বিদ্যলয় আৰু ইয়াৰ সংগঠন | তৃতীয় অধ্যায় | Chapter 3 | Class 11 Education Question Answer |  Class 11 Question Answer | HS 1st Year | School and its organization 

                                             বিদ্যলয় আৰু ইয়াৰ সংগঠন

।। প্ৰশ্নাৱলী ।।

(ক) খালী ঠাই পূৰ কৰা।

১। এখন স্কুলৰ ভূমি হৈছে                  সম্পদ।

উত্তৰঃ 

২। শ্ৰেণীকক্ষ বিদ্যালয়ৰ                  সম্পদৰ অন্তৰ্ভূক্ত।

উত্তৰঃ

৩। বিদ্যালয় ভূমি                  আকৃতিৰ হ'ব লাগে।

উত্তৰঃ আয়ত ক্ষেত্ৰৰ।

৪। বিদ্যালয়ৰ মুৰব্বীৰ কাৰ্যালয়                  স্থানত থাকিব লাগে।

উত্তৰঃ মধ্য়ম স্থানত।

৫। এটা আদৰ্শ শ্ৰেণীত ছাত্ৰৰ সৰ্ব্বোচ্চ সংখ্যা                  হ'লে ভাল হ'ল।

উত্তৰঃ ৫০ জন।

৬। এটা কম্পিউটাৰত মূলত                  অংশ থাকে।

উত্তৰঃ ২ টা। 

৭। মণিটৰ কম্পিউটাৰৰ                  অংশৰ অন্তৰ্ভূক্ত।

উত্তৰঃ টেলিভিচন অংশৰ। 

৮। কম্পিউটাৰৰ যান্ত্ৰিক অংশক                  বুলি কোৱা হয়।

উত্তৰঃ ইনপুট 

৯। লাইব্ৰেৰী বিদ্যালয় সংগঠনৰ                  সম্পদ।

উত্তৰঃ

১০। সংকীৰ্ণ অৰ্থত পাঠ্যক্ৰম হৈছে                  ৰ সমষ্টি।

উত্তৰঃ

১১। পাঠ্যক্ৰমৰ ইংৰাজী প্ৰতি শব্দটো                  শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ কুৰিয়াৰ শব্দৰ পৰা 

১২। গতানুগতিক পাঠ্যক্ৰম                  কেন্দ্ৰিক।

উত্তৰঃ 

১৩। প্ৰথম অৱস্থাত সহ পাঠ্যক্ৰমিকক                  বুলি কোৱা হৈছিল।

উত্তৰঃ সহকাৰী। 

১৪। U G C সম্পূৰ্ণ নামটো হৈছে                  ।

উত্তৰঃ University Grants Commission.

১৫। বিশ্ববিদ্যালয় অনুদান আয়োগ                  চনত আৰম্ভ হৈছিল।

উত্তৰঃ ১৯৫৬ 

১৬। এজন শিক্ষক ছাত্ৰৰ বাবে বন্ধু, দাৰ্শনিক আৰু                  ।

উত্তৰঃ পথ - প্ৰদৰ্শক। 

১৭। ই-মেইল                  সাহাৰ্যত  পঠোৱা হয়।

উত্তৰঃ ইণ্টানেট 

১৮।                  আয়োগ বিশ্ববিদ্যালয় অনুদান আয়োগ স্থাপনৰ পৰামৰ্শ আগবঢ়াইছিল।

উত্তৰঃ ৰাধাকৃষ্ণন 

১৯। N C E R T                  চনত স্থাপন হৈছিল।

উত্তৰঃ ১৯৬১ চনৰ ১ ছেপ্তেম্বৰত 

২০। অসমৰ SCERT                  চনত স্থাপন হৈছিল।

উত্তৰঃ ১৯৮৫।

খ। ভুল নে শুদ্ধ লিখাঃ

১। লাইব্ৰেৰী বিদ্যালয়ৰ ভৌতিক সম্পদক।

উত্তৰঃ শুদ্ধ।

২। শিক্ষক জন্মে গঢ়ি নুঠে।

উত্তৰঃ

৩। DIET সমূহে মাধ্যমিক স্কুলৰ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদাৰ কৰে।

উত্তৰঃ শুদ্ধ।

৪। বিদ্যালয়ৰ ভূমি খণ্ডৰ আকৃতি বৰ্গাকাৰ হ'ব লাগে।

উত্তৰঃ শুদ্ধ।

৫। বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাৰ্যালয় আচুতীয়া ঠাইত থাকিব লাগে।

উত্তৰঃ শুদ্ধ। 

৬। আধুনিক পাঠ্যক্ৰম শিশুকেন্দ্ৰিক।

উত্তৰঃ শুদ্ধ। 

৭। বিষয়ে বস্তুৰ জ্ঞান এজন শিক্ষকৰ ব্যক্তিগত গুণ।

উত্তৰঃ শুদ্ধ। 

৮। কম্পিউটাৰৰ মণিটৰৰ মস্তিষ্ক বুলি কোৱা হয়।

উত্তৰঃ অশুদ্ধ।

৯। পূৰ্বতে সহ পাঠ্যক্ৰমিক কাৰ্যায়লীসমূহক অতিৰিক্ত কাৰ্য্যাৱালী বুলি কোৱা হৈছিল।

উত্তৰঃ অশুদ্ধ।

১০। NCERT 1992 চনত স্থাপন কৰা হৈছিল।

উত্তৰঃ অশুদ্ধ  

গ। এটা বাক্যত উত্তৰ দিয়াঃ

১। "SKHOLE" শব্দটোৰ অৰ্থ লিখা? 

উত্তৰঃ ইংৰাজী 'স্কুল' (School) শব্দটো আহিছে গ্হৰীক শব্দ 'Skhole' ৰ পৰা। এই 'Skhole' -ৰ শব্দটোৰ অৰ্থ হল অৱসৰ বিনোদনৰ সময়কালীন তত্ত্বমূলক আলোচনা। 

২। এটা আদৰ্শ শ্ৰেণীকক্ষৰ আকাৰ কেনে হ'ব লাগে। 

উত্তৰঃ এটা আদৰ্শ শ্ৰেণীকক্ষৰ আকাৰ তলত দিয়া ধৰণে হব লাগে -

(১) বিদ্য়ালয় গৃহৰ দৰেই শ্ৰেণীকক্ষ সমূহো আহল-বহল হব লাগে। প্ৰত্য়েক শ্ৰেণীকক্ষত অন্ততঃ ৫০ জন ছাত্ৰ-ছাত্ৰী ভালদৰে বহাৰ ব্য়ৱস্থা থাকিব লাগে।

(২) মুডলিয়াৰ আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকক্ষত ১০ বৰ্গফুট স্থানৰ ব্য়ৱস্থা ৰখাৰ প্ৰয়োজন। সেই দিশৰ পৰা বিচাৰ কৰি ৪৫-৫০ জন ছাত্ৰ-ছাত্ৰী থকা এটা শ্ৰেণীকক্ষৰ সাধাৰণ আয়তন প্ৰায় ৪৫০ পৰা ৫০০ বৰ্গফুট হোৱাৰ উচিত।

(৩) শ্ৰেণীকক্ষসমূহত উপযুক্ত বতাহ আৰু পোহৰ চলাচল কৰিব পৰা বিধৰ হব লাগে। শ্ৰেণীকক্ষৰ দেৱাল সমূহ পাতল ৰং যুক্ত আৰু পৰিষ্কাৰ হব লাগে।

(৪) শ্ৰেণীকক্ষৰ আকাৰ দীঘল হোৱাৰ পৰিৱৰ্তে বহল হব লাগে। যাতে সকলো ছাত্ৰই শিক্ষকক ভালদৰে দেখিবলৈ সুবিধা হোৱাৰ লগতে তেওঁ কোৱা কথা শুনিব পাৰে।

(৫) কাষৰ শ্ৰেণীকক্ষৰ পৰা শব্দ আহি যাতে পাঠদানত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য় ৰাখি শ্ৰেণীকক্ষ সমূহ নিৰ্মাণ কৰিব লাগে।

৩। "Technology" শব্দটোৰ মূল কি? 

উত্তৰঃ  "Technology" শব্দটোৰ মূল 'technic' আৰু 'logia' এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে।

৪। ইণ্টাৰনেট কি? 

উত্তৰঃ দুটা বা তাতোধিক কম্পিউটাৰ পাৰস্পৰিকভাৱে সংযুক্ত হৈ যোগাযোগ স্থাপন কৰাকে কম্পিউটাৰ নেটৱৰ্কিং বুলি কোৱা হয়। এনেদৰে সমগ্ৰ বিশ্বৰ কেইবা নিযুত কম্পিউটাৰ সংযোগ কৰি পোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ কম্পিউটাৰ নেটৱৰ্ককেই হ'ল ইন্টাৰনেট। অৰ্থাৎ কোনো এটা নেটৱৰ্কৰ লগত বিশ্বৰ নেটৱৰ্কবোৰ সংযোগ কৰাৰ ব্যলস্থাকে ইন্টাৰনেট বুলি কোৱা হয়।

৫। অসমত SCERT কেতিয়া স্থাপন হৈছিল।

উত্তৰঃ অসমত SCERT ১৯৮৫ চনত স্থাপন কৰা হৈছিল। 

৬। UGC ৰ মূখ্য কাৰ্যালয় ক'ত আছে।

উত্তৰঃ UGC ৰ মূখ্য় কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।

৭। Web site কি? 

উত্তৰঃ ইন্টাৰনেটত যিকোনো কোম্পানী, সংগঠন বা ব্যক্তিয়ে নিজৰ বিষয়ে বা আন যিকোনো বিষয়ে নানা তথ্য সংৰক্ষণ কৰি থ'ব পাৰে। যিবোৰ আন ব্যৱহাৰকাৰীয়ে প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব। এইবোৰক Web site  বুলি কোৱা হয়।

ঘ। চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২  নম্বৰ)ঃ

১। বিদ্যালয় সংগঠনৰ বাবে দুটা বৈষয়িক সম্পদৰ নাম লিখা।

উত্তৰঃ বিদ্য়ালয় সংগঠনৰ বাবে দুটা বৈষয়িক সম্পদৰ নাম হল -

(১) মাটি বা ভূখণ্ড

(২) বিদ্য়ালয় গৃহ আৰু খেলপথাৰ 

২। বিদ্যালয় সংগঠনৰ দুটা মানৱ সম্পদৰ নাম লিখা।

উত্তৰঃ বিদ্য়ালয় সংগঠনৰ দুটা মানৱ সম্পদৰ নাম হল -

(১) শিক্ষক 

(২) ছাত্ৰ-ছাত্ৰী।

৩। শিক্ষাত কম্পিউটাৰৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ শিক্ষাৰ কম্পিউটাৰ দুটা ব্য়ৱহাৰ হ'ল-

(১) স্কুল, কলেজত ছাত্ৰ - ছাত্ৰীবোৰে শিকাৰ বাবে কম্পিউটাৰ ব্য়ৱহাৰ কৰে।

(২) কম্পিউটাৰ অফিচত কৰ্মচাৰীৰ ছুটী, দৰমহা, ঠিকনা অন্য়ান্য় তথ্য়বোৰ পৰিচালনা কৰা কাৰণে কম্পিউটাৰ ব্য়ৱহাৰ কৰা হয়।

৪। এজন শিক্ষকৰ দুটা ব্যক্তিগত গুণ লিখা।

উত্তৰঃ এজন শিক্ষকৰ দুটা ব্য়ক্তিগত গুণ হল-

(১) দায়িত্ববোধ

(২) আদৰ্শ ব্য়ক্তিত্ব

৫। UGC ৰ মূল কাম কি? 

উত্তৰঃ UGC ৰ মূল কাম হৈছে উচ্চ শিক্ষা সম্পৰ্কীয় কাম কাজ নিয়ন্ত্ৰণ কৰা। 

৬। সহ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত দুটা সামাজিক কামৰ নাম লিখা। 

উত্তৰঃ সহ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত দুটা সামাজিক কামৰ নাম হ'ল- এন চি চি, ৰেড ক্ৰছ, স্কুলৰ চাফাই কাম, গছ পুলি ৰোৱা আদি।

৭। সহপাঠ্যক্ৰমিক কাৰ্য্যাৱলী দুটা উদ্দেশ্য লিখা।

উত্তৰঃ সহপাঠ্যক্ৰমিক কাৰ্য্যাৱলী দুটা উদ্দেশ্য হ'ল-

(১) সৰ্বাংগীন বিকাশ সাধনঃ সহপাঠ্যক্ৰমিক কাৰ্যাৱলীসমূহৰ মুখ্য উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যক চৰিতাৰ্থ কৰা।

(২) আত্মবিশ্বাস গঠনঃ নিজৰ ইচ্ছা, ৰুচি, অভিৰুচি আৰু ক্ষমতা অনুযায়ী এই কাৰ্যাৱলীসমূহত অংশ গ্ৰহণ কৰাৰ ফলত শিক্ষাৰ্থীৰ মনত লাহে লাহে আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসৰ সৃষ্টি হয়।

৮। বিদ্যালয়ৰ লাইব্ৰেৰীৰ অৱস্থান সম্পৰ্কে লিখা।

উত্তৰঃ শিক্ষাৰ্থীৰ ভাল পঠন অভ্য়াস গঠন কৰাটো বিদ্য়ালয়ৰ কৰ্তব্য়সমূহৰ ভিতৰত অন্য়তম। এইক্ষেত্ৰত বিদ্য়ালয়ৰ পুথিভঁৰাল সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীৰ কিতাপ পঢ়াৰ প্ৰতি ছাত্ৰ - ছাত্ৰীক অনুপ্ৰাণীত আৰু প্ৰেৰণা যোগাবৰ বাবে আন আন ব্য়ৱস্থাৰ লগতে এটা উন্নত পুথিভঁৰালৰ প্ৰয়োজন। বিদ্য়ালয়ত এটা পুথিভঁৰাল স্থাপনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰাটো অতি প্ৰয়োজন।

(১) বিদ্য়ালয়ৰ পুথিভঁৰাল শ্ৰেণীকক্ষৰ পৰা কিছু আঁতৰত আৰু শান্তিপূৰ্ণ পৰিৱেশত পাতিব লাগে। কিন্তু এই ক্ষেত্ৰত উল্লেখযোগ্য় যে বিদ্য়ালয়ৰ পুথিভঁৰাল বিদ্য়ালয়ৰ প্ৰাঙ্গনৰ কেন্দ্ৰস্থলত হোৱাটো বাঞ্চনীয়। কাৰণ তেতিয়া স্কুলৰ সকলো স্থানৰ পৰা অহা যোৱা সহজ হব।

(২) পুথিভঁৰাল সংলগ্নভাৱে এটা আহল-বহল পাঠাগাৰ থাকিব লাগে।

(৩) বিভিন্ন বিষয়ৰ পাঠ্য়পুথিৰ লগতে সেই বিষয় সমূহৰ অধ্য়য়নত সহায় কৰিব পৰা আন পুথিও পৰ্য্য়াপ্ত পৰিমাণে ৰখা উচিত।

(৪)  পুথিভঁৰালত কক্ষত পোহৰ আৰু বতাহ চলাচলৰ সু-ব্য়ৱস্থা থাকিব লাগে। ইয়াৰ আচবাব পত্ৰ আৰামদায়ক হোৱা উচিত।

(৫) পুথিভঁৰালত কিতাপ-পত্ৰবোৰ সজাই থবৰ বাবে আলমাৰিসমূহ আইনাযুক্ত দুৱাৰৰ হলে ভাল হয়। 

(৬) পুথিভঁৰালৰ বাবে পুথি নিৰ্বাচন কৰোতে ছাত্ৰ-ছাত্ৰীৰ বয়স,ৰুচি আৰু উপযোগিতাৰ কথা চিন্তা কৰিব লাগে।

(৭) শিক্ষাৰ্থীৰ বিষয় অনুযায়ী কিতাপ নিৰ্বাচনত সহায় কৰিবৰ বাবে পুথিভঁৰালত শ্ৰেণীবিভাগ কৰা পুস্তকৰ তালিকা ৰাখিব লাগে।

(৮) নতুনকৈ প্ৰকাশ পোৱা আৰু পুথিভঁৰালত নতুনকৈ সংগ্ৰহ কৰা পুথিসমূহ ছাত্ৰ ছাত্ৰীসকলে সহজে চকুত পৰাকৈ সজাই ৰাখিব লাগে।

(৯) দৈনিক, সপ্তাহিক, অৰ্ধ সাপ্তাহিক আদি বিভিন্ন ধৰণৰ বাতৰি কাকত ৰখাৰ দিহা কৰিব লাগে।

(১০) ছাত্ৰ-ছাত্ৰীক পুথিৰ অধ্য়য়নৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে বিদ্য়ালয়ৰ কৰ্তৃপক্ষই সময়ে সময়ে পুথি প্ৰদৰ্শনীৰো ব্য়ৱস্থা কৰিব লাগে।

(১১) পুথিভঁৰালৰ বাবে এজন গ্ৰন্থগাৰিক নিয়োগ কৰিব লাগে।

(১২) পুথিভঁৰালত পুথি অধ্য়য়নৰ বাবে স্কুলৰ সময়সূচীত নিৰ্ধাৰিত সময়ৰ ব্য়ৱস্থা কৰিব লাগে। অৰ্থাৎ পুথিভঁৰালত পুথি অধ্য়য়ন নিয়মৰ ভিতৰুৱা কৰিব লাগে। 

(১৩) পুথিভঁৰালৰ পৰা কিতাপ লোৱা আৰু ঘূৰাই দিয়া নীতি-নিয়মবোৰ সকলোৱে মানিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে।

(১৪) পুথিভঁৰাল কক্ষ পৰিষ্কাৰ-পৰিচ্ছন্ন হব লাগে। পুথিভঁৰাল কক্ষ ধুনীয়াকৈ সজাই ৰাখিলে ছাত্ৰ ছাত্ৰী ইয়াৰ প্ৰতি আকৰ্ষিত হয় আৰু অধ্য়য়নৰ বাবে প্ৰেৰণা লাভ কৰে।  

৯। ই-মেইল কি? 

উত্তৰঃ  ই-মেইলৰ সম্পূৰ্ণ ৰূপটো হল - Electronic mail ।  ইলেকট্ৰনিক উপায়েৰে চিঠি প্ৰত্ৰ ৰ আদান প্ৰদান কৰা হৈছে  . ই-মেইলৰ প্ৰধান কাম। এই পদ্ধতিটোত বাৰ্তা প্ৰেৰক আৰু বাৰ্তা গ্ৰহণকাৰী উভয়ৰে  . ই-মেইল ঠিকনা থকা দৰকাৰ। তেওঁলোকৰ একোটা নিজস্ব পাছৱৰ্ড থাকিব লাগে । যিটোৱে তেওঁলোকৰ চিনাক্ত কৰণত সহায় কৰে। ইয়াক  . ই-মেইল আই ডি বোলে।

১০। Web site সম্পৰ্কে দুটা টোকা লিখা।

উত্তৰঃ ইণ্টাৰনেটত যিকোনো কোম্পানী, সংগঠন বা ব্য়ক্তিয়ে নিজৰ বিষয়ে বা আন যিকোনো বিষয়ে নানা তথ্য় সংৰক্ষণ কৰি থব পাৰে। যিবোৰ আন ব্য়ৱহাৰকাৰীয়ে প্ৰয়োজন সাপেক্ষে ব্য়ৱহাৰ কৰিব পাৰে। এইবোৰক Website বুলি কোৱা হয়। ব্য়ৱহাৰকাৰীসকলে ইণ্টাৰনেট সংযোজিত কম্পিউটাৰত বিশেষ চফটওৱেৰ ব্য়ৱহাৰ কৰি ওৱেবছাইট মুকলি কৰিব পাৰে। এই চফট্ওৱেৰবোৰক ৱেব ব্ৰাউজাৰ বুলি কোৱা হয় আৰু ওৱেবছাইট মুকলি কৰি সেইবোৰ ব্য়ৱহাৰ কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক ৱেব ব্ৰাউজিং বুলি কোৱা হয়।  প্ৰত্য়েক ৱেব ছাইটৰ একোটা ঠিকনা আছে। বৰ্তমান শিক্ষা ব্য়ৱস্থাত শিক্ষাৰ লগত জড়িত প্ৰত্য়েকজন ব্য়ক্তিয়েই ওৱেবছাইট সমূহৰ পৰা প্ৰত্য়ক্ষ আৰু পৰোক্ষভাৱে উপকৃত হব পাৰে। ইয়াৰ যোগেদি আমি পৰিৱৰ্তনশীল জগতৰ লগত নিজকে পৰিচিত কৰিবৰ বাবে আৱশ্য়কীয় তথ্য়সমূহ সংগ্ৰহ কৰিব পাৰো। 

ঙ। চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)ঃ

১। বিদ্যালয়ৰ ভূমি নিৰ্ভাচনৰ চাৰিটা চৰ্ত লিখা।

উত্তৰঃ বিদ্য়ালয় ভূমি নিৰ্ভাচনৰ চাৰিটা চৰ্ত হল - 

(১) স্কুলৰ অৱস্থন ঘাই পথৰ একেবাৰে কাষত বা দূৰত হব নালাগে।

(২) পৰিবহণ ব্য়ৱস্থা যাতে ভাল হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে। 

(৩) বিদ্য়ালয়ৰ বাবে নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ আৰু ৰদ পৰা ঠাইত হব লাগে।

(৪) নগৰৰ ঘন বসতি, জনপূৰ্ণ বা বজাৰ আদিৰ পৰা আতৰত নিৰ্জান ঠাইত বিদ্য়ালয় স্থাপন কৰিব লাগে।

(৫) মাটিৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হোৱা উচিত। 

২। বিদ্যালয় গৃহ নিৰ্মানৰ চাৰিটা চৰ্ত লিখা।

উত্তৰঃ বিদ্য়ালয় গৃহ নিৰ্মানৰ চাৰিটা চৰ্ত হল-

(১) বিদ্য়ালয় গৃহত যাতে যথেষ্ট পোহৰ আৰু বতাহ সোমাব পাৰে, তাৰ ব্য়ৱস্থা কৰিব লাগে। ইয়াৰ বাবে উপযুক্ত পৰিমাণৰ দুৱাৰ খিৰিকী থাকিব লাগে। 

(২) শিক্ষাৰ্থীসকলে যাতে মুকলিভাৱে চলা-ফুৰা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য় ৰাখি বিদ্য়ালয়ৰ বাৰাণ্ডা সমূহ যথেষ্ট বহল হব লাগে।

(৩) পাঠ্য়ক্ৰমৰ সকলোবোৰ বিষয় আৰু সহপাঠ্য়ক্ৰমিক কাৰ্যসূচী সুচাৰুৰূপে চলাব পৰাকৈ নিৰ্মিত হব লাগে।

(৪) স্কুল ঘৰলৈ পৰা পক্ষত একতলীয়া হোৱা বাঞ্চনীয়। কিন্তু চহৰ অঞ্চলত সকলো ক্ষেত্ৰতে একতলীয়া বিদ্য়ালয় গৃহ সম্ভৱ নহয়। 

(৫) বিদ্য়ালয়ৰ চৌহদ ফুলে-ফলে আটক হোৱা উচিত। বিদ্য়ালয়ৰ সুন্দৰ পৰিৱেশ শিক্ষাৰ্থীৰ মনত সৌন্দৰ্যবোধ জাগ্ৰত কৰে।

৩। বিদ্যালয় পুথি ভৰাল সম্পৰ্কে লিখা।

উত্তৰঃ শিক্ষাৰ্থীৰ ভাল পঠন অভ্য়াস গঠন কৰাটো বিদ্য়ালয়ৰ কৰ্তব্য়সমূহৰ ভিতৰত অন্য়তম। এইক্ষেত্ৰত বিদ্য়ালয়ৰ পুথিভঁৰাল সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীৰ কিতাপ পঢ়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগাবৰ বাবে আন আন ব্য়ৱস্থাৰ লগতে এটা উন্নত পুথিভঁৰালৰ প্ৰয়োজন। বিদ্য়ালয়ত এটা পুথিভঁৰাল স্থাপনৰ ক্ষেত্ৰত তলত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰাটো অতি প্ৰয়োজন।

(১) বিদ্য়ালয়ৰ পুথিভঁৰাল শ্ৰেণীকক্ষৰ পৰা কিছু আঁতৰত আৰু শান্তিপূৰ্ণ পৰিৱেশত পাতিব লাগে। কিন্তু এই ক্ষেত্ৰত উল্লেখযোগ্য় যে বিদ্য়ালয়ৰ পুথিভঁৰাল বিদ্য়ালয়ৰ প্ৰাঙ্গনৰ কেন্দ্ৰস্থলত হোৱাটো বাঞ্চনীয়। কাৰণ তেতিয়া স্কুলৰ সকলো স্থানৰ পৰা অহা যোৱা সহজ হব।

(২) পুথিভঁৰাল সংলগ্নভাৱে এটা আহল-বহল পাঠাগাৰ থাকিব লাগে।

(৩) বিভিন্ন বিষয়ৰ পাঠ্য়পুথিৰ লগতে সেই বিষয় সমূহৰ অধ্য়য়নত সহায় কৰিব পৰা আন পুথিও পৰ্য্য়াপ্ত পৰিমাণে ৰখা উচিত।

(৪) পুথিভঁৰাল কক্ষত পোহৰ আৰু বতাহ চলাচলৰ সু-ব্য়ৱস্থা থাকিব লাগে। ইয়াৰ আচবাব পত্ৰ আৰামদায়ক হোৱা উচিত।

(৫) পুথিভঁৰালৰ বাবে পুথি নিৰ্বাচন কৰোঁতে ছাত্ৰ-ছাত্ৰীৰ বয়স, ৰুচি আৰু উপযোগিতাৰ কথা চিন্তা কৰিব লাগে।

৪। বিদ্যালয় পৰীক্ষাগাৰ কেনে হোৱা উচিত।

উত্তৰঃ বিদ্য়ালয়ত বিজ্ঞান শিক্ষাৰ বাবে পৰীক্ষাগাৰৰ প্ৰয়োজন হয়। বিজ্ঞানৰ জটিল ধাৰণাসমূহৰ ব্য়ৱহাৰিক জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত বিজ্ঞানৰ পৰীক্ষাগাৰ সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। এই পৰীক্ষাগাৰ সমূহত যাৱতীয় সকলো উপকৰণ আৰু আচবাব থকা বাঞ্চনীয়। বিদ্য়ালয়ত এটা আদৰ্শ পৰীক্ষাগাৰ স্থাপন কৰিবলৈ যাওঁতে তলত উল্লেখ কৰা কথাকেইটাৰ প্ৰতি মন কৰিব লাগে।

(১) বিদ্য়ালয়ৰ পৰীক্ষাগাৰটো বিদ্য়ালয় গৃহৰ এটা দিশত স্থাপন কৰিব লাগে।

(২) পৰীক্ষাগাৰত ছাত্ৰ-ছাত্ৰীসকল বহাৰ সু-ব্য়ৱস্থা থাকিব লাগে।

(৩) পানী, বিজুলী সৰবৰাহৰ প্ৰয়োজনীয় ব্য়ৱস্থা থাকিব লাগে।

(৪) বিপদজনক আৰু দামী আহিলাপাতি আচুতীয়াকৈ ৰখাৰ ব্য়ৱস্থা কৰিব লাগে।

(৫) পৰীক্ষাগাৰৰ বস্তুবোৰ তদাৰক কৰিবৰ বাবে বিশেষ কৰ্মচাৰী নিয়োগ কৰিব লাগে।

(৬) বিজ্ঞানগাৰৰ দায়িত্ব মূল বিষয় শিক্ষকৰ ওপৰত থাকিব লাগে।

৫। টেলি কনফাৰেন্সিং সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ

৬। এজন সূচলকাৰী হিচাবে শিক্ষকৰ ভূমিকা লিখা।

উত্তৰঃ বৰ্তমান শিক্ষা ব্য়ৱস্থাত সুচলকাৰী হিচাপে শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিয়নো বৰ্তমানৰ শিশুকেন্দ্ৰিক শিক্ষা ব্য়ৱস্থাত শিক্ষাৰ নীতি আৰু শিক্ষণ পদ্ধতিৰ যথেষ্ট পৰিবৰ্তন হোৱা বাবে শিক্ষকৰ দায়িত্ব দিনে দিনে বৃদ্ধি পাই আহিছে।

    সূচলকাৰী হিচাপে শিক্ষকে শিক্ষা প্ৰক্ৰিয়াত কিছুমান বিশেষ ব্য়ৱস্থাৰ সহায় লব লগা হয়। সেইবোৰ হল -

(ক) শিক্ষাদান কৰাৰ আগতে পাঠ পৰিকল্পনা কৰিব লাগে।

(খ) পাঠ্য়পুথিৰ উপৰিও বিষয়বস্তু সম্বন্ধে অধিক তথ্য় ছাত্ৰ - ছাত্ৰীক প্ৰদান কৰিব লাগে।

(গ) শিক্ষণীয় বিষয় ক্ৰমাৎ সহজৰ পৰা জটিলতালৈ আগুৱাই নিব লাগে।

(ঘ) শিক্ষাৰ্থীসকলৰ অৰ্জিত জ্ঞান - অভিজ্ঞতা নতুন পৰিস্থিতিত ব্য়ৱহাৰ কৰিবলৈ উৎসাহ যোগাব লাগে।

৭। এজন অভিৰোনকাৰী হিচাবে শিক্ষকৰ ভূমিকা লিখা।

উত্তৰঃ শিক্ষকে শ্ৰেণীকক্ষত শিক্ষাদান ফলপ্ৰসূ হবৰ বাবে তলত দিয়া ধৰণে অভিৰোচকৰ ভূমিকা পালন কৰিব পাৰে। যেনে -

(১) শ্ৰেণীত শিক্ষকে বিদ্য়াৰ্থীক অভিৰোচিত কৰিবলৈ পাঠৰ লগত সংগতি ৰাখি দৃশ্য়-শ্ৰাব্য় সঁজুলিৰ ব্য়ৱহাৰ কৰিব পাৰি।

(২) সহজৰ পৰা জটিল বিষয়লৈ আগবাঢ়িব লাগে।

(৩) যিকোনো বিষয় উদাহৰণৰ সৈতে বুজালে ছাত্ৰ-ছাত্ৰীয়ে অতি সোনকালে বুজি পায় আৰু মনোযোগ বৃদ্ধি পায়।

(৪) ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতা মনোভাৱৰ সৃষ্টি কৰিও সিহঁতক অভিৰোচিত কৰিব পাৰে। 

(৫) মাজে মাজে হাস্য়ৰসিক কথা বা কাহিনীৰ অৱতাৰণা কৰিব পাৰে।   

৮। শিক্ষাত প্ৰযুক্তিবিজ্ঞানৰ ভূমিকা লিখা।

উত্তৰঃ প্ৰযুক্তিবিদ্য়া শব্দটো সকলোৰেই এক পৰিচিত শব্দ। সাধাৰণভাৱে বৈজ্ঞানিক জ্ঞানক আমাৰ ব্য়ৱহাৰিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাকে প্ৰযুক্তি বিজ্ঞান বুলি কোৱা হয়। উৎপত্তিগত দিশৰপৰা বিচাৰ কৰিলে দেখা যায় যে প্ৰযুক্তি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ 'technology' শব্দটো 'technic' আৰু 'logia' এই দুটা গ্ৰীক শব্দৰপৰা উদ্ভৱ হৈছে। ইয়াৰ technic শব্দৰ অৰ্থ হল কোনো কলা, কৌশল বা দক্ষতা সম্পৰ্কে অনুসন্ধান কৰা বিজ্ঞান। শিক্ষাত প্ৰযুক্তি বিজ্ঞানৰ ব্য়ৱহাৰ মূলতঃ দুটা উদ্দেশ্য়ৰে বিবেচনা কৰিব পাৰি -

(১) শিক্ষাক সহজে উপলব্ধ কৰি তোলা আৰু

(২) উপলব্ধ শিক্ষাৰ গুণগত মান উন্নত কৰা।

শিক্ষা প্ৰযুক্তি বিজ্ঞান শিক্ষাৰ কোনো এক নিৰ্দিষ্ট অংশৰ লগত জড়িত নহয়। সামগ্ৰিকভাৱে শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ বৈজ্ঞানিক বিশ্লেষণ আৰু উন্নতিকৰণৰ যি প্ৰয়াস, সেয়ে হৈছে শিক্ষা প্ৰযুক্তি বিজ্ঞান। শিক্ষাৰ উদ্দেশ্য় নিৰূপনৰ পৰা আৰম্ভ কৰি তাৰ সৰ্বশেষ ফলশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত শিক্ষণ প্ৰক্ৰিয়াৰ মূল্য়ায়ন এই সকলোবোৰ বিষয়ৰ বিজ্ঞানসন্মত আলোচনা শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ অন্তৰ্ভুক্ত।

৯। সহপাঠ্যক্ৰমৰ সুবিধাসমূহ লিখা।

উত্তৰঃ সহপাঠ্য়ক্ৰমৰ সুবিধাসমূহ তলত উল্লেখ কৰা হল -

(১) শাৰীৰিক উৎকৰ্য সাধন আৰু অংগচালনাৰ কৌশল আয়ত্তকৰণ।

(২) সুপ্ত ক্ষমতাৰ চিনাক্তকৰণ আৰু ব্য়ক্তিত্বৰ পূৰ্ণ বিকাশৰ সুবিধা প্ৰদান। 

১০। পাঠ্যক্ৰমৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ কৰণীয় কাম বা গ্ৰহণীয় অভিজ্ঞতা সমূহক বুজাবৰ বাবে নানান ধৰণৰ শব্দ ব্য়ৱহাৰ কৰা হয়। যেনে- পাঠ, পাঠ্য়সূচী, বিষয়বস্তু ইত্য়াদি। কিন্তু শিক্ষাৰ বিজ্ঞানত পাঠ্য়ক্ৰম শব্দটো এক বিশেষ তাৎপৰ্য্য়পূৰ্ণ অৰ্থত ব্য়ৱহাৰ কৰা হয়। বুৎপত্তিগত দিশৰপৰা বিচাৰ কৰিলে দেখা যায় যে অসমীয়া পাঠ্য়ক্ৰম শব্দৰ ইংৰাজী প্ৰতিশব্দ, হৈছে Curriculum। এই ইংৰাজী, Curriculum শব্দটো মূল লেটিন শব্দ 'কুৰিয়াৰ' ৰ পৰা উৎপত্তি হৈছে। দৌৰিব লগা পথ এই 'Currere' শব্দৰ অৰ্থ হৈছে 'crace course' বা লক্ষ্য়ত উপনীত হবৰ বাবে বিশেষ লক্ষ্য়ত উপনীত হবৰ বাবে দৌৰিব লগা পথ। এই পাঠ্য়বিষয় কেন্দ্ৰিক অভিজ্ঞতাই হৈছে পাঠ্য়ক্ৰম। এই অৰ্থতেই ইংৰাজী 'Curriculum' শব্দৰ। পাঠ্য়ক্ৰম আৰু পাঠ্য়সূচী এই শব্দ দুটাৰ মাজত কোনো তাৎপৰ্য্য়গত পাৰ্থক্য় আছে বুলি স্বীকাৰ কৰা হোৱা নাই। প্ৰাচীন শিক্ষা ব্য়ৱস্থাত অনেক শিক্ষাবিদে পাঠ্য়ক্ৰম আৰু পাঠ্য়সূচী এই শব্দ দুটাক একেই তাৎপৰ্য্য়ৰেই ব্য়ৱহাৰ কৰিছিল। এই ক্ষেত্ৰত পাঠ্য়ক্ৰমক এক সংকীৰ্ণ দিশৰ পৰা বিবেচনা কৰা হয়। এই সংকীৰ্ণ ধাৰণা অনুযায়ী শিক্ষক আৰু শিক্ষাৰ্থীৰ শিক্ষণ-শিকন প্ৰচেষ্টা কেৱল মাত্ৰ পাঠ্য়বিষয়ৰ অনুশীলনৰ মাজত সীমাবদ্ধ। পাঠ্য়ক্ৰম সমন্ধীয় এই ধাৰণাক পাঠ্য়ক্ৰমৰ প্ৰাচীন ধাৰণা বুলি কোৱা হয়। 

চ। তলৰ প্ৰশ্নৰ উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)ঃ

১। বিদ্যালয় সংগঠন কি? বিদ্যলয়ৰ সংগঠনৰ বৈষয়িক  সম্পদৰ বিষয়ে লিখা।

উত্তৰঃ বিদ্য়ালয় এক সামাজিক প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত নিৰ্ধাৰিত পৰিকল্পনাৰ প্ৰয়োজন। বিদ্য়ালয়ত শিক্ষাদানৰ এক সুষ্ঠ পৰিৱেশ সৃষ্টিৰ বাবেই বিদ্য়ালয়ৰ সংগঠনৰ প্ৰয়োজন। এই বিদ্য়ালয় সংগঠনৰ তাৎপৰ্য হল বিশেষ উপযোগিতা সম্পন্ন বিভিন্ন অংশৰ বিন্য়াস। বিদ্য়ালয় উদ্দেশ্য় হল শিক্ষাৰ্থীক জীৱন বিকাশত সহায়তা কৰা। এই উদ্দেশ্য় সাধনৰ বাবে বিদ্য়ালয়ত বিভিন্ন ধৰণৰ কৰ্ম নিৰ্বাচন কৰা হয়, শিক্ষক নিয়োগ কৰা হয়। বিভিন্ন ধৰণৰ সা-সুবিধাৰ ব্য়ৱস্থা কৰা হয়। এই ব্য়ৱস্থাসমূহৰ বিশেষ উদ্দেশ্য়ৰ পৰিপেক্ষিতত সামঞ্জস্য়পূৰ্ণ বিন্য়াসেই হল বিদ্য়ালয় সংগঠন।

সাৰ্থক শিক্ষা প্ৰদানৰ বাবে বিদ্য়ালয়ৰ বৈষয়িক উপাদানসমূহ বিশেষ গুৰুত্বপূৰ্ণ। বৈষয়িক সম্পদ বুলি কওঁতে বিদ্য়ালয়ৰ বিভিন্ন দৈহিক উপকৰণ বা চৌদিশৰ পৰিবেশীক বিভিন্ন অৱস্থাক বুজা যায়। এই বৈষয়িক অৱস্থা সমূহে শিক্ষাদান আৰু শিক্ষাগ্ৰহণ উভয় প্ৰক্ৰিয়াকে সুস্থভাৱে পৰিচালনা কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰে। এই বৈষয়িক উপকৰণ সমূহৰ যথোপযুক্ততাই শিক্ষা কাৰ্য অৰ্থপূৰ্ণ, জীৱন্ত আৰু আকৰ্ষণীয় কৰি তোলে। এই বৈষয়িক অৱস্থাৰ অৰ্ন্তভূক্ত বিষয়সমূহ হৈছে-

(১) অৱস্থান বা ভূমিখণ্ড

(২) বিদ্য়ালয় গৃহ

(৩) শ্ৰেণীকোঠা

(৪) পুথিভঁৰাল

(৫) পৰীক্ষাগাৰ

(৬) সংগ্ৰাহালয়

(৭) অন্য়ান্য়।

২। বিদ্যালয়ৰ মানৱ সম্পদ হিচাবে শিক্ষাৰ্থীৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ বিদ্য়ালয় সংগঠনৰ ক্ষেত্ৰত শিক্ষক সকলৰ লগতে শিক্ষাৰ্থীসকলেও এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাত শিশুৰ প্ৰয়োজন আৰু সামৰ্থৰ প্ৰতি লক্ষ্য় ৰাখি শিক্ষা প্ৰদানৰ ব্য়ৱস্থা কৰিব লাগে। এটা শ্ৰেণীত থকা শিক্ষাৰ্থীসকলৰ মাজত বুদ্ধিৰ ভিন্নতা পৰিলক্ষিত হয়। এই ভিন্নতা অনুযায়ী শিক্ষাৰ্থীসকলক বিভিন্ন শ্ৰেণীভাগ কৰিব পাৰি। শিক্ষাৰ্থীৰ বৌদ্ধিক বা অন্য়ান্য় গুণাগুণ যিয়েই নহওঁক লাগিলে বিদ্য়ালয়ৰ সাধাৰণ ব্য়ৱস্থাত শিক্ষাৰ্থীসকলে বিশিষ্ট ভূমিকা গ্ৰহণ কৰে।

৩। বিদ্যালয়ৰ মানৱ সম্পদ বুলিলে কি বুজা? 

উত্তৰঃ স্কুলৰ মানৱীয় সম্পদ বুলিলে আমি ছাত্ৰ, শিক্ষক আৰু স্কুলৰ শিক্ষাৰ লগত সংশ্লিষ্ট কৰ্মচাৰী সকলোকেই বুজো। এই মানৱীয় সম্পদেই হৈছে স্কুলখনৰ প্ৰাণকেন্দ্ৰ বা প্ৰাণ সঞ্চালনকাৰী। স্কুলৰ সমগ্ৰ বৈষয়িক অৱস্থাটো ইয়াৰ বাবেই ৰচিত আৰু পৰিচালিত কৰা হয়। কেৱল বৈষয়িক অৱস্থাটো উন্নত হলেই শিক্ষা হৈ উঠিল বুলিব নোৱাৰি। ই শিক্ষাৰ এটা কাৰক বা আহিলা স্বৰূপহে মাথোন। ইয়াক ভালদৰে প্ৰয়োগ আৰু পৰিচালনা কৰি শিক্ষাৰ পূৰ্ণ উপযোগিতা লাভ কৰাটো নিৰ্ভৰ কৰে, মানৱ সম্পদ স্বৰূপ ছাত্ৰ আৰু শিক্ষকসকলৰ ওপৰত। এওঁলোকৰ ক্ষমতা, যোগ্য়তা, অৰ্হতা, আগ্ৰহ, অভিৰুচি আৰু ক্ৰিয়া প্ৰচেষ্টা আদি নাথাকিলে স্কুলখনৰ কেৱল বৈষয়িক অৱস্থাটোৰ পৰা শিক্ষা আশা কৰিব নোৱাৰি। স্কুলৰ সমগ্ৰ শিক্ষা যন্ত্ৰটো সুপৰিচালনাৰ গুৰিতেই হৈছে মানুহৰ মন আৰু কৰ্মপ্ৰেৰণা। শিক্ষাৰ এই মানৱীয় দিশটোৰ বিবেচনাই হৈছে আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা।

৪। বিদ্যালয়ত পৰামৰ্শদানকাৰী হিচাবে শিক্ষকৰ ভূমিকা লিখা।

উত্তৰঃ নিৰ্দেশনা আৰু পৰামৰ্শদান কাৰ্যৰ এক গুৰুত্বপূৰ্ণ। সেয়েহে আধুনিক শিক্ষাত শিক্ষকক এজন শিক্ষাদানকাৰী হিচাবে বিবেচনা কৰাৰ পৰিৱৰ্তে এজন পৰামৰ্শকাৰী স্বৰূপেহে চিহ্নিত কৰিব খোজা হয়। শিক্ষা গ্ৰহণ কাৰ্যত শিক্ষকৰ দিহা-পৰামৰ্শ শিক্ষাৰ্থীৰ বাবে অপৰিহাৰ্য। ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ, ৰুচি-অভিৰুচি আদি নিৰ্ধাৰিত ব্য়ৱস্থাৰে চিনিক্তকৰণ কৰি শিক্ষকে শিক্ষাৰ্থীসকলক তেওঁলোকে কোনটো বা কি কি বিষয় অধ্য়য়ন কৰিলে অধিক লাভৱান হব সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াব পাৰে। ইয়াৰ লগতে বিভিন্ন বিষয়ৰ অধ্য়য়নৰ ক্ষেত্ৰত থকা সুযোগ-সুবিধা সমূহৰ সম্ভেদো শিক্ষকে প্ৰদান কৰিব লাগে। শিক্ষাৰ্থীসকলে ব্য়ক্তিগত জীৱনৰ বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা স্বাস্থ্য় সম্পৰ্কীয়, যৌন সমস্য়া সম্পৰ্কীয়, সামাজিক বা পাৰিবাৰিক বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা সমস্য়া সমূহৰ সমাধানৰ বাবে যথোপযুক্ত পৰামৰ্শ অগবঢ়োৱা শিক্ষকৰ এক অন্য়তম দায়িত্ব। সমাজত এজন শিক্ষকৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ আৰু বহুমুখী। এইক্ষেত্ৰত জ্ঞানৰ বিস্ফোৰণ, বিভিন্ন প্ৰযুক্তি কৌশলৰ আৱিষ্কাৰ শিক্ষাৰ গোলকীকৰণ, বৃত্তিমুখীকৰণ, সকলো শ্ৰেণীৰ লোকক শিক্ষাৰ সমান সুযোগ প্ৰদানৰ যোগেদি সামাজিক ন্য়ায় প্ৰতিষ্ঠা আদি দিশ সমূহে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য়ৰ ক্ষেত্ৰত ন ন প্ৰত্য়াহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্য়হ্বানসমূহ যোগ্য়তাৰে সন্মুখীন হবৰ বাবে প্ৰত্য়েক জন শিক্ষকেই নিজকে উপযুক্তভাৱে গঢ় দি তুলিব লাগে।

৫। পাঠ্যক্ৰম কি? পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ কৰণীয় কাম বা গ্ৰহণীয় অভিজ্ঞতা সমূহক বুজাবৰ বাবে নানান ধৰণৰ শব্দ ব্য়ৱহাৰ কৰা হয়। যেনে- পাঠ, পাঠ্য়সূচী বিষয়বস্তু ইত্য়াদি। শিক্ষা বিজ্ঞানত পাঠ্য়ক্ৰম শব্দটো এক বিশেষ তাৎপৰ্য্য়পূৰ্ণ অৰ্থত ব্য়ৱহাৰ কৰা হয়। বুৎপত্তিগত দিশৰপৰা বিচাৰ কৰিলে দেখা যায় যে অসমীয়া পাঠ্য়ক্ৰম শব্দৰ ইংৰাজী প্ৰতিশব্দ, হৈছে Curriculum। এই ইংৰাজী, Curriculum শব্দটো মূল লেটিন শব্দ 'কুৰিয়াৰ' (Currere) ৰ পৰা উৎপত্তি হৈছে। দৌৰিব লগা পথ এই 'Currere' শব্দৰ অৰ্থ হৈছে 'Crace course' বা লক্ষ্য়ত উপনীত হবৰ বাবে বিশেষ লক্ষ্য়ত উপনীত হবৰ বাবে দৌৰিব লগা পথ। পাঠ্য়ক্ৰম হল বিভিন্ন শিক্ষাস্তৰত শিক্ষাৰ্থীয়ে অনুশীলন কৰিব লগা পাঠ্য়বিষয় সমূহৰ সমষ্টি। 

পাঠ্য়ক্ৰম প্ৰস্তুতকৰণৰ মূল নীতিসমূহ হৈছে -

(১) পাঠ্য়ক্ৰমৰ ব্য়াপক দৃষ্টিভংগীঃ পাঠ্য়ক্ৰম ৰচনা কৰাৰ সময়ত প্ৰথমতে মনত ৰাখিব লাগিব যে পাঠ্য়ক্ৰম কিছুমান পাঠ্য় বিষয়ৰ তালিকা নহয়। পাঠ্য়ক্ৰম হৈছে বিদ্য়ালয়ৰ তত্বাৱধানত শিক্ষাৰ্থীক সুনিয়ন্ত্ৰিত ৰূপত প্ৰদান কৰা ভিন্নমুখী অভিজ্ঞতাৰ সমষ্টি। সেয়েহে পাঠ্য়ক্ৰম ৰচনাৰ ক্ষেত্ৰত পাঠ্য়ক্ৰমৰ এই ব্য়াপক সংজ্ঞা সম্পৰ্কে অৱগত হোৱাৰ দৰকাৰ।

(২) দাৰ্শনিক ভিত্তিঃ পাঠ্য়ক্ৰমৰ সংগঠন শিক্ষাদৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত হব লাগে। অৰ্থাৎ পাঠ্য়ক্ৰমৰ উদ্দেশ্য় আৰু নীতি শিক্ষাৰ নিৰ্ধাৰিত দাৰ্শনিক তত্ত্বৰ দ্বাৰা সমৰ্থিত হব লাগে। শিক্ষাৰ বিষয়বস্তু নিৰ্ভৰ কৰে শিক্ষাৰ লক্ষ্য় আৰু উদ্দেশ্য়ৰ ওপৰত। শিক্ষাৰ লক্ষ্য় নিৰ্ভৰ কৰে শিক্ষা দৰ্শনৰ ব্য়াখ্য়ানৰ ওপৰত। গতিকে উপযুক্ত শিক্ষাদৰ্শন নিৰ্বাচন কৰি তাৰ ভিত্তিত পাঠ্য়ক্ৰম ৰচনা কৰিব লাগে।

(৩) বৃত্তিমূখিতাৰ নীতিঃ শিক্ষাক জীৱনৰ লগত সম্পৰ্কযুক্ত কৰিবৰ বাবে জীৱনৰ এটি প্ৰধান প্ৰয়োজন জীৱিকা অৰ্জন। এই প্ৰয়োজন পুৰণৰ বাবে পাঠ্য়ক্ৰমৰ বৃত্তিমূখিতাৰ প্ৰয়োজন।

(৪) পৰিবৰ্তনশীলতাৰ নীতিঃ জীৱনকেন্দ্ৰিক শিক্ষাৰ মূল কথা হল শিশুৰ চাহিদা আৰু সমাজৰ চাহিদাৰ সমন্বয়। ব্য়ক্তি আৰু সমাজৰ চাহিদাসমূহ পৰিবৰ্তনশীল। গতিকে এই দুই ধৰণৰ পৰিবৰ্তনশীল সত্তাক সাৰ্থক ভাবে পৰিচালনা কৰিবৰ বাবে স্বাভাৱিক ভাবেই পাঠ্য়ক্ৰমো পৰিবৰ্তনশীল হোৱাৰ একান্ত প্ৰয়োজন।

(৫) সৃজনশীলতাৰ নীতিঃ পাঠ্য়ক্ৰমত সংৰক্ষণৰ নীতিৰ লগতে সৃজনীশীলতাৰ নীতিও এক বিচাৰ্য বিষয়। পাঠ্য়ক্ৰমে অতীত অভিজ্ঞতাৰ বিচাৰ-বিবেচনাহীন পুনৰাবৃত্তিৰ পৰিৱৰ্তে ব্য়ক্তিৰ সৃজনাত্মক প্ৰৱনতাৰ বিকাশৰ সুযোগ প্ৰদান কৰিব লাগে।

৬। সহপাঠ্যক্ৰম কি? শিক্ষাত ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ যিবিলাক কাৰ্যায়লী শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ লগতে তেওঁৰ সৰ্বাংগীন জীৱন বিকাশৰ অন্য়ান্য় দিশত সহায়তা কৰে তাকেই সহ পাঠ্য়ক্ৰম বোলা হয়।

প্ৰাচীন শিক্ষা ব্য়ৱস্থাত শিশুৰ মানসিক বিকাশ বা জ্ঞান-আহৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। সেইসময়ত শিক্ষাৰ উদ্দেশ্য় আছিল শিক্ষাৰ্থীক বিভিন্ন বিষয়ৰ তাত্ত্বিক জ্ঞান প্ৰদান কৰা। ইয়াৰ যোগেদি শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ প্ৰচেষ্টা কৰা হৈছিল। মানসিক শক্তিৰ বিকাশৰ সহায়কাৰী বুলি বিবেচিত নিৰ্ধাৰিত বিষয় পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছিল। এই বিষয়কেন্দ্ৰিক জ্ঞান আহৰণ কৰাই আছিল শিক্ষাৰ্থীৰ জীৱনৰ মূল্য় লক্ষ্য়। শিক্ষাবিদসকলৰ মতে শিক্ষা হৈছে শিশুৰ সৰ্বাংগীন বিকাশ। ব্য়াপক অৰ্থত শিক্ষাই জীৱন আৰু জীৱনেই শিক্ষা। প্ৰগতিশীল শিক্ষাবিদসকল এই কাৰ্যাৱলীসমূহৰ সম্পৰ্কে এই  'সহ পাঠ্য়ক্ৰমিক কাৰ্যাৱলী' সম্পৰ্কীয় ব্য়াখ্য়াত সন্তুষ্ট হোৱা নাছিল। তেওঁলোকৰ অৰ্থাৎ পাঠ্য়ক্ৰমৰ সহযোগী বা 'সহ' হিচাবে এই কাৰ্যাৱলী বা কৰ্মসূচী সমূহ গ্ৰহণ কৰিলে আধুনিক পাঠ্য়ক্ৰম সংক্ৰান্ত আধুনিক ধাৰণাৰ লগত সামঞ্জস্য়হীন হৈ পৰে। যিহেতু এই কাৰ্যাৱলীসমূহে শিক্ষাৰ্থীক অভিজ্ঞতা প্ৰদান কৰে, সেয়েহে এই কাৰ্যাৱলীসমূহক পাঠ্য়ক্ৰমৰ দ্বাৰা প্ৰদত্ত অভিজ্ঞতাৰ সহযোগী হিচাবে বিবেচনা কৰিব নোৱাৰি। 

৭। বিভিন্ন প্ৰকাৰৰ সহ পাঠ্যক্ৰমিক বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্ৰাচীন শিক্ষা ব্য়ৱস্থাত শিশুৰ মানসিক বিকাশ বা জ্ঞান-আহৰণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। সেইসময়ত শিক্ষাৰ উদ্দেশ্য় আছিল শিক্ষাৰ্থীক বিভিন্ন বিষয়ৰ তাত্ত্বিক জ্ঞান প্ৰদান কৰা। ইয়াৰ যোগেদি শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ প্ৰচেষ্টা কৰা হৈছিল। মানসিক শক্তিৰ বিকাশৰ সহায়কাৰী বুলি বিবেচিত নিৰ্ধাৰিত বিষয় পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছিল। এনে এক নতুন ধাৰণা হল সহ পাঠ্য়ক্ৰমিক কাৰ্যাৱলী। এই কাৰ্যাৱলীসমূহে পাঠ্য়ক্ৰমিক শিক্ষাৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰে। এই কাৰ্যাৱলীসমূহ বিদ্য়ালয়ৰ কৰ্মসূচীত অন্তভূৰ্ক্ত হলেও শিক্ষাৰমূল পাঠ্য়ক্ৰমত স্থান পোৱা নাছিল। সেয়েহে সেই সময়ত এই কাৰ্যাৱলীসমূহ নাম দিয়া হৈছিল বহিঃ পাঠ্য়ক্ৰমিক কাৰ্যাৱলী। শিক্ষাৰ তাত্ত্বিক বিকাশৰ দ্বিতীয় পৰ্যায়ত শিক্ষাবিদসকলৰ দৃষ্টিভঙ্গীত এই কাৰ্যাৱলীসমূহৰ ক্ষেত্ৰত এক উদাৰতা দেখা যায়। পাঠ্য়ক্ৰমৰ সহযোগী বা সহ হিচাবে এই কাৰ্যাৱলী বা কৰ্মসূচী সমূহ গ্ৰহণ কৰিলে আধুনিক পাঠ্য়ক্ৰম সংক্ৰান্ত আধুনিক ধাৰণাৰ লগত সামঞ্জস্য়হীন হৈ পৰে। কাৰণ আধুনিক অৰ্থত পাঠ্য়ক্ৰম প্ৰদত্ত সকলো অভিজ্ঞতাৰ সমন্বয়।   

৮। NCERT কাৰ্যাৱলীসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত ১৯৬১ চনৰ ছেপ্তম্বৰ মাহৰ ১ তাৰিখে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ গঠন কৰা হয়। এই পৰিষদৰ মূল কাৰ্যালয় নতুন দিল্লীৰ অৰবিন্দ মাৰ্গত আছে। এই পৰিষদ হৈছে এক স্বায়ত্বশাসিত সংস্থা। এই পৰিষদে ভাৰত চৰকাৰৰ উন্নয়ন দপ্তৰৰ উপদেষ্টা হিচাবে কাৰ্য পৰিচালনা কৰে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হল এই পৰিষদৰ সভাপতি আৰু প্ৰতি ৰাজ্য় আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য়ৰ শিক্ষামন্ত্ৰীসকল হল ইয়াৰ সদস্য়। ৰাজ্য়িক চৰকাৰৰ শিক্ষা দপ্তৰৰ লগত ৰাষ্ট্ৰীয় পৰিষদখনে পূৰ্ণ সহযোগিতাৰে কাম কৰে। দেশৰ ৰাজ্য়সমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত NCERT ৰ ক্ষেত্ৰ উপদেষ্টা কাৰ্যালয় আছে। কেন্দ্ৰীয় বিদ্য়ালয় সংগঠন কেন্দ্ৰীয় মাধ্য়মিক শিক্ষা বোৰ্ড নবোদয় বিদ্য়ালয় সমিতি আদিৰ লগতো এই পৰিষদে যোগাযোগ ৰক্ষা কৰি পূৰ্ণ সহযোগিতাৰে কাম কৰে। আজমীৰ, ভূপাল, মহীশূৰ আৰু ভূৱনেশ্বৰত থকা চাৰিখন শিক্ষাৰ আঞ্চলিক প্ৰশিক্ষণ কলেজৰ পৰিচালনাৰ দায়িত্বও এই পৰিষদে গ্ৰহণ কৰে।  

৯। শিক্ষাত কম্পিউটাৰৰ ব্যৱহাৰৰ সুবিধাসমূহ লিখা।

উত্তৰঃ শিক্ষাত কম্পিউটাৰৰ ব্য়ৱহাৰৰ সুবিধাসমূহ তলত উল্লেখ কৰা হল -

(১) স্বনিয়ন্ত্ৰিত ব্য়ৱস্থাঃ কম্পিউটাৰ ভিত্তিক শিক্ষণ সময়ৰ দিশৰ পৰা স্বনিয়ন্ত্ৰিত। কম্পিউটাৰ ভিত্তিক শিক্ষাত, প্ৰত্য়েক শিক্ষাৰ্থীয়ে নিজস্ব গতিত শিক্ষা লাভ কৰিব পাৰে।

(২) ব্য়ক্তিকেন্দ্ৰিক শিক্ষণ ব্য়ৱস্থাঃ কম্পিউটাৰ ভিত্তিক শিক্ষাই শিক্ষাৰ্থীৰ শিকণক অনেক বেশী ব্য়ক্তিকেন্দ্ৰিক কৰি তোলাত সহায় কৰে।

(৩) অনুশীলন ব্য়ৱস্থাঃ কম্পিউটাৰ ভিত্তিক শিক্ষণে অনুশীলনীৰ মাধ্য়মেৰে শিক্ষাৰ্থীৰ দক্ষতা অৰ্জনত বিজ্ঞানসন্মতভাৱে সহায় কৰে। কম্পিউটাৰৰ মাধ্য়মেৰে আমি প্ৰত্য়েক শিক্ষাৰ্থীক তেওঁৰ প্ৰয়োজন অনুযায়ী অনুশীলনৰ সুযোগ দিব পাৰো।

(৪) প্ৰেষণা সঞ্চাৰ ব্য়ৱস্থাঃ কম্পিউটাৰ ভিত্তিক শিক্ষাই শিক্ষাৰ্থীৰ শিকণ অভিমুখী প্ৰেষণ সঞ্চাৰত সহায়তা কৰে। কম্পিউটাৰে শিক্ষাৰ্থীৰ অগ্ৰগতি সম্পৰ্কে জ্ঞান দিয়ে। এই জ্ঞানে পৰৱৰ্তী কাৰ্যত প্ৰেষণা যোগায়।

(৫) প্ৰতিকল্প সৃষ্টিৰ ব্য়ৱস্থাঃ এনে কিছুমান অভিজ্ঞতা আছে যিবিলাক আমি শিক্ষাৰ্থীৰ সন্মুখত প্ৰত্য়ক্ষভাৱে উপস্থাপন কৰিব নোৱাৰে। কিন্তু কম্পিউটাৰত বিভিন্ন চিত্ৰৰ মাধ্য়মেৰে আৰু এমিনেচন কৌশলৰ মাধ্য়মেৰে বাস্তৱ পৰিস্থিতিৰ প্ৰতিৰূপ সৃষ্টি কৰিব পৰা যায়।                                                                               

১০। এজন আদৰ্শ শিক্ষকৰ গুণসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ এজন আদৰ্শ শিক্ষকৰ গুণসমূহৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) আদৰ্শ ব্য়ক্তিত্বঃ সুশিক্ষক আদৰ্শ ব্য়ক্তিত্বৰ অধিকাৰী হোৱা দৰকাৰ। শিক্ষকৰ বাঞ্চিত ব্য়ক্তিত্বৰ বৈশিষ্ট্য় সম্পৰ্কে প্ৰাচীন ধাৰণাৰ আধুনিক যুগত অনেক পৰিৱৰ্তন হৈছে। শিক্ষক সকলো সময়তে গুৰুগম্ভীৰ হব লাগে। শিক্ষকৰ ব্য়ক্তিত্বত অসীম ধৈৰ্য্য়, পৰম সহিষ্ণুতা, উদাৰ দৃষ্টিভংগী, নিৰপক্ষতা, ন্য়ায়-অন্য়ায়বোধ, উদ্য়মশীলতা, আশাবাদ, অদম্য় উৎসাহ, আত্মবিশ্বাস, সহানুভূতি প্ৰভৃতি চাৰিত্ৰিক গুণাৱলীৰ সমাবেশ ঘটা একান্ত প্ৰয়োজন।

(২) দায়িত্ববোধঃ এজন আদৰ্শ শিক্ষকৰ এক গুৰুত্বপূৰ্ণ লক্ষণ হল দায়িত্ববোধ। সমাজে শিক্ষকসকলৰ ওপৰত ভৱিষ্য়ত নাগৰিকসকলক গঢ় দি তোলাৰ গুৰুদায়িত্ব অৰ্পণ কৰে। শিক্ষকৰ আচৰণৰ দ্বাৰাই শিক্ষাৰ্থীসকল বিশেষভাৱে প্ৰভাৱিত হয়। এইক্ষেত্ৰত শিক্ষকসকল যদি তেওঁৰ ওপৰত সমাজে ন্য়স্ত কৰা গুৰু দায়িত্ব সম্পৰ্কে সচেতন নহয় তেন্তে তেওঁ কেতিয়াও সুশিক্ষক হব নোৱাৰে। মুঠতে শিক্ষক নিজ দায়িত্ব আৰু কৰ্তব্য় সম্পৰ্কে সদায় সচেতন হৈ থাকিব লাগে।

(৩) দৃষ্টিভংগীৰ উদাৰতাঃ সুশিক্ষকৰ দৃষ্টিভংগী উদাৰ আৰু ব্য়াপক হোৱা দৰকাৰ। শিক্ষাৰ্থীৰ দৃষ্টিভংগীৰ প্ৰসাৰতা সৃষ্টি এজন শিক্ষকৰ গুৰুত্বপূৰ্ণ দায়িত্ব। শিক্ষকৰ নিজৰ দৃষ্টিভংগী সংকীৰ্ণ আৰু ঠেক হলে তেওঁ শিক্ষাৰ্থীৰ মনৰ প্ৰসাৰতা বৃদ্ধি কৰিব নোৱাৰে। গতিকে বিভিন্ন মতবাদ সম্বন্ধে শিক্ষকৰ মনোভাৱ যুক্তিসম্পন্ন আৰু উদাৰ হোৱা উচিত।

(৪) নিৰপেক্ষতাঃ সুশিক্ষকসকল বিচাৰ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নিৰপেক্ষ হোৱা উচিত। এই গুণটোৰ অন্তৰ্গত হৈছে পক্ষপাতিত্বহীনতা, উদাৰতা, ন্য়ায়বিচাৰ ইত্য়াদি। শিক্ষকৰ আচৰণ পক্ষপাতিত্বমূলক হলে তেওঁ অনেক গুণৱান হলেও নিঃসন্দেহে শিক্ষাৰ্থীৰ শ্ৰদ্ধাৰ পাত্ৰ হব নোৱাৰে। গতিকে পক্ষপাতহীনতা শিক্ষকৰ সাফল্য়ৰ এটা উল্লেখযোগ্য় উপাদান।

(৫) আবেগিক নিয়ন্ত্ৰণঃ সুশিক্ষকৰ আন এটা ব্য়ক্তিগত লক্ষণ হৈছে তেওঁৰ আবেগিক নিয়ন্ত্ৰণৰ ক্ষমতা আৰু আবেগিক পৰিপক্কতা। শিক্ষকৰ আত্মসংযম আৰু আচৰণকৰ স্থিৰতা এক আৱশ্য়িক বৈশিষ্ট্য়। অত্য়াধিক আবেগৰ বহিঃপ্ৰকাশে মানুহক বিচলিত কৰে। আত্মসংযম, চাৰিত্ৰিক দৃঢ়তা আৰু প্ৰতিকূল অৱস্থাৰ মাজতো মানসিক ধৈৰ্য্য় সহকাৰে কাম কৰাৰ ক্ষমতা এজন শিক্ষকৰ বাবে নিতান্ত প্ৰয়োজনীয়। 

১১। UGC ৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ বিশ্ববিদ্য়ালয় অনুদান আয়োগৰ মুখ্য় কাম হৈছে উচ্চ শিক্ষা সম্পৰ্কীয় কাম কাজ নিয়ন্ত্ৰণ কৰা। ১৯৪৪ চনৰ যুদ্ধোত্তৰ কালত দেশৰ শিক্ষা বিকাশৰ বাবে গ্ৰহণ কৰিবলগা আঁচনি স্বৰূপে কেন্দ্ৰীয় উপদেষ্টা পৰিষদে বিশ্ববিদ্য়ালয় অনুদান আয়োগ গঠনৰ সম্পৰ্কে প্ৰথম পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শ অনুযায়ী এক সীমিত ক্ষমতা সম্পন্ন কমিটি ১৯৪৫ চনত গঠন কৰা হৈছিল। ১৯৫৬ চনৰ ৩ মাৰ্চ তাৰিখে বিশ্ববিদ্য়ালয় অনুদান আয়োগ আইন গৃহীত কৰা হৈছিল আৰু সেই চনৰে (১৯৫৬) ৫ নবেম্বৰ তাৰিখে অধিক আইনৰ ক্ষমতা প্ৰদানেৰে বিশ্ববিদ্য়ালয় পৰ্যায়ৰ শিক্ষাৰ মান উন্নয়নৰ উদ্দেশ্য়ৰেই এই অনুদান আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ প্ৰধান কামবোৰ হৈছে -

(ক) বিশ্ববিদ্য়ালয় শিক্ষাৰ উন্নতি আৰু সমন্বয়ৰ ব্য়ৱস্থা কৰা, উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাগত মানদণ্ড নিৰ্ধাৰণ কৰা, পৰীক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰা ইত্য়াদি।

(খ) বিশ্ববিদ্য়ালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্য়ালয়সমূহৰ উন্নয়নমূলক কাম-কাজৰ বাবে অৰ্থমঞ্জুৰী আগবঢ়োৱা। 

(গ) নতুন বিশ্ববিদ্য়ালয় স্থাপনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক পৰামৰ্শ দিয়াৰ লগতে অনুমতি প্ৰদান কৰা।

(ঘ) উচ্চ শিক্ষাৰ অধ্য়য়ন, গৱেষণা আৰু পৰীক্ষা কাৰ্যৰ মান উন্নত কৰা।

(ঙ) বিশ্ববিদ্য়ালয় আৰু মহাবিদ্য়ালয়সমূহৰ শিক্ষকসকলৰ দৰমহা, অৰ্হতা, প্ৰশিক্ষণ আদিৰ ব্য়ৱস্থা কৰা। 

১২। DIET ৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ১৯৮৬ চনৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতিখন জিলাতে একোখনকৈ জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰিবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছিল। এই প্ৰতিষ্ঠানসমূহৰ উদ্দেশ্য় হৈছে প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু গুণগত মান উন্নয়ন সাধন কৰা। ১৯৮৮ চনৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুযায়ী বিভিন্ন ৰাজ্য়ত জিলাই এনে অনুষ্ঠান পতা হয়। কাৰ্যভিত্তিক বা ক্ষেত্ৰভিত্তিক গৱেষণা, প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ আৰু প্ৰকাশণ হৈছে এই DIET সমূহৰ মূখ্য় কাম। ৰাজ্য়িক পৰ্যায়ৰ SCERT সমূহে এই সমূহক প্ৰয়োজনীয় শিক্ষামূলক আৰু পৰিচালনামূলক নিৰ্দেশনা আৰু সহায় সহযোগিতা আগবঢ়াব লাগে। সংক্ষেপে এই অনুষ্ঠানসমূহৰ মূখ্য় উদ্দেশ্য়সমূহ হৈছে -

(ক) শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰা। এইক্ষেত্ৰত প্ৰাথমিক শিক্ষকসকলৰ প্ৰাক-চাকৰিকালীন আৰু চাকৰিকালীন প্ৰশিক্ষণ, প্ৰথমিক স্কুলসমূহৰ প্ৰধান শিক্ষক সকলৰ প্ৰশিক্ষণ, অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ পৰিদৰ্শক আৰু অধীক্ষকসকলৰ প্ৰশিক্ষণ দিয়া ইত্য়াদি দিশসমূহ বিশেষ গুৰুত্বপূৰ্ণ।

(খ) প্ৰাথমিক আৰু প্ৰাপ্তবয়স্কৰ শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক আৰু বিশিষ্ট জ্ঞান অভিজ্ঞতামূলক সহায় আগবঢ়োৱা।

(গ) প্ৰাথমিক আৰু প্ৰাপ্তবয়স্কৰ শিক্ষাৰ ক্ষেত্ৰভিত্তিক গৱেষণা আৰু পৰীক্ষনমূলক ক্ৰিয়াৰ দায়িত্ব গ্ৰহণ কৰা।

(ঘ) শিক্ষণ সঁজুলিৰ উদ্ভাৱন আৰু বিকাশ সাধনত সহায় কৰা।

সৰ্বশিক্ষা অভিযানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ দায়িত্ব DIET সমূহে গ্ৰহণ কৰে। একোখন জিলাৰ SSA- ৰ কাম পৰিচালনাৰ বাবে DIET ৰ অধ্য়ক্ষসকলক District Academic Mission Co-Ordinator (DAMC) বুলি নামাকৰণ কৰা হৈছে। 


Type Himanku Bora..

Author: Boby Bora 


Post ID : DABP006368