Chapter: 13

উপনিৱেশিক কালৰ ভাৰতীয় নগৰ 

(Indian Cities of Colonial Times)

প্ৰশ্নাৱলী

◻️ ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখাঃ (৩ নম্বৰ) 

১। নগৰৰ সংজ্ঞা কি? নগৰ আৰু গাঁৱৰ পার্থক্য বর্ণনা কৰা।

উত্তৰঃ নগৰৰ সংজ্ঞা হৈছে নগৰবোৰ গাঁৱৰ পৰা পৃথক। 

    নগৰ আৰু গাঁৱৰ পাৰ্থক্য় হ'ল- গ্ৰাম্য় বাসিন্দাসকলে প্ৰধানকৈ কৃষি আৰু অৰণ্য়ৰ পৰা আহাৰ সংগ্ৰহ কৰি জীৱিকা অৰ্জন কৰিছিল। আনহাতে, নগৰীয়া লোকসকলে ব্য়ৱসায়, শিল্পকাৰ্য আৰু শাসন প্ৰশাসন চলাইছিল। নগৰবাসীয়ে প্ৰায়েই নগৰৰ চাৰিওফালে দুৰ্গ নিৰ্মাণ কৰি নিজকে সুৰক্ষিত কৰি তুলিছিল।

২। মােগলৰ দিনৰ নগৰীয়া জীৱনৰ এক ছবি দাঙি ধৰা।

উত্তৰঃ মোগলৰ দিনৰ নগৰীয়া জীৱনৰ দিল্লী, আগ্ৰা আৰু লাহোৰ মোগলৰ দিনৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ নগৰ আছিল। সেইবোৰে বৃহৎ অট্টালিকা আৰু জাকজমকতা বাবে বিখ্য়াত আছিল। মনছবাদ আৰু জাগীৰতাৰ সকলেও নিজ নিজ বাসভৱন নিৰ্মাণ কৰিছিল। শিপিনীয়ে বিশেষ মানৱ কাপোৰ তৈয়াৰ কৰিছিল। ৰাইজৰ পৰা কৰ কাটল সংগ্ৰহ কৰি আনি নগৰৰ ভড়ালত ৰখা হৈছিল। 

৩। ১৮ শতিকাত মােগলৰ দিনৰ নগৰবােৰৰ ঠাইত নতুন নগৰৰ উত্থানৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ ১৮ শতিকাত মোগলৰ দিনৰ নগৰবোৰৰ ঠাইত নতুন নগৰৰ সৃষ্টি হৈছিল। মোগল শক্তিৰ পতনৰ লগে লগে তেওঁলোকৰ প্ৰশাসনৰ লগত জড়িত নগৰবোৰ গুৰুত্বহীন হৈ পৰিছিল। ইয়াৰ বাবে মোগল ৰাজধানী দিল্লী, আগ্ৰাই ৰাজনৈতিক গুৰুত্ব হেৰুৱাই। প্ৰাদেশিক ৰাজধানী চহৰবোৰে গুৰুত্ব পাবলৈ ধৰিলে। হায়দৰাবাদ, পুনা, নাগপুৰ, বৰোদা, টাঞ্জোৰ লক্ষ্ণৌ আৰু চেৰিংগপট্টনম প্ৰখ্য়াত হৈ পৰিছিল। পুৰণি মোগল ৰাজধানী চহৰৰ পৰা নতুন চহৰলৈ বণিকসকল, বৃত্তিয়াল লোকসকল আৰু অভিজাত শ্ৰেণীৰ লোকসকলৰ অন্বেষণত আহিল।  

৪। বৃটিছ ঔপনিবেশিক কালত পিয়লৰ তথ্যই কেনেদৰে নগৰীকৰণত সহায় কৰিছিল?

উত্তৰঃ বৃটিছ ঔপনিবেশিক কালত পিয়লৰ তথ্য়ই কেনেধৰণে নগৰীয়াকৰণত সহায় কৰিছিল সেই বিষয়ে তলত আলোচনা কৰা হ'ল-

    ভাৰতত ১৮৭২ চনত প্ৰথমটো সৰ্বভাৰতীয় পিয়ল হৈছিল। ইয়াৰ পিছৰে পৰা ১৮৮১ চনৰ পৰা প্ৰত্য়েক ১০ বছৰৰ মূৰে মূৰে পিয়ল কৰাটো তেওঁলোকে নিয়ম কৰি লৈছিল। এইবোৰ সমলৰ পৰা ঐতিহাসিক পৰিৱৰ্তনবোৰৰ বিষয়ে জানিব পাৰি। জন্ম-মৃত্য়ু, জাতি, বেমাৰ, ধৰ্ম, বৰ্ণ বৃত্তি.আদিৰ তথ্য়, চাৰ্ট আৰু টেবুল আদি শুদ্ধ ইতিহাস চৰ্চাৰ উপায় হ'ব পাৰে। কিছুমান তথ্য় শ্ৰেণীভূক্ত কৰাত অসুবিধা হয়। যেনে একেজন লোকে খেতিয়ক আৰু বণিক হ'ব পাৰে। এইবোৰৰ কাৰণে পিয়ল কৰা মানুক সঁচা তথ্য় দিয়া হোৱা নাছিল। প্ৰকৃত তথ্য় লুকুৱাই ৰখা হৈছিল। সাধাৰণতে উচ্চ মৰ্যাদাৰ বুলি দেখুৱাবলৈ মানুহে ভাল পাইছিল। পিয়ল কৰোতাক এজন নাগৰিকে শ্ৰমিক হ'লেও সেই চিনাকি নিদি এজন ব্য়ৱসায়ী বুলি তেওঁলোকে ক'বলৈ ভাল পাইছিল। ইয়াৰ কাৰণ শ্ৰমিকতকৈ ব্য়ৱসায়ীয়ে সমাজত উচ্চ স্থান পাইছিল। ইয়াৰ উপৰিও জন্ম আৰু মৃত্য়ু তথ্য় পোৱাটো তেওঁলোকৰ কঠিন হৈছিল। কাৰণ সকলোৱে জন্ম আৰু মৃত্য়ু পঞ্জীয়ন কৰা হোৱা নাছিল তথা পিয়লৰ সময়ত সঠিকভাৱে এনেধৰণৰ তথ্য় তেওঁলোকে যোগান ধৰিব পৰা নাছিল। ঔপনিবেশিক যুগৰ নগৰীয়াকৰণৰ বিষয়ে বহুতো তথ্য় জানিব পাৰিছিল।  

৫। পিয়লৰ তথ্যবােৰ নগৰীকৰণৰ বিষয়ে অধ্যয়নৰ মূল্যবান সমল হলেও সিবিলাকৰ সীমাবদ্ধতা কিয় দেখা যায়?

উত্তৰঃ ১৯০০ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত কেৱল মাত্ৰ শতকৰা ৩ ভাগহে নগৰীয়া লোকৰ সংখ্য়া বাঢ়িছিল। ইংৰাজ চৰকাৰে মাদ্ৰাজ, কলিকতা আৰু বম্বেৰ আন্তৰ্জাতিক বাণিজ্য়ক আৰু প্ৰশাসনীয়  কেন্দ্ৰ স্থাপন কৰা ফলত সেইবোৰ ভাৰতৰ স্নায়ু কেন্দ্ৰৰূপে গঢ়ি তুলিছিল। ভাৰতত উৎপাদিত সামগ্ৰী ঘাইকৈ কপাহ ৰপ্তানী কৰা হৈছিল। ইংলেণ্ডৰ ঔদ্য়োগিক বিপ্লৱৰ পিছত এই বন্দৰবোৰ ইংলেণ্ডৰ উৎপাদিত সামগ্ৰীৰ আমদানী আৰু ভাৰতৰ কেঁচামাল ৰপ্তানীৰ কেন্দ্ৰ হৈ পৰিছিল। এনেদৰে অথনৈতিক উপাদানে ভাৰতৰ এই প্ৰধান নগৰবোৰ পৰম্পৰাগত নগৰৰ পৰা মহানগৰলৈ উন্নিত হোৱাত সহায় কৰিছিল। 

    ১৮৫৩ চনত ভাৰতত ৰে'লপথ নিৰ্মাণ কৰা হয়। এইসমূহৰ প্ৰভাৱ নগৰীকৰণত পৰিছিল। কলিকতা, বম্বেৰ আৰু মাদ্ৰাজত ৰে'ল ষ্টেচন যোগ হ'ল। ৰে'লপথ সম্প্ৰসাৰণৰ লগে লগে যাত্ৰী অহা-যোৱা কৰা, মালবস্তু উঠা-নমা কৰা  স্থানত দোকান বজাৰ আৰু আবাসী আঞ্চল গঢ়ি তুলিছিল। 

৬। 'শ্বেত নগৰ' আৰু 'কৃষ্ণ নগৰৰ' তাৎপর্য কি?

উত্তৰঃ 'শ্বেত নগৰ' আৰু 'কৃষ্ণ নগৰৰ' মাদ্ৰাজৰ ফৰ্ট জৰ্জ আছিল শ্বেট নগৰ। ইয়াতেই প্ৰায়বোৰ ইউৰোপীয় লোক বাস কৰিছিল। ইয়াৰ ভিতৰত কেৱল ইউৰোপীয় আৰু খ্ৰীষ্টানলোকহে থাকিব পাৰিছিল। শ্বেতকায়ৰ অনুকূলে প্ৰশাসনিক নিয়ম আৰু আইন ৰচিত হৈছিল। 

    কৃষ্ণ নগৰ ফৰ্ট জৰ্জৰ বাহিৰত আছিল। এই দুৰ্গৰ চাৰিওফালে নিৰাপত্তা বেহু নিৰ্মাণ কৰা হৈছিল। আন এখন কৃষ্ণ নগৰ উত্তৰতো নিৰ্মাণ কৰা হৈছিল। সেই ঠাইত তাতী, বাঢ়ৈ, দালাল, শিল্পী আৰু দুভাষীসকল আছিল। এই নতুন নগৰত ভাৰতীয় নগৰৰ দৰে মন্দিৰ এটাৰ মাজতে লৈ বাস গৃহৰ আৰু বজাৰ আছিল। কৃষ্ণ নগৰবোৰৰ মন্দিৰত দান-বৰঙণি দিছিল।  

৭ | ঔপনিবেশিক কালত ভাৰতীয় বণিকসকলৰ ইউৰােপীয়সকলৰ লগত সম্পর্ক কেনে আছিল?

উত্তৰঃ ঔপনিবেশিক মহানগৰবোৰ ইউৰোপীয় শাসকৰ বাণিজ্য়ক সাংস্কৃতিক জীৱনক প্ৰতিনিধিত্ব কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সদাগৰ বোৰৰ গুৰুত্ব বাঢ়িল। চৰকাৰৰ ৰাজনৈতিক ক্ষমতা আৰু পৃষ্ঠপোষকতা কোম্পানীৰ সদাগৰসকলৰ প্ৰতিহে দেখা গৈছিল। তেওঁলোকৰ লগতে ভাৰতীয় সহযোগীসকল, বণিক সৰবৰাহকাৰী, দুভাষীসকল আৰু মধ্য়স্থতাকাৰী সকলেও গুৰুত্ব পালে। উপকূল অঞ্চলৰ গুদাম ঘৰ, যান-বাহনৰ কেন্দ্ৰ, বীমা, বাণিজ্য়িক লেনদেনৰ বাবে কাৰ্যালয় আৰু বেংক আদি গঢ়ি উঠিছিল। দুৰ্গবোৰৰ বাহিৰত ইউৰোপীয় সদাগৰসকলে ইউৰোপীয় আৰ্হিৰ প্ৰসাদোপম অট্টালিকা নিৰ্মাণ কৰিছিল। শাসকীয় গোষ্ঠীৰ বাবে ৰঙ্গ মঞ্চ, ক্লাৱ আৰু খেলা-ধূলাৰ ব্য়ৱস্থা কৰিছিল। এইসমূহত ইউৰোপীয় অভিজাত্য় বজাই ৰখা হৈছিল। স্বাভাৱিকতে মা-মোকৰ্দমাৰ সংখ্য়া বৃদ্ধি পাইছিল। 

    ভাৰতীয়সকলৰ বহুতে ইউৰোপীয় আৰ্হিৰ বেশভূষাৰ লগতে গৃহ নিৰ্মাণৰ আৰ্হিও গ্ৰহণ কৰিছিল। তেওঁলোকৰ ঘৰবোৰ বজাৰৰ কাষত কষ্ণ নগৰত (Black Town) আছিল।তেওঁলোকে নগৰ অঞ্চলৰ মাটি কিনাত ধন বিনিয়োগ কৰিছিল। কাৰণ ভাৰতীয়সকলে বুজিছিল যে সেই ভূমি মূল্য় ভৱিষ্য়তে অধিক হ'ব। ইউৰোপীয় বিলাকক আকৰ্ষিত কৰিব বাবে ব্য়য়বহুল সমূহীয়া ভোজ আৰু উৎসৱ পালন কৰিছিল। সামাজিক মৰ্যদা বৃদ্ধি বাবে মন্দিৰ নিৰ্মাণ কৰিছিল। দুখীয়া ভাৰতীয়ই ৰান্ধনি, প্ৰহৰী, দোলাভাৰী নিৰ্মাণ শ্ৰমিক হিচাপে ইউৰোপীয় আৰু ভাৰতীয় ধনাঢ্য়সকলৰ প্ৰতি সেৱা আগবঢ়াইছিল। তেওঁলোকে মহানগৰৰ অস্থায়ী ঘৰত বাস কৰিছিল। নগৰৰ কাষৰ পশুপালন ভূমি আৰু কৃষি ভূমিত 'চিভিল লাইন' নামৰ শ্বেতকায় বসবাস কৰা স্থান সম্প্ৰসাৰণ কৰিছিল। ইউৰোপীয় বিলাকে কৃষ্ণ অঞ্চল উশৃংখল অৰু অৰাজক অঞ্চল বুলি ভাবিছিল।  

৮ | ভাৰতীয় বণিকসকলে ঔপনিবেশিক কালত নিজকে কেনেকৈ প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ইউৰোপীয় কোম্পানীৰ প্ৰতিযোগিতাৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ এই বন্দৰবোৰ সুৰক্ষিত কৰিবলৈ দুৰ্গৰে পৰিবেষ্টিত কৰা হৈছিল। ১৮ শতিকালৈ কলিকতা, মাদ্ৰাজ আৰু বম্বে বন্দৰ হিচাপে প্ৰখ্য়াত হৈ আছিল। সদাগৰ, শিল্পী, আৰু বাঢ়ৈ শ্ৰমিক আদি ইউৰোপীয়সকলৰ লগত জড়িত ভাৰতীয় লোক দুৰ্গৰ বাহিৰত বাস কৰিছিল। এনেদৰে ইউৰোপীয় আৰু ভাৰতীয়ই পৃথকে পৃথকে বাস কৰিবলৈ লোৱাত শ্বেতকায় (White Town) আৰু কৃষ্ণকায় (Black Town)-ৰ আবিৰ্ভাৱ হৈছিল। বৃটিছৰ লোকসকলে ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ লগে লগে এই বৰ্ণ-বৈষম্য় অধিক শক্তিশালী হৈছিল।

    ১৯ শতিকাৰ মাজভাগৰ পৰা ৰেলপথৰ সম্প্ৰসাৰণৰ ফলত এই নগৰবোৰ ভাৰতৰ বিভিন্ন ঠাই লগত সংযুক্ত হৈছিল। এই বন্দৰ নগৰবোৰ বনুৱা আৰু কেঁচামাল থকা স্থানৰ ওচৰ চাপিল। সেই নগৰবোৰত কেঁচামাল সৰবৰাহ হ'বলৈ ধৰাত কম খৰচতে যথেষ্ট সংখ্য়ক বনুৱা পোৱা গৈছিল। লগতে নগৰবোৰত আধুনিক ফেক্টৰি গঢ়ি উঠিছিল। ঔপনিবেশিক কালত আধুনিক উদ্য়োগিক দেশ হিচাপে গঢ়ি উঠা নাছিল। কাৰণ ঔপনিৱেশিক চৰকাৰৰ বৈষম্য়মূলক ঔদ্য়োগিক নীতিৰ ফলত ভাৰতত ঔদ্য়োগিক উন্নয়নৰ গতি মন্থৰ আছিল।  এই নগৰবোৰ অৰ্থনীতি কেৱল ইয়াৰ ফেক্টৰিৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল আছিল। ঔপনিবেশিক মহানগৰবোৰে ইউৰোপীয় শাসকৰ বাণিজ্য়ক সাংস্কৃতিক জীৱনক প্ৰতিনিধিত্ব কৰিছিল। 

৯। মাদ্রাজ নগৰ উন্নয়ন আঁচনিৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ পশ্চিম উপকূলৰ চুৰাট বন্দৰত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াৰ ব্য়ৱসায় আৰম্ভ কৰিছিল। পিছলৈ ইংৰাজ বণিকে পূৱ-উপকূলৰ মাদ্ৰাজ পটমত কাপোৰৰ ব্য়ৱসায় কৰিবলৈ ল'লে। এই ঠাইৰ ব্য়ৱসায়ৰ স্বত্ব কোম্পানীয়ে স্থানীয় কলহস্তীৰ নায়ক সকলৰ পৰা কিনি লৈছিল। ভূ-স্বামীৰবোৰে তেওঁলোকৰ অঞ্চলৰ ব্য়ৱসায় বাণিজ্য় বৃদ্ধি হোৱাটো বিচাৰিছিল। ইংৰাজ কোম্পানীয়ে নিজকে সুৰক্ষিত কৰিবলৈ মাদ্ৰাজত দুৰ্গ নিৰ্মাণ কৰিছিল। ১৭৬১ চনত যুদ্ধত ফ্ৰান্স পৰাজিত হোৱাত মাদ্ৰাজ অধিক সুৰক্ষিত হয়। ইয়াৰ ফলত ইয়াত বাণিজ্য়িক উন্নতি ঘটে। মাদ্ৰাজৰ ফৰ্ট জৰ্জ আছিল শ্বেত নগৰ। ইয়াতে প্ৰায়বোৰ ইউৰোপীয় লোক বাস কৰিছিল। চাৰিসীমাৰ বেৰ আৰু স্তম্ভই ইয়াক আনৰ পৰা পৃথক কৰিছিল। সেই ঠাইত কেৱল ইউৰোপীয় আৰু খ্ৰীষ্টানহে থাকিব পাৰিছিল। কোম্পানীয়ে ভাৰতৰ লগত বিবাহৰ অনুমতি দিয়া নাছিল। 

    ফৰ্ট জৰ্জৰ বাহিৰত আছিল কৃষ্ণনগৰ। সেই নগৰ ভাঙি ১৭০০ চনত দুৰ্গৰ চাৰিওফালে নিৰাপত্তা বেহুৰ নিৰ্মাণ কৰিছিল। আন এখন কৃষ্ণ নগৰ উত্তৰলৈ নিৰ্মাণ কৰা হৈছিল। সেই ঠাইত তাতী, বাঢ়ৈ, শিল্পী, দালাল আৰু দুভাষীসকল আছিল। তেওঁলোকে কোম্পানীৰ বাণিজ্য়িক ক্ষেত্ৰত সহায়ক আছিল। সেই নতুন নগৰত ভাৰতীয় নগৰৰ দৰে মন্দিৰ এটাৰ মাজতে বাসগৃহ আৰু বজাৰ আছিল। বৃত্তি ভিত্তিক আবাসী এলেকাবোৰ হ'ল চিন্তাদৃপেট তাতীসকলৰ বাবে, ধোৱা আৰু খ্ৰীষ্টান নাৱৰীয়াৰ বাবে পৃথক বসতিস্থান নিৰ্দ্ধাৰিত হৈছিল। বহুতো গাঁও অন্তৰ্ভূক্ত কৰি বিভিন্ন সম্প্ৰদায়ৰ বাবে কৰ্মস্থাপন আৰু আবাসৰ সুবিধা দি মাদ্ৰাজ চহৰক উন্নত কৰা হৈছিল। দুভাষীবোৰে ইংৰাজী আৰু এটা স্থানীয় ভাষাৰ জানিব লাগিছিল। তেওঁলোকে এজেন্ট হিচাপে কাম কৰিছিল। তেওঁলোক ব্য়ৱসায়িও আছিল আৰু চৰকাৰৰ লগত সুসম্পৰ্ক থকাৰ বাবে তেওঁলোক অজস্ৰ সম্পত্তিৰ গৰাকী হৈছিল। 

১০৷ প্ৰতিৰক্ষা আৰু স্বাস্থ্যৰ উন্নতিৰ চিন্তাৰ প্ৰভাৱ কলিকতা মহানগৰীৰ ওপৰত কেনেকৈ পৰিছিল?

উত্তৰঃ প্ৰতিৰক্ষা আৰু স্বাস্থ্য়ৰ উন্নতিৰ চিন্তাৰ প্ৰভাৱ কলিকতা মহানগৰীৰ ওপৰত কেনেদৰে পৰিছিল ইয়াৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

        উপনিবেশিক নগৰৰ দৰে আধুনিক নগৰ পৰিকল্পনা কলিকতাতো আৰম্ভ হৈছিল। তেওঁলোকৰ লক্ষ্য় আছিল আশা কৰা মতে নগৰখন ৰূপ দিয়া আৰু লগতে নগৰ অঞ্চলটো উন্নত কৰা। বৃটিছ বিলাকে বঙ্গৰ শাসনৰ প্ৰথমতে নগৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ প্ৰধান লক্ষ্য় আছিল প্ৰতিৰক্ষা। বঙ্গৰ নৱাব চিৰাজউদ্দৌলাই ১৭৫৬ চনত কলিকতা আক্ৰমণ কৰিছিল। সেই সময়তে গুদাম হিচাপে ৰখা তেওঁলোকৰ সৰু দুৰ্গটো অৱৰোধ কৰিছিল। চিৰাজে বঙ্গত নিজৰ কৰ্তৃত্ব ৰাখিব বিচাৰিছিল। এনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰু চিৰাজউদ্দৌলা মাজৰ সম্পৰ্ক বিঘ্নিত হৈছিল। ১৭৫৭ চনত পলাচীৰ যুদ্ধত চিৰাজক পৰাস্ত কৰি এটা নতুন দুৰ্গ নিৰ্মাণ কৰিছিল। এই দুৰ্গই হৈছে বিখ্য়াত ফৰ্ট উইলিয়াম। 

    এই নগৰৰ পৰিকল্পনা কেৱল মাত্ৰ ময়দান আৰু ফৰ্ট উইলিয়াম নিৰ্মাণতে সীমাবদ্ধ নাছিল। গৱৰ্ণৰ জেনেৰেল ৱেলেছনিয়ে ১৭৯৮ চনত কলিকতাত এক বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছিল। ৱেলেছনিয়ে চৰকাৰী ভৱনত বাস কৰিছিল। তেওঁ নগৰৰ ভাৰতীয়সকলৰ ওপৰত চকু দিছিল। কাৰণ পিতনী, বন্ধ পানী, বন্ধ নলা নৰ্দ্দমাৰে অপৰিষ্কাৰ অংশৰ পৰা বেমাৰ আজাৰ ইংৰাজ থকা অঞ্চললৈ বিয়পিব পাৰে। কলিকতাত গ্ৰীষ্মকালত এনেধৰণৰ বেমাৰ আজাৰবোৰ বেছি হয়। স্বাস্থ্য়ৰ ভালে ৰাখিবলৈ হ'লে নগৰৰ মুকলি ঠাইত থাকিব লাগে। সেই বাবে তেওঁ ১৮০৩ চনত কেইবাখনো সমিতি পাতি নগৰ পৰিকল্পনাৰ ব্য়ৱস্থা কৰিছিল। এনেদৰে কলিকতাত জনস্বাস্থ্য় বিভাগ আৰম্ভ হ'ল। মহামাৰী সমস্য়াই নগৰ পৰিকল্পনাত পিছলৈ অধিক গুৰুত্ব লাভ কৰিছিল। সেই ঠাইত ১৮১৭ চনত কলেৰা আৰু ১৮৬৩ চনত প্লেগ বেমাৰে দেখা দিছিল। সেইবোৰ ৰোগৰ কাৰণ সঠিককৈ স্বাস্থ্য় বিজ্ঞানে উলিয়াব পৰা নাছিল। ঘন বসতিৰ অঞ্চলবোৰ অস্বাস্থ্য়সন্মত বুলি তেওঁলোকে কৈছিল। কাৰণ বতাহ আৰু ৰশ্মি সেইবোৰ ঠাইত ভালদৰে সোমাব পৰা নাছিল।

১১। বম্বে মহানগৰীত দেখা পােৱা ঔপনিবেশিক কালৰ স্থাপত্য নিদর্শনবােৰৰ বৈশিষ্ট্যবােৰ কি কি?

উত্তৰঃ বৃটিছ ৰাজকীয় শক্তি আৰু ক্ষমতা প্ৰকাশ কৰা আনটো মাধ্য়ম হ'ল স্থাপত্য়। ভাৰতীয় নগৰবোৰত বৃটিছে দুৰ্গ, ধৰ্মানুষ্ঠান, চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান, বন্দৰ, স্মাৰক সৌধ আৰু পোতাশ্ৰয় আদি নিৰ্মাণ কৰিছিল। ইয়াৰ যোগেদি বিদেশত এক বৃটিছ পৰিপাৰ্শ্ব গঢ়িব কাৰণে চেষ্টা কৰিছিল। তেওঁলোকে ভাৱিছিল যে উপনিৱেশত থাকিও তেওঁলোকৰ ঘৰত থকা যেন অনুভৱ হয়। 

    দ্বিতীয়তে ই ইউৰোপীয় আৰ্হিৰ বা ঢঙেৰে তেওঁলোকৰ শ্ৰেষ্ঠতা দাবীকৰাত সহায় কৰিব আৰু ইয়াৰ বাবে তেওঁলোকে শক্তি ক্ষমতা পদৰ্শন কৰিব পাৰিব বুলি বিবেচনা কৰিছিল। 

    তৃতীয়তে এনেধৰণৰ ব্য়ৱস্থাই তেওঁলোকৰ ভাৰতীয় প্ৰজাৰ পৰা পৃথক কৰি দেখুৱাত সহায় কৰিছিল। বৃটিছৰ লোকসকলে সুবিধাজনক বুলি ভাৱি কিছুমান ভাৰতীয় আৰ্হিৰ গ্ৰহণ কৰিছিল। যেনে ভাৰতীয় জলবায়ুৰ বাবে সুবিধা হ'ব বুলি ভাৱি তেওঁলোকে ভাৰতীয় আৰ্হি চাংবঙলাবোৰ সাজি লৈছিল। বঙলা শব্দটো বঙালী শব্দ, ইয়াৰ অৰ্থ হৈছে খেৰৰ ঘৰ। পিছত ইয়াৰ ডাঙৰ ঘৰবোৰকো বুজোৱা হৈছিল। বঙলা ঘৰবোৰৰ চাৰিওফালে বাৰাণ্ডা ৰখা হৈছিল। যাতে গ্ৰীষ্ম কালত উত্তাপৰ পৰিমাণ ঘৰৰ ভিতৰত কমে। সেই ঠাইৰ চৌহদত বেলেগ বেলেগ ঘৰসমূহ বনাই বনকৰা মানুহবোৰক থাকিবলৈ দিছিল। ৰাজহুৱা ঘৰবোৰত তিনি ধৰণৰ স্থাপত্য়ৰ আৰ্হি ব্য়ৱহাৰ কৰা হৈছিল। 

১২। ঔপনিবেশিক কালৰ নগৰীকৰণৰ নেতিবাচক দিশবােৰ উল্লেখ কৰা।

উত্তৰঃ 

১৩। বস্তী ’ মানে কি বুজা? নগৰৰ উত্থানৰ লগত ‘বস্তী’ৰ সম্পর্ক বর্ণনা কৰা ।

উত্তৰঃ বস্তী মানে হ'ল চুবুৰীয়া ঠাই। এই শব্দটো হিন্দী আৰু বঙালী শব্দৰ পৰা আহিছে। ইংৰাজসকলে এই শব্দটোৰ জৰিয়তে দৰিদ্ৰ লোকে সজা অস্থায়ী পঁজাবোৰক বুজাইছে। 


◻️ চমু ৰচনা লিখা

১৪ | প্রাক ঔপনিবেশিক কালৰ নগৰৰ বৈশিষ্ট্যবােৰ বৰ্ণনা কৰা।

উত্তৰঃ  চহৰবোৰ গাঁৱৰ পৰা বহুক্ষেত্ৰত পৃথক। চহৰবোৰত দেৱালৰ দ্বাৰা নির্মিত পকীবেৰ দি বাসিন্দা লোকক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হয়। আৰু পৰীবেৰে আগুৰি থকাৰ কাৰণে তেওঁলোকে গাঁৱৰ পৰা পৃথক হৈ পৰে। চহৰবোৰ যদি কিবা কাৰণত আক্রান্ত তেতিয়া তেওঁলোকে নিজৰ ঠাই এৰি গাঁওবোেৰলৈ ঢাপলি মেলে আশ্ৰয়ৰ কাৰণে। চহৰৰ পৰা বণিক আৰু সাধাৰণ ফেৰিবালাবোৰে চহৰৰ পৰা সামগ্রী কিনি গাঁৱবোৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰে আৰু তেনেকৈ ব্যৱসায় বাণিজ্যৰ প্ৰসাৰণ ঘটায়। 

    চহৰবোৰত প্ৰধানকৈ শিল্পী, বণিক, প্রশাসক আৰু শাসকসকলে চহৰবোৰত বাস কৰিছিল। আৰু চহৰৰ বাসিন্দাসকলে গাঁৱৰ মানুহবোৰক প্রায় দমন কৰি ৰাখিছিল।

১৫। বৃটিছ যুগৰ নগৰৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা।

উত্তৰঃ 

১৬। ১৮ শতিকাত নগৰীয়া জীৱনলৈ অহা পৰিবৰ্তনবােৰ উল্লেখ কৰা।

উত্তৰঃ ১৮ শতিকাত নগৰীয়া জীৱনলৈ অহা পৰিৱৰ্তনসমূহ

    ১৮ শতিকাত পুৰণি নগৰবোৰ ঠাইত নতুন নগৰ সৃষ্টি হৈছিল। মোগলৰ শক্তিৰ পতনৰ লগে লগে তেওঁলোকৰ প্ৰশাসনৰ লগত জড়িত নগৰবোৰ গুৰুত্বহীন হৈ পৰিছিল। ইয়াৰ বাবে মোগল ৰাজধানী দিল্লী, আগ্ৰাই ৰাজনৈতিক গুৰুত্ব হেৰুৱালে। মোগলৰ কেন্দ্ৰীয় শাসক দুৰ্বল  হোৱা লগতে ৰাজধানী আঁতৰৰ সামন্ত শাসকবোৰ চুবাদাৰ নবাবসকল শক্তিশালী হৈ উঠিল। সেই কাৰণে প্ৰাদেশিক ৰাজধানী চহৰবোৰে গুৰুত্ব পালে। নাগপুৰ, পুনা, টাঞ্জোৰ, হায়দৰাবাদ, লক্ষ্মৌ, চেৰিংগপট্টনম আৰু বৰোদা আদি প্ৰখ্য়াত হৈ পৰিছিল। ৰাজ্য়বোৰৰ মাজত সঘনে যুদ্ধ হৈ থকা কাৰণে নিযুক্তি বিচৰা সৈনিকসকলৰ এইবোৰলৈ আগমন ঘটিছিল। ১৮ শতিকাৰ শেষলৈ ভূমি ভিত্তিক নগৰৰ সলনি সাগৰ কেন্দ্ৰীক ইউৰোপীয় সাম্ৰাজ্য় গঢ়ি উঠিছিল। তেওঁলোকে জলপথেৰে আহি সাম্ৰাজ্য়সমূহ গঢ়ি তুলিছিল।

    ১৮ শতিকাৰ মাজভাগৰ পৰা চুৰাট মোচলিপট্টনম আৰু ঢাকা আদি ১৭ শতিকাত গঢ়ি উঠা নগৰবোৰৰ গুৰুত্ব কমি আহিছিল। কাৰণ সেই সময়ৰ পৰা বাণিজ্য়ৰ গুৰুত্ব আন ঠাইলৈ স্থানান্তৰিত হৈছিল। ১৭৫৭ চনত পলাছী যুদ্ধত জয়ী হৈ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজনৈতিক সমতা লাভ কৰাত কলিকতা, বম্বেৰ আৰু মাদ্ৰাজত বন্দৰ নগৰী গঢ়ি তুলিছিল। সেই নগৰবোৰে ঔপনিবেশিক ইংৰাজৰ ৰাজনৈতিক আৰু প্ৰশাসনিক কেন্দ্ৰৰূপে গঢ়ি উঠিছিল। 

১৭। ১৯ শতিকাৰ ভাৰতৰ পৌৰ প্ৰশাসনৰ স্বৰূপ বর্ণনা কৰা।

উত্তৰঃ ১৯ শতিকাৰ পিছত নগৰ প্ৰশাসনৰ কাৰণে নাগৰিকৰ পৰা মিউনিচিপেল কৰ সংগ্ৰহ ব্য়ৱস্থা কৰা হৈছিল। নগৰ প্ৰশাসনে স্থানীয় লোকৰ সৈতে সংঘৰ্ষ এৰাই চলিবলৈ স্থানীয় শাসনত ভাৰতীয় নিৰ্বাচিত প্ৰতিনিধি ৰখাৰ নিয়ম কৰিছিল আৰু দায়িত্ব অৰ্পণ কৰিছিল। এনেদৰে স্থানীয় শাসনৰ পাতনি মেলি পৌৰ নিকায়ত জনৰ প্ৰতিনিধিত্বৰ ব্য়ৱস্থা কৰিছিল। পানী যোগান, পথ নিৰ্মাণ, পয় প্ৰণালী আৰু জন স্বাস্থ্য় ইত্য়াদি সেইসমূহ ব্য়ৱস্থা কৰা হৈছিল।স্থানীয় পিয়লৰ যোগেদি নগৰৰ জনসংখ্য়া হিচাপ নিয়মীয়াকৈ ৰখা হৈছিল। 

    ১৮৭২ চনত ভাৰতত প্ৰথমটো সৰ্বভাৰতীয় পিয়ল হৈছিল। ১৮৮১ চনৰ পৰা প্ৰত্য়েক ১০ বছৰৰ মূৰে মূৰে পিয়ল কৰিব লগা হৈছিল। পিয়লৰ যোগে সংগ্ৰহ কৰা তথ্য়সমূহ নগৰীয়াকৰণ অধ্য়য়নৰ মূল্য়বান সমল আছিল। সেই সমলসমূহৰ পৰাই ঐতিহাসিক পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰি। জন্ম-মৃত্য়ু, জাতি, ধৰ্ম, বৰ্ণ, বেমাৰ, বৃত্তি, চাৰ্ট আৰু টেবুল আদি এইসমূহৰ শুদ্ধ ইতিহাস চৰ্চাৰ উপায় হৈছিল। কিছুমান তথ্য় শ্ৰেণীভূক্ত কৰিব কাৰণে অসুবিধা হৈছিল। যেনে- এজন লোক খেতিয়ক আৰু বণিক হ'ব পাৰে। কিছুমান তথ্য় তেওঁলোকে লুকুৱাই ৰাখিছিল। সাধাৰণতে মানুহবোৰে উচ্চ মৰ্যাদাৰ বুলি দেখুওৱাবলৈ ভাল পাইছিল। পিয়ল কৰোতা জনক শ্ৰমিক বুলি নাগৰিকে চিনাকি দিয়া নাছিল তেওঁক ব্য়ৱসায়ীক বুলি চিনাকি দিছিল। এইসমূহৰ বিষয়ে তথ্য় পৰা জানিব পাৰিছিল। 

১৮। মাদ্রাজ, বম্বে আৰু কলিকতাৰ মহানগৰ হিচাপে অগ্রগতি আলােচনা কৰা।

উত্তৰঃ মাদ্ৰাজ, বম্বে আৰু কলিকতাৰ মহানগৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৫৭ চনত পলাছী যুদ্ধত জয়ী হৈছিল। ৰাজনৈতিক ক্ষমতা লাভ কৰি মাদ্ৰাজ, কলিকতা আৰু বম্বেত বন্দৰ নগৰী গঢ়ি তুলিছিল। কলিকতা, মাদ্ৰাজ আৰু বম্বেৰ আছিল বৃটিছ উপনিৱেশিক কালৰ প্ৰধান নগৰ। এই নগৰবোৰ উপনিৱেশিক ইংৰাজৰ ৰাজনৈতিক আৰু প্ৰশাসনিক কেন্দ্ৰৰূপে গঢ়ি উঠিছিল। এই নগৰ কেইখন মহানগৰলৈ উন্নীত হৈছিল। ইয়াত নতুন নতুন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অট্টালিকা গঢ়ি উঠিছিল। সেই নগৰ তিনিখনতে ১৮ শতিকালৈ জনসংখ্য়া বৃদ্ধি পায় আছিল। মাদ্ৰাজ, বম্বেৰ আৰু কলিকতাৰ এই তিনিখন নগৰে ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ নগৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল। 

    মানচিত্ৰ তৈয়াৰ কৰি নগৰ উন্নয়ন আৰু বাণিজ্য়িক উন্নয়নৰ আঁচনি প্ৰস্তুত কৰিছিল। মেপত নৈ, জান, পৰ্বত, ৰাষ্টা-ঘাট, বন্দৰ আৰু পাহাৰ চিনাক্ত কৰি দেখুওৱা হৈছিল। ১৯ শতিকাৰ পিছত নগৰ প্ৰশাসনৰ বাবে নাগৰিকৰ পৰা মিউনিচিপেল কৰ সংগ্ৰহ কৰিব কাৰণে ব্য়ৱস্থা কৰিছিল। 

১৯। নগৰ উন্নয়ণৰ লগে লগে কেনেকৈ বর্ণ বৈষম্যই নগৰবােৰত গা কৰি উঠিছিল লিখা।

উত্তৰঃ বৃটিছ বিলাকে ৰাজনৈতিক ক্ষমতা লাভ কৰা লগে লগে এই বৰ্ণ-বৈষম্য়ই নগৰবোৰত গা কৰি উঠিছিল। কলিকতা, মাদ্ৰাজ আৰু বম্বেৰ বন্দৰৰ ভিতৰত ব্য়ৱসায়িক কাৰ্যালয় আছিল। ইউৰোপীয় কোম্পানীৰ প্ৰতিযোগিতা পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ বন্দৰবোৰ সুৰক্ষিত কৰিবলৈ দুৰ্গৰে পৰিবেষ্টিত কৰা হৈছিল। সদাগৰ, শিল্পী,বাঢ়ৈ, আৰু শ্ৰমিক আদি ইউৰোপীয়সকলৰ লগত জড়িত আছিল। ভাৰতীয় লোকে দুৰ্গৰ বাহিৰত বাস কৰিছিল। এনেদৰে ভাৰতীয় আৰু ইউৰোপীয় লোকসকলে পৃথকে পৃথকে থাকিবলৈ লৈছিল। 

      ১৯ শতিকাৰ মাজভাগৰ পৰাই ৰেলপথৰ সম্প্ৰসাৰণৰ ফলত ভাৰতৰ বিভিন্ন ঠাই লগত নগৰসমূহ সংযুক্ত হৈছিল। কেঁচামাল আৰু বনুৱা থকা স্থানত বন্দৰ নগৰবোৰ অধিক ওচৰ চাপিছিল। কেঁচামালৰ কাম কৰিবলৈ অতি কম দামতে যথেষ্ট সংখ্য়ক বণুৱা পাইছিল আৰু ইয়াৰ কাৰণে নগৰবোৰত আধুনিক ফেক্টৰি গঢ়ি তুলিছিল। নগৰবোৰ অৰ্থনীতি কেৱল ইয়াৰ ফেক্টৰিৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল নাছিল। এই নগৰবোৰ কাণপুৰৰ দৰে উল, চামৰা আৰু কপাহী কাপোৰৰ উদ্য়োগৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। উপনিৱেশিক চৰকাৰৰ বৈষম্য়মূলক ঔদ্য়োগিক নীতিৰ ফলত ভাৰতত ঔদ্য়োগিক উন্নয়নৰ গতি মন্থৰ আছিল। সেইসমূহৰ কাৰণে মাদ্ৰাজ, কলিকতা আৰু বম্বে মহানগৰ হৈছিল।  

২০। ইউৰােপীয়সকলে ভাৰতত তেওঁলােকৰ স্বাস্থ্য ৰক্ষা আৰু আমােদ প্রমােদৰ বাবে কেনে পদক্ষেপ গ্রহণ কৰিছিল আলােচনা কৰা।

উত্তৰঃ 

২১। নগৰীকৰণে কেনেদৰে সামাজিক পৰিবৰ্তন আনিছিল তথ্য সহকাৰে আলােচনা কৰা।

উত্তৰঃ

২২। অধ্যায়টোত দেখা ছবিবােৰৰ পৰা নগৰীয়া জীৱনে অনা সামাজিক পৰিৱর্তনৰ এক বিৱৰণ দাঙি ধৰা।

উত্তৰঃ

২৩। ভাৰতৰ এখন প্রাচীন নগৰৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ এখন প্ৰাচীন নগৰ আগ্ৰা। 

২৪। মােগলৰ দিনৰ এখন ৰাজধানী নগৰৰ নাম লিখা।

উত্তৰঃ মোগলৰ দিনৰ এখন ৰাজধানী নগৰৰ নাম হৈছে দিল্লী। 

২৫। ৰাজতন্ত্রত সাধাৰণতে নগৰৰ পৃষ্ঠপােষক কোন আছিল?

উত্তৰঃ ৰাজতন্ত্ৰত সাধাৰণতে নগৰৰ পৃষ্ঠপোষক আছিল ৰজা।  

২৬। মিউনিচিপেল কৰ সংগ্ৰহৰ ব্যৱস্থা ভাৰতত কোন শতিকাৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯ শতিকাৰ পৰা ভাৰতত মিউনিচিপেল কৰ সংগ্ৰহৰ ব্য়ৱস্থা আৰম্ভ কৰা হৈছিল। 

২৭। কোন চনত প্ৰথমটো সৰ্বভাৰতীয় পিয়ল হৈছিল?

উত্তৰঃ ১৮৭২ চনত প্ৰথমটো সৰ্বভাৰতীয় পিয়ল হৈছিল। 

২৮। কিমান বছৰৰ মূৰে মূৰে সাধাৰণতে পিয়ল কৰাটো নিয়ম?

উত্তৰঃ ১০ বছৰৰ মূৰে মূৰে সাধাৰণতে পিয়ল কৰাটো নিয়ম আছিল। 

২৯। কোন চনত ভাৰতত ৰেলপথ নির্মাণ আৰম্ভ হয়?

উত্তৰঃ ১৮৫৩ চনত ভাৰতত ৰে'লপথ নিৰ্মাণ আৰম্ভ হয়। 

৩০। ফর্ট জর্জ কোনখন মহানগৰত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ ফৰ্ট জৰ্জ শ্বেতৰ মহানগৰত নিৰ্মাণ কৰা হৈছিল। 

৩১। বম্বে আৰম্ভণিতে কেইটা দ্বীপৰ সমষ্টি আছিল?

উত্তৰঃ বম্বে আৰম্ভণিতে তিনিটা দ্বীপৰ সমষ্টি আছিল। 

৩২। বম্বেৰ ভিক্টোৰীয়া টাৰমিনাচটো কোন স্থাপত্য নিদর্শন?

উত্তৰঃ বম্বেৰ ভিক্টোৰীয়া টাৰমিনাচটো অতি আকৰ্ষণীয় নব গঠিত স্থাপত্য় নিদৰ্শন। 

৩৩। বম্বে মহানগৰীত দেখিবলৈ পােৱা দুটা ঔপনিবেশিক স্থাপত্যশৈলী উল্লেখ কৰা।

উত্তৰঃ বম্বে মহানগৰীত দেখিবলৈ পোৱা দুটা ঔপনিবেশিক স্থাপত্য়শৈলী হৈছে-

    ক) স্মাৰক সৌধ আৰু (খ) দুৰ্গ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Type: Pallab jyoti Bora

Author By: Sayanika Das



Post ID : DABP006339