প্ৰাথমিক বৃত্তি | অধ্য়ায় ৫ | Chapter 5 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Class 12 Geography Question and Answer | HS Second Year Geography | 


প্ৰাথমিক বৃত্তি


অনুশীলনী

1.নিম্নলিখিত বিকল্পৰ সমূহৰ শুগ্ঘ উত্তৰটো বাচি উলিওৱা।

(i) নিম্নলিখিত কোনবিধ ৰোপন শস্যঃ-

a) কফি,            b) কুঁহিয়াৰ

c) গম্,              d) ৰবৰ।

উত্তৰঃ a)কফি 

(ii) নিম্নলিখিত দেশসমূহৰ ভিতৰত, কোনখন দেশে সমবায় কৃষিত সাফল্যৰ অভিজ্ঞতা লাভ কৰিছেঃ-

a) ৰাছিয়া,        b) ডেনমাক,

c) ভাৰত,         d) নেডাৰলেন্ড।

উত্তৰঃ  b) ডেনমাৰ্ক

(iii) ফুল উৎপাদন কাৰ্যক এনেদৰে কোৱা হয়ঃ-

a) ট্ৰাক ফাৰ্মিং বা কৃষি,    b) কাৰখানা কৃষি,

c) মিশ্ৰ কৃষি,           d) ফ্ল’ৰিকালচাৰ।

উত্তৰঃ d) ফ্ল’ৰিকালচাৰ

(iv) নিম্নলিখিত কৃষি প্ৰকৰণৰ ভিতৰত কোনবিধ কৃষিৰ বিকাশ, ইউৰোপীয় ঔপনিবেশিক সকলৰ দ্বাৰা হৈছিলঃ-

a) কল’খোজ্,            b) ভিটিকালচাৰ,

b) মিশ্ৰ কৃষি,           d) ৰোপন কৃষি।

উত্তৰঃ

(v) নিম্নলিখিত অঞ্চলবোৰৰ ভিতৰত কোনটো অঞ্চলত, বিস্তৃত বানিজ্যিক শস্যৰ কৃষিৰ অনুশীলন কৰা নহয়ঃ-

a) কানাডাৰ প্ৰেইৰী অঞ্চল,    b) ইউৰোপৰ ষ্টেপচ,

c) অৰ্জেন্টিনা পম্পাচ,         d) আমাজান অববাহিকা।

উত্তৰঃ d) আমাজান অববাহিকা।

(vi) নিম্নলিখিত কৃষি প্ৰকৰণৰ ভিতৰত কোন বিধ কৃষিত চাইট্ৰাছ যুক্ত ফলৰ খেতিৰ প্ৰয়োজন বেছিকৈ থাকেঃ-

a) বজাৰকেন্দ্ৰীক বাগিছাখেতি,     b) ৰোপন কৃষি,

c) ভূমধ্যসাগৰীয় কৃষি,         d) সমবায় কৃষি।

উত্তৰঃ

(vii) নিম্নলিখিত সমূহৰৱ কোনবিধে কৃষিক-ঘাপ মাৰি কাটি জ্বলোৱা” কৃষি বুলিও কোৱা হয়ঃ-

a) বিস্ত্ত পোষণ কৃষি,         b) আদিম পোষণ কৃষি

c) বিস্তৃত বাণিজ্যিক শস্যৰ কৃষি,   d) মিশ্ৰ কৃষি।

উত্তৰঃ b)আদিম পোষণ কৃষি 


(viii) নিম্নলিখিত সমূহৰ কোনবিধে এক সংস্কৃতি অনুসৰণ নকৰে?

a) দুগ্ধশালা,                b) মিশ্ৰ কৃষি,

c) ৰোপন কৃষি,             d) বানিজ্যিক শস্যৰ খেতি।

উত্তৰঃ   b) মিশ্ৰ কৃষি

 

2. ৩০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নসূহৰ উত্তৰ লিখা।


(i) স্থানান্তকাৰী কৃষিৰ ভবিষ্যৎ মলিন; আলোচনা কৰা।

উত্তৰঃ স্থানান্তৰী কৃষিত বৰ সৰু আৰু পুৰণি সজুঁলি যেনে যাঠি আৰু কোৰ আদিৰ ব্যবহাৰেৰে খেতি কৰে। এই খেতিত কৃষকে এডোখৰ ঠাই বাছি লয় সেই ঠাই জুই লগায় পৰিস্কাৰ কৰি খেতি কৰে । আকৌ কেইটামান বছৰৰ মূৰত কৃষক সকলে সেই ঠাই এৰি থৈ যায় বেলেগ এটোকোৰা মাটিত খেতি কৰে।মাটিৰ উৰ্বৰতা নোহোৱা হৈ গৈ থকা কথাটোৱে হল স্থানান্তৰী কৃষিৰ এটা প্ৰধান সমস্যা ।সেই কাৰণে এই খেতিৰ কালচক্ৰ,ক্ৰমশ হ্ৰাস পাই গৈছে ।

(ii) বজাৰকেন্দ্ৰীক বাগিছা খেতি, পৌৰ এলেকাৰ ওচৰে পাজৰে অনুশীলন কৰে। কিয় বাৰু?

উত্তৰঃ এনে খেতি পথাৰ বোৰৰ আকাৰ সৰু সৰু আৰু নগৰ,চহৰৰ উচ্চআয় থকা উপভোক্তাৰ সৈতে সু-যাতায়ত আৰু যোগাযোগ থকা স্থানত অৱস্থান কৰে সেইকাৰণে বজাৰকেন্দ্ৰীক বাগিছা খেতি, পৌৰ এলেকাৰ ওচৰে পাজৰে অনুশীলন কৰে ।

(iii) যাতায়ত আৰু শীতলীকৰণৰ বিকাশ ঘটাৰ বাবেই বৃহত্তৰ হাৰত দুগ্ধশালা কৃষি কৰিব পৰা যায়।

উত্তৰঃ এই পামবোৰত জন্তুবোৰৰ প্ৰতিপালন কৰোতে আৰু খীৰাওঁতে কঠোৰ শ্ৰমৰ প্ৰয়োজন হয়,বেছি হাৰত শ্ৰমিকক নিযুক্তি দিয়া হয় । শস্যৰ খেতিৰ বাবে বছৰটোত, আছুতীয়া বতৰ থকা ধৰণৰ কোনো কথাই ইয়াত নাখাটে । পৌৰ বসতি আৰু কেন্দ্ৰৰ ওচৰত প্ৰধানকৈ ডেইৰী ফাৰ্মিংৰ আখৰা চলে, যাতে নিকটবৰ্ত্তী বজাৰ বোৰলৈ সতেজ গাখীৰ আৰু অন্যান্য দুগ্ধশালজাত সামগ্ৰীৰ যোগান ধৰিব পাৰে । 

3. ১৫০টাতকৈ অধিক শব্দ ব্যৱহাৰ নকৰি নিম্নলিথিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।


(i) অঘৰি চাৰন আৰু বানিজ্যিক পশুধন পালনৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে লিখা।

উত্তৰঃ অঘৰি চাৰন আৰু বানিজ্যিক পশুধন পালনৰ মাজত থকা পাৰ্থক্যবোৰ হল -
    i)বাণিজ্যিক পশুপালন বৃত্তিত এটা প্ৰজাতিৰ জীৱ জন্তুক পালন কৰা হয়। আনহাতে আকৌ অঘৰী পশুপালনত বহুতো প্ৰজাতিৰ জীৱ-জন্তু পালন কৰা হয় ।
    ii) অঘৰি পশুপালকবোৰে নিজৰ খাদ্য বস্ত্ৰৰ বাবে পশুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আনহাতে বাণিজ্যিক পশুপালক সকল পশ্চিমীয়া সংস্কৃতিৰ লগত জড়িত ।
    iii) বাণিজ্যিক পশুপালন এটা বিজ্ঞানৰ পদ্ধতিৰ দ্ধাৰা কৰা এটা খণ্ডৰ বৃত্তি। ইয়াত পশুধনবোৰ সুস্থ থাকিবৰ বাবে বিভিন্ন ব্যৱস্থা লোৱা হয়। আনহাতে অঘৰি পশুধন পালনত কোনো ধৰণৰ ব্যৱস্থা নলয়।

    iv) অঘৰী পশুপালন বৃত্তিত সময়ে সময়ে পশুধনৰ খাদ্যৰ কাৰণে পশুপালক সকলে এঠাইৰ পৰা আনঠাইলৈ ঋতু প্ৰৱজন কৰে। আনহাতে বাণিজ্যিক পশুপালন এক স্থায়ী কৰ্ম ইয়াত কোনো ঋতুপ্ৰৱজন হোৱা দেখা পোৱা নাযায় ।

    v) বাণিজ্যিক পশুপালন এক মূলধন বিনিয়োগকাৰী ব্যৱস্থা । আনহাতে অঘৰী পশুপালন হল এবিধ আদিমভাৱে কৰা ব্যৱস্থা ।

(ii) ৰোপন কৃষিৰ, প্ৰয়োজনীয় বৈশিষ্ট্যযুক্ত প্ৰকৃতিক আলোচনা কৰা, বিভিন্ন দেশত থকা কিছুমান প্ৰয়োজনীয় ৰোপন শস্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ ইউৰোপীয় সকলে, ক্ৰান্তীয় অঞ্চলসমূহত উপনিবেশ পাতি থকাৰ সময়ছোৱাত, উপৰোক্ত ধৰণৰ ৰোপন কৃষি হল ক্ৰমে চাহ,কফি,কক,ৰবৰ,কপাঁহ,তালফলৰ গছ,কুঁহিয়াৰ,কল, আৰু আনাৰস।

    বিশাল কৃষিক্ষেত্ৰ অথবা ৰোপন ক্ষেত্ৰ, বৃহৎ পৰিমানত মূলধনৰ বিনিয়োগ, পৰিচালনা আৰু কাৰিকৰী সাহাৰ্য থকা, বৈজ্ঞানিক পদ্ধতিৰ অবলম্বন থকা, এক প্ৰকাৰ শস্যৰ প্ৰয়োভৰ থকা, সস্তীয়া বনুৱা ব্যবহাৰ আৰু উৎপাদিত সামগ্ৰী সমূহক ৰপ্তানী কৰাৰ ব্যৱস্থা থকা, কৃষিক্ষেত্ৰ, কাৰখানা আৰু বজাৰৰ মাজত সু-পৰিবহনৰ ব্যবস্থা থকাবোৰেই হল, এই কৃষিৰ প্ৰধান বৈশিষ্ঠ্য। ফৰাচী সকলে উপনিবেশ পাতি থকাৰ সময়ত পশ্চিম আফ্ৰিকাত কক আৰু কফি ৰ ৰোপন খেতি কৰিছিল । বৃটিশ সকলে, ভাৰতবৰ্ষ আৰু শ্ৰীলংকাত চাহহ বাগিচা, মালয়েছিয়াত ৰবৰৰ ৰোপন আৰু ৱেষ্ট-ইন্ডিজত কুঁহিয়াৰ আৰু কল খেতিৰ প্ৰচলন কৰিছিল । স্পেনিচ, আৰু আমেৰিকান সকলে ফিলিপাইনত নাৰিকল আৰু কুঁহিয়াৰ ৰোপন কৃষিত বৃহৎ পৰিমানত ধন বিনিয়োগ কৰিছিল। ডাটচ্ সকলে, এসময়ত ইন্দোনেছিয়াত, কুঁহিয়াৰ খেতিত একচেটিয়া অধিকাৰ সাব্যস্ত কৰি আহিছিল। এতিয়াও ইউৰোপীয় সকলে, ব্ৰাজিলৰ কিছুসংখ্যক কফিৰ ফাজেণ্ডা কৰি আছে ।

আঁচনি/ কাৰ্যকলাপ

এখন নিকটবৰ্ত্তী গাওঁলৈ যোৱা আৰু তাত উৎপাদন কৰা কিছুমান শস্যৰ খেতিপথাৰলৈ লক্ষ্য কৰা আৰু বিভিন্ন কাৰ্যকলাপৰ এখন তালিকা প্ৰস্তুত কৰা।


Type- Nayan Jyoti Bordoloi 



Post ID : DABP006456