পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য (Changing Cultural Traditions) | অধ্যায় ৭ | Lesson 7 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী ড° অজিত কুমাৰ দত্ত | High Secondary First Year History Notes 


অধ্যায় ৭

পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

অনুশীলনী 

১। অতি চমু উত্তৰ লিখা ঃ

(ক) ১৪-১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনক কি বুলি কোৱা হৈছিল?

উত্তৰঃ ১৪-১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনক ৰেঁনেছাঁ বুলি কোৱা হয়।  


(খ) ফ্ল'ৰেন্সত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

 উত্তৰঃ ফ্ল'ৰেন্সেত বিশ্ববিদ্য়ালয় ১৩৪৯ খ্ৰীঃত স্থাপিত হৈছিল।


(গ) ইউৰোপৰ 'নতুন যুগ' কেতিয়াৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়?

উত্তৰঃ ইউৰোপৰ 'নতুন যুগ' চতুৰ্দ্দশ শতিকাৰ পৰা আৰম্ভ হৈছিল। 


(ঘ) The Last Supper ছবিখন কোনে আঁকিছিল?

উত্তৰঃ The Last Supper ছবিখন লিওনাৰ্ডো ডা ভিন্সিয়ে আঁকিছিল।   


(ঙ) 'আল্মাজেষ্ট' নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন?

উত্তৰঃ 'আল্মাজেষ্ট' নামৰ গ্ৰন্থখন টলেমীৰে ৰচনা কৰিছিল। 


(চ) নিক'ল মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ নিক'ল মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ'ল The prince।


(ছ) যাজকসকলে কি পত্ৰ বিক্ৰী কৰি পাপ ক্ষয় কৰাৰ ব্যৱস্থা কৰিছিল?

উত্তৰঃ যাজকসকলে পাপমোচন পত্ৰ বিক্ৰী কৰি পাপ ক্ষয় কৰাৰ ব্য়ৱস্থা কৰিছিল।  


(জ) ৰোমৰ প্ৰথম সম্ৰাট কোন আছিল?

উত্তৰঃ ৰোমৰ প্ৰথম সম্ৰাট আছিল পোপ। 


(ঝ) যীশুসমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ যীশুসমাজ ১৫৪০ খ্ৰীঃত প্ৰতিষ্ঠা হৈছিল। 


(ঞ) পেৰিচৰ একাডেমী অৱ চায়েন্স কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৬৭৩ খ্ৰীঃত।


(ট) জাৰ্মানীত কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

উত্তৰঃ ১৫২৫ খ্ৰীঃত।


২। চমুকৈ উত্তৰ দিয়া ঃ


১। চতুৰ্দ্দশ আৰু পঞ্চদশ শতিকাত গ্ৰীক আৰু ৰোমান সংস্কৃতিৰ কেনেবোৰ উপাদান পুনৰ উজ্জীৱীত হৈছিল?

উত্তৰঃ সামন্তবাদী সম্পৰ্কই ইউৰোপক নতুনকৈ গঢ় দিছিল। আৰু লেটিন গীৰ্জাই ইয়াক একত্ৰিত কৰিছিল। ইয়াৰ কাৰণে চতুৰ্দ্দশ আৰু পঞ্চদশ শতিকাত গ্ৰীক আৰু ৰোমান সংস্কৃতিৰ  উপাদান পুনৰ উজ্জীৱীত হৈছিল । 


২। এই সময়ছোৱাত ইটালীয়ান আৰু ইছলামী স্থপতিৰ মাজত পুংখানুপুংখভাৱে তুলনা কৰা।

উত্তৰঃ দ্বাদশ শতিকাৰ পৰা বিকল্প পথেদি মঙ্গোল বিলাকে চীনৰ লগত বাণিজ্য় বৃদ্ধি হোৱাত ইটালীয়ান নগৰ বিলাকে গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেই কাৰণে ইটালীয়ান আৰু ইছলামী স্থপতিৰ মাজত পুংখানুপুংখভাৱে তুলনা কৰা হৈছিল।  


৩। কিয় ইটালীয়ান নগৰবিলাক প্ৰথমে মানৱতাবাদৰ আদৰ্শই স্পৰ্শ কৰিছিল?

উত্তৰঃ ইটালীৰ নগৰবিলাকে প্ৰথমে মানৱতাবাদৰ আদৰ্শই স্পৰ্শ কৰিছিল কাৰণ 

    ইছলামে সুদূৰ পশ্চিমলৈ এক উমৈহতীয়া সভ্য়তাৰ পাতনি মেলা সময়ত ইটালীৰ দুৰ্ব্বল আৰু বিভক্ত হৈ আছিল। 


৪। ভেনেচিয়াৰ সুপ্ৰশাসনীয় আদৰ্শক সমসাময়িক ফ্ৰান্সৰ চৰকাৰৰ লগত তুলনা কৰা?

উত্তৰঃ


৫। সামন্তবাদী ব্যৱস্থা বুলিলে কি বুজা লিখা।

উত্তৰঃ সামন্তবাদী ব্য়ৱস্থা মধ্য় যুগত ইউৰোপত প্ৰচলিত ৰাজনীতি, অৰ্থনীতি, আৰু সামাজিক সম্পৰ্কবোৰক বুজাবলৈ ইতিহাসবিধসকলে সামন্তবাদ শব্দটো ব্য়ৱহাৰ কৰিছিল। সামন্তবাদ মধ্য়যুগত ফ্ৰান্স আৰু পিছত ইংলেণ্ড আৰু দক্ষিণ ইটালীত গঢ় লোৱা সমাজখনৰ কথা কোৱা হৈছে। 


৬। প্ৰটেষ্টাণ্ট আন্দোলন বুলিলে কি বুজা? এই আন্দোলন নেতৃত্ব কোনে দিছিল লিখা।

উত্তৰঃ ভগৱানৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ পুৰোহিতৰ প্ৰয়োজন নাই। তেওঁৰ অনুগামী সকলক ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ উপদেশ দিছিল। সেই আন্দোলনক প্ৰটেষ্টান্ট আন্দোলন বোলা হয়।

    প্ৰটেষ্টান্ট আন্দোলনৰ নেতৃত্ব ভিক্ষু মাৰ্টিন লুথাৰে দিছিল। 


 ৩। ৰচনাধৰ্মী প্ৰশ্ন


৭। মানৱতাবাদী আদৰ্শৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ ১৯ শতিকাত ইতিহাসবিদ সকলে নতুন সংস্কৃতি আৰু জ্ঞানেই মানৱতাবাদ শব্দটো উদ্ভাৱন কৰিছিল। যি সকল পণ্ডিতে কবিতা, ব্য়াকৰণ, ইতিহাস, অলংকাৰ শাস্ত্ৰ, আৰু নীতিদৰ্শনৰ বিষয়ে জ্ঞান দিছিল সেই লোকসকলকে মানৱতাবাদী বুলি কোৱা হয়। 

মানৱতাবাদী আৰ্দশৰ বৈশিষ্ট্য়বোৰ আছিলঃ 

১) মানুহৰ জীৱনৰ ওপৰত ধৰ্মৰ প্ৰভাৱ দুৰ্বল হৈ পৰিছিল।

২) মানৱতাবাদী সকলৰ মতে মানুহ ভেদে মানুহৰ প্ৰকৃতিৰ বেলেগ আছিল। 

৩) মানৱতাবাদী সকলে সকলোৰ লোকৰ বিষয়ে স্বাধীনতা আৰু অধিকাৰ সপক্ষে মত পোষণ কৰিছিল।   


৮। ১৭ শতিকাৰ ইউৰোপীয় সকলৰ মনত কেনেকৈ পৃথিৱীখন আগৰ তুলনাত বেলেগ হিচাপে ধৰা দিছিল সেই বিষয়ে এটা বিশ্লেষণাত্মক টোকা লিখা ।

উত্তৰঃ ১৭ শতিকাত ইউৰোপীয় সকলৰ মনত পৃথিৱীখন আগৰ তুলনাত বেলেগ হিচাপে ধৰা দিছিল সেই বিষয়ে তলত উল্লেখ কৰা হ'ল-

    চতুৰ্দ্দশ শতিকাৰ পৰা ১৭ শতিকাৰ শেষলৈ ইউৰোপৰ বিভিন্ন দেশত নগৰবোৰ গঢ় দি উঠিছিল। নগৰৰ বাসিন্দা সকলে নিজকে গাঁৱৰ লোকতকৈ অধিক সভ্য় বুলি ভাৱিছিল। ফ্ল'ৰেঞ্চ, ৰোম আৰু ভেনিচ এইবোৰ শিক্ষাৰ সংস্কৃতিৰ কেন্দ্ৰ হৈ পৰিছিল। সেই সময়তে দূৰ-দূৰণিৰ মানুহৰ বাবে ছপাশালৰ আৱিষ্কাৰে কিতাপ-পত্ৰ ক্ষেত্ৰত সহজ কৰি তুলিছিল। ইউৰোপৰ ইতিহাস লিখা আৰু মানুহে তেওঁলোকক আধুনিক বিশ্বক গ্ৰীক আৰু ৰোমান সকলক 'প্ৰাচীন বিশ্ব'ৰ লগত তুলনা কৰিছিল। 

    ১৮৬০ খ্ৰীঃত লিওপল্ড ভন ৰেংকেৰ The civilization of the renaissance in Italy নামৰ গ্ৰন্থৰ খন লিখিছিল আৰু সেই গ্ৰন্থখনত স্থাপত্য়, সাহিত্য়, আৰু চিত্ৰকলাৰ বিষয়ে লিখিছিল। তেওঁ বুজায় দিছিল যে; কেনেকৈ নতুন মানবতাবাদী সংস্কৃতি চতুৰ্দ্দশ আৰু ১৭ শতিকাৰ ভিতৰত ইটালীৰ নগৰবোৰ প্ৰস্ফূতিত হৈছিল। ইয়াৰ কাৰণ হ'ল ব্য়ক্তি হিচাপে মানুহে নিজেই সিদ্ধান্ত ল'বৰ পাৰিছিল আৰু নিজৰ ব্য়ুৎপত্তি বৃদ্ধি কৰিবৰ কাৰণে সমৰ্থ হৈছিল।তেওঁ মধ্য়যুগীয় লোকসকলৰ তুলনাত আধুনিক আছিল ইয়াৰ কাৰণ আছিল তেওঁলোকৰ ভাৱ চিন্তাক গীৰ্জাই নিয়ন্ত্ৰণ কৰিছিল। 


৯। বিজ্ঞান আৰু দৰ্শন চৰ্চাতা আৰৱসকলৰ অৱদান নিৰ্ণয় কৰা।

উত্তৰঃ বিজ্ঞান আৰু দৰ্শন চৰ্চাত আৰৱসকলৰ অৱদান আছিলঃ

    মধ্য়যুগৰ ভিক্ষু আৰু যাজকসকল গ্ৰীক আৰু ৰোমান লিখনিসমূহৰ লগত পৰিচিত আছিল। ১৪ শতিকাত বহুতো পণ্ডিতে প্লেটো আৰু এৰিষ্টটোলৰ দৰে পণ্ডিতৰ অনুবাদ গ্ৰন্থবোৰ অধ্য়য়ন কৰিবলৈ লৈছিল। তাৰ বাবে তেওঁলোকে নিজ বেশৰ বাহিৰত আৰৱ অনুবাদকৰ ওপৰত নিৰ্ভৰ কৰিছিল। আৰৱসকলে এৰিষ্টটোল আৰু প্লেটোৰ পাণ্ডুলিপি সংৰক্ষণ কৰিছিল। 

    গ্ৰীকসকলে আৰবী আৰু পাৰ্চী পণ্ডিতৰ লেখনি পঢ়ি অন্য়ান্য় ইউৰোপীয় লোকসকলৰ বিষয়ে জানিব পাৰিছিল। সেই গ্ৰন্থবোৰ আছিল গণিত, প্ৰাকৃতিক বিজ্ঞান, ৰসায়ন বিজ্ঞান, জ্য়োতিৰ্বিদ্য়া, আৰু ভেষজ বিজ্ঞান। অলবাফ আছিল চিকিৎসা বিশ্বকোষৰ গ্ৰন্থকাৰ। মানৱতাবাদীসকল বিভিন্ন উপায়েৰে ৰাইজৰ লগত সোমাই পৰিছিল। মানৱতাবাদী  বিষয়ে ইটালীৰ আৰু ইউৰোপীয় দেশৰ বিদ্য়ালয়ত প্ৰৱৰ্তন কৰা হৈছিল।

    সপ্তম শতিকাত বাইজেনটাইম আৰু চেচানীয়ান সাম্ৰাজ্য়ত গ্ৰীক সংস্কৃতিৰ দেখা পোৱা গৈছিল। গ্ৰীক দৰ্শন আৰু বিজ্ঞানৰ প্ৰভাৱত ইছলামী লোকসকলে ভগৱান আৰু বিশ্ব-ব্ৰহ্মাণ্ডৰ বিকল্প ধাৰণাৰ উদ্ভাৱন কৰিছিল। আলেকজেন্দ্ৰাীয়া, মেছোপটেমীয়া, আৰু চিৰিয়াত আলেকজেণ্ডাৰৰ সাম্ৰাজ্য়ৰ অন্তৰ্ভূক্ত আছিল। এৰিষ্টটোলৰ লিখনি ইউক্লিদৰ 'এলিমেন্টচ' আৰু টলেমীৰ আলমাগেষ্টে আৰবী পণ্ডিত সকলক আকৰ্ষণ কৰিছিল। সেই সময়ত গণিত, জ্য়োতিৰ্বিজ্ঞান আৰু ঔষধ বিজ্ঞানৰ পুথিও আৰবী ভাষালৈ অনুবাদ কৰিছিল। এইবোৰ পণ্ডিতে ইউৰোপতো দৰ্শন আৰু বিজ্ঞান চৰ্তাত উদগনি যোগাইছিল। ইবন চিনা আছিল বৃত্তিত এজন চিকিৎসক আৰু দাৰ্শনিক। তেওঁ মৃতকৰ পুনৰজীৱন লাভ কৰা কথাটো বিশ্বাস কৰা নাছিল। সেই কাৰণে তেওঁ ধৰ্মতত্ববিদ সকলৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। 


১০। ৰেনছাঁ'ৰ অৰ্থ কি? ১৪ শতিকাত ইউৰোপত ৰেনেছাঁ' হৈছিলনে?

উত্তৰঃ ৰেনেছাঁ অৰ্থ হ'ল পুনৰ জন্ম। ১৯ শতিকাৰ পৰা ইতিহাসবিদ সকলে ১৪ পৰা ১৫ শতিকাৰ সাংস্কৃতিক পৰিৱৰ্তনকে ৰেনেছাঁ বুলি কৈছিল। 

    পীটাৰ বাৰ্কৰ মতে ৰেনেছাঁ হ'ল গ্ৰীক আৰু ৰোমান সভ্য়তাই এই সময়ত পূনৰ জন্মলাভ কৰাকে বুজাই। সেই সময়ত শিল্পী আৰু পণ্ডিত সকলে খ্ৰীষ্টানক বিশ্ব দৃষ্টিৰ সলনি প্ৰাক্-খ্ৰীষ্টান দৃষ্টিভঙ্গীৰ প্ৰচাৰ কৰিছিল। আগৰ শতিকাৰবোৰত পণ্ডিত সকলে ৰোমান আৰু গ্ৰীক সংস্কৃতিৰ বিষয়ে জানিছিল। ধৰ্মই মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। ইটালীৰ ৰেনেছাঁ লগত জড়িত থকা বহুতো উপাদানৰ উৎস দ্বাদশ আৰু এয়োদশ শতিকাত পোৱা গৈছিল। 

    গ্ৰীচ আৰু ৰোমৰ সাহিত্য়ৰেই ইউৰোপৰ সাংস্কৃতিক পৰিৱৰ্তনত হাত নাছিল। ৰোমান সংস্কৃতিৰ আৰু সাহিত্য়িক পুনৰদ্ধাৰে সভ্য়তাৰ প্ৰতি মানুহক অনুৰক্ত কৰিছিল। বিশ্বৰ বেছিভাগ ডাঙৰ ডাঙৰ ঠাই পৰস্পৰে বান্ধখাই পৰিছিল। জাহাজ চলাচলৰ নতুন কৌশলে মানুহক আগতকৈ বহু বেছি দূৰলৈ যাত্ৰা কৰাত সহায় কৰিছিল। ইউৰোপীয়ান সকলে কেৱল গ্ৰীক আৰু ৰোমানৰ পৰাই নহয় তেওঁলোকে ইৰাণ, ভাৰত, মধ্য় এছিয়া, আৰৱ আৰু চীনৰ পৰাও শিকিছিল। এই ঋণৰ কথা ইউৰোপীয়সকলে বহুৰ দিনলৈ প্ৰকাশ নকৰাকৈ আছিল। কাৰণ সেই সময়ত ইতিহাস ৰচনা কৰিবলৈ লোৱা হৈছিল। 

    সেই সময়ত গুৰুত্বপূৰ্ণ  ঘটনা হ'ল 'ব্য়ক্তিগত' আৰু 'ৰাজহুৱা', এই দুটা দিশ মানুহৰ জীৱনত পৃথক হ'বলৈ ধৰিলে। ব্য়ক্তিগতৰ দিশটো হ'ল- পৰিয়াল আৰু ব্য়ক্তিগত ধৰ্ম আৰু ৰাজহুৱা দিশটো হ'ল- চৰকাৰ আৰু আনুষ্ঠানিক ধৰ্মৰ মানুহৰ ওপৰত প্ৰভাৱ। এজন শিল্পী এক গীল্ডৰ সদস্য়ই নহয়, তেওঁ নিজাৰ চিনাকিও থাকে। 


৪। চমু টোকা লিখাঃ


১১। ক) নগৰ ৰাষ্ট্ৰ

উত্তৰঃ নগৰ ৰাষ্ট্ৰঃ পশ্চিম ৰোম সাম্ৰাজ্য় পতনৰ পিছত ইটালীৰ ৰাজনৈতিক আৰু সাংস্কৃতিক আগবঢ়াত বহুতো নগৰ পতন ঘটিছিল। তাত কোনো ধৰণৰ উমৈহতীয়া শক্তিশালী চৰকাৰ নাছিল।  ৰোমত পোপ নিজ ৰাজ্য়ৰ মুৰব্বী আছিল যদিও ৰাজনৈতিকভাৱে শক্তিশালী নাছিল। দ্বাদশ শতিকাৰ পৰা বিকল্প পথেদি মঙ্গোল বিলাকে চীনৰ লগত বাণিজ্য় সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল। পশ্চিম ইউৰোপৰ দেশবিলাকৰ লগত বাণিজ্য় বৃদ্ধি হোৱাত ইতালীৰ নগৰবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোক এতিয়া স্বাধীন নগৰ ৰাষ্ট্ৰহিচাপে আগবাঢ়িছিল। ইয়াৰ ভিতৰত দুখন গণতন্ত্ৰ হ'ল- ফ্ল'ৰেন্স আৰু ভেনিচ। বাকীবোৰ ৰাজকুমাৰশাসিত নগৰ আছিল। ভেনিচ আৰু জেনোৱা আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ নগৰ।

    কাৰ্ডিনেল গেছপাৰো কন্টাৰিনিয়ে তেওঁ 'The commonwealth and government of venice' ১৫৩৪ খ্ৰীঃত তেওঁৰ নগৰ ৰাষ্ট্ৰখনৰ গণতান্ত্ৰিক চৰকাৰৰ বিষয়ে লিখিছিল। ভেনেচিয়ান ৰাষ্ট্ৰমণ্ডল বিষয়ে কৈছিল, নগৰখন সকলো কৰ্তৃত্ব পৰিষদৰ ওপৰত ন্য়স্ত আছিল। যি সকল নাগৰিকৰ হাতত ৰাষ্ট্ৰমণ্ডলৰ ক্ষমতা ন্য়স্ত নাছিল। তেওঁলোকৰ লগত সাধাৰণ মানুহ চামিল হ'ব নালাগে। তেওঁলোকৰ পৰস্পৰৰ মাজত মতৰ মিল থকা নাছিল। সকলো ব্য়ক্তিয়ে ভাবিছিল যে তেওঁ মতটোৱেই শুদ্ধ। 

    ইয়াৰ ফলত সাধু নাগৰিকসকল আৰু উদাৰ পৰিৱেশত ডাঙৰ হোৱা লোকসকল দুখীয়া হৈ আহিছিল। সেই কাৰণে জ্ঞানী উপৰিপুৰুষ সকলে কৈছিল যে এনে ধৰণৰ শাসনৰ ঠাইত সম্পত্তিৰ বিবেচনা পৰিৱৰ্তে অভিজাত সকলে গঠন কৰা শাসন ব্য়ৱস্থা হ'ব লাগে।   


খ) লিওনাৰ্ডো ডা ভিন্সি

উত্তৰঃ লিওনাৰ্ডো ডা ভিন্সিঃ লিওনাৰ্ডো ডা ভিন্সিয়ে উদ্ভিদবিদ্য়া আৰু দেহতত্ত্বৰ পৰা কলা আৰু গণিতলৈকে বহুতো বিষয়ত আচৰিত ব্য়ুৎপত্তিতা লাভ কৰিছিল। তেওঁৰ বিখ্য়াত ৰঙীন চিত্ৰ খনৰ নাম আছিল 'মনালিচা' আৰু 'লাষ্ট চাপাৰ'। লিওনাৰ্ডোৰ এটা সপোন আছিল আৰু তেওঁ সেই সপোনটো হ'ল আকাশত উৰা। তেওঁ উৰি যোৱা চৰাইবোৰৰ ওপৰত বহু বছৰ ধৰি পৰ্যবেক্ষণ কৰিছিল। তেওঁ সেই চৰাইবোৰৰ ওপৰত পৰ্যবেক্ষণ কৰা ফলত লিওনাৰ্ডো ডা ভিন্সিয়ে এটা উৰণ যন্ত্ৰ তৈয়াৰ কৰিছিল।

    ৰঙীন চিত্ৰ শিল্পীসকলৰ আৰ্হি হিচাপে লব কাৰণে তেওঁলোক প্ৰাচীন আৰ্হি নাছিল। কিন্তু তেওঁলোকে ভাস্কৰ সকলৰ দৰে বাস্তৱিক চিত্ৰ অংকন কৰিছিল। জ্য়ামিতিৰ জ্ঞানে তেওঁলোকক চিত্ৰ অংকন কৰাত সহায় কৰে। শিল্পীসকলে অবিকল মূৰ্ত্তি নিৰ্মাণৰ বাবে কৰা । যত্নত বিজ্ঞানীসকলে সহায় কৰিছিল।  মানৱতাই মানুহৰ মানসিক অৱস্থাৰ গঢ় দিছিল। ইয়াত কেৱল আনুষ্ঠানিক শিক্ষাৰেই অৱদান নাছিল। স্থাপত্য়, কলা আৰু গ্ৰন্থই মানৱতাবাদী ভাৱধাৰা অতি ফলপ্ৰসু আহিলা হিচাপে কাম কৰিছিল। 


গ) ১৫ শতিকাৰ স্থাপত্য

উত্তৰঃ ১৫ শতিকাৰ স্থাপত্য়ঃ ১৫ শতিকাত নগৰৰ পুনৰুত্থান ঘটিছিল। ১৪১৭ খ্ৰীঃৰ পৰা পোপ সকলে ৰাজনৈতিক ভাৱে শক্তিশালী হৈ উঠিছিল। ইয়াৰ কাৰণ, ১৩৭৮ খ্ৰীঃৰ পৰা চলি অহা দুজন পৰস্পৰ বিৰোধী পোপৰ নিৰ্বাচন ব্য়ৱস্থাৰ অন্ত পৰাত সেই ব্য়ৱস্থাই সৃষ্টি কৰা পোপৰ দুৰ্বলতাও অন্ত পৰিছিল। পোপ সকলে ৰোমৰ ইতিহাস অধ্য়য়নৰ ওপৰত গুৰুত্ব দিছিল। তেওঁলোকে প্ৰত্নতত্ব নামৰ এটা নতুন বিষয় অধ্য়য়ন আৰম্ভ কৰিছিল। প্ৰত্নতত্বই নতুন নিৰ্মাণ শৈলীৰ উদ্ভাৱনত প্ৰেৰণা যোগালে আৰু সেই শৈলীটো নাম হ'ল শাস্ত্ৰীয় (Classical) স্থাপত্য়।

    সদাগৰ, বিত্তবান, পোপ আৰু অভিজাতসকলে শাস্ত্ৰীয় স্থপতিত সিদ্ধহস্ত স্থপতিবিদক নিয়োগ কৰিলে। মাইকেল এঞ্জেলো বুৱনাৰুটি (Michel angelo Buonarroti) আছিল এজন সব্য়বাচী। চিষ্টাইন চেপেলৰ চিলিংখনত কৰা ৰঙীন চিত্ৰাংকন 'পাইতা' নামৰ ভাস্কৰ্য্য় আৰু চেইন্ট পীটাৰ্চ গীৰ্জাৰ গম্বুজৰ ৰূপাংকনে তেওঁক অমৰ কৰি ৰাখিছিল। এতিয়াৰ পৰা শিল্পকৰ্মী সকল ব্য়ক্তিগতভাৱে জনাজাত হৈছিল। তেওঁলোক নিজ নামেৰে পৰিচিত হৈছিল।

ঘ) কপাৰনিকাচ বিপ্লৱ

উত্তৰঃ কপাৰনিকাচ বিপ্লৱঃ  কপাৰনিকাচ এগৰাকী বৈজ্ঞানিক আৰু দাৰ্শনিক পণ্ডিত আছিল। কপাৰনিকাচে গ্ৰহবোৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বিশ্বাস কৰা নাছিল। তেওঁ প্ৰমাণ কৰি ঘোষণা কৰিছিল যে সূৰ্য্য়ক কেন্দ্ৰ কৰি পৃথিৱীৰ আৰু ইয়াৰ গ্ৰহবোৰ সূৰ্য্য়ৰ চাৰিওফালে ঘূৰে। মাৰ্টিন লুথাৰৰ সমসাময়িক কপাৰনিকাচৰ ফলত ইউৰোপৰ বিজ্ঞান চৰ্চাৰ দিশত পৰিৱৰ্তন ঘটে। খ্ৰীষ্টান সকলে বিশ্বাস কৰিছিল যে পৃথিৱীৰখন পাপৰ থলি আৰু পাপৰ ভাৰে ইয়াৰ স্থিতিশীল লৰ-চৰ কৰিব নোৱাৰা কৰি ৰাখিছিল। 

    কপাৰনিকাচে সেই কাৰণে এখন গ্ৰন্থ উল্লেখ কৰিছিল আৰু সেই গ্ৰন্থ পাণ্ডুলিপি খনৰ নাম De revolutionibu আছিল।  তেওঁৰ মৃত্যু শয্য়াত কপাৰনিকাচে এই পাণ্ডুলিপি জোৱাচিম ৰেটিকাচ তেওঁ বিশ্বৰ অনুগামী আছিল। সেই পাণ্ডুলিপি খন তেওঁ হাতত অৰ্পণ কৰিছিল। তেওঁৰ সূত্ৰ মানুহে অতি সহজে গ্ৰহণ কৰি ল'ব পৰা নাছিল। পৃথিৱীৰ সূৰ্য্য়কেন্দ্ৰীক ব্য়ৱস্থাৰ এক অংশ। সেই সূত্ৰ কেপলাৰে তেওঁৰ Cosmographical Mystery যোগে জনপ্ৰিয় কৰিছিল। 


Type: Nayan Moni Deka 


Post ID : DABP006474


Important Question Answers 


১) কিমান চনত ফ্লৰেন্সত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । 

উত্তৰঃ ১৩৪৯ চনত ফ্লৰেন্সত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । 


২) প্ৰথম ছপাযন্ত্ৰ নিৰ্মাতা বিজ্ঞানীজনৰ নাম কি ।

উত্তৰঃ  প্ৰথম ছপাযন্ত্ৰ নিৰ্মাতা বিজ্ঞানীজনৰ নাম হল জোহানেছ গুটেনবাৰ্গ । 


৩)  মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল The Prince . 


৪) প্ৰথম ৰোমান সম্ৰাটজনৰ নাম কি আছিল ।

উত্তৰঃ  প্ৰথম ৰোমান সম্ৰাটজনৰ নাম হল কনষ্টেনটাইন । 


৫) কিমান চনত জাৰ্মানীত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল ।

উত্তৰঃ  ১৫২৫ চনত জাৰ্মানীত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল । 


৬) পেৰিচত কেতিয়া একাডেমী অৱ চায়েন্স স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৬৭৩ চনত পেৰিচত একাডেমী অৱ চায়েন্স স্থাপন কৰা হৈছিল । 


৭) কিমান চনত মাৰ্টিন লুথাৰে ৯৫ টা প্ৰৱন্ধ লিখিছিল ।

উত্তৰঃ ১৫১৭ চনত মাৰ্টিন লুথাৰে ৯৫ টা প্ৰৱন্ধ লিখিছিল । 


৮) যীশু সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ  স্পেইনৰ ইগ্নেচিয়াছ লয়'লাই যীশু সমাজ প্ৰতিষ্ঠা কৰিছিল । 


৯) কোনে গ্ৰেগৰীয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে ।

উত্তৰঃ পোপ ত্ৰয়োদশ গ্ৰেগৰীয়ে গ্ৰেগৰীয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে । 


১০এজন বিখ্যাত জ্যোতিবিজ্ঞানীৰ নাম লিখা ।

উত্তৰঃ  এজন বিখ্যাত জ্যোতিবিজ্ঞানীৰ নাম হল জোহানচ  কেপলাৰ । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answer type  Ali rani Kakati