মানৱ আচৰণৰ ভিত্তি আৰু দিশ
।। প্ৰশ্নাৱলী ।।
(ক) খালী ঠাই পূৰ কৰাঃ

(১) অভাৱবোধৰ প্ৰভাৱ সৃষ্টি হোৱা মানসিক অৱস্থাক                  বুলি কোৱা হয়।

উত্তৰঃ 


(২)                  প্ৰাপ্তিয়ে চাহিদাৰ পৰিতৃপ্তি ঘটায়।

উত্তৰঃ

(৩) জৈৱিক অস্তিত্ব ৰক্ষাৰ লগত জড়িত চাহিদাক                  চাহিদা বুলি কোৱা হয়।

উত্তৰঃ প্ৰাথমিক। 

(৪) খাদ্যৰ চাহিদা এক                  চাহিদা।

উত্তৰঃ জৈৱিক। 

(৫) যৌন চাহিদা                  চাহিদাৰ অন্তৰ্ভূক্ত।

উত্তৰঃ জৈৱিক। 

(৬) মৰম-ভালপোৱাৰ চাহিদা                  চাহিদা। 

উত্তৰঃ মানসিক। 

(৭) সামাজিক মৰ্যদা                  চাহিদা।

উত্তৰঃ মানসিক। 

(৮) কৰ্ম সম্পাদনৰ বাবে গতিশীতলতাৰ সৃষ্টি কৰা মানসিক অৱস্থাক                  বোলে।

উত্তৰঃ তাড়না বা প্ৰেৰণা। 

(৯)                  হৈছে কৰ্ম সম্পাদনৰ শক্তি।

উত্তৰঃ প্ৰেৰণা বা তাড়না।

(১০) দৈহিক কাৰণত সৃষ্টি হোৱা তাড়নাক                  বোলে।

উত্তৰঃ 

(১১) পশু প্ৰবৃত্তিৰ দ্বাৰা আৰু মানুহ                  দ্বাৰা পৰিচালিত হয়।

উত্তৰঃ প্ৰবৃত্তিৰ। 

(১২) সহজাত প্ৰবৃত্তিয়ে কৰ্মপ্ৰৱণতাৰ আৰু                   ভাৱ প্ৰৱণতাৰ সৃষ্টি কৰে। 

উত্তৰঃ আবেগ। 

(১৩) অনুশীলনীৰ ফলত হোৱা আচৰণৰ যান্ত্ৰিক ৰূপক                  বোলে।

উত্তৰঃ

(১৪) ঐচ্ছিক ক্ৰিয়াক অনুশীলনীৰ দ্বাৰা অনৈচ্ছিক ক্ৰিয়াত পৰিণত কৰাকে                  বোলে।

উত্তৰঃ

(১৫)                  প্ৰবৃত্তিক প্ৰতিবৰ্ত ক্ৰিয়াৰ পৰা পৃথক কৰে।

উত্তৰঃ

(১৬) ক্ৰোধ এবিধ কি ?                  ।

উত্তৰঃ প্ৰবৃত্তি।

(১৭) প্ৰবৃত্তিৰ প্ৰকাশত প্ৰত্যক্ষভাৱে বাধা প্ৰদান কৰাটোক                  বোলে।

উত্তৰঃ

(১৮) চকুত উজ্বল পোহৰ পৰিলে চকুৰ পতা বন্ধ কৰাটো এক                  ক্ৰিয়া।

উত্তৰঃ

(১৯) মাতৃয়ে সন্তানক মৰম কৰাটো হ'ল                  প্ৰবৃত্তি।

উত্তৰঃ বাৎল্য়।

(২০) প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়া দুয়োটা                  প্ৰতিক্ৰিয়া।

উত্তৰঃ

(২১) হাঁচি মৰাটো                  ক্ৰিয়া।

উত্তৰঃ প্ৰতিবৰ্ত ক্ৰিয়া।

(২২) প্ৰবৃত্তিৰ পুনৰাবৃত্তিত বাধা প্ৰদান কৰাটোক                  বোলে।

উত্তৰঃ

(২৩)                  দ্বিতীয় স্বভাৱ বুলি কোৱা হয়।

উত্তৰঃ অভ্য়াসক।

(২৪) প্ৰবৃত্তিৰ লগত জড়িত স্তৰ কেইটা হৈছে সংজ্ঞানাত্মক অনুভূতিমূলক আৰু                  ।

উত্তৰঃ

(২৫) 'Emotion' শব্দটো                  শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ ইমোভাৰ (emovere) 

(২৬) 'Emovere' শব্দটোৰ অৰ্থ হৈছে                  ।

উত্তৰঃ আলোড়িত কৰা। 

(২৭) আবেগ মনৰ                  অৱস্থা।

উত্তৰঃ বিচলিত। 

(২৮) প্ৰবৃত্তিয়ে মনত ক্ৰিয়াপ্ৰৱণতা আৰু আবেগে                  সৃষ্টি কৰে।

উত্তৰঃ

(২৯) প্ৰতিবৰ্ত ক্ৰিয়া সংবেদনাত্মক প্ৰতিক্ৰিয়া, আনহাতেদি প্ৰবৃত্তি                  প্ৰতিক্ৰিয়া।

উত্তৰঃ

(৩০)                  প্ৰবৃত্তিমূলক ক্ৰিয়াৰ এক আনুষংগিক অভিজ্ঞতা।

উত্তৰঃ

(৩১) প্ৰতিবৰ্ত ক্ৰিয়া                  দ্বাৰা নিয়ন্ত্ৰিত হয়।

উত্তৰঃ

(৩২) প্ৰবৃত্তিৰ পুনৰাবৃত্তিত বাধা প্ৰদান কৰাটোক                  বুলি কোৱা হয়।

উত্তৰঃ

(৩৩) বিদ্যালয়ত সমাজ সেৱামূলক কাৰ্যৰ যোগেদি                  প্ৰবৃত্তিৰ উন্নীতকৰণ কৰিব পৰা যায়।

উত্তৰঃ

(৩৪) যি শক্তিয়ে চাহিদা পুৰণৰ বাবে ক্ৰিয়াত প্ৰবৃত্ত কৰে তাক                  বুলি কোৱা হয়।

উত্তৰঃ

(৩৫) এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা স্নেহৰ কাৰণ হৈছে                  ।

উত্তৰঃ

(৩৬) ভয় হৈছে                  ।

উত্তৰঃ আবেগ।

(৩৭) এজন মানুহে আন মানুহৰ লগ ভালপোৱাৰ কাৰণ হৈছে                  ।

উত্তৰঃ

(৩৮) প্ৰবৃত্তিৰ প্ৰকাশত প্ৰত্যক্ষ বাধা প্ৰদান কৰা প্ৰক্ৰিয়াক                  বুলি কোৱা হয়।

উত্তৰঃ

(৩৯)                  শিশুৰ প্ৰথমিক আবেগ নহয়।

উত্তৰঃ

(৪০) প্ৰবৃত্তি প্ৰতিবৰ্ত ক্ৰিয়াৰ পৰা                  পৃথক হয়।

উত্তৰঃ

(৪১) "আবেগ মনৰ এক আন্দোলিত অৱস্থা" এই কথাষাৰ                  কৈছিল

উত্তৰঃ মেকডুগেলে কৈছিল। 

(৪২) খং হৈছে এক প্ৰকাৰ                  ।

উত্তৰঃ আবেগ। 

(৪৩) কোনটো প্ৰবৃত্তি মল্লযুদ্ধৰ দ্বাৰা উন্নীত কৰণ কৰিব পৰা যায়? 

উত্তৰঃ

(৪৪) কোনে প্ৰবৃত্তি আবেগৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কযুক্ত বুলি কৈছিল                  

উত্তৰঃ

(৪৫) "প্ৰবৃত্তি দেহৰ লগত আৰু আবেগ মনৰ লগত জড়িত"। কথাষাৰ                  কৈছিল

উত্তৰঃ

গ। ভুল / শুদ্ধ লিখাঃ

১। ভয় এক প্ৰতিবৰ্থ ক্ৰিয়া।

উত্তৰঃ অশুদ্ধ। 

২। প্ৰবৃত্তি সংশোধনমূলক নহয়।

উত্তৰঃ অশুদ্ধ।

৩। প্ৰবৃত্তি অনাৰ্জিত আচৰণ।

উত্তৰঃ অশুদ্ধ।

৪। অব্যৱহাৰৰ দ্বাৰা প্ৰবৃত্তিক সংশোধন কৰিব পাৰি।

উত্তৰঃ শুদ্ধ। 

৫। প্ৰবৃত্তিসমূহ সাৰ্বজনীন।

উত্তৰঃ শুদ্ধ।

৬। প্ৰতিবৰ্ত ক্ৰিয়াসমূহ মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত।

উত্তৰঃ শুদ্ধ। 

৭। সংজ্ঞান প্ৰবৃত্তিমূলক ক্ৰিয়াৰ প্ৰথম স্তৰ।

উত্তৰঃ

৮। আবেগ আৰু প্ৰবৃত্তিৰ কোনো সম্পৰ্ক নাই।

উত্তৰঃ শুদ্ধ। 

৯। প্ৰবৃত্তিমূলক ক্ৰিয়াৰ যোগেদি জাতিগত বৈশিষ্ট্য প্ৰকাশ পায়।

উত্তৰঃ শুদ্ধ। 

১০। পূৰ্ণ স্বাধীনতাৰ দ্বাৰা প্ৰবৃত্তিৰ পৰিশোধন সম্ভৱ হয়।

উত্তৰঃ


১১। খেলে এক বিৰেচনৰ মাধ্যম হিচাবে ক্ৰিয়া কৰে।

উত্তৰঃ শুদ্ধ। 

১২। বিভিন্ন বস্তু সংগ্ৰহ কৰি কৌতূহল প্ৰবৃত্তিৰ উন্নীতকৰণ কৰিব পৰা যায়।

উত্তৰঃ শুদ্ধ। 

১৩। ইংৰাজী Instict শব্দটো লেটিন ভাষাৰ Instictus শব্দটোৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ শুদ্ধ। 

১৪। চাহিদাৰ স্থায়িত্ব আৰু তীব্ৰতা সম্পৰ্কযুক্ত।

উত্তৰঃ 

১৫। যৌন আকাংক্ষা এক মানসিক চাহিদা বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ। 

১৬। জৈৱিক চাহিদা সমূহক প্ৰাথমিক চাহিদা বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ। 

১৭। তাড়না বা প্ৰেৰণা উদ্দেশ্যমূখী আচৰণৰ দ্বিতীয় অৱস্থা।

উত্তৰঃ অশুদ্ধ।

১৮। তাড়নাই কৰ্মত প্ৰবৃত্ত হ'বলৈ গতিশীলতা প্ৰদান কৰে।

উত্তৰঃ শুদ্ধ। 

১৯। প্ৰেৰণাৰ গতি নিৰ্ণায়ক ক্ষমতা নাই।

উত্তৰঃ শুদ্ধ।

২০। উদ্দেশ্যৰ প্ৰাপ্তিয়ে চাহিদাৰ পৰিতৃপ্তি ঘটায়।

উত্তৰঃ শুদ্ধ। 

২১। অভ্যাসে মানসিক শক্তিৰ অপচয় ৰোধ কৰে।

উত্তৰঃ শুদ্ধ। 

২২। অভ্যাস কে অৰ্জিত ক্ৰিয়া।

উত্তৰঃ শুদ্ধ। 

২৩। প্ৰবৃত্তি সংশোধন কৰিব নোৱাৰি।

উত্তৰঃ অশুদ্ধ।

২৪। প্ৰবৃত্তি সমূহ সাৰ্বজনীন।

উত্তৰঃ শুদ্ধ।

২৫। অভ্যাসে সীজনশীলতাৰ পৰিপন্থী।

উত্তৰঃ 

২৬। ইন্দ্ৰিয় অনুভূতিৰ প্ৰভাৱত আবেগৰ সৃষ্টি হয়।

উত্তৰঃ শুদ্ধ। 

২৭। আবেগৰ অভিজ্ঞতাই দেহক প্ৰভাৱিত নকৰে।

উত্তৰঃ শুদ্ধ।

২৮। আবেগৰ অভিজ্ঞতাই দেহক প্ৰবাৱিত নকৰে।

উত্তৰঃ শুদ্ধ।

২৯। তাড়নাৰ ক্ৰিয়াশীল অৱস্থাটো হৈছে চাহিদা।

উত্তৰঃ শুদ্ধ। 

৩০। অভ্যাসে ব্যক্তিক যান্ত্ৰিক কৰি তোলে।

উত্তৰঃ শুদ্ধ। 

৩১। অভ্যস্ত কাৰ্যত মনোযোগৰ প্ৰয়োজন হয়।

উত্তৰঃ

৩২। প্ৰতিৱৰ্ত ক্ৰিয়া মস্তিষ্কৰ দ্বাৰা পৰিচালিত। 

উত্তৰঃ শুদ্ধ। 

৩৩। অভ্যাসে ক্লান্তিক দূৰ কৰে।

উত্তৰঃ 

৩৪। টোপনিৰ প্ৰয়োজন এক মানসিক প্ৰয়োজন।

উত্তৰঃ শুদ্ধ। 

ঘ। চমু উত্তৰ দিয়া প্ৰতি প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ

(১) চাহিদা কি? 

উত্তৰঃ  জীয়াই থাকিবৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্ৰী, চিন্তা-  চেতনা। ভাৱ - অনুভূতি আদি সকলো বোৰকে চাহিদা হিচাপে বাখ্যা কৰিব পাৰি ।

(২) জৈৱিক চাহিদা বুলিলে কি বুজা?

উত্তৰঃ জৈৱিক চাহিদা সমূহ দৈহিক নিৰাপত্তাক কেন্দ্ৰ কৰি সৃষ্টি হয়। এই চাহিদা সমূহে জৈৱিক অস্তিত্ব ৰক্ষাৰ লগত জড়িত। এই চাহিদা সমূহক প্ৰাথমিক চাহিদা বুলি কোৱা হয়। মানুহৰ জৈৱিক প্ৰয়োজনৰ বাবেই খাদ্য়ৰ প্ৰয়োজন। প্ৰাকৃতিক প্ৰতিকূল অৱস্থাৰ পৰা নিজকে ৰক্ষাৰ বাবে বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন। এই দুই প্ৰকাৰৰ প্ৰয়োজনকো প্ৰাথমিক প্ৰয়োজন হিচাপে বিবেচনা কৰা হয়। যৌন চাহিদাও মানুহৰ বংশ ৰক্ষাৰ বাবে একান্ত ভাৱে প্ৰয়োজন। এই জৈৱিক প্ৰয়োজন সমূহ জীৱৰ প্ৰাণ ৰক্ষা আৰু বংশ ৰক্ষাৰ লগত জড়িত।

(৩) মানসিক চাহিদা কি? 

উত্তৰঃ মানুহৰ ক্ৰিয়া-আচৰণ জৈৱিক প্ৰয়োজন পূৰণতেই সীমাবদ্ধ নহয়। জৈৱিক চাহিদা সমূহৰ লগতেই মানুহৰ কিছুমান মানসিক প্ৰয়োজনো আছে। শিশুৰ ব্য়ক্তিত্বৰ সু-সামঞ্জস্য়পূৰ্ণ বিকাশত এই মানসিক চাহিদা বা প্ৰয়োজন সমূহৰ পৰিতৃপ্তি এক গুৰুত্বপূৰ্ণ বিষয়।

(৪) তাড়না কি? 

উত্তৰঃ জীৱৰ দৈহিক আৰু মানসিক প্ৰয়োজনবোধৰ প্ৰভাৱতেই তাড়না বা প্ৰেৰণাৰ সৃষ্টি হয়। এই প্ৰেৰণা বা তাড়না সমূহ হৈছে প্ৰয়োজনৰ বহিঃপ্ৰকাশ। চাহিদা বা প্ৰয়োজন সমূহে প্ৰত্য়ক্ষভাৱে উদ্দেশ্য়মুখী আচৰণৰ সৃষ্টি কৰিব নোৱাৰে। অভাৱবোধে এক ধৰণৰ মানসিক উত্তেজনা আৰু অস্বস্তিকৰ মানসিক অৱস্থাৰ সৃষ্টি কৰে, যি মানসিক অৱস্থাই কোনো কৰ্মত প্ৰবৃত্ত হবলৈ উদগনি দিয়ে। এই মানসিক অৱস্থাই হৈছে তাড়না বা প্ৰেৰণা।

(৫) 'আবেগ মনৰ এক আন্দোলিত অৱস্থা'-- এই কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ  আবেগ মনৰ এক আন্দোলিত অৱস্থা - এই কথাষাৰ মনোবিজ্ঞানী উডৱৰ্থে কৈছিল।

(৬) কোনে আবেগ আৰু প্ৰবৃত্তি ঘনিষ্ঠ সম্পৰ্কযুক্ত বুলি কৈছিল।

উত্তৰঃ উইলিয়াম জেমচে আবেগ আৰু প্ৰবৃত্তি ঘনিষ্ঠ সম্পৰ্কযুক্ত বুলি কৈছিল।
 
(৭) প্ৰবৃত্তিৰ প্ৰত্যক্ষ প্ৰকাশত বাধা প্ৰদান কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? 

উত্তৰঃ

(৮) শিশুৰ এটা প্ৰাথমিক আবেগৰ নাম কি।

উত্তৰঃ 
 
(৯) কোনটো প্ৰবৃত্তিৰ প্ৰবাৱত মানুহে সঙ্গ বিচাৰে? 

উত্তৰঃ 

(১০) জৈৱিক চাহিদাক কিয় প্ৰথামিক চাহিদা বুলি কোৱা হয়।

উত্তৰঃ জৈৱিক চাহিদা সমূহ দৈহিক নিৰাপত্তাক কেন্দ্ৰ কৰি সৃষ্টি হয়। এই চাহিদা সমূহে জৈৱিক অস্তিত্ব ৰক্ষাৰ লগত জড়িত। এই চাহিদা সমূহক প্ৰাথমিক চাহিদা বুলি কোৱা হয়। বায়ু, পানী, আহাৰ, বস্ত্ৰ আৰু বংশবিস্তাৰ প্ৰভৃতিৰ অভাৱবোধ এই ধৰণৰ চাহিদা। মানুহৰ জৈৱিক প্ৰয়োজনৰ বাবেই খাদ্য়ৰ প্ৰয়োজন। সেইদৰেই প্ৰাকৃতিক প্ৰতিকূল অৱস্থাৰ পৰা নিজকে ৰক্ষাৰ বাবে বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন। গতিকে এই দুই প্ৰকাৰৰ প্ৰয়োজনকো প্ৰাথমিক প্ৰয়োজন হিচাপে বিবেচনা কৰা হয়। ইয়াৰ লগতে যৌন চাহিদাও মানুহৰ বংশ ৰক্ষাৰ বাবে একান্ত ভাৱে প্ৰয়োজন। মানুহৰ যৌন চাহিদাৰ লগত যৌন আকাংক্ষাৰ পৰিতৃপ্তি আৰু বংশ ৰক্ষাৰ উদ্দেশ্য় জড়িত হৈ আছে। জৈৱিক প্ৰয়োজন সমূহ প্ৰাণ ৰক্ষা আৰু বংশ ৰক্ষাৰ লগত জড়িত। 

(১১) বাৎসল্য প্ৰবৃত্তিৰ লগত কোনটো আবেগ জড়িত? 

উত্তৰঃ বাৎসল্য় প্ৰবৃত্তিৰ লগত মমতা বা স্নেহ আবেগ জড়িত। 

ঙ। চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২ নম্বৰ)ঃ

১। যৌথ প্ৰবৃত্তি কি? 

উত্তৰঃ নাৰীৰ ক্ষেত্ৰত পুৰুষ আৰু পুৰুষৰ ক্ষেত্ৰত নাৰী যৌন প্ৰবৃত্তি জাগৰণৰ কাৰণ। বিভিন্ন যৌন বৈশিষ্ট্য় আৰু যৌনচিহ্ন এই প্ৰবৃত্তিৰ উদ্দীপক। এই প্ৰবৃত্তিৰ ফলত সৃষ্টি হোৱা অনুভূতি হল কাম। এই প্ৰবৃত্তিৰ চৰিতাৰ্থ হয় যৌন সঙ্গঁম ৰূপ আচৰণৰ মাধ্য়মেৰে।

২। প্ৰবৃত্তিমূলক ক্ৰিয়াৰ স্তৰসমূহ কি কি? 

উত্তৰঃ

৩। শিশুৰ প্ৰাথমিক আবেগসমূহ কি কি? 

উত্তৰঃ সহজাত প্ৰবৃত্তি সমূহৰ লগত যুক্ত আবেগ সমূহক মেকডুগেলে প্ৰাথমিক বা মৌলিক বুলি আখ্য়া দিছে। প্ৰত্য়েক প্ৰবৃত্তিৰে একো একোটা আনুভূতিক দিশ আছে। এই আনুভূতিক দিশে প্ৰবৃত্তিজাত আচৰণৰ প্ৰকৃতি নিৰ্দ্ধাৰণ কৰে। প্ৰবৃত্তিসমূহ যিদৰে প্ৰাথমিক প্ৰৱনতা সেইদৰেই ইয়াৰ লগত জড়িত আনুভূতিক দিশসমূহো প্ৰাথমিক। মেগডুগেলৰ মতে এই প্ৰাথমিক আবেগ সমূহ প্ৰবৃত্তিমূলক প্ৰৱণতাৰ সক্ৰিয়তাৰ নিৰ্দেশক। এই ধাৰণা অনুযায়ী মানুহৰ মৌলিক আবেগো চৌধ্য়তা।

৪। মিশ্ৰ আবেগ কি? 

উত্তৰঃ অনেক সময়ত আমাৰ দুটা বা তাতোধিক প্ৰবৃত্তি একে লগে জাগ্ৰত হয়। ফলত কিছুমান মৌলিক প্ৰবৃত্তি লগলাগি আমাৰ মনত মিশ্ৰঅনুভূতিৰ সৃষ্টি কৰে। দুই বা তাতোধিক আবেগ একত্ৰিত হৈ আমাৰ মনত যি আবেগিক অনুভূতিৰ সৃষ্টি কৰে তাকেই মেকডুগেলে মিশ্ৰ আবেগ একত্ৰিত হৈ আমাৰ মনত যি আবেগিক অনুভূতিৰ সৃষ্টি কৰে তাকেই মেকডুগেলে মিশ্ৰ আবেগ নামেৰে নামাকৰণ কৰিছে। এই ধৰণৰ আবেগ পৃথক পৃথক উদ্দীপকৰ দ্বাৰা সৃষ্টি নহয়। মিশ্ৰ আবেগ সমূহ হৈছে-

(১) অৱমননা, (২) বিভীষিকা, (৩) কৰুণা, (৪) প্ৰশংসা, (৫) শ্ৰদ্ধা, (৬) কৃতজ্ঞতা, (৭) ঈৰ্ষা, (৮) প্ৰতিশোধমূলক প্ৰবৃত্তি, (৯) হতাশা, (১০) লজ্জা, (১১) পৰশ্ৰীকাতৰতা বা ঈৰ্ষা, ইত্য়াদি। 

৫। মেকডুগেলৰ প্ৰবৃত্তিৰ সংজ্ঞাটো লিখা।

উত্তৰঃ মেকডুগেলৰ প্ৰবৃত্তিৰ সংজ্ঞাটো হল - জন্মগতভাবে লাভ কৰা যি স্বাভাৱিক প্ৰৱণতাই ইয়াৰ অধিকাৰীক কোনো বিশেষ শ্ৰেণীভুক্ত বস্তু প্ৰত্য়ক্ষ কৰায়, তাৰ প্ৰতি মনোনিবেশ কৰায় আৰু সেই বিষয় বা বস্তুৰ বৰ্তমানত এক আবেগিক উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰাই, সেই বিষয় বা বস্তুৰ পৰিপেক্ষিতত এক বিশেষ আচৰণত প্ৰবৃত্তি কৰাই তাকে প্ৰবৃত্তি বুলি কোৱা হয়।

৬। উন্নীতকৰণ বুলিলে কি বুজা।

উত্তৰঃ যি অবচেতন মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা আমি আমাৰ যৌন কামনাক সামাজিক ভাৱে স্বীকৃত বিষয়ৰ লগত সংযুক্ত কৰি পৰিতৃপ্তিৰ প্ৰচেষ্টা কৰো তাকে উন্নীতকৰণ বুলি কোৱা হয়।

৭। প্ৰবৃত্তিৰ সংশোধন বুলিলে কি বুজা।

উত্তৰঃ প্ৰবৃত্তিসমূহ সহজাত যদিও মানুহৰ ক্ষেত্ৰত প্ৰবৃত্তি সমূহ যথেষ্ট পৰিমাণে পৰিবৰ্তনশীল আৰু প্ৰয়োজন সাপেক্ষে বা পৰিস্থিতি সাপেক্ষে এই প্ৰবৃত্তিবোৰক শিক্ষা অভিজ্ঞতাৰ দ্বাৰা সংশোধন কৰিব পৰা যায়। শিক্ষা মনোবিজ্ঞানৰ দিশৰ পৰাও প্ৰবৃত্তি সমূহৰ সংশোধন সাধন কৰা এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰকৃতপক্ষে শিক্ষা প্ৰচেষ্টাৰ মূল উদ্দেশ্য়ও হৈছে শিশুৰ প্ৰবৃত্তিমূলক আচৰণ সমূহৰ সংস্কাৰ সাধন কৰা।

৮। অৱদমন কি? 

উত্তৰঃ প্ৰবৃত্তি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন এক পন্থা হৈছে অৱদমন। ইয়াৰ অৰ্থ হল প্ৰবৃত্তিৰ প্ৰকাশক জোৰ কৰি ৰুদ্ধ কৰা। এই পদ্ধতি অনুসৰি যেতিয়া কোনো প্ৰবৃত্তি অবাঞ্চিত বা অনিষ্টকৰ বুলি ভবা হয়। সেই প্ৰবৃত্তিৰ প্ৰকাশ সাধাৰণতেবল পূৰ্বকভাৱে ৰুদ্ধ কৰা হয়। কিন্তু প্ৰবৃত্তি পৰিশোধনৰ এই পদ্ধতি সহজতম হলেও এই পদ্ধতি মানসিক স্বাস্থ্য়ৰ পক্ষে ক্ষতিকাৰক। অৱদমিত প্ৰবৃত্তিয়ে বিভিন্ন ধৰণৰে ব্য়ক্তিৰ আচৰণক বিকৃত ৰূপত প্ৰভাৱিত কৰে আৰু অনেক ক্ষেত্ৰত মানসিক জটিলতাৰ কাৰণ হৈ পৰে। সেইবাবে মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা প্ৰবৃত্তিপৰিশোধন পদ্ধতি হিচাবে অৱদমন কল্য়ানকাৰী নহয়।

৯। অৱদমন আৰু বিৰেচনৰ মাজত পাৰ্থক্য দেখুৱা।

উত্তৰঃ অৱদমন আৰু বিৰেচনৰ মাজৰ পাৰ্থক্য় হল-

(১) প্ৰবৃত্তি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন এক পন্থা হৈছে অৱদমন। আনহাতে প্ৰবৃত্তি নিয়ন্ত্ৰণৰ আন এটা পন্থা হৈছে বিৰেচন।

(২) অৱদমনৰ অৰ্থ হল প্ৰবৃত্তিৰ প্ৰকাশক জোৰ কৰি ৰুদ্ধ কৰা। আনহাতে বিৰেচনৰ অৰ্থ হল অৱদমিত প্ৰবৃত্তিৰ অসুস্থ উপাদানবোৰ মনৰ পৰা বাহিৰ কৰি দিয়া।

(৩) অৱদমিত প্ৰবৃত্তিয়ে বিভিন্ন ধৰণৰে ব্য়ক্তিৰ আচৰণক বিকৃত ৰূপত প্ৰভাৱিত কৰে আৰু অনেক ক্ষেত্ৰত মানসিক জটিলতাৰ কাৰণ হৈ পৰে। কিন্তু নানা কাৰণত সকলো সময়তে বা সকলো ক্ষেত্ৰতে বিৰেচনৰ পদ্ধতি প্ৰয়োগ কৰা সম্ভৱ নহয়।

(৪) যি ক্ষেত্ৰত প্ৰবৃত্তিৰ অৱদমনে মানসিক সাম্য় নষ্ট কৰে, সেই ক্ষেত্ৰত বিৰেচন পদ্ধতি প্ৰয়োগ কৰা উচিত। 

১০। বিৰেচন বুলিলে কি বুজা।

উত্তৰঃ প্ৰবৃত্তি নিয়ন্ত্ৰনৰ আন এটা পন্থা হৈছে বিৰেচন। বিৰেচন শব্দৰ ইংৰাজী প্ৰতিশব্দ 'Cartheris' ৰ অৰ্থ হৈছে 'to purge out' বা Drive out। অৰ্থাৎ হৈছে অৱদমিত প্ৰবৃত্তিৰ অসুস্থ উপাদানবোৰ মনৰ পৰা বাহিৰ কৰি দিয়া। যি ক্ষেত্ৰত প্ৰবৃত্তিৰ অৱদমনে মানসিক সাম্য় নষ্ট কৰে, সেই ক্ষেত্ৰত বিৰেচন পদ্ধতি প্ৰয়োগ কৰা উচিত। খেলা ধূলা হৈছে এক বিৰেচন প্ৰক্ৰিয়া যাৰ যোগেদি মনৰ দুখদায়ক স্মৃতিৰ উপাদানবোৰক অৱদমিত অৱস্থাৰ পৰা বাহিৰ কৰিব পৰা যায়। ফ্ৰয়েদে এই পদ্ধতিৰ নাম দিছিল এব্ৰেকচন। কিন্তু নানা কাৰণত সকলো ক্ষেত্ৰতে এই পদ্ধতি প্ৰয়োগ কৰা সম্ভৱ নহয়।

১১। প্ৰবৃত্তিৰ পৰিশোধনৰ প্ৰয়োজনীয়তা কি? (দুটা কাৰণ দৰ্শোৱা।)

উত্তৰঃ 

১২। সহজাত প্ৰবৃত্তিৰ পৰিশোধন মানে কি? 

উত্তৰঃ 

১৩। উন্নীত কৰণ কি? 

উত্তৰঃ আধুনিক মনোবিদসকলে প্ৰবৃত্তিৰ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত উন্নীতকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ফ্ৰয়েদে তেওঁৰ 'Introduction to psycho - analysis' গ্ৰন্থত এই প্ৰক্ৰিয়াৰ স্বৰূপ ব্য়াখ্য়া কৰিছিল। পৰবৰ্তীকালত অন্য়ান্য় মনোবিদসকলে উন্নীতকৰনক ব্য়াপক অৰ্থত অন্য়ান্য় প্ৰবৃত্তিৰ পৰিশোধনৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰাৰ পোষকতা কৰিছিল। তেওঁলোকৰ মতে যিকোনো সহজাত প্ৰবৃত্তিৰ শক্তিক তাৰ স্বাভাৱিক প্ৰবাহৰ পৰা অন্য় পথত প্ৰবাহিত কৰাৰ প্ৰক্ৰিয়াই হৈছে উন্নীতকৰণ। যেতিয়া ব্য়ক্তি কেন্দ্ৰিক প্ৰবৃত্তিৰ লগত যুক্ত প্ৰৱনতাৰ শক্তিক সমাজৰ অনুমোদিত পথত পৰিচালিত কৰা হয়, তেতিয়াই তাক প্ৰবৃত্তিৰ উন্নীতকৰণ বুলি কোৱা হয়। উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰবৃত্তিৰ কোনো অনিষ্ট সাধন নকৰাকৈ সুস্থ, গঠনাত্মক আৰু সমাজৰ গ্ৰহণযোগ্য় ৰূপত প্ৰবাহিত আৰু পৰিচালিত কৰাৰ ব্য়ৱস্থা কৰা হয়।  
১৪। প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়াৰ দুটা সাদৃশ্য লিখা? 

উত্তৰঃ প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়াৰ দুটা সাদৃশ্য় তলত উল্লেখ কৰা হল -

(১) প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়া উভয় প্ৰকাৰৰ আচৰণ সম্পাদনৰ ক্ষেত্ৰতেই প্ৰাণী উদ্দেশ্য় সম্পৰ্কে সম্পূৰ্ণভাৱে সচেতন নাথাকে।

(২) এই দুয়োবিধ ক্ৰিয়া প্ৰাণীৰ জীৱনৰক্ষাৰ বাবে একান্ত প্ৰয়োজনীয়।

১৫। অভ্যাসৰ দুটা সুফল লিখা? 

উত্তৰঃ অভ্যাসৰ দুটা সুফল হ'ল- 

(১) অভ্য়াসে কামৰে নিপুণতা বৃদ্ধি কৰে।

(২) অভ্য়াসে কামৰ কঠিনতা দূৰ কৰে।

১৬। অভ্যাসৰ দুটা কুফল লিখা? 

উত্তৰঃ অভ্যাসৰ দুটা কুফল হ'ল-

(১) অভ্য়াসে যান্ত্ৰিকতাৰ সৃষ্টি কৰে।

(২) অভ্য়াসে আচৰণৰ পৰিৱৰ্তনশীলতাৰ বাধাৰ সৃষ্টি কৰে।

১৭। জৈৱিক প্ৰয়োজন সমূহ কি কি? 

উত্তৰঃ জৈৱিক প্ৰয়োজন সমূহ হ'ল- ক্ষুধাতৃষ্ণাযৌন কামনা আদি 

১৮। বাৎসল্য প্ৰবৃত্তি কি? 

উত্তৰঃ বাৎসল্য় প্ৰবৃত্তিয়ে সন্তানৰ প্ৰতি স্নেহানুভূতি জাগ্ৰত কৰে আৰু ই বিভিন্ন আচৰণৰ মাজেৰে প্ৰকাশ পায়। যেনে- কেচুৱাই কান্দিলে মাক দৌৰি যোৱা, বিপদত ৰক্ষা কৰা, সন্তানক চুমা খোৱা, কোলাত লোৱা ইত্য়াদি। মেকডুগেলে এই প্ৰবৃত্তিক প্ৰকৃতিৰ উজ্জ্বলতম আৰু অতি সুন্দৰ উদ্ভাৱন স্বৰূপে বৰ্ণনা কৰিছে। মাতৃ আৰু সন্তান উভয়ে এই প্ৰবৃত্তিৰ দ্বাৰা বান্ধ খাই থাকে । ইয়াৰ লগত জড়িত আবেগ হল মমতা বা স্নেহ। 

১৯। প্ৰেৰণাক শ্ৰেণীবিভাজন কৰা? 

উত্তৰঃ জীৱৰ দৈহিক আৰু মানসিক প্ৰয়োজনবোধৰ প্ৰভাৱতেই তাড়না বা প্ৰেৰণাৰ সৃষ্টি হয়। এই প্ৰেৰণা বা তাড়না সমূহ হৈছে প্ৰয়োজনৰ বহিঃপ্ৰকাশ। চাহিদা বা প্ৰয়োজন সমূহে প্ৰত্য়ক্ষভাৱে উদ্দেশ্য়মুখী আচৰণৰ সৃষ্টি কৰিব নোৱাৰে। যিকোনো প্ৰয়োজন অনুভৱ হলেই দেহ-মনৰ স্বাভাৱিক অৱস্থা বাধাগ্ৰস্ত হয়, প্ৰয়োজন পূৰণ কৰি সেই স্বাভাৱিক অৱস্থা ঘূৰাই আমাৰ বাবে কৰিব লগা কামত প্ৰবৃত্ত হবলৈ প্ৰাণীক যি উদ্ধুদ্ধ কৰে সাধাৰণভাৱে তাকে প্ৰেৰণা বুলি কোৱা হয়। মনোবিজ্ঞানত চাহিদা আৰু প্ৰেৰণা বা তাড়না এই দুই মানসিক ধাৰণা অনেক সময়ত একে অৰ্থতে ব্য়ৱহাৰ কৰা হয়। কোনো এক বিশেষ মূহুৰ্তত জৈৱিক বা মানসিক চাহিদাই মনত প্ৰেৰণাৰ সৃষ্টি কৰে।  

২০। আবেগ কি? 

উত্তৰঃ সাধাৰণতে, সুখ-দুখৰ অনুভূতিক আন্দোলিত কৰি তোলাত দেহ-মানসিক অৱস্থাকে আবেগ বুলি কোৱা হয়।
 
২১। বিৰেচন কি? 

উত্তৰঃ বিৰেচন হৈছে প্ৰবৃত্তি নিয়ন্ত্ৰনৰ আন এটা পন্থা। 

চ। চমুিকৈ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)

১। প্ৰবৃত্তিগত ক্ৰিয়াৰ পৰ্যায়সমূহ উদাহৰণসহ বৰ্ণনা কৰা। 

উত্তৰঃ প্ৰবৃত্তিগত ক্ৰিয়াৰ পৰ্যায়সমূহ উদাহৰণসহ তলত বৰ্ণনা কৰা হল-

(১) প্ৰথম পৰ্যায়ঃ প্ৰবৃত্তিগত ক্ৰিয়াৰ প্ৰথম পৰ্যায় হল জ্ঞানমূলক পৰ্যায়। এই পৰ্যায়ত প্ৰবৃত্তিৰ তালিকাত কোনো এক বিষয় বা বস্তুৰ বৰ্তমানত তাক প্ৰত্য়ক্ষ কৰি বিশেষভাৱে মনোযোগ প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে মানুহজনে ৰাস্তাত পৰি থকা সাপডাল প্ৰত্য়ক্ষ কৰে আৰু ৰাস্তাৰ অন্য়ান্য় বস্তুৰ পৰা তেওঁৰ সচেতনতাক আতৰাই আনি সাপডালত মনোনিৱেশ কৰে।

(২) দ্বিতীয় পৰ্যায়ঃ প্ৰবৃত্তিগত ক্ৰিয়াৰ উদ্দীপকৰ প্ৰত্য়ক্ষণৰ লগে লগেই মনত কোনো প্ৰক্ষোভমূলক অৱস্থাৰ সৃষ্টি হয়। অৰ্থাৎ এক আবেগিক অনুভূতি জাগ্ৰত হয়। গতিকে প্ৰবৃত্তিৰ এই দ্বিতীয় পৰ্যায়টো এক অনুভূতিমূলক পৰ্যায়। উদাহৰণস্বৰূপে ৰাস্তাত সাপডাল দেখাৰ লগে লগেই অৰ্থাৎ প্ৰত্য়ক্ষ কৰাৰ ফলত ভয় আবেগৰ সৃষ্টি হয়। 

(৩) তৃতীয় পৰ্যায়ঃ প্ৰবৃত্তিমূলক আচৰণৰ ক্ষেত্ৰত আবেগ বা প্ৰক্ষোভ জাগ্ৰত হোৱা লগে লগেই নিৰ্ধাৰিত উদ্দীপকেৰ পৰিপেক্ষিতত এক কাৰ্য সম্পাদনৰ তাগিদা ই দেখা দিয়ে। অৰ্থাৎ সাপডাল দেখি মনত ভয় সঞ্চাৰ হোৱাৰ লগে লগেই আত্মৰক্ষাৰ বাবে কিবা এটা কৰাৰ প্ৰৱল ইচ্ছা আমাৰ মনত জাগ্ৰত হয়। অৰ্থাৎ এক কৰ্ম প্ৰেৰণা লাভ কৰে। প্ৰবৃত্তিগত ক্ৰিয়া এই পৰ্যায়ক প্ৰচেষ্টামূলক বা ক্ৰিয়ামূলক পৰ্যায় বুলি কোৱা হয়। এই প্ৰচেষ্টা বা ক্ৰিয়ামূলক। প্ৰয়াসৰ প্ৰকৃতি হল মানসিক আৰু দৈহিক উভয় শ্ৰেণীৰ প্ৰৱণতাৰ সংমিশ্ৰণ।

(৩) চতুৰ্থ পৰ্যায়ঃ প্ৰবৃত্তিমূলক আচৰণৰ চতুৰ্থ পৰ্যায়ত ক্ৰিয়া বা প্ৰচেষ্টামূলক প্ৰয়াসে বাস্তৱ আচৰণৰ যোগেদি প্ৰত্য়ক্ষভাৱে প্ৰকাশ লাভ কৰে। ব্য়ক্তিজনে সাপডাল দেখি পলায়ন কৰাৰ তাড়না মনত অনুভৱ কৰাৰ লগে লগে যেতিয়া দৌৰি পলায় অৰ্থাৎ ব্য়ক্তিজনে পলায়ন কৰে তেতিয়াই প্ৰকৃতপক্ষে প্ৰবৃত্তিমূলক আচৰটো সম্পাদিত হয়। গতিকে সৰ্বশেষ পৰ্যায়ৰ সম্পাদিত আচৰনেই হল প্ৰবৃত্তিমূলক আচৰণ।

২। পাৰ্থক্য দেখুওৱা।

(ক) প্ৰবৃত্তি আৰু বুদ্ধি।

উত্তৰঃ  

(খ) প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়া।

উত্তৰঃ প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়া পাৰ্থক্য় হল-

১. প্ৰবৃত্তিগত ক্ৰিয়াৰ দেহ মানসিক প্ৰতিক্ৰিয়াৰ প্ৰভাৱ অতি দীৰ্ঘস্থায়ী কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ ক্ষণস্থায়ী ।


২. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণত বুদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হয় কিন্তু  প্ৰতিবৰ্ত ক্ৰিয়াত বুদ্ধিৰ কোনো  চাপ  নাথাকে ।

৩.প্ৰবৃত্তি প্ৰাণীৰ মস্তিষ্ক ক্ৰিয়াৰ দ্বাৰা  প্ৰভাৱিত আৰু পৰিচালিত কিন্তু   প্ৰতিবৰ্ত ক্ৰিয়া মেৰুমজ্জাৰ দ্বাৰাহে পৰিচালিত ।

৪. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণৰ প্ৰতিক্ৰিয়া প্ৰাণীৰ সগ্র দেহত প্ৰতিফলিত হয় কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰতিক্ৰিয়া শৰীৰৰ কোনো এক বিশেষ ক্ষেত্ৰতহে প্ৰতিফলিত হয়


(গ) প্ৰবৃত্তি আৰু চাহিদা।

উত্তৰঃ প্ৰবৃত্তি আৰু চাহিদাৰ পাৰ্থক্য় হল-

(১) প্ৰবৃত্তিৰ দ্বাৰা আমি আচৰণৰ সামগ্ৰিক ব্য়াখায় ডাঙি ধৰিব নোৱাৰো। প্ৰবৃত্তিৰ সংজ্ঞা অনুযায়ী কেৱল মাত্ৰ অনাৰ্জিত পৰিবৰ্তনীয় আচৰণৰ হে প্ৰবৃত্তিৰ দ্বাৰা ব্য়াখ্য়া কৰিব পৰা যায়। কিন্তু মনোবিজ্ঞানত চাহিদাৰ ধাৰণা অনেক বিস্তৃত। মানুহৰ সকলো প্ৰকাৰৰ আচৰণ চাহিদাৰ পৰিপেক্ষিত আলোচনা কৰিব পৰা যায়। গতিকে ব্য়ক্তিৰ আচৰণৰ ব্য়াখ্য়াৰ ক্ষেত্ৰত চাহিদাৰ ধাৰণা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

(২) প্ৰবৃত্তি আৰু চাহিদা দুয়োটা উদ্দেশ্য়মূখী আচৰণৰ উৎস হলেও উদ্দেশ্য়ৰ প্ৰকৃতিৰ দিশৰ পৰা ইহঁতৰ মাজত পাৰ্থক্য় দেখিবলৈ পোৱা যায়। প্ৰবৃত্তিৰ উদ্দেশ্য় সূদূৰ প্ৰসাৰী আৰু ব্য়ক্তি সকলো সময়তে এই উদ্দেশ্য় সম্পৰ্কে সচেতন নহয়। কিন্ত চাহিদাৰ ক্ষেত্ৰত লক্ষ্য়ৰ স্পটতা দেখা যায়। চাহিদাৰ ক্ষেত্ৰত ব্য়ক্তি লক্ষ্য় সম্পৰ্কে সকলো সময়তে সচেতন থাকে। চাহিদাৰ ক্ষেত্ৰত বিচাৰ বুদ্ধিৰ প্ৰভাৱ সাধাৰণতে স্পষ্ট।

(৩) প্ৰবৃত্তিৰ সংখ্য়া সীমিত। মানুহৰ সকলো আচৰণকে ই সামৰি লব নোৱাৰে। কিন্তু চাহিদাৰ সংখ্য়া সীমিত নহয়। গতিকে যিকোনো পৰিস্থিতিৰ মানৱ আচৰণ চাহিদাৰ দ্বাৰা বৰ্ণনা কৰিব পৰা যায়।

(৪) শিক্ষাৰ দ্বাৰা নতুন নতুন চাহিদাৰ সৃষ্টি কৰিব পৰা যায়। শিক্ষাৰ উদ্দেশ্য় হৈছে শিক্ষাৰ্থীৰ মনত নতুন নতুন চাহিদাৰ সৃষ্টি কৰা। পৰিবৰ্তনশীল সমাজ ব্য়ৱস্থাত শিক্ষাৰ লক্ষ্য়ৰ পৰিবৰ্তনৰ লগে লগে চাহিদাৰো পৰিবৰ্তন হয়। কিন্তু শিক্ষাৰ দ্বাৰা নতুন প্ৰবৃত্তিৰ সৃষ্টি কৰিব পৰা নাযায়। শিক্ষকে নিৰ্ধাৰিত সীমাৰ ভিতৰতহে প্ৰবৃত্তি সমূহ পৰিশোধন কৰিব পাৰে।

(ঘ) প্ৰবৃত্তি আৰু আবেগ।

উত্তৰঃ প্ৰবৃত্তি আৰু আবেগৰ পাৰ্থক্য় হল-

১. প্ৰবৃত্তিয়ে প্ৰাণীক কৰ্ম প্ৰেৰণা যোগায় আৰু আৱেগে অনুভূতি প্ৰেৰণাহে যোগায় ।


২.  প্ৰবৃত্তিৰ প্ৰভাৱ দেহ মানসিক অৱস্থাৰ আভ্যন্তৰীণ ভাগত অনুভূত হয় কিন্তু আবেগিক উত্তেজনা সমগ্র দেহত অনুভূত হয়।  

৩.  প্ৰবৃত্তিৰ তাড়না তাৎক্ষণিক ভাবে অনুভূত নহবও পাৰে কিন্তু আবেগিক তাড়না তাৎক্ষণিক ভাবে অনুভূত হয় ।

৪. আবেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন কিন্তু প্ৰবৃত্তিৰ বাবে আবেগৰ প্ৰয়োজন নহবও পাৰে ।


(ঙ) আবেগ আৰু অনুভূতি।

উত্তৰঃ

৩। মানুহ আৰু ইতৰ প্ৰাণীৰ প্ৰবৃত্তিৰ মৌলিক পাৰ্থক্য সমূহ উল্লেখ কৰা।

উত্তৰঃ মানুহ আৰু ইতৰ প্ৰাণীৰ প্ৰবৃত্তিৰ মৌলিক পাৰ্থক্য় সমূহ হল-

(১) ইতৰ প্ৰাণীৰ ক্ষেত্ৰত নিৰ্ধাৰিত উদ্দীপকে কেৱল মাত্ৰ নিৰ্ধাৰিত প্ৰবৃত্তিমূলক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এটা প্ৰবৃত্তিৰ তাড়নাত এক বিশেষ শ্ৰেণীৰ বিষয় বা বস্তু প্ৰত্য়ক্ষ কৰে। গতিকে ইতৰ প্ৰাণীৰ ক্ষেত্ৰত উদ্দীপক আৰু প্ৰবৃত্তিৰ মাজৰ সম্পৰ্ক প্ৰকৃতিগতভাৱে স্থিৰ। কিন্তু মানুহৰ ক্ষেত্ৰত এনে স্থিৰতা দেখা নাযায়। একে প্ৰবৃত্তিৰ তাড়নাত বিভিন্ন বস্তু প্ৰত্য়ক্ষ কৰিব পাৰে বা তাৰ প্ৰতি মনোনিৱেশ কৰিব পাৰে। এই ক্ষেত্ৰত প্ৰাণীৰ দৰে স্থিৰ সম্পৰ্ক লক্ষ্য় কৰা নাযায়।

(২) ইতৰ প্ৰাণীৰ ক্ষেত্ৰত বিশুদ্ধ প্ৰবৃত্তিগত কাৰ্য লক্ষ্য় কৰা যায়। কিন্তু মানুহৰ ক্ষেত্ৰত প্ৰবৃত্তিমূলক আচৰণে শিক্ষা অভিজ্ঞতাৰ দ্বাৰা পৰিমাৰ্জিত হৈ অন্য়ৰূপ ধাৰণ কৰে।

(৩) ইতৰ প্ৰাণীৰ ক্ষেত্ৰত প্ৰবৃত্তিমূলক কাৰ্য সমূহে এক গতানুগতিকতাৰ ধাৰা বজায় ৰাখে। কিন্তু মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰিবৰ্তন সম্ভৱ। সেইদৰে ইতৰ প্ৰাণী সমূহৰ সকলো আচৰনেই প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত। কিনতু মানুহৰ সকলো আচৰণ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত নহয়।

৪। প্ৰবৃত্তি সংশোধনত শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ        

৫। শিক্ষাৰ ক্ষেত্ৰত খং আবেগৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ খং শিক্ষাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ আবেগ। শিক্ষাৰ্থীৰ খং আবেগৰ ক্ষেত্ৰতো শিক্ষকে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। শিক্ষকে শিক্ষাৰ্থীৰ খং আবেগৰ অসংযত বৰ্হি প্ৰকাশ শিক্ষাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰে। শিক্ষাকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত অন্য় ব্য়ক্তিৰ মানসিকতাক ধৈৰ্য্য়ৰে বিচাৰ কৰি চোৱাৰ বোধ জাগ্ৰত কৰিব লাগে। ছাত্ৰসকলৰ সন্মুখত বিভিন্ন আদৰ্শ ডাঙি ধৰি অনুবন্ধনৰ দ্বাৰা খং দূৰ কৰাৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে। পৰাপক্ষত শিক্ষাৰ্থীসকলক খংৰ বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখিব লাগে। সাধাৰণতে কোনো ক্ষেত্ৰত বাধা পালে খংৰ সৃষ্টি হয়। গতিকে পুনৰ বাধা প্ৰদান কৰি খং দমন কৰিব নোৱাৰি। অৰ্থা খংৰ দ্বাৰা খং দমন কৰিব নোৱাৰি। গতিকে ছাত্ৰ বিপথে পৰিচালিত হলে শিক্ষকে খং কৰাৰ পৰিৱৰ্তে ছাত্ৰক সেই বিষয়ে সচেতন কৰি তুলি সঠিক পথে পৰিচালিত কৰাৰহে ব্য়ৱস্থা কৰিব লাগে। ইয়াৰ ফলত শিক্ষক আৰু ছাত্ৰ উভয়ৰ ক্ষেত্ৰতে খং উপশমিত হয় আৰু উভয়ে উপকৃত হয়। 

৬। অভ্যাস গঠনৰ চাৰিটা নীতি লিখা?

উত্তৰঃ অভ্য়াস গঠনৰ চাৰিটা নীতি হল-

(১) মানসিক সংকল্পঃ অভ্য়াস গঠনৰ বাবে মানসিক সংকল্পৰ একান্ত প্ৰয়োজন। মানসিক সংকল্পই মনত ক্ৰিয়াৰ প্ৰয়োজনীয় প্ৰস্তুতিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, পুৱা চাৰি বজাত শুই উঠাৰ অভ্য়াস গঠন কৰিব খুজিলে পুৱা উঠিবৰ বাবে মন স্থিৰ কৰিব লাগিব। এই ক্ষেত্ৰত নানা অসুবিধাই দেখা দিলেও সংকল্পৰ পৰা বিচলিত হব নালাগিব। অৰ্থাৎ অভ্য়াস গঠনৰ বাবে মনৰ দৃঢ়তা বিশেষভাবে প্ৰয়োজন।

(২) তৎপৰতাঃ অভ্য়াস গঠনৰ প্ৰাথমিক পৰ্যায়ত যিদৰে মানসিক দৃঢ়তাৰ প্ৰয়োজন, তেনেদৰে অভ্য়াস গঠনৰ বাবে মানসিক তৎপৰতাৰো প্ৰয়োজন কোনো অভ্য়াস গঠন কৰিবলৈ স্থিৰ কৰাৰ লগে লগেই, তাৰ অনুশীলনীৰ প্ৰথম সুযোগতেই আৰম্ভ কৰিব লাগে। কোনো অজুহাতত পাছলৈ ৰৈ থাকিলে মনৰ সংকল্প দুৰ্বল হৈ পৰে। এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহনৰ লগে লগে তাক তৎপৰতাৰে কাৰ্যকৰী কৰিব লাগে। অন্য়থা মনৰ স্থিৰতা কমি যায়।

(৩) অনুশীলনঃ অভ্য়াস গঠনৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন। কোনো কৰ্ম পুনৰাবৃত্তি কৰাৰ পিছত যদি তাৰ অনুশীলন বৰ্জন কৰা হয়, তেন্তে স্নায়বিক বাধা পুনৰ বৃদ্ধি পায়। ফলত অভ্য়াস গঠন সম্ভৱ নহয়। গতিকে কোনো অভ্য়াস দৃঢ়ভাবে গঠিত নোহোৱা পৰ্যন্ত কোনো ব্য়ক্তিক্ৰম নোবোৱাকৈ পুনৰাবৃত্তি প্ৰয়োজন। এই ক্ষেত্ৰত কোনো অনিয়ম-ব্য়ক্তিক্ৰম অথবা মানসিক দুৰ্ব্বলতাক প্ৰশ্ৰয় দিব নালাগে।

(৪) পুনঃসংযোজনঃ অভ্য়াস এবাৰ গঠন হোৱাৰ পিছত ইয়াৰ অনুশীলনী সম্পূৰ্ণ ভাবে ত্য়াগ কৰা উচিত নহয়। কাৰণ ইয়াৰ ফলত কামৰ স্বয়ংক্ৰিয়তা হ্ৰাস পায়। যিবিলাক অভ্য়াস দৈনন্দিন জীৱনত সাধাৰণতে পুনৰাবৃত্তিৰ প্ৰয়োজন নহয়, সেই অভ্য়াস সমূহো সক্ৰিয় অৱস্থাত, ৰাখিবৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন। ব্য়ক্তিৰ অভিপ্ৰায় বা প্ৰেৰণা সমূহে অভ্য়াস গঠনৰ প্ৰথম পৰ্যায়ত বিশেষভাবে ক্ৰিয়া কৰে। অভ্য়াস গঠনৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে পুৰস্কাৰ আৰু শাস্তিৰো প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ উপৰিও শৈশৱ কালতে ভাল অভ্য়াস সমূহ গঠনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

৭। 'অভ্যাস হ'ল দ্বিতীয় স্বভাৱ'                  ব্যাখ্যা কৰা।

উত্তৰঃ মানুহৰ স্বাভাৱিক প্ৰকৃতিগত দৈহিক ক্ৰিয়াবোৰ আপোনা- আপুনি সম্পাদিত  হোৱাৰ নিচিনা অভ্যাস সিদ্ধ কামবোৰোঁ ঠিক তেনেদৰে সম্পাদিত হৈ উঠে। । যিবোৰ কাৰ্য কৰিবলৈ অভ্যাস গঠন কৰা হয় সেই অভ্যাস সমূহ সোনকালে এৰাব নোৱাৰি । সেইবাবে অভ্যাসক 'দ্বিতীয় স্বভাৱবোলা হয়। উদাহৰণস্বৰূপেবিচনাৰ পৰা সোনকালে উঠা, মাদক দ্ৰব্যৰ সেৱন কৰা আদি অভ্যাস গঠন হ'লে সেই অভ্যাস সহজে এৰাব নোৱাৰি

৮। 'অভ্যাসে কামৰ নিপুণতা বৃদ্ধি কৰে'                  আলোচনা কৰা।

উত্তৰঃ

৯। পাৰ্থক্য দেখুৱা 

(ক) অভ্যাস আৰু প্ৰবৃত্তি।

উত্তৰঃ অভ্য়াস আৰু প্ৰবৃত্তিৰ পাৰ্থক্য় হল-

 অভ্য়াস আৰু প্ৰবৃত্তিৰ মূল সাদৃশ্য় হৈছে যে এই দুয়ো প্ৰকাৰৰ কাৰ্য যান্ত্ৰিকভাৱে সম্পাদিত হয়। উভয় প্ৰক্ৰিয়া ইচ্ছা নিৰপেক্ষ আৰু উদ্দেশ্য়মুখী। এই দুয়োবিধ কাৰ্যৰ লগত জটিল দেহ-মানসিক প্ৰক্ৰিয়া জড়িত হৈ আছে। অভ্য়ায় আৰু প্ৰবৃত্তিৰ মাজৰ মিল সমূহৰ প্ৰতি লক্ষ্য় ৰাখি ইয়াক সংশোধিত প্ৰবৃত্তি বুলি ব্য়াখ্য়া কৰে। কিন্তু এই দুই কাৰ্যৰ মাজৰ মূল পাৰ্থক্য় হৈছে এই যে ব্য়ক্তিয়ে প্ৰবৃত্তিজনিত কৰ্ম সম্পাদনৰ ক্ষমতা জন্মগতভাৱে অৰ্জন কৰে। অৰ্থাৎ প্ৰবৃত্তিগত আচৰণ সহজাত। ইয়াক অনাৰ্জিত অনৈচ্ছিক কাৰ্য বুলি কব পৰা যায়। কিন্তু অভ্য়াস আমাৰ অনুশীলনৰ মাধ্য়মেৰে অৰ্জিত আচৰণ। অভ্য়াস শিক্ষা বা ৰ্চাৰ ফল।

(খ) অভ্যাস আৰু প্ৰতিৱৰ্ত ক্ৰিয়া।

উত্তৰঃ প্ৰবৃত্তিৰ দৰেই প্ৰতিৱৰ্ত ক্ৰিয়াও জন্মগত আৰু সহজাত। প্ৰতিৱৰ্ত ক্ৰিয়াও অনাৰ্জিত অনৈচ্ছিক কাৰ্য। কিন্তু প্ৰতিৱৰ্ত ক্ৰিয়াৰ লগত অভ্য়াসৰ মূল সাদৃশ্য় হল উভয় প্ৰক্ৰিয়া যান্ত্ৰিক আৰু স্বতঃস্ফূৰ্তভাৱে সম্পন্ন হয়। এই দুই কাৰ্য দ্ৰুততাৰে সম্পাদিত হয়। অভ্য়াস গঠনৰ প্ৰথম অৱস্থাত মনোযোগৰ প্ৰয়োজন হলেও অভ্য়াস গঠনৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিৱৰ্ত ক্ৰিয়াৰ দৰে মনোযোগৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন নহয়। তৎপৰতাৰ দিশৰ পৰা অভ্য়াস আৰু প্ৰতিৱৰ্ত ক্ৰিয়াৰ মাজত সাদৃশ্য় লক্ষ্য় কৰা গলেও উৎপত্তিৰ দিশৰ পৰা পাৰ্থক্য় দেখা যায়। প্ৰবৃত্তি আৰু অভ্য়াস জৈৱ মানসিক প্ৰৱণতা উদ্ভুত হলেও প্ৰতিৱৰ্ত ক্ৰিয়া হৈছে দৈহিক প্ৰয়োজনীয়তা ভিত্তিক। 

(গ) প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়া।

উত্তৰঃ প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়া পাৰ্থক্য় হল-

১. প্ৰবৃত্তিগত ক্ৰিয়াৰ দেহ মানসিক প্ৰতিক্ৰিয়াৰ প্ৰভাৱ অতি দীৰ্ঘস্থায়ী কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ ক্ষণস্থায়ী ।


২. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণত বুদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হয় কিন্তু  প্ৰতিবৰ্ত ক্ৰিয়াত বুদ্ধিৰ কোনো  চাপ  নাথাকে ।

৩.প্ৰবৃত্তি প্ৰাণীৰ মস্তিষ্ক ক্ৰিয়াৰ দ্বাৰা  প্ৰভাৱিত আৰু পৰিচালিত কিন্তু   প্ৰতিবৰ্ত ক্ৰিয়া মেৰুমজ্জাৰ দ্বাৰাহে পৰিচালিত ।

৪. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণৰ প্ৰতিক্ৰিয়া প্ৰাণীৰ সগ্র দেহত প্ৰতিফলিত হয় কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰতিক্ৰিয়া শৰীৰৰ কোনো এক বিশেষ ক্ষেত্ৰতহে প্ৰতিফলিত হয়


 (ঘ) প্ৰবৃত্তি আৰু আবেগ। 

উত্তৰঃ প্ৰবৃওি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য হল  -

(১) প্ৰবৃত্তিসমূহ বাহ্য়িক জগত বা মনোজগতৰ নিৰ্ধাৰিত উদ্দীপকৰ দ্বাৰা সৃষ্টি হয়। আনহাতেদি আবেদ সমূহৰ সৃষ্টি হয় মানসিক অৱস্থাক কেন্দ্ৰ কৰি।

(২) প্ৰবৃত্তিয়ে এক ক্ৰিয়া প্ৰৱণতাৰ সৃষ্টি কৰে। আনহাতেদি আবেগে এক ভাৱ প্ৰৱণতাৰ সৃষ্টি কৰে।

(৩) প্ৰবৃত্তি অব্য়ক্ত অৱস্থাত থাকে। অৰ্থাৎ ই এক অন্তৰ্নিহিত অৱস্থা। আনহাতেদি আবেগে দেহযন্ত্ৰৰ যোগেদি প্ৰকাশ লাভ কৰে। সেয়েহে প্ৰবৃত্তিৰ প্ৰকাশ মান ৰূপটো হৈছে আবেগ। অৰ্থাৎ আবেগিক প্ৰক্ৰিয়া সমূহৰ দ্বাৰাহে আমি প্ৰবৃত্তিৰ অস্তিত্বৰ উপলব্ধি কৰিব পাৰো।

(৪) প্ৰবৃত্তিয়ে দেহমনৰ অনিয়ন্ত্ৰিত অৱস্থাক নুবুজায় আনহাতেদি আবেগে আমাৰ দেহ মনৰ এক বিচলিত অৱস্থাক বুজায়।

(৫) প্ৰবৃত্তিৰ অভিজ্ঞতাসমূহৰ ক্ষেত্ৰত এক সাৰ্বজনীন সমৰূপতা দেখিবলৈ পোৱা যায়। কিন্তু আবেগৰ অভিজ্ঞতাৰ ক্ষেত্ৰত ব্য়ক্তি পাৰ্থক্য়ৰ প্ৰভাৱ অধিক স্পষ্ট। অৰ্থাৎ ব্য়ক্তিভেদে একেটা আবেগৰ অভিজ্ঞতা পৃথক পৃথক হব পাৰে।

(৬) প্ৰবৃত্তিৰ অভিজ্ঞতা হৈছে যন্ত্ৰচালিত আৰু নিশ্চিত প্ৰকৃতিৰ। আনহাতেদি আবেগৰ অভিজ্ঞতা হৈছে গতিশীল আৰু পৰিবৰ্তনশীল।


১০। প্ৰবৃত্তিৰ উন্নীতকৰণৰ বিষয়ে লিখা।


উত্তৰঃ যি অবচেতন মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা আমি আমাৰ যৌন কামনাক সামাজিক ভাৱে স্বীকৃত বিষয়ৰ লগত সংযুক্ত কৰি পৰিতৃপ্তিৰ প্ৰচেষ্টা কৰো তাকে উন্নীতকৰণ বুলি কোৱা হয়। কিন্তু পৰবৰ্তীকালত অন্য়ান্য় মনোবিদসকলে উন্নীতকৰনত ব্য়াপক অৰ্থত অন্য়ান্য় প্ৰবৃত্তিৰ পৰিশোধনৰ ক্ষেত্ৰতো ব্য়ৱহাৰ কৰাৰ পোষকতা কৰিছিল। যিকোনো সহজাত প্ৰবৃত্তিৰ শক্তিক তাৰ স্বাভাৱিক প্ৰবাহৰ পৰা অন্য় পথত প্ৰবাহিত কৰাৰ প্ৰক্ৰিয়াই হৈছে উন্নীতকৰণ। অৰ্থাৎ উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰবৃত্তিৰ গতিধাৰাক তাৰ স্বাভাৱিক অথচ অবাঞ্চিত পথৰ পৰা আতৰাই আনি এক বঞ্চিত পথত পৰিচালিত কৰা হয়। উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰবৃত্তিৰ কোনো অনিষ্ট সাধন নকৰাকৈ ইয়াক সুস্থ, গঠনাত্মক আৰু সমাজৰ গ্ৰহণযোগ্য় ৰূপত প্ৰবাহিত আৰু পৰিচালিত কৰাৰ ব্য়ৱস্থা কৰা হয়।  

১১। শিশুৰ দুটা প্ৰাথমিক আবেগৰ বিষয়ে লিখা।

উত্তৰঃ

১২। প্ৰবৃত্তি পৰিশোধনৰ প্ৰয়োজনীয়তা বিষয়ে লিখা।

উত্তৰঃ  তলত প্ৰবৃত্তি পৰিশোধনৰ কেইটামান গুৰুত্বপূৰ্ণ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হল -

(১) অব্য়ৱহাৰঃ প্ৰবৃত্তিৰ সঘন পুনৰাবৃত্তিয়ে প্ৰবৃত্তিয়ে প্ৰবৃত্তিৰ শক্তি বৃদ্ধি কৰে আৰু ইয়াৰ অব্য়ৱহাৰে ইয়াক দুৰ্বল কৰি তোলে। সেইবাবে অসৎ আৰু অনিষ্টকাৰী প্ৰবৃত্তিবোৰৰ প্ৰভাৱ অব্য়ৱহাৰৰ দ্বাৰা দুৰ্বল কৰিব পৰা যায়। সামাজিক বাধ্য়বাধকতাৰ প্ৰভাৱত বহুদিন ধৰি ব্য়ৱহাৰ নোহোৱা কাৰণে অনেক প্ৰবৃত্তি বিলুপ্ত অৱস্থা প্ৰাপ্ত হয়। সেইদৰেই আনিষ্টকাৰী প্ৰবৃত্তি স্বাভাৱিক প্ৰকাশৰ সুবিধা নিদিলে সেই প্ৰবৃত্তি আপোনা আপুনি পৰিশোধিত হয়।

(২) পুৰষ্কাৰ আৰু শক্তি প্ৰয়োগঃ সুখ আনন্দৰ প্ৰতি সকলোৰে এক স্বাভাৱিক আকৰ্ষন আৰু দুখ বেদনাৰ প্ৰতি এক স্বাভাৱিক বিকৰ্ষন আছে। মানৱ প্ৰকৃতিৰ এই স্বাভাৱিক নীতিৰ ওপৰত ভিত্তি কৰি পুৰষ্কাৰ আৰু শাস্তি প্ৰয়োগ কৰি প্ৰবৃত্তিৰ পৰিশোধন কৰিব পৰা যায়। প্ৰবৃত্তিগত অবাঞ্চিত কাৰ্য্য়ৰ বাবে শাস্তি প্ৰয়োগ কৰি আৰু বাঞ্চিত আচৰণৰ ক্ষেত্ৰত পুৰষ্কাৰ প্ৰদানৰ দ্বাৰা অবাঞ্চিত আচৰণ দূৰ কৰিব বা বাঞ্চিত আচৰণ শক্তি বৃদ্ধি কৰিব পৰা যায়। 

(৩) অৱদমনঃ প্ৰবৃত্তি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন এক পন্থা হৈছে অৱদমন। ইয়াৰ অৰ্থ হল প্ৰবৃত্তিৰ প্ৰকাশক জোৰ কৰি ৰুদ্ধ কৰা। এই পদ্ধতি অনুসৰি যেতিয়া কোনো প্ৰবৃত্তি অবাঞ্চিত বা অনিষ্টকৰ বুলি ভবা হয়। সেই প্ৰবৃত্তিৰ প্ৰকাশ সাধাৰণতে বল পূৰ্বক ভাৱে ৰুদ্ধ কৰা হয়। কিন্তু প্ৰবৃত্তি পৰিশোধনৰ এই পদ্ধতি সহজতম হলেও এই পদ্ধতি মানসিক স্বাস্থ্য়ৰ পক্ষে ক্ষতিকাৰক।

(৪) অবাধ প্ৰকাশঃ অৱদমনৰ এক বিপৰীত পন্থা হিচাবে অনেকে প্ৰবৃত্তিৰ স্বাভাৱিক প্ৰকাশৰ পোষকতা কৰে। এই মতবাদ অনুযায়ী শিশুৱে স্বাভাৱিক প্ৰৱনতা সমূহ মুক্তভাৱে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব লাগে। প্ৰকৃতি দাৰ্শনিক ৰুচোৱে প্ৰবৃত্তি পৰিশোধনৰ ক্ষেত্ৰত এই এই অবাধ স্বাধীনতা পোষকতা কৰিছিল। শিক্ষাৰ্থীৰ যুযুৎসা প্ৰবৃত্তিৰ প্ৰকাশে বিদ্য়ালয়ত কেনে পৰিস্থিতি সৃষ্টি কৰিব পাৰে তাক আমি সহজেই অনুমান কৰিব পাৰে। গতিকে অৱদমন যিদৰে আমাৰ কাম্য় নহয় তেনেদৰে অবাধ প্ৰকাশো সমাজ জীৱনৰ দিশৰ পৰা কাম্য় হব নোৱাৰে।

(৫) বিৰেচনঃ প্ৰবৃত্তি নিয়ন্ত্ৰণৰ আন এটা পন্থা হৈছে বিৰেচন। বিৰেচন শব্দৰ ইংৰাজী প্ৰতিশব্দ 'Cartheris' ৰ অৰ্থ হৈছে 'to purge out' বা 'Drive out'। অৰ্থাৎ বিৰেচনৰ অৰ্থ হৈছে অৱদমিত প্ৰবৃত্তিৰ ক্ষেত্ৰত বিৰেচন পদ্ধতি প্ৰয়োগ কৰা উচিত। খেলা ধূলা হৈছে এক বিৰেচন প্ৰক্ৰিয়া যাৰ যোগেদি মনৰ দুখদায়ক স্মৃতিৰ উপাদানবোৰক অৱদমিত অৱস্থাৰ পৰা বাহিৰ কৰিব পৰা যায়। 

১৩। মানসিক প্ৰয়োজন সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মানুহৰ ক্ৰিয়া - আচৰণ জৈৱিক প্ৰয়োজন পূৰণতেই সীমাবদ্ধ নহয়। জৈৱিক চাহিদা সমূহৰ লগতেই মানুহৰ কিছুমান মানসিক প্ৰয়োজনো আছে। শিশুৰ ব্য়ক্তিত্বৰ সু-সামঞ্জস্য়পূৰ্ণ বিকাশত এই মানসিক চাহিদা বা প্ৰয়োজন সমূহৰ পৰিতৃপ্তি এক গুৰুত্বপূৰ্ণ বিষয়। তলত কেইটামান গুৰুত্বপূৰ্ণ মানসিক চাহিদাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা হল -

(ক) মৰম আৰু ভালপোৱাৰ চাহিদাঃ শিশুৰ মানসিক প্ৰয়োজন সমূহৰ ভিতৰত মৰম-চেনেহ, ভালপোৱাৰ প্ৰয়োজন হল অত্য়ন্ত গুৰুত্বপূৰ্ণ। আনৰ ভালপোৱা আৰু দিয়াৰ আকাংক্ষা জন্মগত। সংবেদনশীল শিশুৱে মূলতঃ আনৰ মৰম আৰু ভালপোৱা উদাৰ আৰু অকৃত্ৰিমভাৱে পোৱাটো বিচাৰে। এই চাহিদাৰ যথাযথ পৰিতৃপ্তিয়ে সুস্থ সুন্দৰ ব্য়ক্তিত্ব গঢ়াত সহায় কৰাৰ লগতে শিশুক আত্মসন্তুষ্টি প্ৰদান কৰে। ইয়াৰ অপৰিতৃপ্তিয়ে আবেগিক বিপৰ্যয়ক সৃষ্টি কৰে।

(খ) আৱেগিক নিৰাপত্তাৰ প্ৰয়োজনঃ মৰম আৰু ভালপোৱাৰ মাজত শিশুৱে এক নিৰাপত্তাবোধ অনুভৱ কৰে। এই নিৰাপত্তাবোধৰ ফলত শিশুৰ মনত আত্মপ্ৰত্য়য়ৰ ভাৱৰ সৃষ্টি হয়। এই নিৰাপত্তাবোধ শিশুৰ সুস্থ আবেগিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱত শিশুৱে অনেক অসামাজিক কৰ্মত লিপ্ত হোৱা দেখা যায়।

(গ) সামাজিক মৰ্যদাৰ প্ৰয়োজনঃ প্ৰত্য়েক শিশুৱেই আনৰ প্ৰশংসা, স্বীকৃতি, মান-সন্মান আৰু পদমৰ্যদা আদি পাবলৈ বিচাৰে। এই প্ৰয়োজনক সামাজিক মৰ্যদাৰ প্ৰয়োজন বুলি কোৱা হয়। এই অসামাজিক কৰ্মত লিপ্ত হোৱা দেখা যায়।

(ঘ) স্বাধীনতাৰ প্ৰয়োজনঃ স্বাধীনতা সকলোৰে কাম্য়। শাসন, বাদন আদিৰ বিপৰীতে মুক্ততাৰ আকাংক্ষাই হৈছে স্বাধীনতাৰ প্ৰয়োজন। শিশুৰ সুস্থ, মানসিক আৰু আৱেগিক বিকাশৰ বাবে এই চাহিদাৰ পৰিতৃপ্তি বিশেষ গুৰুত্বপূৰ্ণ।

(ঙ) সংযুক্তিৰ প্ৰয়োজনঃ প্ৰত্য়েক মানুহে নিৰ্ধাৰিত দলভূক্ত হবলৈ বিচাৰে। দলৰ লগত নিজকে অভিন্ন বুলি ভাৱি এক নিৰাপত্তাবোধ কৰে। সেয়েহে প্ৰত্য়েক ব্য়ক্তিৰ ক্ষেত্ৰতে দলভুক্তিৰ এক প্ৰৱল চাহিদা ৰখা যায়। বিভিন্ন পৰিয়াল, খেলা - ধূলা, ইত্য়াদি বিভিন্ন সামাজিক দলৰ ক্ষেত্ৰত এই দলভুক্তি বা সংযুক্তিৰ প্ৰয়োজন ক্ৰিয়াশীল হোৱা দেখা যায়। 

(চ) আয়ত্ব কৰাৰ চাহিদাঃ মানুহে জীৱনত সফলতা আৰু সকলো আয়ত্ব কৰিবলৈ বিচাৰে। সফলতাৰ চাহিদা, নতুনক জনাৰ চাহিদা, প্ৰভূত্ব বিস্তাৰৰ চাহিদা এই শ্ৰেণীৰেই অন্তৰ্গত। এই সকলোৰে মূলতে আছে আত্ম প্ৰতিষ্ঠাৰ প্ৰৱণতা। প্ৰত্য়েকে নিজক আমাৰ ওচৰত উচ্চ কৰিবলৈ বিচাৰে। এই চাহিদাৰ তৃপ্তিত ব্য়ক্তি জীৱনৰ উন্নতি হয়। 

১৪। তাড়নাৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ তাড়নাৰ চাৰিটা বৈশিষ্ট্য হ'ল-

১৫। প্ৰবৃত্তিমূলক ক্ৰিয়াৰ পৰ্যায় কেইটাৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰবৃত্তিমূলক ক্ৰিয়াৰ পৰ্যায় কেইটাৰ বিষয়ে তলত উল্লেখ কৰা হল -

(ক) প্ৰথম পৰ্য্য়ায়ঃ প্ৰবৃত্তিমূলক আচৰণ প্ৰথম পৰ্যায় হল জ্ঞানমূলক পৰ্যায়। এই পৰ্যায়ত প্ৰবৃত্তিৰ তালিকাত কোনো এক বিষয় বা বস্তুৰ বৰ্তমানত তাক প্ৰত্য়ক্ষ কৰি বিশেষভাৱে মনোযোগ প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে মানুহজনে ৰাস্তাত পৰি থকা সাপডাল প্ৰত্য়ক্ষ কৰে আৰু ৰাস্তাৰ অন্য়ান্য় বস্তুৰ পৰা তেওঁৰ সচেতনতাক আতৰাই আনি সাপডালত মনোনিৱেশ কৰে।

(খ) দ্বিতীয় পৰ্যায়ঃ প্ৰবৃত্তিমূলক আচৰণত উদ্দীপকৰ প্ৰত্য়ক্ষণৰ লগে লগেই মনত কোনো প্ৰক্ষোভমূলক অৱস্থাৰ সৃষ্টি হয়। অৰ্থাৎ এক আবেগিক অনুভূতি জাগ্ৰত হয়। গতিকে প্ৰবৃত্তিৰ এই দ্বিতীয় পৰ্যায়টো এক অনুভূতিমূলক পৰ্যায়। উদাহৰণস্বৰূপে ৰাস্তাত সাপডাল দেখাৰ লগে লগেই অৰ্থাৎ প্ৰত্য়ক্ষ কৰাৰ ফলত ভয় আবেগৰ সৃষ্টি হয়। মেগডুগেলে কৈছিল যে প্ৰত্য়েক প্ৰবৃত্তিৰ লগতেই একোটা নিদ্দিষ্ট আবেগ সংযুক্ত হৈ থাকে। এই নিৰ্ধাৰিত প্ৰবৃত্তিমূলক আচৰণৰ সম্পাদনত শক্তি যোগায়। গতিকে প্ৰবৃত্তিৰ প্ৰকাশৰ বাবে ইয়াৰ লগত জড়িত আবেগ জাগ্ৰত হোৱাটো এক অপৰিহাৰ্য্য় চৰ্ত। বৰ্ণিত প্ৰবৃত্তিটো হৈছে পলায়ন আৰু ইয়াৰ লগত ড়িত আবেগটো হল ভয়।

(গ) তৃতীয় পৰ্যায়ঃ প্ৰবৃত্তিমূলক আচৰণৰ ক্ষেত্ৰত আবেগ বা প্ৰক্ষোভ জাগ্ৰত হোৱাৰ লগে লগেই নিৰ্ধাৰিত উদ্দীপকেৰ পৰিপেক্ষিতত এক কাৰ্য সম্পাদনৰ তাগিদাই দেখা দিয়ে। অৰ্থাৎ সাপজাল দেখি মনত ভয় সঞ্চাৰ হোৱাৰ লগে লগেই আত্মৰক্ষাৰ বাবে কিবা এটা কৰাৰ প্ৰৱল ইচ্ছা আমাৰ মনত জাগ্ৰত হয়। অৰ্থাৎ এক কৰ্ম প্ৰেৰণা লাভ কৰে। প্ৰবৃত্তিমূলক আচৰণৰ এই পৰ্যায়ক প্ৰচেষ্টামূলক বা ক্ৰিয়ামূলক পৰ্যায় বুলি কোৱা হয়। এই প্ৰচেষ্টা বা ক্ৰিয়ামূলক। প্ৰয়াসৰ প্ৰকৃতি হল মানসিক আৰু দৈহিক উভয় শ্ৰেণীৰ প্ৰৱণতাৰ সংমিশ্ৰণ। 

(ঘ) চতুৰ্থ পৰ্যায়ঃ প্ৰবৃত্তিমূলক আচৰণৰ চতুৰ্থ পৰ্যায়ত ক্ৰিয়া বা প্ৰচেষ্টামূলক প্ৰয়াসে বাস্তৱ আচৰণৰ যোগেদি প্ৰত্য়ক্ষভাৱে প্ৰকাশ লাভ কৰে। ব্য়ক্তিজনে পলায়ন কৰাৰ তাড়না মনত অনুভৱ কৰাৰ লগে লগে যেতিয়া দৌৰি পলায় অৰ্থাৎ ব্য়ক্তিজনে পলায়ন কৰে তেতিয়াই প্ৰকৃতপক্ষে প্ৰবৃত্তিমূলক আচৰণটো সম্পাদিত হয়। গতিকে সৰ্বশেষ পৰ্যায়ৰ সম্পাদিত আচৰনেই হল প্ৰবৃত্তিমূলক আচৰণ।       



১৬। আবেগ আৰু প্ৰবৃত্তিৰ সম্পৰ্ক কি?

উত্তৰঃ প্ৰবৃত্তিৰ আৰু আবেগৰ মাজত সম্পৰ্ক অবিচ্ছেদ্য়। প্ৰবৃত্তি সমূহ কৰ্মপ্ৰেৰণাৰ উৎস আৰু ই আমাৰ সকলোধৰণৰ কাৰ্যত শক্তি যোগায় আৰু আবেগ সমূহে আচৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁলোকৰ মতে আবেগ সমূহেহে আমাৰ আচৰণৰ অন্তৰালত, এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰবৃত্তি সদায় দেহৰ লগত আৰু আবেগ মনৰ লগত জড়িত। প্ৰবৃত্তিয়ে কৰ্ম প্ৰৱণতা আৰু আবেগে ভাৱ প্ৰৱণতাৰ সৃষ্টি কৰে। প্ৰবৃত্তিৰ প্ৰকৃতি আৰু স্বৰূপ আবেগিক সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ আচৰণৰ উৎস হল প্ৰবৃত্তি সমূহ। ড্ৰেভাৰ আৰু ৰিভাৰ্চ এ কয় যে যেতিয়ালৈকে প্ৰবৃত্তিজাত কাৰ্য্য়ই বিনা বাধাই প্ৰকাশ লাভ কৰে তেতিয়ালৈকে আবেগে দেখা নিদিয়ে। প্ৰবৃত্তিজাত ক্ৰিয়া বাধাপ্ৰাপ্ত হলেহে আবেগ উদ্ভৱ হয়। উদাহৰণস্বৰূপে কোনো ভীতিগত বস্তু প্ৰত্য়ক্ষ কৰিলে আমি নিৰাপদ স্থানত আশ্ৰয় লাভৰ বাবে আমি দৌৰি পলায়ন কৰো। অৰ্থাৎ প্ৰবৃত্তিৰ দ্বাৰা আচৰণ নিয়ন্ত্ৰিত হয়। এই ক্ষেত্ৰত কোনো নিৰাপদ স্থান নাপালেহে ভয় আবেগৰ সৃষ্টি হয়। গতিকে দেখা যায় যে আচৰণৰ ক্ষেত্ৰত প্ৰবৃত্তিয়েই প্ৰধান, ইয়াত কোনো মূল্য় নাই। প্ৰবৃত্তিৰ তাড়নাত আমি কোনো বিশেষ বস্তু বা বিষয় প্ৰত্য়ক্ষ কৰো বা তাৰ প্ৰতি মনোযোগ দিওঁ। বিশেষ বস্তুৰ প্ৰত্য়ক্ষনে আমাৰ মনত বিশেষ আবেগৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰিপেক্ষিতত আমাৰ মনত কৰ্মপ্ৰেৰনা জাগে। এই কৰ্মপ্ৰেৰণাই আমাক বিশেষ আচৰণত প্ৰবৃত্ত কৰে। গতিকে প্ৰকৃতপক্ষে আবেগ সমূহেই হৈছে আচৰণৰ উৎস। কাৰণ এই আবেগৰ মাজতেই আচৰণক উদ্দেশ্য়মুখী কৰাৰ শক্তি নিহিত হৈ থাকে। গতিকে এই অৰ্থত আমি কব পাৰো যে প্ৰবৃত্তি আৰু আবেগে এক পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি ক্ৰিয়া কৰে।   

১৭। আবেগৰ শৈক্ষিক গুৰুত্ব কি? 

উত্তৰঃ

১৮। প্ৰয়োজনৰ লগত তাড়না / প্ৰেৰণাৰ সম্পৰ্ক এটা উদাহৰণেৰে বাখ্যা কৰা।

উত্তৰঃ প্ৰেৰণা বা তাড়না হল এনে এক উদ্দীপনা, যি ব্য়ক্তিক কৰ্মত প্ৰবৃত্ত হবলৈ সজাগ কৰি তোলে। চাহিদাৰ প্ৰত্য়ক্ষণৰ ভিত্তিত প্ৰেৰণা বা তাড়না সৃষ্টি ইমান দ্ৰুতভাৱে সংঘটিত হয় যে এই দুই অৱস্থাক সহজে পৃথক কৰিব নোৱাৰি। তাড়না বা প্ৰেৰণাই উদ্দেশ্য়মূলক আচৰণ সম্পাদনৰ এক শক্তি। উদাহৰণস্বৰূপে, ব্য়ক্তিৰ খাদ্য়ৰ অভাৱবোধ খাদ্য়ৰ চাহিদা অনুভৱ কৰাৰ লগে লগেই ক্ষুধাৰ তাড়নাৰ সৃষ্টি হয়। এই তাড়নাই মনত যি অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে, তাকেই কৰ্মশক্তিৰ উৎস হিচাপে বিবেচনা কৰে। উদ্দেশ্য়মুখী কৰ্ম সম্পাদনৰ বিশেষ পৰ্যায়ত এই প্ৰেৰণা বা তাড়না জাগ্ৰত হয়। এই তাড়না বা প্ৰেৰণা কৰ্ম সম্পাদনৰ শক্তি বা উৎস হলেও ইয়াৰ গতি নিৰ্ণায়ক ক্ষমতা নাই। অৰ্থাৎ প্ৰেৰণাই উদ্দেশ্য়মুখী আচৰণৰ গতি নিৰ্ণয় কৰিব নোৱাৰে। 

১৯। অভ্যাস গঠনত পিতৃ-মাতৃৰ ভূমিকা কি? 

উত্তৰঃ সাধাৰণতে শিশুৰ অভ্যাস গঠন ৰাত শিক্ষক আৰু অভিভাবক ভূমিকা অতি গুৰুত্বপূৰ্ণ । শিশুক বিকশিত  কৰাৰ দায়িত্ব শিক্ষকে  পালন কৰে   শিশুৰ  বৰ্তমান আৰু ভৱিষ্যত জীৱনত সুখ - দুখ আৰু উন্নতি ঘাইকৈ নিৰ্ভৰ কৰে  অভ্যাসৰ দ্বাৰা অৰ্জন কৰা অভিজ্ঞতাৰ ওপৰত ।  শৈশৱ কালত  সু অভ্যাস গঢ়ি উঠিলে ব্যক্তিয়ে ভবিষ্যত জীৱনত পৰিশ্ৰমী,  কৰ্তব্যপৰায়ন , সুখী  ব্যক্তি হিচাপে পৰিগণিত হয়। সেইবাবে পিতৃ আৰু মাতৃশিক্ষক আৰু আন আন পৰিয়ালৰ লোক সকলে  শিশুৰ সু অভ্যাস গঠন কৰাত গুৰুত্ব দিব লাগে ।


(১) অভিভাৱক আৰু শিক্ষক সকলে লৰা ছোৱালীক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য ৰক্ষাৰ জ্ঞান দিয়াৰ  ব্যৱস্থা কৰিব লাগে।

(২) লৰা ছোৱালী ৰ দেহ মন প্ৰচুৰ শাৰীৰিক আৰু মানসিক শক্তিৰে ভৰপূৰ। শিক্ষানুষ্ঠান ৰ লগতে পৰিয়াল বোৰত খেল ধেমালিৰ লগতে আন আন আন সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ প্ৰয়োগ সফল কৰি তুলিব লাগিব ।

(৩)  লৰা ছোৱালী বোৰে সাধাৰণতে অনুকৰণ কৰি ভাল পায় । তেওঁলোকে সজ্ঞান আৰু অজ্ঞান দুয়োটা ধাৰণাকে অনুকৰণ কৰে যদিও অজ্ঞান অনুকৰণ প্ৰভাৱ লৰা ছোৱালী জীৱনত অধিক ।

(৪) লৰা ছোৱালী ৰ বিকাশত শাস্তি আৰু পুৰস্কাৰৰ প্ৰভাৱ বিশেষভাৱে মন কৰিবলগীয়া।  অভিভাৱক আৰু শিক্ষক সকলে শাস্তি আৰু পুৰস্কাৰৰ উপযুক্ত ব্যবহাৰ কৰি লৰা ছোৱালীক কি ভাল কাম , কি কাম বেয়া , সেই বিষয়ে বুজাই দিব পৰা যায় ।


২০। অভ্যাস গঠনৰ দৈহিক কাৰণ সমূহ বৰ্ণনা কৰা।

উত্তৰঃ অভ্য়াস গঠনৰ অন্তৰালত কিছুমান দৈহিক কাৰণ আছে। অভ্য়াস আমাৰ স্নায়ুকোষ পেশী ইত্য়াদিৰ বিশেষ কাৰ্য বিশেষ। দেহযন্ত্ৰৰ এই অংশসমূহৰ নমনীয়তাই অভ্য়াস গঠনৰ মূল কাৰণ। শৰীৰ বিজ্ঞানীসকলে মতপোষন কৰে যে অভ্য়াস গঠনৰ মূলতে আছে অতি নমনীয় স্নায়ুকোষ সমূহ। কোনো উদ্দীপকৰ পৰা লাভ কৰা উদ্দীপনা অন্তৰ্বাহী স্নায়ুৰ দ্বাৰা মস্তিষ্কলৈ সঞ্চালিত হয় আৰু মস্তিষ্কৰ পৰা উত্তেজনা বহিৰ্বাহী স্নায়ুৰ যোগেদি কৰ্মেন্দ্ৰিয়লৈ প্ৰবাহিত হয়। ই সম্পূৰ্ণ স্নায়ুপথক চাপ বুলি কোৱা হয়। কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰথম অৱস্থাত এই স্নায়ুপথেৰে সহজে পৰিচালিত হব নোৱাৰে। স্নায়ুপথৰ বিভিন্ন সংযোগ স্থলত বা স্নায়ুসন্ধিত এই উত্তেজনা বাধাপ্ৰাপ্ত হয়। কিন্তু কোনো উত্তেজনা এবাৰ এই বাধাক প্ৰতিক্ৰম কৰিলে, এই কাৰ্যৰ পুনৰাবৃত্তিত বাধাৰ পৰিমাণ কমি আছে। এইদৰে বাধাৰ পৰিমাণ ক্ৰমান্বয়ে কমি আহি এটা সময়ত কাৰ্যটো যান্ত্ৰিক ভাবে সম্পাদিত হয়। এইদৰেই অভ্য়াসৰ সৃষ্টি হয়। জড়বস্তুৰ ক্ষেত্ৰটো বাৰে বাৰে ব্য়ৱহাৰ কৰিলে ক্ৰিয়া ত্বৰাম্বিত হয় আৰু প্ৰতিৰোধ ক্ষমতা কমি যায়। যেনে - এটি তলা অনেক দিন ব্য়ৱহাৰ কৰাৰ পিছত সহজে খোলা বা বন্ধ কৰিব পৰা যায়, এখন ভাঁজ কৰা কাগজ সহজে ভাজ কৰিব পাৰি ইত্য়াদি। মুঠতে অভ্য়াস সমূহো একেই প্ৰকাৰে গঢ়ি উঠে। কিন্তু মানসিক অভ্য়াস সমূহ সম্পূৰ্ণ ভাবে পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল নহয়।

ছ। ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)

১। প্ৰবৃত্তি কাক বোলে? মানুহৰ প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ উদৱৰ্থৰ দৃষ্টিভঙ্গী অনুসৰি প্ৰবৃত্তি হৈছে এনে এক প্ৰকাৰৰ শিক্ষাবিহগীন ক্ৰিয়া যি জীৱ-জন্তু বা মানুহৰ কোনো পূৰ্ব অভিজ্ঞতা আৰু অনুশীলনৰ নকৰাকৈয়ে পৰিৱেশত দক্ষতাৰে কোনো কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে।
প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল-

(১) প্ৰবৃত্তিসমূহ কেৱল মাত্ৰ জন্মগত বা সহজতেই নহয়, এই প্ৰবৃত্তিসমূহ বংশানুক্ৰমিকো, উহাদৰণ স্বৰূপে মৌ মাখিয়ে মৌ সংগ্ৰহ কৰা বা মৌচাক তৈয়াৰ কৰা আচৰণ যুগ যুগ ধৰি বংশানুক্ৰমিক ভাৱে চলি আহিছে। এক বিশেষ শ্ৰেণীৰ প্ৰাণীৰ মাজত এই বংশানুক্ৰমিক আচৰণ এক সমৰূপতা পৰিলক্ষিত হয়।

(২) প্ৰবৃত্তিমূলক আচৰণ এটা প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ উদ্দেশ্যমূখীতা। প্ৰবৃত্তিমূলক আচৰণ সমূহ স্বতঃস্ফূৰ্তভাৱে সম্পাদিত হ'লেও এই আচৰণ সমূহ উদ্দেশ্যবিহীন নহয়। প্ৰত্যেকে প্ৰবৃত্তিমূলক আচৰণৰ অন্তৰালত একো একোটা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। উদাহৰণ স্বৰূপে চৰাইয়ে বাঁহ সজাৰ আচৰণৰ উদ্দেশ্য হৈছে ভৱিষ্যত সন্তানৰ লালন-পালন কৰা।

(৩) মেগডুগেলৰ মতে প্ৰত্যেক প্ৰবৃত্তিৰ অন্তৰালত একো একোটা আবেগ ক্ৰিয়াশীল। এই আবেগই প্ৰবৃত্তিক কৰ্ম ক্ষমতা যোগায়। প্ৰত্যেক প্ৰবৃত্তিয়েই একোটা আবেগৰ লগত এক সুনিৰ্দ্দিষ্ট সম্পৰ্কত আৱদ্ধ। অৰ্থাৎ এটা প্ৰবৃত্তি এটা নিদ্দিষ্ট আবেগৰ লগত জড়িত। প্ৰবৃত্তিমূলক আবেগ অনুভূতিয়ে সৃষ্টি কৰে প্ৰচেষ্টাৰ আৰু এই প্ৰচেষ্টা পৰ্য্যবসিত হয় প্ৰবৃত্তিমূলক আচৰনৰ যোগেদি।

(৪) প্ৰবৃত্তি হৈছে এক সাৰ্বজনীন ক্ষমতা, একো একোটা প্ৰাণী গোষ্টি বা শ্ৰেণীৰ মাজত প্ৰবৃত্তি সমূহ সাৰ্বজনীন ভাৱে বিদ্যমান।

(৫) সৰ্বশেষত, প্ৰবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত কাৰ্য বুদ্ধি নিৰপক্ষেতাৰে সম্পাদিত হয়। প্ৰবৃত্তিমূলক আচৰণ সমূহ সাধাৰণতে যান্ত্ৰিকভাৱেই সম্পাদিত হয়। প্ৰবৃত্তিমূলক আচৰণে এক নিদ্দিষ্ট গতানুগতিকতা মানি চলে। এই ধৰণৰ আচৰণে প্ৰাণীৰ পৰিবৰ্ত্তনশীল পৰিৱেশৰ লগত সাৰ্থক সমাযোজনত সহাৰ্য কৰিব নোৱাৰি।   


২। মেগডুগেলৰ তালিকাৰ ভিত্তিত বিভিন্ন প্ৰবৃত্তিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্ৰবৃত্তিৰ প্ৰকৃতি সম্পৰ্কে মনোবিদ সকলৰ মাজত যিদৰে মতবিৰোধ আছে, সেইদৰেই এই প্ৰবৃত্তিবোৰৰ সংখ্য়া সম্পৰ্কেও তেওঁলোকৰ মাজত মত পাৰ্থক্য় দেখা যায়। কিন্তু এই সম্পৰ্কে মেকডুগেলে যি মতবাদ ভাঙি ধৰিছিল এই মতবাদ সাধাৰণতে গ্ৰহণযোগ্য় হিচাবে বিবেচনা কৰা হয়। মেগডুগেলৰ মতে প্ৰাণী বা মানুহৰ প্ৰবৃত্তিৰ সংখ্য়া চৈধ্য়টা (১৪ টা )। তেওঁ এই ১৪টা প্ৰবৃত্তিৰ লগত সংযুক্ত আবেগ সমূহহো উল্লেখ কৰিছিল। তলত মেগডুগেলৰ তালিকাভুক্ত প্ৰবৃত্তি আৰু আবেগ সমূহৰ বিষয়ে আলোচনা কৰা হল।

(১) যুযুৎসা-ক্ৰোধঃ কোনো কাৰণত প্ৰবৃত্তিজাত আচৰণ বাধা প্ৰাপ্ত হলে বা কোনো প্ৰবৃত্তি চৰিতাৰ্থ কৰিব নোৱাৰিলে আমাৰ মনত ক্ৰোধৰ সৃষ্টি হয় আৰু এই বাধাৰ কাৰণ দূৰ কৰিবৰ বাবে যুযুৎসা প্ৰবৃত্তি সক্ৰিয় হৈ উঠাৰ বাবে। ই হৈছে এক আক্ৰমনাত্মক প্ৰৱণতা। ইয়াৰ ফলত যুঁজ - বাগৰ, সংঘৰ্ষ আদিৰ সূত্ৰপাত হয়।

(২) ঘৃনা-বিৰক্তিঃ অপৰিষ্কাৰ কোনো বস্তুৱে আমাৰ মনত বিৰক্তিৰ সৃষ্টিকৰে আৰু সেই বস্তুটোৰ প্ৰতি ঘৃণা হল অবাঞ্চিত বস্তুক আতৰাই ৰখাৰ প্ৰৱণতা।

(৩) বাৎসল্য়-মমতাঃ বাৎসল্য় প্ৰবৃত্তিয়ে সন্তানৰ প্ৰতি স্নেহানুভূতি জাগ্ৰত কৰে আৰু ই বিভিন্ন আচৰণৰ মাজেৰে প্ৰকাশ পায়। মেকডুগেলে এই প্ৰবৃত্তিক প্ৰকৃতিৰ উজ্জ্বলতম আৰু অতি সুন্দৰ উদ্ভাৱন স্বৰূপে বৰ্ণনা কৰিছে। মাতৃ আৰু সন্তান উভয়ে এই প্ৰবৃত্তিৰ দ্বাৰা খাই থাকে। ইয়াৰ লগত জড়িত আবেগ হল মমতা বা স্নেহ।

(৪) আবেদন-দুঃখবোধঃ যেতিয়া প্ৰাণীয়ে দুঃখ বা বিপদৰ পৰা পৰিত্ৰান পাবৰ বাবে কোনো উপায় নাপায় আৰু অসহায় বোধ কৰে তেতিয়া আবেদন প্ৰবৃত্তিয়ে দেখা দিয়ে। প্ৰাণীয়ে তেতিয়া যাক নিজতকৈ ক্ষমতাৱান বুলি ভাবে তেওঁৰ পৰা দুঃখ বা বিপদৰ পৰা মুক্তি পাবৰ বাবে আবেদন জনায় 

(৫) যৌথ-প্ৰবৃত্তি - একাকিত্ববোধঃ দলবদ্ধ ভাবে বাসকৰাৰ প্ৰৱণতা প্ৰাণীৰ এক প্ৰবৃত্তি। সেয়ে দলচ্য়ুত হলে প্ৰাণীয়ে একাকীত্ব অনুভৱ কৰে আৰু নিজ দলৰ লগত একে লগে থকাৰ চেষ্টা কৰে।      

৩। শিক্ষাত প্ৰবৃত্তিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ শিক্ষা হৈছে ব্য়ক্তিসত্তাৰ পৰিপূৰ্ণ বিকাশ। ব্য়ক্তিৰ ব্য়ক্তিসত্তা দুটা শক্তিৰ পাৰস্পৰিক প্ৰতিক্ৰিয়াৰ সন্মিলিত ফল এটা হল বংশগতি আৰু আনটো হল পৰিবেশ। শিশুৰ বংশধাৰাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হল প্ৰবৃত্তি। প্ৰবৃত্তিৰ সাহাৰ্যতেই শিশুৱে প্ৰাথমিক অৱস্থাত পৰিৱেশৰ লগত সঙ্গতি স্থাপন কৰে আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা প্ৰাথমিক আচৰণ সমূহ সম্পন্ন কৰে। ক্ষুধাৰ তাড়নাত খোৱা, দলবদ্ধ ভাবে শিশুৱে প্ৰবৃত্তিগত ভাবে জীৱন যাপন কৰা, আত্ম প্ৰতিষ্ঠা কৰা, সংগ্ৰহ কৰা প্ৰভৃতিৰ শিশুৰ গুৰুত্বপূৰ্ণ  আচৰণ সমূহ শিশুৱে প্ৰবৃত্তিগত ভাবেই সম্পাদন কৰে আৰু এই আচৰণ সমূহৰ ওপৰত শিশুৰ ব্য়ক্তিসত্তাৰ বিকাশ অনেকখিনি নিৰ্ভৰ কৰে। শিশুৰ বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ত এই প্ৰবৃত্তিজাত আচৰণসমূহে শক্তিশালী উপকৰণ হিচাবে কাম কৰে। যৌথ প্ৰবৃত্তি তাড়নাত শিশুয়ে দলবান্ধি খেলাধূলা কৰে, আনহাতেদি এই একেই প্ৰবৃত্তিৰ প্ৰভাৱত বয়স্ক লোক এজনে সংঘ, সমাজ, ক্লাব ইত্য়াদি গঠন কৰে। শিশুৰ বিকাশৰ প্ৰাথমিক পৰ্যায়ত প্ৰবৃত্তিৰ আধিপত্য় থাকিলেও শিশু ডাঙৰ হোৱাৰ লগে লগে বহু ভিন্নমুখী চাহিদাৰ সৃষ্টি হয় আৰু শিশুৰ আচৰণ শিশুৰ চাহিদাৰ পৰিতৃপ্তিৰ উদ্দেশ্য়ে সম্পাদিত  হয়। সেইবাবেই শিশুৰ প্ৰবৃত্তি সমূহকেই আচৰণৰ উৎস হিচাবে বৰ্ণনা কৰিব নোৱাৰি। শিশুৰ আচৰণৰ মূল উৎস হল সদা পৰিৱৰ্তনশীল বহুমুখী চাহিদা সমূহহে।  

৪। প্ৰবৃত্তিমূলক আচৰণৰ ওপৰত শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ মেগডুগেলে প্ৰবৃত্তিক উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা এক জৈৱ-মানসিক প্ৰৱণতা হিচাবে বৰ্ণনা কৰিছে। এই প্ৰৱণতাই ইয়াৰ অধিকাৰীক কোনো এক বিশেষ শ্ৰেণীভুক্ত বিষয় বা বস্তু প্ৰত্য়ক্ষ কৰি ইয়াৰ ইয়াৰ প্ৰতি মনোনিৱেশ কৰাই এক সচেতনতাৰ সৃষ্টি কৰে।এই সচেতনতাই জীৱৰ দেহত এক আবেগিক উত্তেজনা সৃষ্টি কৰে। প্ৰবৃত্তিমূলক আচৰণ চাৰিটা পৰ্য্য়ায়ৰ মাজেৰে সম্পাদিত হয়। প্ৰত্য়েক প্ৰাণীৰ ক্ষেত্ৰতেই কিছুমান প্ৰবৃত্তি অন্তৰ্নিহিত হৈ থাকে। এই অন্তৰ্নিহিত প্ৰবৃত্তিসমূহে মনৰ জ্ঞানমূলক অনুভূতিমূলক আৰু প্ৰচেষ্টামূলক সত্তাক ক্ৰিয়াশীল কৰি তোলে। প্ৰবৃত্তিমূলক আচৰণ সম্পাদনৰ ক্ষেত্ৰত প্ৰত্য়েকটো পৰ্যায়েই অপৰিহাৰ্য। কোনো এটা পৰ্যায়ৰ অবৰ্তমানত প্ৰবৃত্তি মূলকআচৰণ সম্পাদিত হব নোৱাৰে। উদাহৰণস্বৰূপে সাপডাল দেখি মনত ভয় নালাগিলে পলায়নৰ তাড়না অনুভূত নহব। সেইদৰেই পলায়ন অনুভূত নহলে পলায়ন কাৰ্য সম্পাদিত হব নোৱাৰে। মুঠতে মেকডুগেলৰ মতে উপযুক্ত উদ্দীপকৰ আৱিৰ্ভাৱত প্ৰাণীৰ মনত এক বিশেষ আবেগ বা প্ৰক্ষোভৰ জাগ্ৰত হৈ এক ক্ৰিয়া প্ৰৱনতাৰ সৃষ্টি কৰে। নিৰ্ধাৰিত আবেগৰ উত্তেজনাৰ অৱৰ্তমানত প্ৰবৃত্তি সক্ৰিয় হব নোৱাৰে। 

৫। বিভিন্ন প্ৰবৃত্তিৰ উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ মনোবিজ্ঞানী সকলৰ মতে প্ৰবৃত্তি হৈছে এক জৈৱ-মানসিক প্ৰৱণতা। এই প্ৰৱনতা সমূহৰ প্ৰভাৱতেই সকলো প্ৰাণীয়ে নিৰ্দিষ্ট পৰিস্তিতিত কিছুমান বিশেষ ধৰণৰ কৰ্ম সম্পাদন কৰে। গতিকে প্ৰবৃত্তি সমূহ হৈছে প্ৰাণীৰ বিশেষ কৰ্মপ্ৰৱণতা। এই প্ৰবৃত্তিৰ ফলতেই কোনো শিক্ষা অভিজ্ঞতা নোহোৱাকৈয়ে প্ৰাণীয়ে বিভিন্ন প্ৰকাৰৰ আচৰণত লিপ্ত হয়। উদাহৰণস্বৰূপে কোনো শিক্ষা অভিজ্ঞতা নোহোৱাকৈয়ে চৰায়ে কণী পাৰিবৰ বাবে বাঁহ সাজে, জন্মৰ পিছৰ পৰাই গৰুৰ পোৱালীয়ে মাকৰ গাখীৰ খাব পাৰে, মৌমাখিয়ে মৌচাক তৈয়াৰ কৰিব পাৰে, হাঁহৰ পোৱালীয়ে জন্মৰ পিছতে পানীত সাঁতুৰিব পাৰে, বিপদত পৰিলে প্ৰাণীয়ে নিজক ৰক্ষা কৰিব পাৰে। মানুহৰ ক্ষেত্ৰতো এই প্ৰবৃত্তিবোৰ বিদ্য়মান। মানুহেও এই প্ৰবৃত্তিবোৰৰ তাড়নাত বিভিন্ন আচৰণ সম্পাদন কৰে। প্ৰবৃত্তিসমূহ হল কিছুমান বিশেষধৰ্মী মানসিক সংগঠন যি কোনো এক বিশেষ শ্ৰেণীৰ অৰ্ন্তভূক্ত প্ৰত্য়েক প্ৰাণীৰ ক্ষেত্ৰতে দেখা যায়। এই জাতিগত বৈশিষ্ট্য়সমূহ প্ৰাণীৰ পৰিবেশৰ লগত সঙ্গতিবিধান প্ৰক্ৰিয়াৰ ফলত ক্ৰনাম্বয়ে আৱিৰ্ভাৱ হয়। জীৱই জন্মসূত্ৰে লাভ কৰা এই প্ৰবৃত্তি সমূহক কেৱল দৈহিক তাড়না বা দৈহিক প্ৰয়োজনৰ দ্বাৰা প্ৰভাৱিত আচৰণ হিচাবে বৰ্ণনা কৰিব নোৱাৰি। এই প্ৰবৃত্তি সমূহ জটিল মানসিক প্ৰভাৱযুক্ত ক্ৰিয়া। এই আচৰণসমূহ নিৰ্ধাৰিত লক্ষ্য় আৰু উদ্দেশ্য়ৰ দ্বাৰা পৰিচালিত হয়। এই আচৰণসমূহৰ মুখ্য় উদ্দেশ্য় হৈছে আত্মৰক্ষা আৰু জাতিৰক্ষা। মুঠতে জীৱই জন্মসুত্ৰে জাতিগতভাৱে লাভ কৰা, পৰিস্থিতি অনুসৰি স্বাভাৱিক ৰূপত প্ৰদৰ্শিত হোৱা ক্ৰিয়া-প্ৰৱণতা সমূহকে সংক্ষেপে প্ৰবৃত্তি বুলি কোৱা হয়। এই ক্ৰিয়া প্ৰৱণতা সমূহত শিক্ষা অভিজ্ঞতা আৰু ক্ৰিয়া-নিপুণতাৰ কোনো প্ৰভাৱ নাথাকে। নিম্ন শ্ৰেণীৰ কীট পতংগৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণীৰ জীৱ মানুহলৈকে সকলো প্ৰাণীয়েই এই প্ৰবৃত্তিমূলক আচৰণৰ দ্বাৰা আনৰ পৰা নিশিকাকৈ, আনক অনুকৰণ নকৰাকৈ আৰু পূৰ্বৰ অভিজ্ঞতা নথকাকৈ একোটা নিৰ্দিষ্ট কাৰ্য্য় সম্পাদন কৰিব পাৰে। 

৬। প্ৰবৃত্তিৰ সংজ্ঞা দিয়া। প্ৰবৃত্তি পৰিশোধনৰ বিভিন্ন বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ প্ৰবৃত্তিৰ সংজ্ঞা তলত দিয়া ধৰণৰ-

(১) মনোবিদ ভেলেন্টাইনে মতে প্ৰবৃত্তি সংজ্ঞা হ'ল প্ৰথমতে প্ৰবৃত্তি হৈছে কোনো জৈৱিক উদ্দেশ্য পুৰণৰ বাবে বিশিষ্ট ৰূপত ক্ৰিয়া কৰাৰ এক সহজাত তাড়না; দ্বিতীয়তে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ দক্ষতাৰে ক্ৰিয়া কৰাৰ এক জন্মলব্ধ প্ৰক্ৰিয়া।

(২) মনোবিধ জে.এচ ৰ'চ মতে  প্ৰবৃত্তি সংজ্ঞা হ'ল কোনো বিশেষ পৰিস্থিতিত শিক্ষাবিহীন ভাৱে পৰিলক্ষিত হোৱা সহজাত আচৰণ সমূহক প্ৰবৃত্তি বুলি কোৱা হয়। 

(৩) উদৱৰ্থৰ দৃষ্টিভংগী অনুসৰি প্ৰবৃত্তি সংজ্ঞা হ'ল  প্ৰবৃত্তি হৈছে এনে এক প্ৰকাৰৰ শিক্ষাবিহীন ক্ৰিয়া যি জীৱ-জন্তু বা মানুহক কোনো পূৰ্ব অভিজ্ঞতা আৰু অনুশীলনৰ নকৰাকৈয়ে পৰিৱেশত দক্ষতাৰে কোনো কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে। 

   প্ৰবৃত্তিসমূহ সহজাত যদিও সেইবিলাক উন্নত পৰ্যায়লৈ পৰিশোধন কৰা সম্ভৱ। ইহঁত সম্পূৰ্ণভাৱে নিৰ্দিষ্ট বা অপৰিবৰ্তনীয় নহয়। মানুহৰ প্ৰবৃত্তিসমূহ গঢ় দিব পাৰি। শিক্ষাৰ এক প্ৰধান উদ্দেশ্য়য় হৈছে এই প্ৰবৃত্তিসমূহৰ পৰিশোধন কৰি ব্য়ক্তিত্বৰ বিকাশ সাধন কৰা। তলত প্ৰবৃত্তি পৰিশোধনৰ কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰা হল -

(ক) অৱদমনঃ অৱদমনৰ অৰ্থ হল প্ৰবৃত্তিৰ প্ৰকাশত বাধা দান কৰা। কোনো প্ৰবৃত্তি অবাঞ্চিত বা অনিষ্টকাৰী বুলি ভাবিলে আমি তাক ব্য়ৱহাৰত প্ৰকাশ নোপোৱাকৈ ৰুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। ইয়াকে অৱদমন বোলে। অৱদমনৰ দ্বাৰা শীঘ্ৰেই সহজাত প্ৰবৃত্তিৰ বাহ্য় প্ৰকাশ দমন কৰিব পৰা হয় যদিও ই ব্য়ক্তিৰ অচেতন মনত নানান জটিলতাৰ সৃষ্টি কৰে। সেয়েহে মনোবৈজ্ঞানিকসকলে প্ৰবৃত্তি সংশোধন কৰাৰ ক্ষেত্ৰত এই অৱদমন পদ্ধতিৰ পক্ষপাতী নহয়।

(খ) উন্নীতকৰণঃ প্ৰবৃত্তিক অবাঞ্ছিত পথৰ পৰা আঁতৰাই আনি বাঞ্ছিত পথেদি পৰিচালনা কৰা কাৰ্যকে প্ৰবৃত্তিৰ বিশুদ্ধিকৰণ বা উন্নীতকৰণ বোলা হয়। যেনে - প্ৰত্য়েকটো প্ৰবৃত্তিৰে একোটা বেয়া ফাল আছে। ঘৃণাৰ প্ৰবৃত্তিয়ে শিশুক নিষ্ঠুৰ আৰু মিথ্য়াবাদী কৰি তোলে। কিন্তু প্ৰবৃত্তিৰ বিশুদ্ধিকৰণৰদ্বাৰা শিশুক অন্য়ায়, অবিচাৰ, পাপ, দুৰ্নীতিক ঘৃণা কৰিবলৈ উৎসাহ যোগাব পাৰি। বাটে-পথে মাৰ-ধৰ আৰু হাই-কাজিয়া কৰি ফুৰা লৰাক মল্লযুদ্ধ আদি শাৰীৰিক কৌশলৰ শিক্ষা দিব পাৰি। শিশুহীন তিৰোতাই শিশুগৃহত কাম কৰি তেওঁৰ মাতৃ প্ৰবৃত্তি নৈতিক পথেৰে পূৰণ কৰিব পাৰে। এনেবোৰ ক্ৰিয়া সামাজিকভাৱে সুস্থ আৰু স্বীকৃতিপ্ৰাপ্ত।

(গ) বিৰেচনঃ এই পন্থাৰদ্বাৰা প্ৰবৃত্তিক সহজ আৰু কাম্য় পথেদি প্ৰকাশ হবলৈ দি শান্ত কৰা হয়।

(ঘ) আনন্দ আৰু বেদনাৰ প্ৰয়োগঃ যিবিলাক প্ৰবৃত্তিৰ ফল সুখময় আৰু আনন্দময় হয়, তেনেবোৰ প্ৰবৃত্তি জীৱই পুনৰাবৃত্তি কৰিবলৈ বিচাৰে আৰু যিবোৰৰ ফল নৈৰাশ্য়জনক আৰু দুখময় হয়, তেনেবোৰ প্ৰবৃত্তিৰ পুনৰাবৃত্তি কৰিবলৈ জীৱৰ অন্তৰত উৎসাহ নাথাকে। শিক্ষানুষ্ঠানত শাস্তি আৰু পুৰস্কাৰ প্ৰদান কৰাৰ মূলতে থাকে এই আনন্দ বেদনা নীতিৰ প্ৰয়োগ। ছাত্ৰ-ছাত্ৰীক ভাল কামৰ বাবে পুৰস্কৃত কৰি তেনে আচৰণ ভৱিষ্য়তে পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত কৰা হয়। সেইবাবে অবাঞ্ছনীয় আচৰণক শাস্তিৰদ্বাৰা বন্ধ কৰিবলৈ চেষ্টা চলোৱা হয়।

(ঙ) পূৰ্ণ স্বাধীনতাঃ আমাৰ সহজাত প্ৰবৃত্তিসমূহৰ পৰিশোধনৰ কাৰণে এক বাধাহীন মুক্ত পৰিবেশৰ প্ৰয়োজন। কিয়নো, জন্মগত প্ৰবৃত্তিবোৰ গাৰ বলেৰে দমন কৰিব নোৱাৰি। তেনে কৰিবলৈ গলে শিশুৰ মানসিক জীৱনত খেলি-মেলিৰ সৃষ্টি হয় আৰু আত্মবিশ্বাস হেৰুৱাই সি সমস্য়াৰ সৃষ্টি কৰে। আনহাতে এটা মুক্ত পৰিৱেশত প্ৰবৃত্তি প্ৰকাশৰ সুযোগ পালে তাৰ মানসিক জীৱনৰ সুস্থতা অব্য়াহত থাকে আৰু উত্তৰোত্তৰ উন্নতি হয়।

(চ) অব্য়ৱহাৰঃ প্ৰবৃত্তি পৰিশোধনৰ আন এটা উপায় হল অব্য়ৱহাৰ। জন্মগতভাৱে লাভ কৰিলেও প্ৰবৃত্তিৰ প্ৰয়োগ বা ব্য়ৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে। অব্য়ৱহাৰ পদ্ধতিৰদ্বাৰা আমাৰ সুস্থ বিকাশৰ পৰিপন্থী বহুতো প্ৰবৃত্তিৰ ৰূপান্তৰ কৰাটো সম্ভৱ। গতিকে শিশু চৰিত্ৰৰ পৰা কোনো অবাঞ্ছনীয় প্ৰবৃত্তিৰ প্ৰভাৱ নিৰ্মূল কৰিবলৈ হলে সেই প্ৰবৃত্তিসমূহৰ প্ৰকাশৰ সুযোগ দিব নালাগে। 

৭। আবেগৰ অৰ্থ ব্যাখ্যা কৰা? শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আবেগৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে, সুখ-দুখৰ অনুভূতিক আন্দোলিত কৰি তোলাৰ দেহ-মানসিক অৱস্থাকে আবেগ বুলি কোৱা হয়। আবেগৰ ইংৰাজী প্ৰতিশব্দ 'Emotion'। এই  'Emotion' শব্দটো 'Latin'  শব্দ 'ইয়োভাৰ' (emovere) ৰ পৰা উৎপন্ন হৈছে। 'Emovere' ৰ অৰ্থ হল আন্দোলন কৰা বা 'আলোড়িত কৰা' 'to stir up' বা 'to agitatr' গতিকে আবেগৰ শব্দগত অৰ্থ  হৈছে উত্তেজিত বা আলোড়িত কৰা। 
    
        ইন্দ্ৰিয়যোগে পোৱা অনুভূতি বা প্ৰত্য়ক্ষনৰ সাহাৰ্যত বস্তু সম্পৰ্কে এক সাধাৰণ বস্তুমুখী জ্ঞান লাভ কৰো। কিন্তু বস্তু প্ৰত্য়ক্ষণৰ পৰিণতি কেৱল বস্তুমুখী অভিজ্ঞতাৰ ক্ষেত্ৰত সীমিত নহয়। এই প্ৰত্য়ক্ষনে বস্তুমুখী জ্ঞানৰ লগতে এক আভ্য়ন্তৰীণ মানসিক অৱস্থাৰো সৃষ্টি কৰে। ব্য়ক্তিৰ এই আভ্য়ন্তৰীণ মানসিক অৱস্থাক অনুভূতি বুলি কোৱা হয়। আবেগ হৈছে অনুভূতিৰ পৰা উদ্ভৱ হোৱা এক মানসিক অৱস্থা। কিন্তু আবেগ অনুভূতিৰ দৰে মৃদু মানসিক অৱস্থা নহয়। অনুভূতিৰ প্ৰাবল্য়ৰ বাবে যেতিয়া মানসিক অৱস্থাৰ দ্ৰুত পৰিবৰ্তন হৈ এক গতিপ্ৰৱণতাৰ সৃষ্টি হয় তেতিয়া ইয়াক আবেগ বুলি কোৱা হয়। অৰ্থাৎ অনুভূতিৰ অন্তৰ্বেগেই হৈছে আবেগ।  আবেগৰ বৰ্হিপ্ৰকাশ ঘটে দেহযন্ত্ৰৰ মাধ্য়মেৰে। আবেগ হৈছে এক জটিল দেহ - মানসিক অভিজ্ঞতা। ই মনৰ নিষ্ক্ৰিয় অৱস্থা নহয়। ই মনৰ এক বিচলিত অৱস্থা। কোনো বস্তুৰ প্ৰত্য়ক্ষণে যেতিয়া কেৱল বস্তুধৰ্মী অভিজ্ঞতা লাভতে সীমিত নাথাকি মানুহৰ মনক উত্তেজিত বা বিচলিত কৰি এক স্বতঃস্ফূৰ্ত প্ৰকাশমান অৱস্থাৰ সৃষ্টি কৰে, তেতিয়াই সৃষ্টি হয় আবেগৰ।  

৮। আবেগ কি? আবেগৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে, সুখ-দুখৰ অনুভূতিক আন্দোলিত কৰি তোলাৰ দেহ-মানসিক অৱস্থাকে আবেগ বোলে।

আবেগৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল-

১। প্ৰত্যেক আবেগ সৃষ্টি কৰিবৰ বাবে এটা উদ্দীপকৰ প্ৰয়োজন। অৰ্থাৎ এটা উদ্দীপকক কেন্দ্ৰ কৰিয়েই আবেগৰ সৃষ্টি। এই উদ্দীপক কোনো বাহ্যিক বস্তুও হ'ব পাৰে ব্যক্তিগত বস্তু সম্পৰ্কে পূৰ্ব অভিজ্ঞতা বা ধাৰণাও হ'ব পাৰে।

২। ব্যক্তিৰ সকলো বসয়তেই আবেগৰ প্ৰভাৱ পৰিলক্ষিত হ'লেও বয়স বৃদ্ধিৰ লগে লগে আবেগিক প্ৰতিক্ৰিয়াৰ পৰিবৰ্তন হয়। অভিজ্ঞতা বঢ়াৰ লগে লগে আৰু সামাজিক সংস্কাৰৰ প্ৰভাৱত আবেগিক প্ৰতিক্ৰিয়া ক্ৰমশঃ জটিল হৈ পৰে।

৩। আবেগৰ স্বাভাৱিক বিকাশ সঠিক পথৰ সংঘটিত নহলে নানা ধৰণৰ মানসিক জটিলতা  বা  মানসিক ব্যাধিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আবেগ সমূহৰ কেন্দ্ৰ কৰিয়েই নানান অপসংগতি মূলক আচৰণৰ সৃষ্টি হ'ব পাৰে।

৪। আবেগিক প্ৰতিক্ৰিয়া সমূহৰ সুস্থ পথৰ পৰিচালিত কৰি বা ইয়াত উৎকৰ্ষ সাধন কৰি ব্যক্তিৰ সুস্থ ব্যক্তিত্ব গঠন কৰিব পৰা যায়। শিক্ষাৰ যোগেদি আবেগৰ নিয়ন্ত্ৰিন, পৈনতা আৰু যুক্তিযুক্ত বিকাশ আদি সম্ভৱ হয়। গতিকে আবেগৰ শিক্ষা এক গুৰুত্বপূৰ্ণ বিষয়।

৫। আবেগৰ উপস্থিতিয়ে দেহ-মনৰ কৰ্মক্ষমতাক বাধাগ্ৰস্ত কৰে আৰু অনেক সময়ত ইয়াৰ পৰিবৰ্তন কৰে। অতিমাত্ৰা দুখ বা আনন্দত আমি কথা কব নোৱাৰা হৈ যাওঁ। আনহাতেদি আনন্দত  অধীৰ বা খঙৰ ভমকত মানুহে আবেগ মুক্ত অৱস্থাত কৰিব নোৱাৰা অনেক কামেই কৰি পেলোৱা দেখা যায়। 


৯। আবেগ কি? শিশুৰ শিক্ষাত আবেগৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে, সুখ-দুখৰ অনুভূতিক আন্দোলিত কৰি তোলাৰ দেহ-মানসিক অৱস্থাকে আবেগ বোলে।

১০। আবেগৰ সংজ্ঞা দিয়া? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। মেকডুগেলৰ মতে আবেগৰ সংজ্ঞা হ'ল- প্ৰবৃত্তিমূলক প্ৰক্ৰিয়াৰ কেন্দ্ৰীয়, অপৰিবৰ্ত্তনীয় সুষ্পষ্ট বৈশিষ্ট্যমূলক দিশটোক আবেগ বুলি কোৱা হয়।

২। উইলিয়াম জেমছ মতে আবেগৰ সংজ্ঞা হ'ল- কোনো ঘটনা বা বিষয়ৰ প্ৰত্যক্ষনৰ লগে লগেই যি দৈহিক পৰিবৰ্তন তাৰ অনুগামী হয়, সেই পৰিবৰ্ত্তনত প্ৰকাশিত হোৱা আমাৰ অনুভূতিয়ে হ'ল আবেগ।

৩। ওৱাটচনৰ মতে আবেগৰ সংজ্ঞা হ'ল- সামগ্ৰিকভাৱে দেহযন্ত্ৰ আৰু বিশেষভাৱে দেহৰ আভ্যন্তৰীণ অঙ্গসমূহ আৰু গ্ৰন্থি সমূহৰ ক্ৰিয়াৰ পৰিবৰ্তন সাধন কৰা সহজাত প্ৰতিক্ৰিয়া প্ৰদান প্ৰক্ৰিয়াকে আবেগ বুলি কোৱা হয়। 


৪ । ক্ৰ' আৰু ক্ৰ'ৰ মতে আবেগৰ সংজ্ঞা হ'ল- ব্যক্তিৰ বাহ্যিক আচৰণত প্ৰকাশলাভ কৰা সাধাৰণ আভ্যন্তৰীণ সমাযোজনমূলক আৰু মানসিক আৰু দৈহিক ভাৱে বিচলিত অৱস্থাযুক্ত অনুভূতিমূলক অৱস্থাকে আবেগ বুলি কোৱা হয়।

    ইয়াৰ বিভিন্ন প্ৰকাৰৰসমূহৰ বিষয়ে তলত আলোচনা কৰা হল-

বয়স বৃদ্ধিৰ লগে লগে আবেগৰ জটিলতা বৃদ্ধি পায়। কিন্তু বিভিন্ন জটিলতা সমূহ বাদ দি, আচলতে জন্মগত ভাবে আমি কি কি আবেগৰ অধিকাৰী তাক মনোবিদসকলে নিৰ্ধাৰণৰ বাবে বহুদিনৰ পৰাই প্ৰচেষ্টা অব্য়াহত ৰাখিছে। মনোবিদসকলে মত পোষণ কৰে যে মানুহে সহজাত ভাবে কিছুমান আবেগ লৈ জন্মগ্ৰহণ কৰে। এই আবেগসমূহক মৌলিক আবেগ বুলি কোৱা হয়। মনোবিদ ওৱাটচনে কৈছিল মৌলিক আবেগ হৈছে মাত্ৰ তিনিটা - ভয়, ক্ৰোধ, আৰু ভালপোৱা। মনোবিদ ষ্টেগনাৰৰ মতে মানুহৰ মৌলিক আবেগ হৈছে চাৰিটা (১) ভাললগা, (২) বেয়া লগা বা বেদনা, উত্তেজনা আৰু বিমৰ্ষতা।
    
    আবেগ সম্পৰ্কে এই ভিন্নমুখী মতবাদৰ পৰিপেক্ষিতত মনোবিদ মেগডুগেলে যি মতবাদ আগবঢ়াইছিল সেই মতবাদকে অধিক বিজ্ঞান সন্মত আৰু বিস্তৃত বুলি বিবেচনা কৰিব পৰা যায়। মেকডুগেলে মানুহৰ আবেগ সমূহক তিনিটা ভাগত ভাগ কৰিছে -

(১) প্ৰাথমিক বা মৌলিক আবেগ

(২) জটিল আবেগ

(৩) আৰ্জিত আবেগ

(১) প্ৰাথমিক বা মৌলিক আবেগঃ সহজাত প্ৰবৃত্তি সমূহৰ লগত যুক্ত আবেগ সমূহক মেকডুগেলে প্ৰাথমিক বা মৌলিক বুলি আখ্য়া দিছে। প্ৰত্য়েক প্ৰবৃত্তিৰে একো একোটা আনুভূতিক দিশ আছে। এই আনুভূতিক দিশে প্ৰবৃত্তিজাত আচৰণৰ প্ৰকৃতি নিৰ্দ্ধাৰণ কৰে। প্ৰবৃত্তিসমূহ যিদৰে প্ৰাথমিক প্ৰৱনতা সেইদৰেই ইয়াৰ লগত জড়িত আনুভূতিক দিশসমূহো প্ৰাথমিক। মেগডুগেলৰ মতে এই প্ৰাথমিক আবেগ সমূহ প্ৰবৃত্তিমূলক প্ৰৱণতাৰ সক্ৰিয়তাৰ নিৰ্দেশক। এই ধাৰণা অনুযায়ী মানুহৰ মৌলিক আবেগো চৌধ্য়তা।

(২) মিশ্ৰ আবেগঃ অনেক সময়ত আমাৰ দুটা বা তাতোধিক প্ৰবৃত্তি একো লগে জাগ্ৰত হয়। ফলত কিছুমান মৌলিক প্ৰবৃত্তি লগলাগি আমাৰ মনত মিশ্ৰ অনুভূতিৰ সৃষ্টি কৰে। দুই বা তাতোধিক আবেগ একত্ৰিত হৈ আমাৰ মনত যি আবেগিক অনুভূতিৰ সৃষ্টি কৰে। দুই বা তাতোধিক আবেগ একত্ৰিত হৈ আমাৰ মনত যি আবেগিক অনুভূতিৰ সৃষ্টি কৰে তাকেই মেকডুগেলে মিশ্ৰ আবেগ নামেৰে নামাকৰণ কৰিছে। এই ধৰণৰ আবেগ পৃথক পৃথক উদ্দীপকৰ দ্বাৰা সৃষ্টি নহয়। সাধাৰণতে জটিল পৰিস্থিতিক সামগ্ৰিক প্ৰতিক্ৰিয়াৰ উৎস হিচাবে এই আবেগ সমূহে ক্ৰিয়া কৰে। 

(৩) আৰ্জিত আবেগঃ মেকডুগেলে উল্লেখ কৰা তৃতীয় প্ৰকাৰৰ আবেগ হৈছে আৰ্জিত আবেগ। বিষাদ, উল্লাস, আশা, আকাংক্ষা আদি আমাৰ অনেক আবেগ আছে যাক আমি মৌলিক বা মিশ্ৰ কোনোটোতেই শ্ৰেণীভূক্ত কৰিব নোৱাৰো। এই আবেগ সমূহ আমাৰ কোনো প্ৰত্য়ক্ষ অভিজ্ঞতা বা কোনো আকাংক্ষা প্ৰনোদিত। এই আবেগ সমূহৰ লগত যুক্ত কোনো নিৰ্ধাৰিত প্ৰৱণতা বা প্ৰবৃত্তি নাথাকে। কোনো বিশেষ মূহুৰ্তৰ মনৰ তাৎক্ষণিক চিন্তা বা কোনো তৎকালীন পৰিস্থিতিৰ পৰিবৰ্তে কোনো এক ভৱিষ্য়ৎ কল্পনা বা অতীত অভিজ্ঞতাৰ দ্বাৰা এই আবেগসমূহ ক্ৰিয়াশীল হয়। প্ৰাথমিক আবেগৰ লগত প্ৰবৃত্তিমূলক প্ৰৱণতা যুক্ত থাকে বাবে ইয়াৰ লগত এক কৰ্মপ্ৰৱণতাৰ তাগিদা দেখা যায়। কিন্তু আৰ্জিত আবেগৰ ক্ষেত্ৰত কোনো প্ৰবৃত্তিমূলক শক্তি বা কৰ্ম প্ৰৱণতা যুক্ত হৈ নাথাকে।    

১১। আবেগ বুলিলে কি বুজা? আবেগৰ দৈহিক প্ৰকাশৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে, সুখ-দুখৰ অনুভূতি আন্দোলিত কৰি তোলাত দেহ-মানসিক অৱস্থাকে আবেগ বুলি কোৱা হয়।
    
     

১২। আবেগৰ শিক্ষা বুলিলে কি বুজা? আবেগৰ শিক্ষাত শিক্ষকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ 

১৩। শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা কেইটামান গুৰুত্বপূৰ্ণ আবেগ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ ব্য়ক্তি জীৱনত আবেগৰ গুৰুত্ব সম্বন্ধে আমাৰ কোনো অৱকাশ নাই। শিক্ষাৰ ক্ষেত্ৰত আবেগ এক গুৰুত্বপূৰ্ণ বিষয়। শিক্ষাৰ্থীৰ আবেগিক জীৱনৰ সুপৰিচালনা আৰু নিয়ন্ত্ৰন শিক্ষকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। আবেগৰ বৈশিষ্ট্য়ৰ ক্ষেত্ৰত আবেগমূলক আচৰণসমূহ অভিজ্ঞতাৰ দ্বাৰা পৰিবৰ্তন কৰিব পৰা যায়। সেয়েহে আবেগৰ পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব হৈছে ঋনাত্মক বা হানিকাৰক আবেগ সমূহৰ নেতিবাচক প্ৰভাৱ নিয়ন্ত্ৰন কৰা, আৰু ধনাত্মক প্ৰভাৱ যুক্ত আবেগসমূহৰ গঠনাত্মক শক্তিৰ যথোপযুক্ত প্ৰয়োগ কৰি শিক্ষাৰ্থীৰ চাৰিত্ৰিক বিকাশত সহায়তা কৰা। বিভিন্ন ধৰণৰ হানিকাৰক আবেগ সমূহৰ প্ৰভাৱ দূৰ কৰিবৰ বাবে শিক্ষকে বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰে। তলত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত দুটামান আবেগৰ ক্ষেত্ৰত শিক্ষকে গ্ৰহণ কৰিব লগীয়া কৌশলৰ বিষয়ে আলোচনা কৰা হল -

(১) ভয়ঃ সাধাৰণ ভাবে মানুহৰ জীৱনত ভয় কোনো এটা পৰিস্থিতিত সৃষ্টি হয় আৰু নিৰ্ধাৰিত সময়ত নাইকিয়া হয়। কিন্তু স্বাভাৱিক নিয়মত যেতিয়া ব্য়ক্তিৰ জীৱনৰ পৰা ভয়ৰ প্ৰভাৱ দূৰীভূত নহয়, তেতিয়াই এই ভয় আবেগে সমস্য়াৰ সৃষ্টি কৰে। অনেক সময়ত শিক্ষাৰ্থীৰ মনত বিভিন্ন বস্তু বা বিষয়ক কেন্দ্ৰ কৰি অহেতুক ভয়ৰো সৃষ্টি হয়। এই সমস্য়া সমূহৰ যথাসময়ত সমাধান কৰিব নোৱাৰিলে ব্য়ক্তি জীৱনত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হব পাৰে। ছাত্ৰৰ মনৰ পৰা ভয় দূৰ কৰিবৰ বাবে শিক্ষকে তলত দিয়া ব্য়ৱস্থাবোৰ গ্ৰহণ কৰিব পাৰে। যেনে-

(ক) শিক্ষকে ছাত্ৰসকলৰ মনত নিৰ্ভীকতাৰ আদৰ্শ গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। বিভিন্ন ব্য়ক্তিৰ জীৱনৰ আলোচনাৰ মাধ্য়মেৰে বা নিজৰ নিৰ্ভীক আচৰণৰ নিদৰ্শন ডাঙি ধৰি শিক্ষকে শিক্ষাৰ্থীসকলক এই ক্ষেত্ৰত প্ৰভাৱিত কৰিব পাৰে।

(খ) অনেক ক্ষেত্ৰত শিক্ষাৰ্থী সকলৰ মনত বিভিন্ন বিষয়ৰ প্ৰতি অবেতুক ভয় গঢ়লৈ উঠে। শিক্ষাৰ্থীৰ অহেতুক ভয় শিক্ষকে অনুবন্ধনৰ দ্বাৰা দূৰ কৰিব পাৰে। উদাহৰণস্বৰূপে অনেক ছাত্ৰৰ পৰীক্ষাৰ প্ৰতি অহেতুক ভয় থকা দেখা যায়। এই ক্ষেত্ৰত শিক্ষকে ঘনে ঘনে পৰীক্ষা লোৱাৰ ব্য়ৱস্থা কৰি আৰু ইয়াৰ লগতে পুৰস্কাৰ দিয়াৰ ব্য়ৱস্থা কৰি এই ভয় দূৰ কৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিব পাৰে.

(গ) অজ্ঞতাৰ বাবেও অনেক সময়ত শিক্ষাৰ্থীৰ মনত ভয়ৰ সঞ্চাৰ হব পাৰে। যি বিষয়ে শিক্ষাৰ্থীয়ে নাজানে বা বিষয়ৰ অভিজ্ঞতা নাই সেই বিষয়ৰ প্ৰতি শিক্ষাৰ্থীৰ ভয়ৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে যিজন ছাত্ৰই অংক নোৱাৰে তেওঁ অংকৰ নাম শুনিলেই ভয় খায়। এই ধৰণৰ ভয় দূৰ কৰিবৰ বাবে শিক্ষকে শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ যত্নপৰ হব লাগে আৰু বিষয়বস্তুৰ বোধগম্য়তাৰ ওপৰত গুৰুত্ব দিব লাগে।

(ঘ) অনেক সময়ত শিক্ষাৰ্থী সকলৰ মনত আত্মবিশ্বাসৰ অভাৱত ভীতিৰ সঞ্চাৰ হয়। এই ক্ষেত্ৰত শিক্ষকে ছাত্ৰক নিজৰ যোগ্য়তা অনুযায়ী বিভিন্ন ধৰণৰ সমস্য়া সমাধানৰ সুযোগ প্ৰদান কৰিব আৰু প্ৰয়োজনবোধে এই সমস্য়া সমূহৰ সমাধানত সহায় কৰি শিক্ষাৰ্থীসকলৰ মনত আত্মবিশ্বাস জাগ্ৰত কৰি তেওঁলোকৰ মনৰ পৰা ভয় দূৰ কৰাৰ ব্য়ৱস্থা কৰিব পাৰে।

(ঙ) কোনো আবেগেই অৱজ্ঞা কৰি দূৰ কৰিব নোৱাৰি অথবা যুক্তি দ্বাৰাও আতৰাব নোৱাৰি। সেয়েহে শিক্ষকৰ দায়িত্ব হৈছে শিক্ষাৰ্থীৰ অৱস্থা বুজি বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি সেই আবেগৰ প্ৰভাৱ হ্ৰাস কৰা।

(২) খংঃ খং শিক্ষাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ আবেগ। শিক্ষাৰ্থীৰ খং আবেগৰ ক্ষেত্ৰতো শিক্ষকে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। শিক্ষকে শিক্ষাৰ্থীৰ খং আবেগৰ অসংযত বৰ্হি প্ৰকাশ শিক্ষাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰে। শিক্ষকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত অন্য় ব্য়ক্তিৰ মানসিকতাক ধৈৰ্য্য়ৰে বিচাৰ কৰি চোৱাৰ বোধ জাগ্ৰত কৰিব লাগে। ছাত্ৰসকলৰ সন্মুখত বিভিন্ন আদৰ্শ ডাঙি ধৰি অনুবন্ধনৰ দ্বাৰা খং দূৰ কৰাৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে।

(৩) ঘৃণাঃ শিক্ষাৰ ক্ষেত্ৰত ঘৃণা আন এক হানিকাৰক আবেগ। এই ঘৃণা কোনো বিষয় বস্তু বা ব্য়ক্তিক কেন্দ্ৰ কৰি গঢ়লৈ উঠে। বেয়া বস্তু বা অসৎ ব্য়ক্তিৰ প্ৰতি ঘৃনা হোৱা ভাল। কিন্তু ই যাতে ব্য়ক্তি জীৱনক সম্পূৰ্ণভাৱে প্ৰভাৱিত নকৰে তাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে। ঘৃণাই যাতে সিক্ষাৰ্থীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি শিক্ষক সচেতন হব লাগে। 

১৪। আবেগ সম্পৰ্কে এক তাত্ত্বিক বিশ্লেষন আগবঢ়োৱা।

উত্তৰঃ

১৫। চাহিদা কাক বোলে? চাহিদাৰ বিভিন্ন প্ৰকাৰ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰয়োজন জীৱৰ এনে এক শাৰীৰিক আৰু মানসিক অৱস্থা যাৰ উপস্থিতিত জীৱই এক বিশেষ কৰ্মপ্ৰবনতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে । জীৱাই  থকাৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্ৰী , চিন্তা চেতনা , ভাৱ - অনুভূতি আদি সকলবোৰকে প্ৰয়োজন হিচাপে বাখ্যা কৰিব পাৰি 

    চাহিদা দুই প্ৰকাৰৰ যেনে -(১) জৈৱিক প্ৰয়োজন বা চাহিদা।
                                               (২) মানসিক প্ৰয়োজন বা চাহিদা।

(১) জৈৱিক চাহিদাঃ জৈৱিক চাহিদা সমূহ দৈহিক নিৰাপত্তাক কেন্দ্ৰ কৰি সৃষ্টি হয়। এই চাহিদা সমূহে জৈৱিক অস্তিত্ব ৰক্ষাৰ লগত জড়িত। এই চাহিদা সমূহক প্ৰাথমিক চাহিদা বুলি কোৱা হয়। বায়ু, পানী, আহাৰ. বস্ত্ৰ আৰু বংশবিস্তাৰ প্ৰভৃতিৰ অভাৱবোধ এই ধৰণৰ চাহিদা। মানুহৰ জৈৱিক প্ৰয়োজনৰ বাবেই খাদ্য়ৰ প্ৰয়োজন। সেইদৰেই প্ৰাকৃতিক প্ৰতিকূল অৱস্থাৰ পৰা নিজকে ৰক্ষাৰ বাবে বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন। গতিকে এই দুই প্ৰকাৰৰ প্ৰয়োজনকো প্ৰাথমিক প্ৰয়োজন হিচাপে বিবেচনা কৰা হয়। ইয়াৰ লগতে যৌন চাহিদাও মানুহৰ বংশ ৰক্ষাৰ বাবে একান্তভাৱে প্ৰয়োজন। মানুহৰ যৌন চাহিদাৰ লগত আকাংক্ষাৰ পৰিতৃপ্তি আৰু বংশ ৰক্ষাৰ লগত জড়িত।

(২) মানসিক চাহিদঃ মানুহৰ ক্ৰিয়া - আচৰণ জৈৱিক প্ৰয়োজন পূৰণতেই সীমাবদ্ধ নহয়। জৈৱিক চাহিদা সমূহৰ লগতেই মানুহৰ কিছুমান মানসিক প্ৰয়োজনো আছে। শিশুৰ ব্য়ক্তিত্বৰ সু-সামঞ্জস্য়পূৰ্ণ বিকাশত এই মানসিক চাহিদা বা প্ৰয়োজন সমূহৰ পৰিতৃপ্তি এক গুৰুত্বপূৰ্ণ বিষয়। তলত কেইটামান গুৰুত্বপূৰ্ণ মানসিক চাহিদাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা হল-

(ক)মৰম আৰু ভালপোৱাৰ চাহিদাঃ শিশুৰ মানসিক প্ৰয়োজন সমূহৰ ভিতৰত মৰম-চেনেহ, ভালপোৱাৰ প্ৰয়োজন হল অত্য়ন্ত গুৰুত্বপূৰ্ণ। আনৰ ভালপোৱা আৰু দিয়াৰ আকাংক্ষা জন্মগত। সংবেদনশীল শিশুৱে মূলতঃ আনৰ মৰম আৰু ভালপোৱা উদাৰ আৰু অকৃত্ৰিমভাৱে পোৱাটো বিচাৰে। এই চাহিদাৰ যথাযথ পৰিতৃপ্তিয়ে সুস্থ সুন্দৰ ব্য়ক্তিত্ব গঢ়াত সহায় কৰাৰ লগতে শিশুক আত্মসন্তুষ্টি প্ৰদান কৰে। ইয়াৰ অপৰিতৃপ্তিয়ে আৱেগিক বিপৰ্যয়ক সৃষ্টি কৰে।

(খ) আৱেগিক নিৰাপত্তাৰ প্ৰয়োজনঃ মৰম আৰু ভালপোৱাৰ মাজত শিশুৱে এক নিৰাপত্তাবোধ অনুভৱ কৰে। এই নিৰাপত্তাবোধৰ ফলত শিশুৰ মনত আত্মপ্ৰত্য়য়ৰ ভাৱৰ সৃষ্টি হয়। এই নিৰাপত্তাবোধ শিশুৰ সুস্থ আবেগিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱত শিশুৱে অনেক অসামাজিক কৰ্মত লিপ্ত হোৱা দেখা যায়।

(গ) সামাজিক মৰ্যদাৰ প্ৰয়োজনঃ প্ৰত্য়েক শিশুৱেই আনৰ প্ৰশংসা, স্বীকৃতি, মান-সন্মান আৰু পদমৰ্যদা আদি পাবলৈ বিচাৰে। এই প্ৰয়োজনক সামাজিক মৰ্যদাৰ প্ৰয়োজন বুলি কোৱা হয়। এই চাহিদাৰ অপৰিতৃপ্তিয়েসামাজিক বিকাশ ব্য়াহত কৰে।

(ঘ) স্বাধীনতাৰ প্ৰয়োজনঃ স্বাধীনতা সকলোৰে কাম্য়। শাসন, বাদন আদিৰ বিপৰীতে মুক্ততাৰ আকাংক্ষাই হৈছে স্বাধীনতাৰ প্ৰয়োজন। শিশুৰ সুস্থ, মানসিক আৰু আবেগিক বিকাশৰ বাবে এই চাহিদাৰ পৰিতৃপ্তি বিশেষ গুৰুত্বপূৰ্ণ।  

(ঙ) সংযুক্তিৰ প্ৰয়োজনঃ প্ৰত্য়েক মানুহে নিৰ্ধাৰিত দলভূক্ত হবলৈ বিচাৰে। দলৰ লগত নিজকে অভিন্ন বুলি ভাৱি এক নিৰাপত্তাবোধ কৰে। সেয়েহে প্ৰত্য়েক ব্য়ক্তিৰ ক্ষেত্ৰতে দলভুক্তিৰ এক প্ৰৱল চাহিদা ৰখা যায়। বিভিন্ন পৰিয়াল, খেলা-ধূলা, ইত্য়াদি বিভিন্ন সামাজিক দলৰ ক্ষেত্ৰত এই দলভূক্তি বা সংযুক্তিৰ প্ৰয়োজন ক্ৰিয়াশীল হোৱা দেখা যায়। উদাহৰণস্বৰূপে শিশুৱে পৰিয়ালৰ এজন সদস্য় হিচাপে মান্য়তা বিচাৰে আৰু পৰিয়ালটোৰ পৰা নিজকে বাদ পৰাটো নিবিচাৰে।

(চ) আয়ত্ব কৰাৰ চাহিদাঃ মানুহে জীৱনত সফলতা আৰু সকলো আয়ত্ব কৰিবলৈ বিচাৰে। সফলতাৰ চাহিদা, নতুনক জনাৰ চাহিদা, প্ৰভূত্ব বিস্তাৰৰ চাহিদা এই শ্ৰেণীৰেই অন্তৰ্গত। এই সকলোৰে মূলতে আছে আত্ম প্ৰতিষ্ঠাৰ প্ৰৱণতা। প্ৰত্য়েকে নিজক আমাৰ ওচৰত উচ্চ কৰিবলৈ বিচাৰে। এই চাহিদাৰ তৃপ্তিত ব্য়ক্তি জীৱনৰ উন্নতি হয়।  

১৬। চাহিদা কি? আচৰণৰ গতি আৰু চাহিদাৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে চাহিদা বুলি কওঁতে আমি অভাৱক বুজো। যিটো আমি আকাংক্ষা কৰো, যিটো আমাৰ দৰকাৰ, যিটো আমাৰ জীৱন-ধাৰণৰ বাবে একান্ত প্ৰয়োজন তাৰ অভাৱবোধেই হৈছে চাহিদা এই অভাৱবোধে জীৱৰ মনত একে হেঁপাহ  আৰু কৰ্ম প্ৰেৰণাৰ সৃষ্টি কৰে। গতিকে প্ৰয়োজনসমূহ হৈছে এনে এক শাৰীৰিক আৰু মানসিক অৱস্থা যাৰ  উপস্থিতিত জীৱই এক বিশেষ কৰ্ম প্ৰৱণতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। বিভিন্ন পৰিস্থিতিত আমাৰ বিভিন্ন অভাৱবোধ জাগ্ৰত হয়। উদাহৰণস্বৰূপে ভোক লগাৰ সময়ত আমি খাদ্য়ৰ অভাৱবোধ কৰো। পিয়াহ লগা অৱস্থাত পানীৰ অভাৱবোধ কৰো। বিপদত পৰিলে আমি নিৰাপত্তাৰ অভাৱবোধ কৰো। এনেধৰণৰ অভাৱবোধক কেন্দ্ৰ কৰি আমাৰ নানা ধৰণৰ চাহিদা জাগ্ৰত হয়। স্বাভাৱিক অৱস্থাত দেহ-মনে এক সমতা ৰক্ষা কৰি চলে। কিন্তু কোনো প্ৰয়োজন বা চাহিদা সৃষ্টিৰ লগে লগেই এই সাম্য়ভাৱ নষ্ট  হৈ যায়। ইয়াৰ ফলত এক অসৃস্তিকৰ দেহ-মানসিক অনুভূতিৰ সৃষ্টি হয়। তেতিয়া এই অস্বস্তিদূৰ কৰিবৰ বাবে প্ৰাণীয়ে উদ্দেশ্য়মুখী বা বাস্তৱমুখী আচৰণত প্ৰবৃত্ত হয়। এই আচৰণৰ ফলত চাহিদাৰ পৰিতৃপ্তি ঘটে আৰু মানসিকঅস্বস্তিদূৰ হৈ সাম্য়াৱস্থা পুনৰ উভতি আহে। গতিকে দেখা  যায় চাহিদা বা প্ৰয়োজন সমূহেই প্ৰাণীৰ সমস্ত কৰ্মপ্ৰেৰণা জাগ্ৰত কৰে। এই চাহিদা সমূহেই জীৱৰ বিভিন্ন প্ৰকাৰৰ আচৰণৰ মূল কাৰণ।
    
    ইয়াৰ উপৰিও ব্য়ক্তিৰ আচৰণৰ গতি, চাহিদাৰ গতি আৰু শক্তিৰ দ্বাৰা নিৰ্ধাৰিত হয়। উদাহৰণস্বৰূপে - 

(১) ব্য়ক্তিৰ পৰিস্থিতি যেতিয়া চাহিদা পূৰণৰ উপযোগী হয়, অৰ্থাৎ চাহিদাৰ পৰিপেক্ষিতত পৰিস্থিতি যেতিয়া ধনাত্মক যোগ্য়তা সম্পন্ন হয়, তেতিয়া ব্য়ক্তিয়ে সাধাৰণভাৱে বস্তুমুখী আচৰণৰ প্ৰদৰ্শন কৰে। এই ক্ষেত্ৰত ব্য়ক্তিৰ প্ৰচেষ্টামূলক আচৰণ আৰু চাহিদাই একে দিশত সমান্তৰালভাৱে ক্ৰিয়া কৰে। আচৰণ সম্পাদনৰ ক্ষিপ্ৰতা চাহিদাৰ শক্তিৰ লগত সমানুপাতিক।

(২) ব্য়ক্তিৰ পৰিস্থিতি যেতিয়া চাহিদাৰ পৰিস্থতিত অন্তৰায় হিচাপে দেখা দিয়ে, অৰ্থাৎ চাহিদাৰ পৰিপেক্ষিতত পৰিস্থিতি যেতিয়া ঋণাত্মক যোগ্য়তা সম্পন্ন হয় তেতিয়া আচৰণ পৰিস্থিতিৰ বিপৰীতমুখী হয়। এই ধৰণৰ কৰ্ম পৰিস্থিতিত চাহিদা আৰু প্ৰচেষ্টামূলক আচৰণৰ গতি একেমুখী হলেও একে সৰল ৰেখাত গতি কৰে। এই ক্ষেত্ৰত আচৰণ আৰু চাহিদা ঋণাত্মক পৰিস্থিতিত পৰা কোনো ধনাত্মক পৰিস্থিতিমুখী  হয়। চাহিদাৰ তাড়নাত ব্য়ক্তিয়ে বৰ্তমানৰ পৰিস্থিতিৰ পৰা নিজকে অপসাৰণৰ চেষ্টা কৰে।

(৩)যেতিয়া পৰিস্থিতিত ধনাত্মক আৰু ঋণাত্মক এই দুয়োটা উপাদান থাকে তেতিয়াব্য়ক্তিয়ে ধনাত্মক পৰিস্থিতিৰ পৰিপেক্ষিতত আচৰণ প্ৰদৰ্শন কৰে। এই ক্ষেত্ৰত ব্য়ক্তিৰ বিচাৰ-বিবেচনাৰ প্ৰয়োজন হয়, ফলত সঠিক আচৰণ সম্পাদনৰ ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয়।  

১৭। শিক্ষাত চাহিদাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ চাহিদাই আচৰণৰ মূল। আনহাতেদি শিক্ষাৰ উদ্দেশ্য় হৈছে জীৱনৰ বিকাশ। এই বিকাশ সাধন হয় জীৱনৰ পৰিৱৰ্তন আৰু পৰিবৰ্ধনৰ মাধ্য়মেৰে। গতিকে শিক্ষাত চাহিদাৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। চাহিদাই আচৰণক শক্তি যোগায়। এই শক্তিক কামত লগাব পাৰিলে শিক্ষা কাৰ্যৰ উদ্দেশ্য় সাৰ্থক হয়। সেয়েহে আধুনিক শিক্ষাত চাহিদা সমূহৰ ওপৰত সকলো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হয়। শিশুক শিক্ষা প্ৰদান কৰিবলৈ যাওঁতে প্ৰথমে শিশুৰ চাহিদা সমূহৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে। এই ক্ষেত্ৰত শিক্ষকে বিষয়বস্তু আৰু শিক্ষাদান ব্য়ৱস্থা এনেদৰে নিৰ্বচন কৰিব লাগে যাৰদ্বাৰা শিক্ষাৰ্থীসকলে বিভিন্ন চাহিদাৰ পৰিতৃপ্তি সাধনৰ যোগেদি আত্মতৃপ্তি লাভ কৰে আৰু একে সময়তে প্ৰয়োজনীয়তামূলক অভিজ্ঞতাও অৰ্জন কৰে। এজন আদৰ্শ শিক্ষকে বিষয়বস্তুৰ নিৰ্বাচন, শিক্ষণ পৰিস্থিতিৰ নিয়ন্ত্ৰণ, পাঠ পৰিচালন ইত্য়াদি সকলো কাৰ্যৰ মাধ্য়মেৰে শিক্ষাৰ্থীৰ চাহিদা তৃপ্তিৰ ব্য়ৱস্থাকৰিব পাৰে। ব্য়ক্তিৰ জীৱন বিকাশৰ পৰিপেক্ষিতত চাহিদা সততে পৰিৱৰ্তনশীল। শিক্ষাৰ্থীৰ বিশেষ বিশেষ চাহিদা পৰিতৃপ্তিৰ লগে লগে নতুন নতুন চাহিদাৰ সৃষ্টি হয়। এই পৰিৱৰ্তিত চাহিদাৰ পৰিপেক্ষিতত শিক্ষকে নিজস্ব শিক্ষাদান ব্য়ৱস্থা পৰিচালিত কৰিব লাগে। শিক্ষকে শিশুৰ চাহিদা অনুযায়ী শিক্ষা, শিক্ষাকাৰ্য পৰিচালনা কৰাৰ লগতে শিক্ষাৰ দ্বাৰা নতুন নতুন চাহিদা সৃষ্টিৰ ওপৰতো গুৰুত্ব দিব লাগে। এই উদ্দেশ্য়ৰে শিক্ষকে শিক্ষাৰ্থীৰ সন্মুখত নতুন নতুন পৰিস্থিতিৰ যোগেদি নতুন সমস্য়া উপস্থাপন কৰি অতীত অভিজ্ঞতাৰ পৰিপেক্ষিতত তেওঁলোকৰ মনত অভাৱবোধৰ সৃষ্টি কৰিব লাগে। এই সমস্য়াবোৰ যিমানেই প্ৰত্য়ক্ষ জীৱনৰ লগত জড়িত হব, সিমানেই অভাৱবোধ বৃদ্ধি পাব। গতিকে শিক্ষণ সমস্য়াৰ ব্য়ৱহাৰিক দিশটোৰ প্ৰতি শিক্ষকে লক্ষ্য় ৰাখিব লাগে।   

১৮। প্ৰবৃত্তি কি? প্ৰবৃত্তিৰ বৈশিষ্ট্য সমূহৰ বিষয়ে লিখা।

উত্তৰঃ উদৱৰ্থৰ দৃষ্টিভঙ্গী অনুসৰি প্ৰবৃত্তি হৈছে এনে এক প্ৰকাৰৰ শিক্ষাবিহগীন ক্ৰিয়া যি জীৱ-জন্তু বা মানুহৰ কোনো পূৰ্ব অভিজ্ঞতা আৰু অনুশীলনৰ নকৰাকৈয়ে পৰিৱেশত দক্ষতাৰে কোনো কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে।

প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ হ'ল-

(১) প্ৰবৃত্তিসমূহ কেৱল মাত্ৰ জন্মগত বা সহজতেই নহয়, এই প্ৰবৃত্তিসমূহ বংশানুক্ৰমিকো, উহাদৰণ স্বৰূপে মৌ মাখিয়ে মৌ সংগ্ৰহ কৰা বা মৌচাক তৈয়াৰ কৰা আচৰণ যুগ যুগ ধৰি বংশানুক্ৰমিক ভাৱে চলি আহিছে। এক বিশেষ শ্ৰেণীৰ প্ৰাণীৰ মাজত এই বংশানুক্ৰমিক আচৰণ এক সমৰূপতা পৰিলক্ষিত হয়।

(২) প্ৰবৃত্তিমূলক আচৰণ এটা প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ উদ্দেশ্যমূখীতা। প্ৰবৃত্তিমূলক আচৰণ সমূহ স্বতঃস্ফূৰ্তভাৱে সম্পাদিত হ'লেও এই আচৰণ সমূহ উদ্দেশ্যবিহীন নহয়। প্ৰত্যেকে প্ৰবৃত্তিমূলক আচৰণৰ অন্তৰালত একো একোটা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। উদাহৰণ স্বৰূপে চৰাইয়ে বাঁহ সজাৰ আচৰণৰ উদ্দেশ্য হৈছে ভৱিষ্যত সন্তানৰ লালন-পালন কৰা।

(৩) মেগডুগেলৰ মতে প্ৰত্যেক প্ৰবৃত্তিৰ অন্তৰালত একো একোটা আবেগ ক্ৰিয়াশীল। এই আবেগই প্ৰবৃত্তিক কৰ্ম ক্ষমতা যোগায়। প্ৰত্যেক প্ৰবৃত্তিয়েই একোটা আবেগৰ লগত এক সুনিৰ্দ্দিষ্ট সম্পৰ্কত আৱদ্ধ। অৰ্থাৎ এটা প্ৰবৃত্তি এটা নিদ্দিষ্ট আবেগৰ লগত জড়িত। প্ৰবৃত্তিমূলক আবেগ অনুভূতিয়ে সৃষ্টি কৰে প্ৰচেষ্টাৰ আৰু এই প্ৰচেষ্টা পৰ্য্যবসিত হয় প্ৰবৃত্তিমূলক আচৰনৰ যোগেদি।

(৪) প্ৰবৃত্তি হৈছে এক সাৰ্বজনীন ক্ষমতা, একো একোটা প্ৰাণী গোষ্টি বা শ্ৰেণীৰ মাজত প্ৰবৃত্তি সমূহ সাৰ্বজনীন ভাৱে বিদ্যমান।

(৫) সৰ্বশেষত, প্ৰবৃত্তিৰ দ্বাৰা নিয়ন্ত্ৰিত কাৰ্য বুদ্ধি নিৰপক্ষেতাৰে সম্পাদিত হয়। প্ৰবৃত্তিমূলক আচৰণ সমূহ সাধাৰণতে যান্ত্ৰিকভাৱেই সম্পাদিত হয়। প্ৰবৃত্তিমূলক আচৰণে এক নিদ্দিষ্ট গতানুগতিকতা মানি চলে। এই ধৰণৰ আচৰণে প্ৰাণীৰ পৰিবৰ্ত্তনশীল পৰিৱেশৰ লগত সাৰ্থক সমাযোজনত সহাৰ্য কৰিব নোৱাৰি।   

১৯। আবেগ কাক বোলে? আবেগৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ মেকডুগেলৰ মতে প্ৰবৃত্তিজাত আচৰণৰ লগত যুক্তি মানসিক অৱস্থাকে আবেগ বুলি কোৱা হয়। 

আবেগৰ কেইটামান বৈশিষ্ট্য হ'ল-

(১) প্ৰত্যেক আবেগ সৃষ্টি কৰিবৰ বাবে এটা উদ্দীপকৰ প্ৰয়োজন। অৰ্থাৎ এটা উদ্দীপক কোনো বাহ্যিক বস্তু সম্পৰ্কে পূৰ্ব অভিজ্ঞতা বা ধাৰণাও হ'ব পাৰে।

(২) ব্যক্তিৰ সকলো বয়সতেই আবেগৰ প্ৰভাৱ পৰিলক্ষিত হ'লেও বয়স বৃদ্ধিৰ লগে লগে আবেগিক প্ৰতিক্ৰিয়াৰ পৰিবৰ্তন হয়। অভিজ্ঞতা বঢ়াৰ লগে লগে আৰু সামাজিক সংস্কাৰৰ প্ৰভাৱত আবেগিক প্ৰতিক্ৰিয়া ক্ৰমশঃ জটিল হৈ উঠে।

(৩) আবেগৰ উপস্থিতিয়ে দেহ-মনৰ কৰ্মক্ষমতাক বাধাগ্ৰস্ত কৰে আৰু অনেক সময়ত ইয়াৰ পৰিৱৰ্তন কৰে। অতিমাত্ৰা দুখ বা আনন্দৰ আমি কথা কব নোৱাৰা হৈ যাওঁ। আনহাতেদি আনন্দত অধীন বা খঙৰ ভমকত মানুহে আবেগ মুক্ত অৱস্থাত কৰিব নোৱাৰা অনেক কামেই কৰি পেলোৱা দেখা যায়।

(৪)আবেগৰ স্বাভাৱিক বিকাশ সঠিক পথত সংঘটিত নহলে নানা ধৰণৰ মানসিক জটিলতা বা মানসিক ব্যাধিৰ সৃষ্টি হব পাৰে। অৰ্থাৎ আবেগ সমূহক কেন্দ্ৰ কৰিয়েই নানান অপসংগতি নূলক আচৰণৰ সৃষ্টি হ'ব পাৰে।

৫। আবেগৰ লগত দেহযন্ত্ৰৰ এক ঘনিষ্ট সম্পৰ্ক আছে প্ৰত্য়েক আবেগৰ প্ৰকাশৰ সময়ত কিছু দৈহিক পৰিবৰ্তন সংঘটিক হয়। আবেগৰ প্ৰকাশৰ সময়ত শাৰীৰিক পৰিবৰ্ত্তনৰ ফলত দেহৰ অভ্যন্তৰত আংগিক সংবেদন (Organic Sensation)  জাগ্ৰত হয় আৰু এই সংবেদনেই আবেগৰ মূল কাৰণ। 

২০। ভাল অভ্যাস কিদৰে গঠন কৰিব পাৰি? আলোচনা কৰা।

উত্তৰঃ সজ অভ্য়াস গঠন আৰু বদ অভ্য়াস ত্য়াগ কৰাটো আমাৰ সকলোৰে কাম্য়। ইয়াৰ চমু বিৱৰণ তলত দিয়া হল -

    মনোবিদ উইলিয়াম জেমচে অভ্য়াস গঠনৰ ক্ষেত্ৰত কেইটামান বিশেষ দিশৰ কথা উল্লেখ কৰিছিল। এই দিশ সমূহকেই সাধাৰণভাৱে অভ্য়াস গঠনৰ নিয়মাৱলী বুলি কোৱা হয়। তলত ভাল অভ্য়াসগঠনৰ নিয়মাৱলীসমূহ উল্লেখ কৰা হল -

(১) মানসিক সংকল্পঃ অভ্য়াস গঠনৰ বাবে মানসিক সংকল্পৰ একান্ত প্ৰয়োজন। মানসিক সংকল্পই মনত ক্ৰিয়াৰ প্ৰয়োজনীয় প্ৰস্তুতিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে, পুৱা চাৰি বজাত শুই উঠাৰ অভ্য়াস গঠন কৰিব খুজিলে পুৱা উঠিবৰ বাবে মন স্থিৰ কৰিব লাগিব। এই ক্ষেত্ৰত নানা অসুবিধাই দেখা দিলেও সংকল্পৰ পৰা বিচলিত হব নালাগিব। অৰ্থাৎ অভ্য়াস গঠনৰ বাবে মনৰ দৃঢ়তা বিশেষভাবে প্ৰয়োজন।

(২) তৎপৰতাঃ অভ্য়াস গঠনৰ প্ৰাথমিক পৰ্যায়ত যিদৰে মানসিক দৃঢ়তাৰ প্ৰয়োজন, তেনেদৰে অভ্য়াস গঠনৰ বাবে মানসিক তৎপৰতাৰো প্ৰয়োজন কোনো অভ্য়াস গঠন কৰিবলৈ স্থিৰ কৰাৰ লগে লগেই, তাৰ অনুশীলনীৰ প্ৰথম সুযোগতেই আৰম্ভ কৰিব লাগে। কোনো অজুহাতত পাঠলৈ ৰৈ থাকিলে মনৰ সংকল্প দুৰ্বল হৈ পৰে। উদাহৰণস্বৰূপে পুৱা সোনকালে শুই উঠাৰ সংকল্প গ্ৰহন কৰিলে তৎকালেই কাৰ্য্য়কৰী কৰিব লাগে। এই ক্ষেত্ৰত কোনো শুভ মূহুত্বলৈ অপেক্ষা কৰা বা কোনো নিৰ্ধাৰিত তাৰিখৰ পৰা শুই উঠিম বুলি ভবা উচিত নহয়। এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহনৰ লগে লগে তাক তৎপৰতাৰে কাৰ্যকৰী কৰিব লাগে। অন্য়থা মনৰ স্থিৰতা কমি যায়।

(৩) অনুশীলনঃ অভ্য়াস গঠনৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন। কোনো কৰ্ম পুনৰাবৃত্তি কৰাৰ পিছত যদি তাৰ অনুশীলন বৰ্জন কৰা হয়, তেন্তে স্নায়বিক বাধা পুনৰ বৃদ্ধি পায়। ফলত অভ্য়াস গঠন সম্ভৱ নহয়। গতিকে কোনো অভ্য়াস দৃঢ়ভাবে গঠিত নোহোৱা পৰ্যন্ত কোনো ব্য়ক্তিক্ৰম নোহোৱাকৈ পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন। এই ক্ষেত্ৰত কোনো অনিয়ম-ব্য়ক্তিক্ৰম অথবা মানসিক দুৰ্ব্বলতাক প্ৰশ্ৰয় দিব নালাগে। উদাহৰণস্বৰূপে পূৱা সোনকালে উঠাৰ অভ্য়াস গঠন কৰোতে বৰষুণৰ বতৰ, ঠাণ্ডা, বন্ধ দিন আদি অজুহাতত ইয়াৰ ব্য়তিক্ৰম ঘটাব নালাগে। 

(৪) পুনঃসংযোজনঃ অভ্য়াস এবাৰ গঠন হোৱাৰ পিছত ইয়াৰ অনুশীলনী সম্পূৰ্ণ ভাবে ত্য়াগ কৰা উচিত নহয়। কাৰণ ইয়াৰ ফলত কামৰ স্বয়ংক্ৰিয়তা হ্ৰাস পায়। যিবিলাক অভ্য়াস দৈনন্দিন জীৱনত সাধাৰণতে পুনৰাবৃত্তিৰ প্ৰয়োজন নহয়, সেই অভ্য়াস সমূহো সক্ৰিয় অৱস্থাত, ৰাখিবৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন। অৰ্থাৎ মনৰ দৃঢ়তাৰে অভ্য়াসৰ পুনৰ অনুশীলন একান্ত প্ৰয়োজন। অভ্য়াস গঠনৰ বাবে এক উপযুক্ত পৰিবেশৰো প্ৰয়োজন হয়। পৰিবেশ উপযুক্ত নহলে শিশুৰ সহজ অভ্য়াস গঠনৰ প্ৰচেষ্টা অকলে যাব পাৰে। অভ্য়াস গঠনৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে পুৰস্কাৰ আৰু শাস্তিৰো প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ উপৰিও শৈশৱ কালতে ভাল অভ্য়াস সমূহ গঠনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে।


২১। বেয়া অভ্যাস কিদৰে পৰিহাৰ কৰিব পাৰি আলোচনা কৰা।

উত্তৰঃ সু - অভ্য়াসসমূহ আমাৰ জীৱনৰ যিদৰে পৰম বন্ধু সেইদৰেই কু - অভ্য়াসসমূহ আমাৰ জীৱনৰ পৰম বন্ধু। বেয়া অভ্য়াসসমূহে শিক্ষাৰ্থীৰ জীৱনক নানান সমস্য়াৰ সৃষ্টি কৰে। বেয়া অভ্য়াসসমূহ গঠন কৰিবলৈ সহজ, কিন্তু তাক দূৰ কৰা বৰ কঠিন। এই প্ৰসংগত লব লগা কিছুমান ব্য়ৱস্থা তলত উল্লেখ কৰা হল -

(১) বেয়া অভ্য়াস দূৰ কৰিবৰ বাবে ইয়াৰ অনিষ্টকাৰী প্ৰভাৱ সম্পৰ্কে সচেতনতাৰ সৃষ্টি কৰিব লাগে। এই সচেতনতাই বেয়া অভ্য়াস দূৰ কৰিব বাবে মানসিক প্ৰস্তুতি সৃষ্টি কৰে।

(২) কু-অভ্য়াস বৰ্জনৰ মানসিক প্ৰস্তুতি লাভ কৰাৰ লগে লগেই ইয়াৰ পুনৰাবৃত্তি বন্ধ কৰিব লাগে। এই ক্ষেত্ৰত কোনো মানসিক দুৰ্বলতাক প্ৰশ্ৰয় দিব নালাগে। এই ক্ষেত্ৰত লাগে লাগে এৰাৰ কথা চিন্তা কৰিব নালাগে।

(৩) বেয়া অভ্য়াস দূৰ কৰিবলৈ যাওঁতে তাৰ বিকল্প হিচাপে তাৰ ঠাইত কোনো এটা সু-অভ্য়াস গঠন কৰাৰ প্ৰয়োজন। এই বিকল্প অভ্য়াসে বৰ্জন কৰা অভ্য়াসটোৰ অভাৱ পূৰণ কৰিব পাৰে।

(৪) পৰিৱেশৰ পৰিৱৰ্তনঃ অনেক সময়ত দেখা যায় যে অসুস্থ পৰিৱেশৰ প্ৰভাৱত আমাৰ অনেক বেয়া অভ্য়াসে গঢ় লৈ উঠে। অৰ্থাৎ অসুস্থ পৰিৱেশৰ প্ৰভাৱত অনেক কু অভ্য়াসে গঢ় লৈ উঠে। এই ক্ষেত্ৰত কু-অভ্য়াস দূৰ কৰিবৰ বাবে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰয়োজন। শিশুক বেয়া পৰিৱেশৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখে।

(৫) শাস্তিৰ প্ৰয়োগঃ কামৰ দুখজনক পৰিণতিয়ে কামৰ পুনৰাবৃত্তিত বাধাৰ সৃষ্টি কৰে। সেইবাবে বেয়া অভ্য়াসজনিত কাৰ্যত বাধা প্ৰদান কৰিবৰ বাবে প্ৰয়োজন সাপেক্ষে শাস্তিৰ প্ৰয়োগ কৰিব লাগে। আনহাতেদি শাস্তিৰ লগতে পুৰস্কাৰৰ সহায়তো বদ অভ্য়াসনিৰ্মূলৰ প্ৰচেষ্টা হাতত লব পৰা যায়। 

২২। অভ্যাস গঠনত শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কাম হিচাপে অভ্য়াস গঠনত শিক্ষকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব দুটা দিশৰ পৰা বিবেচনা কৰিব পাৰি। প্ৰথমে, শিক্ষাৰ মাধ্য়মেৰে সু অভ্য়াস গঠন কৰিব লাগে আৰু দ্বিতীয়তে, শিক্ষাৰ দ্বাৰা কু-অভ্য়াস দূৰ কৰা। ব্য়ক্তিত্বৰ বিকাশ যিদৰে সু-অভ্য়া গঠনৰ ওপৰত নিৰ্ভৰ কৰে, তেনেদৰে ইয়াৰ বাবে কু - অভ্য়াস সমূহো দূৰ কৰাৰ প্ৰয়োজন। সেয়েহে শিক্ষা পৰিৱেশত শিক্ষক সকল নিজৰ দায়িত্ব আৰু কৰ্তব্য় সম্পৰ্কে সচেতন হোৱা উচিত। শিক্ষাদানৰ সময়ত শিক্ষকসকলে সু-অভ্য়াস গঠনৰ প্ৰতি বিশেষভাৱে চকু ৰাখিব লাগে। প্ৰথমে, শিক্ষকে কিছুমান দৈহিক অভ্য়াস গঠনত গুৰুত্ব প্ৰদান কৰিব লাগে। যেনে- পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৰীৰ চৰ্চ্ছ ইত্য়াদি। এই ধৰণৰ অভ্য়াসে ব্য়ক্তি জীৱনৰ দৈহিক বিকাশত সহায়তা কৰে। দ্বিতীয়তে, শিক্ষকে কিছুমান অভ্য়াস গঠনৰ প্ৰতিও বিশেষভাৱে নজৰ দিব লাগে। এই মানসিক সমূহে শিক্ষা গ্ৰহণ কাৰ্য সহজ কৰি তোলে। তৃতীয়তে, শিক্ষকৰ দায়িত্ব হৈছে কিছুমান আবেগমূলক অভ্য়াস গঠন কৰা। এই ক্ষেত্ৰত বিভিন্ন বিষয়বস্তুৰ প্ৰতি যথাযথ মনোভাৱ গঠনৰ দায়িত্ব শিক্ষকে গ্ৰহণ কৰিব লাগে।
    
    অভ্য়াস সমূহ গঠন কৰিবলৈ যাওঁতে শিক্ষকৰ প্ৰথম কৰ্তব্য় হৈছে অভ্য়াস গঠনৰ উদ্দেশ্য় আৰু লক্ষ্য় নিৰ্ণয় কৰা। এই লক্ষ্য় বা উদ্দেশ্য়ৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্য্য়ায়ত কাৰ্যৰ অনুশীলনীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। অভ্য়াস গঠন এক প্ৰকাৰৰ শিকন। অভ্য়াস গঠন হলে দূৰ কৰা কঠিন। সেয়েহে সু-অভ্য়াস গঠনতকৈ কু-অভ্য়াস দূৰ কৰা অধিক কষ্টসাধ্য়। সেয়েহে ইয়াৰ প্ৰতিকাৰমূলক ব্য়ৱস্থা হিচাবে শিক্ষকে শিক্ষাৰ্থীসকলক যাতে কু - অভ্য়াস গঠন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে। শিক্ষকৰ নিজস্ব অভ্য়াস আদৰ্শস্থানীয় হব লাগে আৰু শিক্ষকে কোনো বেয়া অভ্য়াস ছাত্ৰৰ সন্মুখত প্ৰদৰ্শন কৰিব নালাগে। উপযুক্ত আদৰ্শৰ ভিত্তিত অগ্ৰসৰ হলে সু-অভ্য়াস গঠন আৰু কু - অভ্য়াস দূৰীকৰণ কাৰ্য সহজ হৈ উঠে।  

২৩। প্ৰবৃত্তিৰ পৰিশোধনৰ কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

২৪। অভ্যাস কাক বোলে? অভ্যস্ত ক্ৰিয়াৰ বৈশিষ্ট্যসমূহ  লিখা।

উত্তৰঃ জন ডিউৱীৰ মতে-' অভিজ্ঞতা অনুশীন বা শিক্ষণৰ ফলত সম্পূৰ্ণ বা আংশিকভাৱে আয়ত্ত কৰিব পৰা প্ৰক্ৰিয়াকে অভ্যাস বোলে।'
অভ্যস্ত ক্ৰিয়াৰ বৈশিষ্ট্যসমূহ হ'ল- 

(১) সমৰূপতাঃ (Uniformity) অভ্যাসমূলক কার্য সম্পাদনৰ ক্ষেত্ৰত বিশেষ সমতা লক্ষ্য কৰা যায়। সাধাৰণতে সকলো ঐচ্ছিক কৰ্মই পৰিৱৰ্তনশীল। কিন্তু অভ্যাসমূলক কার্যসমূহ আমি সদায় একেভাৱেই সম্পন্ন কৰো। গতিকে এই কাৰ্যসমূহৰ এটা বৈশিষ্ট্য হ'ল সম্পাদনৰ সমতা। এই আচৰণ সমূহে পৰিৱৰ্তনশীল পৰিৱেশত সমাযোজনত সহায় নকৰে।
puspa kakati

(২) ক্ষিপ্রতাঃ (Promptness) অভ্যাসমূলক কার্য সম্পাদনৰ ক্ষেত্ৰত আমি কোনো চিন্তা-ভাৱনা কৰিব নালাগে। এই কার্যসমূহ আমি দ্রুতভাৱে সম্পাদন কৰিব পাৰো। অর্থাৎ অভ্যাসমূলক কার্যসমূহ ক্ষিপ্রতাবে সম্পাদিত হয়। সেয়েহে সম্পাদনৰ ক্ষিপ্রতা অভ্যাসমূখক কাৰ্যৰ আন এটা প্রধান বৈশিষ্ট্য।

(৩) সঠিকতাঃ (Accuracy) অভ্যাস হ’ল আচৰণৰ এক সম্পূর্ণ ত্রুটিহীন ৰূপ। কোনো কাম ক্ষিপ্ৰতাৰে কৰিলে অনেক সময়ত আমাৰ ভূল হোৱাৰ সম্ভাৱনা থাকে। কিন্তু অভ্যাসৰ ক্ষেত্ৰত কোনো ক্ষিপ্ৰতাৰে কাৰ্য সম্পাদন কৰিলেও আমি সম্পূর্ণ নির্ভূল ভাৱে এই কার্য কৰিব পাৰো। 

(৪) স্বয়ংক্রিয়তাঃ (Automatization) অভ্যাসমূলক কার্য সম্পাদনৰ বাবে মনোযোগ প্রদানৰ প্ৰয়োজন নহয়। বৰঞ্চ মনোযোগ প্রদানে অভ্যাসমূলক কাৰ্য ব্যাহতহে কৰে আৰু কামৰ ক্ষিপ্রতা হ্রাস কৰে। গতিকে স্বয়ংক্রিয়তা অভ্যাসৰ প্রধান বৈশিষ্ট্য।

(৫) সহজ সম্পাদন : (Ease of Performance) অভ্যাসজনিত কাম খুব সহজে সম্পাদন কৰিব পৰা যায়। অভ্যাসমূলক কার্য কষ্টদায়ক হ'লেও ই দেহ-মনক অৱসাদগ্রস্থ কৰিব নোৱাৰে। এই কার্যসমূহ অল্প আয়াসতেই সম্পাদন কৰা হয়।

(৬) পৰিৱৰ্তনহীনতাঃ (Resistence to Change) সর্বশেষত ক’ব পৰা যায় যে অভ্যাসে পৰিৱৰ্তনক প্ৰতিৰোধ কৰে। অভ্যাস এবাৰ গঠন হ’লে তাক সহজে পৰিবৰ্তন কৰিব নোৱাৰি।

(৭) ব্যক্তিকেন্দ্ৰিকতাঃ (Individualized) অভ্যাসযোগে প্ৰদৰ্শন কৰা আচৰণ প্ৰদৰ্শন কৰা আচৰণ সম্পূৰ্ণ ব্যক্তিনিৰ্ভৰ। প্ৰত্যেকজন ব্যক্তিৰ অভ্যাসে তেওঁৰ নিজস্বতাক সূচিত কৰে।

২৫। অভ্যাস কি? শিক্ষাত অভ্যাসৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ মানুহে শিক্ষানব্ধ কামসমূহ কৰিবলৈ যাওঁতে প্ৰথমতে যথেষ্ট দেহ-মানসিক প্ৰস্তুতি, মনোযোগ আৰু সতৰ্কতাৰ প্ৰয়োজন হয়। কিন্তু এই কামসমূহ পুনঃপুনঃ কৰি থাকিলে, পুনৰ কৰিবলৈ মনোযোগ, পৰিশ্ৰম আৰু সতৰ্কতাৰ প্ৰয়োজন নোহোৱা হয়। এনেদৰে পুনঃপুনঃ একে কামকে কৰি আহৰণ কৰা আচৰণকে অভ্য়াস বুলি কোৱা হয়।

    শিক্ষাৰ প্ৰধান দায়িত্ব হৈছে শিক্ষাৰ্থীৰ আকাংক্ষিত অভ্য়াস গঠন কৰা। অভ্য়াস কম বয়সত সহজে গঠন হয়। সেইবাবে শৈশৱ কালত গঠন হোৱা অভ্য়াসসমূহ দৃঢ় আৰু দীৰ্ঘস্থায়ী হয়। সেয়ে শিশুৰ শিক্ষাৰ দ্বাৰা প্ৰয়োজনীয় অভ্য়াস গঠনত গুৰুত্ব প্ৰদান কৰিব লাগে। আনহাতেদি বিচাৰ কৰি চালে দেখা যায় যে শিক্ষা প্ৰক্ৰিয়াক সুস্থভাবে পৰিচালিত কৰিবৰ বাবে অভ্য়াসৰ প্ৰয়োজন। এইক্ষেত্ৰত উপযুক্ত পঠন অভ্য়াস, উপযুক্ত চিন্তনৰ অভ্য়াস, পৰিচ্ছন্নতাৰে অভ্য়াস বিশেষভাৱে গুৰুত্বপূৰ্ণ। শিক্ষাৰ আন এক উদ্দেশ্য় হল ব্য়ক্তিক সমাজৰ উপযোগী কৰি গঢ়ি তোলা। শিশুক সামাজিক  জীৱনৰ উপযোগী কৰি গঢ়ি তোলা। শিশুক সামাজিক জীৱনৰ উপযোগী কৰি গঢ় দি তুলিবৰ বাবে কিছুমান সামাজিক অভ্য়াস গঠন কৰাৰ প্ৰয়োজন। 

২৬। শিক্ষাৰ ক্ষেত্ৰত আবেগৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা।

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত আবেগ এক গুৰুত্বপূৰ্ণ বিষয়। শিক্ষাৰ্থীৰ আবেগিক জীৱনৰ সুপৰিচালনা আৰু নিয়ন্ত্ৰণ শিক্ষকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। আবেগমূলক আচৰণসমূহ অভিজ্ঞতাৰ দ্বাৰা পৰিবৰ্তন কৰিব পৰা যায়।সেয়েহে আবেগৰ পৰিবৰ্তন আৰু পৰিবৰ্ধনৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব হৈছে ঋনাত্মক বা হানিকাৰক আবেগ সমূহৰ নেতিবাচক প্ৰভাৱ নিয়ন্ত্ৰন কৰা, আৰু ধনাত্মক প্ৰভাৱ যুক্ত আবেগসমূহৰ গঠনাত্মক শক্তিৰ যথোপযুক্ত প্ৰয়োগ কৰি শিক্ষাৰ্থীৰ চাৰিত্ৰিক বিকাশত সহায়তা কৰা। বিভিন্ন ধৰণৰ হানিকাৰক আবেগসমূহৰ প্ৰভাৱ দূৰ কৰিবৰ বাবে শিক্ষকে বিভিন্ন বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত দুটামান আবেগৰ ক্ষেত্ৰত শিক্ষকে গ্ৰহণ কৰিব লগীয়া কৌশলৰ বিষয়ে আলোচনা কৰা হল-

(১) ভয়ঃ মানুহৰ জীৱনত ভয় কোনো এটা পৰিস্থিতিত সৃষ্টি হয় আৰু নিৰ্ধাৰিত সময়ত নাইকিয়া হয়। কিন্তু স্বাভাৱিক নিয়মত যেতিয়া ব্য়ক্তিৰ জীৱনৰ পৰা ভয়ৰ প্ৰভাৱ দূৰীভূত নহয়, তেতিয়াই এই ভয় আবেগে সমস্য়া সৃষ্টি কৰে। এই সমস্য়া সমূহৰ যথাসময়ত সমাধান কৰিব নোৱাৰিলে ব্য়ক্তি জীৱনত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হব পাৰে।

(২) খংঃ খং শিক্ষাৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ আবেগ। শিক্ষাৰ্থীৰ খং আবেগৰ ক্ষেত্ৰতো শিক্ষকে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। শিক্ষকে শিক্ষাৰ্থীৰ খং আবেগৰ অসংযত বৰ্হি প্ৰকাশ শিক্ষাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰে। ছাত্ৰসকলৰ সন্মুখত বিভিন্ন আদৰ্শ ডাঙি ধৰি অনুবন্ধনৰ দ্বাৰা খং দূৰ কৰাৰ ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে।

(৩) ঘৃণাঃ শিক্ষাৰ ক্ষেত্ৰত ঘৃণা আন এক হানিকাৰক আবেগ। এই ঘৃণা কোনো বিষয় বস্তু বা ব্য়ক্তিক কেন্দ্ৰ কৰি গঢ়লৈ উঠে। বেয়া বস্তু বা অসৎ ব্য়ক্তিৰ প্ৰতি ঘৃণা হোৱা ভাল। কিন্তু ই যাতে ব্য়ক্তি জীৱনক সম্পূৰ্ণভাৱে প্ৰভাৱিত নকৰে তাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে। ঘৃণাই যাতে শিক্ষাৰ্থীৰ জীৱনত বিৰূপ  প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি শিক্ষক সচেতন হব লাগে।  

২৭। প্ৰবৃত্তিৰ ওপৰত শিক্ষাই কিদৰে প্ৰভাৱ পেলায় লিখা।

উত্তৰঃ

২৮। শিক্ষাৰ ক্ষেত্ৰতত্ৰ প্ৰবৃত্তিৰ প্ৰবাৱ কি? বাখ্যা কৰা।

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰতএপ্ৰবৃত্তিৰ প্ৰবাৱ তলত ব্য়াখ্য়া কৰা হল-

(১) শিক্ষাৰ উদ্দেশ্য় আৰু প্ৰবৃত্তিঃ শিশুৰ শিক্ষা প্ৰবৃত্তিমুখী হব লাগে। শিক্ষাবিদ সকলে কয় যে ব্য়ক্তিৰ বিকাশধৰ্মী সত্তাই হৈছে প্ৰবৃত্তি। শিক্ষাৰ উদ্দেশ্য় হৈছে সুসংহ কৰা। মনোবিদ ৰচৰ মতে ঘৰ-বাৰী সাজিবৰ বাবে যিদৰে ইটা বালিৰ প্ৰয়োজন ঠিক তেনেদৰেই চৰিত্ৰ গঠনৰ বাবে প্ৰবৃত্তি সমূহৰ প্ৰয়োজন।

(২) শিক্ষাৰ পদ্ধতি আৰু প্ৰবৃত্তিঃ আধুনিক শিক্ষা শিশুকেন্দ্ৰিক। শিশুকেন্দ্ৰিক শিক্ষাত শিশুৰ প্ৰয়োজন সমূহত গুৰুত্ব দিয়া হয়। শিশুৰ স্বাভাৱিক ক্ৰিয়া প্ৰৱনতাক যথাৰ্থ গুৰুত্ব প্ৰদান কৰি শিক্ষা পৰিকল্পনা ৰচনা কৰিলেহে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য় সাৰ্থক হব পাৰে।

(৩) বিদ্য়ালয় পৰিচালনা আৰু প্ৰবৃত্তিঃ বিদ্য়ালয়ৰ পৰিচালনাৰ ক্ষেত্ৰতো প্ৰবৃত্তিসমূহক গুৰুত্ব প্ৰদান কৰিব লাগিব। বিদ্য়ালয়ৰ পৰিচালনাৰ ক্ষেত্ৰত এনে এক পৰিবেশৰ সৃষ্টি কৰিব লাগিব যি শিক্ষাৰ্থীৰ স্বাভাৱিক সহজাত প্ৰবৃত্তিবোৰক চৰিতাৰ্থ কৰাত সহায় কৰে। এনে পৰিবেশহে শিক্ষাৰ্থীক এক স্বাভাৱিক আনন্দ প্ৰদান কৰিব পাৰে।

(৪) প্ৰবৃত্তি আৰু শিশুৰ চৰিত্ৰ গঠনঃ প্ৰবৃত্তিসমূহক নিয়ন্ত্ৰিত কৰি শিক্ষকে শিশুৰ কাঞ্চিত গুণাৱলীৰ সৃষ্টি কৰিব পাৰে। আমি জানো যে মানুহৰ প্ৰবৃত্তিসমূহ অনেকাংশ নমনীয় আৰু পৰিবৰ্ত্তনশীল। গতিকে শিক্ষা পৰিবেশৰ যথাযথ নিয়ন্ত্ৰণৰ মাধ্য়মেৰে শিক্ষকে শিক্ষাৰ্থীৰ প্ৰবৃত্তি সমূহ নিয়ন্ত্ৰিত কৰি শিক্ষাৰ্থীৰ ব্য়ক্তিত্ব আৰু চৰিত্ৰৰ বঞ্চিত বিকাশ সাধন কৰিব পাৰে।

(৫) প্ৰবৃত্তি আৰু শিক্ষাৰ্থীৰ শিকন প্ৰচেষ্টাঃ প্ৰবৃত্তি সমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি শিক্ষাদানকাৰ্য্য় পৰিচালিত কৰিলে শিক্ষাৰ্থীসকলে কম আয়াসতে আৰু কাৰ্যকৰীভাবে শিক্ষা গ্ৰহন কৰিব পাৰে। পৰিৱেশৰ বিভিন্ন বস্তুৰ প্ৰতি শিক্ষাৰ্থীৰ মনত কৌতুহলৰ সৃষ্টি কৰিব পাৰিলে শিক্ষাৰ্থীয়ে স্বাভাৱিক ভাবে শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী হৈ উঠে। 

    শিক্ষাৰ্থীৰ সহজাত প্ৰবৃত্তিক শিক্ষাৰ ক্ষেত্ৰত যথাযোগ্য় গুৰুত্ব নিদিলে শিক্ষা ব্য়ৱস্থা পূৰ্ণাঙ্গ হব নোৱাৰে। শিক্ষাৰ উদ্দেশ্য়, পদ্ধতি বা শিক্ষা ব্য়ৱস্থাৰ সংগঠন এই সকলো দিশতেই প্ৰবৃত্তিৰ গুৰুত্ব দেখিবলৈ পোৱা যায়। প্ৰবৃত্তিৰ যথাযথ অনুশীলনে শিক্ষা ব্য়ৱস্থাক বিজ্ঞানসন্মত ভিত্তিত প্ৰতিষ্ঠিত কৰিব পাৰে। আধুনিক শিক্ষা ব্য়ৱস্থাত শিক্ষকৰ দায়িত্ব হৈছে শিক্ষাৰ্থীক এই সহজাত প্ৰাথমিক প্ৰবৃত্তি আৰু প্ৰবৃত্তিমূলক আচৰণ সম্পৰ্কে বিজ্ঞান সন্মত অনুশীলন কৰা। 

২৯। আবেগৰ বিভিন্ন প্ৰকাৰ সমূহ কি কি? আলোচনা কৰা।

উত্তৰঃ বয়স বৃদ্ধিৰ লগে লগে আবেগৰ জটিলতা বৃদ্ধি পায়। মানুহে সহজাত ভাবে কিছুমানআবেগ লৈ জন্মগ্ৰহণ কৰে। এই আবেগ সমূহ মৌলিক আবেগ বুলি কব পৰা যায়। মনোবিদ ওৱাটচনে কৈছিল মৌলিক আবেগ হৈছে মাত্ৰ তিনিটা - ভয়, ক্ৰোধ, আৰু ভালপোৱা। মনোবিদ ষ্টেগনাৰৰ মতে মানুহৰ মৌলিক আবেগ হৈছে চাৰিটা (১) ভাললগা, (২) বেয়া লগা বা বেদনা, (৩) উত্তেজনা, আৰু (৪) বিমৰ্ষতা।
    
    আবেগ সম্পৰ্কে এই ভিন্নমুখী মতবাদৰ পৰিপেক্ষিতত মনোবিদ মেগডুগেলে যি মতবাদ আগবঢ়াইছিল সেই মতবাদকে অধিক বিজ্ঞান সন্মত আৰু বিস্তৃত বুলি বিবেচনা কৰিব পৰা যায়। মেকডুগেলে মানুহৰ আবেগ সমূহক তিনিটা ভাগত ভাগ কৰিছে -

(১) প্ৰাথমিক বা মৌলিক আবেগ

(২) জটিল আবেগ

(৩) আৰ্জিত আবেগ

৩০। মানুহ আৰু ইতৰ প্ৰাণীক তুলনা কৰা।

উত্তৰঃ যিসকলে প্ৰবৃত্তিক সম্পূৰ্ণ এক অন্ধ আৰু যান্ত্ৰিক প্ৰৱনতা বুলি বিবেচনা কৰে তেওঁলোকে মানৱ আচৰণৰ ক্ষেত্ৰত প্ৰবৃত্তিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব নোখোজে। জন্তু প্ৰবৃত্তিৰ দ্বাৰা আৰু মানুহ বুদ্ধিৰ দ্বাৰা পৰিচালিত হয়। মানুহে বুদ্ধি আৰু যুক্তিৰ দ্বাৰা সহজাত প্ৰবৃত্তিগত আচৰণৰ পৰিবৰ্তন কৰিব পাৰে। মানুহ আৰু ইতঁৰ প্ৰাণীৰ মাজত প্ৰবৃত্তিমূলক আচৰণৰ ক্ষেত্ৰত পাৰ্থক্য় দেখিবলৈ পোৱা যায়। যেনে-

(১) ইতৰ প্ৰাণীৰ ক্ষেত্ৰত নিৰ্ধাৰিত উদ্দীপকে কেৱল মাত্ৰ নিৰ্ধাৰিত প্ৰবৃত্তিমূলক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এটা প্ৰবৃত্তিৰ তাড়নাত এক বিশেষ শ্ৰেণীৰ বিষয় বা বস্তু প্ৰত্য়ক্ষ কৰে। গতিকে ইতৰ প্ৰাণীৰ ক্ষেত্ৰত উদ্দীপক আৰু প্ৰবৃত্তিৰ মাজৰ সম্পৰ্ক প্ৰকৃতিগতভাৱে স্থিৰ। 

(২) ইতৰ প্ৰাণীৰ ক্ষেত্ৰত বিশুদ্ধ প্ৰবৃত্তিগত কাৰ্য লক্ষ্য় কৰা যায়। কিন্ত মানুহৰ ক্ষেত্ৰত প্ৰবৃত্তিমূলক আচৰণে শিক্ষা অভিজ্ঞতাৰ দ্বাৰা পৰিমাৰ্জিত হৈ অন্য়ৰূপ ধাৰণ কৰে।

    ইতৰ প্ৰাণীৰ ক্ষেত্ৰত প্ৰবৃত্তিমূলক কাৰ্য সমূহে এক গতানুগতিকতাৰ ধাৰা বজায় ৰাখে। কিন্তু মানুহৰ ক্ষেত্ৰত ইয়াৰ পৰিবৰ্তন সম্ভৱ। ইতৰ প্ৰাণী সমূহৰ সকলো আচৰনেই প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত। কিন্তু মানুহৰ সকলো আচৰণ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত নহয়। 

৩১। প্ৰবৃত্তি আৰু চাহিদাক তুলনা কৰা।

উত্তৰঃ প্ৰবৃত্তিমূলক আচৰণ আৰু প্ৰতিবৰ্তমূলক ক্ৰিয়াই যিদৰে আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে সেইদৰেই প্ৰবৃত্তি আৰু চাহিদাৰ প্ৰকৃত তাৎপৰ্য্য় সম্পৰ্কে আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হয়। প্ৰবৃত্তি আৰু চাহিদা এই দুয়োটাই মানুহৰ আচৰণৰ উদ্দেশ্য়মূখীতাক সূচিত কৰে আৰু চাহিদা সমূহেলক্ষ্য়মুখী আচৰণত ইন্ধন যোগায়। কিন্তু এই দুই ধাৰণাৰ মাজত পাৰ্থক্য় আছে। মনোবিজ্ঞানত প্ৰবৃত্তি আৰু চাহিদা এই দুয়োটা ধাৰণা বিশেষ তাৎপৰ্য্য় পূৰ্ণ অৰ্থত ব্য়ৱহাৰ কৰা হয়। এই পাৰ্থক্য়সমূহ হৈছে -

(১) প্ৰবৃত্তিৰ দ্বাৰা আমি আচৰণৰ সামগ্ৰিক ব্য়াখ্য়া ডাঙি ধৰিব নোৱাৰো। প্ৰবৃত্তিৰ সংজ্ঞা অনুযায়ী কেৱল মাত্ৰ অনাৰ্জিত পৰিবৰ্তনীয় আচৰণৰ হে প্ৰবৃত্তিৰ দ্বাৰা ব্য়াখ্য়া কৰিব পৰা যায়। মনোবিজ্ঞানত চাহিদাৰ ধাৰণা অনেক বিস্তৃত। মানুহৰ সকলো প্ৰকাৰৰ অচাৰণ চাহিদাৰ ধাৰণা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

(২) প্ৰবৃত্তি আৰু চাহিদাদুয়োটা উদ্দেশ্য়মূখী আচৰণৰ উৎস হলেও উদ্দেশ্য়ৰ প্ৰকৃতিৰ দিশৰ পৰা ইহঁতৰ মাজত পাৰ্থক্য় দেখিবলৈ পোৱা যায়। প্ৰবৃত্তিৰ উদ্দেশ্য় সূদৃৰ প্ৰসাৰী আৰু ব্য়ক্তি সকলো সময়তে এই উদ্দেশ্য় সম্পৰ্কে সচেতন নহয়। কিন্তু চাহিদাৰ ক্ষেত্ৰত লক্ষ্য়ৰ স্পটতা দেখা যায়। চাহিদাৰ ক্ষেত্ৰত ব্য়ক্তি লক্ষ্য় সম্পৰ্কে সকলো সময়তে সচেতন থাকে। চাহিদাৰ ক্ষেত্ৰত বিচাৰ বুদ্ধিৰ প্ৰভাৱ সাধাৰণতে স্পষ্ট।

(৩) প্ৰবৃত্তিৰ সংখ্য়া সীমিত। মানুহৰ সকলো আচৰণকে ই সামৰি লব নোৱাৰে। কিন্তু চাহিদাৰ সংখ্য়া সীমিত নহয়। গতিকে যিকোনো পৰিস্থিতিৰ মানৱ আচৰণ চাহিদাৰ দ্বাৰা বৰ্ণনা কৰিব পৰা যায়।

(৪) শিক্ষাৰ দ্বাৰা নতুন নতুন চাহিদাৰ সৃষ্টি কৰিব পৰা যায়। শিক্ষাৰ উদ্দেশ্য় হৈছে শিক্ষাৰ্থীৰ মনত নতুন নতুন চাহিদাৰ সৃষ্টি কৰা। পৰিবৰ্তনশীল সমাজ ব্য়ৱস্থাত শিক্ষাৰ লক্ষ্য়ৰ পৰিৱৰ্তনৰ লগে লগে চাহিদাৰো পৰিবৰ্তন হয়। কিন্তু শিক্ষাৰ দ্বাৰা নতুন প্ৰবৃত্তিৰ সৃষ্টি কৰিব পৰা নাযায়। শিক্ষকে নিৰ্ধাৰিত সীমাৰ ভিতৰতহে প্ৰবৃত্তি সমূহ পৰিশোধন কৰিব পাৰে।  


Type Himanku Bora..

Author: Boby Bora 


Post ID : DABP006445