প্ৰাৰম্ভিক সমাজ | অধ্যায় ১ | Lesson 1 | Class 11 History Question Answer Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ড° অজিত কুমাৰ দত্ত


     প্ৰথম অধ্যায়   

প্ৰাৰম্ভিক সমাজ 

১। অতি চমু উত্তৰ লিখা 


ক) জুইৰ ব্যৱহাৰৰ নিদৰ্শন কিমান লাখ বছৰৰ পূৰ্বে পোৱা গৈছে 

উত্তৰঃ ৫৬ লাখ বছৰৰ পূৰ্বে জুইৰ ব্যৱহাৰৰ নিদৰ্শন পোৱা গৈছে ।


খ) মোৰ্য্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল ?

উত্তৰঃ  ৩২১ খ্ৰীঃপূঃত মোৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল । 


গ) On the origin of species নামৰ গ্ৰন্থখনৰ লেখক কোন ?

উুত্তৰঃ on the origin of Species নামৰ গ্ৰন্থখনৰ লেখক হল চালৰ্চ ডাৰউইন । 


ঘ) স্পেইনৰ আলটামিৰা গুহাটো কোন চনত আৱিস্কাৰ হয় ?

উত্তৰঃ ১৮৭৯ চনত স্পেইনৰ আলটামিৰা গুহাটো আৱিস্কাৰ হয় ।


ঙ) মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা কিমান আছিল ?

উত্তৰঃ মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা আছিল ২৬০ টা । 

চ) স্বাধীন বেবিলনৰ শেষৰজন ৰজা কোন আছিল ?

উত্তৰঃ স্বাধীন বেবিলনৰ শেষৰজন ৰজা আছিল নব'নিদাচ ।


ছ) কেতিয়াৰ পৰা ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল ?

উত্তৰঃ খ্ৰীঃপূঃ ৭০০-৬০০ ৰ ভিতৰত ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল । 


জ)  আলেকজেণ্ডাৰে কেতিয়া বেবিলন আক্ৰমণ কৰিছিল ?

উত্তৰঃ ৩৩১ খ্ৰীঃত আলেকজেণ্ডাৰে বেবিলন আক্ৰমণ কৰিছিল । 


ঝ) জীৱাশ্ম কি । 

উত্তৰঃ জীৱাশ্ম হল বহুত পুৰণি উদ্ভিদ, জন্তু বা মানুহৰ শিলালৈ ৰূপান্তৰিত অৱশেষ । 


ঞ) প্ৰাইমেটসকল কোন গোটৰ অন্তৰ্ভূক্ত ?

উত্তৰঃ  প্ৰাইমেটসকল  হল এক বৃহৎ স্তন্যপায়ী গোটৰ অন্তৰ্গত উপগোট । 


২। চমু উত্তৰ লিখা 


ক) সঁজুলি তৈয়াৰ কৰাত প্ৰয়োজন হোৱা উপাদানসমূহৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ আদিম মানুহৰ সঁজুলিৰ নিৰ্মাণৰ ক্ষেত্ৰত কিছু নিশ্চয়তা দেখা পোৱা যায় । বিভিন্ন ঠাইত পোৱা মানৱ নিৰ্মিত সামগ্ৰীৰ পৰা এই নিশ্চয়তা পাব পাৰি । উদাহৰণস্বৰূপে ঃ হেজাৰ হেজাৰটা চটা-চট হাতিয়াৰ আৰু হাতকুঠাৰ, কেনিয়াৰ কিলম্ব, আৰু অলৰগেছাইলিৰ খননথলীত আৱিস্কৃত হৈছে । এইবিলাক সাতলাখৰ পৰা পাঁচলাখ বছৰৰ পুৰণি ।

একে ঠাইইতে এই সঁজুলিবোৰ কেনেকৈ থুপ খালে । এইটো সম্ভৱ যে যত বেছিকৈ আহাৰ পোৱা হৈছিল সেইবোৰ ঠাইলৈ ঘনাই অহা-যোৱা কৰা হৈছিল । এইবোৰ অঞ্চলত তেওঁলোকৰ কাম-কাজ আৰু উপস্থিতিৰ সাক্ষ্য বা হাতিয়াৰ পাতি পোৱাটো স্বাভাৱিক ।  তেওঁলোকে তৈয়াৰ কৰা সামগ্ৰীবোৰ মাটিত চটা-চটে পোৱা যায় ।  তেওঁলোকে কমকৈ যোৱা স্থানত কম সঁজুলি পোৱা যায় । মানুহে বনোৱা সঁজুলি আৰু বনমানুহে বনোৱা সঁজুলিৰ মাজত পাৰ্থক্য আছিল । ইতিমধ্যে আমি দেখা পাইছো যে কোনো কোনো দেহতাত্ত্বিক আৰু স্নায়বিক অভিযোজনৰ ক্ষেত্ৰত হাতকেইখনে অতি কৌশলেৰে কাম কৰিব পৰা হল । এই ঘটনা মানৱ জীৱনৰ সঁজুলিবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে নিশ্চয় সম্ভৱ হৈছিল । তদুপৰি যি উপায়েৰে মানুহে সঁজুলি তৈয়াৰ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে, সেইবোৰৰ বাবে প্ৰায়ে অধিক স্মৃতিশক্তি আৰু জটিল নিৰ্মাণ কৌশলৰ প্ৰয়োজন হয় । বনমানুহৰ ক্ষেত্ৰত এই দুয়োটা উপাদানৰে অভাৱ আছিল । ইথিওপিয়া আৰু কেনিয়াতেই একেবাৰে প্ৰাচীন শিলৰ হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায় । সম্ভৱ অষ্টালপিথেকাছসকলেই আছিল সৰ্বপ্ৰথম শিলৰ সঁজুলি নিৰ্মাণ কৰা লোক । 

আন কামৰ দৰে সাঁ-সজুলিবোৰ মতাই নে মাইকীসকলে উভয়ে নিৰ্মাণ কৰিছিল জনা নাযায় । যদিও উভয়ে কৰাৰ সম্ভাৱনাই বেছি । মাইকীসকলে বিশেষকৈ নিজকে বা সন্তানক পোহ-পাল দিবৰ বাবে নিশ্চয় প্ৰয়োজনীয় আহাৰ সংগ্ৰহৰ বাবে সঁঁজুলিবোৰ বনাইছিল ।  প্ৰায় ৩৫,০০০ বছৰৰ আগেয়ে জন্তু চিকাৰৰ বাবে উন্নত কৌশলযুক্ত হাতিয়াৰ উদ্ভভাৱন কৰা দেখা যায় । এই সময়ত নতুন ধৰণৰ যাঠি দলিওৱা সঁজুলি আৰু ধনুকাঁড় পোৱা যায় ।  তাঞ্জানীয়াৰ লেটুলীত উদ্ধাৰ হোৱা হমিনিডৰ জীৱাশ্মলৈ ৰূপান্তৰিত হোৱা ভৰিৰ খোজে এই সাক্ষ্য বহন কৰে । সেইদৰে ইথিওপিয়াৰ হাদাৰত আৱিস্কৃত হাত-ভৰিৰ হাড়ৰ জীৱাশ্মই দ্বিপদী প্ৰাণীলৈ ৰূপান্তৰিত হোৱাৰ সাক্ষ্য বহন কৰে । 


খ) মানুহ আৰু বান্দৰ বা বন মানুহৰ দৰে স্তন্যপায়ী জীৱৰ মাজত দৈহিক আৰু আচাৰ ব্যৱহাৰৰ কিছুমান সাদৃশ্য আছে । এই কথাই ইংগিত দিয়ে যে মানুহ সম্ভৱ বন মানুহৰ পৰা বিৱৰ্তিত হৈছে । ক) আচৰণ আৰু খ) দৈহিক গঠন -- এই দুটা শিতানত ভাগে-ভাগে সামজ্ঞস্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰা ।


উত্তৰঃ 


গ) মানুহৰ আৱিৰ্ভাৱৰ আঞ্চলিক ধাৰাবাহিকতা আৰ্হিৰ সমৰ্থনৰ যুক্তি আগবঢ়োোৱা যুক্তিবোৰ আলোচনা কৰা । তুমি ভাবা নেকি যে ই পুৰাতাত্ত্বিক সমলৰ ওপৰত পতিয়ন যাব পৰা ব্যাখ্যা দাঙি ধৰে ?


উত্তৰঃ 


ঘ) (ক) ফল-মূল সংগ্ৰহ , খ) সজুলি নিৰ্মাণ, গ) জুইৰ ব্যৱস্থা । এই কেইটাৰ ভিতৰত কোনটো পুৰাতাত্ত্বিক অভিলেখত আটাইতকৈ বেছিকৈ উল্লেখিত হয় ?


উত্তৰঃ 


ঙ) আমি কিয় কওঁ যে প্ৰাকৃতিক সাৰ আৰু উচ্চহাৰৰ খাদ্য- উৎপাদন প্ৰাচীন নগৰীয়া জীৱনৰ একমাত্ৰ কাৰণ নহয় ?


উত্তৰঃ 


চ) তলত দিয়া  বিলাকৰ প্ৰাচীন নগৰ স্থাপনৰ বাবে কোনবোৰ প্ৰয়োজনীয়তা চৰ্ত, আৰু কোনবোৰ কাৰকৰ প্ৰয়োজন, আৰু নগৰীয়া পৰিৱেশৰ ফলাফলনো কোনবোৰ বাছি উলিওৱা ।ক) উচ্চ হাৰত খাদ্য-দ্ৰব্যৰ উৎ,পাদন, খ) জলপথ, গ) ধাতু আৰু পাথৰৰ অভাৱ, ঘ) শ্ৰমৰ বিভাজন, ঙ) মোহৰৰ ব্যৱহাৰ, চ) ৰজাৰ সামৰিক শক্তি বৃদ্ধি আৰু তাৰ শ্ৰমৰ ফলত শ্ৰম বাধ্যতামূলকৰণ ।


উত্তৰঃ 


ছ) অঘৰী পশুপালকবোৰ কিয় নগৰীয়া জীৱনৰ বাবে বিপদজনক নহয় ?

উত্তৰঃ অঘৰী পশুপালকবোৰ নগৰীয়া জীৱনৰ বাবে বিপদজনক নহয় কাৰণ তেওঁলোকে গাঁও অঞ্চলতে  জীৱ-জন্তু চিকাৰ কৰি ঘুৰি ফুৰিছিল । তেওঁলোকে নগৰত বাস কৰা লোকসকলক কেতিয়াও অশান্তি কৰা নাছিল । তেওঁলোকৰ এটা চিকাৰী আৰু খাদ্য-সংগ্ৰাহক গোট হল হাডজাসকল । 

হাডজাসকল আছিল চিকাৰী আৰু খাজদ্য-সংগ্ৰহকাৰী এটা সৰু দল । তেওঁলোকে ইয়াচী হ্ৰদৰ কাষত বাস কৰিছিল । ইয়াচী হ্ৰদটোৰ পানী লুণীয়া আৰু ই এক গ্ৰস্ত উপত্যকা অৱস্থিত । পূৱ হাডজা ঠাইখন শুকান, শিলাময় তৃণভূমি। ই কাইটীয়া জোপোহা আৰু একাচিয়া গছ আৰু বনৰীয়া ফল-মূলেৰে ভৰা । শতিকাটোৰ আৰম্ভণিতে ব্যতিক্ৰমভাৱে ইয়াত সহজলক্ষ্য অজস্ৰ জন্তু পোৱা গৈছিল । সেইবোৰ হল হাতী, গঁড়, ম'হ, জিৰাফ, জেব্ৰা, দল হৰিণা, বেবুণ, সিংহ, নাহৰফুটুকী বাঘ হায়েনা আদি । তেনেকৈয়ে শহা, শিয়াল, কেটেলা পহু আদি অনেক সৰু জীৱ-জন্তু পোৱা গৈছিল । 



জ) কিয় প্ৰাচীন মন্দিৰবোৰ দেখিবলৈ প্ৰায় ঘৰৰ দৰেই । 

উত্তৰঃ খ্ৰীঃপূঃ  ৫০০০ বছৰৰ পৰা দক্ষিণ মেছোপটেমিয়াৰ মানুহৰ বসতি বিস্তাৰিত হবলৈ ধৰে, এই বসতিস্থান বিলাকতেই অতীতৰ নগৰসমূহ গঢ়ি উঠিছিল । েইবোৰ বিভিন্ন প্ৰকাৰৰ আছিল । কিছুমান নগৰ মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল, কিছুমান বাণিজ্যিক কেন্দ্ৰ কৰি গঢ়ি আৰু কিছুমান ৰাজধানীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল ।  ইয়াত প্ৰথম দুবিধ নগৰৰ বিষয়েহে আলোচনা কৰা হব । অতীতৰ বাসিন্দাসকলে তেওঁলোকৰ গাঁৱৰ বিশেষ স্থানত মন্দিৰসমূহ নিৰ্মাণ কৰিছিল । তেওঁলোকৰ প্ৰাচীনতম মন্দিৰটো নেসেকা ইটাৰে নিৰ্মিত । মন্দিৰবোৰ, চন্দ্ৰ, উৰ, প্ৰেম আৰু যুদ্ধৰ দেৱী ইনান্না আদি বিভিন্ন দেৱ-দেৱীৰ স্থান আছিল । ইটাৰে নিৰ্মিত কেইবাটাও কোঠা আৰু চৌহদেৰে মন্দিৰবোৰ আহল-বহল আছিল । মন্দিৰবোৰ মানুহৰ বাসস্থানতকৈ বেলেগ- ডাঙৰ আৰু সীমাবোৰ আবৃত আছিল । দেৱতা আৰু দেৱীক শস্য, দৈ, আৰু মাছ অৰ্পণ কৰি পূজা কৰিছিল । দেৱ-দেৱীয়েই আছিল স্থানীয় ৰাইজৰ কৃষি, ভূমি, মাছ-পাম গৰু-ম'হৰ গৰাকী । তেল পেৰা, ধান বনোৱা, ঊণৰ কাপোৰ তৈয়াৰ কৰা আদি প্ৰক্ৰিয়া  মন্দিৰতে হৈছিল । প্ৰাচীন মন্দিৰবোৰ দেখিবলৈ ঘৰৰ নিচিনাই আছিল । ঘৰসমূহত যেনেকৈ বহুতো কোঠালি আছিল ঠিক তেনেকৈ মন্দিৰবোৰতো বহুতো কোঠালি আছিল । মন্দিৰৰ প্ৰথম কোঠালিটোতে বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি আদি বিভিন্ন স্থানত সজোৱা হৈ আছিল । ৰজাৰ নিৰ্দেশত মানুহে মূল্যৱান পাথৰ ঘাতু আৰু খনিজ পদাৰ্থ সুদুৰৰ পৰা আনিছিল, ইটা স্থানীয়ভাৱে তৈয়াৰ কৰিছিল , মন্দিৰ নিৰ্মাণ কৰিছিল ইত্যাদি । ৩০০০ খ্ৰীঃপূৰ্বলৈ উৰোকত কাৰিকৰী জ্ঞানৰ বিকাশ ঘটে । বিভিন্ন কাৰিকৰী বিদ্যাত ব্ৰঞ্জৰ হাতিয়াৰ ব্যৱহাৰ কৰা হৈছিল । 

নিৰ্মাতাসকলে ইটাৰ খুটা নিৰ্মাণ কৰিছিল । কাৰণ, ডাঙৰ হল ঘৰৰ চালিৰ ওজন সহিব পৰা কাঠৰ অভাৱ আছিল । শ শ মানুহে কুমাৰ মাটিৰে বনোৱা ঘুৰণীয়া অথচ ওপৰলৈ জোঙঙা আকাৰৰ ধাতু নিৰ্মাণ কৰি আৰু তাক সেঁকি টান কৰি ব্যৱহাৰ কৰিছিল । এইবোৰ মন্দিৰত ব্যৱহাৰ কৰা হৈছিল বিভিন্ন ৰং-বিৰঙেৰে আৰু সুশোভিত কৰা হৈছিল । ভাস্কৰ্যৰ ক্ষেত্ৰতো উৰোকে কৃতিত্ব দাবী কৰিব পাৰে । ভাস্কৰ্যৰ ক্ষেত্ৰতো অতি উন্নতি লাভ কৰিব পৰা গৈছিল । ইইবিলাক সহজতে পোৱা মাটিৰে নহয়, আমদানীকৃত পাথৰতহে নিৰ্মাণ কৰা হৈছিল ।  


৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ 


ক)চিকাৰ আৰু খ) আশ্ৰয়স্থল নিৰ্মাণত ভাষাৰ প্ৰয়োগে কিমান দুৰ সুবিধা কৰিব পাৰিলেহেতেন আলোচনা কৰা ।


উত্তৰঃ 


খ) পাঠৰ শেষত দিয়া সময়ৰেখা ১ আৰু ২ প্ৰত্যেকৰ পৰা দুটাকৈ ঘটনা বাছি উলিওৱা আৰু লিখা যে, কিয় সেইকেইটা তাৎ,পৰ্যপূৰ্ণহল 


উত্তৰঃ 


গ) মানুহ সম্ভৱ বনমানুহৰ পৰা বিৱৰ্তিত হৈছে ব্যাখ্যা কৰা ।

উত্তৰঃ হমিনিডসকলৰ অন্তৰ্ভূক্ত আছিল বনমানুহবোৰ । হমিনিডসকলৰ পৰা হমিনিয়ডসকললৈ উত্তৰণ ঘটে, দুয়োটাৰে মাজত উমৈহতীয়া বৈশিষ্ট্য থাকিলেও অমিলোবহুত আছিল । সিবিলাক উভয়ে চতুস্পদী, চাৰিওটা ঠেঙেৰে খোজ কাঢ়ে। কিন্তু আগঠেং দুটা অধিক শিথিল । হমিনিডবিলাকৰ শৰীৰৰ আগভাগ থিয় আৰু ভৰিত ভৰ দি খোজ কাঢ়িব পাৰে । হাতৰো বৈশিষ্ট্য আছিল । হমিনিডবিলাকে হাতিয়াৰ ব্যৱহাৰ কৰিব পাৰিছিল । 

হমিনিডসকলক কেইটামান শাখাত ভাগ কৰা হয় , সিবিলাকক জেনাচ বা বৰ্গ প্ৰজাতি বুলি কোৱা হয়। এই বিলাকৰ ভিতৰত অষ্টালপিথেকাচ লআৰু হ'ম'বিলাকে গুৰুত্বপূৰ্ণ আছিল । ইবিলাকৰো আকৌ বিভিন্ন বৰ্গ থাকে । অষ্টালপিথেকাচ আৰু হমৰ মাজৰ মুখ্য পাৰ্থক্যবিলাক আছিল মস্তিস্কৰ আকাৰ হনু আৰু দাঁতবোৰত দেখা যায় । অষ্টেলপিথেকাচৰ মস্তিস্কৰ আকাৰ হমতকৈ ডাঙৰ আৰু দাতৰ হনু আৰু দাঁতবোৰো ডাঙৰ । 

আদিমযুগৰ মানুহ আৰু বৰ্তমান কালৰ মানুহৰ মাজত পাৰ্থক্য থাকে লাওঁখোলাৰ আকাৰ আৰু মুখৰ হাড় বা হনুত । দুঠেঙীয়া অৱস্থালৈ অহাত হাতবোৰ মুক্ত হল আৰু কেঁচুৱা বা অন্যান্য বস্তু কঢ়িয়াব পৰা হল । আকৌ হাতবোৰ যিমানে বেছিকৈ ব্যৱহাৰ হল, সিমানেই বেছি উন্নত হল। বিভিন্ন কামৰ বাবে হাতদুখন মুক্ত হৈ থকাত হোৱা সুবিধাখিনিৰ বাবে চতুস্পদী হৈ থাকোতে যিমান কষ্ট হৈছিল, সিমান কষ্ট বা শ্ৰমৰ এতিয়া প্ৰয়োজন নহৈছিল । কিন্তু দৌৰিলে অধিক শক্তিৰ প্ৰয়োজন হয় । ৩৬ লাখ বছৰৰ আগতেই দুঠেঙীয়া অৱস্থাৰ সাক্ষ্য পৰোক্ষভাৱে পোৱা যায় । 

হ'ম এটা লেটিন শব্দ যাৰ অৰ্থ হল মানুহ । বিজ্ঞানীসকলে কেইবাধৰণৰ হ'ম দেখা পাইছে সিবিলাকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এই হম প্ৰজাতিবোৰৰ নামাকৰণ কৰিছে । কিছুমান এনে ফছিলক কোৱা হৈছে হ'ম হেবিলিট , হ'ম ইৰেক্টাচ থিয় দিব পৰা আৰু হ'ম চেপিয়েন জ্ঞানী বা চিন্তা কৰিব পৰা মানুহ । 

হ'ম হেবিলিচৰ জীৱাশ্ম ইথিওপিয়াৰ ওমো আৰু তাঞ্জানীয়াৰ অল্ডোৱাই গৰ্জত আৱিস্কৃত হৈছে । একেবাৰে আৰম্ভণি কালৰ হ'ম ইৰেক্টাচ জীৱাশ্ম আফ্ৰিকা আৰু এছিয়াত পোৱা যায় । যেনে কোবি ফ'ৰা, আৰু পশ্চিম তুৰ্কনো, কেনিয়া, মদজোকাৰ্টো, আৰু সংগীৰণ, জাভা । এছিয়াত পোৱা এনে জীৱাশ্ম আফ্ৰিকাত পোৱা বিলাকতকৈ পিছৰকালৰ । সেয়েহে ঠিৰাং কৰা যায় যে হমিনিডবিলাকে পশ্চিম আফ্ৰিকাৰ পৰা দক্ষিণ আৰু উত্তৰ আফ্ৰিকা, দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়া, আৰু বোধবয় ইউৰোপলৈ ২০ লাখৰ পৰা ২৫  লাখ বছৰৰ আগতে প্ৰব্ৰজন কৰিছিল । প্ৰায় ১০ লাখ বছৰ ধৰি এই প্ৰজাতি ব্ৰতী আছিল । 


ঘ) নগৰীয়া জীৱন আৰম্ভৰ লগে-লগে যিবোৰ নতুন অনুষ্ঠান গঢ়ি উঠিছিল, সেইবোৰৰ কোনবোৰ ৰজাৰ উদ্যমৰ ওপৰত নিৰ্ভৰশীল আছিল ?


উত্তৰঃ 


ঙ) প্ৰাচীন কাহিনীবোৰে মেছোপটেমীয়া সভ্যতাৰ বিষয়ে কি কয় ?


উত্তৰঃ 


চ) এখন নগৰ স্থাপনৰ বাবে প্ৰয়োজনীয় উপাদানবোৰ বৰ্ণনা কৰা ।


উত্তৰঃ 


ছ) প্ৰাচীন নগৰীয়া জীৱনৰ তাৎ,পৰ্য্য ব্যাখ্যা কৰা ।

উত্তৰঃ মহানগৰ বা নগৰবোৰ কেৱল জনবসতিপূৰ্ণ স্থানেই নহয়। যেতিয়া খাদ্যবস্তুৰ বাহিৰে অন্যান্য ফালৰ পৰা অৰ্থনৈতিক বিকাশ হয়, তেতিয়া মানুহে নগৰত থুপ খাবলৈ ধৰে ।  নগৰীয়া অৰ্থনীতিয়ে খাদ্যদ্ৰব্যৰ উৎপাদনৰ বাহিৰে, ব্যৱসায়,-বাণিজ্য, বস্তু নিৰ্মাণ বা তৈয়াৰ কৰা আৰু চাকৰী -জীৱিকাকো সামৰি লয় । নগৰৰ বাসিন্দাসকল আত্মনিৰ্ভৰশীল নহয় । আন নগৰ বা গাঁৱৰ উপাদনৰ ওপৰত নিৰ্ভৰশীল । উদাহৰণ হিচাপে শিলাকুটিয়াক দৰকাৰ হয় ব্ৰঞ্জৰ হাতিয়াৰ বনোৱাত, যিটো তেওঁ নিজেই বনাব নোৱাৰে । তেওঁ চিল-মোহৰ বনোৱা ৰঙীন পাথৰবোৰনো কত পায় নাজানিবও পাৰে ।  তেওঁৰ বিশেষত্ব কাঠ-শিল্প বস্তু তৈয়াৰ কৰাতহে, বাণিজ্যত  নহয় । ব্ৰঞ্জৰ হাতিয়াৰ বনোৱাজনে তাম আৰু টিন বিচাৰি আঁতৰলৈ যাব নালাগে । তদুপৰি তেওঁক নিয়মীয়াকৈ ইন্ধনৰ বাবে কয়লাৰ প্ৰয়োজন হৈছিল । এইদৰে উপাদনৰ বাবে শ্ৰমৰ বিভাজন নগৰীয়া জীৱনৰ এটা বিশেষ বৈশিষ্ট্য । তদুপৰি এটা সামাজিক সংগঠনৰো নগৰত প্ৰয়োজন । ইন্ধন, ধাতু, বিভিন্ন পাথৰ, কাঠ আদি বিভিন্ন ঠাইৰ পৰা নগৰৰ পণ্য তৈয়াৰ কৰোতাৰ হাতলৈ আহে । এইদৰে সংগঠিত বাণিজ্য আৰু ভড়ালৰ প্ৰয়োজন হয় । গাঁৱৰ পৰা শস্য বা অন্যান্য উৎপাদিত সামগ্ৰী আহে নগৰলৈ । খাদ্য শস্য নগৰৰ একে ঠাইতে মজুত কৰি বিতৰণ কৰাৰ প্ৰয়োজন হয় । ইয়াৰ উপৰি ও অন্যান্য বহুত কামৰ মাজত সমন্বয় ৰক্ষাৰ প্ৰয়োজন হয় । চিল-মোহৰ কাটোটাসকলৰ কেৱল পাথৰেই নহয় ব্ৰঞ্জৰ হাতিয়াৰ আৰু পাত্ৰৰ প্ৰয়োজন হয় । নিশ্চিতভাৱে এনে অৱস্থাত কিছুমান মানুহৰ নিৰ্দেশমতে বাকীবোৰ মানুহ চলিব লগা হয় । ইয়াৰ বাবে এক ব্যৱস্থাপনাৰ প্ৰয়োজন হয় । নগৰীয়া অৰ্থনীতিত, লিখিত ৰেকৰ্ডৰো দৰকাৰ হয় । 


জ) হাডজাসকলৰ জীৱন-প্ৰণালীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ হাডজাসকল হল চিকাৰী আৰু খাদ্য-সংগ্ৰহকাৰী এটা সৰু দল । তেওঁলোকে ইয়ৈচী হ্ৰদৰ কাষত বাস কৰিছিল । ইয়াচী হ্ৰদটোৰ পানীলুণীয়া আৰু ই এক গ্ৰস্ত উপত্যকা অৱস্থিত । পূৱ হাডজা ঠাইখন শুকান, শিলাময় তৃণভূমি । ই কাইঁটীয়া জোপোহা আৰু একাছিয়া গছ আৰু বনৰীয়া ফল-মূলেৰে ভৰা । বিশ শতিকাৰ আৰম্ভণিতে ব্যতিক্ৰমভাৱে হলেও ইয়াত সহজলভ্য অজস্ৰ জন্তু পোৱা গৈছিল । সেইবোৰ হল হাতী, গঁড়,ম'হ , জিৰাফ, জেব্ৰা, দল-হৰিণা, বেবুন, সিংহ নাহৰফুটুকীবাঘ, হায়েনা আদি । 

তেনেকৈয়ে শহা, শিয়াল, কেটেলা পহু আদি অনেক সৰু জীৱ-জন্তু পোৱা গৈছিল । হাতীৰ বাহিৰে এই সকলো জন্তু হাডজাসকলে চিকাৰ কৰি ভক্ষণ কৰিছিল । চিকাৰ কৰা জীৱ-জন্তু নিঃশেষ বা শেষ নোহোৱাকৈ নিয়মীয়াভাৱে ইবিলাকৰ মাংস ভক্ষণ কৰাটো ইয়াত সম্ভৱ হৈছিল । কাৰণ জধে-মধে জন্তু বধ কৰা নহৈছিল । 

শাক-পাছলি , গছৰফল-মূল , নুনী , ৰাওৱাব গছৰ গুটি আদি সহজে দেখা পোৱা নগলেও খৰাং বতৰত আৰু শীতকালৰ ভৰপকতো কিন্তু পৰ্যাপ্ত পৰিমাণে এই  অঞ্চলত হয় । স্বাভাৱিকতে গ্ৰীস্মকাল আৰু শীতকালৰ শাক-পাছলিৰ মাজত পাৰ্থক্য থাকে, কিন্তু কোনো ঋতুতে এইবোৰৰ নাটনি নহয় ।

সাতবিধ বনৰীয়া মো-মাখিৰ মৌ আৰু পলুবোৰ খোৱা হৈছিল । কোনো কোনো বছৰত ঋতু অনুসৰি ইয়াৰ পৰিমাণ কম-বেছি হৈছিল । গ্ৰীস্মকালত পানীৰ অভাৱ হোৱা নাছিল । অৱশ্যে শীতকালত ইয়াৰ পৰিমাণণ কমি গৈছিল । হাডজাসকলে অতি বেছি ৫-৬ কিঃমি আতৰৰ পৰা পানী অসুবিধা নোহোৱাকৈ যোগাৰ কৰি লব পাৰে আৰু তেওঁলোকে শিবিৰবোৰ সাধাৰণতে পানীৰ পৰা ১ কিঃমিঃ ভিতৰত পাতে । অঞ্চলটোৰ সমভূমিৰ বননি ঠাইত কিন্তু তেওঁলোক নাথাকে । শিলাখণ্ড বা গছৰ মাজতহে শিবিৰবোৰ  পাতিবলৈ তেওঁলোকে ভাল পায় । ইয়াৰ পূৱ দিশত  থকা হাডজাবিলাকে ভূমি আৰু সম্পদৰ ওপৰত স্বত্ব দাবী নকৰে । যিকোনো লোকেই নিজ খুছীমতে যতেই ইচ্ছা ততেই থাকিব পাৰে, ইয়াত কোনো বাধা নাথাকে । অঞ্চলটোত তেোঁলোকে অপৰ্যাপ্ত পৰিমাণে চিকাৰ কৰিব পাৰে । , ফল-মূল , শাক-পাছলি বা মৌ সংগ্ৰহ কৰিব পাৰে, পানী আনিব পাৰে, ইয়াত কোনো বাধা নাথাকো । অপৰ্যাপ্ত পৰিমাণৰ চিকাৰ কৰিব পৰা জীৱ-জন্তু থাকিলেও হাডজাসকলে খাদ্যৰ বাবে বনৰীয়া শাক-পাছলি, ফল-মূলৰ ওপৰতহে প্ৰধানকৈ নিৰ্ভৰ কৰিছিল । সম্ভৱতঃ ৮০ শতাংশ খাদ্যই উদ্ভীদজাত, ২০ শতাংশ ভাগহে মাংস আৰু মৌ । গ্ৰীস্মকালত শিবিৰবোৰ আকাৰত সৰু আৰু সিচৰতি হৈ পৰে আৰু শীতকালত হাডজাসকলে পানীৰ পৰিমাণ কমি যোৱাৰ বাবে একে ঠাইতে থুপ খাই থাকিবলৈ লয় আৰু শিবিৰসমূহো ডাঙৰ হয় । কিন্তু খৰাংকালত খাদ্যৰ অভাৱ নহয় । 



৪। চমুটোকা লিখা 


ক) আদিম মানৱৰ সঁজুলি নিৰ্মাণ ।

উত্তৰঃ সঁজুলিৰ ব্যৱহাৰ আৰু নিৰ্মাণ মানুহৰ একচেতীয়া নহয় । চৰায়ে আহাৰ সংগ্ৰহ আৰু জীয়াই থাকিবৰ কাৰণে আৰু আকস্মিকভাৱে শত্ৰুৰ মুখামুখি হব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । ইয়াৰ বাবে সিবিলাক জনাজাত । চিম্পাঞ্জীয়ে খাদ্য বিচাৰি ফুৰোতে  নিজে সজা হাতিয়াৰ কৰে । অৱশ্যে মানুহে বনোৱা সঁজুলি আৰু বনমানুহে বনোৱা সঁজুলিৰ মাজত পাৰ্থক্য আছিল ইতিমধ্যে আমি দেখা পাইছো যে কোনো কোনো দেহতাত্ত্বিক আৰু স্নায়ুবিক অভিযোজনৰ ক্ষেত্ৰত হাতকিখনে কৌশলেৰে কাম কৰিব পৰা হল । এই ঘটনা মানৱ জীৱনৰ সঁজুলি বিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবেই নিশ্চয় সম্ভৱ হৈছিল । তদুপৰি যি উপায়েৰে মানুহে সঁজুলি তৈয়াৰ কৰে আৰু ইয়াক ব্যৱহাৰ কৰে, সেইবোৰৰ বাবে প্ৰায়ে অধিক স্মৃতিশক্তি আৰু জটিল নিৰ্মাণ কৌশলৰ প্ৰয়োজন হয় ।  বনমানুহৰ ক্ষেত্ৰত এই দুয়োটা উপাদানৰে অভাৱ আছিল ।

ইথিওপিয়া আৰু কেনিয়াতেই একেবাৰে প্ৰাচীন শিলৰ হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায় । সম্ভৱ অষ্টাল'পিথেকাচসকলেই আছিল সৰ্বপ্ৰথম শিলৰ সঁজুলি নিৰ্মাণ । আন কৰ্মৰ দৰে সা-সঁজুলিবোৰ মতাই নে মাইকীসকলে বা উভয়ে নিৰ্মাণ কৰিছিল জনা নাযায় যদিও উভয়ে কৰাই সম্ভাৱনা বেছি । 

 

খ) মেছোপটেমিয়া ।

উত্তৰঃ মেছোপটেমীয়া নামটো গ্ৰীক শব্দ Mesos আৰু Potamos পৰা হৈছে , অৰ্থাৎ মেছোপটেমীয়া মানে নদীৰ মাজৰ ঠাই । ই  ইউফ্ৰেটিছ আৰু টাইগ্ৰীচ নদীৰ মাজত অৱস্থিত , আৰু বৰ্তমান ইৰাক  গণতন্ত্ৰৰ এক অংশ সমৃদ্ধি, নগৰীয়া জীৱন, বৃহৎ আকাৰ আৰু উচ্চমানৰ সাহিত্য কৰ্ম, গণিত লগতে জযোতিবিজ্ঞানৰ বাবে মেছোপটেমীয়া জনাজাত । মেছোপটেমিয়াৰ লিখন পদ্ধতি আৰু সাহিত্য ২০০০ খ্ৰীষ্টপূৰ্বৰ পিছত ভূমধ্য সাগৰ , উত্তৰ চিৰিয়া, আৰু তুৰস্ক অঞ্চললৈ বিস্তাৰিত হয় । এই অঞ্চলৰ ৰাজ্যসমূহে আৰু ইজিপ্তৰ ফেৰাওৱে মেছোপটেমীয়াৰ আখৰ আৰু ভাষা ব্যৱহাৰ কৰিছিল । ইয়াত আমি নগৰীয়া জীৱনৰ বিষয়ে আলোচনা কৰা দেখিবলৈ পাম হক ।

১৮৪০ ৰ দশকত মেছোপটেমীয়াত পুৰাতাত্ত্বিক গৱেষণা আৰম্ভ হয় । ইয়াৰ দুই এখন ঠাইত কেইবাদশকো ধৰি খনন কাৰ্য চলি আছিল । মেছোপটেমিয়াৰ ভৱন, মূৰ্ত্তি, অলংকাৰ, সমাধি, সঁজুলি আৰু মোহৰৰ বাদেও হেজাৰখন লিখিত তথ্যসমৃদ্ধ নথিও সমল হিচাপে অধ্যয়ন কৰিব পাৰি । মেছোপটেমীয়া ইউৰোপীয়সকলৰ বাবে গুৰুত্বপূৰ্ণ এইকাৰণেই যে ইয়াৰ বিষয়ে বাইবেলৰ প্ৰথম খণ্ড অল্ড টেষ্টামেন্টত উল্লেখ আছে  উদাহৰণস্বৰূপে ইয়াৰ বুক অৱ জেনেচিচত চিমৰ বা চুমাৰ ইটাৰে নিৰ্মিত নগৰৰ দেশ বুলি উল্লেখ আছে । ইউৰোপৰ ভ্ৰমণকাৰী পণ্ডিতসকলে মেছোপটেমিয়াক এখন উপৰিপুৰুষৰ স্থান হিচাপে বিবেচনা কৰে আৰু পুৰাতাত্ত্বিক কাম-কাজ কৰোতে অল্ড টেষ্টামেন্টৰ কথা সত্য বুলি প্ৰমাণ কৰাৰ যত্নও চলি থাকে । উনৈশ শতিকাৰ মাজভাগৰ পৰা মেছোপটেমিয়াৰ প্ৰাচীন সভ্যতাৰ উদ্ধাৰকাৰ্য নেৰানেপেৰাকৈ চলি আছিল । ১৮৭৩ত বাইবেলত উল্লেখ কৰা বানপানীৰ বিষয়ে গৱেষণা কৰিবলৈ এখন বৃটিছ বাতৰিকাকতে বৃটিছ মিউজিয়ামৰ এটা প্ৰকল্পলৈ পূঁজি আগবঢ়ায় । 


গ) ৱাৰ্খা শিৰ 

উত্তৰঃ  এই নাৰী মূৰ্ত্তি ৩০০০ খ্ৰীঃপূৰ্বৰ আগতে উৰোকত বগা মাৰ্বলত খোদিত হৈছিল । ইয়াৰ চকুত সম্ভৱ নীল পাথৰ আৰু শ্বেত খোলা আৰু চেলাউৰিত ক'লা আলকতৰা লগোৱা হৈছিল । বোধহয় অলংকাৰৰ বাবে মূৰৰ ওপৰত খাজ কটাহৈছিল, সি যি কি নহওক, ই এক বিশ্ববিখ্যাত ভাস্কৰ্যৰ নিদৰ্শন আৰু নাৰীৰ মুখমণ্ডল থুতৰি আৰু গালৰ সূক্ষ্ম , সুকোমল সুন্দৰ নিৰ্মাণৰ বাবে উচ্চ প্ৰশংসিত । ই সম্ভৱ আঁতৰৰ পৰা যোগান ধৰা টান পাথৰত নিৰ্মিত । 


ঘ) নগৰীয়া শিল্প-কৃতি হিচাপে মোহৰ 

উত্তৰঃ ভাৰতত প্ৰাচীন মোহৰবোৰত ছাপ মৰা হৈছিল । কিন্তু মেছোপটেমিয়াত খ্ৰীঃপূঃ প্ৰথম সহস্ৰাব্দৰ শেষলৈকে চুঙা আকাৰৰ পাথৰৰ মোহৰ ব্যৱহাৰ কৰা হৈছিল ।  সিবিলাকৰ মাজত বন্ধা কৰি এডাল শলাৰ লগত সংযোগ কৰাৰ পাছত কুমাৰ মাটিৰ ওপৰেদি চলাই দিয়া হয় । ফলত ইসিখনৰ পাছত সিখনকৈ ছবিবোৰ সৃষ্টি হয় । অতি-কৌশলী বাঢ়ৈয়েহে মোহৰত নক্সা কাটিব পাৰিছিল । কেতিয়াবা ইয়াত মালিক, তেওঁৰ ইষ্ট দেৱতাৰ নাম আৰু তেওঁৰ পদবীৰ নাম আদি খোদিত কৰা হৈছিল । চুঙা আকাৰৰ মোহৰটো মাটিত ঘুৰাব পাৰি । ইয়াৰ ছাপ কুমাৰ মাটিত অবিকল ৰূপত বহিছিল । সেয়ে  ই প্ৰত্যায়িতকৰণৰ আহিলা হৈছিল আৰু ই সমাজত নগৰীয়া লোকৰ ভূমিকাৰ চানেকিও আছিল । 


Important Question 

১। কিমান খ্ৰীঃৰ পৰা ইউৰোপত লোহাৰ ব্যৱহাৰ কৰা হৈছিল ।

উত্তৰঃ ১১০০-১০০০ খ্ৰীঃৰ ভিতৰত লোহাৰ ব্যৱহাৰ কৰা হৈছিল ।


২। চাৰ্লচ ডাৰউইনে ৰচনা গ্ৰন্থখনৰ নাম কি 

উত্তৰঃ  চালৰ্চ ডাৰউইনে ৰচনা কৰা গ্ৰন্থখনৰনাম হল on the origin of Species . 


৩। হ'ম শব্দৰ অৰ্থ কি ।

উত্তৰঃ হ'ম শব্দৰ অৰ্থ হল মানুহ । 


৪। আফ্ৰিকাৰ চিকাৰ আৰু খাদ্য সংগ্ৰহকাৰী এটা জাতিৰ নাম লিখা ।

উত্তৰঃ   আফ্ৰিকাৰ চিকাৰ আৰু খাদ্য এটা জাতিৰ নাম হল হাডজাসকল ।


৫।  গোষ্ঠীবিদ্যা বা নৃবিদ্যা কি ।

উত্তৰঃ গোষ্ঠীবিদ্যা বা নৃবিদ্যা হল সমসাময়িক নৃ-গোষ্ঠীৰ বিষয়ে বিশ্লেষণাত্মক অধ্যয়ন । 


৬।ডাঙৰ  স্তন্যপায়ী জন্তু নিধনৰ প্ৰথম আৰু স্পষ্ট সাক্ষী পোৱা  দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ  ডাঙৰ স্তন্যপায়ী জন্তু নিধনৰ প্ৰথম আৰু স্পষ্ট সাক্ষী পোৱা দুখন ঠাইৰ নাম হল 

ক) ইংলেণ্ডৰ বক্স গ্ৰভ 

খ) জাৰ্মানীৰ স্কনিনজেন 


৭। আলটামিৰা কি ।

উত্তৰঃ আলটামিৰা হল স্পেইনৰ এক গুহা ক্ষেত্ৰ । 


৮। নৃতত্ত্ব কি ।

উত্তৰঃ নৃতত্ব হল এক বিষয়, যি মানৱ সংস্কৃতি আৰু মানৱ জীৱবিদ্যাৰ দিশ অধ্যয়ন কৰে । 


৯) কিমান বছৰৰ আগেয়ে বৰফ যুগৰ অন্ত পৰে ।

উত্তৰঃ  প্ৰায় ১৩,০০০ বছৰ আগেয়ে বৰফ যুগৰ অন্ত পৰে ।


১০) কিমান লাখ বছৰৰ আগতে চিলাই কৰা বেজীৰ আৱিস্কাৰ কৰা হৈছিল ।

উত্তৰঃ  ২১,০০০০ লাখ বছৰৰ আগতে চিলাই কৰা বেজীৰ আৱিস্কাৰ কৰা হৈছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answer type  Ali rani Kakati