Chapter: 1

হৰপ্পা সভ্যতা

 (The Harappaa Civilisation) 

◻️ চমু প্ৰশ্নঃ


১। কোনে কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ- প্ৰত্নতত্ববিদ ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহনী আৰু ছাৰ জন মাৰ্চেলে ১৯২২ খৃঃ ত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। 


২। বর্তমান কোন কোন প্রদেশত হৰপ্পা সভ্যতাৰ নগৰ সমূহ আছিল?

উত্তৰঃ-  বৰ্তমানৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ (মন্টগোমাৰী জিলা) আৰু সিন্দু প্ৰদেশ ( লাৰকানা জিলা) ত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল।


৩। হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি আছিল?

উত্তৰঃ- হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ আছিল তাম, ৰূপ, সোণ, ব্ৰঞ্জ, জেছপাৰ, ক্ৰিষ্টেল, শ্বেত পাথৰ, কৰ্ণেলিয়ন, কোৱাৰ্টজ আদি।


৪। লােথালত ব্যৱহাৰ কৰা দুই প্রকাৰৰ ইটা কি কি আছিল?

উত্তৰঃ- লোথালত ব্যৱহাৰ কৰা দুই প্ৰকাৰৰ ইটা হ'ল- ৰ'দত শুকুৱা ইটা আৰু পোৰা ইটা।


৫। হৰপ্পাৰ শিল্প উদ্যোগৰ প্রধান স্থানসমূহ কি কি আছিল?

উত্তৰঃ-  হৰপ্পা শিল্প উদ্যোগৰ প্ৰধান স্থানসমূহ আছিল- লোথাল, ঢোলভিৰা, বালাকোট, চানহুদাৰো, নাগেশ্বৰ আদি।


৬। হৰপ্পা সভ্যতাৰ লিপি সমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ- হৰপ্পা সভ্যতাৰ লিপি সমূহৰ দুটা বৈশিষ্ট্য হ'ল-

১। লিপিসমূহত যথেষ্ট সংখ্যক চিহ্ন ব্যৱহাৰ কৰা হৈছিল।

২। লিপিসমূহ সোঁ-ফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল।


৭। হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ কি কি আছিল?

উত্তৰঃ- হৰপ্পা সভ্যতাৰ মূল খাদ্য শস্যসমূহ হ'ল- ঘেঁহু, গম, যৱ, বাৰ্লি, কপাহ আদি।


৮। হৰপ্পা জোখ-মাপ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- হৰপ্পা জোখ-মাপ পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল- 

১। দগা বোৰ চাৰ্ট নামৰ শিলৰ পৰা নিৰ্মাণ কৰা হৈছিল।

২। আটাইতকৈ কম ওজনৰ দগা বোৰ অলংকাৰ আৰু মণি জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল।


৯। হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম উল্লেখ কৰা।

উত্তৰঃ- হৰপ্পা সভ্যতাৰ দুটা স্থানৰ নাম হ'ল- ঢোলভিৰা, লোথাল।


১০। হৰপ্পা সভ্যতাৰ যিকোনাে দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ- হৰপ্পা সভ্যতাৰ যিকোনো দুটা মূল বৈশিষ্ট্য হ'ল- 

১। হৰপ্পা সভ্যতাৰ এক প্ৰধান বৈশিষ্ট্য হ'ল বিস্তিত আভ্যন্তৰীণ আৰু বৈদেশিক বাণিজ্য।

২। হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্য হ'ল নগৰ পৰিকল্পনা।


১১। হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সজুলি বিধৰ নাম কি আছিল।

উত্তৰঃ- হৰপ্পা সভ্যতাৰ শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সজুলি বিধৰ নাম হ'ল- চালন পাথৰ।


১২। হৰপ্পা লােকসকলৰ জীৱন নির্বাহৰ দুটা কৌশল লিখা।

উত্তৰঃ- হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ দুটা কৌশল হ'ল-

১।হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ প্ৰধান কৌশল আছিল কৃষিকাৰ্য।

২। হৰপ্পা লোকসকলৰ জীৱন নিৰ্বাহৰ আন এটা কৌশল হ'ল বেপাৰ-বাণিজ্য।


১৩। 'ভাৰতৰ পুৰাতত্ব জৰীপ’ বিভাগৰ প্ৰথমজন সঞ্চালক প্রধান কোন আছিল?

উত্তৰঃ- 'ভাৰতৰ পুৰাতত্ব জৰীপ' বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান আলেকজেণ্ডাৰ কানিংহাম।


◻️ বহলাই লিখাঃ


১। প্রত্নতত্ত্ববিদসকলে হৰপ্পা সভ্যতাৰ আর্থসামাজিক ভিন্নতা কেনেদৰে নির্ণয় কৰিছিল? কি কি দিশত ভিন্নতা পৰিলক্ষিত হৈছিল?

উত্তৰঃ- পুৰাতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক সমলৰ ভেটিত হৰপ্পা সভ্য়তাৰ বাসিন্দাসকলৰ মাজত আৰ্থসামাজিক ভিন্নতা জানিবলৈ চেষ্টা কৰিছিল। সেই বোৰৰ ভিত্তিত হৰপ্পা সভ্য়তাৰ এখন শ্ৰেণী বিভক্ত সমাজ বুলি অনুমান কৰিছে। মিছৰৰ কিছুমান পিৰামিড সিন্ধু সভ্য়তাৰ সমসাময়িক আছিল। তাৰে কিছুমান ৰাজকীয় পিৰামিড আছিল। সেই পিৰামিডসমূহত বৃহ ধন-সম্পত্তি পোতি ৰখা হৈছিল। হৰপ্পা সভ্য়তা সংস্কৃতিত মৃতকক দাহ কৰা প্ৰচলন নাছিল। ইয়াৰ সলনি মৃত ব্য়ক্তিক পুতি ৰখা হৈছিল। খনন কাৰ্যৰ ফলত ৫৭ টা কবৰ চিন পোৱা গৈছিল। কিছুমান কবৰৰ গাঁত ইটাৰে নিৰ্মাণ কৰিছিল।  

    হৰপ্পা সভ্য়তাৰ কিছু কিছু স্থানত প্ৰমাণ হৈছে মৃত ব্য়ক্তিৰ কবৰত তামৰ দাপোণ দিয়া হৈছিল। নিত্য় ব্য়ৱহাৰ সামগ্ৰীসমূহ সাধাৰণ বস্তু শিল বা মাটিৰে নিৰ্মাণ কৰা হৈছিল। এই বোৰৰ ভিতৰত কেঁচী, জাঁত, মৃৎপাত্ৰ আৰু গা ঘঁহা ব্ৰাছ আদি। পুৰাতত্ত্ববিদসকলৰ মতে স্থানীয়ভাৱে উপলদ্ধ নোহোৱা মূল্য়ৱান ধাতু আৰু জটিল প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা সামগ্ৰীসমূহে আছিল বিলাসী। 


২। হৰপ্পা সভ্যতাৰ নলা-নর্দমা ব্যৱস্থাই নগৰ পৰিকল্পনাৰ ইংগিত বহন কৰে বুলি তুমি ভাবানে? যুক্তি দশোৱা।

উত্তৰঃ- নলা-নৰ্দমা নিৰ্মাণ প্ৰণালী হৰপ্পাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য় বৈশিষ্ট্য় আছিল। নলা বোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ তেওঁলোকে শিল বা ইটাৰ ঢাকনীয়ে ঢাকী ৰাখিছিল আৰু নলাবোৰৰ চাফা কৰি ৰাখিবলৈ ঢাকনীৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছিল। Lower Townত লক্ষ্য় কৰিলে দেখা যায় যে নগৰসমূহৰ ৰাস্তা আৰু গলিসমূহ প্ৰায় গ্ৰিড পদ্ধতিয়ে বনোৱা হৈছিল। সেই ৰাস্তাবোৰ সমান আছিল পৰস্পৰে সমকোণী ভাৱে কটাকটি কৰিছিল। ইয়াৰ পৰা তেওঁলোকে প্ৰমাণ কৰিছে যে তেওঁলোকে প্ৰথমে নলাৰে সৈতে ৰাস্তাৰসমূহ নিৰ্মাণ কৰিছিল আৰু তাৰ কাষে কাষে বিভিন্ন ভৱন আৰু গৃহ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ পৰিকল্পনাবোৰ আছিল যদি ঘৰৰ লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পেলাব লগা হয়, তেনেহলে প্ৰত্য়েকটো ঘৰৰ যিকোনো এখন দেৱাল ৰাস্তাৰ কাষত থাকিব লাগে। কাৰণ লেতেৰা পানীসমূহ অতি সহজতে ৰাস্তাৰ নলাত পেলাব পাৰে।

    হৰপ্পা সভ্য়তাৰ নলাসমূহত ঢাকনী হিচাপে চূন-শিল ব্য়ৱহাৰ কৰিছিল। ঘৰৰ নলাসমূহৰ পানীৰ লগত যিমানবোৰ আৱৰ্জনা যায় সেইবোৰ বন্ধ কৰিব কাৰণে নলাবোৰৰ কিছু কিছু ঠাইত গাঁত খান্দি ৰখা হৈছিল। ইয়াৰ পৰা লেটেৰা পানীবোৰ ৰাস্তাৰ নলাত পৰিছিল। 


৩। হৰপ্পা সভ্যতাৰ মণি তৈয়াৰ কৰা পদ্ধতি সম্পকে কি জানা লিখা।

উত্তৰঃ- মণি তৈয়াৰ কৰিবলৈ বিভিন্ন ধৰণৰ পাথৰ যেনে- কাৰ্ণিলিয়ন, এবিধ ৰঙা জেছপাৰ, ক্ৰিষ্টেল, কোৱাৰ্টজ, আৰু শ্বেত পাথৰ ইত্যাদি ব্যৱহাৰ কৰিছিল। কিছুমান মণি দুটুকুৰা পাথৰ জোৰা দি প্ৰস্তুত কৰা হৈছিল আৰু কিছুমান মণি সোণৰ পাতেৰে মেৰুৱা আছিল। মণিবিলাকৰ আকাৰো আছিল ভিন ভিন, যেনে- চক্ৰাকাৰ, গোটাসজীয়া, গোলাকাৰ, ঢোলাকাৰ আৰু খণ্ডিত। কিছুমান মণিৰ ওপৰত চিত্ৰ আৰু ৰেখাচিত্ৰ অংকন কৰা হৈছিল।

        ধাতু আৰু পৰ্দাথ অনুসৰি মণি নিৰ্মাণ কৌশল আৰু প্ৰক্ৰিয়া ভিন ভিন হয়। কিছুমান ধাতু কোমল আৰু কিছুমান কঠিন। কোমল ধতুৰ মণি প্ৰস্তুত কৰাটো সহজ আছিল। উদাহৰণ স্বৰূপে শ্বেত পাথৰৰ মণি প্ৰস্তুত কৰাটো সহজ আছিল। শ্বেত পাথৰৰ গুড়িৰ সংমিশ্ৰণ সাঁচত ঢালিও কিছুমান মণি প্ৰস্তুত কৰা হৈছিল। সাঁচত ঢলা মণিবোৰ কঠিন শিলত কটা জ্যামিতিক আকাৰৰ মণিবোৰৰ বিপৰাতে বিভিন্ন আকাৰৰ হয়। সূক্ষ্ম মণিসমূহৰ প্ৰস্তুত প্ৰণালী আজিও পুৰাতত্ত্ববিদসকলৰ কাৰণে ৰহস্য হৈ আছে।

        পুৰাতত্ত্ববিদসকলে পৰীক্ষাৰ পৰা এইটো জানিব পৰা গৈছে যে ঈষৎ হালধীয়া কেঁচা সামগ্ৰী আৰু মণিসমূহ উৎপাদনৰ বিভিন্ন পৰ্যায়ত জুইত পুৰি জাৰ্ণিৰ্লিয়নৰ ৰঙা ৰঙটো পোৱা গৈছিল। এই মণিসমূহ প্ৰস্তুত কৰোতে প্ৰথমে খহটা শিলসমূহ সৰু সৰু টুকুৰা কৰি লোৱা হৈছিল। ইয়াৰ পিছত বিভিন্ন পৰ্যায়ত এই সৰু সৰু টুকুৰাবোৰ ঘঁহি পিহি পলিচ কৰি বিন্ধা কৰা হৈছিল। মণিসমূহ ফুটা কৰা বিশেষ উপকৰণসমূহ চানহুদাৰো, লাথোল আৰু অলপতে ঢোলভিৰাত আৱিষ্কাৰ কৰা হৈছে।


৪। মহেঞ্জোদাৰাে নগৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ- মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্য়সমূহৰ হৈছে 

    ১। এখন পৰিকল্পিতৰ নগৰঃ হৰপ্পাৰ সভ্য়তাৰ প্ৰধান বৈশিষ্ট্য় হৈছে  নগৰ পৰিকল্পনা। হৰপ্পাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা নগৰসমূহৰ প্ৰধান নগৰ হৈছে মহেঞ্জোদাৰো। সিন্ধু উপত্য়কা সভ্য়তাৰ সকলোবোৰ পুৰাতাত্ত্বিক স্থানৰ ভিতৰত বিশ্ববিখ্য়াদ আছিল মহেঞ্জোদাৰো। হৰপ্পাৰ সভ্য়তাৰ সময়ত উদ্ধাৰ হোৱা নগৰসমূহৰ আৱাসিক অঞ্চলসমূহক দুটা ভাগত ভাগ কৰা হৈছিল। সেই ভাগদুটা হৈছে ১) ওখ অঞ্চলত নিৰ্মাণ কৰা আৰু ২) নিম্ন অঞ্চলত নিৰ্মাণ কৰা। কেঁচা ইটাৰে নিৰ্মাণ কৰা বাবে দুৰ্গৰ ঘৰবিলাক ওখ মঞ্চৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। দুৰ্গসমূহ ওখ বেৰাৰে আবৃত আছিল। Lower Town সমূহো বেৰাৰ আবৃত আছিল।

    ২। নলা নিৰ্মাণঃ নলা নিৰ্মাণ আছিল হৰপ্পাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য় বৈশিষ্ট্য়। বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিল নাইবা ইটাৰ ঢাকনীয়ে ঢাকি ৰাখিছে। নলাৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ ঢাকনীৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছে। ৰাস্তাসমূহ সমান আছিল আৰু সকলোৱে সমকোণী ভাৱে কটাকটি কৰিছিল। প্ৰথমে নলাৰে সৈতে ৰাস্তাসমূহ নিৰ্মাণ কৰি পিছত ইয়াৰ কাষে কাষে বিভিন্ন ধৰণৰ ভৱন আৰু গৃহ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ কাৰণ যদি ঘৰৰ লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পেলাব লগা হয় তেনেহলে সকলো লোকৰ ঘৰৰে যিকোনো এখন দেৱাল ৰাস্তাৰ খাষত হব লাগে। 

    ৩। গৃহ স্থাপত্য়ঃ হৰপ্পা সভ্য়তাত গৃহ-নিৰ্মাণৰ বহুতো সমল উদ্ধাৰ হৈছে। মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰৰ ঘৰবোৰ পোৱা আৰু ৰদত শুকোৱা দুবিধ ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰ সজা কামত কাঠ ব্য়ৱহাৰ কৰিছিল। ঘৰবোৰৰ মাজত একোখনকৈ চোতাল আৰু ইয়াৰ চাৰিওফালে কোঠাসমূহ আছিল। গৰম দিনত ৰন্ধা-বঢ়া আৰু তাঁত বোৱা কাম কৰিছিল। ঘৰবোৰৰ তলৰ মহলৰ বেৰত কোনো খিৰিকী নাছিল। কিছুমান ঘৰ দুই-তিনি মহলীয়া আৰু আহল-বহল আছিল। 

    ৪। দুৰ্গঃ হৰপ্পা সভ্য়তাত দুৰ্গ নিৰ্মাণ কৰা হৈছিল। বাহিৰা শত্ৰু হাতৰ পৰা ৰখা পাবলৈ তেওঁলোকে দুৰ্গ নিৰ্মাণ কৰিছিল। দুৰ্গ ভিতৰত ভঁৰাল নিৰ্মাণ কৰি লৈছিল। ইয়াৰ ভিতৰত হৰপ্পাৰ বৃহৎ ৰাজহুৱা ভঁৰালটো কথা উল্লেখ কৰিছে। এই ভঁৰাল ঘৰটো উত্তৰে-দক্ষিণে ঘৰটোৰ দৈঘ্য় ১৬৯ ফুট আৰু প্ৰস্থ ১৩৫ ফুট। মাজ ভাগত ২৩ ফুট বহল এটা পথ পোৱা গৈছে। সেই ভঁৰাল ঘৰটোক সমানে দুটা ভাগত ভাগ কৰা হৈছে।  

0

৫। হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ কি কি আছিল আৰু এইবােৰ ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ- হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগত ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহ হ'ল পাথৰ, কাঠ তথা ধাতু আদিয়েই প্ৰধান।

    হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে উৎপাদন কৰা বিভিন্ন শিল্পজাত সামগ্ৰীৰ কাৰণে আৱশ্যক হোৱা কেঁচা সামগ্ৰী বিভিন্ন উপায়েৰে সংগ্ৰহ কৰিছিল। উদাহৰণস্বৰূপে নাগেশ্বৰ আৰু বালাকোটত বসতি স্থাপন কৰি শংখ সংগ্ৰহ কৰিছিল। সিন্ধু সভ্যতাৰ যুগত তাম, ব্ৰঞ্জ, ৰূপ আৰু সোণৰ ব্যৱহাৰ আছিল। সিন্ধু সভ্যতাত তাম খুব কম পৰিমাণে পোৱা গৈছে কিন্তু দক্ষিণ ভাৰতৰ ৰাজস্থান আৰু আফগানিস্থানৰ  পৰা তাম আমদানি কৰি তামৰ প্ৰয়োজন পূৰাইছিল।আফগানিস্থানৰ শ্ৰোতঘাইৰ পৰা নীলা ৰঙৰ মূল্যৱান পাথৰ লেপিছ লাজুলিৰ (Lapis lazuli) সংগ্ৰহ কৰা হৈছিল। গুজৰাটৰ ভৰোচৰ পৰা কাৰ্ণিলিয়ান, ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা শ্বেত পাথৰ আৰু আন ধাতু ৰাজস্থানৰ পৰা সংগ্ৰহ কৰিছিল। সিন্ধু সভ্যতাবাসীয়ে নদীৰ বালিৰ পৰা সো সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি দক্ষিণ ভাৰত আৰু আফগানিস্থানৰ পৰাও তেওঁলোকে সোণ আমদানি কৰি অলঙ্কাৰ আদি তৈয়াৰ কৰিছিল। ৰাজপুতনা, দক্ষিণ ভাৰত, পাৰস্য আৰু আফগানিস্থান আদি অঞ্চলৰ পৰা সীহ আমদানি কৰা হৈছিল। এইদৰে বিদেশৰ পৰা মূল্যৱান পাথৰো আমদানি কৰাৰ ব্যৱস্থা কৰা হৈছিল। চানহুদাৰোত কিছুমান মূল্যৱান পাথৰ পোৱা গৈছিল

        কেতিয়াবা কেতিয়াবা তাম সংগ্ৰহ কৰিবৰ কাৰণে ৰাজস্থানৰ ক্ষেত্ৰী আৰু সোণ সংগ্ৰহৰ কাৰণে কৰ্ণাটকৰ কোলাৰ পর্যন্ত অভিযান প্ৰেৰণ কৰিছিল। এই অভিযানসমূহে স্থানীয় লোকসকলৰ লগত সম্পর্ক গঢ়ি তুলিছিল। এই অঞ্চলত ঠায়ে ঠায়ে উদ্ধাৰ হোৱ হৰপ্পাৰ প্রত্নতাত্ত্বিক সমলসমূহে এই সম্পৰ্কৰ কথাকে প্ৰমাণ কৰে৷ ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চলত উদ্ধাৰ হোৱা এনে সমলসমূহৰ প্রত্নতত্ববিদসকলে গণেশৰ যোধপুৰ সংস্কৃতি আখ্যা দিছে। ইয়াত উদ্ধাৰ হোৱা মৃৎ পাত্ৰসমূহ হৰপ্পাত উদ্ধাৰ হোৱা মৃ পাত্ৰতকৈ বেলেগ আছিল। এই অঞ্চলৰ বাসিন্দাসকলে হৰপ্পালৈ তাম যোগান ধৰিছিল।


৬। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ আলােচনা কৰা।

উত্তৰঃ- হৰপ্পা সভ্য়তাৰ পতনৰ কাৰণসমূহ বিষয়ে তলত আলোচনা কৰা হ'ল-

    ২০০০ খৃঃৰ পিছত সিন্ধু সভ্য়তাৰ বিলুপ্তি খৰতকীয়া হৈ পৰিছিল। সেই সময়তে মহেঞ্জোদাৰো আৰু হৰপ্পা নগৰীৰ অস্তিত্ব লোপ পাইছিল। বহুতো মানুহে নিজৰ স্থান এৰি আন ঠাইলৈ গুচি গৈছিল। সমসাময়িক ভাৱে গুজৰাট, পশ্চিম উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা নতুন জনবসতি অঞ্চলসমূহত জনসংখ্য়া বৃদ্ধি হৈছিল। চীল, দগা, মোহৰ, আৰু মণি দূৰণিবটীয়া ব্য়ৱসায় আৰু শিল্প উদ্য়োগসমূহৰ অৱসান ঘটিছিল। সিন্ধু সভ্য়তাৰ আৰু মেচোপটেমিয়া মাজত বাণিজ্য়িক সম্পৰ্ক নাইকীয়া হৈ গৈছিল। ইয়াৰ কাৰণে কৃষক, শ্ৰমিক, বাঢ়ৈ আৰু শিল্পীসকল জুৰুলা হৈ পৰিছিল। ইয়াৰ বাবে হৰপ্পা সভ্য়তাৰ অৰ্থনীতিৰ পতন হৈছিল।হৰপ্পা সভ্য়তাৰ পতন হোৱা পিছত কাৰিকৰী লোকৰ অভাৱ হৈছিল। বস্তু উৎপাদন কৰিবলৈ কম পৰিমাণে কেঁচামাল ব্য়ৱহাৰ কৰিছিল আৰু ঘৰ নিৰ্মাণৰ কৌশল ক্ৰমাৎ নিম্নগামী হৈছিল। 

    হৰপ্পা সভ্য়তাৰ ধ্বংসৰ অন্য়তম কাৰণ হ'ল ভূ-প্ৰাকৃতিক পৰিৱৰ্তন। ইতিহাসবিদসকলৰ মতে সিন্ধু উপত্য়কাৰ ভূমিৰ উৰ্বৰতা কমি আহিছিল। বহুতো ঠাই মৰুভূমিলৈ পৰিৱৰ্তন হৈছিল। এইবোৰে জন-জীৱন বিপন্ন কৰি তুলিছিল। বানপানী, ভূমিকম্প আৰু মহামাৰী হৰপ্পা সভ্য়তাৰ মূল কাৰণ আছিল। বিশৃংখলভাৱে পৰি থকা নৰ কংকালসমূহৰ পৰা তেওঁলোকে অনুমান কৰিছিল যে হঠাতে হোৱা কোনো দুৰ্যোগৰ ফলত এই সভ্য়তাৰ পতন হৈছিল। বহিঃআক্ৰমণত সিন্ধু সভ্য়তা ধ্বংস হৈছিল।  


৭। হৰপ্পাৰ কৃষি পদ্ধতিৰ ওপৰত এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ-  হৰপ্পাৰ কৃষি পদ্ধতিৰ বিষয়ে তলত আলোচনা কৰা হৈছে 

     হৰপ্পা সংস্কৃতিৰ মূল ভেটি আছিল কৃষিকাৰ্য। সেই যুগৰ মানুহে বহুতো ধৰণৰ খেতি কৰিছিল আৰু সেইবোৰ হৈছে গম, যৱ, ঘেঁহু, কপাহ, মটৰ আৰু বাৰ্লি আদি। চাউলৰ ব্য়ৱহাৰৰ নিদৰ্শন তুলনামূলকভাৱে অতি কম আছিল। লোথাৰত ধান খেতি কৰা হৈছিল। সেই ধান খেতি কৃষিজাত নে বনৰীয়া সেই বিষয়ে তেওঁলোকে জনা নাছিল। খেজুৰ, তৰমুজ আৰু আঙুৰ আদি ফল উৎপাদিত হৈছিল। হৰপ্পাৰ লোকসকলে আমিষ আৰু নিৰামিষ দুয়োৰ প্ৰকাৰৰ খাদ্য় খাইছিল। 

    হৰপ্পা সংস্কৃতিৰ বাসিন্দাসকলে জবকাৰে মাটি চাহ কৰিছিল। তেওঁলোকে হাল বাই খেতি কৰিছিল। চীল-মোহৰত ষাঁড়গৰুৰ প্ৰতীক ব্য়ৱহাৰ চাই গৰুক হাল বোৱা আৰু গাড়ী টনা কামত ব্য়ৱহাৰ কৰিছিল। তেওঁলোকে একে সময়তে দুবিধ বেলেগ বেলেগ শস্য় উৎপাদন কৰিছিল। হৰপ্পা সংস্কৃতিৰ বাসিন্দাসকলে শস্য় চপাবলৈ কাঠৰ নাল লগোৱা ধাতুৰ সৰঞ্জাম ব্য়ৱহাৰ কৰিছিল। হৰপ্পাৰ অধিকাংশ ক্ষেত্ৰ অৰ্ধশুষ্ক স্থানত অৱস্থিত। সেই ঠাইত কৃষিকাৰ্যৰ কাৰণে জলসিঞ্চনৰ আৱশ্য়ক হৈছিল। 



৮। হৰপ্পাৰ গৃহ নির্মাণ পদ্ধতি সম্পর্কে আলােচনা কৰা।

উত্তৰঃ-  হৰপ্পা সভ্যতাত গৃহ-নিৰ্মাণৰ যথেষ্ট সমল উদ্ধাৰ হৈছে। মহেঞ্জোদাৰোৰ নামনি চহৰ অঞ্চল আৱাসিক গৃহৰ কাৰণে বনোৱা হৈছিল। মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰৰ ঘৰবোৰ পোৰা আৰু ৰ'দত শুকোৱা এই দুইবিধ ইটাৰে নিৰ্মাণ কৰা হৈছিল। ঘৰ সজা কামত কাঠ ব্যৱহাৰ কৰাৰো প্ৰমাণ পোৱা গৈছে। ঘৰবোৰৰ মাজত একোখনকৈ চোতাল আৰু ইয়াৰ চাৰিওফালে কোঠাসমূহ আছিল। বিশেষকৈ গৰম দিনত ইয়াত ৰন্ধা-বঢ়া আৰু তাঁত বোৱা কাম কৰিছিল। ঘৰবিলাক যথেষ্ট আবুৰ আছিল, তলৰ মহলৰ বেৰত কোনো খিৰিকী নাছিল। কিছুমান ঘৰ দুই-তিনি মহলীয়া আৰু আহল-বহল আছিল। প্ৰত্যেকটো  থকা ঘৰৰ লগত একোটাকৈ পকী নাদ ৰান্ধনিঘৰ আৰু স্নানাগাৰ আৰু স্নানাগাৰৰ পৰা আহিবলৈ পানী ওলাই যাব পৰা নলা আছিল। থকা ঘৰবিলাক শাৰী শাৰীকৈ সজা আছিল। তিনি-চাৰিটা কোঠালী থকা ঘৰো দেখা যায়। কেইবা মহলীয়া বৃহৎআকাৰৰ ঘৰৰো প্ৰমাণ পোৱা গৈছে। কাৰণ, ইয়াত ওপৰলৈ উঠিব পৰাকৈ খটখটিৰ ব্যৱস্থা আছিল। মহেঞ্জোদাৰোত আৱিষ্কৃত এনে ধৰণৰ ডাঙৰ ঘৰবোৰৰ ভিতৰত ওখ-ওখ খুঁটাৰে সজা এটা হলঘৰ থকাৰ প্ৰমাণ পোৱা যায়। ঘৰবোৰৰ গঠন-কৌশল আৰু পৰিসৰৰ পৰা ধনী-দুখীয়াৰ বাসস্থানৰ পাৰ্থক্য জনা যায়। ঘৰবোৰত তেওঁলোকে স্থায়িত্ব আৰু সুবিধা ৰখালৈ যিমান শুৰুত্ব দিছিল, সৌন্দৰ্য সৃষ্টি কৰিবলৈ সিমান গুৰুত্ব দিয়া নাছিল। পণ্ডিতসকলে অনুমান কৰিছে যে মহেঞ্জদাৰোত ৭০০ পকী নাদ আছিল।


৯। ৰাজ প্রাসাদ আৰু শাসকসকলৰ সম্বন্ধে কি জানা লিখা।

উত্তৰঃ-  ৰাজপ্রাসাদ আৰু শাসকসকল (Palaces and kings) : সিন্ধু সভ্যতাৰ যুগত সমগ্ৰ অঞ্চলটোত যি ৰাজনৈতিক ব্যৱস্থা আছিল সেই বিষয়ে আজিলৈকে কোনো সিদ্ধান্ত হোৱা নাই। হপ্পা আৰু মহেঞ্জোদাৰোৰ খননৰ ফলত উদ্ধাৰ হোৱা সমলবোৰৰ পৰাও সেই যুগৰ ৰাজনৈতিক চিত্ৰখন অনুমান কৰিব নোৱাৰি। এতিয়ালৈকে পোৱা বিভিন্ন প্রত্নতাত্ত্বিক সমলবোৰৰ পৰা নগৰ এলেকাত বিদ্বান লোক, যোদ্ধা, বণিক আৰু হস্তশিল্পী শ্ৰেণীৰ মানুহৰ বসতি সম্পৰ্কে অনুমান কৰিব পাৰি। মহেঞ্জোদাৰো, হৰপ্পা আদিৰ এক নগৰ কেন্দ্ৰিক জীৱন যাত্ৰা প্ৰণালী চলিছিল। মহেঞ্জোদাৰোত অতি বৃহৎ আকাৰৰ হাৰত ধ্বংসাৱশেষো আৱিষ্কাৰ হৈছে। পণ্ডিতসকলৰ অনুমান যে এইবোৰ মঠ মন্দিৰ বা ৰাজপ্রাসাদ আছিল। কিন্তু ইয়াৰো কোনো সঠিক প্রমাণ নাই। তাত উদ্ধাৰ হোৱা এটি শিলৰ মূৰ্তিক পুৰাতত্ত্ববিদসকলে ‘পুৰোহিত ৰজা' নাম দিছে। খুব সম্ভৱ মেচোপটেমিয়া ৰাজ্য তাৰ ‘পুৰোহিত ৰজা’ৰ লগত ইয়াক জড়িত কৰিব বিচৰা হৈছিল। কিন্তু হৰপ্পা সভ্যতাৰ ধ্বংসাৱশেষৰ মাজত কোনো মঠ-মন্দিৰৰ অস্তিত্বৰ প্ৰমাণো আৱিষ্কৃত হোৱা নাই। গতিকে মেচোপটেমিয়াৰ দৰে ইয়াতো পুৰোহিত শ্ৰেণীৰ প্ৰাধান্য আছিল বুলি কোৱাটো টান।

        মহেঞ্জোদাৰোৰ নগৰ পৰিকল্পনাৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে। তেনেবোৰ পৌৰ প্ৰশাসনৰ কাম নিয়াৰিকৈ চলাবলৈ নিশ্চয় কিবা প্রশাসনিক ব্যৱস্থা আছিল। হৰপ্পা, মহেঞ্জোদাৰোৰ সৰহ সংখ্যক মানুহ বণিক গোষ্ঠীৰ আছিল। গতিকে এক সু-সংগঠিত বণিক সংঘই হয়তো পৌৰ এলেকাৰ কাম-কাজ আৰু অন্যান্য ব্যৱস্থাৱলীৰ ওপৰত চকু দিছিল। দূৰৱৰ্তী এলেকাবোৰত কি ৰাজনৈতিক ব্যৱস্থা চলিছিল সেই বিষয়ে জানিবৰ কোনো ঐতিহাসিক সমল নাই। কিছু সংখ্যক ইতিহাসবিদৰ মতে হৰপ্পা-মহেঞ্জোদাৰে৷ লোথাল আদিত পৃথক পৃথক ৰজা আছিল। আকৌ বহুতৰ মতে ই এখন ৰাজ্য আছিল। সি যি কি নহওক, এইটো ঠিক যে সমগ্র অঞ্চলটোত এক কেন্দ্ৰীভূত শাসন ব্যৱস্থা চলিছিল। যাৰ ফলত তাত উদ্ধাৰ হোৱা সকলো বস্তুৰে আৰু আৱাসিকস্থলৰ এক অদ্ভূত সাদৃশ্য পৰিলক্ষিত হয়।


১০।হৰপ্পা সভ্যতাৰ বৰ্হি দেশৰ লগত সম্পর্কে আলােচনা কৰা।

উত্তৰঃ- বৰ্হি দেশৰ লগত সম্পর্ক (Contract with distant lands) : অলপতে চলোৱা প্ৰত্নতাত্বিক খননৰ পৰ এইটো জানিব পৰা গৈছে যে হৰপ্পাবাসীসকলে আৰৱ উপদ্বীপ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত ওমানৰ পৰা তাম আমদানি কৰিছিল। ৰাসায়নিক বিশ্লেষণৰ যোগেদি প্ৰমাণ কৰা হৈছে যে ওমানি তাম আৰু হৰপ্পাত উদ্ধাৰ হোৱা তামৰ বস্তু দুয়োটাতেনিকেল মিহলি আছিল। অর্থাৎ দুয়োটাৰে উৎস একে বুলি ক’ব পাৰি। পুৰাতত্ববিদসকলে ‘হৰপ্পান জাৰ’ (Harrappan Jar) নামে এবিধ বিশেষ বাচন ওমানত উদ্ধাৰ কৰিছে৷ এই বাচন বিধত ক'লা ৰঙৰ মাটিৰ এটিবিশেষ লেপন আছিল। ই জুলীয়া পদাৰ্থ নিগৰি ওলোৱাত বাধা দিছিল। অৱশ্যে এই বাচনবিধ হৰপ্পাবাসীয়ে কি কামত ব্যৱহাৰ কৰিছিল তাক জানিব পৰা হোৱা নাই। খুব সম্ভৱ হৰপ্পাবাসীয়ে এই বাচন বিধত ৰখা পদাৰ্থৰ বিনিময়ত ওমানৰ পৰা তাম সংগ্ৰহ কৰিছিল।

        খৃঃ পূঃ ৩০০০ বছৰৰ আগৰ মেছোপটেমিয়াৰ লিপিত মগান নামে ঠাইৰ পৰা তাম আমদানি কৰাৰ কথা উল্লেখ আছে। এই মগান সম্ভৱতঃ ওমানেই আছিল। ইয়াৰ পৰা তাম আমদানি কৰাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। সেইদৰে মেছোপটেমিয়াত কিছু সংখ্যক হৰপ্পাৰ চীল, মোহৰ, দগা, পাল্লা আৰু য়মণি উদ্ধাৰ হোৱালৈ চাই সেই অঞ্চলৰ লগত হৰপ্পাবাসীৰ যোগাযোগ থকাটো প্রমাণ কৰে। এই ক্ষেত্ৰত এইটো উল্লেখযোগ্য যে মেছোপটেমিয়াৰ লিপিত দিলমুন (সম্ভৱতঃ বাহৰেইন দ্বীপ) মগান আৰু মেলুহা আদি ঠাইৰ লগত সম্পৰ্ক থকাৰ কথা উল্লেখ আছে। মেছোপটেমিয়াৰ লিপিত মেলুহা নামৰ এখন দেশৰ পৰা আমদানিকৃত কেইপদমান সামগ্রী যেনে— কাৰ্ণিলিয়ন, লেপিছ লাজুলি, তাম, সোণ আৰু বিভিন্ন প্ৰকাৰৰ কাঠৰ কথা উল্লেখ আছে। তেনে উল্লেখিত সামগ্ৰী যে ভাৰতৰে বস্তু আছিল সেই সম্পর্কে সন্দেহ নাই। গতিকে পণ্ডিতসকলে মত পোষণ কৰিছে যে প্রাচীন মেছোপটেমিয়া সভ্যতাৰ মানুহে ‘মেলুহা’ শব্দটোক নিশ্চয় হৰপ্পা সভ্যতাৰ কথা বুজাবলৈ ব্যৱহাৰ কৰিছিল। মেছোপটেমিয়ান উপকথাত মেলুহাৰ বিষয়ে এনেদৰে কৈছে “তোমাৰ পক্ষী হ’ল হাজাপক্ষী, ইয়াৰ শব্দ ৰাজ প্রাসাদতো শুনা যায়।” হাজাপক্ষীৰ বিষয়ে বিভিন্ন ইতিহাসবিদে মত পোষণ কৰিছে যে ই হ’ল ম’ৰা চৰাই। চালি ধৰা সময়ত ওলোৱা সুন্দৰ শব্দৰ কাৰণে হাজাপক্ষী বুলি কোৱা হয়। হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত চীল-মোহৰত থকা ডাঙৰ ডাঙৰ নাৱৰ চিত্ৰই বাণিজ্যৰ প্ৰসাৰতাৰ কথাকে সূচায়। যি কি নহওক, প্রত্নতাত্ত্বিক সমলৰ ভিত্তিত ঐতিহাসিকসকলে ক’ব খোজে যে হৰপ্পা, মহেঞ্জোদাৰোৰ মানুহে লোথাল বন্দৰেদি নিশ্চয় সাগৰীয় পথৰ বাণিজ্য চালইছিল। সাগৰীয় পথৰ উপৰি স্থলপথেদি বৈদেশিক বাণিজ্য চলাইছিল বুলি ঐতিহাসিকসকলে ক’ব খোজে।


Type: Pallab Jyoti Bora

Author - Monikongkona  Saikia 


Post ID : DABP006302


Important Question Answer 


১) সিন্ধু উপত্যকা সভ্যতাক কি নামেৰে জনা যায় 

উত্তৰঃ  সিন্ধু উপত্যকা সভ্যতাক হৰপ্পা সভ্যতা নামেৰে জনা যায় ।


২) হৰপ্পা আৰু মহেঞ্জোদাৰো ক্ৰমে কোন জিলাত অৱস্থিত ।

উত্তৰঃ হৰপ্পা পঞ্জাৱৰ মন্টগোমাৰী জিলাত আৰু মহেঞ্জোদাৰো সিন্ধু প্ৰদেশৰ লাৰাকানা জিলাত অৱস্থিত । 


৩)  হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাত খননকাৰ্য চলোৱা তিনিজন প্ৰত্নতত্ত্ববিদৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাত খননকাৰ্য চলোৱা তিনিজন প্ৰত্নতত্ত্ববিদৰ নাম হল  ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহানী, আৰু ছাৰ জন মাৰ্চেল । 


৪) হৰপ্পা সভ্যতাৰ প্ৰত্নতাত্ত্বিক প্ৰধান সমলসমূহ কি কি ।

উত্তৰঃ   হৰপ্পা সভ্যতাৰ প্ৰত্নতাত্ত্বিক প্ৰধান সমলসমূহ হল সৰু চেপেটা, বৰ্গক্ষেত্ৰ বা যিকোনো চতুৰ্ভূজ একোটাৰ দৰে শিল বা মোহৰসমূহ ।


৫) কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃৰ ভিতৰত  হৰপ্পা সভ্যতাৰ বিকাশ হৈছিল । 

উত্তৰঃ  খ্ৰীঃপূঃ ২৬০০-১৯০০ৰ ভিতৰত হৰপ্পা সভ্যতাৰ বিকাশ হৈছিল । 


৬)  পূৰ্ণ বিকশিত হৰপ্পা সংস্কৃতি বুলি কাক কোৱা হয় ।

উত্তৰঃ  সাধাৰণতে প্ৰাৰম্ভিক আৰু পৰৱৰ্তী হৰপ্পা সংস্কৃতি নাম দিয়া হৈছে । এই সংস্কৃতিক হৰপ্পা সংস্কৃতিৰ পৰা পৃথক কৰিবলৈ কেতিয়াবা কেতিয়াবা হৰপ্পা সংস্কৃতিক পূৰ্ণ বিকশিত হৰপ্পা সংস্কৃতি বুলি কোৱা হয় । 


৭) হৰপ্পা সভ্যতাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য  বৈশিষ্ট্য কি আছিল ।

উত্তৰঃ  হৰপ্পা সভ্যতাৰ নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হল জল নিস্কাশন ব্যৱস্থা বা নলা-নিৰ্মাণ প্ৰণালী । 


৮) কিমান খ্ৰীঃত আৰ ই. হুইলাৰ A SI ডাইৰেক্টৰ জেনেৰেল পদত অধিষ্ঠিত হয় ।

উত্তৰঃ  ১৯৪৪ খ্ৰীঃত আৰ ই.হুইলাৰ ASI ডাইৰেক্টৰ জেনেৰেল পদত অধিষ্ঠিত হয় । 


৯ ভাৰতৰ প্ৰথমজন পেছাদাৰী পুৰাতত্ত্ববিদৰ নাম কি ।

উত্তৰঃ  ভাৰতৰ প্ৰথমজন পেছাদাৰী পুৰাতত্ত্ববিদৰ নাম হল চাৰ জন  মাৰ্চেল ।


১০) কিমান খ্ৰীঃৰ পৰা হৰপ্পাৰ পুৰাতাত্ত্বিক ক্ষেত্ৰসমূহৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত গুৰুত্বতা বৃদ্ধি পায় ।

উত্তৰঃ  ১৯৮০ খ্ৰীঃৰ পৰা হৰপ্পাৰ পুৰাতাত্ত্বিক ক্ষেত্ৰসমূহৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত গুৰুত্বতা বৃদ্ধি পায় ।  


১১) সিন্ধু সভ্যতা পতন হোৱাৰ দুটা কাৰণ লিখা ।

উত্তৰঃ   সিন্ধু সভ্যতা পতন হোৱাৰ দুটা কাৰণ হল 

ক) বানপানী, ভূমিকম্প বা মহামাৰীয়েই সিন্ধু সভ্যতা ধ্বংস হোৱাৰ এটা অন্যতম কাৰণ ।

খ)  হঠাতে উদ্ভৱ হোৱা কোনো দুৰ্যোগৰ ফলতেই এই সভ্যতাৰ পতন ঘটিছিল ।


১২) ইন্দ্ৰৰ আন এটা নাম কি ।

উত্তৰঃ  ইন্দ্ৰৰ আন এটা নাম হল পুৰন্দৰ  ।


১৩) সিন্ধু সভ্যতাত কি কি পূজা কৰাৰ উমান পোৱা যায় ।

উত্তৰঃ সিন্ধু সভ্যতাত মাতৃ দেৱী আৰু শিৱৰ অন্য ৰূপ যোনী আৰু লিংগ পূজাৰ কৰাৰ উমান পোৱা যায় । 


১৪)  হৰপ্পা সংস্কৃতিৰ স্পষ্ট নিদৰ্শন পোৱা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ  হৰপ্পা সংস্কৃতিৰ ষ্পষ্ট নিদৰ্শন পোৱা দুখন ঠাইৰ নাম হল 

ক) ৰাজস্থানৰ কালিবংগান ।

খ) হাৰিয়ানাৰ বানাৱলী । 


১৫) হৰপ্পা সভ্যতাৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  হৰপ্পা সভ্যতাৰ এটা বৈশিষ্ট্য হল 

ক) জড়োপাসনা হৰপ্পাৰ ধৰ্মীয় জীৱনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য । 


১৬) কিমান চনত মহেঞ্জোদাৰোত খননকাৰ্য আৰম্ভ হৈছিল ।

উত্তৰঃ  ১৯২৫ চনত মহেঞ্জোদাৰোত খননকাৰ্য আৰম্ভ হৈছিল ।


১৭) কিমান খ্ৰীঃপৃঃত হৰপ্পাৰ শীল সম্পৰ্কে ৰিপৰ্ট দাখিল কৰা হৈছিল ।

উত্তৰঃ  ১৮৭৫ খ্ৰীঃপৃঃত হৰপ্পাৰ শীল সম্পৰ্কে ৰিপৰ্ট দাখিল কৰা হৈছিল । 


১৮) কিমান চনত আৰ.ই. হুইলাৰৰ দ্বাৰা হৰপ্পাত খননকাৰ্য চলোৱা হৈছিল ।

উত্তৰঃ ১৯৪৬ চনত আৰ.ই হুইলাৰৰ দ্বাৰা হৰপ্পাত খননকাৰ্য চলোৱা হৈছিল ।


১৯) কিমান শতিকাত দয়াৰাম চাহানীয়ে হৰপ্পাত চিলৰ আৱিস্কাৰ কৰে ।

উত্তৰঃ  কুৰি শতিকাৰ দয়াৰাম চাহানীয়ে হৰপাপাত চিলৰ আৱিস্কাৰ কৰে । 


২০) কিমান বছৰৰ আগৰ পৰা মধ্য প্ৰস্তৰ যুগৰ সময় বুলি কোৱা হয় ।

উত্তৰঃ  ১২,০০০ বছৰৰ আগৰ পৰা মধ্য প্ৰস্তৰ যুগৰ সময় বুলি কোৱা হয় । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Answer type  Ali rani Kakati