মনোবিজ্ঞান আৰু শিক্ষা | চতুৰ্থ অধ্যায় | Chapter 4 | Class 11 Education Question Answer | Class 11 Question Answer | Psychology and education |

মনোবিজ্ঞান আৰু শিক্ষা

।। প্ৰশ্নাৱলী ।।

ক। খালী ঠাই পূৰ কৰা (প্ৰতিটো প্ৰশ্নৰ বাবে ১ নম্বৰ)

১। Psychology শব্দটো গ্ৰীক শব্দ                  পৰা আহিছে।

উত্তৰঃ 'Psyche' আৰু 'Logos'।

২। ওৱাটচনৰ মতে মনোবিজ্ঞান হ'ল আচৰণৰ                  বিজ্ঞান।

উত্তৰঃ অনুশীলনকাৰী। 

৩। দৰ্শনশাস্ত্ৰই মনোবিজ্ঞান                  বিজ্ঞান হিচাবে চিহ্নিত কৰিছিল।

উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞান। 

৪। Psychology শব্দৰ ব্যুৎপত্তিগত অৰ্থ হ'ল                  সম্বন্ধীয় বিজ্ঞান।

উত্তৰঃ যুক্তিপূৰ্ণ তথ্য।

৫। মনোবিজ্ঞান হ'ল                  বিজ্ঞান।

উত্তৰঃ আচৰণ।

৬। মনোবিজ্ঞান হ'ল আচৰণৰ বিজ্ঞান। শিক্ষা হ'ল তাৰ                  ক্ষেত্ৰ।

উত্তৰঃ 

৭।                  ক মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

উত্তৰঃ জে.বি.ৱাটচনক 

৮। এৰিষ্টটলৰ মতে মনোবিজ্ঞান হৈছে                  বিজ্ঞান।

উত্তৰঃ

৯। উদওৱাৰ্থে কৈছিল মনোবিজ্ঞানে প্ৰথমে আত্মাক হিৰুৱালে, তাৰপিছত                  হেৰুৱালে আৰু তাৰপিছত চেতনাক হেৰুৱালে।

উত্তৰঃ

১০।                  শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

উত্তৰঃ পেষ্টালজী। 

১১। মনোবিজ্ঞানৰ বিষয়েবস্তু হ'ল বিভিন্ন ধৰণৰ                  প্ৰক্ৰিয়া।

উত্তৰঃ

১২।                  মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এনে এটা শাখা যি ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে বিকাশৰ ধাৰা অনুশীলন কৰে।

উত্তৰঃ শিক্ষা 

১৩। শিক্ষা মনোবিজ্ঞান এক                  বিজ্ঞান।

উত্তৰঃ আদৰ্শনিষ্ঠ।

১৪। শিক্ষা মনোবিজ্ঞানৰ পৰিধিয়ে শিক্ষাৰ্থী                  আৰু শিক্ষণীয় পৰিবেশত আগুৰি ৰাখিছে।

উত্তৰঃ 

১৫। আধুনিক মনোবিজ্ঞান ভিত্তিক শিক্ষাক                  শিক্ষা বুলি কোৱা হয়।

উত্তৰঃ শিশুকেন্দ্ৰিক। 

১৬। বিষয়বস্তুৰ উপৰিও শিক্ষকে                  জনা উচিত।

উত্তৰঃ শিক্ষাৰ্থীক। 

১৭। শিশু প্ৰকৃতি বুজাত আমাক                  সহায় কৰে। 

উত্তৰঃ মনোবিজ্ঞানে। 

১৮। বিষয়বস্তুৰ উপৰিও শিক্ষকে                  জনা উচিত।

উত্তৰঃ শিক্ষাৰ্থীক। 

১৯। আধুনিক শিক্ষা                  কেন্দ্ৰিক।

উত্তৰঃ শিশুকেন্দ্ৰিক।

২০। "I wish to psychologise education" -এই উক্তিটো আছিল                  ।

উত্তৰঃ চিন্তাবিদ পেষ্টালজীয়ে।

২১। "The teacher teaches john Latin" -এই উক্তটো কৰিছিল                  ।

উত্তৰঃ চাৰ আদামচে্।

২২। "A child is a book which the teacher is to learn from page to page"                 

উত্তৰঃ ৰুচোৱে কৈছিল।

২৩। অষ্টাদশ শতাব্দীৰ যিজন বিখ্যাত চজিন্তাবিদৰ প্ৰভাৱত শিক্ষাৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগৰ সূত্ৰপাত হৈছিল, তেওঁ আছিল                  ।

উত্তৰঃ

২৪। "Logos' শব্দৰ অৰ্থ হ'ল                  ।

উত্তৰঃ যুক্তিপূৰ্ণ তথ্য বা বিজ্ঞান।

২৫। "Psyche' শব্দৰ অৰ্থ হ'ল                  ।

উত্তৰঃ 'Soul' বা আত্মা।

২৬। মনোবিজ্ঞানে প্ৰথমে আত্মাক হেৰুৱালে, তাৰ পিছত চেতনাক, কিন্তু বৰ্তমান ইয়াৰ বাবে আছে এক প্ৰকাৰৰ আচৰণ - এই উক্তিটো আছিল                  ।

উত্তৰঃ 

২৭। মনোবিজ্ঞানে                  বিজ্ঞান।

উত্তৰঃ প্ৰত্য়ক্ষ

২৮। শিক্ষা মনোবিজ্ঞানৰ পিতৃ  হ'ল                 ।

উত্তৰঃ জে. এইচ. পেষ্টালজী।

খ। এটা কথাত উত্তৰ দিয়া (প্ৰতিটো প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ

১। মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? 

উত্তৰঃ মনোবিজ্ঞানৰ পিতৃ বুলি জে. এইচ. পেষ্টালজী।

২। 'Psychology' শব্দটো কোনো ভাষাৰ পৰা উৎপত্তি হৈছে? 

উত্তৰঃ 'Psychology' শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। 

৩। মানুহৰ শিক্ষাকালীন আচৰণক আচৰণ অধ্যয়ন বাবে গঢ়লৈ উঠা মনোবিজ্ঞানৰ শাখাটোৰ নাম কি? 

উত্তৰঃ মানুহৰ শিক্ষাকালীন আচৰণৰ অনুশীলন আৰু শিক্ষা প্ৰক্ৰিয়াক বিশেষভাৱে সহায়তা কৰিবৰ বাবেই 'শিক্ষা মনোবিজ্ঞান' এই বিশেষ শাখা সৃষ্টি হৈছে।

৪। শিক্ষা আৰু মনোবিজ্ঞান উভয়ৰে অনুশীলনীৰ মূল বিষয়বস্তু কি?

উত্তৰঃ

৫। এজন শিক্ষক আৰু ওজন মনোবিদৰ সাধাৰণ উদ্দেশ্য কি? 

উত্তৰঃ

৬। শিক্ষা মনোবিজ্ঞানৰ সাধাৰণ উদ্দেশ্য কি? 

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য় হল এনে কিছু তথ্য় সংগ্ৰহ কৰা যাৰ সাহাৰ্য্য়ত শিক্ষক সকলে অধিক সাৰ্থকতাৰে তেওঁলোকৰ দায়িত্ব আৰু কাৰ্যসম্পাদন কৰিব পাৰে।

৭। পৰীক্ষামূলক মনোবিজ্ঞানৰ জনক কোন? 

উত্তৰঃ পৰীক্ষামূলক মনোবিজ্ঞানৰ জনক হ'ল- ৱিল্হেম ৱোণ্ড।

৮। শ্ৰেণীশিক্ষনৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ কোনটো নীতি বিশেষভাৱে অৱলম্বনৰ কৰা প্ৰয়োজন।   

উত্তৰঃ

৯। শিক্ষা মনোবিজ্ঞানৰ এটি বৈশিষ্ট্য লিখা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ এটি বৈশিষ্ট্য হ'ল-

(১) শিক্ষা-মনোবিজ্ঞানে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক যোগসূত্ৰ স্থাপন কৰে।

গ। সংক্ষিপ্ত প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মান ৪ নম্বৰ)ঃ

১। শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা তলত দিয়া হ'ল-

(ক) স্কিনাৰৰ মতেঃ "শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এনে এটা শাখা যিটো শিক্ষন আৰু শিক্ষন কাৰ্যৰ লগত জড়িত।"

(খ) বিশিষ্ট মনোবিদ বাৰ্ণাডৰ মতেঃ "সমাজৰ মূখ্য প্ৰথাগত শিক্ষা প্ৰতিষ্ঠান হিচাপে বিদ্যালয়ত সংঘটিত শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ অনুশীলনকাৰী মনোবিজ্ঞানৰ শাখাই হ'ল শিক্ষা মনোবিজ্ঞান। " 

(গ) মনোবিদ পিলেএঃ "শিক্ষা মনোবিজ্ঞান শিজ্ঞাৰ বিজ্ঞান"

(ঘ) শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দাভি ধৰি মনোবিধ কোলেচনিকেএ কৈছিলমনোবিজ্ঞানৰ যিবিলাক তত্ত্ব আৰু নীতিয়ে শিক্ষা প্ৰক্ৰিয়াক ব্যাখ্যা কৰাত আৰু উন্নতি সাধন কৰাত সহায় কৰে, তাৰ বিশেষ অনুশীলনেই হ'ল শিক্ষা মনোবিজ্ঞান।

২। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ পাৰ্থক্য কি? 

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ পাৰ্থক্য়সমূহ হৈছে-

(ক) মনোবিজ্ঞানে মানৱ আচৰণ অধ্য়য়ণ কৰে। কিন্তুশিক্ষা মনোবিজ্ঞানে মানুহৰ শিক্ষা গ্ৰহণ সম্বন্ধীয় কাৰ্যৰ মনোবৈজ্ঞানিক দিশ অধ্য়য়ণ কৰে।

(খ) মনোবিজ্ঞানৰ উৎপত্তি হৈছে মন বা আত্মা সম্বন্ধে কৰা কাল্পনিক চিন্তা-চৰ্চাৰ পৰা। আনহাতে শিক্ষা মনোবিজ্ঞানৰ উৎপত্তি হৈছে শিশু মনৰ প্ৰকৃতি অধ্য়য়নৰ বাস্তৱ প্ৰয়োজনৰ পৰা।

(গ) মনোবিজ্ঞানে শিশুৰ পৰা বুঢ়ালৈকে সকলো লোকৰ আচৰণৰ অধ্য়য়নক সামৰি লয়। শিক্ষা মনোবিজ্ঞানে অকল শিক্ষাৰ্থীসকলৰ আচৰণহে অধ্য়য়ণ কৰে।

(ঘ) মনোবিজ্ঞানে মানৱ মন আৰু আচৰণৰ সম্বন্ধে নীতি আৰু সূত্ৰ উদ্ভাৱনৰ লগত জড়িত। শিক্ষা মনোবিজ্ঞানে সেইনীতিসমূহ শ্ৰেণী কক্ষৰ শিক্ষা পৰিস্থিতিত প্ৰয়োগ কৰে। 

৩। এজন শিক্ষকক মনোবিজ্ঞানে কেনেদৰে সহায় কৰে? 

উত্তৰঃ এখন শিক্ষকক মনোবিজ্ঞানে কেনেদৰে সহায় কৰিব পাৰে তলত আলোচনা কৰা হল-

(১) জন্মগত প্ৰৱণতাঃ শিশুৰ বিকাশ অধিকাংশ নিৰ্ভৰ কৰে, জন্মগত ক্ষমতা, প্ৰৱণতা আৰু সামৰ্থৰ ওপৰত। গতিকে শিশুৰ জন্মলব্ধ দৈহিক আৰু মানসিক বৈশিষ্ট্য় সমূহৰ ওপৰত ভিত্তি কৰিয়েই শিশুৰ বিকাশৰ পৰিকল্পনা ৰচনা কৰিব লাগে। গতিকে শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক এই জন্মগত শক্তি সামৰ্থ্য় সমূহৰ অনুধাৱন কৰাত সহায় কৰে। 

(২) বিকাশৰ প্ৰক্ৰিয়াঃ শিশুৰ জন্মগত শক্তি-সামৰ্থসমূহ বিকাশশীল। শিক্ষা-মনোবিজ্ঞানে শিক্ষকক শিশুৰ বিকাশৰ বিভিন্ন দিশ সম্পৰ্কে জ্ঞান প্ৰদান কৰাৰ লগত ইয়াক কিদৰে তৰান্বিত কৰিব পৰা যায় সেই সম্পৰ্কেও সচেতন কৰি তোলে। শিশুৰ জীৱন বিকাশ স্বাভাৱিক ভাৱে বিভিন্ন স্তৰৰ মাধ্য়মেৰে সংঘটিত হয়। যেনে- শৈশৱকাল, বাল্য়কাল আৰু বয়ঃসন্ধি ইত্য়াদি। বিকাশৰ এই স্তৰসমূহৰ নিজস্ব বৈশিষ্ট্য় বৰ্তমান। শিক্ষা-মনোবিজ্ঞানৰ জ্ঞানে এজন শিক্ষকক বিভিন্ন স্তৰৰ বৈশিষ্ট্য়সমূহৰ বিষয়ে আৱগত কৰি উপযুক্ত শিক্ষা প্ৰদানত সক্ষম কৰি তোলে। এই জ্ঞানে শিক্ষকক বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত শিক্ষা পৰিকল্পনা কৰাত সহায় কৰে।

(৩) শিকন প্ৰক্ৰিয়াঃ কোনো বিষয়ৰ জ্ঞান বা সচেতনতাই সাৰ্থক শিক্ষাদানৰ বাবে যথেষ্ট নহয়। ইয়াৰ বাবে উপযুক্ত প 

৪। শিক্ষা-মনোবিজ্ঞানক কিয় এটা স্বতন্ত্ৰ বিষয়ে বুলি কোৱা হয়? 

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। মানুহৰ শিক্ষাকালীন আচৰণৰ অনুশীলন আৰু শিক্ষা প্ৰক্ৰিয়াক বিশেষভাৱে সহায়তা কৰিবৰ বাবেই শিক্ষা মনোবিজ্ঞান এই বিশেষ শাখা সৃষ্টি হৈছে। এক প্ৰয়োগমূলক মনোবিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞানে মানুহৰ শিক্ষাকালীন আচৰণ সম্পৰ্কে আলোচনা কৰে আৰু মনোবিজ্ঞানৰ জ্ঞানক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। বৰ্তমান শিক্ষা মনোবিজ্ঞানৰ যথেষ্ট বিস্তৃতি ঘটিছে। শিক্ষা মনোবিজ্ঞানে বৰ্তমান নিজকে এক স্বতন্ত্ৰ বিজ্ঞান হিচাবে প্ৰতিষ্ঠিত কৰিছে। শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ লগত জড়িত আচৰণ সমূহ আলোচনা কৰে। শিক্ষাৰ্থীক জনাৰ অৰ্থ হৈছে তেওঁলোকৰ অন্তৰ্নিহিত সামৰ্থ্য়, তেওঁলোকৰ জন্মগত আচৰণ ক্ষমতা আৰু স্বভাৱগত বৈশিষ্ট্য়ক জনা। শিক্ষা মনোবিজ্ঞানে এই বিষয়বস্তুৰ সুস্পষ্ট জ্ঞান অৰ্জন কৰাত আৰু বিভিন্ন শিকন পৰিস্থিতিত এই জ্ঞান প্ৰয়োগ কৰাত সহায়তা কৰে। শিক্ষা মনোবিজ্ঞানৰ দ্বাৰা আমি শিক্ষাৰ্থীৰ প্ৰবৃত্তি, আবেগ, আগ্ৰহ, মনোযোগ, বুদ্ধিবৃত্তি প্ৰভৃত্তিৰ স্বৰূপ আৰু শিক্ষাগত তাৎপৰ্য সম্পৰ্কে বিশেষভাৱে জানিব পাৰো আৰু সেই অনুযায়ী শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণৰ পৰিবেশক উপযুক্ত ভাবে গঢ় দি তুলিব পাৰো। সেইদৰেই শিক্ষাৰ্থীক শিকন প্ৰক্ৰিয়া,তেওঁৰ প্ৰত্য়ক্ষন,চিন্তন, বিচাৰকৰণ, স্মৰণ প্ৰভৃতি মানসিক প্ৰক্ৰিয়া সমূহৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। শিক্ষা মনোবিজ্ঞানৰ মুখ্য় কাম হৈছে শিক্ষক অথবা শিক্ষাৰ লগত জড়িত লোকসকলক শিক্ষা প্ৰক্ৰিয়াৰ অত্ত্বিক আৰু ব্য়ৱহাৰিক দিশ সমূহৰ বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰা। ই শিক্ষা সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা সমূহ দূৰ কৰি এক নতুন দৃষ্টিভঙ্গী প্ৰদান কৰে। এই নতুন বিজ্ঞান সন্মত দৃষ্টিভঙ্গীয়ে শিক্ষা সম্পৰ্কীয় বিভিন্ন সমস্য়া সমূহ সম্পৰ্কে সচেতন কৰি তোলে। 

৫। শিক্ষা-মনোবিজ্ঞানৰ বৈশেষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষা-মনোবিজ্ঞানৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল-

(১) শিক্ষা-মনোবিজ্ঞানে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক যোগসূত্ৰ স্থাপন কৰে।

(২) শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বিভিন্ন ধৰণৰ আচৰণ বিজ্ঞানসন্মত ভাৱে অনুশীলন কৰে।

(৩) শিক্ষা-মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এক প্ৰয়োগমূলক দিশ।

(৪) শিক্ষা-মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু মানৱ আচৰণ।

(৫) শিক্ষা-মনোবিজ্ঞানৰ বস্তুনিষ্ঠ আৰু বৰ্ণনামূলক বিজ্ঞান।

(৬) শিক্ষা-মনোবিজ্ঞানে শিক্ষা-পৰিস্থিতিৰ বিভিন্ন সমস্যা সমাধানত সহায় কৰে। ইয়াক শিক্ষা বিজ্ঞান বুলি ক'ব পাৰি। 

(৭) শিক্ষা - মনোবিজ্ঞানৰ ওপৰত সাধাৰণ মনোবিজ্ঞান, বিকাশমূলক মনোবিজ্ঞান, সমাজবিজ্ঞান প্ৰভৃতি বিভিন্ন আনুষংগিক বিষয়ৰ প্ৰভাৱ পৰিলক্ষিত হয়।

(৮) অন্তদৰ্শন পদ্ধতিৰ প্ৰয়োগে শিক্ষা - মনোবিজ্ঞানক অন্য়ান্য় প্ৰাকৃতিক বিজ্ঞানৰ পৰা স্বতন্ত্ৰতা আৰু বিশিষ্টতা প্ৰদান কৰে।

(৯) শিক্ষা - মনোবিজ্ঞানৰ প্ৰাকৃতিক বিজ্ঞানৰ দৰে সম্পূৰ্ণ মৰ্যদাপ্ৰাপ্ত নহয়। ইয়াৰ সহায়তা আচৰণ সম্পৰ্কে সম্পূৰ্ণ নিৰ্ভূল সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি।

(১০) শিক্ষা - মনোবিজ্ঞানে শিশুৰ বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰে। এই বিজ্ঞানৰ লগত সেইবিলাক উপাদান, নীতি, কৌশল যুক্ত থাকে যিবিলাক শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগত সম্পৰ্কিত।

৬। শিক্ষা-মনোবিজ্ঞানৰ লক্ষ্যসমূহ কি কি? 

উত্তৰঃ শিক্ষা-মনোবিজ্ঞানৰ লক্ষ্যসমূহ হ'ল-

(১) শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ্থীৰ আচৰণ আৰু বিভিন্ন ধৰণৰ মানসিক প্ৰক্ৰিয়া আৰু বিভিন্ন ধৰণৰ বিকাশৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে পৰিপূৰ্ণ তথ্য সংগ্ৰহ কৰে। এক কথাত শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ আচৰণ আৰু মনঃপ্ৰকৃতিৰ সম্পৰ্কে বৈজ্ঞানিক জ্ঞান সংগ্ৰহ কৰা।

(২) শিক্ষকে নিজৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াৰ সঠিক মূল্যায়ন কৰাত সহায়ত কৰাত সহায়তা কৰাও শিক্ষা মনোবিজ্ঞানৰ এটা উদ্দেশ্য। এই উদ্দেশ্যৰে শিক্ষা-মনোবিজ্ঞানত পৰিমাপ সংক্ৰান্ত বিষয়ৰ বৈজ্ঞানিক আলোচনা আৰু গৱেষণা কৰা হয়।

(৩) শিক্ষাৰ্থীৰ আচৰণ নৈব্যক্তিক ভাৱে অধ্যয়ন কৰা শিক্ষা মনোবিজ্ঞানৰ অন্যতম উদ্দেশ্য।

(৪) শিক্ষা মনোবিজ্ঞানৰ আন এটা উদ্দেশ্য হ'ল বিদ্যালয় পৰিচালনাত সহায়তা কৰা। সেইবাবে শিক্ষা-মনোবিজ্ঞানে সংক্ৰান্ত সমস্যা সমূহ সম্পৰ্কে তথ্য সংগ্ৰহ কৰে আৰু এই সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা কৰে।

(৫) মানুহৰ শিক্ষাকালীন আচৰণৰ গতি প্ৰকৃতি বৈজ্ঞানিক ভিত্তিত নিৰ্ণয় কৰি শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক আৰু অন্যান্য ব্যক্তিক শুদ্ধ পথত অগ্ৰসৰ হোৱাত সহায়তা কৰাও শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য।

(৬) মানুহৰ জীৱন বিকাশধৰ্মী। জন্ম মূহুত্বৰ পৰা এই বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ হয়। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ'ল মানুহৰ এই জীৱন বিকাশৰ প্ৰক্ৰিয়া সম্পৰ্কে সামগ্ৰিক আৰু বিজ্ঞানসন্মত তথ্য সংগ্ৰহ কৰা।

(৭) শিক্ষা - মনোবিজ্ঞানৰ আন এটা লক্ষ্য় হল শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণত সহায়তা কৰা। প্ৰকৃতপক্ষে শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণ কৰে শিক্ষা-দৰ্শনে। কিন্তু শিক্ষা-মনোবিজ্ঞানে ইয়াৰ পৰীক্ষামূলক অভিজ্ঞতাৰ ভিত্তিত এই লক্ষ্য় সমূহ বাস্তৱসন্মত হয় নে নহয় তাক বিচাৰ কৰে। অৰ্থাৎ শিক্ষাৰ বাস্তৱমুখী লক্ষ্য় নিৰ্ধাৰণ শিক্ষা-মনোবিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্য়।

(৮) শিক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন সমস্য়াসমূহৰ বিষয়ে অনুশীলন কৰাও শিক্ষা মনোবিজ্ঞানৰ আন এক উদ্দেশ্য়। শিক্ষা পৰিস্থিতিৰ বিভিন্ন তথ্য় সৰবৰাহ কৰা লগতে, এই বিজ্ঞানে শিক্ষকসকলক এই সমস্য়া সমূহৰ সুস্থ সমাধানত সহায়তা কৰে। কি ভাৱে পাঠ্য়ক্ৰমৰ বিষয়বস্তুসমূহ সজোৱা উচিত, কিভাৱে তাক উপস্থাপন কৰিব লাগে, কি কি কৌশল অৱলম্বন কৰিলে শিক্ষণ সাৰ্থক হব ইত্য়াদি বিষয় সম্পৰ্কে পৰীক্ষিত জ্ঞান সৰবৰাহ কৰা শিক্ষা-মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য়।

৭। শিক্ষাৰ লগত মনোবিজ্ঞানৰ সম্পৰ্ক কি?

উত্তৰঃ শিক্ষাৰ লগত মনোবিজ্ঞানৰ সম্পৰ্ক তলত দিধা ধৰণে আলোচনা কৰিব পৰা যায়-

(১) শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা আচৰণৰ লগত জড়িতঃ শিক্ষাৰ্থীৰ আচৰণৰ বাঞ্চিত পৰিৱৰ্তন সাধন কৰা প্ৰক্ৰিয়াই হৈছে শিক্ষা। শিক্ষা প্ৰচেষ্টাৰ যোগেদি শিক্ষাৰ্থীৰ আচৰণৰ পৰিমাৰ্জন কৰা হয়। আনহাতেদি মনোবিজ্ঞান হৈছে আচৰণৰ প্ৰত্য়ক্ষ বিজ্ঞান। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন কৰিবলৈ যাওঁতে আচৰণৰ বিজ্ঞান হিচাবে মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ অপৰিহাৰ্য। এই আচৰণৰ প্ৰয়োগমূলক দিশটো শিক্ষাৰ বিষয়বস্তু। সেয়েহে যদি মনোবিজ্ঞান আচৰণৰ বিজ্ঞান, তেন্তে শিক্ষা আচৰণৰ প্ৰয়োগমূলক বিজ্ঞান।

(২) মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্য়সমূহ বাস্তৱায়িত কৰাত সহায় কৰেঃ শিক্ষা হৈছে এক মাননিৰ্ণায়ক বা আদৰ্শনিষ্ঠ বিজ্ঞান। শিক্ষাৰ দ্বাৰা জীৱনৰ লক্ষ্য় হিচাবে উচ্চ আদৰ্শসমূহ নিৰ্দ্ধাৰণ কৰা হয়। এক বস্তুনিষ্ঠ বিজ্ঞান হিচাবে মনোবিজ্ঞান এই আদৰ্শ মূল্য়বোধ আদিৰ লগত সম্পৰ্কযুক্ত শিক্ষাৰ লক্ষ্য়সমূহৰ লগত প্ৰত্য়ক্ষভাৱে জড়িত নহয়। শিক্ষাৰ লক্ষ্য়সমূহ শিক্ষাদৰ্শনৰ ওপৰত নিৰ্ভৰশীল। শিক্ষাৰ লক্ষ্য়সমূহ বাস্তৱায়িত কৰিবৰ বাবে আমাক প্ৰয়োজন হয় নিৰ্ধাৰিত বাস্তৱ কাৰ্যপন্থা বা কাৰ্যকৰী জ্ঞান। লক্ষ্য়ত উপনীত হবৰ বাবে প্ৰয়োজন হোৱা এই বাস্তৱ কাৰ্যকৰী জ্ঞান প্ৰদান কৰে মনোবিজ্ঞানে। শিক্ষাৰ লক্ষ্য় যিমানে কাম্য় নহওক তথা দৰ্শনশাস্ত্ৰৰ দ্বাৰা অনুমোদিত নহওক, যদি ইয়াৰ বাস্তৱ ৰূপদান সম্ভৱ নহয় বা শিক্ষাৰ্থীয়ে আয়ত্ত কৰিব নোৱাৰা বিধৰ হয়, তেন্তে সেই শিক্ষা প্ৰচেষ্টা অৰ্থহীন হৈ পৰে।

(৩) শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা বিষয়ৰে সমস্য়াসমূহ একেঃ শিক্ষা আৰু মনোবিজ্ঞান এই দুয়োটা বিষয় যিহেতু আচৰণৰ লগত জড়িত গতিকে এই দুয়োটা বিষয়ৰ সমস্য়াসমূহ একে জাতীয় বা সাধাৰণ। শ্ৰেণীকক্ষত শিক্ষকে সন্মুখীন হোৱা বিভিন্ন আচৰণজনিত সমস্য়াৰ সমাধানৰ বাবে মনোবৈজ্ঞানিকসকলৰ সহায় লোৱা হয়। মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োগে আধুনিক শিক্ষাক বিজ্ঞানভিত্তিক কৰি তুলিছে। এই সমস্য়াসমূহৰ সমাধান কৰিবলৈ যাওঁতে মনোবিজ্ঞানত অনেক গৱেষণাৰ ক্ষেত্ৰৰ মুকলি হয়। 

(৪) শিক্ষকৰ মনোবৈজ্ঞানিক ভূমিকাঃ আধুনিক শিক্ষাত শিক্ষকে এজন মনোবৈজ্ঞানিকৰ ভূমিকা পালন কৰিব লাগে। শিক্ষা পৰিস্থিতিত সন্মুখীন হোৱা বিভিন্ন আচৰণজনিত সমস্য়াৰ সমাধানৰ বাবে শিক্ষকক মনোবিজ্ঞানৰ জ্ঞানৰ আৱশ্য়ক হয়। মনোবিজ্ঞানৰ প্ৰয়োজনীয় জ্ঞানৰ অভাৱত শিক্ষকৰ শিক্ষণ প্ৰচেষ্টা কেৱল কষ্টকৰেই হৈ নুঠে, ই শিক্ষাৰ্থীৰ বাবে ক্ষতিকাৰকো হৈ পৰে। মনোবৈজ্ঞানিক জ্ঞানৰ প্ৰয়োগে প্ৰচলিত শিক্ষাৰ অনেক ত্ৰুটি দূৰ কৰিছে। 

৮। শিক্ষা-মনোবিজ্ঞানৰ প্ৰকৃতি সম্পৰ্কে সংক্ষেপে লিখা।

উত্তৰঃ শিক্ষা-মনোবিজ্ঞানৰ প্ৰকৃতি সম্পৰ্কে তলত দিয়া হ'ল-

(১) শিক্ষা-মনোবিজ্ঞান এক বস্তুনিষ্ঠ বিজ্ঞানঃ শিক্ষা-মনোবিজ্ঞান এক প্ৰত্যক্ষ বিজ্ঞান। আদৰ্শনিষ্ঠ বিজ্ঞানৰ দৰে ইয়াত কোনো নীতি বা আদৰ্শৰ স্থান নাই।

(২) স্বতন্ত্ৰ গৱেষণামূলক শাখাঃ মনোবিজ্ঞানৰ এক শাখা হিচাবে শিক্ষা মনোবিজ্ঞানৰ জন্ম হৈছিল যদিও বৰ্তমান এই বিজ্ঞানে এক স্বতন্ত্ৰ প্ৰয়োগিক তথা গৱেষণামূলক বিজ্ঞান হিচাবে প্ৰতিষ্ঠা লাভ কৰিছে।

(৩) শিক্ষা মনোবিজ্ঞান শিক্ষাৰ বিজ্ঞানঃ শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ লগত জড়িত বিষয়ৰ আলোচনা কৰে। নতুন নতুন শিক্ষণ কৌশল আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি শিক্ষণ পৰিস্থিতিত শিক্ষাৰ্থীৰ বিভিন্ন আচৰণ, সমস্যামূলক আচৰণৰ কাৰণ অনুসন্ধান আৰু তাৰ প্ৰতিকাৰৰ বাবে উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ব্যৱস্থা। 

(৪) শিক্ষা-মনোবিজ্ঞান এক প্ৰায়োগিক বিজ্ঞানঃ মনোবিজ্ঞানৰ দুটা শাখা আছে। এটা তাত্ত্বিক আৰু আনটো প্ৰায়োগিক। 

(৫) শিক্ষা-মনোবিজ্ঞান আচৰণমূলক বিজ্ঞানঃ শিক্ষা-মনোবিজ্ঞান এক আচৰণমূলক বিজ্ঞান। আচৰণৰ বিজ্ঞান হিচাপে এই বিজ্ঞানে এই বিজ্ঞানে শিক্ষাকালীন আচৰণমূলক অধ্যয়ন কৰে। শিক্ষামনোবিজ্ঞান কেৱল মাত্ৰ শিক্ষাৰ্থীৰ আচৰণ নিয়ন্ত্ৰণৰ লগতে জড়িত নহয়, ইয়াত শিক্ষক আৰু শিক্ষাৰ লগত জড়িত অন্য়ান্য় লোক সকলৰ আচৰণো অধ্য়য়ণ কৰা হয়।

(৬) শিক্ষা-মনোবিজ্ঞান এক প্ৰায়োগিক বিজ্ঞানঃ মনোবিজ্ঞানৰ দুটা শাখা আছে। এটা তাত্ত্বিক আৰু আনটো প্ৰয়োগিক। শিক্ষা-মনোবিজ্ঞান মনোবিজ্ঞানৰ এক প্ৰয়োগিক শাখা। ইয়াত শিক্ষা-পৰিস্থিতিত উদ্ভৱ হোৱা বিভিন্ন সমস্য়া সমূহৰ সমাধানৰ বাবে সাধাৰণ মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু কৌশল সমূহ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়া হয়।

(৭) শিক্ষা-মনোবিজ্ঞানৰ অধ্য়য়নৰ পদ্ধতি বিজ্ঞান ভিত্তিকঃ শিক্ষা-মনোবিজ্ঞানত অন্য়ান্য় বিজ্ঞানৰ দৰে পৰ্যবেক্ষণ, পৰীক্ষা আৰু সিদ্ধান্ত গ্ৰহণৰ পদ্ধতি প্ৰয়োগ কৰা হয়। ইয়াত ব্য়ক্তিৰ নিৰ্ভৰ আৰু নৈব্য়ক্তিক দুয়োটা পদ্ধতিৰ সাহাৰ্য লোৱা হয়। শিক্ষাৰ্থীৰ আচৰণ ধাৰাৰ অধ্য়য়নৰ বাবে ইয়াত বিভিন্ন পৰীক্ষণৰো সহায় লোৱা হয়। পৰীক্ষণলব্ধ ফলাফল বিশ্লেষণ কৰি সেই সম্পৰ্কে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

৯। শিক্ষা-মনোবিজ্ঞানৰ বিষয়বস্তুৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে লিখা।

উত্তৰঃ 

১০। শিক্ষাৰ ক্ষেত্ৰত শিক্ষা-মনোবিজ্ঞানৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। মানুহৰ শিক্ষাকালীন আচৰণৰ অনুশীলন আৰু শিক্ষা প্ৰক্ৰিয়াক বিশেষভাৱে সহায়তা কৰিবৰ বাবেই 'শিক্ষা মনোবিজ্ঞান' এই বিশেষ শাখা সৃষ্টি হৈছে। এক প্ৰয়োগমূলক মনোবিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞানে মানুহৰ শিক্ষাকালীন আচৰণ সম্পৰ্কে আলোচনা কৰে আৰু মনোবিজ্ঞানৰ জ্ঞানক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। শিক্ষা মনোবিজ্ঞানৰ দ্বাৰা আমি শিক্ষাৰ্থীৰ প্ৰবৃত্তি, আবেগ, আগ্ৰহ, মনোযোগ, বুদ্ধিবৃত্তি প্ৰভৃত্তিৰ স্বৰূপ আৰু শিক্ষাগত তাৎপৰ্য সম্পৰ্কে বিশেষভাৱে জানিব পাৰো আৰু সেই অনুযায়ী শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণৰ পৰিবেশক উপযুক্ত ভাৱে গঢ় দি তুলিব পাৰো। সেইদৰেই শিক্ষাৰ্থীক শিকন প্ৰক্ৰিয়া, তেওঁৰ প্ৰত্য়ক্ষন, চিন্তন, বিচাৰকৰণ, স্মৰণ প্ৰভৃতি মানসিক প্ৰক্ৰিয়া সমূহৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। শিক্ষা মনোবিজ্ঞানে আমাক এই মানসিক প্ৰক্ৰিয়াসমূহৰ স্বৰূপ সম্পৰ্কে বিশেষভাৱে অৱহিত কৰে। শিক্ষা মনোবিজ্ঞানৰ মুখ্য় কাম হৈছে শিক্ষক অথবা শিক্ষাৰ লগত জড়িত লোকসকলক শিক্ষা প্ৰক্ৰিয়াৰ অত্ত্বিক আৰু ব্য়ৱহাৰিক দিশ সমূহৰ বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰা। ই শিক্ষা সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা সমূহ দূৰ কৰি এক নতুন দৃষ্টিভঙ্গী প্ৰদান কৰে। এই নতুন বিজ্ঞান সন্মত দৃষ্টিভঙ্গীয়ে শিক্ষা সম্পৰ্কীয় বিভিন্ত সমস্য়া সমূহ সম্পৰ্কে সচেতন কৰি তোলে।

১১। মনোবিজ্ঞানক কিয় প্ৰায়োগিক বিজ্ঞান বুলি কোৱা হয়।

উত্তৰঃ মনোবিজ্ঞানৰ দুটা শাখা আছে। এটা তাত্ত্বিক আৰু আনটো প্ৰায়োগিক। শিক্ষা-মনোবিজ্ঞান মনোবিজ্ঞানৰ এক প্ৰয়োগিক শাখা। ইয়াত শিক্ষা পৰিস্থিতিত উদ্ভৱ হোৱা বিভিন্ন সমস্য়া সমূহৰ সমাধানৰ বাবে সাধাৰণ মনোবিজ্ঞানৰ বিভিন্ন নীতি আৰু কৌশল সমূহ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়া হয় তাকে প্ৰায়োগিক বিজ্ঞান বুলি কোৱা হয়।

১২। "মনোবিজ্ঞান এক আত্মাৰ বিজ্ঞান"- "-ব্যাখ্যা কৰা।

উত্তৰঃ উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞান হৈছে, আত্মাৰ বিজ্ঞান। কিন্ত আত্মাৰ ধাৰণা স্পষ্ট নহয়। ই অনুমান নিৰ্ভৰ। আত্মা শব্দটোৰ অৰ্থ আধ্য়াত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। বিভিন্ন দাৰ্শনিকে আত্মাৰ স্বৰূপ আৰু অস্তিত্ব সম্পৰ্কে বিভিন্ন ব্য়াখ্য়া আগবঢ়াইছিল। আত্মা সম্পৰ্কে বাস্তৱ জ্ঞান অভিজ্ঞতা লাভ কৰা সম্ভৱ নহয়। ইয়াৰ প্ৰকৃতি স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰি। সেয়েবাবে পৰৱৰ্তী কালত আত্মাৰ বিজ্ঞান হিচাবে মনোবিজ্ঞানৰ ধাৰণা বৰ্জিত হয়। 

ঘ। সংক্ষিপ্ত প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মান ৬ নম্বৰ)ঃ

১। "শিক্ষাতত্ত্ব মনোবিজ্ঞানৰ ওপৰত সম্পূৰ্ণভাৱে স্থাপিত হ'ব লাগে" উক্তটো ব্যাখ্যা কৰা।

উত্তৰঃ 

২। শিক্ষা-মনোবিজ্ঞান কাক বোলে? শিক্ষাত মনোবিজ্ঞানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।   

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফলস্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে। 

    শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। মানুহৰ শিক্ষাকালীন আচৰণৰ অনুশীলন আৰু শিক্ষা প্ৰক্ৰিয়াক বিশেষভাৱে সহায়তা কৰিবৰ বাবেই শিক্ষা মনোবিজ্ঞান এই বিশেষ শাখা সৃষ্টি হৈছে। এক প্ৰয়োগমূলক মনোবিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞানে মানুহৰ শিক্ষাকালীন আচৰণ সম্পৰ্কে আলোচনা কৰে আৰু মনোবিজ্ঞানৰ জ্ঞানক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ লগত জড়িত আচৰণ সমূহ আলোচনা কৰে। শিক্ষাৰ্থীক জনা আৰু তেওঁৰ আচৰণৰ বাঞ্চিত পৰিবৰ্তন সাধন কৰা - শিক্ষাৰ ক্ষেত্ৰত এই দুয়োটা দিশেই বিশেষ গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীক জনাৰ অৰ্থ হৈছে তেওঁলোকৰ অন্তৰ্নিহিত সামৰ্থ্য়, তেওঁলোকৰ জন্মগত আচৰণ ক্ষমতা আৰু স্বভাৱগত বৈশিষ্ট্য়ক জনা। শিক্ষা মনোবিজ্ঞানৰ দ্বাৰা আমি শিক্ষাৰ্থীৰ প্ৰবৃত্তি, আবেগ, আগ্ৰহ, মনোযোগ, বুদ্ধিবৃত্তি প্ৰভৃত্তিৰ স্বৰূপ আৰু শিক্ষাগত তাৎপৰ্য সম্পৰ্কে বিশেষভাৱে জানিব পাৰো আৰু সেই অনুযায়ী শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণৰ পৰিবেশক উপযুক্ত ভাৱে গঢ় দি তুলিব পাৰো। সেইদৰেই শিক্ষাৰ্থীক শিকন প্ৰক্ৰিয়া, তেওঁৰ প্ৰত্য়ক্ষন, চিন্তন, বিচাৰকৰণ, স্মৰণ প্ৰভৃতি মানসিক প্ৰক্ৰিয়া সমূহৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰে। শিক্ষা মনোবিজ্ঞানৰ মুখ্য় কাম হৈছে শিক্ষক অথবা শিক্ষাৰ লগত জড়িত লোকসকলক শিক্ষা প্ৰক্ৰিয়াৰ অত্ত্বিক আৰু ব্য়ৱহাৰিক দিশ সমূহৰ বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰা। ই শিক্ষা সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা সমূহ দূৰ কৰি এক নতুন দৃষ্টিভঙ্গী প্ৰদান কৰে। এই নতুন বিজ্ঞান সন্মত দৃষ্টিভঙ্গীয়ে শিক্ষা সম্পৰ্কীয় বিভিন্ন সমস্য়া সমূহ সম্পৰ্কে সচেতন কৰি তোলে। 

৩। শিক্ষা-মনোবিজ্ঞানৰ সংজ্ঞা দিয়া। শিক্ষা মনোবিজ্ঞান আৰু সাধাৰণ মনোবিজ্ঞানৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ (১) স্কিনাৰৰ মতে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা হ'ল ঃ "শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এনে এটা শাখা যিটো শিক্ষণ আৰু শিকন কাৰ্যৰ জড়িত ।"

(২) মনোবিদ পিলে-এ শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা আগবঢ়াই কৈছিল " শিক্ষা মনোবিজ্ঞান শিক্ষাৰ বিজ্ঞান ।"

৪। শিক্ষা-মনোবিজ্ঞান কাক বোলে? শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে। 

শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয়। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল -

 (১) শিক্ষাৰ্থী - শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি, অৱনতিত প্ৰভাৱ পেলায়। ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।

 (২) পৰিবেশৰ ভূমিকা - শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে - গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

 (৩) শিক্ষণ- শিক্ষা দান পদ্ধতি - শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

(৪) অচেতন মনৰ অধ্যয়ন-মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হ'ল-সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ। শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায় । মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। আৰু এনে আচৰণৰ কেন্দ্ৰ হ'ল অচেতন মন । সেয়েহে  মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।

     শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।

৫। শিক্ষা মনোবিজ্ঞানৰ লক্ষ্যসমূহ কি কি? ইয়াৰ স্বৰূপে ব্যাখ্যা কৰা।

উত্তৰঃ আধুনিক শিক্ষা-মনোবিজ্ঞানৰ প্ৰকৃতি আৰু ইয়াৰ শিক্ষাগত তাৎপৰ্য্য় উপলদ্ধি কৰিবৰ বাবে ইয়াৰ উদ্দেশ্য় সম্পৰ্কে ধাৰণা থকা একান্ত প্ৰয়োজন। যি ঐতিহাসিক পটভূমিত শিক্ষা -  মনোবিজ্ঞানৰ বিকাশ হৈছিল তাক বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰাচীন চিন্তাবিদসকলে শিক্ষণ - প্ৰক্ৰিয়া তথা এই সংক্ৰান্ত নানা সমস্য়া সমাধানৰ বাবে শিক্ষাক মনোবিজ্ঞানসন্মত কৰাৰ চেষ্টা কৰিছিল। কিন্তু এইক্ষেত্ৰত তেওঁলোকৰ চিন্তাধাৰাৰ অসম্পূৰ্ণতা থকাৰ ফলত ইয়াৰ ওপৰত ভিত্তি কৰি আমি শিক্ষা-মনোবিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য় সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰো। সেইদৰেই আধুনিক শিক্ষা-মনোবিজ্ঞানীসকলৰ ক্ষেত্ৰতো শিক্ষা-মনোবিজ্ঞানৰ উদ্দেশ্য় সম্পৰ্কে সামঞ্জস্য়পূৰ্ণ চিন্তাৰ অভাৱ দেখা যায়। মনোবিদ স্কিনাৰে শিক্ষা-মনোবিজ্ঞানৰ সম্পূৰ্ণ ক্ষেত্ৰ বিশ্লেষণ কৰি তলত উল্লেখ কৰা উদ্দেশ্য়সমূহ উল্লেখ কৰিছিল -

(১) শিক্ষা-মনোবিজ্ঞানে শিক্ষাৰ্থীৰ আচৰণ আৰু বিভিন্ন ধৰণৰ মানসিক প্ৰক্ৰিয়া আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বিকাশৰ প্ৰক্ৰিয়া সম্পৰ্কে পৰিপূৰ্ণ তথ্য় সংগ্ৰহ কৰে। এক কথাত শিক্ষাৰ মনোবিজ্ঞানৰ উদ্দেশ্য় হল শিক্ষাৰ্থীৰ আচৰণ আৰু মনঃপ্ৰকৃতি  সম্পৰ্কে বৈজ্ঞানিক জ্ঞান সংগ্ৰহ কৰা।

(২) শিক্ষা-মনোবিজ্ঞানৰ আন এটা লক্ষ্য় হল শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণত সহায়তা কৰা। প্ৰকৃতপক্ষে শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণ কৰে শিক্ষা দৰ্শনে। কিন্তু শিক্ষা-মনোবিজ্ঞানে ইয়াৰ পৰীক্ষামূলক অভিজ্ঞতাৰ ভিত্তিত এই লক্ষ্য় সমূহ বাস্তৱসন্মত হয় নে নহয় তাক বিচাৰ কৰে। অৰ্থাৎ শিক্ষাৰ বাস্তৱমুখী লক্ষ্য় নিৰ্ধাৰণ শিক্ষা-মনোবিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্য়।

(৩) মানুহৰ জীৱন বিকাশধৰ্মী। জন্ম মূহুত্বৰ পৰা এই বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ হয়। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য় হল মানুহৰ এই জীৱন বিকাশৰ প্ৰক্ৰিয়া সম্পৰ্কে সামগ্ৰিক আৰু বিজ্ঞানসন্মত তথ্য় সংগ্ৰহ কৰা।

(৪) শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থী সকলৰ সামাজিক জীৱনৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। সামাজিক বিকাশত সহায় কৰিবৰ বাবে মনোবিজ্ঞানে সামাজিক বিকাশ সংক্ৰান্ত বিভিন্ন তথ্য় সংগ্ৰহ কৰি শিক্ষাৰ্থীসকলক সামাজিক সমাযোজনত সাহাৰ্য্য় কৰে।

(৫) শিক্ষাৰ্থীৰ আচৰণ নৈব্য়ক্তিক ভাৱে অধ্য়য়ন কৰা শিক্ষা মনোবিজ্ঞানৰ অন্য়তম উদ্দেশ্য়।

৬। শিক্ষা মনোবিজ্ঞানৰ স্বৰূপ আৰু পৰিধি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। কাৰণ ই শিক্ষা আৰু মনোবিজ্ঞান দুয়োটা দিশকে সাঙুৰি লয়। মনোবিজ্ঞানৰ এই শাখাই শিক্ষাৰ লগত জঢ়িত সকলো মানব আচৰণ বিজ্ঞান সন্মত ভাৱে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা দিশ সমূহ হল -


  (১) শিক্ষাৰ্থী - শিক্ষা ব্যবস্থাৰ মূল কেন্দ্ৰ বিন্দু হৈছে শিক্ষাৰ্থী প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব গুণ আৰু সুপ্ত প্ৰতিভা থাকে। এই বিলাকে তেওঁলোকৰ শৈক্ষিক জীৱন তথা শৈক্ষিক উন্নতি, অৱনতি ত প্ৰভাৱ পেলায় । ই শিক্ষাৰ্থী সকলৰ স্বভাৱ আৰু আচৰণ সমূহৰ বিষয়ে অধ্যয়ন কৰে ।

  (২) পৰিবেশৰ ভূমিকা - শিক্ষা প্ৰক্ৰিয়াত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিবেশৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । পৰিৱেশ ৰ বিভিন্ন প্ৰকাৰ যেনে - গৃহ পৰিৱেশ, শ্ৰেণী পৰিৱেশ, সামাজিক পৰিৱেশ আদি। এই পৰিৱেশ সমূহৰ বিভিন্ন কাৰকে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ শৈক্ষিক জীৱনত প্ৰভাব পেলায়। শিক্ষা মনোবিজ্ঞানে পৰিৱেশ অধ্যয়ন কৰে আৰু শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুকূল হোৱাকৈ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত সহায় কৰে।

 (৩) শিক্ষণ- শিক্ষা দান পদ্ধতি - শিক্ষকে শিক্ষাদান কাৰ্য আৰু শিক্ষাৰ্থী সকলে শিক্ষণ লাভত নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। শিক্ষাদানৰ বিভিন্ন পদ্ধতি সমূহৰ নীতি আৰু প্ৰয়োজনীয়তা আদি অধ্যয়ন কৰি সবাতোকৈ ফল প্ৰসু পদ্ধতি চিনাক্ত কৰি সেইবোৰ শিক্ষা ক্ষেত্ৰত উপযুক্ত প্ৰয়োগ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞন অধ্যয়নে বিশেষ ভাৱে সহায় কৰে।

 (৪) অচেতন মনৰ অধ্যয়ন - মনোবিড সকলে আমাৰ মনৰ তিনিটা দিশ আছে সেইকেইটা হল-সচেতন মন, অচেতন মন আৰু অৱচেতন দিশ। শিক্ষণ কাৰ্য তথা জীৱনৰ বিভিন্ন কাম কাজ সম্পাদন ক্ষেত্ৰত চেতন মনে ঘাইকৈ প্ৰভাৱ পেলায়। মনোবিজ্ঞানী সকলৰ মতে শিক্ষাৰ্থী সকলে বহু সময়ত কিছুমান অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। আৰু এনে আচৰণৰ কেন্দ্ৰ হল অচেতন মন। সেয়েহে  মনোবিজ্ঞানে অচেতন মনৰ অধ্যয়ন শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে ।

(৫) পৰিমাপ কৰণ আৰু মূল্যায়ন - শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ পৰিসৰৰ আন দুটা গুৰুত্ব পূৰ্ণ বিষয় বস্তু হৈছে পৰিমাপ কৰণ আৰু মূল্যায়ন । শিক্ষাৰ্থীৰ ভিন ভিন মানসিক শক্তি সমূহ ৰ বিজ্ঞান সন্মত পৰিমাপ কৰণ আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যোগ্যতাৰ মূল্যায়ন অতি প্ৰয়োজনীয়।সেয়েহে মনোবিজ্ঞানে এই দুয়োবিধ বিষয় পৰিসৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।
 শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি বহল। আৰু ইয়াৰ অন্তৰ্ভুক্ত দিশ সমূহ শিক্ষাৰ্থীৰ সমগ্রিক বিকাশ সাধন কৰে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আৰু ব্যক্তিগত জীবনৰ সকলো সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ে।

৭। শিক্ষাৰ তাত্ত্বিক দিশত মনোবিজ্ঞানৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ মনোবিজ্ঞানৰ বিভিন্ন নীতিসমূহ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰি যিদৰে সুফল লাভ কৰিব পৰা যায়, তেনেদৰে শিক্ষাৰ তাত্ত্বিক দিশত মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োগে সমগ্ৰ শিক্ষা ব্য়ৱস্থাক অধিক বিজ্ঞানসন্মত আৰু ফলপ্ৰসূ কৰি তোলে। মনোবিদসকলে প্ৰয়োগ কৰা আচৰণ সম্পৰ্কীয় জ্ঞান এজন শিক্ষকৰ বাবে মূল্য়বান সম্পদ। তলত শিক্ষাৰ তাত্বিক দিশত মনোবিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হল -

(১) শিক্ষাৰ লক্ষ্য় আৰু মনোবিজ্ঞানঃ শিক্ষাৰ লক্ষ্য় প্ৰত্য়ক্ষভাৱে স্থিৰ কৰে শিক্ষা দৰ্শনে। সমাজ জীৱনৰ লগত শিক্ষাদৰ্শন ওতঃপ্ৰোতভাৱে জড়িত। মানৱ জীৱন সম্পৰ্কে বিভিন্ন দাৰ্শনিকসকলে নিৰ্দ্ধাৰণ কৰা ধাৰণাসমূহৰ ওপৰত ভিত্তি কৰিয়েই শিক্ষাৰ লক্ষ্য় সমূহ নিৰ্ণীত হয়। কিন্ত শিক্ষাদৰ্শনৰ দ্বাৰা নিৰ্দ্ধাৰিত শিক্ষাৰ লক্ষ্য়সমূহ বাস্তৱ সন্মত হয় নে নহয় বা এই লক্ষ্য়সমূহ কেনেদৰে বাস্তবায়িত কৰিব পৰা যায় সেই সম্পৰ্কে চিন্তা-চৰ্চা কৰে মনোবিজ্ঞানে। 

(২) আধুনিক শিক্ষাৰ তাৎপৰ্য আৰু মনোবিজ্ঞানঃ আধুনিক শিক্ষা হল শিশুকেন্দ্ৰিক শিক্ষা। এই শিশুকেন্দ্ৰিক শিক্ষাৰ ধাৰণাৰ বিকাশৰ অন্তৰালত আছে মনোবিজ্ঞানৰ অৱদান। আধুনিক শিক্ষাৰ মূল তাৎপৰ্য হল- ''শিক্ষাৰ বাবে শিশু নহয়, শিশুৰ বাবেহে শিক্ষা''। শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিবলৈ যাওঁতে আধুনিক শিক্ষাত শিশুৰ ব্য়ক্তি পাৰ্থক্য়ক বিবেচনা কৰা হয়। এই ধাৰণা অনুযায়ী শিক্ষক বিষয় পণ্ডিত হলেই নহব, তেওঁ শিক্ষাদানৰ বাবে শিক্ষাৰ্থীক পৰিপূৰ্ণভাৱে জানিব লাগিব। 

(৩) আধুনিক শিক্ষাৰ বিষয়বস্তু আৰু মনোবিজ্ঞানঃ নীতিগত আধুনিক শিক্ষাত বিভিন্ন উপাদানসমূহৰ ভিতৰত শিক্ষাৰ্থী বা শিশুৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়। আধুনিক শিক্ষাৰ প্ৰাথমিক উদ্দেশ্য় হল শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ সাধন কৰা অৰ্থাৎ শিশু বা শিক্ষাৰ্থীয়েই হৈছে শিক্ষাৰ এক মাত্ৰ বিষয়বস্তু। প্ৰাচীন শিক্ষা ব্য়ৱস্থাত শিশুৰ জীৱন বিকাশৰ কথা চিন্তা কৰা হোৱা নাছিল। 

(৪) সক্ৰিয়তাবাদ আৰু মনোবিজ্ঞানঃ আধুনিক শিক্ষাৰ এটি গুৰুত্বপূৰ্ণ তাত্ত্বিক ধাৰণা হল সক্ৰিয়তাবাদ। এই নীতিৰ মূল কথা হল শিক্ষাৰ্থীয়ে আত্মসক্ৰিয়তাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে। সেয়েহে শিশুক আত্মসক্ৰিয়তাৰে অভিজ্ঞতা অৰ্জনৰ সুযোগ প্ৰদান কৰিব লাগে। বৰ্তমান এই সক্ৰিয়তাবাদৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰগতিশীল শিক্ষা পদ্ধতিৰ সৃষ্টি হৈছে।

(৫) বিদ্য়ালয়ৰ ধাৰণা আৰু মনোবিজ্ঞানঃ বিদ্য়ালয় সম্পৰ্কীয় আধুনিক ধাৰণাৰ বিকাশৰ ক্ষেত্ৰটো মনোবিজ্ঞানৰ প্ৰভাৱ লক্ষ্য় কৰা যায়। আধুনিক ধাৰণা অনুযায়ী বিদ্য়ালয়ক সমাজৰ প্ৰতিচ্ছবি হিচাবে বিবেচনা কৰা হয়। বিদ্য়ালয়ৰ মানবীয় পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাধ্য়মেৰে শিক্ষাৰ্থীৰ আচৰণ পৰিৱৰ্তন হয়। 

৮। শিক্ষাৰ ব্যৱহাৰিক দিশত মনোবিজ্ঞানৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ শিক্ষাৰ ব্য়ৱহাৰিক দিশত মনোবিজ্ঞানৰ প্ৰভাৱৰ বিষয়ে তলত আলোচনা কৰা হল -

(১) শিক্ষাৰ পাঠ্য়ক্ৰম আৰু মনোবিজ্ঞানঃ পাঠ্য়ক্ৰম প্ৰণয়ন শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ। এই পাঠ্য়ক্ৰম প্ৰণয়নৰ ক্ষেত্ৰৰ লগতে মনোবিজ্ঞানৰ এক নিবিড় সম্পৰ্ক আছে। আধুনিক চিনন্তাবিদসকলে বিভিন্ন স্তৰৰ পাঠ্য়ক্ৰমসমূহ মনোবিজ্ঞান ভিত্তিক কৰি তোলাৰ পোষকতা কৰে। আধুনিক চিন্তাবিদ সকলে পাঠ্য়ক্ৰম নিৰ্বাচনত শিক্ষাৰ্থীৰ বয়স, চাহিদা, সামৰ্থ, ইচ্ছা - অনিচ্ছা আৰু সমাজৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য় ৰাখি শিক্ষাৰ্থীৰ সুপ্ত গুণসমূহৰ পৰিপূৰ্ণ বিকাশৰ উপযোগী উপাদানসমূহ নিৰ্বাচনত গুৰুত্ব প্ৰদান কৰে।

(২) শিক্ষা পদ্ধতি আৰু মনোবিজ্ঞানঃ শিক্ষাৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ব্য়ৱহাৰিক দিশ হল শিক্ষণ বা শিক্ষণ পদ্ধতি। শিক্ষণৰ এই দিশটোৰ ওপৰতেই মনোবিজ্ঞানৰ সৰ্বাধিক প্ৰভাৱ দেখিবলৈ পোৱা যায়। আধুনিক শিক্ষাৰ সকলো প্ৰগতিশীল শিক্ষণ পদ্ধতিয়েই মনোবিজ্ঞানৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আধুনিক শিক্ষণ পদ্ধতিসমূহৰ সাধাৰণ বৈশিষ্টসমূহ বিশ্লেষণ কৰিলে ইয়াৰ ওপৰত মনোবিজ্ঞানৰ প্ৰভাৱ পৰিস্ফুট হৈ উঠে। 

(৩) বিদ্য়ালয় পৰিচালনা আৰু মনোবিজ্ঞানঃ আধুনিক বিদয়ালয় পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা প্ৰত্য়েকটো নতুন নীতিয়েই মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰভাৱিত। উদাহৰণস্বৰূপেঃ বিদ্য়ালয় সময়-তালিকা প্ৰস্তুত কৰিবৰ বাবে মনোবিজ্ঞানৰ অৱসাদ আৰু কৰ্মৰ নীতিৰ ওপৰত গুৰুত্ব দিয়া হয়। 

(৪) আচৰণগত সমস্য়া আৰু মনোবিজ্ঞানঃ শিকন হল অভিজ্ঞতাৰ মাধ্য়মেৰে আচৰণৰ পৰিবৰ্তন। শ্ৰেণীকক্ষত শিক্ষাৰ্থীসকলে অনেক ক্ষেত্ৰত বিভিন্নধৰণ অপসংগতিমূলক আচৰণৰ প্ৰদৰ্শন কৰে। এই আচৰণসমূহ নিয়ন্ত্ৰণৰ বাবে মনোবিজ্ঞানৰ জ্ঞানৰ আৱশ্য়ক হয়। মনোবিজ্ঞানে মানসিক স্বাস্থ্য় সম্পৰ্কীয় বিভিন্ন কৌশল আৱিষ্কাৰ কৰিছে। যিবিলাক সততে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।

(৫) শিক্ষা সম্পৰ্কীয় অন্য়ান্য় সমস্য়া আৰু মনোবিজ্ঞানঃ শিক্ষা এক গতিশীল প্ৰক্ৰিয়া। গতিকে শিক্ষাৰ ক্ষেত্ৰত নিত্য় নতুন সমস্য়াৰ সৃষ্টি হয়। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে শিক্ষাৰ ক্ষেত্ৰত নিজ নিজ ভূমিকা পালন কৰিবলৈ যাওঁতে অনেক সমস্য়া সন্মুখীন হয়। এই সমস্য়া সমূহ সাৰ্থকতাৰে সমাধানৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য। 

৯। মনোবিজ্ঞান আৰু শিক্ষাৰ সম্পৰ্ক কি? মনোবিজ্ঞানৰ জ্ঞান এজন শিক্ষকৰ বাবে কিয় প্ৰয়োজন।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা যি শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ শিক্ষা দান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে।  মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ব, নীতিসমূহ, শিক্ষণ কাৰ্যত প্ৰয়োগ কৰাৰ ফল স্বৰূপে শিক্ষা মনোবিজ্ঞান শাখা টোৰ উৎপত্তি হৈছে।  

    
(১) মনোবিজ্ঞনে শিক্ষণ ৰ বিভিন্ন দিশ যেনে শিক্ষণৰ স্বৰূপ, শিক্ষণৰ নীতি, ভিন ভিন বয়সৰ বাবে বিভিন্ন শিক্ষণ পদ্ধতি আদিৰ বিষয়ে আলোচনা কৰে। সেয়েহে শিক্ষণ সম্বন্ধীয় যিকোনো সমস্যা সমাধানৰ অৰ্থে শিক্ষক এজনৰ  শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থকা প্ৰয়োজন। 

  (২) শিক্ষক এজনে মানসিক স্বাস্থ্য, মানসিক ৰোগ আৰু তাৰ কাৰণ সমূহৰ বিষয়ে জনাতো অতি দৰকাৰ। সুস্থ মানসিক অৱস্থা ত শিশু সকলে শিক্ষা লাভ কৰিব পাৰে । মানসিক দিশ সমূহৰ বিষয়ে জনাত শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজন।

  (৩) শিশুৰ শাৰীৰিক, মানসিক, আবেগিক বৈশিষ্ট্য ক্ষেত্ৰত লৰা ছোৱালীসকলৰ মাজত থকা ব্যক্তি পাৰ্থক্য থকা দেখা যায়। কিছুমান শিশু অতি তীক্ষ্ণ বুদ্ধিৰ আনহাতে কিছুমান ৰ বুদ্ধি কম। গতিকে ব্যক্তিপৰ্থ্ক্য  বুজি  শিশু সকলক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ  বাবে শিক্ষা মনোবিজ্ঞান ৰ অধ্যয়নৰ প্ৰয়োজন।

  (৪) ভিন ভিন বয়সৰ ছাত্ৰ আৰু ছাত্ৰী উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাটো শিক্ষক সকলৰ  এক গুৰুত্ব পূৰ্ণ দায়িত্ব। নানা ধৰণৰ মনোবৈজ্ঞানিক ভিত্তি কৰি শিশুৰ বাবে উপযুক্ত শিক্ষণ পদ্ধ্তী সম্পৰ্কে শিক্ষক সকলে জানিবলৈ আৰু বুজিবলৈ শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন কৰা প্ৰয়োজন ।

 (৫) সুস্থ শ্ৰেণী পৰিবেশ ফলপ্ৰসু শিক্ষণ শিক্ষা দান কাৰ্যৰ বাবে অতি প্ৰয়োজনীয়। শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ সম্পৰ্কে সচেতন হোৱা আৰু শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিবেশ গঢ়ি তোলাত সহায় কৰে । 
          শিক্ষা প্ৰক্ৰিয়াক ফলপ্ৰসূ কৰি তুলিব বাবে শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজন। শিক্ষা মনোবিজ্ঞানে শিক্ষক সকলৰ শিক্ষা ব্যৱস্থাক উন্নত কৰি তুলিব বাবে প্ৰয়োজন হোৱা সকলো জ্ঞান প্ৰদান কৰে।

১০। এক স্বতন্ত্ৰ বিজ্ঞান হিচাবে শিক্ষা-মনোবিজ্ঞানৰ বিষয়ে আলোচনা কৰা।    

উত্তৰঃ বৰ্তমান শিক্ষা মনোবিজ্ঞানৰ যথেষ্ট বিস্তৃতি ঘটিছে। শিক্ষা মনোবিজ্ঞানে বৰ্তমান নিজকে এক স্বতন্ত্ৰ বিজ্ঞান হিচাবে প্ৰতিষ্ঠিত কৰিছে। সাধাৰণ বিজ্ঞানৰ পৰা অধিকাংশ উপাদান সংগ্ৰহ কৰিলেও ইয়াৰ এক নিৰ্দিষ্ট কৰ্ম পৰিধি আৰু দৃষ্টিভংগী আছে। সাধাৰণ মনোবিজ্ঞানে সাধাৰণভাবে সকলো মানুহৰ আচৰণ সংক্ৰান্ত তথ্য় আৰু নীতি সমূহ আলোচনা কৰে। কিন্তু শিক্ষা মনোবিজ্ঞানে কেৱল শিক্ষাৰ লগত জড়িত আচৰণ সমূহ আলোচনা কৰে। শিক্ষাৰ্থীক জনা আৰু তেওঁৰ আচৰণৰ বাঞ্চিত পৰিবৰ্তন সাধান কৰা - শিক্ষাৰ ক্ষেত্ৰত এই দুয়োটা দিশেই বিশেষ গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীক জনাৰ অৰ্থ হৈছে তেওঁলোকৰ অন্তৰ্নিহিত সামৰ্থ্য়, তেওঁলোকৰ জন্মগত আচৰণ ক্ষমতা আৰু স্বভাৱগত বৈশিষ্ট্য়ক জনা। শিক্ষাৰ্থীৰ এই জন্মগত প্ৰকৃতিৰ বাঞ্চিত পৰিবৰ্তন সাধন কেনেদৰে কৰিব পাৰিব বা কি পৰিমাণে এই পৰিবৰ্তন সম্ভৱ সেই সম্পৰ্কে সুস্পষ্ট জ্ঞান থকা প্ৰয়োজন। শিক্ষা-মনোবিজ্ঞানে এই বিষয়বস্তুৰ সুস্পষ্ট জ্ঞান অৰ্জন কৰাত আৰু বিভিন্ন শিকন পৰিস্থিতিত এই জ্ঞান প্ৰয়োগ কৰাত সহায়তা কৰে।


Type Himanku Bora..

Answer By : Boby Bora



Post ID : DABP006383