Chapter: 9

কৃষক, জমিদাৰ আৰু ৰাজ্য় ( কৃষক সমাজa আৰু মোগল সাম্ৰাজ্য় খৃঃ ১৬-১৭শ শতিকা) 

(Peasent, Zamidars And the sater: Argarian society and the Mughal Empire) 

প্ৰশ্নাৱলী

◻️ চমুপ্ৰশ্নঃ

১। কিয় মােগল ৰাজহ বিষয়াসকলে কৃষি প্রধান সমাজখন নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিচাৰিছিল?

উত্তৰঃ মোগল যুগৰ অৰ্থনীতিৰ মেৰুদণ্ড আছিল ভূমি ৰাজহ আৰু কৃষি। সেই কাৰণে মোগল ৰাজহ বিষয়াসকলে কৃষি সমাজখন নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিচাৰিছিল। 

২। মােগল যুগত বেছিকৈ খেতি কৰা শস্যসমূহ কি কি আছিল?

উত্তৰঃ মোগল যুগত বেছিকৈ খেতি কৰা শস্য়সমূহ হ'ল- ধান, মাহ আৰু ঘেঁহু। 

৩। জিন্স-ই-কামিল মানে কি বুজা?

উত্তৰঃ জিন্স-ই-কামিল মানে হ'ল সৰ্বোত্তম ফচল। 

৪। দুই প্রকাৰৰ কৃষকৰ নাম লিখা?

উত্তৰঃ দুই প্ৰকাৰৰ কৃষকৰ নাম হৈছে ১। খুদকাশত আৰু ২। পাহিকাশত। 

৫। কানকূট আৰু ৰটাই পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ কানকূট- হিন্দীত কান মানে হ'ল শস্য় আৰু কূট মানে আন্দাজ আৰু ৰটাই মানে হ'ল ভাওলী। ইয়াত শস্য় কাটি একে ঠাইতে জমা কৰা হয় আৰু সেইবোৰ সকলো পক্ষৰ সন্মতি সাপেক্ষে ভাদ-বটৰা কৰা হয়। 

৬। কুৱাৰ পৰা পানী তুলিবলৈ ব্যৱহাৰ কৰা দুটা যন্ত্রৰ নাম লিখা।

উত্তৰঃ কুৱাৰ পৰা পানী তুলিবলৈ ব্য়ৱহাৰ কৰা দুটা যন্ত্ৰৰ হৈছে- ১। পাৰ্চীয়ান চকা আৰু ২। কাঠঢেকী। 

৭। পঞ্চায়তৰ মুখিয়াল সকলে সমাধা কৰা দুটা কাম উল্লেখ কৰা।

উত্তৰঃ পঞ্চায়তৰ মুখিয়াল সকলে সমাধা কৰা দুটা কাম হৈছে

১। গাঁৱৰ আয়ব্য়য়ৰ হিচাপ তদাৰক কৰা।

২। গাঁৱত বাস কৰা বিভিন্ন জাতিসমূহৰ নিজস্ব পৰিসীমা ৰক্ষা কৰাটো তদাৰক কৰা। 

৮। ৰাজস্থানৰ জাতি পঞ্চায়তৰ দুটা কাৰ্য্যাৱলী উল্লেখ কৰা।

উত্তৰঃ ৰাজস্থানৰ জাতি পঞ্চায়তৰ দুটা কাৰ্য্য়াৱলী হ'ল 

১। বিভিন্ন জাতিৰ মাজত দেৱানী গোচৰসমূহ নিষ্পত্তি কৰিছিল।

২। বিবাহ জাতিগত নিয়ম অনুসৰি সম্পন্ন কৰা আৰু অনুষ্ঠানসমূহত ৰীতি-নীতি আচাৰ পালন কৰা আদি কামত চকু দিছিল। 

৯। কৃষি প্রধান সমাজৰ প্রাথমিক গােটটো কি আছিল?

উত্তৰঃ কৃষি প্ৰধান সমাজৰ প্ৰাথমিক গোট হ'ল গাঁও। 

১০। জমা আৰু হাচিল বুলিলে কি বুজা?

উত্তৰঃ জমা  আৰু হাচিল মানে হ'ল ৰাজহ ধাৰ্য কৰা আৰু হাচিল মানে হ'ল প্ৰকৃত ৰাজহ সংগ্ৰহৰ পৰিমান।  

১১। আইন-ই-আকবৰী গ্রন্থৰ দুটা আসোঁৱাহ উল্লেখ কৰা।

উত্তৰঃ আইন-ই-আকবৰী গ্ৰন্থৰ দুটা আসোঁৱাৰ হৈছে

১। ইয়াৰ সংখ্য়াগত তথ্য়সমূহৰ বিষমতা। সকলো প্ৰদেশৰ পৰা তথ্য়সমূহ একে ধৰণে সংগ্ৰহ কৰা নাছিল। 

১২। টোডৰমলে উল্লেখ কৰা চাৰিবিধ মাটিৰ নাম লিখা।

উত্তৰঃ টোডৰমলে উল্লেখ কৰা চাৰিবিধ মাটি নাম হৈছে-

১। পৰাউতি-  যি মাটি কিছু বছৰ খেতি কৰাৰ পিছত উৰ্বৰতা সঞ্চয় কৰিবলৈ কিছুদিন খেতি নকৰাকৈ ৰখা হয়।

২। পোলেজ- যিবোৰ মাটি প্ৰতি বছৰে খেতি কৰা হয়। 

৩। চাচৰ- যিবোৰ মাটি তিনি-চাৰি বছৰ খেতি নকৰাকৈ পৰি থাকে। 

৪। বঞ্জৰ- যিবোৰ মাটি পাঁচ বছৰলৈ কোনো ধৰণৰ খেতি নকৰাকৈ পৰি থাকে। 

◻️ বহলাই লিখাঃ 

১। মােগল যুগৰ কৃষি সমাজৰ ইতিহাস ৰচনা কৰাত আইন-ই-আকবৰী গ্রন্থৰ উৎস ব্যৱহাৰ কৰাৰ সমস্যাসমূহ কি আৰু ইয়াৰ ইতিহাসবিদসকলে কেনেকৈ সমাধা কৰিছিল?

উত্তৰঃ মোগল যুগৰ কৃষি সমাজৰ ইতিহাস ৰচনা কৰাত আইন-ই-আকবৰী গ্ৰন্থৰ ব্য়ৱহাৰ কৰাৰ সমস্য়াসমূহ হ'ল 

    খেতি পথাৰত কাম কৰাৰ কৃষকসকলৰ পৰা গ্ৰাম্য় সমাজৰ বিষয়ে কোনো ধৰণৰ তথ্য় পোৱা হোৱা নাই। কাৰণ তেওঁলোকে নিজৰ বিষয়ে কোনো ধৰণৰ তথ্য় উল্লেখ কৰা নাছিল। ঐতিহাসিক গ্ৰন্থসমূহৰ ভিতৰত আকবৰৰ ৰাজসভাৰ ইতিহাসবিধ আব্দুল ফজলৰ দ্বাৰা ৰচিত আইন-ই-আকবৰী গ্ৰন্থখনেই আছিল অন্য়তম। এই গ্ৰন্থখনত জমিদাৰৰ ৰাজ্য়ৰ মাজৰ সম্পৰ্ক, কৃষি উৎপাদন বৃদ্ধি আৰু সম্ৰাট প্ৰতিনিধিৰ দ্বাৰা ৰাজহ সংগ্ৰহ আদি এইসমূহৰ বিষয়ে উল্লেখ কৰিছে। সেই গন্থখনৰ উদ্দেশ্য় আছিল আকবৰৰ সাম্ৰাজ্য়খনৰ এখন প্ৰতিচ্ছবি দাঙি ধৰা। আইন-ই-আকবৰী গ্ৰন্থখনত মোগল সাম্ৰাজ্য়ৰ পৰা বহুতো দূৰৰ অঞ্চলৰ বিষয়ে তথ্য় পোৱা গৈছে। 

    ১৭-১৮ শতিকাৰ মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানৰ ৰাজহ সম্পৰ্কীয় তথ্য়-পাতি পোৱা গৈছিল। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ পূৱ ভাৰতৰ লগত কৃষিৰ সম্পৰ্কৰ তথ্য়সমূহৰ বিষয়ে উল্লেখ কৰিছে। 

২। কৃষি প্রধান সমাজত মহিলাসকলৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ কৃষি প্ৰধান সমাজত মহিলাসকলৰ ভূমিকা

    কৃষি প্ৰধান সমাজত মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কৃষি উৎপাদনত মহিলাসকলেও কিছুমান নিৰ্দিষ্ট ভূমিকা পালন কৰি আহিছে। মহিলাসকলে শস্য় চপোৱা, নিকোৱা আৰু শস্য় জৰা-ফুকা কৰি চাফা কৰা কাম কৰিছিল। সূতা কটা, কাপোৰ বোৱা, মাটি বাচন তৈয়াৰ কৰিবলৈ মাটি চাফা কৰা, কাপোৰ চিলাই কৰা, ফুল বছা আদি এই সকলোবোৰ কাম মহিলাসকলে কৰিছিল। কৃষিৰ লগত জড়িত মহিলাসকলে নিয়োগকৰ্ত্তাৰ ঘৰত বা বজাৰতো কাম কৰিছিল। 

   মহিলাসকল শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীল আছিল। মহিলাসকলৰ মৃত্য়ু হাৰ বেছি আছিল। সেই বাবে কৃষক আৰু কাৰিকৰী সমাজত 'কন্য়া ধন' পৰিশোধৰ নীতি উদ্ভৱ হৈছিল যিটো সম্ভ্ৰান্ত শ্ৰেণী মাজত নাছিল। ঘৰখনৰ মূখিয়ালজন পুৰুষ আছিল। মহিলাসকলে অপৰাধ কৰিলে তেওঁলোকক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিছিল।   

৩। কৃষি প্রধান সমাজত জাতি ব্যৱস্থাই আর্থ-সামাজিক সম্পর্কত কিমান দূৰ প্ৰভাৱ পেলাইছিল বুলি ভাবা? ব্যাখ্যা কৰা।

উত্তৰঃ কৃষি-কৰ্মৰ লগত জড়িত এক বুজন সংখ্য়ক লোকে কৃষিভূমিত বনুৱা হিচাপে কাম কৰিছিল। তেওঁলোকৰ নিজৰ কৃষিভূমি যথেষ্ট পৰিমানে থকা সত্বেও কিছুমান জাতিক নিচ বুলি ভবা কিছুমান কাম কৰিবলৈ দিয়া হৈছিল। ইয়াৰ ফলত তেওঁলোকে দৰিদ্ৰ জীৱন-যাপন কৰিব লগা হৈছিল। সেই সময়ত লোকপিয়লৰ ব্য়ৱস্থা নাছিল যদিও গাওঁবিলাকৰ এক বুজন সংখ্য়ক লোক আছিল এই সাধাৰণ শ্ৰেণীত অন্তভূৰ্ক্ত। তেওঁলোকৰ জাতিৰ ব্য়ৱস্থা নিয়ম-নীতিৰ ভিতৰত আছিল। মুছলমান সম্প্ৰদায়ৰ হলাল খোৰাণৰ দৰে নীচ কাম কৰা লোকসকল গাওঁৰ বাহিৰত বাস কৰিছিল। সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ মাজত জাতি, সামাজিক আৰু দৰিদ্ৰতা প্ৰৰিস্থিতি প্ৰত্য়ক্ষ আন্তঃসম্পৰ্ক আছিল। মধ্য়ম শ্ৰেণীৰ মাজত তেনেধৰণৰ সম্পৰ্ক নাছিল। 

৪। মােগল যুগত জমিদাৰসকলৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ মোগল যুগত জমিদাৰসকলৰ ভূমিকা বিষয়ে তলত আলোচনা কৰা হ'ল 

    জমিদাসকলৰ আয় উৎস আছিল কৃষি। মোগল যুগৰ জমিদাৰিসকল প্ৰত্য়ক্ষভাৱে কৃষিৰ লগত জড়িত নাছিল। তেওঁলোক বহুতো ভূমি-সম্পত্তি আৰু ক্ষমতা অধিকাৰী আছিল। তেওঁলোকে সমাজৰ উচ্চ আসন লাভ কৰিছিল। জমিদাৰিসকলে সামাজিক আৰু আৰ্থিক সা-সুবিধা লাভ কৰিছিল। জমিদাৰসকলৰ ক্ষমতাৰ উৎস আছিল তেওঁলোকৰ বিস্তৃত পৰিমান ব্য়ক্তিগত ভূমি, ইয়াক মিল্কিয়ত বা সম্পতি বুলি কোৱা হয়। তেওঁলোকে নিজৰ বাবে খেতি কৰিছিল। খেতি পথাৰত তেওঁলোকে বন্ধুৱা শ্ৰমিকে কাম কৰিছিল। তেওঁলোকে নিজৰ মাটিবোৰ কিনা-বেছা কৰা, বন্ধকত দিয়া আৰু আনৰ নামত হস্তানত কৰিব পাৰিছিল।

    সৈনিকসকলৰ ওপৰত থকা অধিকাৰে তেওঁলোকৰ ক্ষমতা বৃদ্ধিৰ কৰিছিল। আইন-ই আকবৰীত উল্লেখ থকা মতে তেওঁলোকৰ মূল সংখ্য়া আছিল- ৩৮৪,৫৫৮ অশ্বাৰোহী, ৪,২৭৭,০৫৭ পদাতিক, ১৮৬৩ হাতী, ৪২৬০ টোপ আৰু ৪৫০০ নাও। শক্তিশালী সৈনিক চৰ্দাৰৰ দ্বাৰা দুখীয়া লোকসকলৰ ভূমি বেৰদখল কৰি জমিদাৰসকলে তেওঁলোকৰ পৰিসৰ বৃদ্ধি কৰিছিল। ৰাজপুত আৰু জাট সকলে এই ধৰণৰ ৰণনীতিয়ে উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত নিজৰ স্থিতি সুদৃঢ় কৰি লৈছিল। মধ্য় আৰু দক্ষিণ-পশ্চিম বংগৰ কৃষি আৰু পশুপালক সকলৰ মাজতো শক্তিশালী জমিদাৰ শ্ৰেণীৰ সৃষ্টি হৈছিল। জমিদাৰসকলে কৃষি উপযোগী ভূমি অধিগ্ৰহণত সদায় আগ ভাগ লৈছিল। জমিদাৰী কিনা-বেচা প্ৰক্ৰিয়াই গাঁওসমূহৰ মুদ্ৰাৰ প্ৰচলন খৰতকীয়া কৰি তুলিছিল। তেওঁলোকে নিজৰ মিল্কিয়তৰ উৎপাদিত শস্য় বিক্ৰী কৰিছিল। জমিদাৰসকল শোষক শ্ৰেণী প্ৰতিনিধি আছিল। চুফী সন্তসকলে জাতিভেদ প্ৰথা আৰু অত্য়াচাৰিসকলক নিন্দা কৰিছিল। 

৫। গ্রাম্য সমাজত গাঁও পঞ্চায়ত আৰু গাঁওৰ মুখিয়ালৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ গ্ৰাম্য় সমাজত গাঁও পঞ্চায়ত আৰু গাঁওৰ মুখিয়াল ভূমিকা 

    পঞ্চায়তৰ সভাপতি আছিল এজন মুখিয়াল। তেওঁক মণ্ডল বুলিও কোৱা হয়। গাঁৱৰ লোকসকলে সৰ্বসন্মতি ক্ৰমে সভাপতি নিৰ্বাচন কৰিছিল। সভাপতিৰ মুখ্য় কাম হৈছে গাঁৱৰ আয়-ব্য়য়ৰ হিচাপৰ তদাৰক কৰা। এইবোৰ কামত তেওঁক পটোৱাৰীয়ে সহায় কৰিছিল। পঞ্চায়তৰ আয়ৰ উৎস আছিল প্ৰতেকজন গাঁওবাসীয়ে দিয়া ব্য়ক্তিগত খাজনা। গাঁওসমূহ ভ্ৰমণ কৰা জমীদাৰৰ বিষয়াসকলৰ খৰচ পঞ্চায়তৰ আয়ৰ পৰা কৰা হৈছিল আৰু কিছুমান কাম হৈছে বানপানীৰ সময়ত সাহায্য় প্ৰদান কৰা, নদীবান্ধ নিৰ্মাণ কৰা আৰু খাল খন্দাৰ আদি এইবোৰ কামত ব্য়ৱহাৰ কৰা হৈছিল। 

    পঞ্চায়তৰ আন এটা গুৰুত্বপূৰ্ণ কাম হৈছে গাঁৱত বাস কৰা বিভিন্ন জাতিসমূহৰ নিজস্ত পৰিসীমা ৰক্ষা কৰাত গুৰুত্ব দিয়া। জাতিসমূহক নীতি বিৰোধী কামৰ পৰা বাৰণ কৰিব কাৰণে তেওঁলোকৰ আচৰণ বিধিৰ ওপৰত নজৰ ৰখাটো সভাপতিৰ দায়িত্ব আছিল। পঞ্চায়তে অপৰাধীক জৰিমনা ভৰাইছিল আৰু গুৰু দণ্ড হিচাপে নিজ জাতি পৰা বহিষ্কাৰ কৰিছিল। বহিষ্কাৰ কৰা লোকজনকো নিৰ্দিষ্ট সময়ৰ কাৰণে গাঁও এৰি যাবলৈ কৈছিল। সেই সময়ত তেওঁ নিজৰ জাতি আৰু কৃষি-বৃত্তিৰ অধিকাৰ হেৰুৱাব লগা হৈছিল। গাওঁ পঞ্চায়তৰ উপৰিও প্ৰত্য়েক গাঁৱতে ভিন্ন ভিন্ন জাতিৰ জাতি পঞ্চায়ত আছিল। সেই জাতি পঞ্চায়তবোৰ যথেষ্ট প্ৰভাৱশালী আছিল।    

৬। ভাৰতৰ গাঁও সমূহ ক্ষুদ্র গণতন্ত্র ব্যাখ্যা কৰা।

উত্তৰঃ ১৯শ শতিকাৰ বৃটিছ বিষয়াসকলে ভাৰতীয় গাওঁসমূহক 'ক্ষুদ্ৰ গণতন্ত্ৰ' বুলি উল্লেখ কৰিছিল। য'ত ভাতৃত্ববোধেৰে সামূহিক স্তৰত সম্পদ আৰু শ্ৰমৰ বিতৰণ কৰা হৈছিল। এই সাম্য়বাদৰ প্ৰতীক নাছিল। গাওঁসমূহত সম্পত্তিৰ ব্য়ক্তিগত জাতি, মালিকীস্বত্ব আৰু লিংগৰ ভিত্তিত বৈষম্য় পৰিলক্ষিত হৈছিল। গাঁৱৰ বিবাদ সমূহৰ সমাধানৰ ক্ষেত্ৰত কিছুমান সম্ভ্ৰান্ত লোকে আগভাগ লৈছিল। ৰপ্তানি দ্ৰব্য় উৎপাদন কৰা কাৰিকৰসকলেও আগধন মুদ্ৰাৰূপে লাভ কৰিছিল। ৰেছম, কপাহ, নীলৰ দৰে বাণিজ্য়িক বস্তু উৎপাদনকাৰীসকলেও তেওঁলোকক নগদ ৰূপ দিব লগা হৈছিল। 

৭। কৃষকসকলৰ প্ৰব্ৰজনৰ কাৰণ সমূহ লিখা।

উত্তৰঃ কৃষিকেন্দ্ৰীক সমাজ এখনৰ প্ৰাথমিক গোট হৈছে গাঁও। গাঁৱৰ কৃষকসকলে বছৰৰ বিভিন্ন সময়ত কৃষিৰ সৈতে জড়িত আছিল যেনে- মাটি চহোৱা, গুটি সিঁচা, শস্য় চপোৱা আদি। ইয়াৰ উপৰিও তেওঁলোকে তেল, চেনি, গুৰ আদি কৃষি উৎপাদনৰ লগতো জড়িত হৈ আছিল। 

৮। গাঁও পঞ্চায়তৰ মুখিয়ালসকলক কেনেকৈ নির্বাচন কৰা হৈছিল আৰু তেওঁলােকৰ কামসমূহ বর্ণনা কৰা।

উত্তৰঃ পঞ্চায়তৰ গাঁৱৰ প্ৰাপ্তবয়স্ক সন্মানীয় লোকসকল একত্ৰিত হৈছিল। পঞ্চায়তৰ সিদ্ধান্ত গাওঁৱ সকলোৱে মানি চলিব লগা হৈছিল। এজন মূখিয়াল আছিল পঞ্চায়তৰ সভাপতি। তেওঁক মণ্ডল বুলি কোৱা হৈছিল। গাঁৱৰ আত্মীয় লোকসকলে সকলোৰে সন্মতি লৈ সভাপতি নিৰ্বাচন কৰিছিল। সভাপতি নিৰ্বাচন কৰা পিছতে জমীদাৰৰ অনুমতি ল'ব লগা হৈছিল। গাঁওবাসীৰ আস্থাভাজন হৈ থকালৈকে তেওঁ সভাপতি পদত অধিষ্ঠিত হৈ আছিল। সভাপতি মূখ্য় কাম আছিল গাঁৱৰ আয়-ব্য়য়ৰ হিচাপ তদাৰক কৰা। সেই কামসমূহত তেওঁক পটোৱাৰীয়ে সহায় কৰিছিল। মূখিয়ালসকল ঘোচখোৰ স্বভাৱৰ আছিল। তেওঁলোকে পটোৱাৰীৰ সৈতে লগ হৈ হিচাপৰ খেলি-মেলি কৰি তেওঁলোকে কৰ কমকৈ দি দূখীয়া কৃষকৰ পৰা অত্য়াধিক কৰ দাবী কৰিছিল। 

৯। ১৬-১৭শ শতিকাত জংঘলবাসীসকলৰ জীৱন কেনেদৰে পৰিবৰ্তন হৈছিল বর্ণনা কৰা।

উত্তৰঃ ১৬-১৭শ শতিকাত জংঘলবাসীসকলে জীৱন কেনেদৰে পৰিবৰ্তন কৰিছিল এইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    উত্তৰ আৰু উত্তৰ পশ্চিম ভাৰতৰ খেতি কৰা গাঁওসমূহৰ বাহিৰেও এক বিস্তৃত অঞ্চল বিশাল জংঘল আগুৰি আছিল। এই জংঘল ঝাৰখণ্ড লগতে সম্পূৰ্ণ পূৱভাৰত, মধ্য়ভাৰত, উত্তৰভাৰত, দক্ষিণ-ভাৰতৰ পশ্চিম ঘাট আৰু মালভূমি অঞ্চল বিয়পি আছিল। জংঘলবাসীসকলক জংঘলী বুলি কৈছিল। চিকাৰ আৰু ঝুম খেতিৰে জীৱন নিৰ্বাহ কৰাসকলক জংঘলী বুলি কোৱা হৈছিল। বসন্ত কালত জংঘলত উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰে, গ্ৰীষ্ম কালত মাছধৰা, বৰ্ষাকালত খেতি কৰা, শৰৎ আৰু শীতকালত চিকাৰ কৰা কাম কৰিছিল। 

    বাহিৰা শক্তিসমূহৰ বিভিন্ন কাৰণত ইয়াত প্ৰৱেশ কৰিছিল। মোগল সৈন্য়বাহিনীত আৱশ্য়ক হোৱা হাতী জংঘলবাসীসকলৰ পৰা পেশকশ হিচাপে আদায় কৰা হৈছিল। ধনী-দূখীয়া সকলোৱে ন্য়ায় প্ৰদান কৰিবলৈ সম্ৰাট প্ৰতিজ্ঞাবদ্ধ আছিল। সম্ৰাটৰ চিকাৰ অভিযানসমূহ তাৰ এটাৰ উপায় আছিল। কৃষিৰ বাণিজ্য়কীকৰণৰ প্ৰভাৱ এইসকল লোকৰ ওপৰতো পৰিছিল। জংঘলৰ উৎপাদিত সামগ্ৰী সমূহ যেনে- মম, লা, মৌ আৰু ধূনা আদি এইবোৰৰ চাহিদা যথেষ্ট বেছি আছিল। এইবোৰে ১৭ শতিকাত বৰ্হি বাণিজ্য়ৰ অন্য়তম প্ৰধান ৰপ্তানি দ্ৰব্য় ৰূপে পৰিগণিত কৰা হৈছিল। হাতীবোৰ জংঘলৰ পৰা ধৰি আনি বিক্ৰী কৰিছিল। ইয়াত বিনিময় প্ৰথাৰে বাণিজ্য়িক লেনদেন হৈছিল। অসমত শাসন কৰা আহোমসকলৰ মাজত পাইক প্ৰথা নামে এক ব্য়ৱস্থা আছিল। বনৰীয়া হাতী ধৰাটো আহোম ৰজাৰ একচেতীয়া অধিকাৰ আছিল। 

    আইন-ই-আকবৰী গ্ৰন্থত উত্তৰ পূৱ ভাৰতত এইবোৰ জনজাতি থকা কথা উল্লেখ আছে। তেওঁলোক প্ৰথমে যুদ্ধ-বিগ্ৰহত লিপ্ত আছিল। ১৬-১৭ শতিকাৰত কোচসকলে ওচৰ চুবুৰীয়া বহুতো জনজাতি ৰাজ্য় জয় কৰা নিজৰ ৰাজ্য় অধীনত আছিল।  

১০। আইন-ই-আকবৰী গ্রন্থখনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ আইন-ই-আকবৰী- আব্দুল ফজলে আইন-ই-আকবৰী গ্ৰন্থখন ৰচনা কৰিছিল। গ্ৰন্থখন সম্ৰাট আকবৰে প্ৰশাসনৰ শ্ৰেণী বিভাজনৰ কাৰণে আৰম্ভ কৰা এটা ঐতিহাসিক প্ৰশাসনিক প্ৰকল্পৰ ফচল আছিল। সম্ৰাট আকবৰৰ ৰাজত্বৰ ১৫৯৮ খৃঃত গ্ৰন্থখনৰ ৰচনা কাম সম্পূৰ্ণ কৰিছিল। গ্ৰন্থখনে আকবৰৰ বিস্তৃত সাম্ৰাজ্য়খনত প্ৰচলিত বিভিন্ন ৰীতি-নীতি আচাৰ-ব্য়ৱহাৰ তথ্য় দিয়ে। এই গ্ৰন্থখনে আকবৰৰ সময়ৰ মোগল সাম্ৰাজ্য়ৰ এক প্ৰকৃত প্ৰতিচ্ছবি দাঙি ধৰিছে। গ্ৰন্থখনৰ পাঁচভাগৰ ভিতৰত প্ৰথম তিনিটা ভাগ প্ৰশাসনিক বিৱৰণ দিছে। ইয়াৰে প্ৰথম ভাগ 'মঞ্জীল আবাদী'ত ৰাজ পৰিয়াল আৰু তেওঁলোকৰ ভৰণ-পোষণ সম্পৰ্কে বৰ্ণনা আছে। দ্বিতীয় ভাগ হৈছে চিপহ বিদ্বান, কবি আৰু কলাকাৰ সকলৰ সংক্ষিপ্ত জীৱনী অন্তৰ্ভূক্ত আছে আৰু তৃতীয়ভাগ 'মুল্ক আবাদী'ত সাম্ৰাজ্য়ৰ প্ৰাদেশিক বিত্তীয় ব্য়ৱস্থা তথা ৰাজহৰ পৰিমাণ সম্পৰ্কে বৰ্ণনা কৰা হৈছে। 

     আইন-ই-আকবৰী সম্ৰাট আকবৰৰ শাসনৰ সুবিধাৰ কাৰণে ৰচনা কৰা হৈছিল যদিও এই গ্ৰন্থখন চৰকাৰী দস্তাৱেজসমূহৰ পোনপটীয়া নকল নাছিল। আব্দুল ফজলে প্ৰমাণিত তথ্য়ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। যেনে মৌখিক তথ্য়সমূহ গ্ৰন্থত লিপিবদ্ধ কৰাৰ আগতে তাৰ সত্য়তা বিচাৰ কৰি আৰু বিভিন্ন তথ্য় লগত মিলাই লিপিবদ্ধ কৰিছিল। আইন-ই-আকবৰী গ্ৰন্থখন ইতিহাসবিদসকলে এই ক্ষেত্ৰত কিছুমান আসোঁৱাৰ আঙুলিয়াই দিছিল। সেই আসোঁৱাবোৰৰ ভিতৰত প্ৰথমটো হৈছে ইয়াৰ সংখ্য়াগত তথ্য়সমূহ বিষমতা। ভালেমান প্ৰদেশৰ জমিদাৰসকলৰ জাতিৰ বিষয়ে বিস্তৃত তথ্য় সন্নিবিষ্ট কৰা হৈছে। কিন্তু বংগ আৰু উৰিষ্য়াৰ জমিদাৰৰ সম্পৰ্কে কোনো তথ্য় পোৱা নাই। 

    গ্ৰন্থখনৰ গুৰুত্বতা উপলব্ধি কৰি ভালেমান পণ্ডিতে গ্ৰন্থখন অনুবাদ কৰিছে। হেনৰী ব্লক মেনে- সম্পাদনা কৰা এই গ্ৰন্থখনৰ সম্পাদিত ৰূপটো Bengal Asiatic Society য়ে তেওঁলোকৰ বিব্লিয়োথিক শৃংখলাত ছপা কৰিছিল। ইংৰাজীলৈ গ্ৰন্থখন তিনিটা খণ্ডত প্ৰকাশ কৰিছে। ইয়াৰে প্ৰথম খণ্ডৰ মানক অনুবাদক আছিল হেনৰী ব্লকমেন। আন দুটা শব্দৰ অনুবাদক আছিল এইচ.এচ.জেৰেট। 

১১। মধ্যযুগৰ কৃষিসমাজত মহিলাৰ ভূমিকা কেনে আছিল ?

উত্তৰ- কৃষি প্ৰধান সমাজত মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কৃষি উৎপাদনত মহিলাসকলেও কিছুমান নিৰ্দিষ্ট ভূমিকা পালন কৰি আহিছে। মহিলাসকলে শস্য় চপোৱা, নিকোৱা আৰু শস্য় জৰা-ফুকা কৰি চাফা কৰা কাম কৰিছিল। সূতা কটা, কাপোৰ বোৱা, মাটি বাচন তৈয়াৰ কৰিবলৈ মাটি চাফা কৰা, কাপোৰ চিলাই কৰা, ফুল বছা আদি এই সকলোবোৰ কাম মহিলাসকলে কৰিছিল। কৃষিৰ লগত জড়িত মহিলাসকলে নিয়োগকৰ্ত্তাৰ ঘৰত বা বজাৰতো কাম কৰিছিল। 

   মহিলাসকল শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীল আছিল। মহিলাসকলৰ মৃত্য়ু হাৰ বেছি আছিল। সেই বাবে কৃষক আৰু কাৰিকৰী সমাজত 'কন্য়া ধন' পৰিশোধৰ নীতি উদ্ভৱ হৈছিল যিটো সম্ভ্ৰান্ত শ্ৰেণী মাজত নাছিল। ঘৰখনৰ মূখিয়ালজন পুৰুষ আছিল। মহিলাসকলে অপৰাধ কৰিলে তেওঁলোকক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিছিল। 

১২। আইন-ই-আকবৰী পুথিখন অনুবাদ কৰা ইংৰাজ অনুবাদক দুজনৰ নাম লিখ। তেওঁলােকে অনুবাদব কাম কেতিয়া সম্পূর্ণ কৰিছিল?

উত্তৰঃ আইন-ই-আকবৰী পুথিখন অনুবাদ কৰা ইংৰাজ অনুবাদক দুজনৰ নাম হৈছে হেনৰী ব্লকমেন আৰু এইচ.এচ.জেৰেট। তেওঁলোকে অনুবাদৰ কাম ১৮৯৪ খৃঃত সম্পূৰ্ণ কৰিছিল।  

Type: Pallab jyoti Bora

Author by: Sayanika Das

Post ID : DABP006319


Important Question Answers 


১) কৃষিকেন্দ্ৰীক সমাজ এখনৰ প্ৰাথমিক গোট কি ।

উত্তৰঃ  কৃষিকেন্দ্ৰীক সমাজ এখনৰ প্ৰাথমিক গোট হল গাওঁ ।


২) কাৰ শাসনকালত পঞ্জাৱত ছাহ নাহাৰ খন্দা হৈছিল ।

উত্তৰঃ  ছাহজাহানৰ শাসনকালত পঞ্জাৱত ছাহ নাহাৰ খন্দা হৈছিল ।


৩) আগৰ দিনত আটাইতকৈ উন্নত পদ্ধতিটো কি আছিল ।

উত্তৰঃ  আগৰ দিনত আটাইতকৈ উন্নত পদ্ধতিটো আছিল পাৰ্চীয়ান চকা পদ্ধতি ।


৪) কিমান শতিকাত ধঁপাতৰ খেতিয়ে ভাৰতবৰ্ষত প্ৰৱেশ কৰে ।

উত্তৰঃ  প্ৰথমে দক্ষিণ ভাৰতত আৰম্ভ হোৱা ধঁপাতৰ খেতিয়ে ১৭শ শতিকাৰ প্ৰথমাৰ্দ্ধত ভাৰতবৰ্ষত প্ৰৱেশ কৰে ।


৫) পঞ্চায়তৰ সভাপতিজনক কি বুলি জনা গৈছিল ।

উত্তৰঃ  পঞ্চায়তৰ সভাপতিজনক মুক্কদম বা মণ্ডল বুলি জনা গৈছিল ।


৬) পঞ্চায়তৰ এটা গুৰুত্বপূৰ্ণ কাম কি আছিল ।

ফত্তৰঃ  পঞ্চায়তৰ এটা গুৰুত্বপূৰ্ণ কাম হল গাঁৱত বাস কৰা বিভিন্ন জাতিসমূহৰ নিজস্ব পৰিসীমা ৰক্ষা কৰাটো তদাৰক কৰা ।


৭) এজন ফৰাচী পৰ্যটকৰ নাম লিখা ।

উত্তৰঃ  এজন ফৰাচী পৰ্যটকৰ নাম হল টেভাৰনিয়াৰ ।


৮) এজন বেংগলী কবিৰ নাম লিখা ।

উত্তৰঃ  এজন বেংগলী কবিৰ নাম হল মুকুন্দৰাম চক্ৰৱৰ্তী ।


৯) মনচবদাৰী প্ৰথা কি ।

উত্তৰঃ  মোগল প্ৰশাসনিক ব্যৱস্থাৰ শীৰ্ষস্থানত এক সৈনিক আমোলাতান্ত্ৰিক বিষয়া আছিল । যাৰ ওপৰত দেশৰ সামৰিক আৰু অসামৰিক কাম-কাজ ন্যস্ত আছিল । কিছুমান মনচবদাৰক নগদ ধনেৰে বেতন দিয়া হৈছিল আৰু সৰহসংখ্যকে সাম্ৰাজ্যৰ বিভিন্ন অঞ্চলত জায়গীৰ প্ৰদানৰ দ্বাৰা বেতন দিয়া হৈছিল । 


১০) কিমান খ্ৰীঃত টোডৰমলৰ হতুৱাই ৰাজহ নীতিৰ সংস্কাৰ সাধন কৰোৱাইছিল ।

উত্তৰঃ ১৫৮২ খ্ৰীঃত টোডৰমলৰ হতুৱাই ৰাজহ নীতিৰ সংস্কাৰ সাধন কৰোৱাইছিল ।


১১) আবুল ফজলে লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  আবুল ফজলে লিখা গ্ৰন্থখনৰ নাম হল আইন-ই-আকবৰী ।


১২)  আকবৰনামা গ্ৰন্থখন কেইটা ভাগত ভাগ কৰা হৈছিল ।

উত্তৰঃ  আকবৰনামা গ্ৰন্থখন তিনিটা ভাগত ভাগ  কৰা হৈছিল ।


১৩) ছাহজাহানে কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃতলৈ  ৰাজত্ব কৰিছিল ।

উত্তৰঃ ১৬২৮-১৬৫৮ খ্ৰীঃৰ পৰা ছাহজাহানে ৰাজত্ব কৰিছিল ।


১৪) দুইপ্ৰকাৰৰ কৃষকৰ নাম লিখা ।

উত্তৰঃ  দুইপ্ৰকাৰৰ কৃষকৰ নাম হল 

ক) খুদকাশত ।

খ) পাহিকাশত ।


১৫) মোগল সম্ৰাট বাবৰৰ আত্মজীৱনীখনৰ নাম কি ।

উত্তৰঃ  মোগল সম্ৰাট বাবৰৰ আত্মজীৱনীখনৰ নাম হল বাবৰনামা ।


১৬) পঞ্চায়তৰ সভাপতিৰ মুখ্য কাম কি আছিল ।

উত্তৰঃ  পঞ্চায়তৰ সভাপতিৰ মুখ্য কাম আছিল গাঁৱৰ আয়-ব্যয়ৰ হিচাপৰ তদাৰক কৰা ।


১৭) আকবৰৰ দিনত ভূমিক কেইটাভাগত ভাগ কৰা হৈছিল আৰু কিকি ।

উত্তৰঃ  আকবৰৰ দিনত ভূমিক চাৰিটা ভাগত ভাগ কৰা হৈছিল যেনে 

ক) পাৰাউতি ।

খ) পোলেজ ।

গ) চাচৰ ।

ঘ) বঞ্জৰ ।


১৮) ভূমি ৰাজহব্যৱস্থা কেইটা ভাগত বিভক্ত আৰু কি কি ।

উত্তৰঃ  ভূমি ৰাজহব্যৱস্থা দুটা ভাগত বিভক্ত যেনে 

ক) ৰাজহ নিৰ্ধাৰণ ।

খ) ৰাজহ সংগ্ৰহ ।


১৯) পানীপথৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ ১৫২৬ খ্ৰীঃত ইব্ৰাহীম লোডী আৰু মোগল সম্ৰাট আকবৰৰ মাজত পানীপথৰ যুদ্ধ হৈছিল । 


২০) কিমান খ্ৰীঃত নাদিৰছাহে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ।

উত্তৰঃ  ১৭৩৯ খ্ৰীঃত নাদিৰছাহে ভাৰতবৰ্ষ আক্ৰমঁণ কৰিছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Answer type  Ali rani Kakati