শিক্ষাৰ ধাৰণা আৰু লক্ষ্যসমুহ | প্ৰথম অধ্যায় | Class 11 Education Assam | Class 11 Education Question Answer Assamese Medium | HS  1st Year Education Notes and Suggestion | Concept and aims of education |



।।প্ৰশ্নাৱলী।।
ক। ভুল নে শুদ্ধ লিখাঃ

১। শিক্ষা এক বিমূৰ্ত ধাৰণা।
উত্তৰঃ অশুদ্ধ। 

২। মানৱ সমাজত শিক্ষা সম্পৰ্কীয় ধাৰণা পৰিবৰ্তনশীল।
উত্তৰঃ শুদ্ধ।

৩। সমাজৰ বিবৰ্তনৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই।
উত্তৰঃ অশুদ্ধ। 

৪। 'শিক্ষা' শব্দটো সংস্কৃত 'শাস' ধাতুৰ পৰআ উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে অৱগত কৰা।
উত্তৰঃ ভুল।

৫। ইংৰাজী 'Education' শব্দটো আধুনিক শিক্ষাত যি অৰ্থত ব্যৱহাৰ কৰা হয়, তাৰ মূল হৈছে লেটিন Educatic/
উত্তৰঃ ভুল।

৬। ব্যক্তিৰ আচৰণ শৃংখলিত কৰাই হ'ল শিক্ষা।
উত্তৰঃ

৭। 'বিদ' ধাতুৰ অৰ্থ জ্ঞান।
উত্তৰঃ শুদ্ধ।

৮। স্বামী বিবেকানন্দৰ মতে শিক্ষা হ'ল চৰিত্ৰ গঠনৰ উপায়।
উত্তৰঃ ভুল।

৯। প্লেটোৰ মতে শিক্ষা হ'ল সুষ্ঠ দেহত সুষ্ঠ মনৰ সৃষ্টি।
উত্তৰঃ ভুল।

১০। শিক্ষা আৰু জীৱন সমাৰ্থক।
উত্তৰঃ

১১। এৰিষ্টলৰ মতে শিক্ষাই উপযুক্ত সময়ত আনন্দ আৰু বেদনা উপলব্ধি সহায় কৰে।
উত্তৰঃ ভুল।

১২। শিক্ষা এক প্ৰক্ৰিয়া DUCO শব্দৰ অৰ্থ হৈছে শিক্ষাদান কৰা!
উত্তৰঃ ভুল।

১৩। সংকীৰ্ণ অৰ্থত শিক্ষা জ্ঞান আহৰণ কৰা।
উত্তৰঃ শুদ্ধ।

১৪। সংকীৰ্ণ অৰ্থত শিক্ষা এক বিকাশৰ প্ৰক্ৰিয়া।
উত্তৰঃ শুদ্ধ।

১৫। জন ডিউৰ মতে শিক্ষা অভিজ্ঞতাৰ পুনৰবিন্যাস।
উত্তৰঃ শুদ্ধ।

১৬। অগতানুগতিক শিক্ষাৰ কোনো পূৰ্বনিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে।
উত্তৰঃ ভুল।

১৭। অগতানুগতিক শিক্ষা জীৱনব্যাপী।
উত্তৰঃ শুদ্ধ।

১৮। দূৰশিক্ষা শিক্ষাৰ্থীকেন্দ্ৰিক!
উত্তৰঃ শুদ্ধ।

১৯। অগতানুগতিক  শিক্ষাৰ উপাদানসমূহ অনিয়ন্ত্ৰিত।
উত্তৰঃ অশুদ্ধ।

২০। অনিয়ন্ত্ৰিত শিক্ষা সদায় পূৰ্ব পৰিকল্পিত আৰু পূৰ্ব নিৰ্ধাৰিত।
উত্তৰঃ অশুদ্ধ।

২১। অনিয়ন্ত্ৰিত শিক্ষা এক শিক্ষক নিৰ্ভৰ শিক্ষা।
উত্তৰঃ অশুদ্ধ।

২২। নিয়ন্ত্ৰিত শিক্ষাৰ প্ৰৱেশপথ এটা।
উত্তৰঃ শুদ্ধ।

২৩। অগতানুগতিক শিক্ষা শিক্ষাৰ্থীৰ চাহিদা ভিত্তিক নহয়।
উত্তৰঃ শুদ্ধ।

২৪। সকলো দুৰশিক্ষাই মুক্ত নহয়।
উত্তৰঃ শুদ্ধ। 

২৫। দূৰশিক্ষাৰ কোনো পাঠ্যক্ৰম নাথাকে।
উত্তৰঃ শুদ্ধ।

২৬। নিয়ন্ত্ৰিত শিক্ষাৰ সকলো উপাদান অনিয়ন্ত্ৰিত।
উত্তৰঃ অশুদ্ধ।

২৭। অগতানুগতিক শিক্ষা অনুষ্ঠানভিত্তিক।
উত্তৰঃ শুদ্ধ।

২৮। শিক্ষাৰ উপাদানসমূহ পৰস্পৰ নিৰপেক্ষ।
উত্তৰঃ শুদ্ধ।

২৯। 'Democracy and Education' গ্ৰন্থৰ ৰচয়িতা হ'ল জন ডিউই।
উত্তৰঃ শুদ্ধ।

৩০। এথেন্সৰ শিক্ষা ব্যৱস্থা আছিল সমাজতান্ত্ৰিক।
উত্তৰঃ

৩১। স্পীৰ্টা শিক্ষাত ৰাষ্ট্ৰৰ কল্যাণক অগ্ৰাধিকাৰ দিয়া হৈছিল।
উত্তৰঃ

৩২। শিক্ষাৰ লক্ষ্য পৰিৱৰ্তনশীল।
উত্তৰঃ শুদ্ধ।

৩৩। ব্যক্তিকেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক লক্ষ্য পৰস্পৰ বিৰোধী।
উত্তৰঃ অশুদ্ধ।  

৩৪। শিক্ষাৰ বৃত্তিমুখী লক্ষ্য আৰু সাংস্কৃতিক লক্ষ্য পৰস্পৰ পৰিপূৰক।
উত্তৰঃ 

খ। খালীঠাই পূৰ কৰাঃ    

১। দ্বিমেৰুযুক্ত প্ৰক্ৰিয়া হিচাবে শিক্ষাৰ এটা মেৰুত আছে শিক্ষক আৰু আনটো মেৰুত আছে                 ।

উত্তৰঃ শিক্ষাৰ্থী।

২।                  অৰ্থত শিক্ষা এক জীৱনব্যাপী প্ৰক্ৰিয়া।

উত্তৰঃ বহল। 

৩।                  অৰ্থত শিক্ষা এক জ্ঞান আহৰণ প্ৰক্ৰিয়া।

উত্তৰঃ ব্য়াপক 

৪। সংকীৰ্ণ অৰ্থত শিক্ষা                 কেন্দ্ৰিক।

উত্তৰঃ জ্ঞান। 

৫। বহল অৰ্থত শিক্ষাত শিক্ষকৰ ভূমিকা                 হৈছে।

উত্তৰঃ দাতাৰ। 

৬। 'শিক্ষা' শব্দটো সংস্কৃত                 ধাতুৰ পৰা আহিছে।
উত্তৰঃ লেটিন।

৭। ব্যাপক অৰ্থত শিক্ষা হ'ল                 বিকাশ।
উত্তৰঃ  অভিজ্ঞতা পুনৰ্বিন্যাস।

৮। প্ৰতিপালন কৰা বা পৰিচাৰ্য্য কৰা অৰ্থত 'Education' শব্দটো লেটিন                 শব্দৰ পৰা আহিছে।
উত্তৰঃ 'Educare'.

৯। শিশুৰ সৰ্বাংগীন বিকাশৰ প্ৰক্ৰিয়াক                  বোলে।
উত্তৰঃ জীৱন।

১০। 'নিদেৰেশনাদান' অৰ্থত 'Education' শব্দটো লেটিন                  শব্দৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ Educare

১১। যি শিক্ষা অপৰিকল্পিতভাৱে ব্যক্তি জীৱনত সকলো সময়তে লাভ কৰা শিক্ষাক                 শিক্ষা বোলে। 
উত্তৰঃ

১২। জীৱন পৰিৱেশত স্বাভাৱিক ভাৱে লাভ কৰা শিক্ষা                  শিক্ষা।
উত্তৰঃ

১৩। যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ উপাদানসমূহ পূৰ্ব নিৰ্দিষ্ট আৰু সুপৰিকল্পিত তাক                  শিক্ষা বোলে।
উত্তৰঃ

১৪। বিদ্যালয়                 শিক্ষাৰ মাধ্যম।
উত্তৰঃ 

১৫। পৰিবাৰঃ অনিয়ন্ত্ৰিত শিক্ষাঃ দূৰ শিক্ষাঃ                  ।
উত্তৰঃ

১৬। শিক্ষা                  টা ৰূপত লাভ কৰা হয়।
উত্তৰঃ তিনিটা।

১৭। শিক্ষাৰ উপাদানসমূহৰ ওপৰত আৰোপিত নিয়ন্ত্ৰণৰ ভিত্তিত শিক্ষাৰ                  টা ৰূপ পোৱা যায়।

উত্তৰঃ  তিনিটা। 

১৮। গতানুগতিক শিক্ষাঃ মুক্ত শিক্ষাঃ নিয়ন্ত্ৰণ শিক্ষাঃ                 
উত্তৰঃ

১৯। শিক্ষাৰ উপাদানসমূহ যি শিক্ষাত সম্পূৰ্ণ নিয়ন্ত্ৰিত তাক                  শিক্ষা বোলে

উত্তৰঃ আনুষ্ঠানিক শিক্ষা।  

২০। আমাৰ জীৱনৰ অধিকাংশ শিক্ষাৰ উৎস                  শিক্ষা।
উত্তৰঃ

২১। পুৰণি                  শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য আছিল উপযুক্ত নাগৰিক প্ৰস্তুত কৰা।
উত্তৰঃ

২২। স্পাৰ্টাৰ শিক্ষা ব্যৱস্থাত                  ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল।
উত্তৰঃ

২৩। শিক্ষাৰ বৃত্তিমুখী লক্ষ্যত                  ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
উত্তৰঃ উপাৰ্জনৰ ওপৰত।

২৪। ডিউৰ মতে শিক্ষাৰ উদ্দেশ্য হ'ল                  ।
উত্তৰঃ 

২৫। শিক্ষাৰ যি লক্ষ্যই শিক্ষাৰ্থীৰ কৰ্মদক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে তাক শিক্ষাৰ                  লক্ষ্য বুলি কোৱা হয়।
উত্তৰঃ

২৬। শিশুক সমাজৰ সাংস্কৃতিক ধাৰাৰ প্ৰশিক্ষণ দিয়াত যি লক্ষ্যত গুৰুত্ব প্ৰদান কৰা হয় তাক                  লক্ষ্য বোলে।
উত্তৰঃ

২৭। এমিল গ্ৰন্থ লেখক হ'ল                  ।
উত্তৰঃ ৰুচো।

২৮। ৰুচো আছিল                  কেন্দ্ৰিক শিক্ষাৰ প্ৰবক্তা।
উত্তৰঃ ব্য়ক্তিকেন্দ্ৰিক 

২৯। শিশুৰ স্বতঃস্ফূৰ্ত আত্মবিকাশ হ'ল শিক্ষা' এই অভিমত হ'ল                  ৰ।

উত্তৰঃ ভাৰতীয়। 

৩০। শিক্ষাৰ                  লক্ষ্যই শিক্ষাৰ মাধ্যমেৰে শিশুৰ সামাজিকীকৰণ গুৰুত্ব দিয়ে।

উত্তৰঃ 


গ। চমুকৈ  লিখাঃ

১। শিক্ষা শব্দটো ব্যুৎপত্তিগত অৰ্থ কি।
উত্তৰঃ  শিক্ষা শব্দটো আহিছে সংস্কৃত 'শাস' ধাতুৰ পৰা 'শাস' শব্দ অৰ্থ হ'ল - শাসন কৰা, শৃঙ্খলিত কৰা, নিয়ন্ত্ৰিত কৰা, শিক্ষা দিয়া বা নিদেৰ্শনা দিয়া। অৰ্থাৎ শিক্ষা শব্দটো ব্যুৎপত্তিগত অৰ্থ হ'ল নিদেৰ্শনা দিয়া। 

২। 'বিদ্যা' শব্দৰ উৎপত্তিগত অৰ্থ কি?
উত্তৰঃ 'বিদ্যা' শব্দৰ ব্যুৎপত্তিগত বা উৎপত্তিগত অৰ্থ হ'ল সংস্কৃত 'বিদ্' ধাতুৰ পৰা বিদ্যা শব্দৰ সৃষ্টি হৈছে। 'বিদ' ধাতুৰ অৰ্থ হ'ল জ্ঞান অৰ্জন কৰা।

৩। সংকীৰ্ণ অৰ্থত শিক্ষাৰ এটা সংজ্ঞা লিখা।
উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে কোনোবিষয়ৰ তাত্ত্বিক জ্ঞান আহৰণ কৰা। বিদ্য়ালয়ত অভিজ্ঞ ব্য়ক্তি অৰ্থাৎ শিক্ষকৰ প্ৰভাৱত কোনো পাঠ, অনুশীলন কৰা বা আয়ত্ত্ব কৰাই হৈছে শিক্ষা। এই অৰ্থত যিজন ব্য়ক্তিয়ে এনে ধৰণৰ কোনো বিশেষ পাঠ্য়ক্ৰম আয়ত্ব কৰিব নোৱাৰে তেওঁ সমাজৰ অশিক্ষিত শ্ৰেণীভূক্ত।

৪। বহল অৰ্থত শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ বহল অৰ্থত শিক্ষাৰ এটা সংজ্ঞা হল-

(১) শিক্ষা হল মানুহৰ সুপ্তঅন্তৰ্নিহিত প্ৰতিভা বা সম্পূৰ্ণতাৰ পৰিপূৰ্ণ বিকাশ সাধন। সকলো শিক্ষা বা প্ৰশিক্ষণৰ উদ্দেশ্য় হব লাগে মানুহ তৈয়াৰ কৰা।


৫। লেটিন 'Educare' অৰ্থটোৰ অৰ্থ লিখা।
উত্তৰঃ লেটিন 'Educare' অৰ্থটোৰ অৰ্থটো হ'ল- লালন-পালন কৰা।

৬। লেটিন 'Educatum' শব্দটোৰ অৰ্থ লিখা।
উত্তৰঃ লেটিন 'Educatum' শব্দটোৰ অৰ্থ হ'ল শিক্ষাদান কাৰ্য্য।

৭। সংকীৰ্ণ অৰ্থত শিক্ষাত শিক্ষকৰ ভূমিকা কি?

উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্পৰ্ক হৈছে দাতা আৰু গ্ৰহীতাৰ। শিক্ষকে জ্ঞান দিয়ে আৰু শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে। অৰ্থাৎ শিক্ষা হল শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীৰ অন্তৰত জ্ঞানৰ সঞ্চালন ঘটোৱা। সাধাৰণ দৃষ্টিভংগীৰে বিচাৰ কৰি শিক্ষাক আমি এই সংকীৰ্ণ অৰ্থতেই গ্ৰহণ কৰো। কিন্তু আধুনিক শিক্ষাত সংকীৰ্ণ অৰ্থৰ পৰিৱৰ্তে ইয়াৰ ব্য়াপক অৰ্থতহে গুৰুত্ব প্ৰদান কৰা হয়। কাৰণ সংকীৰ্ণ অৰ্থই ব্য়ক্তিত্বৰ পৰিপূৰ্ণ বিকাশত কোনো গুৰুত্ব দিয়া নহয়। সংকীৰ্ণ অৰ্থত শিক্ষাই শিক্ষাৰ্থীৰ তুলনাত, শিক্ষকৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে। শিক্ষকক এইক্ষেত্ৰত নিয়ন্ত্ৰকৰ ক্ষূমিকা প্ৰদান কৰা হয়। সেইদৰেই বিষয়বস্তুৰ বাস্তৱ প্ৰয়োজনৰ তুলনাত তাত্ত্বিক প্ৰয়োজন কথাহে বিশেষভাৱে বিবেচনা কৰা হয়। ফলত শিক্ষা বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন এক পৃথক ব্য়ৱস্থা হিচাবে পৰিগণিত হয়। সেইবাবেই শিক্ষাৰ এই পুৰণি ধাৰণাক সংকীৰ্ণ বুলি বিবেচনা কৰা হয়। আধুনিক শিক্ষাবিদসকলে শিক্ষা সম্পৰ্কীয় এই ধাৰণাক গ্ৰহণযোগ্য় বুলি বিবেচনা নকৰে। মুঠতে সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে পৰিকল্পিত আঁচনি তথা প্ৰচেষ্টাৰে শিক্ষাৰ্থীক অভিজ্ঞতা প্ৰদানৰ ব্য়ৱস্থা। ইয়াত নিৰ্দিষ্ট অনুষ্ঠানৰ যোগেদি শিক্ষাদান কৰা হয়। ইয়াত অভিজ্ঞতা নিয়ন্ত্ৰিত। হৈ পৰে। ইয়াত শিশুৰ প্ৰতিক্ৰিয়া আৰু শিশুৱে লাভ কৰা শিক্ষা বা অভিজ্ঞতা সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত। এই সংকীৰ্ণ অৰ্থত শিক্ষা সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত অভিজ্ঞতা।

৮। শিক্ষাৰ ব্যাপক অৰ্থত শিক্ষকৰ ভূমিকা কি? 

উত্তৰঃ শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ 'Education' মূল হিচাবে 'e' আৰু 'Duco' আৰু 'Educare' ৰ দিশৰ পৰা বিচাৰ কৰিলে শিক্ষাৰ অৰ্থ হল শিশুৰ বা শিক্ষাৰ্থীৰ অন্তনিৰ্হিত শক্তি বা সম্ভাৱনাৰ যথাযথভাৱে প্ৰকাশ কৰা। শিক্ষাক ব্য়ৱহাৰিক উপযোগিতাৰ গণ্ডীৰ ভিতৰত সীমাবদ্ধ ৰখাৰ ফলত শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ সৃষ্টি হৈছিল। শিক্ষাক ইয়াৰ প্ৰকৃত অৰ্থ বা ব্য়াপক বিশ্লেষণ কৰিলে দেখা যায় যে শিক্ষা কেৱল জ্ঞা বা দক্ষতা অৰ্জনতেই সীমাবদ্ধ নহয়। প্ৰকৃত অৰ্থত শিক্ষা শিক্ষাৰ্থী বা শিশুৰ অন্তনিৰ্হিত বিভিন্ন শক্তি বা সম্ভাৱনাৰ যথাযথ বিকাশ সাধন কৰা। শিক্ষাৰ ব্য়াপক অৰ্থ মনোবিজ্ঞান আৰু সমাজবিজ্ঞানৰ বৈজ্ঞানিক তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। শিক্ষাৰ উদ্দেশ্য় হল শিশুৰ এই সম্ভাৱনাসমূহ পৰিপূৰ্ণভাৱে সমাজ উপযোগী কৰি বিকাশ সাধন কৰা। এই অৰ্থত শিক্ষক হল সহায়ক, দাতা নহয়। তেওঁ শিক্ষাৰ্থীক নিজস্ব ক্ষমতা অনুযায়ী সমাজৰ গ্ৰহণযোগ্য় পথত আগুৱাই যোৱাত সহায় কৰিব লাগে। সমাজৰ বাধা নিষেধ জাপি দিব নালাগে। আধুনিক শিক্ষাক ব্য়াপক অৰ্থত গ্ৰহণ কৰাৰ ফলত ব্য়ক্তি আৰু সমাজ জীৱনত শিক্ষাৰ তাৎপৰ্য অনেক বৃদ্ধি পাইছে। 

৯। শিক্ষাক কিয় এক দ্বি-পাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়।

উত্তৰঃ চাৰ জন আদামচৰ মতে, শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া। ইয়াৰ এটা পক্ষ হৈছে শিক্ষক আৰু আনটো হৈছে শিক্ষক আৰু আনটো হৈছে হৈছে শিক্ষাৰ্থী। শিক্ষকৰ ব্য়ক্তিত্বই শিক্ষাৰ্থীৰ ব্য়ক্তিত্ব বিকাশত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে। শিক্ষাৰ্থীৰ ব্য়ক্তিত্ব দুই ধৰণে প্ৰভাৱান্বিত হব পাৰে অৰ্থাৎ শিক্ষকৰ দ্বাৰা প্ৰত্য়ক্ষভাৱে আৰু শিক্ষকৰ দ্বাৰা পৰোক্ষভাৱে শিক্ষাৰ্থী প্ৰভাৱান্বিত হব পাৰে। শিক্ষকে ছাত্ৰক জ্ঞান প্ৰদান কৰে। তেওঁৰ অবিহনে শিক্ষা উদ্দেশ্য়হীন বুলি আখ্য়া দিব পাৰি। ঠিক তেনেদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ কৰ্তব্য় মূল্য়হীন।

১০। শিক্ষাক কিয় এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়।

উত্তৰঃ আমেৰিকাৰ শিক্ষাবিদ জন ডিউইয়ে শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। তেওঁৰ মতে, শিক্ষাৰ লগত শিক্ষক আৰু শিক্ষাৰ্থীৰ সৈতে সামাজিক পৰিৱেশো জড়িত হৈ আছে। সামাজিক পৰিবেশৰ ভিতৰত পাঠ্য়ক্ৰমৰ প্ৰশ্ন জড়িত হৈ আছে। সকলোবোৰ শিক্ষাই মূলতঃ ব্য়ক্তিৰ সামাজিক সচেতনতাৰ পৰাই সৃষ্টি হয়। সেইকাৰণে, শিক্ষা সদায় সামাজিক প্ৰয়োজন পূৰাব পৰাকৈ প্ৰস্তুত কৰিব লাগে। শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিবেশ যে যুগে যুগে চলি আহিছে তাৰ নিদৰ্শন আমি প্ৰাচীন শিক্ষা ব্য়ৱস্থাত থকা গুৰকুল শিক্ষাৰ পৰিবেশৰপৰাই অনুমান কৰিব পাৰো। 

১১। ব্যাপক অৰ্থত ব্যৱহৃত শিক্ষাৰ এটা সংজ্ঞা লিখা।

উত্তৰঃ ব্য়াপক অৰ্থত ব্য়ৱহৃত শিক্ষাৰ এটা সংজ্ঞা তলত উল্লেখ কৰা হল -

(১) ভাৰতীয় চিন্তাবিদৰ মতে শিক্ষাঃ প্ৰাচীন ভাৰতীয় চিন্তাবিদ, দাৰ্শনিক আৰু শিক্ষাবিদসকলৰ মূলতঃ  ভাববাদী বা আধ্য়াত্মিকতাবাদত বিশ্বাসী আছিল। আনহাতেদি, আধুনিক ভাৰতীয় চিন্তাবিদ বা শিক্ষাবিদসকলে ইয়াৰ পৰিৱৰ্তে ব্য়ৱহাৰিকতা বা প্ৰয়োগবাদৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰে।

১২। বহল অৰ্থত শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বহল অৰ্থত শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল-

(১) ব্যাপক অৰ্থত শিক্ষা হ'ল এক সমাযোজনৰ  প্ৰক্ৰিয়া। শিক্ষাই ব্যক্তিক পৰিৱৰ্তনশীল আৰু গতিশীল পৰিৱেশৰ লগত সাৰ্থক সমােযোজনত সহায় কৰে।
(২) ব্যাপক অৰ্থত শিক্ষাই হ'ল জীৱন আৰু জীৱনেই হ'ল শিক্ষা। অৰ্থাৎ বাস্তৱ জীৱন পৰিস্থিতিত লাভ কৰা অভিজ্ঞতাৰ সমষ্টি।

১৩। মহাত্মা গান্ধীৰ মতে শিক্ষা কি?

উত্তৰঃ  মহাত্মা গান্ধীৰ মতে শিক্ষা হ'ল- ' শিক্ষাৰ দ্বাৰা মহাত্মা গান্ধায়ে শিশুৰ আৰু প্ৰাপ্তবয়স্কৰ সকলোৰে দেহ, মন আৰু আত্মাৰ পৰিপূৰ্ণ বিকাশক বুজো।'

বা
মহাত্মা গান্ধীৰ মতে শিক্ষা হ'ল- ব্যক্তিৰ দেহ-মন আৰু আত্মাৰ সুষম বিকাশ।

১৪। জন ডিউইৰ মতে শিক্ষা কি? 

উত্তৰঃ জন ডিউইৰ মতে শিক্ষা হ'ল অবিৰতভাৱে অভিজ্ঞতাৰ পুনৰ্গঠনৰ যোগেদি জীয়াই থকাৰ প্ৰক্ৰিয়া। পৰিৱেশক নিয়ন্ত্ৰণ কৰি নিজৰ সম্ভাৱনাসমূহক চৰিতাৰ্থ কৰাৰ যি শক্তি বা সামৰ্থ ব্যক্তিৰ মাজত থাকে তাৰ বিকাশ ঘটোৱাই হ'ল শিক্ষা। 

১৫। শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা কি? 

উত্তৰঃ মানুহৰ জীৱনৰ প্ৰতিটো কাৰ্যৰ লগতে একোটা উদ্দেশ্য় অন্তৰ্নিহিত হৈ থাকে। শিক্ষা যিটো ৰূপতেই সংঘটিত নহওঁক কিয় এই শিক্ষা মানুহৰ এক সচেতন প্ৰক্ৰিয়া। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণৰ বিভিন্ন দিশৰ পৰিৱৰ্তনৰ প্ৰচেষ্টা হাতত লোৱা হয়। লক্ষ্য়বিহীনশিক্ষা কেতিয়াও ব্য়ক্তি জীৱনৰ সহায়কাৰী হব নোৱাৰে। কাৰণ সুনিৰ্ধাৰিত লক্ষ্য়ৰ অৱৰ্ত্তমানত কোনো কাৰ্যই সুপৰিকল্পিতভাৱে পৰিচালিত কৰিব নোৱাৰি। শিক্ষা লক্ষ্য় হৈছে ব্য়ক্তি আৰু সমাজৰ কল্য়াণ সাধন। শিক্ষাৰ লক্ষ্য়ৰ এই দ্বিমুখী ধাৰাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্য়ই গঢ় লৈ উঠিছে। শিক্ষাৰ এই দুই লক্ষ্য় দুটা বিশেষ দাৰ্শনিক চিন্তাদাৰাৰ দ্বাৰা প্ৰভাৱিত। শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ উদ্ভৱ হৈছে প্ৰকৃতিবাদ চিন্তাধাৰাৰ পৰা। শিক্ষাৰ এই দুই লক্ষ্য় এককভাৱে কোনো এটা দাৰ্শনিক ভাৱধাৰাৰ দ্বাৰা পুষ্ঠ হৈছে বুলি কব পৰা নাযায়। ইয়াৰ উপৰিও অষ্টাদশ শতাব্দীৰ শেষৰ ভাগত বিকাশ লাভ কৰা মনোবিজ্ঞান আৰু সমাজবিজ্ঞানৰ তাত্ত্বিক আৰু পৰীক্ষামূলক সিদ্ধান্তসমূহে এই দুই লক্ষ্য়ক বিশেষভাবে প্ৰভাৱিত কৰিছিল। 

১৬। শিক্ষাৰ লক্ষ্যৰ পৰিৱৰ্তনশীলতাৰ দুটা কাৰণ লিখা।

উত্তৰঃ মানুহৰ জীৱনৰ প্ৰতিটো কাৰ্যৰ লগতে একোটা উদ্দেশ্য় অন্তৰ্নিহিত হৈ থাকে। শিক্ষা যিটো ৰূপতেই সংঘটিত নহওঁক কিয় এই শিক্ষা মানুহৰ এক সচেতন প্ৰক্ৰিয়া। শিক্ষা যিহেতু এক সচেতন প্ৰক্ৰিয়াৰ নিৰ্ধাৰিত লক্ষ্য় থকা উচিত। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণৰ বিভিন্ন দিশৰ পৰিৱৰ্তনৰ প্ৰচেষ্টা হাতত লোৱা হয়। শিক্ষা প্ৰক্ৰিয়াক অৰ্থপূৰ্ণভাৱে পৰিচালনা কৰিবৰ বাবে লক্ষ্য়ৰ অপৰিহাৰ্যতা সম্পৰ্কে কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে। শিক্ষাৰ লক্ষ্য় হৈছে ব্য়ক্তি আৰু সমাজৰ কল্য়াণ সাধন। এইক্ষেত্ৰত ব্য়ক্তি আৰু সমাজৰ মাজত মত পাৰ্থক্য় দেখা যায়। শিক্ষাৰ লক্ষ্য়ৰ ক্ষেত্ৰত মূলতঃ দুটা মতবাদৰ সৃষ্টি হৈছে। প্ৰথমটো ব্য়ক্তি স্বাতন্ত্ৰ্যবাদ আৰু আনটো সমাজতন্ত্ৰবাদ। 

১৭। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সপক্ষত দুটা যুক্তি দিয়া।

উত্তৰঃ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ সপক্ষত দুটা যুক্তি হল-

(১) জৈৱিক যুক্তিঃ জীৱ বিজ্ঞানৰ ধাৰণা অনুযায়ী প্ৰত্য়েকজন মানুহেই একো একোটা জৈৱিক সত্ত্বা। পৃথিৱীৰ প্ৰত্য়েক শিশুৱেই নিজস্ব পৃথক সত্ত্বা লৈ জন্মগ্ৰহণ কৰে। এজন ব্য়ক্তিৰ গাৰ চালৰ ৰং বা চকুৰ মণিৰ ৰং যিদৰে কোনো বাহ্য়িক শক্তিৰ দ্বাৰা সলনি কৰিব নোৱাৰি, সেইদৰেই ব্য়ক্তিৰ অন্য়ান্য় একান্ত নিজস্ব বৈশিষ্ট্য়সমূহো কোনো বাহ্য়িক প্ৰভাৱৰ দ্বাৰা সম্পূৰ্ণ সলনি কৰিব নোৱাৰি। গতিকে শিশুৰ এই স্বকীয়তাক সংৰক্ষণ কৰাই শিক্ষাৰ উদ্দেশ্য় হোৱা উচিত।

(২) আদৰ্শবাদৰ যুক্তিঃ আধ্য়াত্মিকতাবাদৰ ওপৰত ভিত্তি কৰিও ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ সমৰ্থকসকলে যুক্তি আগবঢ়াইছিল। এই আধ্য়াত্মিকতাবাদৰ মতে প্ৰত্য়েক মানুহেই পৰম আত্মাৰ অংশ। এই সত্য়ৰ উপলব্ধিয়েই হৈছে শিক্ষা। ব্য়ক্তিৰ আধ্য়াত্মিকবিকাশ আৰু আত্ম-উপলব্ধি হৈছে এক ব্য়ক্তিগত প্ৰক্ৰিয়া। শিক্ষা ব্য়ক্তিক কেন্দ্ৰ কৰি সংঘটিত নহলে আত্ম উপলব্ধি সম্ভৱ সত্ত্বাৰ চৰম উপলব্ধিৰ বাবেই শিক্ষা ব্য়ক্তিকেন্দ্ৰিক হব লাগে।

(৩) মনোবিজ্ঞানৰ যুক্তিঃ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ বিশ্বাসী শিক্ষাবিদসকলে তেওঁলোকৰ মতবাদৰ সমৰ্থনত আধুনিক মনোবিজ্ঞানৰ পৰীক্ষিত সিদ্ধান্তসমূহৰ ওপৰত ভিত্তি কৰিও যুক্তি আগবঢ়াইছিল। ব্য়ক্তিস্বাতন্ত্ৰ্য়ৰ নীতি মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই তত্ত্ব অনুযায়ী প্ৰত্য়েকজন ব্য়ক্তিয়েই এজন আনজনৰ পৰা পৃথক। দৈহিক মানসিক সকলো দিশৰ পৰাই প্ৰত্য়েক ব্য়ক্তিয়ে নিজৰ স্বাতন্ত্ৰ্য় বজায় ৰাখে। সেয়ে ব্য়ক্তিসাতন্ত্ৰ্য়বাদী শিক্ষাবিদসকলৰ মতে শিক্ষা যিহেতু জীৱনৰ বিকাশৰ প্ৰক্ৰিয়া গতিকে শিক্ষাৰ মাধ্য়মেৰে প্ৰত্য়েক শিশু বা ব্য়ক্তিয়ে যাতে তেওঁৰ নিজস্ব স্বাতন্ত্ৰ্য় অনুযায়ী বিকাশৰ সুযোগ লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য় ৰখা উচিত শিক্ষাৰ দ্বাৰা ব্য়ক্তিৰ নিজস্ব সম্ভাৱনীয়তাৰ আৰু একক সত্তাৰ নিজস্ব ৰূপত পৰিপূৰ্ণ বিকাশৰ সুযোগ প্ৰদান কৰা একান্ত বাঞ্চনীয়। অৰ্থাৎ শিক্ষাৰ লক্ষ্য় হব ব্য়ক্তি স্বাতন্ত্ৰ্য়ৰ ধাৰাক বজায় ৰাখি ব্য়ক্তি জীৱনৰ বিকাশত সহায়তা কৰা।

১৮। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুটা ত্ৰুটি লিখা? 

উত্তৰঃ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ দুটা ত্ৰুটি হল-

(১) প্ৰকৃতিবাদৰ ব্য়ৰ্থতাঃ চৰম ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ই শিশুক সম্পূৰ্ণভাৱে আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ কৰি গঢ় দি তুলিব। এই আত্মকেন্দ্ৰিক জীৱন শিশুৰ পৰৱৰ্তী জীৱনৰ সমাযোজনৰ সহায়কাৰী হব নোৱাৰে। আনহাতেদি বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা যায় যে পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱত ব্য়ক্তিৰ এনে কিছুমান চাৰিত্ৰিক গুণৰ বিকাশ হয় যিবিলাক বিচ্ছিন্ন একক জীৱনত সম্ভৱ নহয়। ব্য়ক্তিৰ কিছুমান বাঞ্চিত নৈতিক আৰু চাৰিত্ৰিক বৈশিষ্ট্য় দলগত পৰিস্থিতিত অন্য়ান্য় সদস্য়সকলৰ প্ৰভাৱৰ অৱৰ্ত্তমানত বিকশিত হব নোৱাৰে।

(২) জৈৱিক যুক্তিৰ ব্য়ৰ্থতাঃ শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ সমৰ্থত জীৱবিজ্ঞানৰ সিদ্ধান্তৰ ওপৰত ভিত্তিকৰি যি যুক্তি আগবঢ়োৱা হৈছে সেই যুক্তিও অনেক চিন্তাবিদে ইয়াৰ আংশিক প্ৰয়োগৰ হেতু বিভ্ৰান্তিকৰ বুলি হব খোজে। প্ৰক্য়েক ব্য়ক্তিয়েই এক একক সত্ত্বা আছে আৰু প্ৰত্য়েকেই এক জৈৱিক একক এই বিষয়ত আমাৰ কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে। চৰম ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ সমৰ্থকসকলে পৰিৱেশৰ ক্ৰিয়াশীলতাক অস্বীকাৰ কৰি জীৱ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা যিব্য়াখ্য়া আগবঢ়াইছে তাক বৈজ্ঞানিক তত্ত্বৰ ভূল সংব্য়াখ্য়ান বুলি কব পৰা যায়। গতিকে শিক্ষাৰ লক্ষ্য় কেৱল ব্য়ক্তিক কেন্দ্ৰ কৰি নিৰ্ধাৰণ কৰিব পৰা  নাযায়। ব্য়ক্তি জীৱনত পৰিৱেশৰ গুৰুত্বৰ কথাও স্বীকাৰ কৰিব লাগিব।

(৩) মনোবিজ্ঞানৰ নীতিৰ অপব্য়াখ্য়াঃ মনোবিজ্ঞান প্ৰমাণিত ব্য়ক্তি স্বাতন্ত্ৰ্য় সম্পৰ্কীয় সিদ্ধান্ত সম্পৰ্কে আমাৰ কেতিয়াও কোনো সন্দেহ থাকিব নোৱাৰে। ই ব্য়ক্তি জীৱনৰ প্ৰধান ধৰ্ম। কিন্তু শিক্ষাৰ লক্ষ্য় কেৱল মাত্ৰ এই স্বাতন্ত্ৰ্য়ক বজাই ৰখাৰ মাজতে সীমাবদ্ধ হৈ থাকিব নোৱাৰে। ব্য়ক্তি স্বাতন্ত্ৰ্য়ক সমাজ উপযোগী ব্য়ক্তিসত্ত্বাত পৰিৱৰ্তিত কৰাই শিক্ষাৰ প্ৰধান কাম হোৱা উচিত। শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ ব্য়ক্তিস্বাতন্ত্ৰ্য়ৰ এই নীতিৰ বিশুদ্ধ প্ৰয়োগ বিভ্ৰান্তিকৰ। প্ৰকৃতপক্ষে ব্য়ক্তিস্বাতন্ত্ৰ্য়ৰ পৰিপূৰ্ণ বিকাশ সমাজ পৰিৱেশতহে সম্ভৱ হয়। গতিকে চৰম ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ সমৰ্থনত মনোবিজ্ঞান ভিত্তিক যুক্তিও গ্ৰহণযোগ্য় হব নোৱাৰে। কোনো বিজ্ঞানৰ সিদ্ধান্তক এনেদৰে বাহ্য়িক অৰ্থত প্ৰয়োগ কৰি মানৱ কল্যাণ সম্ভৱ নহয়।

১৯। সমাজতান্ত্ৰিক লক্ষ্য কি?

উত্তৰঃ শিক্ষাত ব্য়ক্তিবাদী লক্ষ্য়ৰ বাহিৰেও আৰু এটা প্ৰধান লক্ষ্য়ৰ বাহিৰেও আৰু এটা প্ৰধান লক্ষ্য় আছে যাক সমাজবাদী লক্ষ্য় বুলিব পাৰি। এই তত্ত্বৰ প্ৰধান পৃষ্ঠপোষক আছিল জন ডিউই। এওঁৰ মতে শিক্ষাৰ উদ্দেশ্য় হৈছে মানুহৰ জীৱনটোক অবিৰাম গতিত চলাই লৈ যোৱা। মানুহ সামাজিক জীৱ। সমাজবাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। এটা শিশুৱে সমাজৰ মাজত ডাঙৰ দীঘল হওঁতে সমাজৰ আচাৰ-ব্য়ৱহাৰ, ভাষা, আদান-প্ৰদান, ক্ৰিয়া-প্ৰক্ৰিয়া, আদৰ্শ, নীতি-নিয়ম গ্ৰহণ কৰে। মানুহৰ জীৱনৰ উন্নতিৰ কাৰণে সুস্থ সামাজিক পৰিবেশ অতি প্ৰয়োজন। কিন্তু বৰ্তমান যুগত বিজ্ঞান আৰু শিল্পৰ উন্নতিয়ে সামাজিক পৰিৱেশ জটিল কৰি তুলিছে। সেয়ে শিশুৰ উন্নতিৰ বাবে যিখন সমাজৰ দৰকাৰ সেই সমাজখন বিদ্য়ালয়ৰ মাজত গঢ়ি তুলিব লাগে। গতিকে এখন বিদ্য়ালয়ত সমাজৰ সমৃদ্ধ সম্ভাৰ ৰাশিৰে নিয়ন্ত্ৰিত পৰিবেশ সৃষ্টি কৰি শিক্ষাৰ্থীসকলক সক্ৰিয় অংশগ্ৰহণৰ মাজেৰে জ্ঞান আহৰণ কৰাত উৎসাহ যোগাব লাগে। এই অংশ গ্ৰহণৰ ফলত ব্য়ক্তিয়ে অকল সক্ৰিয় জ্ঞানেই অৰ্জন নকৰে, সহযোগ, সামাজিক চেতনা আৰু সামাজিক দক্ষতাও লাভ কৰে।

২০। ব্যক্তিকেন্দ্ৰিক লক্ষ্য কি? 

উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্য়ৰ  প্ৰধান সমৰ্থক হল ইংলেণ্ডৰ ছাৰ পাৰ্চিনান। পাৰ্চিনানৰ মতে এখন শিক্ষা আঁচনিৰ সাফল্য় নিৰ্ভৰ কৰে ব্য়ক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। ব্য়ক্তিৰ বিকাশ স্বাধীনভাৱে কৰা কাৰ্যকলাপৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁৰ মতে বিকাশশীল এটি শিশুক কিছুমান ব্য়ক্তিৰ দ্বাৰা গঠিত সমষ্টিৰ গড় হিচাপে বিবেচনা কৰা অনুচিত। ব্য়ক্তিতান্ত্ৰিক লক্ষ্য়ত বিশ্বাসীসকলৰ মতে সমাজৰ প্ৰতিজন মানুহকে তেওঁৰ স্বভাৱসুলভ গুণবোৰ বিকাশ কৰিবলৈ স্বাধীনতা দি ভৱিষ্য়তে বিভিন্ন দিশত মৌলিক বৰঙণি আগবঢ়াবৰ কাৰণে সাজু কৰি তুলিব লাগে। হাৰ্বাৰ্ট স্পেনচাৰৰ মতে সমাজৰ অস্তিত্বতকৈ ব্য়ক্তিৰ অস্তিত্ব অধিক প্ৰভাৱশালী। ব্য়ক্তি স্বাতন্ত্ৰক স্বীকাৰ কৰি লবই লাগিব আৰু শিক্ষাৰ সমগ্ৰ চেষ্টা ব্য়ক্তিমুখী হব লাগিব। প্ৰত্য়েক ব্য়ক্তিয়েই কেতবোৰ নিজস্ব দেহ-মানসিক ক্ষমতা নিজ নিজভাৱে বিকাশৰ সম্ভাৱনীয়তাৰে জন্ম গ্ৰহণ কৰে। শিক্ষাৰ দ্বাৰা এনেবোৰ ক্ষমতাৰেই সম্ভাৱনীয়তাৰ বিষয়ে অৱগত হোৱা আৰু তাৰ পূৰ্ণ বিকাশ লাভৰ প্ৰচেষ্টা চলোৱা উচিত। শিক্ষাৰ এনে আত্মবিকাশৰ ব্য়ৱস্থাৰ যোগেদিহে ব্য়ক্তিয়ে আত্ম উপলব্ধি কৰা আৰু আধ্য়ত্মিক পূৰ্ণতা প্ৰাপ্ত হোৱাতোও সম্ভৱ হৈ উঠিব পাৰে। 

২১। শিক্ষাৰ মূল লক্ষ্য দুটা কি কি? 

উত্তৰঃ শিক্ষাৰ মূল লক্ষ্য দুটা হ'ল-
(১) ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু 
(২) সমাজকেন্দ্ৰিক লক্ষ্য।

২২। সামাজিক যোগ্যতা কি? 

উত্তৰঃ শিক্ষাৰ সামাজিক লক্ষ্য় আন এক অৰ্থ আছে। এই দ্বিতীয় অৰ্থ অনুযায়ী শিক্ষাৰ সমাজ কেন্দ্ৰিক লক্ষ্য়ৰ মূল কথা হল সমাজ সেৱা কৰা আৰু সুনাগৰিক গঢ়া। গণতান্ত্ৰিক শিক্ষা ব্য়ৱস্থাত সমাজকেন্দ্ৰিক লক্ষ্য়ক এই অৰ্থতহে ব্য়ৱহাৰ কৰা হয়। ব্য়ক্তিগত আকাংক্ষা বা প্ৰয়োজনীয়তা আৰু সুনাগৰিক হিচাপে কৰিব লগা কৰ্তব্য়ৰ ক্ষেত্ৰত নাগৰিকৰ দায়িত্ব বা কৰ্তব্য়ই অগ্ৰাধিকাৰ পোৱা উচিত। অৰ্থাৎ ব্য়ক্তিয়ে সমাজৰ প্ৰয়োজনক ব্য়ক্তি স্বাৰ্থৰ ওপৰত স্থান দিব লাগে। Professor Bugley আৰু John Dewey এ এই লক্ষ্য় সমৰ্থন কৰি ব্য়ক্তিৰ সামাজিক যোগ্য়তা অৰ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 

২৩। শিক্ষাৰ বৃত্তিকেন্দ্ৰিক লক্ষ্য কি? 

উত্তৰঃ  ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ প্ৰধান সমৰ্থক হল ইংলেণ্ডৰ ছাৰ পাৰ্চিনান। পাৰ্চিনানৰ মতে এখন শিক্ষা আঁচনিৰ সাফল্য় নিৰ্ভৰ কৰে ব্য়ক্তিৰ শ্ৰেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। ব্য়ক্তিৰ বিকাশ স্বাধীনভাৱে কৰা কাৰ্যকলাপৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁৰ মতে বিকাশশীল এটি শিশুক কিছুমান ব্য়ক্তিৰ দ্বাৰা গঠিত সমষ্টিৰ গড় হিচাপে বিবেচনা কৰা অনুচিত। ব্য়ক্তিতান্ত্ৰিক লক্ষ্য়ত বিশ্বাসীসকলৰ মতে সমাজৰ প্ৰতিজন মানুহকে তেওঁৰ স্বভাৱসুলভ গুণবোৰ বিকাশ কৰিবলৈ স্বাধীনতা দি ভৱিষ্য়তে বিভিন্ন দিশত মৌলিক বৰঙণি আগবঢ়াবৰ কাৰণে সাজু কৰি তুলিব লাগে। হাৰ্বাৰ্ট স্পেনচাৰৰ মতে 'সমাজৰ অস্তিত্বতকৈ ব্য়ক্তিৰ অস্তিত্ব অধিক প্ৰভাৱশালী।' ব্য়ক্তি স্বাতন্ত্ৰক স্বীকাৰ কৰি লবই লাগিব আৰু শিক্ষাৰ সমগ্ৰ চেষ্টা ব্য়ক্তিমুখী হব লাগিব। প্ৰত্য়েক ব্য়ক্তিয়েই কেতবোৰ নিজস্ব দেহ-মানসিক ক্ষমতা নিজভাৱে বিকাশৰ সম্ভাৱনীয়তাৰ বিষয়ে অৱগত হোৱা আৰু তাৰ পূৰ্ণ বিকাশ লাভৰ প্ৰচেষ্টা চলোৱা উচিত। শিক্ষাৰ এনে আত্মবিকাশৰ ব্য়ৱস্থাৰ যোগেদিহে ব্য়ক্তিয়ে আত্ম উপলব্ধি কৰা আৰু আধ্য়াত্মিক পূৰ্ণতা প্ৰাপ্ত হোৱাটোও সম্ভৱ হৈ উঠিব পাৰে। 

২৪। শিক্ষাৰ লক্ষ্য ব্যক্তিৰ বিকাশ-- এই লক্ষ্যৰ দুজন সমৰ্থকৰ নাম উল্লেখ কৰা।

উত্তৰঃ

ঙ। সংক্ষিপ্ত উত্তৰ দিয়াঃ

১। "শিক্ষা জ্ঞান অৰ্জন প্ৰক্ৰিয়া"--এই সংজ্ঞা সম্পৰ্কে তোমাৰ অভিমত লিখা।

উত্তৰঃ দৈনন্দিন জীৱনৰ কথা বাৰ্ত্তাত আমি শিক্ষা শব্দটো অনেক ক্ষেত্ৰতেই ব্য়ৱহাৰ কৰো। সাধাৰণ ভাৱে শিক্ষা বুলি কওঁতে আমি কোনো এক বিশেষ জ্ঞান অৰ্জন কৰা বা কোনো এটি কৌশল অথবা দক্ষতা আয়ত্বীকৰণ প্ৰক্ৰিয়াক বুজা যায়। কোনো, কোনোৱে আকৌ কয় যে - শিক্ষা হল বিদ্য়ালয়ৰ নিৰ্দ্ধাৰিক পাঠ্য়পুথিৰ পৰা লাভ কৰা জ্ঞান। সাধাৰণ মানুহৰ এই ধাৰণা অনুযায়ী শিক্ষা হৈছে ডিগ্ৰী - ডিপ্লমা অৰ্জনৰ নামান্তৰ। এই অৰ্থত শিক্ষা বিদ্য়ালয়ত আৰম্ভ হয় আৰু তাতেই তাৰ পৰি সমাপ্তি ঘটে। এই ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰীসকল হল জ্ঞান দাতা আৰু শিক্ষাৰ্থীসকল গ্ৰহিতা। শিক্ষক - শিক্ষয়িত্ৰীসকলে অপৰিণত শিক্ষাৰ্থীৰ শূন্য় মন জ্ঞান সম্পদেৰে পৰিপূৰ্ণ কৰিতোলে। এই দিশৰ পৰা শিক্ষা হল একমুখী প্ৰক্ৰিয়া। এইক্ষেত্ৰত শিক্ষাৰ্থী সকল হল নিষ্ক্ৰিয় শ্ৰোতা বা গ্ৰহণ কৰোতা। আন কিছুমানৰ মতে ব্য়ক্তিগত প্ৰচেষ্টাত আমি যি জ্ঞান অৰ্জন কৰো সেয়ে শিক্ষা। 

২। শিক্ষাক অভিজ্ঞতাৰ পুনঃসংগঠনৰ প্ৰক্ৰিয়া বুলি কিয় কোৱা হয়।

উত্তৰঃ

৩। তুমি গ্ৰহযোগ্য বুলি ভাবা শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ


৪। সংকীৰ্ণ অৰ্থত শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল-

(১) সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে কোনো বিষয় ৰ তাত্ত্বিক জ্ঞান আহৰণ কৰা। বিদ্যালয়ৰ অভিজ্ঞ ব্যক্তি অৰ্থাৎ শিক্ষকৰ প্ৰভাৱত কোনো পাঠ, অনুশীলন কৰা বা আয়ত্ব কৰাই হৈছে শিক্ষা। এই অৰ্থত যিজন ব্যক্তিয়ে এনে ধৰণৰ কোনো বিশেষ পাঠ্যক্ৰম আয়ত্ব কৰিব নোৱাৰে তেওঁ সমাজৰ অশিক্ষিত শ্ৰেণীভূক্ত।

(২) সংকীৰ্ণ অৰ্থত শিক্ষা হ'ল অপৰিৱৰ্তনীয় আৰু স্থিতিশীল বিষয়। শিক্ষকৰ কাম হ'ল পূৰ্ণাংগ, জ্ঞান, শিক্ষাৰ্থীৰ হাতত তুলি দিয়া। জ্ঞানৰ পৰিৱৰ্তন সাধন কৰা শিক্ষক বা শিক্ষাৰ্থী কাৰো পক্ষে সম্ভৱ নহয় বা প্ৰয়োজন নহয়। অৰ্থাৎ সংকীৰ্ণ অৰ্থত শিক্ষাৰ বিষয়বস্তু হ'ব স্থিতিশীল।


৫। সংকীৰ্ণ অৰ্থত গৃহীত শিক্ষাৰ এটা সংজ্ঞা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ  

৬। ব্যাপক অৰ্থত শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ব্যাপক অৰ্থক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল-

(১) ব্যাপক অৰ্থত শিক্ষাৰ কাম হ'ল জীৱনৰ পৰিপূৰ্ণ বিকাশ সাধন কৰা আৰু অন্তৰ্নিহিত সম্ভাৱনাসমূহৰ প্ৰকাশ কৰা। ব্যক্তি জীৱনৰ এই বিকাশৰ প্ৰক্ৰিয়া জীৱন ব্যাপ্ত। অৰ্থাৎ এই অৰ্থত শিক্ষা নিৰ্দিষ্ট সময়ত গণ্ডীত আৱদ্ধ নহয়।

(২) ব্যাপক অৰ্থত শিক্ষা হ'ল এক সমাযোজনৰ প্ৰক্ৰিয়া। শিক্ষাই ব্যক্তিক পৰিৱৰ্তনশীল আৰু গতিশীল পৰিৱেশৰ লগত সাৰ্থক সমাযোজনত সহায় কৰে।

(৩) ব্যাপক অৰ্থত শিক্ষাই হ'ল জীৱন আৰু জীৱনেই হ'ল শিক্ষা। অৰ্থাৎ বাস্তৱ জীৱন পৰিস্তিতিত লাভ কৰা অভিজ্ঞতাৰ সমষ্টিয়েই হৈছে শিক্ষা।

(৪) ব্যাপক অৰ্থত শিক্ষা হ'ল অভিজ্ঞতাৰ পুনৰ্বিন্যাস। পৰিৱেশৰ বৈচিত্ৰ্যময় পাঠগাৰৰ পৰা মানুহে প্ৰতি মুহূৰ্ততে নতুন নতুন অভিজ্ঞতা আহৰণ কৰে। গতিকে শিক্ষাবিহীন মানুহৰ কথা আমি কল্পনা কৰিব নোৱাৰো।

(৫) প্ৰতি নতুন অভিজ্ঞতাৰ বৈশিষ্ট্য হ'ল ই প্ৰাণীৰ বৰ্তমান আচৰণ পৰিৱৰ্তন সাধন কৰে। অৰ্থাৎ শিক্ষাই পুৰণি আচৰণ সম্পন্ন কৰাৰ যোগ্যতা অৰ্জন কৰাত সহায় কৰে।

৭। অনিয়ন্ত্ৰিত শিক্ষা কিয় শিক্ষক নিৰ্ভৰ নহয় লিখা।

উত্তৰঃ এক জীৱন ব্য়াপ্ত প্ৰক্ৰিয়া হিচাপে শিক্ষা ব্য়ক্তিৰ জীৱনত জন্মৰ পৰা আৰম্ভ হৈ মূত্য়ু পৰ্য্য়ন্ত অবিৰতভাৱে চলি থাকে। নিজৰ অস্তিত্ব ৰক্ষা আৰু জীৱনৰ বিভিন্ন চাহিদাসমূহ পূৰণৰ বাবে অনেক ক্ষেত্ৰত অনিয়ন্ত্ৰিত জীৱন পৰিৱেশৰ পৰা শিশুৱে বিভিন্ন জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ব কৰে। অৰ্থাৎ জীৱনৰ প্ৰয়োজনীয় জ্ঞান অভিজ্ঞতাসমূহ শিশুৱে জীৱন পৰিৱেশৰ পৰা স্বতঃৰ্ফূতভাৱে আয়ত্ব কৰে। অনিয়ন্ত্ৰিত পৰিৱেশৰ পৰা শিশুৱে যি জ্ঞান অভিজ্ঞতা আয়ত্ব কৰে তাকে অনিয়ন্ত্ৰিত শিক্ষা বুলি কোৱা হয়। অনিয়ন্ত্ৰিত শিক্ষাৰ ক্ষেত্ৰত শিক্ষালয়, পাঠ্য়ক্ৰম, সমসীমা ইত্য়াদি কোনো বিষয়ৰ ক্ষেত্ৰতেই কোনো বাধ্য়বাধকতা নাথাকে। অৰ্থাৎ অনিয়ন্ত্ৰণত শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ উপাদানসমূহৰ ওপৰত কোনো সচতন নিয়ন্ত্ৰণ কৰা নহয়। 

৮। অগতানুগতিক শিক্ষা কাক বোলে?

উত্তৰঃ অগতানুগতিক শিক্ষা এনে এবিধ শিক্ষা, যাক আনুষ্ঠানিক শিক্ষা গণ্ডীৰ বাহিৰত নিৰ্বাচিত কেতবোৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত কম সময়ৰ বিতৰত দিয়া হয়।

৯। অগতানুগতিক শিক্ষাৰ কেইটামান শিক্ষা প্ৰতিষ্ঠানৰ নাম লিখা।

উত্তৰঃ এই শিক্ষা ব্য়ৱস্থা অনানুষ্ঠানিক শিক্ষাৰ দৰে সহজ, সৰল আৰু সম্পূৰ্ণ বাধাহীন বা নিয়ন্ত্ৰণমুক্ত নহয়, আনহাতেদি আনুষ্ঠানিক শিক্ষাৰ দৰে নীতি নিয়মৰ কঠোৰ বন্ধনটো আৱদ্ধ নহয়। অৰ্থাৎ এই শিক্ষাব্য়ৱস্থা অনানুষ্ঠানিক শিক্ষা পৰ্যায়ৰো নহয়, অৰ্থা  স্বাভাৱিক পৰিৱেশত ঘৰ, সমাজ বা পৰিৱেশৰ লগত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলনহয় আৰু আনুষ্ঠানিক শিক্ষাৰ ধৰা-বন্ধা নীতি-নিয়মবোৰৰ ভিতৰুৱাও নহয়। কিন্তু আনুষ্ঠানিক শিক্ষাৰ তুলনাত এই শিক্ষাব্য়ৱস্থাৰ লক্ষ্য় অনেক সংকীৰ্ণ। এই শিক্ষাব্য়ৱস্থাত শিক্ষক, শিক্ষাৰ্থী, পাঠ্য়ক্ৰম, বিদ্য়ালয় আদি শিক্ষাৰ উপাদানসমূহৰ ওপৰত নিয়ন্ত্ৰণ থাকিলেও এইনিয়ন্ত্ৰণ অনমনীয় নহয়। ই বিদ্য়ালয়ৰ চাৰিবেৰাৰ মাজত আৱদ্ধ নহয়। মুঠতে যি শিক্ষা বিদ্য়ালয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ নহয়, কিন্তু কোনো শিক্ষা প্ৰতিষ্ঠানৰ আংশিক নিয়ন্ত্ৰণ থাকে তাকে অগতানুগতিক শিক্ষা বুলি কব পৰা যায়।


১০। দুৰ শিক্ষা কি? 

উত্তৰঃ যি শিক্ষা দূৰৰ পৰা প্ৰদান কৰা হয় তাকে দুৰ শিক্ষা বোলা হয়। 

১১। বিদ্যালয় বৰ্হিভূত শিক্ষাৰ্থী কাক বোলে? 

উত্তৰঃ অনিয়ন্ত্ৰিত শিক্ষা বিদ্য়ালয়ৰ বাহিৰত সংঘঠিত হয়। এই শিক্ষা বিদ্য়ালয় গৃহৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ নহয়। বৃহত্তৰ সমাজ, পৰিয়াল বা শিক্ষাৰ্থীৰ স্বাভাৱিক জীৱন পৰিৱেশ সকলোৱেই বিদ্য়ালয়ৰ ভূমিকা গ্ৰহণ কৰে। শিক্ষাৰ্থীয়ে যিকোনো স্থানত, যিকোনো সময়তেই শিক্ষা লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে আনকি ৰাস্তাত যান-বাহনৰ ভ্ৰমন কৰোতে বিভিন্ন ব্য়ক্তিৰ আচাৰ-আচৰণৰ পৰা বা ৰাস্তাৰ কাষৰ দেৱাল লিখন আদিৰ পৰাও শিক্ষা লাভ কৰিব পৰা যাস। অৰ্থাৎ অনিয়ন্ত্ৰিত শিক্ষা বিদ্য়ালয়ৰ আনুষ্ঠানিক শিক্ষা ব্য়ৱস্থা দৰে বিশেষ উদ্দেশ্য়ৰে সুনিৰ্দ্দিষ্ট নহয়। 

১২। নিয়ন্ত্ৰিত শিক্ষা কাক বোলে?

উত্তৰঃ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সমূহত শিক্ষাৰ্থী সকলক সূপাৰিকল্পিত আৰু উদ্দেশ্য প্ৰনদিত  ভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে অনুষ্ঠানিক বা নিয়ন্ত্ৰিত শিক্ষা বোলে । অনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত   সময়সূচী , পাঠ্যক্ৰম  , পৰীক্ষা ব্যবস্থা, নীতি নিয়ম , অনুশাসনৰ দ্বাৰা নিয়ন্ত্ৰিত । অনুষ্ঠানিক শিক্ষাত ডিগ্ৰী ,  ডিপ্লমা,  চাৰ্টিফিকেট প্ৰদান কৰা হয় ।
১৩। বিদ্যালয় কি? 

উত্তৰঃ এক বা একাধিক শিক্ষক বা অন্য়ান্য় শিক্ষা কৰ্মীৰ তত্ত্বাৱধানত এক নিদিষ্ট আচবাব পত্ৰযুক্ত, বাসগৃহ, নিদিষ্ট পাঠ্য়ক্ৰম অনুশীলনৰত শিক্ষাৰ্থীৰ সমষ্টিয়েই হল বিদ্য়্য়ালয়।

১৪। অগতানুগতিক শিক্ষাৰ দুটা সংস্থাৰ নাম লিখা।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা সংস্থাৰ নাম হ'ল-

১৫। অনিয়ন্ত্ৰিত শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অনিয়ন্ত্ৰিত শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল-

(১) নিয়ন্ত্ৰনহীন শিক্ষাঃ অনিয়ন্ত্ৰিত অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য হ'ল- এই শিক্ষাত কোনো প্ৰকাৰৰ সচেতন নিয়ন্ত্ৰণ আৰোপ কৰা নহয়। অৰ্থাৎ অনিয়ন্ত্ৰিত শিক্ষা, শিক্ষাৰ্থী, শিক্ষক, পাঠ্যক্ৰম, শিক্ষালয় ইত্যাদি উপাদানসমূহৰ ওপৰত কোনো বাধা নিষেধ নাথাকে।

(২) শিক্ষক নিৰ্ভৰ নহয়ঃ অনিয়ন্ত্ৰিত শিক্ষাত শিক্ষা দানৰ দায়িত্ব কোনো এজন ব্যক্তিৰ ওপৰত ন্যস্ত কৰা নহয়। পিতৃ-মাতৃ বা অন্য যি কোনো বয়সৰ ব্যক্তিয়ে অনিয়ন্ত্ৰিত শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। এই শিক্ষাত শিক্ষকৰ ভূমিকা মূলতঃ নিষ্ক্ৰিয়। 

চ। চমুকৈ লিখা (প্ৰতি প্ৰশ্ন মূল্যমান ৪ নম্বৰ)ঃ

১। অগতানুগতিক শিক্ষা কি? এই শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ এই শিক্ষা ব্যৱস্থাত শিক্ষক, শিক্ষাৰ্থী, পাঠ্যক্ৰম, বিদ্যলয় আদি শিক্ষাৰ উপাদানসমূহৰ ওপৰত নিয়ন্ত্ৰণ থাকিলেও এই নিয়ন্ত্ৰণ অনমনীয় নহয়। অ বিদ্যলয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ নহয়, কোনো শিক্ষা প্ৰতিষ্ঠানৰ আংশিক নিয়ন্ত্ৰণ থাকে তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।  

অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল-

(১) প্ৰাসঙ্গিকতা ঃ অগতানুগতিক শিক্ষাৰ কাৰ্যসূটূসমূহ প্ৰয়োজন ভিত্তিক। বিভিন্ন পৰিৱেশ, পৰিস্থিতি আৰু শিক্ষাৰ্থীৰ চাহিদা অনুসৰি এই শিক্ষাৰ ব্যৱস্থা কৰা হয়।

(২) ব্যৱহাৰিকতাঃ অগতানুগতিক শিক্ষাৰ অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ প্ৰধানতঃ ব্যৱহাৰিক। বিভিন্ন কাৰ্যকৰী বিষয়ৰ ওপৰত ইয়াত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

৩। কম ব্যয় সাপেক্ষেঃ এই শিক্ষাব্যৱস্থা যথেষ্ট মিতব্যয়ী। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ তুলনাত অগতানুগতিক শিক্ষাৰ খৰচ যথেষ্ট কম।

৪। সুপৰিকল্পিতঃ অগতানুগতিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এই অনানুষ্ঠানিক শিক্ষাৰ দৰে অনিৰ্ধাৰিত নহয়। এই শিক্ষা সুপৰিকল্পিত।

৫। বয়স আৰু সময়ৰ নিৰ্ধাৰিত সীমা নাইঃ অগতানুগতিক শিক্ষাৰ নিৰ্ধাৰিত বয়স আৰু সময়সীমা নাথাকে। যিকোনো বয়সৰ লোকেই এই শিক্ষা গ্ৰহণ কৰিব পাৰে।  সেইদৰেই শিক্ষাৰ্থীয়ে নিজৰ সুবিধামতে অন্যান্য কামৰ মাজতে নিজ সময় অনুযায়ী শিক্ষা গ্ৰহণ কৰিব পাৰে।

২। অগতানুগতিক শিক্ষাৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ উদ্দেশ্য়সমূহ হৈছে-

(১) স্কুললৈ নোযোৱাকৈ থকা লৰা-ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাৰ সাৰ্বজনীন ৰূপ দিয়া।

(২) জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্য়ক্তি গঢ় দি তোলা।

(৩) স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্য়ৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্য়ক্তিসকল নিজ নিজ বৃত্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।

(৪) সমগ্ৰ দেশৰ আঞ্চলিক, ৰাজ্য়িক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্য়াসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা।

(৫) জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাব গঢ় দিবৰ বাবে বাঞ্চিত ব্য়ক্তিগত আৰু সামাজিক অভ্য়াস গঠনত সহায় কৰা।

(৬) দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্বকৰণত সহায় কৰা। 

৩। অগতানুগতিক শিক্ষাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ  আনুষ্ঠানিক শিক্ষাৰ অনেক ত্ৰুটি দূৰ কৰিবৰ বাবেই অগতানুগতিক শিক্ষাৰ বিকাশ হৈছিল। বিদ্য়ালয়ৰ চাৰিবেৰৰ বাহিৰত এই শিক্ষা লাভ কৰিব পাৰিলেও এই শিক্ষা সুসংগঠিত আৰু সুৰপৰিকল্পিত। অগতানুগতিক শিক্ষাৰ পৰিধি অতি ব্য়াপক। এই শিক্ষাৰ জীৱন কেন্দ্ৰিক শিক্ষা বুলি কোৱা যায়। ইয়াৰ পৰিসৰ নিম্ন উল্লেখিত ধৰণে ব্য়াখ্য়া কৰা যায়।

(১) আনুষ্ঠানিক শিক্ষাৰ কেতবোৰ আঁচনি তথা কাৰ্যপন্থা অগতানুগতিক শিক্ষাই সামৰি লয়। উদাহৰণস্বৰূপে -

(ক) প্ৰাথমিক বিদ্য়ালয় ছাত্ৰ-ছাত্ৰী আঁচনি।

(খ) ৬-১৪ বছৰৰ লৰা ছোৱালী বাবে প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণ।

(গ) মাধ্য়মিক শিক্ষাৰ বাবে পূৰ্ণ আৰু অংশকালীন শিক্ষাৰ বিকাশ।

(ঘ) বিশ্ববিদ্য়ালয় পৰ্যায় অগতানুগতিক শিক্ষাৰ প্ৰচলন।

(২) অগতানুগতিক শিক্ষাৰ আঁচনিসমূহ হৈছে-

(ক) বৃত্তিমূলক দক্ষতাৰ প্ৰশিসণ। (খ) কাৰ্যকৰী স্বাক্ষৰতা। (গ) উপভোক্তা শিক্ষা। (ঙ) পৰিৱেশ শিক্ষা। (চ) পুষ্টি শিক্ষা।

৪। অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ কি?  

উত্তৰঃ অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ হৈছে-

(১) এই শিক্ষাই ব্য়ক্তিক সক্ৰিয়, গতিশীল আৰু সৌন্দৰ্য বোধ সম্পন্ন কৰি গঢ় কৰি তোলে।

(২) বিভিন্ন গণমাধ্য়মৰ যোগেদি শিক্ষা দিব পাৰি।

(৩) শিক্ষা প্ৰদানত প্ৰত্য়ক্ষ শিক্ষকতকৈ পৰোক্ষ মাধ্য়মেৰে প্ৰদান কৰা হয়।

৫। অগতানুগতিক শিক্ষাৰ কেইটামান সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ 

৬। শিক্ষাৰ বৃত্তিমূলক লক্ষ্যটো সংক্ষেপে লিখা।

উত্তৰঃ শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক ধাৰণা অনুযায়ী ব্য়ক্তিৰ পৰিপূৰ্ণ বিকাশ সাধন কৰাই শিক্ষাৰ একমাত্ৰ লক্ষ্য় হোৱাৰ উচিত। ব্য়ক্তিৰ এই বিকাশ সাধনৰ প্ৰচেষ্টাত সমাজে যাতে বাহিৰৰ পৰা কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰিব নোৱাৰে তাৰ বাবে ব্য়ক্তিস্বাতন্ত্ৰ্য়বাদীসকল সতৰ্ক আছিল। 
সংক্ষেপে কবলৈ গলে ব্য়ক্তিকেন্দ্ৰিক ধাৰণা অনুযায়ী শিক্ষাৰ একমাত্ৰ লক্ষ্য় হৈছে ব্য়ক্তি জীৱনৰ উন্নতি সাধন কৰা। এজন সুশিক্ষিত ব্য়ক্তিয়েহে সমাজত নিজৰ যোগ্য়তা উপলব্ধি কৰিব পাৰে আৰু নিজৰ সামাজিক দায়িত্বসমূহ সাৰ্থকভাৱে পালন কৰিব পাৰে। গতিকে শিক্ষাৰ প্ৰধান লক্ষ্য় হৈছে সমাজ নিৰপেক্ষভাৱে ব্য়ক্তিক তেওঁৰ নিজস্ব দৈহিক, মানসিক, আৱেগিক, আধ্য়াত্মিক উত্য়াদি বিভিন্ন দিশসমূহৰ সাৰ্থক বিকাশত সহায়তা কৰা। যি ব্য়ক্তিৰ জীৱনত এই ধৰণৰ সাৰ্থকতা লাভ হৈছে তেৱেই প্ৰকৃত শিক্ষিত লোক। সেয়েহে আদৰ্শগত দিশৰ পৰা শিক্ষাৰ লক্ষ্য় হব শিভাৰ্থীৰ একান্ত নিজস্ব গুণসমূহৰ বিকাশত সহায়তা কৰা।  

৭। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মূলনীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক ধাৰণা অনুযায়ী ব্য়ক্তিৰ পৰিপূৰ্ণ বিকাশ সাধন কৰাই শিক্ষাৰ একমাত্ৰ লক্ষ্য় হোৱা উচিত। ব্য়ক্তিৰ এই বিকাশ সাধনৰ প্ৰচেষ্টাত সমাজে যাতে বাহিৰৰ পৰা কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰিব নোৱাৰে তাৰ বাবে ব্য়ক্তি স্বাতন্ত্ৰ্য়বাদীসকল সতৰ্ক আছিল। তেওঁলোকৰ মতে প্ৰতিজন ব্য়ক্তিৰ কল্য়াণৰ মাধ্য়মেৰেহে সমাজৰ কল্য়াণ সাধন সম্ভৱ হব পাৰে। ব্য়ক্তিৰ কল্য়াণৰ বাবেহে সমাজৰ সৃষ্টি হৈছে। শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ই প্ৰত্য়েক ব্য়ক্তিক এক বিকাশযোগ্য় জৈৱিক অস্তিত্ব স্বৰূপে বিবেচনা কৰে। এই ক্ষেত্ৰত শিক্ষাৰ কাম হৈছে, ব্য়ক্তিৰ বিকাশ দুই ধৰণৰে হব পাৰে - (১) আত্ম উপলব্ধি আৰু (২) আত্ম প্ৰকাশৰ মাধ্য়মেৰে। প্ৰত্য়েকজন ব্য়ক্তিৰেই নিজ নিজ দেহ-মানসিক গুণ বা ক্ষমতা থাকে। এই গুণ বা ক্ষমতাসমূহে এজন  ব্য়ক্তিক আন এজন ব্য়ক্তিৰ পৰা পৃথক কৰে। এই ক্ষেত্ৰত শিক্ষাৰ লক্ষ্য় হৈছে - ব্য়ক্তিৰ অন্তৰ্নিহিত এই গুণসমূহৰ উপযুক্ত আৰু স্বাভাৱিক বিকাশ সাধন কৰা। ব্য়ক্তিকেন্দ্ৰিক ধাৰণা অনুযায়ী শিক্ষাৰ একমাত্ৰ লক্ষ্য় হৈছে ব্য়ক্তি জীৱনৰ উন্নতি সাধন কৰা। শিক্ষাৰ প্ৰধান লক্ষ্য় হৈছে সমাজ নিৰপেক্ষভাৱে ব্য়ক্তিক তেওঁ নিজস্ব দৈহিক, মানসিক, আৱেগিক, আধ্য়াত্মিক ইত্য়াদি বিভিন্ন দিশসমূহৰ সাৰ্থক বিকাশত সহায়তা কৰা। যি ব্য়ক্তিৰ জীৱনত এই ধৰণৰ সাৰ্থকতা লাভ হৈছে, তেৱেই প্ৰকৃত শিক্ষিত লোক।   

৮। সামাজিকভাৱে যোগ্য ব্যক্তি এজনৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ সামাজিকভাৱে যোগ্য ব্যক্তি এজনৰ বৈশিষ্ট্যসমূহ তলত ব্যাখ্যা কৰা হ'ল-
(১) ব্যক্তিজন অৰ্থনৈতিকবাৱে স্বাৱলম্বী হ'ব লাগিব।
(২) সমাজক বাদ দি ব্যক্তিৰ কোনো পৃথক অস্তিত্ব থাকিব নোৱাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত সমাজৰ চাহিদা বা প্ৰয়োজন সমূহ পূৰণ কৰি ব্যক্তিৰ চাহিদাসমূহৰ কৰিব পৰা যায়।
(৩) ব্যক্তিৰ অনেক চাহিদাৰ পূৰণ সামাজিক পটভূমিতহে সম্ভৱ হ'ব পাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত সামাজিক দিশটোৱে গুৰুত্ব লাভ কৰা উচিত ।
(৪) ব্যক্তিৰ কল্যাণৰ বাবেই সমাজৰ সৃষ্টি। গতিকে সমাজৰ কল্যাণ ব্যক্তি কল্যাণৰ পৰিপন্থী হ'ব নোৱাৰে।
(৫) আধুনিক অৰ্থত শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যই ব্যক্তিৰ সামাজিক যোগ্যতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।   

৯। শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য কেইটা উল্লেখ কৰা।

উত্তৰঃ ইংৰাজী Democracy শব্দটো দুটা গ্ৰীক শব্দ 'Demos' আৰু 'Kratos' শব্দৰ পৰা উদ্ভৱ হৈছে। Demos' শব্দৰ অৰ্থ হল 'জনসাধাৰণ' আৰু 'Kratos' শব্দৰ অৰ্থ হল 'ক্ষমতা'। গতিকে Democracy শব্দৰ উৎপত্তিগত অৰ্থ হল 'জনসাধাৰণৰ শক্তি'। প্ৰাচীন দাৰ্শনিক এৰিষ্টটলে 'Aristole'- এ গণতন্ত্ৰৰ সংজ্ঞা দিবলৈ গৈ কৈছিল ''a goverment of the many''। গতিকে প্ৰাচীন কালৰ পৰাই ৰাষ্ট্ৰ শাসনৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ধাৰণাৰ প্ৰয়োগ কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ সংজ্ঞা আগবঢ়াই কৈছিল- ''Democ-racy'' is rule of the people, by the people and for the people অৰ্থাৎ জনগণৰ স্বাৰ্থত, জনগণৰ দ্বাৰা গঠিত শাসন ব্য়ৱস্থাক গণতন্ত্ৰ বুলি কোৱা হয়। গণতন্ত্ৰৰ এই ধৰণৰ ধৰণৰ সংজ্ঞাই ইয়াৰ অৰ্থক অনেক সংকীৰ্ণ কৰে। গণতন্ত্ৰ কেৱল এক ৰাষ্ট্ৰ শাসন পদ্ধতিয়েই নহয়। ই হৈছে প্ৰকৃততে এক সমাজ দৰ্শন। 

ছ। চমুকৈ লিখা (প্ৰতি প্ৰশ্ন মূল্যামান ৬ নম্বৰ)

১) শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা কি? এই লক্ষ্য স্থায়ী নে? আলোচনা কৰা।

উত্তৰঃ শিক্ষাৰ কাৰ্যকৰী আঁচনি হাতত লোৱাৰ আগেয়ে তাৰ লক্ষ্য় বা উদ্দেশ্য় স্থিৰ কৰি লোৱাতো অতি প্ৰয়োজনীয় কথা। সাগৰৰ মাজত লক্ষ্য়বিহীনজাহাজ যেনেকৈ বিপদৰ সন্মুখীন হবলগা হয় সেইদৰে আমাৰ শিক্ষা লক্ষ্য়বিহীন হলেও জীৱন পথভ্ৰষ্ট আৰু বিপদাপন্ন হৈ পৰিব পাৰে। ফলত বিকাশৰ গতি অনিৰ্দিষ্ট আৰু খেলিমেলি হৈ পৰে। শিক্ষাৰ নিৰ্দিষ্ট আৰু স্থিৰ লক্ষ্য়ইহে বিকাশৰ গতি শুদ্ধ আৰু সফল কৰি তোলে। লক্ষ্য়ৰ প্ৰতি সচেতন হলেহে যাত্ৰাপথৰ-বিপদ-বিঘিনি আদি সহজে অতিক্ৰম কৰিব পাৰে। লক্ষ্য়ৰ সচেতনতাইহে আমাৰ ক্ৰিয়া অৰ্থপূৰ্ণ কৰি তোলে। লক্ষ্য়ৰ আক্ষা-আকাংশই আমাক যোগাই কৰ্মৰ প্ৰেৰণা। ছাত্ৰসকলে লক্ষ্য় প্ৰতি সচেতন আৰু আশীবাদী হোৱা বাবেহে শিক্ষাৰ আহৰণৰ কঠিন প্ৰচেষ্টাৰ প্ৰতি নিজকে দেহ-মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পাৰে। 

লক্ষ্য় কেৱল মাথোন নিষ্ক্ৰিয় লোকৰ দুৰ্বল কৰ্মবিমুখ চিন্তা বুলি কব নোৱাৰি। প্ৰকৃতপক্ষে লক্ষ্য়ইহে সকলো বিজ্ঞানসন্মত কাৰ্য প্ৰদ্ধতিৰ গতি নিৰ্ণয় কৰে। নিজ লক্ষ্য় অনুযায়ীহে কৰ্ম-আঁচনি যুগুত কৰি তাৰ পৰ্যায়ক্ৰম ক্ৰিয়া ব্য়ৱস্থা কৰা হয়। শিক্ষাৰ বেলিকাও এই কথা বিশেষভাৱে প্ৰয়োজ্য়। শিক্ষক আৰু শিক্ষাবিদসকলে শিক্ষাৰ লক্ষ্য় স্থিৰ কৰিহে পাঠ্য়ক্ৰম, পাঠদান পদ্ধতি, শিক্ষাৰ সঁজুলি, শিক্ষা-কাল, পৰীক্ষা ব্য়ৱস্থা আদি নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ উপৰি শিক্ষাৰ লক্ষ্য়ই আমাক প্ৰগতি মাত্ৰা আৰু প্ৰৰিণাম নিৰ্ণয় কৰাটো সহায় কৰে। শিক্ষাৰ কাৰ্যকৰী দিশত কিমান সফলতা বা বিফলতা লাভ কৰা হয় তাক নিৰ্দিষ্ট লক্ষ্য় প্ৰতি চকু ৰাখিহে বিচাৰ কৰি চাব পাৰি। এই দৃষ্টিকোণৰ পৰা কব পাৰি যে শিক্ষাৰ লক্ষ্য়ই ইয়াৰ প্ৰগতিৰ মাপকাঠি নিৰ্ণয় কৰে।    

২) শিক্ষাৰ প্ৰধান লক্ষ্যসমূহ কি কি? তোমাৰ বাবে গ্ৰহণযোগ্য এটা লক্ষ্যৰ বিষয়ে যুক্তি সহকাৰে ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষাৰ প্ৰধান লক্ষ্য়সমূহ হৈছে-

(১) ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য় আৰু

(২) সমাজকেন্দ্ৰিক লক্ষ্য়।

শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য় ঃ শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্য়ক্তিকেন্দ্ৰিক মতবাদৰ ঠিক বিপৰীতধৰ্মী আন এক মতবাদ বিভিন্ন সময়ত প্ৰত্য়ক্ষ কৰা হৈছিল। শিক্ষা বিজ্ঞানৰ ইতিহাসত ইয়াক সমাজতান্ত্ৰিক মতবাদ বুলি অভিহিত কৰা হয়। ব্য়ক্তিৰ সকলো প্ৰকাৰৰ নিৰাপত্তা সমাজ জীৱনতহে সম্ভৱ হয়। সমাজৰ কল্য়াণ সাধন কৰাই শিক্ষাৰ একমাত্ৰ উদ্দেশ্য় হব লাগে। সমাজ জীৱন পুষ্ট হলে ব্য়ক্তি জীৱন স্বতঃস্ফূৰ্তভাৱে পৰিপুষ্ট হৈ উঠাই স্বাভাৱিক। কাৰণ ব্য়ক্তি হৈছে সমাজৰেই একোটা একক। শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য়ৰ বিকাশৰ ধাৰা অনুশীলন কৰিলে দেখা যায় এই লক্ষ্য়ই ইয়াৰ চৰম ৰূপত পুৰণি গ্ৰীচ দেশৰ স্পাৰ্টা নগৰীৰ শিক্ষা ব্য়ৱস্থাত কাৰ্যকৰী কৰা হৈছিল। নিজ দেশৰ প্ৰতি শ্ৰম, আনুগত্য়, অনুশাসন আৰু চৰম আত্মত্য়াগৰ মনোভাৱ গঢ়ি তোলাটোৱেই শিক্ষাৰ উদ্দেশ্য় আছিল। সেইদৰেই দ্বিতীয় মহাযুদ্ধৰ আগৰ জাৰ্মানীৰ শিক্ষা ব্য়ৱস্থাতো ৰাষ্ট্ৰৰ আধিপত্য় স্বীকাৰ কৰি লোৱা হৈছিল। সেইদৰেই ৰোমান কেথলিক ভাবধাৰাতো শিক্ষাৰ চৰম সমাজতান্ত্ৰিক লক্ষ্য়ৰ নিদৰ্শন দেখা যায়। শিক্ষাদাৰ্শনিক জন ডিউয়ে তেওঁৰ 'Democracy and Education' নামৰ বিখ্য়াত গ্ৰন্থৰ দ্বাৰা সমাজকেন্দ্ৰিক লক্ষ্য়ৰ এই উদাৰ দৃষ্টিভংগী ডাঙি ধৰিছিল। জন ডিউইৰ মতে শিক্ষাৰ লক্ষ্য় হৈছে শিক্ষাৰ্থীক সামাজিক যোগ্য়তা প্ৰদান কৰা। এই সামাজিক যোগ্য়তাৰ লগত বৃত্তিমূলক যোগ্য়তা আৰু সুনাগৰিকতামূলক যোগ্য়তাৰ দ্বাৰা ব্য়ক্তিয়ে আৰ্থিক স্বাৱলম্বীতা লাভ কৰে আৰু সুনাগৰিকতামূলক যোগ্য়তাৰ দ্বাৰা ব্য়ক্তিয়ে আনৰ লগত যোগ্য়তাৰে অভিজ্ঞতাৰ আদান-প্ৰদান কৰাৰ যোগ্য়তা আহৰণ কৰে। এই সমাজতান্ত্ৰিক লক্ষ্য়ৰ পৃষ্ঠপোষকসকলৰ ভিতৰত হাবাৰ্চ স্পেনচাৰ আৰু ৰচ, বাগলি, ডিউই, গান্ধীজী আদি শিক্ষাবিদসকলৰ নাম বিশেষভাৱে উল্লেখযোগ্য়।

৩) শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য কি? এই লক্ষ্যৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্য়ক্তিৰ বিকাশৰ ধাৰণাই প্ৰাচীন কালৰ পৰা আধুনিক কাল পৰ্যন্ত গুৰুত্বলাভ কৰি আহিছে। শিক্ষাৰ মূল উদ্দেশ্য় হৈছে ব্য়ক্তিৰ বিকাশ সাধন কৰা। ব্য়ক্তিৰ কল্য়ানৰ বাবেই সমাজৰ সৃষ্টি। চক্ৰেটিচ, প্লেটো, ডেকাৰ্ত, ৰুচো প্ৰভৃতিৰ মহান চিন্তাবিদসকলৰ চিন্তাধাৰাত ব্য়ক্তিৰ বিকাশৰ গুৰুত্বই প্ৰকাশ লাভ কৰিছিল। এথেন্সৰ চোফিষ্টসকলৰ মতে, মানুহেই সকলো পৰিমাপক তেওঁলোকৰ মতে ব্য়ক্তিয়েই হল উন্নতিৰ মাপকাঁঠি ব্য়ক্তিৰ স্বাধীন চিন্তা আৰু বিচাৰ শক্তিৰ বিকাশেই আছিল তেওঁলোকৰ শিক্ষাৰ প্ৰধান উদ্দেশ্য়। তেওঁলোকৰ মতে ব্য়ক্তিয়ে নিজৰ স্বাধীনতা চিন্তা আৰু যুক্তিৰ দ্বাৰা সমাজক প্ৰভাৱিত কৰিব পাৰে। ৰুচোৰ মতে প্ৰাকৃতিক পৰিৱেশত শিশুৰ প্ৰকৃতিগত মুক্ত বিকাশ সাধনশিক্ষাৰ একমাত্ৰ উদ্দেশ্য় হোৱা উচিত। প্ৰকৃতপক্ষে নিজস্বতাই জীৱনৰ মূল আদৰ্শ। 

পৰৱৰ্তী সময়ত ইংলেণ্ডৰ শিক্ষাবিদ চাৰ পাৰ্চিনানে শিক্ষা সম্বন্ধে ৰচনা কৰা তেওঁৰ বিখ্য়াত গ্ৰন্থ 'Education : Its data and first principles' গ্ৰন্থৰ যোগেদি ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ দৃষ্টিভংগী স্পষ্ট ৰূপত দাঙি ধৰিছিল। সেয়েহে পাৰ্চিনানক শিক্ষাৰ ব্য়ক্তিকেন্দ্ৰিক লক্ষ্য়ৰ জনক বুলি আখ্য়া দিয়া হয়। তেওঁৰ মতে প্ৰত্য়েক শিশুক পৃথক জৈৱিক অস্তিত্ব হিচাবে বিবেচনা কৰিব লাগে। এক পৃথক জৈৱিক সত্তা হিচাবে শিশুৰ ব্য়ক্তিসত্ত্বাৰ পৰিপূৰ্ণ বিকাশেই শিক্ষাৰ লক্ষ্য় হোৱা উচিত। গতিকে শিক্ষা হব লাগে ব্য়ক্তিৰ পৰিপূৰ্ণ বিকাশৰ উপযোগী এক ব্য়ক্তিকেন্দ্ৰিক প্ৰক্ৰিয়া।

৪) সমাজতান্দ্ৰিক লক্ষ্য কাক বোলে? এই লক্ষ্যৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ শিক্ষাৰ লক্ষ্য় নিৰ্ধাৰণৰ ক্ষেত্ৰত ব্য়ক্তিকেন্দ্ৰিক মতবাদৰ ঠিক বিপৰীতধৰ্মী আন এক মতবাদ বিভিন্ন সময়ত প্ৰত্য়ক্ষ কৰা হৈছিল। শিক্ষা বিজ্ঞানৰ ইতিহাসত ইয়াক সমাজতান্ত্ৰিক মতবাদ বুলি অভিহিত কৰা হয়। এই মতবাদৰ সমৰ্থনকাৰীসকলে মতপোষণ কৰে যে মানুহৰ একক বিচ্ছিন্ন জীৱন অসম্ভৱ হৈ উঠাৰ বাবেই এদিন সমাজৰ সৃষ্টি হৈছিল। ব্য়ক্তিৰ সকলো প্ৰকাৰৰ নিৰাপত্তা সমাজ জীৱনতহে সম্ভৱ হয়। ইয়াৰ উপৰিও শিক্ষাই পৰিকল্পিত আৰু নিয়ন্ত্ৰিত ৰূপ লাভ কৰাৰ লগে লগেই শিক্ষাই দায়িত্বও সমাজেই স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰিছে। গতিকে সমাজৰ কল্য়াণ সাধন কৰাই শিক্ষাৰ একমাত্ৰ উদ্দেশ্য় হব লাগে। 

শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য়ৰ বিকাশৰ ধাৰা অনুশীলন কৰিলে দেখা যায় এই লক্ষ্য়ই ইয়াৰ চৰম ৰূপত পুৰণি গ্ৰীচ দেশৰ স্পাৰ্টা নগৰীৰ শিক্ষা ব্য়ৱস্থাত কাৰ্যকৰী কৰা হৈছিল। স্পাৰ্টাৰ শিক্ষা ব্য়ৱস্থাত দেশ ৰক্ষাৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব হিচাবে বিবেচিত হৈছিল। নিজ দেশৰ প্ৰতিশ্ৰম, আনুগত্য়, অনুশাসন আৰু চৰম আত্মত্য়াগৰ মনোভাৱ গঢ়ি তোলাটোৱেই শিক্ষাৰ উদ্দেশ্য় আছিল। সেইদৰেই দ্বিতীয় মহাযুদ্ধৰ আগৰ জাৰ্মানীৰ শিক্ষা ব্য়ৱস্থাতো ৰাষ্ট্ৰৰ আধিপত্য় স্বীকাৰ কৰি লোৱা হৈছিল। সেইদৰেই ৰোমান কেথলিক ভাবধাৰাতো শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্য়ৰ নিদৰ্শন দেখা যায়।

৫) চৰম সমাজতান্ত্ৰিক লক্ষ্যৰ অসুবিধাসমূহ কি কি? 

উত্তৰঃ 

৬) 'ব্যক্তিত্বৰ সৰ্বাগীন আৰু সামাজিক উন্নয়ণ, উভয়কেই, নিশ্চিত কৰাই শিক্ষাৰ লক্ষ্য হোৱা উচিত' ধাৰণাটো বিশ্লেষণ কৰা।

উত্তৰঃ


৭) শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা? এই লক্ষ্যৰ সুবিধা অসুবিধাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ বৰ্তমান পৃথিৱীত নিবনুৱা সমস্য়াই এক প্ৰবল ৰূপ ধাৰণ কৰিছে। শিক্ষা-দীক্ষা লাভ কৰি সন্তানে অৰ্থ উপাৰ্জন কৰাৰ ক্ষমতা অৰ্জন কৰাটো প্ৰত্য়েক অভিভাৱকে কামনা কৰে। সেয়েহে, অৰ্থকাৰী শিক্ষা লাভ কৰাৰ প্ৰতি আজি সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে। জীৱিকা অৰ্জন কৰিব পৰা ক্ষমতা অৰ্জনেই হল শিক্ষাৰ চৰম লক্ষ্য়। শিক্ষাৰ প্ৰধান কাম হল শিক্ষাৰ্থীৰ জীৱিকা নিৰ্বাহৰ কাৰণে উপযুক্ত কৰি গঢ়ি তোলা। শিক্ষাৰ্থীক ভৱিষ্য়ৎ জীৱনৰ অৰ্থ উপাৰ্জন কৰিব পৰা ক্ষমতাৰ শিক্ষা দিব লাগিব আৰু প্ৰত্য়েক শিক্ষা ব্য়ৱস্থাত আমি এই বৃত্তিমুখী বিষয়বোৰৰ প্ৰতি চকু দিব লাগিব। অৰ্থাৎ অৰ্থ উপাৰ্জনৰ ক্ষমতাৰ ওপৰতে যিকোনো শিক্ষা ব্য়ৱস্থাৰ সাফল্য় নিৰ্ভৰ কৰে। কাৰণ ভৱিষ্য়তে জীৱন নিৰ্বাহৰ বৃত্তি সম্বন্ধে শিক্ষাৰ্থীক স্পষ্ট ধাৰণা দিব পাৰিলেহে সেই শিক্ষা অৰ্থপূৰ্ণ আৰু উদ্দেশ্য়ধৰ্মী হয়। আনহাতে এখন সুস্থ সমাজৰ বাবে কৃষক, চিত্ৰকৰ, বৈজ্ঞানিক, শিক্ষক, বনুৱা, আইনজ্ঞ, প্ৰশাসক এই সকলো লোকৰ আৱশ্য়ক। তেওঁলোকৰ প্ৰত্য়েকৰে নিজস্ব অৱদানৰ ফলতহে দেশৰ শান্তি, সমৃদ্ধি বৃদ্ধি হব পাৰে।
 
৮) শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যসমূহৰ বিষয়ে আলোচনা  কৰা। 

উত্তৰঃ ইংৰাজী Democracy শব্দটো দুটা গ্ৰীক শব্দ 'Demos' আৰু ''Kratos'' শব্দৰ পৰা উদ্ভৱ হৈছে। 'Demos' শব্দৰ অৰ্থ হল 'জনসাধাৰণ' আৰু 'Kratos' শব্দৰ অৰ্থ হল 'ক্ষমতা'। গতিকে Democracy শব্দৰ উৎপত্তিগত অৰ্থ হল জনসাধাৰণৰ শক্তি। প্ৰাচীন দাৰ্শনিক এৰিষ্টটলে 'Aristole' -এ গণতন্ত্ৰৰ সংজ্ঞা দিবলৈ গৈ কৈছিল ''a goverment of the many''। গতিকে প্ৰাচীন কালৰ পৰাই ৰাষ্ট্ৰ শাসনৰ ক্ষেত্ৰত গণতন্ত্ৰৰ ধাৰণাৰ প্ৰয়োগ কৰা হৈছিল। গণতান্ত্ৰিক সমাজ ব্য়ৱস্থাৰ প্ৰকৃতি আৰু মূল নীতি সমূহ বিশ্লেষণ কৰিলে দেখা যায় যে এই সমাজ ব্য়ৱস্থাত ব্য়ক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। গণতান্ত্ৰিক সমাজ ব্য়ৱস্থা প্ৰতিষ্ঠা কৰিবলৈ হলে শিক্ষাৰএকান্ত প্ৰয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ সংজ্ঞা আগবঢ়াই কৈছিল - ''Democ - racy'' is rule of the people, by the people ans for the people অৰ্থাৎ জনগণৰ স্বাৰ্থত, জনগণৰ দ্বাৰা গঠিত শাসন ব্য়ৱস্থাক গণতন্ত্ৰ বুলি কোৱা হয়।     



Type Himanku Bora..

Answer Type - Boby Bora



Post ID : DABP006336