মধ্য ইছলামীক দেশ (Central Islamic Lands) ইছলামৰ উদয় আৰু বিস্তাৰ ঃ (৫৭০-১২০০খ্ৰী ঃ) | অধ্যায় ৪ | Lesson 4 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ড° অজিত কুমাৰ দত্ত | Higher Secondary First Year History Notes


অধ্যায় ৪


মধ্য ইছলামীক দেশ (Central Islamic Lands) ইছলামৰ উদয় আৰু বিস্তাৰ ঃ ৫৭০-১২০০খ্ৰী ঃ)

অনুশীলনী 


১। অতি চমু উত্তৰ দিয়া ঃ


(ক) টাবাৰীয়ে আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি আছিল?

উত্তৰঃ টাবাৰীয়ে আৰবীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম হ'ল 'তাৰিখ'। 


(খ) হিজৰী চনটো কাৰ দিনত প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ হিজৰী চনটো খলিফা ওমৰৰ দিনত প্ৰৱৰ্তন হৈছিল। 


(গ) ওমায়াদ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ওমায়াদ বংশ মোৱাবিয়াই প্ৰতিষ্ঠা কৰিছিল। 


(ঘ) 'দৱা' কি?

উত্তৰঃ 'দৱা' হ'ল এটা সুসংগঠিত আন্দোলন। 


(ঙ) আব্বাছিদ বিদ্ৰোহ ক'ত সংঘটিত হৈছিল? 

উত্তৰঃ আব্বাছিদ বিদ্ৰোহ সূদূৰ খোৰাছান (পূৱ ইৰাণ) অঞ্চলত সংঘটিত হৈছিল। 


(চ) মকামত কি?

উত্তৰঃ মকামত হ'ল জনপ্ৰিয় আৰৱী সাহিত্য়ৰ এটা ভাগ। 


(ছ) In an Antique Land নামৰ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ অমিতাভ ঘোষে In an Antique Land নামৰ গ্ৰন্থখন লিখিছিল।


(জ) বাগদাদৰ মুস্তান চিৰিয়া মাদ্ৰাছা কেতিয়া নিৰ্মিত হৈছিল?

উত্তৰঃ বাগদাদৰ মুস্তান চিৰিয়া মাদ্ৰাছা ১২৩৩ ত নিৰ্মিত হৈছিল। 


(ঝ) নতুন পাৰ্চী ভাষাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়?

উত্তৰঃ নতুন পাৰ্চী ভাষাৰ পিতৃপুৰুষ বুলি ছামানীদ ৰাজকবি ৰোদাকীক কোৱা হয়।


(ঞ) ছাহনামা ( Book of Kings) গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ ছাহনামা (Book of kings) গ্ৰন্থখন ফিৰদৌচীয়ে লিখিছিল।  


(ট) আলবেৰুণীৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল?

উত্তৰঃ আলবেৰুণীৰ বিখ্য়াত গ্ৰন্থখনৰ নাম আছিল টহকিক মা লিল-হিন্দু (History of India)।


(ঠ) মঙ্গোল সকলে কিমান খ্ৰীঃত বাগদাদ জয় কৰিছিল?

উত্তৰঃ মঙ্গোল সকলে ১২৫৮ খ্ৰীঃত বাগদাদ জয় কৰিছিল। 


২। চমু উত্তৰ লিখা ঃ


ক) সপ্তম শতিকাৰ আৰম্ভণিত বেডুইনসকলৰ জীৱন পদ্ধতিৰ বৈশিষ্ট্যৰবোৰ কি আছিল?


উত্তৰঃ ৬১২- ৩২ৰ সময়ছোৱাত পয়গম্বৰ মহম্মদে এজন ইশ্বৰ বা আল্লাৰ উপাসনা প্ৰৱৰ্তন কৰিবলৈ আৰু এই মতৰ বিশ্বাসীসকলৰ এখন মাত্ৰ সমাজ বা সম্প্ৰদায়ৰ কথা প্ৰচাৰ কৰিছিল । ইয়াত ইছলাম ধৰ্মৰ সুত্ৰপাত হয় । ভাষা আৰু সংস্কৃতিৰ ফালৰ পৰা মহম্মদ আছিল এজন আৰৱ আৰু বৃত্তিত তেওঁ এজন সদাগৰ আছিল । ষষ্ঠ শতিকাৰ আৰৱ সংস্কৃতি ঘাইকৈ আৰৱ উপদ্বীপ আৰু দক্ষিণ চিৰিয়া আৰু মেছোপটেমীয়া অঞ্চলত সীমাবদ্ধ আছিল ।

আৰৱসকল কিছুমান জনজাতিত বিভক্ত আছিল । জনজাতিবোৰ ৰক্তৰ সম্পৰ্কৰ ভিত্তিত সংগঠিত কিছুমান সমাজ । আৰৱ জনজাতিবোৰ কূল বা ডাঙৰ পৰিয়ালত বিভক্ত আছিল ।  সম্পৰ্ক নথকা কিছুমান কুলো লগ হৈ একোটি জনজাতিক শক্তিশালী কৰিছিল । অনা-আৰৱ ব্যক্তিও মাৱাসি জনজাতীয় মুখিয়াল লোকৰ পৃষ্ঠপোষকতা ,আৰৱ সমাজৰ সদস্য হব পাৰিছিল । ইছলাম ধৰ্মলৈ ৰূপান্তৰিত হোৱাৰ পিছতো মাৱালি বিলাকক আৰৱ মুছলমানসকলে স্থান দিয়া নাছিল আৰু বেলেগ মছজিদত তেওঁলোকে প্ৰাৰ্থনা কৰিব লাগিছিল । সি যি নহওক প্ৰত্যেক জনজাতিয়েই এজন জনজাতীয় মধ্য লোকৰ নেতৃত্বত আছিল । প্ৰধানজনক আংশিকভাৱে তেওঁৰ পৰিয়ালৰ সম্পৰ্কৰ ভিত্তিত আৰু প্ৰধানকৈ তেওঁৰ সাহস, জ্ঞান আৰু মহানুভৱতা গুণৰ বাবে বাছি লোৱা হৈছিল । প্ৰত্যেক জনজাতিৰ নিজ নিজ উপাস্য দেৱতা বা দেৱী আছিল । তেওঁক মূৰ্তি হিচাপে  মছজিদত উপাসনা কৰা হৈছিল । বেছিভাগ আৰৱ জনজাতিয়েই আছিল অঘৰী বেদুইন জাতি । শুকান ঠাইৰ পৰা সিক্ত সেউজীয়া ভূমি নিজৰ আৰু উটৰ আহাৰৰ সন্ধানত ঘুৰি ফুৰিছিল । তাৰে কিছুমানে নগৰত বাস কৰিবলৈ লৈছিল আৰু ব্যৱসায় বাণিজ্য বা কৃষিকাৰ্যত ব্ৰতী হৈছিল । কোৰায়ছ নামৰ মহম্মদৰ নিজৰ জনজাতিটো মক্কাত আছিল আৰু কা-বা নামৰ ঘনাকাৰ এক প্ৰধান উপাসনা গৃহ পৰিচালনা কৰিছিল । এই গৃহত কেবাটাও মূৰ্ত্তি আছিল । মক্কাৰ বাহিৰৰ জনজাতিয়ে ইয়াক তীৰ্থস্থান হিচাপে লৈছিল আৰু নিজৰ উপাস্য মূৰ্ত্তিকো তালৈ আনি উপাসনা কৰিছিল । তেওঁলোকে বছৰত একবাৰ এই তীৰ্থ ভ্ৰমণ কৰিছিল । মক্কাখন য়েমেন আৰু চিৰিয়াৰ মাজৰ এটা বাণিজ্যিক পথৰ সঙ্গমস্থালত অৱস্থিত আছিল । এই কাৰণেও মক্কাৰ গুৰুত্ব বাঢ়ি গৈছিল । মক্কা এনে এখন পৱিত্ৰ স্থান যত হিংসা বৰ্জিত আছিল আৰু সকলো দৰ্শনাৰ্থীকে নিৰাপত্তা দিয়া হৈছিল । তীৰ্থ ভ্ৰমণ আৰু ব্যৱসায়ে অঘৰী আৰু স্থায়ীভাৱে বসতি কৰিবলৈ লোৱা জনজাতিবিলাকক ইজনে-সিজনক চিনি পোৱাত সহায় কৰিছিল আৰু ইজনে সিজনৰ ৰীতি-নীতি আৰু বিশ্বাসৰ আদান-প্ৰদান কৰাৰ সুবিধাও হৈছিল মক্কাত ।  বহুদেৱ-দেৱীৰ বিশ্বাসী আৰৱবিলাকৰ অস্পষ্টকৈ হলেও এজন সৰ্বোচ্চ ভগৱান -আল্লাৰ ধাৰণা আছিল যদিও তেওঁলোকৰ মূৰ্ত্তিপূজা আৰু তীৰ্থস্থানবোৰৰ প্ৰতি আসক্তি আছিল অধিক আৰু শক্তিশালী । 


খ) আব্বাছিদ বিপ্লৱ মানে কি বুজা?

উত্তৰঃ আব্বাছিদ বিপ্লৱ মানে হ'ল মুছলমান সম্প্ৰদায় শাসনতন্ত্ৰ কেন্দ্ৰীভূত কৰা ওমায়াদ সকল। 


গ) আৰব, ইৰাণী আৰু তুৰ্কীবিলাকে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰবিলাকৰ সাৰ্বজনীন চৰিত্ৰৰ উদাহৰণ দিয়া।

উত্তৰঃ


ঘ) ইউৰোপ আৰু এছিয়াত ধৰ্মযুদ্ধৰ প্ৰভাৱ কি আছিল?

উত্তৰঃ ইউৰোপ আৰু এছিয়াত ধৰ্মযুদ্ধৰ প্ৰভাৱ বোৰ হ'ল- ধৰ্ম যুদ্ধৰ ফলত বহুতো লোক দূৰ্বল হৈ পৰিছিল। বহুতো খ্ৰীষ্টান লোক মুছলমানৰ হাতত মৃত্য়ু হৈছিল। 


৩। ৰচনাধৰ্মী প্ৰশ্ন


ক) ইছলামী স্থাপত্য ৰোমান স্থাপত্যতকৈ কোন ক্ষেত্ৰত পৃথক?

উত্তৰঃ ৬০০-ৰ পৰা ১২০০ খ্ৰীঃৰ ভিতৰত বিকশিত হোৱা অঞ্চলটোৰ ইছলামীক সভ্য়তাৰ মূল কেন্দ্ৰ আছিল। ইছলামী শব্দটো কেৱল মাত্ৰ ধৰ্মীয় ভাৱতেই ব্য়ৱহাৰ কৰা হোৱা নাছিল। ই ইছলামৰ লগত জড়িত সমাজ আৰু সংস্কৃতিক সামৰি লোৱা হৈছে। সমাজত হোৱা সকলোবোৰ ঘটনাৰ ধৰ্মৰ পৰা হোৱা নাছিল। সেই ঘটনাবোৰ আন এখন সমাজত হৈছিল য'ত মুছলমান আৰু ধৰ্ম সামাজিকভাৱে প্ৰভাৱশালী বুলি স্বীকৃতি দিছিল।

     ১৯ শতিকাত জাৰ্মানী আৰু নেদাৰলেণ্ডৰ অধ্য়াপক কেইজনমানৰ দ্বাৰা ইছলামৰ সঠিক ইতিহাস লিখা আৰম্ভ কৰিছিল। বৃটিছ আৰু ফৰাছী গৱেষকেও ঔপনিবেশক ইছলামৰ বিষয়ে অধ্য়য়ন কৰিছিল। ইছলাম বুৰঞ্জী অধ্য়য়ন কৰি খ্ৰীষ্টান যাজকে উচ্চমানৰ কিতাপ লিখিছিল। এওঁলোক  আৰবী আৰু পাৰ্চী ভাষাত সিদ্ধহস্ত আছিল। ইগনাজ্ গল্ডজিহাৰ আছিল এজন হাঙ্গেৰীয়ান ইহুদী। তেওঁ কাইৰোৰ ইছলামী কলেজ অল অজহৰত অধ্য়য়ন কৰিছিল। বিংশ শতিকাৰ ইছলামীক ইতিহাসবিদ সকলে প্ৰধানকৈ প্ৰাচ্য় তত্ববিদ সকলৰ পদ্ধতি অনুসৰণ কৰিছিল। ইছলামী ইতিহাসত কেনেদৰে আধুনিক ঐতিহাসিক পদ্ধতিয়ে ধৰ্ম অধ্য়য়ন কৰিব পাৰে তাৰ এটা উদাহৰণ উল্লেখ কৰিছে ৰীতি-নীতি আৰু ধৰ্মবিশ্বাসী লোকসকলৰ  বিষয়ে।   

 

খ) চমৰখণ্ডৰ পৰা ডামাচকাচলৈ কি কি নগৰ পোৱা যায়?

উত্তৰঃ চমৰখণ্ডৰ পৰা ডামাচকাচলৈ পোৱাৰ নগৰ বোৰ হ'ল 

 ৭৫১-ত ছমৰখণ্ডৰ মুছলমান ৰাজ্য়পালে ২০,০০০ চীন আক্ৰমণকাৰীক আটক কৰি ৰাখিছিল। তাৰে কিছুমান ব্য়ক্তিয়ে কাগজ তৈয়াৰ কৰিব পাৰিছিল। এশবছৰ ধৰি ছমৰখণ্ডত কাগজৰ প্ৰধান ৰপ্তানী দ্ৰব্য় আছিল।     

    পূৱ সীমান্তৰ মধ্য় এছিয়া আৰু চীনদেশৰ পৰা কাগজ আৰু বিভিন্ন দ্ৰব্য় আনিবৰ কাৰণে ইৰাণী সদাগৰে বাগদাদৰ পৰা মৰুদ্য়ান নগৰ বুখাৰা আৰু ছমৰখণ্ডৰ হৈ চিল্ক পথেৰেদি চীন দেশলৈ গৈছিল। ছমৰখণ্ডই আন এফালৰ পৰা গুৰুত্বপূৰ্ণ বাণিজ্য়িক কাম কৰিছিল। বিত্তীয় ব্য়ৱস্থা আৰু বজাৰ বিনিময়ে মধ্য় ইছলামী দেশ বিলাকত মুদ্ৰাৰ গুৰুত্ব বঢ়ালে। ইছলামী দেশত সোণ, তাম আৰু ৰূপৰ মুদ্ৰাৰ তৈয়াৰ কৰা হৈছিল। সোণ আফ্ৰিকাৰ চুডান আৰু ৰূপ মধ্য় এছিয়াৰ জাৰাফচান উপত্য়কাৰ পৰা আহিছিল।

    আব্বাছিদ খলিফা সকলৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠাৰ বাগদাদৰ জনসংখ্য়া প্ৰায় দহলাখ হৈছিল। সেই নগৰবোৰৰ লগতে ডামাচকাচ, ইচফাহান আৰু চমৰখণ্ড আদিৰ পুৰণি নগৰবোৰে নতুন জীৱন লাভ কৰিছিল। নগৰবাসীৰ ব্য়ৱহাৰৰ বাবে খাদ্য়-শস্য়, চেনি আৰু কপাহ আদি উৎপাদনো বৃদ্ধি পাইছিল।  


 গ) খলিফাতনৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ খলিফাতন্ত্ৰ পতনৰ কাৰণবোৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 

  খলিফাতন্ত্ৰ প্ৰতিষ্ঠাই আছিল সকলোতকৈ ডাঙৰ নৱ-পৰিৱৰ্তন। সেই ঠাইত মুছলমান সমাজৰ নেতাজনেই খলিফা আছিল। প্ৰথম চাৰিজন খলিফা (৬৩২-৬১) মহম্মদৰ সহযোগী সূত্ৰে এই পদৰ দাবীদাৰ হৈছিল আৰু তেওঁ মতে চলিছিল। খলিফাৰ উদ্দেশ্য় হ'ল ওম্মাৰ ভিতৰুৱা জনগোষ্ঠীবোৰক নিয়ন্ত্ৰণ কৰি ৰাষ্ট্ৰৰ সম্পদ বৃদ্ধি কৰা।

   নৱম শতিকাৰ পৰাই আব্বাছিদ খলিফাতন্ত্ৰ অতি দুৰ্বল হৈ পৰিছিল। ইয়াৰ কাৰণ, দূৰৈৰ প্ৰদেশ বিলাকত বাগদাদৰ নিয়ন্ত্ৰণত গুৰুত্ব দিয়া নাছিল। ৮১০-ত খলিফা হাৰুন অল বেছিদৰ দুজন পুত্ৰ আমিন আৰু মামুনৰ সমৰ্থকসকলৰ মাজত গৃহযুদ্ধ আৰম্ভ হৈছিল। সেই যুদ্ধৰ কাৰণে ফৈদৰ মাজত বেছিকৈ বিবাদ সৃষ্টি হৈছিল আৰু তুৰ্কী বিষয়াৰ এটা দল গঠন হয়। আব্বাছিদ শাসন মধ্য় ইৰাক আৰু পশ্চিম ইৰাণতে সীমাবদ্ধ হৈ পৰিছিল। সেই সকলোবোৰ ৯৪৫-ত হেৰুৱাব লগা হৈছিল। ইয়াৰ কাৰণ, ইৰাণৰ কাস্পিয়ান অঞ্চলৰ বায়িদ নামৰ চিয়াপন্থী জনগোষ্টীয়ে বাগদাদ দখল কৰিছিল। 

    তেওঁলোক বুধিয়ক আছিল বাবে খলিফাৰাজ বিলুপ্ত কৰা নাছিল। কাৰণ, ফাটিমাইদ নামৰ এটা চিয়া বংশৰ আছিল। তেওঁলোকে ইছলাম সকলক শাসন কৰিব বাবে আশা কৰিছিল। ফাটিমাইদ সকল আছিল পয়গম্বৰ মহম্মদৰ জীয়েক ফাটিমাৰ বংশধৰ ইছমাইলী উপপন্থী লোক। তেওঁলোক মহম্মদৰ পুত্ৰ নাছিল। ফাটিমাইদ সকলৰ ভেটি আছিল আফ্ৰিকাত। তেওঁলোকে ৯৬৯-ত ইজিপ্তৰ জয় কৰি খলিফাৰাজ প্ৰতিষ্ঠা কৰে।

    দশম আৰু একাদশ শতিকাত তুৰ্কী চুলতানতন্ত্ৰৰ উত্থানৰ ফলত খলিফাৰ ৰাষ্ট্ৰৰ আৰৱ ইৰাণীৰ লগ লাগিৰ এটা দল দঠন হয় আৰু সেই দলটোৰ নাম আছিল তৃতীয় এক দল। তুৰ্কীসকল আছিল মধ্য় এছিয়াৰ তৃণভূমি অঞ্চলৰ অঘৰী জনজাতি। তুৰ্কী লোকসকল যুদ্ধত পটু আছিল আৰু আব্বাছিদ, বায়িদ আৰু চামানিদ প্ৰশাসনত দাস আৰু সৈনিক হিচাপে কাম কৰিছিল। ৯৬১-ত আলপ্তগীনে ঘজনিৰ চুলতানশাসন প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ বাবে আব্বাছিদ খলিফাৰসকল বিৰোধী নাছিল। 


 ঘ) প্ৰাৰম্ভিক কালৰ ইছলামীক ৰাষ্ট্ৰত কৃষি অৰ্থনীতি আৰু নগৰীয়া জীৱনৰ স্বৰূপ বৰ্ণনা কৰা।

উত্তৰঃ প্ৰাৰম্ভিক কালৰ ইছলামীক ৰাষ্ট্ৰত কৃষি অৰ্থনীতি আৰু নগৰীয়া জীৱনৰ স্বৰূপ বিষয়ে তলত উল্লেখ কৰা হ'ল

    ৬১২-৩২ৰ সময়ছোৱাত পয়গম্বৰ মহম্মদে এজন আল্লাৰ উপাসনা প্ৰৱৰ্তন কৰিব কাৰণে এখন সমাজ বা এটা সম্প্ৰদায়ৰ প্ৰচাৰ কৰিছিল। সেই সমাজতে ইছলাম ধৰ্মৰ সূত্ৰপাত হৈছিল। মহম্মদ এজন সদাগৰ আছিল। ১৯ শতিকাত ইছলামৰ সঠিক ইতিহাস জাৰ্মানী আৰু নেদাৰলেণ্ডৰ অধ্য়াপক কেইজনমানৰ দ্বাৰা লিখিছিল। বৃটিছ আৰু ফৰাছী গৱেষকেও ইছলামৰ বিষয়ে অধ্য়য়ন কৰিছিল। 

    কৃষি, অৰ্থনীতি আৰু নগৰীয়া জীৱন-  কৃষি আছিল নতুনকৈ দখল কৰা অঞ্চলবোৰ বাসিন্দাসকলৰ ব্য়ৱসায়। ইছলামী ৰাষ্ট্ৰই ইয়াত কোনো পৰিৱৰ্তন কৰা নাছিল। সেই অঞ্চলবোৰত ডাঙৰ-সৰু সকলো খেতিয়কে মাটিৰ গৰাকী আছিল। ইৰাণ আৰু ইবাকত খেতিয়কসকলে এক বৃহ অঞ্চলত খেতি কৰিছিল। গাওঁবাসীৰ সম্পত্তি আছিল পশুপালনভূমিৰ পৰা স্থায়ী কৃষিভূমিৰলৈ ৰূপান্তৰিত কৰা। মুছলমানসকল বিজয় হোৱাৰ পিছত ডাঙৰ মাটিবাৰীবোৰ ৰাষ্ট্ৰৰে অধিগ্ৰহণ কৰিছিল। সেই মাটিবাৰিবোৰ খলিফাৰ পৰিয়ালৰ মাজত ভগাই দিছিল। 

      কৃষিভূমিবোৰ ৰাষ্ট্ৰৰে নিয়ন্ত্ৰণ কৰিছিল। মুছলমান লোকসকলে খেতি কৰা মাটিৰ খাজনা আছিল ১০/১ অংশ। কৃষিৰ উন্নতিৰ লগতে ৰাজনৈতিক সুস্থিৰতাও বাঢ়ি গৈছিল। কৃষকৰ চেষ্টা আৰু সহায়-সহযোগৰ ফলত কৃষিভূমিৰ সম্প্ৰসাৰিত হৈছিল। কৃষিৰ প্ৰযুক্তিৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাছিল যদিও কপাহ, সুমথিৰা, তৰমুজ, বেঙেনা, শাক আৰু কল এইবোৰ নতুনকৈ খেতি কৰিব লগা হৈছিল। 

ইছলামসকলৰ  সভ্য়তাৰ বিকাশ ঘটিছিল নগৰ বৃদ্ধি হোৱাৰ লগে লগে। আৰব সৈন্য়ক সংস্থাপিত কৰিবৰ কাৰণে বহুতো নগৰ প্ৰতিষ্ঠা কৰা হৈছিল। স্থানীয় প্ৰশাসনৰ বাবে তেওঁলোক ৰাজহাড় স্বৰূপ আছিল। সেনা-সুৰক্ষিত নগৰবোৰ আছিল বচৰা, কোফা, ফুষ্টাট আৰু ইজিপ্তৰ কাইৰো। এই নগৰবোৰৰ লগতে কিছুমান পুৰণি নগৰ ডামাচকাচ, চমৰখণ্ড আৰু ইচফাহান আদিৰ নগৰবোৰে নতুন জীৱন লাভ কৰিছিল। নগৰবাসীৰ ব্য়ৱহাৰৰ বাবে খাদ্য়-শস্য়, চেনি আৰু কপাহ আদিৰ উৎপাদনো বৃদ্ধি পাইছিল। এখন নগৰ আৰু আন এখন নগৰ লগত যোগাযোগ কৰি এক বৃহৎ নগৰীয়া অঞ্চল লাভ কৰিছিল।

   সাংস্কৃতিক আৰু অৰ্থনৈতিক শক্তি প্ৰকাশ কৰি নগৰৰ কেন্দ্ৰস্থলত দুটাকৈ বৃহৎ অট্টালিকা আছিল আৰু ধৰ্মীয় সমাৱেশৰ কাৰণে এটা মছজিদ (Masjid al jami) আছিল। সেই মছজিদটো বহুত ডাঙৰ আছিল। বহুত আতৰৰ পৰা মছজিদটো দেখা পাইছিল। দ্বিতীয়টো ভৱন হ'লঃ ডাঙৰ কেন্দ্ৰীয় বজাৰ চাক ( Suq)। সেই ঠাইত শাৰী শাৰী কৈ দোকান , ধন বিনিময় আৰু সদাগৰৰ আবাস কৰা লোকবোৰৰ কাৰ্যালয় আছিল। সৈনিকসকল আৰু সাধাৰণ শ্ৰেণীৰ ব্য়ক্তি সকলে নগৰৰ বাহিৰত বসবাস কৰিছিল। তেওঁলোক সকলোৱে মিলি-জুলি আছিল। নগৰৰ বেৰাৰ বাহিৰত আছিল দুৱাৰ। সেই দুৱাৰ বন্ধ কৰা পিছত কোনো ব্য়ক্তি যদি বাহিৰত থাকে তেওঁলোকৰ কাৰণে অতিথিশালা আৰু কবৰস্থান আছিল। 

    ৰাজনৈতিক একত্ৰীকৰণ আৰু নাগৰিকৰ বাবে বিলাসী সামগ্ৰীৰ আৰু খাদ্য়দ্ৰব্য় তাগিদাত ক্ষেত্ৰখন অতি বহল কৰি ৰাখিব লগা হৈছিল। মুছলমান সাম্ৰাজ্য়খনক ভৌগোলিক অৱস্থানে সহায় কৰিছিল। এই সাম্ৰাজ্য়ই ভূমধ্য়সাগৰ আৰু ভাৰত মহাসাগৰ মাজৰ আঞ্চলবোৰ সামৰি লৈছিল। ইটালিৰ বাণিজ্য়িক নগৰবোৰ বাঢ়ি অহাৰ লগে লগে দশম শতিকাৰ পৰা লোহিত সাগৰীয় পথৰ গুৰুত্ব বাঢ়িছিল।     


৪। চমু টোকা লিখা। 


ক) ইছলামী কেলেণ্ডাৰ 

উত্তৰঃ ইছলামী কেলেণ্ডাৰ - হিজৰী চনটো খলিফা ওমৰৰ দিনত প্ৰৱৰ্তন হৈছিল। এই চনৰ প্ৰথম বছৰটো আছিল ৬২২ খ্ৰীষ্টাব্দ। হিজৰী কেলেণ্ডাৰৰ তাৰিখৰ পিছত AH লিখা হয়। 

    মুছলমান সকল চহকী মক্কাবাসী বিৰোধিতাৰ সন্মুখীন হৈছিল। সেইসকল মক্কাবাসীয়ে ইছলাম ধৰ্মই তেওঁলোকৰ দেৱ-দেৱীক অগ্ৰাহ কৰাত ক্ষোভিত হৈছিল। মহম্মদে মক্কাৰ পৰা যাত্ৰা কৰা ইছলাম বুৰঞ্জীৰ এক নিৰ্ণায়ক মুৰ্হূত আছিল। তেওঁ প্ৰৱেশ কৰা বছৰটো মুছলমান কেলেণ্ডাৰৰ প্ৰথম চন আছিল।  

হিজৰী বছৰটো ৩৫৪ দিনীয়া চান্দ্ৰ বছৰ। বছৰটোত ১২ মাহ আছিল। মাহত ২৯ আৰু ৩০ দিন আছিল।(মহৰমৰ পৰা ধূল হিজ্জালৈকে) প্ৰত্য়েকটো দিন সূৰ্য্য়াস্তৰ লগে লগে আৰম্ভ হৈছিল। আৰু প্ৰতিটো মাহ কাঁচিজোন দৃশ্য়মান হোৱাৰ পৰাই আৰম্ভ হৈছিল। হিজৰী বছৰ 11 দিন কম আছিল সৌৰ বছৰতকৈ। হিজৰী কেলেণ্ডাৰত তাৰিখ গ্ৰেগৰী মিলোৱাটো কঠিন কাম আছিল। ইছলামী 'H' আৰু গ্ৰেগৰীয় খ্ৰীষ্টান বছৰৰ 'C' বছৰৰ মাজত মিল থকা ফৰ্মূলাৰ হ'ল                              (H x ৩২ / ৩৩ ) + ৬২২ = C 

     ( C - ৬২২ ) x ৩৩ / ৩২ = H

   ধৰ্মবিশ্বাসী লোকৰ সম্প্ৰদায়টো বাচি থাকিলে ধৰ্ম বৰ্তী থাকিব পাৰে। মহম্মদে ধৰ্মীয় নীতি-নিয়ম মানি থকা বোৰক সংস্কাৰ কৰি তেওঁৰ ধৰ্মাৱলম্বী সকলৰ মাজত ইছলাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। 


খ) অব্দ অল-মালিকৰ মুদ্ৰা সংস্কাৰ

উত্তৰঃ অব্দ অল-মালিকৰ মুদ্ৰা সংস্কাৰ-

     অব্দ অল-মালিকৰ মুদ্ৰাৰ দ্বাৰা নিৰ্মিত এইটোৱেই ইছলামী স্থাপত্য়ৰ প্ৰথম নিদৰ্শন আছিল। ই জেৰুজালেমত মুছলমান উপস্থিতিৰ সাক্ষ্য় হিচাপে নিৰ্মিত। অব্দ অল-মালিকৰ (৬৮৫-৭০৫) আৰু তেওঁ উত্তৰাধিকাৰী সকলৰ দিনত আৰৱ আৰু ইছলামী পৰিচয়ৰ ওপৰত অধিক গুৰুত্ব দিছিল। খলিফা ৰাজ্য়ত সোণৰ ডিনাৰ আৰু ৰূপৰ ডিৰহাম চলিছিল। এইবোৰ ক্ৰচচিন আৰু জুইৰ বেদীৰ সৈতে বাইজেনটাইন আৰু ইৰাণী মুদ্ৰাৰ প্ৰতিলিপি আছিল। এই লিপিৰ বিলাক গ্ৰীক আৰু পহ্লবী ভাষাৰ আছিল। 

    মুদ্ৰাৰ নিদৰ্শনে বাইজেনটাইনৰ পৰা আৰৱ ইছলামী মুদ্ৰালৈ ৰূপান্তৰ কৰা হয়। দ্বিতীয়টো মুদ্ৰাত দাঢ়ি আৰু দীঘল চুলিৰে খলিফাক পৰম্পৰাগত আৰৱ পোছাকত দেখা গৈছিল। তেওঁ হাতত এখন তৰুৱাল আছে। এইখন অক্ষত অৱস্থাত থকা এখন মুছলমানৰ ছবি আছিল। কাৰণ, পিছৰ কালত শিল্পকলাত জীৱন্ত লোকৰ প্ৰতিচ্ছবি অঙ্কনৰ বিৰুদ্ধে মত সৃষ্টি কৰে।পুনৰ গঠনৰ ক্ষেত্ৰত অব্দ অল মালিকৰ মুদ্ৰা সংস্কাৰ ৰাষ্ট্ৰৰ বিত্তীয় লগত জড়িত আছিল। শ শ বছৰ ধৰি তৃতীয় মুদ্ৰাটোৰ ওজন আৰু আৰ্হি  মুদ্ৰাবোৰ তৈয়াৰ কৰা হৈছিল। আৰু সেইবোৰ হ'ল-

১) বাইজেনটাইনৰ সোণেৰে তৈয়াৰী চলিডাচ সেই মুদ্ৰাটোত সম্ৰাট হেৰাক্লিয়াচ আৰু তেওঁৰ দুজন পুত্ৰৰ ছবি দেখা গৈছিল। 

২) অব্দ অল মালিকে তেওঁৰ নাম আৰু প্ৰতিকৃতি খোদিত কৰি সোণৰ দিনাৰ তৈয়াৰ কৰিছিল।

৩) উচ্চমানৰ এটা দিনাৰ, এইটো সম্পূৰ্ণ এপিগ্ৰাফমূলক। ইয়াত কালিমাৰ লিখিছিল। সেই মুদ্ৰাটোত আল্লাৰ বাহিৰে কোনো ঈশ্বৰ নাই বুলি উল্লেখ কৰিছে।  


গ) কোৰাণ

উত্তৰঃ কোৰাণ - কোৰাণখন আৰৱীৰ ভাষাত লিখা হৈছিল। ইয়াৰ ১১৪ টা অধ্য়ায় আছিল। এই অধ্য়ায় বোৰ ডাঙৰৰ পৰা সৰু লৈ সজায় লিখিছিল। ডাঙৰ অধ্য়ায়টো প্ৰথমে, আৰু সৰু অধ্য়ায়টো একেবাৰে শেষত লিখিছিল। প্ৰথম চূড়াটো আছিল চুটি প্ৰাৰ্থনা। মুছলমান সকলে বিশ্বাস কৰিছিল কোৰাণখন কিছুমান বাণীৰ সমষ্টি বুলি। যিবোৰ ভগৱানে ৬১০-ৰ পৰা ৬৩২-ৰ ভিতৰত প্ৰেৰণ কৰিছিল। এই সম্পূৰ্ণ কোৰাণখন নৱম শতিকাত লিখিছিল।  

   ধৰ্মীয় পণ্ডিত সকলৰ বাবে জ্ঞান কোৰাণৰ পৰা শিকিছিল। ইছলামী আইন ৰচনাৰ কৰোতে আইনজ্ঞতৰ সকলে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। কাৰণ কোৰাণত সকলো কথা স্পষ্ট নাছিল। 

কোৰাণ ব্য়ৱহাৰ কৰাত কিছু সমস্য়া আছিল ইছলামৰ প্ৰাৰম্ভিক কালৰ ইতিহাসৰ সমল হিচাপে। ইয়াৰ কাৰণ হ'ল ই এক ধৰ্মপুথি, ধৰ্মীয় কৰ্তৃত্বৰ অন্তৰ্গত। খোদাৰ বাণী হিচাপে কোৰাণৰ বাণীৰবোৰ আক্ষৰিক অৰ্থত ব্য়ৱহাৰ কৰিছিল। ৮৩৩-ত আব্বাছিদ খলিফা অল মামুনে কৈছিল যে, কোৰাণ ভগৱানৰ বাণী নহয়, তেওঁ ৰচনাহে। দ্বিতীয় সমস্য়াটো হ'ল কোৰাণৰ বেছিভাগ ৰচনাই ৰূপকধৰ্মী আৰু অ'ল্ড টেষ্টামেন্টৰ বিপৰীতে ই ঘটনাবোৰৰ বিষয়ে উল্লেখ নকৰে। কেৱল মাত্ৰ সিবিলাকৰ প্ৰসঙ্গহে উল্লেখ কৰে। 


ঘ) মধ্য ইছলামী দেশৰ ধৰ্ম, সমাজ আৰু ৰাজনীতি

উত্তৰঃ মধ্য় ইছলামী দেশৰ ধৰ্ম, সমাজ আৰু ৰাজনীতি 

 ইতিহাস মানৱ সভ্য়তাৰ মধ্য় ইছলামী দেশ বিলাকৰ তিনিটা গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে উল্লেখ কৰিছে। সেই কেইটা হ'ল ধৰ্ম, সমাজ আৰু ৰাজনীতি। সপ্তম শতিকাত ধৰ্ম, সমাজ আৰু ৰাজনীতি এই তিনিটা মিলি এটা হৈছিল। ইয়াৰ পিছতে পঞ্চম শতিকাত এই বৃত্ত পুনৰ বিভক্ত হয়। শেষলৈ ৰাষ্ট্ৰ আৰু চৰকাৰত ইছলাম ধৰ্মৰ প্ৰভাৱ সীমিত হৈ পৰিছিল। ৰাজনীতি ধৰ্ম বিৰোধীত বহুত ঘটনা ঘটিল। ধৰ্মীয় কাম-কাজ আৰু ব্য়ক্তিগত কাম-কাজত চাৰীয়া ব্য়ৱহাৰ কৰি মুছলমান সমাজক একে লগে ৰখাটোয়ে আছিল ধৰ্ম আৰু সম্প্ৰদায় একাকাৰ।

    মধ্য়যুগীয় ইছলামী সমাজ সুন্দৰ ভাষাৰ আৰু কল্পনাক এজন ব্য়ক্তি উচ্চ প্ৰশংশিত গুণ হিচাপে উল্লেখ কৰিছে। এই গুণবোৰক এজন লোকৰ আদব (Adab) পৰ্য্য়ায়লৈ উন্নীত কৰিছে। আদব প্ৰকাশ ঘটিছিল কবিতা আৰু গদ্য় ওপৰত। এইবোৰ সময়মতে ব্য়ৱহৃত কৰা হয়। বন্দনা গীত সমূহ ৰচনা কৰাত ইছলামী সকলৰ জনপ্ৰিয় আছিল।আৰৱসকলে ইৰাণ জয় কৰা সময়ত প্ৰাচীন ইৰাণৰ পৱিত্ৰ গ্ৰন্থত প্ৰকাশ পাইছিল। সেই সময়তে পহ্লবী (Pahlavi) ভাষাটো মৃত্য়ুমুখী হৈছিল। ইয়াত আৰবী শব্দৰ সংখ্য়া বেছি আছিল। ফিৰদৌচীয়ে ছাহনামা গ্ৰন্থখন তেওঁ ৩০ বছৰত সম্পূৰ্ণ কৰিছিল। 

    নৱম শতিকাত আদববিলাকে জীৱনী, নীতিশাস্ত্ৰৰ, ৰাষ্ট্ৰ পৰিচালনাৰ, ভূগোল আৰু ইতিহাস সামৰি লৈছিল। শিক্ষিত মুছলমান সকলে ইতিহাস লিখাত ঐতিহ্য় প্ৰতিষ্ঠিত হৈছিল। ইছলামী জগতৰ ঐক্য় আৰু ভিন্নতা আৱিষ্কাৰৰ বাবে পাৰ্ছী ভাষাত কিতাপ লিখিছিল। আলবেৰুণীৰে বিখ্য়াত টহকিক মা লিল-হিন্দু  নামৰ গ্ৰন্থখন লিখিছিল। 

    ধৰ্মীয় ভৱনবোৰ সমাজৰ আটাইতকৈ ডাঙৰ প্ৰতীক আছিল। ধৰ্মশিক্ষা দিওঁতাৰ বাবে এটা ওখ ভেঁটি আছিল। সেই ঠাইত শুক্ৰবাৰে দুপৰীয়া ধৰ্মোপদেশ দিছিল। নগৰ আৰু গাৱঁত দিনটোত পাঁচবাৰ নামাজ আৰু সপ্তাহত ধৰ্মোপদেশৰ কাৰণে ব্য়ৱস্থা কৰা হৈছিল। 


Type⭐ Nayan Moni Deka(নয়ন মনি ডেকা )

Answer by Ali rani Kakati 



Post ID : DABP006436


Important Question Answers 


১) টাবাৰীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  টাবাৰীয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল তাৰিখ ।


৩) আৰৱৰ এটা অঘৰী জনজাতিৰ নাম লিখা ।

উত্তৰঃ  আৰৱৰ এটা অঘৰী জনজাতিৰ নাম হল বেদুইনসকল । 


৪) হিজৰী চনটো কাৰ দিনত প্ৰৱৰ্তন কৰা  হয় ।

উত্তৰঃ  হিজৰী চনটো খলিফা ওমৰৰ দিনত প্ৰৱৰ্তন কৰা হয় । 


৫) কিমান খ্ৰীঃত হজৰত মহম্মদৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ৬৩২ খ্ৰীঃত হজৰত মহম্মদৰ মৃত্যু হৈছিল । 


৬) প্ৰথম ধৰ্মযুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১১৮৭ খ্ৰীঃত প্ৰথম ধৰ্মযুদ্ধ হৈছিল । 


৭) ইউক্লিডে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ ইউক্লিডে লিখা গ্ৰন্থখনৰ নাম হল এলিমেন্টচ । 


৮) কিমান খ্ৰীঃত মঙ্গোলসকলে বাগদাদ জয় কৰে ।

উত্তৰঃ ১২৫৮ খ্ৰীঃত মঙ্গোলসকলে বাগদাদ জয় কৰে ।


৯) ন-পাৰ্চী ভাষাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় ।

উত্তৰঃ  ছামানীদ ৰাজকবি ৰোদাকীক ন-পাৰ্চী  ভাষাৰ পিতৃপুৰুষ বুলি কোৱা হয় । 


১০) আলবেৰুণীৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল ।

উত্তৰঃ  আলবেৰুণীৰ বিখ্যাত গ্ৰন্থখনৰ নাম হল তহকিক-মালিল-হিন্দ । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer type  Ali rani Kakati