Chapter: 10

 সম্ৰাট আৰু ইতিহাস, মোগল দৰবাৰ,

 (King And Chronicles, Mughal court) 

◻️ চমুপ্ৰশ্ন 

১। মােগল ইতিহাসৰ পৰা কি তথ্য আহৰণ কৰিব পাৰি?

উত্তৰঃ যিবোৰ দৰাবৰৰ ঘনিষ্ঠ লোকে অতি কষ্ট সহকাৰে সংগ্ৰহ কৰি শ্ৰেণী বিভাজন কৰিছিল। সেই বিষয়ে মোগল ইতিহাসত এই তথ্য় আহৰণ কৰিব পাৰি। 

২। মােগল’ শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে? মােগলসকলে নিজে এই শব্দটো ব্যৱহাৰ কৰিছিল নে?

উত্তৰঃ মোগল' শব্দটো মংগোল শব্দ পৰা উদ্ভৱ হৈছে। মোগলসকলে নিজে এই শব্দটো ব্য়ৱহাৰ কৰা নাছিল। এই নামটো এখন সাম্ৰাজ্য়ৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰা হৈছিল। 

৩। মােগলসকলে কিয় নিজকে টাইমুৰী বুলি কৈছিল?

উত্তৰঃ মোগলসকল তুৰ্কী আক্ৰমণকাৰী টাইমুৰ বংশধৰ আছিল। সেই কাৰণে তেওঁলোকে নিজকে টাইমুৰী বুলি কৈছিল।  

৪। মােগলসকলৰ শ্রেষ্ঠ সম্রাট কোন আছিল? তেওঁৰ দুটা গুৰুত্বপূৰ্ণ সফলতা উল্লেখ কৰা।

উত্তৰঃ আকবৰ আছিল মোগলসকলৰ শ্ৰেষ্ঠ সম্ৰাট। 

    আকবৰৰ দুটা গুৰুত্বপূৰ্ণ সফলতা হৈছে- ১। আকবৰে মোগল সাম্ৰাজ্য়ৰ সীমা ব্ৰহ্মপুত্ৰৰ পৰা হিন্দুকুশ পৰ্বতলৈ আৰু হিমালয়ৰ পৰা নৰ্মদালৈকে বিস্তৃত হৈ পৰিছিল।

২। আকবৰে তুৰাণৰ উজবেদ আৰু ইৰাণৰ সফাৱী সাম্ৰাজ্য়ৰ সাম্ৰাজ্য়বাদী নাতিক প্ৰতিহত কৰিছিল। 

৫। ইতিহাসসমূহ ৰচনা কৰাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ ইতিহাসসমূহ ৰচনা কৰা দুটা উদ্দেশ্য় হ'ল 

১। ভৱিষ্য়ত প্ৰজন্মক ইতিহাসত গুৰুত্ব উপলব্ধি কৰোৱাৰ লক্ষ্য় বাবেও ইতাস ৰচনা কৰা হৈছিল।

২। মোগল সাম্ৰাজ্য়ৰ বিৰোধিতা কৰা সকলক আৰু তেওঁলোকৰ বিৰোধিতা যে সফল নহ'ব সেইবোৰ বিষয়ে জনাবৰ বাবে ইতিহাস ৰচনা কৰা হৈছিল।  

৬। আকবৰে কোনটো ভাষাক আৰু কিয় দৰবাৰী ভাষা হিচাপে ঘােষণা কৰিছিল?

উত্তৰঃ আকবৰে ইতিহাসসমূহ ফৰাচী ভাষাত লিখা হৈছিল। এই ভাষাক আকবৰে দৰবাৰী ভাষা হিচাপে ঘোষণা কৰিছিল। কাৰণ মোগল ৰাজসভাত পদৱী পাবলৈ ইচ্ছুক ইৰাণী আৰু মধ্য় এছিয়াৰ প্ৰবাসীসকলে সম্ৰাট আকবৰক ফৰাচী ভাষাৰ প্ৰতি আকৃষ্ট কৰিছিল। 

৭ | নষ্টালিক’ শৈলী কি?

উত্তৰঃ নষ্টালিক শৈলী হৈছে আকবৰৰ অন্য়তম প্ৰিয় শৈলী। এইবিধ তৰল শৈলী য'ত পথালি সমতল পাতত কলমেৰে লিখা হৈছিল। 

৮। দুখন গুৰুত্বপূৰ্ণ মােগল সচিত্র পাণ্ডুলিপিৰ নাম লিখা।

উত্তৰঃ দুখন গুৰুত্বপূৰ্ণ মোগল সচিত্ৰ পাণ্ডুলিপিৰ নাম হৈছে-

১। আকবৰ নামা আৰু ২। বাদশাহ নামা। 

৯। কোনে, কেতিয়া এছিয়াটিক ছচাইটি প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ছাৰ উইলিয়াম জনছে ১৭৮৪ চনত এছিয়াটিক ছচাইটি প্ৰতিষ্ঠা কৰিছিল। 

১০ | ‘গুলহ-ই-কৌল’ মানে কি বুজা?

উত্তৰঃ সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ প্ৰতি সহিষ্ণুতা এই আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত মতবাদকে সুলক-ই কূল বুলি কোৱা হয়।

১১। জিজীয়া কৰ কি?

উত্তৰঃ  জিজীয়া কৰ হৈছে হিন্দু তীৰ্থযাত্ৰীৰ ওপৰত আৰোপ কৰা কৰ। 

১২। জাহানাৰা কোন আছিল? তেওঁৰ দুটা অৱদান উল্লেখ কৰা।

উত্তৰঃ ছাহজাহানৰ জীয়ৰী আছিল জাহানাৰা। তেওঁ দুটা অৱদান হ'ল

    ১। জাহানাৰাই বছৰি এজন উচ্চ পদবী মনসৱদাৰত সমানেই আয় কৰিছিল আৰু 

    ২। জাহানাৰাই বৈদেশিক বাণিজ্য়ৰ লাভজনক কেন্দ্ৰ বন্দৰ নগৰী চুৰাটৰ পৰাও ৰাজহ আদায় কৰিছিল। 

১৩। হুমায়ুনৰ লগত অহা দুজন শিল্পীৰ নাম লিখা।

উত্তৰঃ হুমায়ুনৰ লগত অহা দুজন শিল্পীৰ নাম হৈছে ১। মীৰ চৈয়দ আলি আৰু ২। আব্দুছ ছামাদক। 

১৪। সফাৱী সাম্রাজ্যৰ বিখ্যাত চিত্রশিল্পীজনৰ নাম কি?

উত্তৰঃ সফাৱী সাম্ৰাজ্য়ৰ বিখ্য়াত চিত্ৰশিল্পীজনৰ নাম হৈছে আবুল হাছান। 

১৫। ফৰাচী আৰু হিন্দী ভাষাৰ সংমিশ্ৰণত সৃষ্টি হােৱা ভাষাটোৰ নাম কি আছিল?

উত্তৰঃ ফৰাচী আৰু হিন্দু ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষাটোৰ নাম হৈছে উৰ্দুৰ। 

১৬। মহাভাৰতখন ফৰাচী ভাষালৈ কি নামেৰে অনুবাদ কৰা হৈছে।

উত্তৰঃ মহাভাৰতখন ফৰাচী ভাষালৈ ৰাজমনামা নামেৰে অনুবাদ কৰা হৈছিল। 

১৭। বাবৰৰ স্মৃতি কি ভাষাত ৰচনা কৰা হৈছিল।

উত্তৰঃ বাবৰৰ স্মৃতি তুৰ্কী ভাষাত ৰচনা কৰা হৈছিল। 

১৮। “কিতাব খানা' মানে কি?

উত্তৰঃ "কিতাবখানা" শব্দটো পুথিভঁৰাল ৰূপত অনুবাদ কৰা হয়। কিতাপখানা এক লিপিঘৰ আছিল আৰু সেই ঠাইত সম্ৰাটৰ পাণ্ডুলিপিসমূহ সংগ্ৰহ কৰি ৰখা হৈছিল। 

১৯। দৈৱিক পােহৰৰ ধাৰণাটো মােগল চিত্রসমূহে কেনেদৰে প্ৰকাশ কৰিছে?

উত্তৰঃ মোগল সম্ৰাটসকলে ভগৱানৰ পৰা প্ৰত্য়ক্ষভাৱে এক ঐশ্বৰিক শক্তি লাভ কৰিছিল। পৌৰাণিক আখ্য়ান অনুসৰি মোগলসকলৰ ৰাণী আলানকুৰাই শিৱিৰত জিৰণী লৈছিল। 

২০। আবুল ফজলৰ মতে মােগল সম্রাটে কি চাৰিটা সত্তা ৰক্ষা কৰিছিল?

উত্তৰঃ আবুল ফজলৰ মতে মোগল সম্ৰাটে প্ৰজাসকলক চাৰিটা সত্তাক ৰক্ষা হৈছে আৰু সেই কেইটা হ'ল ১। জীৱন (জন), ২। ধন (মাল), ৩। সন্মান (নামস) আৰু বিশ্বাস (দিন)। 

২১। মােগল দৰবাৰত পাণ্ডুলিপি প্রস্তুত কৰাৰ দুটা পদ্ধতিৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ মোগল দৰবাৰত পাণ্ডুলিপি প্ৰস্তুত কৰাৰ দুটা পদ্ধতিৰ হৈছে-

১। কাগজ তৈয়াৰ কৰা সকলে পাণ্ডুলিপি পৃষ্ঠাসমূহ তৈয়াৰ কৰিছিল।

২। চিত্ৰকাৰসকলে পাঠত বিভিন্ন ধৰণৰ চিত্ৰ আঁকিছিল। 

২২। মােগলসকলৰ ৰাজসভাৰ ব্যৱহৃত হৈছিল?

উত্তৰঃ 

২৩। আকবৰ নামা’ৰ লিখক কোন?

উত্তৰঃ আকবৰ নামা'ৰ লিখক হ'ল আবুল ফজল। 

বহলাই লিখাঃ

১। মােগল দৰবাৰত পাণ্ডুলিপি প্রস্তুত সম্পর্কে বহলাই লিখা।

উত্তৰঃ মোগল দৰবাৰত পাণ্ডুলিপি কেনেদৰে প্ৰস্তুত কৰা হৈছিল তলত আলোচনা কৰা হ'ল

    মোগল যুগৰ সকলো গ্ৰন্থই পাণ্ডুলিপিৰ ৰূপত দেখা পোৱা গৈছে। এইবোৰক হাতে লিখা পুথি বুলি কোৱা হয়। শাহী কিতাপখানা আছিল পাণ্ডুলিপিৰ ৰচনা কৰা মূখ্য় কেন্দ্ৰ। ই এক লিপিঘৰ আছিল য'ত সম্ৰাটৰ পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি ৰখা হৈছিল লগতে নতুন নতুন পাণ্ডুলিপি প্ৰস্তুত কৰিছিল। পাণ্ডুলিপিৰ ৰচনা কৰাত বহুত লোক বহুটো কামত জড়িত আছিল। কাগজ তৈয়াৰ কৰা সকলে পাণ্ডুলিপিৰ পৃষ্ঠাসমূহ তৈয়াৰ কৰিছিল। চিত্ৰকাৰসকলে পাঠত বিভিন্ন চিত্ৰ আঁকিছিল। লিখাৰ সকলে সুন্দৰকৈ হাতৰ আখৰে পাঠত নকল কৰিছিল। পৃষ্ঠাসমূহত উজ্বলতা বৃদ্ধিৰ কাৰণে এভাগে সোণপানী চৰোৱা কাম কৰিছিল। সেই সকলোবোৰ পৃষ্ঠা একগোট কৰি বেটুপাতেৰে কিতাপৰ আকাৰ বান্ধিবৰ কাৰণে শ্ৰমিকৰ প্ৰয়োজন হৈছিল। 

     পাণ্ডুলিপিসমূহ প্ৰস্তুত কৰা লগত জড়িত থকা সকলো কলা-কৌশলীকে পদমৰ্যাদা আৰু পুৰস্কাৰে সন্মানিত কৰা হৈছিল। লিখাৰ আৰু চিত্ৰকৰসকলক পদমৰ্যাদা আৰু সামাজিক লাভ কৰিছিল। ইয়াৰ ভিতৰত কাগজ নিৰ্মাণ কৰোতা আৰু আন শিল্পীসকল সমাজৰ পৰা অৱহেলিত হৈছিল। তেওঁলোকক কোনে ধৰণৰ পুৰস্কাৰ আৰু পদমৰ্যাদা দিয়া নাছিল। ইয়াত সুন্দৰ হাতেৰে লিখা কামবোৰ অত্য়ন্ত গুৰুত্বপূৰ্ণ কৌশল বুলি তেওঁলোকে বিবেচনা কৰিছিল। ইয়াৰ প্ৰয়োগ ভিন ভিন শৈলীত কৰা হৈছিল। নষ্টালিক হৈছে এবিধ তৰল শৈলী য'ত পথালি সমতল পাতত কলমেৰে লিখা হৈছিল। কলমসমূহ ৫ৰ পৰা ১০ মি.মি. দীঘল জোঙা নিযুক্ত আছিল। নষ্টালিক আছিল আকবৰৰ অন্য়তম প্ৰিয় শৈলী। ই চিয়াঁহীত ডুবাই লিখা নিবসমূহ মাজত ফলা আছিল কাৰণ ই যাতে অতি সহজতে বৈ যাব পাৰে। 

২। মােগল ৰাজ্য পৰিয়ালত মহিলাসকলৰ ভূমিকা আলােচনা কৰা ৷

উত্তৰঃ মোগল সম্ৰাটসকলে বহু বিবাহ পদ্ধতি অৱলম্বন কৰিছিল। বিবাহৰ যোগেদি ৰাজপুত আৰু মোগল দুয়ো পক্ষৰ মাজত ৰাজনৈতিক সম্পৰ্ক আৰু মৈত্ৰী স্থাপন কৰা হৈছিল।কন্য়াৰ যৌতুক হিচাপে একোটা অঞ্চল দিয়া হৈছিল। মোগল ৰাজ পৰিয়ালৰ পত্নীসকলৰ মাজতো পাৰ্থক্য় আছে। অভিজাত পৰিয়ালৰ পৰা অহা মহিলা আৰু জন্মসূত্ৰে অভিজাত নোহোৱা আন পত্নী সকলৰ মাজত পাৰ্থক্য় আছিল। ৰাজতন্ত্ৰৰ লগত জড়িত মহিলাসকলৰ পদানুক্ৰমত উপপত্নী সকলৰ স্থান সকলোতকৈ নিম্ন আছিল। যৌতুক হিচাপে বৃহৎ পৰিমানে নগদ ধন আৰু মূল্য়ৱান সা-সম্পত্তি লগত লৈ অহা পত্নীসকলে অভিজাত নোহোৱা আন পত্নীসকলৰ তুলনাত স্বাভাৱিকভাৱেই তেওঁলোকৰ স্বামীৰ পৰা উচ্চস্থান আৰু সন্মান লাভ কৰিছিল। 

    পত্নীসকলৰ উপৰিও মোগল ৰাজপৰিয়ালত বহু সংখ্য়ক মহিলা গোলাম আছিল। তেওঁলোকে সাধাৰণ কামকে ধৰি কৌশলপূৰ্ণ বহুতো কাম সম্পাদন কৰিছিল।মোগল যুগৰ কিছুমান ৰাণী আৰু ৰাজকুমাৰীসকলে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক উৎসসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল। ছাহজাহানৰ জীয়েক জাহাঁনাৰা আৰু ৰৌশন আৰাই বছৰি এজন উচ্চ পদবী মনসৱদাৰত সমানেই আয় কৰিছিল। এই সমূহৰ উপৰিও জাহাঁনাৰাই বৈদেশিক বাণিজ্য়ৰ বন্দৰ নগৰী চুৰাটৰ পৰাও ৰাজহ আদায় কৰিছিল। 

৩। মােগল প্রাদেশিক প্রশাসন ব্যৱস্থাৰ সম্পর্কে লিখা। কেন্দ্রই কেনেদৰে প্রদেশসমূহ নিয়ন্ত্রণ কৰিছিল?

উত্তৰঃ প্ৰদেশ সমূহৰ শাসন ব্য়ৱস্থা কেন্দ্ৰীয় শাসন ব্য়ৱস্থাৰ অনুৰূপ আছিল। এই প্ৰদেশসমূহতো কেন্দ্ৰৰ দৰে বিভিন্ন মন্ত্ৰীৰ অধীনস্থ বিষয়া থাকে। প্ৰদেশসমূহৰ প্ৰধান বিষয়াজনক চুবাদাৰ বুলি কোৱা হয়। চুবাদাৰক সম্ৰাটে মনোনীত কৰে। তেওঁ প্ৰদেশৰ সকলো তথ্য় পোনপটীয়াকৈ সম্ৰাটক জনাব লাগিছিল। মোগল প্ৰাদেশিক শাসনৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় হ'ল শাসনৰ সুবিধাৰ কাৰণে প্ৰদেশ সমূহক পুনৰ কেতবোৰ চৰকাৰ বা জিলাত ভাগ কৰা হৈছিল। প্ৰতিখন চৰকাৰৰ ওপৰত একোজন ফৌজদাৰ আছিল। ফৌজদাৰ কাম আছিল আইন শৃংখলা বজাই ৰখা। সেই কামৰ বাবে তেওঁ সু-সজ্জিত সৈন্য়বাহিনী দিয়া হয়। 

     প্ৰশাসন ব্য়ৱস্থাৰ প্ৰতিটো বিভাগতে বুজন সংখ্য়ক সহায়কাৰী থাকে। যেনে- কেৰাণী, বাৰ্তাবাহক, গাণনিক হিচাপ পৰীক্ষক আৰু কৌশলী দক্ষ আন কৰ্মচাৰীসকল। তেওঁলোকে নিয়ম নীতি আৰু প্ৰক্ৰিয়া অনুসৰি কাম কৰিছিল। ফাৰ্চী ভাষা চৰকাৰী ভাষা হিচাপে ব্য়ৱহাৰ কৰিছিল। মোগল ইতিহাসসমূহে সম্ৰাট আৰু তেওঁ দৰবাৰে গাওঁ পৰ্যন্ত সম্পূৰ্ণ প্ৰশাসনিক তন্ত্ৰৰ নিয়ন্ত্ৰণ কৰিছিল। 

৪। আকবৰ কোন আছিল? তেওঁৰ যিকোনাে তিনি কার্যৱলীৰ বিষয়ে লিখা ।

উত্তৰঃ আকবৰ হুমায়ুনৰ পুত্ৰ আছিল। তেওঁ দেউতাকৰ মৃত্য়ু পিছতে মোগল সাম্ৰাজ্য়ৰ সিংহাসনত উঠিছিল। তেওঁক মোগলসকলৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট বুলি কোৱা হয়। আকবৰ নামা তিনিটা কাৰ্যৱলীৰ হ'ল-

(ক) সুলহ-ই-কূলঃ মোগল সাম্ৰাজ্য়ত হিন্দু, জৈন, মুছলমান আৰু জোষ্টাৰিয়ান আদি বিভিন্ন নৃগোষ্ঠী আৰু ধৰ্মীয় সম্প্ৰদায় লোকে বাস কৰিছিল। সকলো শক্তি আৰু শান্তিত উৎস আছিল সম্ৰাট। তেওঁলোকৰ সকলো বাবে শান্তি আৰু ন্য়ায় প্ৰতিষ্ঠা কৰাটো সু-নিশ্চিত আছিল। সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ প্ৰতি সহিষ্ণুতা এই আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত মতবাদ আছিল সুলহ-ই-কূল। সুলহ-ই-কূল আদৰ্শ ৰাজ্য়ৰ নীতিসমূহৰ জৰিয়তে প্ৰয়োগ কৰা হৈছিল।

(খ) জিজীয়া কৰঃ আকবৰে ১৫৬৩ খৃঃত হিন্দু তীৰ্থযাত্ৰীৰ ওপৰত আৰোপ কৰা কৰ আৰু ১৫৬৪ খৃঃত অনা মুছলমানসকলৰ থকা 'জিজীয়া' কৰ উঠাই দিছিল। উল্লেখযোগ্য় যে আকবৰে ধৰ্ম সহিষ্ণুতা আৰু মানসিক বিশালতা কেৱল ধৰ্ম বিষয়তে প্ৰতিফলিত হোৱা নাছিল। ইয়াৰ প্ৰভাৱ ৰাজনৈতিক আৰু প্ৰশাসনিক কাম-কাজটো ইয়াৰ পৰিলক্ষিত হৈছিল। 

(গ) ফটেহপুৰচিক্ৰিৰ নিৰ্মাণঃ ১৫৭০ খৃঃত আগ্ৰাহ পৰা কিছু পশ্চিমে থকা ফটেহপুৰ চিক্ৰিত আকবৰে তেওঁৰ নতুন ৰাজধানী প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল আৰু প্ৰায় আঠ বছৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিছিল। মোগল সম্ৰাটসকলে চুফী চিষ্টি ছিলছিলাৰ লগত অতি আন্তৰিকতাপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিছিল। আকবৰে বহুতো অট্টালিকা, মছজিদ আৰু স্মৃতি সৌধ আদি নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত বগা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা শ্বেইখ চেলমি চিষ্টিৰ কথা উল্লেখ কৰা হৈছে। 

 ৫। মােগল ইতিহাসৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

উত্তৰঃ 

৬। আকবৰ নামাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ মোগল ইতিহাসসমূহৰ ভিতৰত আকবৰ নামা আছিল এইখন ইতিহাস। সেই গ্ৰন্থখনত ১৫০০ খন সম্পূৰ্ণ দুৰ্গ, চিকাৰ, স্মাৰক গৃহ নিৰ্মাণ, বেষ্টনী আৰু দৰবাৰ ইত্য়াদিৰ। আকবৰ নামাৰ লিখক আবুল ফজল মোগল ৰাজধানী আগ্ৰাত ডাঙৰ দীঘল হৈছিল। আৰবী, ফাৰচী, চুফীবাদ আৰপ গ্ৰীক দৰ্শনৰ  ওপৰত বিস্তৃত অধ্য়য়ন থকা আবুল ফজল একেধাৰে এজন সু-সাহিত্য়িক, চিন্তাবিধ, তাৰ্কিক আৰু উলেমাসকলৰ বিৰোধী আছিল। ধৰ্মীয় গোড়ামিৰ পৰা ৰাজ্য়খন মুক্ত কৰাটোয়ে আছিল সম্ৰাট আকবৰ এক উদ্দেশ্য়।  

    আবুল ফজলে ১৫৮৯ খ্ৰীঃৰ পৰা আৰম্ভ কৰি ১৩ বছৰত আকবৰৰ নামাহ কাম সম্পূৰ্ণ কৰিছিল। গ্ৰন্থখন বিভিন্ন ধৰণৰ ঘটনা বাস্তৱ বিৱৰণ, বিভিন্ন গুণী-জ্ঞানী, আৰু দস্তাৱেজ পণ্ডিতৰ মৌখিক প্ৰমাণ কৰিছিল যেনে- সাক্ষী, সাক্ষাৎকাৰ আদিৰ ওপৰত আধাৰিত কৰিছিল। আকবৰ নামা গ্ৰন্থখন তিনিটা অধ্য়ায়ত ভাগ কৰা হৈছে। ইয়াৰে প্ৰথম দুটা অধ্য়ায় হৈছে ইতিহাস আৰু তৃতীয়টো অধ্য়ায় হৈছে 'আইন-ই-আকবৰী'। প্ৰথম অধ্য়ায়ত আদমৰ পৰা আৰম্ভ কৰি আকবৰৰ জীৱনৰ এক স্বৰ্গীয় কালচক্ৰ (৩০ বছৰ)ৰ মানৱ জাতিৰ ইতিহাস বৰ্ণনা কৰা হৈছে। দ্বিতীয় অধ্য়ায়ত আকবৰৰ ৰাজত্বৰ ৪৬ বৰ্ষলৈ বৰ্ণনা কৰা হৈছে। ইয়াৰ পিছতে আবুল ফজলক ৰাজকুমাৰ ছেলিমৰ সহায়কাৰী বাৰ সিং বুন্দেলাই ষড়যন্ত্ৰ কৰি হত্য়া কৰিছিল। আকবৰ নামা গ্ৰন্থখনৰ উদ্দেশ্য় আছিল আকবৰৰ ৰাজত্ব কালত পুংখানুপুংখ বিৱৰণ দিয়াটো। আইন-ই-আকবৰী গ্ৰন্থখনতো মোগল সাম্ৰাজ্য়ক হিন্দু, ইছলাম, জৈন আৰু বিভিন্ন ধৰ্মাৱলম্বী জাতিৰ এক সংমিশ্ৰিত সাংস্কৃতিক সাম্ৰাজ্য় হিচাপে উল্লেখ কৰিছে। 

৭। বাদশাহ নামাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ বাদশাহ নামাৰ গ্ৰন্থখনৰ লিখক হৈছে আব্দুল হামিদ লাহিৰীক। বাগশাহ নামা গ্ৰন্থখন আছিল চৰকাৰী ইতিহাস। ইয়াক তিনিটা অধ্য়ায়ত লিপিবদ্ধ কৰা হৈছে। ইয়াৰ প্ৰতিটো খণ্ডতে দহ চন্দ্ৰ বৰ্ষৰ ইতিহাস লিপিবদ্ধ হৈ আছে। বাদশাহ আকবৰৰ শাসন কালৰ প্ৰথম দুটা দশক লাহিৰীয়ে প্ৰথম দুটা খণ্ডত অন্তৰ্ভূক্ত কৰিছে। লাহিৰীয়ে তৃতীয় অধ্য়ায়টো লিখিব নোৱাৰাত ইতিহাসবিধ ৱাৰিজে এইটোৰ অধ্য়ায়ৰ কাম সম্পূৰ্ণ কৰিছিল। ১৭৮৪ খ্ৰীঃত ছাৰ উইলিয়াম জনছৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা এছিয়াটিক ছছাইটি অব বেংগলৰ চেষ্ঠাত ভালেমান ভাৰতীয় পাণ্ডুলিপি সম্পাদনা আৰু বহুতো ছপাৰ কাম তেওঁ হাতত তুলি লৈছিল। 

    বাদশাহ নামা ১৯ শ শতিকাত এছিয়াটিক ছছাইটি দ্বাৰা প্ৰথম বাবৰ কাৰণে প্ৰকাশ কৰা হয়। তেওঁ অশেষ কষ্টৰ মূৰত কুৰি শতিকাৰ প্ৰথমতে বাদশাহ নামা কিছু নিৰ্বাচিত অংশ অনুবাদ কৰা হৈছে। ১৭৯৯ চনত আৱধৰ নবাবে সচিত্ৰ বাদশাহ নামা গ্ৰন্থখন ইংলেণ্ডৰ সম্ৰাট তৃতীয় জৰ্জক উপহাৰ হিচাপে দিছিল। ১৯৯৪ চনত সংৰক্ষণৰ স্বাৰ্থত গ্ৰন্থখন ভাগ ভাগ কৰিছিল। ইয়াৰ বাবে চিত্ৰসমূহ প্ৰদৰ্শন কৰা সুবিধা হৈছিল। ১৯৯৭ চনত প্ৰথমে বাবৰ বাবে বাদশাহ নামাৰ চিত্ৰসমূহ লণ্ডন, দিল্লী আৰু ৱাশ্বিংটনত হোৱা প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয়।    

৮। মনচবদাৰী প্রথা কি আছিল ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ মনচব শব্দটোৰ অৰ্থ হৈছে স্থান বা পদমৰ্যদা। মনচবদাৰসকল হৈছে মোগল ৰাজ কৰ্মচাৰী। মোগলৰ মনচব 'জাট আৰু সওৱাৰ'। জাট হৈছে মনচবদাৰজনৰ মূল পদমৰ্যদাৰ। 

৯। মােগল সাম্রাজ্যক এক আদৰ্শ ৰাজ্য হিচাপে প্রতিষ্ঠা কৰা কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ

১০। ভাৰতত এখন মেপ আঁকি মােগল শাসনাধীন অঞ্চল সমূহ দেখুওৱা।

উত্তৰঃ 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type: Pallab Jyoti Bora


Post ID : DABP006325