মানসিক জীৱনৰ দৈহিক ভিত্তি | পঞ্চম অধ্য়ায় | Chapter 5 | Class 11 Education Question Answer | Class 11 Question Answer | Physical basis of metal life | 

                                     মানসিক জীৱনৰ দৈহিক ভিত্তি

।। প্ৰশ্নাৱলী ।। 

(ক) খালী ঠাই পূৰ কৰাঃ

১। মানৱদেহৰ বাহ্যিক জগতৰ পৰা উদ্দীপনা গ্ৰহণ কৰা অংগ সমূহক                  বুলি কোৱা হয়।

উত্তৰঃ 

২। স্নায়ু কোষৰ মূল অংশক                  বুলি কোৱা হয়।

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। 

৩। কেন্দ্ৰিয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু                  দ্বাৰা গঠিত।

উত্তৰঃ মেৰুদণ্ডৰ। 

৪। মস্তিষ্ক একেবাৰে ওপৰৰ বৃহৎ অংশক                  বোলে।

উত্তৰঃ গুৰুমস্তিষ্ক।

৫। মস্তিষ্ক                  অংশই শৰীৰ ভাৰসাম্য ৰক্ষা কৰে।

উত্তৰঃ দেহৰ।

৬। মস্তিষ্কৰ                  অংশক সঞ্চালন কেন্দ্ৰ বুলি কোৱা হয়।

উত্তৰঃ থেলামাছৰ। 

৭। মেৰুমৰ্জাত                  বোৰ স্নায়ু আছে।

উত্তৰঃ

৮। দেহৰ অভ্যন্তৰৰ অংগ সমূহৰ ক্ৰিয়া                  স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।

উত্তৰঃ 

৯। চকুৰ                  বস্তুৰ প্ৰতিবিন্ধ গঠিত হয়।

উত্তৰঃ ৰেটিনা। 

১০। স্বদকোষৰ অৱস্থিতি                  ত।

উত্তৰঃ জিভাত। 

১১। ৰেটিনা আৰু দৃষ্টিস্নায়ুৰ মিলিত অংশক                  বিন্দু বুলি কোৱা হয়।

উত্তৰঃ অংক। 

১২। কোনো বস্তুৰ পৰা অহা পোহৰ                  মধ্যমেৰে চকুত প্ৰবেশ কৰে।

উত্তৰঃ লেন্সৰৰ। 

১৩। স্বাদ সংবেদন                  প্ৰকাৰ।

উত্তৰঃ ৪ প্ৰকাৰ।

১৪। ঘ্ৰাণ সংবেদন                  উদ্দীপনাৰ দ্বাৰা সৃষ্টি হয়।

উত্তৰঃ নাক। 

১৫। দুটা স্নায়ুকোষৰ মিলন স্থলক                  বোলে।

উত্তৰঃ স্নায়ুসন্ধি বোলে। 

১৬। মানুহৰ কাণৰ                  টা অংশ আছে।

উত্তৰঃ ৩টা। 

১৭।                  গ্ৰন্থি  সমূহে ৰক্তস্ৰোতত ৰস ক্ষৰণ কৰো।

উত্তৰঃ অন্তঃক্ষৰা। 

১৮। অন্তঃক্ষৰা গ্ৰন্থিৰ পৰা ওলোৱা ৰসক                  বোলে।

উত্তৰঃ ৰেখাযুক্ত পেশী। 

১৯। ৰেখাযুক্ত পেশী                  ত পোৱা যায়।

উত্তৰঃ বৰ্হি অংশত।

(খ) ভুল শুদ্ধ লিখাঃ

(১) মেৰুমৰ্জা কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ এটা অংশ।

উত্তৰঃ শুদ্ধ।

(২) তাপ এক স্পৰ্শ সংবেদন।

উত্তৰঃ শুদ্ধ।

(৩) স্বাদ সংবেদন প্ৰধানত তিনি প্ৰকাৰ।

উত্তৰঃ অশুদ্ধ। 

(৪) অভ্যাসমূলক কাৰ্যৰ সমূহ মস্তিষ্ক পৰিচালিত।

উত্তৰঃ

(৫) প্ৰতিবৰ্ত ক্ৰিয়া সমূহ মেৰুমৰ্জাৰ দ্বাৰা পৰিচালিত হয়।

উত্তৰঃ অশুদ্ধ।

(৬) পনচ্ ভেৰেলী অধঃমস্তিষ্কৰ লগত জড়িত।

উত্তৰঃ অশুদ্ধ।

(৭) প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ দেহৰ বাহ্যিক অংগৰ লগত জড়়িত।

উত্তৰঃ শুদ্ধ। 

(৮) কাণৰ উদ্দীপক বাষ্পীয় পদাৰ্থ।

উত্তৰঃ অশুদ্ধ। 

(৯) স্পৰ্শ সংবেদন মিশ্ৰিত বিধৰ।

উত্তৰঃ শুদ্ধ। 

(১০) মাৰিয়া মণ্টেশ্ৰৰী ইন্দ্ৰীয় শিক্ষাৰ লগত জড়িত।

উত্তৰঃ শুদ্ধ। 

(১১) গলগ্ৰন্থি এক সনালী গ্ৰন্থি।

উত্তৰঃ অশুদ্ধ। 

(গ) অতি চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ

১। সমান্তৰাল বাদ কি?

উত্তৰঃ মানসিক প্ৰক্ৰিয়া আৰু শাৰীৰিক প্ৰক্ৰিয়া দুটা বেলেগ বেলেগ ধাৰা। এটাই আনটোক প্ৰভাৱিত নকৰে। ইয়াকে সমান্তৰালবাদ বুলি কোৱা হয়। 

২। প্ৰতিক্ৰিয়া বাদ কি? 

উত্তৰঃ মন আৰু শৰীৰ সম্পৰ্কযুক্ত। ইটোৱে সিটোৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। ইয়াক প্ৰতিক্ৰিয়াবাদ বুলি কোৱা হয়।

৩। স্নায়ু তন্ত্ৰৰ ভাগ কি কি? 

উত্তৰঃ স্নায়ুতন্ত্ৰৰ ভাগ তিনিটা হ'ল-

(১) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ।

(২) প্ৰান্তীয় স্নায়ুতন্ত্ৰ।

(৩) স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ।

৪। কানৰ সহায়ত কি সংবেদন সৃষ্টি হয়? 

উত্তৰঃ কানৰ সহায়ত শব্দ সংবেদন সৃষ্টি কৰো।

৫। কোন ইন্দ্ৰিয় বাবে দ্ৰৱনীয় পদাৰ্থই উদ্দীপকৰ কাম কৰে?

উত্তৰঃ জিভা ইন্দ্ৰিয় বাবে দ্ৰৱনীয় পদাৰ্থই উদ্দীপকৰ কাম কৰে। 

৬। স্বাদকোষ কোনটো ইন্দ্ৰিয়ত থাকে? 

উত্তৰঃ স্বাদকোষ জিভা ইন্দ্ৰিয়ত থাকে। 

৭। সমগ্ৰ দেহ জুৰি বিয়পি থকা ইন্দ্ৰিয়টোৰ নাম লিখা? 

উত্তৰঃ সমগ্ৰ দেহ জুৰি বিয়পি থকা ইন্দ্ৰিয়টোৰ নাম হল - ছাল। 

৮। শিশুৰ ভাষাত 'উপহাৰ' আৰু 'বৃত্তি' ধাৰণা কোনে ব্যৱহাৰ কৰিছিল? 

উত্তৰঃ শিশুৰ ভাষাত 'উপহাৰ' আৰু 'বৃত্তি' ধাৰণা ফ্ৰৱেলে ব্য়ৱহাৰ কৰিছিল।

৯। সাধকেন্দ্ৰিয়ৰ নাম কি? 

উত্তৰঃ সাধনকেন্দ্ৰিয়ৰ নাম হ'ল-  পেশীসমূহ।

১০। থেলামাছ ক'ত থাকে? 

উত্তৰঃ থেলামাছ মধ্য়মস্তিষ্ক অংশত থাকে। 

১১। দেহৰ কোন অংশই দেহৰ ভাৰসাম্য ৰক্ষা কৰে?

উত্তৰঃ 

(ঘ) সংক্ষিপ্ত উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে দুই নম্বৰ)

(১) ইন্দ্ৰিয় প্ৰশিক্ষণ কাক বোলে? 

উত্তৰঃ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয়ৰ প্ৰশিক্ষণ এক গুৰুত্বপূৰ্ণ বিষয়। ইন্দ্ৰিয় প্ৰশিক্ষণৰ উদ্দেশ্য় হল শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ ভেঁটি সুদৃঢ় আৰু শক্তিশালী কৰি তোলা। ইন্দ্ৰিয় প্ৰশিক্ষণৰ অৰ্থ হল ইন্দ্ৰিয় যথাৰ্থ উন্নয়ন আৰু উৎকৰ্ষতা সাধন কৰা, যাতে ইন্দ্ৰিয় সমূহে উদ্দীপনা গ্ৰহণৰ ক্ষেত্ৰত সঠিকক্ষাৱে কাম কৰিব পাৰে। 

(২) জ্ঞানেন্দ্ৰিয়ৰ এটি কি? 

উত্তৰঃ জ্ঞানেন্দ্ৰিয়ক এটি নাম হ'ল- চকু।

(৩) জ্ঞানেন্দ্ৰিয় কাক বোলে? 

উত্তৰঃ বৰ্হি জগতৰ লগত মনৰ সংযোগ ঘটাৰ মাধ্যম হৈছে গ্ৰহনেন্দ্ৰিয় সমূহ। দেহৰ বৰ্হি ভাগত থকা চকু, কাণ, নাক, জিভা আৰু ছাল এই পাঁচটা ইন্দ্ৰিয় হৈছে গ্ৰহনেন্দ্ৰিয়। এই ইন্দ্ৰিয় সমূহক জ্ঞানেন্দ্ৰিয় বুলিও কোৱা হয়। 

(৪) অন্তৰ্বাহী স্নায়ু কাক বোলে? 

উত্তৰঃ স্নায়ুতন্ত্ৰৰ বিভিন্ন অংশ যিদৰে সম্পৰ্কযুক্ত সেইদৰেই বিভিন্ন অংশৰ কাম-কাজো পৰস্পৰ নিৰ্ভৰশীল। মানুহৰ দেহৰ স্নায়ুতন্ত্ৰই একক অৱিচ্ছিন্ন তন্ত্ৰ হিচাবেই কাৰ্য্য় কৰে। দৈনন্দিন জীৱনৰ খুউব সাধাৰণ যান্ত্ৰিক কামৰ পৰা আৰম্ভ কৰি উচ্চ মানসিক ক্ৰিয়া সম্পন্ন সকলো কাৰ্য্য়ই ইয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তাকে অন্তৰ্বাহী স্নায়ু বোলা হয়।

(৫) বৰ্হিৰ্বাহী স্নায়ু কি? 

উত্তৰঃ বৰ্হি জগতৰ ইন্দ্ৰিয়জাত উত্তেজনা প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অন্তৰ্বাহী স্নায়ুৰ যোগেদি মস্তিষ্ক বা মেৰুমৰ্জ্জালৈ প্ৰেৰণ কৰে আৰু পুনৰ বহিৰ্বাহী স্নায়ুৰ দ্বাৰা সাধক বা কৰ্মেন্দ্ৰিয় সমূহলৈ প্ৰয়োজনীয় বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ ফলত বৰ্হিজগত বা নিৰ্ধাৰিত বিশেষ উত্তেজনা সমন্ধে জ্ঞাত হয়।

(৬) প্ৰমস্তিষ্কৰ আৱৰণ কি?

উত্তৰঃ প্ৰমস্তিষ্কৰ আৱৰণ হ'ল-

(৭) দুটা অনালী গ্ৰন্থিৰ উদাহৰণ দিয়া?

উত্তৰঃ দুটা অনালী গ্ৰন্থিৰ উদাহণৰ হ'ল- গলগ্ৰন্থি, অধিবৃক্ক। 

(৮) দুটা সনালী গ্ৰন্থিৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা সনালী গ্ৰন্থিৰ উদাহৰণ হ'ল- লালটি গ্ৰন্থি, মূত্ৰগ্ৰন্থি।

(৯) মানুহৰ কাণৰ অস্থি কেইডালৰ নাম লিখা? 

উত্তৰঃ মানুহৰ কাণৰ তিনিডাল সেইকেইডাল হ'ল- মুগদৰ, নিয়াৰি আৰু খাৰুৱা।

(১০) জিভাৰ বিভিন্ন স্বাদগ্ৰহৰ কোষবোৰৰ বিষয়ে লিখা? 

উত্তৰঃ জিভাৰ বিভিন্ন স্থান সমূহত থকা স্বাদ কোষবোৰে ভিন ভিন স্বাদ অনুভূতি প্ৰদান কৰে। জিভাৰ আগ অংশত মিঠা, ওপৰৰ দুয়োকাষে লুণীয়া, মাজ ভাগত টেঙা আৰু ভিতৰফালে তিতা স্বাদ বিশেষভাৱে পোৱা যায়।    

(১১) ৰেটিনাৰ কাম কি?

উত্তৰঃ  ৰেটিনাত বস্তুৰ এক উল্টা প্ৰতিবিম্বৰ সৃষ্টি হয়। ৰেটিনাৰ উল্টা প্ৰতিবিম্বক মস্তিষ্কৰ বিশেষ ক্ষমতাৰ বাবে চিধা দেখা যায়। ৰেটিনা বা অক্ষিপটত দুই প্ৰকাৰৰ গ্ৰাহক কোষ আছে। ইয়াৰ এবিধৰ নাম দণ্ডকোষ আৰু আনবিধৰ নাম শংকু কোষ। দণ্ডকোষেপোহৰ আৰু শংকু কোষে বস্তুৰ ৰং জনাত সহায় কৰে। ৰেটিনাৰ বিভিন্ন অংশত থকা শংকু কোষবোৰে বিভিন্ন অনুভূতি প্ৰদান কৰে। 

(১২) মানুহৰ দুবিধ স্নায়ুতন্ত্ৰৰ নাম কি লিখা? মধ্যমস্তিষ্কৰ দুটা অংশৰ নাম লিখা? 

উত্তৰঃ  মানুহৰ দুবিধ স্নায়ুতন্ত্ৰৰ নাম হ'ল- কোষকেন্দ্ৰ আৰৰ কোষদেহ।

মধ্যমস্তিষ্কৰ দুটা অংশৰ নাম হ'ল- ককলিয়াৰ স্নায়ু আৰু বহিঃকৰ্ণ নলী।

(১৩) গলগন্থিৰ কাম কি? 

উত্তৰঃ  দেহৰ ডিঙি অঞ্চলৰ বাকযন্ত্ৰ আৰু শ্বাসনলীৰ দুয়োকাষে গলগ্ৰন্থি অৱস্থিত। ই দেখাত এটা পখিলাৰ দৰে। ইয়াৰ পৰা 'হাইৰক্সিন' নামৰ হৰমন নিঃসৃত হয়। মানুহৰ সম্পূৰ্ণ দৈহিক ক্ৰিয়াৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰভাৱ আছে। এই গ্ৰন্থিৰ স্বাভাৱিক ক্ৰিয়াই সামগ্ৰিকভাৱে সুস্থ দেহ-মনৰ বিকাশত সহায়তা কৰে। ইয়াৰ অতিমাত্ৰা ক্ষৰণে দেহৰ ৰক্তচাপ বৃদ্ধি কৰে আৰু আবেগিক উত্তেজনা অত্য়াধিক কৰি তোলে। ফলত এই অৱস্থাত নিদ্ৰাহীনতা, মানসিক ধৈৰ্য্য়হীনতা, খিংখিঙীয়া, স্নায়ৱিক দুৰ্বলতা, অস্থিৰতা আদিয়ে দেখা দিয়ে। অনেক সময়ত দেহৰ ওজন কমি যায়। আনহাতেদি কোনো কাৰণত এই গ্ৰন্থিৰ ৰস ক্ষৰণ কম হলে দৈহিক বৃদ্ধিৰ হাৰ কম হয় আৰু চুলি আৰু ছালত ইয়াৰ প্ৰভাৱ পৰে। মানসিক দিশৰ পৰাও বৃদ্ধি হ্ৰাস পায় আৰু উদ্য়মহীনতা, মনোযোগহীনতা আদি লক্ষণে দেখা দিয়ে।

(১৪) অধিবৃক্ক গ্ৰন্থিৰ কামসমূহ লিখা? 

উত্তৰঃ তলপেটৰ মুত্ৰাশয় গ্ৰন্থিৰ ওচৰত এই গ্ৰন্থি অৱস্থিত। এই গ্ৰন্থিয়ে বিশেষভাৱে দেহৰ জৈৱিক ক্ৰিয়াক প্ৰভাৱিত কৰে। দেহৰ পাচনতন্ত্ৰ, ৰক্ত সঞ্চালন তন্ত্ৰ, শ্বাসতন্ত্ৰ ইত্য়াদি। গুৰুত্বপূৰ্ণ অংশসমূহৰ কাৰ্যক এই গ্ৰন্থিয়ে বিশেষভাৱে প্ৰভাৱিত কৰে। এই গ্ৰন্থিৰ ক্ৰিয়াৰ লগত আবেগৰো সম্পৰ্ক আছে। এই গ্ৰন্থিৰ অস্বাভাৱিকতাৰ ফলত মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু বিভিন্ন ৰোগত আক্ৰান্ত হব পাৰে। শৰীৰৰ তাপ কমে আৰু শৰীৰ দুৰ্বল হয়। মানসিক দিশৰ পৰা ব্য়ক্তিৰ বিচাৰ বিবেচনাৰ ক্ষমতা কমি যায়। এই গ্ৰন্থিৰ ৰসৰ অস্বাভাৱিক ক্ষৰণে পুৰুষৰ ক্ষেত্ৰত নাৰীসুলভ আৰু নাৰীৰ ক্ষেত্ৰত পুৰুষ সুলভ আচৰণ গঢ় দি তোলে। 

(১৫) দন্তকোষ আৰু শংকুকোষৰ কাম কি? 

উত্তৰঃ দন্তকোষে পোহৰ আৰু শংকুকোষে বস্তুৰ ৰং জনাত সহায় কৰে। 

(১৬) পীতবিন্দু আৰু অপবিন্দু কি? 

উত্তৰঃ

(১৭) মস্তিষ্কৰ কোন অংশই আবেগ অনুভূতি নিয়ন্ত্ৰন কৰে।

উত্তৰঃ

(১৮) দেহৰ কোন অংশই প্ৰতিবৰ্ত ক্ৰিয়া সমূহ নিয়ন্ত্ৰন কৰে।

উত্তৰঃ প্ৰতিবৰ্ত ক্ৰিয়া সহজাত আৰু জীৱন বিকাশৰ অপৰিহাৰ্য কৌশল। ই এক প্ৰকাৰ সৰল জৈৱিক আচৰণ। উদ্দীপকৰ পৰা লাভ কৰা উত্তেজনাৰ ফলত এই প্ৰতিবৰ্ত ক্ৰিয়াৰ সৃষ্টি হয়। প্ৰতিবৰ্ত ক্ৰিয়া যেনে - হাঁচি মৰা, কাঁহ মৰা চকু পিৰিকিওৱা ইত্য়াদি। জৈৱিক প্ৰয়োজনত পৰিৱেশৰ লগত সংগতি সাধনৰ বাবে এই জাতীয় প্ৰতিক্ৰিয়াৰ প্ৰয়োজন। ইয়াৰ লগত কোনো মানসিক প্ৰচেষ্টা জড়িত নহয়। ই উদ্দীপকৰ দ্বাৰা আৰম্ভ হৈ স্নায়ৱিক পৰিবহনৰ মাধ্য়মেৰে সংঘটিত হয়। যেনে-

(১) ইন্দ্ৰিয়ই উদ্দীপনা গ্ৰহণ কৰে।

(২) স্নায়ৱিক পথে উত্তেজনা পৰিবহন কৰে।

(৩) কৰ্মেন্দ্ৰিয় যোগেদি কাৰ্য সম্পাদন কৰে।

(ঙ) তলত প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া (প্ৰতি পশ্নৰ বাবে ৪ নম্বৰ)

(১) দেহ আৰু মনৰ সম্পৰ্কৰ বিষয়ে লিখা? 

উত্তৰঃ দেহ আৰু মনৰ এক নিবিড় সম্পৰ্ক আছে। ব্য়ক্তিৰ আচৰণত ব্য়ক্তিৰ দেহ - মন দুয়োটা দুয়োটা সংযুক্ত। শৰীৰ আৰু মনে ইটোৱে সিটোক প্ৰভাৱিত কৰে। আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা পৰাই এই দুই দিশৰ সম্বন্ধৰ কথা আমি সহজে অনুমান কৰিব পাৰে। আমাৰ দেহ ভালে মনো ভালে থাকে। শৰীৰ ভালে নাথাকিলে আমাৰ পঢ়িবলৈ মন নাযায়া। মনত উদ্বেগ বা দুঃচিন্তা আদিয়ে দেখা দিলে শৰীৰ অসুস্থ হয় ভোক-পিয়াহ নালাগে, টোপনি নাহে, কাম কৰিবলৈ মন নাযায় ইত্য়াদি। মানসিক কাৰ্য্য়াৱলীয়েও আমাৰ দৈনন্দিন জীৱনৰ অনেক ক্ষেত্ৰত দৈহিক অৱস্থাক প্ৰভাৱিত কৰে। যেনে - ভয় লগা অৱস্থাত শৰীৰৰ ঘাম ওলায়, শৰীৰ ঠাণ্ডা হয়, অনেক ক্ষেত্ৰত মানসিক আঘাট পালে অজ্ঞান হয়, খং উঠিলে চকু ৰঙা হয় ইত্য়াদি। এটাৰ মতে মানসিক প্ৰক্ৰিয়া আৰু শাৰীৰিক প্ৰক্ৰিয়া দুটা বেলেগ বেলেগ ধাৰা। এটাই আনটোক প্ৰভাৱিত নকৰে। এই মতবাদৰ নাম হল সমান্তৰালবাদ। আনটোৰ মতে মন আৰু শৰীৰৰ সম্পৰ্কযুক্ত। ইটোৱে সিটোৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। ইয়াক প্ৰতিক্ৰিয়াবাদ বুলি কোৱা হয়।  

(২) উদ্দীপক প্ৰক্ৰিয়াৰ সম্পৰ্ক স্থাপন স্নায়ুতন্ত্ৰৰ ভূমিকা সম্পৰ্কে লিখা? 

উত্তৰঃ 

(৩) আমি কি দৰে দেখা পাওঁ লিখা? 

উত্তৰঃ মানুহৰ জ্ঞানেন্দ্ৰিয় সমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ ইন্দ্ৰিয় হল চকু। এই চকু হৈছে দৰ্শনেন্দ্ৰিয়। এই ইন্দ্ৰিয়ৰ যোগেদি আমি কোনো বস্তু দেখিবৰ বাবে প্ৰয়োজনীয় উদ্দীপনা গ্ৰহণ কৰে। চকুৰ বিভিন্ন অংশ সমূহ তলত উল্লেখ কৰা হল - (১) লেন্স, (২) পিউপিল, (৩) কৰ্নিয়া, (৪) আইৰিচ, (৫) স্কে্লেৰা, (৬) দৃষ্টি স্নায়ু, (৭) অন্ধ বিন্দু, (৮) ফোভিয়া (৯) ৰেটিনা, (১০) কৰয়ড। চকুৰ কাম এটা কেমেৰাৰ দৰে। কোনো বস্তুৰ পৰা প্ৰতিফলিত পোহৰৰ ৰশ্মি স্বচ্ছ কৰ্ণিয়া আৰু এক স্বচ্ছ তৰল পদাৰ্থ ভেদ কৰি চকুৰ মণিৰ মাজেৰে লেন্সত পৰে। এই লেন্সৰ পৰা পোহৰ প্ৰতিসাৰিত হৈ ভিট্ৰিয়াচ হিউমাৰৰ মাজেৰে ৰেটিনাত পৰে। এই ক্ষেত্ৰত ৰেটিনাত বস্তুৰ এক উল্টা প্ৰতিবিম্বৰ সৃষ্টি হয়।  

(৪) আমি কাণেৰে কিদৰে শুনো বৰ্ণনা কৰা? 

উত্তৰঃ কাণ হল শ্ৰৱনেন্দ্ৰিয়। মানুহৰ কাণক তিনিটা ভাগত ভাগ কৰাহয়। যেনে - বহিঃকৰ্ণ, মধ্য়কৰ্ণ, আৰু অন্তঃকৰ্ণ। কাণৰ বাহিৰত দেখা অংশক কৰ্ণছত্ৰ বুলি কোৱা হয়। এই কৰ্ণছত্ৰ, সুৰঙ্গ হৈ ভিতৰলৈ সোমাই যোৱা অংশ অৰ্থাৎ কৰ্ণসুৰঙ্গ আৰু পাতল পদাৰ্থৰ দ্বাৰা গঠিত কৰ্ণপট বা কাণৰ পৰ্দা দ্বাৰা বহিঃকৰ্ণ গঠিত। মধ্য়কৰ্ণ কৰ্ণপটহ আৰু অন্তঃকৰ্ণৰ মাজত অৱস্থিত এক ক্ষুদ্ৰ গহ্বৰ স্বৰূপ। ইয়াত তিনিডাল অস্থি আছে। এই অস্থি তিনিডালৰ নাম হৈছে - মুগদৰ, নিয়াৰি আৰু খাৰুৱা। মধ্য়কৰ্ণৰ পৰা এডাল নলী ডিঙিৰ ফালে তললৈ নামি গৈছে তাক হিউষ্টেচিয়ান নলী বোলে। কৰ্ণশংকু হৈছে কাণৰ প্ৰকৃত শব্দৰ গ্ৰহণ যন্ত্ৰ। ইয়াৰ ভিতৰত এবিধ সংবেদনশীল তৰল পদাৰ্থ আৰু স্নায়ুকোষ থাকে। এই স্নায়ুকোষৰ পৰা শ্ৰৱণ স্নায়ু এ মস্তিষ্কৰ শ্ৰৱণ কেন্দ্ৰৰ লগত সংযোগ স্থাপন কৰে। এই কম্পনে মধ্য়কৰ্ণৰ অস্থি কেইডালত কম্পনৰ সৃষ্টি কৰে। ফলত এডালে আনডালক আঘাত কৰি শব্দ তৰঙ্গ অধিক তীব্ৰ আৰু শক্তিশালী কৰি তোলে। এই কম্পনে অন্তঃকৰ্ণত প্ৰৱেশ কৰে আৰু ডিম্বাকৃতিৰ পৰ্দাত চাপৰ সৃষ্টি কৰে। এই চাপ কৰ্ণশংকুৰ শব্দগ্ৰহণকাৰী স্নায়ুকোষবোৰে গ্ৰহণ কৰে আৰু শ্ৰৱণ স্নায়ুৰ যোগেদি মস্তিষ্কৰ শ্ৰৱণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত আমি শব্দ সংবেদন লাভ কৰো। 

(৫) গ্ৰহনেন্দ্ৰিয় আৰু সাধকেন্দ্ৰিয় সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ গ্ৰহনেন্দ্ৰিয়ঃ বৰ্হি জগতৰ লগত মনৰ সংযোগ ঘটাৰ মাধ্য়ম হৈছে গ্ৰহনেন্দ্ৰিয় সমূহ। দেহৰ বৰ্হি ভাগত থকা চকু, কাণ, নাক, জিভা আৰু ছাল এই পাঁচটা ইন্দ্ৰিয় হৈছে গ্ৰহনেন্দ্ৰিয়। এই ইন্দ্ৰিয় সমূহক জ্ঞানেন্দ্ৰিয় বুলিও কোৱা হয়। এই গ্ৰহনেন্দ্ৰিয় সমূহৰ পৰা পোৱা অভিজ্ঞতাবোৰেই আমাৰ মানসিক জীৱন আৰু ইয়াৰ সংশ্লিষ্ট ক্ৰিয়া আচৰণ গঢ় দি তোলে। ইন্দ্ৰিয় সমূহৰ প্ৰত্য়েকৰে পৃথক পৃথক উদ্দীপক আছে। প্ৰত্য়েক গ্ৰহনেন্দ্ৰিয়ত কিছুমান বিশেষ বিশেষ গ্ৰহণকোষ থাকে। নিৰ্ধাৰিত উদ্দীপকে এই গ্ৰহণ কোষবিলাক উত্তেজিত কৰাৰ লগে লগে সংবেদী বা অন্তৰ্বাহী স্নায়ুৱে সেই উত্তেজনা মেৰুদণ্ড বা মস্তিষ্কলৈ প্ৰেৰণ কৰে। গ্ৰহনেন্দ্ৰিয়সমূহ হৈছে -

(ক) চকু

(খ) কাণ

(গ) নাক

(ঘ) জিভা

(ঙ) ছাল

সাধকেন্দ্ৰিয়ঃ গ্ৰহনেন্দ্ৰিয় সমূহে পৰিৱেশৰ পৰা উদ্দীপনা গ্ৰহণ কৰে। সেই উদ্দীপনা মস্তিষ্কই প্ৰয়োজনীয় বিশ্লেষণ কৰে আৰু দেহৰ আন কিছুমান অংশৰ যোগেদি প্ৰতিক্ৰিয়া প্ৰদান কৰে। দেহযন্ত্ৰৰ যিবোৰ অংগৰ যোগেদি প্ৰতিক্ৰিয়া প্ৰকাশ হয়। সেই অংগবোৰক সাধকেন্দ্ৰিয় বুলি কোৱা হয়। অৰ্থাৎ সাধকেন্দ্ৰিয়ৰ যোগেদি উদ্দীপকৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াসমূহ লক্ষ্য় কৰিব পাৰি। এই সাধকেন্দ্ৰিয় সমূহ দুই প্ৰকাৰৰ যেনে -

(১) পেশীসমূহ আৰু

(২) গ্ৰন্থিসমূহ

(৬) সনালী আৰু অনালী গ্ৰন্থি সমূহৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ সনালী আৰু অনালী গ্ৰন্থি সমূহৰ বিষয়ে তলত দিয়া হ'লঃ

সনালী বা বহিঃস্রাবী গ্রন্থি (Duct Gland) : এই সনালী গ্রন্থিসমূহ নলীযুক্ত। এই গ্রন্থিসমূহৰ লগত সংযোজিত নলীৰে গ্ৰন্থিৰস নিঃসৰণ হৈ বাহিৰলৈ ওলাই আহে। এই সনালী গ্রন্থিসমূহ হৈছে লালতি গ্ৰন্থি, ঘর্মগ্রন্থি, অশ্রুগ্রন্থি, পাচক গ্রান্থ, স্তন্য গ্রান্থ, মুত্র গ্রন্থি ইত্যাদি। এই গ্রন্থিসমূহে দেহত বিভিন্ন কার্য সম্পাদন কৰে। যেনে- খাদ্যবস্তু দেখিলে জিভাৰ পৰা লালতি ওলায়, খাদ্য পৰিপাক কৰিবৰ বাবে পাকস্থলীত বিভিন্ন ধৰণৰ জাৰক ৰস (Enzyme) স্ফৰণ হয়, দুখ লাগিলে চকুপানী ওলায়, গৰম লাগিলে ঘাম ওলায় ইত্যাদি।


অনালী গ্রন্থি বা অন্তস্রাৱী গ্রন্থি (Ductless / Endrocrine Glands) : আমাৰ দেহত আন কিছুমান গ্রন্থি আছে। যিবিলাকৰ লগত কোনো নলী সংযুক্ত হৈ নাথাকে। এই গ্ৰন্থিবোৰে বাহিৰলৈ কোনো ৰস নিঃসৰণ নকৰে। এই গ্ৰন্থিসমূহে ইয়াৰ পৰা নিসৃত হৰমন (Hormone) ৰক্তস্রোতত মিহলি কৰি দিয়ে আৰু ই তেজৰ লগত মিলি গৈ সমগ্ৰ শৰীৰত বিয়পি পৰে। এই গ্ৰন্থি সমূহকে অনালী বা অন্তঃস্ৰাৱী গ্রন্থি বুলি কোৱা হয়। এই গ্রন্থিসমূহে এক দেহ ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু ব্যক্তিৰ দৈহিক, মানসিক আৰু আবেগিক দিশৰ প্ৰতিক্ৰিয়া আৰু আচৰণ নিয়ন্ত্ৰণ কৰি মানুহৰ ব্যক্তিত্বত বিশেষ প্ৰভাৱ পেলায়। দেহৰ আভ্যন্তৰ ভাগত থকা এই গ্ৰন্থিসমূহ – তলৰ চিত্ৰত দেখুৱা হৈছে। 

(৭) ঐচ্ছিক আৰু অনৈচ্ছিক পেশীৰ সমূহৰ বিষয়ে কি জানা লিখা? 

উত্তৰঃ ঐচ্ছিক পেশীঃ এই পেশীসমূহ দেহৰ বৰ্হি অংশত পোৱা যায়। এই পেশীসমূহ ইচ্ছা অনুযায়ী পৰিচালিত কৰিব পৰা যায় বাবে ইয়াক ঐচ্ছিক পেশী বুলি কোৱা হয়।

অনৈচ্ছিক পেশীঃ এইবিধ পেশী মূলতঃ দেহৰ আভ্য়ন্তৰ ভাগৰ পাকস্থলী, নাড়ী আদিত থাকে। এই পেশীসমূহক অনৈচ্ছিক পেশী বুলি কোৱা হয়। কাৰণ এই পেশীসমূহ ব্য়ক্তিয়ে নিজ ইচ্ছা অনুযায়ী সঞ্চালন কৰিব নোৱাৰে।

(৮) ইন্দ্ৰিয় সমূহৰ কিয় জ্ঞানৰ দুৱাৰ-খিৰিকি বুলি কোৱা হয়? 

উত্তৰঃ ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্ক লৈ প্ৰেৰণ কৰে। আৰু আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰি়য় সমূহকে  গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয়। চকু, কাণ নাক, জিভা, ছাল হৈছে আমাৰ প্ৰধান ইন্দ্ৰি়য়। ইন্দ্ৰি়য় সমূহৰ প্ৰতেকৰে বেলেগ বেলেগ উদ্দিপক আছে। সেইবাবে আমাৰ সংবেদনাত্মক অনুভূতি বেলেগ হয় । 

          ইন্দ্ৰি়য় সমূহে আমাক বাহ্যিক জগতৰ প্ৰতি টো বস্তুৰ পৰা জ্ঞান আহৰণ কৰাত সহায় কৰে। চকু আৰু কান হৈছে আমাৰ গুৰুত্বপূৰ্ণ ইন্দ্ৰি়য় । চকু, কাণ, নাক জিভা আৰু ছাল ৰ সংবেদন অবিহনে আমি কোনো জ্ঞান আহৰণ কৰিব নোৱাৰো। চকুৰ সহায়ত আমি বাহ্যিক জগতৰ প্ৰতিটো বস্তু দেখা পাওঁ আৰু কোন বস্তু কেনে ধৰণৰ তাৰ বৰণ কেনে তাৰ আকৃতি কেনে আদি সকলো জ্ঞান আমাক চকু ইন্দ্ৰি়য়ৰ পৰা লাভ কৰোঁ। কাণ হৈছে আমাৰ শ্ৰৱণ শক্তি লগত এটা ইন্দ্ৰি়য়। কানে আমাক উদ্দিপকৰ শব্দ শুনাই বিভিন্ন বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰাত সফল কৰে। আমি নাকৰ সহায়ত আমি গোন্ধ পাওঁ। ঘ্ৰাণ সংবেদন লাভ কৰি বস্তুৰ চিনাক্ত কৰিবলৈ নাকে আমাক সহায় কৰে। ভিজাৰ সহায়ত আমি স্বাদ লাভ কৰোঁ। জিভাৰ সহায়ত আমি বস্তুৰ প্ৰয়োজনীয়তা, ভাল নে বেয়া আদি বুজি তাৰ পৰা জ্ঞান আহৰণ কৰাত সহায় কৰে। ছাল ৰ জৰিয়তে আমি স্পৰ্শ অনুভূতি লাভ কৰোঁ। ছালে আমাক  উষ্ণতা পৰিৱেশৰ জ্ঞান লাভ কৰাত সহায় কৰে। প্ৰতিটো ইন্দ্ৰি়য় নিজস্ব কিছুমান সংবেদন লাভ কৰা ক্ষমতা আছে। যিবোৰ সহায়ত আমি বস্তু সমূহৰ পৰা জ্ঞান লাভ কৰি উঠো। ইন্দ্ৰি়য় অবিহনে আমি কেতিয়াও কোনো জ্ঞান আহৰণ কৰিব নোৱাৰো। ইন্দ্ৰি়য় সমূহ হৈছে জ্ঞানৰ মূল ভেটি। প্ৰতিটো বস্তুৰ জ্ঞান আমাক ইন্দ্ৰি়য় সমূহে প্ৰদান কৰে বাবে ইন্দ্ৰিয়সমূহক জ্ঞানৰ দুৱাৰ বুলি কোৱা হয় ।

(৯) মস্তিষ্কৰ ক্ৰিয়াৰ আঞ্চলিকীকৰণ বুলিলে কি বুজা লিখা?

উত্তৰঃ শিৰনিম্ন বা ৰগ অঞ্চল আৰু মস্তিষ্কৰ এই বিশেষ বিশেষ অঞ্চলত মস্তিষ্কৰ ক্ৰিয়াত বিভাজন কৰা থাকে। অৰ্থাৎ বিভিন্ন অঙ্গ প্ৰত্য়ঙ্গ আৰু ইন্দ্ৰিয়ৰ কাৰ্য্য় ইয়াত আঞ্চলিকীকৰণ কৰা হৈছে। দৰ্শন, শ্ৰৱণ, গন্ধ, স্বাদ, স্পৰ্শ,স্মৃতি ইত্য়াদি অভিজ্ঞতা লাভৰ বাবে মস্তিষ্কৰ বিশেষ বিশেষ স্থান নিৰ্দিষ্ট আছে।সমগ্ৰ মস্তিষ্কই সামগ্ৰিকভাৱে এনেবোৰ ক্ৰিয়া সম্পাদন নকৰে। মস্তিষ্কৰ বিভিন্ন অঞ্চলত বিশেষ বিশেষ মানসিক কাৰ্যৰ আঞ্চলিকীকৰণ হলেও এই প্ৰত্য়েক অংশৰ মাজত পাৰস্পৰিক যোগাযোগ থাকে আৰু সকলো অংশই একত্ৰিতভাৱে কাম কৰে। তাকে মস্তিষ্কৰ ক্ৰিয়াৰ আঞ্চলিকীকৰণ কুলি কোৱা হয়।

(১০) মানুহৰ দেহৰ পিটুইটাৰী গ্ৰন্থিৰ গুৰুত্ব সম্পৰ্ক আলোচনা কৰা? 

উত্তৰঃ লাওঁখোলাৰ ভিতৰত গুৰুমস্তিষ্কৰ তলত আৰু মধ্য় মস্তিষ্কৰ ওপৰত এই পিটুইটাৰী গ্ৰন্থিৰ অৱস্থান। এই গ্ৰন্থিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য় ৰাখি ইয়াক মুখ্য় গ্ৰন্থি বুলি কোৱা হয়। এই গ্ৰন্থিৰ নিঃসৃত হৰমনে দেহৰ অন্য়ান্য় গ্ৰন্থিৰ কাম কাজকো প্ৰভাৱিত কৰে। এই গ্ৰন্থিৰ সন্মূখৰ ভাগৰ পৰা ক্ষৰণ হোৱা হৰমনে দেহৰ যথাযথ বৃদ্ধিত সহায়তা কৰে। শিশু অৱস্থাত এই অংশ নিষ্ক্ৰিয় হৈ পৰিলে ব্য়ক্তিৰ দৈহিক বিকাশ বাধাগ্ৰস্থ হয় আৰু বাওঁনা হয়। আনহাতেদি ইয়াৰ অতি ক্ষৰণৰ ফলত দেহৰ অস্বাভাৱিকভাৱে বৃদ্ধি হয়। অৰ্থাৎ বয়সৰ তুলনাত বৃদ্ধিৰ হাৰ বেছি হৈ দেহ অতিকায় বিশিষ্ট হয়। মানসিক দিশৰ পৰা পিটুইটাৰী গ্ৰন্থিৰ সন্মুখৰ ভাগৰ হৰমনে মানুহৰ বুদ্ধি আৰু সাধাৰণভাৱে সমগ্ৰ ব্য়ক্তিত্বক প্ৰভাৱিত কৰে। পিটুইটাৰি গ্ৰন্থিৰ পিছৰ অংশৰ পৰা নিঃসৃত হবমনে পাকস্থলী, কিডনী, জৰায়ু আদিৰ কাৰ্যক প্ৰভাৱিত কৰে। এই গ্ৰন্থিয়ে মধ্য়মস্তিষ্কৰ থেলামাছ অংশৰ লগত সংযোগ ৰক্ষা কৰি চলে বাবে মানুহৰ আনুভূতিক জীৱনতো ইয়াৰ যথেষ্ট প্ৰভাৱ দেখা যায়।

(১১) কৰ্মদক্ষতা অনুযায়ী গুৰু মস্তিষ্কৰ বিভিন্ন কেন্দ্ৰ সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ মস্তিষ্কৰ একেবাৰে ওপৰৰ বৃহত্তৰ অংশৰ নাম গুৰুমস্তিষ্ক। গুৰুমস্তিষ্ক সম্পূৰ্ণ মস্তিষ্ক সকলোতকৈ ডাঙৰ অংশ। ক্ৰিয়াকলাপৰ ফালৰ পৰাও আন সকলোবোৰ অংশতকৈ এই অংশ অধিক গুৰুত্বপূৰ্ণ। ই ধোৱা বৰণীয়া পদাৰ্থৰ সোঁ আৰু বাওঁ দুটা অৰ্ধগোলাকাৰ অংশত বিভক্ত। ইয়াৰ বাওঁ অংশই শৰীৰৰ সোঁফালৰ আৰু সোঁ অংশই শৰীৰৰ বাওঁ দিশ নিয়ন্ত্ৰণ কৰে। গুৰু মস্তিষ্কৰ উপৰিভাগ অকোৱা-পকোৱা ভাজ বিশিষ্ট এখন চামনিৰ দ্বাৰা আবৃত। ইয়াক প্ৰমস্তিষ্কৰ আবৰণ বুলি কোৱা হয়। ই সকলো ধৰণৰ উচ্চ স্তৰৰ মানসিক কাৰ্যৰ ক্ষেত্ৰস্থান। প্ৰমস্তিষ্কৰ আৱৰণৰ ভাঁজবোৰৰ ভিতৰত দুটা গভীৰ খাজ বা ফাক আছে। এটাৰ নাম ফিচাৰ অৱ ৰোলাণ্ড আৰু আনটোৰ নাম ফিচাৰ অৱ চিলভিয়াচ। এই খাজ দুটাই গুৰুমস্তিষ্কক চাৰিটা অঞ্চলত ভাগ কৰিছে। এই অঞ্চলসমূহক লব বুলি কোৱা হয়। এই অঞ্চলসমূহ হৈছে -

(১) সন্মুখভাগ ললাট অঞ্চল

(২) মধ্য় ভাগ বা শিৰকুম্ভ অঞ্চল

(৩) পশ্চাদ ভাগ বা শিৰ পশ্চাদ অঞ্চল

(৪) শিৰনিম্ন বা ৰগ অঞ্চল আৰু মস্তিষ্কৰ এই বিশেষ বিশেষ অঞ্চলত মস্তিষ্ক মানসিক ক্ৰিয়াত বিভাজন কৰা থাকে। অৰ্থাৎ বিভিন্ন অঙ্গ প্ৰতঙ্গ আৰু ইন্দ্ৰিয়ৰ কাৰ্য্য় ইয়াত আঞ্চলিকীকৰণ কৰা হৈছে। দৰ্শন, শ্ৰৱণ, গন্ধ, স্বাদ, স্পৰ্শ, স্মৃতি ইত্য়াদি অভিজ্ঞতা লাভৰ বাবে মস্তিষ্কৰ বিশেষ বিশেষ স্থান নিৰ্দিষ্ট আছে। সমগ্ৰ মস্তিষ্কই সামগ্ৰিকভাৱে এনেবোৰ ক্ৰিয়া সম্পাদন নকৰে। কিন্তু এইখিনিতে উল্লেখযোগ্য় যে, মস্তিষ্ক বিভিন্ন অঞ্চলত বিশেষ বিশেষ মানসিক কাৰ্যৰ আঞ্চলিকীকৰণ হলেও এই প্ৰত্য়েক অংশৰ মাজত পাৰস্পৰিক যোগাযোগ থাকে আৰু সকলো অংশই একত্ৰিতভাৱে কাম কৰে। 

মুঠতে সংবেদন, কল্পনা, চিন্তা, ইচ্ছা, বিচাৰ - বুদ্ধি, স্মৃতি, মনোযোগ আদিৰ কেন্দ্ৰস্থল হল গুৰুমস্তিষ্ক। কৰ্মদক্ষতাৰ প্ৰকৃতি অনুযায়ী গুৰুমস্তিষ্ক বা প্ৰমস্তিষ্কৰ তিনিটা মূল কেন্দ্ৰ আছে।(১) সংবেদন স্থান

(২) কৰ্মস্থান

(৩) সংযোগ স্থান

শৰীৰৰ বিভিন্ন অঙ্গ - প্ৰত্য়ঙ্গৰ বিভিন্ন অন্তমুখী স্নায়ুসমূহ সংবেদন স্থানৰ লগত সংযুক্ত। সংবেদন কেন্দ্ৰসমূহ গুৰুমস্তিষ্কৰ বিভিন্ন স্থানত বিস্তৃত হৈ থাকে। কৰ্মস্থান সমূহ গুৰুমস্তিষ্কৰ একেবাৰে সন্মুখৰ অংশৰ অৱস্থিত। এই কৰ্মস্থানৰ পৰা অনেক বৰ্হিমুখী স্নায়ুওলাই গৈ ইন্দ্ৰিয় আৰু অন্য়ান্য় মাংসপেশীৰ লগত মিলিত হৈছে। গুৰুমস্তিষ্কৰ অনেক স্থান আছে যি সংবেদন স্থান আৰু কৰ্মস্থান কোনোটোৰ অন্তৰ্ভূক্ত নহয়। এই স্থান সমূহক সংযোগ স্থান বুলি কোৱা হয়। এই স্থান সমূহে সংবেদন স্থান আৰু কৰ্মস্থানৰ মাজত সংযোগ  স্থাপনৰ ফলত লাভ কৰা উত্তেজনাৰ অৰ্থ প্ৰদান কৰে। এই সংযোগ স্থান সমূহ উচ্চতৰ মানসিক ক্ৰিয়াৰ কেন্দ্ৰ। প্ৰত্য়েক সংবেদনক অৰ্থপূৰ্ণকৰি তোলে। কোনো কাৰণত এই অংশ নষ্ট হলে সংবেদন লাভ কৰিলেও, ইয়াৰ অৰ্থ উপলব্ধি কৰিব পৰা নাযায়। এফেচিয়া নামৰ অসুখৰ ক্ষেত্ৰত ৰোগীয়ে কোনোৱে কথা কলে তাৰ শব্দ শুনিলেও, তাৰ অৰ্থ বুজিব নোৱাৰে।  

(১২) গুৰু মস্তিষ্কৰ গঠন আৰু কাৰ্যায়লী সমূহ বৰ্ণনা কৰা?

উত্তৰঃ মস্তিষ্কৰ একেবাৰে ওপৰৰ বৃহত্তৰ অংশৰ নাম গুৰুমস্তিষ্ক। গুৰুমস্তিষ্ক সম্পূৰ্ণ মস্তিষ্কৰ সকলোতকৈ ডাঙৰ অংশ। ক্ৰিয়াকলাপৰ ফালৰ পৰাও আন সকলোবোৰ অংশতকৈ এই অংশ অধিক গুৰুত্বপূৰ্ণ। ই ধোৱা বৰণীয়া পদাৰ্থৰ সোঁ আৰু বাওঁ দুটা অৰ্ধগোলাকাৰ অংশত বিভক্ত। ইয়াৰ বাওঁ অংশই শৰীৰৰ সোঁফালৰ আৰু সোঁ অংশই শৰীৰৰ বাওঁ দিশ নিয়ন্ত্ৰণ কৰে। গুৰু মস্তিষ্কৰ উপৰিভাগ অকোৱা-পকোৱা ভাজ বিশিষ্ট এখন চামনিৰ দ্বাৰা আবৃত। ইয়াক প্ৰমস্তিষ্কৰ আবৰণ বুলি কোৱা হয়। ই সকলো ধৰণৰ উচ্চ স্তৰৰ মানসিক কাৰ্যৰ ক্ষেত্ৰস্থান। প্ৰমস্তিষ্কৰ আৱৰণৰ ভাঁজবোৰৰ ভিতৰত দুটা গভীৰ খাজ বা ফাক আছে। এটাৰ নাম ফিচাৰ অৱ ৰোলাণ্ড আৰু আনটোৰ নাম ফিচাৰ অৱ চিলভিয়াচ। এই খাজ দুটাই গুৰুমস্তিষ্কক চাৰিটা অঞ্চলত ভাগ কৰিছে। এই অঞ্চল সমূহক লব বুলি কোৱা হয়। এই অঞ্চল সমূহ হৈছে-

(১) সন্মূখ ভাগ ললাট অঞ্চল

(২) মধ্য় ভাগ বা শিৰকুম্ভ অঞ্চল

(৩) পশ্চাদ ভাগ বা শিৰ পশ্চাদ অঞ্চল

(৪) শিৰনিম্ন বা ৰগঅঞ্চল

    মস্তিষ্ক এই বিশেষ বিশেষ অঞ্চলত মস্তিষ্কৰ মানসিক ক্ৰিয়াত বিভাজন কৰা থাকে। অৰ্থাৎ বিভিন্ন অঙ্গ প্ৰতঙ্গ আৰু ইন্দ্ৰিয়ৰ কাৰ্য্য় ইয়াত আঞ্চলিকীকৰণ কৰা হৈছে। দৰ্শন, শ্ৰৱণ, গন্ধ, স্বাদ,স্পৰ্শ, স্মৃতি ইত্য়াদি অভিজ্ঞতা লাভৰ বাবে মস্তিষ্কৰ বিশেষ বিশেষ স্থান নিৰ্দিষ্ট আছে। সমগ্ৰ মস্তিষ্কই সামগ্ৰিকভাৱে এনেবোৰ ক্ৰিয়া সম্পাদন নকৰে। মস্তিষ্কৰ বিভিন্ন অঞ্চলত বিশেষ বিশেষ মানসিক কাৰ্যৰ আঞ্চলিকীকৰণ হলেও এই প্ৰত্য়েক অংশৰ মাজত পাৰস্পৰিক যোগাযোগ থাকে আৰু সকলো অংশই একত্ৰিতভাৱে কাম কৰে। মুঠতে সংবেদন, কল্পনা, চিন্তা, ইচ্ছা, বিচাৰ-বুদ্ধি, মনোযোগ আদিৰ কেন্দ্ৰস্থল হল গুৰুমস্তিষ্ক। কৰ্মদক্ষতাৰ প্ৰকৃতি অনুযায়ী গুৰুমস্তিষ্ক বা প্ৰমস্তিষ্কৰ তিনিটা মূল  কেন্দ্ৰ আছে।

(১) সংবেদন স্থান

(২) কৰ্মস্থান

(৩) সংযোগ স্থান

    শৰীৰৰ  বিভিন্ন অঙ্গ - প্ৰত্য়ঙ্গৰ বিভিন্ন অন্তমুখী স্নায়ুসমূহ সংবেদন স্থানৰ লগত সংযুক্ত। সংবেদন কেন্দ্ৰসমূহ গুৰুমস্তিষ্কৰ বিভিন্ন স্থানত বিস্তৃত হৈ থাকে। কৰ্মস্থান সমূহ গুৰুমস্তিষ্কৰ একেবাৰে সন্মুখৰ অংশত অৱস্থিত। এই কৰ্মস্থানৰ পৰা অনেক বৰ্হিমুখী স্নায়ু ওলাই গৈ ইন্দ্ৰিয় আৰু অন্য়ান্য় মাংসপেশীৰ লগত মিলিত হৈছে। গুৰুমস্তিষ্কৰ অনেক স্থান আছে যি সংবেদন স্থান আৰু কৰ্মস্থান কোনোটোৰ অন্তৰ্ভূক্ত নহয়। এই স্থান সমূহক সংযোগ স্থান বুলি কোৱা হয়। এই স্থান সমূহে সংবেদন স্থান আৰু কৰ্মস্থানৰ মাজত সংযোগ স্থাপনৰ ফলত লাভ কৰা উত্তেজনাৰ অৰ্থ প্ৰদান কৰে। এই সংযোগ স্থান সমূহ উচ্চতৰ মানসিক ক্ৰিয়াৰ কেন্দ্ৰ। প্ৰত্য়েক সংবেদনক অৰ্থপূৰ্ণ কৰি তোলে। কোনো কাৰণত এই অংশ নষ্ট হলে সংবেদন লাভ কৰিলেও, ইয়াৰ অৰ্থ উপলব্ধি কৰিব পৰা নাযায়। এফেচিয়া নামৰ অসুৰ ক্ষেত্ৰত ৰোগীয়ে কোনোৱে কথা কলে তাৰ শব্দ শুনিলেও, তাৰ অৰ্থ বুজিব নোৱাৰে। 

(১৩) অধঃৰ্মস্তিষ্কৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ মস্তিষ্কৰ সৰ্বনিম্ন স্থানত আৰু মেৰুমৰ্জ্জাৰ শীৰ্ষ স্থানত অধঃমস্তিষ্ক বা সুষুম্নাশীৰ্ষ অৱস্থিত। প্ৰকৃতপক্ষে অধঃমস্তিষ্ক মেৰুমৰ্জ্জাৰে এটা স্ফীত বৰ্ধিত অংশ। মস্তিষ্কৰ লগত মেৰুমৰ্জ্জাৰ যোগসূত্ৰ স্থাপনেই অধঃমস্তিষ্কৰ প্ৰদান কাম। দেহৰ শ্বাস প্ৰক্ৰিয়া, পৰিপাক প্ৰক্ৰিয়া, ৰক্ত সঞ্চালন প্ৰক্ৰিয়া আদি এই অংশৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কোনো কাৰণত এই অংশৰ ক্ষতি হলে সমস্ত শৰীৰৰ লগত মস্তিষ্কৰ যোগাযোগ বন্ধ হয়।

(১৪) লঘু মস্তিষ্কৰ কাম সমূহৰ বিষয়ে বৰ্ণনা কৰা ? 

উত্তৰঃ লঘুমস্তিষ্ক গুৰুমস্কিষ্কৰ পিছফালে আৰু নিন্ন অংশত অৱস্থিত। এই অংশ ধূসৰ ৰঙৰ স্নায়ুকলাৰ দ্বাৰা আবৃত। এই লঘুমস্তিষ্ক দুটা অৰ্থ গোলাকৃতিৰ অংশৰে গঠিত। লঘুমস্তিষ্কৰ অংশ দুটা আন এটা অংশৰ দ্বাৰা সংযুক্ত হৈ থাকে। এই অংশক পনচ্ ভেৰেলি বুলি কোৱা হয়। 

লঘুমস্তিষ্কই আমাৰ শৰীৰৰ পেশীসমূহ সঠিকভাৱে পৰিচালনা কৰে। খোজকঢ়া, সাঁতোৰা, চাইকেল চলোৱাইত্য়াদি কামবোৰ কৰাৰ ক্ষেত্ৰত ভাৰসাম্য় ৰক্ষাৰ প্ৰয়োজন হয়। লঘুমস্তিষ্কই শৰীৰৰ এই ভাৰসাম্য় ৰক্ষা কৰে। এই লঘুমস্তিষ্কই ভালদৰে কাম নকৰিলে মানুহে দেহৰ ভাৰসাম্য় ৰক্ষা কৰিব নোৱাৰে। 

(১৫) সমবেদী আৰু পৰ সমবেদী স্নায়ুতন্ত্ৰৰ বিষয়ে ব্যাখ্যা কৰা?

উত্তৰঃ অনুকম্পী স্নায়ুতন্ত্ৰই উত্তেজক হিচাবে কাম কৰে। খং, ভয় আদি আবেগিক কাৰণত মনত যি প্ৰৱল উত্তেজনাৰ সৃষ্টি হয় তাৰ ফলত এই সমবেদী স্নায়ু সক্ৰিয় হৈ উঠে। লগে লগে অদ্ৰিনাল গ্ৰন্থিৰ পৰাই ৰস নিঃসৰণ হয়। সময়ে সময়ে সমবেদী স্নায়ুৱে অৱদমনৰ কামো কৰে। এই ক্ষেত্ৰত পৰসমবেদী স্নায়ুৰ কাম সম্পূৰ্ণ বিপৰীত। এই স্নায়ুতন্ত্ৰই শক্তি নিৰোধক হিচাবে কাম কৰে। এই স্নায়ুতন্ত্ৰৰ সক্ৰিয়তাৰ হৃদপিণ্ডৰ গতি কমি যোৱা, দৈহিক উত্তাপ হ্ৰাস, ইত্য়াদি অৱস্থাই দেখা দিয়ে। পৰ সমবেদীৰ সক্ৰিয়তাৰ বাবেই আমাৰ মনত আনন্দৰ সৃষ্টি হয়। সমবেদী আৰু পৰ সমবেদীৰ কামৰ সংগতি আৰু সমন্বয়ৰ ওপৰতে দেহ মনৰ সুস্থতা নিৰ্ভৰ কৰে। 

(১৬) প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ প্ৰান্তীয় স্নায়ুতন্ত্ৰ দুটা ভাগত বিভক্ত। ইয়াৰ এটা অংশ মস্তিষ্কৰ নিকটবৰ্তী ইন্দ্ৰিয় সমূহৰ লগত জড়িত। যেনে - চকু, কাণ, নাক, জিভাৰ লগত যুক্ত আৰু আন অংশটো মেৰুদণ্ডৰ মাজেৰে গৈ শৰীৰৰ অন্য়ান্য় অংশৰ লগত সংযুক্ত হৈছে। যেনে - ছাল, মাংশপেশী আদিৰ লগত যুক্ত। সেয়েহে প্ৰান্তীয় স্নায়ুতন্ত্ৰ স্থানগত অৱস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি এই দুটা ভাগত মস্তিষ্ক স্নায়ু আৰু মেৰুদণ্ড বুলি  নামাকৰণ কৰা হয়। সেইদৰে কাম অনুযায়ী এই স্নায়ুসমূহক অন্তৰ্বাহী বা সংবেদন স্নায়ু আৰু বহিৰ্বাহী বা সঞ্চালনস্নায়ু এই দুটা ভাগত ভাগ কৰিব পাৰি। ইন্দ্ৰিয় সমূহৰ পৰা সংবেদন বা উদ্দীপনা মস্কিষ্ক আৰু মেৰুমৰ্জ্জালৈ প্ৰেৰণ কৰা স্নায়ু সমূহক সংবেদন বা অৰ্ন্তমূখী স্নায়ুবুলি কোৱা হয়। আনহাতেদি বহিৰ্মূখী বা সঞ্চালন স্নায়ু সমূহে মেৰুমৰ্জ্জা আৰু মস্তিষ্কৰ পৰা সঞ্চালনমূলক স্নায়ৱিক উত্তেজনা কঢ়িয়াই আনে।

(১৭) স্বতঃক্ৰিয় স্নায়ুতন্ত্ৰৰ বিষয়ে লিখা? 

উত্তৰঃ কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ বাহিৰেও মেৰুদণ্ডৰ দুয়োকাষে কিছুমান স্নায়ুগন্থি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত পৰস্পৰ যুক্ত হৈ এক স্বতন্ত্ৰ স্নায়ুতন্ত্ৰ আছে। এই স্নায়ুতন্ত্ৰক স্বতঃক্ৰিয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। এই স্নায়ুতন্ত্ৰৰ অন্তৰ্ভূক্ত স্নায়ুকোষ সমূহক গেঙলিয়া বুলিকোৱা হয়। পাকস্থলী, অন্ত্ৰ, হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু দেহগ্ৰন্ধি সমূহৰ জৈৱ ৰাসায়নিক আৰু স্নায়ৱিক প্ৰক্ৰিয়াক এই স্নায়ুতন্ত্ৰই পৰিচালনা কৰে। স্বতঃক্ৰিয়া স্নায়ুতন্ত্ৰ দেহৰ অন্তঃভাগৰ স্নায়ুতন্ত্ৰৰ লগত জড়িত।

উৎপত্তি স্থান অনুযায়ী স্বতঃক্ৰিয়া স্নায়ুতন্ত্ৰক তিনিটা ভাগত ভাগ কৰিব পাৰি।

(ক) উৰ্ধভাগ

(খ) মধ্য়ভাগ

(গ) নিম্নভাগ 

(১৮) মানুহৰ দেহৰ পেশী সমূহৰ গঠন আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা? 

উত্তৰঃ গ্ৰহনেন্দ্ৰিয় সমূহে পৰিৱেশৰ পৰা উদ্দীপনা গ্ৰহন কৰে। সেই উদ্দীপনা মস্তিষ্কই প্ৰয়োজনীয় বিশ্লেষণ কৰে  আৰু দেহৰ আনকিছুমান অংশৰ যোগেদি প্ৰতিক্ৰিয়া প্ৰদান কৰে। দেহযন্ত্ৰৰ যিবোৰ অংগৰ যোগেদি প্ৰতিক্ৰিয়া প্ৰকাশ হয় সেই অংগবোৰক সাধকেন্দ্ৰিয় বুলি কোৱা হয়। অৰ্থাৎ সাধকেন্দ্ৰিয়ৰ যোগেদি উদ্দীপকৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াসমূহ লক্ষ্য় কৰিব পাৰি। এই সাধকেন্দ্ৰিয় সমূহ দুই প্ৰকাৰৰ যেনে-

(১) পেশীসমূহ আৰু

(২) গ্ৰন্থিসমূহ

(১) পেশীসমূহঃ দেহৰ মাংসপেশী সমূহে সমগ্ৰ দেহ কংকাল আগুৰি ৰাখিছে। পেশী সমূহে শৰীৰৰ অঙ্গ - প্ৰত্য়ঙ্গবোৰ সুচাৰুৰূপে পৰিচালনা কৰে। পেশীবোৰ উত্তেজিত হলে সংকোচিত হয় আৰু উত্তেজনাৰ অৱসান ঘটাৰ লগে লগে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। আমাৰ শৰীৰত তিনি প্ৰকাৰৰ পেশী পোৱা যায়-

(১) মিহি বা ৰেখাহীন পেশীঃ এইবিধ পেশী মূলতঃ দেহৰ আভ্য়ন্তৰ ভাগৰ পাকস্থলী, নাড়ী আদিত থাকে। এই পেশীসমূহক অনৈচ্ছিক  পেশী বুলি কোৱা হয়। কাৰণ এই পেশীসমূহ ব্য়ক্তিয়ে নিজ ইচ্ছা অনুযায়ী সঞ্চালন কৰিব নোৱাৰে।

(২) ৰেখাযুক্ত পেশীঃ এই পেশীসমূহ দেহৰ বৰ্হি অংশত পোৱা যায়। এই পেশীসমূহ ইচ্ছা অনুযায়ী পৰিচালিত কৰিব পৰা যায় বাবে ইয়াক ঐচ্ছিক পেশী বুলিও কোৱা হয়।

(৩) হৃদপেশীঃ ৰেখাযুক্ত পেশীৰ দৰে এই পেশীসমূহ হৃদযন্ত্ৰতপোৱা যায়। এই পেশীসমূহে দেহযন্ত্ৰৰ বিভিন্ন কাম সুচাৰুৰূপে চলোৱাৰ লগতে স্নায়ুতন্ত্ৰটো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়।

(২) গ্ৰন্থিসমূহঃ গ্ৰন্থিসমূহ দৈহিক প্ৰতিক্ৰিয়া প্ৰকাশৰ আন এক গুৰুত্বপূৰ্ণ মাধ্য়ম। দেহৰ বিভিন্ন অংশত এই গ্ৰন্থিবোৰ আছে। এই গ্ৰন্থি সমূহে বিশেষ বিশেষ প্ৰকাৰৰ ৰাসায়নিক ৰস ক্ষৰণ কৰি প্ৰত্য়ক্ষ বা  পৰোক্ষভাৱে দৈহিক আৰু  মানসিক ক্ৰিয়াক প্ৰভাৱিত কৰে। আমাৰ দেহত দুই প্ৰকাৰৰ গ্ৰন্থি আছে-

(১) সনালী বা বহিঃস্ৰাৱী গ্ৰন্থি আৰু 

(২)  অনালী বা অন্তঃস্ৰাৱী গ্ৰন্থি

(ক) সনালী বা বহিঃস্ৰাৱী  গ্ৰন্থিঃ এই সনালী গ্ৰন্থিসমূহ নলীযুক্ত। এই গ্ৰন্থিসমূহৰ লগত সংযোজিত নলীৰে গ্ৰন্থিৰস নিঃসৰণ হৈ বাহিৰলৈ ওলাই আহে। এই সনালী গ্ৰন্থিসমূহ হৈছে লালতি গ্ৰন্থি, ঘৰ্মগ্ৰন্থি, অশ্ৰুগ্ৰন্থি, পাচক  গ্ৰন্থি, স্তন্য় গ্ৰন্থি, মুত্ৰ গ্ৰন্থি ইত্য়াদি। এই গ্ৰন্থিসমূহে দেহত বিভিন্ন কাৰ্য সম্পাদন কৰে। যেনে- খাদ্য়বস্তু দেখিলে জিভাৰ পৰা লালতি ওলায়, খাদ্য় পৰিপাক কৰিবৰ বাবে পাকস্থলীত বিভিন্ন ধৰণৰ জাৰক ৰস স্ফৰণ হয়, দুখ লাগিলে চকুপানী ওলায়, গৰম লাগিলে ঘাম ওলায় ইত্য়াদি।

(খ) অনালী গ্ৰন্থি বা অন্তস্ৰাৱী গ্ৰন্থিঃ আমাৰ দেহত আনকিছুমানগ্ৰন্থি আছে যিবিলাকৰ লগত কোনো নলী সংযুক্ত হৈ নাথাকে। এই গ্ৰন্থিবোৰে বাহিৰলৈ কোনো ৰস নিঃসৰণ নকৰে। এই গ্ৰন্থিসমূহে ইয়াৰ পৰা নিসৃত হৰমন ৰক্তস্ৰোতত মিহলি কৰি দিয়ে আৰু ই তেজৰ লগত মিলি গৈ সমগ্ৰ শৰীৰত বিয়পি পৰে। এই গ্ৰন্থি সমূহকে অনালী বা অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হয়। এই গ্ৰন্থিসমূহে এক দেহ ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু ব্য়ক্তিৰ দৈহিক, মানসিক আৰু আবেগিক দিশৰ প্ৰতিক্ৰিয়া আৰু আচৰণ নিয়ন্ত্ৰণ কৰি মানুহৰ ব্য়ক্তিত্বত বিশেষ প্ৰভাৱ পেলায়।  


(চ) তলত দিয়া সমূহৰ উত্তৰ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)

১। স্নায়ুতন্ত্ৰ কাক বোলে? স্নায়ুতন্ত্ৰৰ উপাদান সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ সাধাৰণতে লাওঁখোলাৰ ভিতৰত অৱস্থিত মস্তিষ্ক আৰু মেৰুদণ্ডৰ ভিতৰত অৱস্থিত মেৰুমৰ্জ্জা, এই দুই প্ৰধান অংশৰ শাখা-প্ৰশাখা সমূহকে একত্ৰ স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। 

    মানুহৰ দেহটোক এক জীৱন্ত যন্ত্ৰ বুলি কোৱা হয়। কিন্তু মানুহৰ এই দেহা যন্ত্ৰটোৰ গঠন আৰু কাৰ্য্য়াৱলী জীৱহীন যন্ত্ৰতকৈ অধিক জটিল আৰু সুক্ষ্ম। দেহে জটিল স্নায়ৱিক গঠন প্ৰণালীৰ সহায়ত নানান কাম সম্পাদন কৰিব পাৰে। স্নায়ুতন্ত্ৰ হল আমাৰ সকলো অভিজ্ঞতা, প্ৰতিক্ৰিয়া, আৰু অনুভূতিৰ মূল। কোনো বস্তুৰ প্ৰতিচ্ছবি আমাৰ চকুত পৰিলে আমি দেখিবলৈ পাওঁ। দৃষ্টিৰ অনুভূতি সৃষ্টি হয় চক্ষুস্নায়ু দ্বাৰা। আমাৰ দেহত তিনি ধৰণৰ যন্ত্ৰ আছে। ইয়াৰ প্ৰথম বিধে বাহ্য় জগতৰ পৰা উত্তেজনা গ্ৰহণ কৰে। সাধাৰণভাৱে এই বিলাকক ইন্দ্ৰিয় বুলি কোৱা হয়। মনোবিজ্ঞানত এই ইন্দ্ৰিয় সমূহক গ্ৰহনেন্দ্ৰিয় বুলিও কোৱা হয়। কেৱল মাত্ৰ উত্তেজনা গ্ৰহণতে দেহযন্ত্ৰৰ কামৰ শেষ নহয়। এই উত্তেজনাৰ প্ৰতিক্ৰিয়া প্ৰদানৰ দায়িত্ব এই গ্ৰহনেন্দ্ৰিয় সমূহৰ নহয়। এই স্নায়ুসমূহ হৈছে মূলতঃ কিছুমান সূতাৰ দৰে পদাৰ্থ। এই স্নায়ু সমূহেই হৈছে স্নায়ুতন্ত্ৰৰ মূল উপাদান। আমাৰ দেহৰ স্নায়ু সমূহ অগণণ ক্ষুদ্ৰ ক্ষুদ্ৰ স্নায়ুকোষেৰে গঠিত। প্ৰত্য়েক স্নায়ুকোষৰ দুটা অংশ আছে।  (ক) স্নায়ুকোষৰ মূল অংশ বা নিউক্লিয়াচ (খ) স্নায়ুকোষৰ বাহিৰৰ দেৱাল প্ৰত্য়েক স্নায়ুকোষৰ মাজত স্নায়ুকেন্দ্ৰ বা নিউক্লিয়াচ থাকে। প্ৰত্য়েক স্নায়ুকোষত এটা স্নায়ু শাখা আৰু অনেক স্নায়ুকেশ থাকে। স্নায়ুকেশবোৰ হৈছে স্নায়ুকোষৰ পৰা ওলোৱা কিছুমান চুলিৰ দৰে শাখা। এই স্নায়ুকেশ সমূহ বাৰ্তা গ্ৰহণৰ স্থাল। স্নায়ুকেশৰ যোগেদি এটা স্নায়ুকেশ অন্য় এটা স্নায়ুকোষলৈ বাতৰি প্ৰেৰণ কৰে। স্নায়ুকোষবোৰৰ শাখা-প্ৰশাখাবোৰ লগলাগি নাথাকে, ওচৰা - ওচৰিকৈ থাকে। দুটা স্নায়ুকোষৰমিলনকেন্দ্ৰক স্নায়ুসন্ধি বুলি কোৱা কোৱা হয়। স্নায়ুত তৰঙ্গ যেতিয়া এক স্নায়ুকোষৰ পৰা অন্য় এটা স্নায়ুকোষলৈ প্ৰবাহিত হয়,তেতিয়া এই মিলন ব্য়ৱস্থা স্নায়ুসন্ধিয়ে বাধাৰ সৃষ্টি কৰে। কিন্তু এবাৰ স্নায়ুপ্ৰবাহ বৈ গলে পাছলৈ এই গতিপথ সহজ হৈ পৰে। 

২। কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ স্নায়ুতন্ত্ৰ বুলি কওঁতে সাধাৰণতে মস্তিষ্ক আৰু মেৰুমৰ্জা আৰু এই দুই প্ৰধান অংশৰ শাখা-প্ৰশাখাক বুজো। এই ক্ষেত্ৰত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কওঁতে মস্তিষ্ক আৰু মেৰুমৰ্জ্জক বুজোৱা হয়। স্নায়ুতন্ত্ৰৰ আন শাখা-প্ৰশাখা সমূহ ইয়াৰ অন্তৰ্ভূক্ত নহয়। আমাৰ লাওখোলাৰ ভিতৰত থকা মস্তিষ্ক আৰু মেৰুদণ্ডৰ বা ৰাজহাড়ৰ অন্তভাগত থকা মেৰুমৰ্জ্জা লৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হয়। সেয়েহে এই স্নায়ুতন্ত্ৰক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ এই দুই প্ৰধান অংশৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হল-

(ক) মস্তিষ্কঃ স্নায়ুতন্ত্ৰৰ প্ৰধান কেন্দ্ৰ হল মস্তিষ্ক। মস্তিষ্ক হল বিচাৰ, চিন্তা, বুদ্ধি, আবেগ, অনুভূতি ইচ্ছা শক্তি ইত্য়াদি। সকলো ধৰণৰ মানসিক ক্ৰিয়াৰ উৎস। মানুহৰ মস্তিষ্কৰ তুলনাত পৃথিৱীৰ শ্ৰেষ্ঠ কম্পিউটাৰ যন্ত্ৰ অতি তুচ্চ। মস্তিষ্ক অজস্ত্ৰ স্নায়ুকোষেৰে গঠিত। মস্তিষ্ক লাওঁখোলাৰ অন্তভাগ মেৰুদণ্ডৰ ঠিক ওপৰত অৱস্থিত। বিশেষ বিশেষ কৰ্মদক্ষতা অননুযায়ী আমাৰ মস্তিষ্ক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে-

(১) গুৰুমস্তিষ্ক

(২) লঘুমস্তিষ্ক

(৩) মধ্য়মস্তিষ্ক

(৪) অধঃমস্তিষ্ক

(খ) মেৰুমৰ্জ্জাঃ মেৰুদণ্ডৰ সুৰঙ্গযুক্ত অংশৰ মাজেৰে কিছুমান স্নায়ু একত্ৰিত হৈ মস্তিষ্কত প্ৰৱেশ কৰিছে ইয়াকে মেৰুমৰ্জ্জা বা সুষম্নাকাণ্ড বুলি কোৱা হয়। মেৰুমৰ্জ্জা সংবেদন আৰু সঞ্চালন অনুভূতিৰ পৰিবহনৰ ঘাই পথ। এই মেৰুমৰ্জ্জাৰ মাজেদি নাৰিকল পাতৰ দৰে ৩১যোৰ অন্তৰ্বাহী আৰু বৰ্হিবাহী স্নায়ু দুয়োফালে প্ৰবাহিত হৈছে। এই স্নায়ুবোৰে দেহৰ বিভিন্ন অংশৰ ইন্দ্ৰিয়, পেশী আৰু গ্ৰন্থিসমূহৰ লগত মস্তিষ্ক যোগাযোগ স্থাপন কৰে। মেৰুমৰ্জ্জাৰ প্ৰধান কাম দুটা। প্ৰথমটো হল দেহৰ বিভিন্ন অংশৰ পৰা প্ৰৱাহিত উত্তেজনা মস্তিষ্কলৈ আৰু মস্তিষ্ক প্ৰেৰিত নিৰ্দেশ কৰ্মেন্দ্ৰিয়ত প্ৰেৰণ কৰা অৰ্থাৎ মেৰুমৰ্জ্জা সকলো প্ৰকাৰৰ স্নায়ৱিক শক্তিৰ পৰিবহনৰ পথ। ইয়াৰ উপৰিও বিভিন্ন তাৎক্ষনিক প্ৰতিবৰ্ত ক্ৰিয়া যেনেঃ হাঁচি মৰা, কাঁহ মৰা চকু পিৰিকিওৱা ইত্য়াদি এই মেৰুমৰ্জ্জাৰ পৰিচালনাধীন। সেইদৰেই আভ্য়াসজনিত যান্ত্ৰিক কাৰ্যসমূহ মেৰুমৰ্জ্জাই নিয়ন্ত্ৰণ কৰে। এই কাৰ্যসমূহ স্বতঃৰ্স্ফূতভাৱে সম্পাদন কৰা হয় আৰু ইয়াৰ বাবে কোনো মানসিক সচেতনতাৰ প্ৰয়োজন নহয়।

৩। গ্ৰহনেন্দ্ৰিয় কাক বোলে? কোনো এটা গ্ৰহন্দ্ৰিয়ৰ কাৰ্যৱলী বৰ্ণনা কৰা? 

উত্তৰঃ আমাৰ দেহত তিনি ধৰণৰ যন্ত্ৰ আছে। ইয়াৰ প্ৰথম বিধে বাহ্য জগতৰ পৰা উত্তেজনা গ্ৰহণ কৰে। সাধাৰণভাৱে এই বিলাকক ইন্দ্ৰিয় বুলি কোৱা হয়। মনোবিজ্ঞানত এই ইন্দ্ৰিয় সমূহক গ্ৰহনেন্দ্ৰিয় বুলিও কোৱা হয়।

    কাণঃ চকুৰ পিছতে কাণ গ্ৰহনেন্দ্ৰিয় স্বৰূপে অতি গুৰুত্বপূৰ্ণ। কাণ হল শ্ৰৱনেন্দ্ৰিয়। শব্দ তৰঙ্গ যেতিয়া কৰ্ণপটহত আঘাত কৰে, তেতিয়াই আমি শ্ৰৱণ অনুভূতি লাভ কৰো। মানুহৰ কাণক তিনিটা ভাগত ভাগ কৰা হয়। যেনে - বহিঃকৰ্ণ, মধ্য়কৰ্ণ আৰু অন্তঃকৰ্ণ। কাণৰ বাহিৰত দেখা অংশক কৰ্ণছত্ৰ বুলি কোৱা হয়। এই কৰ্ণছত্ৰ, সুৰঙ্গ হৈ ভিতৰলৈ সোমাই যোৱা অংশ অৰ্থাৎ কৰ্ণসুৰঙ্গ আৰু পাতল পদাৰ্থৰ দ্বাৰা গঠিত কৰ্ণপট বা কাণৰ পৰ্দা দ্বাৰা বহিঃকৰ্ণ গঠিত। মধ্য়কৰ্ণ কৰ্ণপটহ আৰু অন্তঃকৰ্ণৰ মাজত অৱস্থিত এক ক্ষুদ্ৰ গহ্বৰ স্বৰূপ। ইয়াত তিনিডাল অস্থি আছে। এই অস্থি তিনিডালৰ নাম হৈছে - মুগদৰ, নিয়াৰি আৰু খাৰুৱা। মধ্য়কৰ্ণৰ পৰা এডাল নলী ডিঙিৰ ফালে তললৈ নামি গৈছে তাক হিউষ্টেচিয়ান নলী বোলে। এই নলীৰ লগত নাক আৰু ডিঙিৰ সংযোগ আছে। মধ্য়কৰ্ণৰ কাম হৈছে কৰ্ণপটহৰ পৰা অহা শব্দধ্বনি কাণৰ ভিতৰ অংশলৈ প্ৰেৰণ কৰে।

    মধ্য়কাণৰ পিছফালে থকা শ্ৰৱনেন্দ্ৰিয়ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে অন্তঃকৰ্ণৰো তিনিটা অংশ আছে। এই অংশ তিনিটা হৈছে - (১) ডিম্বাকৃতিৰ পৰ্দা

(২) অৰ্ধবৃত্তাকাৰ সুৰঙ্গযুক্ত তিনিটা নলী।

(৩) শামুকৰ কৰ্ণশংকু বা ককোলিয়া

    কৰ্ণশংকু হৈছে কাণৰ প্ৰকৃত শব্দ গ্ৰহণ যন্ত্ৰ। ইয়াৰ ভিতৰত এবিধ সংবেদনশীল তৰল পদাৰ্থ তৰল পদাৰ্থ আৰু স্নায়ুকোষ থাকে। এই স্নায়ুকোষৰ পৰা শ্ৰৱণ স্নায়ু এ মস্তিষ্কৰ শ্ৰৱণ কেন্দ্ৰৰ লগত সংযোগ স্থাপন কৰে। বৰ্হিঃজগতৰ শব্দ, তৰঙ্গঁৰ উত্তেজনা কৰ্ণছত্ৰৰ দ্বাৰা সংগৃহীত হৈ কৰ্ণ সুৰঙ্গৰে প্ৰৱেশ কৰি কৰ্ণ পটহত আঘাত কৰে। ফলত কৰ্ণপটহ কম্পিত হয়। এই কম্পনে মধ্য়কৰ্ণৰ অস্থি কেইডালত কম্পনৰ সৃষ্টি কৰে। ফলত এডালে আনডালক আঘাত কৰি শব্দ তৰঙ্গ অধিক তীব্ৰ আৰু শক্তিশালী কৰি তোলে। এই কম্পনে অন্তঃকৰ্ণত প্ৰৱেশ কৰে আৰু ডিম্বাকৃতিৰ পদাৰ্থ চাপৰ সৃষ্টি কৰে। এই চাপ কৰ্ণশংকুৰ শব্দগ্ৰহণকাৰী স্নায়ুকোষবোৰে গ্ৰহণ কৰে আৰু শ্ৰৱণ স্নায়ুৰ যোগেদি মস্তিষ্কৰ শ্ৰৱণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত আমি শব্দ সংবেদন লাভ কৰো।

৪। ইন্দ্ৰিয় শিক্ষা বুলিলে কি বুজা? এই শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা? 

উত্তৰঃ চকুৰে নেদেখা বা কাণেৰে নুশুনা শিশুৰ দৃষ্টি বা শ্ৰৱণ শক্তি ফিৰাই আনাটো অথবা হীন বুদ্ধিৰ শিশুক স্বাভাৱিক কৰি তোলাটো ইয়াৰ নহয়। বৌদ্ধিক বিকাশৰ বাবে থকা স্বাভাৱিক প্ৰক্ৰিয়াটো অধিক উন্নত আৰু তীক্ষ্নতৰ কৰি তোলা ব্য়ৱস্থাই হৈছে ইন্দ্ৰিয় শিক্ষা।

    কম বয়সীয়া শিশুৰ গ্ৰহনেন্দ্ৰিয় সমূহ স্বাভাৱিকভাৱেই অনভিজ্ঞ আৰু অপৈনত অৱস্থাত থাকে। সেয়েহে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় শিক্ষাৰ বিশেষ প্ৰয়োজনীয়তা সহজে অনুভৱ কৰা হয়। শিশুৰ জ্ঞাননেন্দ্ৰিয় সমূহৰ সক্ষমতা আৰু সক্ৰিয়তা ই পৰৱৰ্তী কালৰ মানসিক আৰু বৌদ্ধিক বিকাশ সুনিশ্চিত কৰিব পাৰে। শিশুৰ ইন্দ্ৰিয়জনিত দুৰ্বলতাবোৰ দূৰ কৰি শিশুৰ মানসিক জীৱন সুশৃংঙ্খলিত কৰিবৰ বাবে ইন্দ্ৰিয় শিক্ষাৰ অতি প্ৰয়োজন। ই হৈছে আধুনিক শিক্ষাৰ এক উল্লেখনীয় দিশ। উপযুক্ত ইন্দ্ৰিয় শিক্ষাৰ ওপৰতেই এজন লোকৰ ভৱিষ্য়ৎ মানসিক আৰু বৌদ্ধিক বিকাশ নিৰ্ভৰ কৰে। শিশু শিক্ষাৰ ক্ষেত্ৰত মণ্টেশ্বৰী পদ্ধতি আৰু ফ্ৰৱেলৰ কিণ্ডাৰগাৰ্টেন পদ্ধতিয়ে শিশুৰ ইন্দ্ৰিয় শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। ফ্ৰৱেলে প্ৰথমে খেলাৰ মাধ্য়মেৰে ইন্দ্ৰিয় শিক্ষাৰ বিজ্ঞান ভিত্তিক পদ্ধতি গঢ় দি তুলিছিল। মণ্টেশ্বৰী শিক্ষা ব্য়ৱস্থাতো ইন্দ্ৰিয় শিক্ষাৰ ওপৰত অনুৰূপ গুৰুত্ব প্ৰদান কৰা হয়। এই পদ্ধতিত ব্য়ৱহৃত আহিলা সমূহক আত্মনিৰ্দেশনাত্মক সঁজুলি বুলি জনা যায়। এই সঁজুলি সমূহ শিশুৱে ব্য়ৱহাৰ কৰি আত্ম শিক্ষাৰ যোগেদি বিভিন্ন বিষয়ৰ ইন্দ্ৰিয়ৰ যোগেদি বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰে। 

৫। সনালী গ্ৰন্থি সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ যিবোৰ  গ্ৰন্থিয়ে  শৰীৰৰ ভিতৰত থকা অলাগতীয়াল পদাৰ্থ বাহিৰলৈ   উলিয়াই দি শৰীৰৰ  কৰ্ম ক্ষমতা অটুট ৰাখে আৰু শৰীৰক সুস্থ আৰু সৱল কৰি তোলে তাকে সনালী গ্ৰন্থি  বোলে।  সনালী গ্ৰন্থিৰ লগত সংযোজিত নলী থকা বাবে গ্ৰন্থিৰস নিঃসৰণ  হৈ সেই  নলীয়েদি শৰীৰৰ বাহিৰলৈ ওলাই আহে। উদাহৰণ - স্তন গন্থীয়ে দুগ্ধ ক্ষৰণ কৰি শিশুৰ জীৱন ৰক্ষা কৰে । 

এই সনালী গ্ৰন্থিসমূহ নলীযুক্ত। এই গ্ৰন্থিসমূহৰ লগত সংযোজিত নলীয়ে গ্ৰন্থিৰস নিঃসৰণ হৈ বাহিৰলৈ ওলাই আহে। এই সনালী গ্ৰন্থীসমূহ হৈছে লালতি গ্ৰন্থি, ঘৰ্মগ্ৰন্থি, অশ্ৰুগ্ৰন্থি, পাচক গ্ৰন্থি, স্তন্য় গ্ৰন্থি, মুত্ৰ গ্ৰন্থি ইত্য়াদি। এই গ্ৰন্থিসমূহে দেহত বিভিন্ন কাৰ্য সম্পাদন কৰে। যেনে- খাদ্য়বস্তু দেখিলে জিভাৰ পৰা লালতি ওলায়, খাদ্য় পৰিপাক কৰিবৰ বাবে পাকস্থলীত বিভিন্ন ধৰণৰ জাৰক ৰস স্ফৰণ হয়, দুখ লাগিলে চকুপানী ওলায়, গৰম লাগিলে ঘাম ওলায় ইত্য়াদি। 



Type Himanku Bora..

Answer By : Boby Bora



Post ID : DABP006401