পৰিবহন আৰু যোগাযোগ | Chapter 8 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography  Suggestion | Class 12 Geography Question and Answer | HS Second Year Geography | 


অধ্যায় ৮

পৰিবহণ আৰু যোগাযোগ


অনুশীলনী

1. তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা।

(i) ট্ৰান্স-মহাদেশীয় ষ্টুৱৰ্টা ঘাই পথে কোন দুখন ঠাইৰ সংযোগ কৰিছেঃ-

a) ডাৰউইন আৰু মেলেৰ্বোন,            b) এডমন্টন আৰু এনচ’ৰেজ,

c) ভেনক’ভাৰ আৰু ছেইন্ট জনচ্ চিটি, d) চেংডু আৰু লাছা।


(ii) কোনখন দেশত ৰেলপথৰ ঘনত্ব সৰ্বাধিকঃ-

a) ব্ৰাজিল, b) আমেৰিকা যুক্তৰাষ্ট্ৰ, c) কানাডা, d) ৰাছিয়া।


(iii) বৃহৎ ট্ৰাংক পথ কোনটো মহাসাগৰৰ মাজেৰে পাৰ হৈছেঃ-

a) ভূমধ্য-ভাৰত মহাসাগৰ,    b) উত্তৰ আটলান্টিক মহাসাগৰ,

c) দক্ষিণ আটলান্টিক মহাসাগৰ, d) উত্তৰ প্ৰশান্ত মহাসাগৰ।


(iv) বিগ-ইঞ্চ পাইপ লাইনে কি পৰিবহন কৰেঃ-

a) গাখীৰ,             b) LPG,

c) পানী,              d) খাৰুৱা তেল।

উত্তৰঃ d) খাৰুৱা তেল ।

(v) তলৰ কোন দুখন ঠাই প্ৰনালী সুৰংগৰে সংযোজিতঃ-

a) লণ্ডন-বাৰ্লিন,        b) পেৰিছ-লণ্ডন,

c) বাৰ্লিন-পেৰিছ,       d) বাৰ্ছিলোনা-বাৰ্লিন।


2. তলত দিয়া প্ৰশ্নবোৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ-

(i) পৰ্বতীয়া, মৰুভূমি আৰু সঘনাই বানপানী হোৱা অঞ্চলৰ পথ সমস্যাবোৰ কি?

উত্তৰঃ  পৰ্বতীয়া, মৰুভূমি আৰু সঘনাই বানপানী হোৱা অঞ্চলৰ পথ সমস্যাবোৰ হল- অধিক বানপানী হোৱাৰ ফলত সেই অঞ্চলত যাতায়ত ব্যৱস্থাত অসুবিধা হব পাৰে। তাৰোপৰি তেনে ঠাইত পৰ্যটন উদ্যোগ গঢ়ি উঠাত ব্যাঘাত জন্মিব পাৰে ।

(ii) ট্ৰান্স-মহাদেশীয় ৰেলপথ কি?

উত্তৰঃ আল্ট্ৰা-চাইবেৰিয়ান ৰেলৱে বা ট্ৰেন্সচিবিৰ্স্কায়া মাগিষ্ট্ৰাল) হৈছে এক ৰেল ব্যৱস্থা যি ৰাছিয়াৰ ৰাজধানী মস্কোক দেশখনৰ পূব অংশ আৰু চাইবেৰিয়াৰ সৈতে সংযোগ কৰে। এইটো পৃথিৱীৰ আটাইতকৈ দীঘল ৰেলপথ। ৰে'লৱেৰ মঙ্গোলিয়া, চীন আৰু উত্তৰ কোৰিয়াত সংযোগী শাখা আছে।

 (iii) জলপৰিবহনৰ সুবিধাবোৰ কি?

উত্তৰঃ জলপৰিবহনৰ সুবিধাবোৰ হল- জলপথত আলিবাট বা ৰেলপথৰ দৰে কোনো ব্যয়সাধ্য নিৰ্মাণ বা মেৰামতিৰ প্ৰয়োজন নাই। ইয়াত ৰাজহ নাই । কৰ্মচাৰীৰ সংখ্যাও পথ আৰু ৰেল পৰিবহণৰ তুলনাত কম। একেলগে বহুত পন্য বা যাত্ৰী আৰু গধূৰ সামগ্ৰী কম খৰচতেই কঢ়িয়াব পাৰি । 

3. ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) ‘সু-পৰিচালিত পৰিবহন ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ পৰিবহনে এটা আনটোৰ পৰিপূৰক হোৱা দেখা যায়’ ব্যাখ্যা কৰা।

উত্তৰঃ

(ii) পৃথিৱীৰ কোনবোৰ অঞ্চলত আকাশীপথৰ ঘনত্ব অধিক?

উত্তৰঃ তুষাৰলেণ্ড লেপলেণ্ড, গ্ৰীনলেণ্ড, আলস্কা আদিত খকা বাসিন্দা সকলৰ বহিঃবিশ্বৰ লগত সম্পৰ্ক সম্ভৱ হৈছে আকাশী পথ যোগাযোগেৰে। কাশ্মীৰৰ উত্তৰ অঞ্চল, অৰুণাচলৰ দূৰ্গম অঞ্চলবোৰ সধনে ভূমিস্খলন হোৱা ঠাইবোৰ অতিশয় বানপানী প্ৰবন অঞ্চলবোৰ, আফ্ৰিকা মহাদেশৰ ভিতৰুৱা অঞ্চলৰ যোগাযোগৰ ব্যৱস্থা সম্ভৱ হৈছে কেৱল আকাশী পথৰ দ্ৰুত উন্নয়নৰ বাবে। আজিকালি বহুতো দেশৰ অন্তৰ্দেশীয় আৰু আন্তৰ্জাতিক বিমান সেৱাৰ ব্যৱস্থা আছে। আকাশীপথ সেৱাৰ বাবে আন্তঃগাঠনিৰ উন্নয়ন আৱশ্যক ।

        বৰ্তমান পৃথিৱীৰ যি কোনো ঠাইলৈ বিমানেৰে যাত্ৰা কৰিলে ৩৫ ঘণ্টাতকৈ অধিক সময়ৰ প্ৰয়োজন নহয়। বিমান সেৱাৰ সাম্প্ৰতিক উন্নয়নে ভৱিষ্যত আকাশী পথ পৰিবহনৰ আমূল পৰিবৰ্তন আনিব পাৰে । বৰ্তমান আকাশী দ্ৰুত সেৱাৰ ক্ষেত্ৰত প্ৰচলন কৰা অত্যন্ত দ্ৰুতবেগী উৰাজাহাজৰ যাত্ৰাই লণ্ডন আৰু নিউইয়ৰ্কৰ যাত্ৰাৰ দূৰত্ব ৩ ঘণ্টা-৩০ মিনিটলৈ হ্ৰাস কৰিছে ।


(iii) মানুহৰ সাম্প্ৰতিক অৰ্থনৈতিক আৰু সামাজিক স্পেছ সম্প্ৰসাৰণ কৰা বিভিন্ন ধৰণৰ চাইবাৰ স্পেছ বোৰ কি?

উত্তৰঃ চাইবাৰ স্পেচ হল বিশ্বজুৰি বৈদ্যুতিক ভাৱে কম্পিউটাৰ সংযোজিত স্থান। ই ইণ্টাৰনেটৰ দ্বাৰা পৰিবেষ্টিত যেনে World Wide Web (www) সাধাৰণ ভাষাত কবলৈ গলে ই হল কম্পিউটাৰ মাধ্যমত বিভিন্ন ঠাইত লগত কৰা যোগাযোগ ব্যৱস্থা যত যোগাযোগ কাৰীৰ মাজত সোশৰীৰে সম্পৰ্ক নোহোৱাকৈ ইলেকট্ৰনিক মাধ্যমৰ জৰিয়তে আদান প্ৰদান সুন্দৰভাৱে কৰিব পাৰি । ইয়াক ইণ্টাৰনেট আখ্যাও দিব পাৰি ।

        মানুহৰ জীৱনত ইলেকট্ৰনিক মাধ্যমে যিটো গতিত প্ৰভাৱ পেলাবলৈ লৈছে সেয়া অপূৰ্ব । যোৱা ৫ বছৰত ইলেকট্ৰনিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্টৰ পৰা উন্নয়নশীল দেশবোৰলৈ স্থানান্তৰিত হোৱা পৰিলক্ষিত হৈছে।

        ইণ্টাৰনেটৰ ব্যৱহাৰৰ মাত্ৰালৈ মন কৰিলে মানুহৰ সাম্প্ৰতিক অৰ্থনৈতিক আৰু সামাজিক যোগাযোগৰ ব্যৱধান ক্ৰমে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে । ই-মেইল, ই-ব্যবসায় বানিজ্য, ই-শিক্ষা, ই-প্ৰশাসন আদিৰ ব্যৱহাৰৰ ফলত চাইবাৰস্পেচ যথেষ্ট প্ৰসাৰিত হৈছে। ৰেডিঅ, দূৰদৰ্শন, ফেক্স আৰু ইণ্টাৰনেট আদি অধিক ব্যৱহাৰৰ ফলত পৃথিৱীখন এখন প্ৰকৃত গোলকীয় গাওঁলৈ পৰ্যবসিত হৈছে ।


    Type- Nayan Jyoti Bodoloi.



Post ID : DABP006483