জনসংখ্যা সংৰচনা



 (১) লিংগ অনুপাত কি ? ইয়াক কেনেদৰে নিৰ্ণয় কৰা হয়।

উত্তৰঃ প্ৰতি ১০০০ ৰ জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা লিংগ অনুপাত বোলা হয়। ইয়াক নিৰ্ণয় কৰিবলৈ তলত সূত্ৰটো ব্যৱহাৰ কৰা হয় ঃ-



(২) জনসংখ্যা গঠন মানে কি ?

উত্তৰঃ জনসংখ্যা গঠন মানে হৈছে কোনো এক জনসংখ্যাৰ পুৰুষ মহিলাৰ গাঁঠনি, গ্ৰাম্য সংৰচনা, বৃত্তীয় সংৰচনা, বয়স সংৰচনা ইত্যাদি।

(৩) কৰ্মঠ জনসংখ্যা কি ?

উত্তৰঃ ১৫ আৰু ৫৯ বয়সৰ জনসংখ্যাক কৰ্মঠ বোলা হয়। 

(৪) বয়স্ক জনসংখ্যা কি ?

উত্তৰঃ ৬০ বছৰৰ উৰ্ধ্বৰ জনসংখ্যাক বয়স্ক জনসংখ্যা বোলা হয়।

(৫) পৃথিৱীৰ কোনখন দেশৰ সৰ্বাধিক লিংগ অনুপাত আছে ?

উত্তৰঃ পৃথিৱীৰ লাটভিয়া দেশৰ সৰ্বাধিক লিংগ অনুপাত আছে।

(৬) লিংগ অনুপাত নিম্ন হোৱা কেইখনমান দেশৰ নাম ?

উত্তৰঃ লিংগ অনুপাত নিম্ন হোৱা কেইখনমান দেশৰ নাম হ'ল- চীন, ভাৰত, ছৌডি আৰৱ, পাকিস্তান, আফগানিস্তান ইত্যাদি।

(৭) পৃথিৱীৰ কোনখন দেশৰ একেবাৰে নিম্ন লিংগ অনুপাত দেখা যায় ?

উত্তৰঃ UAE ( সংযুক্ত আৰৱ গণৰাজ্য )।

(৮) ভাৰতবৰ্ষত কিমান বয়সৰ জনসংখ্যা শিক্ষিত বুলি ধৰা হয় ?

উত্তৰঃ ভাৰতবৰ্ষত ৭ বছৰৰ বয়সৰ জনসংখ্যা শিক্ষিত বুলি ধৰা হয়।

(৯) গ্ৰাম্য আৰু নগৰৰ সংৰচনাৰ মাজত পাথৰ্ক্যবোৰ কি কি ?

উত্তৰঃ গ্ৰাম্য আৰু নগৰৰ সংৰচনাৰ মাজত পাথৰ্ক্যবোৰ হ'ল-

(i) বয়সৰ গাঁঠনি।

(ii) পুৰুষ আৰু মহিলাৰ সংৰচনা।

(iii) জনসংখ্যা ঘনত্ব।

(iv) গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজত পাৰ্থক্য।

(১০)  নিম্ন লিংগ অনুপাত হোৱাৰ কাৰণবোৰ কি কি ?

উত্তৰঃ নিম্ন লিংগ অনুপাত হোৱাৰ কাৰণবোৰ হ'ল-

(i) মহিলাৰ ঘুণ হত্যা।

(ii) কিশোৰী শিশুৰ হত্যা।

(iii) মহিলাৰ বিৰুদ্ধে ধৰোৱা অপৰাধ।

(iv) ল'ৰা সন্তানৰ প্ৰতি অত্যাধিক মোহ।

(১১) উন্নয়নশীল দেশসমূহৰ মহিলাৰ জনসংখ্যা কম হোৱাৰ কাৰণ কি ?

উত্তৰঃ উন্নয়নশীল দেশসমূহৰ মহিলাৰ জনসংখ্যা কম হোৱাৰ কাৰণ সমূহ হ'ল- 

(i) নগৰত মহিলাৰ বাবে আশ্ৰয়ৰ অভাৱ।

(ii) নগৰীয়া ব্যয় বহুল জীৱন মাত্ৰা।

(iii) কম বা অশিক্ষিত মহিলাৰ বাবে বিয়োগৰ অসুবিধা। 

(iv) নিৰাপত্তাৰ অভাৱ। 

(১২) মানুহৰ বৃত্তীয় গাঁঠনিৰ বিষয়ে লিখা ?

উত্তৰঃ মানুহৰ কৰ্মঠ জনসংখ্যাই নিজকে অৰ্থনৈতিৰ কাম কাজত নিয়োজিত কৰে। এনে অৰ্থনৈতিক কাম-কাজবোৰ হৈছে-

(i) প্ৰাথমিক বৃত্তি ( কৃষি, পশুপালন, মংস্য পালন, আৰু খনিজাত কামকাজ )।

(ii) দ্বিতীয়ক বৃত্তি ( নিমাৰ্ণ শিল্প, কুটীৰ শিল্প, বিভিন্ন কাৰখানাসমূহ আৰু উদ্যোগসমূহ )  ।

(iii) তৃতীয়ক বৃত্তি ( শিক্ষক, উকীল, চিকিৎসক, নাচ, ব্য়ৱসায় পৰ্যতন আৰু অন্যান্য সেৱাখণ্ড সমূহ )  ।

(iv) চতুৰ্থক বৃত্তি ( গৱেষণা আৰু উন্নয়ণশীল চিন্তাসমূহ )। 

(v) পাছোতীয়া বৃত্তি ( উচ্চ পৰ্যায়ৰ পৰামৰ্শ দ্বাতা, নীতি নিৰ্ধাৰক আৰু জ্ঞানভিত্তিক উদ্যোগসমূহ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Nayan Jyoti Bordoloi

Author - Himashree Bora.



Post ID : DABP006310