জ্ঞান অৰ্জনৰ / জ্ঞাত হোৱাৰ মানসিক প্ৰক্ৰিয়া | পঞ্চম অধ্যায় (খ) | Chapter 5 | Class 11 Education Question Answer | Class 11 Question Answer | Mental processes of knowing 

                        জ্ঞান অৰ্জনৰ / জ্ঞাত হোৱাৰ মানসিক প্ৰক্ৰিয়া

।। প্ৰশ্নাৱলী ।।

(ক) খালী ঠাই পূৰ কৰাঃ

(১) বৰ্হি জগতৰ জ্ঞান লাভৰ প্ৰাথমিক প্ৰক্ৰিয়া                  বুলি কোৱা হয়।

উত্তৰঃ ধাৰণা। 

(২)                 সম্পৰ্কে প্ৰাথমিক বোধৰ সংবেদন বুলি কোৱা হয়।

উত্তৰঃ উদ্দীপক।

(৩) সংবেদন কোনো ভৌত উদ্দীুনা আৰু                  পাৰস্পৰিক ক্ৰিয়াৰ ফল।

উত্তৰঃ মানসিক। 

(৪) বিশিষ্ট সংবেদন                  প্ৰকাৰ।

উত্তৰঃ পাঁচ।

(৫)                  সংবোধৰ আৱশ্যিক চৰ্ত।

উত্তৰঃ পূৰ্ব অভিজ্ঞতা। 

(৬) জ্ঞানলাভৰ মানসিক প্ৰক্ৰিয়া                  স্তৰৰ মাজেৰে সম্পন্ন হয়।

উত্তৰঃ

(৭)                  হৈছে ভুল প্ৰত্যক্ষণ।

উত্তৰঃ ভ্ৰান্ত।

(৮) সংবেদনৰ সময়ত মন                  অৱস্থাত থাকে।

উত্তৰঃ নিষ্ক্ৰিয়।

(৯) সংবোধৰ সময়ত মন                  অৱস্থাত থাকে।

উত্তৰঃ মানসিক।

(১০)                  চিন্তাৰ এক উপকৰণ।

উত্তৰঃ 

(১১)                  সংবেদনৰ সাহাৰ্যত বৰ্হিজগতৰ সম্পৰ্কে জ্ঞান লাভ কৰা যায়।

উত্তৰঃ

(১২) আঙ্গিক সংবেদন                  অঙ্গৰ মাধ্যমেৰে সৃষ্টি হয়।

উত্তৰঃ

(১৩) সংবেদন =                  + অৰ্থ

উত্তৰঃ সংবোধন। 

(১৪) ধাৰণা গঠনৰ শেষ পৰ্যায় হৈছে                 

উত্তৰঃ নামাকৰণ। 

(১৫) জ্ঞান লাভৰ প্ৰক্ৰিয়া = সংবেদন + সংবেদন + সংবোধন +                  

উত্তৰঃ সংবোধন। 

(খ) ভুল / শুদ্ধ লিখা ঃ

(১) সংবেদন এক সৰলতম প্ৰাথমিক প্ৰক্ৰিয়া।

উত্তৰঃ শুদ্ধ।

(২) দৈহিক সংবেদন আভ্যন্তৰীণ উদ্দীপক প্ৰসূত।

উত্তৰঃ অশুদ্ধ। 

(৩) প্ৰাপ্ত বয়স্কৰ সংবেদন নিখুঁত সংবেদন।

উত্তৰঃ

(৪) সংবোধৰ লগত মনোযোগ যুক্ত হৈ থাকে।

উত্তৰঃ শুদ্ধ।

(৫) সংবোধৰ বাবে পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন।

উত্তৰঃ শুদ্ধ। 

(৬) সংবোধন বিভিন্ন অভিজ্ঞতাৰ সমন্বয়।

উত্তৰঃ 

(৭) ধাৰণা গঠনৰ সৰ্বশেষ পৰ্য্যায় হৈছে নামকৰণ।

উত্তৰঃ

(৮) ক্ষুবাৰ অভিজ্ঞতা জ্ঞানেন্দ্ৰিয়লব্ধ।

উত্তৰঃ

(৯) স্বাদৰ অভিজ্ঞতা এক আঙ্গিক সংবেদন।

উত্তৰঃ শুদ্ধ।

(১০) দৈহিক সংবেদন ইন্দ্ৰিয় সংবেদনৰ তুলনাত স্পট।

উত্তৰঃ 
 
(১১) সংবোধন সংবেদন নিৰ্ভৰ।

উত্তৰঃ

(১২) সংবেদন হ'ল বস্তুধৰ্মী জ্ঞান।

উত্তৰঃ অশুদ্ধ। 

(১৩) ধাৰণা মূৰ্ত আৰু বিমূৰ্ত দুয়ো প্ৰকাৰৰ হ'ব পাৰে।

উত্তৰঃ

(১৪) ইন্দ্ৰিয়জাত সংবেদন তিনি প্ৰকাৰৰ।

উত্তৰঃ

(১৫) সংবোধন সম্পূৰ্ণ দৈহিক প্ৰক্ৰিয়া।

উত্তৰঃ অশুদ্ধ।

(১৬) সংবেদনৰ উৎপত্তি স্থল হৈছে গ্ৰহনেন্দ্ৰিয় সমূহ।

উত্তৰঃ শুদ্ধ।

(১৭) সংবোধন উপস্থানমূলক।

উত্তৰঃ অশুদ্ধ। 

(১৮) অমূল প্ৰতক্ষ্য উদ্দীপকৰ অবৰ্তমানত লাভ কৰা হয়।

উত্তৰঃ শুদ্ধ। 

(১৯) ভূুল সংবেদনক ভ্ৰান্ত প্ৰতক্ষ্য বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ।

(২০) ধাৰণ গঠন মানুহৰ ক্ষেত্ৰতেই সীমাবদ্ধ।

উত্তৰঃ অশুদ্ধ। 

(২১) অমূল প্ৰত্যক্ষ সম্পূৰ্ণ মনোজাত।

উত্তৰঃ শুদ্ধ।

(২২) সংবোধন অতীত অভিজ্ঞতা নিৰ্ভৰ।

উত্তৰঃশুদ্ধ 

(২৩) ভাষাৰ বিকাশৰ লগত সংপ্ৰত্যয়ন সম্পৰ্ক যুক্ত।

উত্তৰঃ শুদ্ধ। 

(২৪) সংপ্ৰত্যয়নৰ বাবে সংবেদন অপৰিহাৰ্য নহয়।

উত্তৰঃ

(২৫) উদ্দেগজনিত কাৰণত ভুল প্ৰত্যক্ষন হ'ব পাৰে।

উত্তৰঃ শুদ্ধ।

(২৬) বিশুদ্ধ সংবেদন এক অলীক কল্পনা।

উত্তৰঃ

(গ) চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ

(১) বিশুদ্ধ সংবেদন এক অলীক কল্পনা।

উত্তৰঃ সাধাৰণতে বিশুদ্ধ সংবেদন চিহ্নিত কৰা কঠিন। কাৰণ বাস্তৱ জীৱন পৰিস্থিতিত মানুহে বিচ্ছিন্ন একক উদ্দীপকৰ সন্মূখীন হোৱাৰ সুযোগ নাপায়। স্পৰ্শকাতৰ ইন্দ্ৰিয় সমূহৰ প্ৰভাৱত অভিজ্ঞতাৰ মিশ্ৰন ঘটে। মনোবিদ সকলৰ মতে সংবেদনক যিহতু বিচ্ছিন্ন কৰিব নোৱাৰি গতিকে ইয়াক একক ভাবে উপলব্ধি কৰিব পৰা নাযায়। আনহাতেদি লাভৰ লগে লগেই পূৰ্ব অভিজ্ঞতাৰ প্ৰভাৱত ই তাৎকালেই সংবোধনলৈ পৰিবৰ্তিত হয়। 

(২) অৰ্থপূৰ্ণ সংবেদনক কি বুলি কোৱা হয়?

উত্তৰঃ অৰ্থপূৰ্ণ সংবেদনক সংবোধন বুলি কোৱা হয়। 
 
(৩) সংবেদনৰ পৰৱৰ্তী ৰূপটোক কি বুলি কোৱা হয়? 

উত্তৰঃ

(৪) সংবেদনৰ মূল ভিত্তি কি? 

উত্তৰঃ সংবেদনৰ মূলভিত্তি হৈছে - স্নায়ুতন্ত্ৰ।

(৫) ইন্দ্ৰিয় সংবেদন কেইপ্ৰকাৰৰ? 

উত্তৰঃ ইন্দ্ৰিয় সংবেদন ৫ প্ৰকাৰৰ। যেনেঃ চকু, কাণ, নাক, জিভা, জাল।

(৬) শব্দ সংবেদনৰ উদ্দীপক কি? 

উত্তৰঃ শব্দ সংবেদনৰ উদ্দীপক হল - কাণ। 

(৭) দৃষ্টি সংবেদনৰ উদ্দীপক কি? 

উত্তৰঃ দৃষ্টি সংবেদনৰ উদ্দীপক হল - চকু।

(৮) জ্ঞান অৰ্জন প্ৰক্ৰিয়াৰ শেষ পৰ্য্যায়টো কি? 

উত্তৰঃ মানসিক প্ৰক্ৰিয়া তিনিটা পৰ্য্য়ায়ৰ মাজেৰে সংঘটিত হয়। এই তিনিটা হৈছে জ্ঞানমূলক স্তৰ। অনুভূতি মূলক স্তৰ আৰু ক্ৰিয়ামূলক স্তৰ জ্ঞানমূলক স্তৰত ব্য়ক্তি বৰ্হিজগত সম্পৰ্কে জ্ঞাত হয়। সৰ্বশেষ, পৰ্য্য়ায় নিজস্ব সচেতনতাৰ পৰিপেক্ষিতত সক্ৰিয়ভাৱে আচৰণ সম্পাদন কৰে। জ্ঞানমূলক পৰ্য্য়ায়ত ব্য়ক্তি বৰ্হিজগত সম্পৰ্কে জ্ঞাত হয়।

(৯) অন্ধকাৰত ৰচী এডালক সাপ যেন দেখাটো কি জাতীয় প্ৰতক্ষ্যণ? 

উত্তৰঃ অন্ধকাৰত ৰচী এডালক সাপ যেন দেখাটো ভ্ৰান্ত জাতীয় প্ৰত্যক্ষ। 

(১০) ক্ষুধা, তৃষ্ণা কোন প্ৰকাৰৰ সংবেদন?

উত্তৰঃ ক্ষুধা, তৃষ্ণা আংগিক সংবেদন। 
 
(১১) সংবোধনৰ প্ৰথম স্তৰটোৰ নাম কি?

উত্তৰঃ 
 
(১২) ধাৰণাৰ মূল ভিত্তি কি? 

উত্তৰঃ 

(ঘ) চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২ নম্বৰ)ঃ

(১) ইন্দ্ৰিয় প্ৰশিক্ষণ কাক বোলে?

উত্তৰঃ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয়ৰ প্ৰশিক্ষণ এক গুৰুত্বপূৰ্ণ বিষয়। এই গ্ৰহনেন্দ্ৰিয় সমূহেই হৈছে জ্ঞানৰ প্ৰৱেশ পথ। গতিকে জ্ঞান লাভৰ সামগ্ৰিক প্ৰক্ৰিয়াত এই ইন্দ্ৰিয় সমূহে বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। গতিকে এই গ্ৰহনেন্দ্ৰিয় সমূহক সক্ষম আৰু সক্ৰিয় কৰি তোলা শিশু শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বিচাৰ্য বিষয়। ইন্দ্ৰিয় প্ৰশিক্ষণৰ উদ্দেশ্য় হল শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ ভেঁটি সুদৃঢ় আৰু শক্তিশালী কৰি তোলা। ইন্দ্ৰিয় প্ৰশিক্ষণৰ অৰ্থ হল ইন্দ্ৰিয় যথাৰ্থ উন্নয়ন আৰু উকৰ্ষতা সাধন কৰা, যাতে ইন্দ্ৰিয় সমূহে উদ্দীপনা গ্ৰহণৰ ক্ষেত্ৰত সঠিকভাৱে কাম কৰিব পাৰে। 
 
(২) উদ্দীপক কাক বোলে? 

উত্তৰঃ বাহ্য়িক জগতৰ বিভিন্ন বস্তু বা অৱস্থাৰ দ্বাৰা আমাৰ সংবেদনাত্মক অনুভূতি হয়। এই বিলাকৰ কিছুমানে আমাৰ মনোযোগ আকৰ্ষণ কৰে আৰু আন কিছুমানৰ প্ৰতি আমি আকৰ্ষিত নহও। যিবিলাক বস্তু বা অৱস্থা বিশেষ আমাৰ ইন্দ্ৰিয় সমূহ উত্তেজিত কৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেইবিলাক বস্তু বা অৱস্থা বিশেষক উদ্দীপক বুলি কোৱা হয়। আমাৰ জ্ঞান ইন্দ্ৰিয় সমূহ প্ৰত্য়েকৰে ভিন্ন ভিন্ন উদ্দীপক আছে। উদ্দীপকে আমাৰ শৰীৰৰ বিভিন্ন জ্ঞান ইন্দ্ৰিয়ক উত্তেজিত কৰি সেই উদ্দীপনাক সংবেদনাত্মক স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে।  

(৩) প্ৰতিক্ৰিয়া কাক বোলে? 

উত্তৰঃ বাহ্য়িক জগতৰ উদ্দীপকে আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত কৰিলে যি স্নায়ৱিক উত্তেজনা সৃষ্টি হয়। সেই স্নায়ৱিক উত্তেজনাক অন্তৰ্বাহী স্নায়ুৱে মেৰুমৰ্জ্জা আৰু মস্তিষ্কৰ সংবেদন কোষলৈ কঢ়িয়াই নিয়ে। ইয়াৰ প্ৰত্য়ুত্তৰ হিচাবে বৰ্হিবাহী স্নায়ু সমূহে যথাযথ উত্তেজনা পেশী আৰু গ্ৰন্থি সমূহলৈ পৰিবাহিত কৰে। প্ৰতিক্ৰিয়া প্ৰক্ৰিয়াৰ লগত দুই প্ৰকাৰৰ দেহযন্ত্ৰ জড়িত হৈ আছে। যেনে - (ক) গ্ৰহনেন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিয়
(খ) সাধকেন্দ্ৰিয় বা কৰ্মেন্দ্ৰিয়  

(৪) দুটা বাহ্যিক আৰু আভ্যন্তৰীণ উদ্দীপকৰ উদাহৰণ দিয়া।

উত্তৰঃ

(৫) সংবেদনৰ উপাদান সমূহ কি? 

উত্তৰঃ সংবেদনৰ উপাদানসমূহ হৈছে -

(১) উদ্দীপক

(২) গ্ৰহনেন্দ্ৰিয়সমূহ

(৩) সংজ্ঞাবাহী স্নায়ু

(৪) মস্তিষ্কৰ স্নায়ুকেন্দ্ৰ

(৫) প্ৰতিক্ৰিয়া

(৬) সংবেদনৰ চাৰিটা ধৰ্ম উল্লেখ কৰা? 

উত্তৰঃ সংবেদনৰ চাৰিটা ধৰ্ম হল -

(১) গুণঃ সংবোধনৰ দ্বাৰা সংবেদনজাত অভিজ্ঞতাৰ পাৰ্থক্য় নিৰ্ণয় কৰা হয়। ইন্দ্ৰিয়গত পাৰ্থক্য়ৰ বাবে বস্তুৰ গুণগত পাৰ্থক্য় সংবোধনৰ দ্বাৰা উপলব্ধি কৰা হয়। আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা সৃষ্ট সংবোধন সমূহ এটা আনটোৰ পৰা পৃথক। উদাহৰণস্বৰূপে দৃষ্টি সংবোধন শ্ৰৱণ সংবোধনতকৈ পৃথক। এটা ফুল চকুৰে দেখা যায় আৰু নাকেৰে ইয়াৰ ঘ্ৰাণ পোৱা যায়।

(২) তীব্ৰতাঃ তীব্ৰতা বুলি কওঁতে গুণৰ তীব্ৰতাক বুজোৱা হয়। উদাহৰণস্বৰূপে কব পৰা যায় যে কোনো বস্তুৰ ৰং গাঢ় হব পাৰে অথবা পাতল হব পাৰে।, কোনো শব্দ ক্ষীণ হব পাৰে অথবা তীব্ৰ হব পাৰে। এই ক্ষেত্ৰত দুটা গুণৰ সংবোধন আৰু সংবেদনৰ তীব্ৰতাৰ ভিত্তিত বস্তুৰ গুণগত বৈশ্য়িষ্টৰ বিশ্লেষণ সম্ভৱ। অৰ্থা বস্তুৰ গুণৰ তীব্ৰতাৰ তাৰতম্য় সংবোধনৰ মাধ্য়মেৰে উপলব্ধি কৰিব পাৰি।

(৩) ব্য়াপ্তি বা বিস্তৃতিঃ সংবিধানৰ বিস্তৃতি বস্তুৰ অধিকৃত ক্ষেত্ৰ বা অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বস্তুৰ বিস্তৃতি বা ব্য়াপ্তি চকু আৰু ত্বকৰ মাধ্য়মেৰে উপলব্ধি কৰা যায়। উদাহৰণস্বৰূপে আমাৰ হাতৰ ওপৰত এটা পিন অথবা এটা কলম ৰাখিলে এই দুয়োটাৰ সংবোধনৰ বা প্ৰত্য়ক্ষণ ব্য়াপ্তিৰ দিশৰ পৰা একে নহয়। এই ক্ষেত্ৰত এটা পিন বা কলমৰ ব্য়াপ্তি কেনেধৰণ হব তাক আমি সংবোধনৰ দ্বাৰা বুজিব পাৰো।

(৪) স্থায়িত্বঃ কোনো সংবোধন অল্পস্থায়ী অথবা দীৰ্ঘস্থায়ী হব পাৰে। অৰ্থাৎ উদ্দীপনাৰ স্থায়িত্বকে সংবোধনৰ স্থায়িত্ব বুলি কোৱা হয়।  



(৭) সংবেদনৰ দুটা বৈশিষ্ট্য লিখা? 

উত্তৰঃ সংবেদনৰ দুটা বৈশিষ্ট্য হ'ল-


(১) সংবেদন জ্ঞান লাভব প্ৰক্ৰিয়াৰ সৰলতম উপাদান । সেয়েহে সংবেদনক জ্ঞানৰ প্ৰাথমিক ভিত্তি বুলি কোৱা হয়। 

(২) সংবেদন এক উদ্দীপক নিৰ্ভৰ প্ৰক্ৰিয়া । অৰ্থাৎ বৰ্হিজগতৰ কোনো উদ্দীপকৰ দ্বাৰা সংবেদনৰ সৃষ্টি হয়।

(৮) পেশী সংবেদনৰ উৎপত্তিস্থল সমূহ উল্লেখ কৰা? 

উত্তৰঃ দেহৰ বিভিন্ন পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি সংবেদনৰ সৃষ্টি হয় তাকে পেশীয় সংবেদন বুলি কোৱা হয়। প্ৰকৃতপক্ষে দেহৰ বিভিন্ন পেশী অস্থি সঙ্কিত যিবিলাক স্নায়ু যুক্ত হৈ থাকে সেই স্নায়ুসমূহত পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি উদ্দীপনাৰ সৃষ্টি হয়, সেই উদ্দীপনাই মস্তিষ্কত যি সংবেদনৰ সৃষ্টি কৰে তাকে পেশীয় সংবেদন বুলি কোৱা হয়। পেশী সঞ্চালনৰ ফলত সৃষ্টি হোলা উত্তেজনা অন্তৰ্বাহী স্নায়ুৰ মাধ্য়মেৰে মস্তিষ্কত উপনীত হলে যি সংবেদনৰ সৃষ্টি হয় তাকে পেশীয় সংবেদন বুলি কোৱা হয়। 

(৯) আংগিক সংবেদন কাক বোলে? 

উত্তৰঃ দেহৰ অভ্যন্তৰস্থিত অংগ সমূহৰ কোনো পৰিবৰ্তন ঘটিলে যি উদ্দীপনাৰ সৃষ্টি হয়, সেই উদ্দীপনা অন্তর্বাহী স্নায়ুৰ যোগে দি পৰিচালিত হৈ মস্তিষ্কত যি বিশেষ সংবেদনৰ সৃষ্টি হয় তাকে আংগিক বা দেহযান্ত্রিক সংবেদন বুলি কোৱা হয়।

(১০) দৈহিক সংবেদনৰ দুটা বৈশিষ্ট্য লিখা? 

উত্তৰঃ দৈহিক সংবেদনৰ দুটা বৈশিষ্ট্য হ'ল-

(১) আভ্যন্তৰীন।

(২) জটিল।

(৩) উৎপত্তি স্থল নিৰ্ণয় কঠিন।


(১১) পেশীয় সংবেদন কাক বোলে? 

উত্তৰঃ দেহৰ বিভিন্ন পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি সংবেদনৰ সৃষ্টি হয় তাকে পেশীয় সংবেদন বুলি কোৱা হয়। প্ৰকৃতপক্ষে দেহৰ বিভিন্ন পেশী আৰু অস্থি সঙ্কিত যিবিলাক স্নায়ু যুক্ত হৈ থাকে সেই স্নায়ু যুক্ত হৈ থাকে সেই স্নায়ুসমূহত পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি উদ্দীপনাৰ সৃষ্টি হয়, সেই উদ্দীপনাই মস্তিষ্কত যি সংবেদনৰ সৃষ্টি কৰে তাকে পেশীয় সংবেদন বুলি কোৱা হয়।

(১২) ভ্ৰান্ত প্ৰতক্ষ্য কি? 

উত্তৰঃ ভ্ৰান্ত প্ৰত্যক্ষ সংবেদনৰ ভূল বাখ্যা। এই ক্ষেত্ৰত ব্যক্তিয়ে ইন্দ্ৰিয়লব্ধ সংবেদন অভিজ্ঞতাক ভুল অৰ্থ প্ৰদান কৰে। ব্যক্তিৰ মানসিক অৱস্থাৰ স্বাভাৱিক অৱস্থাতেই এই ভ্ৰান্ত প্ৰত্যক্ষ সংঘটিত হয়। এই ক্ষেত্ৰত ইন্দ্ৰিয়জাত সংবেদনৰ ক্ষেত্ৰটো কোনো ভ্ৰান্তি নাথাকে। ব্যক্তিয়ে সংবেদনৰ ভূল ব্যাখ্যা কৰাৰ বাবে এই ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয়। কম বেছি পৰিমানে সকলো ব্যক্তিয়ে বিভিন্ন সময়ত ভ্ৰান্ত প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে।  

(১৩) অমূল প্ৰতক্ষ্য কি?

উত্তৰঃ মস্তিষ্ক ক্ৰিয়াৰ অস্বাভাৱিকতাৰ বাবে কোনো কোনো সময়ত ইন্দ্ৰিয়ৰ যোগে প্ৰত্যক্ষ সংবেদন লাভ নকৰা অৱস্থাতো প্ৰত্যক্ষ লাভ কৰা হয়। ইয়াৰ অমূল প্ৰত্যক্ষ বুলি বোলে। 
 
(১৪) জ্ঞানেন্দ্ৰিয়ৰ ভিত্তিত সংবেদনক কি ভাবে ভাগ কৰিব পাৰি? 

উত্তৰঃ মানুহৰ জ্ঞাণমূলক অভিজ্ঞতা অৰ্জণৰ মূলভিত্তি হৈছে স্নায়ুতন্ত্ৰ। এই ক্ষেত্ৰত মস্তিষ্কই এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। এই মস্তিষ্ক দেহৰ দুই শ্ৰেণীৰ দেহযন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে। ইয়াৰ এটা শ্ৰেণী হৈছে সংগ্ৰাহক যন্ত্ৰ বা গ্ৰহেণেন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিষ্ট আনটো শ্ৰেণী হৈছে কৰ্মেন্দ্ৰিয় বা সাধক যন্ত্ৰ। জ্ঞানেন্দ্ৰিয় সমূহ মস্তিষ্কৰ মাধ্য়মেৰে স্নায়ুৰ দ্বাৰা কৰ্মেন্দ্ৰিয় বা সাধকযন্ত্ৰ সমূহৰ লগত যুক্ত হৈ থাকে। বৰ্হিজগতৰ লগত মস্তিষ্কৰ সংযোগ স্থাপন হয় জ্ঞানেন্দ্ৰিয় বা গ্ৰহনেন্দ্ৰিয় সমূহৰ যোগেদি এই সংযোগৰ অবৰ্তমানত বৰ্হিজগত সম্পৰ্কে আমি কোনো কথাই জানিব নোৱাৰো। কোনো ইন্দ্ৰিয় বা সংগ্ৰাহক যন্ত্ৰ উত্তেজিত হলে এই উত্তেজনা ইন্দ্ৰিয় লগত সংযুক্ত সংজ্ঞাবাহী স্নায়ুৰ দ্বাৰা মস্তিষ্কলৈ সঞ্চালিত হৈ মস্তিষ্কৰ বিশেষ স্থানক উত্তেজিত কৰে। এই জৈৱিক প্ৰক্ৰিয়া ফলত মস্তিষ্কত যি সৰলতম স্বায়বিক অনুভূতিৰ চেতনা সঞ্চালিত হয় তাকে মনোবিজ্ঞানত সংবেদন বুলি কোৱা হয়। সংবেদন হৈছে উদ্দীপক সম্পৰ্কে প্ৰাথমিক বোধ। এই অৰ্থত সংবেদন হৈছে সৰলতম জ্ঞানমূলক প্ৰক্ৰিয়া। সংবেদন সমূহ হৈছে জ্ঞানৰ প্ৰাথমিক কেঁচামাল।

(১৫) দুবিধ ভুল সংবেদনৰ নাম লিখা?

উত্তৰঃ দুবিধ ভূল সংবেদনৰ নাম হল -

(১) ভ্ৰান্ত প্ৰত্য়ক্ষ

(২) অমূল প্ৰত্য়ক্ষ

(ঙ) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)ঃ

(১) পাৰ্থক্য দেখুওৱাঃ

* সংবেদন আৰু সংবোধন

উত্তৰঃ সংবেদন আৰু সংবোধন মাজত পাৰ্থক্যঃ


সংবেদন (Sensation)

সংবোধন (Perception)

(১)সংবেদন জ্ঞানহীন।সংবেদনে কেৱল মাত্ৰ জ্ঞান আহৰণ উপাদানহে সৰবৰাহ কৰে।

(১) সংবোধন জ্ঞানযুক্ত। সংবোধন প্ৰকৃত বস্তুধৰ্মী জ্ঞান সৰবৰাহকৰে।

(২)সংবেদন সংবোধনৰ কাৰণ

(২)সংবোধন সংবেদনৰ অৰ্থবহ ৰূপ।

(৩)সংবেদন বস্তুৰ উপস্থাপনমূলক

(৩) সংবোধন ক্ষেত্ৰত বস্তুৰ উপস্থাপন আৰু পুনৰ উপস্থাপন দুয়োটা কাৰ্য সংঘটিত হয়।

(৪)সংবেদন জ্ঞানৰ উপাদান।

(৪)সংবোধন বস্তুধৰ্মী জ্ঞান।

(৫)সংবেদনত পূৰ্ব অভিজ্ঞতাৰ প্ৰভাৱ নাথাকে।

(৫)পূৰ্ব অভিজ্ঞতা সংবোধনৰ আৱশ্যিক চৰ্ত্ত।

(৬)সংবেদনে উদ্দীপক সম্পৰ্কে আংশিক পৰিচিতি দান কৰে।

(৬)সংবোধনে উদ্দীপক সম্পৰ্কে সামগ্ৰিক পৰিচিতি দান কৰে।

 

 


* সংবোধন আৰু সংপ্ৰত্যয়ন

উত্তৰঃ সংবোধন আৰু সংপ্ৰত্যয়নৰ মাজত পাৰ্থক্য়ঃ

সংবোধন

সংপ্ৰত্যয়ন

(১)সংবেদনলব্ধ অভিজ্ঞতা ভিত্তিত সংবোধন সৃষ্টি হয়।

(১) সংবোধনৰ বিচ্ছিন্ন বস্তুধৰ্মী অভিজ্ঞতাৰ সমন্বয়ৰ মাধ্যমেৰে সংপ্ৰত্যয়ন গঠন হয়।

(২)সংবোধন সংবেদনৰ ওপৰত নিৰ্ভৰশীল।

(২)সংপ্ৰত্যয়ন সংবেদন আৰু সংবোধনৰ এপৰত নিৰ্ভৰশীল।

(৩)সংবোধনে সংপ্ৰত্যয়নৰ সৃষ্টি কৰে।

(৩)সংপ্ৰত্যয়নে চিন্তাৰ সমল যোগায়।

(৪)সংবোধনত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ সামান্য

(৪)সংপ্ৰত্যয়নৰত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ অধিক।

(৫)সংবোধন পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত অৰ্থ প্ৰদান কাৰ্য।

(৫)সংপ্ৰত্যয়ন পূৰ্ব অভিজ্ঞতাৰ এক নামকৰণ কাৰ্য।

(৬)সংবোধনৰ অভিজ্ঞতা সদায় বাস্তৱ ভিত্তিক।

(৫)সংপ্ৰত্যয় কেতিয়াবা বাস্তৱবিত্তি নহবত্ত পাৰে।


* ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষ

উত্তৰঃ ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষ মাজত পাৰ্থক্যঃ

ভ্ৰান্ত প্ৰত্যক্ষ

অমূল প্ৰত্যক্ষ

(১) ভান্ত্ৰ প্ৰত্যক্ষত সংবোধনৰ বিষয়বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে।

(১)অমূল প্ৰত্যক্ষৰ ক্ষেত্ৰত সংবোধনৰ বিষয়বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত নাথাকে। উদ্দীপকৰ অবৰ্তমানত এই প্ৰত্যক্ষণ সংঘটিত হয়।

(২) মানসিক অৱস্থাৰ স্বাভাৱিক অৱস্থাত এই ভ্ৰান্ত প্ৰত্যক্ষ লাভ কৰা হয়।

(২)অমূলক প্ৰত্যক্ষৰ ক্ষেত্ৰত ব্যক্তিৰ মানসিক অৱস্থা স্বাভাৱিক হৈ নাথাকে।

(৩) এই অভিজ্ঞতা সকলো স্বাভাৱিক লোকেই অনুভৱ কৰে।

(৩) সকলো লোকেই স্বাভাৱিক অৱস্থাত এই অভিজ্ঞতা লাভ নকৰে।


* বিশিষ্ট সংবেদন আৰু দৈহিক সংবেদন 

উত্তৰঃ

* আংগিক সংবেদন আৰু পেশীয় সংবেদন।

উত্তৰঃ  আংগিক সংবেদনঃ দেহৰ অভ্য়ন্তৰস্থিত অংগ সমূহৰ কোনো পৰিবৰ্তন ঘটিলে যি উদ্দীপনাৰ সৃষ্টি হয়, সেই উদ্দীপনা অন্তৰ্বাহী স্নায়ুৰ যোগেদি পৰিচালিত হৈ মস্তিষ্কত যি বিশেষ সংবেদনৰ সৃষ্টিহয় তাকে আংগিক বা দেহযান্ত্ৰিক সংবেদন বুলি কোৱা হয়। পাকস্থলীৰ সংকোচনৰ ফলত এক ধৰণৰ সংবেদন লাভ কৰা হয়। এই অৱস্থাৰ অভিজ্ঞতাক ক্ষুধা বুলি কোৱা হয়। ক্ষুধা, তৃষ্ণা, ভোক লগা, পেটৰ বিষ ইত্য়াদি আংগিক সংবেদনৰ উদাহৰণ। সেইদৰেই মুৰ ঘুৰোৱা, মুৰ কোমোৰা, উশাহ - নিশাহত কষ্ট পোৱা ইত্য়াদি দৈহিক অভিজ্ঞতা সমূহ এই আংগিক সংবেদনৰে অন্তৰ্ভূক্ত।

পেশীয় সংবেদনঃ দেহৰ বিভিন্ন পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি সংবেদনৰ সৃষ্টি হয় তাকে পেশীয় সংবেদন বুলি কোৱা হয়। প্ৰকৃতপক্ষে দেহৰ বিভিন্ন পেশী আৰু অস্থি সঙ্কিত যিবিলাক স্নায়ু যুক্ত হৈ থাকে সেই স্নায়ুসমূহত পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি উদ্দীপনাই মস্তিষ্কত যি সংবেদনৰ সৃষ্টি কৰে তাকে পেশীয় সংবেদন বুলি কোৱা হয়। পেশী সঞ্চালনৰ ফলত সৃষ্টি হোৱা উত্তেজনা অন্তৰ্বাহী স্নায়ুৰ মাধ্য়মেৰে মস্তিষ্কত উপনীত হলে যি সংবেদনৰ সৃষ্টি হয় তাকে পেশীয় সংবেদ বুলি কোৱা হয়।   



(২) জ্ঞানেন্দ্ৰিয় আৰু সংবেদনৰ সম্পৰ্ক কি?

উত্তৰঃ মানুহৰ জ্ঞাণমূলক অভিজ্ঞতা অৰ্জণৰ মূলভিত্তি হৈছে স্নায়ুতন্ত্ৰ। এই ক্ষেত্ৰত মস্তিষ্কই এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। এই মস্তিষ্ক দেহৰ দুই শ্ৰেণীৰ দেহযন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে। ইয়াৰ এটা শ্ৰেণী হৈছে সংগ্ৰাহক যন্ত্ৰ বা গ্ৰহেণেন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিষ্ট আনটো শ্ৰেণী হৈছে কৰ্মেন্দ্ৰিয় বা সাধক যন্ত্ৰ। জ্ঞানেন্দ্ৰিয় সমূহ মস্তিষ্কৰ মাধ্য়মেৰে স্নায়ুৰ দ্বাৰা কৰ্মেন্দ্ৰিয় বা সাধকযন্ত্ৰ সমূহৰ লগত যুক্ত হৈ থাকে। বৰ্হিজগতৰ লগত মস্তিষ্কৰ সংযোগ স্থাপন হয় জ্ঞানেন্দ্ৰিয় বা গ্ৰহনেন্দ্ৰিয় সমূহৰ যোগেদি এই সংযোগৰ অবৰ্তমানত বৰ্হিজগত সম্পৰ্কে আমি কোনো কথাই জানিব নোৱাৰো। কোনো  ইন্দ্ৰিয় বা সংগ্ৰাহক যন্ত্ৰ উত্তেজিত হলে এই উত্তেজনা ইন্দ্ৰিয়ৰ লগত সংযুক্ত সংজ্ঞাবাহী স্নায়ুৰ দ্বাৰা মস্তিষ্কলৈ সঞ্চালিত হৈ মস্তিষ্কৰ বিশেষ স্থানক উত্তেজিত কৰে। শ্ৰৱনেন্দ্ৰিয় কানৰ মাধ্য়মেৰে শব্দ তৰঙ্গৰ উত্তেজনা, শ্ৰৱনেন্দ্ৰিয়ৰ লগত জড়িত স্নায়ুৰ জৰিয়তে মস্তিষ্কলৈ প্ৰবাহিত হৈ শব্দৰ সচেতনতাৰ সঞ্চাৰ কৰে, দৰ্শনেন্দ্ৰিয় চকুৰ দ্বাৰা মানুহজন আৰু পাৰিপাৰ্শ্চিক উত্তেজনা পৃথকভাৱে মস্তিষ্কলৈ প্ৰবাহিত হৈ মানুজন আৰু পাৰিপাৰ্শ্চিক সম্পৰ্কে সচেতনতাৰ সৃষ্টি কৰে। 

(৩) মস্তিষ্কৰ বিষয়ে লিখা।

উত্তৰঃ মস্তিষ্ক হল বিচাৰ, বুদ্ধি, আবেগ, অনুভূতি ইচ্ছা শক্তি ইত্য়াদি। সকলো ধৰণৰ মানসিক ক্ৰিয়াৰ উৎস। মানুহৰ মস্তিষ্কৰ তুলনাত পৃথিৱীৰ শ্ৰেষ্ঠ কম্পিউটাৰ যন্ত্ৰ অতি তুচ্চ। মস্তিষ্ক অজস্ত্ৰ স্নায়ুকোষেৰে গঠিত। মস্তিষ্ক লাওঁখোলাৰ অন্তভাগ মেৰুদণ্ডৰ ঠিক ওপৰত অৱস্থিত। বিশেষ বিশেষ কৰ্মদক্ষতা অনুযায়ী আমাৰ মস্তিষ্ক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে-

(১) গুৰুমস্তিষ্ক

(২) লঘুমস্তিষ্ক

(৩) মধ্য়মস্তিষ্ক

(৪) অধঃমস্তিষ্ক

(৪) মেৰুমৰ্জাত গঠন আৰু কাৰ্য্যাৱলী সমূহ লিখা।

উত্তৰঃ মেৰুদণ্ডৰ সুৰঙ্গযুক্ত অংশৰ মাজেৰে কিছুমান স্নায়ু একত্ৰিত হৈ মস্তিষ্কত প্ৰৱেশ কৰিছে ইয়াকে মেৰুমৰ্জ্জা বা সুষম্নাকাণ্ড বুলি কোৱা হয়। মেৰুমৰ্জ্জা সংবেদন আৰু সঞ্চালন অনুভূতিৰ পৰিবহনৰ ঘাই পথ। এই মেৰুমৰ্জ্জাৰ মাজেদি নাৰিকল পাতৰ দৰে ৩১ যোৰ অন্তবাৰ্হী স্নায়ু আৰু বৰ্হিবাহী স্নায়ু দুয়োফালে প্ৰবাহিত হৈছে। এই স্নায়ুবোৰে দেহৰ বিভিন্ন অংশৰ ইন্দ্ৰিয়, পেশী আৰু গ্ৰন্থিসমূহৰ লগত মস্তিষ্কৰ যোগাযোগ স্থাপন কৰে।
    
    মেৰুমৰ্জ্জাৰ প্ৰধান কাম দুটা। প্ৰথমটো হল দেহৰ বিভিন্ন অংশৰ পৰা প্ৰৱাহিত উত্তেজনা মস্তিষ্কলৈ আৰু মস্তিষ্ক প্ৰেৰিত নিৰ্দেশ কৰ্মেন্দ্ৰিয়ত প্ৰেৰণ কৰা। অৰ্থাৎ মেৰুমৰ্জ্জা সকলো প্ৰকাৰৰ স্নায়ৱিক শক্তিৰ পৰিবহনৰ পথ। ইয়াৰ উপৰিও বিভিন্ন তাৎক্ষনিক প্ৰতিবৰ্ত ক্ৰিয়া যেনেঃ হাঁচি মৰা, কাঁহ মৰা চকু পিৰিকিওৱা ইত্য়াদি এই কাৰ্যসমূহ স্বতঃৰ্স্ফূতভাৱে সম্পাদন কৰা হয় আৰু ইয়াৰ বাবে কোনো মানসিক সচেতনতাৰ প্ৰয়োজন নহয়।

(৫) শিশুৰ সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ শিশুৰ সংবেদনৰ বৈশিষ্ট্যসমূহ হ'ল- 

(১) নৱজাত শিশুৱে সম্পূৰ্ণ জ্ঞানবিহীন নিভাজ সংবেদন লাভ কৰে।

(২) নৱজাত শিশুৰ সংবেদন অৰ্থহীন আৰু অস্পট আৰু ইয়াৰ প্ৰতিক্ৰিয়া সামগ্ৰিক বিধৰ।

(৩) নৱজাত অৱস্থাত শিশুৰ সংবেদনৰ প্ৰতিক্ৰিয়া দ্ৰুত নহয়।

(৪) উদ্দীপকৰ তীব্ৰতা, স্থায়িত্ব, গতিশীলতা, পুনৰাবৃত্তিৰ দ্বাৰা শিশুৰ সংবেদন জগাই তুলিব আৰু ধৰি ৰাখিব পৰা যায়। 

(৬) ভ্ৰান্ত প্ৰত্যক্ষৰ কাৰণ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ ভ্ৰান্ত প্ৰত্যক্ষৰ কাৰণ সমূহৰ হ'ল-

(১) অভ্যাস বা পৰিচিতি : অভ্যাস বা পৰিচিতিৰ বাবে অনেক সময়ত ভ্রান্ত প্রত্যক্ষৰ সৃষ্টি হয়। সেইবাৰে নিজৰ লিখাৰ ভুল সাধাৰণতে আমাৰ চকুত নপৰে।

(২) মানসিক অৱস্থা বা প্রত্যাশা : আমাৰ বিশেষ মানসিক অৱস্থা অথবা প্রত্যাশাৰ বাবেও অনেক সময়ত ভ্ৰান্ত প্রত্যক্ষৰ সৃষ্টি হয়। বহুদিন লগ নোপোৱা বন্ধুজনক লগ পাবলৈ মন গৈ থকা অৱস্থাত তেওঁৰ দৰে আন এজন ব্যক্তি ৰাস্তাত দেখিলে আমি কেতিয়াবা নিজৰ বন্ধুজন বুলি ভুল কৰো।

(৩) পূর্ব অভিজ্ঞতা : পূর্ব অভিজ্ঞতাৰ বাবেও অনেক ক্ষেত্ৰত ভ্ৰান্ত প্রত্যক্ষৰ সৃষ্টি হয়। সাধাৰণতে যি ঠাইত সাপ ওলোৱাৰ অভিজ্ঞতা আছে সেই ঠাইত পৰি থকা ৰচীডাল আমি সহজে সাপ বুলি ভূল কৰো।

(৪) আবেগ বা ভয়ঃ  ভয় উৎকণ্ঠা আদি আবেগিক কাৰণতো অনেক সময়ত ভ্রান্ত প্রত্যক্ষৰ সৃষ্টি হয়। অন্ধকাৰত ভীতিগ্ৰস্থ অৱস্থাত গছৰ মুঢ়া এটাকে আমি ভূত বুলি ভুল কৰো।

 (৫) উদ্দীপকৰ বিশেষ বৈশিষ্ট্যঃ উদ্দীপকৰ বিশেষ বৈশিষ্ট্যৰ বাবেও অনেক সময়ত ভ্ৰান্ত প্রত্যক্ষৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ৰচী এডালৰ সাপৰ লগত থকা কিছু সাদৃশ্যৰ বাবেহে আমি ৰচীডালক সাপ বুলি ভুল কৰো।

(৬) বৈপৰীত্যঃ বৈপৰীত্যৰ বাবেও অনেক ক্ষেত্ৰত ভ্ৰান্ত প্রত্যক্ষৰ সৃষ্টি হয়। যদি দুটা পৰস্পৰ বিপৰীত বস্তু একেলগে ৰখা যায়, তেতিয়া হ’লে আমাৰ ভ্ৰান্ত প্রত্যক্ষ হ’ব পাৰে। যেনে- এজন ওখ মানুহৰ ওপৰত এজন চাপৰ মানুহক বেছি চাপৰ যেন লাগে।

(৭) অমূলক প্ৰত্যক্ষৰ কাৰম সমূহ উল্লেখ কৰা।

উত্তৰঃ মস্তিষ্ক ক্ৰিয়াৰ অস্বাভাৱিকতাৰ বাবে কোনো কোনো সময়ত ইন্দ্ৰিয়ৰ যোগে প্ৰত্য়ক্ষ সংবেদন লাভ নকৰা অৱস্থাতো প্ৰত্য়ক্ষ লাভ কৰা হয়। ইয়াক অমূল প্ৰত্য়ক্ষ বুলি কোৱা হয়। এই ক্ষেত্ৰত অভিজ্ঞতাৰ উৎস একেবাৰে মনৰ। মস্তিষ্কৰ ক্ৰিয়াৰ স্বাভাৱিক অৱস্থা নথকা বাবেই এই অমূলক প্ৰত্যক্ষৰ সৃষ্টি। ৰাতি ভূত দেখা, অতিমাত্ৰা জ্বৰত ভ্ৰম বকা, হঠাৎ বাহিৰত কোনোবাই মতা যেন লগা, অত্য়াধিক ৰাগিয়াল বস্তু পান কৰাৰ ফলত অস্বাভাৱিক আচৰণ কৰা ইত্য়াদি। 

(৮) সংপ্ৰত্যয়নৰ গঠন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ মনোবিদ সকলে সংপ্ৰত্য়য়ন বা ধাৰণা গঠন প্ৰক্ৰিয়া বিশ্লেষণ কৰি মতপোষণ কৰে যে এই প্ৰক্ৰিয়াৰ লগত কেইটামান মৌলিক মানসিক প্ৰক্ৰিয়া জড়িত হৈ আছে। এই প্ৰক্ৰিয়া হৈছে - (১) পৰ্য্য়বেক্ষন

(২) বিশ্লেষণ

(৩) তুলনা মূলক বিচাৰ

(৪) বিমূৰ্ত কৰণ

(৫) সামান্য়ী কৰণ

(১) পৰ্যবেক্ষণঃ সংপ্ৰত্য়য়নৰ প্ৰথম পৰ্য্য়ায় ইন্দ্ৰিয়গ্ৰাহ্য় বস্তু সম্পৰ্কে সংবোধনলব্ধ বিচ্ছিন্ন অভিজ্ঞতা সমূহৰ মাজৰ পৰা সম বৈশিষ্ট্য়যুক্ত অভিজ্ঞতা সমূহ পৰ্যবেক্ষন কৰা হয়। উদাহৰণস্বৰূপে ফুলৰ ধাৰণা গঠনৰ ক্ষেত্ৰত প্ৰথমে বিভিন্ন প্ৰকাৰৰ ফুল পৰ্যবেক্ষন কৰিব লাগে।

(২) বিশ্লেষণঃ সংবোধন লব্ধ সমজাতীয় বস্তু সম্পৰ্কীয় অভিজ্ঞতা সমূহ পৰ্যবেক্ষণ কৰাৰ পিছত এই অভিজ্ঞতা সমূহ মানসিক পৰ্য্য়ায়ত বিশ্লেষণ কৰা হয়। এই বিশ্লেষণৰ ক্ষেত্ৰত এই অভিজ্ঞতাসমূহৰ গুণ, ধৰ্ম, আদি বিশ্লেষণ কৰা হয়। উদাহৰণস্বৰূপে বিভিন্ন প্ৰকাৰৰ ফুলৰ ৰঙ, গোন্ধ, আকাৰ, গঠন প্ৰভৃতি বিষয় বিশ্লেষণ কৰা হয়।

(৩) তুলনাঃ বিশ্লেষণৰ পিছত প্ৰত্য়েক সংবোধনমূলক অভিজ্ঞতাৰ বিশিষ্ট অংশ সমূহৰ মাজত পৰস্পৰ তুলনা কৰা হয়। অৰ্থাৎ ইহঁতৰ মাজত সাদৃশ্য়, বৈসাদৃশ্য় সমূহ নিৰ্ণয় কৰা হয়। উদাহৰণস্বৰূপে, ফুলৰ ধাৰণা গঠনৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ ফুলৰ বিভিন্ন বৈশিষ্ট্য়সমূহ তুলনা কৰি সাদৃশ্য় নিৰ্ণয় কৰা হয়। চৰাইৰ ধাৰণা গঠনৰ ক্ষেত্ৰত চৰাইৰ ঠোট, পাখি, ঠেং ইত্য়াদি বৈশিষ্ট্য় সমূহ বিশ্লেষণ কৰা হয় আৰু তুলনা কৰা হয়।

(৪) পৃথকীকৰণঃ পৃথকীকৰণ পৰ্য্য়ায়ত তুলনাৰ দ্বাৰা যিবিলাক ধৰ্ম বা গুণৰ ভিত্তিত কোনো বস্তুৰ মাজত সাদৃশ্য় নিৰ্ণয় কৰা হয়। চৰাইৰ ধাৰণা গঠনৰ ক্ষেত্ৰত চৰাইৰ ঠোট, পাখি, ঠেং ইত্য়াদি বৈশিষ্ট্য় সমূহ বিশ্লেষণ কৰা হয় আৰু তুলনা কৰা হয়।

(৫) সামান্য়ীকৰণঃ সামান্য়ীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথককৰণ প্ৰক্ৰিয়াৰ দ্বাৰা যিবিলাক গুণ বা বৈশিষ্ট্য় পৃথক কৰা হয়, সেই গুণ বা বৈশিষ্ট্য়ৰ ভিত্তিত এক সাধাৰণ নীতি স্থিৰ কৰে। এই সামান্য়ীকৰণৰ স্তৰত শিশুৱে নিজৰ অভিজ্ঞতাৰ প্ৰয়োজনীয় বৈশিষ্ট্য় সমূহ একত্ৰিত কৰি এক মানসিক প্ৰতিৰূপ বা প্ৰতিকল্প সৃষ্টি কৰে। এই সামান্য়ীকৰণৰ ফলত যি একক অভিজ্ঞাৰ সৃষ্টি হয় তাকে ধাৰণা বুলি কোৱা হয়। উদাহৰণস্বৰূপে ফুল সম্বন্ধে সাধাৰণ নীতি হৈছে - (১) ফুলৰ বিভিন্ন পাখি থাকে (২) ফুলৰ নানান ৰং থাকে (৩) ফুলৰ গোন্ধ থাকে ইত্য়াদি। সেইদৰে চৰাইৰ ক্ষেত্ৰত সাধাৰণ অভিজ্ঞতা হল চৰাইৰ দুটা সৰু ঠেং আঠে, চৰাইৰ এটা ঠোঁট আছে, চৰাইৰ গোটেই দেহটো পাখিৰে আবৃত্ত, ইত্য়াদি।

(৬) নামাকৰণঃ নামাকৰণ সংপ্ৰত্য়য়ন বা ধাৰণা গঠনৰ শেষ পৰ্য্য়ায়। এই স্তৰত বিশেষ বস্তুটোক এক বিশেষ নামেৰে চিহ্নিত কৰে। এই নামাকৰণকে মনোবিদ সকলে সংপ্ৰত্য়য়ন বা ধাৰণাৰ ভাষামূলক প্ৰতীক বা সংকেত বুলি কোৱা হয়। এই ভাষামূলক সংকেতৰ দ্বাৰা ধাৰণাক উপস্থাপন কৰা হয়। উদাহৰণস্বৰূপে ফুল বুলি নামকৰণ কৰাৰ পিছত ই সকলো ফুলকে বুজায়। 

(৯) সংবিধানৰ ধৰ্ম সমূহ লিখা।

উত্তৰঃ সংবিধানৰ ধৰ্মসমূহ হ'ল- গুণ, তীব্ৰতা, ব্য়াপ্তি বা বিস্তৃতি, স্থায়িত্ব।  



(চ) তলত প্ৰশ্নবোৰৰ উত্তৰ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)

(১) সংবেদন কাক বোলে? ইয়াৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

উত্তৰঃ কোনো ইন্দ্ৰিয় বা সংগ্ৰাহক যন্ত্ৰ উত্তেজিত হ'লে এই উত্তেজনা ইন্দ্ৰিয়ৰ লগত সংযুক্ত সংজ্ঞাবাহী স্নায়ুৰ দ্বাৰা মস্তিষ্কলৈ সঞ্চালিত হৈ মস্তিষ্কৰ বিশেষ স্থানক উত্তেজিত কৰে। এই জৈৱিক প্ৰক্ৰিয়াৰ ফলত, মস্তিষ্কত যি সৰলতম স্বায়বিক অনুভূতিৰ চেতনা সঞ্চালিত হয় তাকে মনোবিজ্ঞানত সংবেদন বুলি কোৱা হয়।

ইয়াৰ বৈশিষ্ট্য সমূহ হ'ল-

(১) সংবেদন জ্ঞান লাভৰ প্ৰক্ৰিয়াৰ সৰলতম উপাদান। সেয়েহে সংবেদনক জ্ঞানৰ প্ৰাথমিক ভিত্তি বুলি কোৱা হয়।

(২) সংবেদন এক উদ্দীপক নিৰ্ভৰ প্ৰক্ৰিয়া। অৰ্থাৎ বৰ্হিজগতৰ কোনো উদ্দীপকৰ দ্বাৰা সংবেদনৰ সৃষ্টি হয়।

(৩) সংবেদন এক মন নিৰপেক্ষ প্ৰক্ৰিয়া। অৰ্থাৎ সংবেদনৰ ক্ষেত্ৰত আমাৰ মন নিক্ৰিয় অৱস্থাত থাকে। সংবেদনৰ পৰৰ্ৱতী পৰ্য্যায়তহে মন সক্ৰিয় হৈ উঠে।

(৪) সংবেদন হ'ল কোনো বস্তুকেন্দ্ৰিক মানসিক প্ৰক্ৰিয়া। অৰ্থাৎ সংবেদন কোনো এক বিশেষ উদ্দীপক সম্পৰ্কিত অভিজ্ঞতা। সংবেদনে উদ্দীপকৰ প্ৰকৃতি সম্পৰ্কে অভিজ্ঞতা সৰবৰাহ কৰে। অৰ্থাৎ সংবেদনে সদায় কোনো অস্তিত্বযুক্ত বস্তুৰ গুণ নিৰ্দেশ কৰে।

(৫) সংবেদন হ'ল বিছিন্ন মৌলিক অভিজ্ঞতা সংগ্ৰহৰ প্ৰক্ৰিয়া। সংবেদনলব্ধ অভিজ্ঞতা সমূহৰ মাজত সমন্বয় সাধন হোৱাৰ পিছত ইয়াক সংবেদনলব্ধ অভিজ্ঞতা বুলি চিহ্নিত কৰিব পৰা যায়।



(২) বিভিন্ন প্ৰকাৰৰ সংবেদনৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ সংবেদন কেইটামান নিৰ্ধাৰিত শ্ৰেণীত ভাগ কৰা হৈছে ভাগ কেইটা হ'ল-

(১) আংগিক বা দেহযান্ত্ৰিক সংবেদন।

(২) পেশীয় বা গতিসংবেদন আৰু 

(৩) বিশেষ বা বিশিষ্ট সংবেদন।

(১) আংগিক বা দেহযান্ত্ৰিক সংবেদনঃ দেহৰ অভ্য়ন্তৰস্থিৰ অংগ সমূহৰ কোনো পৰিবৰ্তন ঘটিলে যি উদ্দীপনাৰ সৃষ্টি হয়, সেই উদ্দীপনা অন্তৰ্বাহী স্নায়ুৰ যোগে দি পৰিচালিত হৈ মস্তিষ্কৰ যি বিশেষ সংবেদনৰ সৃষ্টি হয় তাকে আংগিক বা দেহযান্ত্ৰিক সংবেদন বুলি কোৱা হয়।

আংগিক সংবেদনৰ বৈশিষ্ট্য হ'ল-

(১) আংগিক সংবেদন আভ্যন্তৰীন উদ্দীপকপ্ৰসূত। এই সংবেদনে দেহৰ অভ্যন্তৰ ভাগত হোৱা পৰিৱৰ্তনৰ সংবাদ দিয়ে।

(২) এই সংবেদন জটিল। কাৰণ ইয়াৰ লগত বিভিন্ন স্নায়ু, পেশী প্ৰভৃতিৰ সংবেদন ঘণিষ্টভাবে জড়িত হৈ থাকে।

(৩) আংগিক সংবেদনৰ ক্ষেত্ৰত তাৰ প্ৰকৃত উৎপত্তিস্থল নিৰ্ণয় কৰা অনেক সময়ত কঠিন। 


(২) পেশীয় বা গতি সংবেদন ঃ দেহৰ বিভিন্ন পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি সংবেদনৰ সৃষ্টি হয়. তাকে পেশীয় সংবেদন বুলি কোৱা হয়। প্ৰকৃতপক্ষে দেহৰ বিভিন্ন পেশী আৰু অস্থি সঙ্কিত যিবিলাক স্নায়ু যুক্ত হৈ থাকে সেই স্নায়ুসমূহত পেশীয় সংকোচন বা সম্প্ৰসাৰণৰ ফলত যি উদ্দীপনাৰ সৃষ্টি হয়, সেই উদ্দীপনাই মস্তিষ্কত যি সংবেদনৰ সৃষ্টি কৰে তাকে পেশীয় সংবেদন বুলি কোৱা হয়।

পেশীয় সংবেদনৰ বৈশিষ্ট্য হ'ল-

(১) পেশীয় সংবেদন পেশীয় সঞ্চালনৰ ফলত সৃষ্টি হয়।

(২) পেশীয় সংবেদন বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। অঙ্গ-পতঙ্গৰ সঞ্চালন , শক্তি প্ৰয়োগ ঘটিব প্ৰভৃতি বিভিন্ন প্ৰকাৰৰ পেশীয় সংবেদন সৃষ্টি হ'ব পাৰে।

(৩) গুণ আৰু পৰিমাণ উভয় দিশৰ পৰা পেশীয় সংবেদনৰ পাৰ্থক্য থাকিব পাৰে।

(৩) বিশিষ্ট বা ইন্দ্ৰিয় সংবেদনঃ দেহৰ বৰ্হি অংশত অৱস্থিত বিভিন্ন গ্ৰহনেন্দ্ৰিয় সমূহৰ দ্বাৰা যি সংবেদনৰ সৃষ্টি হয় তাকে বিশিষ্ট বা ইন্দ্ৰিয় সংবেদন বুলি কোৱা হয়। অৰ্থাৎ বিশিষ্ট সংবেদন গ্ৰহনেন্দ্ৰিয় প্ৰাপ্ত। আমাৰ পাঁচটা জ্ঞানেন্দ্ৰিয় যেনেঃ চকু, কাণ, নাক, জিভা, ছালৰ পৰা পোৱা পাচবিধ বিশেষ সংবেদন অনুভূতি ইয়াৰ অন্তভূৰ্ক্ত।

ইন্দ্ৰিয় বা বিশেষ সংবেদন বৈশিষ্ট্য হ'ল-

(১) দেহৰ উপৰিভাগত অৱস্থিত বিভিন্ন জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা বিশেষ বা ইন্দ্ৰিয় সংবেদনৰ সৃষ্টি হয়।

(২) বিশেষ সংবেদনৰ উৎস বাহ্য়িক উদ্দীপক।

(৩) বাহ্যিক জগতৰ জ্ঞান লাভৰ ক্ষেত্ৰত ইন্দ্ৰিয় আৰু বিশেষ সংবেদনৰ ভূমিকা গুৰুত্বপূৰ্ণ। অৰ্থাৎ সেই সংবেদনৰ দ্বাৰা বৰ্হি জগত সম্পৰ্কে জ্ঞান লাভ কৰা হয়।
 


(৩) শিক্ষাত সংবেদনৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ শিক্ষাৰ সংবেদনৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ'ল- 

(১) ইন্দ্ৰিয় প্ৰশিক্ষন আৰু সংবেদনঃ আধুনিক, শিক্ষাৰ এটি গুৰুত্বপূৰ্ণ নীতি হল ইন্দ্ৰিয় ভিত্তিক শিক্ষা। এই নীতিৰ মূল বক্তব্য় হৈছে, কোনো বস্তুক বিভিন্ন ইন্দ্ৰিয় জাত সংবেদনৰ মাধ্য়মেৰে উপলব্ধি কৰিব পাৰিলেহে সেই বস্তু সম্পৰ্কে পৰিপূৰ্ণ জ্ঞান সম্ভৱ হয়। পৰিৱেশৰ অৱস্থাগত পৰিৱৰ্তনৰ ফলত জ্ঞানেন্দ্ৰিয়ত উদ্দীপনাৰ সৃষ্টি হয়। এই উদ্দীপনাৰ ওপৰত ভিত্তি কৰিয়েই সংবেদন লাভ কৰা হয়। সেইবাবে শিশু শিক্ষাৰ ক্ষেত্ৰত আধুনিক শিক্ষাবিদ সকলে ইন্দ্ৰিয়ৰ সক্ৰিয় ব্য়ৱহাৰৰ পোষকতা কৰে। এই ক্ষেত্ৰত মতপোষণ কৰা হয় যে ইন্দ্ৰিয়ৰ সমূহক যিমান বেছি সংবেদন সৃষ্টিৰ মাধ্য়মেৰে সক্ৰিয় কৰিব পৰা যায়, সিমান শিক্ষাৰ্থীয়ে বেছি অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হয়।

(২) শিক্ষাৰ উপকৰণ আৰু সংবেদনঃ আধুনিক শিক্ষাৰ ক্ষেত্ৰতত বিভিন্ন ধৰণৰ শিক্ষা সহায়ক শিক্ষণ সঁজুলি ব্য়ৱহাৰ কৰা হয়। ইয়াৰ মূল উদ্দেশ্য় হল ইন্দ্ৰিয় সমূহক অধিক ব্য়ৱহাৰ কৰা। শিক্ষাৰ্থীৰ ইন্দ্ৰিয় সমূহক যিমান বেছি কামত লগাব সিমানে অধিক বেছি ফলপ্ৰসু হব। এই শিক্ষণ সহায়ক সঁজুলি সমূহৰ উদ্দেশ্য় হল বিমূৰ্ত জ্ঞানৰ সামগ্ৰীক ইন্দ্ৰিয়গ্ৰাহ্য় কৰি তোলা। জ্ঞানৰ সামগ্ৰী ইন্দ্ৰিয়গ্ৰাহ্য় হলে ইয়াক শিক্ষাৰ্থীয়ে সহজে গ্ৰহণ কৰিব পাৰে।

(৩) সক্ৰিয়তা আৰু সংবেদনঃ সক্তিয়তা ভিত্তিক শিকন আধুনিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ নীতি। এই নীতি অনুযায়ী শিক্ষাৰ্থীৰ আত্ম সক্ৰিয়তাৰ মাধ্য়মেৰে শিকন প্ৰচেষ্টা অধিক কাৰ্যকৰী বিধৰ হৈ উঠে। শিশুৰ সক্ৰিয়তাৰ অৰ্থ হল শিশুৰ ইন্দ্ৰিয় সমূহক অধিক সক্ৰিয় হৈ উঠাৰ সুযোগ প্ৰদান কৰা, যাতে শিশুৱে স্বতঃস্ফূৰ্তভাৱে প্ৰাথমিক জ্ঞান অৰ্জন কৰিব পাৰে। সদাচঞ্চল শিশুৰ সক্ৰিয়তাক কামত লগাই শিক্ষা পৰিকল্পনা কৰিলে শিক্ষা অধিক ফলপ্ৰসু হয়। অৰ্থাৎ শিক্ষাৰ সক্ৰিয়তাৰ নীতি সংবেদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

(৪) ইন্দ্ৰিয়ৰ উত্তেজনা আৰু সংবেদনঃ আধুনিক শিক্ষাবিদসকলে মতপোষণ কৰে যে যিকোনো বস্তুধৰ্মী অভিজ্ঞতা ইন্দ্ৰিয়ৰ যোগেদি লাভ কৰিব পৰা যায়। সেইবাবেই শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ বাবে ইন্দ্ৰিয়জাত সংবেদনৰ প্ৰয়োজন হয়।


(৪) সংবোধক কাক বোলে? সংবোধনৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰঃ যি বিশেষ মানসিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে উদ্দীপকলব্ধ বিভিন্ন সংবেদন সমূহ একত্ৰিত কৰি, অভিজ্ঞতাৰ প্ৰেক্ষাপটত কোনো বস্তু সম্পৰ্কে একক অৰ্থপূৰ্ণ অভিজ্ঞতা অৰ্জন কৰা যায়, তাকেই সংবোধন বা প্ৰত্যক্ষণ বুলি কোৱা হয়।

সংবোধনৰ বৈশিষ্ট্য সমূহ হ'ল-  

(১) ইন্দ্ৰিয়জাত সংবেদন অভিজ্ঞতাক অৰ্থপূৰ্ণ কৰি তোলা মানসিক কাৰ্যই হৈছে সংবোধন।

(২) সংবোধন হৈছে এক জটিল মানসিক কাৰ্য। সংবোধন লগত সাদৃশ্যকৰণ, বৈসাদৃশ্যকৰণ, অনুষংগকৰণ, বিশেষীকৰণ আৰু সংযোজন কৰণ আদি মানসিক প্ৰক্ৰিয়া সমূহ জড়িত হৈ থাকে।

(৩) কোনো কোনো সময়ত পূৰ্ণ অভিজ্ঞতা অথবা কোনো অনুভূতিৰ প্ৰভাৱত বুল সংবোধনৰ সৃষ্টি হয়।

(৪) সংবোধন এক সক্ৰিয় মানসিক কাৰ্য। মনৰ সক্ৰিয়তাৰ অভাৱত সংবেদন সৃষ্ট অভিজ্ঞতাৰ সংবোধন সম্ভৱ নহয়।

(৫) সংবেদন হৈছে ইন্দ্ৰিয়মূলক অভিজ্ঞতা আৰু সংবোধন হৈছে তাৰ পৰা উৎপাদিত জ্ঞান। অৰ্থাৎ সংবোধন হৈছে এক জ্ঞানমূলক প্ৰক্ৰিয়া।

(৫) সংবোধনৰ ধৰ্মসমূহ উল্লেখ কৰা। শিক্ষাত সংবোধনৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা।

উত্তৰঃ সংবোধনৰ ধৰ্মসমূহ তলত আলোচনা কৰা হ'ল-

(১) গুণঃ সংবোধনৰ দ্বাৰা সংবেদনজাত অভিজ্ঞতাৰ পাৰ্থক্য নিৰ্ণয় কৰা হয়। ইন্দ্ৰিয়গত পাৰ্থক্যৰ বাবে বস্তুৰ গুণগত পাৰ্থক্য সংবোধনৰ দ্বাৰা উপলব্ধি কৰা হয়। আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা সৃষ্টি সংবোধন সমূহ এটা আনটোৰ পৃথক। উদাহৰণস্বৰূপে দৃষ্টি সংবোধন শ্ৰৱণ সংবোধনতকৈ পৃথক। এটা ফুল চকুৰে দেখা যায় আৰু নাকেৰে ইয়াৰ ঘ্ৰাণ পোৱা যায়।

(২) তীব্ৰতাঃ তীব্ৰতা বুলি কওঁতে গুণৰ তীব্ৰতাক বুজোৱা হয়।উদাহৰণস্বৰূপে ক'ব পৰা যায় যে কোনো বস্তুৰ ৰং হ'ব পাৰে অথবা পাতল হ'ব পাৰে, কোনো শব্দ ক্ষীণ হ'ব পাৰে অথবা তীব্ৰ হ'ব পাৰে। এই ক্ষেত্ৰত দুটা গুণৰ সংবোধন আৰু সংবেদনৰ তীব্ৰতাৰ ভিত্তিত বস্তুৰ গুণগত বৈশিষ্ট্য সম্ভৱ। অৰ্থাৎ বস্তুৰ গুণৰ তীব্ৰতাৰ তাৰতম্য সংবোধনৰ মাধ্যমেৰে উপলব্ধি কৰিব পাৰি।

(৩) ব্যাপ্তি বা বিস্তৃতিঃ সংবিধানৰ বিস্তৃতি বস্তুৰ অধিকৃত ক্ষেত্ৰ বা অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বস্তুৰ বিস্তৃতি বা ব্যাপ্তি চকু আৰু ত্বকৰ মাধ্যমেৰে উপলব্ধি কৰা যায়। উদাহৰণস্বৰূপে আমাৰ হাতৰ ওপৰত এটা পিন অথবা এটা কলম ৰাখিলে এই দুয়োটাই সংবোধনৰ বা প্ৰত্যক্ষণ ব্যাপ্তিৰ দিশৰ একে নহয়।

(৪) স্থায়িত্বঃ কোনো সংবোধন অল্পস্থায়ী অথবা দীৰ্ঘস্থায়ী হ'ব পাৰে। অৰ্থাৎ উদ্দীপনাৰ স্থায়িত্বকে সংবোধনৰ স্থায়িত্ব বুলি কোৱা হয়।  

(৬) সংপ্ৰত্যয়ন কাক বোলে? এই প্ৰক্ৰিয়াক উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ সংবোধনৰ পৰৱৰ্তী পৰ্য্যায়ৰ উন্নত আৰু সুসংগঠিত মানসিক পৰ্য্যায়কেই সংপ্ৰত্যয়ন বোলা হয়।
    
    সংবোধনৰ পৰৱৰ্তী পৰ্য্য়ায়ৰ উন্নত আৰু সুসংগঠিত মানসিক পৰ্য্য়ায়েই হৈছে সংপ্ৰত্য়য়ন। মানুহৰ জ্ঞান আহৰণৰ প্ৰক্ৰিয়া সংবেদনৰ মাধ্য়মেৰে আৰম্ভ হয়। এই সংবেদনৰ মাধ্য়মেৰে ব্য়ক্তি প্ৰাথমিকভাৱে বৰ্হিজগতৰ উদ্দীপক সম্পৰ্কে সচেতন হয় আৰু উদ্দীপকভিত্তিক মৌলিক বিচ্ছিন্ন অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হয়। সংপ্ৰত্য়ক্ষণ মনৰ এক উচ্চ পৰ্য্য়ায়ৰ মানসিক ক্ৰিয়া। ইয়াৰ লগত নিৰীক্ষণ, বিশ্লেষণ, বিমূৰ্তকৰণ, সংশ্লেষণ তুলনা আৰু মানকৰণ কাম জড়িত হৈ থাকে। সংপ্ৰত্য়ক্ষণ সংবেদন আৰু সংবোধনলব্ধ অভিজ্ঞতাৰ এক সুসংগঠিত আৰু সুসমন্বিত ৰূপ। কম বয়সীয়া শিশুৰ বস্তু জগৎ সম্পৰ্কে সাধাৰণতে সামান্য়কৃত জ্ঞান নাথাকে। বয়স বঢ়াৰ লগে লগে শিশুৱে পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি বিভিন্ন অভিজ্ঞতা অৰ্জন কৰে আৰু এই অৰ্জিত অভিজ্ঞতা সমূহৰ মাজত সমন্বয় সাধন কৰি ধাৰণাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, 'জন্তু' এক শ্ৰেণীৰ প্ৰাণী সম্পৰ্কে এক সাধাৰণ ধাৰণা বা সংপ্ৰত্য়য়ন। এই ক্ষেত্ৰত 'জন্তু' বুলি কওঁতে কোনো এটা নিদিষ্ট জন্তুক নুবুজায়। এই শ্ৰেণীভূক্ত সকলো প্ৰাণীকে বুজায়। ( যেনে- বাঘ, ভালুক, কুকুৰ, মেকুৰী, গৰু, ছাগলী, হাতী ইত্য়াদি ) জন্তু সম্পৰ্কে ধাৰণা লাভৰ পূৰ্বে শিশুৰ জন্তু শ্ৰেণীভূক্ত বিভিন্ন প্ৰানী সম্পৰ্কে পৃথক পৃথক অভিজ্ঞতা অৰ্জন কৰে। এই অভিজ্ঞতা সমূহ লাভ কৰে সংবোধন বা প্ৰত্য়ক্ষনৰ মাধ্য়মেৰে। অৰ্থাৎ শিশুৱে কুকুৰ, গৰু, ছাগলী, ঘোৰা প্ৰভূতি জন্তু বিলাক সম্পৰ্কে সংবোধনৰ দ্বাৰা পৃথকে অভিজ্ঞতা লাভ কৰে। পৰৱৰ্তী পৰ্য্য়ায়ত এই বিচ্ছিন্ন অভিজ্ঞতা সমূহ বিশ্লেষণ কৰে। যেনে কুকুৰৰ চাৰিটা ঠেং আছে, নেজ আছে, কান আছে ইত্য়াদি। পৰৱৰ্তী পৰ্য্য়ায়ত এই প্ৰানী সমূহ সংক্ৰান্ত অভিজ্ঞতাৰ বিশিষ্ট উপাদান বা বৈশিষ্ট্য় সমূহৰ সাধাৰণ উপাদান সমূহ চিহ্নিত কৰে। যেনেঃ কুকুৰ, গৰু, হাতী, বাঘ প্ৰভূতি এই সকলো প্ৰানীয়ে চাৰিটাকৈ ঠেং আছে, এডাল নেজ আছে, দুখন কানো আছে, প্ৰত্য়েকে পোৱালি জন্ম দিয়ে ইত্য়াদি। অৰ্থাৎ এই দিশ সমূহৰ পৰা এই প্ৰানী সমূহ সমগুণ বৈশিষ্ট্য়পূৰ্ণ। এই অৱস্থাত শিশুৱে তাৰ শিকনলব্ধ সামাজিক অভিজ্ঞতাৰ ভিত্তিত এই সাধাৰণ অভিজ্ঞতাৰ এক নামাকৰণ কৰে আৰু এই শ্ৰেণীভুক্ত সকলো প্ৰাণীকে জন্তু হিচাবে চিহ্নিত কৰে। এনেদৰে চিহ্নিত বা নামাকৰণ কৰাই হৈছে জন্তু সম্পৰ্কিত ধাৰণা।  

(৭) সংপ্ৰত্যয়নৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সংপ্ৰত্যয়নৰ বৈশিষ্ট্য সমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

(১) কোনো বিষয়ৰ সংপ্ৰত্যয়ন সাধাৰণ ধৰ্মিতাৰ দিশৰ পৰা ব্যক্তিভেদে ভিন ভিন হ'ব পাৰে। একেই সংবেদন আৰু সংবোধন লব্ধ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ভিন্ন ব্যক্তিয়ে ভিন্ন সংপ্ৰত্যক্ষণ লাভ কৰিব পাৰে।

(২) একেই নামাঙ্কিত কোনো বস্তুৰ সংপ্ৰত্যয়ন সমাজ ভেদে ভিন ভিন অৰ্থবহ হ'ব পাৰে। অৰ্থাৎ বিশেষ এটি সংপ্ৰত্যয়নে সামাজিক পৰিৱেশৰ প্ৰভাৱত ভিন ভিন তাৎপৰ্য বহন কৰিব পাৰে।

(৩) কোনো বিশেষ ক্ষেত্ৰত সংপ্ৰত্যয়নলব্ধ অভিজ্ঞতা বা অন্যক্ষেত্ৰত অভিজ্ঞতা ৰ্জন বা জ্ঞান অৰ্জনত সহায়তা কৰে।

(৪) সংপ্ৰত্যয়ন ইন্দ্ৰিয়গত বস্তুৰ সংস্পৰ্শলৈ নোহোৱাকৈ গঢ়ি উঠা বৈবে কেতিয়াবা সংপ্ৰত্যয়নৰ বাস্তৱভিত্তি নাথাকে। যেনেঃ ভূত, পৰী, দৈত্য, দেৱতা আদিৰ ধাৰণা বা সংপ্ৰত্যয়ন।

(৫) সংপ্ৰত্যয়ন হৈছে শ্ৰেণীকৰণৰ ভিত্তি। 

(৬) সংপ্ৰত্যয়ন হৈছে অভিজ্ঞতাৰ সংক্ষেপকৰণ। গতিকে মানসিক মিতব্যয়িতা সংপ্ৰত্যয়নৰ এক বিশেষ বৈশিষ্ট্য। সংপ্ৰত্যয়নত কোনো বিষয়ত বিভিন্ন বৈশিষ্ট্য সমূহৰ সমন্বয়ৰ মাধ্যমেৰে সংক্ষেপকৰণ কৰি নামকৰণ কৰা হয়।   

(৮) সংপ্ৰত্যয়ন গঠনত শিক্ষকৰ ভূমিকা সম্পৰ্কে লিখা।

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত ধাৰণা গঠন এক গুৰুত্বপূৰ্ণ বিষয়। শিশুৰ ধাৰণা বিকাশত সহায় কৰাটো শিক্ষক, পিতৃ - মাতৃ আৰু শিশুৰ লগত জড়িত লোকৰেই এক প্ৰয়োজনীয় কৰ্ত্তব্য়। উপযুক্ত ধাৰণাৰ বিকাশ বৌদ্ধিক বিকাশৰ এক গুৰুত্বপূৰ্ণ দিশ। উপযুক্ত ধাৰণা গঠনৰ মাধ্য়মেৰে অনেক জটিল শিক্ষণীয় বিষয় শিক্ষাৰ্থীৰ বাবে সহজ হৈ উঠে। সেয়েহে ধাৰণা গঠনক আধুনিক শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। তলত ধাৰণা গঠনত সহায়কাৰী কেইটামান বিশেষ ব্য়ৱস্থা সংক্ষেপে উল্লেখ কৰা হল -

(১) শিক্ষাৰ সক্ৰিয় ব্য়ৱস্থাঃ বাস্তৱ অভিজ্ঞতাৰ যোগেদি শিশুৱে কোনো বস্তু বা বিষয়ৰ স্পট ধাৰণা বা সংপ্ৰত্য়য়ন লাভ কৰিব পাৰে। নিষ্ক্ৰিয় চিন্তা প্ৰধান আৰু অমূলক শিক্ষা ব্য়ৱস্থাই শিশুৰ ধাৰণা বা গঠনত অন্তৰায় সৃষ্টি কৰে। সেয়েহে শিশুৰ শিক্ষাৰ সক্ৰিয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষাৰ্থীক বিষয়বস্তুৰ প্ৰত্য়ক্ষ অভিজ্ঞতা লাভৰ যথা সম্ভৱ সুযোগ প্ৰদান কৰিব লাগে।

(২) ক্ষাষা শিক্ষাঃ ভাষাৰ বিকাশে সংপ্ৰত্য়য়ন বা ধাৰণাৰ বিকাশত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰে। ভাষাৰ হৈছে চিন্তাৰ এক গুৰুত্বপূৰ্ণ আহিলা। সেইবাবে শিশুৰ শব্দ জ্ঞানবৃদ্ধি আৰু তাৰ উপযুক্ত প্ৰয়োগৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে। মনোবিজ্ঞানী সকলে মত পোষণ কৰে যে পৰিয়ালত দ্বি ভাষাৰ প্ৰয়োগে অনেক ক্ষেত্ৰত শিশুৰ ধাৰণা গঠন প্ৰক্ৰিয়া বাধাগ্ৰস্থ কৰে।

(৩) শিক্ষণ সঁজুলিৰ ব্য়ৱহাৰঃ অনেক সময়ত বিভিন্ন বিষয়ৰ প্ৰত্য়ক্ষ অভিজ্ঞতাৰ মাধ্য়মেৰে ধাৰণা সম্ভৱ নহয়। এই ক্ষেত্ৰত স্পট ধাৰণা গঠনৰ ক্ষেত্ৰত শিক্ষামূলক সঁজুলি বা আহিলাপাতিৰ সাহাৰ্যত ধাৰণা গঠনত সাহাৰ্য কৰিব লাগে। যেনে- ছবি, মডেল, চিত্ৰ ইত্য়াদি।

(৪) পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োগঃ পুৰণি অভিজ্ঞতাৰ লগত নতুন ধাৰণা সম্পৰ্কযুক্ত। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত নতুন নতুন অভিজ্ঞতাৰ মাজৰ পাৰ্থক্য়মূলক বৈশিষ্ট্য় সমূহো শিক্ষাৰ্থীক অৱগত কৰিব লাগে।

(৫) দৃষ্টান্তৰ প্ৰয়োগঃ শিশুৰ শিক্ষাত দৃষ্টান্তৰ প্ৰয়োগে নতুন অভিজ্ঞতাক পুৰণি অভিজ্ঞতাৰ লগত সংযোগ সাধন কৰাত সহায় কৰে। সেয়েহে শিক্ষকে পাঠদানৰ বেলিকা দৃষ্টান্তৰ প্ৰয়োগ কৰি বিষয় বস্তুৰ ধাৰণা স্পট কৰিব পাৰে। 

(৯) শিক্ষাত সংপ্ৰত্যয়ন গঠন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা সমূহ লিখা।

উত্তৰঃ শিক্ষাত সংপ্ৰত্য়য়ন গঠন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা সমূহ তলত উল্লেখ কৰা হল -

(১) ধাৰণাই শিক্ষাৰ্থীক পৰোক্ষভাৱে নতুন নতুন অভিজ্ঞতা অৰ্জনত সহায় কৰে। জীৱনৰ প্ৰথম পৰ্যায়ত শিশু বা শিক্ষাৰ্থীয়ে প্ৰাথমিক ধাৰণা সমূহ জীৱন পৰিৱেশৰ সংবোধন বা প্ৰত্য়ক্ষনমূলক অভিজ্ঞতাৰ ভিত্তিত গঢ় দি তোলে। কিন্তু ক্ৰমান্বয়ে জীৱন পৰিৱেশৰ পৰিসৰ বিস্তৃত হয় আৰু পৰিকল্পিত শিক্ষাৰ প্ৰভাৱত শিশুৱে নতুন নতুন অভিজ্ঞতা অৰ্জন কৰে। দেখা যায় যে পৰৱৰ্তী কালৰ বিচ্ছিন্ন অভিজ্ঞতা সমূহ পৃথক পৃথক ভাৱে বিবেচনা নকৰি পূৰ্ব ধাৰণাৰ লগত সংযুক্ত কৰে। ফলত শিক্ষাৰ্থীৰ নতুন অভিজ্ঞতা অৰ্জন প্ৰক্ৰিয়াক পূৰ্ব ধাৰণা সমূহে সহায়তা কৰে। অৰ্থাৎ পূৰ্ব ধাৰণাৰ ভিত্তিত নতুন বস্তুৰ ধাৰণা লাভ কৰে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ ধাৰণামূলক অভিজ্ঞতাৰ বিস্তৃতি ঘটে।

(২) ধাৰণামূলক অভিজ্ঞতাই শিক্ষাৰ্থীৰ শিকন পৰিস্থিতিৰ জটিলতা হ্ৰাস কৰে। ধাৰণা সমূহ বিভিন্ন অভিজ্ঞতা এক সামান্য়কীকৃত একক অভিজ্ঞতা যত বিষয় বা বস্তু এটাৰ অনেক বৈশিষ্ট্য় বা সংৰক্ষণ অন্তৰ্ভূক্ত কৰা হয়। সেইবাবে কোনো বস্তুৰ ধাৰণা গঠন হোৱাৰ পিছত তাৰ পৃথক পৃথক বৈশিষ্ট্য় সমূহ পৰৱৰ্তী কালত বিচাৰ কৰাৰ প্ৰয়োজন নহয়। গতিকে এক কথাত কবলৈ গলে ধাৰণাই শিকন পৰিস্থিতিৰ জটিলতা হ্ৰাস কৰে।

(৩) ধাৰণা বিচ্ছিন্ন অভিজ্ঞতাৰ সংক্ষিপ্ত ৰূপ। গতিকে বস্তুৰ ধাৰণা সমূহ সংৰক্ষণ কৰা শিক্ষাৰ্থীৰ বাবে আপেক্ষিকভাৱে সহজ হয়। ধাৰণাৰ মাধ্য়মেৰেই সংগৃহীত অভিজ্ঞতাৰ সংৰক্ষণ সম্ভৱ হয়। বিদ্য়ালয়তো শিক্ষাৰ্থীয়ে আয়ত্ব কৰা বিভিন্ন বিষয়ৰ জ্ঞান অভিজ্ঞতা সমূহে ধাৰণাৰ যোগেদি সহজে সংৰক্ষণ কৰিব পৰা যায়।

(৪) মনোবিদসকলে মতপোষণ কৰে যে ধাৰণাই বিষয়বস্তুৰ দীৰ্ঘ স্মৰণত সহায় কৰে। অৰ্থা  কোনো বস্তুৰ সম্পৰ্কে সুস্থ ধাৰণাই গঢ় লৈ উঠিলে ই দীৰ্ঘ দিন মনত থাকে। ফলত শিকনৰ শ্ৰম লাঘৱ হয়।

(৫) কোনো এটা পৰিস্থিতিত লাভ কৰা ধাৰণা আন এক পৰিস্থিতিলৈ স্থানান্তৰিত হয়। উদাহৰণস্বৰূপে বিজ্ঞানৰ নানান ধাৰণাই ব্য়ৱহাৰিক  জীৱনৰ লগতে শ্ৰেণী শিক্ষণৰ বিভিন্ন সমস্য়া সমাধানত সহায়তা কৰে। 

(১০) সংপ্ৰত্যয়ন কাক বোলে? এই সংপ্ৰত্যনৰ বিকাশ প্ৰক্ৰিয়াটো উল্লেখ কৰা।

উত্তৰঃ সংবোধনৰ পৰৱৰ্তী উন্নত আৰু সুসংগঠিত মানসিক পৰ্যায়েই হৈছে সংপ্ৰত্য়য়ন। যি প্ৰক্ৰিয়া যোগেদি সংবোধন অভিজ্ঞতা সমূহৰ একক সাধাৰণধৰ্মী সমন্বয় ঘটে তাকে সংপ্ৰত্য়য়ন বা ধাৰণা গঠনৰ প্ৰক্ৰিয়া বুলি কোৱা হয়।
    
    শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সংপ্ৰত্য়য়নৰ বিকাশে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিশুৰ ধাৰণা বা সংপ্ৰত্য়য়নৰ গঠন প্ৰক্ৰিয়া কেইবাটাও মানসিক ক্ৰিয়া পৰ্য্য়ায়ৰ মাজেৰে সংঘটিত হয়। প্ৰথম অৱস্থাত শিশুৱে বিষয় বস্তুৰ প্ৰত্য়ক্ষ অভিজ্ঞতাৰ ভিত্তিত মৌলিক আৰু ব্য়ৱহাৰিক ধাৰণা গঢ় দি তোলে। দ্বিতীয় পৰ্য্য়ায়ত শিশুৰ নিজস্ব জ্ঞান অভিজ্ঞতাৰ সম্প্ৰসাৰণ ঘটে। শিশুৰ ভাষাৰ বিকাশৰ লগে লগে ধাৰণাৰ বিকাশো দ্ৰুত হবলৈ ধৰে। প্ৰথম অৱস্থাত শিশুৰ দূৰত্ব, অথবা সময় আদিৰ ধাৰণা অতি অস্পট অৱস্থাত থাকে। সেইদৰেই সজীৱ আৰু নিৰ্জীৱতাৰ পৃথক ধাৰণাও কৰিব নোৱাৰে। সেয়েহে সৰ্বপ্ৰাণবাদিতাই শিশুৰ ধাৰণাওকৰিব নোৱাৰে। সেয়েহে সৰ্বপ্ৰাণবাদিতাই শিশুৰ ধাৰণাক প্ৰভাৱিত কৰে। শিশুৰ বিকাশৰ লগে লগে শিশু মনৰ ধাৰণা বাস্তৱমুখী হৈ উঠে। শিশুৰ আত্মকেন্দ্ৰিকতাই ধাৰণা গঠন প্ৰক্ৰিয়াক কিছু প্ৰভাৱিত কৰিলেও জ্ঞান অভিজ্ঞতাৰ পৈণতা প্ৰাপ্তিৰ লগে লগে বস্তুনিষ্ঠ ধাৰণা গঠন কৰিবলৈ সক্ষম হয়। মুঠতে সুস্থ ধাৰণাৰ বিকাশ বাস্তৱ জ্ঞান অভিজ্ঞতা আৰু ব্য়ক্তিৰ মানসিক পৈণতাৰ ওপৰত নিৰ্ভৰ কৰে।

 
Type Himanku Bora.
Author: Boby Bora 



Post ID : DABP006417