পৃথিৱীৰ জনসংখ্যাঃ বিতৰণ ঘনত্ব আৰু বৃদ্ধি


(১) পৃথিৱীৰ জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা প্ৰধান কাৰণসমূহ কি কি ?

উত্তৰঃ পৃথিৱীৰ জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা প্ৰধান কাৰণকেইটা হ'ল- (i) প্ৰাকৃতিক আৰু ভৌগলিক কাৰক, 

                              (ii) অৰ্থনৈতিক কাৰক

                              (iii) সমাজ সাংস্কৃতিক কাৰক।

(i) প্ৰাকৃতিক বা ভৌগলিক কাৰকঃ প্ৰাকৃতিক বা ভৌগলিক কাৰকৰ ভিতৰত প্ৰধানকৈ হ'ল-

                      (ক) পানীৰ প্ৰাচুয্যতা।

                      (খ) ভূ-প্ৰকৃতিৰ।

                      (গ) জলবায়ু।

                     (ঘ) মাটি।

(ক) পানীৰ প্ৰাচুয্যতাঃ মানুহৰ জীৱন ধাৰণাৰ কাৰণে পানী এক অপৰিহাৰ্য কাৰক। সেই কাৰণে পৰিস্কাৰ পানী সহজলভ্য অঞ্চলসমূহত মানুহৰ বসতিৰ বাবে উপযোগী। খোৱাৰ পানীৰ ব্যৱহাৰৰ উপৰিও মানুহে স্নান, ৰন্ধন, জীৱ- জন্তু পালন, শস্য-পথাৰত উদ্যোগসমূহত প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়।নদীৰ উপত্যকা, হ্ৰদ বা জলাশয়ৰ পাৰত পানী ব্যৱহাৰৰ উদ্দেশ্য জনবসতি ঘন হোৱা দেখা যায়।

(খ) ভূ-আকৃতিঃ সমভূমি নাইবা সামান্য ঢালবিশিষ্ট অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি বিভিন্ন অৰ্থনৈতিক কাম-কাজৰ বাবে অধিক সুবিধাজনক অতিপাত ঢালবিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিত উবৰ্ৰতা পৰিমান কম হোৱাৰ উপৰিও যাতায়ত ব্যৱস্থা অতি কষ্টকৰ সেয়েহে এইবোৰ অঞ্চলত জনবসতি কম।

(গ) জলবায়ুঃ অতি উষ্ণ বা শীতল আৰু অতিশয় শুকান প্ৰকৃতিৰ জলবায়ুৰ অঞ্চলসমূহৰ মানুহৰ জীৱন-ধাৰণা অধিক কঠিন আৰু বিপদ সংকুল হয়। সেইবাবে ক্ৰান্তীয় মৰুভূমি অঞ্চল, তুন্দ্ৰা অঞ্চল, নিৰক্ষীয় আৰ্দ্ৰ, উপক্ৰান্তীয় শুষ্ক অঞ্চলসমূহ নিচেই সীমিত। আনহাতে, ঋতু সীমিত হোৱাৰ লগতে মধ্যমীয়া আৰ্দ্ৰবিশিষ্ট দক্ষিণ ইউৰোপ অঞ্চল আৰু ভূ-মধ্য়সাগৰীয় অঞ্চলত প্ৰাচীন কালৰ পৰাই জনবসতি ঘন।

(ঘ) মাটিঃ কৃষিকাৰ্যৰ, পশুপালন, ইত্যাদি কাম-কাজ সমূহ বহু পৰিমাণে মাটিৰ উৰ্বৰতা ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে প্লাৱনভূমিৰ পলসুৱা মাটিৰ উৰ্বৰতা আন যিকোনো শ্ৰেণীৰ মাটিৰ তুলনাত অধিক। সেয়েহে প্লাৱনভূমিৰ ৰাষ্ট্ৰৰ বাংলাদেশৰ জনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত 872 জন। ভাৰতৰ ক্ষেত্ৰতো সিন্দু, গংগা, ব্ৰহ্মপুত্ৰ প্লাৱনভূমিৰ ক্ষেত্ৰত জনবসতি ঘন হোৱা দেখা যায়।

(ii) অৰ্থনৈতিক কাৰকঃ অৰ্থনৈতক কাৰকৰ ভিতৰত হ'ল- 

       (ক) খনিজ উত্তোলন।

       (খ) নগৰীকৰণ।

       (গ) ঔদ্যোগীকৰণ।

(ক) খনিজ উত্তোলনঃ কয়লাখনি, আকৰিক লো, চূণশিল আদিৰ খনিজ সম্পদ থকা ঠাইসমূহত বহু ধৰণৰ দ্ৰব্যৰ লগত জড়িত এনেবোৰ অৰ্থনৈতিক কাম-কাজত বহু সংখ্যক শ্ৰমিক, কৰ্মচাৰী, অভিযন্তা, প্ৰশাসনীয়, বিষয়া আদি জড়িত হৈ পৰে। তদুপৰি উৎপাদিত দ্ৰব্যসমূহৰ, বিপণন তথা সৰবৰাহ কাৰ্যৰ উদ্দশ্যেও বহুশ্ৰেণীৰ লোকৰ ঠাইতে কৰ্মস্থাপনৰ সৃষ্টি হয়। এনে স্থলত যিমানে ভিতৰুৱা অঞ্চলত নহক এনেবোৰ অঞ্চলত কম সময়ত ভিতৰতে বহু লোকৰ বসতি স্থাপন হয়।

(খ) নগৰীকৰণঃ গ্ৰাম্য অঞ্চলত তুলনাত চহৰসমূহত অৰ্থনৈতিক কাম-কাজৰ যথেষ্ট চাহিদা আছে। তদুপৰি এই চহৰসমূহত শিক্ষা, চিকিৎসা, যাতায়ত আৰু পৰিবহনকে ধৰি বিভিন্ন সেৱা প্ৰাচুৰ্য যটে। বিজুলী যোগান, পানী যোগান, মনোৰঞ্জন আদি বিভিন্ন সা-সুবিধাৰ আকৰ্ষণৰ ফলত বহুতো মানুহৰ গাঁৱৰ অঞ্চলত পৰা চহৰ অঞ্চলত জীৱন-যাপন কৰিবলৈ লৈ।

(গ) উদ্যোগীকৰণঃ শিল্প-উদ্যোগ গঢ়ি উঠাৰ ফলত কোনো এটা অঞ্চল অতি কম দিনৰ ভিতৰত জনপূৰ্ণ হৈ উঠে। শিল্প-উদ্যোগৰ অঞ্চলসমূহত উদ্যোগ কৰ্মীসকলৰ উপৰিও পৰিবহণ দোকান বজাৰ বেংক আদি কাৰ্য্যসমূহ পৰিচালনা কৰাৰ কাৰণে বহুলোকৰ প্ৰয়োজন হয়। তাৰোপৰি এই প্ৰকাৰ্য্য কেন্দ্ৰ সমূহ পৰিচালনাৰ কাৰণে নিৰাপত্তা প্ৰশাসনক সেৱা সমূহৰ লগতে শিক্ষা স্বাস্থ্য আদি সেৱা সমূহেও গঢ় লৈ। এনেস্থলত গোটেই অঞ্চলটোৱেই জনবসতিৰ পৰিপূৰ্ণ হয় পৰে।

(iii) সমাজ সংস্কৃতি কাৰকঃ কিছুমান অঞ্চলত ধৰ্মীয় বা সাংস্কৃতি অৱয়ব আৰু সেইবোৰৰ তাৎপৰ্য থকাৰ বাবে বহুসংখ্য়াক মানুহ তালৈ আৰ্কষিত হয়। সুস্থিৰ, ৰাজনীতি সু-শৃংখলিত সমাজ ব্যৱস্থা। ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ মানুহৰ বাবে জীৱিকা অৰ্জন আৰু বসতি স্থাপনৰ লক্ষ্য হয় পৰে। আকৌ কোনাে ক্ষেত্ৰত চৰকাৰী সুবিধালাভৰ উদ্দেশ্য ভিতৰুৱা এলেকাত মানুহ বসবাস কৰিবলৈ যায়।  

(২) জনসংখ্যা ঘনত্ব বুলিলে কি বুজা ? পৃথিৱীৰ বিভিন্ন অঞ্চলত জনসংখ্যা ঘনত্ব কেনেকুৱা ?

উত্তৰঃ জনসংখ্যা আৰু বাসভূমি ক্ষেত্ৰফলৰ গাণিতিক অনুপাতক জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়।

        জনসংখ্যা ঘনত্ব সূত্ৰটো হ'ল-

              

পূৃথিৱীৰ বিভিন্ন অঞ্চলত জনসংখ্যাৰ ঘনত্ব একে নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ পূব আৰু দিপপুঞ্জকে ধৰি ইউৰোপৰ পশ্চিম অংশ আৰু এছিয়া মহাদেশৰ দক্ষিণ পূব অঞ্চলত প্ৰতি বৰ্গ কিলোমিটাৰত ২০০ জনৰো অধিক লোক বাস কৰে।

        আনহাতে তুন্দ্ৰা অঞ্চল, ক্ৰান্তীয় বা উপক্ৰান্তীয় বা মৰুভূমি অঞ্চল আৰু দক্ষিণ আমেৰিকাৰ অৰণ্য অঞ্চলত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত এজন বা তাতোকৈ কম। দক্ষিণ আমেৰিকা, দক্ষিণ আফ্ৰিকা, স্পেইন, পৰ্তুগাল, আৰু মধ্য ইউৰোপীয় সমভূমি অঞ্চলসমূহত প্ৰতি বৰ্গ কিলোমিটাৰত ৫০-২০০ জন লোক বাস কৰে। ইফালে যুক্তৰাষ্ট্ৰৰ পৰা উত্তৰ আমেৰিকাৰ ৰাষ্ট্ৰসমূহৰ ভূ-মধ্য সাগৰীয় অঞ্চলসমূহ আৰু অষ্ট্ৰেলিয়াৰ সিক্ত পূব উপকূল সমূহত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১০ ৰ পৰা ৫০ জন লোক বাস কৰে।

(৩) জনসংখ্যা বৃদ্ধি মানে কি বুজা ? 

উত্তৰঃ সময়ৰ দুটা বিন্দুৰ মাজত যেতিয়া জনসংখ্যাৰ পৰিবৰ্তন হয় তাকে জনসংখ্যা বৃদ্ধি বোলে।

(৪) জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি মানে কি ?

উত্তৰঃ সময়ৰ দুটা বিন্দুৰ মাজত কোনো এক নিৰ্দিষ্ট অঞ্চলত জন্ম বা মৃত্যুৰ দ্বাৰা যেতিয়া জনসংখ্যাৰ পৰিবৰ্তন হয় তাক জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি বোলে।

                     স্বাভাৱিৰ বৃদ্ধি = জন্ম - মৃত্যু ।   


(৫) জনসংখ্যাৰ প্ৰকৃত বৃদ্ধি কি ?

উত্তৰঃ জনসংখ্যাৰ প্ৰকৃত বৃদ্ধিয়ে জন্ম মৃত্যু আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন সামৰি লয়।

প্ৰকৃত বৃদ্ধি = জন্ম - মৃত্যু + আন্তঃপ্ৰব্ৰজন - বহিঃপ্ৰব্ৰজন।

(৬) জনসংখ্যা ধণাত্মক বৃদ্ধি কি ?

উত্তৰঃ সময়ৰ দুটা বিন্দুৰ মাজত জন্মহাৰ মৃত্যুহাৰতকৈ বেছি হৈ আৰু সেই নিৰিখ অঞ্চললৈ আন্তঃপ্ৰব্ৰজন সামৰি লয়।

প্ৰকৃত বৃদ্ধি = জন্ম - মৃত্যু + আন্তঃপ্ৰব্ৰজন - বহিঃপ্ৰব্ৰজন। 

(৭) জনসংখ্যা ধণাত্মক বৃদ্ধি কি ?

উত্তৰঃ সময়ৰ দুটা বিন্দুৰ মাজত জন্মহাৰ মৃত্যুহাৰতকৈ বেছি হৈ আৰু সেই নিৰিখ অঞ্চললৈ আন্তঃপ্ৰব্ৰজন স্থায়ীভাৱে ঘটে তেতিয়াই জনসংখ্যা ধণাত্মকভাৱে বৃদ্ধি হয়।

(৮) জনসংখ্যা ঋণাত্মক বৃদ্ধি কি ?

উত্তৰঃ জন্মহাৰ যেতিয়া মৃত্যু হাৰতকৈ কম হয় আৰু মানুহ অন্য ঠাই লৈ গঠন কৰে স্থায়ীভাৱে তেতিয়া সেই নিৰ্দিষ্ট অঞ্চলটোৰ জনসংখ্যা ঋণাত্মকভাৱে ঘটে।

(৯) জনসংখ্যা পৰিবৰ্তনৰ উপাংশকেইটা কি কি ?

উত্তৰঃ জনসংখ্যা পৰিবৰ্তনৰ উপাংশকেইটা হ'ল- জন্ম, মৃত্যু আৰু প্ৰব্ৰজন।

(১০) প্ৰব্ৰজন মানে কি বুজায় ?

উত্তৰঃ স্থায়ীভাৱে বা অস্থায়ীভাৱে মানুহে বাসস্থান সলোৱা কাৰ্যক প্ৰব্ৰজন বোলে।

                       যি ঠাইৰ পৰা মানুহে অন্য ঠাইলৈ গতি কৰে সেই ঠাইক প্ৰব্ৰজনৰ উৎস বোলে। আনহাতে, যি ঠাইলৈ গতি কৰে সেই ঠাইক গন্তব্য স্থান বোলা হয়।

                     প্ৰব্ৰজন তিনি প্ৰকাৰে হ'ব পাৰে অস্থায়ীভাৱে, স্থায়ীভাৱে আৰু ঋতুভেদে।

(১১) প্ৰব্ৰজনৰ সোঁত কেইটা আৰু কি কি ?

উত্তৰঃ প্ৰব্ৰজনৰ সোঁত চাৰিটা সেইকেইটা হ'ল-

(i) গাঁৱৰ পৰা গাঁৱলৈ।

(ii) গাঁৱৰ পৰা নগৰালৈ।

(iii) নগৰৰ পৰা নগৰলৈ।

(iv) নগৰৰ পৰা গাঁৱলৈ।

(১২) প্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক কাক বোলে ?

উত্তৰঃ (১) প্ৰব্ৰজনৰ আকৰ্ষক কাৰকঃ প্ৰব্ৰজনৰ লক্ষ্যস্থলসমূহৰ উৎসৰ স্থলৰ তুলনাত অধিক শক্তিখালী আৰু সুবিধাজনক লক্ষ্যস্থলে কম সুবিধাজনক অঞ্চলত মানুহক আকৰ্ষণ কৰে। অৰ্থাৎ লক্ষ্যস্থলত সমাৱেশ ঘটা সুবিধা সমূহে হ'ল প্ৰব্ৰজনৰ আকৰ্ষক কাৰক। যেনেঃ- উন্নত জীৱন শৈলি, উন্নত চিকিৎসা সেৱা, উন্নত শিক্ষা নিয়োপ ব্যৱস্থা আৰু স্বাস্থ্যকৰ জলবায়ু।

(২) প্ৰব্ৰজনৰ বিকৰ্ষক কাৰকঃ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক নাইবা সাংস্কৃতিকভাৱে জীৱন - যাপন কৰিবলৈ মানুহে কোনো সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰা দেখা যায়। প্ৰব্ৰজনৰ উৎস অঞ্চলৰ অসুবিধা সমূহক বিকৰ্ষক কাৰক বোলা হয়। যেনেঃ- নিৱনুৱা সমস্যা ৰাজনৈতিক অস্থিৰতা, চৰম জলবায়ু, প্ৰাকৃতিক দুৰ্যোগ আদি।

 (১২) পৃথিৱীত জনসংখ্যাৰ বৃদ্ধিৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ একবিংশ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ মুঠ জনসংখ্যা আছিল ৬২৩ কোটিৰো অধিক। আদিম কালত পৃথিৱীৰ মুঠ জনসংখ্যা নিচেই কম আছিল মানুহে কৃষিকাৰ্য শিকাৰ পিছৰে পৰা সেই কালছোৱাত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল মাত্ৰ ৮ নিযুত। খৃষ্টীয় প্ৰথম শতিকাত পৰ্যন্ত পৃথিৱীৰ এই জনসংখ্যা অতি মন্থৰ ভাৱে পাই সেই সময়ত ৮ নিযুতৰ পৰা মুঠ জনসংখ্যা ৩০০ নিযুত কাষ চাপিছিল এনেকৈ মন্থৰ গতিৰে ১৬০০ খৃষ্টাব্দত পৃথিৱীৰ মুঠ জনসংখ্যা আছিল মাত্ৰ ৫০০ নিযুত। আনহাতে পৰৱৰ্তী মাত্ৰ চাৰিটা শতিকাত এই জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ১৯৯৯ চনত পৃথিৱীৰ মুঠ জনসংখ্যা হৈছিলগৈ ৬২৩ কোটি। ১৬ আৰু ১৭ শতিকাৰ সময়ছোৱাত পৃথিৱীব্যাপী বাণ্যিজ্য অৰ্থনীতি আৰম্ভ হৈছিল। ইয়াৰ ঠিক পিছৰে পৰা পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহত উদ্যাাগৰ বাবে নতুন জলপথৰ আৱিষ্কাৰ হয়। আমেৰিকা, অষ্ট্ৰেলিয়া আদি ৰাষ্ট্ৰৰ লগত মানুহৰ পৰিচয় গঢ়ে চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে মৃত্যুৰ হাৰ কমি অহাৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই সমগ্ৰ বিশ্বতে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ তুলনামূলকভাৱে অধিক হয়। ঠিক সেইদৰে সাম্প্ৰতিক কালত বছৰি গড়ে ৮ কোটিকৈ অধিক জনসংখ্যা বৃদ্ধি পাব ধৰিছে।

 
 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Nayan Jyoti Bordoloi

Author- Himashree Bora.


Post ID : DABP006309