তৃতীয় অধ্যায়

আঞ্চলিক ভূগোল


১) অঞ্চল বুলিলে কি বুজা ? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা ।

উত্তৰঃ সাধাৰণ অৰ্থত অঞ্চল বুলিলে ধৰাপৃষ্ঠৰ কোনো এটা এলেকাৰ উপস্থিতি বুজায় ǀ কিন্তু ভূগোল বিষয়ত অঞ্চল শব্দটোৰ এটা ভিন্ন সংজ্ঞা আছে ǀ ই ভূ-পৃষ্ঠৰ কোন এলেকাৰ প্ৰাকৃতিক, সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক অৱস্থাটো দাঙি ধৰে ǀ

আমাৰ পৃথিৱীখন বৈচিত্রপূর্ণ। প্ৰতিটো অঞ্চল বা প্রতিখন ঠাইৰে নিজা নিজা অস্তিত্ব আৰু বৈশিষ্ট্য আছে। পৰিবেশৰো প্রভেদ আছে। সৌৰজগতত পৃথিৱীৰ স্থিতি, পৃথিৱীৰ নিজস্ব আকৃতি, গঠন, আবর্তন-পৰিভ্ৰমণ আদি অনেক কাৰণত ভূ-পৃষ্ঠৰ বিভিন্ন স্থানত প্রাকৃতিক পৰিৱেশ বিভিন্ন। বেলেগ বেলেগ প্রাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা দেখা যায়। তাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশো স্বভাৱিকতে বেলেগ হ'ব। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱ-ভাষা, পোছাক-পৰিচ্ছদ, খাদ্যভ্যাস আদিৰ ক্ষেত্ৰতো পৰিবেশ ভেদে পার্থক্য থকা দেখা যায়। ভূগোল অধ্যয়নত অঞ্চলৰ অন্তভুক্তিকৰণে সেয়েহে এই দিশত বহুতো জ্ঞানৰ আভাস দিয়ে ǀ


২) ভূ-পৃষ্ঠত অঞ্চল কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি বাখ্যা কৰা ǀ

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলবোৰে সিঁহতৰ  নিজস্ব ভৌগোলিক,সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক  প্ৰতিফলিত কৰে ǀ গতিকে এটা সামগ্ৰিক আভাস পাবলৈ হ'লে ডাঙৰ পৃথিৱীখনক সৰু সৰু ভাগত বিভক্ত কৰি লোৱাটো দৰকাৰ। তেতিয়াহে প্রতিটো অংশৰ প্রকৃত স্বৰূপ নির্ণয় কৰাটো সম্ভৱ হৈ উঠিব । ভূগোলবিদসকলে নির্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধার্থে ভাগ কৰি লয়। এনে বিভাজন কার্য সাধাৰণতে দুই প্রকাৰে কৰা দেখা যায়- (১) ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু (২) উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত। সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অংশক সমধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা অংশক ক্রিয়াত্মক অঞ্চল বুলি কোৱা হয়। সমধর্মী অঞ্চলবোৰ প্রাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্রাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে অসমৰ ব্রহ্মপুত্র উপত্যকাক এটা সৰু প্রাকৃতিক অঞ্চল হিচাপে গণ্য কৰিব পাৰি ǀএনে অঞ্চল উপাদানবোৰৰ মাজৰ ক্ৰিয়াত্মক সম্পর্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰক কেন্দ্র কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে  একোখন নগৰৰ কেউফালে থকা এলেকাবোৰ নগৰখনৰ লগত এনেদৰে নগৰখনৰ লগত চাৰিওফালৰ অঞ্চলটো পাৰস্পৰিক ক্রিয়া-কৰ্মৰ দ্বাৰা সংযুক্ত ǀউদাহৰণস্বৰূপে অসমৰ গুৱাহাটী মহানগৰৰ এটা ডাঙৰ ক্রিয়াত্মক অঞ্চল আছে।


৩) সহধৰ্মী অঞ্চল আৰু ক্রিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা ǀ

উত্তৰঃ

সহধৰ্মী অঞ্চল

ক্রিয়াত্মক অঞ্চল

১) সহধৰ্মী অঞ্চলবোৰ প্রাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্রাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়।

 

২) কিছুমান নিৰ্দিষ্ট উপাদান বাছনি কৰি তাৰ আলমত সহধৰ্মী অঞ্চল চিনাক্ত কৰা হয় ǀ

 

৩)সহধৰ্মী অঞ্চলৰ অন্তৰ্গত বিভিন্ন উপাদানবোৰ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল নহবও পাৰে ǀ

১) এনে অঞ্চল উপাদানবোৰৰ মাজৰ ক্ৰিয়াত্মক সম্পর্কৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়।সাধাৰণতে নগৰ বা বজাৰকেন্দ্ৰক কেন্দ্র কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়।

 

২) আৰ্থ-সামাজিক আৰু যোগাযোগৰ অৱস্হাক কেন্দ্ৰ কৰি ক্রিয়াত্মক অঞ্চল নিৰূপিত কৰা হয় ǀ

 

৩) ক্রিয়াত্মক অঞ্চলৰ অন্তৰ্গত বিভিন্ন উপাদানবোৰ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল ǀ


৪) পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা ? এনে অধ্যয়নৰ তাৎপৰ্য কি ?

উত্তৰঃ আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে ǀ ইয়াৰ যোগেদি একোখন দেশ বা অঞ্চলৰ অন্তৰ্গত প্ৰাকৃতিক,সামাজিক,অৰ্থনৈতিক আৰু যাতায়ত পৰিবহন আদি অৱস্থাৰ বিতং বিবৰণ দিয়ে ǀআঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চলটোৰ ভিতৰৰ স্থানিক পাৰ্থক্যৰো আভাস দিয়ে তথা কাষৰীয়া অঞ্চলৰ লগত আলোচ্য অঞ্চলটোৰ সম্পৰ্ক বা পাৰ্থক্য দাঙি ধৰে ǀ

একোটা অঞ্চলৰ ওপৰত আঞ্চলিক ভূগোলৰ এটা ভাল অধ্যয়ন হ'ব পাৰে। কেইবাটাও অঞ্চলৰ অধ্যয়ন একে লগে কৰিলে কোনটো অঞ্চল আগবঢ়া আৰু কোনটো অঞ্চল পিছ পৰা সেইটো ওলাই পৰে। কোনো এটা অঞ্চল কিয় পিছ পৰি আছে তাকো আঞ্চলিক ভৌগোলিক অধ্যয়নৰ যোগেদি নিৰূপণ কৰিব পাৰি। এইদৰে আঞ্চলিক ভূগোলে আঞ্চলিক উন্নয়ন পৰিকল্পনাতে সহায় কৰিব পাৰে। সেয়েহে অঞ্চল কি, ইয়াক কি দৰে নিৰূপণ কৰিব পাৰি, আঞ্চলিক উন্নয়ন কিদৰে সম্ভৱ কৰি তুলিব পাৰি, এইবোৰ ভূগোল বিষয়টোৰ, বিশেষকৈ আঞ্চলিক ভূগোলৰ লগত জড়িত ǀ


৫) ‘প্ৰাকৃতিক অঞ্চল’ বুলিলে কি বুজা ?সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত ভাগ বিভক্ত কৰিব পাৰি ? প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা ǀ

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ, সেইবোৰক একেলগে থুলমূলকৈ প্রাকৃতিক অঞ্চল বোলা হয়।

পৃথিৱীৰ প্রধান প্রাকৃতিক অঞ্চলসমূহ হ’ল—

(১)  নিৰক্ষীয় অঞ্চল

(২) মৌচুমী অঞ্চল

(৩) ক্রান্তীয় তৃণভূমি অঞ্চল

(৪) ক্রান্তীয় উষ্ণ মৰু অঞ্চল

(৫) ভূমধ্য সাগৰীয় অঞ্চল

(৬) মধ্য অক্ষাংশীয় মৰু অঞ্চল

(৭) মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল।

(৮) মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল

(৯) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল

(১০) শীতল মেৰু অঞ্চল

(১১) উচ্চ পাৰ্বত্য অঞ্চল 



 

৬) প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি ? চমুকৈ লিখা ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ব, জলবায়ু, প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ, সেইবোৰক একেলগে থুলমূলকৈ প্রাকৃতিক অঞ্চল বোলা হয়। প্রাকৃতিক পৰিবেশৰ এনে কিছুমান বৈশিষ্ট্যই এটা অঞ্চলক আনটোৰ পৰা পৃথক কৰে। এনে একোটা প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত ঠাইবোৰৰ মাজত প্রাকৃতিক পৰিবেশ আৰু মানুহৰ জীৱন-ধাৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষ পার্থক্য নাথাকে। সেইদৰে প্রাকৃতিক আৰু আর্থ-সামাজিক অৱস্থাৰ আঞ্চলিক পার্থক্য মহাদেশ, দেশ বা ৰাজ্য এখনৰ ভিতৰতো বাৰুকৈয়ে পৰিলক্ষিত হয়। সেয়ে এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্রিক অৱস্থাৰ বিষয়ে জানিবলৈ ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিবেশৰ প্ৰতিটো উপাদান আৰু সেইবোৰৰ মাজত থকা সম্পর্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগিব। সেইফালৰ পৰা প্ৰকৃতিক অঞ্চল অধ্যয়নৰ গুৰুত্ব আছে ǀ  অঞ্চলভিত্তিক অধ্যয়নৰ যোগেদি দেশ বা একোটা অঞ্চলৰ পৰিবেশৰ লগতে আর্থ-সামাজিক উন্নয়ণ আৰু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি।


৭) পৃথিৱীৰ প্ৰতিটো প্ৰাকৃতিক অঞ্চলৰ  ভূ-প্ৰাকৃতিক পৰিবেশ সম্পৰ্কে লিখা ǀ

উত্তৰঃ

১) নিৰক্ষীয় অঞ্চল-  বিষুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ। দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্রিকাৰ কংগো নদীৰ অৱবাহিকা (বর্তমান নাম জাইৰে অৱবাহিকা), পশ্চিম আফ্রিকাৰ গিনি উপকূল, আৰু দক্ষিণ পূব এছিয়াৰ মালয়েছীয় উপদ্বীপ, আৰু ইণ্ডোনেছিয়া আৰু ফিলিপাইন দ্বীপপুঞ্জ নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত।


২) মৌচুমী অঞ্চল- নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। দৰাচলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হ’ল ঋতু পৰিবর্তন— উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা। আৰু শুকান শীতকাল। গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫° চেলচিয়াছ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ। মৌচুমী অঞ্চল ক্রান্তীয় আৰু উপক্রান্তীয় অক্ষাংশলৈকে বিস্তৃত। ভাৰতবর্ষকে ধৰি দক্ষিণ এছিয়া, দক্ষিণ-পূর্ব এছিয়া, অষ্ট্রেলিয়াৰ উত্তৰ-পূব অংশ, আফ্রিকাৰ পূব অংশ, ব্রাজিলৰ পূব অংশ, মধ্য আমেৰিকা আদি মৌচুমী প্রাকৃতিক অঞ্চলৰ অন্তর্গত। 

৩) ভূমধ্য সাগৰীয় অঞ্চল-  মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু বিশেষকৈ ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই | প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অর্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্রীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮- ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ।  ভূমধ্য সাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনে প্রাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়। ভূমধ্য সাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ, দক্ষিণ পশ্চিম এচিয়া উত্তৰ আফ্ৰিকাক লৈ এই অঞ্চলটো গঠিত ǀ 


৪) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল – উত্তৰ গোলার্ধৰ ৫০-৭০° অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়।  ইউৰোপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্রশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈ এই অঞ্চল বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীর্ণ অঞ্চল ইয়াৰ অন্তৰ্গত।


৫) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল – পৃথিৱীৰ দুয়োটা গোলার্ধৰে মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্রাকৃতিক অঞ্চল । বিৰাজমান। উত্তৰ গোলার্ধত সাধাৰণতে কর্কটক্রান্তিৰ (২৩ উত্তৰ) পৰা ৫০° উত্তৰ অক্ষাংশলৈ বহু ঠাই আৰু দক্ষিণ গোলার্ধত মকৰ ক্ৰান্তিৰ ( ২৩ দক্ষিণ) পৰা ৫০° দক্ষিণলৈ কিছু অংশত এই প্রাকৃতিক অঞ্চল দেখা যায়। এই অঞ্চলত জাৰ জহৰ প্রকোপ কম। গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫ চেলচিয়াছ আৰু শীতকালত ৫-১০° চেলচিয়াছ। সমুদ্ৰৰ কাষৰীয়া ঠাইবোৰৰ জলবায়ু সমভাৱাপন্ন। বছৰি গড় বৃষ্টিপাত ৭৫-১৫০ চেণ্টিমিটাৰৰ  ভিতৰত। সমুদ্ৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ ক্রমে হ্রাস পায়। এই অঞ্চলত শীতকাল অতি শুকান। 


৬) ক্রান্তীয় তৃণভূমি অঞ্চল-  ক্রান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তভাগত সাধাৰণতে ক্রান্তীয় তৃণভূমি অঞ্চল দেখা যায় ǀ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°—২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্রান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। দক্ষিণ আমেৰিকাৰ ব্রাজিল উচ্চ ভূমি আৰু ভেনেজুৱেলাত অৱস্থিত অৰিনিকো নদী অৱবাহিকা, আফ্রিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূব আফ্রিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্রিকাৰ কিছু অংশত, আৰু অষ্ট্রেলিয়াৰ উত্তৰ অংশ ক্রান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত।


৭) উচ্চ পার্বত্য অঞ্চল – উচ্চতা বঢ়াৰ লগে লগে পার্বত্য অঞ্চলত এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পর্বত শ্রেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বত শ্ৰেণীয়ে বিস্তীর্ণ ঠাই আগুৰি আছে। ঠাইৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা মন কৰিবলগীয়া ধৰণে হ্রাস পায়। উদাহৰণস্বৰূপে, এণ্ডিজ পৰ্বতৰ নামউচ্চতাত থকা ইয়াৰ শৃংগবোৰ কিন্তু সদায় বৰফেৰে ঢাক খাই থাকে। গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀউত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্থিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত গ্রীনলেণ্ডকে ধৰি উত্তৰ গোলার্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলার্ধৰ এন্টার্কটিকা এই প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত।


৮) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল – উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তৰ্ভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। অন্তর্দেশীয় অৱস্থানে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বৃদ্ধি কৰিছে। ইয়াত গ্রীষ্মকালতহে কিছু বৰষুণ হয়। বছৰি গড়ে মাত্র ১৫–৫০ চেণ্টিমিটাৰলৈ বৰষুণ হয়। 

শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নথকাৰ দৰে।  উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আর্জেন্টিনা, দক্ষিণ আফ্রিকাৰ কিছু অংশ আৰু অষ্ট্রেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰ বিভিন্ন নামেৰে জনা যায়। এনে ঘাঁহনি অঞ্চলক এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰি, দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউৰ্চ বোলা হয়।


৯) শীতল মেৰু অঞ্চল- গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀউত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্থিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়।  উত্তৰ মেৰুৰ এই প্রাকৃতিক অঞ্চলটো তুন্দ্রা অঞ্চল  বুলি জনাজাত। গ্রীনলেণ্ডকে ধৰি উত্তৰ গোলার্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলার্ধৰ এন্টার্কটিকা এই প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত।


১০) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল – 

ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি।  গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ। বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে । অৱশ্যে মৰুভূমিৰ অত-ত'ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়।


১১) মধ্য অক্ষাংশৰ মৰু অঞ্চল-

এচিয়া আৰু উত্তৰ আমেৰিকা মহাদেশৰ অন্তভাগৰ মালভূমি আৰু অৱবাহিকাৰ কিছু অংশৰ প্ৰাকৃতিক অৱস্থা মৰুময়। এনে প্রাকৃতিক অঞ্চলৰ কেউকাষ উচ্চ পর্বতেৰে আৱৰা। সমুদ্ৰৰ পৰা বহু দূৰৈত অৱস্থিত আৰু উচ্চ পর্বতে আগুৰি থকা বাবে ইয়াত বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বেছি। ঠিক তেনেকৈ দিন ৰাতিৰ ক্ষেত্ৰতো উষ্ণতাৰ ব্যৱধান মন কৰিবলগীয়া। শীত কালি এই অঞ্চলত কিছু পৰিমাণে তুষাৰপাতত হয়।


৮) পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু  আৰু উদ্ভিদ সম্পৰ্কে আলোচনা কৰা 

উত্তৰঃ

ক) নিৰক্ষীয় অঞ্চলঃ  বিষ্ণুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ। 

প্রায় সমগ্ৰ নিৰক্ষীয় অঞ্চলেই চিৰ সেউজীয়া ডাঠ অৰণ্যৰে ভৰা । লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতা ǀ ডাঠ হাবিৰ উপৰি গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্রাকৃতিক পৰিবেশ মানুহৰ বসবাসৰ বৰ উপযোগী নহয় । 

খ ) মৌচুমী অঞ্চলঃ নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। দৰাচলতে মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হ’ল ঋতু পৰিবর্তন— উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫° চেলচিয়াছ । বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ । ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে ǀ 

এই অঞ্চলত পর্ণপাতী উদ্ভিদৰ প্রাধান্য বেছি । শীতকালত বৰষুণৰ অভাৱত এনে গছ-গছনিৰ পাত সৰে । 

গ) ) ক্রান্তীয় তৃণভূমি অঞ্চলঃ ক্রান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তভাগত সাধাৰণতে ক্রান্তীয় তৃণভূমি অঞ্চল দেখা যায় ǀ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°—২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত । এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্রান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে । ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ  তাৰতম্য বেছি । বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। 

ক্রান্তীয় জলবায়ুৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰে । ক্রান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত। উল্লেখযোগ্য যে ভেনেজুৱেলা আৰু ব্রাজিলৰ তৃণভূমি স্থানীয়ভাৱে যথাক্রমে লানোচ আৰু কেম্পোছ নামেৰে জনাজাত।


ঘ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্হিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি।  গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ। 

বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে । অৱশ্যে মৰুভূমিৰ অত-ত'ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়।


ঙ) মধ্য অক্ষাংশৰ মৰু অঞ্চলঃ এচিয়া আৰু উত্তৰ আমেৰিকা মহাদেশৰ অন্তভাগৰ মালভূমি আৰু অৱবাহিকাৰ কিছু অংশৰ প্ৰাকৃতিক অৱস্থা মৰুময়। এনে প্রাকৃতিক অঞ্চলৰ কেউকাষ উচ্চ পর্বতেৰে আৱৰা। সমুদ্ৰৰ পৰা বহু দূৰৈত অৱস্থিত আৰু উচ্চ পর্বতে আগুৰি থকা বাবে ইয়াত বৰষুণৰ পৰিমাণ অতি কম। মহাদেশীয় অৱস্থানৰ বাবে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বেছি। ঠিক তেনেকৈ দিন ৰাতিৰ ক্ষেত্ৰতো উষ্ণতাৰ ব্যৱধান মন কৰিবলগীয়া। শীত কালি এই অঞ্চলত কিছু পৰিমাণে তুষাৰপাতত হয়।


চ) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলঃ পৃথিৱীৰ দুয়োটা গোলার্ধৰে মধ্য অক্ষাংশৰ বহু অংশত নাতিশীতোষ্ণ প্রাকৃতিক অঞ্চল  বিৰাজমান। উত্তৰ গোলার্ধত সাধাৰণতে কর্কটক্রান্তিৰ (২৩১˚২ উত্তৰ) পৰা ৫০° উত্তৰ অক্ষাংশলৈ বহু ঠাই আৰু দক্ষিণ গোলার্ধত মকৰ ক্ৰান্তিৰ ( ২৩১˚২ দক্ষিণ) পৰা ৫০° দক্ষিণলৈ কিছু অংশত এই প্রাকৃতিক অঞ্চল দেখা যায়। এই অঞ্চলত জাৰ জহৰ প্রকোপ কম। গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫ চেলচিয়াছ আৰু শীতকালত ৫-১০° চেলচিয়াছ। সমুদ্ৰৰ কাষৰীয়া ঠাইবোৰৰ জলবায়ু সমভাৱাপন্ন। বছৰি গড় বৃষ্টিপাত ৭৫-১৫০ চেণ্টিমিটাৰৰ  ভিতৰত। সমুদ্ৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ ক্রমে হ্রাস। পায়। এই অঞ্চলত শীতকাল অতি শুকান। বৃষ্টিপাতৰ তাৰতম্য অনুসৰি। 

এই অঞ্চলৰ প্রাকৃতিক উদ্ভিদ বহু প্ৰকাৰৰ হোৱা দেখা যায়। অৱশ্যে বেছিভাগ ঠাইতে পর্ণপাতী উদ্ভিদ পোৱা যায়। আনহাতে, কিছু বেছিকৈ বৰষুণ হোৱা ঠাইবোৰত চিৰসেউজীয়া আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদৰ প্রাধান্য দেখা যায়। ইয়াৰ অৰণ্যবোৰ বৰ ডাঠ  ǀ


ছ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ  উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। অন্তর্দেশীয় অৱস্থানে এই অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজৰ উষ্ণতাৰ পার্থক্য বৃদ্ধি কৰিছে। ইয়াত গ্রীষ্মকালতহে কিছু বৰষুণ হয়। বছৰি গড়ে মাত্র ১৫–৫০ চেণ্টিমিটাৰলৈ বৰষুণ হয়। 

শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নথকাৰ দৰে।  উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আর্জেন্টিনা, দক্ষিণ আফ্রিকাৰ কিছু অংশ আৰু অষ্ট্রেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰ বিভিন্ন নামেৰে জনা যায়। এনে ঘাঁহনি অঞ্চলক এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰি, দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউৰ্চ বোলা হয়।


জ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ উত্তৰ গোলার্ধৰ ৫০-৭০° অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। 

শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চল চিৰ সেউজীয়া সৰবৰ্গীয় অৰণ্যৰে ভৰা। এনে সৰল গছেৰে ভৰা কোমল কাঠৰ অৰণ্য ভূমিক টাইগা বুলি কোৱা হয়। 


ঝ) শীতল মেৰু অঞ্চলঃ গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀউত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্হিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। 

বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে। গ্রীষ্মকালত কিছু উত্তাপ বৃদ্ধিৰ লগে লগে যিবোৰ ঠাইত বৰফ গলিবলৈ ধৰে সেই ঠাইত ঘাঁহ, শেলুৱৈ আৰু টেকীয়াজাতীয় উদ্ভিদ গজে। উত্তৰ মেৰুৰ এই প্রাকৃতিক অঞ্চলটো তুন্দ্রা অঞ্চল  বুলি জনাজাত। 


ঞ) ভূমধ্য সাগৰীয় অঞ্চলঃ মধ্য অক্ষাংশত অৱস্হিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু বিশেষকৈ ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই | প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অর্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্রীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮- ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ। 

চিৰ সেউজীয় চুটি গছ-গছনি আৰু জোপোহা বননিয়েই এই অঞ্চলটোৰ প্রধান প্রাকৃতিক উদ্ভিদ।  

ট) উচ্চ পার্বত্য অঞ্চলঃ উচ্চতা বঢ়াৰ লগে লগে পার্বত্য অঞ্চলত এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। এছিয়া মহাদেশৰ হিমালয় পর্বত শ্রেণী, ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পর্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বত শ্ৰেণীয়ে বিস্তীর্ণ ঠাই আগুৰি আছে। ঠাইৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা মন কৰিবলগীয়া ধৰণে হ্রাস পায়। উদাহৰণস্বৰূপে, এণ্ডিজ পৰ্বতৰ নামনিত যদিও নিৰক্ষীয় অৰণ্য অঞ্চল আছে, অধিক উচ্চতাত থকা ইয়াৰ শৃংগবোৰ কিন্তু সদায় বৰফেৰে ঢাক খাই থাকে। 

বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পার্বত্য অঞ্চলৰ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয়। হিমালয় পর্বতশ্রেণীৰ দক্ষিণ ঢালত মৌচুমী বতাহৰ প্রভাৱত যথেষ্ট বৰষুণ হয় বাবে এই অংশত ডাঠ অৰণ্যৰ সৃষ্টি হৈছে। আনহাতে, তিবৃত মালভূমিৰ ফালে থকা হিমালয়ৰ উত্তৰ অংশ বৰষুণৰ অভাৱত প্রায় গছ-গছনিবিহীন। এইদৰে উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰতে বেলেগ বেলেগ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ দেখা যায়। 


৯) পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ এটি বৰ্ণনা দিয়া ǀ

উত্তৰঃ

ক) নিৰক্ষীয় অঞ্চলঃ

ইণ্ডোনেছিয়াৰ জাভা দ্বীপত আৰু ফিলিপাইনছৰ কিছু অংশত কেবা শতিকাজুৰি মানুহে স্থায়ীভাৱে কৃষি কৰি জীৱন নির্বাহ কৰি আছে। অৰণ্য মুকলি কৰি ইয়াৰ খেতিয়কসকলে পাহাৰৰ ঢালত খাজ কাটি কৃষিকার্য সম্পাদন কৰে। দ-ঠাইবোৰতো নানা ধৰণৰ শস্যৰ খেতি কৰে। এই অঞ্চলৰ প্ৰধান শস্য ধান। আনহাতে, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু শ্রীলংকাৰ বহু অংশত ৰোপণ কৃষি পদ্ধতিৰে ৰবৰ, চাহ আৰু কফি উৎপাদন কৰা হয় ǀ ইয়াৰ উৎপাদিত সামগ্ৰীৰ বেছি ভাগেই গ্রেইট বৃটেইনকে ধৰি ইউৰোপৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছিল। মালয় উপদ্বীপৰ বেছিভাগ ঠায়েই শাৰী শাৰীকৈ ৰোৱা ৰবৰ গছেৰে পৰিপূর্ণ।  ৰবৰ খেতিৰ লগতে চাহ আৰু কফি খেতিৰ যোগেদি সমগ্র অঞ্চলটোত অর্থনৈতিক বিকাশ ঘটিছে। মানুহৰ জীৱন- ধাৰণৰ মান উন্নত হৈছে। আধুনিক সা-সুবিধাও বৃদ্ধি পাইছে।


খ) মৌচুমী অঞ্চলঃ

কৃষিয়েই হ’ল মৌচুমী অঞ্চলৰ মানুহৰ প্রধান বৃত্তি।  নদী-উপত্যকাসমূহত কৃষি উৎপাদন যথেষ্ট বেছি। গৰম আৰু সেমেকা জলবায়ু আৰু ঋতু পৰিৱৰ্তনৰ বাবে এই অঞ্চল নানাবিধ শস্য উৎপাদনৰ বাবে উপযোগী। প্রধান শস্য ধানৰ উপৰি এই অঞ্চলত ঘেঁহু, কুঁহিয়াৰ, কপাহ, মৰাপাট, তৈলবীজ, চাহ আদিৰ খেতি কৰা হয়। এই অঞ্চল প্রাকৃতিক সম্পদতো চহকী। এই অঞ্চলৰ জনবসতিও ঘন। সমগ্র পৃথিৱীৰ প্ৰায় ৪০ শতাংশ লোক এই মৌচুমী অঞ্চলতে বাস কৰে। বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে এই অঞ্চলত অর্থনৈতিক উন্নয়ণ ঘটিছে। 


গ) ক্ৰান্তীয় তৃণভূমি অঞ্চলঃ

ক্রান্তীয় তৃণভূমি অঞ্চল পশু পালনৰ বাবে অতি উপযোগী। এই অঞ্চলৰ বেছিভাগ ঠাইতে বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, মহ, ভেড়া আৰু ছাগলী পালন কৰা হয়। এনে তৃণভূমি অঞ্চল বনৰীয়া জন্তুৰো আবাসভূমি। সেয়ে এই অঞ্চলৰ বহু অধিবাসীয়ে পশুপালন আৰু চিকাৰ কৰি জীৱন নির্বাহ কৰে। তদুপৰি কোনো কোনো ঠাইত মাকৈ, জোৱাৰ, কপাহ, চীনা বাদাম আদি শস্যৰ খেতিও কিছু পৰিমাণে কৰা হয়। এই অঞ্চলত জনবসতি অতি সেৰেঙা। অনুন্নত যাতায়াত আৰু প্রয়োজনীয় উৎপাদন ব্যৱস্থাৰ অভাৱত ক্রান্তীয় তৃণভূমি অঞ্চলৰ বেছিভাগ ঠায়েই সামাজিক আৰু অর্থনৈতিক দিশত পিছ পৰা।


ঘ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ

মৰু অঞ্চলৰ বেছিভাগ ঠায়েই জনবসতিহীন। কিছুমান ঠাইতহে অঘৰী পশুপালকসকলে বাস কৰে। কালাহাৰী মৰুভূমিৰ বুছমেন আৰু অষ্ট্রেলিয়াৰ বৃহৎ মৰুভূমিৰ আদিবাসীসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্রহ আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি জীৱন-নির্বাহ কৰে। ছাহাৰা আৰু আৰব অঞ্চলত বাস কৰা বেদুইন নামৰ অঘৰীসকলে উট, ঘোঁৰা, ভেড়া, ছাগলী ইত্যাদি পালন কৰি জীৱিকা নির্বাহ কৰে। অৱশ্যে নীল নদী উপত্যকা আৰু বদ্বীপ অঞ্চলত জলসিঞ্চনৰ যোগেদি কৃষিকাৰ্যৰ বিকাশ ঘটিছে। এই অঞ্চলত জনবসতি স্থায়ী আৰু ঘন। আনহাতে মৰু অঞ্চলৰ ভিতৰুৱা হ'লেও পেট্রলিয়াম সম্পদত চহকী কুৱেইট, ছৌদি আৰৱ, ইৰাণ, ইৰাক আদি দেশসমূহৰ মানুহৰ বৃত্তি আৰু অর্থনৈতিক অৱস্থা সম্পূর্ণভাৱে বেলেগ।


ঙ) ভূমধ্য সাগৰীয় অঞ্চলঃ

ভূমধ্য সাগৰীয় অঞ্চলৰ মানুহৰ প্রধান জীৱিকা হ’ল কৃষি । এই অঞ্চলৰ সমভূমিবোৰত শীতকালীন বৰষুণ আৰু জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ ঘেঁহু, বার্লি, মাকৈ, কপাহ, ধপাত আদিৰ খেতি কৰা হয়। আনহাতে, পাহাৰৰ ঢালবোৰত আঙুৰ আৰু আপেলকে ধৰি বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ খেতি কৰা হয়। উৎপাদিত ফল-মূলৰ পৰা নানা ধৰণৰ খাদ্য সম্ভাৰ তৈয়াৰ কৰি বিদেশলৈ ৰপ্তানি কৰাটো এই অঞ্চলৰ মানুহৰ এটা প্রধান ব্যৱসায়। প্ৰচুৰ পৰিমাণে উৎপাদিত আঙুৰৰ পৰা ইয়াত বিভিন্ন প্ৰকাৰৰ মদ প্ৰস্তুত কৰা হয়। এইদৰে ফল-মূলৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা বৃহৎ শিল্পৰ বাবে এই অঞ্চল পৃথিৱী বিখ্যাত। সেয়ে গোটেই অঞ্চলটো অর্থনৈতিক দিশত যথেষ্ট আগবঢ়া। তদুপৰি জলবায়ু মৃদু আৰু স্বাস্থ্যকৰ হোৱা বাবে জনবসতিও কিছু ঘন।

চ) মধ্য অক্ষাংশীয় মৰু অঞ্চলঃ

মধ্য অক্ষাংশীয় মৰু অঞ্চলৰ প্ৰধানকৈ তিব্ৰত আৰু পেটাগ’নিয়া মালভূমি আৰু গোবি মৰুভূমিৰ কিছু অংশত যাযাবৰ পশুপালক শ্ৰেণীৰ লোকে বাস কৰে। এই লোকসকলে পশুখাদ্যৰ সন্ধানত ঠাই সলাই ফুৰে বাবে তেওঁলোকৰ কোনো স্থায়ী বসতি নাই । অৱশ্যে জলসিঞ্চনৰ যোগেদি নদী উপত্যকা অঞ্চলত সম্প্রতি কিছু পৰিমাণে কৃষিকার্য সম্ভৱ হৈ উঠিছে। খনিজদ্রব্য উদঘাটন আৰু ঔদ্যোগীকৰণৰ বাবেও কিছু আর্থিক উন্নতি ঘটিছে। সমগ্র অঞ্চলটোতে জনবসতি তেনেই পাতল। কৃষিকার্য আৰু উদ্যোগৰ ওপৰত ভিত্তি কৰিহে কিছুমান ঠাইত তুলনামূলকভাৱে ঘন বসতি গঢ়ি উঠিছে।


ছ) মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চলঃ

নাতিশীতোষ্ণ প্রাকৃতিক অঞ্চলৰ বেছি ভাগ ঠাইতে উন্নত পদ্ধতিৰে কৃষিকার্য সম্পাদন কৰা হয়। উত্তৰ-পশ্চিম ইউৰোপ আৰু চীনদেশৰ উত্তৰ- পূর্ব অংশৰ জনবসতি অতি ঘন বাবে ইয়াত গহণ কৃষি কৰা হয়। ইয়াত বিশেষকৈ ঘেঁহু আৰু ধান খেতি প্ৰচুৰ পৰিমাণে কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনবসতি পাতল বাবে তাত বিস্তৃত কৃষি কৰা হয়।  দক্ষিণ আফ্রিকাৰ পূব উপকূলীয় অঞ্চল কুঁহিয়াৰ খেতিৰ বাবে বিখ্যাত। পশ্চিম ইউৰোপৰ বহু ঠাইত কৃষিকাৰ্যৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়। তদুপৰি চীনদেশ, জাপান, পশ্চিম ইউৰোপৰ উপকূলীয় অঞ্চলত মৎস শিল্পৰো বিকাশ ঘটিছে। আমেৰিকা যুক্তৰাষ্ট্র, পশ্চিম ইউৰোপ আৰু জাপানৰ কিছু অংশ খনিজ সম্পদত চহকী। লগতে মানৱ সম্পদৰ বিকাশ আৰু যাতায়তৰ সুবিধাই গোটেই অঞ্চলটোকে উদ্যোগৰ ক্ষেত্ৰত আগবঢ়ায় নিছে ǀ 


জ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ

মধ্য এছিয়াৰ তৃণভূমি অঞ্চলত বাস কৰা লোকসকলৰ বেছিভাগেই অঘৰী আদিবাসী। তেওঁলোকৰ প্রধান জীৱিকা হৈছে পশুপালন। কিন্তু আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, আর্জেন্টিনা, অষ্ট্রেলিয়া আৰু ৰাছিয়াত এনে তৃণভূমি অঞ্চলত বিস্তৃতভাৱে কৃষি উৎপাদন কৰা হয়। বাণিজ্যিক ভিত্তিত উৎপাদিত এই অঞ্চলৰ প্ৰধান শস্য হ’ল ঘেঁহু। বর্তমান এইবোৰ দেশৰ পৰাই প্রধানকৈ ঘেঁহু ৰপ্তানি হয়। তদুপৰি অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু আর্জেন্টিনাত অৱস্থিত তৃণভূমি অঞ্চলত বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়। এই অঞ্চলত পোহনীয়া গৰু-ম'হৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্পও গঢ়ি উঠিছে। লগতে গৰু-ম'হ আৰু ভেড়া-ছাগলীৰ মাংস, আৰু ভেড়াৰ নোমৰ পৰা উণ উৎপাদন কৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। অর্থনৈতিকভাবে কিছু অগ্রগতি লাভ কৰিলেও এনে তৃণভূমি অঞ্চলৰ জনবসতি এতিয়াও সেৰেঙা হৈ আছে।


ঝ) শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলঃ

এই অঞ্চলত জনবসতি তেনেই পাতল। কৃষি আৰু পশুপালনৰ বাবে এই অঞ্চল উপযুক্ত নহয়। জন্তু চিকাৰ আৰু কাঠ সংগ্রহ কৰিয়েই ইয়াৰ বেছিভাগ অধিবাসীয়ে জীৱিকা নির্বাহ কৰে। ইউৰোপৰ নৰৱে, ফিনলেণ্ড, ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু ইয়াৰ পৰা তৈয়াৰ কৰা কাগজৰ বাবে বিখ্যাত। কানাডা, আলস্কা আৰু ছাইবেৰিয়াত নানা প্ৰকাৰৰ খনিজ দ্রব্যৰ আবিস্কাৰ হোৱাত এই অঞ্চলৰ বহু ঠাইত শিল্পকেন্দ্র গঢ়ি উঠিছে। ইয়াৰ ফলত এইবোৰ ঠাই অর্থনৈতিকভাৱে যথেষ্ট আগ বাঢ়িছে। বর্তমানে টাইগা অঞ্চলৰ দক্ষিণ অংশত কিছু পৰিমাণে কৃষিকার্য আৰু ভেড়া পালন কৰিবলৈ লোৱা হৈছে।


ঞ) শীতল মেৰু অঞ্চলঃ

অতিপাত শীতল জলবায়ুৰ বাবে তুন্দ্ৰা অঞ্চলত জীৱিকা নির্বাহ অতি কষ্টকৰ। ইয়াত স্থায়ী বসবাস সম্ভৱপৰ নহয়। এই অঞ্চলত জনবসতিৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত এজনতকৈও কম। ইয়াৰ আদিবাসীসকলে এক ধৰণৰ অঘৰী জীৱন যাপন কৰে। এই লোকসকলে জীৱ-জন্তু চিকাৰ কৰি আৰু সাগৰৰ পৰা মাছ সংগ্রহ কৰি কোনো মতেপেট প্ৰৱতায় । আলস্কা, উত্তৰ কানাডা আৰু গ্ৰীণলেণ্ডত বাস কৰা এই আদিবাসীসকল এস্কিমো আৰু লেচ্ছ; উত্তৰ ইউৰোপত লেছ আৰু ফিচ্ছ আৰু; আৰু ছাইবেৰিয়াত ছামুৱেড আৰু ইয়াকুট নামেৰে জনাজাত। শীতকালত এস্কিমো সকলে বৰফৰ দ্বাৰা নির্মিত ইগলু' নামৰ এক ধৰণৰ ঘৰত বাস কৰে। গ্রীষ্মকালত অৱশ্যে ছিলৰ ছালেৰে সজা অদ্ভুত আশ্রয় লয়। এনে তমুক ‘ টিউপিক’ বোলা হয়। জহকালি এস্কিমোসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা কায়াক’ আৰু ‘উমিয়াক’ নামৰ নাওৰ দ্বাৰা মাছ ধৰে আৰু জীৱ-জন্তু চিকাৰ কৰে। কুকুৰে টনা শ্লেজ গাড়ীয়েই হ’ল এই লোকসকলৰ যাতায়াতৰ প্ৰধান আহিলা।


ট) উচ্চ পাৰ্বত্য অঞ্চলঃ

পার্বত্য অঞ্চলৰ জীৱন-ধাৰণ প্ৰণালী অতি কষ্টকৰ বাবে ইয়াত জনবসতি তেনেই সেৰেঙা। পশুপালন আৰু কাঠৰ ব্যৱসায়েই এই অঞ্চলৰ মানুহৰ প্রধান বৃত্তি। নদী উপত্যকা বোৰত প্ৰধানকৈ কৃষিকার্য সম্পাদন কৰা হয়। অৱশ্যে পার্বত্য অঞ্চলৰ নিবাসীসকলে এক আদিম পদ্ধতিৰে ঠাই সলাই খেতি কৰে। এনে ধৰণৰ কৃষি কাৰ্যক ঠাই সলনি কৃষি’  অঞ্চলত জনজাতীয় লোকসকলে বহু যুগৰ পৰা এনে ঝুমখেতি কৰি আহিছে। পার্বত্য অঞ্চলৰ কোনো কোনো ঠাইত আকৌ খনিজ দ্রব্যৰ উদ্ঘাটনো কৰা হৈছে। তদুপৰি প্ৰাকৃতিক সৌন্দর্য আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বাবে পার্বত্য অঞ্চলৰ বহু ঠাই পার্বত্য নিবাস আৰু পর্যটন কেন্দ্র  হিচাপে গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ দার্জিলিং, মুছৌৰী, নাইনিতাল, ছিমলা, শ্বিলং আদি এনে ধৰণে গঢ়ি উঠা একো একোটা পর্যটক কেন্দ্র।


১০) পৃথিৱীত মহাদেশ কেইখন আৰু কি কি ? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় ডাঙি ধৰা ǀ

উত্তৰঃ পৃথিৱীৰ প্ৰধান মহাদেশ ৭ খন ǀ সেই কেইখন হৈছেঃ

1) এচিয়া

2) ইউৰোপ

3) আফ্ৰিকা

4) উত্তৰ আমেৰিকা 

5) দক্ষিণ আমেৰিকা

6) ওচেনিয়া

7) এণ্টাৰ্কটিকা


এচিয়াঃ এছিয়া পৃথিৱীৰ মহাদেশসমূহৰ সৰ্ববৃহৎ। ইয়াৰ মাটিকালিয়ে (৪৪.৪ নিযুত বর্গ কিলোমিটাৰ) পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশ মুলতঃ উত্তৰ গোলার্ধত অৱস্থিত। ই দক্ষিণে ১° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। বহলভাৱে এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ; পূবে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে ভাৰত মহাসাগৰ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্যসাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ; ইউৰাল নদী আৰু ইউৰাল পর্বতমালা। এই মহাদেশখন উত্তৰ-দক্ষিণাকৈ প্রায় ৮৪০০ কিলোমিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ৯৬০০ কিলোমিটাৰ। ইয়াৰ উপকূলৰ দৈর্ঘ্য প্রায় ৫৮,০০০ কিলোমিটাৰ।


আফ্ৰিকাঃ আফ্রিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। ৩০ নিযুত বর্গ কিলোমিটাৰতকৈ কিছু অধিক মাটিকালিৰে আফ্রিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্রায় ২০ শতাংশ আৱৰি আছে। মহাদেশখনৰ প্রায় সোমাজেদি পাৰ হৈ যোৱা বিষুৱৰেখাই ইয়াক দুভাগত বিভক্ত কৰিছে। আফ্রিকা মহাদেশখন উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ, আৰু পূবে ৫১° পূর্ব দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত। ইয়াৰ উত্তৰে ভূমধ্যসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে ভাৰত মহাসাগৰ; আৰু পশ্চিমে আটলান্টিক মহাসাগৰ। ইয়াৰ উপকূলৰেখা প্রায় ৩০ হেজাৰ কিলোমিটাৰ দীঘল। 


ইউৰোপঃ ইউৰোপ মহাদেশখন এছিয়াৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত। ই সম্পূর্ণভাৱে উত্তৰ গোলাৰ অন্তৰ্গত। এই মহাদেশখন দক্ষিণে ৩৬° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ১০° পশ্চিম দ্রাঘিমাংশৰ পৰা পূবে ৬৫° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত। ইয়াৰ মাটিকালি ১০.৯ নিযুত বর্গ কিলোমিটাৰ, অর্থাৎ পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৭.৩ শতাংশ ǀইউৰোপ মহাদেশৰ পূবে এছিয়া মহাদেশ, পশ্চিমে আটলান্টিক মহাসাগৰ, উত্তৰে উত্তৰ মহাসাগৰ আৰু দক্ষিণে ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰে আগুৰি আছে। প্রাকৃতিকভাৱে ইউৰাল পর্বতমালা আৰু ইউৰাল নদীয়ে ইউৰোপ মহাদেশ এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। ইউৰোপ মহাদেশখন তিনিওফালৰ পৰা সাগৰ-মহাসাগৰেৰে বেষ্টিত। ইয়াৰ মূল ভূ-খণ্ডৰ উপকূলীয় দৈর্ঘ্য প্রায় ৩৮ হেজাৰ কিলোমিটাৰ। 


উত্তৰ আমেৰিকাঃ  উত্তৰ আমেৰিকা  বিশ্বৰ তৃতীয় বৃহত্তম মহাদেশ ǀইয়াৰ মাটিকালি ২৪.৩ নিযুত বর্গ কিলোমিটাৰ, অর্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ ১৬.৩ শতাংশ। এই আমেৰিকা মহাদেশখন উত্তৰ গোলার্ধত অৱস্থিত বাবে ইয়াক উত্তৰ আমেৰিকা বোলা হয়। এই মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূৰে ৫০° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন পূর্ব-পশ্চিমাকৈ ৪৯৬০ কিলোমিটাৰ আৰু উত্তৰ-দক্ষিণাকৈ ৯৬০০ কিলোমিটাৰ দীঘল। উল্লেখযোগ্য যে মহাদেশখন শীতল উত্তৰ মেৰু অঞ্চলৰ পৰা বিষুবীয় উষ্ণ অঞ্চললৈকে বিস্তৃত। ইয়াৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ,পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং প্ৰালী,বেৰিং উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰ ǀ


দক্ষিণ আমেৰিকাঃ  উত্তৰ আমেৰিকা মহাদেশৰ ঠিক দক্ষিণে অৱস্থিত মহাদেশখনেই হ’ল দক্ষিণ আমেৰিকা। ই উত্তৰে ১২° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দক্ষিণ অক্ষাংশ আৰু পূবে ৩৫° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ৮১° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত। মহাদেশখনৰ আকৃতি এটা ওলোটা ত্রিভুজৰ দৰে। অর্থাৎ ইয়াৰ উত্তৰ অংশ যথেষ্ট বহল আৰু দক্ষিণ অংশ অতি ঠেক। উত্তৰ-দক্ষিণাকৈ ই প্রায় ৭,৫০০ কিলোমিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ৫,১০০ কিলোমিটাৰ। মহাদেশখনৰ মুঠ মাটিকালি প্রায় ১৮ নিযুত বর্গ কিলোমিটাৰ, অর্থাৎ ভূ-খণ্ডৰ ১২.২ শতাংশ। দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পশ্চিমে প্রশান্ত মহাসাগৰ আৰু পূবে আটলান্টিক মহাসাগৰে আগুৰি আছে।


ওছেনিয়া মহাদেশঃ অষ্ট্রেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহকলৈ  ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে আৰু  সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূব  দ্রাঘিমাংশৰ পৰা পূবে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত। উল্লেখযোগ্য যে  ৭.৭ নিযুত বর্গ কিলোমিটাৰ মাটিকালিৰে অষ্ট্রেলিয়াই এই মহাদেশৰ বৃহত্তম আৰু পৃথিৱীৰ ষষ্ঠ বৃহৎ দেশ। ইয়াৰ উপকূলৰ দৈর্ঘ্য প্রায় ১০,০০০ কিলোমিটাৰ অষ্ট্রেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওছেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্রায় ৯ নিযুত বর্গ কিলোমিটাৰ। এইদৰে ওছেনিয়াখন পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। ইয়াৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।


১১) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভূ-প্ৰকৃতিৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশ খন হৈছে- এচিয়া মহাদেশ ǀ

এছিয়া মহাদেশখন সু-উচ্চ পর্বতশ্রেণী, মালভূমি, নদী-উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা । 

পর্বত শ্রেণী সমুহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ-দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পূবা- পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সর্বোচ্চ হিমালয় পর্বতমালা আৰু ইয়াৰ ঠাল- ঠেঙুলি, কাৰাকোৰাম পর্বতমালা, আৰাৱলী পর্বত আদি বিশেষভাৱে উল্লেখযোগ্য। হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) আৰু কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন (৮,৬১১ মিটাৰ) এছিয়া মহাদেশতেই অৱস্থিত। 

মালভূমিসমূহৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পানিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালভূমি, ইৰান মালভূমি আদিয়েই প্রধান।

মহাদেশখনৰ উচ্চভূমি অঞ্চলৰ পৰা বহুতো ডাঙৰ নদীৰ সৃষ্টি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈ কেইবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত মহাদেশখনৰ দক্ষিণ মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্র নদীৰ সমভূমি; উত্তৰ অংশৰ ওব, ইয়েনিছি আৰু লেনা নদীৰ সমভূমি; পূবত আমুৰ, হোৱাংহো, ইয়াংচিকিয়াং আৰু মেকং নৈৰ সমভূমি; আৰু দক্ষিণ-দক্ষিণপূর্বত মহানদী,গোদাবৰী, কৃষ্ণা, কাৱেৰী, মেনাম, ইৰাৱতী, মেকং আদি নৈৰ সমভূমি। ইয়াৰোপৰি মহাদেশখনৰ উত্তৰ-পূব আৰু দক্ষিণ সীমান্তত থকা সাগৰ- মহাসাগৰে উপকূলীয় সমভূমিৰ সৃষ্টি কৰিছে। 

এছিয়া মহাদেশৰ অন্তৰ্গত বিশেষকৈ প্রশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত থকা দ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্রা, বর্ণিও, ছিলিবিছ, আন্দামান-নিকোবৰ, শ্রীলঙ্কা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰোপৰি গোবি, থৰ আৰু আৰব মৰুভূমিও এই মহাদেশতে অৱস্থিত।


১২) পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন ? সেই মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ  এচিয়া  বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ ǀ

এচিয়া মহাদেশৰ জনসংখ্যাঃ

২০০৭ৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৪০১ কৌটি, অর্থাৎ বিশ্ব জনসংখ্যাৰ তিনি-পঞ্চমাংশ । মহাদেশখনৰ ভূ- প্ৰকৃতিৰ বিভিন্নতাৰ বাবে ইয়াৰ জনসংখ্যাৰ বিতৰণো যথেষ্ট অসমান । ইয়াৰ প্রায় তিনি চতুথাংশ মানুহেই দক্ষিণ, দক্ষিণ-পূব আৰু পূবৰ ক্রান্তীয় আৰু উপক্রান্তীয় মৌচুমী অঞ্চলত বাস কৰে। উদাহৰণস্বৰূপে এছিয়া মহাদেশৰ ৪৯ খন দেশৰ কেৱল দুখন দেশতেই (চীনদেশ আৰু ভাৰতবৰ্ষ) ৬১ শতাংশ লোক ঠাহ খাই আছে ǀ মহাদেশখনৰ  বৃহৎ মহানগৰ কেইখনমান হৈছে টকিঅ, বেইজিং, মুম্বাই, দিল্লী, কলিকতা, ছিংগাপুৰ, ছিউল, ছাংঘাই, হংকং, বেঙ্কক, কোৱালালামপুৰ, টাইপেই আদি। মহাদেশৰ ৪১ শতাংশ লোক নগৰবাসী। ইয়াৰ গড় জনমূৰি জাতীয় আয় ৬,৬৩০ আমেৰিকান ডলাৰ।

মহাদেশৰ অৰ্থনৈতিক বৈশিষ্ট্যঃ

এচিয়া মহাদেশ প্ৰাকৃতিক সম্পদত চহকী ǀপ্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ, খনিজ আৰু কৃষিজ সম্পদ বিশেষকৈ উল্লেখযোগ্য ǀমহাদেশৰ বিভিন্ন অঞ্চলত বিভিন্ন খনিজ সম্পদৰ প্ৰয়োভৰ হোৱা হেতুকে সেইবোৰ অঞ্চলত খনিজদ্ৰব্য উদ্ঘাটন আৰু উদ্যোগীকৰণৰ বাবে আৰ্থিক উন্নতি ঘটিছে ǀ যেনে- ভাৰত, ম্যানমাৰ, চীন, ছাইবেৰিয়াত কয়লা আৰু প্ৰকৃতিক গেছ ; ইণ্ডোনেছিয়া, ফিলিপাইন, চীন, ভাৰতত লোৰ আকৰ, ভাৰত আৰু ছাইবেৰিয়াত মেংগানিজ ৰ উৎপাদন হোৱা বাবে ঠাইবোৰত উদ্যোগীকৰণ প্ৰক্ৰিয়া অব্যাহত আছে ǀ পশ্চিম এছিয়া ৰ মৰু অঞ্চলবোৰত অৱস্থিত ঠাইসমূহ যেনে ইৰাণ ,ইৰাক, কুৱেইট, ছৌদি আৰব, কাটাৰ, ওমান আদি দেশবোৰ পেট্ৰলিয়াম সম্পদত চহকী হোৱাৰ বাবে সেইবোৰ দেশৰ মানুহৰ অৰ্থনৈতিক অৱস্থা আৰু জীৱন ধাৰনৰ মানদণ্ড যথেষ্ঠ উন্নত ǀ

মহাদেশখনৰ মূল অৰ্থনীতি এতিয়াও কৃষিৰ ওপৰতে নিৰ্ভৰশীল ǀ নিৰক্ষীয় অঞ্চলত অৱস্হিত মহাদেশখনৰ দেশসমূত ধান, ঘেঁহু, কুহিয়াৰ, ধপাত, কপাহ, ৰবৰ, চাহ, কফি আদিৰ খেতি কৰা হয় ǀউৎদপাদিত দ্ৰব্য সমূহৰ এটা বৃহৎ অংশ ইউৰোপৰ দেশসমূহলৈ পঠিয়াই দিয়া হয় ǀ উৎপাদিত সা-সামগ্ৰীবোৰ অনা নিয়া  কৰাৰ বাবে ৰেলপথ বা আলিবাটৰ যাতায়ত ব্যৱস্থা আগতকৈ উন্নত হৈছে ǀ ৰবৰ আৰু চাহ,কফিৰ দৰে ৰোপন কৃষিৰ যোগেদি অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ঘটিছে ǀ 


১৩)  ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা ǀ

উত্তৰঃ

-ঃ ইউৰোপ মহাদেশৰ ভূ-প্রাকৃতিক গঠন অতি জটিল আৰু বৈচিত্রময়। ভূ-প্রকৃতিৰ ক্ষেত্ৰত ইউৰোপ মহাদেশক বহলভাৱে দুভাগত ভগাব পাৰি। ইয়াৰ উত্তৰ অংশটো পশ্চিমৰ ফ্রান্স উপকূলৰ পৰা পূবত ইউৰাল পর্বতশ্রেণী পর্যন্ত প্রায় সমতল ভূমি। কিন্তু দক্ষিণ অংশটো (স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে) পর্বত-পাহাৰ মালভূমিৰে যথেষ্ট ওখোৰা-মোখোৰা। 

-ঃ মহাদেশখনৰ উত্তৰ সীমান্ত অঞ্চল আৰু দক্ষিণৰ উচ্চভূমি অঞ্চলত হিমবাহৰ প্ৰভাৱ যথেষ্ট বেছি। দক্ষিণ ইউৰোপৰ পর্বতশ্রেণীৰ ভিতৰত আল্পচ,পাইৰেনিজ, কার্পেথিয়ান আৰু ককেচাছ বিশেষভাবে উল্লেখযোগ্য। ককেচাছ পর্বতশ্রেণীৰ অন্তৰ্গত মাউন্ট এলব্রাছ’ শৃংগই (৫,৬৩৩ মিটাৰ) হ’ল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই। আনহাতে আল্পচ পৰ্বতৰ উচ্চতম শৃংগটো হ’ল ‘মাউন্ট ব্লেঙ্ক’ (৪,৮০৭ মিটাৰ)। 

-ঃ নদ-নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রো, ফ্রান্স ,ৰোন আৰু ছেইন, জার্মানীৰ ৰাইন আৰু এন্যে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা, অষ্ট্রিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ, ইটালীৰ পো, গ্রেট ব্রিটেইনৰ থে, ৰাচিয়াৰ ডন, ভল্লা আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখনীয়। 

-ঃ মহাদেশখনৰ প্রধান দ্বীপসমূহ হ’ল আটলান্টিক মহাসাগৰত থকা বৃটিছ দ্বীপপুঞ্জ, আয়াৰলেণ্ড ইত্যাদি ǀ


১৪) উত্তৰ আমেৰিকা মহাদেশৰ ভূ-প্ৰকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখন ভূ-প্রাকৃতিক বৈষম্যৰে ভৰা। ইয়াৰ উচ্চতম ঠাই মেকিলে শৃংগ (৬,১৯৪ মিটাৰ) আৰু নিম্নতম ঠাই ডে’থভেলি (সাগৰ পৃষ্ঠৰ পৰা ৮৬ মিটাৰ তলত)। মহাদেশখনৰ পশ্চিম অংশ আৰু পূব অংশ উত্তৰ-দক্ষিণাকৈ পর্বত-পাহাৰময় । আনহাতে বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা। গতিকে মহাদেশখনৰ এনে ভূ-প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰিঃ 

(১) ৰকি পার্বত্য অঞ্চল, 

(২) বিশাল উচ্চ সমভূমি অঞ্চল, 

(৩) আপেলেছিয়ান উচ্চভূমি অঞ্চল আৰু 

(৪) উপকূলীয় সমতল ভূমি অঞ্চল। 

ৰকি পাৰ্বত্য অঞ্চলৰঃ  পূবে আৰু আপেলেচিয়ান উচ্চভূমিৰ পশ্চিমে অবস্হিত কানাডাৰ উত্তৰ অংশৰ পৰা মেক্সিকো উপসাগৰলৈকে বিস্তৃত ক্ষয়জাত মালভূমি আৰু পলসুৱা সমভূমি ক্ষেত্ৰটোক বিশাল সমভূমি বোলা হয়। দক্ষিণৰ এই অংশটো মিছিছিপি, মিছৌৰী, অহিঅ আদি বিশাল নদীয়ে পলসুৱা সমতল ভূমিলৈ ৰূপান্তৰ কৰিছে। 

মহাদেশৰ পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্রোৰিডা পর্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা, ভগ্ন মালভূমি আদিৰে গঠিত কিছু ওখোৰা-মোখাৰা অঞ্চলটোকে আপেলেছিয়ান উচ্চভূমি বোলা হয়। এই অঞ্চলৰ সর্বোচ্চ অংশৰ উচ্চতা কেৱল ১৯১৭ মিটাৰ (মাউন্ট ৱাশ্বিংটন)। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লৰিজ পর্বতশ্রেণী আছে। 

আনহাতে আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ পূবে থকা আটলান্টিক মহাসাগৰ উপকূলৱর্তী উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামা লৈকে বিস্তৃত সমতল ভূমিখণ্ডকে উপকূলীয় সমতল ভূমি অঞ্চল বোলে। এই অঞ্চলটো কেইবাখনো বিশাল নদীৰ মোহনাৰ উপৰি বহুতো জলাহ ভূমি আৰু অৰণ্যৰে ভৰা। কেলিফোর্ণিয়াৰ ঠেক উপকূলীয় সমভূমিৰ বাহিৰে পশ্চিম উপকূলত বিস্তৃত সমভূমি নাই। পশ্চিমে আলস্কৰ পৰা পূবে নিউফাউগুলেণ্ডলৈকে থকা উত্তৰাংশৰ উপকূলভূমি বহু পৰিমাণে ভগ্ন। ইয়াৰোপৰি মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ-পূর্ব অংশত অজস্ৰ সৰু বৰ দ্বীপআছে।

  খনিজ সম্পদঃ উত্তৰ আমেৰিকা মহাদেশ প্রাকৃতিক সম্পদত বৰ চহকী। মহাদেশখনত লো, নিকেল, ক’বাল্ট, মাইকা আদি খনিজ সম্পদৰ  প্ৰচুৰ উৎপাদন হয় ǀ তাৰোপৰি কানাডা, যুক্তৰাষ্ট্র আৰু মেক্সিকোত যথেষ্ট পৰিমাণে কয়লা, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ উৎপাদন হয়। এনেবোৰ কেঁচামাল যোগান ধৰা উদ্যোগৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি মহাদেশখনৰ বিভিন্ন ঠাইত গাড়ী মটৰ,ৰেল ,জাহাজ আদি উদ্যোগ প্ৰতিষ্ঠা হৈছে ǀ উত্তৰ আমেৰিকা মহাদেশৰ বিশেষকৈ কানাডাই জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্রগতি লাভ কৰিছে।


১৫) দক্ষিণ আমেৰিকা মহাদেশৰ নদ নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ  ক)দক্ষিণ আমেৰিকা মহাদেশৰ নদ নদী

দক্ষিণ আমেৰিকা মহাদেশৰ ভূ-প্রকৃতি বৈচিত্র্যপূর্ণ। ইয়াত উচ্চ । পার্বত্য ভূমি, নদী-গঠিত সমভূমি, মালভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদি প্রায় সকলবোৰ ভূ-অৱয়বেই আছে। 

মহাদেশখনৰ প্ৰধান নদীসমূহ হৈছে- অৰিনিক’, আমাজান, পাৰাণা, পাৰাগুৱে আৰু উৰুগুৱে নদী ǀ এই নদীসমূহ তথা এইবোৰৰ উপনৈসমূহে মহাদেশখনত প্ৰায় ৭ লাখ বৰ্গ কি মি জুৰি এক বিস্তৃত সমভূমি এলেকাৰ সৃষ্টি কৰিছে , যি পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ǀ উপৰোক্ত নদীসমূহৰ ভিতৰত আমাজান বিশ্বৰ ভিতৰতে দ্বিতীয় দীৰ্ঘতম নদী হিচাপেও স্বীকৃতিপ্ৰাপ্ত ǀ এই নদীসমূহ প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ তথা মহাদেশখনৰ বিভিন্ন অংশত বাস কৰা অধিবাসীসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান স্হল ǀ

খ) দক্ষিণ আমেৰিকা মহাদেশৰ উদ্ভিদ

দক্ষিণআমেৰিকা বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উদ্ভিদ দেখা পোৱা যায়ǀ বিশেষকৈ  অৰিনিক’ নদীৰ অৱবাহিকাত লানোজ নামৰ ঘাঁহনি, মধ্যাংশৰ নৈৰক্ষিক জলবায়ুৰ অন্তর্গত আমাজান নদীৰ অৱবাহিকাত ছেলভা নামৰ অটব্য অৰণ্য আৰু দক্ষিণৰ পাৰাগুৱে-পাৰাণা-উৰুগুৱে অৱবাহিকাত কম্পোজ, গ্ৰেণচাকো আৰু পম্পাছ নামৰ পৃথিৱী বিখ্যাত নাতিশীতোষ্ণ ঘাঁহনি অঞ্চল উল্লেখযোগ্য  ।

দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা অঞ্চল নিৰক্ষীয় জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে তাত চিৰসেউজীয়া ডাঠ হাবি পোৱা যায় ǀ এই অংশত পোৱা অৰণ্যক চেলভা বোলা হয় ǀ নিৰক্ষীয় অঞ্চলৰ কাষত সৰু সৰু জোপোহা বন আৰু লতা জাতীয় গছো পোৱা যায় ǀ

দক্ষিণ আমেৰিকা মহাদেশখনৰ এটা অংশ ক্ৰান্তীয় অঞ্চলত অৱস্হিত বাবে ইয়াত ক্ৰান্তীয় তৃণজাতীয় উদ্ভিদো  পোৱা যায় ǀ দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ উচ্চভূমি আৰু ভেনেজুৱেলাত অৱস্হিত অৰিনিকো নদীৰ অৱবাহিকাত ঘাঁহনি জাতীয় উদ্ভিদ দেখা যায় ǀ এনে ঘাঁহনি ৩ মটাৰ পৰ্যন্ত ওখ হয় ǀ

দক্ষিণ আমেৰিকাৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলবোৰত (আটাকামা, পেটাগনিয়া মালভূমি )মৰুজাতীয় উদ্ভিদ পোৱা যায় ǀ এনে উদ্ভিদৰ ভিতৰত চুটি ঘাঁহ,কাইটীয়া কেকটাছ জাতীয় উদ্ভিদ, খেজুৰ আদি উদ্ভিদ প্ৰধান ǀ


১৬) পৃথিৱীৰ প্ৰধান পৰ্বত শ্ৰেণী আৰু নদীসমূহৰ নাম উল্লেখ কৰি মানচিত্ৰত দেখুওৱা ǀ

উত্তৰঃ


পৃথিৱীৰ প্ৰধান পৰ্বত শ্ৰেণী

এছিয়া

ইউৰোপ

আফ্ৰিকা

উত্তৰ আমেৰিকা

দক্ষিণ আমেৰিকা

ওছেনিয়া

হিমালয়,

কাৰাকোৰাম, আৰাৱলী

কুনলোন,

টিয়ান চিয়ান,

য়ুৰাল

মাউন্ট অলিম্পাছ,

বেননেভিচ,

মাউন্ট এলব্ৰাচ

আল্পচ,

পাইৰেনিজ, কার্পেথিয়ান ককেচাছ

কিলিমানজাৰো

এটলাছ,

ইথিওপিয়ান উচ্চভূমি,

এডামাৱা উচ্চভূমি,

ড্রাকেন্সবার্গ উচ্চভূমি

আপেলেছিয়ান

ৰকি,

এলিঘেনি,

ব্লৰিজ

এণ্ডিজ,

মন্টিকিউৰা,

কৰ্ডিলেৰা,

কৰ্ডিলেৰা অৰিয়েন্টেল,

গ্রেট ডিভাইডিং ৰেঞ্জ ,

 স্নৱি মাউন্টেইনে

 


পৃথিৱীৰ প্ৰধান নদ-নদী সমূহ

 

এছিয়া

ইউৰোপ

আফ্ৰিকা

উত্তৰ আমেৰিকা

দক্ষিণ আমেৰিকা

ওছেনিয়া

আমুৰ, হোৱাংহো, ইয়াংচিকিয়াং মেকং, মহানদী, গোদাবৰী,কৃষ্ণা,

কাৱেৰী,ইৰাৱতী,

গঙ্গা, বহ্মপুত্ৰ, ইৰাবতী,ওব ,লেনা,ইয়েনিছি

এলব্রো,

ৰোন ,ছেইন,

ৰাইন, ওডাৰ

ভিষ্টুলা,অষ্ট্রিয়া, ডানিয়ুব, নিপাৰ,  পো, থেমচ, ডন, ভল্লা, ইউৰাল

কংগো (জায়ৰে) নাইজাৰ, জেন্বেজি, অৰেঞ্জ, লিম্পোপো, ভোল্টা, চেনেগাল

মিছিছিপি, মিছৌৰী, অহিঅ

য়ুকুম, মেকেঞ্জি

ৰিওগ্ৰেণ্ডে,ৰেড,

আৰকানচাচ

কলোৰাডো,

টেনেছি

অৰিনিক’, আমাজান, পাৰাণা, পাৰাগুৱে, উৰুগুৱে

মুৰে

ডার্লিং

ভিক্টোৰিয়া

ছোৱান,

ফিলণ্ডাৰ্ছ


১৭) আফ্রিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা ǀ

উত্তৰঃ আফ্রিকা মহাদেশৰ বেছি অংশই প্রধানকৈ ক্রান্তীয় জলবায়ুৰ অন্তর্গত। ইয়াৰ কেৱল উত্তৰ আৰু দক্ষিণ প্রান্তত উপক্রান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। মহাদেশখনৰ বিষুৱীয় অঞ্চলৰ সমতল আৰু উপকূল ভূমিত বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট বেছি। কিন্তু চাহাৰা, কালাহাৰী আৰু নামিবিয়া মৰুভূমি অঞ্চলত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ চেণ্টিমিটাৰতকৈও কম। সেয়ে আফ্রিকাৰ বহু অংশই ক্রমে শুষ্ক হ’বলৈ ধৰিছে।

আফ্রিকা মহাদেশ জলসম্পদ, বননি আৰু বনজ সম্পদ আৰু খনিজ সম্পদত চহকী। ইয়াৰ বেছিভাগ দেশৰেই অর্থনীতি কৃষি নির্ভৰশীল । মহাদেশখনৰ মুঠ বিদেশী আয় প্রায় এক-তৃতীয়াংশ কৃষিৰ পৰা আহে আৰু ইয়াৰ প্রায় ৭০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আফ্রিকা মহাদেশ খনৰ ৩৭ শতাংশ লোক নগৰৰ অধিবাসীৎ মহাদেশখনৰ গড় জনমুৰি জাতীয় আয় ২,৫৫০ আমেৰিকান ডলাৰ ǀ


১৮) পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভৌগোলিক অৱস্হিতি সম্পৰ্কে দুআষাৰ লিখা ǀ

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ খন হৈছে ওচেনিয়া মহাদেশ ǀ

অষ্ট্রেলিয়া মহাদ্বীপকে ধৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহকলৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণ অংশটো সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশৰ পৰা পূবে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত। 

অষ্ট্রেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আৰু অন্যান্য বহু দ্বীপসমূহক সামৰি ওছেনিয়া মহাদেশৰ ভূমিভাগৰ মুঠ মাটিকালি প্রায় ৯ নিযুত বর্গ কিলোমিটাৰ। এইদৰে ওছেনিয়াখন পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। 

ইয়াৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পুবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। অর্থাৎ ওছেনিয়া মহাদেশৰ প্ৰধান ভূ-খণ্ড অষ্ট্রেলিয়া আৰু অন্যান্য দ্বীপসমূহৰ চাৰিওফালে প্রশান্ত মহাসাগৰে আগুৰি আছে।


১৯) চমু টোকা লিখা  

উত্তৰঃ

ক)পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহঃ

     পৃথিৱী প্ৰধান ঘাঁহনি সমূহ হৈছে- 

1) ক্রান্তীয় তৃণভূমি অঞ্চলঃ আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°-২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল।এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। এনে জলবায়ুৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰিছে। ক্রান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত।

2) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলঃ উত্তৰ গোলার্ধত ৩০°—৫০° নৰি অক্ষাংশৰ মাজত আৰু দক্ষিণ গোলার্ধত মকৰক্ৰান্তিৰ (২৩১˚২ দক্ষিণ) দক্ষিণত মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল অৱস্থিত। দৰাচলতে মহাদেশসমূহৰ অন্তভাগত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম হোৱাৰ বাবে এনেবোৰ ঠাই তৃণভূমিত পৰিণত হৈছে। শীতৰ প্ৰকোপ বেছি হোৱাৰ বাবে অন্য গছ গছনি কম ǀশীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ-গছনি প্রায় নথকাৰ দৰে।  উত্তৰ আমেৰিকাৰ মধ্যাংশ, ইউৰোপৰ পূব অংশ, এছিয়াৰ মধ্যাংশ, আর্জেন্টিনা, দক্ষিণ আফ্রিকাৰ কিছু অংশ আৰু অষ্ট্রেলিয়াৰ কিছু অংশ এই মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অৱস্থিত ঘাঁহনিবোৰ বিভিন্ন নামেৰে জনা যায়। এনে ঘাঁহনি অঞ্চলক এছিয়া আৰু ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাত প্রেইৰি, দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পচ, দক্ষিণ আফ্রিকাত ভেল্ড আৰু অষ্ট্রেলিয়াত ডাউৰ্চ বোলা হয়।



(খ) নিৰক্ষীয় প্ৰাকৃতিক অঞ্চলঃ

বিষ্ণুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত নিৰক্ষীয় অঞ্চল অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰা এই অঞ্চলটোত দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ইয়াত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলচিয়াছ। অতিবৃষ্টিৰ অঞ্চল হিচাপে খ্যাত এই নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ। 

প্রায় সমগ্ৰ নিৰক্ষীয় অঞ্চলেই চিৰ সেউজীয়া ডাঠ অৰণ্যৰে ভৰা। লগতে আছে অসংখ্য সৰু সৰু জোপোহা বন আৰু নানাবিধ লতাǀ ডাঠ হাবিৰ উপৰি গোটেই বছৰ জুৰি অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্রাকৃতিক পৰিবেশ মানুহৰ বসবাসৰ বৰ উপযোগী নহয়। 


(গ) ভূমধ্য সাগৰীয় অঞ্চলঃ

মধ্য অক্ষাংশত অৱস্হিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু বিশেষকৈ ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবোৰতেই সাধাৰণতে ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰে। এই | প্রাকৃতিক অঞ্চলৰ বৈশিষ্ট্য এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। অর্থাৎ এই অঞ্চলত শীতকালিহে বৰষুণ হয়। ইয়াত গ্রীষ্মকাল কিছু দীঘল। সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮- ২৫° চেলচিয়াছ। বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ চেণ্টিমিটাৰ।  ভূমধ্য সাগৰৰ কাষৰীয়া ঠাইবোৰতেই সাধাৰণতে এনে প্রাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়। ভূমধ্য সাগৰৰ কাষৰীয়া দক্ষিণ ইউৰোপ, দক্ষিণ পশ্চিম এচিয়া উত্তৰ আফ্ৰিকাক লৈ এই অঞ্চলটো গঠিত ǀ


(ঘ) মৌচুমী অঞ্চলঃ 

নিৰক্ষীয় অঞ্চলৰ উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অক্ষাংশ আৰু দক্ষিণে ১০° ৰ পৰা ৩০° দক্ষিণ অক্ষাংশলৈ সাধাৰণতে মৌচুমী অঞ্চল বিস্তৃত। মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ এই অঞ্চলৰ অন্তৰ্গত। মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হ’ল ঋতু পৰিবর্তন— উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা আৰু শুকান শীতকাল। গ্রীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পার্থক্য হ’ল ১৫ চেলচিয়াছ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ চেণ্টিমিটাৰ। ঋতু পৰিৱৰ্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে কাৰণে এই অঞ্চলত পর্ণপাতী উদ্ভিদৰ প্রাধান্য বেছি। শীতকালত বৰষুণৰ অভাৱত এনে গছ-গছনিৰ পাত সৰে। মৌচুমী অঞ্চল ক্রান্তীয় আৰু উপক্রান্তীয় অক্ষাংশলৈকে বিস্তৃত। ভাৰতবর্ষকে ধৰি দক্ষিণ এছিয়া, দক্ষিণ-পূর্ব এছিয়া, অষ্ট্রেলিয়াৰ উত্তৰ-পূব অংশ, আফ্রিকাৰ পূব অংশ, ব্রাজিলৰ পূব অংশ, মধ্য আমেৰিকা আদি মৌচুমী প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত। সমগ্র পৃথিৱীৰ প্রায় ৪০ শতাংশ লোকে এই মৌচুমী অঞ্চলতে বাস কৰে।


(ঙ) এছিয়া মহাদেশৰ ভূ-প্ৰকৃতি আৰু জলবায়ুঃ

পৃথিৱীৰ বৃহত্তম মহাদেশ খন হৈছে- এচিয়া মহাদেশ ǀ এছিয়া মহাদেশখন সু-উচ্চ পর্বতশ্রেণী, মালভূমি, নদী-উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিৰে আৱৰা। ইয়াৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা ।পর্বত শ্রেণী সমুহৰ ভিতৰত মহাদেশখনৰ। পশ্চিম সীমাত উত্তৰ-দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পূবা- পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সর্বোচ্চ হিমালয় পর্বতমালা আৰু ইয়াৰ ঠাল- ঠেঙুলি, কাৰাকোৰাম পর্বতমালা, আৰাৱলী পর্বত আদি বিশেষভাৱে উল্লেখযোগ্য। হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) ǀমালভূমিসমূহৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালভূমি, ইৰান মালভূমি আদিয়েই প্রধান। মহাদেশখনৰ প্ৰধান নদী সমূহ হৈছে- আমোৰ, হোৱাংহো, মেকং, ইয়াংচিকিয়াং, গঙ্গা, বহ্মপুত্ৰ, ইৰাবতী আদিয়ে প্ৰধান ǀদ্বীপসমূহৰ ভিতৰত জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্রা, বর্ণিও, ছিলিবিছ, আন্দামান-নিকোবৰ, শ্রীলঙ্কা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি ǀ ইয়াৰ প্ৰধান মৰুভূমি সমূহ হৈছে- গোবি ,থৰ, আৰব ইত্যাদি ǀ

বিষুৱৰ পৰা প্ৰায় উত্তৰ মেৰু অঞ্চললৈকে বিস্তৃত এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্য বিশেষভাৱে উল্লেখযোগ্য। ইয়াত বিৰাজ কৰা প্রধান জলবায়ুৰ প্ৰকাৰসমূহ হ’ল নৈৰক্ষিক জলবায়ু, ক্রান্তীয় মৌচুমী জলবায়ু, ক্রান্তীয় মৰু জলবায়ু, নাতিশীতোষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ু পৃথিৱীৰ শীতলতম ঠাই ভাখয়ানস্ক এছিয়া মহাদেশৰে ছাইবেৰিয়া অঞ্চলত অৱস্থিত। ক্রান্তীয় মৌচুমী জলবায়ুৰ প্ৰভাৱত ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু আৰ্দ্ৰ তথা শীতকাল শুকান আৰু আৰু ঠাণ্ডা হয় ǀবিশ্বৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌছিনৰাম ইয়াতেই অৱস্হিত ǀ


(চ) তুন্দ্ৰা অঞ্চলঃ

গোটেই বছৰ বৰফেৰে আবৃত্তি পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণ অংশটো মেৰু অঞ্চল বোলে ǀ উত্তৰ গোলাৰ্ধত এই অঞ্চল সাধাৰণতে সুমেৰু বৃত্তৰ ৬৬১˚২ৰ উত্তৰে অৱস্হিত ǀ অতিপাত ঠাণ্ডাই হৈছে এই অঞ্চলৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য ǀ গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০°— ১০° চেলচিয়াছৰ ভিতৰত থাকে। আনহাতে, শীতকালত উষ্ণতা -১৮° চেলছিয়াছলৈ হ্রাস পায়। ইয়াত বৰষুণ প্রায় নহয়েই। শীতকালত বৰঞ্চ প্ৰচুৰ তুষাৰপাত হয়। বছৰটোৰ বেছিভাগ সময়েই বৰফাবৃত হৈ থাকে বাবে এই অঞ্চলত বিশেষ কোনো উদ্ভিদ গজিব নোৱাৰে। 

গ্রীষ্মকালত কিছু উত্তাপ বৃদ্ধিৰ লগে লগে যিবোৰ ঠাইত বৰফ গলিবলৈ ধৰে সেই ঠাইত ঘাঁহ, শেলুৱৈ আৰু টেকীয়াজাতীয় উদ্ভিদ গজে। এই অঞ্চলত প্ৰধানকৈ বন্ধা হৰিণ, বগা শিয়াল, বগা ভালুক, ছিল আদি প্রচণ্ড শীত সহ্য কৰিব পৰা জন্তু বাস কৰে। আবাসভূমি। উত্তৰ মেৰুৰ এই প্রাকৃতিক অঞ্চলটো তুন্দ্রা অঞ্চল  বুলি জনাজাত। গ্রীনলেণ্ডকে ধৰি উত্তৰ গোলার্ধৰ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গোলার্ধৰ এন্টার্কটিকা এই প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত।


ছ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণঃ

পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টার্কটিকা মহাদেশেৰে গঠিত। পৃথিৱীৰ ভূ-প্রকৃতি, জলবায়ু, মাটি, উদ্ভিদ, জীৱ-জন্তু আদিৰ বৈশিষ্ট্য ঠাইভেদে বেলেগ বেলেগ। প্রাকৃতিক পৰিবেশৰ বিভিন্ন উপাদানৰ এনে তাৰতম্যৰ বাবেই জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন- ধাৰণ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয়।   পৃথিৱীৰ মুঠ জনসংখ্যা ৬৬২কোটি ǀ  ৪০১ কোটি জনসংখ্যাৰে এচিয়া মহাদেশ বিশ্বৰ আটাইতকৈ জনবহুল মহাদেশ ǀ বিশ্বৰ প্ৰায় তিনি চতুৰ্থাংশ লোক এই মহাদেশখনত বাস কৰে ǀ আফ্ৰিকা মহাদেশত ৯৪৪ নিযুত লোক বাস কৰে ǀ মহাদেশখনৰ প্ৰতি বৰ্গ কি মিত জনসংখ্যাৰ ঘনত্ব ৩১ জন ǀ ইউৰোপৰ মুঠ জনসংখ্যা ৭৩৩ নিযুত ǀ বিশ্বৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই মহাদেশত বাস কৰে ǀ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কি মি ৩২জন ǀ উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা ৫২৩ নিযুত ǀ প্ৰতি বৰ্গ কি মি জনসংখ্যাৰ ঘনত্ব ১৫ জন ǀ দক্ষিণ আমেৰিকা মহাদেশক মুঠ জনসংখ্যা ৩৮১ নিযুত ǀজনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কি মি ১২ জন ǀ বিশ্ব মুঠ জনসংখ্যাৰ ৫.৫৭ শতাংশ লোক এই মহাদেশখনত বাস কৰে ǀওচেনিয়া মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৩৫ নিযুত ǀ (২০০৭ বৰ্ষৰ আনুমানি- তথ্য অনুসৰি) তদুপৰি পৃথিৱীৰ প্রায় ৯০ শতাংশ লোক কেৱল উত্তৰ গোলার্ধত বাস কৰে।


 (জ) ক্রান্তীয় তৃণভূমি অঞ্চলঃ

আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত এই অঞ্চল ১০°-২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত। এনে তৃণভূমিসমূহত নিৰক্ষীয় আৰু ক্ৰান্তীয় মৰুভূমি অঞ্চলৰ মাজৰ এক বিশেষ প্রাকৃতিক অৱস্থা বিৰাজ কৰে। ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হ’ল উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল। এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য বেছি। বছৰটোত বৰষুণৰ পৰিমাণ মধ্যমীয়া (২৫—১০০ চেণ্টিমিটাৰ পর্যন্ত)। এনে জলবায়ুৰ বাবেই এই অঞ্চলত ৩ মিটাৰ পর্যন্ত ওখ ঘাঁহজাতীয় উদ্ভিদে বিস্তৃত ঘাঁহনিৰ সৃষ্টি কৰিছে। ক্রান্তীয় অঞ্চলৰ এনে ঘাঁহনিক ছাভানা বুলি জনাজাত। দক্ষিণ আমেৰিকাৰ ব্রাজিল উচ্চ ভূমি আৰু ভেনেজুৱেলাত অৱস্থিত অৰিনিকো নদী অৱবাহিকা, আফ্রিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ, পূর্ব আফ্রিকাৰ উচ্চভূমি আৰু দক্ষিণ আফ্রিকাৰ কিছু অংশত, আৰু অষ্ট্রেলিয়াৰ উত্তৰ অংশ ক্রান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত। 

ক্রান্তীয় তৃণভূমি অঞ্চল পশু পালনৰ বাবে অতি উপযোগী । এই অঞ্চলৰ বেছিভাগ ঠাইতে বাণিজ্যিক পশুপালন কৰা হয় ǀ এই অঞ্চলটো বিভিন্ন বনৰীয়া জন্তুৰো আবাসভূমি । সেয়ে এই অঞ্চলৰ বহু অধিবাসীয়ে পশুপালন আৰু চিকাৰ কৰি জীৱন নির্বাহ কৰে।  এই অঞ্চলত জনবসতি অতি সেৰেঙা। অনুন্নত যাতায়াত আৰু প্রয়োজনীয় উৎপাদন ব্যৱস্থাৰ অভাৱত ক্রান্তীয় তৃণভূমি অঞ্চলৰ বেছিভাগ ঠায়েই সামাজিক আৰু অর্থনৈতিক দিশত পিছ পৰা ।


ঝ) ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলঃ

ক্ৰান্তীয় মৰু অঞ্চল সাধাৰণতে মহাদেশসমূহৰ পশ্চিম প্ৰান্তত অৱস্থিত ǀ এই মৰু অঞ্চল কৰ্কট ক্ৰান্তি (২৩১২˚ উত্তৰ) আৰু মকৰক্ৰান্তি (২৩১২˚ দক্ষিণ)ৰ কাষৰীয়া অঞ্চললৈকে বিস্তৃত। এই অঞ্চলৰ জলবায়ু প্রায় সদায়েই উষ্ণ আৰু শুষ্ক । দিন আৰু ৰাতিৰ উষ্ণতাৰ পার্থক্য বেছি।  গ্রীষ্মকালত দিনৰ ভাগৰ উত্তাপ ৪৫° চেলচিয়াছলৈ বৃদ্ধি পায়। আনহাতে বৰষুণৰ পৰিমাণ তেনেই কম । বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ চেণ্টিমিটাৰ। 

বৰষুণৰ অভাৱত এনে মৰু অঞ্চলৰ কিছু অংশত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ গজে। এই অঞ্চলৰ বহু অংশই বালিয়ে আৱৰি ৰাখে । অৱশ্যে মৰুভূমিৰ অত-ত'ত থকা মৰুদ্যানবোৰত কিছু পৰিমাণে খেজুৰ জাতীয় উদ্ভিদ জন্মে আৰু সমান পৰিমাণে খেতিও কৰা হয়।


ঞ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলঃ উত্তৰ গোলার্ধৰ ৫০-৭০° অক্ষাংশৰ মাজত শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। এই। অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলচিয়াছলৈ বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্রাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলত শীতকালতকৈ গ্রীষ্মকাল চুটি। গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়।  ইউৰোপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্রশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈ এই অঞ্চল বিস্তৃত। ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীর্ণ অঞ্চল ইয়াৰ অন্তৰ্গত।



ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)



Post ID : DABP006256