ভাৰত আৰু অসমৰ প্ৰথমিক শিক্ষা | সপ্তম অধ্যায় | Chapter 7 | Class 11 Education Question Answer | HS 1st Year | Class 11 Education Question Answer | Primary Education In India And Assam

 ভাৰত আৰু অসমৰ প্ৰাথমিক শিক্ষা

।। প্ৰশ্নাৱলী ।।

(ক) খালী ঠাই পূৰ কৰাঃ

(১) পুৰণি বৈদিক শিক্ষা ব্যৱস্থাক                  প্ৰথা বুলি কোৱা হৈছিল।

উত্তৰঃ গুৰুকূল।

(২) গুৰুকূল শিক্ষা                  অনুষ্ঠানৰ যোগেদি আৰম্ভ হৈছিল।

উত্তৰঃ উপনয়নৰ ।

(৩) উপনয়নৰ পিছত শিক্ষাৰ্থীসকলক                  বুলি কোৱা হৈছিল।

উত্তৰঃ ব্ৰক্ষচাৰী। 

(৪) গুৰুকূল শিক্ষা                  অনুষ্ঠানৰ যোগেদি অন্ত পৰে।

উত্তৰঃ  ব্ৰক্ষচাৰী।

(৫) পুৰণি পাঠশালা সমূহৰ শিক্ষাৰ মাধ্যম                  আছিল।

উত্তৰঃ 

(৬) টোল সমূহত পঢ়াৰ বয়সসীমা আছিল                  বছৰৰ পৰা                  বছৰলৈ।

উত্তৰঃ ৮ ৰ পৰা ১২ বছৰলৈ। 

(৭)                  অসমত সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল।

উত্তৰঃ 

(৮) মুছলিম শিক্ষা ব্যৱস্থাত                  সমূহ প্ৰথমিক শিক্ষাৰ অনুষ্ঠান আছিল।

উত্তৰঃ মাদ্ৰাজাসমূহ।

(৯) মুছলিম শিক্ষা ব্যৱস্থাত মাদ্ৰাচা সমূহ                  শিক্ষাৰ অনুষ্ঠান আছিল।

উত্তৰঃ প্ৰাথমিক।

( ১০)                  এ ইংলেণ্ডত মনিটৰিয়ে প্ৰথা প্ৰৱৰ্ত্তন কৰিছিল।

উত্তৰঃ মনিটৰিয়েল পদ্ধতি এই। 

(১১) ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ                  চনত আহিছিল। 

উত্তৰঃ ১৫৯৯ চনত। 

(১২) প্ৰথম অসমীয়া বাতৰি কাগজখন                  চনত প্ৰকাশ হৈছিল।

উত্তৰঃ ১৮৪৬ চনত। 

(১৩)                 ক ভাৰতীয় শিক্ষাৰ 'মেগনাকাৰ্টা' 

উত্তৰঃ  উড ডিচপেচ। 

(১৪)                  বুনিয়াদী শিক্ষাৰ মুখ্য পৃষ্ঠপোষক আছিল।

উত্তৰঃ গান্ধীজীৰ। 

(১৫)                  ভাৰতৰ প্ৰথম শিক্ষা আয়োগ।

উত্তৰঃ টোল।

(১৬) গোখলেৰ প্ৰস্তাৱ                  চনত উপস্থাপন কৰা হৈছিল।

উত্তৰঃ ১৯১০ চনত।

(১৭) অসমৰ প্ৰথম প্ৰথমিক শিক্ষা আইনখন                  চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ ১৯২৬ চনত। 

(১৮) বুনিয়াদি শিক্ষাৰ আন এটা নাম আছিল                  

উত্তৰঃ অখণ্ড শিক্ষা। 

(১৯) শিক্ষা অধিকাৰ আইন                  চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ ২০০৯ চনত। 

(২০)                  চনত পূৰ্ণ সাক্ষৰতা আঁচনি গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ ১৯৯০ চনত।

(২১)                  বছৰ বয়সত মোক্তাব সমূহত নামভৰ্তি কৰিব পাৰিছিল।

উত্তৰঃ ৪ বছৰ। 

(২২) ফলাফল ভিত্তিক অনুদান                  আয়োগে প্ৰচলন কৰিছিল।

উত্তৰঃ হাণ্টাৰ আয়োগে।

(খ) ভুল শুদ্ধ লিখাঃ

(১) উপনয়নৰ অৰ্থ হৈছে দ্বীতিয় জন্ম।

উত্তৰঃ শুদ্ধ।  

(২) মুছলিম শিক্ষা ব্যৱস্থাত মোক্তাব সমূহ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল।

উত্তৰঃ  ভুল।

(৩) উদে সহায়ক অনুদান ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল।

উত্তৰঃ

(৪) গোখলেৰ বিল ১৯১০ চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(৫) ভাৰতৰ সংবিধানৰ ২৮ নং অনুচ্ছেদ বাধ্যতামূলক প্ৰথমিক শিক্ষা ব্যৱস্থাৰ লগত জড়িত।

উত্তৰঃ অশুদ্ধ। 

(৬) ১৯২৬ চনত অসম প্ৰথমিক শিক্ষা আইন গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ। 

(৭) ৰাষ্ট্ৰীয় সাক্ষৰতা মিচন ১৯৮৯ চনত আৰম্ভ হৈছিল।

উত্তৰঃ শুদ্ধ। 

(৮) সৰ্বশিক্ষা অভিযান ১৯৯৯ চনত আৰম্ভ হৈছিল।

উত্তৰঃ অশুদ্ধ। 

(৯) DPEP আঁচনিখন ১৯৯৭ চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(গ) এটা বাক্যত উত্তৰ দিয়াঃ

(১) অসমত সত্ৰ স্থাপন কৰা ধৰ্মগুৰু দুজনৰ নাম লিখা।

উত্তৰঃ অসমৰ সত্ৰ স্থাপন কৰা ধৰ্মগুৰু দুজনৰ নাম হ'ল- মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। 

(২) বৌদ্ধ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ  বৈদিক যুগৰ গুৰুকুল পদ্ধতিৰ সমান্তৰালভাৱে বৌদ্ধ শিক্ষা ব্য়ৱস্থাত মঠ, সংঘ বা বৌদ্ধ বিহাৰ সমূহ বৌদ্ধ ধৰ্মৰ শিক্ষা কেন্দ্ৰ হিচাবে গঢ়ি উঠিছিল। বৈদিক শিক্ষাব্য়ৱস্থাৰ উপনয়নৰ দৰেই এই শিক্ষা ব্য়ৱস্থাতো প্ৰবজ্য়া অনুষ্ঠানৰ যোগেদি শিক্ষা আৰম্ভ হয়। 

(৩) বৌদ্ধিক শিক্ষা ব্যৱস্থাত শিক্ষা আৰম্ভৰ অনুস্থানটোৰ নাম লিখা।

উত্তৰঃ বৌদ্ধিক শিক্ষা ব্য়ৱস্থাত সন্য়াস গ্ৰহনৰ মাধ্য়মৰে শিক্ষা আৰম্ভ হয়।

(৪) ১৮১৩ চনৰ চাৰ্টাৰ আইনত ভাৰতবৰ্ষত শিক্ষাৰ বাবে কিমান টকা ধাৰ্য কৰিছিল।

উত্তৰঃ ১৮১৩ চনত চাৰ্টাৰ আইনত ভাৰতবৰ্ষত শিক্ষাৰ বাবে এক লাখ টকা ধাৰ্য কৰিছিল।

(৫) হাণ্টাৰ আয়োগৰ সভাপতিজনৰ নাম লিখা।

উত্তৰঃ হান্টাৰ আয়োগৰ সভাপতিজনৰ নাম হ'ল- উইলিয়াম হান্টাৰ।

(৬) গান্ধীজীৰ ৱাৰ্ধা আঁচনিখন কোন চনত প্ৰৱৰ্ত্তন কৰা হৈছিল।

উত্তৰঃ গান্ধীজাৰ ৱাৰ্ধা আঁচনিখন ১৯৩৫ চনত প্ৰৱৰ্ত্তন কৰা হৈছিল।

(৭) নিম্নমুখী পৰিশ্ৰাৱণ নীতি কোনে প্ৰৱৰ্ত্তন কৰিছিল।

উত্তৰঃ নিম্নমুখী পৰিশ্ৰাৱণ নীতি মেকলে প্ৰৱৰ্ত্তন কৰিছিল। 

(৮) 'DPEP' পূৰ্ণ নামটো লিখা।

উত্তৰঃ 'DPEP' পূৰ্ণ নামটো হ'ল- 'District Primary Education Programme'.

(৯) 'SSA' পূৰ্ণ নামটো লিখা।

উত্তৰঃ 'SSA' পূৰ্ণ নামটো হ'ল- 'Sarva Sikha Abhiyam'.

(১০) ফলাফল ভিত্তিত অনুদান প্ৰথাটো কোনে পৰিহাৰ কৰিছিল।

উত্তৰঃ ফলাফল ভিত্তিত অনুদান প্ৰধানটো লৰ্ড কাৰ্জনে পৰিহাৰ কৰিছিল। 

(১১) উদৰ প্ৰেৰণ পত্ৰ কোন চনত প্ৰকাশ পাইছিল।

উত্তৰঃ উদৰ প্ৰেৰণ পত্ৰ ১৮৫৪ চনত প্ৰকাশ পাইছিল। 

(ঘ) চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২ নম্বৰ)

(১) উপনয়ন অনুষ্ঠানৰ বিষয়ে লিখা।

উত্তৰঃ 

(২) সহায়ক অনুদান কি? 

উত্তৰঃ ভাৰতীয় শিক্ষাৰ সকলো খৰচ কোম্পানীয়ে বহন কৰিব নোৱাৰাত সহায়ক অনুদানৰ ব্য়ৱস্থা কৰাৰ পৰামৰ্শ উদৰ ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হয়। স্কুল পৰিচালনা সমিতিবোৰে স্থাপন কৰা ধৰ্ম নিৰপেক্ষ স্কুল বোৰক সহায়ক অনুদান দিয়াৰ বাবে পৰামৰ্শ দিয়ে। 

(৩) টোল কি?

 উত্তৰঃ টোলসমূহ আছিল হিন্দু শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ। প্ৰাচীন ভাৰতত এই টোল সমূহ মন্দিৰ সংযুক্ত হৈ আছিল। অনেক ক্ষেত্ৰত পণ্ডিতসকলে নিজৰ ঘৰতে টোল স্থাপন কৰিছিল। এই টোল সমূহত সংস্কৃত ভাষাৰ মাধ্য়মেৰে বিশিষ্ট পণ্ডিতসকলে শিক্ষা প্ৰদান কৰে। বেনাৰস, কালী, উজ্জয়িগ্নী মথুৰা প্ৰয়োগ হৰিদ্বাৰ মিথিলা আদি ঠাই সমূহত টোলবোৰৰ শিক্ষা ব্য়ৱস্থাই বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াত ছাত্ৰসকল গুৰুৰ লগত ৮ৰ পৰা ১২ বছৰলৈ শিক্ষাৰ্থী হিচাবে থাকিব লাগিছিল। টোল সমূহ বেদৰ অধ্য়য়নৰ লগতে ধৰ্মতত্ত্ব, কলাত্মক বিষয়, গণিত আৰু বিজ্ঞান সম্পৰ্কীয় বিষয় সমূহো টোলৰ পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছিল। ইয়াত ছাত্ৰৰ সংখ্য়া সীমিত আৰু শিক্ষকৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল। এই টোল সমূহত শিক্ষাৰ্থীসকলৰ থকা খোৱাৰ সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল। সমাজৰ ধনী লোক সকল আৰু ৰাজঘৰৰ পৰা ধন সম্পত্তি আদিৰ সহায় আগবঢ়োৱা হৈছিল। টোলৰ শিক্ষা ব্য়ৱস্থা বৰ্তমানো চলি আছে যদিও ইয়াৰ আগৰ গৌৰৱ আৰু ঐতিহ্য় অক্ষুন্ন থকা নাই। আমাৰ অসমতো বৰ্তমানো এই টোলৰ শিক্ষা ব্য়ৱস্থাৰ প্ৰচলন আছে।

(৪) জাতীয় সাক্ষৰতা মিচনৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ ১৯৮৮ চনৰ ৫ মে' অসমৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে জাতীয় সাক্ষৰতা মিচন আঁচনি গ্ৰহন কৰিছিল। এই মিচনৰ লক্ষ্য় আছিল ১৯৯৫ চনৰ ভিতৰত ১৫ বছৰ বয়সৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰি তোলা এই মিচনৰ দ্বাৰা ৮০ নিযুত নিৰক্ষৰ লোকক সামৰি লব বিচৰা হৈছিল। ১৯৯০ চনৰ ভিতৰত ৩০ নিযুতক আৰু ১৯৯৫ চনৰ ভিতৰত বাকী ৫০ নিযুত লোকক ব্য়ৱহাৰিক সাক্ষৰতা প্ৰদানৰ ব্য়ৱস্থা কৰা হব। এই মিচনত মহিলা গ্ৰামীন আৰু দুৰ্বল শ্ৰেণীৰ নিৰক্ষৰ লোকসকলৰ সাক্ষৰতা প্ৰদানৰ ব্য়ৱস্থা কৰা হব। এই মিচনত মহিলা গ্ৰামীন আৰু দুৰ্বল শ্ৰেণীৰ নিৰক্ষৰ লোকসকলৰ সাক্ষৰতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। এই সাক্ষৰতা প্ৰদানৰ কাৰ্যসূচী দুই ধৰণৰ প্ৰচেষ্টাৰে ৰূপায়ন কৰিবলৈ বিচৰা হৈছিল-

(১) কেন্দ্ৰভিত্তিক বা আঞ্চলিক প্ৰচেষ্টা আৰু

(২) প্ৰত্য়েকজন শিক্ষিতলোকে কমে এজন লোকক সাক্ষৰ কৰা প্ৰচেষ্টা হাতত লোৱা।

    এই সাক্ষৰতা অভিযানত স্বেচ্ছাসেৱী অনুষ্ঠান সমূহ বিশেষ ভূমিকা গ্ৰহণ কৰিব। এই সাক্ষৰতা মিচনৰ বিভিন্ন ব্য়ৱস্থা সমূহ আছিল-

(১) শিক্ষাক সামাজিক পৰিৱেশ আৰু সমাজ জীৱনৰ লগত সম্পৰ্কযুক্ত কৰা।

(২) স্কুলত নামভৰ্তিৰ পৰিমাণ বৃদ্ধি কৰা।

(৩) শিক্ষাৰ গুৰুত্ব সম্পৰ্কে সামাজিক সচেতনতা বৃদ্ধি কৰা।

(৪) শিক্ষাৰ ক্ষেত্ৰত থকা লিঙ্গ বৈষম্য় দূৰ কৰা আৰু মহিলা সবলীকৰণত সহায় কৰা।

(৫) স্বাস্থ্য়ৰ যত্ন আৰু পৰিপুষ্টিৰ বিষয়ে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা।

(৫) ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদটো লিখা।

উত্তৰঃ সংবিধানৰ ৪৫নং অনুচ্ছেদত ঘোষণা কৰা হৈছিল যে সংবিধানখন গ্ৰহণ কৰাৰ দহ বছৰৰ ভিতৰত (১৯৫০-১৯৬০) ৰাষ্ট্ৰই ১৪ বছৰ বয়স সম্পূৰ্ণ নোহোৱালৈকে সকলোবোৰ লৰা-ছোৱালীৰ বাবে বিনামূলীয়া আৰু বাধ্য়তামূলক শিক্ষা প্ৰদান কৰিব লাগিব।

(৬) ভাৰতীয় সংবিধানৰ ২৮ নং দফাৰ মূল বিষয় কি আছিল? 

উত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অনুমোদিত বা ৰাষ্ট্ৰৰ কোষৰ পৰা সাহাৰ্য পোৱা যিকোনো শিক্ষানুষ্ঠানত ধৰ্ম শিক্ষা দিব নোৱাৰিব। 

(৭) নামঘৰৰ শৈক্ষিক ভূমিকা লিখা।

উত্তৰঃ নামঘৰ শব্দৰ অৰ্থ হল - বৈষ্ণৱ আৰু হিন্দু ধৰ্মৰ লোক সকলে ব্যৱহাৰ কৰা এটা প্ৰাৰ্থনা ঘৰ। পুৰণি কালত নামঘৰত শিক্ষা প্ৰদানৰ ব্যবস্থা কৰা হৈছিল ।  শিক্ষা প্ৰদানৰ বাবে বিভিন্ন ধৰণৰ   ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা  হৈছিল। নামধৰ্ম প্ৰচাৰৰ লগতে বিভিন্ন নৃত্য, কলা শিল্প চৰ্চা আদিৰ ব্যবস্থা কৰিছিল। সমাজৰ লোক সকলে তাত অংশ গ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰিছিল । আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি নোহোৱা লৈ নামঘৰ ত শিক্ষা প্ৰদানৰ ব্যৱস্থা আছিল । 

(৮) চাৰ্টাৰ আইন ১৮১৩ ৰ শিক্ষা সংক্ৰান্ত দফাটো লিখা।

উত্তৰঃ ১৮১৩ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তিত কৰা হল আৰু এই চনদত পাৰ্লিয়ামেণ্ট এই মৰ্মে এটা দফা সন্নিৱিষ্ট কৰিলে যে এতিয়াৰে পৰা প্ৰতিবছৰে ভাৰতীয় সাহিত্য়ৰ পুনৰুত্থান আৰু উন্নতি কাৰণে শিক্ষিত ভাৰতীয় সকলৰ অধীনত থকা অঞ্চলৰ লোকসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণ আৰু প্ৰগতিৰ বাবে এক লাখ টকা আছুটীয়াকৈ ৰখা হব।

(৯) গোখলেৰ বিল নাকচ হোৱাৰ দুটা কাৰণ লিখা? 

উত্তৰঃ গোখলেৰ বিল নাকচ হোৱাৰ দুটা কাৰণ হল -

(১) বিলখনত ৰাইজৰ সমৰ্থন নাছিল।

(২) স্থানীয় বৰ্ডসমূহ বিলখনৰ বিৰোধী আছিল।

(৩) বিলখন সময়তকৈ আগতীয়া হৈছিল, ই প্ৰাথমিক শিক্ষাক আগুৱাই নিয়াৰ পৰিৱৰ্তে পাছলৈহে ঠেলিব চেষ্টা কৰিছিল।

(১০) বুনিয়াদী শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল-

(১) বুনিয়াদী শিক্ষাত সম্পূৰ্ণ ভাৰতীয় আৰু নৈতিক পৰিৱেশ সৃষ্টি কৰি শিক্ষাদানত গুৰুত্ব দিয়া হয়।

(২) এই বুনিয়াদী শিক্ষা সম্পূৰ্ণ মনোবিজ্ঞান ভিত্তিক শিকা।

(৩) ৱাৰ্ধা শিক্ষা আচঁনিৰ এটা বৈশিষ্ট্য হৈছে মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাটো। 

(১১) বুনিয়াদী শিক্ষাৰ দুটা দুৰ্বলতা উল্লেখ কৰা।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ দুটা দুৰ্বলতা তলত উল্লেখ কৰা হ'ল-

(১) কেৱল মাত্ৰ এটা হস্তশিল্পৰ যোগেদি সকলো বিষয়ৰ পুংখানুপুংখৰূপে শিক্ষা দিয়া বাস্তৱ ক্ষেত্ৰত সম্ভৱ নহয়।

(২) কম বয়সীয়া শিশুক হস্ত-শিল্পৰ যোগেদি শিক্ষা প্ৰকৃতপক্ষে মনোবিজ্ঞানসন্মত নহয়।

(গ) চমুকৈ লিখাঃ (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)

(১) পাঠশালা সম্পৰ্কে লিখা? 

উত্তৰঃ পাঠশালা সমূহ প্ৰাচীন ভাৰতীয় দেশীয় শিক্ষাৰ এক জনপ্ৰিয় অনুষ্ঠান। এই পাঠশালা সমূহো প্ৰধানতঃ মন্দিৰ সংলগ্ন আছিল। পাঠশালা সমূহ মূলতঃ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান আছিল। এই পাঠশালা সমূহত সৰ্বসাধাৰন লোকৰ লৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। লিখা-পঢ়া, ভাষা অধ্য়য়ন, ব্য়াকৰন, গণিত, হিচাব পৰীক্ষা, সমাজ অধ্য়য়ন, নীতি শিক্ষা আৰু ব্য়ৱহাৰিক জীৱনৰ প্ৰয়োজনীয় বিষয়সমূহ ইয়াৰ পাঠ্য়ক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছিল। ইয়াত শিক্ষাদানৰ পদ্ধতি আছিল মুলতঃ মৌখিক। ইয়াৰ শিক্ষক সকল আছিল পণ্ডিত লোক। এই পণ্ডিত লোক সকলে আস্থা আৰু নিষ্ঠাৰে শিক্ষাকতাৰ বৃত্তি গ্ৰহণ কৰিছিল। তেওঁলোকে অতি সামান্য় পাৰিশ্ৰমিক লাভ কৰিছিল মূলতঃ ৰাইজৰ দান বৰঙনিৰে এই অনুষ্ঠান সমূহ পৰিচালিত হৈছিল। শিক্ষাৰ্থীসকলে বাধ্য়তামূলক ভাবে কোনো মাচুল  দিব নালাগিছিল ইয়াত নিম্নশ্ৰেণীৰ শিক্ষাৰ্থীক উচ্চশ্ৰেণীৰ শিক্ষাৰ্থীয়ে শিক্ষাদানৰ এক প্ৰথাৰ প্ৰচলন আছিল। এই শিক্ষাব্য়ৱস্থাত শিক্ষাৰ্থীয়ে শিক্ষকৰ ওচৰত এক আলুগত্য়মূলক আচৰণ প্ৰদৰ্শন কৰিছিল।

(২) মোক্তাৱ বিষয়ে কি জানা লিখা।

উত্তৰঃ ভাৰতৰ মধ্য়যুগীয় মুছলমান শিক্ষা ব্য়ৱস্থাত প্ৰাথমিক শিক্ষাৰ দায়িত্ব গ্ৰহন কৰা অনুষ্ঠান সমূহ আছিল মক্তাৱ সমূহ। 'মক্তাৱ' শব্দটো আৰবী 'কাতাব' শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হল লিখিবলৈ শিকোৱা ঠাই। মুছলমান ধৰ্মাৱলম্বীলোক সকলে শিশুক ৪ বছৰ, ৪ মাহ আৰু ৪ দিন বয়সত মক্তাবত বিশেষ অনুষ্ঠানৰ যোগেদি ভৰ্তি কৰে। এই শিক্ষাৰ প্ৰধান উদ্দেশ্য় আছিল শিক্ষাৰ্থীক আখৰ চিনাকী কৰি দিয়া। এই মক্তাৱ সমূহ মছজিদ সমূহৰ সংলগ্ন আছিল আৰু মৌলৱীসকলে ধৰ্মীয় কৰ্ত্তব্য় স্বৰূপে ইয়াত শিক্ষাদানৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই শিক্ষা মূলতঃ ধৰ্মকেন্দ্ৰিক আছিল। ইয়াত লিখা-পঢ়া, গননাৰ লগতে আৰবী পাচাৰ্চী আৰু কোৰান পাঠৰো শিক্ষা দিয়া হৈছিল। এই মক্তাব সমূহত ইছলামিক আছাৰ আচৰণ সমূহো শিকোৱা হৈছিল। ইয়াৰ শিক্ষাপদ্ধতি মৌখিক আছিল। এই অনুষ্ঠান সমূহ মুছলমান সকলৰ বাবে হলেও আধুনিক মক্তাৱ সমূহত কিছু হিন্দু শিক্ষাৰ্থীয়েও শিক্ষাগ্ৰহণ কৰা দেখা যায়।

(৩) মাদ্ৰাচা সমূহৰ বিষয়ে লিখা? 

উত্তৰঃ মুছলমান শিক্ষাব্য়ৱস্থাত মুক্তাৱত নিম্ন পৰ্যায়ৰ শিক্ষা প্ৰদানৰ দায়িত্ব গ্ৰহণ কৰা শিক্ষানুষ্ঠান সমূহ হৈছে মাদ্ৰাছাসমূহ। ধৰ্ম শিক্ষাৰ লগতে অন্য়ান্য় প্ৰয়োজনীয় বিষয়ৰো শিক্ষা এই মাদ্ৰাছা সমূহত প্ৰদান কৰা হৈছিল। এই মাদ্ৰাছা সমূহৰ শিক্ষা ব্য়ৱস্থাও মৌখিক আৰু তত্ত্বপ্ৰধান আছিল। অধ্য়য়নৰ বিষয়সমূহৰ ভিতৰত ইছলামিক ধৰ্মতত্ত্ব হিন্দু ধৰ্ম, দৰ্শন, আৰবী, সংস্কৃত ভাষা, ন্য়ায়শাস্ত্ৰ, বুৰঞ্জী, গণিত, ভূগোল, ৰাজনীতি, জোতিবিদ্য়া, কৃষি-বিজ্ঞান আদি বিষয়ৰো শিক্ষা প্ৰমাণ কৰা হৈছিল। মুছলমান যুগৰ প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষাৰ মাধ্য়ম আছিল আৰবী। কিন্তু পৰৱৰ্তীকালত বিভিন্ন ভাৰতীয় ভাষা আৰু আৰবীৰ মিশ্ৰনত এক নতুন ভাষাৰ উদ্ভৱ হয়। ইয়াক উৰ্দু বুলি কোৱা হয়। এই উৰ্দু ভাষাই মুছলমান শিক্ষা ব্য়ৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মাদ্ৰাছা সাধাৰণতে ধনী লোকৰ দানৰে প্ৰতিষ্ঠিত হৈছিল।  

(৪) ভাৰতৰ শিক্ষাত চাৰ্টাৰ আইনৰ গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰঃ (ক) ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনাধীন ভাৰতৰ মাটিত মিছনাৰীসকলক ভাৰতীয় লোকৰ মাজত শিক্ষা বিস্তাৰ আৰু ধৰ্ম বিস্তাৰ কৰিবলৈ অনুমতি দিয়া হওক। 

(খ) ভাৰতৰ সমস্ত ৰাজহৰ পৰা আৱশ্য়কীয় সকলো খৰচ বাদ দিলে যি ধন থাকি যায় তাৰ পৰা অন্তঃত প্ৰতি বছৰে কমপক্ষেও এক লাখ টকা ভাৰতীয় শিক্ষা বিস্তাৰৰ বাবে দিয়া হব।

    প্ৰকৃততে এই আইনৰ পাছৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নীতিগতভাৱে ভাৰতীয় শিক্ষা আৰু সংস্কৃতিৰ বাবে ধন খৰচ কৰিবলৈ দায়িত্ব গ্ৰহণ কৰে। আনহাতে, এই আইনত চৰ্ত অনুসৰি মিছনাৰীসকলক ভাৰতত শিক্ষা বিস্তাৰৰ বাবে উৎসাহ প্ৰাদন কৰা হয়। ইয়াৰ ফলত ভাৰতীয় শিক্ষা জগতত এক আলোড়নৰ সৃষ্টি হয়। 

(১) এই আইনৰ পাছত দলে দলে মিছনাৰীসকল ভাৰতলৈ আহি ভাৰতৰ পিছপৰা আৰু অনুন্নত অঞ্চলত সোমাই পৰে।

(২) মিছনাৰীসকলে ভাৰতীয় মানুহক শিক্ষা - দীক্ষা দিবৰ বাবে স্কুল স্থাপন কৰে। 

(৩) আঞ্চলিক ভাষা অৰ্থাৎ মাতৃভাষাত শিক্ষা দিয়াৰ ব্য়ৱস্থা কৰিছিল। আৰু তাৰ বাবে আঞ্চলিক ভাষাত পাঠ্য়পুথি প্ৰস্তুত কৰি ছপা কৰি উলিয়ায়।

(৪) শিক্ষানুষ্ঠানবোৰৰ বাবে এক বহল ভেটিত পাঠ্য়ক্ৰম প্ৰৱৰ্তন কৰিছিল। সেই অনুসৰি ব্য়াকৰণ, বুৰঞ্জী, ভূগোল, গণিত আদি বিষয় পঢুওৱা হৈছিল।

(৫) তেওঁলোকেই পোন প্ৰথমবাৰৰ বাবে ছপা পাঠ্য়পুথিৰ ব্য়ৱস্থা কৰিছিল আৰু নিৰ্ধাৰিত সময় তালিকা অনুসৰি শিক্ষা দিবৰ দিহা কৰিছিল।

    ১৮১৩ চনৰ চাৰ্টাৰ আইনখন ভাৰতীয় শিক্ষাৰ ইতিহাসত এক উল্লেখযোগ্য় পদক্ষেপ।

(৫) ফলাফল ভিত্তিক অনুদান প্ৰথা বুলিলে কি বুজা? 

উত্তৰঃ হাণ্টাৰ আয়োগে প্ৰৱৰ্তন কৰা ফলাফল ভিত্তিক অনুদান প্ৰধা বন্ধ কৰি লৰ্ড কাৰ্জনে স্কুল সমূহলৈ অনুদান দিয়াৰ এক উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিছিল। কাৰণ ফলাফলভিত্তিক অনুদান ব্য়ৱস্থাৰ ফলত ভাল ফলাফল দেখুৱাব নোৱাৰা অনেক প্ৰাথমিক বিদ্য়ালয় বন্ধ হৈ গৈছিল। গতিকে অনুদান দিয়াৰ এই পদ্ধতিয়ে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰ বাধাপ্ৰাপ্ত কৰিছিল। গতিকে এই নীতি পৰিহাৰ কৰি কাৰ্জনে প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰৰ বাট সূচল কৰিছিল।

(৬) দেশীয় শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ দেশীয় শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ'ল-

(১) এই শিক্ষা ধৰ্মীয় আৰু সামাজিক পৰম্পৰাগত নীতিনিয়মৰ দ্বাৰা প্ৰভাৱিত আৰু পৰিচালিত।

(২) এই শিক্ষাণুষ্ঠান সমূহ মঠ-মন্দিৰ আৰু মজিদ আদিৰ সংযুক্ত আছিল।

(৩) শিক্ষকৰ পাৰিশ্ৰমিকো অতি সামান্য আছিল।

(৪) শিক্ষাৰ্থীক মাচুলৰ কোনো নিৰ্ধাৰিত নিৰিখ নাছিল।

(৫) শিক্ষক সকল বিশেষ পণ্ডিত আৰু ব্যক্তিত্ব সমন্ন লোক আছিল।

(৬) মুছলমান শিক্ষাৰ বাহিৰে আন শিক্ষানুষ্ঠান সমূহ ৰজাঘৰীয়া প্ৰভাবৰ পৰা মুক্ত আছিল।

(৭) চাৰ্টাৰ আইনৰ পৰিণতি কি হৈছিল?

উত্তৰঃ অৰাজকতা, দৰিদ্ৰ, শাসক আৰু বিত্তবন শ্ৰেণীৰ চাৰিত্ৰিক অৱনতিৰ কাৰণে ভাৰতীয় সমাজ বিপৰ্যন্ত হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত শাসন ভাৰ গ্ৰহণ কৰিছিল। সম্পূৰ্ণ এক বাণিজ্য়িক সন্থা হিচাপে ভাৰতত ক্ষমতা দখলৰ প্ৰাৰম্ভিক পৰ্যায়ত এই কোম্পানীৰ ভাৰতীয় শিক্ষা ব্য়ৱস্থাৰ প্ৰতি কোনো আগ্ৰহ নাছিল। ১৮৬৫ চনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজনৈতিক ক্ষমতা লাভৰ লগে লগে মিছনেৰী সকলক উৎসাহ যোগোৱাৰ পৰিৱৰ্তে ধৰ্ম নিৰপেক্ষতা অৱলম্বন কৰে। ১৯৯৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদৰ পুনৰ নবীকৰণৰ সময়ত মিছনেৰীসকলে হাউচ অব কমনছত তেওঁলোকে যাতে ভাৰতত ধৰ্ম আৰু শিক্ষা প্ৰসাৰৰ বাবে পূৰ্বৰ দৰে সা-সুবিধা লাভ কৰে আৰু ভাৰতত শিক্ষা প্ৰসাৰৰ বাবে প্ৰয়োজনীয় ব্য়ৱস্থা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গ্ৰহণ কৰে সেই সম্পৰ্কে দাবী উপস্থাপন কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ ২০ বছৰৰ পিছত ১৮১৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদৰ পুনৰ নবীকৰণৰ সময়ত পুনৰ এই দাবী তোলা হয়। মিছনেৰী সকলৰ এই প্ৰচেষ্টাৰ ফলতেই ১৮১৩ চনত ভাৰতীয়সকলৰ ধৰ্মীয় আৰু নৈতিক জীৱনৰ উন্নতি সাধনৰ বাবে শিক্ষাৰ প্ৰয়োজনীয় ব্য়ৱস্থা গ্ৰহণৰ বাবে কোম্পানীক নিৰ্দেশ দি চনদৰ ৪৩ নম্বৰত এটা শিক্ষা সম্পৰ্কীয় নতুন দফা সন্নিবিষ্ট কৰা হয়। এই দফাটোৰ ব্য়ক্তব্য় হৈছে-

''এতিয়াৰ পৰা প্ৰতি বছৰে সাহিত্য়ৰ পুনৰুদ্বাৰ আৰু উন্নতিৰ বাবে, শিক্ষিত ভাৰতীয় সকলক উৎসাহিত কৰিবৰ বাবে আৰু ইংৰাজৰ অধীনত থকা অঞ্চলৰ বাসিন্দাসকলৰ মাজত বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰ আৰু প্ৰগতি বাবে এক লাখ টকা আচুতীয়াকৈ ৰখা হব। 

(৮) পূৰ্ণ সাক্ষৰতা অভিযানৰ বিষয়ে কি জানা লিখা?

উত্তৰঃ পূৰ্ণ সাক্ষৰতাৰ বাবে প্ৰচাৰ চলোৱাই আছিল পূৰ্ণ সাক্ষৰতা অভিযানৰ মূল উদ্দেশ্য়। ১৯৮৯ চনত স্বেচ্ছাকৃতভাৱে সৰ্বসাধাৰণ লোকক জড়িত কৰিব পৰাকৈ অতি কম সময়ৰ ভিতৰতে সাক্ষৰতা প্ৰদানৰ এই জন-অভিযান আঁচনি গ্ৰহণ কৰা হয়। ১৯৯০ চনত UNESCO ৰ সহযোগিতাত ভাৰতত পূৰ্ণ সাক্ষৰতাৰ অভিযান আৰম্ভ হৈছিল। এই প্ৰকল্পত অনেক বিষয়েও গুৰুত্ব আৰোপ কৰা হৈছিল। এই বিষয় সমূহৰ অন্তৰ্ভূক্ত গুৰুত্বপূৰ্ণ বিষয়সমূহ হৈছে-

(১) সামাজিক শিক্ষা বা বয়স্ক শিক্ষা।

(২) বয়স্ক মানুহৰ সাক্ষৰতাৰ বাবে বিশেষ পদ্ধতি গ্ৰহণ।

(৩) বিভিন্ন বৃত্তিত নিযুক্ত ব্য়ক্তিসকলৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰা।

(৪) উপযুক্ত শিক্ষা সহায়ক উপকৰণৰ ব্য়ৱস্থা কৰা।

(৫) কেন্দ্ৰিয় আৰু বাজ্য়িক স্তৰৰ সাক্ষৰতাৰ বাবে উপযুক্ত পৰিচালনাৰ ব্য়ৱস্থা গ্ৰহণ কৰা।

    এই আঁচনি অনুযায়ী ২০০০ চনৰ ভিতৰত পূৰ্ণ সাক্ষৰতা নিশ্চিতকৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। কিন্তু এই পৰিকল্পনা বাস্তৱৰূপায়িত হোৱা নাছিল। সেয়েহে ২৩০০২ চনত সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিব লগা হয়।

(৯) বুনিয়াদী শিক্ষাক কিয় শিক্ষাকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়? 

উত্তৰঃ 'ৱাৰ্ধা আঁচনি' মহামানৱ মহাত্মা গান্ধীৰ ভাৰতীয় শিক্ষাত এক গুৰুত্বপূৰ্ণ অৱদান। গান্ধজী দক্ষিণ আফ্ৰাকাত থাকোতে ১৯১৪ চনত বুনিয়াদী শিক্ষাৰ ধাৰণাতো টলষ্টয় ফাৰ্মত কাৰ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। ১৯৩৭ চনৰ অক্টোবৰ মাহৰ ২২ আৰু ২৩ তাৰিখে ৱাৰ্ধাত দুদিনীয়াকৈ এক সৰ্বভাৰতীয় শিক্ষা সন্মিলনত অনুষ্ঠিত হৈছিল। এই সন্মিলনতেই গান্ধীজীয়ে তেওঁৰ বুনিয়াদী শিক্ষাৰ পৰিকল্পনাটো দাঙি ধৰিছিল। এই সন্মিলনত বিভিন্ন প্ৰদেশৰ শিক্ষামন্ত্ৰী সকলৰ লগতে ভালেমান শিক্ষাবিদে যোগদান কৰিছিল। ৱাৰ্ধাত এই আঁচনি দাঙি ধৰাৰ বাবে এই বুনিয়াদী শিক্ষা আঁচনিকে ৱাৰ্ধা আঁচনি বুলি কোৱা হয়। ১৯৩৭ চনত এই কমিটিয়ে বুনিয়াদী শিক্ষাৰ পাঠ্য়ক্ৰমৰ এখন আঁচনি যুগুত কৰে আৰু এই আঁচনিক বুনিয়াদী জাতীয় শিক্ষা আঁচনি হিচাপে অভিহিত কৰে। এই শিক্ষাক বুনিয়াদী শিক্ষা বুলিয়েই জনা যায়। এই বুনিয়াদী শিক্ষা শিক্ষা বিজ্ঞানৰ আধুনিক তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই শিক্ষাই শিক্ষাৰ্থীৰ সমগ্ৰ ব্য়ক্তিত্বৰ বিকাশত সক্ষম হব পাৰিব। এই শিক্ষা আঁচনি গণতান্ত্ৰিক নাগৰিক গঢ়ি তোলাত সহায়ক হব বুলিও এই কমিটিয়ে মত প্ৰকাশ কৰিছিল।  

(১০) সাক্ষৰতা মিচন কি? চমুকৈ লিখা? 

উত্তৰঃ ১৯৮৮ চনৰ ৫ মে সেই সময়ৰ প্ৰধান মন্থী ৰাজীৱ গান্ধীয়ে জাতীয় সাক্ষৰতা মিচন আঁচনি গ্ৰহণ কৰিছিল। এই মিচনৰ লক্ষ্য় আছিল ১৯৯৫ চনৰ ভিতৰত ১৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ নিৰক্ষৰ লোকসকলৰ সাক্ষৰ কৰি তোলা। এই মিচনৰ দ্বাৰা ৮০ নিযুত নিৰক্ষৰ লোকক সামৰি লব বিচৰা হৈছিল। এই মিচনৰ দ্বাৰা দুটা পৰ্য্য়ায়ত নিৰক্ষৰ সকলক ব্য়ৱহাৰিকভাৱে সাক্ষৰ কৰি তুলিব বিচৰা হৈছিল। ১৯৯০ চনৰ ভিতৰত ৩০ নিযুতক আৰু ১৯৯৫ চনৰ ভিতৰত বাকী ৫০ নিযুত লোকক ব্য়ৱহাৰিক সাক্ষৰতা প্ৰদানৰ ব্য়ৱস্থা কৰা হব। এই মিচনৰ ক্ৰিয়া আঁচনি সমূহত অভিনৱত্ব থাকিলেও বিভিন্ন অসুবিধাৰ বাবে এই আঁচনি সফলভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত অনেক বাধাৰ সৃষ্টি হৈছিল। সেয়েহে ১৯৯৫ চনৰ ভিতৰত সাক্ষৰতা আনিবৰ বাবে যি প্ৰচেষ্টা লোৱা হৈছিল সি অৱশেষত কাৰ্যকৰী হোৱা নাছিল। এই আঁচনিত সৰ্বসাধাৰণ লোকৰ অংশ গ্ৰহণ আশা কৰা ধৰণৰ পৰিলক্ষিত হোৱা নাছিল।

(চ) তলৰ প্ৰশ্ন সমূহৰ উত্তৰ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)ঃ


(১) দেশীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ প্ৰাচীন কালৰ পৰাই ভাৰতত এক সুসংগঠিত শিক্ষা ব্য়ৱস্থাই গঢ়লৈ উঠিছিল। বৈদিক যুগত গুৰুগৃহই আছিল শিক্ষাৰ মূল কেন্দ্ৰ। এই বৈদিকযুগৰ পৰাই ভাৰতত ধাৰাবাহিক ভাবে চলি অহা শিক্ষা ব্য়ৱস্থাই হৈছে ভাৰতৰ দেশীয় শিক্ষা ব্য়ৱস্থা। বৈদিক যুগৰ পিছত ভাৰতত বেছি শিক্ষা ব্য়ৱস্থাৰ ঘটিছিল। ইয়াৰ পৰৰ্ৱতী পৰ্যায়ত মুছলমান যুগত ইছলামিক শিক্ষা ব্য়ৱস্থাই গঢ় লৈ উঠিছিল। কিন্তু মুছলমান শাসকসকলে এই শিক্ষা ব্য়ৱস্থা সকলোৰে ওপৰত জাপি দিবলৈ বিচৰা নাছিল। সেয়ে হলেও ইছলামিক শিক্ষানুষ্ঠান মোক্তাৱ, মাদ্ৰাচা আদিয়ে ভাৰতৰ শিক্ষা ব্য়ৱস্থাত স্থায়ী শিপা মেলিছিল। গতিকে প্ৰাচীন ভাৰতীয় শিক্ষা ব্য়ৱস্থাত হিন্দু আৰু মুছলিম শিক্ষা ব্য়ৱস্থাৰ এক সমান্তৰাল অৱস্থান দেখা যায়। এই ক্ষেত্ৰত হিন্দুৰ পাঠশালা, টোল আৰু মুছলমানৰ মোক্তাৱ আৰু মাদ্ৰাচা সমূহক সমপৰ্যায়ৰ বুলি বিবেচনা কৰা হৈছিল। এই দুই শিক্ষা ব্য়ৱস্থাৰ পাৰস্পৰিক আদান - প্ৰদানৰ ফলত ভাৰতীয় দেশীয় শিক্ষা ব্য়ৱস্থাই এক বিশিষ্ট ৰূপ ধাৰণ কৰিছিল।

(২) ভাৰতৰ প্ৰাথমিক শিক্ষা সম্পৰ্কীয় সাংবিধানিক ব্যৱস্থা সমূহ বাখ্যা কৰা।

উত্তৰঃ ১৮৫৪ চনৰ উডৰ নিৰ্দেশনামাত কোৱা হৈছিল যে প্ৰাথমিক শিক্ষাৰ বিস্তাৰৰ সকলো দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। কিন্তু কাৰ্যক্ষেত্ৰত চৰকাৰে নিম্নমুখী পৰিশ্ৰাৱন নীতিকে অনুসৰণ কৰি দেশৰ মুষ্টিমেয় মানুহকহে শিক্ষিত কৰাত মনোনিৱেশ কৰিছিল। পৰৱৰ্তী সময়ছোৱাত কাৰ্যক্ষেত্ৰত চৰকাৰে প্ৰাছমিক শিক্ষাৰ পৰিৱৰ্তে উচ্চ শিক্ষাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিছিল। সেই সময়তে ১৮৮২ চনত লৰ্ড ৰিপন গৱৰ্ণৰ জেনেৰেল হৈ ভাৰতলৈ আহিছিল। ভাৰতলৈ আহিয়ে ৰিপনে ১৮৮২ চনৰ ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে এক শিক্ষা আয়োগ গঠন কৰিছিল। এই খনেই হৈছে ভাৰতৰ প্ৰথম শিক্ষা আয়োগ। উইলিয়াম হাণ্টাৰ আছিল এই আয়োগৰ সভাপতি। ১৮৮২ চনৰ হাণ্টাৰ আয়োগৰ অনুমোদনাৱলীৰ ফলস্বৰূপে ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত ঘাইকৈক প্ৰাথমিক স্তৰত বহুত পৰিৱৰ্তন সংঘটিত কৰিছিল। এই আয়োগৰ মুখ্য় উদ্দেশ্য় আছিল ভাৰতৰ প্ৰাথমিক শিক্ষাক জনপ্ৰিয় কৰি তোলা আৰু ইয়াৰ এক সুস্থ প্ৰশাসনিক গাঁঠনি প্ৰস্তুত কৰা। প্ৰাথমিক শিক্ষাৰ দায়িত্ব স্বায়ত্ব শাসিত অনুষ্ঠানৰ হাতৰ প্ৰাথমিক শিক্ষাৰ দায়িত্ব অৰ্পন কৰিছিল। 

(৩) উদৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ উল্লেখ কৰা।

উত্তৰঃ উদৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ তলত উল্লেখ কৰা হল-

(১) উদৰ প্ৰেৰণ পত্ৰত প্ৰথমবাৰৰ বাবে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আগতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গ্ৰহণ কৰা নিম্ন পৰিশ্ৰুত নীতিৰ ফলত প্ৰাথমিক শিক্ষা অৱহেলিত হোৱা বুলি এই প্ৰেৰণ পত্ৰত উল্লেখ কৰা হৈছিল। এই প্ৰেৰণ পত্ৰই নিম্নমুখী পৰিশ্ৰুত নীতি পৰিত্য়াগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। জনসাধাৰণৰ জীৱনৰ বিভিন্ন প্ৰয়োজনীয় শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল।

(২) চৰকাৰী দায়িত্ব গ্ৰহণঃ উদৰ প্ৰেৰণ পত্ৰই প্ৰথমবাৰৰ বাবে স্মটভাৱে স্বীকাৰ কৰিছিল যে দেশৰ শিক্ষাৰ দায়িত্ব চৰকাৰে লোৱা উচিত আৰু এই দায়িত্ব গ্ৰহণ কৰাটো বৃটিছ চৰকাৰৰ এক পবিত্ৰ কৰ্তব্য় হিচাবে গণ্য় কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।

(৩) দেশীয় শিক্ষাত গুৰুত্বঃ চাৰ্লচ উডে শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা পাচ্য় - পাশ্চাত্য়ৰ বিৰোধৰ ক্ষেত্ৰত পাচ্য়পন্থী সকলৰ মতামত সহানুভুতিৰে বিবেচনা কৰিছিল। দেশীয় ভাষা সমূহৰ অধ্য়য়নৰ ওপৰত ইয়াত গুৰুত্ব আৰোপ কৰা হৈছিল।

(৪) শিক্ষা বিভাগ স্থাপনঃ ভাৰতবৰ্ষত শিক্ষাৰ সংগঠন তথা প্ৰশাসনিক দিশৰ নিয়ন্ত্ৰণৰ বাবে প্ৰত্য়েক প্ৰদেশত একোটাকৈ শিক্ষা বিভাগ স্থাপন আৰু ইয়াৰ মুৰব্বী হিচাবে একোজন শিক্ষাধিকাৰ নিয়োগৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।

(৫) চৰকাৰী কামত নিযুক্তিঃ উদৰ ঘোষণাপত্ৰত উল্লেখ কৰা হৈছিল যে যিবোৰ পিছপৰা অঞ্চলত স্থানীয় মানুহ স্কুল পাতিবলৈ সক্ষম নহয় তেনেকুৱা অঞ্চলবোৰত চৰকাৰে নিজাকৈ স্কুল স্থাপন কৰিব লাগে।

(৬) দেশীয় শিক্ষানুষ্ঠানৰ উন্নতিঃ উদৰ প্ৰেৰণপত্ৰত মোক্তাৱ, মাদ্ৰাছা আৰু পাছশালা আদি দেশীয় শিক্ষানুষ্ঠান সমূহৰ উন্নতি সাধনৰ কাৰণে উপযুক্ত ব্য়ৱস্থা হাতত লোৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।

(৭) চৰকাৰী বিষয়াৰ দায়িত্বঃ শিক্ষা বিস্তাৰৰ বাবে প্ৰত্য়েক জিলাৰ চৰকাৰী বিষয়াসকলে সকলো ধৰণৰ প্ৰচেষ্টা চলাব লাগিব বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।

(৪) হাণ্টাৰ আয়োগৰ প্ৰাথমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ লিখা।

উত্তৰঃ হাণ্টাৰ আয়োগৰ প্ৰাথমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ তলত আলোচনা কৰা হল-

(১) প্ৰাথমিক শিক্ষাৰ উদ্দেশ্য় উচ্চ শিক্ষাৰ যোগ্য়তা আহৰণ নহয়, ইয়াৰ উদ্দেশ্য় হৈছে সৰ্বসাধাৰণক জীৱনৰ উপযোগী শিক্ষা প্ৰদান কৰা।

(২) এই শিক্ষাই শিক্ষাৰ্থীক আত্ম নিৰ্ভৰশীল হবলৈ শিকাব লাগে। মাতৃভাষাৰ মাধ্য়মত দিয়া জীৱনৰ উপযোগী শিক্ষাই হৈছে প্ৰাথমিক শিক্ষা।

(৩) প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু উন্নতি সাধনৰ বাবে চৰকাৰে কাৰ্যকৰী ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে।

(৪) শিক্ষাৰ প্ৰতি উৎসাহিত কৰিবৰ বাবে লিখিব পঢ়িব জনা লোকক চৰকাৰী কামত নিয়োজিত কৰিব লাগে।

(৫) চৰকাৰে প্ৰাথমিক শিক্ষাৰ দায়িত্বৰ পৰা অব্য়াহতি লৈ প্ৰাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কৰ্তৃপক্ষক দিব লাগে।

(৬) চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম অনুযায়ী স্থানীয় কৰ্তৃপক্ষই স্কুল সমূহ পৰিচালনা কৰিব লাগে।

(৭) বিদ্য়ালয় কৰ্তৃপক্ষৰ স্বাধীনতাত পৰাপক্ষত হস্তক্ষেপ নকৰিব।

(৮) স্থানীয় কৰ্তৃপক্ষই পৰিচালনা কৰা শিক্ষা ধৰ্মনিৰপেক্ষ হব লাগে।

(৯) ৰাইজে বিচাৰিলে ঠায়ে ঠায়ে নৈশ বিদ্য়ালয় স্থাপন কৰা হব।

(১০) স্থানীয় কৰ্তৃপক্ষ সমূহে বিদ্য়ালয় পৰিচালনাৰ বাবে এক পৃথক পুঁজিৰ ব্য়ৱস্থা কৰিব লাগে।

(৫) লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষা নীতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ লৰ্ড কাৰ্জনৰ প্ৰাথমিকশিক্ষাৰ নীতি সম্পৰ্কে তলত আলোচনা কৰা হল-

    লৰ্ড কাৰ্জনৰ শিক্ষা নীতিত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগৰ মত সমৰ্থন কৰি কোৱা হৈছিল যে ভাৰতত প্ৰাথমিক শিক্ষা প্ৰসাৰৰ বাবে চেষ্টা চলোৱাবলৈ চৰকাৰৰ এৰাব নোৱাৰা কৰ্ত্তব্য়। লৰ্ড কাৰ্জনে মত পোষণ কৰিছিল যে হাণ্টাৰ আয়োগৰ প্ৰতিবেদনৰ পিছত ভাৰতত যিদৰে প্ৰাথমিক শিক্ষাৰ বিস্তাৰ হব লাগিছিল সেইদৰে নহল। লৰ্ড কাৰ্জনে প্ৰাথমিক শিক্ষাৰ দ্ৰুত আৰু গুণগত মান উন্নয়নৰ সম্প্ৰসাৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি তলৰ পৰামৰ্শসমূহ আগবঢ়াইছিল।

(১) চৰকাৰৰ অধিক দায়িত্বঃ লৰ্ড কাৰ্জনৰ শিক্ষানীতিত কোৱা হৈছিল যে প্ৰাথমিক শিক্ষাই চৰকাৰৰ পৰা পাব লগা ধৰণে মনোযোগ লাভ কৰা নাছিল। সেই সময়ত ভাৰতৰ প্ৰাথমিক স্কুললৈ যাব পৰা বয়সৰ আনুমানিক মুঠ ৮০ লাখ লৰা-ছোৱালীৰ ভিতৰত মাত্ৰ ১/৩ অংশইহে প্ৰাথমিক শিক্ষাৰ সুবিধা পাইছিল। সেয়েহে কাৰ্জনে কেন্দ্ৰীয় আৰু প্ৰাদেশিক চৰকাৰক প্ৰাথমিক শিক্ষাত অধিক গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।

(২)পুঁজিৰ যোগানঃ প্ৰাথমিক শিক্ষাৰ প্ৰসাৰৰ পথত মূল অন্তৰায় আছিল পুঁজিৰ অভাৱ। চৰকাৰী ধনৰ যি অংশ এই পৰ্য্য়ায়ৰ শিক্ষাৰ বাবে খৰচ হব লাগিছিল সেইখিনি খৰচ হোৱা নাছিল। সেয়েহে কাৰ্জনে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰৰ বাবে বুজন পৰিমাণৰ এককালীন সামৰ্থ আগবঢ়াইছিল আৰু স্থানীয় শিক্ষাপুঁজিৰ সমস্ত ধন প্ৰাথমিক শিক্ষাৰ বাবে খৰচ কৰিবলৈ নিৰ্দেশ দিছিল।

(৩) ফলাফল ভিত্তিক অনুদান প্ৰথা পৰিহাৰঃ হাণ্টাৰ আয়োগেপ্ৰৱৰ্তন কৰা ফলাফল ভিত্তিক অনুদান প্ৰথাৰ বন্ধ কৰি লৰ্ড কাৰ্জনে স্কুল সমূহলৈ অনুদান দিয়াৰ এক উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিছিল। কাৰণ ফলাফলভিত্তিক অনুদান ব্য়ৱস্থাৰ ফলত দেখুৱাব নোৱাৰা অনেক প্ৰাথমিক বিদ্য়ালয় বন্ধ হৈ গৈছিল। গতিকে অনুদান দিয়াৰ এই পদ্ধতিয়ে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰ বাধাপ্ৰাপ্ত কৰিছিল। গতিকে এই নীতি পৰিহাৰ কৰি কাৰ্জনে প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰৰ বাট সূচল কৰিছিল।

(৪) শিক্ষক প্ৰশিক্ষণঃ প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়নৰ বাবে লৰ্ড কাৰ্জনে শিক্ষক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সংখ্য়া বৃদ্ধিৰ পৰামৰ্শ দিছিল। তেওঁ শিক্ষকৰ প্ৰশিক্ষনৰ কাল দুবছৰৰ কম হব নালাগে বুলি মত পোষণ কৰিছিল। ইয়াৰ লগতে কৃষি বিষয়ৰ শিক্ষক সকলক কৃষি বিষয়ৰ বিশেষ প্ৰশিক্ষণত গুৰুত্ব প্ৰদান কৰিছিল।

(৫) শিক্ষকৰ আৰ্হিক অৱস্থাৰ উন্নতিঃ প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ কৰাৰ অৰ্থে শিক্ষক সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত লৰ্ড কাৰ্জনে গুৰুত্ব প্ৰদান কৰিছিল। তেওঁ লক্ষ্য় কৰিছিল যে বিভিন্ন ৰাজ্য়ত প্ৰাথমিক স্কুলৰ শিক্ষকৰ দৰমহাৰ যথেষ্ট পাৰ্থক্য় আছিল। 

    লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষা নীতিয়ে দেশৰ প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণত বিশেষ সহায় কৰিছিল। এই প্ৰাথমিক শিক্ষাৰ গুণগত মানৰো যথেষ্ট উন্নতি হৈছিল। শিক্ষাদানৰ পদ্ধতি পাঠ্য়ক্ৰম, প্ৰশাসন, সংগঠন, পৰিদৰ্শন ইত্য়াদি সকলো সকলো দিশতে লৰ্ড কাৰ্জনৰ শিক্ষানীতিয়ে এক ইতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছিল। 

(৬) ১৯২৬ চনৰ প্ৰাথমিক শিক্ষা আইনখনৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্য়তামূলক কৰাৰ বাবে আৰম্ভ হোৱা সৰ্বভাৰতীয় জাতীয়তাবাদী আন্দোলনে অসমকো প্ৰভাৱিত কৰিছিল। ১৯১৯ চনত ভাৰত শাসন আইন অনুযায়ী প্ৰাদেশিক শাসন কাৰ্য সলনি হল। গতিকে প্ৰাদেশিক চৰকাৰ সমূহে প্ৰাথমিক শিক্ষা বাধ্য়তামূলক আৰু বিনামূলীয়া কৰিবৰ বাবে আইন প্ৰণয়ন কৰিছিল। অসমতো ইয়াৰ ভিত্তিতেই ১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইন গৃহীত কৰা হয়। এই আইনখন ১৯২৬ চনতে প্ৰণয়ন হল যদিও অসমৰ কোনো ঠাইতে ইয়াক কাৰ্যকৰী কৰা নহল। ইয়াৰ মূলকাৰণ হল সেইসময়ত স্থানীয় কৰ্তৃপক্ষসমূহ আৰ্থিকভাৱে যথেষ্ট দুৰ্বল আছিল। অসমৰ দৰে এখন পিছপৰা অঞ্চলৰ প্ৰাথমিক শিক্ষা বাধ্য়তামূলক কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰাটো এই কৰ্তৃপক্ষ সমূহৰ বাবে সম্ভৱ নাছিল। এই আইন বলবৎ কৰাৰ ক্ষমতা আৰু অভিজ্ঞতা এই দুয়োটাৰে অভাৱস্থানীয় কৰ্তৃপক্ষৰ ক্ষেত্ৰত দেখা গৈছিল। গতিকে বাস্তৱ ক্ষেত্ৰত দেখা গৈছিল যে আইনখনে কেৱল মাত্ৰ চৰকাৰী স্বীকৃতিহে লাভ কৰিবলৈ সক্ষম হৈছিল। সেইসময়ত অভিভাৱকসকল অধিক সংখ্য়কেই অজ্ঞ আৰু নিৰক্ষৰ আছিল। সেইবাবে প্ৰয়োজনীয় জনসচেতনতা আৰু জনমতৰ অভাৱো এই আইন ব্য়ৰ্থ হোৱাৰ আন এটা কাৰণ। 

(৭) শিক্ষা অধিকাৰ আইনখনৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ শিক্ষা অধিকাৰ সম্পৰ্কে আইনৰ সূচনা ১৯১০ আৰু ১৯১১ চনৰ গোপালকৃষ্ণ গোখলেৰ প্ৰস্তাৱিত দুই বিলত দেখা পোৱা গৈছিল। উপনিৱেশিক শিক্ষা ব্য়ৱস্থাত স্বাভাৱিকভাৱেই এই দুই বাতিল হৈছিল। কিন্তু আশ্চৰ্য্য়ৰ কথা যে, স্বাধীনতা ৬২ বছৰ পিছতো বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ কোনো আইনগত ব্য়ৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। স্বাধীনতা অৰ্জনৰ ১০ বছৰৰ ভিতৰত ১৪ বছৰ বয়স পৰ্যন্ত সকলো লৰা-ছোৱালীক সাৰ্বজনীনভাৱে বিনামূলীয়া আৰু বাধ্য়তামূলক প্ৰাথমিক শিক্ষা ব্য়ৱস্থা কৰা হব, তথাপি ২০০৯ পৰ্যন্ত এই সংকল্প বাস্তৱায়িত হোৱা নাছিল। সেয়েহে ২০০৯ চনত ভাৰতৰ দুই সংসদৰ অনুমোদন সাপেক্ষে শিক্ষা অধিকাৰ আইন ২০০৯ পাছ কৰা হৈছিল। এই আইনখনৰ মূল কথা হল ৬-১৪ বছৰ বয়সলৈকে সকলো লৰা-ছোৱালীক বিনামূলীয়া বাধ্য়তামূলক প্ৰাথমিক শিক্ষা প্ৰদান কৰা। 

(৮) DPEP আঁচনিখনৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে ১৯৯৪ চন আৰু ১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰে 'জিলা প্ৰাথমিক শিক্ষা আঁচনি' চমুকৈ (DPEP) নামেৰে এক শিক্ষা আঁচনি দুটা পৰ্যায়ত ৰূপায়ন কৰিবলৈ লৈছিল। এই আঁচনিমতে জিলা পৰ্য্য়ায়ত প্ৰাথমিক শিক্ষাক সম্প্ৰসাৰণ কৰিবলৈ বিচৰা হৈছিল। সমগ্ৰ ভাৰতবৰ্ষতে এই আঁচনি ৰূপায়নৰ ব্য়ৱস্থা গ্ৰহণ কৰা হৈছিল। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা জিলা সমূহক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছিল। জিলা প্ৰাথমিক শিক্ষা আঁচনিখন ভাৰতৰ প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনি কেন্দ্ৰীয় চৰকাৰৰ ৮৫ শতাংশ আৰু ৰাজ্য়িক চৰকাৰৰ ১৫ শতাংশ বিত্ত সাহাৰ্যৰে ৰূপায়ন কৰা হৈছিল। অসমতো এই আঁচনিৰ অধীনত প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা হৈছিল। প্ৰাৰম্ভিক পৰ্য্য়ায়ত এই আঁচনি অসমৰ ৯ খন জিলা অন্তৰ্ভূক্ত হৈছিল। কিন্তু এই আঁচনিয়েও অসমত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।

(৯) সৰ্বশিক্ষা আঁচনিৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ সৰ্বশিক্ষা আঁচনিৰ উদ্দেশ্য়সমূহ হৈছে-

(১) বিদ্য়ালয় ভৰ্তিকৰণঃ ৬ ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুৰে প্ৰাথমিক শিক্ষা সমাপ্তকৰণ নিশ্চিত কৰা।

(২) প্ৰাথমিক শিক্ষা সমাপ্তকৰণঃ ৬-১৪ বছৰ বয়সৰ সকলো লৰা-ছোৱালীয়ে যাতে ২০০৭ চনৰ ভিতৰত প্ৰাথমিক শিক্ষা শেষ কৰে তাৰ উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰা।

(৩) অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষা সুনিশ্চিত কৰণঃ ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো লৰা-ছোৱালীয়ে যাতে ২০০৭ চনৰ ভিতৰত অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষা সমাপ্ত কৰে সেই বিষয়ে সুনিশ্চিত কৰা।

(৪) শিক্ষাৰ মান উন্নয়নঃ প্ৰাথমিক শিক্ষা যাতে জীৱনকেন্দ্ৰীক হয় আৰু ইয়াৰ গুণাগত মান যাতে বৃদ্ধি পায় আৰু উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰা।

(৫) বৈষম্য় দূৰীকৰণঃ ২০০৭ চনৰ ভিতৰত শিক্ষাৰ্থীসকলৰ মাজত থকা সকলো ধৰণৰ সামাজিক আৰু লিঙ্গ বৈষম্য় দূৰ কৰা।

(৬) পূৰ্ণ সময়ৰ শিক্ষাঃ ২০১০ চনৰ ভিতৰত বিদ্য়ালয়ত ভৰ্তি হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে বিদ্য়ালয়ত পূৰ্ণ সময় থাকিব পাৰে তাৰ বাবে উপযুক্ত ব্য়ৱস্থা গ্ৰহণ কৰা।

(৭) প্ৰত্য়াশিত শিক্ষাস্তৰত উপনীত কৰোৱাঃ প্ৰতিজন শিক্ষাৰ্থীক বিদ্য়ালয় পাঠদানৰ মাধ্য়মেৰে প্ৰত্য়াশিত শিক্ষাস্তৰত উপনীত কৰাৰ ব্য়ৱস্থা কৰা। 

(১০) সৰ্বশিক্ষা আঁচনিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰা।  

উত্তৰঃ সৰ্বশিক্ষা আঁচনিৰ বিভিন্ন দিশসমূহ হৈছে-

(১) শিক্ষাক সাৰ্বজনীনকৰণৰ এক সময় সাপেক্ষ আঁচনি।

(২) ইয়াৰ উদ্দেশ্য় প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়ন কৰা।

(৩) ইয়াৰ উদ্দেশ্য় হৈছে সামাজিক ন্য়ায় প্ৰতিষ্ঠা কৰা।

(৪) শিক্ষাৰ ক্ষেত্ৰত এক জন আন্দোলনৰ সৃষ্টিৰ বাবে জনসাধাৰণৰ অংশ গ্ৰহণ নিশ্চিত কৰা।

(৫)  ই কেন্দ্ৰ আৰু ৰাজ্য়িক চৰকাৰৰ যৌথ আঁচনি।

(৬) প্ৰত্য়েক ৰাজ্য়িক চৰকাৰে নিজস্বভাৱে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিব।

(৭) অপচয় আৰু স্থৱিৰতা দূৰ কৰা।

(৮) গৃহহীন শিশুৰ শিক্ষাৰ ব্য়ৱস্থা কৰা।

(১১) ৰাষ্ট্ৰীয় সাক্ষৰতা আইনৰ বিষয়ে লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ তিনিটা উদ্দেশ্য় বা কাৰ্যাৱলী হল -

(১) শিকাৰু প্ৰয়োজন পূৰাব পৰাকৈ কাৰ্যসূচী প্ৰস্তুত কৰি শিকাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বঢ়োৱা।

(২) উপযুক্ত শিক্ষকৰ নিযুক্ত আৰু শিক্ষকৰ প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰা।

(৩) বিভিন্ন স্তৰৰ সাক্ষৰতা প্ৰদানৰ কাৰ্যসূচী দক্ষতাৰে পৰিচালনা কৰিব পৰা লোকৰ কমিটি গঠন কৰা।

(১২) গোখলেৰ বিলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ গোখলেই বাধ্য়তামূলক প্ৰাথমিক শিক্ষা সম্পৰ্কে  নিজৰ স্থিতি অধিক শক্তিশালী কৰি তুলিবৰ বাবে ১৯১১ চনৰ ১৬ মাৰ্চ তাৰিখে এখন বিল আইন সভাত পুনৰ উত্থাপন কৰিছিল। গোখলেৰ বিলখনৰ ওপৰত মতামত গ্ৰহণৰ বাবে ৰাজ্য় চৰকাৰ, বিশ্ববিদ্য়ালয় আৰু পৰীক্ষা কৰিবৰ বাবে পঠিয়াই দিয়া হয়। ১৯১২ চনৰ ১৭ মাৰ্চত আইন সভাত এই বিলখনৰ ওপৰত উতপ্ত আলোচনা হয়। পিছত এই বিলখন সম্বন্ধে সিদ্ধান্ত গ্ৰহণৰ বাবে ভোটদানৰ ব্য়ৱস্থা কৰা হয়। এই ক্ষেত্ৰত ৩৮ জন সদস্য়ই বিপক্ষে আৰু ১৩ জনে সপক্ষে ভোটদান কৰে। ফলত এই বিলখন গৃহীত নহল। গোখলেৰ বিলখন আইনসভাত অগ্ৰাহ্য় হলেও বিলখনে চৰকাৰৰ লগতে জনসাধাৰণক প্ৰাথমিক শিক্ষা সম্পৰ্কে সজাগ কৰি তুলিছিল। ইয়াৰ পৰৱৰ্তী পৰ্য্য়ায়ৰ প্ৰাথমিক শিক্ষা সম্পৰ্কীয় আইন সমূহত গোখলেৰ বিলৰ প্ৰভাৱ পৰিলক্ষিত হয়। ১৯৯২ চনত ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ ভাৰতলৈ শুভেচ্ছামূলক ভ্ৰমনৰ বাবে আহিছিল। গোখলেৰ বিল সংসদত অগ্ৰাহ্য় হোৱা ঘটনাত তেওঁ অসন্তুষ্ট হৈছিল আৰু ইংৰাজী প্ৰশাসনৰ পৰা ইয়াৰ কৈফয়িৎ দাবী কৰিছিল। ইয়াৰ পৰিপেক্ষিতত ভাৰত চৰকাৰে ১৯১৩ চনত নতুন শিক্ষা নীতি বাধ্য়তামূলক প্ৰাথমিক শিক্ষাই গুৰুত্ব লাভ কৰে। ১৯১৯ চনত ভাৰত শাসন আইনৰ দ্বাৰা দেশত প্ৰাদেশিক চৰকাৰ গঠন হৈছিল। ইয়াৰ লগে লগে প্ৰাথমিক স্কুল আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছিল। অসমতো ১৯২৬ চনত গোখলেৰ অনুপ্ৰেৰণাতে বাধ্য়তামূলক প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰা হয়। 



Type Himanku Bora.

Author :  Boby Bora 


Post ID : DABP006469