Chapter: 11

উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ 

 (Colonialism and Ruraf Society)

চৰকাৰী মহাফেজখানা (Official Archieves) 

প্ৰশ্নাৱলী


◻️ ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখা ঃ


১। বঙ্গৰ জোটদাৰ বিলাক কিয় বা কেনেকৈ ক্ষমতাশীল হৈছিল?

উত্তৰঃ বঙ্গৰ দেশতে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ভিতৰত প্ৰথমে উপনিৱেশ স্থাপন কৰিছিল। কোম্পানীয়ে ভাৰতস্থ শাসক গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে চিৰাস্থায়ী বন্দোৱস্ত নামৰ এটা ৰাজহ ব্য়ৱস্থা প্ৰৱৰ্তন কৰিছিল। ৱাৰেণ হেষ্টিংচৰ দিনত কোম্পানীৰ শাসন অধিক কেন্দ্ৰীভূত হৈছিল। কোম্পানীৰ মূল লক্ষ্য় আছিল ভূমি ৰাজহ সংগ্ৰহ, কৃষক ব্য়ৱস্থা, ভূমিৰ লগত তেওঁলোকৰ সম্পৰ্ক, আৰু প্ৰশাসনিক সম্পৰ্ক আদি সেই সমূহৰ বিষয় প্ৰয়োজন আছিল। এইসমূহ তথ্য় নথকা বাবে কোম্পানীয়ে বাৰে বাৰে ৰাজহ নীতি সলনি কৰিব লগা হৈছিল। 

    ১৭৬৫-৬৬ সময়ছোৱাত বঙ্গত মূল কোম্পানীৰ মূল ৰাজহৰ পৰিমান আছিল ১,৪৭০,০০০ পাউণ্ড, আৰু ১৭১৭-৭২ খৃঃত বৃদ্ধি হৈছিল ২,৩৪১,০০১ পাউণ্ডৰ। ১৭৭৫-৭৬ বছৰতো অনুপাত হিচাপে ৰাজহৰ পৰিমাণ কম পৰিমানে বৃদ্ধি পাইছিল। সেই বাবে বৃটিছ সংসদত বণিক সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে এই ৰাজহবৃদ্ধি ৰাজহ ব্য়ৱস্থা স্থায়ী হোৱাটো বিচাৰিছিল। বৃটিছ চৰকাৰে নিয়ন্ত্ৰণ বৃদ্ধি কৰাত ভাৰতৰ ভূমি ৰাজহ ব্য়ৱস্থা উন্নতি কৰাত সুবিধা হৈছিল।  



২। জোটদাৰ বিলাকে জমিদাৰৰ কর্তৃত্ব কেনেকৈ উলাই কৰিছিল?

উত্তৰঃ জোটদাৰ সকল অধিক শক্তিশালী আছিল। জমিদাৰৰ অসুবিধা হ'লে জোটদাৰসকলে আনন্দ পাইছিল। জমিদাৰৰ জাইগীৰ নিলাম হোৱালৈ তেওঁলোকে বাট চাই আছিল। নিলামত যোৱা জাইগীৰ তেওঁলোকে কিনি লৈছিল। জোটদাৰৰ ক্ষমতা স্থানীয় লোকৰ ওপৰত জমিদাৰতকৈ বেছিহে দেখা গৈছিল। জমিদাৰবোৰ সাধাৰণতে নগৰীয়া অঞ্চলত বাস কৰিছিল। আনহাতে, জোটদাৰবোৰে ৰাইজৰ মাজতে থাকি ৰাইজক প্ৰভাৱান্বিত কৰিব পাৰিছিল। জমিদাৰৰ কৰ্মচাৰীয়ে ৰায়তৰ পৰা অৰ্থ সংগ্ৰহৰ বাবে কৰা চেষ্টা ৰায়তৰ সহায়লৈ তেওঁলোকে ব্য়ৰ্থ কৰিব পাৰিছিল। জোটদাৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে তেওঁলোকৰ কথা শুনিছিল। জোটদাৰে জমিদাৰক খাজনা দিওতে অযথা পলম কৰিছিল। খাজনা সংগ্ৰহ কৰোতে প্ৰথমে তলতীয়া ৰায়তে সাধাৰণ ৰায়তক, জোটদাৰে জমিদাৰক আৰু জমিদাৰে বৃটিছ কোম্পানী শাসকক ৰাজহ আদায় দিছিল। জোটদাৰ বিলাকে জমিদাৰক কমকৈ ৰাজহ আদায় দিছিল।   

    জোটদাৰ বিলাকে জমিদাৰ বিলাকক সম্পূৰ্ণ ক্ষমতাহীন কৰিব পৰা নাছিল। কোম্পানীক শকত অংকৰ নিৰ্দ্ধাৰিত খাজনা দিব লগা হোৱাত তেওঁলোকেও পিছলৈ কৌশল প্ৰয়োগ কৰিছিল আৰু নিজ কাৰ্য সিদ্ধি কৰিবলৈ বিচাৰিছিল। ৰজাই তেওঁৰ মাতৃ নামত কিছু মাটি ৰাখিছিল। কাৰণ চৰকাৰ নিয়ম অনুসাৰে তিৰোতাৰ নামত থকা ভূমি অধিগ্ৰহণ কৰিব নোৱাৰি। নিলামত দিয়া ভূমি জমিদাৰৰ মানুহেই কৌশলেৰে কিনি লৈছিল। পিছত তেওঁলোকে নিলামত দিবলৈ লোৱা ধন নিদিয়াকৈ আছিল। কোম্পানীৰ আইন বিফল কৰিবলৈ জমিদাৰে যত্ন কৰিছিল। পিছত কম নিৰিখত জমিদাৰে নিজৰ জমিদাৰী নিজৰ হাতলৈ নিয়াৰ সুবিধা কৰিছিল। কোম্পানীক কেতিয়াও জমিদাৰে নিৰ্দিষ্ট নিৰিখৰ খাজনা পৰিশোধ কৰা নাছিল।  


৩। পাহাৰীয়া বিলাকে বহিৰাগতক কেনেদৰে গ্ৰহণ কৰিছিল?

উত্তৰঃ পাহাৰৰ লোকসকল অচিনাকি বুকাননৰ জৰীপ দলক দেখি ভীতিগ্ৰস্ত হৈছিল। তেওঁলোকে জুম খেতি কৰিছিল। তেওঁলোকে জুম খেতি কৰিব বাবে পাহাৰৰ জোপোহা গছ বন কাটি জুই লগাই মাটি উলিওৱাছিল। জুইৰ ছাইত থকা পটাছে সাৰুৱা কৰা পাহাৰীয়া মাটিত কোৰেৰে চহাই তেওঁলোকে বিভিন্ন ধৰণৰ মাহ আৰু বজ্ৰৰ খেতি কৰিছিল। এই মাটিবোৰত কিছু বছৰ খেতি কৰা পিছত এই মাটিত পুনৰ সাৰ জমিবলৈ দি পাহাৰৰ নতুন অঞ্চলত একে পদ্ধতিয়ে এই খেতি কৰিছিল। তেওঁলোকে অৰণ্য় পৰা পাট পলু, মহুৱা ফুল, খৰি আৰু ধূনা সংগ্ৰহ কৰি বিক্ৰী কৰিছিল। 'পাহাৰীয়া' বিলাক চিকাৰী, আহাৰ সংগ্ৰহক, কাঠ কয়লা উৎপাদনকাৰী, পাটপলু পালক আৰু জুম খেতিয়ক আছিল। এনেদৰে তেওঁলোকে জীৱন পদ্ধতি অৰণ্য়ৰ লগত ওতঃপ্ৰোত ভাৱে জৰিত হৈছিল। 

    তেওঁলোকে পাহাৰতে বসবাস কৰিছিল। তেওঁলোকৰ দলটোক মুখিয়ালজনে একত্ৰিত কৰি ৰাখিছিল। সমভূমি অঞ্চলৰ স্থায়ী বসতি কৰা খেতিয়কৰ পৰা জোৰ জুলুম কৰি নিয়মীয়াকৈ ফচল সংগ্ৰহ কৰিছিল। বণিকেও পাহাৰীয়া সকলৰ নিয়ন্ত্ৰণত থকা পথেদি পণ্য় সামগ্ৰী নিয়াৰ বাবে আৰু লুটপাটৰ পৰা ৰক্ষা পাবৰ বাবে পাহাৰীয়াসকলক ধনবিত দি হাত কৰিছিল। স্থায়ী কৃষিৰ সম্প্ৰসাৰণৰ ফলত হাবি আৰু পশুপালন ভূমি কমি আহিছিল। 


৪। বৃটিছ শাসনৰ বিৰুদ্ধে সন্থালসকলে কিয় বিদ্রোহ কৰিছিল?

উত্তৰঃ 


৫। ঋণ দিয়া মহাজনৰ বিৰুদ্ধে দাক্ষিণাত্যৰ লােক সকলে কিয় বিদ্রোহ কৰিছিল?

উত্তৰঃ ১৯ শতিকাত ভাৰতৰ বিভিন্ন ঠাইত সুদখোৰ মহাজন আৰু শস্য় বেপাৰীৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ হৈছিল। এনে এটা বিদ্ৰোহ ১৮৭৮ চনত ভাৰতৰ দক্ষিণ পশ্চিমত বিদ্ৰোহটো আৰম্ভ হৈছিল পুনাত। ইয়াৰ সুদখোৰ মহাজন আৰু দোকানীবোৰৰ হিচাপৰ বহী আৰু ঋণপত্ৰ বিচাৰি উলিয়াই বিদ্ৰোহীসকলে জ্বলাই দিয়ে আৰু শস্য়ৰ গুদাম লুটপাট কৰি ঋণ দিয়া মহাজন আৰু বণিকৰ ঘৰ জ্বলাই দিছিল। পুনাৰ পৰা এই বিদ্ৰোহ আহমেদনগৰলৈকে বিয়পি পৰে আৰু ত্ৰিছ খনতকৈ অধিক গাঁও সামৰি লয়। এইসমূহ অঞ্চলৰ পৰা চাহুকাৰবোৰে ঘৰ-দুৱাৰ সম্পত্তি এৰি পলাবলৈ বাধ্য় হৈছিল। ১৯ শতিকাৰ শেষাৰ্দ্ধত কৃষক বিদ্ৰোহ হৈছিল। এই বিদ্ৰোহবোৰৰ চৰিত্ৰ একে নহ'লেও বৃটিছ চৰকাৰৰ কৰ বৃদ্ধি, জমিদাৰ মহাজনৰ শোষণ ইয়াৰ প্ৰধান কাৰণ আছিল। 

    বৃটিছে বঙ্গত চিৰস্থায়ী বন্দোবস্ত প্ৰবৰ্তন কৰিছিল যদিও দাক্ষিণাট্য়ত বেলেগ ব্য়ৱস্থা চলিছিল। চিৰস্থায়ী বন্দোবস্তৰ ফলত চৰকাৰে অধিক উৎপাদনৰ পৰা অধিক খাজনা আদায় কৰিব নোৱাৰা হৈছিল। 


◻️ চমু ৰচনা লিখাঃ


৬। চিৰস্থায়ী বন্দোবস্তৰ ইতিবাচক আৰু নেতিবাচক দিশ বর্ণনা কৰা।

উত্তৰঃ চিৰস্থায়ী বন্দোবস্তৰ ইতিবাচক দিশসমূহ হ'ল-

১। চিৰস্থায়ী বন্দোবস্তৰ প্ৰৱৰ্তন কৰা পৰা কোম্পানীয়ে বছৰি পাবলগীয়া ভূমি ৰাজক সম্পৰ্কত নিশ্চিত কৰা হ'ল। এতিয়া যদি কোনো জমিদাৰে দিবলগীয়া ৰাজহ দিব নোৱাৰে সেই সময়তে তেওঁৰ পৰা ভূমি সম্পত্তিৰ অংশ কাঢ়ি লৈ অনাৰ ব্য়ৱস্থা কৰিছিল। 

২। এই ব্য়ৱস্থাত জমিদাৰসকলে মাটিৰ উৎপাদনশীলতা বৃদ্ধিত গুৰুত্ব দিছিল।

৩। জমিদাৰ সকল মাটিৰ মালিকৰূপে স্বীকৃত হোৱাত তেওঁলকৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞ হৈ থাকিল। এনেদৰে এটা ধনী শ্ৰেণীৰ আনুগত্য় লাভ কৰিবলৈ কোম্পানী চৰকাৰ সক্ষম হৈছিল।

 ৪। ভূমি ৰাজহৰ নিশ্চিতিয়ে ভাৰতত বৃটিছ শাসন সুদৃঢ় হোৱাত সহায় কৰিছিল।

 ৫। ভূমি ৰাজহ সংগ্ৰহ ব্য়ৱস্থাৰ লগত পূৰ্বতে ব্য়স্ত থাকিব লগা হোৱা চৰকাৰী কৰ্মচাৰীসকল মুক্ত হৈ অন্য়ান্য় সাধাৰণ প্ৰশাসনীয় ব্য়ৱস্থাৰ লগত জড়িত হ'বলৈ সুবিধা পাইছিল। 

  ৬। চিৰস্থায়ী বন্দোৱস্তৰ ফলত কৃষকসকলৰ পৰা ভৱিষ্য়তলৈ বৰ্দ্ধিত হাৰত ভূমি ৰাজহ আদায়ৰ বাট বন্ধ হৈছিল। 


চিৰস্থায়ী বন্দোৱস্তৰ নেতিবাচক দিশসমূহ হ'ল-

    ১। ভূমি ৰাজহৰ স্থায়ী ব্য়ৱস্থাৰ বহুতো সুবিধা দেখা গ'লেও বাস্তৱ ক্ষেত্ৰত বহুতো অসুবিধা দেখা গৈছিল। বহুতো জমিদাৰে নিৰ্ধাৰিত পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি তেওঁলোকে নিজ ভূমি সম্পত্তি হেৰুৱাৱ লগা হৈছিল।

    ২। আশাকৰামতে জমিদাৰ সকলে কৃষিভূমিৰ উন্নতিকল্পে কোনো কাম কৰা নাছিল। বহুতো লোকে তলতীয়া কৰ্মচাৰীক খাজনা সংগ্ৰহৰ দায়িত্ব দি নিজে কলিকতাত ভোগ বিলাসৰ জীৱন কটাবলৈ ধৰিলে। 

    ৩। ৰাজহৰ পৰিমাণ বহুসময়ত কৃষকৰ সামৰ্থ্য়ৰ বাহিৰত আছিল। খেতিয়কৰ অৱস্থাৰ উন্নতিৰ বাবে চৰকাৰে কোনো দিনে চকু দিয়া নাছিল। আনহাতে জমিদাৰে চৰকাৰক শোধাব লগাবোৰ জোৰ-জুলুম কৰি কৃষকৰ পৰা সংগ্ৰহ কৰিছিল। 

    ৪। কৃষকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে কোনো আইন নথকাত তেওঁলোক জমিদাৰৰ ভৃত্য়ত পৰিণত হৈছিল। 

    ৫। খাজনা পৰিশোধ কৰিব নোৱাৰা জমিদাৰৰ জমিদাৰীক নিলামত দিয়া হৈছিল। 

    ৬। নিলাম সদৃশ চফ'ক্লিশৰ তৰোৱালখন জমিদাৰৰ মূৰৰ ওপৰত ঘুৰি আছিল। সেই বাবে জমিদাৰিসকলে কাম কৰাত উৎসাহ পোৱা নাছিল। 


৭। চিৰস্থায়ী বন্দোবস্তই গ্রামাঞ্চলত কেনে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ চিৰস্থায়ী বন্দৱস্তৰ ফলত গ্রামাঞ্চলৰ জনসাধাৰণ বা খেতিয়কসকল উপকৃত হোৱা দেখা নগ'ল। কাৰণ বর্ধিত ৰাজহৰ পৰিমাণ বহু সময়ত কৃষকসকলৰ সামর্থ্যৰ বাহিৰত আছিল। ইয়াৰ বিপৰীতে জমিদাৰে চৰকাৰক ৰাজহ শোধোৱাৰ স্বাৰ্থত আৰু ৰাজহ আদায়ৰ ক্ষেত্ৰত কৃষকসকলৰ ওপৰত প্ৰায়ে জোৰ-জুলুম চলাইছিল। ইয়াৰ ফলত কৃষকসকলৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। কৃষকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে কোনো আইন নথকাত তেওঁলোেক জমিদাৰৰ ভৃত্যত পৰিণত হৈছিল। যি কোনো সামাজিক অন্যায়ৰ বিৰুদ্ধে গোচৰ তৰাৰ অধিকাৰ আছিল যদিও অশিক্ষিত অসচেতন কৃষকসকলে এনে অধিকাৰৰ সুযোগ গ্রহণ কৰাত ব্যৰ্থ হৈছিল।

    ইয়াৰ বিপৰীতে খেতিয়কসকলৰ উন্নতিৰ কাৰণে চৰকাৰে কোনো মনোযোগ দিয়া নাছিল। ফলত চিৰস্থায়ী বন্দৱস্তৰ পিছত কৃষকসকলৰ ওপৰত চৰম অৰ্থনৈতিক সংকট আহি পৰিছিল।


৮। চিৰস্থায়ী বন্দোবস্তুৰ পিছত কিয় বহুতাে জমিদাৰী নিলামত দিয়া হৈছিল?

উত্তৰঃ চিৰস্থায়ী বন্দৱস্তৰ পিছত বহুতো জমিদাৰী নিলামত দিয়া হৈছিল। উদাহৰণ হিচাপে বংগৰ বর্ধমান জিলাৰ বহুতো জমিদাৰে ৰাজহ পৰিশোধ কৰিব নোৱৰাৰ অপৰাধত তেওঁলোকৰ জমিদাৰী হেৰুৱাব লগাত পৰিছিল। উল্লেখযোগ্য যে নিলামত সর্বোচ্চ পৰিমাণৰ ধন দি জমিদাৰী কিনি লোৱাসকলৰ ভিতৰত শক্তিশালী ৰাজা বা লোকসকলৰ ভিতৰত ভৃত্যৰ দৰে লোকো আছিল। তেওঁলোকে ৰজাৰ হৈ ভূমি ক্ৰয় কৰিছিল। এনেদৰে ১৮শ শতিকাত ৭৫ শতাংশৰো অধিক জমিদাৰৰ ভূমি চিৰস্থায়ী বন্দৱস্তৰ পিছত নিলামত বিক্ৰী কৰা হৈছিল।


৯। পাহাৰীয়া বিলাকৰ জীৱন-যাপন পদ্ধতি সন্থাল বিলাকতকৈ কোন ক্ষেত্ৰত পৃথক আছিল?

উত্তৰঃ


১০। আমেৰিকাৰ গৃহ যুদ্ধই ভাৰতৰ কৃষকৰ ওপৰত কেনে প্রভাৱ পেলাইছিল?

উত্তৰঃ


১১। কৃষকৰ ইতিহাস লিখােতে চৰকাৰী সমল ব্যৱহাৰত অসুবিধা ক’ত?

উত্তৰঃ


১২। চৰকাৰী নথিবোৰ এজন ইতিহাসবিদে কেনেদৰে ব্যৱহাৰ কৰে?

উত্তৰঃ


১৩। কোৰ আৰু নাঙলৰ ব্যৱহাৰৰ গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ কোৰ আৰু নাঙলৰ ব্য়ৱহাৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    ৰাজমহলৰ 'পাহাৰীয়া' নামে জনা পাহাৰৰ লোকসকলে জুম খেতি কৰিছিল। তেওঁলোকে পাহাৰৰ জোপোহা গছ বনসমূহ কাটি জুই লগাই জুম খেতি বাবে মাটি চাফা কৰি লৈছিল। জুইৰ জ্বলাই দিয়া ছাইবোৰৰ পৰা পটাছে সাৰুৱা কৰা পাহাৰীয়া মাটিতসমূহ চহাই লৈছিল আৰু তেওঁলোকে সেই মাটিত বিভিন্ন ধৰণৰ মাহ আৰু বজ্ৰাৰ খেতি কৰিছিল। কিছু বছৰ খেতি কৰাৰ পিছত সেই মাটিসমূহত পুনৰ সাৰ জমিবলৈ দিয়া হৈছিল। তেওঁলোকে পাহাৰৰ আন ঠাইত একে পদ্ধতিয়ে জুমখেতি কৰিছিল।  


    

১৪। ফ্রেন্সিচ বুকানন, ডেক্কান ৰায়ত কমিছন আৰু ৰায়তৱাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  ফ্ৰেন্সিচ বুকানন ঃ   বংগৰ চিকিসা সেৱাৰ বৃটিছ চিকিৎসক ফ্ৰেন্সিচ বুকাননৰ ভ্ৰমণ বৃত্তান্তৰ পৰা বহুতো কথা জানিব পাৰি । বুকানন গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলীৰ ব্যক্তিগত চিকিৎ,সক আছিল । আলিপুৰ দুৱাৰ চিৰিয়াখানাৰো তেওঁ সংগঠক আছিল । কিছু সময়ৰ কাৰণে কলকাতাৰ ব'টানিকেল গাৰ্ডেনৰো তেওঁ দায়িত্বত আছিল । বঙ্গ চৰকাৰৰ অনুৰোধক্ৰমে তেওঁ ইংলিচ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ অধিকৃত অঞ্চলত জৰীপ চলাইছিল । An Account of Assam অসমৰ বিষয়ে তেওঁ লিখা অসম বুৰঞ্জীৰ এক গুৰুত্বপূৰ্ণ দলিল । মাকৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ গৰাকী হৈ ফ্ৰেন্সিছে বুকাননে পৰিয়ালৰ হেমিল্টন উপাধিলৈ বুকানন হেমিল্টন নাম লয় ।

ডেক্কান ৰায়ত কমিছন ঃ দাক্ষিণাত্যত কৃষকৰ দৰিদ্ৰতা ক্ষোভলৈ ৰূপান্তৰিত হৈছিল আৰু ক্ষোভৰ উদগীৰণ ঘটিছিল বিদ্ৰোহৰ মাজেদি ।১৮৫৭ ৰ মহাবিদ্ৰোহৰ স্মৃতিয়ে সততে সচকিত কৰি ৰখা বৃটিছ চৰকাৰে দাক্ষিণাত্যৰ বিদ্ৰোহ  আয়োগ গঠন কৰি বিদ্ৰোহৰ কাৰণ জানিবলৈ বিচাৰিছিল আৰু বম্বে চৰকাৰৰ বিদ্ৰোহৰ লগত মোকাবিলা কৰিবলৈ হেঁচা দিছিল । ১৮৭৮ ত কমিচনে প্ৰতিবেদন বৃটিছ সংসদত দাখিল কৰে । ডেক্কান ৰায়ত ৰিপোৰ্ট নামেৰে জনাজাত এই প্ৰতিবেদনত উল্লেখ কৰা হয় যে চৰকাৰৰ কৰ নিৰিখ এই বিদ্ৰোহৰ কাৰণ নহয় । ঋণদাতাৰ ওপৰতহে ৰায়ত খৰ্গহস্ত হৈছিল । এনেধৰণৰ আনৰোৰ ৰিপৰ্টতো উপনিৱেশিক চৰকাৰক দোষ দিয়া দেখা নাযায় । সেয়ে চৰকাৰী নথিবোৰৰ কোনোবা দিশত গুৰুত্ব থাকিলেও কিছুমান ক্ষেত্ৰত ইবিলাকৰ দুৰ্বলতা নথকা নহয় । সেয়ে কোনো এটা অতীতৰ ঘটনাৰ সত্যাসত্য নিৰূপণৰ বেলিকা সমসাময়িক বাতৰিকাকত, বেচৰকাৰী লেখা, আইন আৰু সাৱধানতাৰে মৌখিক সমলো ব্যৱহাৰ কৰিব লাগে । এনেবোৰ প্ৰতিবেদনত লিখকৰ নিজস্ব মতামতৰ প্ৰভাৱ পৰে । প্ৰকৃত ঘটনাৰ লগত লিখকৰ এই প্ৰতিবেদনত নিজৰ পক্ষপাতিত্বমূলক মত প্ৰকাশ পাইছে । 

ইংলেণ্ডৰ এজন প্ৰভাৱশালী অৰ্থনীতিবিদ ডেভিদ ৰিকাৰ্ডোৰ ১৮২১ ত প্ৰকাশিত Principles of Economy নামৰ গ্ৰন্থখনত এই সমস্যাটোৰ বিষয়ে আলোচনা কৰা হৈছিল । ইয়াত কোৱা হৈছিল যে জমিদাৰসকলে ।

১৫। ভাৰত উপমহাদেশৰ এখন মেপ আঁকি চিৰস্থায়ী বন্দোবস্ত আৰু ৰায়তৱাৰী ব্যৱস্থা প্রবর্তন কৰা অঞ্চলবােৰ দেখুওৱা।

উত্তৰঃ

১৬। জমিদাৰসকলতকৈ প্ৰায়ে গৱেলীয়া জোতদাৰসকল বেছি প্ৰভাৱশালী। দুটা উদাহৰণ লিখা

উত্তৰঃ


◻️ এটা শব্দ বা বাক্যত উত্তৰ দিয়া ঃ


১৭। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলণ্ডৰ কোন গৰাকী শাসকৰ অনুমতিলৈ ভাৰতত বেহা-বেপাৰ কৰিবলৈ আহিছিল?

উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতিলৈ ভাৰতত বেহা-বেপাৰ কৰিবলৈ আহিছিল। 


১৮। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ৰাজ্যত প্রথমে উপনিবেশ স্থাপন কৰিছিল?

উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ বঙ্গ ৰাজ্য়ত প্ৰথমে উপনিবেশ স্থাপন কৰিছিল। 


১৯। চিৰস্থায়ী বন্দোৱস্ত প্রবর্তন কৰা গবৰ্ণৰ জেনেৰেলজনৰ নাম লিখা।

উত্তৰঃ চিৰস্থায়ী বন্দোৱস্ত প্ৰবৰ্তন কৰা গবৰ্ণৰ জেনেৰেলজনৰ নাম হৈছে লৰ্ড কৰ্ণৱালিছ। 


২০। চিৰস্থায়ী বন্দোৱস্ত কেতিয়া প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ চিৰস্থায়ী বন্দোৱস্ত ১৭৯৩ চনত প্ৰৱৰ্তন কৰা হৈছিল। 


২১। “ জোটদাৰ ’ সকল কোন আছিল?

উত্তৰঃ কিছুমান অঞ্চলত গাঁৱৰ মূখ্য়জনক 'জোটদাৰ' বুুলি কৈছিল। এই লোকসকল বহুতো সম্পত্তি তথা মাটিৰ মালিক হোৱা বাবে সমাজৰ উচ্চ পৰ্যায়ত খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। 


২২। পঞ্চম প্রতিবেদন ( Fifth Report ) কাক কোৱা হৈছিল?

উত্তৰঃ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসন আৰু কাৰ্যক্ৰমৰ সম্পৰ্কক পঞ্চম প্ৰতিবেদন (Fifth Report) বুলি কোৱা হয়।


২৩। ৰাজমহল পাহাৰৰ স্থায়ী জনজাতি সকলক কি নামেৰে জনা হৈছিল?

উত্তৰঃ ৰাজমহল পাহাৰৰ স্থায়ী জনজাতি সকলক পাহাৰীয়া নামেৰে জনা হয়। 


২৪। ফ্রেন্সিচ বুকানন কোন আছিল?

উত্তৰঃ ফ্ৰেন্সিচ বুকানন গৰ্বণৰ জেনেৰেল লৰ্ড ৱেলেছলিৰ ব্য়ক্তিগত চিকিৎসক আছিল। 


২৫। কোনটো ৰাজহ ব্যৱস্থাত মধ্যভােগীৰ প্রধান্য পৰিহাৰ কৰা হৈছিল?

উত্তৰঃ ৰায়তৱাৰী ৰাজহ ব্য়ৱস্থাত মধ্য়ভোগীৰ প্ৰাধান্য় পৰিহাৰ কৰা হৈছিল। 


২৬। ১৮৬২ত ভাৰতৰ পৰা বৃটেইনে শতকৰা কিমান ভাগ কপাহ আমদানী কৰিছিল?

উত্তৰঃ ১৮৬২ ভাৰতৰ পৰা বৃটেইনে শতকৰা ৯০% ভাগ কপাহ আমদানী কৰিছিল। 


২৭। ডেক্কান ৰায়ত কমিছনৰ ৰিপাের্ট কোন চনত দাখিল কৰা হৈছিল?

উত্তৰঃ ডেক্কান ৰায়ত কমিছনৰ ৰিপোৰ্ট ১৮৭৮ চনত দাখিল কৰা হৈছিল।  


২৮। লিমিটেছন ল’ ( Limitation Law ) মতে ঋণ চুক্তিৰ ম্যাদ কিমান বছৰ হ'ব লাগে?

উত্তৰঃ লিমিটেছন ল' মতে ঋণ চুক্তিৰ ম্য়াদ তিনিবছৰ হ'ব লাগে। 


২৯। ডেভিদ ৰিকাৰ্দোৰ বিখ্যাত কিতাপখনৰ নাম লিখা।

উত্তৰঃ ডেভিদ ৰিকাৰ্দোৰ বিখ্য়াত কিতাপখনৰ নাম হ'ল Principles Of Economy.


৩০। ১৮৪০ৰ দশকত কিয় বম্বেত খাজনা হ্রাস কৰা হৈছিল?

উত্তৰঃ 

৩১। ১৮৫৭ত Cotton Supply Associations কিয় গঠন কৰা হৈছিল?

উত্তৰঃ  পৃথিৱীৰ সকলো উপযুক্ত ঠাইতে কপাহ উৎপাদনত উৎসাহ যোগোৱা বাবে ১৮৫৭ চনত Cotton Supply Associations গঠন কৰা হৈছিল। 


Type: Pallab Jyoti Bora


Post ID : DABP006332


Important Question Answer 


১) কিমান শতিকাত ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হৈছিল ।

উত্তৰঃ  অষ্টাদশ শতিকাত ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হৈছিল ।


২) আমেৰিকাৰ গৃহযুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১৮৬১-৬৫ চনত আমেৰিকাৰ গৃহযুদ্ধ হৈছিল ।


৩) চিৰস্থায়ী বন্দোবস্ত নামৰ ৰাজহ ব্যৱস্থা কোনে কিমান চনত প্ৰৱৰ্তন কৰিছিল ।

উত্তৰঃ  ১৭৯৩ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে চিৰস্থায়ী বন্দোবস্ত নামৰ ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল । 


৪) কিমান চনত পলাশীৰ যুদ্ধ হৈছিল ।

উত্তৰঃ ১৭৫৭ চৱত পলাশীৰ যুদ্ধ হৈছিল ।


৫) ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মূল লক্ষ্য কি আছিল ।

উত্তৰঃ  ভূমি ৰাজহ সংগ্ৰহেই হৈছে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মূল লক্ষ্য আছিল ।


৬) কিমান চনত লৰ্ড কৰ্ণৱালিছক গৱৰ্ণৰ হিচাপে ভাৰতবৰ্ষলৈ পঠোৱা হৈছিল ।

উত্তৰঃ ১৭৮৬ চনত লৰ্ড কৰ্ণৱালিছক গৱৰ্ণৰ হিচাপে ভাৰতবৰ্ষলৈ পঠোৱা হৈছিল ।


৭) চিৰস্থায়ী বন্দোৱস্ত প্ৰৱৰ্তন কৰা দুটা ইতিবাচক দিশৰ বিষয়ে লিখা ।

উত্তৰঃ  চিৰস্থায়ী বন্দোৱস্থ প্ৰৱৰ্তন কৰা দুটা ইতিবাচক দিশ হল 

ক) এই ব্যৱস্থাত জমিদাৰসকলে মাটিৰ উৎপাদনশীলতা বৃদ্ধিত গুৰুত্ব দিলে । কাৰণ অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিব পাৰিলে নিজৰে লাভ ।

খ) জমিদাৰসকল মাটিৰ মালিকৰূপে স্বীকৃত হোৱাত তেওঁলোক চৰকাৰৰ প্ৰতি কৃতজ্ঞ হৈ থাকিল । এইদৰে দেখাত এটা ধনী শ্ৰেণীৰ আনুগত্য লাভ কৰিবলৈ কোম্পানী চৰকাৰ সক্ষম হল ।


৮) বুকানন কোন আছিল ।

উত্তৰঃ  বুকানন গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলীৰ ব্যক্তিগত চিকিৎসক আছিল ।


৯) ১৮৭৮ চনৰ বিদ্ৰোহ প্ৰথমে কত আৰম্ভ হৈছিল ।

উত্তৰঃ  ১৮৭৮ চনৰ বিদ্ৰোহ প্ৰথমে পুনেত আৰম্ভ হৈছিল ।


১০) সান্থাল বিদ্ৰোহ কিমান চনত হৈছিল ।

উত্তৰঃ  ১৮৫৫-৫৬ চনত সান্থাল বিদ্ৰোহ হৈছিল ।


১১) ৰায়তৱাৰী ব্যৱস্থা কাক বোলে ।

উত্তৰঃ  কৃষকে ৰাজহৰ অংশ চৰকাৰক ৰাজহ হিচাপে দিব, নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে ৰাজহৰ নিৰিখ সলনি হব, চৰকাৰী বিষয়াই ৰাজহ সংগ্ৰহৰ মূল দায়িত্বত থাকিব আৰু কৃষকৰ মাটিৰ পট্টা দিয়া হব । এই ব্যৱস্থাকে ৰায়তৱাৰী ব্যৱস্থা বোলে ।


১২) বৃটেইনৰ কপাহ আমদানী কৰ পৰা হৈছিল ।

উত্তৰঃ  বৃটেইনৰ কপাহ আমদানী ভাৰতৰ পৰা হৈছিল ।


১৩) বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ১৬০০ চনত বৃটিছ ইষ্ট-িণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ।


১৪) কিমান চনত ডেক্কান ৰায়ত কমিছনৰ ৰিপোৰ্ট দাখিল কৰিছিল ।

উত্তৰঃ  ১৮৭৮ চনত ডেক্কান ৰায়ত কমিছনৰ ৰিপোৰ্ট দাখিল কৰিছিল ।


১৫) কিমান চনত সান্থালসকলে পাহাৰীয়াসকলক আঁতৰাই ৰংমহল পাহাৰৰ নামনি অঞ্চলত বসতি কৰিবলৈ লৈছিল ।

উত্তৰঃ  ১৮০০ চনত সান্থালসকলে পাহাৰীয়াসকলক আঁতৰাই ৰংমহল পাহাৰৰ নামনি অঞ্চলত বসতি কৰিবলৈ লৈছিল ।


১৬) কিমান চনত মানচেষ্টাৰ কটন কোম্পানী গঠন কৰা হৈছিল  । 

উত্তৰঃ  ১৮৫৯ চনত মানচেষ্টাৰ কটন কোম্পানী গঠন কৰা হৈছিল ।


১৭) কিমান চনত বম্বে দাক্ষিণাত্যত কৃষিকাৰ্যৰ সম্প্ৰসাৰণ কৰা হৈছিল । 

উত্তৰ  ১৯৪০ চনত বম্বে দাক্ষিণাত্যত কৃষিকাৰ্যৰ সম্প্ৰসাৰণ কৰা হৈছিল ।


১৮) কিমান চনত ভাৰতৰ মহাবিদ্ৰোহ হৈছিল ।

উত্তৰঃ  ১৮৫৭ চনত ভাৰতৰ মহাবিদ্ৰোহ হৈছিল ।


১৯) কিমান চনত ৰেগুলেটিং আইন প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ  ১৭৭৩ চনত ৰেগুলেটিং াইন প্ৰণয়ন কৰা হৈছিল ।


২০) কিমান চনত ইষ্ট- িণ্ডিয়া কোম্পানীয়ে বংগৰ দেৱানী লাভ কৰিছিল ।

উত্তৰঃ  ১৭৬৫ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগৰ দেৱানী লাভ কৰিছিল ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answer type   Ali rani Kakati