জনসংখ্যা গঠন | অধ্যায় ৩ | Chapter 3 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Question Answer | Class 12 Geography Suggestion | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question Answer Notes | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | 


জনসংখ্যা গঠন 

অনুশীলনী

1. নিম্নলিখিত চাৰিটা বি্কল্পৰ পৰা উত্তৰটো বাছি উলিওৱা।

(i) নিম্নলিখিত কোনটোৰ দ্বাৰা সংযুক্ত আৰৱ গণৰাজ্যৰ লিংগ অনুপাত নিম্নগামী হৈছেঃ-

a)  নিৰ্বাচিত কৰ্মী পুৰুষ জনসংখ্যাৰ প্ৰব্ৰজনৰ দ্বাৰা,

b)  পুৰুষৰ উচ্চ জন্মহাৰৰ দ্বাৰা,

c) মহিলাৰ নিম্নজন্মহাৰৰ দ্বাৰা.

d) উচ্চহাৰত মহিলাৰ বহিঃপ্ৰব্ৰজনৰ দ্বাৰা।

উত্তৰঃ  a) নিৰ্বাচিত কৰ্মী পুৰুষ জনসংখ্যাৰ প্ৰৱজনৰ দ্বাৰা ।

(ii) নিম্নলিখিত কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছেঃ-

a) ১৫ৰ পৰা ৬৫ বছৰ,       b) ১৫ৰ পৰা ৬৪ বছৰ,

c)  ১৫ৰ পৰা ৬৬ বছৰ,       d) ১৫ৰ পৰা ৫৯ বছৰ।

উত্তৰঃ d) ১৫ ৰ পৰা ৫৯ বছৰ ।

(ii) নিম্নলিখিত কোনখন দেশত, পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি লিংগ অনুপাত আছেঃ-

a) লাটভিয়া,              b) সংযুক্ত আৰৱ গণৰাজ্য,

c) জাপান,                d) ফ্ৰান্স।

উত্তৰঃ a) লাটভিয়া 

2.  ৩০টা মান শব্দৰ দ্বাৰা নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i) জনসংখ্যাৰ উপাদান বুলিলে কি বুজা?

উত্তৰঃ a) জনসংখ্যাৰ উপাদান বোৰ হল- বয়সৰ গাঁথনি, পুৰুষ-মহিলাৰ অনুপাত, সাক্ষৰতা, বাসস্থান, বৃত্তি আদি ।

(ii) বয়স গঠনৰ তাৎপৰ্য ক’ত?

উত্তৰঃ 

(iii) লিংগ অনুপাতৰ জোখ কেনেদৰে লব পাৰি?

উত্তৰঃ এক সূত্ৰৰ দ্ধাৰা কিছুমান দেশে ইয়াক গণনা কৰে । নতুবা এহেজাৰ গৰাকী মহিলা বিপৰীতে থকা পুৰুষৰ সংখ্যা । 


3. ১৫০টা শব্দৰ ভিতৰত নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i) জনসংখ্যাৰ গ্ৰাম্য, নগৰিয়া উপাদানৰ বৰ্ণনা কৰা।

উত্তৰঃ বাসস্থানৰ ওপৰত ভিত্তি কৰি জনসংখ্যাক গ্ৰাম্য আৰু নগৰীয়া এই দুটা ভাগত বিভক্ত কৰিব পৰা যায় । এই বিভাজন প্ৰয়োজনীয়, কিয়নো গ্ৰাম্য আৰু নগৰীয়া জীৱন শৈলী, তেওঁলোকৰ জীৱনধাৰণ আৰু সামাজিক অৱস্থাৰ ক্ষেত্ৰত থকা পাৰ্থ্যক্যৰ দ্ধাৰা বুজিব পৰা যায়। গ্ৰাম্য আৰু নগৰ অঞ্চলত বয়স-লিংগ-বৃত্তিৰ গঠন, জনসংখ্যাৰ ঘনত্ব আৰু উন্নয়নৰ স্তৰৰ পাৰ্থক্য আছে ।

        দেশভেদে গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ  পৃথকীকৰণৰ বিচাৰৰ নীতিৰ পাৰ্থক্য আছে । সাধাৰণ অৰ্থত গ্ৰাম্য অঞ্চল বোৰ হল এনে অঞ্চল যত মানুহে প্ৰাথমিক কাৰ্যত আৱদ্ধ হৈ থাকে আৰু নগৰীয়া অঞ্চলবোৰ হল এনে ঠাই যত জনসংখ্যাই অ-প্ৰাথমিক কাৰ্য কলাপত লিপ্ত হৈ থাকে ।

        কানাডা আৰু পশ্চিম ইউৰোপীয় দেশসমূহৰ যেনে ফিনলেণ্ড ৰ গ্ৰাম্য আৰু নগৰীয়া লিংগ অনুপাতৰ প্ৰভেদ আফ্ৰিকা আৰু এচিয়াৰ দেশসমূহ যথা ক্ৰমে জিম্বাবৱে আৰু নেপালৰ সম্পূৰ্ণ বিপৰীত । পশ্চিমীয়া দেশসমূহৰ গ্ৰাম্য অঞ্চলবোৰত মহিলাতকৈ পুৰুষৰ সংখ্যা সৰহ আৰু নগৰীয়া অঞ্চলবোৰত পুৰুষতকৈ মহিলাৰ সংখ্যা সৰহ হৈ থাকে । নেপাল, পাকিস্থান আৰু ভাৰতবৰ্ষৰ নিচিনা দেশসমূহত ইয়াৰ বিপৰীত অৱস্থাটো দেখিবলৈ পোৱা যায়। বিস্তূত ভাৱে থকা চাকৰিৰ সুযোগ লাভ কৰিবলৈ, গ্ৰাম্য অঞ্চলৰ পৰা মহিলা সকলৰ আগমন হোৱাৰ ফলত যুক্তৰাষ্ট্ৰ কানাডা আৰু ইউৰোপীয় নগৰ সমূহত মহিলাৰ সংখ্যা বেছি । এনেবোৰ উন্নয়নশীল দেশত কৃষিক্ষেত্ৰটো, উচ্চমানৰ যন্ত্ৰচালিত হৈছে আৰু প্ৰধানত পুৰুষৰ বৃত্তি হিচাপে পৰিগণিত। ইয়াৰ বিপৰীতে, এচিয়ীৰ নগৰ অঞ্চল সমূহৰ লিংগ অনুপাতত, পুৰোষ প্ৰৱজনৰ প্ৰাধান্যতাৰ বাবে পুৰোষৰ আধিপত্য থকা দেখা যায় । এইটো কথা লক্ষনীয় যে, ভাৰতবৰ্ষৰ নিচিনা দেশবোৰৰ গ্ৰাম্য অঞ্চলবোৰত কৃষিকাৰ্যত মহিলাৰ যোগদান যথোচিত ভাৱে উচ্চতৰ। আবাস গৃহৰ অভাৱ, ব্যয়বহুল জীবনযাত্ৰা, চাকৰিৰ সুযোগৰ নাটনি আৰু নিৰাপত্তাৰ অভাৱে মহিলা সকলক গ্ৰাম্য অঞ্চলৰ পৰা নগৰমুখী প্ৰব্ৰজনত নিৰুৎসাহিত কৰে ।


(ii) পৃথিৱীৰ বিভিন্ন অঞ্চলসমূহত দেখিবলৈ পোৱা, লিংগ-বয়সৰ ভাৰাসাম্যহীনতাৰ কাৰক সমূহ আৰু বৃত্তি গঠনৰ বিষয়ে বৰ্ণনা কৰা।


আঁচনি/কৰ্ম

তোমালোকৰ জিলা/ৰাজ্যখনৰ এটা বয়স-লিংগ পিৰামিড অংকন কৰা।


Type- Nayan Jyoti Bordoloi

Author-Leena kakati B.A 1st semester



Post ID : DABP006449