন্থীসকলৰ আবিৰ্ভাৱৰ কাৰণ লিখা?

উত্তৰঃ ইংৰাজসকলে ধাৰণা কৰিছিল যে ভৱিষ্য়তে ১৮৫৭ চনৰ দৰে মহাবিদ্ৰোহ অধিক শক্তিশালী ৰূপত পুনৰ সংঘটিত হ'লে ভাৰতত ইংৰাজ শাসনৰ ওৰ পৰিব। সেই বাবে তেওঁ ভাইচৰয় লৰ্ড ডাফৰিনৰ সহযোগত ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ যোগেদি বিদ্ৰোহৰ সলনি সভা-সমিতিৰ জৰিয়তে চৰকাৰে ভাৰতীয়সকলৰ অভাৱ-অভিযোগৰ কথা জানিব পাৰে। 

    ইয়াৰ চৰমপন্থীসকল আছিল লালা লাজপট ৰায়, বাল গংগাধৰ তিলক আৰু বিপিনচন্দ্ৰ পাল। প্ৰথম বিছ বছৰ উচ্চশিক্ষিত ভাৰতীয়ৰ নেতৃত্বত কংগ্ৰেছে আবেদন-নিবেদনৰ পন্থাৰে বিদেশী চৰকাৰৰ পৰা কোনো ধৰণৰ অভাৱ পূৰণ কৰিব নোৱাৰাত বহুতো কংগ্ৰেছী লোকে কঠোৰপন্থা গ্ৰহণ কৰিছিল। তেওঁলোকৰ লগত আছিল ঋষি অৰবিন্দ ঘোষ। 

১৭। বংগভংগ আন্দোলনৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ বংগ ভংগ আন্দোলনত অসম জড়িত আছিল। ১৯০৫ চনত প্ৰশাসনিক সুবিধাৰ অজুহাতত ভাইচৰয় লৰ্ড কাৰ্জনে বংগ প্ৰদেশ বিভক্ত কৰি পূৱ অংশৰ লগত অসমক সংলগ্ন কৰি এখন নতুন প্ৰদেশ সৃষ্ঠি কৰিছিল। এই নতুন ৰাজ্য় ৰাজধানী ঢাকা জনসংখ্য়া মুঠ ৩১ নিযুত আছিল। ইয়াৰে ১৮ নিযুত মুছলমান, ১ নিযুত অন্য়ধৰ্মী আৰু ১২ নিযুত হিন্দু আছিল। বাংলা ভাষাৰ তুলনাত অসমীয়া ভাষা নিচেই কম আছিল। এই বিভাজনৰ বিৰুদ্ধে ভাৰতত আন্দোলন গঢ়ি উঠিছিল। 

১৮। অসমত বংগ-ভংগ আন্দোলনৰ প্ৰভাৱ কেনেদৰে পৰিছিল চমুকৈ লিখা।

উত্তৰঃ

১৯। কি কি বিশেষ কাৰণত অসমত বংগ-ভংগ আন্দোলন হৈছিল আলােচনা কৰা।

উত্তৰঃ অসমত বংগ-ভংগ আন্দোলনত হোৱা হৈছে

    ১। বৃটিছ চৰকাৰে প্ৰকৃততে প্ৰশাসনিক সংস্কাৰৰ নামত বংগক কেন্দ্ৰ কৰি গঢ়ি তুলা জাতীয়তাবাদ আৰু অসমৰ নিজস্বতা চিনাকী বিলুপ্ত কৰিবলৈ এই বিভাজন কৰে বুলি ভাৰতীয়সকল পতিয়ন গৈছিল। 

২। হিন্দু-মুছলমানৰ মাজত বিভাজন আনি বৃটিছ বিৰোধী আন্দোলন দুৰ্বল কৰি ভাৰতত বৃটিছ শাসন নিষ্কন্টক কৰা ব্য়ৱস্থা বুলি কোৱা হৈছিল। বংগ বিভক্ত কৰি পশ্চিম বংগক উৰিষ্য়া আৰু বিহাৰৰ লগত সংলগ্ন কৰাত ইয়াৰ বঙালীবোৰ সংখ্য়ালঘু হ'ল।  

২০। অসমত অসহযােগ আন্দোলনৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা।

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯২০-২১ চনত অসহযোগ আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ প্রভাৱ অসমতো পৰে। অসমেও ইয়াত সক্রিয়ভাৱে অংশগ্রহণ কৰে।

    ১৯২০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিবেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। অসম এচোচিয়েচনে এই প্ৰস্তাৱক আদৰণি জনাইছিল। অসম ছাত্র সম্মিলনে ১৯২১ চনৰ পৰা ইয়াত সক্রিয়ভাৱে অংশ গ্রহণ কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত চলা এই আন্দোলন সৰ্বভাৰতীয় অনুষ্ঠানলৈ পৰিবৰ্ত্তিত হৈছিল। ইয়াৰ পিছতেই অসমৰ 'আন্দোলনৰ অন্ত পৰিল আৰু সকলো সদস্যই কংগ্রেছত যোগদান কৰিছিল। ইয়াৰ পিচতেই সকলোৱে মিলি আসাম প্রাদেশিক কংগ্রেছ কমিটি গঠন কৰিছিল। অসমত অসহযোগ আন্দোলনৰ সংগঠন আৰু অংশ গ্রহণকাৰীৰ অধিক সংখ্যকেই আছিল স্কুল কলেজৰ ছাত্ৰ। সভা সমিতি অনুষ্ঠিত কৰা, শোভাযাত্রা আদি উলিওৱা আদি সকলো কামতে ছাত্র- সকলে অগ্রণী ভূমিকা পালন কৰিছিল। ছাত্র সকলে শিক্ষানুষ্ঠান বর্জন কৰি আন্দোলনত জড়িত হৈ পৰাত অসমৰ ভালেমান ঠাইত উকীলসকলেও ওকালতি বৰ্জন কৰি আন্দোলনত জঁপিয়াই পৰিছিল। অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত অসহযোগ আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰিছিল।


২১। বংগ ভংগ আন্দোলনৰ ফলাফল বর্ণোৱা।

উত্তৰঃ বংগ ভংগ আন্দোলনৰ ফলাফল সমূহ 

    ১। আন্দোলনত বৃটিছ চৰকাৰ ১৯১১ চনৰ ডিচেম্বৰত বংগ বিভাজন ৰদ কৰিবলৈ বাধ্য় হৈছিল। 

২। ই প্ৰমাণ কৰিছিল চৰকাৰ দমনমূলক ব্য়ৱস্থাই ৰাইজৰ সংগ্ৰামী উদ্য়মক ধ্বংস কৰিব নোৱাৰে। 

৩। বংগ-ভংগ আন্দোলন পৰৱৰ্তী কালৰ ভাৰতৰ জাতীয়তাবাদী আন্দোলনৰ পথ-পদৰ্শক হ'ল।

৪। ছাত্ৰ-যুৱকক ৰাজনীতিৰ লৈ উলিয়াই আনিছিল।

৫। এই দেশৰ বাতৰিকাকতবোৰতো স্পষ্টভাৱে দেশৰ বাবে লিখিবলৈ উদগনি দিছিল। 

৬। হিন্দু-মুছলমানৰ সহযোগিতা আগ বঢ়াইছিল। 

২২। অসহযােগ আন্দোলনত অসমৰ চাহ শ্ৰমিকসকলৰ ভূমিকা নির্ণয় কৰা।

উত্তৰঃ আন আন লোকৰ লগতে অসহযোগ আন্দোলনত অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলোও উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল। অসমৰ বিভিন্ন অঞ্চলৰ চাহ গোষ্ঠীৰ লোকেও এই আন্দোলনত জঁপিয়াই পৰিছিল। ডিব্ৰু দৰং বাগিচাৰ বনুৱা অর্জুন ঘাটোৱাৰে অসহযোগ আন্দোলনৰ বাণী প্ৰচাৰৰ অভিযোগত দহমাহ কাৰাদণ্ড ভুগিছিল। দৰঙৰ কছাৰী গাঁও, সোনাজুলি আৰু চেন্দাই বাগিচা, কাছাৰ আৰু চিলেটৰ বাহ বনুৱাসকলেও এই আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়াই জনসাধাৰণৰ মাজত স্বাধীনতাৰ বাণী প্ৰচাৰ কৰিছিল। ইউৰোপীয় চাহ খেতিয়কসকলে কংগ্রেছ স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ নিজা বাগিচাত সোমাবলৈ নিষিদ্ধ কৰিছিল। তথাপিও স্বেচ্ছাসেৱক সকলে বাগানৰ মাজত আন্দোলৰ কাৰ্য্যসূচী আৰম্ভ কৰিছিল। চাহ বাগিচাৰ বনুৱা সকলৰ কাৰ্য্যকলাপত ইংৰাজ মালিক পক্ষ অসন্তুষ্ট হৈছিল। এই আন্দোলন দমন কৰাৰ কাৰণে সামৰিক বাহিনীক মোতায়েন কৰিছিল। যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ নেতা এৰেংগা টেলেঙ্গানাক গান্ধীৰ আদৰ্শ আৰু নীতি প্ৰচাৰ কৰাৰ অভিযোগত তিনি মাহৰ কাৰাদণ্ড বিহিছিল।

    গতিকে ক'ব পাৰি যে স্বাধীনতা আন্দোলনত অসমৰ চাহশ্রমিক সকলৰ অৱদান মর্যাদাপূর্ণ আছিল।

২৩। আইন অমান্য আন্দোলন মানে কি বুজা? এই আন্দোলন কিয় কৰা হৈছিল?

উত্তৰঃ

২৪। পৰাধীন অসমৰ প্ৰথম অসমীয়া প্রধানমন্ত্রী কোন আছিল? তেওঁৰ শাসনকালৰ এটি খটিয়ান দাঙি ধৰাঁ।

উত্তৰঃ

২৫। ভাৰত ত্যাগ আন্দোলনৰ কাৰণবােৰ উল্লেখ কৰা। এই আন্দোলনত অসম-বাসীয়ে কেনেদৰে অংশগ্রহণ কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত জাতীয় কংগ্ৰেছৰ বোম্বাই অধিবেশনত ঐতিহাসিক ভাৰত ত্যাগ প্রস্তাৱ গ্ৰহণ কৰে। গান্ধীজীৰ নেতৃত্বত হোৱা এই ভাৰত ত্যাগ আন্দোলনত দেশবাসীক অংশগ্রহণ কৰাৰ কাৰণে আহ্বান জনায়। আন্দোলন আৰম্ভ হোৱাৰ লগে লগে চৰকাৰে গান্ধী প্রমুখ্যে নেতা সকলক বন্দী কৰি ৰাখি কাৰাৰুদ্ধ কৰে আৰু কংগ্ৰেছক বে-আইনী বুলি ঘোষণা কৰে। ই এটা গণ আন্দোলনলৈ সহজে ৰূপান্তৰ ঘটিল। ভাৰতৰ গণ আন্দোলনত অসমে সর্বান্তকাৰণে সমর্থন জনাইছিল। কংগ্রেছৰ অধিবেশনৰ পৰা ঘুৰি অহাৰ পথত গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক পুলিচে গ্রেপ্তাৰ কৰে। অৱশ্যে মহেন্দ্ৰ মোহন চৌধুৰী, শংকৰ বৰুৱা, বিমলা প্রসাদ চলিহা, ব্রজশর্মা আদি কিছুমান নেতাই পুলিচৰ চকুত ধুলি দি আত্মগোপন কৰি থাকে আৰু আন্দোলনক ব্যাপক কৰি তোলে। কামৰূপ, দৰং নগাওঁ, গুৱাহাটী আদি ঠাইত ৰে'ল লাইন উঠাই দিয়ে। সৰভোগ, বৰপেটা, নগাওঁ, গুৱাহাটী আদি ঠাইত থকা সামৰিক ঘাটিবোৰত অগ্নিসংযোগ কৰি লুটপাত আৰম্ভ কৰে। ছাত্ৰ আৰু যুৱকসকলে শোভাযাত্রা কৰি গাঁৱে গাঁৱে কংগ্ৰেছৰ আদর্শ প্ৰচাৰ কৰে। ক'তো নেতাই আত্মগোপন কৰি আন্দোলনৰ হকে প্ৰচাৰ কাৰ্য্য চলাইছিল।

    ছাত্র সকলেও ভাৰতৰ স্বাধীনতা আন্দোলনত সকলো পর্য্যায়তে অংশ গ্রহণ কৰিছিল। ছাত্রসকলে উগ্রপন্থী বিপ্লৱী নেতা সকলৰ লগতে আৰু সন্ত্রাসবাদী আন্দোলন আৰু শান্তিবাহিনী গঠন কৰিছিল।

২৬। ১৯৪৬ চনৰ বৰদলৈ মন্ত্রীসভাৰ কাম-কাজ পর্যালােচনা কৰা।

উত্তৰঃ ১৯৪৬ চনৰ বৰদলৈ মন্ত্ৰীসভাৰ কাম-কাজৰ বিষয়ে তলত আলোচনা কৰা হ'ল    

    ভাৰতবৰ্ষৰ আন ঠাইদৰে বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। জৱাহৰলাল নেহেৰুৱে কংগ্ৰেছ দল হৈ অসমত প্ৰচাৰ চলালে। সেই নিৰ্বাচনত কংগ্ৰেছৰ অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত ৫৮ খন আসন লাভ কৰি সংখ্য়াগৰিষ্ঠ দল হৈছিল। মুছলীম লীগে ৩১ খন, ইউৰোপীয়াসকলে ৯ খন, জামিয়ত লীগে ৩১ খন আৰু অন্য়ান্য় ৭ খন আসন দখল কৰিছিল।  

  সংখ্য়াগৰিষ্ট দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈয়ে ১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখে চৰকাৰ গঠন কৰিছিল। সেই মন্ত্ৰীসভাৰ সদস্য়সকল আৰু তেওঁলোকৰ দায়িত্ববোৰ হৈছে-

১। গোপীনাথ বৰদলৈ - প্ৰধানমন্ত্ৰী, নিযুক্তি, শিক্ষা আৰু প্ৰচাৰ

২। বসন্ত কুমাৰ দাস - গৃহ, আইন, পালিকা, ন্য়ায়িক, সাধাৰণ প্ৰশাসন আৰু পঞ্জীয়ন। 

৩। বিষ্ণুৰাম মেধি - বিত্ত আৰু ৰাজহ। 

৪। ৰামনাথ দাস - আবকাৰী, চিকিৎসা, শ্ৰম আৰু জনস্বাস্থ্য়। 

৫। জে. নিকলচ ৰয় - বন উদ্য়োগ, সমবায় আৰু গড়কাপ্টানি।

৬। বৈদ্য়নাথ মুখাৰ্জী - জেইল, পুনৰনিৰ্মাণ আৰু যোগান। 

৭। আব্দুল মতলিব মজুমদাৰ - কৃষি, পশুচিকিৎসা আৰু স্থানীয় স্বায়ত্তশাসন।

১৯৪৬ চনৰ বৰদলৈ মন্ত্ৰীসভাৰ কাৰ্যাৱলীসমূহ আছিল 

    ১। ৰাজনৈতিক বন্দীসকলৰ মুক্তি, পলাতক ৰাজনৈতিক কৰ্মীৰ গ্ৰেপ্তাৰী উঠাই লোৱা, আদালত থকা ৰাজনৈতিক গোচৰ লোৱা, কানিৰ ব্য়ৱসায় বন্ধ কৰা, চিকিৎসা মহাবিদ্য়ালয় প্ৰতিষ্ঠা কৰি স্বাস্থ্য়সেৱাৰ উন্নতি কৰা, সামূহিক জৰিমনা ৰায়তক ঘূৰাই দিয়া আৰু প্ৰাথমিক শিক্ষাক বাধ্য়তামূলক কৰা। এইসমূহ বিষয়ত মন্ত্ৰীসভায় পদক্ষেপ গ্ৰহণ কৰে।  

    ২। বৰদলৈয়ে সমাজ আৰু প্ৰশাসনিক ব্য়ৱস্থাটোক দুৰ্নীতি আৰু যুদ্ধোত্তৰ কালৰ দৈনিক ব্য়ৱহাৰ্য বস্তুৰ কৃত্ৰিম নাটনি ৰোধ কৰিব বাবে ব্য়ৱস্থাৰ গ্ৰহণ কৰিছিল। 

    ৩। দশকজোৰা সাম্প্ৰদায়িক ৰাজনৈতিক ওৰ পেলাবলৈ তেওঁৰ মন্ত্ৰীসভাই পদক্ষেপ গ্ৰহণ কৰিছিল। আগৰ চৈয়দ চাদুল্লাৰ নেতৃত্বত মুছলীম  লীগ মন্ত্ৰীসভাই কৃষি-ভূমি আৰু চৰণীয়া পথাৰত বসতি কৰিবলৈ দিলে। ইয়াৰ বাবে অসমত সাম্প্ৰদায়িক ৰাজনৈতিয়ে গা কৰি তুলিছিল। ইয়াৰ কাৰণে বৰদলৈ মন্ত্ৰীসভাই দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। 

২৭। অসমত হােৱা ভাৰত ত্যাগ আন্দোলনৰ ওপৰত এটি চমুটোকা লিখা।

উত্তৰঃ  ভাৰত ত্য়াগ আন্দোলনত অসমত  কংগ্ৰেছে আনুষ্ঠানিকভাৱে ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অগ্ৰাহ্য় কৰাৰ পিচত গান্ধীজীৰ পৰামৰ্শমতে ভাৰত ত্য়াগ প্ৰস্তাৱ গ্ৰহণ কৰে। ভাৰত ত্য়াগৰ প্ৰস্তাৱ ঘোষণাৰ কৰা লগে লগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা, ফখৰুদ্দিন আলি আহমেদ, দেৱেশ্বৰ শৰ্মা আৰু লীলাধৰ বৰুৱা এই নেতাকেইজনক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মা বোম্বে কংগ্ৰেছৰ পৰা উভতি আহোতে দুয়োকে ধুবুৰীত আটক কৰিছিল। গোলাঘাট সৰুপথাৰত ৰে'ল বগৰোৱা ঘটনাত জড়িত থকা বলি কুশল কোঁৱৰক যোৰহাট জলত ফাঁচী দিছিল। 

   ১৯৪৩ চনৰ স্বাধীনতা দিৱস মূল নেতাসকল হাজোত থকা ছাত্ৰ আৰু মহিলাসকলৰ পৰিচালনাতেই উদযাপিত হৈছিল। পাঠশালাত সভাপতিৰ আছিল চন্দ্ৰপ্ৰভা শইকীয়া। তেওঁক ইয়াৰ সভাপতি হোৱা কাৰণে পুলিচে আটক কৰিছিল। মহিলাসকল আৰু অতি কম বয়সৰ ছোৱালীবোৰে নিজৰ সন্মান আৰু আত্মৰক্ষাৰ বাবে হাতত অস্ত্ৰ লৈ ফুৰিছিল। বুদ্ধেশ্বৰী হাজৰিকাই পুনৰ বা আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি নিদিয়াৰ বাবে তেওঁৰ হাতৰ আঙুলিত পুলিচে বেজি সোমোৱাই অত্য়াচাৰ কৰিছিল। ভাৰত ত্য়াগ আন্দোলনত চৰম ত্য়াগ কৰা মহিলাৰ সংখ্য়াও বহুত আছিল। সেই আন্দেলনত পুলিচৰ গুলীচালনাত দৰঙৰ ঢেকীয়াজুলিৰ তিলেশ্বৰী বৰুৱা, কুমলী দেৱী, খহুলী নাথ, গহপুৰৰ কনকলতা বৰুৱা, বৰহমপুৰৰ ভোগেশ্বৰী ফুকননীৰ মৃত্য়ু হৈছিল।  

 এনেদৰে ব্ৰহ্মপুত্ৰ উপত্য়কাত ১৩ পৰা ৬৫ বছৰ ১৫ গৰাকীৰ মহিলাই বিয়াল্লিছৰ আন্দোলনত প্ৰাণ আহুতি দিছিল। ইয়াৰ উপৰিও পুলিচ আৰু মিলিটেৰীৰ মাৰপিট,  লাঠীচালনা আৰু গুলীচালনাত বহুগৰাকী মহিলাৰ ঘূণীয় হৈছিল। এইবোৰ ত্য়াগৰ পৰা ভাৰতৰ ভিতৰত অসমতেই বহুতো মহিলাই আন্দোলনত অংশগ্ৰহণ কৰিছিল। আন্দোলনকাৰীসকলে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় প্ৰশাসন গাওঁবাসীৰ হাতত তুলি দিছিল। বিচাৰত দোষী সাব্য়স্ত হোৱাজনক ৰাইজে স্থাপন কৰা জেইলত ৰখা হৈছিল।

Author Pallab Jyoti Bora 

Author ; Monikongkona Saikia 

Post ID : DABP006312

Important Question Answers 


১) প্ৰাচীন অসমক প্ৰথমবাৰৰ বাবে কামৰূপ বুলি কত উল্লেখ কৰা হৈছিল ।

উত্তৰঃ  প্ৰাচীন অসমক প্ৰথমবাৰৰ বাবে কামৰূপ বুলি উল্লেখ কৰা হৈছিল সমুদ্ৰগুপ্তৰ দিনত এলাহাবাদ স্তম্ভ লিপি আৰু প্ৰাচীন পুৰাণসমূহত ।


২)  কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল আৰু কি কি ।

উত্তৰঃ  কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল যেনে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ।


৩) প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি ।

উত্তৰঃ  প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম হল মহীৰঙ্গ দানৱ ।


৪)  বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন ।


৫) পালবংশৰ শেষৰজন ৰজাৰ নাম কি ।

উত্তৰঃ  পালবংশৰ শেষৰজন ৰজাৰ নাম হল ধৰ্মপাল ।


৬)  বৰ্মবংশৰ শেষৰজন ৰজাৰ নাম কি ।

উত্তৰঃ  বৰ্মনবংশৰ শেষৰজন ৰজাৰ নাম হল ভাস্কৰবৰ্মন ।


৭) কছাৰীসকলৰ ৰাজধানীৰ নাম কি ।

উত্তৰঃ  কছাৰীসকলৰ ৰাজধানীৰ নাম হল ডিমাপুৰ । 


৮) আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল ।

উত্তৰঃ  আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল চাওলুং চুকাফা ।


৯)  আহোম ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম কি ।

উত্তৰঃ  আহোম ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম হল চৰাইদেউ । 


১০) আহোমৰ প্ৰথম শদিয়াখোৱা গোঁহাই কোন আছিল ।

উত্তৰঃ  আহোমৰ প্ৰথম শদিয়াখোৱা গোঁহাই আছিল ফ্ৰাচেংমুং বৰগোঁহাই । 


১১) প্ৰথম মৰঙ্গীখোৱা গোঁহাই কোন আছিল ।

উত্তৰঃ  প্ৰথম মৰঙ্গীখোৱা গোঁহাই আছিল চুৰ্পাবৰ চুতীয়া ।


১২) কোচ বংশধৰসকলৰ আদি পুৰুষজনৰ নাম কি ।

উত্তৰঃ  কোচ বংশধৰসকলৰ আদি পুৰুষজনৰ নাম হল হাড়িয়া মণ্ডল । 


১৩) কোচবংশৰ সৰ্বশ্ৰেষ্ঠ  ৰজাজনৰ নাম কি ।

উত্তৰঃ  কোচবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম হল নৰনাৰায়ণ । 


১৪) গদাপাণি কোন আছিল ।

উত্তৰঃ  গদাপাণি আছিল আহোম ৰাজ্যৰ এজন পৰাক্ৰমী ৰজা আৰু তুংখুঙ্গীয়া ফৈদৰ গোৱৰ ৰজাৰ পুত্ৰ । 


১৫) কিমান খ্ৰীঃত গদাধৰ সিংহৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১৬৯৬ খ্ৰীঃত গদাধৰ সিংহৰ মৃত্যু হৈছিল । 


১৬) চুকাফাৰ সমসাময়িক কছাৰী ৰজাজনৰ নাম কি ।

উত্তৰঃ  চুকাফাৰ সমসাময়িক কছাৰী ৰজাজনৰ নাম হল বিচাৰপতিফা ।


১৭) ভূঞা শব্দৰ অৰ্থ কি ।

উত্তৰঃ  ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক বা জমিদাৰ ।


১৮)  ঘিলাঝাৰীঘাটৰ সন্ধি কেতিয়া আৰু তাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ  ১৬৬৩ খ্ৰীঃৰ ২২ ফেব্ৰুৱাৰীত আহোম স্বৰ্গদেউ আৰু মিৰজুমলাৰ মাজত ঘিলাঝাৰীঘাটৰ সন্ধি হৈছিল ।


১৯) গদাধৰ সিংহৰ আহোম নাম কি আছিল ।

উত্তৰঃ  গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা ।


২০) আহোম ৰাজপাটত উঠা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল ।

উত্তৰঃ আহোম ৰাজপাটত উঠা প্ৰথম মহিলাগৰাকীৰ নাম আছিল ফুলেশ্বৰী বৰকুঁৱৰী ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Answer type  Ali rani Kakati