পোহৰঃ প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ | Chapter 10 | অধ্যায়  ১০| Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | Class viii Science Question And Answer Assam Jatiya Bidyalay | Class 8 science Suggestion Jatiya Bidyalay | Class 8 science Notes Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞান | অসম জাতীয় বিদ্যালয় | অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পোহৰঃ প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ পাঠটো প্ৰশ্ন আৰু উত্তৰ ।

অধ্যায়  ১০

পোহৰঃ প্ৰতিফলন, প্ৰতিসৰণ আৰু বৰণ

1. আমি পােহৰ দেখা পাওঁনে ? আমি বস্তুবিলাক কেতিয়া দেখা পাওঁ  ?

উত্তৰঃ পোহৰক আমি নেদেখোঁ, কিন্তু বস্তুত পোহৰ পৰিলে আমি বস্তুবোৰ দেখা পাওঁ।


2. দীপ্তিমান আৰু অদীপ্তিমান বস্তু কাক বােলে ? 

উত্তৰঃ নিজস্ব পোহৰ থকা বস্তুক দীপ্তিমান বস্তু বোলে আৰু নিজস্ব পোহৰ নথকা বস্তুক অদীপ্তিমান বস্তু বোলে।


 3. অদীপ্তিমান বস্তুক আমি কেতিয়া দেখা পাওঁ ? 

উত্তৰঃ অদীপ্তিমান বস্তুত পোহৰ পৰিলে কম বেছি পৰিমাণে পোহৰ উভতি আহে বা প্ৰতিফলিত হয়। তেতিয়া আমি অদীপ্তিমান বস্তুবোৰ দেখা পাওঁ।


4. বিন্দু - প্রভৱ কাক বােলে ? 

উত্তৰঃ বিন্দুসদৃশ পোহৰৰ উৎসক বিন্দু-প্ৰভৱ বোলে।


5. পােহৰৰ স্বাভাৱিক আৰু কৃত্রিম উৎসৰ তিনিটাকৈ নাম লিখা ? 

উত্তৰঃ পোহৰৰ স্বাভাৱিক উৎসৰ তিনিটা নাম হৈছেঃ জোনাকী পৰুৱা, সূৰ্য আৰু তৰা।

পোহৰৰ কৃত্ৰিম উৎসৰ তিনিটা নাম হৈছেঃ মমশিখা, লেম্প আৰু বৈদ্য়ুতিক বাল্ব।


 6. আলােকীয় মাধ্যম কাক বােলে ? 

উত্তৰঃ বায়ু, পানী, কাচ আদি যিবোৰ স্বচ্ছ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যায় তাকে আলোকীয় মাধ্য়ম বোলে।


 7. সূত্র লিখা

ক ) পােহৰৰ বিম বা ৰশ্মিপুঞ্জ আৰু পােহৰৰ পেঞ্চিল ।

উত্তৰঃ পোহৰৰ বিম বা ৰশ্মিপুঞ্জঃ পোহৰৰ সমান্তৰাল ৰশ্মিক পোহৰৰ বিম বা ৰশ্মিপুঞ্জ বোলা হয়।

পোহৰৰ পেঞ্চিলঃ ঠেক ৰশ্মিপুঞ্জক পোহৰৰ পেঞ্চিল বোলা হয়। 

 খ ) অভিসাৰী আৰু অপসাৰী বিম বা পােহৰ ।

উত্তৰঃ অভিসাৰী বিম বা পোহৰঃ পোহৰৰ সমষ্টিটো এটা বিন্দুত মিলিত হ'লে অথবা মিলিত হোৱা যেন লাগিলে, তেনে পোহৰক অভিসাৰী বিম বা পোহৰ বোলা হয়।

অপসাৰী বিম বা পোহৰঃ পোহৰৰ ৰশ্মিবোৰ পৰস্পৰৰপৰা আঁতৰি পৰিলে, তেনে পোহৰক অপসাৰী বিম বা পোহৰ বোলা হয়।


 8. পােহৰ পাতল মাধ্যমৰপৰা ঘন মাধ্যমত পৰিলে কি কি হয় চিত্র আঁকা । 

উত্তৰঃ 



 9. এটা চিত্র আঁকি আপতিত ৰশ্মি , প্রতিফলিত ৰশ্মি , অভিলম্ব , আপতন কোণ , প্রতিফলিত কোণ আৰু প্রতিসৰণ কোণ দেখুওৱা । 

উত্তৰঃ 


(1) আপতিত ৰশ্মি

(2) প্ৰতিফলিত ৰশ্মি

(3) অভিলম্ব

(4) আপতন কোণ

(5) প্ৰতিসৰণ কোণ


10. ক ) স্বচ্ছ পদাৰ্থত পােহৰ পৰিলে প্রতিফলন আৰু প্ৰতিসৰণ এই দুটা পৰিঘটনাৰ কোনটো বেছি হয় ? 

উত্তৰঃ স্বচ্ছ পদাৰ্থত পোহৰ পৰিলে প্ৰতিসৰণ পৰিঘটনাটো বেছি হয়।

 খ ) প্রতিফলনৰ নিয়ম বা বিধি দুটা লিখা । 

উত্তৰঃ প্ৰতিফলনৰ নিয়ম বা বিধি দুটা হ'ল- 

(1) আপতিত ৰশ্মি, প্ৰতিফলতি ৰশ্মি আৰু আপতন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে।

(2) আপতন কোণ আৰু প্ৰতিফলন কোণ সমান।     

গ ) চিত্র আঁকি প্রতিফলনৰ বিধি দুটা ব্যাখ্যা কৰাঁ । 

উত্তৰঃ 



এখন প্ৰতিফলনৰ (TS) প্ৰথম পৃষ্ঠখনক প্ৰতিফলক বুলি ধৰা হয়। দাপোণৰ B বিন্দুত AB ৰশ্মি আপতিত হৈ BC দিশত প্ৰতিফলিত হৈছে। B আপতন বিন্দুত BN অভিলম্ব।

এতিয়া প্ৰথম সূত্ৰমতে আপতিত ৰশ্মি AB, প্ৰতিফলিত ৰশ্মি BC আৰু অভিলম্ব BN একেখন সমতলতে থাকে। এই ক্ষেতৰত কাগজখনেই হ'ল সমতল।দ্বিতীয় নিয়মমতে আপতণ কোণ ∠ABN = প্ৰতিফলন কোণ ∠CBN ।


11. পিন পদ্ধতিদ্বাৰা পােহৰৰ প্ৰতিফলনৰ নিয়ম দুটা প্রমাণ কৰাঁ ।

উত্তৰঃ 



প্ৰথমতে এখন বগা কাগজ পীৰাখনত ব'ৰ্ডপিন অথবা আঠাৰে লগোৱা হয়। তাৰ ওফৰত দাপোণখন ক্লিপ এটাৰে অথবা কিহবাত বান্ধি (যেনে, জুইশলা বাহত) থিয় কৰাই লোৱা হয়। দাপোণখনৰ স্থান সূচাবলৈ পেঞ্চিলেৰে এডাল আঁচ টানি (ST) টানি ল'ব লাগিব।

এতিয়াব'ৰ্ডখনৰ বাওঁপিনে হেলনীয়াকৈ পেঞ্চিলেৰে AB এডাল ৰেখা টানিলে ৰেখাডাল আফতিত ৰশ্মিৰ দিশ হ'ব। আঁকডালক ওফৰত দুটা পিন (1,2) থিয়কৈ পুতি সোঁপিনৰপৰা চালে পিন দুটাৰ প্ৰতিবিম্ব (1,' 2,' ) পিছপিনে দেখা য়াব। এতিয়া আন দুটা পিন (3, 4) প্ৰতিবিম্ব পিন দুটাৰ গুৰিৰ লগত একৰেখাত মিলাকৈ পোতা হয়। পিন দুটাৰ স্থানক (B, C) ৰেখাৰে সংলগ্ন কৰিলে ই প্ৰতিফলিত ৰশ্মি সূচাব। B বিন্দুত BN অভিলম্ব অঁকা হয়। প্ৰতিফলনৰ নিয়ম দুটা এনেকৈ প্ৰমাণ হ'ব- (1) আপতিত ৰশ্মি AB, প্ৰতিফলিত ৰশ্মি BC আৰু অভিলম্ব BN একেখন সমতলতে, অৰ্থাৎ, কাগজখনৰ ওপৰতে আছে। (2) কোণমান যন্ত্ৰৰে জুখিলে আপতিত কোণ ∠CBN পোৱা যায়।


 12. প্রতিবিম্ব কি ? 

উত্তৰঃ মুখচোৱা সমতলীয় দাপোCৰ সন্মুখত থকা প্ৰতিচ্ছবি দাপোণখনৰ পিছপিনে দেখা যায়। প্ৰতিফলিত পোহৰে দাপোণত প্ৰতিচ্ছবি গঠন কৰে। এনে প্ৰতিচ্ছবিক প্ৰতিবিম্ব বোলা হয়। 


 13. দিনৰ ভাগত অদীপ্তিমান বস্তুবােৰে প্রতিবিম্ব দাপােণত গঠন হ'বলৈ পােহৰ ক'ৰপৰা পায় ? 

উত্তৰঃ দিনৰ ভাগত অদীপ্তিমান বস্তুবোৰে প্ৰতিবিম্ব দাপোণত গঠন হ'বলৈ সূৰ্যৰ পৰা পোহৰ পায়।


14. এখন সমতলীয় দাপােণত বিন্দু - প্রভৱ এটা প্রতিবিম্ব কেনেকৈ গঠন হয় চিত্র আঁকি ব্যাখ্যা কৰাঁ । 

উত্তৰঃ 



M 1 M  এখন সমতলীয় দাপোণ। A বিন্দু-প্ৰভৱৰ পৰা পোহৰ চাৰিওপিনে বিচ্ছুৰিত হয়। তাৰ দাপোণত আপতিত হোৱা মাত্ৰ দুডাল ৰশ্মি লোৱৱা হৈছে। Aৰ প্ৰতিবিম্ব উলিয়াবলৈ এই দুডাল ৰশ্মিয়ে যথেষ্ট হ'ব। AO আৰু AO' আপতিত ৰশ্মি যথাক্ৰমে OB আৰু O'B' দিশত প্ৰতিফলিত হৈছে। ON আৰু O'N' আৰু যথাক্ৰমে O আৰু O' বিন্দুত অভিলম্ব। প্ৰতিফলনৰ নিয়ম অনুসৰি, আপতিত কোণ আৰু প্ৰতিফলিত কোণ সমান, ∠AON = ∠NOB আৰু ∠AO'N' = ∠N'O'B' ।

  মন কৰিবলগীয়া যে প্ৰতিফলিত ৰশ্মি OB আৰু O' B' ও চকুত অপসাৰী হৈ সোমায় আৰু পিছপিনে বঢ়াই দিলে ৰশ্মি দুডালে A' বিন্দুট কটাকটি কৰিব।

দাপোণখন নাথাকিলে ৰশ্মি দুডাল A বিন্দুৰপৰা আহে, কিন্তু দাপোণত প্ৰতিফলিত হোৱাৰ পিছত A ' বিন্দুৰপৰা অহা যেনহে লাগে। অৰ্থাৎ A বিন্দু এতিয়া A ' বিন্দুতহে থকা যেন লাগে। এনেদৰে A ' বিন্দু A বিন্দু-প্ৰভৱৰ প্ৰতিচ্ছবি বা প্ৰতিবিম্ব হৈ পৰে। 


15. সমতলীয় দাপােণত গঠন হােৱা প্রতিবিম্বৰ বৈশিষ্ট্যসমূহ কি কি ? |

উত্তৰঃ সমতলীয় দাপোণত গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্য়সমূহ হৈছে-

(1) প্ৰতিবিম্ব থিয় হয়, অৰ্থাৎ তলমুৰ তলফালে, ওপৰমূৰ ওপৰফালে থাকে।

(2) প্ৰতিবিম্ব সদায় অসৎ হয়, অৰ্থাৎ প্ৰতিবিম্বটো পৰ্দা এখনত পেলাব নোৱাৰি।

(3) দাপোণৰপৰা লক্ষ্য়বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান।

(4) প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য়বস্তুৰ আকাৰ সমান।


 16. পার্শ্বীয় বিলম্বন কি ?  

উত্তৰঃ সমতলীয় দাপোণত আমি সোঁহাত লৰালে প্ৰতিবিম্বই বাঁওহাত আু বাঁওহাত লৰালে প্ৰতিবিম্বই সোঁহাত লৰোৱা যেন লাগে। ইয়াকে পাৰ্শ্বীয় বিলম্বন বোলে।


1. ক ) গােলাকাৰ দাপােণ কি ? 

উত্তৰঃ  পৃষ্ঠ প্ৰতিফলিত কৰা দাপোণবোৰক গোলাকাৰ দাপোণ বুলি কোৱা হয়।


খ ) উত্তল আৰু অবতল দাপােণ কাক বােলে ? গোলাকৰ দাপােণ কি কামত ব্যৱহাৰ হয় ? 

উত্তৰঃ প্ৰতিফলক পিঠিখন উঠা হ'লে উত্তল দাপোণ আৰু দ হ'লে অবতল দাপোণ বোলে। গোলাকাৰ দাপোণ মুখ চাবলৈ, দূৰবীণ সাজিবলৈ আৰু আন বৈজ্ঞানিক যন্ত্ৰপাতি সাজিবলৈ ব্যৱহাৰ কৰা হয়। 

   

2. সূত্র লিখা । 

 ক ) ভাঁজকেন্দ্র , ভাজ ব্যাসার্ধ , ধ্রুৱ বিন্দু বা মেৰু , মুখ্য অক্ষ , ফ'কাছ বা নাভিবিন্দু , ফ’কাছ দৈর্ঘ্য , অসীম দূৰত্ব ।

উত্তৰঃ 

ক) ভাঁজকেন্দ্ৰঃ দাপোণখন যিটো গোলকৰ অংশ, সেই গোলকটোৰ কেনদ্ৰবিন্দুটোক দাপোণখনৰ ভাঁজকেন্দ্ৰ বোলে।

২) ভাজ ব্য়াসাৰ্ধঃ দাপোণখন যিটো গোলকৰ অংশ সেই গোলকটোৰ ব্য়াসাৰ্ধৰ দাপোণখনৰ ভাজ ব্যাসাৰ্ধ বোলে।

৩) ধ্ৰুৱ বিন্দু বা মেৰুঃ উত্তল বা অবতল দাপোণৰ মধ্য়বিন্দুটোক দাপোণৰ মেৰু বা ধ্ৰুৱ বিন্দু বোলে।

৪) মুখ্য় অক্ষঃ উত্তল বা অবতল দাপোণৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক দাপোণৰ মুখ্য অক্ষ বোলে।

৫) ফ'কাছ বা নাভবিন্দুঃ দাপোণত মুখ্য় অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি দাপোণৰ যি কোনো বিন্দুৰ পৰা প্ৰতিফলনৰ সুত্ৰমতে প্ৰতিফলিত হৈ মুখ্য় অক্ষৰ যি বন্দুত লগ লাগে, অথবা লগ লগা যেন লাগে, সেই বিন্দুটোক ফ'কাছ বিন্দু বোলে।

৬) ফ'কাছ দৈৰ্ঘ্যঃ ফ'কাছ আৰুমেৰুৰ মাজৰ দূৰত্বক ফ'কাছ দৈৰ্ঘ্য বোলে। ফ'কাছ দৈৰ্ঘ্য।

৭) অসীম দূৰত্বঃ সাধাৰণতে ফ'কাছ দৈৰ্ঘ্যতকৈ বহহুগুণে ডাঙৰ দূৰত্বক অসীম দূৰত্ব বুলি কোৱা হয়। প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত এনেদৰে ভবা হয়।

 খ ) মুখ্য অক্ষৰ সমান্তৰালভাৱে অবতল আৰু উত্তল দাপােণত পােহৰ আপতিত হলে পােহৰ ক'ত ফ’কাছ হয় বা হােৱা যেন লাগে চিত্র আঁকি দেখুওৱা । 


3. ক ) উত্তল বা অবতল দাপােণৰ ক্ষেত্ৰত ফ’কাছ দৈর্ঘ্য আৰু ভাঁজ ব্যাসার্ধৰ সম্বন্ধটো লিখা ।

 খ ) উত্তল আৰু অবতল দাপােণৰ ক্ষেত্ৰত প্রমাণ কৰা যে f = R/২ ।

উত্তৰঃ 


মুখ্য় অক্ষ CPৰ সমান্তৰালভাৱে দাপোণৰ N বিন্দুত AN ৰশ্মি আপতিত হৈ NF দিশত প্ৰতিফলিত হৈছে। C আৰু  F যথাক্ৰমে দাপোণৰ ভাঁজকেন্দ্ৰ আু ফ'কাছ। CN দাপোণৰ ভাঁজ ব্য়াসাৰ্ধ, অৰ্থাৎ CN = R দাপোণৰ N বিন্দুত ই অভিলম্ব। তাৰোপৰি PF = f, দাপোণৰ প'কাছ দৈৰ্ঘ্য়।

  এতিয়া প্ৰতিফলনৰ বিধিমতে N বিন্দুত ∠ANC = ∠CNF । আকৌ যিহেতু AN ॥ CP আু CN ছেদক, গতিকে জ্য়ামিতিৰ নিয়মমতে ∠NCF = ∠ANC ।
গতিকে ∠NCF = ∠CNF আৰু ত্ৰিভূজৰ ধৰ্ম অনুসৰি CF = FN ।
আকৌ দাপোণৰ মুখখন সৰু কাৰণে N বিন্দু P বিন্দুৰ ওচৰত থাকে, গতিকে FN = FP (প্ৰায়)।
এতিয়া, CF + FN = CF + FP = FP + FP = 2fp (যিহেতু CF = FN = FP)
যিহেতু, CF + FN = CF + FP = CP = R আৰু FP = f
গতিকে,   R = 2f
বা  f = R/2



 4. সূৰ্যৰ পােহৰ ব্যৱহাৰ কৰি অবতল দাপােণ এখনৰ ফ’কাছ দৈর্ঘ্য কেনেকৈ জুখিব পাৰি বৰ্ণনা কৰাঁ । 

উত্তৰঃ অবতল দাপোণ একন সূৰ্যৰ পোহৰত ধৰিলে বহু আঁতৰৰপৰা অহা পোহৰৰ ৰশ্মিবোৰ প্ৰায় সমান্তৰাল হৈ দাপোণত পৰিব। দাপোণখন এনেভাৱে ধৰিব লাগে যাতে সূৰ্যৰ পোহৰ মুখ্য় অক্ষৰ সমান্তৰাল হয়। এখন সৰু কাগজত পোহৰখিনি যিমান সৰুকৈ পাৰি থূপ খুৱাব লাগিব।পোহৰ থূপ খোৱা ঠাইকিনিয়ে হ'ল ফ'কাছ বিন্দু। এই উজ্জ্বল বিন্দুটোৰপৰা দাপোণখনৰ মধ্য়বিন্দুলৈ বা মেৰুলৈ দূৰত্ব জুখিলে ফ'কাছ দৈৰ্ঘ্য পোৱা যায়।


5. অবতল দাপােণত এটা বিন্দুসম দীপ্তিমান লক্ষ্যবস্তু ৰাখিলে প্রতিফলিত ৰশ্মিসমূহ আঁকা । 

উত্তৰঃ




6. অবতল দাপােণত এটা থিয় লক্ষ্যবস্তু ৰাখি প্রতিবিম্ব কেনেকৈ গঠন হয় আঁকি দেখুওৱা । 

উত্তৰঃ




7. সৎ আৰু অসৎ প্রতিবিম্ব কাক বােলে ? 

উত্তৰঃ পৰ্দাত ধৰা পেলাব পৰা প্ৰতিবিম্বক সৎ প্ৰতিবিম্ব বোলে আৰু যিবোৰ প্ৰতিফলিত ৰশ্মি বঢ়াই দিলেহে কটাকটি কৰে যেন লাগে, তেনেবোৰ ৰশ্মিয়ে গঠন কৰা প্ৰতিবিম্বক অসৎ প্ৰতিবিম্ব বোলে।


8. অবতল দাপােণ এখনত মুখ্য অক্ষৰ সমান্তৰালভাৱে আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যযাৱা এডাল ৰশ্মি আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা । 


9. অবতল দাপােণ এখনত মমশিখা এটা প্রতিবিম্ব কেনেকৈ পৰ্দাত ধৰিব পাৰি বৰ্ণনা কৰাঁ । 

উত্তৰঃ 



10/20 ছে.মি ফ'কাছ দৈৰ্ঘ্য়ৰ এখন অবতল দাপোণক ক্লিপৰ সহায়ত টেবুল এখনৰ ওপৰত থিয় কৰাই থোৱা হয়। এটা সৰু গিলাচ বালিৰে পূৰ্ণ কৰিও দাপোণখন থিয় কৰাই থব পাৰি।

 মমৰ শিখা এটা দাপোণৰ সন্মুখত এনেকৈ থোৱা হয় যাতে ই দাপোণখনৰ ভাঁজকেন্দ্ৰৰ বাহিৰত (>2f) মুখ্য় অক্ষৰ প্ৰায় একে ৰেখাত থাকে। কিছু আঁতৰত কাগজ এখিলা থিয়কৈ ধৰিলে মমশিখাটোৰ এটা স্পষ্ট ওলোটা প্ৰতিবিম্ব দেখা পোৱা যায়। 

10. তলত দিয়া অৱস্থাত অবতল দাপােণৰ ক্ষেত্ৰত চিত্র আঁকি প্রতিবিম্বৰ গঠন দেখুওৱা ।


 ক ) লক্ষ্যবস্তু অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত থাকিলে ।

উত্তৰঃ 



 খ ) লক্ষ্যবস্তু ভাঁজকেন্দ্ৰত থাকিলে । 

 উত্তৰঃ




 গ) লক্ষ্য়বস্তু ভাঁজকেন্দ্ৰ আৰু ফ'কাছৰ মাজত থাকিলে।

 উত্তৰঃ 



 ঘ) লক্ষ্য়বস্তু ফ'কাছত থাকিলে।

 উত্তৰঃ 



 ঙ) লক্ষ্য়বস্তু মেৰু আৰু ফ'কাছৰ মাজত থাকিলে। 

 উত্তৰঃ 




1. ক) পোহৰৰ প্ৰতিসৰন কি ?

উত্তৰঃ পোহৰ এটা স্বচ্ছ মাধ্য়মৰপৰা আন এঠা স্বচ্ছ মাধ্য়মলৈ গতি কৰিলে, দুই মাধ্য়মৰ সংযোগ তলত পোহৰৰ গতিৰ দিশত পৰিৱৰ্তন ঘটে। এই পৰিঘটনাক পোহৰৰ প্ৰতিসৰণ বোলে।

খ) বায়ুৰপৰা এটা ঘন মাধ্যমলৈ আৰু এটা ঘন মাধ্যমৰপৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্ৰসহ ব্যাখ্যা কৰা । চিত্ৰত আপতন কোণ প্ৰতিসৰণ কোণ আৰু অভিলম্ব আঁকি দেখুওৱা।

উত্তৰঃ 



PQ লঘুতৰ মাধ্য়ম বায়ু আু ঘনতৰ মাধ্য়ম কাচৰ সংযোগ তল আৰু O আফতন বিন্দুত AO আপতিত ৰশ্মি। NON' আপতন বিন্দুত অভিলম্ব। কাচত O বিন্দুত AO আফতিত ৰশঅমিৰ দিশ সলনি হৈছে। অৰ্থাৎ AO ৰশ্মি OB দিশত প্ৰতিসৰিত হৈছে।কাচত প্ৰতিসৰিত হওঁতে AO ৰশ্মি অভিলম্বৰ ওচৰ চাপে ৰশ্মিডালৰ দিশ ওলোটাই ঘন মাধ্য়মৰপৰা লঘুতৰ মাধ্য়মলৈ পোহৰত গতি চাব পাৰি। পোহৰ ঘন মাধ্য়ম কাচৰপৰা লঘুতৰ মাধ্য়ম বায়ুত প্ৰৱেশ কঁৰোতে প্ৰতিসৰিত ৰশ্মিডাল অভিলম্বৰপৰা আঁতৰি যায়।


2. পানীত আংশিকভাৱে নিমজ্জিত দগু এডাল কিয় বেকা যেন দেখি চিত্ৰসহ ব্যখ্যা কৰা ।

ইয়াৰপৰা পানীত তলত থকা বিন্দু এটাৰ আপাত গভীৰতা কম যেন লাগেনে ?

উত্তৰঃ 


পানীপূৰ্ণ পাত্ৰ এটাত পোন দণ্ড, যেনে পেঞ্চিল এডাল আংসিকভাৱে নিমজ্জিত কৰিলে নিমজ্জিত অংশ বেঁকা হোৱা যেন লাগে। পোহৰৰ প্ৰতিসৰণ পৰিঘটনাৰ কাৰণে এনেকুৱা হয়। দম্ডালৰ A বিন্দুৰপৰ পানী মাধ্য়মেদি অহা দুডাল পোহৰৰ ৰশ্মি যথাক্ৰমে O আৰু O' বিন্দুত আপতিত হৈছে। প্ৰতিসৰণ ঘটি CO আৰু O'D ৰশ্মি O আৰু O' বিন্দুত থকা অভিলম্বৰপৰা আঁতৰি গৈ চকুত পৰে। এই ৰশ্মি দুডাল বঢ়াই দিলে, পিছপিনে A' বিন্দুত লগা যেন দেখি। A বিন্দুটো A' ত থকা যেন লাগে। তেনেদৰে P' আন এটা P বিন্দুৰ প্ৰতিবিম্ব। এনেদৰে, প্ৰতিটো বিন্দু ওপৰলৈ উঠা য়েন লাগে। অৰ্থাৎ, পানীত নিমজ্জিত অংশ বেঁকা হোৱা যেন লাগে।

ইয়াৰপৰা পানীত তলত থকা বিন্দু এটাৰ আপাত গবীৰতা কম যেন লাগে।


3. ক) এটা প্ৰিজম আকি এখন পিঠি, প্ৰতিসাৰক ধাৰা ভূমি প্ৰতিসাৰক পিঠি আৰু কোণৰ নাম লিখা ।

উত্তৰঃ 



ABC পিঠি, AD, EB, CF প্ৰতিসাৰক ধাৰ, EFCB ভূমি, BCFD আৰু ABDE প্ৰতিসাৰক পিঠি আৰু ABC প্ৰিজম কোণ।

খ) এটা প্ৰিজমত পোহৰ দুবাৰ প্ৰতিসৰিত হয় । চিত্ৰ আকি দেখুওৱা ।

উত্তৰঃ 



ABC প্ৰিজমত পোহৰ ৰশ্মি বায়ু মাধ্য়মৰপৰা কাচ মাধ্য়মত সোঁমাওতে O অভিলম্বৰ কাষ চাপে আৰু দ্বিতীয় পিঠিত ই (O' বিন্দুত) বায়ুলৈ প্ৰতিসৰিত হওঁতে (O'Q ৰশ্মি), অভিলম্বৰপৰা আঁতৰি যায়।

4.ক) প্ৰিজমত পোহৰ পৰিলে কেনেকৈ সাতোটা ৰঙলৈ ভাঙি যায় চিত্ৰ আকি দেখুওৱাঁ ।

উত্তৰঃ




খ) দুটা প্ৰিজমেৰে সমান্তৰাল ৰশ্মিক কেনেকৈ অভিসাৰী আৰু অপসাৰী কৰিব পাৰি চিত্ৰ আকিঁ দেখুওৱাঁ ।

উত্তৰঃ 

                             (ক) অভিসাৰী প্ৰিজম               (খ) অপসাৰী প্ৰিজম




1. লেন্স  কাক কয় ? ভিন ভিন প্ৰকাৰৰ ৬ বিধ লেন্সৰ নাম লিখা । 

উত্তৰঃ লেন্স হৈছে কাচ অথবা অন্য় স্বচ্ছ পদাৰ্থৰ সাধাৰণতে দুখন বক্ৰ থকা পিঠিৰ গঠন। ভিন বিন প্ৰকাৰৰ লেন্স ৬ বিধৰ নাম হৈছে-

(ক) দ্বি উত্তলঃ দুয়োখন পিঠি উত্তল। ই সোঁমাজত ডাঠ, কাষলৈ ক্ৰমে পাতল।

(খ) সমতল উত্তলঃ এখন পিঠি সমতল আৰু আনখন উত্তল।

(গ) অবতল-উত্তলঃ এখন পিঠি অবতল, আনখন উত্তল।

(ঘ) দ্বি-অবতলঃ দুয়োখন পিঠি অবতল। ই সোঁমাজত পাতল, কাষলৈ ক্ৰমে ডাঠ।

(ঙ) সমতল-অবতলঃ এখন পিঠি সমতল, এখন অবতল।

(চ) উত্তল-অবতলঃ এখন পিঠি উত্তল আৰু আনখন অবতল।


2. এখন উত্তল লেন্স অথবা অবতল লেন্সৰ ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ্য আৰু মুখ্য অক্ষ বুলিলে কি বুজা ?

উত্তৰঃ লেন্সৰ পিঠি দুখন যি দুটা গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰ দুটাক ভাঁজকেন্দ্ৰ বোলে। পিঠই দুখনৰ অৰ্থাৎ গোলক দুটাৰ ব্য়াসাৰ্ধক ভাঁজ ব্য়াসাৰ্ধ বোলা হয়। ভাঁজকেন্দ্ৰ দুটাৰ মাজেৰে যোৱা ৰেখাডালক মুখ্য় অক্ষ বোলে। 


3. এখন উত্তল লেন্সৰ মাজেৰে পোহৰ ৰশ্মি এডাল আঁকা । ৰশ্মিডাল কত ভাঁজ হোৱা দেখুওৱা হয় ?


4. কাক বোলে চিত্ৰ আঁকি লিখা । 

ক) লেন্সৰ ফ'কাছ খ) লেন্সৰ ফ'কাছ দৈৰ্ঘ্য় গ) লেন্সৰ আলোককেন্দ্ৰ

উত্তৰঃ (ক) লেন্সৰ ফ'কাছঃ মুখ্য় অক্ষৰ সমান্তৰালভাৱে লেন্সত আপতিত পোহৰৰ ৰশ্মি প্ৰতিসৰণৰ পিছত প্ৰকৃততে যি বিন্দুত লগ লাগে (যেনে, উত্তল লেন্সৰ ক্ষেত্ৰত), অথবা যি বিন্দুৰপৰা অপসাৰী হোৱা যেন লাগে (যেনে, অভতল লেন্সৰ ক্ষেত্ৰত), তাকে ফ'কাছ বা নাভি (f)  বোলে। এখন লেন্সৰ সোঁপিনে আৰু বাওঁপিনে এটা নাভি থাকে।



(খ) লেন্সৰ ফ'কাছ দৈৰ্ঘ্য়ঃ এনে লেন্সৰ মধ্য়বিন্দুৰপৰা ফ'কাছলৈ দূৰত্বখিনিক ফ'কাছ দৈৰ্ঘ্য় (f) বোলে। যেনে, ফ'কাছ দৈৰ্ঘ্য় f = OF ।

(গ) আলোককেন্দ্ৰঃ সাধাৰণতে লেন্স এখনৰ ভিতৰেদি যোৱা পোহৰৰ ৰশ্মিৰ দিশ বিচ্য়ুত হৈ পৰে। কিন্তু মুখ্য় অক্ষৰ ওপৰত এনে এটা বিন্দু আছে, যিটোৰ মাজেৰে পোহৰৰ ৰশ্মি অতিক্ৰম কৰিলে ৰশ্মিৰ দিশ বিচ্য়ুত নহয়। এই বিন্দুটোক আলোককেন্দ্ৰ (O) বোলে। স্পষ্টতাৰ কাৰণে পিঠি দুখনত ৰশ্মিৰ ভাঁজ দেখুওৱা হোৱা নাই। পাতল লেন্সৰ ক্ষেত্ৰত ভাঁজ বৰ কম। 
               লেন্সৰ পিঠি দুখনৰ বক্ৰতা সমান হ'লে আলোককেন্দ্ৰ মধ্য়বিন্দুত থাকে।


5.  এখন উত্তল লেন্স আৰু অবতল লেন্স  কেনেকৈ চিনাক্ত কৰিব পাৰি ?

উত্তৰঃ লেন্স এখন সূৰ্যৰ পোহৰত এনেভাৱে ধৰা হয় যাতে পোহৰ মুখ্য় অক্ষত সমান্তৰাল হৈ পৰে। লেন্সখন উত্তল হ'লে পিছপিনৰ একন কাগজত পোহৰখিনি এটা ঠেক অঞ্চলত কেন্দ্ৰীভূত কৰিব পৰা যায়। এই বিন্দুটোৰ চাৰিএপিনে পোহৰ কমি যায়। আনহাতে, লেন্সখন অবতল হ'লে পোহৰ কেনদ্ৰীভূত হোৱাৰ সলনি অপসাৰী হৈ কাগজখনত বহল হৈ পৰিব। মধ্য়অংশত পোহৰৰ পৰিমাণ কমি যাব। 

6. উত্তল লেন্স এখনত কেইবাডাল ৰশ্মি লৈ কেনেকৈ পোহৰ প্ৰতিসলণত ভাঁজ লাগে দেখুৱাই লক্ষ্যবস্তু প্ৰতিবিম্ব আঁকা ।

উত্তৰঃ 




7. উত্তল লেন্সএখনত ক্ষেত্ৰত চিত্ৰ আঁকি প্ৰতিবিম্বৰ গঠন দেখুওৱাঁ যেতিয়া 

ক) লক্ষ্যবস্তু অসীম দূৰত্বত থাকে ।

উত্তৰঃ


খ) লক্ষ্যবস্তু অসীম দূৰত্ব আৰু দুগুণ ফকাছ দৈৰ্ঘ্যৰ মাজত থাকে  ।

 নিজে অংকণ কৰিবা।

গ) লক্ষ্যবস্তু  দুগুণ ফকাছ দৈৰ্ঘ্যত থাকে ।

 নিজে অংকণ কৰিবা।

ঘ) লক্ষ্যবস্তু দুগুণ ফকাছ দূৰত্ব আৰু ফকাছ দৈৰ্ঘ্যৰ মাজত থাকে ।

নিজে অংকণ কৰিবা।

ঙ) লক্ষ্যবস্তু ফকাছ দৈৰ্ঘ্যত থাকে ।

নিজে অংকণ কৰিবা।

চ) লক্ষ্যবস্তু নাভি দূৰত্ব আৰু আলোককেন্দ্ৰৰ মাজত থাকে ।

নিজে অংকণ কৰিবা।

প্ৰতি ক্ষেত্ৰতে প্ৰতিবিম্বৰ চৰিত্ৰ সৎ/অসৎ, সৰু/ ডাঙৰ/ সমান, ওলোটা / যথাযথ উল্লেখ কৰা ঁ


8. অবতল দাপোণত থিয় বস্তু এটাৰ প্ৰতিবিম্ব কেনেকৈ গঠন হয় চিত্ৰ আঁকি দেখুওৱা ।

উত্তৰঃ 



AB লক্ষ্য়বস্তুৰ A মুখ্য় অক্ষৰ সমান্তৰাল ৰশ্মি AP প্ৰতিসৰণৰ পিছত ফ'কাছ F বিন্দুৰপৰা ওলোৱা যেন লাগিব। আন এডাল লেন্সৰ আলোককেন্দ্ৰৰ (O) মাজেৰে পোনে পোনে যাব। AO আৰু বৰ্ধিত PFএ A' বিন্দুত কটাকটি কৰে াৰু A বিন্দুৰ প্ৰতিবিম্ব গঠন কৰে। গতিকে মুখ্য় অক্ষত টনা A' B' লম্ব হৈছে AB প্ৰতিবিম্ব।


9. ক) তোমাক এখন উত্তল লেন্স দিলে তাৰে পৰ্দাত কেনেকৈ প্ৰতিবিম্ব গঠন কৰিবা বৰ্ণনা কৰাঁ ।


  খ) এখন উত্তল লেন্স কেনেকৈ পৰিৱৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰিব পাৰি বৰ্ণনা কৰা ।

উত্তৰঃ কিতাপ বা বাতৰিকাকতৰ আখৰৰ ওচৰত উত্তল লেন্স এখন ধৰি লাহে লাহে চকুৰ ফালে আনিলে এটা সময়ত াখৰবোৰ স্পষ্ট হৈ পৰে। এই অৱস্থাত লেন্সখনে এখন পৰিৱৰ্ধক কাচ হিচাবে কাম কৰে। আখৰৰ পৰিবৰ্ধিত, অসৎ আৰু যথাযথ প্ৰতিবিম্ব গঠন হয়। এই অৱস্থাত আখৰবোৰ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ ভিতৰত থাকে।


গ) এখন অবতল লেন্সৰ সহায়ত কৰিব পৰা এটা সৰল পৰীক্ষা বৰ্ণনা কৰা ।

উত্তৰঃ এখন অবতল লেন্স চকুৰ আগত ধৰি এটা উজ্জ্বল বস্তু যেনে, মমৰ শিখা বা জ্বলি থকা বাল্ব এটা চালে শিখাটোৰ যি কোনো অৱস্থানত শিখাটো সংকুচিত, অসৎ আৰু থিয় প্ৰতিবিম্ব দেখা পোৱা যায়।

অনুশীলনী 

1. সৰল অণুবীক্ষণ কাক বােলে ? সৰল অণুবীক্ষণে কেনেকৈ লক্ষ্যবস্তু পৰিৱর্ধন কৰে । চিত্র আঁকি ব্যাখ্যা কৰাঁ । 

উত্তৰঃ অণুবীক্ষণ লিউৱেনছকে আৱিষ্কাৰ কৰিছিল। ওচৰত থকা বস্তু এটাক ডাঙৰকৈ াৰু স্পষ্টকৈ চাব পৰা আলোকীয় যন্ত্ৰক অণুবীক্ষণ বোলে। এখন উত্তল লেন্স ব্যৱহাৰ কৰা যন্ত্ৰক সৰল অণুবীক্ষণ বোলে।



লেন্স এখনক অণুবীক্ষণৰ দৰে ব্যৱহাৰ কৰিবলৈ চাবলগীয়া বস্তুটোক ফ'কাছ দূৰত্বৰ ভিতৰত ৰখা হয় আৰু বিপৰীত পিনৰপৰা চোৱা হয়। AB লক্ষ্য়বস্তুৰ A বিন্দুৰপৰা অহা মুখ্য় অক্ষৰ সমান্তৰাল AP ৰশ্মি লেন্সত প্ৰতিসৰিত হৈ ফ'কাছৰ মাজেৰে যায়। তেনেদৰে আলোক কেন্দ্ৰৰ মাজেৰে যোৱা AO ৰশ্মি পোনে পোনে গতি কৰে। দুয়োডাল ৰশ্মি পিছপিনে A' বিন্দুৰপৰা অহা যেন লাগে। এনেদৰে A' বিন্দু A বিন্দুৰ আৰু B' বিন্দু  B বিন্দুৰ প্ৰতিবিম্ব A' B' মুখ্য় অক্ষৰ লম্ব হয়। প্ৰতিবিম্ব A'B' অৰ্থাৎ অসৎ, পৰিবৰ্ধিত আৰু থিয় হয় আৰু লেন্সৰ মাজেৰে চালে সেয়ে বস্তুটোক ডাঙৰ দেখি। অণুবীক্ষণেৰে চাবলগীয়া বস্তুটো এখন কাচৰ ঘূৰণীয়া থালৰ ওপৰত ৰখা হয়। লেন্সখনক নলী এডালৰ এটা মুৰত খোৱাই তল-ওপৰ কৰি বস্তুটো ফ'কাছৰ ভিতৰলৈ অনা হয়। লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্য যিমানে সৰু হয়, লক্ষ্য়বস্তুৰ পৰিৱৰ্ধনো সিমানে বেছি হয়। 


2. যৌগিক অণুবীক্ষণ কাক বােলে ? যৌগিক অণুবীক্ষণে কেনেকৈ পৰিৱৰ্ধিত প্রতিবিম্ব গঠন কৰে চিত্ৰ আঁকি বর্ণনা কৰাঁ । 

উত্তৰঃ এখন উত্তল লেন্সে পৰিৱৰ্ধন কৰা প্ৰতিবিম্ব পুনৰ আন এখন লেন্সৰদ্বাৰা পৰিৱ্ৰধন কৰিব পাৰি। দুখন বা ততোধিক লেন্স ব্যৱহাৰ কৰা অণুবীক্ষণক যৌগিক ্ণুবীক্ষণ বোলে। 


চকুৰ পিনে থকা লেন্সখনক অভিনেত্ৰ আৰু লক্ষ্য়বস্তুৰ পিনে থকা লেন্সখনক অভিলক্ষ্য় বোলে। অভিলক্ষ্য়ৰ ফ'কাছ দৈৰ্ঘ্য কম আৰু অভিনেত্ৰৰ ফ'কাছ দৈৰ্ঘ্য় বেছি। চাবলগীয়া, অৰ্থাৎ লক্ষ্য়বস্তুক অভিল৭্য়ৰ ফ'কাছৰ বাহিৰত ৰখা হয় আৰু ইয়াৰ বাস্তৱ, ওলোটা প্ৰতিবিম্ব পিছপিনে গঠিত হয়। A'B' প্ৰতিবিম্বটো অভিনেত্ৰৰ ফ'কাছৰ ভিতৰত গঠিত হয়। অভিনেত্ৰই সৰল অণুবীক্ষণৰ দৰে কাম কৰি পুনৰ একিপিনে এটি পৰিৱৰ্ধিত প্ৰতিবিম্ব PQ গঠন কৰে। দুডাল নলীৰ দুই মুৰে লেন্স দুখন লগোৱা থাকে। স্পষ্ট প্ৰতিবিম্বৰ বাবে অভিলক্ষ্য় আৰু অভিনেত্ৰক উঠা-নমা কৰিব পাৰি। পৰীক্ষাগাৰৰ যৌগিক অণুবীক্ষণে বস্তুক কেইবাশগুণে ডাঙৰ কৰি দেখুৱাব পাৰে। সুক্ষ্ম উদ্ভিদ, প্ৰাণী আদি ইয়াৰে চাব পাৰি।




3. ক ) দূৰবীণ কাক বােলে ? দূৰবীণ প্রথমতে কোনে আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ দূৰৈৰ বস্তুক ওচৰত আৰু স্পষ্টকৈ চাব পৰা আলোকীয় যন্ত্ৰক দূৰবীণ বোলা হয়। দূৰবীণ প্ৰথমতে লেন্স-নিৰ্মাতা লিপ্পাৰছিয়ে 1608 চনত আৱিষ্টাক কৰিছিল।

খ ) কেপলাৰৰ দূৰবীণ বর্ণনা কৰাঁ । দূৰবীণৰ পৰিৱর্ধন ক্ষমতা মানে কি ?

উত্তৰঃ কেপলাৰে সজা দূৰবীণত এখন বহল মনুখৰ অভিলক্ষ্য়ই (উত্তল লেন্স) দূৰৈৰ লক্ষ্য়বস্তুৰপৰা অহা সমান্তৰাল পোহৰ সংগ্ৰহ কৰি প'কাছত (Fত) পোহৰ থূপ খুৱায়। F অভিলক্ষ্য়ৰ ফ'কাছ দৈৰ্ঘ্য়। চকুৰ পিনে অথবা অভিনেত্ৰ অগা-পিচা কৰি ইয়াৰ ফ'কাছ F বিন্দুত মিলোৱা হয়। ইয়াৰ ফলত থূপ খোৱা পোহৰখিনি অভিনেত্ৰৰ মাজেৰে পাৰ হৈ যাওঁতে পুনৰ সমান্তৰাল হৈ পৰে।

    অভিনেত্ৰৰ ব্য়াস সৰু আু চকুৰ ওচৰতে থাকে বাবে আটাইখিনি পোহৰ চকুত সোমায়। চকুৱে বস্তুটোৰ এটা উজ্জ্বল অসৎ পৰিৱৰ্ধিত প্ৰতিবিম্ব দেখা পায়। গোলাকাৰ বস্তুৰ প্ৰতিবিম্ব গোলাকাৰ হয়।

    বৃহৎ আকাৰৰ দূৰবীণৰ অভিলক্ষ্য়ই বহু লক্ষগুণে বেছি পোহৰ সংগ্ৰহ কৰে। এনে দূৰবীণেৰে বিশ্বব্ৰহ্মাণ্ডৰ সীমামূৰীয়া অঞ্চলৰ তৰাও দেখা পোৱাতো সম্ভৱ হৈছে।

  অভিলক্ষ্য়ৰ ফ'কাছ দৈৰ্ঘ্য়ক (Fo ক) অভিনেত্ৰৰ ফ'কাছ দৈৰ্ঘ্য়ৰে (Fe ৰে) হৰণ কৰিলে দূৰবীণটোৰ পৰিৱৰ্ধন ক্ষমতা (m = fo / f) পোৱা যায়।  



 

গ ) গেলিলিঅ'ৰ দূৰবীণ বর্ণনা কৰাঁ ।

উত্তৰঃ গেলিলিঅ'ৰ দূৰবীণত অভিলক্ষ্য়ৰূপে (O) এখন দীঘল  ফ'কাছ দৈৰ্ঘ্য়ৰ উত্তল লেন্স আৰু অভিনেত্ৰৰূপে (E) এখন চুটি ফ'কাছ দৈৰ্ঘ্য়ৰ অবতল লেন্স ব্যৱহাৰ ধৰা হয়। অভিনেত্ৰখন নাথাকিলে দূৰৈৰ লক্ষ্য়বস্তুৰপৰা মূখ্য় অক্ষৰ সমান্তৰালকৈ অভিলক্ষ্য়ত আপতিত ৰশঅমি ইয়াত ফ'কাছত (Fত) থূপ খালেহেঁতেন; কিন্তু অভনেত্ৰ এই বিন্দুৰপৰা fদূৰত্বত হোৱা বাবে প্ৰতিসৰিত ৰশ্মি আকৌ মুখ্য় অক্ষৰ সমান্তৰাল হৈ পৰে। ইয়াৰ ফলত চকুৱে দূৰৈৰ বস্তু এটা অসৎ, যথাযথ আৰু  পৰিৱৰ্ধিত প্ৰতিবিম্ব দেখা পায়। আজিকালি গেলিলিঅ'ৰ দূৰবীণৰ ব্যৱহাৰ কম।



 4. দুখন লেন্স হাতত লৈ কেনেকৈ দূৰবীণৰ দৰে চাব পাৰি বৰ্ণনা কৰাঁ । ( এখনৰ ফ'কাছ দৈর্ঘ্য কম , এখনৰ বেছি ) । 


5. কেমেৰা এটাৰ কার্যনীতি বর্ণনা কৰাঁ । 

উত্তৰঃ উত্তল লেন্ৰ ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত লক্ষ্য়বস্তু থাকিলে পিছপিনে এটা ওলোটা, স আৰু আকাৰত সৰু প্ৰতিবিম্বৰ সৃষ্টি হয়। এই নীতি কেমেৰাত ব্যৱহাৰ হয়। কেমেৰা সন্মুখত উত্তল লেন্সখন (L) লগোৱা আছে। লেন্সখনত পোহৰ সোমাব নোৱাৰাকৈ এখন ছাটাৰ বা ঢাকনি লগোৱা থাকে। বাকচটোৰ ভিতৰখন সম্পূৰ্ণ আন্ধাৰ কৰিবলৈ ভিতৰত বেৰবোৰত ক'লা ৰং দিয়া হয়। লেন্সৰ পিছপিনে বাকচৰ বেৰত এখন ফিল্ম (P) লগোৱা থাকে। 'ফ'ট তুলিবৰ সময়ত ছাটাৰৰ বুটাম টিপি মুহুৰ্তৰ কাৰণে ছাটাৰখন খুলি দিয়া হয়। লক্ষ্য়বস্তুৰপৰা পোহৰৰ ৰশ্মি লেন্সৰ মাজেৰে গৈ ফিল্মত প্ৰতিবিম্বটো গঠন কৰে। ফিল্মখন সলাই নতুন প্ৰতিবিম্ব তুলিব পাৰি। ফিল্মখন ৰাসায়নিক পদাৰ্থত ধুই শুকাই ল'লে লক্ষ্য়বস্তুৰ 'ফ'ট পোৱা যায়।


6. মানুহৰ চকুৰ গঠন আৰু চকুত কেনেকৈ প্রতিবিম্ব গঠন হয় বর্ণনা কৰাঁ ।

উত্তৰঃ 



চকু প্ৰায় গোলাকাৰ আৰু ইয়াৰ অক্ষি গোলকৰ ব্য়াস প্ৰায় 25 মিমি.। সন্মুখভাগত থকা অৰ্ধগোলাকাৰ লেন্স আকৃতিৰ তৰপটোক কৰ্ণিয়া বোলা হয়। কৰ্ণিয়াই চকুক ৰক্ষা কৰাৰ উপৰিও চকুত সোমোৱা পোহৰক কিছু পৰিমাণে ভাঁজ লগাই ভিতৰলৈ সোমোৱাত সহায় কৰে। এই পোহৰ পনীয়া একুৱাছ হিউমাৰ থকা প্ৰথমটো কক্ষত প্ৰৱেশ কৰে। আখকাৰ সলনি হ'ব পৰা আইৰিছ নামৰ পৰ্দা এখনে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্৬ণ কৰে. আইৰিছৰ সোঁ-মাজত পোহৰ সোমোৱা ছিদ্ৰটোৱেই হ'ল চকুৰ মণি। চকুৰ মণি আৰু আইৰিছৰ পিছপিনে এখন জৈৱিক স্বচ্ছ উত্তল লেন্স থাকে। পোহৰ মণিৰে সোমাই চকু লেন্সত পৰেগৈ আৰু সন্মুখৰ বস্তুৰ সৎ, ওলোটা আৰু সৰু প্ৰতিবিম্ব এটাৰ পিছপিনে থকা পৰ্দা বা ৰেটিনাত গঠন হয়। চকু লেন্সখনে আকাৰ বা ফ'কাছ দৈৰ্ঘ্য় কিছুমান ছিলিয়েৰি পেশীৰ সহায়েৰে পৰিৱৰ্তন কৰিব পাৰে। এনেদৰে চকুৱে আঁতৰৰ আৰু ওচৰৰ বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত পেলাবলৈ সমৰ্থ হয়। ৰেটিনাত পোহৰ সংবেদশীল স্নায়ু থাকে। এইবোৰে প্ৰতিবিম্বৰ সংকেত মগজুলৈ পঠিয়ায়। মগজুৱে প্ৰতিবিম্ব বিশ্লেষণ কৰিলে চকুৱে বস্তুবোৰ দেখা পায়।


 7. ক ) কেমেৰা আৰু মানুহৰ চকুৰ তিনিটা সাদৃশ্য লিখা । 

উত্তৰঃ কেমেৰা আৰু মানহৰ চকুৰ তিনিটা সাদৃশ্য় হৈছে-

(১) কেমেৰা এটা যন্ত্ৰ, কিন্তু চকু দেহৰ জৈৱিক অংগ।

(২) কেমেৰাত এখন মুখ থকাৰ দৰে চকুতো কৰ্ণিয়াৰ পিছপিনে এটা মণি বা চিদ্ৰ থাকে।

(৩) কেমেৰাৰ স্বচ্ছ লেন্সৰ দৰে চকুটো স্বচ্ছ জৈৱিক লেন্স থাকে।

খ ) কেমেৰা আৰু মানুহৰ চকুৰ দুটা বৈসাদৃশ্য লিখা । 

উত্তৰঃ কেমেৰা আৰু মানুহৰ চকুৰ দুটা বৈসাদৃশ্য় হৈছে-

(১) কেমেৰাৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য় স্থিৰ, কিন্তু চকুৰ ফ'কাছ দৈৰ্ঘ্য় চকুৱে পৰিৱৰ্তন কৰিব পাৰে।

(২) কেমেৰাৰ ফিল্মখনে প্ৰতিবিম্ব ৰাখে, কিন্তু ৰেটিনাত উঠা প্ৰতিবিম্ব স্থায়ী নহয়।


8. দৃষ্টিদোষ বা দৃষ্টিবিকাৰ কাক বােলে ? 

উত্তৰঃ স্বাভাৱিক চকুৱে প্ৰায় 25 ছেমি. দূৰত্বৰপৰা তাতোকৈ দূৰলৈ বস্তু স্পষ্টকৈা দেখা যায়। এি দূৰত্বৰপৰা অহা পোহৰ ৰেটিনাতক ফ'কাছ হ'ব পাৰে। বয়সৰ লগে লগে বা আন কেতবোৰ কাৰণত কম বয়সতে ওচৰৰপৰা বা আঁতৰৰপৰা অহা পোহৰ ৰেটিনাৰ ওপৰত থূপ নাখায়, অৰ্থা ফ'কাছ নহয়। এনে অৱস্থাত ৰেটিনাত গঠন হোৱা প্ৰতিবিম্ব অবিকৃত আৰু স্পষ্ট নহয়। চকুৰ এনে সমস্য়াক দৃষ্টিকোষ বা দৃষ্টিবিকাৰ বোলে।


9. মায় পিয়া বা নিকটদৃষ্টি কাক বােলে ? ইয়াৰ উৎপত্তিৰ কাৰণ কি ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্রসহ বর্ণনা কৰাঁ । 

উত্তৰঃ মায়াপিয়া বা নিকট দৃষ্টিৰ চকুৱে ওচৰৰ বস্তু ভালদৰে দেখে, কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায়। ওচৰৰ বস্তুৰ পোহৰ ৰেটিনাত ফ'কাছ হ'ব পাৰে।চকু লেন্সৰ ফ'কাছ দৈৰ্ঘ্য হ্ৰাস পোৱা অথবা অক্ষিগোলক দীঘলীয়া হৈ পৰাৰ বাবে এনেকুৱা দৃষ্টিদোষ হ'ব পাৰে। আঁতৰৰপৰা অহা পোহৰ ৰেটিনাত ফ'কাছ নহৈ ৰেটিনাৰ সন্মুখত ফ'কাছ হয়। উপযুক্ত ফ'কাছ  দৈৰ্ঘ্য়ৰ অবতল লেন্স পৰিধান কৰিলে পোহৰ অধিক অ্পসাৰী হৈ পুৱৰ ৰেটিনাত ফ'কাছ হয়। এনেদৰে মায়'পিয়া ৰোগ আঁতৰাব পাৰি।


10. হাইপাৰমেট্র’পিয়া বা দূৰদৃষ্টি কাক বােলে ? ইয়াৰ উৎপত্তিৰ কাৰণ কি ? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বর্ণনা কৰাঁ ।

উত্তৰঃ হাইপাৰমেট্ৰ'পিয়া বা দূৰদৃষ্টিৰ চকুৱে আঁতৰৰ বস্তু ভালদৰে দেখে, কিন্তু ওচৰৰ বস্তু ভালদৰে নেদেখে। সাধাৰণতে ডেকা বয়সত চকুৰ এই দোষ বা বিকাৰ হোৱা দেখা যায়। চকু লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ি যোৱা কাৰণে, অথবা অক্ষিগোলক চুটি হৈ পৰাৰ কাৰণে এনেকুৱা দৃষ্টিদোষ হ'ব পাৰে।


এনে অসুবিধআ আঁতৰ কৰিবলৈ উপযুক্ত ফ'কাছৰ লেন্স পৰিধান কৰিবলগীয়া হয়। অতিৰিক্ত লেন্সে পোহৰ চকুত অধিক অভিসাৰী কৰি তোলে আৰু ৰেটিনাত পুনৰ স্পষ্ট প্ৰতিবিম্ব গঠন হয়। 



 11. ক ) সূৰ্যৰ বগা পােহৰত কি কি ৰঙৰ পােহৰ থাকে ? 

উত্তৰঃ সূৰ্যৰ বগা পোহৰত বেঙুনীয়া, ঘননলীা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰ আৰু ৰঙা ৰঙৰ পোহৰ থাকে।

খ ) বগা পােহৰৰ বৰ্ণালী কাক বােলে ? 

উত্তৰঃ সূৰ্যৰ বগা পোহৰৰ সমষ্টিক বৰ্ণালী বুলি কোৱা হয়। 

গ ) এটা প্রিজমৰদ্বাৰা বৰ্ণালী কেনেকৈ পাব পাৰি চিত্ৰ আঁকি দেখুওৱা । 

উত্তৰঃ 



ঘ ) প্রিজম এটাৰ মাজেৰে পােহৰ গ'লে কিয় পােহৰ ভিন ভিন ৰঙলৈ ভাঙি যায় ?

উত্তৰঃ পোহৰ ভিন ভিন ৰঙলৈ ভাঙি যোৱা প্ৰক্ৰিয়াক বিচ্ছুৰণ বোলে। ভিন ভিন ৰঙৰ প্ৰতিসৰণৰ পৰিমাণ বেলেগ। সেইকাৰণে প্ৰিজমৰ মাজেৰেৰ প্ৰতিসৰণ হ'লে বগা পোহৰ বিভিন্ন ৰঙলৈ ভাঙি যায়।


12. নিউটনৰ কাঁহী কেনেকৈ সজা হয় ?

উত্তৰঃ সাতোতা ৰঙৰ পোহৰ মিহলালে পুনৰ বগা ৰঙৰ পোহৰ পোৱা যায়। এখম ডাঠ বৃত্তাকাৰ কাগজত বৰ্ণালীৰ সাতোতা ৰং মম পেঞ্চিলেৰে সানি দিয়া হয়। কাঁহীখনৰ সোঁমাজেৰে জোঙাল পেঞ্চিল এডাল সুমুৱাই লাটুমৰ দৰে ঘূৰালে কাহীখন বগা হৈ পৰে। সাতোতা ৰঙৰ পোহৰ মিলি বগা হয়। অৱশ্য়ে সম্পূৰ্ণ বগা হ'বলৈ পোহৰত থকা অনুপাতত ৰং মিহলাব লাগিব। এই কাহীখনক নিউটনৰ কাঁহী বোলে।

Author: Chinmay Kakati






Post ID : DABP006139