ভূ-আকৃতিক প্ৰক্ৰম

-অনুশীলনী -


  1. বহু বিকল্পিক প্ৰশ্ন -

(i) তলত দিয়াবোৰৰ কোনবিধ অনুক্ৰমিক প্ৰক্ৰিয়া ? 

(ক) অৱক্ষেপণ                                       (খ) জ্বালামুখী 

(গ) বোকা                                                  (ঘ) খনন

উত্তৰঃ (ঘ) খনন।

(ii) নিম্ন উল্লেখিত কোনবিধ পদাৰ্থ জল যোজনা প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়?

(ক) গ্ৰেনাইট                                        (খ) কোৱাৰ্জ

(গ) বোকা                                             (ঘ) লৱণ

উত্তৰঃ  (ঘ) লৱণ।

(iii) গেদ সম্প্ৰপাত কোন শ্ৰেণীভূক্ত ? 

(ক) ভূ-স্খলন                                  (খ) ধীৰ গতিৰ বৃহৎ সংচলন 

(গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন     (ঘ) অধোগমন 

উত্তৰঃ (গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন।


২. তলত দিয়া প্ৰশ্নবোৰৰ 30 টা শব্দৰ উত্তৰ লিখা 

(i) বিচূৰ্ণীভৱন পৃথিৱীৰ জৈৱ বৈচিত্ৰ বাবে জগৰীয়া । কেনেকৈ ?

উত্তৰঃ বিচূৰ্ণীভৱন এনে এক প্ৰক্ৰিয়া যাৰ ফলত পৃথিৱী পৃষ্ঠৰ আৱৰণ খন খণ্ড-বিখণ্ড হয়। খণ্ড-বিখণ্ড হোৱাৰ লগে লগে উক্ত পদাৰ্থ সমূহ অন্য কাৰকৰ দ্বাৰা প্ৰভাৱাম্বিত হয় আৰু পদাৰ্থবোৰ অন্য ঠাইলৈ পৰিবাহিত হয়। এতিয়া দেখা গল যে কোনো এক নিৰ্দিষ্ট অঞ্চলত বিচূৰ্ণীভৱন হোৱাৰ আগলৈকে তাত জৈৱ বৈচিত্ৰৰ এক ভাৰসাম্য বিৰাজ কৰিছিল। কিন্তু বিচূৰ্নীভৱন হোৱাৰ পিছৰ পৰাই সেই অঞ্চলৰ জৈৱ বৈচিত্ৰৰ ওপৰত এক বিৰূপ প্ৰভাৱ পৰাটো পৰিলক্ষিত হয়। সেয়ে আমি কব পাৰো বিচুৰ্নীভৱন পৃথিৱীৰ জৈৱ-বৈচিত্ৰৰ বাবে জগৰীয়া।


(ii) বৃহৎ সংচলনৰ প্ৰকৃততে কোনবোৰ ক্ষিপ্ৰগতিৰ আৰু অৱগম্য (perceptible) ? তালিকা প্ৰস্তুত কৰা - 

উত্তৰঃ পৃথিৱীৰ মধ্যাকৰ্ষন শক্তিৰ প্ৰভাৱত ভূমিৰ ঢাল অনুসৰি যেতিয় বৃহৎ শিলা খণ্ডবৰ তুলনামূলক ভাৱে নিম্ন স্থানলৈ পৰিবাহিত হয় তেনে প্ৰক্ৰিয়াক বৃহৎ সংচলন বোলা হয়। বৃহৎ সংচলন বিভিন্ন ধৰনৰ হব পাৰে। কিছুমান ক্ষিপ্ৰ গতিৰ আৰু আন কিছুমান অৱগম্য বা মন্থৰ। তলৰ তালিকাত ক্ষিপ্ৰগতিৰ সংচলন অৰু অৱগম্য সংচলন দাঙি ধৰা হল-

                ক্ষিপ্ৰ গতিৰ সংচলন                                        অৱগম্য সংচলন

                (ক) ভূ-প্ৰৱাহ                                                        (ক) মৃত্তিকা প্ৰৱাহ

                (খ) শৈল স্খলন                                             (খ) শৈল গেদ

                 (গ)মৃত্তিকা প্ৰৱাহ                                         (গ) মৃত্তিকা বিসৰ্পন


(iii) গতিশীল আৰু বাহ্যিক ভূ-আকৃতিক কাৰক কোনবোৰ ? কাৰকবোৰে সম্পাদন কৰা কাৰ্য কোনবোৰ ? 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যি বিলাক কাৰকৰ প্ৰভাৱত ক্ষয়প্ৰাপ্ত অথবা ক্ষয়প্ৰাপ্ত নোহোৱা পদাৰ্থবোৰ ক্ষয় সাধন কৰি সেইবোৰ পৰিবহন কৰি লৈ যায় তেনেবোৰ কাৰকক গতিশীল কাৰক বোলা হয়। গতিশীল কাৰকৰ উদাহৰণ, বতাহ, প্ৰৱাহিত জল, হিমবাহ আদি। আনহাতে যি বিলাক কাৰকে ভূ-পৃষ্ঠাৰ ওপৰত অহৰহ ক্ৰিয়া কৰি ইয়াৰ ক্ষয় সাধন কৰে তেনে কাৰকবোৰকে বাহ্যিক কাৰক বোলা হয়। বতাহ, বৰষুন, হিমবাহ, তুষাৰ, বোৱতী নৈ, মানুহৰ কাৰ্য আদিবোৰ বাহ্যিক কাৰকৰ উদাহৰণ। আমি দেখিবলৈ পোৱা ক্ষয়ীভৱন, পৰিৱহন আৰু অৱক্ষেপন আদি সকলোবোৰ কাৰ্য গতিশীল কাৰক আৰু বাহ্যিক কাৰকৰ দ্বাৰা সম্পাদন হয়।


(iv) মৃত্তিকা গঠনৰ বাবে বিচূৰ্ণীভৱন আৱশ্যকীয় প্ৰথমিক চৰ্ত নেকি? কিয় ? 

উত্তৰঃ বিচূৰ্নীভৱন এনে এক প্ৰক্ৰিয়া, যিয়ে ভূ-পৃষ্ঠাৰ শিলা বিলাক খণ্ড-বিখণ্ড কৰি দিয়ে। ইয়াৰ পিছত বিচূৰ্ণীভূত পদাৰ্থসমূহ বিভিন্ন কাৰকৰ দ্বাৰা পৰিবাহিত হৈ কৰবাত অৱক্ষেপন হয় আৰু তাত বেক্টেৰিয়া আৰু অন্য নিকৃষ্ট উদ্ভিদে উপনিৱেশ স্থাপন কৰে। ইয়াত অন্যান্য ক্ষুদ্ৰ জীৱইও আশ্ৰয় গ্ৰহণ কৰিব পাৰে। লগতে ইয়াত জীৱ-জন্তু আৰু গছ-গছনিৰ অৱশিষ্টই হিউমাছ গঠনত যথেষ্ট সহায় কৰে। লগে লগে তাত নিকৃষ্ট ঘাঁহ-বন আৰু সৰু সৰু জোপোহা, সদৃশ উদ্ভিদ গজিবলৈ ধৰে। গছ-গছনিৰ শিপাই মাটি চানি ধৰাৰ ফলত তত গাত খান্দি বাস কৰা কিছুমান জীৱই তলৰ মাটি ওপৰলৈ উলিয়াই আনে। তেতিয়াই মাটি হৈ পৰে প্ৰবেশ্য আৰু মাটি দৰাই লাভ কৰে জলধাৰন ক্ষমতা। এনেকৈয়ে ক্ৰমশ ই পৈনত মৃত্তিকালৈ পৰিবৰ্তন হয়।

ওপৰৰ মৃত্তিকা গঠন প্ৰক্ৰিয়াত দেখা গল যে মৃত্তিকা গঠনৰ আৱশ্যকীয় প্ৰাথমিক চৰ্ত হল বিচুৰ্নী ভৱন। বিচূৰ্নীভৱন নহলে মৃত্তিকা গঠন হবই নোৱাৰে।


3. 150 টা শব্দৰ ভিতৰত উত্তৰ লিখা -

 (i)  আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰম্পৰ বিৰোধী ভূ- আকৃতিক প্ৰক্ৰিয়াৰ খেল-পথাৰ' আলোচনা কৰা ।

উত্তৰঃ পৃথিৱীখন গতিশীল। সেয়ে ইয়াৰ সকলো ধৰনৰ পৰিঘটনাও গতিশীল। ধৰাপৃষ্ঠ উলম্বিক উলম্বিক আৰু অনুভূমিক ভাৱে আৱহমান কালৰ পৰা আজিকোপতি গতি কৰি আহিছে। অতীজৰে ধৰা পৃষ্ঠৰ যিমান খৰতকীয়া পৰিবৰ্তন সংঘটিত হৈছিল বৰ্তমান কিন্তু পৰিবৰ্তনবোৰ কিছু মন্থৰ হোৱা বুলি ভূ-বিজ্ঞানী সকলে মত পোষণ কৰিছে। বৰ্তমান ধৰা পৃষ্ঠৰ যি ৰূপ দেখিবলৈ পাইছো, অতীজতে ই তেনে ৰূপত নাছিত আৰু ভৱিয্যতেওঁ এই ৰূপ নাথাকিব। ভূ-পৃষ্ঠত আমি কিছুমান উথিত অংশ আৰু কিছুমান অৱনমিত অংশ দেখিবলৈ পাওঁ। উথিত অংশ বিলাকৰ ভিতৰত পৰ্বত-পাহাৰ, মালভূমি আদি উল্লেখযোগ্য আনহাতে সাগৰ,মহাসাগৰ, হ্ৰদ আদিবোৰ অৱনমিত অংশৰ উদাহৰণ।

পৃথিৱীপৃষ্ঠত দেখিবলৈ পোৱা নানা ধৰনৰ অৱয়ব সমূহ প্ৰধানকৈ দুই ধৰনৰ শক্তিৰ প্ৰভাৱ সৃষ্টি হৈছে। এটা পৃথিৱীৰ অন্তৰ ভাগৰ পৰা সৃষ্টি হোৱা, যিয়ে নানান অৱয়ব সমূহ গঠন কৰি আহিছে। এই শক্তি বিধৰ নাম  হল আভ্যন্তৰিন শক্তি। আনহাতে ভূ-পৃষ্ঠাৰ উপৰিভাগত আন এটা শক্তিয়ে বা প্ৰক্ৰিয়াই অহৰহ ক্ৰিয়া কৰি থাকি উথিত অংশ সমূহ ক্ষয় সাধন কৰি আহিছে। এই প্ৰক্ৰিয়াক বাহ্যিক প্ৰক্ৰিয়া বোলা হয়।

এতিয়া দেখা গল এক প্ৰকাৰ শক্তিয়ে অহৰহ বা সময়ে সময়ে পৃথিৱীৰ অন্তৰ ভাগত থাকি ভূ-পৃষ্ঠত ক্ৰিয়া কৰি আছে। আনহাতে অন্য এক প্ৰকাৰ শক্তিয়ে পৃষ্ঠৰ ওপৰত থাকি অহৰহ ক্ষয় সাধন কৰি আহিছে। সেয়ে আমি কব পাৰো যে আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰস্পৰ বিৰোধী ভূ-আকৃতিক প্ৰক্ৰিয়াৰ য়কেল পথাৰ।


(ii) 'বাহ্যিক ভূ-আকৃতিক প্ৰক্ৰমবোৰে সূৰ্যৰ উত্তাপৰ পৰা শক্তি আহৰণ কৰে' । ব্যাখ্যা কৰা ।

উত্তৰঃ পৃথিৱীয়ে, তাৰ প্ৰয়োজনীয় সকলো খিনি শক্তি সূৰ্যৰ পৰাই আহৰণ কৰে। সেয়ে পৃথিৱী পৃষ্ঠৰ ওপৰত যি বিলাক কাৰকে অহৰহ ক্ৰিয়া কৰি আছে সেই সকলোবোৰ কাৰকে প্ৰয়োজনীয় শক্তি সূৰ্যৰ উত্তাপৰ পৰা আহৰন কৰে । বাহ্যিক ভূ-আকৃতিক প্ৰক্ৰম বোৰৰ ভিতৰত ৰদ, বতাহ, বৰষুন, তুষাৰ পাত, প্ৰৱাহমান জল,হিমবাহ, সমূদ্ৰৰ সোঁত, উত্তাপ আদিয়ে প্ৰধান ওপৰত উল্লেখ কৰা বাহ্যিক কাৰকবোৰে পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰনে ক্ৰিয়া কৰা পৰিলক্ষিত হয়। পৃথিৱীৰ এনে কিছুমান অঞ্চল আছে যত বৰষুন নহয় বা কম পৰিমানে হয় আন হাতে সূৰ্যৰ উত্তাপৰ পৰিমান যথেষ্ট বেছি, তেনেবোৰ অঞ্চলত বতাহৰ ক্ৰিয়া হোৱাটো পৰিলক্ষিত হয়। আনহাতে যি বিলাক অঞ্চলত সূৰ্যৰ উত্তাপ যথেষ্ট বেছি আৰু বাষ্পীভৱনৰ পৰিমান যথেষ্ট তেনেবোৰ অঞ্চলত প্ৰৱাহিত জল, বৰষুন, আদি বাহ্যিক কাৰকবোৰে ভূ-পৃষ্ঠাৰ ওপৰত ক্ৰিয়া কৰে আকৌ পৃথিৱীৰ এনে কিছুমান অঞ্চল আছে যিবোৰত সূৰ্যৰ উত্তাপৰ প্ৰভাৱ তেনেই কম, তেনেবোৰ অঞ্চলত বাহ্যিক কাৰকৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ ওপৰত তেনেই কম, তেনেবোৰ অঞ্চলত বাহ্যিক কাৰকৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ ওপৰত তেনেই কম হোৱা পৰিলক্ষিত হয়।

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে, পৃথিৱীৰ যিবিলাক অঞ্চলত সূৰ্যৰ উত্তাপৰ পৰিমান বেছি তেনেবোৰ অঞ্চলত বাহ্যিক কাৰকৰ প্ৰভাৱ বেছি হোৱাৰ লগতে যতেষ্ট খৰতকীয়াও হোৱা দেখা যায়। আনহাতে যিবোৰ অঞ্চলত সূৰ্যৰ উত্তাপৰ পৰিমান কম তাত বাহ্যিক কাৰকবোৰৰ প্ৰভাৱ তেনেই কম আৰু অতি লেহেমিয়া।


(iii) ভৌতিক আৰু ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াবোৰৰ এটাৰ পৰা আনটো স্বতন্ত্ৰ নে ? যদি নহয় কিয় ? উদাহৰণসহ ব্যাখ্যা কৰা ।  

উত্তৰঃ বিচূৰ্নীভৱন এনে এক প্ৰক্ৰিয়া বা পৰিঘটনা, যিয়ে ভূ-পৃষ্ঠৰ শিলা সমূহ বা পদাৰ্থবোৰ খণ্ডিত কৰে বা খণ্ড-বিখণ্ড কৰে। পদাৰ্থবোৰ খণ্ড বিখণ্ড হোৱাৰ পাছত সেইবোৰ সেই স্থানতে থকা পৰিলক্ষিত হয়।

ভৌতিক বিচূৰ্নীভৱনৰ ফলত পদাৰ্থবোৰ খণ্ড-বিখণ্ড হয় যদিও পদাৰ্থৰ মৌলিক উপাদান সমূহৰ কোনো ধৰনৰ পৰিবৰ্তন নহয়। আনহাতে ৰাসায়নিক বিচূৰ্নী ভৱনত বিচূৰ্নীকৃত পদাৰ্থবোৰৰ মৌলিক উপাদান সমূহৰ পৰিবৰ্তন লক্ষনীয়।

ভৌতিক বিচূনী ভৱনত উত্তাপ আৰু বৰষুন বা পানীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে ৰাসায়নিক বিচূৰ্নীভৱনত বায়ু আৰু পানী অত্যানশ্যকীয় কাৰক যাৰ অবিহনে ৰাসায়নিক বিচূৰ্নীভৱন হোৱাটো অসম্ভৱ।

এতিয়া দেখা গল দুয়ো প্ৰকাৰৰ বিচূৰ্নীভৱনত বায়ু বা উত্তাপ আৰু জলচক্ৰ বা পানী আৱশ্যক। সেয়ে আমি কব পাৰো বিচুৰ্নীভৱনৰ প্ৰক্ৰিয়াবোৰ এটাৰ পৰা আনটো স্বতন্ত্ৰ নহয়। তলত কেইটামান উদাহৰন দাঙি ধৰা হল-

(ক) ভৌতিক বিচূৰ্নীভৱনত অতিকে প্ৰয়োজনীয় কাৰক এটা হল উত্তাপ অৰ্থাৎ বায়ুমণ্ডল। উত্তাপ অবিহনে ভৌতিক বিচুৰ্নীভৱন অসম্ভৱ। যিবিলাক অঞ্চলত উত্তাপৰ প্ৰাৰ্দুভাৱ বেছি তেনেবোৰ অঞ্চলত ভৌতিক বিচূৰ্নীভৱনৰ হাৰ বেছি। ছিক তেনে দৰে ৰাসায়নিক বিচূৰ্নীভৱন সম্ভৱ হয় বায়ুমণ্ডলত থকা নান গেছৰ উপস্থিতিত, বিশেষকৈ অক্সিজেন, হাইড্ৰজেন, কাৰ্বনডাই অক্সাইডৰ উপস্থিতিত। সেয়ে এনেকুৱা ক্ষেত্ৰত ভৌতিক আৰু ৰাসায়নিক বিচূৰ্নীভৱনৰ প্ৰক্ৰিয়া পৃথক কৰিব নোৱাৰি।

(খ) পানী আন এটা কাৰক যিয়ে ভৌতক আৰু ৰাসায়নিক বিচূৰ্নীভৱন সংঘটিত হোৱাত মূখ্য ভূমিকা পালন কৰে। বৰষুনৰ পানী শিলৰ ফাকত সোমাই থাকি যেতিয়া ই বৰফলৈ ৰূপান্তৰিত হয়, তেতিয়া ইয়াৰ আয়তন বাঢ়ে আৰু শিলা খণ্ডিত কৰে। এনে সময়তে বায়ুমণ্ডলত নানা গেছৰ উপস্থিতিত পানীয়ে ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি ৰাসায়নিক বিচূৰ্নীভৱন প্ৰক্ৰিয়া সমাপন কৰে। দেখা যায় এই দুয়োবিধ পৰিবৰ্তনত পানীৰ ভূমিকা উল্লেখযোগ্য। সেয়ে, ভৌতিক আৰু ৰাসায়নিক বিচুৰ্নীভৱনৰ প্ৰক্ৰিয়াবোৰ স্বতন্ত্ৰ নহয়।


(iv) মৃত্তিকা গঠনৰ প্ৰক্ৰিয়া আৰু কাৰকৰ মাজত থকা পাৰ্থক্য লিখা । মৃত্তিকা গঠন ক্ষেত্ৰত  জলবায়ু আৰু জৈৱিক  কাৰ্য্যৰ ভূমিকা কি ? 

উত্তৰঃ মৃত্তিকা হল ধৰাপৃষ্ঠৰ প্ৰাকৃতিক গোটৰ সমাহাৰ যত জীৱৰ পোষন হয় নাইবা জীৱক আশ্ৰয় দিব পৰা ক্ষমতা বিৰাজমান। এই মৃত্তিকাৰ গঠন প্ৰক্ৰিয়া আৰু কাৰকৰ মাজত কিছু পাৰ্থক্য পৰিলক্ষিত হয়। তাৰে কিছু তলত উল্লেখ কৰা হল-

মৃত্তিকা গঠন প্ৰক্ৰিয়াঃ মৃত্তিকা গঠন প্ৰক্ৰিয়া এক প্ৰাকৃতিক পৰিঘটনা। মৃত্তিকাৰ গঠন প্ৰথমতে নিৰ্ভৰ কৰে বিচূৰ্নীভৱনৰ ওপৰত। কিয়নো বিচূৰ্নীভৱনৰ জৰিয়তে বিচূৰ্নীভূত হোৱা পদাৰ্থসমূহ পৰিবাহিত হৈ অন্য ঠাইত জমা হবলৈ ধৰে। যত বেক্টেৰিয়া আৰু অন্য নিকৃষ্ট উদ্ভিদে উপনিবেশ স্থাপন কৰে। লগে লগে অন্য ক্ষুদ্ৰ জীৱই আশ্ৰয় গ্ৰহন কৰিব পাৰে। জীৱ-জন্তু আৰু গছ-গছনিৰ অৱশিষ্টই হিউমাছ গঠনত যথেষ্ট সহায় কৰে। ইয়াৰ পাছত ঘাঁহ-বন আৰু সৰু সৰু জোপোহা উদ্ভিদ গজিবলৈ ধৰে লগতে গছৰ শিপাই মাটি চানি ধৰে। মাটি খান্দি বাস কৰা জীৱই মাটিৰ জলধাৰন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। এনেকৈয়ে বিচূৰ্নীভূত পদাৰ্থসমূহ শেষলৈ পৈনত মৃত্তিকালৈ ৰূপান্তৰিত হৈ মৃত্তিকা গঠন কৰে।

মৃত্তিকা গঠনকাৰী কাৰকঃ মৃত্তিকাৰ গঠন প্ৰক্ৰিয়াত কিছুমান কাৰকে সহায় কৰে, যিবোৰ মৃত্তিকা গঠনকাৰী কাৰক বুলি কোৱা হয়। মৃত্তিকাৰ গঠন খৰটকীয়া বা লেহেম, মৃত্তিকাৰ গুনাগুন আদি বিষয়বোৰ ইয়াৰ গঠনকাৰী কাৰকবোৰে নিয়ন্ত্ৰন কৰে। সেয়ে মৃত্তিকা গঠনত, গঠনকাৰী কাৰকবোৰৰ প্ৰভাৱ বেছি গুৰুত্বপূৰ্ণ।

মৃত্তিকা গঠনত প্ৰধানকৈ তলত উল্লেখ কৰা পাছবিধ কাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(ক) মূল পদাৰ্থ    (খ) স্থলাকৃতি    (গ) জলবায়ু    (ঘ) জৈৱিক কাৰ্য)    (ঙ) সময় বা কাল

মৃত্তিকা গঠনত জলবায়ুৰ ভূমিকাঃ মৃত্তিকা সৃষ্টিৰ ক্ষেত্ৰত জলবায়ুৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। জলবায়ুৰ প্ৰধান উপাদান দুবিধ যেনে- (ক) আৰ্দ্ৰতা ইয়াৰ প্ৰৱনতা, বৃষ্টিপাতৰ পৰিমান, বাৰংবাৰতা আৰু বৃষ্টিপাতৰ কাল, (খ) তাপক্ৰম দৈনিক আৰু ঋতু অনুযায়ী পৰিবৰ্তন। চমুকৈ বৰষুন আৰু উত্তাপ এই দুবিধ কাৰকে মৃত্তিকা গঠনত প্ৰধান ভূমিকা গ্ৰহন কৰে।

জৈৱিক কাৰ্যৰ ভূমিকাঃ বিভিন্ন গছ-গছনিৰ অৱশিষ্টই হিউমাছ সৃষ্টি কৰাৰ লগতে মাটিত গাত খান্দি বসবাস কৰা কীত পতংগ তথা কেছু-কুমটিয়ে তলৰ মাটি ওপৰ কৰি দিয়াৰ ফলত পানী-মাটিৰ ভিতৰলৈ সোমাই যাব পাৰে। যাৰ ফলত মাটি হৈ পৰে প্ৰবেশ্য।  


প্ৰকল্প কাৰ্য (Project) 

তোমাৰ চাৰিওফালে থকা ভূ-প্ৰকৃতি আৰু পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি জলবায়ু, সম্ভৱপৰ বিচুৰ্ণীভৱন প্ৰক্ৰিয়া, মৃত্তিকাৰ  উপকৰণ আৰু বৈশিষ্ট্য মন কৰা আৰু অভিলেখ (record) কৰা ।


Type :  Priyam Jyoti Patar

Answered By : Leena Kakati




Post ID : DABP006529